কবিতা ::: মোহনৰ দৰেই কথাবোৰ হোৱা হ'লে !

মোহনৰ দৰেই কথাবোৰ হোৱা হ'লে !



মোহনৰ দৰেই কথাবোৰ হোৱা হ'লে

পলিথিনৰ জীৱন এটা লৈ 

অৰঙে-দৰঙে ঘুৰিলোঁহেঁতেন 


কেলেণ্ডাৰৰ পথেদি ৰুলাৰ উঠাৰ পাছতো

ল'ৰালিৰ অপইতা অভিমানেৰে 

পাৰ কৰিলোঁহেঁতেন সময় 


দেশ-কাল-জাতি গেলি যোৱাৰ পাচতো

হাতত গোলাপ লৈ

ফুল ফুলা বসন্তৰ গান গালোঁহেঁতেন 


আই-পিতাই বৃদ্ধাশ্ৰম পালেগৈ

মোহনৰ খবৰ নাই 

চ'ৰাঘৰৰ আৰ্মী বেঞ্চত বিদেশীৰ টোপনি

ইফালে পিৰালিৰ চুকতে আহি কুকুৰে বিষ্ঠা এৰে

বগৰি সৰা গান শুনি শুনি মোহনৰ তৎ নাই 


জীয়া সময় মোহাৰি-গচকি

মোহন আজি ৰাইজৰ হাঁহিৰ হেতু 

বুঢ়া আঙুলিৰে সময় নচুৱাই

মোহন আজি দৈনন্দিন পুতলা 


আমাৰ মোহন হ'ব নোৱাৰাৰ আক্ষেপ নাই 

বৰঞ্চ মোহনক মানুহ কৰাৰ স্বাৰ্থত 

পাৰ্যমানে বকিছোঁ 

ভ্ৰমিছোঁ, বকিছোঁ, কৈছো কথা

প্ৰতিবাদ, অধিকাৰ, স্বাভিমানৰ 


বকৰানিৰ আম আনি পদুলিমুখত ৰুইছোঁ 

গেলা খালৰ পানী সিঁচি একুৰিয়াম সাজিছোঁ 

মোহন মানুহ হ'লে হওঁক 


ফুলপাহ চিঙিলেই হৃদয় ভাঙে 

ফুল চিঙাৰ অজুহাতত গুৰি কাটে সঘনে 

বিভেদ বুলিলেই বুকু কঁপে 

বিতৰ্কৰ  গেলা গোন্ধ আকাশে-বতাহে 


এতিয়া চাব হা,

আমাৰ বুকুতেই গোৰ সোধাই

ইখনৰ পাচত সিখনকৈ 

মুখা পিন্ধাইছে সিঁহতে 


সাধু শুনাইছে-

হিন্দু, হিন্দুত্ব, বৰ্ণবাদ, বিদেশীৰ 

আৰু আমি বেলবোৰে অন্ধ, অজ্ঞ হৈ

ভেবা লাগি সিহঁতকে সুধিছোঁ

আ...আ.. কি... কৈছে...?

Post a Comment

0 Comments