কবিতা ::: জয়াল নিশাৰ সাধু

 জয়াল নিশাৰ সাধু

(কনমানি চৰাইজনীলৈ যি মােৰ আকাশত উৰে)

তুমি আছা বাবেই 

চৰাইবােৰে কোৱা নাই পাখি ভঙাৰ দুখ 

তুমি আছা বাবেই 

পাইন গছে কোৱা নাই ওখ হােৱাৰ যন্ত্রণা 


তুমি আছা বাবেই 

গড়াবােৰ সীমা হৈ থিয় দি আছে

সেইবাবেই হৃদয়খন হৈ আছে জীপাল


তুমি অহাৰ পৰাই 

তাঁতিখন উঘালি পেলালোঁ

ৰাতিবােৰ হ’ল যেন  সজল শ্যামলী

চকুৰ পৰা আঁতৰ হ’ল পৰম্পৰাৰ পূর্বসূৰী শাসন 


তুমি অহাৰ পৰাই পাৰযােৰ মূধচলৈ আহিল

বুটলি আনিলে বৌটিয়ে কুলি চৰাইৰ বাঁহ

বন্ধ হৈ পৰিল অন্ধ গলিৰ দুৱাৰ

ঠন ধৰি ফুলিল চন পৰা ঘাঁহনি

জট লগা চুলিবােৰো নিমজ হৈ পৰিল 


তুমি অহাৰ পৰাই 

নীলা থৈ আঁতৰি গ'ল চৌপাশৰ ডাৱৰ

তুমি অহাৰ পৰাই 

সাহসে হাতত জোঁৰ লৈ ওলাই আহিল

খহি পৰিল কেৰ্কেটুৱাৰ জাক

মলঙি গল পােৰা টেকেলীৰ সান্দহ 


তুমি অহাৰ পৰা বুজি উঠিছোঁ

জুই আৰু উত্তাপৰ সম্পর্ক

তুমি অহাৰ পৰা বুজি উঠিছোঁ

শিৰা আৰু তেজৰ সম্পর্ক

বুজি উঠিছো হৃদয় আৰু ব্যর্থতাৰ বান্ধোন 


তুমি অহাৰ পৰা

মই হ'ব খুজিছোঁ প্রেমিকৰ দৰে

এটা সুমুথিৰা জীৱনৰ দৰে

আৰু তুমি যোৱাৰেপৰা

সলনি হ’ল

ভালপোৱাৰ প্ৰাচীন ঠিকনা 

Post a Comment

0 Comments