আদিবাসী ভাই-বন্ধুসকলৰ বাবে একলম ।
এটা জাতিয়ে যদি জনা নাই স্বাধীনতাৰ সংজ্ঞা',
তেওঁলোকেই আদিবাসী ।
এটা জাতিয়ে যদি বুজা নাই জীৱনৰ আদিপাঠ'
তেওঁলোকেই আদিবাসী ।
কেনেকৈ আহিল সিহঁত সূৰ্য উঠাৰ দেশলৈ !
কেনেকৈ শিকিলে মৌনতাৰ ভাষা !
কেৱল বুকুত গুজি লৈ সেউজীয়া সপোন !
জীয়াই থকাৰ আপাহতে নিজস্বতাক বিসৰ্জন দি সিহঁত হ'ল ডেউকা ভঙা পক্ষী ।
এটি কলি দুটি পাতৰ ৰাগীত পাৰ কৰি আহিছে জয়াল দিন কিম্বা ৰাতি ।
সিহঁতক পৃথক আৰু পৃথক কৰি
জুপুৰি এটাৰ জোখাৰে মাটি দিয়া হ'ল কলঘৰৰ পিটনিত ।
ৰেচন আৰু বানচৰ টকাৰে ল'বলৈ শিকোৱা হ'ল বগা গাখীৰৰ জুতি ।।
জীয়াই থকাৰ তাড়নাত
চাহাব- চাহাবনীৰ চৰণ স্পৰ্শই সিহঁতৰ জীৱন ।
দা, কোৰ, স্প্ৰে' মেচিন আৰু অন্তহীন সেউজীয়াই সিহঁতৰ দৈনন্দিন ৰুটিন ।
সন্তানবোৰ জন্ম দিছিল নে জন্ম হৈছিল সঠিককৈ নাজানে সিহঁতে ।
সিহঁতে পঢ়িছে কি, আগলৈ হ'বগৈ কি তাকো নাজানে ।।
প্ৰজন্মৰ পাছত প্ৰজন্মই বুটলি লৈছে একেই জীৱিকা ।
এনেকৈয়ে বহু যুগ গ'ল ,
সিহঁতৰ সপোন আৰু কংকাল পৰি থাকিল কলঘৰৰ গেলা নৰ্দমাত ।
এতিয়া চৌদিশে পোহৰ দেখি সিহঁতেও বুজি উঠিছে
আন্ধাৰ খেদাৰ স্বৰ-ব্যঞ্জন ।
বুজি উঠিছে বগা চাহাবৰ নিকৃষ্ট অভিসন্ধি ।
বুজি উঠিছে স্বাধীনতাৰ নতুন পাঠ আৰু অধিকাৰৰ আটিল শ্ল'গান ।
এদিন সিহঁতৰ মাজৰ পৰাই বৰচাহাব হোৱা হ'লে !
এদিন সিহঁতৰ মাজৰ পৰাই মেমচাহাব হোৱা হ'লে !
( বগীধলাত হোৱা প্ৰতিবাদ আৰু আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছো । এই আন্দোলন সমগ্র জাতিটোৰ মুক্তিৰ আন্দোলন হৈ পৰক ।)
0 Comments