কবিতা ::: দেৱী :::


পূজাৰ আগদিনাৰ কথা

সপোনত দেখিলোঁ

দুৰ্গাই শোকত দগ্ধ হৈ 

মহিষাসুৰৰ বুকুৰ পৰা যাঠিপাত 

আলফুলে উলিয়াই আনিছে

আৰু অসুৰক বুকুলৈ মাতিছে সাদৰেৰে

চাদৰৰ আচলেৰে অসুৰৰ তেজ মচি দিছে

দেৱীয়ে হেনো বুজিছে– ‘হিংসাৰ বিনাশ হয় শান্তিৰে’


হত্যা আৰু শোণিতক যদি কোনোবাই নৈবেদ্য বুলি ভাবিছে

তেন্তে সেই ভুল কৰিছে কেৱল ঈশ্বৰে

আজি দেৱীয়ে বুজিছে, দেৱত্বও নিকৃষ্ট হয় মৃত্যুৰ উপচাৰে

সেয়েহে মহিষাসুৰলৈ দেৱীৰ উপজিছে দৰদ


ইমানদিনে দেৱী আছিল অন্ধ, অজ্ঞ

ভক্তৰ অৰ্ঘ্যত দেৱী আছিল পৰিপূৰ্ণ, সমৃদ্ধ

যদিও মাতৃৰ ৰূপত দেৱী আছিল শান্তিৰ প্ৰতীক

পিছে দেৱীয়ে ভাল পাইছিল যুদ্ধ, অস্ত্ৰ, মাৰণাস্ত্ৰ

ভাল পাইছিল ভক্তই যচা কেঁচা তেজৰ সুঘ্ৰাণ

নহ’লেনো দেৱীৰ বেদীতেই কিদৰে গোট মাৰিবহি পাৰে

নিৰীহ জীৱৰ উষ্ণ শোণিতে

দেৱীৰ নামত কিমান জীৱই মৃত্যু আকোঁৱালি ল’লে

দেৱীৰ নামত কিমান ভক্তই পাপকুণ্ডত ভৰি থলে


আচলতে পূজাৰ বেদীত

মহিষাসুৰ কিম্বা বলিৰ যুক্তি আছিল উপলক্ষ মাত্ৰ

মহিষাসুৰলৈ উৎসৰ্গ তেজৰ চিটিকনি দেৱীৰ গাত পৰোঁতেই

দেৱীও হৈ পৰিছিল কাল নাগিনী, ৰক্ত পিপাসিনী

সেয়েহে মাতৃৰূপী অন্ধ দেৱী যুগ যুগ ধৰি বোবা হৈ আছিল


দেৱীয়ে নাজানেনে শান্তিৰ বাবে হত্যাহে মহাপাপ

দেৱীয়ে ইয়াকো নাজানেনে দেৱী নিজেই আজি 

হত্যাকাৰীৰ তালিকাৰ শীৰ্ষত

জানেনে ধৰ্মৰ আন এটা দিশ– গোড়ামী, অন্ধতা, উন্মাদনা

তেজৰ উপচাৰেৰে কিদৰে সুখী হয় ঈশ্বৰ

হত্যা আৰু লোভেৰে কিদৰে সুখী হয় বৈষ্ণৱ


সপোনত দেখিছোঁ, দেৱীৰ চকুত চকুপানী

দেৱী আজি অনুতপ্ত, শোক আৰু লাঞ্চনাত বিহ্বল

পৰৰ মৃত্যু জানো স্বাৰ্থসিদ্ধিৰ আশীৰ্বাদ হ’ব পাৰে 

দেৱীৰ হাততো তাৰ উত্তৰ নাই

সেয়েহে দেৱীৰ আজি কঠোৰ সিদ্ধান্ত

নিৰীহ জীৱৰ নিষ্পাপ তেজেৰে ৰুদ্ধ  হ’ব  উপাসনা

কাইলৈৰ পৰাই বন্ধ হ’ব নিৰীহৰ বিড়ম্বনা


তাৰ পাছত গাৰ কানি কাপোৰ ক’লা হ’ল

মই সাৰ পালো

দিঠকতো যদি এনে হ’লহেঁতেন...


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments