গল্প ::: ৰিতুৰ সমস্যাটো




* ‘কৈ যা এতিয়া৷ তোৰ ইমান কি কথা ক’বলৈ আছে মোক৷’ 
‘ক’ম৷ ক’ম বুলিয়েইটো তোক ইয়ালৈ লৈ আহিছোঁ৷ আগতে গৈ লওঁ ব’লচোন৷’
‘তই আজি কি এনে কথাটো কবি যে টানি-আঁজুৰি ইয়ালৈ লৈ আনিছ? আৰু কালি তই অহাৰেপৰা যে কিবা এটা সুধি আছোঁ, সেইটো প্ৰশ্নৰ উত্তৰ দিলিনে?’
‘দিম আজি৷ এতিয়া মাত্ৰ আহি থাক মোৰ লগত৷ মই বৰ ডাঙৰ বিপদত পৰিছোঁ৷ সেয়েহে ঘৰৰ পৰা গুছি আহিলোঁ৷ – শেষৰফালে তাইৰ মাতত কান্দোনৰ ভাৱ এটা ফুতি উঠিল ৷ কি হৈছে বাৰু এইৰ !
‘কিনো ইমান ডাঙৰ বিপদ! তেন্তে হোষ্টেলতে নকলি কিয়?’ সুধিলোঁ ।
‘সকলো কথা হোষ্টেলৰ সেইমখাৰ আগত ক’ব নোৱাৰি, বুজচোন৷’
‘ইচ্‌ ৰাম, তই আজিকালি কথা ক’বলৈয়ো স্থান-কাল-পাত্ৰ চাইহে লৱ নেকি? ভূতৰ মুখত ৰামনাম৷’– মই হাঁহিলো৷ পিছে ৰিতুৰ মুখত এবাৰলৈয়ো হাঁহি নাই৷ তাইৰ সঁচাকৈয়ে কিবা বিপদ হৈছে নিশ্চয়! অৱস্থাটো দেখিলেই বুজিব পাৰি৷ 
কালি অহাৰেপৰাই লক্ষ্য কৰিছোঁ; তাইৰ ৰঙীয়াল মুখখন যেন এইবাৰ ঘৰৰপৰা আহোতে শুকান টেমিটো যেন হৈ আহিছে৷ থেতেলা খোৱা পকা ৰহদৈৰ শিৰা কেইদালৰ দৰে ওঁঠখনো বৰণহীন৷ কালি হোষ্টেলতো ৰাতি তাই ভাত খোৱা নাই৷ ইমানকৈ সুধিছোঁ, অন্তত এবাৰো ন’কলে কি হৈছে৷ আজি ৰাতিপুৱাই তাই মোৰ ৰূমলৈ আহিছিল৷ ক’লে, তাইৰ লগত আবেলি ‘ৰবিন্দ্ৰ সদন’লৈ যাব লাগে৷ মই বোলো টিউচন আছে, বেলেগ এদিন যাম৷ তাই বৰ আকুলতাৰে ক’লে– তোক কথাকেইটামান ক’বলৈকে মই ইমান সোনকালে ঘৰৰ পৰা গুছি আহিছোঁ৷ তই আজি টিউচনটোও ক্ষতি কৰিব নোৱাৰিবিনে!, মই আৰু না কৰিব নোৱাৰিলো৷ ৰিতুৰ লগত সেয়েহে এতিয়া উলাই আহিছোঁ ৰবিন্দ্ৰ সদনলৈ৷ 

কলিকতা চহৰ । কলিকতাৰ ৰাজপথত এতিয়া নতুন সজল পৰিৱেশ । বাহিৰত ঠাণ্ডা পৰিছে৷ এই চহৰৰ শীত মানেই এটি মিঠা অনুভৱ৷ দেশী-বিদেশী পৰ্যটকে এই সময়ছোৱা কলিকতাত আহি ভীৰ কৰেহি৷ ৰবিন্দ্ৰ সদনৰ ঠাইচোৱা প্ৰতিটো সময়তে জনসমাগমত বুৰ গৈ থাকে৷ আবেলিৰে পৰা মাজ ৰাতিলৈকে গাড়ী-মটৰৰ মানুহৰ অবাধ আহ-যাহ৷ প্ৰাণোচ্ছল পৰিৱেশ।
ৰিতুৱে ক্ৰীমৰঙী চুৱেটাৰ এটা পিন্ধিছে৷ এই চুৱেটাৰটো পিন্ধিলে তাইক যে ইমান মৰম লাগে৷ এইটো তাইক ৰাজে যোৱাবছৰ বাৰ্থডেত গিফ্‌ট দিছিল৷ মই অৱশ্যে ছ্‌ল এখনহে গাত লৈ আহিছোঁ৷ 
ৰবিন্দ্ৰ সদন কলিকতাৰ মনোমোহা ঠাইবোৰৰ ভিতৰত অন্যতম৷ আমাৰ হোষ্টেলৰপৰা ইয়ালৈ মাত্ৰ পোন্ধৰ-বিশ মিনিটৰ বাট৷ কলিকতালৈ আহি প্ৰথম কেইদিনমান ‘অসম ভৱন’ত থাকিবলগীয়া হোৱাত পিছদিনাই আহি দাদাৰ সৈতে ৰবিন্দ্ৰ সদন পাইছিলোঁহি৷ সেইদিনাই সন্ধিয়ালৈ বাংলা নাটক চাইছিলোঁ৷ তেতিয়াৰে পৰাই ৰবিন্দ্ৰ সদন মোৰ বাবে প্ৰিয় ঠাই৷ ইয়াৰ বাংলা নাটক অসমতকৈ বহু উন্নত। লাহে লাহে এইটুকুৰা ঠাই ৰিতুৰো আপোন হ’লহি৷ সুখ বুটলিবলৈয়ো ইয়ালৈকে আহো৷ দুখ পাতলাবলৈকো ইয়ালৈকে আহো৷

ৰিতুৱে পুনৰ মুখ মেলিলে– ‘আজি তোক যিটো কথা ক’বলৈ ইয়ালৈ লৈ আহিছোঁ৷ সঁচাকৈয়ে স্থান-কাল-পাত্ৰৰ প্ৰয়োজন হৈছে৷’– কথাষাৰ কওঁতে ৰিতুৰ মুখমণ্ডলত হতাশাৰ চাপ স্পষ্ট হৈ পৰিছে৷ শুকান হাঁহি এটা আহো আহো বুলিও ৰৈ গৈছে মুখগহ্বৰৰ ভিতৰতে৷
‘তোৰ যদি ইমান ডাঙৰ বিপদ হৈছে৷ তইতো ফোন কৰি এবাৰ হ’লেও ক’ব পাৰিলিহেঁতেন৷ তেতিয়া ইমান সোনকালে ইয়ালৈ গুছি নহা হ’লেও হ’লহেঁতেন৷ তাতে ক্লাছ খুলিবলৈচোন পোন্ধৰদিনমান আছেই৷ ৰাজে মাতিছে ন’, বন্ধৰ দিনত কলিকতাত প্ৰেম কৰাৰ মন?’– মই ৰসিকতা কৰাৰ দৰে কৰিলোঁ৷
‘এতিয়া আৰু প্ৰেম কৰাতো দূৰৰে কথা; মই জীয়াই থাকিব পাৰিমনে নাই; তাৰো সন্দেহ আছে৷’– হুমুনিয়াহ এটা এৰি ৰিতুৱে যেনেদৰেহে ক’লে, মোৰ মেলা মুখ মেলাতে থাকিল৷
‘কি যে কৱ নহয়!’ ইমান কিটো হ’লহে তোৰ! ঘৰলৈ গৈ জীৱনটো ‘অথিৰ ধন জন’ কৰি থৈ আহিছ নেকি!’– মই তাইক হহুৱাবলৈ চেষ্টা কৰিলোঁ৷ তাই কিন্তু একো নামাতিলে৷ ৰিতু সঁচাকৈয়ে বৰ জেদী ছোৱালী৷ নিজৰ মতেহে হ’ব মানে সকলো৷ নকওঁ বা নকৰো বুলিলে যেনিবা কিবা এটা কাম কোনেও কৰাব নোৱাৰে৷ অৱশ্যে তাইৰ অন্তৰখন বৰ কোমল৷ ঘৰৰ একমাত্ৰ ছোৱালীবোৰৰ এইটোৱেই সমস্যা৷ 

আমাৰ খোজৰ গতি পূৰ্বতকৈ কিছু বাঢ়ি আহিল৷ আজি ৰাস্তাত গাড়ী-মটৰ আজি কিছু সেৰেঙা৷ নহ’লে কলিকতাৰ ৰাস্তাত সৰু-বৰ গাড়ীবোৰো মেট্ৰ’ ট্ৰেইন চলাদিয়েই স্পিডত চলে৷ আমি দুয়োজনী ভিক্তোৰীয়া মেমৰিয়েলৰ কাষৰ গলিটোৱেদি খোজ দিছো ৰবিন্দ্ৰ সদনলৈ৷ ১৯০৬ চনতে নিৰ্মাণ আৰম্ভ কৰা স্থাপত্যশিল্পী উইলিয়াম ইমাৰচনৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মহাৰাণী ভিক্তোৰীয়াৰ বগা মাৰ্বল পাথৰৰ মূৰ্তিটো আজি পৰ্যন্ত এই ঠাইত গৰ্বেৰে জিলিকি আছে৷ মই ভিক্তোৰীয়াৰ মূৰ্তিটো দেখিলেই নিজকে সেই মূৰ্তিটোৰ ঠাইত কল্পনা কৰি চাওঁ৷ আমিও যদি ইমান সৌভাগ্যৱতী হ’লোহেঁতেন! কাৰোবাক শাসন নকৰিলেও ইমান অপৰিসীম স্বাধীনতা আৰু স্বাচ্ছন্দ্যৰ জীৱন এটাৰ গৰাকী হ’বলৈ কাৰ মন নাযাবনো! আমাৰ ৰিতুৰো হেনো মূৰ্তিটোৰ দৰে অমৰ হৈ ক’ৰবাত থিয় দি থাকিবলৈ বৰ মন! 
‘ৰিতু চা, আমি অসমৰ পৰা উভতি আহিলোগৈ, আমাৰ ভিক্তোৰীয়া ৰাণীয়ে তোক-মোক দেখিও স্বাগতম জনোৱা নাই!’– মই বাৰে বাৰে ৰিতুৰ মনটো ভাল লগাবলৈ ফুচুঙালি কথা ক’লো৷ কিন্তু ৰিতুৰ মুখত হাঁহি নাই, তাই মাত্ৰ সলাগিলে৷ কি হৈছে বাৰু এইৰ৷ ইমান অস্বাভাৱিক পৰিৱৰ্তন যে! আহি আহি দুয়োজনী ৰবিন্দ্ৰ সদনৰ দ্বিতীয়খন গেট পালোহি৷ এইখন গেটৰ চাৰিওকাষে বজাৰৰ ভিৰ ।
আবেলিৰ সময়৷ এই সময়ত গোটেই কলিকতা চহৰখনেই গাভৰু হৈ পৰে৷ ৰবিন্দ্ৰ সদনেও যেন আবেলি হ’লেই নিদ্ৰাৰ পৰা সাৰ পাই৷ ভৰ যৌৱনা ৰাংঢালী ছোৱালীৰ দৰে ৰঙত বাউলী হৈ পৰে৷ আমাৰ অসমৰ দীঘলী পুখুৰীৰ পাৰতকৈ ৰবিন্দ্ৰ সদন সতগুণে ভাল৷ দীঘলী পুখুৰীৰ পাৰে পাৰে বেছিভাগ সময়তে কেৱল চেঙেলীয়া প্ৰেমিক-প্ৰেমিকাৰ সস্তীয়া প্ৰেমহে দেখা যায়৷ কিন্তু ইয়াত প্ৰেমিক-প্ৰেমিকাৰপৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংগীত চৰ্চা কৰালৈকে সকলোবোৰ মানুহৰে বিৰাট সমাগম৷ নাটক, সংগীত, সাহিত্য আদি কি কি যে হৈ নাথাকে ইয়াত! কলিকতা চহৰখনক এনেই অসমৰ পৰা ঈৰ্ষা কৰি থাকিলে নহ’বতো৷ বাঙালী বুলিলেই আমাৰ মনত সন্দেহৰ ভাব এটা আছে বাবেই আমি প্ৰজন্মৰ পাছত প্ৰজন্মই কলিকতাক হিংসাৰ চকুৰে চাই আহিছোঁ৷ সঁচাকৈয়ে এই চহৰ ঈৰ্ষা কৰিবলগীয়াকৈয়ে সমৃদ্ধ৷ ইয়াৰ মানুহে ৰবিন্দ্ৰনাথক যি উচ্চ স্থানত ৰাখিছে; আমাৰ অসমত পাৰিবনে শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি-বিষ্ণু-ৰাভা বা ভূপেন হাজৰিকাক সেইদৰে ৰাখিব! ৰবিন্দ্ৰনাথ কলিকতাৰ প্ৰায়ভাগ মানুহৰ বাবে ঈশ্বৰৰ দৰেই৷ অৱশ্যে এই ঈশ্বৰ জীৱন্ত ঈশ্বৰ৷ মানুহৰ কাষত থাকি মানুহৰ বাবে কাম কৰা মানৱ ঈশ্বৰ৷ আমাৰ শঙ্কৰদেৱকতো কেৱল নামঘৰ, সত্ৰ আৰু সংঘৰ মাজতে আমি কয়দী কৰি ৰাখিলোঁ৷ 

পৰ্যটনৰ ক্ষেত্ৰখনতো কলিকতা যে কিমান আগবাঢ়ি গ’ল৷ ১৮০১ চনতে বিট্ৰিছে প্ৰতিষ্ঠা কৰা ‘ভাৰতীয় সংগ্ৰহালয়’ আজিৰ তাৰিখতো ইয়াত সগৌৰৱে থিয় হৈ আছে৷ আমি আমাৰ অসমত ‘বিন্দাৱনী বস্ত্ৰ’খনকে সাঁচি ৰাখিব নোৱাৰিলো৷ এতিয়া সেই বস্ত্ৰই বিট্ৰিছৰ মিউজিয়াম শুৱনি কৰি আছেগৈ৷ ‘হাওৰা ব্ৰিজ’, ‘চাইন্স চিটি’, এছিয়াৰ আটাইতকৈ ডাঙৰ প্লেনটেৰিয়াম– ‘বিৰ্‌লা’,  ১৭৮৬‘ চন মানৰ পৰাই বৰ্তমান সময়লৈকে সগৌৰৱে নিজৰ অস্তিত্ব বৰ্তাই ৰখা এজোপা বৃক্ষৰ পৰাই সৃষ্টি হোৱা বিঘা-বিঘা বটানিকেল গাৰ্ডেন’, ‘বেল’ৰ মঠ’ আদি সম্পদবোৰ কলিকতাতে জাকত-জিলিকি আছে৷ বিখ্যাত ‘প্ৰেসিডেন্সী কলেজ’, য’ত নেকি অসমৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে বৰেণ্য ব্যক্তিসকল আহি পঢ়িছিলহি৷ কেৱল সেয়াইনে! কেৱল কিতাপ আৰু কিতাপেৰে ভৰি থকা বিশাল ‘কলেজ ষ্ট্ৰীট’ দেখিলে আমাৰ অসমৰ গ্ৰন্থমেলাবোৰলৈ বৰকৈ মনত পৰে৷ বেচেৰাকেইটাই গ্ৰন্থমেলাত চাগৈ নিজৰ লাভ হওঁক চাৰি লোকচান ভৰিবলৈহে আহে! আকৌ ‘কলিকতাৰ নেশ্বন্যেল লাইব্ৰেৰী’ৰ দৰে বৃহৎ অনুষ্ঠান, ‘ ৰবিন্দ্ৰনাথে প্ৰতিষ্ঠা কৰি যোৱা ‘শান্তি নিকেতন’, যাতায়াতৰ বাবে উন্নত ‘মেট্ৰ’ট্ৰেইন’ৰ সুবিধা– কি যে নাই ইয়াত! ইয়াৰ চৰকাৰখনেও কলিকতা চহৰখনক নিৰ্ভেজালভাৱেই ভাল পায়৷ আচলতে মমতা দিদি সেইবাবেই কলিকতাত ইমানদিনে বৰ্তি থাকিব পাৰিছে৷ অসমৰদৰে ইয়াত আন্দোলন আৰু বন্ধৰ ওপৰত ৰাজ্যৰ উন্নতি নিৰ্ভৰ নকৰে৷–সেইদিনা চঞ্জয় চক্ৰৱৰ্তী চাৰেও এই কথাবোৰেই ক্লাছত কৈছিল৷ কলিকতাৰ বৌদ্ধিক সমাজে ইয়াৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব পাৰে, সেয়েহে ৰাজনৈতিকভাৱেও কলিকতাত সাহিত্য-সংস্কৃতি-সুকুমাৰ কলাৰ কদৰটো অলপ বেছি৷ অনুৰাধা শৰ্মা পূজাৰীৰ ‘কলিকতাৰ চিঠি’ পঢ়ি এসময়ত মই যিখন কলিকতাৰ কল্পনা কৰিছিলোঁ, তাতোতকৈ এতিয়াৰ কলিকতা বহুদূৰ আগবাঢ়ি গৈছে৷

ৰিতুৰ নিৰৱতাই মোৰ মনোজগতত কলিকতা চহৰৰ শৌৰ্য-বীৰ্যৰ কাহিনীবোৰ আহি ভুমুকি মৰাত অনুঘটক হিচাপে কাম কৰিছেহি৷ খোজ কাঢ়ি আহি আছোঁ । তাইলৈ কেৰাহীকৈ চালো, তাইৰ মনটোৰ অস্থিৰতা চকুৰ দৃষ্টিত স্পষ্টকৈ ধৰা পৰিছে! কিবা এটাটো নিশ্চয় হৈছে! কি বা ডাঙৰ কথা ক’বলৈ এনেকৈ মাতি আনিছে, তাইহে জানে! আগতেতো তাই নক’বলগীয়া কথাও হোষ্টেলত চিঞৰি-চিঞৰি সকলোৱে শুনাকৈয়ে বখানি যায়৷ আজি সেইজনী ছোৱালী ইমান চিৰিয়াছ হৈ দেখুৱাইছে! তাই সঁচাকৈয়ে অসমৰ পৰা মোক কিবা ক’বলৈকে আহিছেনে! ‘ৰিতু, তই কৈ যাচোন প্লিজ, ইয়াততো তোৰ-মোৰ কথা শুনিবলৈ কোনো ৰৈ থকা নাই! ইমান চাচ্‌পেন্স দিছ কিয়৷’–মই আকৌ কৈ চালো তাইক৷ 
‘আৰু অলপ আঁতৰলৈ গৈ বহি লওঁগৈ ব’ল৷’– তাইৰ নিৰস উত্তৰ৷ আমি আহি আহি ৰবিন্দ্ৰ সদনৰ মাজ অংশ পালোহি৷

মই সহি গৈছোঁ৷ তাইৰ মতেই হওঁক আৰু ৷ দুয়োজনী সন্মুখৰ দীঘল পুখুৰীটোৰ সিপাৰে একেবাৰে নিৰৱ হৈ থকা চুক এটালৈ ঢাপলি মেলিলো৷ কাষতে পাইন গছৰ শাৰীবোৰ । ইমান মনোমোহা। এই সময়ছোৱাত ইয়াত মানুহৰ ভিৰ হয়েই৷ কাষৰ ফিল্ডখনতো অসংখ্য মানুহ৷ কোনোবাই যদি বনৰ ওপৰতে বহি চিগাৰেট জ্বলাই আড্ডা দিছে৷ কোনোবাই গীতাৰ এখনকে সাৰোগত কৰি বাংলা গীত গাইছে৷ ছবি অকাঁই ছবি আকিছে৷ কাষতে আলোকচিত্ৰৰ প্ৰদৰ্শনীও হৈছে৷ মুঠতে হৰেক ৰকমৰ কাৰবাৰ৷ অসমত এই পৰিৱেশ আমি কেতিয়াও পোৱা নাছিলো৷ কিন্তু ইয়াত পঢ়িবলৈ অহাৰ পিছৰেপৰা কলিকতাৰ সংস্কৃতিৰ সৈতে আমিয়ো চামিল হৈ গৈছোঁ৷ মাজে-সময়ে ৰবিন্দ্ৰ সদনলৈ ওলাই অহা, কেতিয়াবা কাষতে থকা জ্ঞান-মঞ্চ এক্যাডেমিত নাটক চোৱা, কলেজ ষ্ট্ৰীটলৈ উলাই গৈ কিতাপৰ পোকৰদৰে ইখনৰ-পাছত সিখনকৈ কিতাপ লিৰিকি-বিদাৰি চোৱা, বন্ধৰ সুবিধা লৈ হেড্‌ফোনত নচিকেতাৰ বিদ্ৰোহী গান শুনি শুনি মেট্ৰ’ ট্ৰেইনেৰে কলিকতাৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰাটো এতিয়া আমাৰ নিচাৰদৰে হৈ পৰিছে৷ চিন্তা, হতাশা আৰু অভাৱ-অভিযোগেৰে আক্ৰান্ত এই জীৱনটোত আনন্দ কৰিবলৈ সময়েই বা পোৱা যায় কিমানদিন৷ তাতে ছোৱালী হ’লেতো কথাই নাই; ঘৰৰ হাক-বচন, ইটো নকৰিবি, সিটো নকৰিবিৰ এট’ম বোমা পৰিব বুলি প্ৰতিটো সময়তেই কম্পমান হৈ থাকিব লাগে৷ তাৰ পাছত এঘৰলৈ যোৱা মানেই জীৱনটো যেনিবা বিনা যুদ্ধেই প্ৰতিপক্ষৰ আগত সমৰ্পণ কৰি দিয়াৰদৰে৷ গতিকে এইকেইদিনতে আনন্দবোৰ বুটলি লোৱাত আমি কেতিয়াও কৃপণালি কৰা নাই৷ 

ৰিতুৱে বাৰু এতিয়া মোক কি ডাঙৰ কথা ক’ব! ইমান কি কথাটো হ’ল যে তাই ঘৰৰপৰা গুছি আহিবলগীয়া হ’ল! যোৱাটো চেমিষ্টাৰৰ পৰীক্ষা দি আমি ঘৰলৈ যাওঁতে ৰিতুক যিটো ৰূপত দেখিছিলোঁ৷ এইবাৰ কিন্তু তাই সম্পূৰ্ণ বিপৰীত৷ হৃদয়ৰ মিল হ’লে মানুহক বুজিবলৈনো কিমানপৰ লাগে৷ ৰিতুক কালি দেখিয়েই বুজিছোঁ৷ কিবা এটাতো নিশ্চয় হৈছেই তাইৰ৷ নহ’লে ক্লাছ আৰম্ভ হোৱাৰ আগতেই তাই এনেই ঘৰ এৰি ইয়ালৈ গুছি নাহে৷ কলিকতা যিমানেই ভাল চহৰ  নহওঁক; আমি কিন্তু আমাৰ গাঁওবোৰেই বেছি ভাল পাওঁ৷ চহৰত থাকিলে আমাৰদৰে গঞাবোৰে বৰণহীন জীৱন এটা মুখা পিন্ধি পাৰ কৰিব লাগে৷ কিন্তু গাঁৱত জীৱনক মহা আনন্দৰে উদ্‌যাপন কৰিব পাৰি৷ হোষ্টেলত থাকো যদিও কলিকতাৰ যান্ত্ৰিক জীৱনশৈলীৰ পৰা ৰূপহী অসমৰ ৰঙিলী-পমিলী হ’বলৈ আমাৰ যে কিমান হেঁপাহ! প্ৰত্যেকটো চেমিষ্টাৰতেই কেৱল পৰীক্ষাটো শেষ হোৱালৈ ৰৈ থকাৰ দৰে হয়৷ শেষৰটো পৰীক্ষালৈ দুদিন থাকোতেই কাপোৰ-কানি জাপি-মেলি আমি প্ৰায় আজৰি হৈ থাকোঁ৷ ঘৰলৈ যাবলৈ তৎ নোহোৱা হয়৷ এইবাৰো সেই একেই উৎসাহেৰে আমি ঘৰলৈ গৈছোঁ৷ মোৰ বায়’লজিৰ টিউচন আৰম্ভ হ’ব বাবে মই যেনিবা আগতীয়াকৈ গুছি আহিলোঁ৷ কিন্তু দুমাহ থাকিম বুলি ঘৰলৈ যোৱা ৰিতু হঠাৎ কালি আহি হোষ্টেল পালেহি৷ তাই কিয় সোনকালে আহিল, লগৰ কাকো এতিয়ালৈকে কোৱা নাই৷ আহিম বুলি আমালৈ ফোন এটাও কৰা নাই৷ আজি ৰাতিপুৱাই তাই মোক ইয়ালৈ লগ ধৰি কৈছে– ডাঙৰ বিপদত পৰা বুলি৷ এতিয়া আহি ৰবিন্দ্ৰ সদন পালোহি; অথচ তাই ক’ম বোলা কথাটোৰ টু এটাও উচ্চাৰণ কৰা নাই৷ মই তাইক লক্ষ্য কৰিছোঁ– তাইৰ চকুহাল সেমেকা৷ আগতে হোৱা হ’লে তাই চিতপখিলীজনী যেন হৈ ৰবিন্দ্ৰ সদনৰ চৌহদত ইফালৰ পৰা সিফাললৈ মুক্তমনে ঘুৰি ফুৰিলেহেঁতেন, ফুচ্‌কা খালেহেঁতেন, পেইনটিং কৰা শিশুকেইটাৰ মাজত বহি বহি আপোনভোলা হৈ ছবি ছালেহেঁতেন, চিগাৰেট এটা খাঁও বুলি মোক আবদাৰ কৰিলেহেঁতেন, নহ’লে ক’ৰবাৰ চুকত বহি হেড্‌ফোনত ৰবিন্দ্ৰ সংগীত শুনিলেহেঁতেন৷ আজি তাই সেইবোৰ একো কৰা নাই৷ ইফালে ঘৰলৈ গৈ শকত হৈ অহাতো দূৰৰে কথা; আজি এমাহ ঘৰত থাকিও শুকাই-খিনাই দুষ্পাপ্ৰ্য হাড়গিলাটোৰ দৰে শুকান হৈ আহিছে৷ কিন্তু হৈছে কি এইৰ! ঘৰত কেনেবাকৈ ৰাজক ভালপোৱাৰ কথাটো গম পোৱা নাইতো! বেংগলী ল’ৰা হোৱা বাবে ঘৰৰ পৰা! নহ’লে ঘৰৰ মানুহে তাইৰ অমতত কাৰোবাৰ সৈতে বিয়া ঠিক কৰি দিয়া নাইতো!

‘ব’ল আমি আৰু অলপ আগলৈ যাওঁ৷ লন্‌খনৰ সিটোমূৰে বহোগৈ৷ এইফালে ধেই মানুহ৷’– ৰিতুৱে ক’লে৷
এইবাৰ মোৰ খঙটো উঠিয়েই আহিল ৷ তথাপিওঁ সহ্য কৰি তাইৰ কথামতেই পুনৰ মঞ্চটো পাৰ হৈ ইটোমূৰ পালোহি৷ বননিৰ ওপৰতেই দুয়োজনী বহিলোঁ৷ অৱশেষত যেনিবা উৎসুকতাৰ অৱসান পেলাই তাই পাতনি মেলিলে– 
‘মই এইবাৰ এম.চি হোৱা নাই৷ তাৰিখ পাৰ হৈ গ’ল৷’
‘কেতিয়াবা এনেকুৱা হয়েই৷ আগতে তই তোৰ ডাঙৰ বিপদটোৰ কথা ক’ মোক৷’
‘বিপদ এইটোৱেই’– তাই কাষৰ ওখ বিল্ডিংটোৰ ফালে মুখ কৰি অন্যমনস্ক যেন দেখুৱাই ক’লে৷
‘তেন্তে তই এইটো কথা ক’বলৈকে মোক মাতি আনিছিলি?’– মোৰ এইবাৰ খং উঠি আহিল৷
‘কথা আৰু আছে৷ ক’ম বুলিয়েই তোক মাতি আনিছোঁ৷’– তাই লাহেকৈ ক’লে৷
  ‘তেন্তে কৈ যা৷’
‘ঘৰলৈ গৈ নকৰিবলগীয়া কাম এটা কৰি আহিছোঁ৷’
‘চা ৰিতু, কিয় বাৰে প্ৰতি চাচপেন্স দি আছ! ক’বিনে আচলতে তোৰ সমস্যাটো কি?’
‘কথা সেইটোৱেই, মই এম.চি হোৱা নাই৷’– এইবাৰ ৰিতুৰ চকুত চকুপানী৷
‘আৰে কান্দিছ কিয়? এম.চি হোৱা নাই৷ হবিতো৷ কেতিয়াবা এনেকুৱা হয়েইচোন৷ নে তোৰ আন কিবাহে? প্ৰেগনেণ্ট নহয়টো!’ – এইবাৰ মই মিস্ৰিত হাঁহিৰে কথাটো পাতল কৰিবলৈকে ক’লো৷ কাষেৰে পাৰ হৈ যোৱা চাহ বেপাৰীজনক মাতি দুকাপ চাহ আৰু গৰম গৰম আলু চ’প ল’লো৷
‘একাপ ল’৷ ক’ এতিয়া, কিয় এম.চি. হোৱা নাই?’
–––––––
‘কবিনে? মোৰ মানে অশান্তি লাগিছে আজি তোৰ লগত থাকি৷ ভালকৈ নকৱ কিয় তোৰ হৈছে কি!’– মোক উত্তৰ দিয়ক চাৰি তাইৰ চকুত চকুপানী কমক চাৰি বাঢ়িছেহে৷ মোৰ এইবাৰ মনলৈ বেলেগ চিন্তা আহিল৷ এইক আচল বেমাৰে পোৱা নাইতো! ‘ৰাজৰ লগত কিবা ছেক্স-টেক্স কৰিলি নেকি?’– মই চিধা প্ৰশ্ন কৰিলোঁ৷
‘তোক যে কেনেকৈ কওঁ কথাবোৰ৷’– তাই মানুহজনী ভয়ত নে কিয় নাজানো, কঁপিবলৈ ধৰিছে৷
‘আৰু চাচ্‌পেন্স নিদিবি৷ খোলাখুলিকৈ ক’৷ হৈছে কি, নহ’লে মই গুছি যাম ৰূমলৈ?’
‘মই প্ৰেগনেণ্ট হ’লো চাগৈ’ ।
মূৰ বুকুত প্ৰকাণ্ড শিল এটা যেন অকস্মাৎ খহি পৰিছেহি, ৰিতু পাগল হ’ল নেকি! 
‘কি? তই পাগল নেকি? তহঁত দুয়োটাই ইয়াত পঢ়িবলৈ আহিছ নে ছেক্স কৰিবলৈ আহিছ?’– মই এইবাৰ দম দিলোঁ৷
‘ল’ৰাটো ৰাজ নহয়৷’– আকৌ এটা মোক্ষম খুন্দাই এইবাৰ মোৰ বুকুৰ হৃদপিণ্ড পৰ্যন্ত জোকাৰণি তুলিলে৷ যেন এটা বিষধৰ সাপে মোৰ ভৰিত এইমাত্ৰ খুটি দিছেহি৷ গাটো ভৰিৰ পৰা মূৰলৈকে গৰম হ’বলৈ ধৰিছে৷ হে হৰি, এই কি কৈছে এইবোৰ৷ ৰিতুৰ মুখত কি কথা শুনিছোঁ! মোৰ তিলমানো বিশ্বাস হোৱা নাই৷ ইমান শান্ত, ভদ্ৰ যেন ভাবি থকা ছোৱালীজনীয়ে এইবোৰ কি বলকিবলৈ আৰম্ভ কৰিছে! 
মই প্ৰচণ্ড ক্ষোভ আৰু ধম্‌কিৰে সুধিলোঁ–‘কোন তেন্তে? তই সঁচাকৈয়ে কৈছনে? নে বলিয়ালি কৰিছ?’
‘বলিয়ালি কৰিবলৈকে মই ঘৰৰ পৰা তোৰ ওচৰলৈ গুছি অহা নাই৷’
এইবাৰ মই ভয়ত বেছিকৈ কপিবলৈ আৰম্ভ কৰিলোঁ – ‘তেন্তে ল’ৰাটো ক’ৰ?’ 
‘মোৰ পৰিয়ালৰ দাদা এজন৷’– মই বহাৰ পৰা উঠি দিলোঁ৷ উশাহ ঘুৰাব নোৱাৰি চিঞৰি দিলোঁ–‘তই কে..(বেয়া শব্দ) পাগল নেকি? কি আবোল-তাবোল বকিছ? পৰিয়ালৰ দাদাৰ লগত তই! ছিঃ৷’
–––––––––

গোটেই ৰবিন্দ্ৰ সদনখনেই যেন ৰিতুৰ এইষাৰ কথাত কাঁহ পৰি জিন যোৱাৰ দৰে হ’ল ! মোৰ মুঠকে প্ৰচণ্ড খং উঠিছে৷ ৰিতুৰ কথা শুনি গাটো বিছাই ডকাদি ডাকিছে৷ মই প্ৰস্তুত নাছিলোঁ এনেকুৱা এষাৰ কথাৰ সৈতে মুখামুখি হ’বলৈ৷ ৰিতু এনেকুৱা ছোৱালীহে! মই কি উত্তৰ দিওঁ এতিয়া! খং, ক্ষোভ মনতে মাৰ নিয়াই পৰিস্থিতিটো সহজ কৰিবলৈকে তাইক সুধিলোঁ– ‘ঘৰত গম পালে তাৰমানে! সেইবাবে লৰালৰিকৈ গুছি আহিলি?’
‘এইবোৰ কথা ঘৰত জনাৰ আগত মই মৰি থাকিম৷ মা-দেউতাও জীয়াই থাকিব নোৱাৰিব মানুহৰ লেই-লেই, চেই চেইৰ কোবত৷ আমাৰ দাদাই গম পালে তাকো কাটিব, মোকো কাটিব৷’– কলিকতাৰ শিতল বতাহ এছাটি আমাৰ মূৰৰ উপৰেৰে পাৰ হৈ গৈছে৷ মই ঘামিছোঁ৷ কপালেৰে ঘাম বাহিৰ হৈছে৷ ৰিতুৱে কৈ গৈছে তাইৰ কথাবোৰ৷
‘তেন্তে তই এতিয়া কি কৰাৰ কথা ভাবিছ? তইতো এবাৰ ভাবিব লাগিছিল৷ তোৰ ঘিণ নালাগিল এনে কাম কৰিবলৈ! আৰু ইমানেই যদি পাগল হৈছিলি...হেৰি লগাই নকৰিলি কিয়? তোক মই সপোনতো এইটো ৰূপত কল্পনা কৰি ল’ব পৰা নাই৷ মূৰটো গৰম কৰি দিলি মোৰ৷’– যেন দুটামান চৰ্‌ মাৰি পঠিয়াম এইৰ গালত৷
‘মই কিবা পিল এটা খাই দিলো৷ সিয়েই পাছদিনা আনি দিলে৷ সি কোৱামতে প্ৰেগনেণ্ট নহওঁ হেনো৷ কিন্তু যদি হৈ যাঁও! কি হ’ব তেন্তে!’– ৰিতুৱে কান্দি কান্দিয়েই কৈছে৷ মুখখন দুয়োটা হাতেৰে ঢাকি লৈছে৷ 
‘পাগল আছ তই৷ মৰ্‌ এতিয়া৷’
‘মৰি থকাৰ কথাই ভাবিছিলোঁ৷ কিন্তু মৰিলে ঘৰখনৰ কি হ’ব ক’? যদি মৰাৰ পাছতো কিবা-প্ৰকাৰে কথাটো গাঁৱত উলাই যায়! মোৰ মৰি লাভ হ’ব কি! মৰোনো কেনেকৈ; মা-দেউতাই অকল মোৰ মুখলৈ চাই জীয়াই আছে৷ দাদাই মেট্ৰিক পৰীক্ষা দিয়েই পঢ়া সামৰিলে৷ এতিয়া মই যদি এনেকুৱা কৰোঁ!’
‘কি পিল খুৱালে সি? 
‘নাজানো৷ নাম নাই চোৱা মই৷’
‘ধেৎ তেৰি্‌৷ এতিয়া তই প্ৰেগনেণ্ট নহ’বি বুলিনো কি গেৰাণ্টি আছে? তাকো নিজৰ পৰিয়ালৰ দাদাৰ লগত...!’
‘আমাৰ বেছিভাগ সম্পৰ্কই কেৱল দিনৰ পোহৰহে চিনি পায়, ৰাতিৰ আন্ধাৰে সম্পৰ্কতকৈ শৰীৰটোহে বেছিকৈ চিনে৷’- ৰিতুৰ ভাৱলেশহীন উত্তৰ ।
‘নাটকত মাৰিবি তোৰ এইবোৰ ডায়লগ্‌, আৰু তোৰটো ইয়াত এটা বয়ফ্ৰেণ্ড আছে৷ ৰাজ থাকোতে তই আনৰ লগত!’
‘আৰু লাজ নিদিবি প্লিজ...৷ ৰাজক মই বহুত ভাল পাওঁ৷’
‘পাগল আছ তই৷ ৰাজক ভাল পাৱ, কিন্তু ঘৰত গৈ এইবোৰ মুৰ্খামী কৰি আহিছ৷ এতিয়া কি কৰিবি পিছে?’
‘সিদ্ধান্ত এটা নিজে ল’ব পৰা হ’লে তোৰ লগত আলোচনাই নকৰিলোঁহেঁতেন৷’
‘ফাৰ্মাচী এখনলৈ গৈ প্ৰেগা নিউজ এটা কিনি চেক্‌ কৰি নাচালি কিয়! প্ৰেগনেণ্ট হৈছে নে নাই৷’
‘মই সেইবোৰ একো চেক্‌-টেক্‌ কৰা নাই৷ নাজানো কেনেকৈ কি কৰে৷’
‘তোক আচলতে কিহে পাইছিল? ইমান পঢ়া-শুনা কৰি তই তাকেহে কৰিলি? ৰাজৰ লগত এইবোৰ হোৱা হ’লেও মই তোক বেয়া নাপাওঁ৷ কিন্তু তই! এইবোৰ কথা ভবাটোও পাপ৷ গাঁৱৰ ছোৱালী এজনী হৈ...!’ 

ৰিতুৱে আৰু একো নাই কোৱা৷ কান্দিছে মুখখন ঢাকি! মোৰো মনলৈ আহিছে–সৰু বিয়া নোহোৱাৰে পৰা নিজেও এনেকুৱা কিমান আপোন মানুহৰ পৰা যে অসৎ ইঙ্গিত পাইছোঁ৷ অকণমান ঢিলা যেন দেখিলেই চাগৈ সেইবোৰ মানুহে মোৰ গাৰ ওপৰতো জপিয়াই পৰিলেহেঁতেন৷ অকল মোৰ বা ৰিতুৰে নে চাগৈ! এনে কোনোবা ছোৱালী উলাবনে, যি ৰিতুৱে পৰাজয় হোৱা যুদ্ধখনত নিজেও এবাৰলৈ সেনানী নোহোৱাকৈ আছে! এনে ছোৱালীও নোলাবনে, যি মোৰ দৰেই যুদ্ধ কৰি কৰি এই প্ৰত্যাহ্বানকো বাৰে বাৰে উফৰাই পেলাই সাহসিকতাৰ পৰিচয় নিদিয়াকৈ থকা নাই৷ এইবোৰ কথা আমি না ঘৰত ক’ব পাৰো, না আন কাৰোবাক৷ দুৰ্বল হৈয়ো সাহসী কৰি লৈছোঁ নিজক৷ কিমান নিজেই নিজৰ হৈ একপক্ষীয়ভাৱে যুদ্ধ কৰি গৈছোঁ৷ তেন্তে ৰিতুৱে এই যুদ্ধত পৰাজিত সৈনিক হৈ আত্মসমৰ্পন কৰিলে? ইমান দুৰ্বল নে তাই৷ ময়োতো ছোৱালী, মই কেনেকৈ সাহসেৰে সমস্যাৰ সৈতে মুখামুখি হৈছোঁ৷ কাৱৈ আৰু শিঙি থকা পুখুৰীত আন মাছে নিজেই নিজৰ বাবে নিৰাপত্তা বিচাৰি ল’ব পাৰিব লাগিব৷ নহ’লেতো সিহঁতে বিন্ধিবই৷ 
‘এবাৰ ভাবি নাচালি পাছত কি হ’ব বুলি৷’– তাই কি উত্তৰ দিব জানিয়ো সুধিলোঁ৷
––––––––———
‘মুখেৰে নামাত কিয়?’
‘কি মাতিম!’
‘কিয় কৰিলি এইটো কাম!’
‘কিয় কৰিলোঁ নিজেই নাজানো৷ সেইদিনা কিয় যে এনে হ’ল!’– তাইৰ কান্দোনৰ শব্দ আগতকৈয়ো বাঢ়ি আহিল৷ 
‘সি নিজৰ দাদাটো হৈ! সি পাগল নেকি? নে সি তোক যোৰ-জবৰদস্তি কৰিছিল?’
‘নাইকৰা৷’
‘তেন্তে?’
‘কৈছোঁতো, কেনেকৈ যে কি হৈ গ’ল! আচলতে মোৰো মন গৈছিল৷ তোৰ আগত কি মিছা মাতিম৷’
‘তোৰ ৰাজে এইবোৰ গম পায়নে?’– মোৰ ৰাজলৈহে বেয়া লাগিছে৷ বেচেৰাটো৷ ইমান সহজ-সৰল ল’ৰা সি৷
‘সি এইবোৰ একো নাজানে৷ সিয়ো যে মোক কিমান ভাল পায়৷ গম পালে মৰি থাকিব৷’
‘তেন্তে, তেনেকুৱা এটা ল’ৰাক ফাঁকি দি তই...৷ তোৰ আৰু বেশ্যাৰ মাজত কি পাৰ্থক্য আছে?’–হে হৰি! কি বিপদ আহিল চা৷ অজলা ৰাজৰহে বিপদ হ’বগৈ এইবাৰ৷ এইটো নিজেও মৰিবই, তাকো মাৰিব মানে! কোন প্ৰেমিকে নিজৰ প্ৰেয়সীৰ এই বাস্তৱক মানি ল’ব পাৰে ! – ‘ৰাজক তই ব্ৰেকআপ দিয়া নাইতো?’– মোৰ সন্দেহ হ’ল৷
‘ক’তনো তাক ব্ৰেকআপ দিলোঁ৷ তাক মই বহুত ভাল পাওঁ৷’
‘ভাল পাৱ! মানে প্ৰেম! ভালপোৱা বা প্ৰেম কি ইমান তৰল হৈ পৰিলনে তোৰ বাবে,  বুকুত এজনৰ ভালপোৱা ৰাখি বেলেগৰ লগত দেহৰ তৃপ্তিৰ বাবে তই শুই যাব পাৰিলি৷ এয়াই তোৰ ভালপোৱা! ইমান উত্তৰ আধুনিক হ’লগৈনে তোৰ ভালপোৱা! ককায়েৰকহে পালিগৈ?’
‘সি মোৰ পৰিয়ালৰ দাদা৷ পৰিয়ালৰ দাদাটোক ভাল পাম নেকি?’– তাইৰ উত্তৰ৷ 
‘তাৰ সৈতে ছেক্স কৰোঁতে এইষাৰ কথা মনত নপৰিল তোৰ? এতিয়া মই তোক গালি দিওঁ নে চাপৰ্ট কৰোঁ! ভাল নোপোৱাকৈয়ে এইবোৰ সম্ভৱ হ’ল কেনেকৈ?’ 
‘নাজানো৷ জনাহেঁতেন এইবোৰ হ’বলৈকে নাপালেহেঁতেন৷’– তাই মোলৈ নোচোৱাকৈয়ে উত্তৰ দি গৈছে৷ আচলতে ৰিতুৰ প্ৰতিটো উত্তৰে মোৰ বুকুত এটা এটা প্ৰচণ্ড গোৰ্‌ সোধাইছে৷ এয়াই তেন্তে আমাৰ মানুহৰ আচল বাস্তৱ! নামত প্ৰেমিক-প্ৰেমিকা বুলি ফেচবুক, হোৱাটছ্‌এপৰ ষ্টেটাচ ফালি থকা আমাৰ প্ৰজন্মই তেন্তে প্ৰেমৰ সংজ্ঞা ইয়াকেহে বুজিছে! প্ৰেমাস্পদৰ বাহিৰেও তাৰমানে আনৰ সৈতে দৈহিক কামনা উপভোগ কৰিবলৈ আজিৰ তাৰিখত তিলমানো কুণ্ঠাবোধ নকৰে! দেহৰ প্ৰয়োজনৰ তুলনাত মনৰ বান্ধোন ইমান নগণ্যনে! 

তাইক ক’লো– ‘মানুহে গম পালে তোৰ মুখত থুৱাই দিব৷ এইবোৰ কথা পেপাৰে-পত্ৰইহে কেতিয়াবা পঢ়িবলৈ পাওঁ৷ আমাৰ গাঁওবোৰত এতিয়াও ইমান ব্যভিচাৰ হোৱা নাই বুলি ভাবি আছিলোঁ৷ কিন্তু মোৰ আপোন বান্ধৱীয়েই! শুন– মোৰ পেহা এজনে ওচৰ সম্বন্ধীয় ছোৱালী এজনীক পলুৱাই নিয়া বাবেই গাঁৱৰ ৰাইজে বাৰ বছৰ খেলৰ পৰা বাদ দি থৈছিল৷ পেহাৰ মাকজনী সেই বেজাৰতে মৰি থাকিল৷’
‘প্লিজ, মই নিজেই নিজক ধিক্কাৰ দি দি নিঃশেষ কৰিছোঁ আজি এমাহে৷ আৰু গালি নিদিবি৷’ 
‘তেন্তে এতিয়া মই কি কৰি দিব লাগে তোক; তয়ে কচোন?’
‘একো কৰিব নালাগে৷ পাৰিলে এটা উপায় দে৷ জীৱনত এনে ভুল মই আৰু কেতিয়াও নকৰোঁ৷’
‘বাৰু ক’চোন৷ ৰাজৰ লগত তোৰ সম্পৰ্ক আগৰ দৰেই আছেনে!’– মই অন্তত এইটো কথা জনা জৰুৰী৷
‘মই তাক ইগ্‌ন’ৰ কৰিবলৈ লৈছোঁ৷ সি ফোন কৰি আছে৷ মই ৰিচিভ কৰিবলৈ সাহস গোটাব পৰা নাই৷ ম’বাইলটো অফ কৰি থওঁ৷ কি যে কৰোঁ, একো ধৰিব পৰা নাই৷ সি মোৰ ম’বাইলটো বেয়া বুলিহে জানে৷ তাৰ সৈতে কথা পাতিলেই মই যে ধৰা পৰি যাম৷ মই পাগলৰ দৰে হৈ পৰিছোঁ আজি এমাহে৷ ঘৰত থাকিবলৈ তিলমানো মন নোযোৱা হ’ল৷ কাৰো লগত মাতবোল কৰিবলৈ মন নাযায়৷ ইমানৰ পাছতো সি কুকুৰে আৰু এদিন সুবিধা ল’বলৈ আহিছিল৷ চৰ্‌ এটা দি খেদি পঠিয়ালো৷ মই যেনিবা সৰু আছিলো, সিটো মোতকৈ পাঁচ বছৰমান ডাঙৰ আছিল...!’ – ৰিতুৱে কেৱল কৈ কৈ কান্দিছে৷
‘ঘৰত কি বুলি ফাঁকি দি ইয়ালৈ আহিলি তেন্তে?’– মই মুঠতে ৰিতুক এটাৰ পাচত আন এটা প্ৰশ্ন কৰি গৈছোঁ৷
‘প্ৰজেক্টৰ কাম আৰম্ভ কৰিব লাগে বুলি৷ মই এতিয়া কি কৰোঁ বাৰু, যদি প্ৰেগনেণ্ট নাই হোৱা; তেন্তে মই এতিয়ালৈকে এম.চি হ’ব লাগিছিল৷ পিল খোৱাৰ কি লাভ হ’ল তেন্তে!’
‘এতিয়া ভাবি-চিন্তি মূৰ গৰম কৰিলে কি পাবি? তোৰ মূৰ্খ দাদাই এতিয়া কি কৰিবলৈ কৈছে পিছে? ফচিলে সিয়োটো ফচিব৷ সেই কুকুৰটো আছেনে নাই তাৰ লগত?’
‘তাৰ নামটো যে ভুলতো কাৰো আগত ল’ব নোৱাৰোঁ৷ পৰিয়ালৰ দাদাকৰ লগত এইবোৰ! মা-দেউতা, দাদাই গম পালে জীয়াই নাথাকে! বংশৰ মানুহবোৰে কি কৰিব যে আমাক? আৰু গাঁৱৰ মানুহবোৰে!– ৰিতুৰ অৱস্থা বেয়াৰ পালে গতি কৰিছেগৈ৷ তাই মানুহজনী আঠু দুটাৰ মাজত মূৰটো সোমোৱাই লৈ কান্দিছে এইবাৰ৷ তাই ভয় আৰু গ্লানিত মৃতপ্ৰায় হৈ পৰিছে৷ মানুহে কেনেকৈ এনেকৈ নিজক লুকুৱাই ৰাখে নিজৰ পৰা!
‘ককায়েৰে কিবা কৈছে নে নাই এতিয়া? লগ পোৱা হ’লে তাকো দুটামান চৰ্‌ দিলোঁহেঁতেন৷’
‘সি কি ক’ব, ফোন কৰিলেও আজিকালি ৰিচিভ নকৰে৷ ৰিচিভ কৰিলে কয়– চিন্তা নকৰিবি, পিল খাইছতো, ভাল হ’ব৷ অলপ দিন ধৈৰ্য্য ধৰ্‌৷ তাৰ পাছত মই কান্দিম, এসোপামান গালি দিম৷ সি বুজাব, ফোনটো কাটি দিব বচ্‌, সিমানেই হৈছে৷ সি বা মই একেখন গাঁৱৰ নোহোৱা হ’লেও একো কথা নাচিল৷ সকলো নিঃশেষ হ’লেও তালৈকে গুছি গ’লোহেঁতেন৷ কিন্তু চাচোন, সি মৰিলে মোৰ দহদিন ব্ৰত৷ তেনেস্থলত মই!’ 
‘ৰিতু, তই ডাঙৰ কাম এটা কৰি পেলালি৷ এম.চি হ’লেতো ভালেই৷ যদি সঁচাকৈয়ে তই প্ৰেগনেণ্ট হৈ যাৱ!’
‘মোৰে সপত, তই মোৰ মূৰত ধৰি সপত খা৷ কাকো যেন নকৱ কথাবোৰ৷ ৰাজকো৷
‘তোৰ গুণৰ কথা কাৰ আগত জহাই মৰিমগৈ মই !’– মোৰ ওপৰতো মানে এইৰ বিশ্বাস নোহোৱা হ’ল, এতিয়া৷

ৰিতুৰ কান্দোনৰ শব্দ সৰুৰ পৰা ক্ৰমে ডাঙৰ হৈ হৈ মুষলধাৰ কান্দোনলৈ পৰ্যবসিত হৈছে৷ ইতিমধ্যে সন্ধিয়া হৈ আহিছে৷ কলিকতা চহৰৰ মায়াময় সন্ধিয়া এয়া৷ মায়াসনা ৰঙ-বিৰঙী ষ্টীট লাইটবোৰ আন্ধাৰবোৰ খেদিবলৈ উদ্বাউল হৈ পৰিছে৷ ইমান এটা ৰঙীণ পৰিৱেশত থাকিও আজি ৰিতু আৰু মই বিষন্ন মনেৰে তাইৰ জীৱনৰ এটা গেলা ঘাঁৰ আলোচনা কৰি কৰি এই ঘাঁহনিডৰাত এনেদৰে বহি আছোঁহি৷ কোনে মানি ল’ব ৰিতুৰ এই অপ্ৰিয় সত্যক! বুজিবনে বাৰু কোনোবাই তাইক৷ সমাজে কি ক’ব ? সমগ্ৰ পৃথিৱীখনেই যে কিমান সলনি হৈ গ’ল! ল’ৰা এটাক ভাল পাওঁ বুলি ক’বলৈকে আমাৰ গাঁওবোৰত এসময়ত কিমান সাহস লাগিছিল! নিজৰ মা-দেউতাক ল’ৰা এটা ভালপাওঁ বুলি ক’বলৈ গৈ কিমানৰ যে হাত-ভৰি এতিয়াও কঁপে, অথচ তেনে এটা পৰিৱেশৰ মাজতো কিছুমানে লোকচক্ষুৰ আৰে-আৰে নিজৰ সম্বন্ধৰ মানুহৰে লগত...! জীৱন সঁচাকৈয় বৰ অদ্ভুত! কাক, ক’ত, কেতিয়া কি পৰিস্থিতিৰ সৈতে মুখামুখি কৰাইগৈ, একমাত্ৰ জীৱনে জানে৷ এইবোৰ কথা মানুহে গম পালে গোটেই অসম ৰৌজাল-বৌজাল হ’ব৷ ঘা এটা লাগিবলৈ এক ছেকেণ্ডো নালাগে৷ পিছে শুকাবলৈ! শুকালেও ৰৈ যোৱা ডাগটো! ৰিতুৰটো কেৱল ঘাও নহয়, তেনেই পোক দিয়া ঘা৷

‘ব’ল এতিয়া ৰূমলৈ যাওগৈ৷’– মই লাহেকৈ তাইৰ ভাৱনাৰ লহৰত যতি পেলাই বাউসীত হাত থলো৷
‘কিবা এটাটো তই ক’! তোক এইবাবেই কথাবোৰ কৈছোঁহি, যাতে উপায় এটা পাওঁ৷ নহ’লে মৰাৰ পাছতো মোৰ আত্মাই শান্তি নাপাব’– ৰিতুৰ চকুহালেৰে অনৰ্গল চকুপানী বৈ আছে৷ তাইৰ মানসিক অৱস্থা চাগৈ কি হৈ আছে বাৰু! আজি এমাহ তেন্তে তাই এইবোৰ চিন্তা কৰি কৰিয়েই এনেদৰে শুকাইছে! কিছুমান ছোৱালীৰ বাবে বাৰু এয়াও তেনেই সাধাৰণ কথা; কিন্তু মানুহ কিমান নিৰুপায় হ’লে এনেদৰে লাজ-মান কাটি কৰি নিজৰ অসহায়þতাৰ কথা আনৰ আগত নিসংকোচে ক’ব পাৰে! ময়োতো তাইকে দোষ দিছোঁ, ভুলতো কেৱল তাইৰ নে ? নে দাদাকৰ? যিয়েই নহওঁক কিয়! এতিয়া আৰু এইবোৰ ভাবিবলৈ সময় নাই৷ তাই বিপদত পৰিছে৷ মই এতিয়া সহায় কৰিব লাগে৷ বচ্‌, মই মোৰ মন ডাঠ কৰিলোঁ৷ কিবা এটাটো কৰিবই লাগিব৷ ভুল আছে যেতিয়া ভুলৰ শুদ্ধৰণিও উলিয়াবই লাগিব৷
‘উঠ ৰিতু৷ হোষ্টেললৈ যাওঁ৷ ৰিস্ক এটা লৈ চাওঁ৷ চিন্তা নকৰিবি আৰু৷ তোৰ লগত মই আছোঁ৷’– সাহস দিলোঁ৷
‘সঁচাকৈয়ে তই মোক হেল্প কৰিবিনে প্ৰিয়া! মোৰ মৰিবলৈ একেবাৰে মন নাই৷ মই বহুত ভাল হ’ম’– হুকহুকাই কান্দি কান্দি তাই মোক এইবাৰ সাবতি ধৰিলে৷ ময়ো বুজন মাকৰ দৰেই তাইৰ পিঠিত লাহে লাহে হাত বুলাই সান্তনা দিলোঁ৷
 ক’লো– ‘ব’ল, ফাৰ্মাচী এখনলৈ যাওঁ৷ দেখা যাওঁক কাইলৈ৷’  
‘যদি পজিটিভ উলাই !’ – তাইৰ বুকুখনৰ ধিপধিপনিয়ে মোৰ বুকুতো কম্পনৰ সৃষ্টি কৰিলে৷ 
বিষাক্ত সময়ে পংগু কৰি যোৱা মোৰ আপোন বান্ধৱীৰ যন্ত্ৰণাকাতৰ প্ৰশ্ন এয়া! পজিটিভ্‌ হ’লেই যে তাইৰ জীৱন নৰককুণ্ডত পৰিবগৈ, সেই নৰক যে সৌদামিনীয়ে ব্ৰজধামত কটাই যোৱা নৰকতকৈয়ো অতি নিকৃষ্ট হ’বগৈ ! সেয়া বুজাত চাগৈ তাইৰ তিলমানো অসুবিধা হোৱা নাই৷ তথাপিওঁ মই মোৰ সীমাবদ্ধতাক চেলেঞ্জ কৰি সাহসী নাৰীলৈ নিজক ৰূপান্তৰ কৰি তাইৰ হাতত হাত থ’লো৷ ক’লো– ‘তেতিয়া, হাস্পটাললৈ যাব লাগিব৷’

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments