গল্প ::: শ্মশান যাত্ৰা


  * ‘তহঁতৰ চামে আধুনিক বুলি বুকুফুলাই থকা অসমীয়া গানবোৰ এতিয়া গান হৈ থকা নাই অ’!  এইসোপা গানে অসমীয়া গীতৰ মান, মহিমা সকলো নিশেষ কৰিলে৷ অসমীয়া গানৰ শ্মশান যাত্ৰা আৰম্ভ হ’ল বোপাই৷’

‘কি হ’লনো;  ৰাতিপুৱাই তেনেকৈ কলি যে ককা?’

‘তহঁতৰ চামটোৱে আচলতে কি কৰিম বুলি ভাবিছ? গানৰ নামত এসোপাই কি অভং মাতিছে ধৰিব নোৱাৰোঁ দেই৷  এসময়ত অসমীয়া গানৰ সুৰ, শব্দ, গীতৰ লয়, তাল কি মধুময় আছিল! আজিৰ চামে পাই তাৰ কি বিলাই বিপত্তি কৰিলিহঁত মোৰ গোঁসাই৷

ককা বাৰাণ্ডাত বহি বাতৰি কাকতত চুম ফুৰাই  আছে৷ ময়ো হাতত মোবাইলটো লৈ বাৰাণ্ডাৰ মুঢ়াটোতে বহি আছোঁ৷ হ’ম থিয়েটাৰটোত উচ্ছ স্তৰত গীত বাজি আছে৷ ফুল বেচ দি থোৱা আছে৷ ফেচবুক অন কৰিলো৷ আজিকালি খাবলৈ নাপালেও জীয়াই থাকিব পাৰি৷ ফেচবুকটো অন কৰি নিউজ ফিড চেক কৰি নাথাকিলে নিজকে কিবা মান্ধাতা যুগৰ বাসিন্দা যেন লাগে৷ ডাঙৰ দাদাৰ ৰূমৰ পৰা  ‘ডিস্ক’ ভণ্টি নানাচিবা’ ৰ শব্দ ভাহি আহি আমাৰ কাণত বিন্ধিছেহি৷ মাজনীয়ে সাৰ পাইছে চাগৈ৷ তাই সাৰ পালে এইটো গান শুনিবই৷ 

‘ৰাতিপুৱাই  হ’ল আৰু আৰম্ভ, এতিয়া ককাল ঘুৰাই ঘুৰাই দিনটোলে নাচি থাক ডিস্ক’৷ ঘৰখন কিবা ডিস্ক’, বাৰ যেনহে লগা হ’ল আজিকালি৷’– ককাৰ মুখখনে বিৰূপ ভাঁচ ল’লে৷ সৰু নাতিনীয়েকক একো ক’বও নোৱাৰে৷ সহ্য কৰি থাকে৷ কিন্তু তাই নুশুনাকৈ মা, দেউতা আৰু নবৌৰ লগতে মোকো এষাৰ দুষাৰকৈ শুনাই থাকে৷

ককাক একো উত্তৰ নিদিলোঁ৷ জানোৱেই, এনেবোৰ গানক লৈ ককাৰ বিৰাট খং৷ আজিকালি আমাৰ চামটোক ককাই দেখিবই নোৱাৰা হৈছে৷ যেতিয়াই তেতিয়াই কাট মাৰি-মাৰি কথা শুনাই৷ মইনো ককাক কি ক’ম৷ নিজে গান নাগালেও বা নিলিখিলেও নতুনচামৰ ভিতৰতে পৰোঁ৷ অৱশ্যে আজি-কালি ওলোৱা প্ৰায়ভাগ গানেই মোৰো কাণত নুসোমায়৷ মোবাইলত ভূপেন হাজৰিকাৰ গান কেইটামান আছে৷  মাজে মাজে সময়ে তাকে শুনো৷  মনজ্যোস্না মহন্তই গোৱা গীত কেইটামানো আছে, তাকো শুনো৷ মঞ্চত বগোৱাজনৰ কিছুমান গান ভালেই পাওঁ; কিন্তু বৰ্তমান তেওঁৰ সৃষ্টিশীল মনটোকো লগত থকা পালি-পহৰীয়া এচামে পায় কিবা সাৰ দিয়া পাচলিৰ দৰে কৰি পেলাইছে৷ আন একাংশই গান বুলি লিখা খিচিৰি-মিচিৰি সোপা যে মোৰো পচন্দ নহয়, সেইয়া ককাক বুজালেও নুবুজে৷ 

মন পচন্দৰ গান শুনা-নুশুনাক লৈ তাইৰ লগতো বহুবাৰ খং- কাজিয়া-অভিমান ইতিমধ্যে হৈ গৈছে৷ তাই মানে মোৰ প্ৰেয়সীৰ কথা কৈছোঁ৷ মই শুনা গানবোৰ শুনিলে তাইৰ হেনো টোপনিহে আহে৷ মই বেছিকৈ একো নকওঁ৷ টোপনি যোৱা গান শুনি শুনি সপোনত তোমাকে ভাবি থাকো বুলিয়েই প্ৰায়ে বুজাই বহাই থওঁ৷ তেতিয়া তাইৰ মৰম বাঢ়ি আহে উতলা গাখীৰৰ দৰে৷  কেতিয়াবা যদি তাইক কওঁ– এইটো গান এবাৰ শুনাচোন, ইমান ধুনীয়া৷ তেতিয়া তাই ভেকাহি মাৰি কয়–‘হেডফোন লগাই লোৱা আৰু নিজে শুনি থাকা, মই নুশুনো ভজনসোপা৷’

মই কি ক’ম আৰু মনে মনে সহি থাকোঁ৷ ঢাপৰ কচু জানি শুনি কোনেনো গাত ঘহাই লয়! হায় প্ৰেম!

ককাৰ কথা কৈ আছিলোঁ৷ ককাই কৈ গৈছে, মই শুনি গৈছোঁ– ‘ধৰম-কৰম বাদ দিলিহঁত তহঁতৰ চামে, তিনিআলিৰ মূৰত অবাইচ মাত মাতি তাচ খেলিবলৈ শিকিলি, বিচনাত পৰি পৰি মোবাইল পিটিকিবলৈ শিকিলি৷ এতিয়া কোৱা শুনিছোঁ বন্ধন গোটৰ পৰা টকা ধাৰলৈ লৈ তাৰে এচামে গান বনাবলৈ লৈছে হেনো৷ ফেইচবুক নে তেইচবুকত হেনো তহঁতৰ চামটোৰ গোটেইমখা কবিয়েই হলিহঁত! গায়কেই হ’লিহঁত!’

‘ককা তই এইবোৰ খবৰ কেনেকৈ গম পাৱ?’– মোৰ উঠে হাঁহি৷

– ‘তই যে য’তে ত’তে পৰি পৰি সেইডালকে পিটিকি থাক, মই নাজানো বুলি ভাবিছ নেকি তাত কি কৰি থাক? নকওঁ আৰু এতিয়া এইবোৰ কথা ৷ মই কোৱাটোহে বেয়া৷’– ককা আজি তাৰমানে মুডত আছে৷ মই ককাৰ কাষৰ পৰা উঠি আহিলোঁ লাহেকৈ৷ নহ’লে আৰু  ক’ত কথা শুনাব, সেয়া ভালকৈয়ে জানো৷ আমাৰ ঘৰত হ’ম থিয়েটাৰত ৰাতিপুৱাৰে পৰা মাজে সময়ে হিট গান এসোপামান লগাই থকা হয়৷ ডাঙৰ দাদাৰ ছোৱালীজনীক কোনোবা ডেন্স স্কুলত দিছে৷ সিহঁতৰ মেমে হেনো Modern Dance শিকায়৷ এতিয়াৰে পৰাই হেনো চুটি চুটি কাপোৰ পিন্ধিবলৈ কয়৷ মই বোলো ভালেই কৰিছে৷ পাছত চহৰলৈ গৈ একেদিনাই  এবেগেত কাপোৰ পিন্ধিবলৈ লাজ কৰিবও পাৰে, এতিয়াৰে পৰা পিন্ধাই পিন্ধাই অভ্যাস কৰাটো ভাল৷ 

ককাই ৰাতিপুৱাতে বৰগীত এটা শুনিবলৈ বিচাৰে; মই বুজি পাওঁ৷ এদিন ঘৰত ৰাতিপুৱা বৰগীত বজাওঁতে মাজনীয়ে সাৰ পালে আৰু – ‘কি বৰিং সোপা লগাইছা, জিলেলে লগোৱা,  নহ’লে মই কান্দি দিম’ বুলি চিঞৰিবলৈ লাগিলে৷ সেইদিনাৰ পৰাই আমাৰ ঘৰত গীত বুলিবলৈ কেৱল ‘জিলেলে’, ‘কিচিম কিচিম ভাৱনা’ ধৰণৰহে চলে৷  এতিয়া ঘৰলৈ আলহী আহিলেও মাকে কয়– ‘দেহা ডিস্ক’টো নাচি দিয়া,  নহ’লে আলহীয়ে বেয়া পাব নহয়৷’ 

এদিন ককাক ক’লো– ‘বোলো ককা, যুগ পৰিৱৰ্তন হৈছে, আজিৰ ল’ৰা-ছোৱালীয়ে এইবোৰ গান গাবই, শুনিবই৷ তই কাক বাধা দিবি? তহঁতৰ যুগ নাই এতিয়া৷ অকল ‘গোপালে কি গতি কৈলে’ বুলিয়েই আমিও বৰগীত, নাম প্ৰসংগকে ধৰি থাকিম নে? অৱশ্যে এচামে যে বৰ অখাদ্য এসোপামান লিখিছে সেইটো সঁচা৷ তইটো নাজানই চাগে৷ আজিকালি গানৰ ৰেপো হয়তো৷ 

ৰেপ মানে?– ককাই শুধে? মই কম বুলি ভাবো– ‘মানে গানটোক শুৱাই লৈ হকে-বিহকে ধৰ্ষণ কৰাৰ দৰেই আৰু৷’ কিন্তু নকও৷ মই নক’লেও ককাই সঁচাকৈয়ে সেইধৰণৰে কিবা এটা বুলি বুজি ল’ব যে খাটাং৷ তেতিয়া মোক যে আৰু কিমান কথা শুনাব!


কেতিয়াবা ককাই শুধা প্ৰশ্নৰ উত্তৰ মই ধেমালীকৈয়ে দিওঁ৷ ককাই বুজি পায়৷ মোৰ বহুৱালি বুজি পাই ককা গহীন হয়৷ কয়– ‘পেংলাই কৰিছ? মই এনেদৰে গাই-বাই থাকো গমি পিতি চা৷ আমি বুঢ়া হ’ব পাৰো, পিচে এই দুটা চকুৰে দেখি আহিছোঁ ইমানদিনে, ক’ত কি কিয় হৈছে, ইয়াৰ ফল কি হ’বগৈ! তহঁত বুজাখিনিয়ে সময় থাকোতেই কিবা এটা কৰহঁত৷ নহ’লে এই নাচ-গান বুলি চিঞৰ বাখৰ কৰি থকা এসোপাই আমাৰ অসমীয়া সংস্কৃতিৰ ৰাজহাড় ভাঙি খাস্তাং কৰিব৷ এতিয়া টিভিত যে সৰু সৰু ল’ৰা-ছোৱালীবোৰে গীত গাইহি, সিহঁতৰ মুখত তই  বাৰু জ্যোতি-সঙ্গীত, ৰাভা-সঙ্গীত এটা শুনিছনে কেতিয়াবা? লোকগীত এটা শুনিছনে? চিধাই আৰম্ভ কৰে ‘মাছলৈ গৈছিলোং’ বুলি..  

মোবাইললৈ মিছকল আহিল,  আজিকালি নিৰ্দিষ্ট মিছকলটো আহিলেই বাহিৰলৈ আঁতৰি যাব লাগে৷ বেৰৰ চুক, কলগছৰ তলত ৰৈ ফুচফুচাই কথা পাতিব লাগে৷ এনেকুৱা কিয় কৰিবলগা হয়, লুকাই-চুৰকৈ প্ৰেম কৰাবোৰে জানে৷ 

সিফালৰ পৰা ভাঁহি আহিল– ‘তোমালৈ মোৰ বহুত মনত পৰিছে৷’

‘মই জানোৱেই সেইটো কথা৷’

‘কেনেকৈ জানা?’

‘মোলৈ মনত পেলোৱাৰ বাদে তোমাৰতো বেলেগ কাম নাথাকেই৷ হেঃ হেঃ হেঃ...’

‘ঠাট্টা কৰিছা’

‘নাই  কৰা ৷ শুনাচোন কথা এটা৷’–  কথা বিষম হ’ব বুলি ভাবি ককাই কোৱা গানৰ প্ৰসংগটো উলিয়ালো৷

মোৰ কথাবোৰ শুনাৰ পিচত তাইৰ উত্তৰ– ‘ৰ’বাচোন, তুমি ইমান নিৰাশাবাদী কিয়? এতিয়াও এচামে ভাল বুলি ক’ব পৰা গীত মাত ৰচনা কৰি গাই আছে৷’ মই ক’লো– ‘গাই আছে৷ পিছে সেই ভালকেইজনৰ গীত কেইজনে শুনিছে? হোটেল, তিনিআলি, ৰেষ্টোৰাত বাজি থকা গীতবোৰে কেনে চিঞৰ-বাখৰ কৰে, প্ৰদুষণ কৰে তুমি শুনা নাই ? গানৰ শব্দবোৰো শুনিবলৈ কিবা লাজ লাজ লাগে৷’

‘তুমি এইবোৰ গাই বাই কি লাভ পাবা? এতিয়া যুগ পৰিৱৰ্তন হৈছে৷ মানুহ মডাৰ্ণ গৈছে৷ এইবোৰ গানেইতো শুনিব৷’ মই ক’লো– ‘পৰিৱৰ্তন বুলি এই উভত গোৰে নচা সোপাকে আমি আদৰি ল’ম নি? এতিয়া গায়কে চুমা খাবলৈ মন গ’লেও চিধা চিধিকৈয়ে চিঞৰি চিঞৰি কয়৷ তুমি শিল্পী হৈ যদি সাধাৰণ মানুহৰ দৰেই চিঞৰ বাখৰ কৰে, আমাৰ সৈতে সিহঁতৰ পাৰ্থক্যনো থাকিল কোনখিনিত?’

‘বেছি কৰি নাথাকিবা, তুমি সমাজ সংস্কাৰ কৰি ফালিব নালাগে৷ লোকে যি কৰে কৰি থাকক৷ নিজৰটো চোৱা৷’

– মই তেতিয়া আৰু একো নকওঁ৷ তাইকে ক’বলৈ স্বাধীনতা দিওঁ৷ এনেকৈ নিশব্দে কিয় থাকো, প্ৰেম কৰাবোৰে ভালকৈয়ে জানে৷

আন এদিনৰ কথা কওঁ৷ তাইৰ সৈতে ফোন কৰোঁতে আকৌ ওলাল অসমীয়া গানৰ প্ৰসংগ৷ মোৰ কথা শুনি তাই খঙত কালীগোসাঁনীজনী হ’ল৷ তথাপিওঁ মই কৈহে এৰিলো– ‘তুমি কথাটো শুনি লোৱাচোন; ভূপেন হাজৰিকাৰ ‘বিমূৰ্ত মোৰ নিশাটি’ গানটো শুনিছা, সেইটো বুজি পোৱাসকলৰ বাবে এটা মহা অভদ্ৰ গান, কিন্তু ইমান মাৰ্জিত ধৰণে গাই, কোনেও বুজিয়েই নাপায়৷  এতিয়া এচাম গায়কে ‘টপিনা ডাঙৰ চাই’ বুলিহে দেখোন চিঞৰি চিঞৰি কয়৷ মানুহৰ আগত শুনিলে কিবা লাজ লাজ নালাগেনে তোমাৰ?’

‘হ’ব, হ’ব, ভূপেন হাজৰিকাক টানি আনিব নালাগে৷ তুমিও দেখোন মোক ফুচফুচাই ফোনত চুমা খুজা? তেতিয়া লাজটো ক’ত যায়?’

‘হেঃ হেঃ হেঃ ...’ সেইটোনো কি বেয়া কথা৷ ভালহে, মই তোমাৰ লগত গোপনীয়তা ৰাখিছোঁ৷ আকৌ ভাবি চোৱা তুমি, ‘ডিস্ক’ ভণ্টি নানাচিবা’ বুলি কৈ দেখোন গোটেই গানটোৰ কৰিঅ’গ্ৰাফীত ডিস্ক’কে নাচি থাকে, সিহঁতৰ কি নাচ!’

‘তুমি মনে মনে আছানে? তোমালোক ল’ৰা মখাই তাকে চাই চাই শান্তি নোপোৱানে৷ নাজানো বুলি ভাবিছা?’

‘তেনেকৈ নকবা দেই, মই দেখোন প্ৰতিবাদহে কৰিছোঁ তোমাৰ আগত৷ তোমালোকেহে হেডফোন ডাল লগাই লগাই কেৱল এইসোপাকে শুনি শুনি শুনি কাণখন গেলাইছা? বীৰেন্দ্ৰনাথ দত্তৰ ‘তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে’ গীতটো শুনিছানে কেতিয়াবা? ‘নাহৰ ফুলে নুশুৱাই’তো শুনিছানে?

‘তুমিয়েই শুনিবা সেই বৰিংসোপা, মোৰ মূৰতো ঘোলা নকৰিবা এতিয়া, হ’ব বায়৷ টিট..টিট.. টিট.. ৷ ফোনটো কাটি দিলে৷ কেতিয়াবা ভাবি চাওঁ, গায়কে বাৰু চুমা লাগে, চুমা লাগে বুলি নিচিঞৰিবই বা কিয়? এচামে এবেগেত কাপোৰ, তাকো পিন্ধো নে নিপিন্ধোকৈ যদি ৰাজপথত অহৰ্নিশে ঘুৰি ফুৰে, তেন্তে সেই গৰাকীৰ টিকটিকিয়া গালত পাপ্পি এটা দিবলৈ ডেকাৰ মন নাযাবনো কিয়? ভুল কাৰ, গায়কৰ৷ গীতকাৰৰ? সমাজৰ?

‘এবাৰ এজন গায়কৰ টেক্সী গাড়ীত প্ৰেয়সীক লৈ শ্বিলং যাবলৈ মন গ’ল হ’বলা, তাকে লিখি দিলে গানত৷ হৈ গ’ল গান৷ বোলো তই শ্বিলঙত গৈ ছেল্‌ফিয়াই থাক, ওভত গোৰে নাছ, হোটেলত শুই থাক যি কৰ কৰ্‌, সকলোবোৰ কথাৰ লাইভ টেলিকাষ্ট কৰি মৰিছ কিয়?’ 

ভাবিলেই খং উঠি আহে৷ এতিয়া আৰু তাহানিৰদৰে গান লিখিবলৈ মূৰ ঘমাব নালাগে৷ এক কেজি ডালি আৰু এক কেজি বিলাহী, আধা কেজি পিঁয়াজ লৈ আহ কিনি৷  এইখিনি বস্তুৰে এটা খানাও হ’ল আৰু হৈ গ’ল অসমীয়া গানৰ এটা লিৰিক্স৷ এতিয়া পাৰি যদি বন্ধন গোটৰ পৰা এটা ঋণ ল’ব লাগে আৰু অভিনয়ৰ নাম নজনা মডেল কেইগৰাকীমানক নচুৱাই দি শদিয়াৰ পৰা ধুবুৰীলৈ হিলাই দিয়াটোহে কথা৷ গানৰ মাজে মাজে ৰিমিক্স দিবলৈ নাপাহৰিব কিন্তু৷ হিন্দীৰ হানি চিঙৰ দৰে অসমীয়াত ‘হেপ্পি বিহুত আমাৰ গাৱলৈ আহিবি দেই’ৰ দৰে গান গাব নোৱাৰিলে কিহৰ গায়ক! ছদ্মনাম এটা থাকিলে আৰু ভাল৷

এজন বপুৰাই এইবাৰ ৱাশ্বিং পাউদাৰক লৈ গান ৰচিলে৷ অসম দিৱানা গৈ গ’ল বেটাৰ গানত৷ পিটিকলি ল’ৰা-ছোৱালীৰ পৰা ডাঙৰৰ মুখে মুখে ৱাশ্বিং পাউদাৰ নিৰ্মাৰ গুণ গৰিমা৷ খাবলৈ যাওঁতে, শুবলৈ যাওঁতে গোটেই অসম কেৱল নিৰ্মাময় হৈ পৰিল৷ ধন্য ধন্য কলি কাল৷ ধন্য অসমীয়া গায়ক ভাল৷ বোলো বোপাই, তই তোৰ প্ৰেয়সীক কেৱল ৱাশ্বিং পাউদাৰ আনি দিয়েই ক্ষান্ত থাকিবিনে তাইৰ কাপোৰ ধুইয়েই ক্ষান্ত থাকিবি; তাত মোৰ সন্দেহ আছে৷ ইয়াৰ পিছত সি গান  লিখিলে–পেটিকোট ধুইছিলো তোমাৰে বেমাৰত... বুলি ৰাউচি নুজুৰিলেই ৰক্ষা৷ এইবাৰ লাক্স চাবোন আনি দিম বুলি এটাই গানত কৈছে৷ অহাবাৰ সেই চাবোন কাৰ দেহত বা ঘহি দিয়েগৈ সময়েহে জানে! 

যোৱাবাৰ এজনে তেখেতৰ স্বগাৰ্দপি গৰীয়সী প্ৰেয়সীৰ মেট্ৰিক পাছ কৰিব নোৱাৰাৰ কাৰণ এটা উলিয়াই গান লিখিলে! তাৰ প্ৰেয়সীৰ হেনো গেষ্টিক আছিল৷ ক’তে মৰো মই! সোণামুৱাক কোনোবাইটো বুজাব লাগিছিল, নিজৰ প্ৰেয়সীৰ গুণ, গৰিমা আৰু ৰূপৰ বৰ্ণনাহে গানত কৰে, তাইৰ বেমাৰৰ কথা নহয়, এনেকে হ’লে দেখোন ইহঁতে গাত খহু হৈছে বুলিও গান লিখিবগৈ এসময়ত৷

এটা সময়ত মানুহে অ’ৰ এটা বলধ গৰু, ত’ৰ এটা বলধ গৰু গোটাই  শালি খেতি কৰিছিল৷ অ’ত এব এতিয়া আমাৰ দুখীয়া,  হীন, নিছলা, অবলা গায়কে অ’ৰ এটা পচা শব্দ, ত’ৰ এটা গেলা শব্দ আনি অসমীয়া গানৰ খেতি কৰে৷ আচৰিত কথা, ফলো লাগে৷ তিতা তিতা৷

এতিয়া গায়কে  জিলেলে জিলেলে... যাবগৈ লাগিব অৰুণাচললে... বুলি প্ৰেয়সীক ভয় দেখুৱাই ব্ৰেকআপ দিয়াৰ কথা কয়৷ হেঃ হেঃ হেঃ প্ৰেয়সীও ব্ৰেকআপৰ ভয়তে প্ৰেমিকৰ বুকুতে সোমাই থাকেহি৷  কি মজা সিহঁতৰ...৷ তেনে দৃশ্য দেখিলে অভিনেতা হ’বলৈ কেতিয়াবা বৰ মন যায়...৷ ফটা কপাল একোৱেই হ’ব নোৱাৰিলোঁ৷ ভুলবোৰ খুচৰি থকাৰ বাবে৷ ককাৰ লগত থাকি থাকি ময়ো ককাৰ দৰেই হৈ পৰিলোঁ৷ আন পাৰো নোৱাৰো কথা নাই৷ সমালোচনা কিন্তু ভাল পাৰো দেই৷ কেৱল ময়েই নে! অসমত কিমান ৰকমৰ যে সমালোচক!

গীতৰ কথালৈ ঘূৰি আহোঁ– গীতৰ মাজেৰে নিজৰ প্ৰেয়সীলৈ এজন ডেকাৰ কি সাৰুৱা উপদেশ–‘বিস্কুতৰ খাবা কাটা, চেণ্ডেল পিন্ধিবা হেনো বাটা৷’ এজনে লিখিলে– ‘কিল কিল কিলাই দিম, তোমাৰ লাহি ককালত’–  হে মোৰ গোঁসাই ইয়াৰ এতিয়াও কিল কিলোৱাৰ বয়স শেষ হোৱাই নাইনে! গানৰ নামত এই অখাদ্যসোপা গিলি গিলি অসমীয়া শ্ৰোতাৰ কেনে বিৰক্তি লাগে বুলি যদি এবাৰো সিহঁতে ভাবিলেহেঁতেন৷ আমাৰ এইসকল মহান বোপাসকল থকালৈকে গানৰ অধোমুখী যাত্ৰা যে সুকলমে চলিব তাৰ কোনো দ্বিধা নাই৷

এইবাৰ আন এজনৰ প্ৰসংগলৈ আহোঁ৷ তেখেতৰ কথা ক’বলৈ গ’লে হাঁহিেমই নে কান্দিম তেনে অৱস্থা হয়৷ এইজন মহাপুৰুষে বিমল, শিখৰ, পান পছন্দক লৈয়ো গান লিখিলে৷ অসমীয়া গীতৰ ৰাজহাড়দাল থকা কনো যেন ভাঙি পেলালে৷ কৃষ্ণ! এইবোৰ গান হ’ব পাৰেনে বাৰু? ইহঁতে কি বুলি ভাবি এই জাবৰসোপা অসমীয়া গানলৈ এৰি দিছে ? মাজতে  ৰঙালাউ, বিলাহী, বেঙেনা, কোমোৰাক লৈ এটাই  ‘গাধৰ সংগীত চৰ্চা’ কৰি অসমৰ নাম নুমালে৷ বোপাহঁত, আপোনাসৱক আমি কাবৌকৈ মাটিছোঁ, এই বলিয়ালিবোৰ এৰি পাৰিলে অলপ ভালকৈ সঙ্গীতৰ চৰ্চা কৰক৷ ‘শিল্পী! বোলা শব্দটোৰ গূঢ়াৰ্থ বুজিবলৈ শিকক৷ নহ’লে আপোনাসৱটো মৰিবয়েই৷ আমাৰ জাতিটোও মৰিব, ভাষাটোও মৰিব৷ 

এতিয়াৰ গায়কে নাচনীৰ ব্লাউজৰ কথা ক’লে দেহ মন সাতেই নপৰে৷ ব্লাউজৰ তলতে থকা বডিচৰ কথা ক’লেহে শান্তি পায়৷ এজন সঙ্গীতজ্ঞই – ‘জিঅ’ চিম লগালো ফ্‌’ৰজি মোবাইলত’... বুলিও উত্তৰ আধুনিকতাৰ ৰাউচি মাৰিলে৷ মোৰ লুইতপৰীয়া অসমীয়া বীৰ ডেকা-ডেকেৰীসকল,  এয়েই নেকি আপোনাসৱৰ গাত থকা লাচিতৰ তেজ? এই তেজে আপোনাসৱে কেৱল কপি পেষ্ট কৰি কৰি এনেহেন সস্তীয়া গান লিখিবলৈহে শিকিলে? 

অসমীয়া চেনেলকেইটাত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মাজে মাজে অভং গানৰ কি বিভৎস দৃশ্য! 

কালিৰ কথা৷ কলেজৰ পৰা বাহিৰে বাহিৰে তাইৰ সৈতে ৰেস্তোৰা এখনলৈ গ’লো৷ ৰেস্তোৰাখনতো কিবা চানী লিয়নীক লৈ কোনোবা মহাপুৰুষে গোৱা গান এটা মৃদু মৃদুকৈ বাজি আছে৷ হিপ্‌-হপ্‌ মিউজিক৷

‘শুনাচোন গানটো ভালকৈ, তুমি মোক কোৱা নহয় মই মিছাতে চিঞৰি মৰোঁ বুলি৷’– মই কৰিলো আৰম্ভ৷

তাই চকু কেইটা ঘোপা কৰি চালে মোলৈ৷ মই হেনো আজিকালি মষ্ট কামোৰ হৈ পৰিছোঁ৷ 

‘তুমি লেকাম ধৰা দেই মুখৰ৷ শুনি ভাল নোপোৱা, নুশুনিবা৷ আনক একেসোপা কথাকে কৈ কৈ ডিষ্টাৰ্ব নকৰিবা৷’

‘আনক ক’বলৈ নিদিয়া নকওঁ বাৰু ৷ তুমিয়েই শুনা’– মৰমতে তাইৰ কাষলৈ চকীখন টানি ল’লো৷ 

‘চাওঁ আঁতৰত বহা মানুহে কি বুলি ক’ব, নিলাজটো ক’ৰবাৰ৷’ 

দেখিলেহে ক’ব৷ ৰেস্তোৰেণ্টত কোনেও আনলৈ চাবলৈ সময় নাপায়৷ কিয় নাপায় প্ৰেম কৰাবোৰে জানে৷

যোৱাবাৰ আমাৰ এজনে গৰু চৰাবলৈ গৈ কি কৰিছিল মনত নাই? বেটাৰ কি গান৷ তাহানিতে প্ৰেয়সীৰ পেনৰ খোচনিৰপৰা শিলিখা আনি খোৱাৰ মোহ সি পাহৰিবই পৰা নাই৷ গানৰ কি শব্দ, ভাষাৰ  কি লালিত্য, কি ব্যঞ্জনা! হায় গায়ক! 

‘ইফালে বহাগৈ, আৰু শুনা, বেলেগ কথা কোৱা৷  তুমি মোৰ মূৰটো ঘোলা কৰিহে এৰিবা নেকি?

‘নকৰোঁ অ মাজনী, তোমাক ক’বলৈ মন গৈছে কথাবোৰ, নহ’লেনো কাক কম, শুনাচোন’– এজনে আকৌ বিয়া পাতি কেঠা কম্বলৰ জুতি ল’বলৈ আমাৰ নৱ-প্ৰজন্মক উপদেশ দিলে৷ এতিয়া ঠাণ্ডা দিন আহিলেই গানটোলৈ বৰকৈ মনত পৰে৷ বিয়াখন পাতি শুই থাকিবলৈকে মন যায়৷’

‘তুমি এইসোপা শুনাবলৈকে মোক ইয়ালৈ মাতি আনিছিলা নেকি? যোৱা বুলি কৈছোঁ মোৰ সন্মুখৰ পৰা, হেই ময়ে যাওঁগৈ, খং উঠিব ব্ৰেক আপ দি দিম ৷’ 

কৃষ্ণ..! খঙে চুলিৰ আগ পালেগৈ৷ ফোঁ-ফোঁৱাই গৈ টেম্পুত উঠিলগৈ তাই, মই কাষে  বাৰে লাজ-লাজকৈ চালো৷ ৰক্ষা... কোনেও নেদেখিলে৷ বিলটো দি লাহে লাহে ঘৰমুৱা হ’লো৷ উপায় নাই৷ প্ৰেম কৰাবোৰে জানে৷

কালিৰ ঘটনাটোৰ পৰা তাইৰ ফোন এটা নাই, মেছেজ এটাও নাই৷ বৰিং প্ৰেমিকক চাগৈ ব্ৰেকআপ দিয়াৰ চিন্তা-চৰ্চা কৰিছে৷ ময়ো অপেক্ষা কৰিছোঁ তাইৰ খঙৰ অঙঠাবোৰ শীতল লৈ ফুটচায় হোৱালৈ...৷ 

প্ৰেমত এইবোৰ ঠাকেই৷ প্ৰেম কৰাবোৰে জানে৷ আমাৰ ককায়েও জানে৷ ককাৰ কথা শুনি শুনি মই মানুহটো কিদৰে বিদ্ৰোহী হৈ পৰিছোঁ অসমীয়া গানৰ৷ ককাই ন’কলেও বুজে ।


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments