ময়ূৰ বৰাৰ বক্তৃতা ।। নৰ্থ লখিমপুৰ কলেজ ।।

* এটা শক্তিশালী বক্তৃতা আৰু নতুন প্ৰজন্ম 

---[ নৰ্থ লখিমপুৰ কলেজৰ ২০১৬ বৰ্ষৰ নৱাগত আদৰণি সভাত ময়ুৰ বৰাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দিয়া বক্তৃতাৰ লিখিত ৰূপ৷ লেখাটি সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল৷ © ভাস্কৰ ভূঞা ]

---

সাম্প্ৰতিক সময়ত চিন্তাশীল গদ্য ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা  লিখক সাহিত্যিকসকলৰ ভিতৰত ময়ূৰ বৰা নিসন্দেহে অন্যতম ৷ তেওঁ সাম্প্ৰতিক অসমীয়া প্ৰবন্ধ সাহিত্যৰ হোতা স্বৰূপ৷ ময়ূৰ বৰাৰ এটা শক্তিশালী বৌদ্ধিক পৃষ্ঠভূমি আছে যি তেওঁক এজন লিখক হিচাপে বিশেষভাৱে সমৃদ্ধ কৰি তুলিছে৷ বহুসময়ত বৰাৰ লেখাই বিতৰ্কৰ সূত্ৰপাত কৰিছে যদিও বৌদ্ধিক দিশৰ ইতিবাচক বিতৰ্কবোৰে সমাজখনলৈ নিতে নব্য দিশৰ উন্মোচন ঘটোৱাতহে বিশেষভাৱে সফলতা অৰ্জন কৰিছে বুলি আমি ক’ব খোজো৷ বিশেষকৈ সাম্প্ৰতিক সমস্যা, ধৰ্মীয় ভণ্ডামি, গোড়া পৰম্পৰা আদি স্পৰ্শকাতৰ দিশবোৰৰ বিপক্ষে ময়ূৰ বৰাৰ কলম অতি তীক্ষ্ণ৷ এইজন প্ৰতিভাশালী গদ্য লিখক তথা চিন্তাবিদক ২০১৬ বৰ্ষত আমন্ত্ৰণ জনোৱা হয় অসমৰ ভিতৰতে প্ৰথম স্বায়ত্তশাসিত কলেজৰ মৰ্যদা প্ৰাপ্ত ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ কলেজৰ নৱাগত আদৰণি সভাৰ মুখ্য অতিথি হিচাপে৷

যোৱা ২৭-৮-২০১৬ তাৰিখে ময়ূৰ বৰাই নৰ্থ লখিমপুৰ কলেজৰ নৱাগত আদৰণি সভাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে৷ প্ৰায় এঘণ্টা জুৰি দিয়া বক্তৃতাটোৱে কলেজ পৰিয়ালৰ সকলোকে আপ্লুত কৰে৷ তেওঁৰ শব্দ প্ৰয়োগৰ যি চমৎকাৰ,  বাক্য উপস্থাপনৰ যি চাতুৰ্য, উদাহৰণ আৰু তথ্যসহ বিষয়ৰ স্পষ্টতা নিৰূপন কৰাত যিদৰে সিদ্ধহস্ত, তদুপৰি যি এক সাৱলীল প্ৰকাশভংগীৰে তেওঁ কোনো  এটা বিষয় বৰ্ণনা কৰিব পাৰে, এই দিশবোৰ সভাত উপস্থিত থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে আছিল বেছ আকৰ্ষণীয়৷ তেওঁ বক্তৃতাৰ মাজেৰে এই কথা প্ৰতিপন্ন কৰিছিল যে যুক্তি, সাহস আৰু সততা থাকিলে প্ৰতিটো বিষয়েই সমাজৰ সকলোৰে বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰ স্বৰূপ৷ বৰাই তেওঁৰ বক্তৃতা আৰম্ভ কৰিছিল এনেদৰে- “অনানুস্থানিকভাৱেই  কথা এষাৰে আৰম্ভ কৰিব বিছাৰিছোঁ৷ অকল কায়িক বা শাৰীৰিক ভাৱেই চাপৰ নহয়; জ্ঞান, অভিজ্ঞতা, প্ৰজ্ঞা আৰু জীৱনবোধ এই সকলোদিশৰ পৰাই চাপৰ এজন মানুহক এখন ঐতিহ্যমণ্ডিত কলেজৰ এটা বিশেষ গুৰুত্বপূৰ্ণ দিনত নৱ-প্ৰজন্মৰ আগত বিশেষকৈ দুআষাৰ ক’বলৈ সুবিধা দিয়াৰ বাবে  কলেজ কৰ্তৃপক্ষৰ সেই  চিন্তাক সম্ভাষণ জনাইছোঁ৷ আৰু কেতিয়াবা কেতিয়াবা অনানুষ্ঠানিকভাৱে আনুষ্ঠানিকতাৰ বেহু ভাঙি কথা কোৱাৰ আনন্দটো হয়গৈ বৰ বেলেগ৷”  

বক্তৃতাৰ প্ৰথমতেই তেওঁ লখিমপুৰ, ধেমাজি জিলাৰ জনসাধাৰণৰ আন্তৰিকতা, অতিথিপৰায়নতা আৰু ৰুচিশীল জীৱনবোধৰ কথা উল্লেখ কৰে৷ কলেজখনক লখিমপুৰ জিলা আৰু সমগ্ৰ অসমখনৰে এটি গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰি এই সম্পদৰ যথোপযুক্ত ব্যৱহাৰে নৱ প্ৰজন্মৰ প্ৰতিজন সদস্যৰ মন, মনন, চিন্তনক ব্যতিক্ৰৰ্মী ধৰণেৰে আৰু ইতিবাচক দিশেৰে সমৃদ্ধ কৰিবলৈ বৰাই আহ্বান জনাইছিল৷ সমাজৰ তথাকথিত ‘ডাঙৰ মানুহ’ অভিধাটোৰ উদ্ধৰ্লৈ গৈ যাতে সমাজৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সেৱা আগবঢ়াব পাৰে তাৰ বাবে তেওঁ নৱ প্ৰজন্মক উৎসাহ অনুপ্ৰেৰণা দিয়ে৷ এচাম মানুহে কিদৰে এসময়ত লখিমপুৰ বা ধেমাজি জিলাৰ মানুহৰ কোনো বাস্তৱভিত্তি নথকাকৈয়ে কিছুমান বদনাম উলিয়াইছিল বা অনুন্নত আৰু পিছপৰা বুলি যি অভিযোগ দিছিল, সেই ভিত্তিহীন কথা-বতৰাবোৰক প্ৰৱলভাৱে প্ৰত্যাহ্বান জনাই পৰিশিলিত জীৱনবোধৰ পৰিচয় দি কিদৰে লখিমপুৰ বা ধেমাজি জিলাৰ জনসাধাৰণে নিজৰ যোগ্যতাখিনি সমগ্ৰ অসমৰ আগত দিবলৈ সক্ষম হৈছে সেই কথা উল্লেখ কৰে৷ এই কথাও কয় যে এই লখিমপুৰতে অসমৰ প্ৰথমখন স্বায়ত্তশাসিত কলেজৰ মৰ্যদা পোৱাটোৱে ইয়াকেই প্ৰমাণ কৰে যে প্ৰকৃততে অসমৰ শিক্ষা ব্যৱস্থাত নৰ্থ লখিমপুৰ কলেজৰ গুৰুত্ব কিমান৷ বৰাৰ এই বক্তব্যখিনি আমাৰ বাবে আছিল বিশেষভাৱে প্ৰেৰণাদায়ক৷ যিহেতো তেওঁ কলেজখনৰ সম্ভাৱনীয়তাক লৈ উৎসাহজনক মন্তব্য কৰিছিল৷

প্ৰশ্ন সোধাৰ মানসিকতাক ইতিবাচক বুলি উল্লেখ কৰি  প্ৰশ্ন আৰু উত্তৰৰ নিৰলস সাধনা কৰা এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে নৰ্থ লখিমপুৰ কলেজক চিহ্নিত কৰে৷  ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতা আৰু সম্ভাৱনীয়তাৰ কখা উল্লেখ কৰি ময়ূৰ বৰাই  কয় যে পাৰদৰ্শিতা আৰু আৰু সম্ভাৱনীয়তাৰ মাজত থকা ব্যৱধান কমাই আনিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধন হয়৷ নৱ প্ৰজন্মৰ প্ৰতিনিধিসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এই প্ৰত্যাহ্বানেই তেওঁলোকৰ উৎকৰ্ষ সাধনত সহায়  কৰে৷  তেওঁ বক্তৃতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্ধৃতি দি কয় যে  বৰপেটা সত্ৰত এসময়ত কলাগুৰুক প্ৰৱেশ কৰিবলৈ নিদিয়া কথাটোক ৰাভাই যোগাত্মকভাৱে গ্ৰহণ কৰি তাৰ পৰৱৰ্তী সময়ত সেই  বদনামৰ পোটক তোলাৰ সলনি শংকৰদেৱৰ প্ৰতিকৃতি অংকন কৰি উলিয়াই৷ অৰ্থাৎ এই  উদ্ধৃতিৰ দ্বাৰা তেওঁ সমাজৰ প্ৰতিটো কথাই নৱ প্ৰজন্মক যোগাত্মকভাৱে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল৷ একেদৰে ৰাজ্যৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আধিপত্যক বৰ্তমান সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যাহ্বান জনোৱা কাৰ্যই  বিদ্যায়তনিক দিশটোক বাৰুকৈয়ে আহ্লাদিত-অনুপ্ৰাণিত কৰিছে বুলি উল্লেখ কৰে ৷ চিত্তাকৰ্ষক বিষয়ৰ উপস্থাপনে ৰাজ্যখনৰ  বৌদ্ধিক পৰিমণ্ডলক সততে উজ্জীৱিত কৰি ৰখা বৰাই কলেজৰ পোহৰমুখী গীতটোৰ দৰেই আমাৰ নিজৰ জীৱনবোৰ সমৃদ্ধ কৰাৰ কথা কয়৷ শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াটোৰ মাজত থকা পাৰস্পৰিক প্ৰক্ৰিয়াইয়ে সমাজখনলৈ সুস্থিৰ বাৰ্ত্তা কঢ়িয়াই আনিব পাৰিব বুলি উল্লেখ কৰে৷ ছাত্ৰ জীৱনত তেওঁ কনফুচিয়াছৰ বাণী (Our glory lies not in never falling, but rising every time we fall)টো আটাইতকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে কাম কৰা মানুহৰ হে ভুল হয় আৰু কাম কৰা মানুহেহে ভুলৰ পৰা শিক্ষা ল’ব পাৰে আৰু অনাগত দিনত সেইবোৰ ভুলৰ যে পুনৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি সজাগ হ’ব পাৰে৷ সফলতা নোপোৱাটো ডাঙৰ কথা নহয় সফলতা আৰু বিফলতাক ভিত্তি কৰি আগবাঢ়ি যোৱাটোহে ডাঙৰ কথা৷ সেইদৰে প্ৰশ্ন কৰাৰ মানসিকতাইহে এজন ব্যক্তিক বৌদ্ধিকভাৱে সমৃদ্ধ কৰিব পাৰে আৰু প্ৰকৃত সত্যৰ উদ্‌ঘাটনত সহায় কৰে৷

আমাৰ আৰু ভাল লাগিছিল  এই কাৰণে যে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগতো প্ৰেক্টিকেল বিষয়টো সংযোজন কৰাত তেওঁ সন্তুষ্ট হৈ ইতিবাচক তথা সময়োপযোগী পদক্ষেপ বুলি অভিহিত কৰে৷ ইয়াৰোপৰি তেওঁ অসমীয়া ভাষাৰ ঐতিহ্য আৰু কালিকা শক্তিৰ কথা উল্লেখ কৰি আমাৰ জীৱনত ‘স’ বৰ্ণৰে আৰম্ভ হোৱা কেইটামান শব্দৰ প্ৰয়োগৰ কথা বিশ্লেষণসহ উল্লেখ কৰে৷ তাৰ ভিতৰত সপোন, সাহস, সততা, সংকল্প, সহনশীলতা, সংযম, সৌজন্যবোধ, সুযোগ, সুখ, সফলতা, সন্তুষ্টি আদি শব্দৰ উল্লেখ আছিল বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ প্ৰতিটো শব্দই এটা আনটোৰ ওপৰত কিদৰে পৰিপুৰক সেই কথাও বৰাই বিশেষভাৱে উল্লেখ কৰে৷  এই উদাহৰণটোৱে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছিল৷  বৰাই তেওঁৰ বক্তৃতাত অসমৰ সাহিত্য-সমাজ-সংস্কৃতিৰ জগতলৈ লখিমপুৰীয়াসকলৰ বিশেষকৈ পদ্মনাথ গোহাঞি বৰুৱা, হোমেন বৰগোহাঞি, আলি হাইদৰ, উদ্ধৱ ভৰালী, কমল গগৈ আদিৰ দৰে ব্যক্তিৰ অৱদানৰ কথাও  স্বীকাৰ কৰে৷  ইয়াৰোপৰি অসমৰ জাতীয় জীৱনলৈ লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োৰে মাজত এসময়ত হোৱা বৌদ্ধিক বিতৰ্কৰ ফলশ্ৰুতিতে পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যত ‘বাঁহী’ আলোচনীৰ জন্ম হৈছিল৷ সুস্থিৰ বিতৰ্কই যে সমাজলৈ কেতিয়াবা শুভ বাৰ্তাও কঢ়িয়াই  আনিব পাৰে বৰাই সেই কথা ব্যক্ত কৰিবলৈ ‘ঊষা’ আৰু বাঁহীৰ মাজত হোৱা মতানক্যৰ কথাও উল্লেখ কৰিছিল৷ তদুপৰি ‘বাঁহী’  আৰু ‘প্ৰদীপিকা’ আলোচনীৰ প্ৰসংগ আনি দুয়োখন আলোচনীৰে মাজত হোৱা শংকৰদেৱ সম্পৰ্কীয় বিতৰ্কৰ কথা উল্লেখ কৰি শেষত ‘বাঁহী’ আলোচনীয়ে দামোদৰদেৱক শংকৰদেৱতকৈ প্ৰাকে প্ৰকাৰে ডাঙৰ কৰিবলৈ আৰু শ্ৰেষ্ঠ কৰিবলৈ যোৱা চক্ৰান্তৰ পৰা  উদ্ধাৰ কৰি অসমীয়া জনসমাজত শংকৰদেৱক অপ্ৰতিৰুদ্ধ তথা অপ্ৰতিদন্দ্বী ৰূপত কেনেদৰে প্ৰতিষ্ঠা কৰিছিল সেই কথাও বৰাই তেওঁৰ বক্তৃতাত উল্লেখ কৰিছিল ৷ অৰ্থাৎ আমি এনেকৈয়ো  ক’ব পাৰোঁ যে সংঘাতৰ বাবেই ‘বাঁহী’ৰ সৃষ্টি হ’ল আৰু ‘বাঁহী’ৰ বাবেই যে  শংকৰদেৱৰ  প্ৰতিষ্ঠা হ’ল সেই প্ৰসংগ বৰাদেৱে তেওঁৰ বক্তৃতালৈ আনিছিল৷ সেইদৰে ভবানন্দ পাঠকৰ ছদ্মনামেৰে বাণীকান্ত কাকতীয়ে অসমীয়া জাতীয় চেতনাক সমৃদ্ধ কৰাৰ প্ৰসংগৰ কথাও বৰাই উল্লেখ কৰে৷ এনেধৰণৰ চিন্তা উদ্ৰেককাৰী বক্তব্যৰে তেওঁ আচলতে অসমীয়া ভাষা, সাহিত্যৰ অজানা দিশটোৰ বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছিল৷ 

তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে এক গৌৰৱোজ্জল ইতিহাস থকা স্বত্ত্বেও বৰ্তমান সময়ত কিন্তু অসমীয়াই কোলাৰটো এৰি বোকাৰটো বুটলি লোৱাত সিদ্ধহস্ত হৈ পৰিছে৷ সেইদৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন জিজ্ঞাসাৰ স্বৰূপ উদঙাই তেওঁ কৈছে যে বৰ্তমান গুৱাহাটীৰ একাংশ ছাত্ৰ-ছাত্ৰীক আকাশৰ ৰং যে নীলা সেইয়া বুজাবলগীয়া হৈছে স্মাৰ্টফোন বা লেপটপৰ যোগেদি৷ লগতে তেওঁ এই কথাও কয় যে যি সময়ত গুৱাহাটীৰ তথাকথিত আধুনিক যুগৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ জীৱনবোৰ উপভোগ কৰি মতলীয়া হৈছে সেইসময়ত কিন্তু লখিমপুৰৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ জীৱনটো সুন্দৰভাৱে উদ্‌যাপন কৰি আছে৷  এই বক্তব্যটোৱে লখিমপুৰৰ প্ৰতিজন নৱ-প্ৰজন্মক উৎসাহ দিব বুলি আমাৰ অনুভৱ হয়৷ জীৱনটো  উপভোগ কৰাতকৈ যে উদ্‌যাপন কৰাটো ডাঙৰ কথা সেই কথা তেখেতৰ বক্তব্যৰ মাজেৰেই প্ৰকাশ পাইছিল৷  তেওঁ তথাকথিত পাশ্চাত্যৰ পৰা আমদানিকৃত সংস্কৃতিৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰি কয় যে ‘ধনতেৰাজ’ বা ‘কাৰ্‌ৱা শ্বঠ’ৰ সময়ত অসমীয়া নাৰীয়ে যি পৰিমানে নিজৰ সৰ্বস্ব ঢালি দিবলৈ কুণ্ঠাবোধ নকৰে তাৰ কিঞ্চিতমানো যদি নিজৰ স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা বা জাতিৰ বিকাশৰ বাবে কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ অসমীয়াৰ সামগ্ৰিকতাই বৰ্তমানতকৈয়ো ক্ষিপ্ৰভাৱে আগুৱাই যাবলৈ সক্ষম হ’লহেঁতেন৷ অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁ পূৰ্ব-বংগ সৃষ্টিৰ সময়ৰ এক দৃষ্টান্তমূলক ঘটনাৰ প্ৰসংগ টানি আনি কয় যে মহম্মদ ছাদুল্লাই একমাত্ৰ অসমৰ স্বাভিমানৰ বাবেই বংগদেশত অতি লোভনীয় পদবী পায়ো নিজস্বতাক বিসৰ্জন দিয়া নাছিল৷ সেইদৰে অসমীয়াৰ স্বাভিমানৰ বাবেই গ্ৰ’পিঙৰ সময়ত গোপীনাথ বৰদলৈৰ লগত ভীমবৰ দেউৰীয়েও সক্ৰিয় ভূমিকাত অৱতীৰ্ণ হৈছিল৷ নতুন প্ৰজন্মৰ প্ৰাপ্তি আৰু সফলতাই ব্যক্তিগত লাভালাভৰ পৰা উত্তৰণ ঘটি যেন সমাজ জীৱনলৈ  প্ৰসাৰিত হ’ব পাৰে সেই কথাও বৰাই ব্যক্ত কৰিছিল৷  সেইদৰে প্ৰশ্ন কৰাৰ মানসিকতা নাথাকিলে কোনো এজন ব্যক্তি ব্যক্তিগতভাৱে প্ৰতিষ্ঠিত হ’লেও তেওঁৰ সামাজিক অগ্ৰাধিকাৰ যে ফলদায়ক নহয় সেই কথা উল্লেখ কৰিছিল৷ 

বক্তৃতাৰ শেষৰফালে তেওঁ অসমৰ তিনিজন বৰেণ্য ব্যক্তিৰ প্ৰসংগ আনি এনেদৰে কৈছিল- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল ‘তোৰে মোৰে আলোকৰে যাত্ৰা’৷ আজি নৰ্থ লখিমপুৰ কলেজৰ সমবেত সঙ্গীতটো শুনা গ’ল অতন্দ্ৰ প্ৰহৰীৰ কথা, এন্ধাৰ বিনাশ কৰাৰ কথা৷ বিষ্ণুপ্ৰসাদ ৰাভাই কৈ গৈছিল ‘মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে’  আজি স্পন্দিত হ’ব লাগিব আমাৰ মন, মনন, চিন্তন৷ বাস্তৱসন্মত চিন্তা-চৰ্চাৰে যুক্তি আৰু তথ্যৰ মাজেৰে এক ইতিবাচক স্পন্দন সমাজলৈ আনিব লাগিব৷ তেতিয়াহে ভূপেন হাজৰিকাই কোৱাৰ দৰে ‘মোৰ গান হওঁক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’ সম্ভৱ হৈ উঠিব৷ তোমালোকৰ সপোনবোৰক যদি মই গানলৈ ৰূপান্তৰিত কৰোঁ সেই গানৰ যি এক আশাব্যঞ্জক প্ৰতিধ্বনি সেই প্ৰতিধ্বনিয়ে নিশ্চিতভাৱে সমগ্ৰ অসমক উজ্জ্বলাই ৰাখিবলৈ সক্ষম হ’ব৷ অনাগত দিনত তোমালোকৰ পৰা ইয়াকে কামনা কৰিলোঁ৷

এনেদৰেই ময়ূৰ বৰাই অসমৰ সমাজ জীৱন, জীৱন প্ৰণালী, বৌদ্ধিক পৃষ্ঠভূমিৰ মতান্তৰ-মনান্তৰ, তথাকথিত মূলসুঁতিৰ চিন্তা চেতনা আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি এক চিন্তা উদ্ৰেগকাৰী বক্তৃতা নৰ্থ লখিমপুৰ কলেজৰ নৱ-প্ৰজন্মক উদ্দেশ্যি প্ৰদান কৰে৷ বৰাৰ এই বক্তৃতাই নৱ প্ৰজন্মক বিশেষভাৱে সমৃদ্ধ কৰিব পাৰিব তথা পথ- পদৰ্শকৰ ভূমিকা ল’ব পাৰিব বুলি আমি আশাবাদী৷ প্ৰকৃততে তেওঁৰ বক্তৃতা তথা কায়িকভাৱে উপস্থিতিয়ে কলেজখনক বিশেষভাৱে সমৃদ্ধ কৰি থৈ গ’ল৷ এই বক্তৃতাৰ দ্বাৰা অসমৰ প্ৰতিজন নৱ প্ৰজন্ম জাতীয় চেতনাৰে উদ্বুদ্ধ হ’ব পাৰে ৷ ময়ূৰ বৰালৈ এই লেখাৰ যৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ শেষত অনাগত দিনত অসমৰ এটি বলিষ্ঠ কণ্ঠ হৈ তেওঁ আমাৰ মাজত আজিৰ দৰেই  থাকে যেন তাৰে কামনা কৰিলোঁ৷

Post a Comment

0 Comments