কবিতা ::: তুমি আছা বাবেই


* তুমি আছা বাবেই চৰাইবোৰে কোৱা নাই পাখি ভঙাৰ দুখ
পাইন গছে কোৱা নাই ওখ হোৱাৰ যন্ত্ৰণা
গড়াবোৰ সীমা হৈ থিয় দি আছে
সেইবাবেই হৃদয়খন হৈ আছে জীপাল

তুমি অহাৰ পৰাই তাঁতিখন উঘালি পেলালোঁ
ৰাতিবোৰ হ’ল সজল শ্যামলী
আঁতৰ হ’ল পৰম্পৰাৰ পূৰ্বসূৰী শাসন
পাৰ’যোৰ মূধচলৈ আহিল
বুটলি আনিলে বৌটিয়ে কুলি চৰাইৰ বাঁহ

তুমি অহাৰ পৰাই বন্ধ হৈ পৰিল অন্ধ গলিৰ দুৱাৰ
ঠন ধৰি ফুলিল ছন পৰা ঘাঁহনি
জট লগা চুলিবোৰ নিমজ হৈ পৰিল
নীলা থৈ আঁতৰি গ’ল চৌপাশৰ ডাৱৰ
সাহসে হাতত জোঁৰ লৈ ওলাই আহিল
খহি পৰিল কেৰ্কেটুৱাৰ জাক
মলঙি গ’ল পোৰা টেকেলীৰ সান্দহ

তুমি অহাৰ পৰা বুজি উঠিছোঁ জুই আৰু উত্তাপৰ সম্পৰ্ক
শিৰা আৰু তেজৰ সম্পৰ্ক
হৃদয় আৰু হৃদয়ৰ বান্ধোন

তুমি অহাৰ পৰা মই হ’ব খুজিছোঁ চাকৈ-চকোৱাৰ দৰে
এটা সুমুথিৰা জীৱনৰ দৰে আকোঁৱালি লৈছোঁ ভালপোৱা
কেৱল ভালপোৱা


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments