ময়ূৰ বৰাৰ সৈতে সাক্ষাৎকাৰ ৷

* সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা

-দিনাংকঃ ২৬/৮/১৬

--

ময়ূৰ বৰাৰ বিষয়ে থোৰতে-

একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰি কাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা  অসমীয়া নতুনচাম লেখকসকলৰ ভিতৰত  ময়ূৰ  বৰা  নিঃসন্দেহে  অন্যতম৷ যুক্তিনিষ্ঠ প্ৰকাশভংগী আৰু ভাৱোদ্দীপক চিন্তা চেতনাৰে সমৃদ্ধ প্ৰবন্ধ ৰচনাৰে তেওঁ এতিয়ালৈকে  ১২ ৰো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে৷  লগতে ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে৷ ইতিবাচক কথা এয়ে যে তেওঁৰ প্ৰতিখন গ্ৰন্থই সমগ্ৰ অসমৰ বৌদ্ধিক জগতখনক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্মীয় দিশটোত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিপ্ৰথা, আৰু সামগ্ৰিকভাৱে জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতিৰ প্ৰতি তেওঁৰ কলমৰ ধাৰ অতি তীক্ষ্ণ৷ তেওঁৰ সাহিত্যৰাজিৰ সামগ্ৰিক বৈশিষ্ট্য এয়ে যে সমাজৰ সমস্যাসমূহ তেওঁ অতি নিৰপেক্ষভাৱে, বলিষ্ঠভাৱে  আৰু যুক্তিসংগতভাৱে প্ৰতিষ্ঠা কৰিব পাৰে আৰু এই বৈশিষ্ট্যবোৰেই  ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি৷ প্ৰথাগত ধ্যান-ধাৰণা, পূৰ্বৰ ৰীতি-নীতি, ইতিহাস আৰু সমাজ-সাহিত্য-সংস্কৃতি আদি সম্পৰ্কে বৰাৰ যি গৱেষণাধৰ্মী লেখা, এই দিশবোৰে ময়ূৰ বৰাক এজন প্ৰভাৱশালী আৰু প্ৰতিনিধিত্বকাৰী লেখকৰ শাৰীলৈ লৈ যোৱাত সহায় কৰিছে৷

এইজন বিশিষ্ট সাহিত্যিক তথা প্ৰবন্ধকাৰৰ সৈতে ২৬-৮-১৬ তাৰিখে লখিমপুৰৰ হোটেল ‘মেপ্‌ললিফ’ত এটি সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে, সাক্ষাৎকাৰৰ সময়ছোৱা তেওঁ বন্ধুত্বসূলভ কথনভংগীৰে আমাৰ সৈতে ভাৱ বিনিময় কৰিছিল৷ তদুপৰি তেওঁৰ প্ৰতিটো উত্তৰত সাম্প্ৰতিক সময়ৰ সমাজখনৰ সম্পৰ্কে বিভিন্ন তথ্য উদ্‌ঘাটন কৰিব পৰা অনেক সমল নিহিত হৈ আছিল৷  সাক্ষাৎকাৰটি প্ৰায় অসম্পাদিত ৰূপত আগবঢ়োৱা হ’ল৷

——————————————————————

ভাস্কৰ ভূঞা- চাকৰিসূত্ৰে এখন পৃথক ক্ষেত্ৰৰ সৈতে সংপৃক্ত হৈ থকাৰ পিছতো আপুনি অসমীয়া সাহিত্যত এগৰাকী প্ৰবন্ধকাৰ হিচাপে সাহিত্যচৰ্চা কৰাৰ পৃষ্ঠভূমি  কি আছিল? 

–ময়ূৰ বৰা-  প্ৰথম পৃষ্ঠভূমি ক’বলৈ গ’লে সৰুৰে পৰাই মোৰ পঢ়াৰ প্ৰতি এটা মন আছিল৷ কেৱল পাঠ্যপুথি বুলিয়েই নহয় পাঠ্যপুথিৰ বাহিৰৰ কিতাপো পঢ়িছিলোঁ৷ জ্ঞান আহৰণৰ প্ৰতি মোৰ সৰুৰে পৰাই ধাউতি আছিল৷ সেই ধাউতিয়েই সম্ভৱ মোৰ মূল কাৰণ, যিটোক তুমি পৃষ্ঠভূমি বুলি ক’ব পাৰা৷ ঘৰত পঢ়াৰ এক পৰিৱেশ আছিল ৷ মোৰ দেউতা প্ৰয়াত ভাৰত চন্দ্ৰ বৰা আৰু মাতৃ প্ৰয়াত বনলতা বৰাই দুয়োৱে আমাৰ ঘৰখনত পঢ়াৰ এটা ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰিছিল, যেন কিতাপৰ লগত আমি সহজে একাত্মতা লাভ কৰিব পাৰোঁ৷ বিশেষকৈ ইংৰাজী সাহিত্যৰ প্ৰতি মোৰ দেউতাৰ বিশেষ ৰাপ আছিল৷ অৱশ্যে ইংৰাজী শিকাটো মোৰ দেউতাই প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল৷ ময়ো এই কথাটোক প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ যিহেতু মই নিজে অসমীয়া মাধ্যমত পঢ়া৷ সৰুকালৰ লেখাবোৰ বাদ দিলে পৰৱৰ্তী সময়ত মই চিৰিয়াছধৰ্মী লেখাবোৰ প্ৰথমে ইংৰাজী মাধ্যমতে লিখিবলৈ লৈছিলোঁ৷ প্ৰথমতে সেইখিনি The Sentinal কাকতত প্ৰকাশ পাইছিল৷ কিন্তু পিছৰ কালত ক’বলৈ গ’লে ভাষা-সাহিত্যৰ প্ৰতি কিবা এটা কৰিবলৈ মন থকাৰ বাবেই মই অসমীয়া ভাষাত লিখিবলৈ ল’লো, আৰু অসমীয়াত লিখিলে বেছি মানুহৰ মন, মননক স্পৰ্শ কৰিবলৈ সক্ষম হ’ম বুলিয়েই  অসমীয়াত লিখিবলৈ ল’লো৷ সি যি কি নহওঁক মূলতঃ পঢ়াৰ পৰিৱেশ, শিক্ষাগুৰুসকলৰ পৰা পোৱা অনুপ্ৰেৰণা আৰু হয়তো মোৰ নিজৰ মনটোৱেও সাহিত্য চৰ্চাৰ বাবে এটি পৃষ্ঠভূমি নিৰ্মাণ কৰিছিল ৷

★ ভাস্কৰ ভূঞা-  বহুতে প্ৰবন্ধ লিখে৷ বহুতৰ মাজত আপুনিও এজন৷ মই যদি কওঁ  যে বহুতৰ মাজত থাকিলেও আপুনি বিশেষভাৱে ব্যতিক্ৰম আৰু অনন্য৷ আপুনি কথাটো কেনেদৰে গ্ৰহণ কৰিব?

–ময়ূৰ বৰা-  নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তোমালোকে কৈছা কাৰণে মই সন্মান সহকাৰে কথাটো গ্ৰহণ কৰিছোঁ৷ কিন্তু মই নিজকে অনন্য বুলি নাভাবোঁ৷ এনে ভাৱ মনলে নাহেও৷ ব্যতিক্ৰম বুলি হয়তো কিছুমান কথাত ক’ব পাৰা৷ কাৰণ কিছুমান স্পৰ্শকাতৰ বিষয় মোৰ লেখাত পোৱা যায় বুলি অনুভৱ কৰোঁ৷ অৱশ্যে এইবোৰ বিষয়ত মোতকৈয়ো বিদগ্ধ তথা অভিজ্ঞতাৰে পুষ্ট লোকে বলিষ্ঠভাৱে লিখা-মেলা কৰা বা নিৰ্দিষ্ট বিষয়সমূহৰ  উপস্থাপন কৰাৰ প্ৰয়োজন আছিল৷ এই বুলিওঁ ক’ব পাৰা যে কোনেও নিলিখা বাবেহে  মই লিখিব লগা হ’ল৷ সেয়েহে কিছু ব্যতিক্ৰম যেন লগাটো অস্বাভাৱিক নহয়৷ 

★ তুলিকা হাজৰিকা-  আমৰ ভাব হয় আপুনি এজন বলিষ্ঠভাৱে সাহিত্য চৰ্চা কৰা প্ৰতিনিধিত্বকাৰী প্ৰবন্ধকাৰ৷ আমাৰ মনৰ বহু ভাব আপোনাৰ কলমৰ জৰিয়তে নিসৰিত হয়৷ নৱ-প্ৰজন্মৰ ক’বলগীয়া বহু কথা আমি আপোনাৰ মাধ্যমেৰে যেন ক’ব পাৰিছোঁ তেনে অনুভৱ হয়৷ এনে লাগে যেন আমাক প্ৰতিনিধিত্ব কৰিবলৈকে আপুনি আছে৷

–ময়ূৰ বৰা-  এই কথাটোৱেই মোক আটাইতকৈ আনন্দ প্ৰদান কৰে৷ এই কাৰণেই যে, নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে যদি ভাবে আমাৰ দৰে মধ্য বয়স্কৰলোকে নতুন প্ৰজন্মৰ চিন্তাক প্ৰতিনিধিত্ব কৰা বুলি, তেন্তে সেয়া হ’ব মোৰ বাবে লেখক জীৱনৰ অন্যতম প্ৰাপ্তি৷ 

ভাস্কৰ ভূঞা- আপোনাৰ প্ৰথম প্ৰবন্ধ সংকলন ‘অনুভৱৰ প্ৰতিধ্বনি’ত আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ দ্বাৰা অসমৰ বিভিন্ন সমস্যাৰ যুক্তিনিষ্ঠ আৰু বৌদ্ধিক বিশ্লেষণ কৰিছে৷ গ্ৰন্থখনৰ ঐতিহাসিক, সাম্প্ৰতিক, ভাবাত্মক আৰু ব্যক্তিগত শিতানবোৰৰ নামকৰণৰ মাজতো বিষয়বস্তু সম্পৰ্কে যথেষ্ট তথ্য পোৱা যায়৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰতিটো প্ৰবন্ধৰে বৰ্তমানো যথেষ্ট প্ৰাসংগিকতা আছে৷ এই প্ৰবন্ধবোৰ পাঠক সমাজে  পঢ়াৰ পাছত  অসমৰ সাম্প্ৰতিক ক্ষেত্ৰখনত কিছু ধনাত্মক প্ৰভাৱ পৰিছে বুলি ভাৱেনে?

–ময়ূৰ বৰা-  নিশ্চিতভাৱে, কিছু পৰিমানে ভাল প্ৰভাৱ পৰিছে যেন অনুমান হয়৷ আজি যে তোমালোক আহিছা আৰু সেই গ্ৰন্থখনৰ বিষয়ে প্ৰশ্ন কৰিছা তাৰ অৰ্থ এয়ে যে, তোমালোকৰ দৰে নৱ-প্ৰজন্মৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হয়তো এইখিনি প্ৰবন্ধ পঢ়িছে নতুবা অধ্যয়ন কৰিছে আৰু কিছু প্ৰাসংগিকতা বিচাৰি পাইছে৷ সম্ভৱ সেয়েহে মোকো তোমালোকে এই প্ৰশ্নটো কৰিছা৷ অৱশ্যে মই ভাবো এই প্ৰভাৱ একমাত্ৰ মোৰ লেখাৰ জৰিয়তেই যে পৰিছে তেনে নহয়৷ অন্যান্য শক্তিশালী লেখকসকলৰ লেখাবোৰেও নতুন-প্ৰজন্মক বা সামগ্ৰিকভাৱে সমাজখনক কিছু পৰিমানে প্ৰভাৱিত কৰে৷

★ ভাস্কৰ ভূঞা- আপোনাৰ ভালেকেইখন প্ৰবন্ধ সংকলনে অসমৰ সমাজ জীৱন আৰু ধৰ্মীয় দিশটোক বাৰুকৈয়ে চুই গৈছে৷ প্ৰতিখন গ্ৰন্থ পঢ়াৰ পিছত এনে অনুভৱ হয় যে তথাকথিত ধৰ্ম, পৰম্পৰা, আৰু ৰীতি-নীতিত আপোনাৰ বিশ্বাস সচৰাচৰ বক্তিৰ দৰে নহয়৷  আপোনাৰ বলিষ্ঠ প্ৰকাশভংগীয়ে প্ৰতিজন সচেতন পঢ়ুৱৈৰ মন মগজু চুই যাবলৈ সক্ষম হয়৷  এতিয়ালৈকে আপুনি ১২ খনমান গ্ৰন্থ ৰচনা কৰিছে, লগতে ইংৰাজীলৈ এখন গল্প সংকলন অনুবাদ কৰিছে৷ বৰ্তমান আপোনাৰ অনুভৱ কি? লেখক হিচাপে আপুনি নিজকে সফল হৈছে বুলি ভাবেনে?

–ময়ূৰ বৰা-  সফলতাৰ কথা আহিলে মোৰ ক’বলৈ মন যায় এতিয়াই  মই নিজকে সফল বুলি ভবা নাই৷ কিন্তু  কেতিয়াবা অনুভৱ হয় দুটা কাৰণত মই কিছু পৰিমানে হ’লেও সফল হৈছোঁ যেন লাগে৷ অৱশ্যে কাৰণ দুটা বিপৰীতধৰ্মী৷ প্ৰথমে তোমালোকে কোৱাৰ দৰে নৱ-প্ৰজন্মৰ একাংশ চিন্তাশীল প্ৰতিনিধিক মোৰ কিছু লেখাই তেওঁলোকৰ মন, মননক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে বুলি মোৰ মনলৈ এক বিশ্বাস বা প্ৰত্যয় আহিছে যে এই ক্ষেত্ৰত হয়তো কিছু পৰিমানে সফল হৈছোঁ, দ্বিতীয়  কথাটোৱে প্ৰথম যুক্তিটোক অলপ শক্তিশালী কৰি তোলে যিটোক মই বিপৰীতধৰ্মী বুলি কৈছোঁ ৷ সেইটো হ’ল মই কিবা এটা লেখা লিখিলেই বিশেষ এচাম মানুহে তাৰ বিৰুদ্ধাচৰণ কৰি বৌদ্ধিকভাৱে (?) উঠিপৰি লাগে৷ অৱশ্যে ইয়াত মোৰ আপত্তি নাই৷ কিন্তু প্ৰায় ক্ষেত্ৰতে মই যিটো কথা  লিখিছোঁ তাৰ বাবে ব্যক্তিগত আক্ৰমণৰ পৰা সকলোঁৱে নিজকে আঁতৰাই ৰখাটো ভাল, বিতৰ্ক হোৱাতো ভাল, মাত্ৰ সেয়া নিৰপেক্ষ হ’ব লাগে৷ অৱশ্যে এচাম যে এইধৰণে উঠিপৰি লাগে তেতিয়া মোৰ মনলৈ এনেভাৱ আহে যেন এয়াও মোৰ লেখক জীৱনৰ প্ৰাপ্তি বা সফলতা, যে কিছু  সংখ্যক মানুহৰ অন্তৰত মই অন্তত চুই যাবলৈ  সক্ষম হৈছোঁ৷ গতিকে নৱ-প্ৰজন্ম আৰু এই বিৰোধীসকলে মোৰ মনলৈ প্ৰত্যয় জন্মাইছে  যে মই কিঞ্চিতমান হ’লেও লিখা মেলা কৰাত  সফল হৈছোঁ৷ 

★ ভাস্কৰ ভূঞা- আপুনি ধৰ্ম আৰু ঈশ্বৰক লৈ  নিজকে সংশয়বাদী বুলি  ‘অনুভৱৰ প্ৰতিধ্বনি’ গ্ৰন্থত উল্লেখ কৰিছে৷ অন্যহাতে অসমৰ যুক্তিবাদী সাহিত্যধাৰাৰ আন দুজন অগ্ৰণী সাহিত্যিক দেৱকান্ত সন্দিকৈ আৰু ৰূপালীম দত্ত  বা বাংলা সাহিত্যৰ প্ৰবীৰ ঘোষৰ দৰে ব্যক্তিয়ে সমাজৰ পৰা ধৰ্মক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ কথা কৈছে৷ আপুনি নতুনকৈ নিজা দৃষ্টিভংগীৰ কিবা সাল-সলনি কৰিছে নেকি?

–ময়ূৰ বৰা-  মোৰ মতামত হ’ল ঠিক সংশয়বাদী বুলিও মই নিজকে নকওঁ৷ মই এটা প্ৰবন্ধ লিখিছিলোঁ ‘ধৰ্ম সন্দৰ্ভত এজন ভয়াতুৰ মানুহ’৷ তাত মই উল্লেখ কৰিছিলোঁ যে ভয়াতুৰ মানুহজন প্ৰকৃততে মই নিজেই৷ কিন্তু কথা কোৱাৰ সৎ সাহস মোৰ আছে আৰু ঈশ্বৰৰ লগত মোৰ সম্পৰ্কটো মই  transgressional বুলি কওঁ৷ মানে কিবা এটা দিছোঁ আৰু কিবা এটা লৈছোঁ৷ আচলতে ঈশ্বৰক মই  benefit ত dought  দিওঁ৷ যিটো ক্ৰিকেট খেল এখনত এম্পায়াৰে বেটছ্‌ম্যেন এজনক দিয়ে৷ এতিয়া তাৰ কাৰণে বহুত মানুহে মোক সমালোচনা কৰিব যে ময়ূৰ বৰা ভয়াতুৰ, বৰা সংশয়বাদী, তেওঁ ঈশ্বৰক এৰিব পৰা নাই ইত্যাদি ইত্যাদি৷ পিছে মোৰ স্পষ্ট কথা, ঈশ্বৰক এৰিলেই  বা ফেচবুকত গৰু মাংস আৰু গাহৰি মাংস একেলগে ৰান্ধি খালো বুলি কোনোবাই  ক’লেই  তেওঁ যে  এজন  প্ৰগতিশীল হ’ব তেনে নহয়৷ প্ৰগতিশীল হ’বলৈ হ’লে তেওঁৰ সামগ্ৰিক ব্যক্তিত্বত সেই চিন্তাৰাজি প্ৰতিফলিত হ’ব লাগিব৷ যিটো কথা দেৱকান্ত সন্দিকৈ বা ৰূপালীম দত্তই কৈছে সেই কথা কোৱাৰ সন্মানখিনিক মই সন্মান কৰোঁ৷ কিন্তু মই নিজে ভাবো এজন নাস্তিক, নিৰীশ্বৰবাদী, এজন সংশয়বাদী বা এজন অজ্ঞেয়বাদী যিয়েই নহওঁক কিয় সকলোঁ মানুহৰেই  বিশ্বাস-অবিশ্বাসৰ কথাটো যেতিয়া ধৰ্মক লৈ হয়, তেতিয়াই বিতৰ্ক হয়৷ মোৰ মতে ধৰ্ম একান্তই ব্যক্তিগত হোৱা প্ৰয়োজন৷ ধৰ্মক যেতিয়াই ব্যক্তিগত জীৱনৰ পৰা বাহিৰলৈ লৈ যোৱা হয় তেতিয়াই সমন্বয়ৰ সলনি সংঘাতৰ সৃষ্টি হয়৷ গতিকে মই যদি ধৰ্ম বিশ্বাস কৰোঁ, সেয়া একান্তভাৱে ব্যক্তিগত কৰি ৰাখিবলৈ বিচাৰিম৷ সকলো মানুহৰে ধৰ্ম গ্ৰহণ কৰা বা নকৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব লাগে আৰু সংযমী হৈ ঈশ্বৰ বা ধৰ্মীয় বিশ্বাস বা অবিশ্বাসক বাহিৰলৈ ননাটোৱেই ভাল৷ অৱশ্যে যদি  সময়ে দাবী কৰে যে মই মোৰ নিজৰ ধৰ্মীয় স্থিতি সম্পৰ্কে  সমাজক অৱগত কৰা উচিত, তেন্তে মই নিশ্চিতভাৱে সেই সময়ত মোৰ স্থিতি স্পষ্ট কৰিম৷ বহুতে ভাবিব যে ময়ূৰ বৰাই খুব কৌশলগতভাৱে উত্তৰ দিছে বুলি...৷

★ ভাস্কৰ ভূঞা- অসমত ধৰ্মীয় গোড়ামী নিশেষকৰণ, যুক্তিবাদ প্ৰতিষ্ঠা, বৈজ্ঞানীক মানসিকতা গঠন আদি বিভিন্ন ইতিবাচক দিশবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ  বাবে সমাজৰ বিভিন্ন স্তৰত কাম কৰিবলৈ এটি সংস্থা গঠনৰ প্ৰয়োজন আছে  বুলি ভাৱেনে? 

–ময়ূৰ বৰা-সমাজত ভাল সংস্থাৰ বহু প্ৰয়োজন৷ কিন্তু মই দেখিছোঁ সমাজৰ তথাকথিত ভাল সংস্থাই যিবোৰ পদ্ধতি অনুসৰণ কৰিছে সেয়া সমাজৰ বাবে বহু সময়ত কামত নাহে৷ অৱশ্যে বহু অনানুষ্ঠানিক সংস্থা যেনে- facebook, whatsahp ৰ কিছুমান গোটেও সমাজৰ বাবে যোগাত্মক তথা ইতিবাচক কাম কৰি আছে৷ গতিকে আমাৰ কথাটো হ’ল আমি যিটো পদ্ধতিয়েই গ্ৰহণ নকৰোঁ কিয় সংস্থাটোৰ মানুহখিনিৰ মন মিলিব লাগে৷ অৰ্থাৎ গণতান্ত্ৰিক প্ৰমূল্যবোৰক সন্মান কৰাৰ কথা কৈছোঁ৷ আৰু সেইখিনিক সন্মান কৰা মানুহ যদি পোৱা হয় তেন্তে যুক্তিবাদ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক গভীৰ কৰিবৰ বাবে নিশ্চিতভাৱে যিকোনো ভাল সংগঠনৰ প্ৰয়োজন আছে৷ 

★ ভাস্কৰ ভূঞা- ৰাজনৈতিক নেতাসকলৰ ধৰ্মৰ ওপৰত যি আস্থা, সেয়া কিমান পৰিমানে নিৰ্ভেজাল বুলি ক’ব?

–ময়ূৰ বৰা- ভেজাল, নিৰ্ভেজাল বুলি ক’বলৈ গ’লে আচলতে কাৰোবাৰ ব্যক্তিগত বিশ্বাসৰ কথা কোৱাটো সমীচিন নহ’ব৷ কিন্তু মোৰ অন্য এটা কথাতহে আপত্তি আছে যে  সংবিধানৰ নিৰ্দেশাত্মক নীতিত স্পষ্টভাৱে উল্লেখ আছে যে বিজ্ঞানমনস্কতা, অনুসন্ধিৎসা বা কৌতুহ’লবোধৰ ভাৱ আমি সমাজখনক দিব পাৰিব লাগে বা গভীৰ কৰিব লাগে৷ কিন্তু যেতিয়া প্ৰায়বোৰ ৰাজনৈতিক দলৰ নেতাই তেওঁলোকৰ দহোটা আঙুলিত ১১ টা গ্ৰহৰত্নৰ আঙুঠি পৰিধান কৰে৷ তেতিয়া সেইবোৰ মানুহৰ কথাত কিমান মানুহে বিশ্বাস কৰিব বা কিয় কৰিব বা সেইবোৰ কথা আচলতে ভণ্ডামিহে নেকি?  গতিকে সেইবোৰ দিশৰ পৰ্যালোচনাহে  ৰাজনৈতিক দিশবোৰত বেছি গুৰুত্বপূৰ্ণ৷ অৱশ্যে সকলো একেই নহয়৷ আৰু পৰিতাপৰ কথা বৰ্তমান সময়ৰ ধৰ্মৰ প্ৰতি ৰাজনৈতিক নেতাসকলৰ যিটো হাবু ডুবু খোৱা অৱস্থা আৰু যিটো হাৰত নতুন নতুন ধৰ্মগুৰু (?) অসমলৈ আমদানি কৰি অনা হৈছে এই কথাটোৱে কিন্তু অসমৰ সমাজ জীৱনত বহু পৰিমানে নেতিবাচক প্ৰভাৱ পেলাইছে বুলি মই ভাবো৷

★ তুলিকা হাজৰিকা- কিছুসংখ্যক নেতাই কেৱল ভোটবেংকৰ আশাত ৰাজনীতিলৈ ধৰ্মৰ দিশটো সাঙুৰি আনে বা আধ্যাত্মিকতাৰ দিশটোৰ কথা কয়৷ আপুনি কি ভাৱে?

–ময়ূৰ বৰা- মই ভাবো, ৰাজনীতিকৰ এই যি প্ৰয়াস, যে তেওঁলোকে ভাষণলৈ ধৰ্ম বা আধ্যাত্মিকতাৰ প্ৰসংগ টানি আনে, তাত আচলতে ইতিবাচক দিশ বুলিবলৈ একো নাই৷ তেওঁলোকৰ প্ৰয়াস হ’ল ধৰ্মক ব্যৱহাৰ কৰি নিজৰ ন্যস্ত-স্বাৰ্থ পুৰণ কৰা আৰু ৰাজনীতিকৰ ক্ষেত্ৰত ন্যস্ত-স্বাৰ্থ পূৰণ হোৱা মানে কেইটামান ভোট বেছিকৈ পোৱা৷ গতিকে যুক্তিবাদী আৰু মানৱতাবাদী প্ৰতিজন মানুহে এই ক্ষেত্ৰত পাৰ্যমানে বিৰোধিতা কৰিব লাগে৷ এই ক্ষেত্ৰত facebook, whatsahpৰ কিছুমান গোটেও কাম কৰিব পাৰে৷ ইয়াৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজন আছে৷

★ ভাস্কৰ ভূঞা- সমাজত ‘বৈজ্ঞানিক মানসিকতা’ আৰু ‘যুক্তি প্ৰসাৰ’ৰ ক্ষেত্ৰত সংবাদ মাধ্যমবোৰৰ বিশেষ¸ কৰণীয় আছে৷ কিন্তু তেঁওলোকে প্ৰায়ে ইয়াৰ বিপৰীত মেৰুতহে অৱস্থান কৰা দেখা যায়৷ এইক্ষেত্ৰত আপোনাৰ মতামত কি? 

–ময়ূৰ বৰা- ই একেবাৰে সত্য৷ প্ৰকৃততে সংবাদমাধ্যমবোৰৰ পৰা জনসাধাৰণে বহু আশা কৰে৷ মানুহৰ আশা- প্ৰত্যাশা কিছু সংখ্যক সংবাদ মাধ্যমত প্ৰতিফলিত হোৱা যেন অনুভৱ নহয়৷ বৈদ্যুতিন মাধ্যমে কেৱল আৰু ছপা মাধ্যমে advertisement ৰ ওপৰত ভিত্তি কৰি চলিব লগা  পৰিস্থিতিৰ সৃষ্টি হ’লেই এই ক্ষেত্ৰত তেওঁলোকৰ নিজস্বতা বুলিবলৈ বহু পৰিমানে নথকাৰ দৰে হয়৷ কাৰণ তেওঁলোকে অৰ্থ পাব হয় গ্ৰাহকৰ পৰা নহয় advertisementৰ পৰা, গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় যে সংবাদ মাধ্যমবোৰে কিছু পৰিমানে নিবিচাৰিলেও বৰ্তি থকাৰ স্বাৰ্থতেই এনে কাম কৰে৷ আমি এদিনতেই এই প্ৰক্ৰিয়াটোৰ সলনি কৰিব নোৱাৰোঁ৷ কাৰণ সমাজত এচাম গৰিষ্ঠ সংখ্যক লোক আছে  যি জ্যোতিষ শাস্ত্ৰৰ প্ৰয়োজনবোধ কৰে৷ ৰাশিচক্ৰ নাথাকিলে সেইখন বাতৰি কাকত নপঢ়া মানুহো আছে , গতিকে মই ভাবো এক দীৰ্ঘম্যাদী পৰিকল্পনা হ’ব লাগে যাতে সাধাৰণ মানুহখিনিক আমি এনে দিশবোৰৰ পৰা আঁতৰাই আনিব পাৰোঁ৷ 

★ তুলিকা হাজৰিকা- আপুনি যে ক’লে আঁতৰাই আনিব লাগে৷ আঁতৰাই অনাৰ ক্ষেত্ৰত নৱ-প্ৰজন্মই কি কৰাটো উচিত বুলি আপুনি ভাৱে?

–ময়ূৰ বৰা- মই কৈছোঁৱেই যে এদিনতে এইবোৰৰ পৰা সমাজখনক উদ্ধাৰ কৰাটো সম্ভৱ নহয়৷ ভুকুতে কলটো পকাব নোৱাৰি৷ তেনে কৰিবলৈ গ’লে সমাজখনত এটা বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি হ’ব ৷ কিন্তু মই ভাবো নতুন প্ৰজন্ম বা পুৰণি বুলিয়েই নহয় সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে সমাজখন সুস্থিৰভাৱে গঢ় দিয়াত৷ মই এক বলিষ্ঠ আশাবাদত বিশ্বাস কৰোঁ৷ সকলোঁবোৰ ভাল কাম অৱশ্যে আমি আমাৰ জীৱনত নেদেখিবও পাৰোঁ, কিন্তু এক ভাল ভৱিষ্যতৰ কাৰণে অনাগত সময়ত আমি ভাল কাম কৰি যোৱাটো মই উচিত বুলি ভাবো৷

★ ভাস্কৰ ভূঞা- আপুনি ‘প্ৰথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ নামৰ গ্ৰন্থত এঠাইত কৈছে ‘ধৰ্মযুদ্ধত এই পৃথিৱীত যিমান লোকৰ প্ৰাণহানি হৈছে সেয়া আনকি দুয়োখন বিশ্বযুদ্ধতকৈয়ো বহু বেছি৷’ তথাপিওঁ বেছিভাগ মানুহৰ মনতে এই ধাৰণা আছে যে শান্তিৰ বাবে ধৰ্মই হৈছে আটাইতকৈ সৰ্বোৎকৃষ্ট উপাদান৷ এইক্ষেত্ৰত আপোনাৰ মতামত কি হ’ব?

–ময়ূৰ বৰা- মই শান্তিৰ বাবে ধৰ্ম, ঈশ্বৰ বিশ্বাস, নাস্তিকতা আদি সকলোকে সোণৰ মেডেল দিম৷ যদিহে তেওঁলোকে আগত কৈ অহাৰ দৰে সেই বিশ্বাসক ব্যক্তিগত পৰ্যায়ত ৰাখে৷ (বৰ্তমান অলিম্পিকৰ চৰ্চা হৈ আছে বাবে মেডেল শব্দটো ব্যৱহাৰ কৰিছোঁ৷) মোৰ এটাই আশা আৰু  প্ৰত্যাশা, যেন আমাৰ  সমাজত ‘ধৰ্ম’ প্ৰতিজন ব্যক্তিৰে একমাত্ৰ ব্যক্তিগত বিষয় হৈয়ে থাকে৷ তেতিয়াই সমাজলৈ শান্তি আহিব৷

★ ভাস্কৰ ভূঞা- ব্ৰাহ্মণ্যবাদ জীৱনধাৰাৰ নিঃশেষ  কৰিবলৈ হ’লে সমাজৰ কি কি দিশত পৰিৱৰ্তন হ’ব লাগিব বুলি আপুনি ক’ব৷ তাৰ বাবে যুৱ প্ৰজন্মই কি কৰাটো উচিত বুলি আপুনি ভাৱে?

–ময়ূৰ বৰা- এইটো স্পৰ্শকাতৰ প্ৰশ্ন কৰিছা৷ মানুহে যাতে এইক্ষেত্ৰত ভুল নুবুজে সেয়া লক্ষণীয় বিষয়৷ প্ৰথম কথা ‘ব্ৰাহ্মণ’ আৰু ‘ব্ৰাহ্মণ্যবাদ’ দুটা সম্পূৰ্ণ পৃথক বিষয়বস্তু৷ আমাৰ বহু মানুহে দুয়োটা বিষয়কে একে বুলি ভাবি লয় বাবে কিছুমানে ব্ৰাহ্মণ্যবাদ বুলি ক’লে এচাম বিশেষ শ্ৰেণীৰ মানুহক কোৱা বুলি নিজৰ ওপৰত আৰোপ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ কিন্তু মই ভাবো অসমত  আটাইতকৈ ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰিছে কেইজনমান উদাৰ ব্ৰাহ্মণেই৷ কৰ্মবীৰ চন্দনাথ শৰ্মা, দেশপ্ৰাণ যোৰহাটৰ কৃষ্ণ শৰ্মা, গড়মুৰ সত্ৰৰ পূৰ্বৰ বিপ্লৱী সত্ৰাধিকাৰ পিতাম্বৰ দেৱ-গোস্বামী, তেওঁলোকৰ জীৱনৰ পৰা আমি যিখিনি কথা পাওঁ যে তেওঁলোক কিয় উদাৰ? তেওঁলোক এইবাবেই উদাৰ যে তেওঁলোকে  ব্ৰাহ্মণ্যবাদ অৰ্থাৎ বৈষ্যমৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা ব্যৱস্থাটোৰ বিৰুদ্ধাচাৰণ কৰিছিল৷ আৰু আজি  যদি তথাকথিতভাৱে এজন অব্ৰাহ্মণ লোকে এইবোৰ কথা কয়, তেতিয়া বহু মানুহে  ভুলকৈ বুজি লয়৷ গতিকে আমি প্ৰথমেই সেইচামলোকক বুজাব পাৰিব লাগিব যে যিকোনো ধৰণৰ বৈষ্যমতা বা অসমতাক বেয়া পোৱা মানুহেই ব্ৰাহ্মণ্যবাদৰ মানসিকতাক নাইকীয়া কৰিবলৈ  চেষ্টা কৰা উচিত৷ আৰু ব্ৰাহ্মণসকলে সেই গুণটো একমাত্ৰ তেওঁলোকৰ গাত হে আছে বুলি ধৰি লোৱা অনুচিত৷ কাৰণ বহু অব্ৰাহ্মণ মানুহৰ মনতো ব্ৰাহ্মণ্যবাদৰ বীজাণুৱে তেওঁলোকৰ মন, মননক আগুৰি ৰাখিছে৷ 

★ ভাস্কৰ ভূঞা- অসমৰ সত্ৰকেইখনে মানুহৰ মাজত বৈষ্যমৰ বীজ সুমুৱাই নিজৰ শ্ৰেষ্টত্ব অক্ষুন্ন ৰখাৰ যি চেষ্টা কৰিছে সেই কথা আপোনাৰ ভালেমান প্ৰবন্ধত সবিস্তাৰে উল্লেখ কৰা দেখা পাওঁ৷ সমাজখনে সত্ৰবোৰক কেনে দৃষ্টিৰে চোৱাতো উচিত বুলি আপুনি ভাৱে?

–ময়ূৰ বৰা- আমি সত্ৰ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন সমালোচনা কৰিছোঁ যদিও এই কথা অস্বীকাৰ কৰা অনুচিত যে সত্ৰত কিছু সংখ্যক বৈষম্যমূলক কাম-কাজ হ’লেও তেওঁলোকে  অসমৰ এক সুন্দৰ ঐতিহ্য বা গৌৰৱোজ্জ্বল পৰম্পৰা বৰ্তাই ৰাখিছে৷ ধৰি ৰখাত হয়তো কিছু পৰিমানে ভুল কৰিছে কিন্তু ধৰি ৰখা কৰ্মটোৰ বাবে কিন্তু আমি তেওঁলোকক কৃতজ্ঞতা জনোৱাত কাৰ্পণ্য কৰা  অনুচিত৷  মই যদি ৰাজসত্ৰকেইখনৰ বৰ্তমান কাম-কাজসমূহৰ কথা কওঁ তেন্তে যোৱা তিনি বছৰমানৰ পৰা তেওঁলোকে এক যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰা যেন দেখিবলৈ পাইছোঁ৷ এইক্ষেত্ৰত তেওঁলোকে আৰু অলপ উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰা উচিত৷ মই এটা কথায়েই কওঁ যে সত্ৰসমূহে ইতিবাচক কাম কাজত যেন কোনো কাৰণতে আপোচ নকৰে৷ সত্ৰবোৰৰ সংহতিমূলক বিতৰ্কবোৰৰ বাবে যাতে গুৰু দুজনাৰ যি অতুলনীয় অৱদান, মহিমা৷ সেইবোৰ দিশত যেন বিতৰ্কবোৰে আচোঁৰ পেলাব নোৱাৰে৷ তাৰ বাবে সত্ৰবোৰৰ মাজত নীতি-নিয়মৰ ক্ষেত্ৰত বৈসাদৃশ্য পৰিলক্ষিত হ’ব পাৰে৷ সেয়া থাকিবই৷ তাত আমাৰ ক’বলগীয়া নাই৷ মোৰ কথা হ’ল মূল লক্ষ্যৰ ক্ষেত্ৰত সত্ৰবোৰ ইতিবাচক আদৰ্শৰ পৰা বিচ্যুত হ’ব নালাগে আৰু সত্ৰই সকলো মানুহকে একে দৃষ্টিৰে চাব পৰা হ’ব লাগে৷ যদি মন পৰিচ্চন্ন হয়, ‘আধ্যাত্মিকতা’ থাকে, তেন্তে  যিকোনো এজন সম্প্ৰদায়ৰ লোককে সত্ৰবোৰত সত্ৰাধিকাৰ হিচাপে স্থান দিব পৰা হ’ব লাগে৷ লাগিলে তেওঁ যি জাতি বা জনগোষ্ঠীৰেই হওঁক৷ কেৱল এটা নিৰ্দিষ্ট জাতিৰ লোকেই যে সত্ৰাধিকাৰ হ’ব তেনে হোৱা অনুচিত৷ শংকৰদেৱে তেনে আদৰ্শ কেতিয়াও দি যোৱা নাছিল৷

★ ৰূপম হাজৰিকা- গড়মুৰ সত্ৰত এইবাৰ এজন সৰু ল’ৰাক এখন সত্ৰৰ সত্ৰাধিকাৰ হিচাপে নিৰ্বাচন কৰা হ’ল, আপুনিও এই বিষয়ে লিখিছে৷ তদুপৰি তেওঁৰ পৰীক্ষাৰ ফলাফলো সন্তোষজনক নহয়৷ তেওঁৰ পৰা আমাৰ অসমীয়া সমাজে কিমান আশা কৰিব পাৰে?

–ময়ূৰ বৰা- এই বিশেষ কথাটোক কেন্দ্ৰ কৰি মই ইতিমধ্যে প্ৰবন্ধ লিখিছোঁ৷ তেওঁ এখন সত্ৰৰ সত্ৰাধিকাৰ যদিও নতুন প্ৰজন্মৰ প্ৰতিনিধি আৰু তোমালোকে যিহেতো কৈছা যে নতুন প্ৰজন্মৰ প্ৰতি মই কিছু পৰিমানে দায়বদ্ধ৷ গতিকে মই তেওঁৰ মনত কোনো দুখ দিব বিচৰা নাই,  কিন্তু গড়মূৰ সত্ৰই এই সত্ৰাধিকাৰ নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়াটোৰ দ্বাৰা এটা কথা নিশ্চিত হৈ গ’ল যে তেওঁলোকে এক বিশেষ জাতিৰ মানুহ পায়েই তেওঁক লৰা-ঢপৰাকৈ নিৰ্বাচন কৰি নিলে৷  তেওঁৰ শৈক্ষিক পাৰদৰ্শিতা যদিও ভাল ধৰণৰ নাছিল, কিন্তু আমি আশাবাদী যে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিলেও পৰৱৰ্তী সময়ত তেওঁ যদি ইতিবাচক দৃষ্টিভংগীৰে কাম কৰে বা পূৰ্বৰ সমালোচনাৰ পৰা শিক্ষা লৈ কিছু ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াস কৰে, তেন্তে আগন্তুক দিনত তেওঁক আমি নিশ্চিতভাৱে আদৰণি জনাম৷ আৰু ভৱিষ্যৎ কালত যেন এনে ধৰণৰ নিবাৰ্চন প্ৰক্ৰিয়া পুনৰ নহয় সেয়াই মোৰ মূল আহ্বান হ’ব৷ আমাৰ কথা এয়ে যে ভাল মানুহে দায়িত্ব পাওঁক৷

★ তুলিকা হাজৰিকা- সত্ৰৰ সৈতে সংপৃক্ত হৈ থকা মানুহখিনিয়ে এই কথাটো বিবেচনা কৰি চোৱা উচিত আছিল৷ 

–ময়ূৰ বৰা- নিশ্চয়কৈ, কিন্তু তাৰ সঠিক উত্তৰটো তেওঁলোকক সুধিলেহে গ’ম পাবা৷ মই মোৰ দৃষ্টিভংগীৰে ইয়াকে ক’ব পাৰোঁ যে হয়তো তেওঁলোকৰ মন-মগজুত পুৰণিকলীয়া এলান্ধু বা মকৰাজাল সদৃশ এনে কিছু ধ্যান-ধাৰণা সোমাই আছে, যাৰ বাবে হয়তো তেওঁলোকৰ এচামে এইবোৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ গ’লেও এচামৰ বাবে নিশ্চুপ হৈ থাকিবলগীয়া হৈছে৷ আৰু কোনোবাই  এইবোৰ কৰিলে সমাজত অ-জনপ্ৰিয় হ’ব লাগিব বুলি নকৰাকৈ মনে মনে আছে৷ আকৌ কিছুমানৰ ন্যস্ত-স্বাৰ্থ পুৰণ কৰিবলৈ বা বৰ্ণবাদক সুৰক্ষিত কৰিবলৈ এনে ধৰণৰ কাম কৰি আছে৷

★ ভাস্কৰ ভূঞা- অসমত এনে উচ্চ শিক্ষাৰ সৰ্বোচ্চ ডিগ্ৰীধাৰী লোক আছে যি পৰম্পৰা আৰু ধৰ্মৰ নামত নিজৰ সকলোখিনি ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ বিজ্ঞান পঢ়াসকলৰো তেনে অৱস্থা৷ আপুনি কি ক’ব ?

–ময়ূৰ বৰা- মই এই কথাটো সত্য বুলি নাভাবো৷ কাৰণ এইটোৱেই যে মই নিজেও বিজ্ঞান শাখাতে পঢ়া আৰু বিজ্ঞান শাখাত মোৰ ফলাফলো বেয়া নাছিল গতিকে মই এই কথাটো মানি ল’বলৈ তান পাম৷ কিন্তু যি শাখাতেই নপঢ়ক কিয় সেই মানুহজনৰ মনত যদি অন্ধবিশ্বাস তথা কু-সংস্কাৰেৰে ভৰি থাকে তেন্তে তেওঁলোকেনো ইমান পঢ়াৰ অৰ্থটো থাকিল কি? গতিকে এজন মানুহৰ শিক্ষাৰ পৰা তেওঁৰ কি লাভ হৈছে আৰু দ্বিতীয়তে সমাজখনৰ কি লাভ হৈছে সেই কথাখিনি বস্তুনিষ্ঠভাৱে আৰু নিৰ্মোহভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে৷ সেই প্ৰয়োজনটো নতুন প্ৰজন্মই অনাগত সময়ত খুব দৃঢ়ভাৱে আৰু নিষ্ঠা সহকাৰে প্ৰমাণ কৰিব পাৰিব বুলি মই ভাবো৷

★ ভাস্কৰ ভূঞা- মানৱতাবাদী গুণবোৰক ধৰ্মীয় গুণ হিচাপে যুক্ত কৰাৰ অপচেষ্টা কিছু সংখ্যক ধৰ্মীয় গুৰুৱে কৰি  আহিছে৷ কাৰণ আমি যদি চাওঁ- দয়া, ক্ষমা, সন্মান, শ্ৰদ্ধা, মৰম, সম্প্ৰীতি আদি মানবতাবাদৰ গুণ হে, ধৰ্ম মানি নচলা মানুহৰ মাজতো এই গুণ নিশ্চয়কৈ থাকিব যদিহে তেওঁ মানৱতাবাদী হয়৷ আপুনি এই বিষয়টো কেনেদৰে ল’ব?

–ময়ূৰ বৰা- প্ৰতিটো ধৰ্মৰে যদি আমি ভিতৰৰ বস্তুবোৰ নিৰীক্ষণ কৰোঁ বিশেষকৈ বিদ্যায়তনিকভাৱে তেতিয়া হ’লে প্ৰতিটো ধৰ্মৰ মাজতে আচলতে ইতিবাচক ভাল ভাল কথাবোৰেই থাকে৷ দ্বিতীয়তে নিৰীশ্বৰবাদী বা নাস্তিক যিসকলে পূৰ্বতে হওঁক বা সাম্প্ৰতিক সময়তো নিজকে মানৱতাবাদী বুলি দাবী কৰে আৰু বহুক্ষেত্ৰত হয়ো৷ এতিয়া কথা হ’ল মানৱতাবাদক ধৰ্ম বিশ্বাস কৰাসকলেও বিচাৰে আৰু নিৰীশ্বৰবাদীসকলেও বিচাৰে৷ মই এই কথা কওঁ যে মানৱতাবাদী হ’বলৈ দুয়োটা কথাৰে যাতে পূৰ্ব-স্বত থাকিব নালাগিব৷ এজন মানুহ ধৰ্ম বিশ্বাস কৰিও মানৱতাবাদী হ’ব পাৰে বা বিশ্বাস নকৰাকৈয়ো হ’ব পাৰে৷ বা দুয়োপক্ষই কেতিয়াবা গভীৰ বাবে মানৱতা বিৰোধী কামো কৰিব পাৰে৷ গতিকে কোনো এটা দিশেই মানৱতাবাদৰ নিজৰ এদনীয়া সম্পত্তি বুলি দাবী কৰা উচিত নহয়৷ অসম বুৰঞ্জীলৈ চালেও এনে অনেক উদাহৰণ পাম৷ 

★ ভাস্কৰ ভূঞা- আমাৰ শিক্ষা ব্যৱস্থাত এহাতে মানুহৰ বংশগতি তত্ব, ডাৰউইনৰ বিৱৰ্তনবাদ, বান্দৰৰ পৰা মানুহৰ বিৱৰ্তন হোৱা তথ্য, নিৎসেৰ ঈশ্বৰ সম্পৰ্কীয় মতামত আদিবোৰৰ দ্বাৰা যুক্তিবাদী আৰু বহু ক্ষেত্ৰত নিৰীশ্বৰবাদী হ’বলৈয়ো  শিকোৱা হৈছে৷ অন্যহাতে সাহিত্য আৰু অন্যান্য কিছু পাঠ্যক্ৰমত বিভিন্ন ধৰ্মীয়  উপাদানৰ উল্লেখণেৰে ধৰ্মীয়  ভিত্তিত শিক্ষা দিয়াৰ চেষ্টা কৰা হৈছে৷ ফলত শিক্ষাৰ্থীসকল সৰুৰে পৰা দোমোজাত পৰে৷ পৃথিৱীৰ উৎপত্তি  সম্পৰ্কীয় মতামতৰ ক্ষেত্ৰটো এই দুই দৃষ্টিভংগী বিশেষভাৱে পোৱা যায়৷ এই ক্ষেত্ৰত আপুনি কি ক’ব?

–ময়ূৰ বৰা- শিক্ষা ব্যৱস্থাৰ যিবোৰ পাঠ্যক্ৰমৰ কথা কৈছা, সেইবোৰ যিহেতো মই বিস্তৃতভাৱে ভিতৰলৈ গৈ অধ্যয়ন কৰা নাই, গতিকে তাৰ এটা পোনপটিয়া উত্তৰ দিয়া সম্ভৱ নহ’ব¸৷ কিন্তু তোমাৰ কথাটোৰ আঁত ধৰিয়েই কওঁ, যদিও মই শিক্ষা ব্যৱস্থাটোক সমৰ্থন জনোৱা নাই, এজন পঞ্চম বা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীক যদি এই কথা কোৱা যায় তেন্তে তেওঁলোক বিভ্ৰান্তহে হ’ব৷ মই ভাবো, এই দুই ধৰণৰ শিক্ষা ব্যৱস্থাটোৰ এক ইতিবাচক দিশো আছে৷ ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে নিজেই নিজৰ যুক্তিৰে (যদিহে তেওঁৰ মন এটা থাকে বা নিজে গভীৰলৈ যাব বিচাৰে ) নিৰ্বাচন কৰিব পাৰিব যে তুমি কোৱা দুই দৃষ্টিভংগীৰ আচল সত্য কোনটো৷

★ ভাস্কৰ ভূঞা- হিন্দু ধৰ্মৰ এজন নিৰ্দিষ্ট প্ৰৱৰ্ত্তক নাই৷ আপুনি ‘হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা’ গ্ৰন্থত উল্লেখ কৰিছে যে হিন্দু এটা ধৰ্মপদ্ধতি নে জীৱন ধাৰা তাক লৈ আজিও বহুতৰ মাজতে বিতৰ্ক হৈয়ে আছে৷ তৎস্বত্তেও এই ধৰ্মই সমগ্ৰ ভাৰতৰ অধিকাংশ ঠাইত খুপনি পুতিবলৈ সক্ষম হ’ল৷ এতিয়া একবিংশ শতিকাৰ জনতাই  ধৰ্মক কেনেদৰে গ্ৰহণ কৰাটো আপুনি বিচাৰে?

–ময়ূৰ বৰা- হিন্দু ধৰ্মই হওঁক বা আন ধৰ্মই হওঁক বা একেবাৰে ধৰ্মবিহীন অৱস্থাই হওঁক, মই ইয়াকে ক’ব বিচাৰোঁ যেন তেওঁলোকে নিজৰ ধৰ্ম বিশ্বাসক লৈ উদ্বিগ্ন হৈ থকা অৱস্থাত আন ধৰ্ম বা নাস্তিক, নিৰীশ্বৰবাদীসকলৰ যেন কোনো অসুবিধাৰ সৃষ্টি নকৰে৷ এই বিশ্বাসবোৰ একেবাৰে ব্যক্তিগত পৰ্য্যায়ত ৰখাটোৱেই মই বিচাৰোঁ৷ 

★ ভাস্কৰ ভূঞা-  আজিৰ  পৰা প্ৰায় ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে ধৰ্মৰ সকলো গোড়ামি এৰি এক শৰণ নাম ধৰ্মত শৰণ ল’বলৈ কৈছিল৷ আজি আমি ৫০০ বছৰৰ পিছত ক’ব নোৱাৰোঁনে যে আমি কেৱল মানুহত হে শৰণ ল’ব লাগে?

–ময়ূৰ বৰা- সেইয়া নিশ্চয়কৈ হয়৷ সেই প্ৰেক্ষাপটত বিশ্লেষণ কৰিলে আমি এটা কথা মন কৰিব লাগিব যে শঙ্কৰদেৱে ৫০০ বছৰৰ আগতে ধৰ্মৰ কথা কিয় কৈছিলচ ধৰ্মৰ কথা এইবাবেই কৈছিল যে সেইসময়ত ধৰ্মৰ নামত যি ধৰণৰ অন্যায়-অত্যাচাৰ চলিছিল সমাজখন যি এক বিশেষ পৰ্য্যায়লৈ গৈছিল আৰু ধৰ্মই মানুহৰ জীৱনক এনেকুৱা এটা পৰ্য্যায়লৈকে নিয়ন্ত্ৰিত কৰিছিল যে ধৰ্মক বাদ দি অকল সংস্কৃতিৰ দিশেৰে হয়তো শঙ্কৰদেৱে ইমান অভূতপূৰ্ব পৰিৱৰ্তন বা জনজাগৰণ সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন৷ যিহেতো ধৰ্মৰ তেতিয়া গুৰুত্ব আছিল গতিকে শঙ্কৰদেৱে তাক গ্ৰহণ কৰিছিল৷ এতিয়াৰ সময়ত এচাম মানুহে ধৰ্মক ব্যৱহাৰ বা কু-ব্যৱহাৰ কৰি নিজৰ ন্যস্তস্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে৷ কিন্তু সমান্তৰালভাৱে আন বহুলোকৰ ধৰ্মৰ প্ৰতি এক বিৰাগৰ সৃষ্টি হৈছে৷ গতিকে এতিয়াৰ প্ৰেক্ষাপটত হোৱা হ’লে শঙ্কৰদেৱে সম্ভৱ নিজেও হয়তো তেওঁ পূৰ্বতে ধৰ্মক যিমান গুৰুত্ব দিছিল সেইখিনিৰ গুৰুত্ব কমাই দি তেওঁ সাহিত্য-সংস্কৃতিৰ  অন্যান্য দিশবোৰত কাম কৰিলেহেঁতেন৷ কাৰণ আগতেও কৈছোঁ যে শঙ্কৰদেৱক মই তেজ মঙহৰ এজন মানুহ হিচাপে ভাবি বেছি ভাল পাওঁ আৰু সেই দৃষ্টিৰে চালে শঙ্কৰদেৱ বৰ্তমান সময়ত থকা হ’লে  তেওঁ অসমৰ মানুহৰ সমস্যা, বিভিন্ন জনগোষ্ঠীৰ সকলো সমস্যা সমাধান কৰি এটা বাস্তৱমুখী লগতে সমন্বয়মুখী চিন্তাৰে অসমৰ সমাজখনক উজ্বলাই তুলিলেহেঁতেন৷

★ ভাস্কৰ ভূঞা- শঙ্কৰদেৱক আমাৰ অসমীয়া সমাজখনে এজন সাহিত্যিক বা সমাজ সংগঠক বা সংস্কাৰক হিচাপে প্ৰতিষ্ঠা কৰাতকৈ কেৱল এজন ‘ধৰ্মীয় গুৰু’ অভিধাতে আবদ্ধ কৰি ৰাখিলে নেকি বাৰু?

–ময়ূৰ বৰা- শঙ্কৰদেৱক যদি মই hypothetically (যুক্তিৰ ক্ষেত্ৰত ডাঙি ধৰা এক ধাৰণা) ধৰি লওঁ তেতিয়া শঙ্কৰদেৱৰ যিটো ধৰ্মমত, সেই ধৰ্মমতটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ উচ্ছ মানদণ্ডসম্পন্ন৷ কিন্তু বাস্তৱ সত্য এইটোৱেই যে কেৱল ধৰ্মৰ দ্বাৰাই বাহিৰৰ মানুহৰ আগত আমি শঙ্কৰদেৱক বিশেষভাৱে প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ৷ তেওঁ যি এক অভ্ৰভেদী ব্যক্তিত্বৰ মানুহ আছিল, তেওঁৰ যি এক অসাধাৰণ পাণ্ডিত্য তথা প্ৰতিভা আছিল বা তেওঁ যি এক সমন্বয়মুখী চিন্তাৰ পাতনি মেলি তাক বাস্তৱায়িত কৰিছিল এই সকলোবোৰ দিশ বিশ্ব দৰবাৰৰ আগত প্ৰতিষ্ঠা কৰিবলৈ আমি শঙ্কৰদেৱে সাহিত্য আৰু সাংস্কৃতিক দিশত দি যোৱা অৱদানসমূহৰ কথাহে বেছিকৈ গুৰুত্ব দিয়া উচিত৷ গতিকে এইবোৰ দিশ পৰ্যালোচনা নকৰি যদি কেৱল ধৰ্মীয় দিশেৰেই শঙ্কৰদেৱক পৰ্যালোচনা কৰোঁ৷ তেতিয়া হ’লে আমি অতীতৰ দৰেই ভৱিষ্যৎ কালতো একেই পুৰণি ৰেকৰ্ডখন বজাই থাকিব লাগিব৷

★ ভাস্কৰ ভূঞা- ‘হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা’ গ্ৰন্থৰ শেষৰ ফালে ‘প্ৰাচীন ভাৰতীয় চেতনাত নাস্তিকতা’ আৰু  ‘হিন্দু দৰ্শনত ঈশ্বৰ আৰু নিৰীশ্বৰবাদ’ নামৰ দুটা প্ৰবন্ধ লিখিছে৷   ইয়াৰোপৰি প্ৰতিখন গ্ৰন্থত এনে কিছু গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছে  যিবোৰত প্ৰৱল যুক্তি আৰু নিৰ্মোহভাবে চিন্তা কৰিব পৰাকৈ অনেক তথ্য নিহিত হৈ আছে৷ এতিয়া প্ৰশ্ন হ’ল এই  প্ৰবন্ধবোৰপঢ়াৰ পিছত আৰু নিজে অনুধাৱন কৰাৰ পৰৱৰ্তী পৰ্যায়ত যদি এজন লোকৰ মন মগজু নিৰীশ্বৰবাদী চিন্তা চেতনাৰ  দিশে অগ্ৰসৰ হয়৷ তেওঁলোকক আপুনি কি ক’ব?

–ময়ূৰ বৰা- তেওঁলোকলৈ মোৰ শুভকামনা থাকিব৷ কোনোবাই যদি এইখন গ্ৰন্থ পঢ়ি ‘নিৰীশ্বৰবাদী’ হয় বা কোনোবা যদি  আকৌ বেছিকৈ ধৰ্ম বিশ্বাসীহে হৈ উঠে দুয়ো পক্ষলৈকে মোৰ শুভকামনা থাকিব৷ অ’ লগতে এই আহ্বানো থাকিব, নিৰীশ্বৰবাদীয়েই হওঁক বা ধৰ্মবিশ্বাসীয়েই হওঁকচ তেওঁলোকে যেন আগতে কৈ অহাৰ দৰে নিজৰ ধৰ্মীয় বিশ্বাসবোৰ আনৰ ওপৰত বলপূৰ্বকভাৱে জাপি নিদিয়ে আৰু দ্বিতীয়তে মানৱতাবাদক যেন কেতিয়াও উপলুঙা নকৰে৷ কাৰণ বৰ্তমান সময়ত  মানৱতাই শ্ৰেষ্ট বিষয়৷ এই মানৱতা যদি ধৰ্ম  গ্ৰহণ কৰি আহে  বা নাস্তিকতাৰ জৰিয়তেও আহে তাকো কিন্তু আমি কেতিয়াও ওলাই নকৰোঁ৷   

★ ভাস্কৰ ভূঞা- ‘মাক্সেৰ্ই বজালে নেকি কমিউনিজ্‌মৰ মৃত্যুৰ ঘণ্টা’ গ্ৰন্থখনৰ কেইটামান বিশেষ প্ৰবন্ধত আপুনি মাক্সৰ্ৰ ব্যক্তিগত জীৱনৰ বহু কদৰ্য তথ্য উদ্‌ঘাটন কৰি দেখুৱাইছে৷ সেইয়া পঢ়ি কোনো পাঠকেই মাৰ্ক্স সম্পৰ্কে ভাল ধাৰণা নিশ্চয় নলয়৷ অথচ বিশ্বৰ বাবে ‘কাৰ্লমাৰ্ক্স’ এটি চৰ্চিত নাম, সেইদৰে এচামৰ বাবে মাৰ্ক্সবাদ’ আজিও বহুচৰ্চিত বিষয় আৰু তেওঁলোকে ভাবে যে ভাৰতবৰ্ষ বা অসমতো মাৰ্ক্সবাদৰ উত্তৰণ হওঁক আৰু কমিউনিজি্‌মৰ আৰম্ভ হওঁক৷ এই সন্দৰ্ভত আপুনি কি ক’ব?

–ময়ূৰ বৰা- অৱশ্যে, ভবা চিন্তা কৰাৰ অধিকাৰ সকলোৰে আছে৷ তেওঁলোকে মোক সমালোচনা কৰিছে, তাৰো অধিকাৰ তেওঁলোকৰ আছে৷ এচামে মোক  ব্যক্তিগতভাৱেও আক্ৰমণ কৰিছে আৰু দেখুৱাই দিছে যে আচলতে তেওঁলোকৰ চিন্তা কিমান গভীৰ বা উচ্ছমানৰ৷ গতিকে মই তেওঁলোকৰ ওপৰত মতামত দিবলৈ নাযাওঁ৷ কিন্তু মোৰ মূল আপত্তিটো হ’ল মই মাৰ্ক্সৰ ব্যক্তিগত জীৱনক লৈ কমিনিউজি্‌মৰ দোষ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বুলি এচামে কয় যদিও মই সম্ভৱ  সমগ্ৰ গ্ৰন্থখনৰ তিনি, চাৰিটা মান প্ৰবন্ধত হে মাৰ্ক্সৰ বিষয়ে লিখিছোঁ । বাকী ১০ টা মান প্ৰবন্ধত কিন্তু কমিনিউজি্‌মৰ তত্ত্ববোৰৰ যিবোৰ বিসংগতি, তাৰ বিশ্লেষণ হে আছে৷ সেই কথাবোৰ আমাৰ যিসকল বামপণ্ঠী বা তথাকথিত বামপণ্ঠীৰ লোক আছে তেওঁলোকে সেইবোৰ বিষয় যুক্তিনিষ্ঠভাৱে চোৱা মই দেখা নাই৷ তেওঁলোকৰ এটাই কথা, ব্যক্তিগত কথাৰ দ্বাৰা কাৰোবাক কৰা সমালোচনাৰ বিষয়টো তেওঁলোকৰ হেনো পৰ্যালোচনাৰ বিষয় নহয়৷ মোৰ বিষয়েও তেওঁলোকে বিভিন্ন কথা কৈছে, এইবোৰ কথাত মই বিচলিত নহওঁ বা উদিগ্নও নহওঁ৷ কিন্তু মূল কথা হ’ল- কোনো এজন ব্যক্তিয়ে যিটো ধাৰা বা সমতাৰ কথা কয় তেওঁৰ ব্যক্তিগত জীৱনত সম্পূৰ্ণকৈ নহ’লেও কিছু পৰিমানে সেই কথাবোৰৰ এটা জিলিঙনি থকা উচিত বুলি মই ভাবো৷ কিন্তু মাক্সৰ্ৰ ক্ষেত্ৰত কোৱা কথা আৰু কৰা কামৰ মাজত এক বিস্তৰ ব্যৱধান আছিল৷ গতিকে এই ব্যৱধানৰ কথা কোৱাটো মোৰ এক প্ৰকাৰৰ দায়িত্বও, আৰু এই দায়িত্ব পালন কৰিবলৈ গৈ মই যদি কিবা ভুল কৰিছোঁ বা তথ্য আৰু উৎসৰ যদি ভুল, তেন্তে তেওঁলোকে সেইবোৰ কথা ডাঙি ধৰক৷ মই মাৰ্ক্সক কৰা সমালোচনাৰ কামটো hypothetically বেয়া আছিল বুলি যদি কওঁ, তেওঁলোকেও কিতাপৰ ১০ টা প্ৰবন্ধৰ ভিতৰলৈ নগৈ মোক ব্যক্তিগত ভাৱে আক্ৰমণ কৰাটোনো কি ভাল কাম?

★ ভাস্কৰ ভূঞা- আপুনি এইক্ষেত্ৰত সেই গ্ৰন্থখনতেই ‘কোৰিয়া’ ৰাষ্ট্ৰৰ প্ৰসংগও আনিছে ৷ সেহতীয়াকৈ অলিম্পিকৰ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ দুই খেলুৱৈয়ে ছেল্‌ফি মাৰি ছ’চিয়েল মেডিয়াত আপল’ড কৰোতেওঁ অসমৰ সংবাদ মাধ্যমে তেওঁলোকৰ মৃত্যু হ’ব নেকি বুলি বাতৰি পৰিৱেশন কৰা কাৰ্যই প্ৰকৃততে কমিনিউজি্‌মৰ স্বৰূপ উদঙাই দিয়া নাইনে?

–ময়ূৰ বৰা- এৰা তুমি থিকেই কৈছা, কমিনিউজি্‌মৰ দেশবোৰত এনেবোৰ ঘটনাই সঘনে দেখা যায়৷ ‘কিম জন ইন’ যেনিবা তাৰে অতি Extrem Point৷ গতিকে আমি এইবোৰ কথা ক’লে এচামে ভাৱে যে এইবোৰ পশ্চিমীয়া দেশৰ পপাগাণ্ডা৷ মই আৰু এটা কথা কওঁ যে  অসমৰ এচাম তথাকথিত বাওপণ্ঠীয়ে কথাই প্ৰতি কেৱল আমেৰিকাক দোষাৰোপ কৰে৷ তাতো মই বেয়া নাপাওঁ৷ তেওঁলোকৰ অধিকাৰ আছে, কৰিব পাৰে৷ কিন্তু তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালী আকৌ আমেৰিকাতেই থাকে আৰু দ্বিতীয়তে তেওঁলোকে আমেৰিকাক গালি পাৰিওঁ এটা কথা স্বীকাৰ নকৰে যে বিশ্বৰ ভিতৰত আটাইতকৈ জ্ঞানী মাৰ্ক্সবাদৰ পণ্ডিতকেইজন কিন্তু আমেৰিকা বিশ্ববিদ্যালয়তে আছে৷ 

★ তুলিকা হাজৰিকা-  অসমৰ ধৰ্মীয় ক্ষেত্ৰত বিশেষকৈ বহুতো নামঘৰৰ মনিকূট আৰু সত্ৰবোৰত নাৰী নিষিদ্ধকৰণৰ যি ঐতিহাসিক সিদ্ধান্ত৷ এই সম্পৰ্কে সেহতীয়াকৈ বহুতো বিতৰ্ক হৈছে৷ ছ’চিয়েল মেডিয়া আৰু সংবাদ মাধ্যমতো বিষয়টোৰ পৰ্যালোচনা হৈছে৷ এই সম্পৰ্কে আপোনাৰ মতামত কি? 

–ময়ূৰ বৰা- এই সম্পৰ্কত ইতিমধ্যেই মই মোৰ স্থিতি সংবাদ মাধ্যমৰ যৰিয়তে প্ৰকাশ কৰিছোঁ৷ অসমৰ বৰপেটাৰ ক্ষেত্ৰত মই ভাবো যে লৈংগিক বৈষ্যমৰ যিটো ধাৰা সেইটোৰ কিন্তু Expire Date পাৰ হৈ গৈছে৷ গতিকে যিসকল মহিলা  বা নাৰীয়ে সত্ৰলৈ যাবলৈ বিচাৰে, তেওঁলোকক যাব দিয়া উচিত৷ স্পষ্ট কথা৷ কিন্তু তাত যদি বৰপেটাৰ একাংশ মহিলা নিজেই যাবলৈ নিবিচাৰে, তেন্তে তেওঁলোকক কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰিব নালাগে৷ তেওঁলোকে যেনেদৰে শান্তি পাইছে বা তেওঁলোকে যিটো বিচাৰে তেওঁলোকক তেনেদৰে থাকিব দিয়া উচিত৷ আৰু যিখিনি মহিলাই চাব বিচাৰে তেওঁলোকৰ আগত পৰম্পৰাৰ নাম দি এটা বাধাৰ সৃষ্টি কৰা দিন উকলীল বুলি মই ভাবো৷

★ ৰূপম হাজৰিকা-  ছাৰ, হাস্যকৰ যদিও কৈছোঁ, আমেৰিকাৰ হিলাৰী ক্লিল্টনৰ যেনিবা মন গ’ল  বৰপেটা সত্ৰলৈ আহিবলৈ, গতিকে তেওঁ অসমলৈ আহি বৰপেটা সত্ৰত সোমাবলৈ বিচাৰিলে কেনে পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি আপুনি ভাৱে?

–ময়ূৰ বৰা- [হাঁহি] মই জ্যোতিষী নহয় বা জ্যোতিষত বিশ্বাসো নকৰোঁ৷ গতিকে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব আগতিয়াকৈ কোৱা  সম্ভৱ নহ’ব৷ কিন্তু মই ভাবো, হিলাৰী ক্লিল্টন যদি আহো বুলি কয়, তেতিয়া হ’লে ময়ো জমনিকেই কওঁ যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ’ব যে তেওঁ চাগৈ সোমাব পৰা এটা অৱস্থাৰ সৃষ্টি হ’ব আৰু তেতিয়া তেওঁৰ বয়সৰ প্ৰসংগও আহিব পাৰে (মই কি অৰ্থত বয়সৰ কথা কৈছোঁ তোমালোকে নিশ্চয় ধৰিব পাৰিছা)৷

★ তুলিকা হাজৰিকা- আপোনাৰ ভাষাৰেই কওঁ মৰ্ত্যৰ ঈশ্বৰসকলে (ব্ৰাহ্মণসকলে) আজি পৰ্যন্ত সমাজখন নিজৰ মতে চলাটো বিচাৰে৷ কৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰত আজিও এচাম এনে ব্ৰাহ্মণ আছে যি দুখীয়া হ’লে প্ৰয়োজন সাপেক্ষে খুজি খাব অথচ হালখন লৈ পথাৰলৈ নাযায়৷ সমাজৰ পৰা এই গোড়া জাতি প্ৰথাৰ অস্তিত্ব নিৰ্মূল কৰিবলৈ ব্যৱহাৰিকভাৱে আমি কি কৰাটো সমিচীন বুলি আপুনি ভাৱে? 

–ময়ূৰ বৰা- কিছুমান কথা অৱশ্যে আগতকৈ কিছু পৰিমানে হ্ৰাস পাইছে৷ মই গোড়ামিৰ কথা কৈছোঁ৷ বৰ্তমান সময়ত   Intercast Marrige যে এইক্ষেত্ৰত ইতিবাচক ভূমিকা লৈছে৷ সময়ৰ লগে লগে সমাজেও কিছুমান ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা দৰকাৰ৷ সমাজত এই অন্ধ নীতি-নিয়ম বা কিছুমান গোড়া পৰম্পৰা আঁতৰাবলৈ আমাৰ ওচৰত এনে কিছু ফমূৰ্লা নাই বা এনে এণ্টিবায়েটিক নাই যে মই সমাজখনক খুৱাই দিলোঁ আৰু তাৰ পিছত কাইলৈৰ পৰা বা এবছৰৰ পিছত সমাজৰ পৰা এইবোৰ নোহোৱা হৈ গ’ল৷

★ ভাস্কৰ ভূঞা- ‘চিন্তাৰ ভগ্নাংশ’ গ্ৰন্থৰ পাতনিত উল্লেখ কৰা- ‘চেতনাবোধসম্পন্ন আৰু যুক্তিবাদীমনৰ অসমীয়া সত্তা’ বাক্যটো আগত ৰাখি অসমীয়া সমাজখনলৈ যদি আপুনি লক্ষ্য কৰে তেন্তে আপুনি এখন আশানুৰূপ ছবি দেখা পাইনে?

–ময়ূৰ বৰা- অসমীয়া সমাজ বুলি ক’লে মই যদি গুৱাহাটীকেন্দ্ৰীক মধ্যবৃত্ত সমাজখনলৈ চাওঁ, তেন্তে সমূলি আশা দেখা নাপাওঁ৷ কাৰণ ‘চেতনাবোধ সম্পন্ন’ এই অভিধাটো গুৱাহাটীৰ অধিকাংশ মধ্যবৃত্ত অসমীয়া মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়৷ আজি কেইবাদিনৰ আগলৈকে ‘ধনতেৰাজ’ উৎসৱৰ কথা আমি দিল্লী বা চণ্ডীগড় আদিত থাকোতেওঁ শুনা নাছিলোঁ, অসমত দূৰৰে কথা৷ কিন্তু এতিয়া ‘ধনতেৰাজ’ৰ দিনা অসমীয়া ভদ্ৰ মহিলাৰ গহণা কিনাৰ যিটো দল্‌লোপ-হেন্দোল্‌লোপ সি মাৰোৱাৰী বা তেনে সম্প্ৰদায়তকৈ কিছু ক্ষেত্ৰত বেছিহে৷ মোৰ তাতো আপত্তি নাই যদিহে তেওঁলোকে নিজৰ পৰম্পৰা, ঐতিহ্য বা গুৰু দুজনাৰ তিথি বা ছুক্যাফা, লাচিতবৰফুকন, চিলাৰায় আদি এইখিনি মহান অসমীয়াৰ কথাও বাহিৰৰ মানুহৰ আগত প্ৰকাশ আৰু প্ৰসাৰ কৰিব পাৰিলেহেঁতেন৷ কাৰণ সংস্কৃতি সদায় দিয়া আৰু লোৱা মাধ্যমেৰেই বৰ্তি থাকে৷ ...গতিকে গুৱাহাটীকেন্দ্ৰীক সমাজখনক অসমীয়া বুলি ক’বলৈ ভয় কৰোঁ৷ কাৰণ তেওঁলোকক তেনেকৈ ক’লেই যিখিনি অঞ্চলৰ মানুহে প্ৰকৃত অসমীয়া সত্তাটোক বুকুত বান্ধি লৈ আছে সেই মানুহখিনিক অপমান কৰাৰ দৰে হ’ব৷ লগতে মই এই কথাও যোগ দিব খোজো, বৰ্তমান সময়ত অসমীয়া জাতি ব’লবম  বা চ’কপূজাৰ সময়ত অতি উৎসৱমুখী তথা পৰিশ্ৰম বিমুখ জাতিলৈহে পৰিৱৰ্তন হৈছে৷

★ ভাস্কৰ ভূঞা- সাম্প্ৰতিক সময়ৰ কোনটো ঘটনা বা সমস্যাই আপোনাক বিশেষভাৱে চিন্তিত কৰি তুলিছে?

–ময়ূৰ বৰা- অসম এখন সমস্যা বহুল ৰাজ্য৷ ..মই আগতেও বহুক্ষেত্ৰত কৈছোঁ যে বৰ্তমান সময়ত বহুবোৰ সংগঠনৰ সৃষ্টি হৈ আন্দোলনকেন্দ্ৰীক মানসিকতা এটাৰ সৃষ্টি কৰাৰ বাবে অসমৰ সচেতন মানুহৰ মনত এটা নেতিবাচক ধাৰণা গঢ় লৈ উঠিছে৷ কিন্তু এটা সময়লৈকে অসমত আন্দোলনৰ বিশেষ প্ৰয়োজন আছিল আৰু আন্দোলনৰ মৰ্যাদাও আছিল৷ কাৰণ কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাইছিল৷ গতিকে তেনে এক পৰিৱেশত আন্দোলনৰ নিশ্চয় প্ৰয়োজন আছিল৷ কিন্তু বৰ্তমান সময়তো আন্দোলনৰ যি মাত্ৰা তাক লৈ মই কিছু পৰিমানে চিন্তিত৷ লগতে অসমীয়া আৰু অসমৰ জাতি -জনগোষ্ঠীসমূহৰ জীৱনলে  যি ধৰণৰ অস্তিত্বৰ সংকট আহিছে লগতে অনুপ্ৰৱেশ আৰু আমাৰ নিজৰ এচামৰ যিচেতনাশূণ্য মনোভাৱ, সেই দিশবোৰ মই ভাবো অসমীয়া সত্ত্বাটোৰ বাবে ডাঙৰ প্ৰত্যাহ্বান৷ 

★ তুলিকা হাজৰিকা- অসমৰ সমস্যা সমাধানৰ বাবে আন্দোলনৰ প্ৰাসংগিকতা কিমান বুলি আপুনি ভাৱে?

–ময়ূৰ বৰা- তাত্ত্বিকভাৱে চালে অসমত আন্দোলনৰ নিশ্চস প্ৰয়োজন আছে৷ কাৰণ যদি এখন ৰাজ্যই অনুভৱ কৰে যে তেওঁলোকক কোনোবাই শোষণ-নিপীড়ন কৰিছে তেতিয়া তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতিবলৈ আন্দোলনকে মুখ্য ভাৱে গ্ৰহণ কৰিব পাৰে৷ কথা হ’ল অসমত এটা বেমাৰ হৈছিল বেমাৰ হওঁতে যিটো ঔষধ এটা সময়লৈকে সকলোঁৱে গ্ৰহণযোগ্য বুলি বিবেচনা কৰিছিল এতিয়া সেই ঔষধটোৰ ইমানবোৰ  ডাক্টৰ ওলাল আৰু ইমান ডাক্টৰে একেটা ঔষধকে দিলে যে ৰঙা, নীলা, হালধীয়া ঔষধ এতিয়া মানুহৰ বাবে বিৰক্তিদায়ক হ’ল৷ গতিকে আমি বেমাৰ নাই বুলি কোৱা নাইচ ঔষধ দিয়া মানুহবোৰৰ উদ্দেশ্য কি আৰু এই ঔষধবোৰ কিমান ফলপ্ৰসু সেইবোৰ কাৰণতে আন্দোলনৰ ওপৰত মানুহৰ প্ৰশ্নবোধক চিন দেখিবলৈ পোৱা গৈছে৷ 

★ ভাস্কৰ ভূঞা- আপোনাৰ বাবে আদৰ্শ ব্যক্তিৰ ধাৰণাটো কেনেধৰণৰ৷ যদি আপোনাক কোনোবাই আদৰ্শ ৰূপে গ্ৰহণ কৰিছে তেঁওলোকক আপুনি কি ক’ব?

–ময়ূৰ বৰা- মোৰ মানসপটত এনেকুৱা এজন ব্যক্তিৰ ছবি ভাঁহি নুঠে যে যিজন ব্যক্তিৰ কোনো ধৰণৰ ভুল নাই, কোনো দুৰ্বলতা নাই বা কোনো ধৰণৰ চিন্তাৰ জড়তা নাই৷ তথাপিওঁ বহুক্ষেত্ৰত মই চন্দ্ৰনাথ শৰ্মা, ভূপেন হাজৰিকা এই সকলক মোৰ আদৰ্শ ব্যক্তি বুলি মই ভাবো৷ কিন্তু তেওঁলোকৰো কিছু কথা সমালোচনাৰ মাজলৈ আহিব পাৰে৷ আৰু কেৱল দুজন আদৰ্শ ব্যক্তিৰ নাম লৈছোঁ যদিও আৰু বহুত আছে৷ মই পৰাগ দাসৰ কথাও ক’ব লাগিব৷ পৰাগ দাসৰ বহুবোৰ কথা মই সমৰ্থন নকৰিলেও তেওঁৰ যিটো নিৰ্ভেজাল অসম প্ৰেম আৰু সেই প্ৰেমক বাস্তৱায়িত কৰিবলৈ তেওঁ যিখিনি পৰিশ্ৰম বা সাধনা কৰিলে সেইখিনিক মই সদায় সন্মান জনাওঁ৷ গতিকে কোনো এজন ব্যক্তিক আদৰ্শ ব্যক্তি হিচাপে নিজৰ মানসপটত স্থান দিবলৈ হ’লে সেই মানুহজনৰ পৰা দৰাচলতে তেওঁৰ প্ৰচেষ্টা, নিষ্ঠা, আন্তৰিকতা, দৃঢ়তা আৰু তেওঁৰ সামগ্ৰীকভাৱে জাতীয় জীৱনত পেলোৱা প্ৰভাৱ এই গোটেই কেইটা কথা বিশ্লেষণ কৰি চাব লাগিব৷ আৰু মই নিজকে ভবা নাই যে মোক কোনোবাই আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰিব পৰাকৈ যোগ্যতা অৰ্জন কৰিছোঁ বুলি বা এইখিনি কামতেই যদি নৱ-প্ৰজন্মৰ কোনোবা প্ৰতিনিধিয়ে ভাবিছে যে মই তেওঁৰ বাবে আদৰ্শ স্বৰূপ৷ তেন্তে মোৰ ওপৰত তেওঁ যি বিশ্বাস বা আস্থা ৰাখিছে সেই আস্থা আৰু বিশ্বাস বঢ়াবলৈ মই অনাগত সময়ত কাম কৰিবলৈ চেষ্টা কৰিম৷ 

★ ভাস্কৰ ভূঞা- আগন্তুক দিনত কোনো বিশেষ পৰিকল্পনা আছে নেকি, যি আমাক অৱগত কৰিব পাৰে?

–ময়ূৰ বৰা- ..ঠিক এই মুহূৰ্তত এটা কথা specifies plane ৰ কথা ক’ব বিচৰা নাই যদিও উনৈশ শতিকাৰ অসমক লৈকেতবোৰ নতুন বিষয়ত ভবা চিন্তা কৰাৰ মোৰ মন আছে৷ বহুতে আকৌ প্ৰবন্ধক সাহিত্য বুলিয়েই ক’ব নিবিচাৰে৷ মই বাৰু কথাটো বৰ শুদ্ধ নহয় বুলি ভাবো৷ প্ৰবন্ধও সাহিত্যৰে অংগ৷ 

★ তুলিকা হাজৰিকা- আপোনাৰ ‘এশ দহ টকীয়া ব্ৰেডৰ সোৱাদ ’ (আৱেগৰ কুঁৱলী ফালি গ্ৰন্থৰ এটি প্ৰবন্ধৰ নাম)  পঢ়ি ভাৱ হয় যে আপুনি ইচ্চা কৰিলে ব্যংগ ৰচনাও লিখিব পাৰিব? কেতিয়াবা ভাবিছেনেকি ব্যংগ ৰচনা লিখাৰ বিষয়ে?

–ময়ূৰ বৰা- এতিয়াই ভবা নাই তোমালোকৰ কথাটো শুনি বাৰু ভালেই লাগিছে৷ পিছলৈ যদি কেতিয়াবা মনলৈ আহে নিশ্চিতভাৱে লিখিবলৈ চাম৷ কিন্তু ব্ৰেডৰ ঘটনাটো সঁচা আছিল৷ 

★ তুলিকা হাজৰিকা- আপুনি নৰ্থ লখিমপুৰ কলেজৰ ‘নৱাগত আদৰণি সভা’ত কাইলৈ অংশ গ্ৰহণ কৰিব৷ এই মুহূৰ্তত কলেজখন সম্পৰ্কে আপুনি জনা কোনবোৰ কথা অধিক গুৰুত্বপূৰ্ণ বুলি ভাৱে আৰু কোনবোৰ কথাই আপোনাক আকৰ্ষণ কৰে? লগতে কালিলৈ সভাত অংশ লোৱাৰ পাছত আপোনাৰ কেনে ভাৱ হ’ল সেয়াও পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম৷

–ময়ূৰ বৰা- মোৰ আগৰে পৰা এটা বিশেষ আকৰ্ষণ আছেই৷ প্ৰথম কাৰণটো ব্যক্তিগত নহয়৷ কাৰণটো হ’ল যে নৰ্থ লখিমপুৰ কলেজে অসমৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে ‘স্বায়ত্তশাসিত’ কলেজ হিচাপে স্বীকৃত হৈছে৷ গতিকে অসমৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা যিকোনো ব্যক্তিৰ মনত কৌতুহ’লৰ সৃষ্টি কৰে যে এই কলেজখনত কি আছে যিটো আনবোৰ কলেজত নাই৷ লাহে-লাহে যেতিয়া এইবোৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ তেতিয়া আমি গ’ম পালো যে ইয়াত ‘অসমীয়া বিভাগ’ৰ যিটো প্ৰেক্টিকেলৰ কথা কোৱা হৈছে যিটো মই আগতে কেতিয়াও ক’তো শুনা নাই৷ গতিকে এনেধৰৰণৰ যোগাত্মক চিন্তাবোৰে মোক বিশেষভাৱে আনন্দ প্ৰদান কৰিছে৷ তদুপৰি এনেকুৱা অনেক ব্যতিক্ৰমী কাম আছে সেই কথাখিনিয়ে মই ভাবো কেৱল মোকেই নহয় অসমক ভালপোৱা অসমৰ শৈক্ষিক জীৱনত অলপ নতুন মন লৈ কাম কৰা মানুহক সকলোকে আচলতে আহ্লাদিত কৰিছে,  আৰু আন এটা গুৰুত্বপূৰ্ণ কথা যে মোৰ ‘চিন্তাৰ ভগ্নাংশ’ গ্ৰন্থখন অসমীয়া বিভাগৰ স্নাতকোত্তৰৰ পাঠ্যক্ৰম হিচাপে লোৱা হৈছিল৷ এই কথাটোৱেও মোক ব্যক্তিগতভাৱে আনন্দিত কৰিছিল৷ নৰ্থ লখিমপুৰ কলেজলৈ যিহেতো কাইলৈ মই যাম গতিকে আগ্ৰহেৰে বাট চাই আছোঁ যে বহু কলেজলৈ যাওঁ যদিও মোৰ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ত এটা ব্যতিক্ৰমী যোগাত্মক অভিজ্ঞতা লাভ হ’ব আৰু সেই লাভৰ দ্বাৰা ভৱিষ্যতে মই আন কিছুমান কাম কৰাৰ প্ৰেৰণাও পাম আৰু আনধৰণে উপকৃতও হ’ম৷ 

★ ৰূপম হাজৰিকা - চাৰ, আপোনালৈ পোনপটীয়া প্ৰশ্ন (এটা শব্দত প্ৰকাশ কৰিবলৈ দিয়া হৈছিল)৷ ময়ূৰ বৰাই তলত উল্লেখিত শব্দবোৰৰ বিষয়ে এনেধৰণে কৈছিল- 

জীৱন- দৰ্শন।

প্ৰেম- প্ৰয়োজনীয় অনুভূতি৷

মৃত্যু- অৱধাৰিত প্ৰক্ৰিয়া৷

কলম- পৰিৱৰ্তনৰ অস্ত্ৰ৷

কিতাপ- জ্ঞানৰ আকৰ৷

ময়ূৰ বৰা নিজেই নিজৰ বাবে- জটিল মানুহ৷

প্ৰিয় খাদ্য- মাছৰ তেঙা৷

প্ৰিয় চহৰ- গুৱাহাটী।

প্ৰিয় ব্যক্তি - ভূপেন হাজৰিকা৷

প্ৰিয় ৰং- নীলা৷

প্ৰিয় শব্দ- সপোন৷


- সহযোগীঃ তুলিকা হাজৰিকা, ৰূপম হাজৰিকা

Post a Comment

0 Comments