কবিতা ::: ভোক

 ভোক

  


এই যে জীয়াই আছোঁ 
তাড়নাবোৰ ভোক 

এই যে হাঁহি আছোঁ 
সপোনবোৰ ভোক 

সময়ত কাৰোবাৰ  চোতালত নগ্ন হৈ নাচিছোঁ
সময়ত মাজ ৰাতি যৌনতা বেচিছোঁ 
ফুটপাথত পাৰি লৈছো দুচকুৰ টোপনি 
ইফালে শিলৰ পাহাৰ এখন অনবৰতে ঢাকি থৈছোঁ বুকুত 

এই যে ৰৈ ৰৈ ঘুমটি মাৰিছোঁ 
বৈ বৈ পৰিধি ভাঙিছোঁ
কৈ কৈ দুখ পাতলাইছো বুকুৰ 
কাৰণ কেৱল ভোক 

ভোকৰ বাবে জীৱন  
ভোকৰ বাবে সমাজ
ভোকৰ বাবে পৃথিৱী 
ভোকৰ বাবে শৃংখল
ভোকৰ বাবে বিশৃংখল

ঈশ্বৰৰ ভোক আছে বাবেই ভক্তৰ উপচাৰ
ৰজাৰ ভোকৰ বাবেই প্ৰজাৰ হাহাকাৰ 
আচলতে ভোক পৃথিৱীৰ প্ৰথম বাসনা 
ভোক সভ্যতাৰ প্ৰথমটো অসুখ
ভোক সাহিত্যৰ প্ৰথমটো স্তৱক 
ভোক সংগীতৰ প্ৰথমটো লহৰ 
ভোক আদালতৰ প্ৰথমটো গোচৰ

ভোক দিনৰ উশাহ আৰু ৰাতিৰ নিশাহ
এখন যুদ্ধ ভোকৰ বাবে 
এখন আশ্ৰম ভোকৰ বাবে 
এখন চৰকাৰ ভোকৰ বাবে 
প্ৰেম, ভালপোৱা, বিশ্বাস , অনুৰাগ ভোকৰ বাবে 

ভোকৰ বাবেই প্ৰাচ্য, পাশ্চাত্যৰ মতবাদ
বিবৰ্তনবাদৰ বিজ্ঞান হৈছে ভোক 
মধ্যাকৰ্ষণ, মহাকৰ্ষণ বৰ্তি আছে ভোকৰ তাড়নাত  

এহাল প্ৰেমিকে ডাষ্টবিনত পেলাই দিছিল যৌৱনৰ প্ৰথমটো ভোক
আৰু সেই ভোকক বখলিয়াই খাইছিল ৰাজপথৰ কুকুৰে

ভোক প্ৰত্যেকটো জীৱনৰ প্ৰতিটো চেকেণ্ডৰ এটি এটি স্পন্দন 
ভোক আছে বাবেই মানুহবোৰ মানুহ হৈ আছে 
ভোক আছে বাবেই চৰকাৰৰ বাৰ্ষিক পৰিকল্পনা 
ভোক আছে বাবেই ঈশ্বৰৰ উপাসনা 

কিন্তু ভোকৰ এটা স্থিৰ সংজ্ঞা নাই 
যিদৰে সংজ্ঞা নাই জীৱনৰ !

Post a Comment

0 Comments