গল্প ::: ফেচবুক বিতৰ্ক



* ‘আপোনাৰ ঘৰত তামোলৰ গছ আছেনে? যদি আছে সজতনে ৰাখক তামোলৰ ঢকুৱাবোৰ৷’ 
‘ঢকুৱাৰ সংগ্ৰহে লাভান্বিত কৰিব আপোনাক৷ কিন্তু কেনেকৈ? চাওক আমাৰ এই প্ৰতিবেদন৷’
– ভিডিঅ’টো সম্পূৰ্ণ হোৱাটো দূৰৰ কথা, চাৰি-পাঁচ ছেকেণ্ডে নহওঁতেই আপদীয়া বিন্দু এটা হঠাৎ আহি মোবাইলৰ ডিচপ্লেৰ ঠিক মাজতে ঘূৰি ঘূৰি টভক মাৰিলে৷ জিঅ’ৰ ধন-ধনাধনৰ বাম্পাৰ কৃপাত নেটৱৰ্কৰ অৱস্থা এয়া৷ যোৱাবছৰে এয়াৰটেলৰ চিমখন কনভাৰ্ট কৰি জিঅ’ৰ বিলাসী সুবিধা গ্ৰহণ কৰোঁ বুলি মন স্থিৰ কৰিছিলোঁ৷ প্ৰথম ছমাহমান ঠিকেই আছিল৷ নেটৱৰ্কৰ কণ্ডিচন ভাল৷ ইউটিউব, জিঅ’ টিভি, ফেচবুক, ৱাচছএপ, ইনষ্ট’গ্ৰাম আদি সকলোবোৰ বঢ়িয়াকৈয়ে চলি থাকে৷ কিন্তু লাহে-লাহে নেটৱৰ্ক হৈ পৰিল নেচেলচেল্‌৷ দিন বাগৰাৰ লগে লগে গুৰুত্বহীন আৰু প্ৰয়োজনহীন হৈ পৰা আধুনিক প্ৰেমিক-প্ৰেমিকাৰদৰেই নেটৱৰ্কৰ অৱস্থাও বেয়াৰ ফালে গতি কৰিলে৷ আমাৰ এই এলেকাটোত নেটৱৰ্কৰ সমস্যা এনেকৈয়ে বাঢ়ি আহিছে যে এতিয়া মোবাইলত ভিডিঅ’ এটাও শান্তিৰে চাব নোৱাৰি! ডিজিটেল ইণ্ডিয়াৰ স্মাটচিটিত আমাৰদৰে গাঁৱত থকা নৰমনিচৰ এয়া বিলাই৷ 
দেউতাই বাৰীৰ তামোল আৰু জালুক বিক্ৰী কৰি কিনি দিয়া ভিভ’ ফাইভ মডেলৰ মোবাইলটোৱেই এতিয়া মোৰ দিন-ৰাতিৰ সহচৰ৷ এইটো নহ’লেচোন গাৰ মঙহ এডোখৰ নথকা যেন লাগে৷ কিমান যে সময় অপব্যয় কৰিছোঁ ইয়াৰ সৈতে৷ তথাপিও অৱশ্যে অনুশুচনা নাই৷ উপলব্ধিও নাই৷ মোবাইলৰ বিনে এই সংসাৰ ‘অথিৰ ধন জন’ যেন লাগে৷ ফেচবুক, ৱাটছএপৰ নাগপাশে শিকলি লগোৱাদি লগাই থৈছে আমাৰ চিন্তা-চেতনা আৰু পৰিধিৰ চাৰিসীমা৷ আমাৰ প্ৰজন্মটোৱেই প্ৰথম প্ৰজন্ম যি মোবাইল মেনিয়াত এনেকৈ ডুবিবলৈ আৰম্ভ কৰিছে৷ তেন্তে কি হ’ব আমাৰ পছৰ প্ৰজন্মবোৰৰ! কি হ’ব সিহঁতৰ! ভাবিয়ে আচৰিত হওঁ ।
আমাৰ অঞ্চলবোৰত কিমান যে এশ এবুৰি সমস্যা৷ আনহে নালাগে কাৰেণ্ট নাথাকিলেও মোবাইল টাৱাৰবোৰ অচল হৈ যায়৷ ইফালে আমি স্মাৰ্ট চিটিৰ বিজ্ঞাপন দিনটোত কিমান যে শুনিব লাগে, চাব লাগে । শুনামতে, টাৱাৰৰ মালিকে ক’ম্পেনিৰ পৰা চাপ্লাই হোৱা প্ৰেট্ৰ’ল খৰচ কৰি টাৱাৰ অন নকৰে হেনো৷ নিশাৰ আন্ধাৰত কোনোবা হিষ্ট-পুষ্ট, দুষ্ট দালালিৰ হাতেৰে এই প্ৰেট্ৰল সৰকি গৈ কাৰোবাৰ বিলাসী গাড়ী বা কাৰোবাৰ দুচকীয়া বাহনতহে বোলে শুভমুক্তি পায়৷ ফলাফল– কাৰেণ্ট নাথাকিলে আমাৰ মোবাইলৰ টাৱাৰো নাথাকে৷ ডিচপ্লেত আকৌ এবাৰ কিছু খং আৰু আগ্ৰহেৰে ক্লিক কৰি দিলোঁ৷ কিছু সময় টভক মৰাৰ পাছত হঠাৎ মিউজিক বাজিল৷ পুৰুষ এঙ্কৰ এজনৰ কণ্ঠ– ‘বহিঃ ৰাজ্যলৈ ৰপ্তানি তামোলৰ ঢকুৱাৰে নিৰ্মিত সামগ্ৰী৷’– ৱাহ, এয়াচোন বৰ ভাল কথা৷ তাৰ পিছত এটা সৰু যন্ত্ৰত গাঁৱৰ এলাগী ঢকুৱাবোৰ নিৰ্দিষ্ট ফৰ্মত কাট-কূট কৰাৰ কিছু দৃশ্যাংশ৷ তাৰ পিছত পুনৰ –মিউজিক–নেটৱৰ্কৰ শ্ল’ মোচন–আকৌ নিউজ– ‘অসমত এতিয়া বহুলভাৱে চৰ্চিত এসময়ত পেলনীয়া হিচাপে পৰিচিত সামগ্ৰী ঢকুৱা’– পুনৰ মিউজিক– শ্ল’মোচন৷ নেট গ’ল ।
 
নাই নাচাওঁ, এটা নিউজৰ নামত ইমান নাটকীয়তা ভাল নালাগে৷ একেটা কথাকে কুঁহিয়াৰ পেৰা দি পেৰি থাকে৷ ফেচবুকৰ বিশাল জনপ্ৰিয়তাত এতিয়া টি.ভিৰ চেনেলবোৰেও ফেচবুকলৈ আহি লাইভত বাতৰি এৰে৷  পাবত গজা একাংশ ৱেব পৰ্টেল আছেই । নিউজ নে ডিটেক্‌টিভ উপন্যাসৰ কাহিনীৰ বৰ্ণনা; ধৰিবকে নোৱাৰা কাৰবাৰ কিছুমান এই চেনেলবোৰত চলি থাকে ৷ মজাৰ কথাটো হৈছে ফেচবুকত লাইভৰ বাতৰি ছোৱাতকৈ কমেণ্ট চেকচনত অহা মন্তব্যবোৰ পঢ়িবলৈহে অধিক ভাল৷ হাঁহি হাঁহি পেট বিষালি কৰি দিব পাৰি৷ চৰকাৰী পক্ষৰ নিউজ হ’লে বিৰোধীৰ কমেণ্ট আৰু বিৰোধীপক্ষৰ সমৰ্থিত নিউজ হ’লে চৰকাৰী পক্ষৰ লগুৱা-লিকচৌৰ মন্তব্যত অহৰহ ফেচবুক গৰম হৈয়ে থাকে৷ ইফালে শাসক-বিৰোধীৰ নেতা-পালিনেতা, সদস্য-সদস্যাৰ উভতগোৰে নচা প’ষ্টৰ কথা নকলোৱেই৷ শেহতীয়াকৈ ‘ধৰ্ম’ নামৰ মোক্ষপ্ৰাপ্তি লাভৰ কাৰক বিধক লৈয়ো ফেচবুকত অহৰহ খাণ্ডৱদাহ হৈয়ে থাকে৷ যি এই জুইৰ উত্তাপত জাপ দিছে সি বিতৰ্ক কৰি কৰি মৰিছে আৰু যি উত্তাপৰ পৰা হাত সাৰি আছে, সি বাচি আছে৷ 
ফেচবুকৰ নিউজ স্ফিডত পুনৰ ক্লিক কৰিলোঁ৷ ইটোৰ পিচত সিটোকৈ আপডেট আহি আছে৷ ক্ষণিকতে যেন এই আপডেটবোৰে আমাৰ মন-মনন গিলি পেলাব, ডুবাই পেলাব তথ্য, আনন্দ, বিতৰ্কৰ মহাসাগৰত৷ নেটৱৰ্কৰ অৱস্থাটোও আগতকৈ কিছু ভাললৈ আহিল৷ মই এইবাৰ বিচনাখনতে পৰি ল’লোগৈ৷ মোবাইল টিপিবলৈ পেট পেলাই শুই লোৱাৰ মজাই সুকীয়া৷

সমুজ্জল শইকীয়াৰ আপডেট– 
‘‘যিকোনো মানুহেই গো মাংস খাব পাৰে; ইচ্চা হ’লেই হ’ল৷ কেৱল মাংসক মাংস বুলি ভাবিলেই হ’ল৷ তাতে কি হ’লনো? যিকোনো সময়তে ধৰ্মীয় তত্ত্বটো মূৰত লৈ লৈ আপোনালোকে মানুহক সমালোচনা নকৰিবচোন হে৷ একবিংশ শতিকা এয়া, বিশ্ব-ব্ৰহ্মাণ্ড সলনি হ’ল৷ কাৰোবাৰ প্ৰগতিশীল হ’বৰ মন, তেওঁক হ’বলৈ দিয়া৷ তেওঁক সলনি হোৱাত বাধা দিছা কিয়? সময়ৰ লগে লগে নিজৰ দাৰ্শনিক তত্ত্ববোৰকো সলনি কৰি নোযোৱা কিয়! এয়াহে ভাল কথা৷’’
ইতিমধ্যেই পোষ্টটোৰ ছাবিছটা শ্বেয়াৰ হৈছে৷ দুশ বাৱন্নটা লাইক৷
শেহতীয়াকৈ ৰাজীৱ মহন্তই ৰীমা দাসক দিয়া এটা মন্তব্যক কেন্দ্ৰ কৰি ফেচবুকত মহাবিতৰ্ক৷ এতিয়া ৰাজীৱ মহন্তৰ সপক্ষে-বিপক্ষে ফেচবুকত প’ষ্টৰ ওপৰত প’ষ্ট৷ কমেণ্টৰ ওপৰত কমেণ্ট। স্কীণশ্বট, শ্বেয়াৰ কৰাৰ কথা নকলেও হ’ব৷ তিনিদিনৰ আগত ৰিমা দাসে দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আহিছে৷ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈকে, মুখ্যমন্ত্ৰীৰ পৰা গাঁৱৰ নগেন, মনাই, ভদাইলৈকে সকলোৱে ৰিমাক অভিনন্দনেৰে উপচাই পেলাইছে৷ উপচাই পেলোৱাৰে কথা৷ কিমান দুখ, যন্ত্ৰণা বুকুত লৈ হাড়ক মাটি কৰি একক প্ৰচেষ্টাৰে ৰীমাই এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, সেয়া অন্তত আমিবোৰে বুজি উঠিছোঁ৷ বাকীবোৰটো বাদেই দিলোঁ, প্ৰতিভাৰ কদৰ নথকা, ৰাজনীতিৰ গেলা বানপানীত অহৰহ ডুবি থকা এখন সীমান্তৱৰ্তী ৰাজ্যলৈ এইধৰণৰ একক স্বীকৃতিয়ে কিমান যে আনন্দ কঢ়িয়াই আনিব পাৰে, সেয়া অন্তত আমি সকলোৱেই বুজি উঠিছোঁ৷ এতিয়া সেইবাবেই ৰজা-প্ৰজা, জাতি-ধৰ্ম নিৰ্বিশেষে ‘আমাৰ ৰীমা’, ‘আমাদেৰ ৰিমা’ বুলি গৰ্বত বুকু ফুলাইছে৷ ফেচবুকৰ হৈ পৰিছে কেৱল ৰিমাময়৷

জেঠৰ পথাৰত–ধান ৰোৱা ছোৱালী ৰিমা৷
টিকাফটা ৰ’দত–কপালৰ ঘাম পেলাই পথাৰত কোৰ মৰা ছোৱালী ৰিমা৷ 
দুখ, দৰিদ্ৰতা বুকুত লৈ ভোকৰ যন্ত্ৰণাৰে দিন-ৰাতি পাৰ কৰা এটুকুৰাৰ হীৰাৰ নাম ৰিমা৷
এই ৰিমাই সমগ্ৰ বিশ্বৰ দামী-দামী তাৰকা খেলুৱৈক পৰাজয় কৰি সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে৷ জীৱন গঢ়িবলৈ সক্ষম হৈছে । দেশৰ বাবে কম ভাল খবৰনে ! পিছে এইখন মূলুকত বিতৰ্ক আৰু ৰাজনীতিৰ অৰিয়াঅৰিবোৰ ভাতৰ সৈতে পানী খোৱাৰ দৰে সাধাৰণ৷ লাগিল নহয় কেনাটো তাতেই৷ জ্বলি উঠিল ফেচবুক৷ কাৰণো অনেক ।

ঘটনাটো হ’ল– ৰিমাই পুৰষ্কাৰ পোৱা দিনাই ৰাতিলৈ ৰাজনীতি আৰম্ভ হ’ল৷ ফেচবুকৰ এটা ‘বাংলা’পেজত লিখা হ’ল– ‘গৰ্বেৰ সাথে শ্বেয়াৰ কৰুণ, সোণৰ পদক জিতে আচেন.. আমাদেৰ বাংলাৰ ৰিমা৷’– লগে লগে একাংশৰ লাইক, কমেণ্ট, শ্বেয়াৰ৷ ৰাষ্ট্ৰীয় টেলিভিচনৰ আগত ৰিমাই ভালদৰে ইংৰাজী ক’ব নোৱাৰাক লৈয়ো এচামে দুখ প্ৰকাশ কৰিলে৷ কিন্তু বুুকুত অলেখ আকাংখ্যা আৰু চকুত একলব্যৰ দৃষ্টি থাকিলে ভাষা যে কোনো কাৰণতে হেঙাৰ হ’ব নোৱাৰে; বহুতেই এই কথাটো বুজিয়েই নাপায়৷ সেয়েহে কথাৰ মাজত দুই এটা ইংৰাজী শব্দ ভৰাব নোৱাৰিলে আমাৰ মূলকত গুণী-জ্ঞানী বুলি জ্ঞান কৰাও নহয় ৷ অন্যহাতে এটা নিশাৰ ভিতৰতে ৰিমাক খণ্ড-বিখণ্ড কৰি বাংলা-অসমীয়া কৰাৰ চেষ্টা চলিল৷ লাগি গ’ল জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদৰ থৈয়া-নথৈয়া যুদ্ধ৷ তাটোতকৈয়ো আচৰিত হ’লো সেই মুহূৰ্তত, যেতিয়া অসম মুলুকৰে এজন শিক্ষিত অধ্যাপকে লিখিলে– ‘আমাৰ কৈৱৰ্ত্ত্য সম্প্ৰদায়ৰ ছোৱালী ৰিমালৈ অভিনন্দন৷’ খা বাপেকে ভিমকল ৷

সেইদিনাই সন্ধিয়ালৈ ডিচপুৰ ক্লাৱত ৰাজীৱ মহন্তৰ সংবাদ মেল৷ সংবাদ মেলত মহন্তয়ো ৰিমাক অভিনন্দন জনাইছে৷ শেহতীয়াকৈ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱৰ সামাজিক অৱদান আৰু ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমস্যাত বলিষ্ঠ কণ্ঠেৰে নিজৰ স্থিতি স্পষ্ট কৰা বিষয়টোক লৈ আমি এচামে মহন্তক ভাল পাইছোঁ যদিও আন এচামে ‘গানৰ মানুহ গানতেই থাকক’ বুলি তেওঁক তুচ্চ-তাচ্চিল্য নকৰাকৈ থকা নাই৷ কালিৰ সংবাদ মেলতে ৰাজীৱে কথাৰ মাজতে দিলে কৈ– ‘মইতো ৰিমাক গো মাংস খাবলৈ কৈছোঁ৷ লোকৰ ছোৱালীয়ে ব্ৰিফ খাই দৌৰিব, তাই হাঁহ-কুকুৰা মাংস খাই দৌৰিলে নহ’ব৷ আগত দেশ সেৱা৷ তাৰ পাছতহে জাতি, ধৰ্ম৷’
কেনাটো লাগিল তাতেই৷ তেতিয়াৰে পৰা ফেচবুকৰ জুইকুৰা দুগুণে জ্বলিছে৷ 
এনেয়েও আজিকালি ফেচবুকৰ মজিয়াৰ ওত্তাপ বাঢ়িবলৈ বেছিপৰ নালাগে৷ 
নতুনকৈ ফঁকৰা সৃষ্টি কৰিব পৰা হ’ল– ‘ইয়াতে মাৰিলো টিপা, ফেচবুক পালেগৈ শিপা৷’ একাংশৰ মতে– ৰাজীৱৰ ইমান সাহস! হিন্দু ছোৱালীক হেৰিৰ মঙহ খাবলৈ ৰাজহুৱাকৈ ক’ব পাৰে! বুকুত থকা শুকান কামিহাড়বোৰ যেন ঘিউ জ্বলাদি জ্বলি উঠিল৷ ভাইৰেল হৈ পৰিল বিতকিৰ্ত মন্তব্য৷ এচামে ৰাজীৱক সমৰ্থন কৰি প্ৰগতিশীল লোকৰ পৰিচয় দিলে৷ এচামে আকৌ অন্ধ ভক্তৰদৰে ৰাজীৱ মহন্তই কোৱাৰ কাৰণেই সমৰ্থন কৰিলে৷ এচামে অকাট্য যুক্তি কিছুমান দি বুদ্ধিজীৱীৰ ভূমিকা গ্ৰহণ কৰিলে৷ তাৰেই এক অংশ হিচাপে আমাৰ সমুজ্বল শইকীয়াৰ এই পোষ্টটো সম্ভৱ৷ কিন্তু মই ব্যক্তিগতভাৱে ভাবো যে সমুজ্বল শইকীয়াই ৰাজীৱ মহন্তৰ অন্ধ সমৰ্থক হৈ এই আপডেট দিয়া নাই৷ যদি দিছে, নিজৰ বিবেকেৰে দিছে৷ নিজৰ স্থিতি আৰু আদৰ্শৰে দিছে৷ 

‘পুনৰ বিতৰ্কত হাৰ্টথ্ৰ’ব ৰাজীৱ মহন্ত৷’– এইবাৰ টি.ভিতো ব্ৰেকিং নিউজ বাজিছে৷ 
ইয়াৰ আগতেও ৰাজীৱে কামাখ্যাত ম’হ বলি দিয়া ঘটনাক কেন্দ্ৰ কৰি বলিষ্ঠ ভূমিকাৰে বিৰোধ কৰি গৈছে৷ সৰ্বশক্তিৰ ঈশ্বৰক তুষ্ট কৰিবলৈ যে নিৰীহ জীৱ-জন্তুৰ কেঁচা তেজৰ প্ৰয়োজন নাই; সেই কথা ৰাজীৱ মহন্তই কামাখ্যাৰ মাটিতে চিঞৰি চিঞৰি কৈ আহিছে৷ আমি ভাল পাইছোঁ৷ জোকৰ মূখত চূণ দিবলৈকে ৰাজীৱ মহন্তৰদৰে মানুহৰ নিশ্চয় প্ৰয়োজন আছে৷ সেই সময়তো এচামে ৰাজীৱক সমৰ্থন কৰিছে, এচামে আকৌ খঙৰ কোবত ফেচবুকৰ নিউজ স্ফিড গেলাই দিছে৷ এইবাৰ পুনৰ গো মাংসক লৈ ফেচবুকৰ মজিয়া গৰম৷ ৰিমাৰ সফলতাবোৰ যেন ক্ষণিকতে ক’ৰবাতে পৰি থাকিল৷ 

সময় গৈ আছে৷ সমুজ্বল শইকীয়াৰ পোষ্টটোৰ ভিওৱাৰ্চ বাঢ়ি আহিছে৷ মই দ্বিতীয়বাৰ পোষ্টটো ছোৱালৈকে ৬২২ টা লাইক, ১৭২টা কমেণ্ট, বাৱন্নটা লাইক৷ 
সেই পোষ্টতে পৰেশ খনিকৰৰ মন্তব্য– ‘‘নকবি অ’ নকবি৷ পাপে চুব, ৰৌ ৰৌ নৰকত পৰিবি৷’’ – তিনিটা লাইক৷
বিশ্বজিৎ বৰা– ‘‘আপোনাৰ মতে একবিংশ শতিকাত ভাষা, জাতি আদিৰো দৰকাৰ নাই চাগে?’’ – বাৰটা ৰিপ্লাই৷ 
জুৰি বৰা–‘Manuhor Mangkhoi manuhe khai, goru mangkho pasot hokolu pori ase.’ লগতে জিভাৰ এটা ইমজি৷
ৰূপম গগৈ– ‘Val sinta. সময় সলনি হ’ল৷’
ৰিতা মহন্ত– ‘Food is food. and it's absolutely a personal choice’.
নয়ন প্ৰসাদ– ‘তেন্তে পাৰিবনে আপোনাৰ ভনীজনীক মুছলমানলৈ বিয়া দিব?’ – দহটা ৰিপ্লাই৷
নয়ন প্ৰসাদক সমুজ্বলে উভতি ধৰিছে– ‘মইতো নিজেই বিচাৰি আছোঁ বেলেগ সম্প্ৰদায়ৰ ছোৱালী আনিবলৈ৷’ 
পুনৰ নয়নৰ মন্তব্য– ‘মুখেৰে কোৱা আৰু কৰি দেখুৱাৰ মাজত পাৰ্থক্য আছে৷ ধৰ্ম বুলিওটো কিবা এটা আছে৷’ 
কাশ্যপী ভূঞা– ‘ৰাজীৱ মহন্ত কোন ৰিমাক উপদেশ দিবলৈ, গানৰ মানুহ গানতে থাকিব লাগে৷’
কাশ্যপীক সঞ্জীৱ হাজৰিকাৰ উত্তৰ–‘ৰাজীৱ দাক তেনেকৈ নক’ব৷ আপুনি নিজেই কেইটা গান গাব পাৰিছে?’
কাশ্যপী ভূঞাৰ ৰিপ্লাই– ‘ৰাজীৱ দা মোৰো প্ৰিয় গায়ক৷ এইবাৰ পিছে সহিব নোৱাৰিলোঁ৷ আৰু মই ৰাজীৱ দাৰ বিষয়ে সমালোচনা কৰিবলৈ হ’লে নিজেই গান গাব লাগিব নেকি? কি কথা কয় হে?’
প্ৰাচুৰ্য শইকীয়া– ‘কথাটো একেবাৰে নোহোৱা নহয়৷ এতিয়া আমি নিজৰ ল’ৰা-ছোৱালীক হেৰি মাংস খুৱাই দেশৰ মান উজ্বলাবলৈ চেষ্টা কৰিলেই হ’ল৷ আও হৰি আও ৰাম৷’
সপোনজ্যোতি বৰুৱা– ‘ঘৰত এদিন ৰাজহুৱাকৈ গো মাংসৰে ভোজ পাতিবা৷ খুৱাই খাব, নোখোৱাই নাই৷ তাৰ পিছত এনে আপডেট দিলে ভাল পাম৷’ – সাতটা ৰিপ্লাই৷
বৰুৱাক সমুজ্বল শইকীয়াই দিয়া শেষৰটো উত্তৰ– ‘উপদেশ নিদিব মহাশয়, মই জানো কি কৰিব লাগে, নালাগে৷ মোৰ ঘৰত গাহৰিও আছে, গৰুও আছে৷ হাঁহ-কুকুৰাও আছে৷ থাকিলেও মই বিনা কাৰণত এই জন্তুবোৰ কাকো নোখোৱাওঁ৷ আনকি মই মোৰবাৰ্থডে পাতিলেও হাজাৰ টকীয়া কেক্‌ আনি খুৱাৰ পোষকতা নকৰোঁ৷’
ৰহিম আহমেদ– ‘যদি এই কথাষাৰ আজি ৰাজীৱ মহন্তই নকৈ আলী বা আহমেদ উপাধিৰ কোনোবা মানুহে ক’লেহেঁতেন!’
দেৱজিত পাগাগ– ‘হেৰিৰ মঙহ খালে দৌৰিব পাৰে নেকি? ইতিহাসৰ সৰ্বজনবিদিত নটা সোণৰ মেডেল বিজয়ী Curl Lewis এজন Vegetarian আছিল৷ এইবোৰ কথা মানুহে নাজানে নেকি?’
মই নাটক কৰা ল’ৰা (এইটোও ফেচবুক ব্যৱহাৰকাৰীৰ এটা নাম হ’ব পাৰেনে!)– ‘খোৱা-নোখোৱাটো নিজৰ লগত কথা৷ খালেও অপৰাধ নহয়, নাখালেও লোকচান নহয়৷ আমাৰ মানসিকতা সলনি হ’বৰ হ’ল...৷’
খেলখন ভাল জমিছে৷ ফেচবুকে মানুহক কোৱা আৰু লিখাৰ অধিকাৰ বাৰুকৈয়ে দিছে৷ কোনে কালৈ ভয় কৰে! সমীহ কৰে! নিজৰ স্থিতিত সকলো অটল৷ ময়ো শইকীয়াৰ পোষ্টত লাহে লাহে কিবা এটা লিখিম বুলি মনতে ভাবি থলোঁ৷
ৰিম্পী মেমে চুটি ফ্ৰক এটা পিন্ধি আৱেদনময়ী ফ’টো দুকপি আপল’ড দিছে, লগতে কবিতাৰ পংক্তি এটা৷ বুকুখনৰ মাজ অংশ প্ৰকট হোৱাকৈয়ে কাপোৰ ডিজাইন কৰা হৈছে । আঠ মিনিটত দুশটা কমেণ্ট, পাঁচশ বাৱন্নটা লাইক৷ এইজনী বাইদেউৱেই আমাক ক্লাছত ‘ভাৰতীয় নাৰীৰ বৈশিষ্ট্য’ৰ ওপৰত এঘণ্টাৰ ক্লাছ কৰে৷ ৰিতুল মহাজনে আকৌ এটা গ্ৰুপত নিজৰ ব্যৱসায়ৰ বিজ্ঞাপন দিছে৷ সস্তাতে ট্ৰেভেল এজেঞ্চীটোৱে কোন কোন ঠাইলৈ নিব পাৰে, সেই সম্পৰ্কে তথ্যও দিছে৷ যোৱাবাৰ এইটো এজেঞ্চীৰ মানুহেই আমাৰ কলেজৰ দলটো দিল্লীলৈ এছকাৰচনৰ বাবে লৈ গৈছিল৷ পাছত গম পাইছিলোঁ আমাৰপৰা এহাজাৰমান টকা বেছিকৈয়ে লৈছিল৷ কাৰণ আমাৰ কলেজৰে বুৰঞ্জী বিভাগৰ দলটোক একেখিনি ঠাই দেখুৱাবলৈ গাইপতি এহাজাৰ টকা কমকৈ লৈছিল৷

 সময় গৈ আছে৷ সমুজ্বল শইকীয়াৰ পোষ্টত লাইক, কমেণ্টৰ মাত্ৰা বাঢ়ি আহিছে, দুই একে পুনৰ শ্বেয়াৰ কৰাত লাগিছে৷ বহুকেইটা গুৰুত্বপূৰ্ণ ‘পেজ’ত এইটো পোষ্ট শ্বেয়াৰ হৈছে৷ টিভিৰ ব্ৰেকিং নিউজতো সেই একেই প্ৰসংগই বাৰে বাৰে আহ-যাহ কৰি আছে৷ টিআৰপিৰ কথা আছে৷ ৰাতিলৈ নিশ্চয়কৈ টক-শ্ব’ হ’ব৷ ফেচবুকৰ পাকৈত ব্যৱহাৰকাৰী হিচাপে আমি আৰু আমাৰ দৰে হাজাৰজনে নিউজ স্ফিড চেক কৰিয়েই আছোঁ৷ শইকীয়াৰ পোষ্টৰ কমেণ্টবোৰে মোৰ মনৰ চিন্তা-ভাৱনাৰ দুৱাৰত অনবৰতে টুকুৰিয়াই আছেহি! ক’ত আছোঁ বাৰু আমি, গোটেই দেশখন ধৰ্মৰ নামতে নিমগ্ন হৈ আছে৷ সকলোতে ধৰ্মীয় গোড়ামী, ধৰ্মীয় ৰাজনীতি৷ হ’ব লাগিছিল কি, হৈছে কি! জনতায়ো নতুনত্বক আকোঁৱালি লোৱাৰ সলনি এই গোড়ামীবোৰতেই মচগুল হৈ ভাল পায়৷ ৰাজীৱ মহন্তৰদৰে এচাম স্পষ্টবাদী মানুহে কিছু কথা স্পষ্টকৈ ক’লেই আৰম্ভ হয় হিন্দু-মুছলমানৰ মাজত থৈয়া-নথৈয়া কথাৰ কটাকটি৷ চৰকাৰেই এই সংঘাতত হাত-উজান দিয়ে৷ ধৰ্ম নহ’লেই যেন সকলো মিছা! অৱশ্যে ফেচবুকত ধৰ্মীয় উদাৰতা দেখুৱা মানুহো পূৰ্বতকৈ বহুগুণে বাঢ়িছে৷ কিন্তু এই মানুহবোৰো যেন এপাচি শাকত এটা জলকীয়াৰ দৰেহে৷

এবাৰ হ’ল কি! হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি শেষ হৈছে৷ মহেন ছাৰৰ বিলাসী গাড়ীত উঠি আমি চহৰলৈ গৈছোঁ, লগত বন্ধু মনোজ৷ ইচ্ছা– চহৰখন ফুৰিম ভালকৈ৷ গাড়ীত যাওঁতে কিমান যে বিষয় আলোচনা নকৰিলোঁ! এবাৰ কথাৰ প্ৰসংগত মনোজে সোধা প্ৰশ্ন এটাৰ উত্তৰত ছাৰে কৈছিল– ‘মাত্ৰ জবৰদস্তি নকৰিবি৷ দুয়োটাৰ মন গ’লে ছেক্স কৰাটো অপৰাধ নহয়৷ এতিয়া তহঁত প্ৰাপ্তবয়স্ক হ’লিহঁত৷ কিছুমান কথা নতুনকৈ ভাবিবৰ হ’ল৷ আমাৰ অসম মুলুকত কলগছ, বাঁহগছৰ তলত লুকাই-চুৰ কৰি প্ৰেম কৰি কৰি জীৱন পাত কৰা এচামে মোৰ কথা শুনিবলৈ অৱশ্যে টান পাব৷’
এই মাছ-মঙহ খোৱা-নোখোৱা প্ৰসংগটোও ঠিক তেনেকুৱাই৷– মই ভাবিলোঁ৷
কাৰোবাৰ পেটত জীন যায়, তাক শিল খাবলৈ দে৷ কাৰোবাৰ মন নগ’লে সিটো গাখীৰো নাখায়৷ 
মিচাতে ধৰ্মৰ নামত হৈ-হাল্লা৷ গোটেই অসমখন ধৰ্মৰ নামত এচামে তল-ওপৰ কৰি আছে৷ 
ধৰ্মৰ হিংস্ৰুক হাতোৰাই বজাই আছে মানুহৰ মন-মগজুৰ বেসুৰা তাঁৰ৷ 
দেৱকান্ত সন্দিকৈয়ে এনেই কোৱা নাই– ‘ধৰ্মই মানৱতাৰ শত্ৰু৷’

জীৱ-জন্তু খোৱা-নোখোৱাৰ বিতৰ্কটোৱে পূৰ্বতেও ফেচবুকত বহুবাৰ স্থান পাইছে৷ গৰু, গাহৰি এতিয়া পোহনীয়া জন্তুতকৈ ৰাজনৈতিক জন্তু হৈ পৰিছে৷ মোৰ বন্ধু নিকুৱে ‘গৰু এটা ৰাজনৈতিক জন্তু’ বুলি কবিতা লিখিছে৷ ছাহজাহানেও গৰুক লৈ গ্ৰন্থ লিখিছে৷ কিমান যে বিতৰ্ক, সমালোচনা, যুদ্ধ গো-মাতাক লৈ! আকৌ ইফালে বলি, কোৰবানিৰ প্ৰসংগ আছেই, এচামৰ মতে মাংস খোৱা মানুহে বলি দিয়াৰ বিৰুদ্ধাচৰণ কৰাটো বোলে অনৰ্থক৷ 
তেন্তে পানী খোৱা মানুহে ‘চেভ ৱাটাৰ’ বুলি দিয়া শ্লোগান দিয়াটোও অনৰ্থক? 
আৰু সন্তান জন্ম দিয়া মানুহে ‘পৰিয়াল পৰিকল্পনা’ৰ কথা কোৱাটো? 

কেতিয়াবা সপোনত দেখো– এজাক মানুহে পথাৰত চৰি থকা গৰু এজাক এফালৰ পৰা খেদি নি আছে, নি আছে৷ আন এটা দলে হাতত দা, কুঠাৰ লৈ ইটোফালৰ পৰা একেখিনি গৰুকে খেদিবলৈ আহিছে৷ উদঙ পথাৰ এখনত দুয়োপক্ষৰ মাজত থৈয়া-নথৈয়া ৰণ৷ হোলোকা-হোলোকে তেজৰ নৈ বৈ গৈছে নিমিষতে৷ মৃত মানুহৰ মূৰবোৰ গচকি গচকি গৰুবোৰে প্ৰাণ টাকি স্বৰ্গৰ বাট বিচাৰি দৌৰিছে৷ ভয়ত হেম্বেলিয়াইছে৷ এইবাৰ এচামে গৰুবোৰৰ উপৰত পূৰ্বতকৈয়ো অধিক খং আৰু ক্ষোভেৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ এচামে গৰুবোৰৰ প্ৰতিৰক্ষাৰ বাবে প্ৰাণটাকি যুদ্ধ কৰিছে৷ নিজৰ শৰীৰটোকে প্ৰতিপক্ষৰ সন্মুখলৈ আগবঢ়াই দিছে গৰুবোৰৰ ৰক্ষাৰ বাবে, তথাপিওঁ গৰুবোৰ নমৰাকৈ থকা নাই৷ মৃত গৰুবোৰৰ মূৰবোৰ চট্‌ফটাই উঠিছে, আধামৰা গৰুবোৰে নিজৰ খণ্ড-বিখণ্ড শৰীৰটোৰ মঙহবোৰ বিচাৰি বিচাৰি পথাৰখন তহিলং কৰিছে৷ গৰু-মানুহৰ তেজবোৰ একাকাৰ হৈ পথাৰখন ৰাঙলী হৈ পৰিছে৷ দৌৰা-দৌৰি, চিঞৰ-বাখৰ৷ বিকট শব্দ...হঠাৎ সাৰ পাওঁ মই৷ বুকুৰ ধিপ্‌ধিপনি বাঢ়িয়েই থাকে৷
শইকীয়াৰ পোষ্টত ময়ো মন্তব্য এটা লিখিলোঁ– ‘কেইটামান নিৰ্দিষ্ট কৰ্মৰ বাহিৰে আমিনো জন্তুতকৈ পৃথক কিহঁত? ‘অমুক ধৰ্মৰ মতে অমুকটো খাব নাপাই’ ধাৰণাত আমি বিশ্বাসী নহয়৷ আমাৰ ধৰ্ম বুলিবলৈ গোড়া বিশ্বাসো নাই, আকৌ গাহৰি বা গৰু খাবলৈ বহি মনত কোনো দ্বিধাও নাই৷ পেটত জীন যোৱা বস্তু হ’লে খাব পৰাকৈ আমি পূৰ্ণ প্ৰস্তুত হৈয়ে থাকোঁ৷’
কেইমিনিটমানৰ পাচতে সত্যেন্দ্ৰ ব্ৰহ্মই মোক উভতি ধৰিছে– ‘বন্ধু, ধৰ্মক ধৰ্ম হৈ থাকিবলৈ দিয়াই ভাল৷ পৰম্পৰা বুলিও কথা এটা আছে৷ দুটামান শ্ৰেণী পঢ়িলে বুলিয়েই আজে-বাজে নবলকিব৷’
মই উত্তৰ দিবলৈ নাপাওঁতেই দুই মিনিটৰ ভিতৰতে নটিফিকেশ্বন আহিছে– ‘Nikal Doley comment your post’৷ মই কিবা লিখাৰ আগতেই নিকল দলেই সত্যেন্দ্ৰ বৰ্মনক উভতি ধৰিলে– ‘পৰম্পৰা মানে কিনো? সেয়াওটো এদিন আমাৰ উপৰিপুৰুষে নিয়ম কৰি লোৱা প্ৰথাহে৷ বাল্যবিবাহ, সতীদাহ প্ৰথা, নৰ-বলিৰ পৰম্পৰা; এইবোৰোটো এসময়ত পৰম্পৰাই আছিল৷ আপোনালোকৰ মতে এইবোৰ পৰম্পৰা আকৌ হ’ব লাগে নেকি? সমাজ-সভ্যতাৰ পৰিৱৰ্তনৰ লগে লগে আমি কেতবোৰ গোড়া নীতি-নিয়ম পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয়৷ ধৰ্মতকৈ মানৱতাবাদক অগ্ৰাধিকাৰ দিয়া মানুহহে লাগে আমাক৷’ লগে লগে দলেৰ কমেণ্টত পাঁচটা লাইক৷

কথাবোৰ ভাবি আচৰিত হওঁ৷ ৰমেনৰ দেউতাকে চুৰীয়া পিন্ধে৷ সেয়েহে বহুতৰ মতে তেওঁ আওপুৰণি৷ ৰমেন কিন্তু আধুনিক, কাৰণ সি চুৰীয়া এৰি লংপেণ্ট পিন্ধিবলৈ ল’লে৷ অন্যহাতে ৰমেনৰ দেউতাকে ডাইনী বিশ্বাস নকৰে৷ ৰমেনে কিন্তু কৰে৷ বিশ্বকৰ্মা পূজাও পাতে৷ ইফালে সি বিজ্ঞানৰ ছাত্ৰ৷ হাতত তাৰ দুটাকৈ গ্ৰহৰত্নৰ আঙুঠি৷– তেন্তে ৰমেন আৰু দেউতাকৰ মাজৰ আচল পাৰ্থক্যটো ক’ত, আমি বুজিলোঁনে? মানুহ মগজুৰে আধুনিক হ’বলৈ বৰ কঠিন৷ বহুতেটো নিজৰ মূঢ়তাৰ বাবেই সাজপোচাকতে আধুনিকতাৰ সংজ্ঞাটো সামৰি থৈ দিছে৷

কথাবোৰ বাৰু মানুহে বুজেনে?
বুজিলে নিজাকৈ কিবা এটা কৰাৰ কথা ভাবেনে?
তথ্য-প্ৰযুক্তিৰ লগত সদাব্যস্ত বা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা মানুহখিনিৰ মগজুতে যদি গোড়ামী আৰু ধৰ্মান্ধতাই এনে এটা জটিল ৰূপ লয়হি, তেন্তে অতি গ্ৰাম্য পৰ্যায়ত থকা নিৰক্ষৰ মানুহখিনিৰ অৱস্থা কিমান যে ভয়াবহ হ’ব! মানুহক মানুহ বুলি ভবাতকৈ ‘উপাধি’ৰ পাছে পাছে লাগি থকা মানুহৰ সংখ্যা কমক চাৰি বাঢ়ি আহিছে৷ অভিভাৱকে য’ত বাৰ্থ চাৰ্টিফিকেটতকৈ কাষ্ট চাৰ্টিফিকেটৰ বাবেহে আগতীয়াকৈ মূৰ মাৰে । এয়া স্মাটচিটিৰ স্মাৰ্টনাগৰিকৰ বাবে সুভলক্ষণ নহয়! 

মই সমুজ্বল শইকীয়াৰ পোষ্টত চমুকৈ লিখিলো – ‘অহিংসা আৰু উদাৰতাৰ শিক্ষা দিব নোৱাৰা ধৰ্মৰ কোনো অৰ্থ নাই৷ যদি জীৱ-জন্তুৰ মাংসই খাব নালাগে, তেন্তে সেই বুলিয়েই মানুহক শিকোৱা হওঁক৷ ধৰ্মৰ গইনা লৈ অমুকটো খাবি, তমুকটো নাখাবি বোলা বাণীবোৰ পৰিহাৰ কৰক৷’
সত্যেন্দ্ৰ ব্ৰহ্ম– ‘ধৰ্মক অৰ্থহীন কৰিবলৈ আপুনি নিজেই কিমান ধাৰ্মিক?’
মই লিখিলোঁ– ‘মই নাস্তিক৷ অৰ্থাৎ নিৰীশ্বৰবাদী৷ ধৰ্মতকৈ মানুহক বেছি ভাল পাঁও৷ ধৰ্ম পালন বাহ্যিকতাৰ বাদে আন একো নহয় বুলিয়ে ভাবো৷ ধৰ্ম বেলেগ হোৱা বাবেই যদি ককায়েকৰ সকামলৈ ভায়েক যাব নোৱাৰে, ধৰ্ম বেলেগ বাবেই যদি মোৰ ঘৰৰ মজিয়াত বহি বন্ধুৱে ভাতমুঠি খাই যাবহি নোৱাৰে৷ তেন্তে তেনে ধৰ্ম মোক নালাগে৷ কাৰোবাক ঘিণ কৰিলে তাৰ চৰিত্ৰ আৰু কাম-কাজক কৰিম৷ ধৰ্মক নহয়৷’
সত্যেন্দ্ৰ বৰ্মণ– ‘তেন্তে আপোনালোকৰ শংকৰদেৱৰ ধৰ্মৰো কোনো অৰ্থ নাই বুলি ক’বনে?’

এইবাৰ আৰু ৰৈ থকাৰ প্ৰশ্নই নাহে৷ মই এজাউৰি দিওঁ বুলিয়েই দিলো– ‘শংকৰদেৱক এতিয়া অসমৰ সত্ৰ আৰু নামঘৰবোৰত দিনে-নিশাই হত্যা কৰি থকা হৈছে৷ যি শংকৰদেৱে কৈ গ’ল– ‘কুকুৰ-শৃগাল গদ্দৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, সেই শংকৰদেৱে সৃষ্টি কৰা সত্ৰই সংহতি বিভাজন কৰি নিজৰ মাজতে বাক-বিতণ্ডাৰ সৃষ্টি কৰি ল’লে, জাতিভেদ প্ৰথাৰ নীতি-নিয়ম সত্ৰতহে এতিয়া এখোপ চ’ৰা হ’লগৈ৷ এতিয়া জাতি- জনগোষ্ঠীৰ লোক এজনে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আন্তৰিকতা অনুভৱ নকৰা পৰিৱেশৰ সৃষ্টি হ’ল৷ জনগোষ্ঠীয মানুহখিনিক অতদিনে কেৱল অৱমাননা কৰি অহা হ’ল৷ ‘এক দেৱ, এক সেৱ এক বিনে নাই কেৱ’ বুলি প্ৰচাৰ কৰা শংকৰদেৱৰ উদাৰ আদৰ্শক ভৰিৰে মোহাৰি আমি একেখন গাঁৱতে দুটা তিনিটাকৈ নামঘৰ সাজিছোঁ, কোন নামঘৰে দিনত চাকি জ্বলাব, কোনে নজ্বলাই, তাৰ বিবাদ নিষ্পত্তি কৰিছোঁ৷ এটা নামঘৰৰ ভিতৰতে দুটা, তিনিটাকৈ খেল পাতিছোঁ, পাৰিলে নামঘৰৰ কাষতে সৰুকৈ শিৱ মন্দিৰ এটাও সাজি লৈছোঁ৷ দুৰ্গা পূজাত গৈ আমিয়েই ৰং-ৰহইচ কৰিছোঁ৷ পঞ্চানন দেৱালয়, কামাখ্যাত গৈ আমিয়েই জীৱ-জন্তু বলি দিছোঁ৷ পদুমণি থানত চাকিগছ নিদিলে আমাৰটো শুভকাম ফেৰা সম্পন্ন নহয়েই! ফেচবুকত আমিয়েই হিন্দু, মুছলিম বুলি, ‘জয় শ্ৰী ৰাম’ বুলি বুকু ফুলাইছোঁ৷ ইয়াৰ পাচতো কোনোবাই ক’বনে শংকৰদেৱৰ ধৰ্ম বুলি কিবা এপদ অসমত বাকী আছেগৈ বুলি!’– পাঁচমিনিটত মোৰ কমেণ্টত বাৰটা লাইক৷ 
সেই কমেণ্টতে ৰতন হাজৰিকাৰ ৰিপ্লাই– ‘আপোনাৰ কথাৰ লগত একমত৷ সত্ৰ আৰু নামঘৰবোৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি ৰখাৰ সলনি বিভাজন কৰাতহে সহায় কৰিছে৷’– মইনো হাজৰিকাক কি ক’ম! লাইক এটা কৰি থৈ দিছোঁ৷ সেইদিনা দেখিছোঁ সত্ৰৰ সত্ৰাধিকাৰেই কিশোৰী এগৰাকীক ধৰ্ষণক কৰি জেললৈ গৈছে৷ ইয়াতকৈ লজ্জাজনক কথা কিবা আছেনে!

ইতিমধ্যেই সমুজ্বল শইকীয়াই মোলৈ মেচেঞ্জাৰত মেচেজ কৰিছে– ‘তোমাৰ কমেণ্টটোৱে বহুতো কথা ভাবিবলৈ বাধ্য কৰিছে৷ একাংশৰ কমেণ্ট আৰু ৰিপ্লাইবোৰে আমাৰ মন মানসিকতা কোনটো স্তৰত আছে, সেয়া উদঙাই দিছে৷ তোমালোকে যিখিনি কথা কৈছা, সেয়া বুজিবলৈ বহুতেই চেষ্টা নকৰে৷ ভাল পাইছোঁ তোমাৰ স্থিতিক লৈ৷’
স্থিতিৰ কথা ক’লেই ভাব হয়, এৰা, স্থিতি এটাৰ বৰ প্ৰয়োজন৷ স্থিতি এটা নহ’লে শিৰ ফুলাই কথা ক’ম কেনেকৈ?
স্থিতি এটা আছে বাবেই ৰাজীৱ মহন্তৰ কথা কোৱাৰ সাহস আছে৷
স্থিতি নথকা মানুহ আৰু বঠাহীন নাৱৰ মাজত পাৰ্থক্যনো ক’ত! কোনে কেতিয়া ক’লৈ লৈ যাব এই নাও, কোনেওটো নাজানে ।
মঙহক মঙহ বুলিবলৈ, ধৰ্মক ধৰ্ম কৰিৰাখিবলৈকেতো স্থিতি এটাৰ প্ৰয়োজন৷ 
সেই স্থিতি আমাৰ নাই বাবেই আমি আজি উটি ভাহি ফুৰিছোঁ৷ 

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াই বহুতো মানুহৰ মুখাৰ আঁৰত থকা মুখাবোৰ খুলি দিছে৷ কোন কিমান প্ৰগতিবাদী, আধুনিক, উদাৰ; তেওঁলোকৰ কথাই-কামে প্ৰকট হৈ পৰিছে৷ আকৌ ভাল লগা কথা এয়ে যে– ফেচবুকত মহাবিতৰ্ক হ’লেও একাংশই কিছু কথা মুকলিকৈ ক’বলৈ সাহস কৰিছে৷ নতুনকৈ ভাবিবলৈ বাধ্য হৈছে৷ অৱশ্যে তাৰ মাজতো  এচামে সুবিধাবাদীৰ মুখা পিন্ধিছে৷ 

ফেচবুক, ৱাটছ্‌এপে জনমত আৰু বিতৰ্কৰ বাবে এখন মজিয়া সকলোকে দিছে৷ ফেচবুকেই এতিয়া বিশ্বৰ ৰাজনীতি, সমাজনীতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ আছে৷ জনমত গঠনৰ বাবে ফেচবুক এতিয়া মহা প্ৰতাপী মাৰণাস্ত্ৰ৷ কিছুমানে মিছাতে ‘ফেচবুকেই প্ৰজন্মটো শেষ কৰিলে’ বুলি ক’লে নহ’বতো৷ মদ বেয়া বুলি গম পোৱাৰ পাছতো বিচাৰি বিচাৰি কিনি অনা হয়৷ আকৌ গাখীৰ পুষ্টিকৰ খাদ্য স্বত্বেও ঘৰে ঘৰে বিক্ৰী কৰিবলগীয়াই হৈ আছে৷ এয়াই সমাজৰো প্ৰকৃত বাস্তৱতা! নুবুজিলে বুজাম কাক !

মই শইকীয়াৰ মেচেজৰ ৰিপ্লাই নকৰিলো৷ কিছুমান মেচেজৰ ৰিপ্লাই নিদিয়াই ভাল বুলি অনুভৱ কৰিলোঁ । কাৰণ কিছুমান প্ৰশ্ন উত্তৰ নথকাৰ দৰে কিছুমান চিন্তাৰো কোনো আৰম্ভ আৰু শেষ নাথাকে।
 ইতিমধ্যে মোৰ মোবাইলৰ বেটেৰীয়েও কোলোক-কালাক কৰিলে৷ সকলোবোৰ বিতৰ্কক একাষৰীয়া কৰি এইবাৰ বিছনাৰ পৰা উঠি আহিলোঁ৷ কিছু সময়ৰ বাবে ফেচবুকৰ জগতৰ পৰা আঁতৰি আহিব লাগে৷ অৱশ্যে মই জানো, খুব বেছি বিশ বা ত্ৰিশ মিনিটহে এই ভাৰ্চুৱেল পৃথিৱীৰ পৰা আঁতৰি থাকিব পাৰিম৷ চুম্বক আৰু লোহাৰৰ আকৰ্ষণতকৈ কোনোগুণে কম নহয় ফেচবুক আৰু আমাৰ মন-মননৰ আকষৰ্ণ৷
তাৰ পিছত কি হ’ব?
তাৰ পাছত পুনৰ সেই একেই নিউজ ফিডত ব্যস্ত হৈ থাকিব আমাৰ সময়, একেই নতুন এটি বিতৰ্কত সোমাই পৰিম মই বা আপুনি৷ বিতৰ্ক হৈ থাকিব, আমি যুক্তি দি থাকিম৷ সময় এনেকৈয়ে গৈ থাকিব৷ পৰিণতি যিয়েই নহওঁক কিয়, গৈ থাকিবলৈকেটো আমাৰ এই জীৱনজোৰা আয়োজন৷

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments