কিতাপ আৰু আজিৰ যুৱ প্ৰজন্ম ।। গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা ।।


* পাশ্চাত্যৰ প্ৰসিদ্ধ সাহিত্যিক, দাৰ্শনিক উইল ডুৰাণ্টে কৈছিল-‘‘জ্ঞান হ’ল ইচ্চা, চকু আৰু আত্মাৰ পথ প্ৰদৰ্শক৷’’ জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা কৰাতো মানৱ মনৰ এক চিৰন্তন জিজ্ঞাসা৷ একমাত্ৰ জ্ঞানেই দিব পাৰে ‘মানুহ হোৱাৰ সৰ্বোৎকৃষ্ট প্ৰেৰণা’  আৰু দিব পাৰে এক অনিবৰ্চনীয় তৃপ্তি৷ এই  জ্ঞান অৰ্জনৰ ক্ষেত্ৰত বিশ্বাসযোগ্য, ফলপ্ৰসু আৰু সাৰ্বজনীন মাধ্যমবোৰৰ ভিতৰত অন্যতম মাধ্যম হ’ল কিতাপ৷ গতিকে কিতাপ হৈছে আমাৰ বাবে প্ৰথম আৰু প্ৰধান সমল, যাৰ সহায়ত আমি আমাৰ মগজুৰ জ্ঞানৰ মাত্ৰা বঢ়াব পাৰো৷

এজন ব্যক্তিৰ কৰ্মৰাজি, তেওঁৰ বিষয় পৰ্যবেক্ষণৰ দক্ষতা, তেওঁৰ অভিজ্ঞতা, দৃষ্টিভংগী বা দৰ্শন আদি বিষয়সমূহ নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ অধ্যয়নৰ মাত্ৰাৰ ওপৰত৷ অধ্যয়নহীন মানুহ এজনে যিকোনো ঘটনা বা কাৰ্য এটা যেনেধৰণে চাব বা চিন্তা কৰিব, অধ্যয়নপুষ্ট মানুহ এজনে তাতকৈ উদ্ধৰ্লৈ গৈ  চিন্তা বা কল্পনা কৰিব পাৰে৷ অধ্যয়নপুষ্ট ব্যক্তিৰ চিন্তা আৰু পৰ্যবেক্ষণ কিছু কিছু ক্ষেত্ৰত ইমান সূক্ষ্ম আৰু আচহুৱা হয় যে সাধাৰণ মানুহৰ বাবে ই অকল্পনীয়৷

ফৰাচী দাৰ্শনিক ভল্‌তেয়ৰে কৈছিল-‘‘কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে৷’’ যি সমাজত কিতাপৰ স্থান নাই সেই সমাজ থকা বা নথকা একেই কথা৷ যিসকলে কিতাপ পঢ়ে আৰু লিখে তেওঁলোকৰ মন মগজুতহে জ্ঞান-বিজ্ঞান কেন্দ্ৰীভূত হয়৷ আৰু সেইসকল ব্যক্তিয়েই সমাজ-সভ্যতাত বলিষ্ঠভাৱে প্ৰভাৱ বিস্তাৰ কৰে৷ সন্মানৰ অধিকাৰী হয়৷ এইক্ষেত্ৰত মুছলমান সমাজৰ হজৰত মহম্মদ আৰু অসমীয়া সমাজৰ শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আদি তাৰ অন্যতম উদাহৰণ৷  

কিতাপে মানুহক চিন্তাৰ খোৰাক দিয়ে৷ সমাজ-সভ্যতাত চিন্তা কৰা লোকৰ সংখ্যা বাঢ়িছে যদি সেইয়া একমাত্ৰ কিতাপৰ বাবেই সম্ভৱ হৈছে৷ জ্ঞান আৰু তথ্য আহৰণৰ বাবে আৰু সামগ্ৰীকভাৱে ব্যক্তিক মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈকে কিতাপ হৈছে মানৱ নিৰ্মিত ‘সঞ্জীৱনী মহৌষধ’৷ তাহানি কালৰে পৰা আজি একবিংশ শতিকাতো কিতাপেই এটা জাতি, এখন ৰাজ্য বা এখন ৰাষ্ট্ৰক শাসন কৰি আছে৷ প্ৰতিখন দেশৰ নিজাকৈ একোখন সংবিধান আছে৷ এই সংবিধান এখন কিতাপহে৷ এই কিতাপখনৰ আগত সকলো নতশিৰ হ’বলৈ বাধ্য৷ সেইদৰে হিন্দু জাতিৰ সকলো কৰ্ম-কাৰ্য নিদ্ধৰ্াৰণ হয় তেওঁলোকৰ হিন্দু শাস্ত্ৰৰ দ্বাৰা৷ ৰামায়ন, মহাভাৰত, বেদ, পুৰাণ, সংহিতা আদি ইয়াৰ  অন্যতম উদাহৰণ৷ তেনেদৰে খ্ৰীষ্টানসকলৰ সমগ্ৰ কাম-কাজ নিৰ্দ্ধাৰণ হয় তেওঁলোকৰ বাইবেলৰ আধাৰত৷ মুছলমানসকলৰ কোৰাণৰ আধাৰত, বুদ্ধসকলৰ ত্ৰিপিতকৰ আধাৰত৷ গতিকে ভল্‌তেয়ৰে কোৱা ‘কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে’ আপ্ত বাক্যশাৰী প্ৰকৃততেই যে সত্য, সেইয়া আমি মানিবই লাগিব৷ সেইদৰে কিতাপ হৈছে মানুহৰ জীৱন নিৰ্বাহৰ  ইতিবাচক আমূল পৰিৱৰ্তনৰ প্ৰধান কাৰক৷

যিবোৰ দেশ, ৰাজ্য বা জাতিৰ শিক্ষিত লোকৰ সংখ্যা বেছি, সেইবোৰ দেশত কিতাপৰ প্ৰচলনৰ সংখ্যাও বেছি আৰু সেইবোৰ দেশেই বিশ্বৰ ভিতৰত উন্নত দেশ, লগতে সমগ্ৰ বিশ্বত তেওঁলোকৰে আধিপত্য সবাতোকৈ বেছি৷ সেইদৰে প্ৰতিখন দেশৰ সামগ্ৰিক কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ হয় কিতাপৰ দ্বাৰা৷ সমাজ, সাহিত্য, সংস্কৃতি, ৰীতি-নীতি, ঐতিহ্য, ভবিষ্যৎ পৰিকল্পনা, বৈজ্ঞানিক অৱদান বা অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আদি বিভিন্ন দিশবোৰৰ সম্ভেদ পাব পাৰি কিতাপৰ দ্বাৰা৷ একবিংশ শতিকাত ইলেক্টনিক মাধ্যমবোৰে তথ্য প্ৰসাৰৰ প্ৰক্ৰিয়াটোক অধিক সহজলভ্য কৰি তুলিছে যদিও কিতাপেই হৈছে এইক্ষেত্ৰত মূল বুনিয়াদ৷

সাহিত্য সৃষ্টিৰ বাবেও কিতাপ অধ্যয়ন কৰাতো অপৰিহাৰ্য৷ অভিজ্ঞতা আৰু অধ্যয়ন নথকা মানুহৰ দ্বাৰা ভাল সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে৷ সাহিত্য সম্পৰ্কে বিস্তৰ জ্ঞান হ’বলৈ কিতাপ পঢ়িবই লাগিব৷ সেইদৰে লেখক এজনে কিমান দূৰলৈকে তেওঁৰ লেখা কাৰ্যটো চলাই নিব পাৰে বা তেওঁৰ লেখাই কিমানক প্ৰভাৱিত কৰিব পাৰে সেইয়া নিৰ্ভৰ কৰে তেওঁ পঢ়া কিতাপৰ ওপৰত৷ প্ৰসিদ্ধ কল্পবিজ্ঞান লেখক আৰ্থাৰ ছি. ক্লাৰ্কে (Arthur C.Clarke) কৈছিল, ‘‘লেখক হ’ব খুজিছা যদি দিনে কমেও এখন কিতাপ পঢ়িবা৷’’ নৱ প্ৰজন্মৰ যিসকলে সাহিত্য সৃষ্টি আৰু সমালোচনাৰ প্ৰতি গুৰুত্ব দিব খোজে, তেওঁলোকেও পাৰ্যমানে কিতাপ পঢ়াৰ প্ৰতি মনযোগ দিয়া উচিত৷ সাহিত্য সৃষ্টিৰ সমানে সমানে সমালোচনাৰ বাবেও সমালোচক এজন প্ৰচুৰ অধ্যয়নশীল হোৱাটো প্ৰয়োজন৷ উদাহৰণস্বৰূপে-আমি যেতিয়া হোমেন বৰগোহাঞিৰ লেখা পঢ়ো, লেখাৰ মাজেৰেই গম পাওঁ তেওঁৰ অধ্যয়ন কিমান প্ৰচুৰ৷ বৰগোহাঞিৰ লেখাবোৰ সৰল অথচ কিমান শক্তিশালী৷ লেখাৰ বিষয়বস্তুৰ পৰাই  যিবোৰ জ্ঞান উপলব্ধি কৰিব পাৰোঁ সিয়ো অতি যোগাত্মক তথা সমাজ-সাহিত্য উভয়ৰ বাবেই ইতিবাচক৷ নৱ প্ৰজন্মই এই দিশবোৰ বিচাৰ কৰি চোৱা প্ৰয়োজন৷ আৰু নিজৰ জীৱনতো তাৰ সাৰ্থক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা উচিত৷ নতুন প্ৰজন্মৰ বহুতে সাহিত্য সাধনা কৰিব খোজে, এইক্ষেত্ৰত তেওঁলোকে কেতিয়াও ভাবিব নালাগে যে সাহিত্যৰ নূন্যতম জ্ঞানখিনি জানিলেই তেওঁলোক একো একোজন ভাল লেখক হ’ব পাৰিব৷ ভাল লেখক হ’বলৈ প্ৰথমে ভাল পঢ়ুৱৈ হ’ব লাগিব৷

এজন লেখকে সাহিত্য সম্পৰ্কীয় যিমান জ্ঞান মজুত ৰখা দৰকাৰ, ঠিক সমান পৰিমানেই জীৱ-বিজ্ঞান, পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, ভূগোল, ইতিহাস, জীৱৰ ক্ৰমবিৱৰ্তনৰ ইতিহাস, সংস্কৃতি  বা বুৰঞ্জী আদি বিষয় সম্পৰ্কেও জনাটো দৰকাৰ৷ ঠিক সেইদৰে ভাষা সম্পৰ্কে দখল থকাটোও লেখক এজনৰ বাবে অতিকৈ জৰুৰী৷ এই দিশবোৰ সবল হ’ব তেতিয়া, যেতিয়া লেখক এজেন প্ৰতিটো বিষয়ৰ কিতাপ পঢ়িব৷ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলেও এই দিশবোৰ সততে মনত ৰখা উচিত৷ ঘৰ এটা বনাবলৈ ইটাৰ প্ৰয়োজন বেছি বাবে কেৱল ইটা কেইটা যোগাৰ কৰিলেই যথেষ্ট নহয়, তাৰ লগতে বালি, শিল, চিমেণ্ট, ৰড, কাঠ আদি সকলোৰে সমানেই প্ৰয়োজন৷ তাতোতকৈ প্ৰয়োজন হয় এজন নিপুণ মিস্ত্ৰীৰ৷ এই আটাইবোৰৰ সুন্দৰ সংমিশ্ৰণতহে এটা সুন্দৰ পকী ঘৰ বনাব পাৰি৷ তেনেদৰে এজন ব্যক্তিৰ বাবেও টকা-পইচা, এটা চাকৰি, এটা সুন্দৰ ঘৰ, এখন গাড়ী আদিৰ যিমানেই প্ৰয়োজন; তেওঁৰ মানসিক বা আভ্যন্তৰীণ দিশটোৰ সমৃদ্ধিৰ বাবেও কিতাপ পঢ়াতো সমানেই প্ৰয়োজন৷

কিতাপ হৈছে মানুহৰ প্ৰকৃত বন্ধু৷ যি কেতিয়াও বিশ্বাসঘাটকতা নকৰে৷ নৱ-প্ৰজন্মৰ বাবে কিতাপ হৈছে তেওঁলোকৰ ছাঁটোৰ দৰে৷ এজন মানুহৰ বাবে উপন্যাস, কবিতা, গল্প বা প্ৰবন্ধ পুথি আদিৰ প্ৰয়োজন যিমান, সেইদৰে সময়ত  হাঁহ-কুকুৰা বা মীন পালনৰ হাতপুথিখনো তেওঁৰ বাবে সমানেই প্ৰয়োজনীয় হ’ব পাৰে৷ সেইদৰে প্ৰয়োজন হ’ব পাৰে পাটিগণিতৰ বিভিন্ন সূত্ৰৰ৷ কিয় বা কেতিয়া কোনটো বিষয়ৰ প্ৰয়োজন হ’ব সেইয়া বুজাসকলে নিশ্চয় বুজি পাব৷ 

বৰ্তমান তথ্য বিস্ফোৰণ আৰু গোলকীকৰণৰ যুগ৷ এই যুগত আমি আমেৰিকা, জাপানলৈ যোৱা নাই বাবেই সেই ঠাই সম্পৰ্কে নাজানো বুলি ক’লে নহ’ব৷ সেইদৰে পাশ্চাত্য সাহিত্যৰ বৰ্তমান প্ৰভাৱ কেনেধৰণৰ বা সেই সাহিত্যৰ ইতিহাস সম্পৰ্কতো আমি তথ্য মজুত কৰি ৰাখিব লাগিব৷ সমান্তৰালভাৱে প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত থকা পাৰস্পৰিক যোগাযোগ, সাহিত্যত আন দেশৰ সাহিত্য-সংস্কৃতিৰ  প্ৰভাৱ আদি সম্পৰ্কেও জ্ঞান থকাটো প্ৰয়োজনীয়৷ বৰ্তমান সময়ত প্ৰতিটো দিশতে কেৱল প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত নৱ প্ৰজন্মই নিজকে যোগ্য কৰিবলৈকে অন্তত কিতাপ পঢ়িব লাগিব৷ গতিকে অনাগত সময়ৰ দেশ আৰু জাতিৰ সেনানী স্বৰূপ নৱ প্ৰজন্মই এই দিশবোৰ বিচাৰ কৰি চোৱা প্ৰয়োজন৷

অতীতলৈ ঘূৰি যাব পৰা যদি কিবা বাহন  বা উপায় আছে সেইয়া হ’ল অধ্যয়ন৷  পূৰ্ব পুৰুষৰ জ্ঞান আৰু অভিজ্ঞতাক আহৰণ কৰি তাৰ যথোচিত সংৰক্ষণ কৰাৰ একমাত্ৰ নিৰ্ভৰযোগ্য উপৰকণ হ’ল কিতাপ৷ নৱ প্ৰজন্মৰ বাবে অতীত বিষয়ৰ ৰোমন্থনৰ বাবে একো একোখন কিতাপ ঐতিহাসিক দলিল স্বৰূপ হ’ব পাৰে৷ এখন ঠাই ভ্ৰমণ কৰি যিমান পৰিমানে জ্ঞান লাভ কৰিব পাৰি, তাৰ সমান্তৰালভাৱে সেই ঠাইখনৰ বিষয়ে লিখিত সমলৰ অধ্যয়নৰ দ্বাৰাও সমানেই জ্ঞান লাভ কৰিব পাৰি৷ আমাৰ জীৱনটোত আমিনো কিমান ঠাইলৈ যাবলৈ সক্ষম হওঁ? কিন্তু কিতাপৰ পাতে পাতে আমি বিশ্ব-ব্ৰহ্মাণ্ডখনত অহৰহ ঘুৰি ফুৰিব পাৰোঁ৷ আমি কিতাপত উঠিয়েই যাব পাৰোঁ আমেৰিকাৰ কৃষ্ণাংগসকলৰ মনৰ মাজলৈ৷ নেপোলিয়ন, আইনষ্টাইন, এৰিষ্টটল, গেলিলিঅ’, হিটলাৰ, অশোক, মহাত্মা গান্ধী আদিৰ মনোজগতলৈ যাব পাৰোঁ কিতাপৰ  দ্বাৰাই, সেইদৰে যাব পাৰোঁ- প্ৰথম, দ্বিতীয় বিশ্বযুদ্ধৰ ৰণক্ষেত্ৰলৈ আৰু কিতাপৰ  দ্বাৰাই যাব পাৰোঁ শঙ্কৰ-মাধৱদেৱৰ কাষলৈ৷ গতিকে নৱ-প্ৰজন্মই গভীৰভাৱে অনুধাৱন কৰা উচিত কিতাপৰ এনে ইতিবাচক দিশবোৰৰ কথা৷

বৰ্তমান সময়ত নৱ-প্ৰজন্মৰ  ডাঙৰ সমস্যা হ’ল অধ্যয়নৰ সীমাবদ্ধতা আৰু অধ্যয়নৰ প্ৰতি অনিহা৷ একবিংশ শতিকাত  মানুহৰ জীৱন নিৰ্বাহৰ প্ৰণালীৰ ইমান পৰিৱৰ্তন হ’ল যে চহৰমুখী ধ্যান ধাৰণাৰ কবলত পৰি সৰহ সংখ্যকে কেৱল ক্ষন্তেকীয়া সুখ সান্নিধ্যৰ পিছত ঘুৰিবলৈ ল’লে৷ ফলত জীৱনৰ মধুৰ-মাধুৰী সদৃশ গ্ৰন্থ পথনৰ প্ৰতি মানুহৰ স্পৃহা লাহে লাহে কমি আহিল৷ ইলেক্টনিক মাধ্যমবোৰৰ ব্যৱহাৰে এইক্ষেত্ৰত আৰু অধিকভাৱে ক্ৰিয়া কৰিলে৷ এই ক্ষেত্ৰত নৱ-প্ৰজন্মৰ প্ৰতিনিধিসকল সজাগ আৰু সচেতন হোৱা দৰকাৰ৷ এজন ব্যক্তিক কালজয়ী আৰু যুগজয়ী কৰে একমাত্ৰ তেওঁৰ কৰ্মৰাজিয়ে৷ তেওঁৰ বাহ্যিক আৱৰণে নহয় বা তেওঁ জীৱিত কালত কৰি যোৱা লাহ-বিলাসে নহয়৷ সমাজ-সভ্যতা-সংস্কৃতিলৈ তেওঁ দি যোৱা অৱদানৰ ভিত্তিতহে পৰৱৰ্তী প্ৰজন্মই তেওঁক সোঁৱৰিব৷ গতিকে নিজকে  অধ্যয়নৰ দ্বাৰা সমৃদ্ধ কৰি নিজেও তেনেদৰে যুগজয়ী হ’বলৈ চেষ্টা কৰা উচিত৷ আগ্ৰহ আৰু ইচ্চা থাকিলে সাধ্যানুসৰি অধ্যয়নৰ মাত্ৰাটো বঢ়াই নিব পৰা যায়৷ অধ্যয়ন পুষ্ট হৈ তাৰ দ্বাৰা লাভ কৰা জ্ঞানখিনি অনুধাৱন কৰিব পাৰিলেহে এজন মানুহে কৰা কাম বা তেওঁ কৰা চিন্তাৰ ধৰণ আনতকৈ পৃথক আৰু বহু ক্ষেত্ৰত ইতিবাচক হয় বুলি মানিব পাৰি৷ অধ্যয়ন নহ’লে কথা আৰু কামৰ গভীৰতা নাথাকে৷  নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে এই দিশবোৰ বুজি পোৱা উচিত৷ 

অসমৰ সাম্প্ৰতিক ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে– হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, প্ৰভাত বৰা বা হীৰেণ গোহাঁই  আদিৰ দৰে অসমীয়া সাহিত্যৰ প্ৰতিনিধিত্বকাৰী ব্যক্তিয়ে কোৱা এটা কথা বৰ্তমান সময়ৰ সাহিত্যত ‘মাইলৰ খুটি’ৰ দৰে ক্ৰিয়া কৰে৷ তেওঁলোকৰ কথাৰ গুৰুত্ব এইবাবেই বেছি যে তেওঁলোকৰ প্ৰচুৰ অধ্যয়ন আছে৷  ভাৰতবৰ্ষৰ সমাজ-সংস্কৃতি-সভ্যতাৰ পৰা বিশ্ব সাহিত্যৰ বহুতো দিশ তেওঁলোকৰ নখ দপৰ্ণত৷ গতিকে তেওঁলোকক অসমৰ ৰাইজে শ্ৰদ্ধা, সন্মান আৰু সমীহ কৰাৰ লগতে তেওঁলোকৰ লেখাবোৰ গভীৰভাৱে হৃদয়ংগম কৰে৷ অধ্যয়ন নথকা ব্যক্তিয়ে খন্তেকীয়া গ্লেমাৰ পাব পাৰে, কিন্তু তেওঁৰ স্থায়ীত্ব দীৰ্ঘম্যাদী নহয়৷

নৱ প্ৰজন্মই এই কথাও বুজি উঠা উচিত যে, কিতাপ নপঢ়িলে মানুহৰ চিন্তাই পৰিপক্কতা লাভ কৰিব নোৱাৰে৷ প্ৰাচীন কালতেই নৰনাৰায়ণ, চিলাৰায়ে  ‘বেনাৰস বিশ্ববিদ্যালয়’ত পঢ়িবলৈ গৈছিল৷ সেইবাবেই সাহিত্য-সংস্কৃতিৰ প্ৰতি পৰৱৰ্তী সময়ত তেওঁলোক দুয়োৱেই বিশেষ আগ্ৰহী আছিল৷ ৰজা হৈয়ো তেওঁলোকে মূলতঃ সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবেই বেছি কাম কৰিছিল, লগতে শিল্প-চৰ্চা বিষয়ত কাম কৰিছিল৷ নৰনাৰায়ণে যদি অসমক শাসন নকৰিলেহেঁতেন, তেন্তে সাহিত্য-সংস্কৃতি-শিল্পৰ ক্ষেত্ৰত অসম বহু পাছ পৰি ৰ’লহেঁতেন৷ নৰনাৰায়ণৰ ৰাজসভাই ৰাম-সৰস্বতীক জন্ম দিছে, যাৰ অসমীয়া সাহিত্যলৈ অৱদান যথেষ্ট পৰিমাণৰ ৷ তদুপৰি শঙ্কৰদেৱকো সাহিত্য চৰ্চাৰ বাবে এটি উন্নত পৃষ্ঠভূমি নৰনাৰায়ণ, চিলাৰায়েই প্ৰদান কৰিছিল৷  তেওঁলোক অধ্যয়নশীল আছিল বাবেই তেওঁলোকৰ দ্বাৰা পৰৱৰ্তী সময়ত সাহিত্য-সংস্কৃতিয়ে সমৃদ্ধি লাভ কৰিলে বুলি ক’ব  পাৰি৷

এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে যদি ৰাজ্য বা দেশৰ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকল অধ্যয়নৰ প্ৰতি আগ্ৰহী হয়, তেন্তে সেই সময়ছোৱাৰ সভ্যতাই বিশেষভাৱে অগ্ৰগতি লাভ কৰিব পাৰে৷ যিটো কাম ইংলেণ্ডত এসময়ত উইনষ্টন চাৰ্চিলে কৰি দেখুৱাইছিল৷ এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ এসময়ৰ মহান বিজ্ঞানী তথা ৰাষ্ট্ৰপতি আব্দুল কালাম আজাদৰ কথাও গৰ্বেৰে উল্লেখ কৰিব পাৰি৷ নৱ প্ৰজন্মৰ হাততেই অনাগত সময়ৰ সকলো মান-সন্মান, যশ-অপযশ, খ্যাতি-গৰিমা আদি নিৰ্ভৰশীল৷ গতিকে, নৱ প্ৰজন্মক প্ৰতিটো সময়তে সু-পথত খোজ দিয়াবলৈ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবই লাগিব৷ 

  এটা সভ্যতা আগুৱাই নিয়াৰ ক্ষেত্ৰত সেই সভ্যতাৰ নৱ প্ৰজন্মৰ সৰ্বাধিক ভূমিকা আছে৷ আজিৰ পৃথিৱীখন Multidisciplinaryৰ যুগ৷ গতিকে যিকোনো এটা বিষয়ত জ্ঞান লৈয়ে বৰ্তমান তিষ্টি থকাটো সহজসাধ্য নহয়৷ এটা নিৰ্দিষ্ট বিষয়ত Expert হৈয়ো আন বহুতো বিষয়ত দখল থকা হ’ব লাগিব ৷ অৰ্থাৎ সকলো বিষয়ৰে সাধাৰণ জ্ঞানখিনি অৰ্জন কৰিব পাৰিব লাগিব৷ তেতিয়াহে এজন ব্যক্তিয়ে প্ৰচলিত সমাজ সভ্যতাৰ লগে লগে গতি কৰিব পাৰিব৷ অন্যহাতে আমাৰ জীৱনটো যিহেতু এখন নিৰ্দিষ্ট Syllabus নহয়৷ গতিকে এই জীৱনত জ্ঞান আহৰণৰ পৰিসীমা নিৰ্ণয় নকৰি যিমান পাৰি সিমানেই তথ্যৰ লগতে তথ্য, অভিজ্ঞতা আদি সকলো অৰ্জন কৰাটো প্ৰয়োজনীয়৷ লগতে নৱ-প্ৰজন্মই বুজি উঠা উচিত যে, Syallabus হৈছে কেৱল এটা সূতা লগাই থোৱা বেজীৰ দৰে৷ এই বেজীটোৱে কি চিলাব বা কিমান চিলাব সেইয়া নিৰ্ভৰ কৰে ব্যক্তি এজনৰ মনৰ  ওপৰত৷ গতিকে বিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তো কেৱল পাঠ্যপুথি কেইখনকে মূল বুলি ধৰি নলৈ যিমান পাৰি সিমান পৰিমানে কিতাপ পঢ়াটো অভ্যাসলৈ পৰিণত কৰিব লাগে৷ 

কিতাপ পঢ়িলেহে জীৱন সম্পৰ্কীয় কথাবোৰ সূক্ষ্মভাৱে অনুধাৱন কৰিব পাৰি৷ জীৱনৰ প্ৰকৃত প্ৰাপ্তি পোৱা যায় কিতাপৰ পাতত৷ এই  কথাও সত্য যে অধ্যয়ন নথকা মানুহবোৰৰ মনবোৰ তেনেই দ্বিধাগ্ৰস্ত৷ তেওঁলোকৰ এটা পৈণত দৃষ্টিভংগী নাই৷ উইল ডুৰাণ্টে এঠাইত কৈছে যে, ‘পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল চিয়াঁহিৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘুৰি ফুৰে, তেনেকৈ চিয়াঁহিৰ মহাসাগৰত ঘুৰি ফুৰে অসংখ্য কতিাপ৷’ আলংকাৰিক বা প্ৰতিকী অৰ্থত বৰ্ণনা কৰা এই উদাহৰণেই মানৱ সমাজত কিতাপৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নৱ প্ৰজন্মক বুজাবলৈ যথেষ্ট হ’ব৷

নৱ প্ৰজন্মই এই কথাও বুজা উচিত যে, মানুহ দৈহিকভাৱে যিমানেই ধুনীয়া নহওক কিয়, কিন্তু; তেওঁহে প্ৰকৃত ধুনীয়া, যাৰ মুখ আৰু চকুত দেখা পোৱা যায় দীপ্তি আৰু আৱেগৰ লাবণ্য৷ অধ্যয়নপুষ্ট আৰু বিষয়ৰ জ্ঞান থকা ব্যক্তিৰ চকু চায়ে উমান পাব পাৰি আৰু নথকাসকলৰো উমান পাব পাৰি৷ যি মানুহে মনত গভীৰ চিন্তা আৰু আশা জগাই তুলিব পৰা ভাল কিতাপ নিয়মিতভাৱে পঢ়িব পাৰে, তেনে মানুহৰ মুখ কেতিয়াও উকা, ভাৱলেশহীন হ’ব নোৱাৰে৷ তেওঁলোক সদায় সপ্ৰতিভ৷ উজ্জ্বল জ্যোতিষ্কৰ দৰে৷

নৱপ্ৰজন্ম কিতাপৰ প্ৰতি এইবাবেও আগ্ৰহী হ’ব লাগে কাৰণ, কিশোৰ কালত সকলো ল’ৰা-ছোৱালীয়েই আনৰ চকুত আকৰ্ষণীয় হ’ব খোজে৷ এই আকৰ্ষণীয় হোৱাৰ এটা প্ৰধান পথ হ’ল নিয়মিতভাৱে ভাল কিতাপ পঢ়া৷ কিতাপ হৈছে মানৱ সমাজৰ সবাটোকৈ নিৰ্ভৰযোগ্য সঙ্গী যি আমাৰ মন, মনন, চিন্তনক সমৃদ্ধ কৰিব মৃত্যুৰ আগমুহূৰ্তলৈকে৷ সেইদৰে কিতাপেই নৱ প্ৰজন্মক কুসঙ্গ আৰু কুকৰ্মৰ পৰা ৰক্ষা কৰাৰ ওপৰিও মানসিক অৱসাদৰ পৰা ৰক্ষা কৰে৷ অন্যহাতে  কিতাপ পঢ়াতো আজৰি সময় কটোৱাৰ এটা উত্তম মাধ্যম৷ ব্যক্তিনিষ্ঠ আৰু যান্ত্ৰিক সমাজ ব্যৱস্থাত কিতাপৰ পাততহে নৱ প্ৰজন্মই  বিচাৰি পাব ভবিষ্যৎ জীৱনৰ বাবে সুপথৰ সুগম নিৰ্দেশনা৷

কিতাপ আৰু নৱ প্ৰজন্মৰ দায়িত্বঃ

 নৱ প্ৰজন্ম সদায় নতুন সময়ৰ প্ৰতিনিধি, নতুন সময়ক বিভিন্ন বৈচিত্ৰ আৰু বৈভৱতাৰে সমৃদ্ধ কৰাটো নৱ প্ৰজন্মৰ দায়িত্ব৷ গতিকে অন্যান্য দিশৰ লগতে কিতাপক কেন্দ্ৰ কৰিও কিছু ইতিবাচক চিন্তা-চৰ্চা কৰাটো নৱ প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচিত হ’ব পাৰে৷ 

বহুক্ষেত্ৰত দেখা যায় কিতাপৰ প্ৰতি একাংশৰ অনিহাৰ মূলতে হ’ল তেওঁলোকৰ পাৰিবাৰিক আৰু সমাজ ব্যৱস্থা৷ বহু সময়ত দেখা যায় যে কিশোৰ-কিশোৰীসকলে এটা পৰিৱেশ সৰুৰে পৰা নাপায়, যাৰ ফলত তেওঁলোকে গ্ৰন্থ অধ্যয়নৰ প্ৰতি  কোনো স্পৃহা নেদেখুৱাই৷ গতিকে এনে ক্ষেত্ৰত নৱ প্ৰজন্মৰ সচেতন প্ৰতিনিধিসকলে এক ধৰণৰ বিশেষ কাৰ্যপন্থা হাতত ল’ব লাগে, যাতে বিভিন্ন ধৰণৰ সজাগতা সভা, বিজ্ঞাপন আদিৰ মাধ্যমেৰে নতুন প্ৰজন্মই ভবিষ্যৎ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে৷ সেইদৰে নৱ প্ৰজন্মৰ মাজত সঘনাই ব্যৱহৃত ইলেক্টনিক মাধ্যমবোৰতো কিতাপ পঢ়াৰ প্ৰতি সজাগতামূলক কাৰ্যপণ্ঠা হাতত ল’ব লাগে৷ অসমত অমৰজ্যোতি চৌধুৰীয়ে কিতাপ পঢ়াৰ বাবে যি বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰিছিল, তাৰ প্ৰতি সঁহাৰি জনাই নৱ প্ৰজন্মই  পাৰ্যমানে কিতাপ পঢ়ি নিজে সমৃদ্ধ হোৱাৰ লগতে আনকো কিতাপ পঢ়িবলৈ বাধ্য কৰিব লাগে৷ বিশ্ব সাহিত্যৰ বিভিন্ন ভাল ভাল লেখাবোৰ অনুবাদ কৰি আমাৰ জাতীয় সাহিত্যক সমৃদ্ধি কৰা কাৰ্যত নৱ প্ৰজন্মই হাত উজান দিব লাগে৷ এনে বহু প্ৰতিভাৱান সাহিত্যিক আছে যাৰ লেখাৰ মাজত বিচাৰি পোৱা যায় সাহিত্য পঠনৰ অনন্য মাদকতা৷ নৱ প্ৰজন্মই এইসকল সাহিত্যিকক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব লাগে৷

বৰ্তমান সময়ত কিতাপবোৰ ই মাধ্যমত সংৰক্ষণ কৰাৰ যি ব্যৱস্থাৰ সৃষ্টি হৈছে, সেইক্ষেত্ৰতো আগ ভাগ ল’ব লাগিব নৱ প্ৰজন্মই৷ অন্যান্য দেশবোৰত এইক্ষেত্ৰত বহুদূৰ আগুৱাই গ’ল যদিও আমাৰ অসম আৰু অসমীয়া ভাষা এইক্ষেত্ৰত বহু দিশত পাছ পৰি আছে৷ এইক্ষেত্ৰত নৱ প্ৰজন্মৰ দায়িত্ব অনেক আছে৷ কাৰিকৰী দিশত বৰ্তমান যুৱক-যুৱতীসকল যথেষ্ট আগবঢ়া৷ গতিকে অসমৰ ইতিমধ্যে প্ৰকাশিত হোৱা কিতাপবোৰ ই মাধ্যম আৰু ডিজিটেল মাধ্যমত সংৰক্ষণ কৰি বিশ্বৰ আগত অসমীয়া ভাষা-সাহিত্যক প্ৰতিষ্ঠা কৰা কাৰ্যত নৱ প্ৰজন্মৰ গুৰু দায়িত্ব আছে৷

সেইদৰে নৱ প্ৰজন্মই সাহিত্যিকসকলক শ্ৰদ্ধা আৰু সমীহ কৰি চলা উচিত৷ সাহিত্যিকসকল হৈছে সমাজ-সভ্যতাৰ প্ৰকৃত প্ৰশাসক৷ তেওঁলোকক শ্ৰদ্ধা কৰা মানে আমাৰ সাহিত্যৰাজিক শ্ৰদ্ধা কৰা৷ সেইদৰে লেখকৰ ভাল গুণখিনিৰ প্ৰশংসা কৰি বেয়াখিনিৰ সমালোচনা কৰা দায়িত্বও নতুন প্ৰজন্মৰ হাততে আছে৷

 বহুতে আক্ষেপ প্ৰকাশ কৰে যে অসমীয়া সাহিত্যত নিৰপেক্ষ সমালোচনা খুব কমেইহে পোৱা যায়৷ তদুপৰি সমালোচকৰ সংখ্যাও তুলনামূলকভাৱে কম৷ গতিকে নৱ প্ৰজন্মৰ ইচ্চুকসকলে সমালোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগে আৰু নিৰপেক্ষ সমালোচনাৰ দ্বাৰা সাহিত্যৰ প্ৰকৃত দোষ-গুণখিনি বিচাৰ কৰিব লাগে৷

পৰিশেষত ক’ব পাৰি যে, যুৱ শক্তি হৈছে দেশ বা জাতিৰ প্ৰগতিৰ  লাই খুটা৷ এই লাই খুটাই কিদৰে বৰঘৰ মজবুত কৰি ৰাখিব লাগে তাৰ বিধি বিধান নৱ প্ৰজন্মই  ইতিমধ্যে জানেই৷ মাত্ৰ তাৰ সঠিক প্ৰয়োগ হ’লেই  হ’ল৷ নৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই নিজে বলিষ্ঠ আশাবাদত বিশ্বাস কৰোঁ৷ সেয়েহে এই প্ৰজন্মৰ দোষ ভুল দেখুৱাতকৈ ভুলবোৰৰ শুধৰণিৰ আলোচনা কৰাতোহে বেছি প্ৰাসংগিক বুলি ভাবো৷ কিতাপৰ অবিহনে যে এটা জাতিৰ ভৱিষ্যৎ অন্ধকাৰ, তাৰ মৰ্ম উপলব্ধি কৰিবৰ হ’ল আৰু আনকো কৰোৱাবৰ হ’ল৷  অধ্যয়নৰ দ্বাৰা নিজে সমৃদ্ধ হৈ আৰু পৰোক্ষভাৱে সমাজখনকে আগুৱাই নিবলৈ সংকল্পবদ্ধ  হোৱাটোহে আজিৰ সময়ত নৱ প্ৰজন্মৰ প্ৰধান দায়িত্ব৷


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments