* নীলিম কুমাৰৰ সৈতে সাক্ষাৎকাৰ ৷
সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা
সহযোগীঃ নিকু দুৱৰা, তুলিকা সেনাপতি
দিনাঙ্কঃ ১৫.৯.২০১৭
--
কবি পৰিচয়ঃ
বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে কাব্য ৰচনাৰ দ্বাৰা অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা অসমীয়া সাহিত্যৰ এজন প্ৰতিনিধিত্বকাৰী কবি হ’ল নীলিম কুমাৰ । পেচাত তেওঁ এজন চিকিৎসক৷ ঔপন্যাসিক হিচাপেও নীলিম কুমাৰৰ আন এক পৰিচয় আছে৷ তেওঁৰ প্ৰথম কবিতা পুথি প্ৰকাশিত হয় ১৯৮৫ চনত৷ কবিৰ সাম্প্ৰতিক সময়লৈকে কুৰিখনতকৈয়ো অধিক কবিতাৰ সংকলন প্ৰকাশিত হৈছে৷ ব্যতিক্ৰমধৰ্মী চিন্তা-ভাৱনা আৰু পৃথক কাব্যশৈলী তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । কবিতাত আধুনিক চিন্তা-চেতনাৰ আগমন ঘটোৱা আৰু ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ বিষয়বস্তুক কবিতাৰ মাজলৈ টানি অনাত এইজন কবি সিদ্ধহস্ত৷ সেইদৰে বিচিত্ৰ চিন্তা-চৰ্চা আৰু ভাৱ-অনুভূতিৰে ভালেমান সময়ত নানা বিতৰ্কৰো সূচনা কৰা কবিগৰাকীৰ কবিতা তেওঁৰ প্ৰতিজন অনুৰাগী আৰু সাহিত্যানুৰাগীৰ বাবেই বিস্ময়ামুগ্ধ আনন্দকৰ আকৰ৷ এইজন বিশিষ্ট কবিৰ সৈতে বিগত ১৫.৯.২০১৭ তাৰিখে লখিমপুৰৰ হোটেল ‘মেপল-লীফ’ত এটি সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে সাক্ষাৎকাৰৰ সময়ছোৱাত তেওঁৰ বন্ধুত্বসূলভ কথনশৈলী আৰু সহজ-সৰল উপস্থাপনশৈলীয়ে আমাক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল৷ তেওঁৰ বক্তব্যত প্ৰতিফলিত হৈছিল কবিতাৰ প্ৰতি থকা অশেষ ভালপোৱা, শ্ৰদ্ধা আৰু কবিতাৰ জগতখনৰ সৈতে গভীৰ একাত্মতা৷ সাক্ষাৎকাৰিটিৰ কিয়দংশ তলত আগবঢ়োৱা হ’ল৷
———————————————————————
★ ভাস্কৰ ভূঞাঃ আপোনাৰ কবিতা লিখাৰ পৃষ্ঠভূমি কি কি আছিল? আপুনি প্ৰথম কবিতা লিখিবলৈ লোৱাৰ সময়ছোৱাৰ কথা কওঁকচোন৷
নীলিম কুমাৰঃ মই কবিতা লিখিবলৈ আৰম্ভ কৰিছিলো স্কুলীয়া দিনতে৷ কিন্তু কিয় আৰম্ভ কৰিছিলো সঠিককৈ ক’ব নোৱাৰোঁ৷ সেই সময়ত এক ধৰণৰ ঘৰুৱা সমস্যা যেনে– মোৰ মাৰ মৃত্যু হৈছিল, মোৰ পেহী এগৰাকী আছিল, তেওঁ মৃগী বেমাৰত আক্ৰান্ত হৈছিল সেই সময়ত৷ এনেধৰণৰ কিছুমান দুখবোধে মোক সেই সময়ত ভাৰাক্ৰান্ত কৰিছিল৷ আৰু এইধৰণৰ দুখবোধ এটা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিলো সম্ভৱ৷ দুখৰ পৰা মুক্তি পাবৰ বাবেই কবিতা লিখিছিলো৷ তাৰ পাছত কলেজলৈ আহি প্ৰেমত পৰিলো৷ বন্ধু-বান্ধৱীৰ সংগ লাভ কৰিলো৷ এটা কথা, পৃথিৱীৰ সমস্ত কবিৰ বাবে প্ৰেম এক প্ৰধান বিষয়, বিশেষকৈ কবিতাত৷ ‘বাৰীকোঁৱৰ’ কবিতাটো মই তেতিয়াই লিখা৷ এনেধৰণেই কবিতা লিখাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল৷
★ ভাস্কৰ ভূঞাঃ বাতৰি কাকত বা আলোচনীলৈ আপুনি প্ৰকাশৰ বাবে কবিতা পঠাওঁতে প্ৰতিবাৰেই প্ৰকাশ কৰিছিলেনে? লেখা এটা প্ৰকাশৰ ক্ষেত্ৰত ব্যক্তিজনৰ নামটোৱে কিবা ভূমিকা ল’ব পাৰে বুলি ভাবেনে?
নীলিম কুমাৰঃ প্ৰথমতে প্ৰকাশ কৰা নাছিল৷ সেয়েহে মই এখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছিলোঁ৷ সম্ভৱ ১৯৮৫-৮৬ চনতেই মোৰ প্ৰথমখন কবিতাৰ কিতাপ প্ৰকাশ হৈছিল৷ সেই সময়ত যি ধৰণৰ কবিতা লিখিছিলো, তেনেধৰণে কবিতা লিখাৰ কথা সেই সময়ত কোনেও ভবাই নাছিল৷ সেয়েহে মোৰ কবিতাবোৰ কাকত-আলোচনীলৈ পঠিয়ালে প্ৰকাশ নহৈছিল৷ আৰু তুমি যিটো কথা কৈছা লেখা এটা প্ৰকাশৰ ক্ষেত্ৰত ব্যক্তিজনৰ নামটোৱে কিবা ভূমিকা ল’ব পাৰে নে নোৱাৰে; তাৰ উত্তৰত কওঁ যে, নি(য়কে পাৰে৷ প্ৰতিষ্ঠা লাভ কৰাৰ পাছত৷ এতিয়া মই যি লিখোঁ তাকে প্ৰকাশ হয়৷ সম্পাদকৰ অনুৰোধ, তাগিদাতো বহু কবিতা লিখিব লগা হয়৷ কেতিয়াবা মই ৰিজেক্ট কৰা কবিতাও দি দিব লগা হয়৷
★ ভাস্কৰ ভূঞাঃ আধুনিক অসমীয়া কবিতাৰ এজন প্ৰতিনিধিত্বকাৰী কবি হিচাপে ইতিমধ্যেই আপুনি স্বীকৃতি লাভ কৰিছে৷ সাম্প্ৰতিক সময়ৰ এজন জনপ্ৰিয় কবি হিচাপেও নৱ-প্ৰজন্মই আপোনাৰ নামোচ্চাৰণ কৰে৷ আপোনাৰ কবিতা লিখাৰ শৈলীক নৱ-প্ৰজন্মৰ একাংশ কবিয়ে অনুকৰণ কৰা যেন লাগে৷ সেইসকল কবিলৈ আপোনাৰ ক’বলগীয়া কি আছে?
নীলিম কুমাৰঃ প্ৰত্যেকেই নিজৰ ভিতৰৰ কাব্যসত্ত্বাটো আৱিষ্কাৰ কৰিব পাৰিব লাগিব৷ নিজেই নিজক চিনি পাব লাগিব যে তেওঁ এজন কবি৷ নিজৰ কণ্ঠস্বৰ নিজেই হ’ব লাগিব; তেতিয়া আৰু ৰৈ থাকিব নালাগে৷ কিবা এটা লিখোতে প্ৰথমে নিজেই নিজৰ প্ৰেৰণা হোৱা উচিত৷ বাকী অভিজ্ঞতাৰ বাবে আৰু নিজেই সমৃদ্ধ হ’বৰ বাবে আনৰ সাহিত্যৰাজিও অধ্যয়ন কৰিব লাগিব৷ কিন্তু লিখিবলৈ কোনোবাই প্ৰেৰণা দিব বুলি বহি থাকিলেতো নহ’ব৷ কোনোবাই প্ৰেৰণা নিদিলে আমি নিলিখিম নেকি? গতিকে নিজৰ সত্ত্বাটো চিনি পোৱাটোৱেই আচল কথা৷
★ ভাস্কৰ ভূঞাঃ আপোনাৰ কবিতাৰ বিষয়বস্তু অতি ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰলৈকে বিয়পি আছে৷ সেইদৰে কবিতাৰ নামকৰণত আপুনি ওকণি, নিমখ, আলনা, মাখি, গাহৰি আদিৰ দৰে এটা শব্দ লিখিয়েই এটা নতুন ধাৰণাৰ সৃষ্টি কৰা যেন অনুভৱ হয়৷ বিষয়বস্তুৰ ক্ষেত্ৰটো বিষয় এটাক আপুনি পৰ্যবেক্ষণ কৰাৰ ধৰণটো বেলেগ, যিটো আপোনাৰ নিজা একক শৈলী বুলি সমালোচকসকলে স্বীকৃতি দিছে৷ এই বিষয়ত আপোনাৰ অনুভৱ কেনেধৰণৰ ?
নীলিম কুমাৰঃ শৈলী এটা সৃষ্টি কৰিবলৈ ভীষণ সাহস লাগে৷ কাৰণ শৈলী নিৰ্মাণ কৰোঁতে বেলেগে নকৰা কাম এটা কৰিবলৈ যোৱা যায়৷ মই নতুন কথা এটা নতুন ধৰণে ক’বলৈ চেষ্টা কৰিছোঁ, যেনে– মই ‘নিমখ’ কবিতাটোত নিমখৰ গইনা লৈ বেলেগধৰণৰ দুখবোধৰ কথা এটা ক’বলৈ যত্ন কৰিছোঁ৷ এই যে নতুনকৈ চেষ্টা কৰিছোঁ, তাৰ যি Form বা Technique, সেইটো সৃষ্টি কৰিবলৈ আকৌ কবিতা সম্পৰ্কীয় পূৰ্বৰ ধ্যান-ধাৰণাও থাকিব লাগিব৷ পূৰ্বৰ ধাৰণা থাকিলেহে সেই ধাৰণা ভাঙি নতুন ধাৰণা এটাৰ সৃষ্টি কৰিব পাৰি৷
মই কবিতাক একেবাৰে সৰল কৰিব খোজো৷ বিষয়বস্তু জটিল হ’লেও তাৰ প্ৰকাশভংগী অন্তত সৰল হোৱাটো বিচাৰোঁ৷ এনেকুৱা কিছুমান মানুহ আছে যি কবিতা পঢ়াটো জটিল কাম বুলি ভাবে বাবেই কবিতা নপঢ়ে৷ কিন্তু তাৰে এজন-দুজনে যদি মোৰ নিমখ কবিতাটো পঢ়ি কিবা এটা হ’লেও নিজাকৈ বুজি পোৱা যেন অনুভৱ হয়–সেয়াই মোৰ সাৰ্থকতা৷
★ ভাস্কৰ ভূঞাঃ আপুনি ‘আৰু আত্মগাথা’ পুথিখনত লিখিছিল– ‘ঈশ্বৰৰ সৈতে মই কাবাদী খেলিছোঁ৷ কিন্তু মোৰ হাত নাই৷’ এই বাক্যশাৰী পঢ়াৰ পাছত মোৰ মনলৈ এটা প্ৰশ্ন বাৰে বাৰে আহিছিল– আপোনাৰ মনৰ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটো কেনেধৰণৰ; সেইয়া জানিবলৈ৷ আপুনি বাৰু ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰেনে?
নীলিম কুমাৰঃ মোৰ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটো বিমূৰ্ত৷ মানে ঈশ্বৰৰ অস্তিত্ব আছে বা নাই বুলি যিমান আলোচনা-সমালোচনা, বিতৰ্ক কৰিলেও এটা উচিত সিদ্ধান্তত উপনীত হ’ব পৰা নাযায়; সেয়েহে ময়ো নিজেই দোমোজাত থকাৰ দৰে ৷ কিন্তু পৃথিৱীৰ সকলো কাম-কাজ ঈশ্বৰৰ ইচ্ছাতেই হয় বা ঈশ্বৰেই সকলো– এইধৰণৰ বিশ্বাসত মই বিশ্বাসী নহয়৷ সেইবুলি মই যে মন্দিৰলৈ নাযাওঁ বা সেৱা নকৰোঁ তেনে নহয়; পৰিয়ালৰ লগত মন্দিৰ, নামঘৰলৈ নিশ্চয় যাওঁ, সেৱা কৰোঁ৷ মই অন্তৰৰ পৰাহে ঈশ্বৰ সম্পৰ্কীয় কোনো স্পষ্ট ধাৰণা অনুভৱ নকৰোঁ৷
★ভাস্কৰ ভূঞাঃ আপোনাৰ ‘অপ্ৰজনন’ বা ‘ৰুবী গুপ্তাৰ অন্তৰ্বাস’ কবিতাকেইটাই সম্ভৱ আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট৷ যিকেইটা কবিতাৰ বাবে এসময়ত যথেষ্ট বিৰ্তক হৈছিল আৰু বহুতে আপোনাক কঠোৰভাৱে সমালোচনা কৰিছিল৷ কিন্তু কবিতাৰ বিষয়বস্তুৰ উপস্থাপনটো কোনোবাই মানি নল’লেও বিষয়বস্তুৰ সত্যক স্বীকাৰ নকৰি উপায় নাই– এইয়াই নিৰ্মম সত্য৷ আপুনি নিজেও কৈ গৈছে যে এই ‘অপ্ৰজনন’ কবিতাটো লিখি আপুনি শোকত বিহ্বল হৈ পৰিছিল৷ এতিয়া কথাটো হ’ল এই কবিতাকেইটাক লৈ ইমান এটা বিতৰ্কিত পৰিৱেশৰ সৃষ্টি হোৱাৰ মূলতে কেনেধৰণৰ কথাই পঢুৱৈৰ মনত ক্ৰিয়া কৰিছিল বুলি আপুনি ভাৱে?
নীলিম কুমাৰঃ এইকেইটা কবিতাক লৈ যিসকলে বিতৰ্ক কৰিছে; প্ৰথম কথা তেওঁলোকক মই ভাল সমালোচক বুলি নাভাবো৷ আচলতে মধ্যমীয়া শ্ৰেণীৰ এচাম সমালোচক আৰু পঢ়ুৱৈয়ে কবিতাত এই ধৰণৰ নতুন বস্তু এটা দেখি গ্ৰহণ কৰিব নোৱাৰাৰ ফলতে এনেধৰণে এটা বিতৰ্কৰ সৃষ্টি কৰিছে৷ উদাহৰণ এটা দিওঁ– আমাৰ ইয়াত নতুন অপ্ৰচলিত কাপোৰ এযোৰ কোনোবাই পিন্ধিলে প্ৰথমে কোনেও গ্ৰহণ কৰিব নোখোজে৷ কিন্তু সেই একেযোৰ কাপোৰ পিন্ধি বেলেগ দেশত তুমি ঘুৰি আহিছাগৈ; তাত কোনেও তোমাৰ কাপোৰযোৰক মন কৰা নাই৷ কাৰণ, সেই দেশত ইতিমধ্যেই তেনে কাপোৰ প্ৰচলন হৈয়ে গৈছে৷ আচলতে সাহিত্য আৰু চিন্তাৰ সৈতে পঢ়ুৱৈৰ Communication Gap হোৱাৰ বাবেই এনেধৰণৰ বিতৰ্ক হয়৷ মানুহবোৰো সাধাৰণতে কৃত্ৰিমভাৱে থাকিয়েই ভাল পায়৷ সত্যক স্বীকাৰ কৰিব নোখোজে৷ কিন্তু মই কবিতাত মিছা কথা নকওঁ৷ মিছা কথা ক’বলৈ কিয় কবিতা লিখিম? গল্প এটাৰ কল্পনা সম্পূৰ্ণ কাল্পনিক হ’ব পাৰে৷ কিন্তু কবিতাত মিছাৰ আশ্ৰয় লৈ কল্পনা কৰাৰ কোনো কাৰণ নেদেখো৷ আচলতে এনে কোনো বিষয় নাই, যাক লৈ কবিতা ৰচনা হ’ব নোৱাৰে৷ মহাভাৰতত এনে বহু অশ্লীল কথা আছে৷ শ্ৰীকৃষ্ণৰ জীৱনটোৱেই এটা অশ্লীল জীৱন৷ পৰস্ত্ৰীৰ লগত অবৈধ সম্পৰ্ক ৰখাৰ পৰা কিমান যে কি! কিন্তু আমি সেইবুলি মহাভাৰতক ঘিণ কৰা নাই৷ সাহিত্যক সাহিত্যৰ দৃষ্টিৰে চোৱা ভাল৷ নহ’লে কৃষ্ণক শ্ৰদ্ধা কৰাতকৈ গালি-গালাজ দিয়া মানুহহে অসমত বেছি হ’লহেঁতেন৷ আচলতে বৰ্তমান সময়ত অশ্লীলতাক লৈ বিতৰ্ক কৰাটোৱেই এটা আউটডেটেদ বিষয় হৈ পৰিল৷ বেলেগ দেশত এইবোৰ বিষয়ক লৈয়ো বিতৰ্ক হয় বুলি জানিলে আমাক হাঁহিবহে৷
★ ভাস্কৰ ভূঞাঃ আচলতে আমাৰ অসমৰ একাংশ মানুহৰ মনত যৌন চেতনা বুলিলেই অশ্লীল বুলি গ্ৰহণ কৰা পৰিৱেশ এটা আছে বাবেই এইধৰণৰ বিতৰ্কবোৰ হয় যেন লাগে৷ আপুনি কেনেদৰে ভাৱে বিষয়টো?
নীলিম কুমাৰঃ আচলতে প্ৰকৃত সত্য এইটোৱেই৷ সেই বাবেই বিষয় এটাৰ গুৰুত্ব নুবুজাকৈ পোনেই বিতৰ্কলৈ লৈ অনা হয়৷ সুস্থ সমাজৰ বাবে যৌন চেতনাৰ গুৰুত্ব উপলব্ধি কৰাটো অত্যন্ত জৰুৰী বিষয়৷
★ ভাস্কৰ ভূঞাঃ অসমত এতিয়া কবিৰ সংখ্যাই সৰহ বুলি বহুতে আক্ষেপ কৰে৷ যেনেকৈ একো বৃত্তি নাপালেও অৱশেষত শিক্ষক হোৱাটোকে একেবাৰে সহজ কথা বুলি মানুহৰ মনত এটা ধাৰণা আছে, ঠিক একেদৰে একো লিখিব নোৱাৰিলেও অন্তত কবিতা লিখিব পাৰিব বুলি সকলোৰে মনত এটা ধাৰণা আছে৷ মানুহৰ মনত কবিতা বিষয়টোক ইমান সহজভাৱে গ্ৰহণ কৰিব পৰা অৱস্থা এটাৰ কিয় সৃষ্টি হ’ল বুলি আপুনি ভাৱে?
নীলিম কুমাৰঃ আচলতে কবিতাৰ বিষয়ে ভালদৰে নজনাৰ বাবেই এনে হয়৷ নিজৰ অজ্ঞতাৰ বাবেও এনে হয়৷ অৱশ্যে ময়ো নাজানিছিলো আগতে৷ নজনাকৈয়ে মই লিখিবলৈ আৰম্ভ কৰিছিলো ৷ এনেও কবিতা সম্পৰ্কে কিছুমান সাধাৰণ ধাৰণা আমাৰ মনত সহজেই সৃষ্টি হয়; যেনে– ময়ো কবিতা লিখিম, প্ৰকাশ কৰিম, সকলোৱে মোক চিনি পাব, ইত্যাদি...৷ আকৌ নজনাকৈয়ে যে মই আৰম্ভ কৰিছিলো; সি কিন্তু এক প্ৰকাৰে মোক সহায়ো কৰিলে৷ অৱশ্যে এনেকুৱাও হয় কেতিয়াবা কোনো এজনে এখন চিঠি শুদ্ধকৈ লিখিব নোৱাৰে; কিন্তু তেৱো কবিতা লিখিব পাৰে৷ আৰু বহুতে এই ভাবি কবিতা লিখে যে কবিতা বিষয়টোৱেই নুবোজাৰ বিষয়, গতিকে কিবা এটা লিখিলেই হ’ল৷ বুজিব লাগিবই বুলি কোনো কথা নাই৷ এইধৰণৰ চিন্তা-চৰ্চাৰ দ্বাৰা আচলতে কবিতাক হেয় কৰা হৈছে৷ সাহিত্যৰ ভিতৰত কবিতা লিখাটোকে সাধাৰণ কাম বুলি মানুহে ভাবি লৈছে৷ ভাবিলে আচৰিত লাগে, অসমত ইমানবোৰ কবি৷ কবিতাৰ প্ৰতি কবিৰ শ্ৰদ্ধা নথকাৰ বাবেও এনে হয়৷ প্ৰাপ্তি আৰু প্ৰতিষ্ঠাৰ বাবেও অসমত বহুতে কবিতা লিখিবলৈ লয়৷
★ ভাস্কৰ ভূঞাঃ আপুনি এটা সময়ত কবিতাক লৈয়ো ‘চেন্সৰ ব’ৰ্ড’ আৰু ‘কবিতাৰ স্কুল’ লাগে বুলি মন্তব্য দিছিল৷ সেই সময়তো আপুনি বিতৰ্কত সোমাইছিল৷ আপুনি ভাৱেনে যে ছ’চিয়েল গণমাধ্যমৰ ইমান ব্যাপক প্ৰসাৰৰ যুগত এখন চেন্সৰ ব’ৰ্ডে অসমীয়া কবিতাক ৰক্ষা কৰিব পাৰিব বুলি৷
নীলিম কুমাৰঃ আচলতে কবিতা লিখাজনে নিজেই নিজৰ ভুল ধৰিব নোৱাৰে৷ সেই ভুল দেখুৱাই দিবলৈকে কবিতাৰ স্কুল বা চেন্সৰ বৰ্ডৰ প্ৰয়োজন আছে৷ মই নিজেই সেইবাবে নিজৰ প্ৰচেষ্টাত কবিতাৰ স্কুল আৰম্ভ কৰিছিলো৷ অৱশ্যে সেই সময়ত যথেষ্ট বিতৰ্ক হৈছিল৷ কবিতাৰ স্কুলৰ ধাৰণাটো আছিল এনেধৰণৰ– যিসকলে কবিতা ভাল পায় বা লিখিব খোজে, তেওঁলোকক লৈ এখন কবিতাৰ স্কুল খোলাৰ কথা ভাবি সেই মতে কামত আগবাঢ়িছিলো৷ কেইজনমান ইচ্চুক ছাত্ৰ-ছাত্ৰীক লৈ প্ৰথমতে এটা বিষয় দি দিছিলো৷ উদাহৰণ হিচাপে ধৰা– মই পানীক লৈ কবিতা লিখিব দিছিলো৷ পানীক লৈ কোনে কিমান কল্পনা কৰি বিভিন্ন ধৰণে লিখিব পাৰে৷ তেতিয়া তেওঁলোকে লিখা কবিতাবোৰত মই দেখা ভুলবোৰ শুদ্ধৰাই দিয়াৰ চেষ্টা কৰিছিলো৷ এইটো লাইন নালাগে, এইটো লাইন আগলৈ লৈ আহা, এইটো শব্দৰ ব্যৱহাৰে কবিতাটোক বেলেগ এটা অৰ্থলৈ লৈ যাব ইত্যাদি ধৰণৰ উপদেশ দিছিলো৷ কবিতাক লৈ এনেধৰণে যদি কাম কৰিব পাৰি, তেতিয়াহ’লে মই ভাবো কবিতাৰ কিছু উন্নতি হ’লহেঁতেন৷ কিন্তু এই কামটো একপক্ষীয়ভাৱে ওচৰৰ ল’ৰা কেইটামান মাতি আনি কৰা কাম নহয়৷ তেতিয়া মই বেলেগ কাম এটা হাতত ল’লো৷ মই বিষয় নিৰ্বাচন কৰি দিম৷ অসমৰ বিভিন্ন ঠাইৰ পৰা ইচ্চুক কবিয়ে ডাকঘৰত মোলৈ সেই বিষয়ত কবিতা লিখি পঠিয়াই দিব৷ মই আকৌ ভুলবোৰ দেখুৱাই দি ডাকতে তেওঁলোকলৈ পঠিয়াই দিম৷ তেওঁলোক আকৌ নতুনকৈ লিখি মোলৈ পঠিয়াই দিব... এইধৰণৰ৷ এইবোৰ আজিৰ পৰা ১০ বছৰৰ আগৰ কথা৷ এনেধৰণেও মই কিছুদিন কৰি চাইছিলো, কিন্তু এইটো কামো বন্ধ কৰিব লগা হ’ল৷ অকলে ইমান ডাঙৰ ৰিক্স এটা ল’ব নোৱাৰিলো৷ তাতে যথেষ্ট বিতৰ্কও হ’ল৷ কিন্তু তুমি চোৱা, অসমত কবিতাৰ স্কুল কিয় হ’ব নোৱাৰে! গানৰ স্কুল আছে, ছবি অঁকাৰ স্কুল আছে, বিভিন্ন নৃত্য শিকোৱা হয়৷ অৰ্থাৎ সকলো আৰ্টৰে শিক্ষা প্ৰতিষ্ঠান আছে, তেন্ত কবিতা কিয় শিকিব নোৱাৰি?
যিয়ে ছবি আকে, সকলো পেইণ্টাৰ নেকি? ক্লাছ ফাইভত ছবি অঁকা ল’ৰাটোক আমি পেইণ্টাৰ বুলি ক’ম নেকি? নিশ্চয় নকওঁ৷ সেইদৰে যিয়েই কবিতা লিখে, সকলোকে কবি বুলি ক’ম নেকি? সেইদৰে ফেচবুকত কবিতা এটা-দুটা লিখিলেই সি কবি হৈ যাব নেকি? কিন্তু গ্ৰামাৰৰ মতে চাবলৈ গ’লেতো যি গান গাই সি গায়ক, যি ছবি আঁকে সি চিত্ৰকৰ৷ প্ৰকৃততে হয় জানো এই কথাটো! কিন্তু কবিতাৰ ক্ষেত্ৰত হয়৷ যিয়েই কবিতা লিখে, অসমত সকলোৱেই কবি৷ সেয়েহে মই কৈছিলো যে সৰু ল’ৰা-ছোৱালী এজনীক ছবি আঁকোতে কেনেকৈ ব্ৰাছদাল ল’ব লাগে, ক’ত কি ৰং দিব লাগে, ইত্যাদি ধৰণৰ কথাবোৰ প্ৰথমৰ পৰাই শিকোৱা দৰে কবিতাৰ ক্ষেত্ৰতো এনেধৰণৰ এটা ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে৷ কিন্তু আৰু এটা সমস্যা আছে, এনে হ’লেও বিপদ হ’ব যে যদি কবিতা সম্পৰ্কে স্পষ্ট ধাৰণা নথকা কোনোবা এজনে আহি কবিতা শিকাবলৈ যায়; তেতিয়াও কিন্তু ভাল হওঁক সলনি বেয়াহে হ’ব৷ কবিতাৰ স্কুল খোলাটো অন্তত পৰীক্ষামূলকভাৱেও অসমত কৰি চাব পৰা গ’লহেঁতেন৷ পিছে মই কবিতাৰ স্কুলৰ কথা আৰম্ভ কৰোঁতে মোক মাৰিবলৈহে বাকী৷ কবিতাৰ স্কুলক বিষয় হিচাপে লৈ সেইসময়ত কোনোবাই কবিতাও লিখিছিল৷ মোৰো কবিতাৰ স্কুল বুলি কবিতা এটা আছিল৷
★ ভাস্কৰ ভূঞাঃ শেহতীয়াকৈ যে ফেচবুকত কবিতা-অকবিতা প্ৰসংগটোৰ চৰ্চা হৈছিল৷ এই বিষয়ে কওঁকচোন?
নীলিম কুমাৰঃ ফেচবুকত কবিতা-অকবিতাৰ চৰ্চা হোৱাৰ আগতেই মই বাতৰি-কাকত আলোচনীত এই বিষয়ে লিখিছিলো৷ কবিতা-অকবিতাৰ প্ৰসংগটো আজিৰ পৰা প্ৰায় ২-৩ বছৰ মানৰ আগৰ কথা৷ মই প্ৰতিদিন কাকতৰ ‘সম্ভাৰ’ত নিয়মীয়াকৈ লিখিছিলো৷ তাত মই অকবিতাৰ উদাহৰণ দেখুৱাই উদ্ধৃতি দিছো৷ বহু কবিৰ এনেকুৱা অকবিতাৰ কিতাপ পৰ্যন্ত ছপা হৈছে৷ সেইবোৰ মই উল্লেখ কৰি নিয়মীয়াকৈ লেখা লিখিছিলো৷ ফেচবুকত যোৱাবাৰ (২০১৬ চন) আকৌ এই বিষয়টোৰ বিতৰ্ক হ’ল৷
★ ভাস্কৰ ভূঞাঃ আপুনি যে আনে নভবা বা নোকোৱা বিষয় এটা হঠাৎ কৈ বিতৰ্কলৈ আহিব খোজে বুলি বহুতে ক’ব খোজে; আচল কথাটো কি? আপুনি এইধৰণৰ কথাবোৰটো কবিতাৰ ভালৰ বাবেই কৰে; নহয় জানো?
নীলিম কুমাৰঃ একদম ভালৰ বাবেই কৰোঁ৷ কিছুমানেহে ভাৱে যে মই বিতৰ্ক কৰিবলৈকে কওঁ বুলি৷ মই সঁচা কথা এটা কোৱা বাবেই যদি বিতৰ্ক হয়; তেন্তে মোৰ তাত ক’বলগীয়া একো নাই৷ এতিয়া চোৱা– মানুহে বিতৰ্ক কৰিব বুলিয়েই মই ‘ৰুবী গুপ্তা’ কবিতাটো নিলিখিম নেকি? কবিতাৰ লগত মোৰ এনে সম্পৰ্ক যে কবিতাৰ দুৰাৱস্থা মই সহি থাকিব নোৱাৰোঁ৷ কবিতাক মই বহুত শ্ৰদ্ধা কৰোঁ৷ মই প্ৰায়ে সকলোকে কওঁ– ভাল লিখা, কষ্ট কৰা, কবিতা লিখাৰ আগত অলপ শিকি লোৱা৷
★ ভাস্কৰ ভূঞাঃ আপোনাৰ কবিতা পুথি এখন বিশিষ্ট সমালোচক মনোজ শৰ্মাই সম্পাদনা কৰিছে৷ নামটো–‘নীলিম কুমাৰৰ শ্ৰেষ্ঠ কবিতা’ ৷ এই কবিতা পুথিখনত আপোনাৰ দ্বাৰা সৃষ্টি হোৱা ভাল ভাল কবিতাবোৰ প্ৰকাশ হৈছে বুলি আমি অনুভৱ কৰোঁ৷ কিন্তু মনোজ শৰ্মাই লিখা সুদীৰ্ঘ পাতনিটো একাংশ পঢ়ুৱৈৰ বাবে যথেষ্ট দুৰ্বোধ্য যেন লাগে৷ এনেও আধুনিক কবিতাৰ প্ৰকাশভঙ্গী যথেষ্ট দুৰ্বোধ্য বুলি এচামে আক্ষেপ কৰে৷ কিন্তু সাধাৰণ আকৌ পাঠকৰ বাবে দুৰ্বোধ্য হ’লেও এই পাতনিটোৱে আপোনাৰ কবিতাখিনিক এক বিশ্বজনীন স্বীকৃতি দিবলৈ সক্ষম হৈছে৷ এই পুথিখনৰ পাতনি সন্দৰ্ভত আপোনাৰ মনৰ অনুভৱ কেনেধৰণৰ?
নীলিম কুমাৰঃ মনোজ শৰ্মাৰ পাতনিটো টান হোৱাটো সত্য৷ সাহিত্যৰ শেহতীয়া ধাৰা কিছুমানৰ লগত বিশেষকৈ উত্তৰ আধুনিকতাবাদৰ দৃষ্টিৰে তেওঁ এই কবিতাবোৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰাৰ বাবেই এনে হৈছে৷ মোৰ কবিতাত মই নিজে কিন্তু কোনো দিনাই সচেতনভাৱে উত্তৰ আধুনিকতাবাদৰ দৃষ্টিৰে কথা লিখা নাই৷ কবিতা লিখোতে সাধাৰণতে কোনো ধৰণৰ পূৰ্ব-ধাৰণা লৈ লিখা নাযায়৷ মই উন্মোক্ত৷ লগতে মই প্ৰায়ে কওঁ– মোৰ কবিতাত স্ববিৰোধ আছে৷ কেতিয়াবা যদি মই প্ৰেমক জীৱনৰ বাবে সৰ্বস্ব বুলি কৈছোঁ, কেতিয়াবা আকৌ প্ৰেমক অৰ্থহীন কৰি দেখুৱাইছোঁ৷ কেতিয়াবা জীৱনক যাপন কৰাৰ কথা কৈছোঁ, আকৌ কেতিয়াবা জীৱনক নিঃশেষ কৰাৰ কথা কৈছোঁ৷ গতিকে এইধৰণৰ স্ববিৰোধ বা সামগ্ৰিক বিষয়বোৰক উত্তৰ আধুনিক দৃষ্টিভংগীৰে পৰ্যালোচনা কৰোঁতে তেওঁৰ সমালোচনাবোৰ কিছু তাত্বিক হোৱাটো স্বাভাৱিক৷ তাতে এই বিষয়টো অসমীয়া সাহিত্যৰ বাবে নতুন ৷
★ ভাস্কৰ ভূঞাঃ ‘ পানীত ঢৌ ঢৌবোৰ মাছ’ ৷ আপোনাৰ এই পুথিখন ‘এতিয়ালৈকে প্ৰকাশিত হোৱা কবিতা পুথিবোৰৰ ভিতৰত আটাইতকৈ প্ৰিয়’ বুলি কবিতা পুথিখনৰ পাতনিত উল্লেখ কৰিছিল? অৱশ্যে এই কথাটো ২০০৩ চনৰে৷ তাৰ পাছতো বৰ্তমানলৈকে আপোনাৰ বহুকেইখন কবিতা পুথি প্ৰকাশ হ’ল৷ এতিয়া আপোনাৰ আটাইতকৈ কোনখন কবিতা পুথি প্ৰিয়?
নীলিম কুমাৰঃ ‘ পানীত ঢৌ ঢৌবোৰ মাছ’ কবিতাপুথিখনৰ পাতনি লেখিছিল হীৰেন গোহাঁই ছাৰে৷ সেই কবিতা পুথিখনক কবিতাবোৰ মোৰ জীৱনৰ এটা বেলেগ পৰ্ব আছিল আৰু তাৰ পিছৰ পৰ্বটো হ’ল ‘আৰু আত্মগাঁথা’ত সন্নিৱিষ্ট কবিতাবোৰ৷ মই লিখা কবিতাসমূহৰ ভিতৰত এইদুখন কবিতা পুথিৰ কবিতাবোৰই মোৰ প্ৰিয়৷ এইদুখন কবিতাপুথিত মোৰ ‘ইনভল্ভমেণ্ট’ যথেষ্ট আছিল আৰু এই কবিতা পুথিদুখনৰ কবিতাবোৰ মোৰ আত্মজীৱনীৰ দৰে৷ আচলতে কবিতা জীৱনৰে ৰূপান্তৰ৷ ময়ো কবিতাত তাকেই কৰিছোঁ৷
★ ভাস্কৰ ভূঞাঃ বঁটা বাহনে সাহিত্যিক এজনক প্ৰতিষ্ঠা আৰু সমৃদ্ধ কৰিব পাৰেনে? লিখক এজনৰ জীৱনত বঁটা বাহনৰ কিমান প্ৰয়োজন? শেহতীয়াকৈ সাহিত্য অকাডেমীৰ যি যুৱ বঁটাৰ বিতৰ্ক হৈ গ’ল৷ এই সমগ্ৰ ঘটনাটোক লৈ আপোনাৰ অনুভৱ কেনেধৰণৰ?
নীলিম কুমাৰঃ বঁটা-বাহনৰ লগত বিশেষকৈ কবিতাৰ ক্ষেত্ৰত বঁটা-বাহনে একো কৰিব নোৱাৰে৷ কিন্তু বঁটা পালে প্ৰাপকজনৰ কিছু সন্মান বাঢ়ে আৰু তেওঁৰ কিতাপ পঢ়া পাঠকৰ সংখ্যা কিছু বাঢ়ে৷ কবিৰ ক্ষেত্ৰত কবি এজনে বঁটা পালে পাঠকৰহে লাভ হ’ব পাৰে৷ কবিজনৰ নিজৰ বিশেষ একো লাভ নহয়৷ সেইদৰে বঁটাৰ পৰা প্ৰেৰণা লোৱা কথাটোও মই সমৰ্থন নকৰোঁ৷ প্ৰেৰণা লেখকৰ অন্তৰৰ পৰাই আহিব লাগিব৷ যি নিজেই এজন শক্তিশালী কবি বা লেখক; তেওঁক আৰু বঁটা-বাহনে কি প্ৰেৰণা দিব !
সাহিত্য অকাডেমীৰ যুৱ বঁটাক লৈ এইবাৰ যথেষ্ট বিতৰ্ক হ’ল৷ মোকো কোনোবাই বিতৰ্কলৈ আনিলে৷ কিন্তু মোক কিয় টানি অনা হ’ল বুজি নাপালো৷ অৱশ্যে প্ৰতীমক এবাৰ দিল্লীলৈ কিবা প্ৰগেমত মই লৈ গৈছিলো৷ সাহিত্য অকাডেমীৰ বঁটা দিয়াৰ কিছুদিন আগতে৷ মোক অযথা এই বিতৰ্কলৈ অনা হ’ল৷ আচলতে কোনোবাই বিতৰ্ক কৰি মোক লঘু কৰিব বিচাৰে চাগৈ৷ মই কিন্তু এইবোৰ কথাৰ বাবে চিন্তিত নহওঁ৷ মই জীৱনৰ প্ৰথম কিতাপখন ইউনিভাৰছিটিত জুই লগাই পুৰি পেলাইছিলো৷ এই জ্বলাই দিয়া ঘটনাটোও কিন্তু মোৰ কবিতা লিখাৰ বাবে প্ৰেৰণা আছিল৷ মাজতে গড় হত্যাক লৈ এটা অকবিতা লিখিছিলো৷ কবিতাৰ ৰূপত ৰকিবুল হুছেইনক লক্ষ্য কৰি যথেষ্ট ক্ষোভেৰে লিখিছিলো৷ সেইটো কবিতা ওলোৱাৰ পাছত মোক মৃত্যুৰ ভাবুকি দিয়া হৈছিল৷ কৈছিল– যদি গড় হত্যা কৰিব পাৰে আপোন্যাক হত্যা কৰাটো সাধাৰণ কথা৷ কিন্তু ইমান ভাবুকিয়েও মোক কবিতা লিখাৰ পৰা বিৰত ৰাখিব পৰা নাই৷ গতিকে মই ভাবো বঁটা পালেই যে মানুহে অনুপ্ৰেৰণা পাব তেনে নহয়; এই ধৰণৰ নিগেটিভ কিছুমান ঘটনায়ো মানুহক লিখিবলৈ অনুপ্ৰেৰণা দিব পাৰে৷
★ তুলিকা সেনাপতিঃ আপোনাক যদি প্ৰশ্ন কৰোঁ – সমাজ জীৱনৰ কোনবোৰ বিশেষ কথাই আপোনাক চিন্তিত কৰি তোলে বুলি ?
নীলিম কুমাৰঃ সমাজ জীৱনৰ প্ৰায়ভাগ কথাতেই চিন্তিত হওঁ৷ এজন কবি হিচাপেই নহয়; এজন মানুহ হিচাপেও মই অতি সংবেদনশীল৷ কম কথাতে খং উঠে৷ দুখ পাওঁ৷ দুন¹তি, অন্যায় এইবোৰ চাই থাকিব নোৱাৰোঁ৷ সেয়েহে মাত মাতি দিওঁ৷ সামাজিক কাম-কাজতো মই মাত মাতো৷ এসময়ত সেইবাবেই বামপণ্ঠী চিন্তা-চৰ্চাক লৈ কিছুমান কবিতা লিখিছিলো৷ মোৰ সেই সময়ৰ কবিতাত ৰ্মাক্সবাদৰ ধাৰণা প্ৰতিফলিত হৈছিল৷ লেনীনক লৈয়ো কবিতা লিখিছিলো৷ অৱশ্যে তেতিয়া সকলোবোৰ ভাল কবিতা হোৱা নাছিল৷ কিন্তু কবিতাৰ ৰূপত মই মোৰ বক্তব্যবোৰ প্ৰকাশ কৰিছিলো৷
★ নিকু দুৱৰাঃ কবিতাক লৈ আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা ?
নীলিম কুমাৰঃ এসময়ত কবিতাক লৈ কিছুমান পৰিকল্পনা কৰিছিলো৷ মই কবিতাৰ অডিঅ’ কেছেট কৰিছিলো৷ তাৰে বহুতো কবিতা তপন দাস, সান্তনা বৰদলৈয়ে আবৃত্তি কৰিছিল৷ এতিয়া যদি কেতিয়াবা সুবিধা পাওঁ এচাম ভাল কবি সৃষ্টি কৰিবলৈ আশা আছে৷ যদি সঁচা অৰ্থত এচাম ভাল কবিৰ সৃষ্টি কৰিব পৰা যায় তেতিয়া আৰু চিন্তা নাই৷ তেতিয়া কবিতাৰ নামত অকবিতা লিখা মানুহৰ সংখ্যা কমি যাব৷ কবিতাৰ ভাল ৱাতাৱৰণ এটা কিন্তু অসমত নাই, যিটো আনিবলৈ চেষ্টা কৰিব লাগে৷
★ নিকু দুৱৰাঃ নৰ্থ লখিমপুৰ কলেজ সম্পৰ্কে আপোনাৰ অনুভৱ? আজি আমাৰ কলেজত অনুষ্ঠিত ‘কাব্যনিনাদ’ অনুষ্ঠানটোত উপস্থিত থাকি কেনে লাগিল?
নীলিম কুমাৰঃ আজি দিনৰ কাৰ্যসূচীত উপস্থিত থাকি বৰ ভাল পালো৷ ইমান আগ্ৰহী ছাত্ৰ-ছাত্ৰী আছে বুলি মই ভৱাই নাছিলো৷ কাৰণ কবিতা সকলোৱে লিখে; কিন্তু কবিতাক বিষয় হিচাপে লৈ কৰা তাত্বিক আলোচনাবোৰত ইমান মনযোগেৰে কথা শুনা কাৰোৰে ধৈৰ্য নাথাকে৷ আজিকালি ছাত্ৰ-ছাত্ৰীসকলো তেনেকুৱা যেনেই লাগিছিল৷ কিন্তু তাৰ বিপৰীতে আছি তোমালোকৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ইমান ধুনীয়াকৈ কথাবোৰ শুনিছে; মোক প্ৰশ্ন কৰিছে, ময়ো অকপটে উত্তৰ দিব পাৰিছোঁ৷ গতিকে বহুত ভাল লাগিল আজি৷ বেলেগ কোনো অনুষ্ঠানত মই আজি কোৱাৰ দৰে কথা কৈয়ে পোৱা নাই৷
0 Comments