কবিতা ::: গৰু বিহু

 গৰু বিহু

© ভাস্কৰ ভূঞা

সৰুতে আইৰ পৰা বিচ্ছিন্ন কৰি 
গিৰিহঁতে বিক্ৰী কৰিলেহি বজাৰত 
পাছদিনা নতুন গৃহস্থই 
বাৰীৰ কোমল ঘাঁহ খোৱাৰ অপৰাধত
দিঙিত আঁৰি দিলে দগধা লেজু 

যৌনতা কি, বুজিবলৈ নাপাওঁতেই
ধৰি-বান্ধি কৰি দিলে নপুংসক

ব'হাগমহীয়া নাঙল ধৰোঁতে
গৰ্দনত ঢালি দিলে আকন গছৰ ৰস
ক্ৰমশ: এনেকৈয়ে আৰম্ভ হৈছিল আমাৰ
নিমখীয়া যাত্ৰা 

পথাৰত নাঙলৰ বোজা ল'ব নোৱাৰাৰ দোষত
গৃহস্থই ইচ্ছামতে খুচিছিল 
কোবাইছিল 
আধাবেলা হাল, মৈ তনাৰ অন্তত
বান্ধি থৈ আহিছিল পথাৰৰ শুকান ছালচটাত 

মৰণা মাৰিবৰ বেলাও
স্বাধীনতা খৰ্ব কৰি
গালে-মুখে আঁৰি দিছিল 
পইমাল মোখোৰা 

ইমানৰ পাছতো
গিৰিহঁতৰ হাক-বচন নামানো বুলি
নাকৰ মঙহ বিন্ধাই গাঁঠি দিছিল 
সৰীসৃপ যেন জৰী 

গোহালিত আমাৰ কাষতে থকা 
কলিগাইজনীৰো একেই দশা 
বেচেৰিৰ ওহাৰ খুন্দিয়াই খুন্দিয়াই
চেপি চেপি বাজ কৰিছিল তপত ৰুধিৰ 
ক্ৰোধত তাই ঠেঁহ পাতোতেও
ছাটনি দিয়া হৈছিল পিছফালৰ ঠেং 
আনকি কৰিয়াৰ কোব গৈ পৰিছিলগৈ
তাইৰ লাজুকী গালত 

অথচ এই গৃহস্থই
আজি কিহৰ তাগিদাত
মাহ-হালধিৰে
নোৱাইছে-ধোৱাইছে আমাক !

Post a Comment

0 Comments