কবিতা ::: বতাহ


বতাহৰ পৰ বুলিবলৈ কোনো নাই 
সেয়েহে  আহোঁ বুলিয়েই খবৰ নিদিয়াকৈ গুছি আহে 
আহিয়েই সৰুৱাই পেলাই  
গছৰ আগলতি পাতবোৰ আৰু বীজহীন কলিবোৰ
বতাহে ভাল পাই পুৰঠ  আৰু যৌৱন
আকৌ ব’বলৈ বাধা দিয়ে বাবেই  গছলৈ বতাহৰ  খং
পিছে  ভিতৰুৱাকৈ বতাহ আৰু গছ হেনো দোয়োৰে বন্ধু

 বতাহ সদায় স্বাধীন, মনৰ দৰে
সেয়েহে কেতিয়াবা বলে ৰিব্‌-ৰিব্‌  কৈ
কেতিয়াবা জিৰ-জিৰ কৈ আৰু 
কেতিয়াবা বুকুত হুৰহুৰাই  বলি থাকেহি হাৰিকেন টাইফুন 

এদিন এজন ঈশ্বৰে  বতাহ বেয়া পাওঁ বুলি ক’লে
দুখ আৰু বেজাৰত বতাহৰ  যেন প্ৰাণ যাওঁ যাওঁ
তেহে  মানুহে  বতাহ ভাল পাবলৈ শিকিলে
তেতিয়াৰে পৰা মানুহে দুৱাৰবোৰ নিজলৈ থৈ
বতাহ সোমাবলৈ এৰি দিলে খিৰিকীবোৰ

বতাহ কেতিয়াবা গাভৰু হয়
মানুহে তেনে বতাহৰ নাম দিছে বৰদৈছিলা
বৰদৈছিলা আকৌ বহাগত ৰাংঢালী হয় 
তেতিয়া বতাহে নাছনীৰ সৈতে ওঁঠৰ হাঁহি লৈ নাছে
অৱশ্যে বতাহে  দস্যু আৰু জয়াল হোৱাৰ তৰিকাও জানে

বতাহ আছে বাবেই  প্ৰেমিক-প্ৰেয়সীৰ মৰম বাঢ়ে সঘনে
বতাহ আছে বাবেই  উষ্ম-শীতৰ উমান বুজে মানুহে
বতাহ আছে  বাবেই প্ৰাণ খুলি গিলি লওঁ  সেউজীয়া অনুৰাগ
বতাহ আছে বাবেই শিশুহঁতে নিৰ্বিঘ্নে উৰুৱাই চিলা
বতাহ আছে বাবেই মেঘবোৰে ভাল পাই আকাশ
বতাহে আৱেগ শীতল কৰিব জানে 
সিদৰে জানে ঘৰৰ চাল উৰুৱাব
বতাহে মৰম বিলাব জানে সিদৰে জানে দুৰ্গন্ধ বিয়পাব

এদিন এজনী পৰীয়ে আহি বতাহত চুলি মেলি বহিলে
বতাহে মৰমতে তিতা চুলিবোৰত হাত বুলালে
তেতিয়াৰে পৰাই  নাৰীলৈ বতাহৰ মন
নাৰী বুলিলেই বতাহে উৰুৱাই দিয়ে চুলি
ভাবে চাগৈ চুলিখিনি বতাহৰ প্ৰেয়সীৰ

বতাহ যে মানুহৰ বৰ মৰমৰ
যি জীবলৈ শিকাইছে আমাক
যি দিবলৈ শিকাইছে আমাক

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments