কবিতা ::: ৰাইজ

ৰাইজ

© ভাস্কৰ ভূূূূঞা

একগোট হ'লেই সমষ্টি এটাৰ নাম হয় ৰাইজ
ৰাইজ - শক্তি আৰু সাহসৰ অন্য এক নাম 

ৰাইজ 
কাৰোবাৰ বাবে পিয়াহৰ এঢোক পানী 
কাৰোবাৰ বাবে ভগা ভায়'লিনৰ সুৰ 

কি ফুল ৰুই থ'লে পদূলি গোন্ধাই ৰাইজে জানেই 
কি ভুল কৰিলে মৌমাইৰ ডিঙি কটা যায় 
সেয়াও ৰাইজে নজনা নহয় 

ৰাইজহে প্ৰকৃত ৰজা 
'ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ '
আৰু সেয়েহে বছৰৰ মূৰত ৰজা হৈয়ো 
জাকে জাকে এচাম আহি ৰাইজৰ চৰণত পৰে 
পৰিবলৈ বাধ্য 

ৰাইজে নখ জোকাৰি  নৈ বোৱাই 
আঙুলি হেচি আনে গণতন্ত্ৰৰ পৰিৱৰ্তন 
ৰাইজ আছে বাবেই সমাজ
ৰাইজ আছে বাবেই সংস্কৃতি
ৰাইজ আছে বাবেই শাসন, প্ৰশাসন, আন্দোলন, অধিকাৰ 

ৰাইজে ভাল বুলিলে সকলো ভাল 
ৰাইজে বেয়া বুলিলে সবালৈ কাল
ৰাইজেই প্ৰকৃত আদালত
ৰাইজেই  প্ৰকৃত প্ৰশাসক
ৰাইজেই ঈশ্বৰ-পৰমেশ্বৰ 

ৰাইজে ক'লে ৰজাই নুশুনিলে হ'বনে 
ৰাইজে দিলে ৰজাই নল'লে হ'বনে 
আনকি ৰাইজে বাধ্য কৰিলে মহন্ত গোস্বামীয়ে 
লগুণ খুলিবলৈ থৰকাছুটি হেৰুৱাব 
হালত ধৰিবলৈ ঢাপলি মেলিব 

ৰাইজেহে মন বুজি পাতি দিয়ে ৰজা 
ৰাইজৰ মন গ'লে দিব পাৰে খেদা

কি মাটিত কি ধান ৰুলে ভড়াল ভৰিব ৰাইজে জানেই 
কি জাল মাৰিলে ৰৌ-বৰালি সঘনাই পৰিব তাকো ৰাইজে জানে 
কোনটো পথেৰে গ'লে ৰত্নাকৰ বাল্মিকী হয়
সেই বাটো ৰাইজে চিনি থৈছে 

ৰাইজে দিওঁ চাই নিওঁ চাই 
কৈ চাই শুনিওঁ চাই 

ৰাইজৰ মাথোঁ এটাই দোষ 
হাতীয়ে শৰীৰটো নেদেখাৰ দৰে 
ৰাইজে বুজি নাপায় একতাৰ শকতি 
বুজি নাপায় ৰাইজৰ প্ৰকৃত সংজ্ঞা !

Post a Comment

0 Comments