কবিতা ::: অসুখ

কবিতা :: অসুখ 


ঘৰবোৰ দিনে দিনে ধুনীয়া  
আৰু ওখ হৈ আহিছে 
পথবোৰ মসৃন  আৰু বহল হৈ পৰিছে 
আভিজাত্যৰ উপকৰণৰ তালিকাখন
দিনৰ পাচত দিন ধৰি বাঢ়িয়েই আছে 

বাঢ়ি আহিছে চিলেবাছ আৰু টিউচনৰ তালিকা 
চাৰ্টিফিকেটবোৰৰ ওজন বঢ়াৰ দৰেই
দিনে-দিনে বাঢ়ি আহিছে 
নেতা-পালিনেতা, আমোলা-বিষয়াৰ কলমৰ ভৰ 
বাঢ়িছে বিৰ্তক
বাঢ়িছে আন্দোলন 

তেনেকৈয়ে বাঢ়িছে ধূলি, ধোৱা আৰু বীজাণুবোৰ 
শৰীৰত চিলনি বাঢ়িছে 
পেট আৰু ককালৰ বিষবোৰ বাঢ়িছে 
উশাহ-নিশাহৰ নলীবোৰত 
গোট মাৰিছে অবৈধ মঙহ 
শিৰা-উপ শিৰাবোৰ
পৰ্যবসিত হৈছে নলা-নৰ্দমা আৰু পিটনিলৈ 

ধুনীয়া ঘৰবোৰৰ মানুহবোৰ
দিনে-দিনে ঘুনীয়া হৈ পৰিছে 
আপোন হৈ পৰিছে 
হাস্পতালৰ ৰেজিষ্ট্ৰেশ্যন ৰূম 
সমিধান নোপোৱাকৈয়ে বিতৰ্কৰ পিঠিত
গজি উঠিছে নতুন বিতৰ্ক 
চেম্বাৰ আৰু ফাৰ্মাচীবোৰ বঢ়াৰ দৰেই
বাঢ়ি আহিছে মানুহৰ মানসিক সংঘাত

প্ৰতিজন মানুহেই অসুখী হৈ পৰিছে 
সুখ বিচাৰি বিচাৰি মানুহবোৰে 
দুখৰ অগ্নিকুণ্ডলৈ জাপ দিছে 
পুত্ৰই ভাল পাবলৈ লৈছে বৃদ্ধাশ্ৰম 
মাক-বাপেকবোৰে পাহৰি পেলাইছে সন্তানৰ স্নেহ 

নামী-দামী পোচাক-পৰিচ্ছদবোৰ  
চুটি হৈ আহিছে 
চুটি হৈ আহিছে সম্বন্ধৰ জৰীবোৰ 
ডাইনিং টেবুলখনে 
পৰিয়াল বিচাৰি বিচাৰি হাবাথুৰি খাইছে 
মোবাইলৰ মৰমে মগজু শুহিছে 
বৃদ্ধৰ পৰা শিশুলৈ 

এনেকৈয়ে বাঢ়ি আহিছে 
সভ্যতাৰ আয়ুস 
এনেকৈয়ে বাঢ়ি আহিছে 
সময়ৰ বয়স 
এনেকৈয়ে কমি আহিছে 
শান্তিৰ পৰিসীমা 
এনেকৈয়ে কমি আহিছে  
মানুহ হোৱাৰ গৰিমা 

Post a Comment

0 Comments