* কুৰি শতিকাৰ আমেৰিকাৰ সমাজ বিপ্লৱী হিচাপে সৰ্বজনবিদিত কৃষ্ণাংগ অভিনেতা আৰু গায়ক ’পল ৰবছন’ৰ নামটো বিশ্ব সাহিত্য-সংস্কৃতিৰ বাবে এটি মনত ৰাখিবলগীয়া নাম৷ আমেৰিকাৰ দহজন বৰেণ্য ব্যক্তিৰ নাম ল’বলৈ ক’লে মই পল ৰবছনৰ নামটো নিশ্চয়কৈ ল’ম৷ আমেৰিকাক সাংস্কৃতিকভাৱে বিশ্ব সভ্যতাৰ আগত প্ৰতিষ্ঠা কৰাত তেওঁৰ ভূমিকা আৰু অৱদান আছিল অপৰিসীম৷ কিন্তু জীৱিত কালত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা প্ৰাপ্য সন্মান নাপালে৷ সাম্যবাদক গুৰুত্ব দিয়া বাবে তেওঁ সেইসময়ত আমেৰিকাৰ পৰা তিৰস্কাৰহে পাব লগা হৈছিল; কিন্তু পৰৱৰ্তী সময়ত পল ৰবছনে মানৱতাবাদী হিচাপে আৰু কৃষ্ণাংগসকলৰ মুক্তিদাতা হিচাপে যথেষ্ট মৰ্যাদা আৰু খ্যাতি লাভ কৰে৷ মানৱদৰদী শিল্পী পল ৰবছনৰ ‘ৱাটাৰ বয়’, ‘মা কাৰ্লি হেডেড বেবি’, ‘উই আৰ ইন দি ছেইম বোট, ব্ৰাডাৰ’,‘অল মে ৰিভাৰ’[‘শ্ব ব’ট’ ছবিৰ] আদি সৰ্বাধিক জনপ্ৰিয় গীত৷ গায়ক হোৱাৰ ওপৰিও তেওঁ অভিনয় কৰিছে –ছেণ্ডাৰ্ছৰ্ অব্ দি ৰিভাৰ [১৯৩৫], শ্ব’ ব’ট [১৯৩৬] আদিৰদৰে বিখ্যাত চলচিত্ৰত৷ শ্ব’ ব’ট চলচিত্ৰখনতে তেওঁ গোৱা ‘Old Man River’ নামৰ বিখ্যাত গীতটো আছে৷ গীতটো লিখিছে অস্কাৰ হামাৰষ্টেইন নামৰ ব্যক্তিগৰাকীয়ে৷ গীতটোত কণ্ঠ নিগৰাইছে পল ৰবছনে৷ এই আলোচনাত বিষয়ৰ পৰিসৰৰ ভিতৰত থাকি তেওঁ গোৱা এই বিখ্যাত গীতটিৰ লগত ভূপেন হাজৰিকাৰ এটি গীতৰ তুলনামূলক অধ্যয়ন কৰা হ’ব৷
অসমীয়া গীতি সাহিত্যৰ আধুনিক যুগৰ পিতৃ স্বৰূপ আৰু সাম্প্ৰতিক সময়ৰ সাহিত্য সংস্কৃতিৰ বহুচৰ্চিত ‘বিশ্ববৰেণ্য’ ‘ভাৰতৰত্ন’ অভিধাৰে বিভূষিত শিল্পী ভূপেন হাজৰিকা হৈছে এজন গণ-শিল্পী৷ বিংশ শতিকাৰ তৃতীয় দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ অসম আৰু পৰোক্ষভাৱে ভাৰতীয় সমাজ সভ্যতাক মূলতঃ গীত আৰু সাহিত্যৰ মাজেৰে এখন বৰ্ণিল জগতৰ সৈতে এক কৰি ৰখা ভূপেন হাজৰিকা কেৱল এজন গায়ক নাছিল, তেওঁ হ’ল ভাৰতীয় সঙ্গীতৰ মহান সঙ্গীতজ্ঞসকলৰ অন্যতম৷ তদুপৰি তেওঁ আছিল একেধাৰে সুৰকাৰ, গীতিকাৰ, ৰাজনীতিবিদ, অধ্যাপক, আলোচনী সম্পাদক, ভাষাবিদ তথা বাদ্যবিদ, তাল-ৰচক, বাদ্যযন্ত্ৰী আৰু বিশেষভাৱে সমাজ-সংস্কাৰক আৰু সমাজ-সংগঠক৷ সাম্প্ৰতিক সময়তো অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ সঙ্গীত জগতত এনে এজন দ্বিতীয় পুৰুষ জন্ম হোৱা নাই যি ভূপেন হাজৰিকাৰ বিশাল প্ৰতিভাৰাজিক ম্লান কৰিব পাৰিছে৷ প্ৰকৃততে হাজৰিকাৰ ব্যক্তি সত্ত্বাত ইমানবোৰ গুণ একেলগে থকাটোৱেই এটা বিৰল ঘটনাৰ দৰে৷ ভূপেন হাজৰিকা জনতাৰ শিল্পী আছিল৷ তেওঁ মাটি আৰু মানুহৰ গান গাইছিল৷ আলোচনাৰ পৰিসৰৰ ওপৰত লক্ষ্য ৰাখি তেওঁৰ এটি গীতৰ সৈতে পল ৰবছনে কণ্ঠ দান কৰা গীতটোৰ তুলনামূলক অধ্যয়ন কৰা হৈছে৷
★ নিৰ্ধাৰিত গীত দুটিৰ ‘বিষয়সাৰ’ সম্পৰ্কীয় অধ্যয়ন
‘‘সঁচা শিল্পীয়ে জনতাৰ কল্যাণ কামনা কৰে৷ জনতাৰ মংগল বিচাৰে৷ সকলো অশুভ শক্তিৰ হাতোৰাৰ পৰা জনতাক ৰক্ষা কৰি মুক্তজীৱন চয়ন এয়াই সৰ্বযুগৰ শিল্পীৰ উদ্দেশ্য৷’’ অস্কাৰ আৰু ভূপেন হাজৰিকাৰ দ্বাৰা লিখা এই গীত দুটাতো উল্লিখত আপ্ত কথাকেইষাৰ হুবহু মিলে৷ পল ৰবছনে গোৱা বহু গীতৰ দৰে ‘Old Man River’ নামৰ কালজয়ী গীতটিও জনতাৰ হকে, জনতাৰ স্বাৰ্থত লিখা গীত৷ এই গীতটিত ৰবছনে Mississipi নদীখনক উদ্দেশ্যি তেওঁৰ অন্তৰৰ ক্ষোভ, প্ৰতিবাদ, হতাশা আৰু স্থিতি আদি বিষয়বোৰ ডাঙি ধৰিছে৷ শ্ৰমিকৰ অসহনীয় দুখ-কষ্ট দেখি, মালিক পক্ষৰ অন্যায়-অবিচাৰ দেখি পল ৰবছন ক্ষুন্ন হৈ প্ৰত্যক্ষভাৱে শাসক পক্ষক এশিকনি দিব নোৱাৰি Mississipi নদীখনকে সভ্যতাৰ প্ৰতীক হিচাপে উদ্দেশ্যি প্ৰতিবাদ কৰিছে৷ Mississipi নদীখনক বৃদ্ধ বুলি উপহাস কৰাৰ চলেৰে সমগ্ৰ দেশখনকে ব্যঙ্গ কৰিছে৷
দুখীয়া, শ্ৰমিকৰ ত্যাগ, কষ্ট আৰু সাম্যৰ্থক আস্থাত ৰাখি পল ৰবছনে এই কথা দৃঢ়তাৰে স্বীকাৰ কৰিছে যে সকলো জানি শুনিও বৃদ্ধ নদীখনে মৌনতা অৱলম্বন কৰিছে৷ এই মৌনতা ইমানেই একপক্ষীয় যে নদীখনে কাৰো একো লাভালাভ কৰিব নোৱাৰি বা প্ৰচলিত গোড়া ব্যৱস্থা এটা সলনি কৰিব নোৱাৰি বৃদ্ধ মানুহৰদৰে কেৱল নিজেই অকলে অকলে নিসংগ, নিৰলসভাৱে বৈ আছে৷ অৰ্থাৎ নদীক পৰিৱৰ্তনৰ বাহক ৰূপে গীতটোত উপস্থাপন কৰা হৈছে৷
‘বিস্তীৰ্ণ পাৰৰে’ গীতটিও ভূপেন হাজৰিকাই পল ৰবছনৰ এই গীতটোৰে আদৰ্শ অনুকৰণ কৰি অসমীয়া ভাষা আৰু পৰৱৰ্তী সময়ত অসমীয়া গীতটোৰ বাংলা, হিন্দীৰ অনুবাদ আদি বিভিন্ন ভাষাত লিখি উলিয়াইছে৷ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটিত হাজৰিকাই ব্ৰহ্মপুত্ৰক লক্ষ্য হিচাপে লৈ সমাজখনৰ দুখ-দুৰ্গতি অন্যায়ৰ কথা ক’ব বিচাৰিছে৷ যিটো কাম ৰবছনে Mississipi ক উদ্দেশ্যি কৰিছে৷ দুয়োজন গীতিকাৰে দুখন প্ৰতিনিধিত্বকাৰী নদীক উদ্দেশ্যি নিজৰ বক্তব্য গীতৰ মাজেৰে প্ৰকট কৰাৰ মূলতে হ’ল যে নদী হৈছে প্ৰতিটো সভ্যতাৰে সাক্ষী আৰু যুগ যুগ ধৰি মানৱ সভ্যতাৰ উত্থান-পতন এই নদীবোৰে দেখি আহিছে৷ সময় সলনি হৈছে; কিন্তু সলনি হোৱা নাই ধাৱমান গতিৰে বৈ থকা নদীৰ পানী, সোঁত আৰু ইয়াৰ প্ৰবাহ৷ সেয়েহে দুয়োজন গীতিকাৰে দুয়োটা অঞ্চলৰ দুখন বিশেষ নদীক কেন্দ্ৰ কৰি গীতৰ বিষয়বস্তু থিৰাং কৰিছে৷
ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজেৰে বৈ যোৱা বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনেই অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ মূল কেন্দ্ৰবিন্দু৷ এই অঞ্চলৰ আৰ্থ সামাজিক অৱস্থা, যাতায়াত, যোগাযোগ ইত্যাদি প্ৰায় সকলো বিষয়তে ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা অপৰিসীম৷ কিন্তু হাজৰিকাই আক্ষেপ কৰিছে যে– বিস্তীৰ্ণ পাৰৰ অসংখ্য জনতাৰ হাহাকাৰ শুনিও নিশব্দে, নিৰলে বিনা প্ৰতিবাদে ব্ৰহ্মপুত্ৰ নদী বৈ আছে৷ সেয়েহে তেওঁ প্ৰশ্ন কৰিছে– নৈতিকতা নষ্ট গোৱা স্বত্বেও, মানৱতা ভ্ৰষ্ট হোৱা স্বত্বেও মহাবাহু ব্ৰহ্মপুত্ৰ নিৰলে কেনেকৈ ব’ব পাৰিছে? কাৰণ হাজৰিকাৰ মতে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়, সেই ব্ৰহ্মাৰ পুত্ৰ হৈ পৃথিৱীৰ অন্যায়-অবিচাৰ ব্ৰহ্মপুত্ৰই কিদৰে সহিব পাৰিছে? নিজৰ অদম্য শক্তিৰে নদীখনে কিয় মানৱ সভ্যতাক ‘ভাল’ কৰি তুলিব পৰা নাই; সেই আক্ষেপ আৰু প্ৰতিবাদ হাজৰিকাৰ গীতটিত পোৱা যায়৷
পল ৰবছন আৰু ভূপেন হাজৰিকাৰ আলোচ্য দুয়োটা গীতৰ প্ৰধান বিষয় বা পাঠ [text] হৈছে– প্ৰতিবাদ৷ গীত দুটিৰ কথাংশই এই কথা প্ৰতিপন্ন কৰে৷ আৰু দুয়োজন গীতিকাৰ হৈছে জনগণৰ বুকুৰ কথা কোৱা, ৰোমািণ্টিক আৱেগত বিভোৰ নহৈ বাস্তৱ, সমস্যাপ্ৰধান সমাজখনৰ কথা কোৱা আৰু দুখ-দুৰ্গতি, স্বাৰ্থপৰতা, শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জনতাৰ শিল্পী৷
★ নিৰ্ধাৰিত গীত দুটিৰ তুলনামূলক আলোচনা
পল ৰবছনৰ ‘Old Man in the River’ আৰু ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে’ দুয়োটা গীতৰে মাজত তুলনামূলক আলোচনা কৰিবলৈ যাওঁতে সামাজিক আৰু সাংস্কৃতিক দুয়োটা দিশতে সাদৃশ্য আৰn পাৰ্থক্য পৰিলক্ষিত হ’ব৷ দুয়োটা গীতৰ বিষয়বস্তু একে৷ দুয়োজন গীতিকাৰে দুখন বিশিষ্ট নদী ক্ৰমে Mississipi আৰু ব্ৰহ্মপুত্ৰক গীত দুটাৰ মূল পাঠ [text] হিচাপে গ্ৰহণ কৰিছে৷ ভূপেন হাজৰিকাতকৈ পল ৰবছনৰ গীতটোৰ ৰচনা কাল আগৰ৷ ভূপেন হাজৰিকাই পল ৰবছনৰ গীতটোৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি নিজেই উল্লেখ কৰিছে৷ গতিকে ভূপেন হাজৰিকাৰ গীতটিত পল ৰবছনৰ গীতটোৰ প্ৰভাৱ পৰাটো স্বাভাৱিক৷ দুয়োটা গীতৰে মূল বিষয় প্ৰচলিত সমাজৰ বিৰুদ্ধে প্ৰতিবাদ৷ সমাজৰ প্ৰচলিত ব্যৱস্থা, শ্ৰমিকৰ দুখ-যন্ত্ৰণা, শাসকীয় পক্ষৰ দানৱীয় আচৰণ, খাতি খোৱা সাধাৰণ জনতাৰ দুখ, দুৰ্গতি, অন্যায়-অবিচাৰ আদি দেখি শুনি দুয়োজন গীতিকাৰেই চিন্তিত আৰু ক্ষোভিত; সেয়েহে তেওঁলোকে প্ৰত্যক্ষভাৱে হাতে-কামে একো কৰিব নোৱাৰি গীতৰ মাজেৰেই দুখন নদীক উদ্দেশ্যি প্ৰচলিত সমাজ, সভ্যতাক ব্যঙ্গ আৰু উপহাস কৰি দেখুৱাইছে৷ পল ৰবছনে Mississipi ক ‘Old man’ বুলি অভিহিত কৰাৰ দৰে ভূপেন হাজৰিকায়ো ব্ৰহ্মপুত্ৰক ‘বুঢ়া লুইত’ বুলি অভিহিত কৰিছে৷ ‘বৃদ্ধ’ অভিধাটোৰে দুয়োজন গীতিকাৰে সমাজ ব্যৱস্থাৰ স্থৱিৰ, গোড়া, অপৰিৱৰ্তিত অৱস্থাটোক নিৰ্দেশ কৰিছে৷
পল ৰবছনৰ গীতটোত আমেৰিকাৰ ক’লা নিগ্ৰো মানুহৰ দুখ, যন্ত্ৰণা, কষ্টৰ চিত্ৰণ দেখুওৱা হৈছে৷ শ্বেতাংগ মানুহে কৃষ্ণাংগ মানহৰ ওপৰত কৰা অত্যাচাৰ, শোষণ আৰু বৰ্ণবাদ আদিৰ বিৰুদ্ধে এই গীতটোত উল্লেখ আছে৷ গীতটোৰ প্ৰথম স্তৱকতে Mississipi নদীয়ে সকলো জানি-শুনিও একো নকয় বা জনতাৰ হকে প্ৰতিবাদ নকৰে বুলি গীতিকাৰে আক্ষেপ কৰিছে–
old man River / dat old man riverhe mus' know something / but don.t say nothing
নদী এখনৰ ওপৰত জনতাৰ আস্থা বিষয়টোৱে নদীখনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক চিহ্নিত কৰে৷ সেইদৰে ‘বিস্তীৰ্ণ পাৰৰে’ গীতটোৰ প্ৰথম স্তৱকত আছে সহস্ৰ জনতাৰ আহ্বান, কাতৰতা শুনিও ব্ৰহ্মপুত্ৰ নৈখনে প্ৰতিবাদ নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ৷
হাহাকাৰ শুনিও / নিশব্দে নিৰলে
অসংখ্য জনৰ হাহাকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ হৃদয় কিয় গলাব পৰা নাই বা সকলো জানি-শুনিও ব্ৰহ্মপুত্ৰ কিয় নিমাতে-নিতালে বৈ আছে, এইয়া গীতিকাৰৰ প্ৰশ্ন৷ দুয়োটা গীতৰ প্ৰথম স্তৱক দুটাৰ সাদৃশ্য এয়ে যে দুয়োটা গীততে Mississipi আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত গীতিকাৰৰ আক্ষেপ আছে৷ সেইদৰে দুয়োটা গীততে দুয়োখন নদীক নিসংগ আৰু অকলে বৈ যোৱাৰ কথা উল্লেখ আছে৷ সমাজ জীৱনৰ সৈতে অংগাগীভাৱে জড়িত নদী দুখন কিয় অকলে, নিসঙ্গভাৱে, সমাজবিচ্ছিন্ন হৈ বৈ যাব লগা হৈছে; এইয়া সন্দেহ আৰু বিচাৰ্যৰ বিষয়৷ দুয়োজন গীতিকাৰে আশা কৰে যে নদী দুখনে নিজৰ শক্তি আৰু সাহসেৰে এখন নতুন সমাজ গঢ়ি তোলক৷
‘‘ড॰ ভূপেন হাজৰিকাৰ সমগ্ৰ সত্তাই এক বিপ্লৱী সত্তা৷ গীতৰ মাজতে তেওঁ বিদ্ৰোহী অন্তৰে আকাশত বিজুলীৰ চমকনিৰ দৰে চমকিছে৷ কেতিয়াবা লেলিহান শিখা হৈ দাউ-দাউকৈ জ্বলি উঠিছে৷ ড॰ ভূপেন হাজৰিকাই শোষিত-বঞ্চিত জনসাধাৰণৰ নিপীড়ন-বঞ্চনাৰ ওৰ পেলাবলৈ এখন শোষণ-বঞ্চনাহীন সমাজৰ কামনা কৰিছে৷ ‘সেইখন সমাজ গঢ়িবলৈ জাগি উঠা তেওঁৰ বিদ্ৰোহী আত্মাৰ আকূতি আৰু বিপ্লৱ সুৰ হৈ, গীত হৈ ওলাইছে৷’’ ভূপেন হাজৰিকায়ো গীতটোত ব্ৰহ্মপুত্ৰ নদীক কেৱল প্ৰতীক হিচাপে লৈ ৰাজনৈতিক শক্তি বা শাসকীয় পক্ষ আৰু জনতাক উদ্দেশ্যি ক্ষোভ আৰু প্ৰতিবাদ ব্যক্ত কৰিছে৷
সেইদৰে পল ৰবছনৰ বহু গীতত বিদ্ৰোহ আৰু প্ৰতিবাদৰ সুৰটো দৃঢ়৷ তেওঁ জাতি আৰু দেশৰ প্ৰতি প্ৰচুৰ দায়বদ্ধ আছিল৷ তেওঁৰ সত্ত্বাও বিপ্লৱী সত্তা৷ চিৰিয়াছ বিষয়বস্তু আৰু সমাজ সচেতনতাৰ বিষয়ো যে গীতৰ মাধ্যমলৈ আনিব পাৰি, সেই কথা ৰবছনে তাহানিতেই উপলব্ধি কৰিছিল আৰু সেইমতে সস্তীয়া জনপ্ৰিয়তা নিবিচাৰি সমাজ সংস্কাৰৰ বাবে গীতৰ মাধ্যমেৰে কাম কৰি গৈছিল৷ শোষণকাৰী, দমনকাৰী আৰু দৰিদ্ৰ বা শ্ৰমিকে ভূগিবলগীয়া হোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ কৰিবলৈ মানুহক প্ৰেৰণা যোগোৱাত তেওঁৰ বিদ্ৰোহী গীতবিলাক তৰোৱালতকৈয়ো চোকা৷ সেইদৰে কৃষ্ণাংগসকলক দাসত্বৰ পৰা মুকলি কৰি মুক্তি আৰু স্বাধীনতাৰ পথ দেখুৱাবলৈ ৰবছনে গীত আৰু অভিনয়ৰ মাধ্যমেৰে কাম কৰিছিল৷
আমেৰিকাত থকা Mississipi নদীৰ প্ৰসংগ ভূপেন হাজৰিকাৰ গীততো পোৱা যায়৷ তেওঁ জানে যে শোষণ, নিপীড়ন এক বিশ্বজনীন প্ৰক্ৰিয়া৷ বিশ্বজনতাৰ এই নিৰ্যাতন, নিষ্পেষণ তেওঁ সদায় দেখি আহিছে৷ মিছৰৰ নীল নদীৰ পাৰৰ দৰিদ্ৰ নিগ্ৰো কপাহ খেতিয়কৰ বুকুৰ বিননি শুনি হাজৰিকাই কৈছে–
বৈষম্য আৰু স্থৱিৰতা দেখি-শুনি, অন্যায়-উৎপীড়ন দেখি-বুজি ভূপেন হাজৰিকাৰ গীতো বিদ্ৰোহী হৈ উঠিছে৷ এনে নিৰ্যাতিত, নিপীড়িত মানৱাত্মাৰ আৰ্তনাদ শুনিও অলস হৈ থকা সমাজৰ প্ৰতি হাজৰিকাৰ সুতীব্ৰ উপহাস এনেধৰণৰ–
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক / সমষ্টি যদি ব্যক্তিত্ব ৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়?
ব্যক্তিক ব্যক্তিকেন্দ্ৰিতাৰ পৰা আঁতৰাই সমাজকেন্দ্ৰিক কৰাতো ভূপেন হাজৰিকাই বিচাৰিছিল৷ সামাজিক প্ৰাণী হিচাপে মানুহে সমাজক গুৰুত্ব দিলেহে সভ্যতা এটা বৰ্তি থাকিব বুলি হাজৰিকাই বিশ্বাস কৰে৷ পল ৰবছনৰ গীতটো Mississipi নদীয়ে সেই অঞ্চললৈ নতুনত্ব আৰু স্বাধিনতা আনিব নোৱাৰাৰ প্ৰতিবাদ ফুটি উঠিছে এনেদৰে–
He don't plant taters / he don't plant cotton
an' them that plan'ts them / is soon forgotten
ব্ৰহ্মপুত্ৰক ধৰ্মীয় বিশ্বাস মতে ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়৷ বৈজ্ঞানীক ভিত্তি নথকা স্বত্তেও হাজৰিকায়ো সমাজৰ পৰম্পৰাগত ধাৰণাটোতে গীতটোত ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলিয়েই স্বীকাৰ কৰিছে৷ স্বীকাৰ কৰা বাবে তেওঁৰ প্ৰতিবাদ কৰিবলৈয়ো সুবিধা হৈছে৷
তুমিয়ে যদি ব্ৰহ্মাৰ পুত্ৰ / সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহ’লে প্ৰেৰণা নিদিয়া কিয়?
ব্ৰহ্মাক ধৰ্মীয় বিশ্বাসমতে পৃথিৱীৰ স্ৰষ্টা কৰ্তা বুলি কোৱা হয়৷ পৃথিৱী স্ৰষ্টাৰ পুত্ৰ হৈ কিয় ব্ৰহ্মপুত্ৰই নিজৰ ক্ষমতা আৰু শক্তিৰে পৃথিৱীখন সুন্দৰ আৰু সবল ৰূপত গঢ়ি তুলিব পৰা নাই বুলি গীতিকাৰে গীতটিত প্ৰশ্ন কৰিছে৷ ইয়াৰোপৰি ‘মহাবাহু’, ‘মহামিলনৰ তীৰ্থ’ আদি অভিধাৰে ব্ৰহ্মপুত্ৰ নদীক হাজৰিকাই অনন্য মৰ্যাদা দি গৈছে৷ অগ্নিযুগৰ ফিৰিঙতি ভাঙি নতুন অসম গঢ়াৰ সপোন দেখা ভূপেন হাজৰিকাই এই গীতটিৰ জৰিয়তে অসমৰ লগতে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু স্বাভিমানৰ প্ৰসংগও আনিছে৷ ব্ৰহ্মাৰ পুত্ৰ বুলি ব্ৰহ্মপুত্ৰক মৰ্য্যাদা দি কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰৱল প্ৰতাপী ভীষ্মৰ প্ৰসংগও গীতৰ মাজলৈ আনিছে৷ সেইদৰে ভীষ্মৰ দৰে অজস্ৰ বীৰক ব্ৰহ্মপুত্ৰই বা ইয়াৰ পাৰৰ সভ্যতাই কিয় পুনৰ জন্ম দিব পৰা নাই; সেই প্ৰশ্নও গীতটিত আছে৷
উন্মত্ত ধৰাৰে / শৰ শয্যাকে
আলিঙ্গন কৰা / ভীষ্মৰূপী
অজস্ৰ বীৰক / জগাই নোতোলা কিয়?
সেইদৰে পল ৰবছনৰ গীতটিত প্ৰকাশ পাইছে নিগ্ৰো শ্ৰমিকসকলৰ দুখ আৰু কষ্টৰ বাস্তৱ ছবিখন৷ দিনৰ-দিনটো কষ্ট কৰাৰ অন্তত ঘাম আৰু অৱশ শৰীৰে এইসকল শ্ৰমিকে দুখৰ ৰাতি কটাবলগীয়া হয়৷ কেতিয়াবা এটোপাল পানী খাই ৰাতি পাৰ কৰিবলগীয়া হয়৷ ক্লান্তিকৰ জীৱনত শ্ৰমিকসকলৰ সুখ আৰু শান্তি বুলিবলৈ একো নাই৷ উচ্চ বংশ আৰু অভিজাত শ্ৰেণীটোৱে চিৰদিন শ্ৰমিকসকলক কেৱল কাম কৰাৰ যন্ত্ৰ ৰূপেহে ব্যৱহাৰ কৰি আছে৷ ভাগৰুৱা শ্ৰমিকে কেৱল আশা কৰে দুবেলা-দুমুঠি যোগাৰ কৰাৰ৷ তাৰ বাহিৰে যেন জীৱন আৰু সপোন বুলিলবলৈ এই শ্ৰমিকসকলৰ একো নাই৷ ৰবছনে গীতটোৰ শেষৰফালে উল্লেখ কৰিছে এইদৰে–
you and me, we sweat and strain
body all achin' and racked with pain
tote that barge and lift that bale
git a little drunk
an' you land jail
i get weary
and sick of tryin
দুয়োটা গীতৰ মাজত সাদৃশ্য থাকিলেও কিছু পাৰ্থক্যও পৰিলক্ষিত হয়৷ যেনে দুয়োটা গীতৰ মাজত প্ৰতিবাদ আছে যদিও পল ৰবছনৰ গীতটোৰ মুখ্য বিশেষত্ব হৈছে শ্ৰমিকৰ দুখ, কষ্টৰ কলাত্মক চিত্ৰণ৷ কিন্তু ভূপেন হাজৰিকাৰ গীতটোৰ মুখ্য বিশেষত্ব হৈছে ‘অসমৰ সামগ্ৰিক সমস্যাৰ চিত্ৰণ’৷ পল ৰবছনে Mississipi নদীক শ্ৰমিকৰ সমস্যাৰ কথা উল্লেখ কৰি নৈখন নিৰলে বৈ যোৱাৰ কথা উল্লেখ কৰিছে৷ কিন্তু ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক অসমৰ সমস্যাৰ কথা কোৱাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰই দুখ-কষ্টবোৰ নিঃশেষ কৰি ধনাত্মক পৰিৱৰ্তন আনি দিব বুলিও আশা পোষণ কৰিছে৷
ভূপেন হাজৰিকাৰ গীতটোত সমাজ জীৱনৰ দিশটো বেছি প্ৰকট হৈছে৷ অন্যহাতে পল ৰবছনৰ গীতটোত শোষিত, দলিত শ্ৰেণীটোৱে বিশেষ অগ্ৰাধিকাৰ পাইছে৷ সেইদৰে ভূপেন হাজৰিকাই ঐতিহ্য চেতনাৰ দিশতো গীতটোত প্ৰতিষ্ঠা কৰিছে৷ ব্ৰহ্মাৰ পুত্ৰ বুলি ব্ৰহ্মপুত্ৰক প্ৰতিষ্ঠা কৰিছে৷ অন্যহাতে পল ৰবছনৰ গীতত বাস্তৱ জীৱনটোহে বিশেষভাৱে মূৰ্ত হৈ উঠিছে৷
পৰিশেষত ক’ব পাৰি বাস্তৱ জীৱনৰ সমস্যাৰাজিক কেন্দ্ৰ কৰি লিখা এই দুয়োটা গীত আজিও প্ৰাসঙ্গিক আৰু সমানে জনপ্ৰিয়ও৷ গীতি সাহিত্যৰ অনেক সমলেৰে সমৃদ্ধ এই গীত দুটাৰ মাজত নিহিত হৈ আছে এটা জাতি, এটা যুগ আৰু দুয়োখন নদীক কেন্দ্ৰ কৰি সৃষ্ট সমাজৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক অৱস্থাৰ অৱক্ষয়ৰ ভয়াবহ চিত্ৰ আৰু এই চিত্ৰৰ মাজেৰেই ফুটি উঠিছে দুয়োজন সঙ্গীতজ্ঞৰ জীৱনাদৰ্শ ৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments