* ২০০৪ বৰ্ষত মুক্তি লাভ কৰা ‘দীনবন্ধু’ কথাছবিখনে অসমীয়া চলচিত্ৰৰ ইতিহাসত ইতিমধ্যেই এক বিশিষ্ট স্থান লাভ কৰিছে৷ মুনিন বৰুৱাৰ চিত্ৰনাট্য, পৰিচালনা আৰু প্ৰসিদ্ধ গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ কাহিনী, সংলাপ আৰু গীতি সাহিত্যৰ সুষম সমহাৰেৰে এই কথাছবিখনে অসমীয়া চলচিত্ৰক প্ৰদান কৰিছে এক বিশিষ্ট মৰ্যাদা ৷ সমান্তৰালভাৱে চলচিত্ৰৰ কলাত্মকতা, ৰুচিসন্মত বিষয়বস্তুৰ উপস্থাপন, কলা-কৌশল, নান্দনিক ৰুচিবোধ আৰু উচ্ছস্তৰৰ চিনেমাট’গ্ৰাফিৰে পৰিপূৰ্ণ ‘দীনবন্ধু’ কথাছবি হৈছে এখন সবাৰ্ঙ্গসুন্দৰ মননশীল কথাছবি৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুপঠিত ‘যৌতুক’ গল্পৰ আধাৰত আৱাহন থিয়েটাৰৰ বাবে যৌতুক গল্পটো প্ৰথমে নাট্যৰূপ দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত মুনিন বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে কথাছবি হিচাপে এই গল্পটোৰ পৰা কাহিনী নিৰ্মাণ কৰা হৈছিল৷
অসমীয়া সাহিত্যত ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ এক সুকীয়া স্থান আছে৷ বিশেষকৈ কাহিনীৰ নিৰ্মাণ, ঘটনাৰ সম্পূৰ্ণতা আৰু চৰিত্ৰ আৰু সংলাপৰ পুংখানুপুংখ বিশ্লেষণ, বিৱৰণত শইকীয়াৰ সমান সিদ্ধহস্ত লোক অসমীয়া গল্প সাহিত্যত সম্ভৱ দ্বিতীয় এজন পাবলৈ নাই৷ এইজন গল্পকাৰৰ এটা জনপ্ৰিয় আৰু বহুপঠিত গল্পকে কলাত্মক ৰূপ দি সৃষ্টি কৰা হৈছে ‘দীনবন্ধু’ কথাছবিখনৰ চিত্ৰনাট্য৷ এটা ভাল চিত্ৰনাট্যইহে এখন ভাল কথাছবিৰ সৃষ্টি কৰিব পাৰে৷ ‘দীনবন্ধু’ কথাছবি ইয়াৰ প্ৰমাণ৷
একবিংশ শতিকাৰ প্ৰথম সময়ছোৱালৈকে অসমীয়া কথাছবিৰ উদ্যোগটো সক্ৰিয় আৰু কৰ্মক্ষম হৈ আছিল৷ এই সময়ছোৱাৰ এজন উল্লেখযোগ্য পৰিচালক হ’ল মুনিন বৰুৱা৷ ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ আদি জনপ্ৰিয় কথাছবি নিৰ্মাণ কৰা পৰিচালক মুনিন বৰুৱাই পৰৱৰ্তী সময়ত ‘দীনবন্ধু’ আৰু শেহতীয়াকৈ ‘ৰামধেনু’ ছবিখনৰ দ্বাৰা অসমৰ কথাছবি দৰ্শকৰ মন মনন সমৃদ্ধ আৰু সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে৷ এই ‘দীনবন্ধু’ কথাছবিখনে ২০০৪ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল বঁটা) লাভ কৰিবলৈ সক্ষম হয়৷ কথাছবিখনৰ মূখ্য ভূমিকাত অভিনয় কৰা শিল্পীসকল আছিল ক্ৰমে– অৰুন নাথ, তপন দাস, প্ৰস্তুতি পৰাশৰ, গায়ত্ৰী মহন্ত, নিশিতা গোস্বামী, জুবিন গাৰ্গ, ভাস্কৰ বৰা ইত্যাদি৷
‘দীনবন্ধু’ কথাছবিখন সাহিত্যিক মান মৰ্যদাৰে সমৃদ্ধ এখন কথাছবি৷ দৰিদ্ৰতা আৰু জীৱন সংগ্ৰাম কথাছবিখনৰ মূল বিষয়৷ সমান্তৰালভাৱে ‘যৌতুক’ বিষয়টোৱে কথাছবিখনত বিশেষ স্থান লাভ কৰিছে৷ মুখ্য চৰিত্ৰত অভিনয় কৰা তপন দাসৰ বলিষ্ট অভিনয় আৰু সজীৱতাই দীনবন্ধু কথাছবিক আন এক সুকীয়া মৰ্যাদা দিবলৈ সক্ষম হৈছে৷
কাহিনীটোৰ সাৰাংশঃ
কাহিনীটোৰ মূল চৰিত্ৰ ‘দীনবন্ধু দাস’৷ এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই কাহিনীৰ ঘটনাক্ৰম আগবাঢ়িছে৷ কাহিনীটো ফ্লেচবেক পদ্ধতিৰে পৰিচালকে দেখুৱাবলৈ যত্ন কৰিছে৷ কাহিনীৰ আৰম্ভণিতে দীনবন্ধুৱে এটা গল্প লিখি থাকে৷ গল্পটোৰ নাম ‘যৌতুক’ ৷ সেই গল্পটোকে কাকত-আলোচনীত প্ৰকাশ কৰিবলৈ জীয়েক বানীক কপি কৰিবলৈ দিয়ে৷ এই কপি কৰিবলৈ দিওঁতে জীয়েকে যে গল্পটো পঢ়িবলৈ আৰম্ভ কৰিলে, তাৰ পৰাই আৰম্ভ হৈছে কাহিনীৰ ঘটনাক্ৰম৷ দীনবন্ধু এজন চৰকাৰী চাকৰিয়াল৷ তেওঁ অতি ন্যায় পৰায়ণ আৰু সৎ৷ অফিচত উপঢৌকন নোলোৱাৰ বাবে তেওঁ মাত্ৰ নিৰ্ভৰশীল দৰমহাৰ টকাকেইটাৰ ওপৰত৷ এইকেইটা টকাৰে তেওঁৰ চলিবলৈ টনাটনি হয়৷ তেওঁ মাকৰ কথামতে এনে অৱস্থাতে বিবাহত বহিব লগা হয়৷ নিজৰ বিয়াখনো ধাৰ-ঋণ কৰি ভালকৈয়ে পাতে আৰু অৰুণ নাথৰ ঘৰত ভাড়াৰূম এটা লৈ সংসাৰ আৰম্ভ কৰে৷ পিছলৈ তেওঁৰ পত্নীৰ নৰিয়াত পৰোঁতে টকা যোগাৰ কৰিব নোৱাৰি ভাল চিকিৎসাৰ অভাৱত পত্নীৰ মৃত্যু ঘটে৷ ইতিমধ্যেই তেওঁলোকৰ দুজনী কন্যা সন্তানৰ জন্ম হয় আৰু আৰ্থিক অনাটনৰ পৰা হাত সাৰিবলৈ দীনবন্ধু দাসে টিউচন কৰিবলৈকো আৰম্ভ কৰে৷ দীনবন্ধুক কোনোবাই উপঢৌকন দিবলৈ বিচাৰিলেও তেওঁ কোনো কাৰণতে নলয়৷
লাহে লাহে দীনবন্ধুৰ জীয়েকহঁতৰ বিয়াৰ বয়স হয়৷ তেওঁৰ ডাঙৰ জী ৰাণী এজন ধনী ল’ৰাৰ প্ৰেমত পৰে৷ বাপেকে নিজৰ জীয়েকৰ ইচ্ছা পূৰণ কৰিবলৈকে ল’ৰাৰ ঘৰখনৰ দাবী মানি জীয়েকৰ বিয়াৰ লগত সাঁচি ৰখা আটাইকেইটা টকা খৰচ কৰি ভালকৈয়ে যৌতুক দিয়ে৷ বৰ জীয়েকে কিন্তু কিছু পৰিমাণে প্ৰতিবাদ কৰিছিল এই বিয়াত নবহো বুলি৷ কিন্তু শেষত তাই বিয়াত বহে৷ বৰ জীয়েকৰ বিয়া উলহ-মালহেৰেই হৈ যায়৷ কিন্তু দীনবন্ধুৱে সৰু জীয়েক বানীৰ বিয়াৰ বাবে টকা-পইচা, সা-সম্পত্তি একোকে সাঁচি নাৰাখিলে৷ নতুনকৈ যোগাৰ কৰিবলৈয়ো হাতত ফুটাকড়ি এটাও নাই৷ এনে অৱস্থাত তেওঁ মানসিকভাৱে ভাগি পৰে৷ তেতিয়াই দীনবন্ধুৱে জীৱনৰ আৰম্ভণিৰ পৰা ঘটি যোৱা প্ৰতিটো ঘটনা বৰ্ণনা কৰি বৰ জীয়েকৰ বিয়াই তেওঁৰ অৰ্থনৈতিক ভেঁটি কিদৰে থানবান কৰিলে, সেই বিষয়ে এটা গল্প লিখে, গল্পটোৰ নাম ‘যৌতুক’৷ আজলী সৰু জীয়েক বানীৰ বিয়াখন ভালকৈ পাতি দিব নোৱাৰাৰ আত্মগ্লানিত ভুগি তেওঁ পৰোক্ষভাৱে বানীৰ প্ৰেমিক বিপুলৰ লগত পলাই যাবলৈকে উপদেশ দিয়ে৷ বিপুল আৰু বানীৰ অন্তৰখন অতি সহজ-সৰল৷ তাতে বিপুলো দুখীয়া ঘৰৰ ল’ৰা৷ অৱশেষত বানী আৰু বিপুলে বাপেকে আশা কৰা মতেই পলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কাহিনীটোৰ সাৰ অংশ ইমানেই৷
ছবিখনৰ অভিনয় প্ৰসংগ, ঘটনাক্ৰম আৰু কাৰিকৰী কৌশল সম্পৰ্কে বিশ্লেষণঃ
‘দীনবন্ধু’ কথাছবিখনৰ মুখ্য চৰিত্ৰটো হৈছে দীনবন্ধু দাস৷ চৰিত্ৰটোত অভিনয় কৰিছে বলিষ্ঠ অভিনেতা তপন দাসে৷ তপন দাস অসমীয়া চলচ্ছিত্ৰ জগতৰ এটি চিনাকী নাম৷ তেওঁৰ জঠৰতাহীন, সাৱলীল আৰু স্বতঃস্ফূৰ্ত অভিনয়ে দীনবন্ধু কথাছবিখনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ কাহিনীৰ ক্ৰমবিকাশত এই চৰিত্ৰটোৰ ভূমিকাই সৰ্বাধিক৷ সেইদৰে সংঘাত আৰু নাটকীয় মুহূৰ্ত সৃষ্টিৰ পৰা আৰম্ভ কৰি জীৱনবোধ, মানৱ মনৰ চাৰিত্ৰিক দৰ্শনলৈকে সকলো উপাদান ফুটাই তোলাত এই চৰিত্ৰটোৰ ভূমিকা সৰ্বাধিক৷ দীনবন্ধু চৰিত্ৰটোৰ দৰিদ্ৰতাৰ সৈতে জীৱন সংগ্ৰাম৷ নিজৰ স্বকীয়তা আৰু আদৰ্শক বৰ্জাই ৰখাৰ যি অবিৰত প্ৰচেষ্টা৷ এই সংগ্ৰাম আৰু প্ৰচেষ্টাৰ মাজতেই সমগ্ৰ কথাছবিখনৰ সাৰ্থকতা লুকাই আছে৷ তপন দাসৰ মুখত সংলাপবোৰ জীৱন্ত হৈ পৰিছে৷ তপন দাসৰ সংলাপ নিক্ষেপনৰ যি একক আৰু পৃথক শৈলী; এই শৈলীটোৱে কথাছবিখনৰ চৰিত্ৰটোক দৰ্শকৰ মনলৈ সোমাই যোৱাত সহায় কৰিছে৷ এখন চাইকেল লৈ দীনবন্ধুৱে দৈনন্দিন জীৱন জীৱিকাৰ বাবে কষ্ট কৰি দিন কটাইছে৷ কোনো উচ্ছাভিলাস নাই৷ কেৱল জীয়াই থাকিব বিচাৰে সৎ আদৰ্শৰে৷ যেতিয়া নিজৰ বিয়াৰ সময়ত বহু টকা ধাৰ কৰাত তেওঁৰ ঘৰলৈ মানুহে টকা বিচাৰি আহে৷ সেই সময়ছোৱাত দীনবন্ধুৰ যি ভূমিকা, বুজনি, যি আত্মোপলব্ধি; তাতেই চৰিত্ৰটোৰ মহানতা প্ৰকাশ পায়৷ তেওঁ সৎ আদৰ্শ বৰ্তাই ৰখাৰ স্বাৰ্থত উপঢৌকন পায়ো গ্ৰহণ কৰা নাই৷ বৰঞ্চ ঘৰুৱা টিউচন কৰিহে অধিক উপাৰ্জনৰ কথা ভাবিছে৷ এইধৰণৰ যি মহান আদৰ্শ আৰু সততা চৰিত্ৰটোৰ কাৰ্যকলাপৰ মাজেৰে ফুটি উঠিছে, সি দৰ্শকক কিছু সময়ৰ বাবে হ’লেও ভাবিবলৈ সাহস দিয়ে যে, সত্যৰ সদায় জয়৷
সেইদৰে দীনবন্ধুৱে ভাড়া লৈ থকা ঘৰখনৰ মালিকৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুন নাথৰ অভিনয়ো সাৱলীল আৰু হৃদয়স্পৰ্শী৷ সহজ-সৰল চৰিত্ৰটি অৰুণ নাথৰ অভিনয়ত জীৱন্ত হৈ পৰিছে৷ তেওঁ নিজে থকা ঘৰটোৰেই এটা অংশ দীনবন্ধুক ভাড়ালৈ দিয়ে৷ উদ্দেশ্য নিজৰো এটা লগ হ’ব৷ অকলশৰীয়া এজন মানুহৰ নিসঙ্গতা চিত্ৰণ কৰাত পৰিচালক সফল হৈছে৷ তেওঁ আকৌ বিয়া নপতাৰ কাৰণ হিচাপে দীনবন্ধুক কোৱা কথাষাৰেও বিষাদৰ ৰেঙণি দিয়ে৷ ‘তেওঁৰ যাৰ লগত মনে মিলিছিল, তেওঁক নিজৰ কৰিব নোৱাৰিলে৷ গতিকে তেওঁ আজীৱন অকলে থকাৰ সিদ্ধান্ত ল’লে৷ এই যি দুখবোধ; ই সমকালীন সমাজখনক প্ৰতিনিধিত্ব কৰাত সহায় কৰিছে৷ এই চৰিত্ৰটিৰ কিছুমান সংলাপত কিছু ব্যংগ ভাৱ দেখা যায়৷ সেইদৰে দীনবন্ধুৰ সুখে-দুখে তেজ-মঙহৰ মানুহৰ দৰেই এই চৰিত্ৰটোৱে যি সহৃদয়তা দেখুৱাইছে, সেয়াও কথাছবিখনৰ আন এক মহৎ দিশ৷ সমগ্ৰ কাহিনীটোত কোনো সস্তীয়া তৰল বিষয়দেখুওৱা হোৱা নাই৷ সেইদৰে কথাছবিখনত মনোৰঞ্জন আৰু বিনোদনতকৈ কাহিনীৰ বাস্তৱতা উপলব্ধিতহে গুৰুত্ব দিয়া হৈছে৷
দীনবন্ধুৰ পত্নীৰ চৰিত্ৰটো ৰূপায়ন কৰিছে প্ৰস্তুতি পৰাশৰে৷ কথাছবিখনত কম সময়ৰ বাবে প্ৰস্তুতি পৰাশৰৰ উপস্থিতি দেখা যায় যদিও কম সময়তে দৰ্শকৰ মন মননত চৰিত্ৰটোৱে খোপনি পুতিবলৈ সক্ষম হৈছে৷ সহজ-সৰল এজনী ন-বোৱাৰীৰ প্ৰতিচ্চবিখন প্ৰস্তুতি পৰাশৰৰ মুখমণ্ডলত ফুটি উঠিছে৷ তাইৰ সংলাপৰ মাজত যি বিনয়ীভাৱ, নম্ৰতা প্ৰকট হৈ উঠিছে, সি কাহিনীৰ বিকাশত গুৰুত্ব লাভ কৰিছে৷ গিৰীয়েকৰ দুখ আৰু দৰিদ্ৰতাক নিজৰ ভৱিষ্যৎ বুলি গ্ৰহণ কৰা এই নাৰী চৰিত্ৰটোৰো বিকাশ লক্ষণীয়৷ অৱশ্যে কাহিনীৰ ঘটনাপ্ৰৱাহেই চৰিত্ৰটোৰ পূৰ্ণ বিকাশৰ সুযোগ নিদিলে৷ নিজৰ বেমাৰৰ কথাও তাই গিৰিয়েকৰ সন্মুখত কোৱা নাই; কাৰণ তাই জানে গিৰিয়েকৰ জীৱন সংগ্ৰাম আৰু নিচলা অৱস্থাৰ কথা৷ এয়া যেন বাস্তৱ জীৱনৰ জীয়া ছবিখনেই পৰোক্ষভাৱে প্ৰকাশ পাইছে৷
সেইদৰে দীনবন্ধুৰ বৰ জীয়েক ৰাণী, আৰু সৰু জীয়েক বাণীৰ চৰিত্ৰ দুটা ৰূপায়ণ কৰিছে ক্ৰমে মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু নিশিতা গোস্বামীয়ে৷ ইতিমধ্যেই এই দুগৰাকী অভিনেত্ৰীক অসমৰ ৰাইজে স্বীকৃতি দি আদৰি লৈছে৷ তেওঁলোকৰ অভিনয়ো সুন্দৰ৷ কিন্তু ৰাণী চৰিত্ৰটোৰ বিকাশত পৰিচালকে আৰু কিছু সক্ৰিয়তা দেখুৱাৰ অৱকাশ আছিল৷ বিশেষকৈ ৰাণী চৰিত্ৰটোক প্ৰতিবাদী চৰিত্ৰ হিচাপে দেখুওৱা হ’লে কথাছবিখন আৰু উপভোগ্য হ’লহেঁতেন৷ বানীক ৰাণীতকৈ সহজ-সৰল ৰূপত দেখুওৱা হৈছে৷ তাইৰ সংলাপবোৰো সেইদৰে সহজ-সৰল৷ চৰিত্ৰটোৱে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ কথাছবিখনৰ শেষৰফালে বানী আৰু বিপুল পলাই যাবৰ মুহূৰ্ততো দুয়োজন অভিনেতাই বৰ সুন্দৰকৈ কাহিনীৰ ঘটনাপ্ৰবাহ ৰূপায়ন কৰিছে৷ জঠৰতাহীন চৰিত্ৰ এটা ৰূপায়ন কৰাত গায়ত্ৰী মহন্ত আৰু নিশিতা গোস্বামী সফল হৈছে৷ চৰিত্ৰ দুটাৰ গাত কেনো অতিমাত্ৰিকতা দেখা নাযায়৷ সেইদৰে সংলাপ আৰু প্ৰকাশভংগীও উপভোগ্য হৈছে৷
ৰাণীৰ প্ৰেমিক চৰিত্ৰটো ৰূপায়ন কৰিছে ভাস্কৰ বৰাই আৰু বাণীৰ প্ৰেমিকৰ চৰিত্ৰটো ৰূপায়ন কৰিছে জুবিন গাৰ্গে৷ জুবিন গাৰ্গৰ সঙ্গীতৰ মূৰ্ছনাই দৰ্শকক আপ্লুত কৰাৰ সমান্তৰালভাৱে অভিনয়ৰ নিপুণতায়ো দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে৷ কাহিনীৰ ঘটনাক্ৰমত বিপুল চৰিত্ৰটোৰ বিকাশ সন্তোষজনক৷ গান গাই, তবলা বজাই দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰা এই চৰিত্ৰটোৰ মাজত বাস্তৱ জীৱনৰ জীয়া ছবিখন বিচাৰি পোৱা যায়৷ ভাস্কৰ বৰাই ৰূপায়ণ কৰা চৰিত্ৰটোৰ নাম ৰমেশ৷ এই ৰমেশেই ঘটনাৰ পাকচক্ৰত ৰাণীৰ সৈতে প্ৰেমত পৰে আৰু তাইক বিয়া কৰাবলৈ মন মেলে৷ কিন্তু নিজৰ বাপেকে যৌতুক বিচৰা সময়ত এই চৰিত্ৰটোৰ সক্ৰিয়তা আৰু প্ৰতিবাদ আৰু কিছু বাঢ়িব লাগিছিল৷ আধুনিক ডেকা ল’ৰা এটা হিচাপে তেওঁ যেন কিছু সম্পত্তিলৈ লোভহে ৰাখিছে, তেনে এটা ভাৱ দেখা যায়৷ কিন্তু তাৰ বিপৰীতে বিপুল চৰিত্ৰটো গতিশীল আৰু আধুনিক মনৰ৷ সেইদৰে তেওঁ বিয়া কৰি যৌতুক এসোপা লৈয়ো সমাজৰ আগত নতুনকৈ নাটক এখন কৰাৰ কোনো ইচ্ছা মনত ৰখা নাই৷ দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰা এই চৰিত্ৰটোৰ লগত দীনবন্ধু চৰিত্ৰটোৰ কিছু সাদৃশ্য লক্ষ্য কৰা দেখা যায়৷
কথাছবিখনত ‘নিৰৱতা’ আৰু ‘প্ৰতীকাত্মক’ ভাৱেই পৰিচালকে বহু কথা ক’বলৈ যত্ন কৰিছে৷ সংলাপৰ অবিহনে কেৱল পৰিৱেশ চিত্ৰণ আৰু আৱহ সংগীতৰ ব্যৱহাৰ কৰি ঘটনাৰ সামগ্ৰিকতাক দৰ্শকক বুজিবলৈ সহায় কৰাত পৰিচালক সফলো হৈছে৷ কথাছবিখনৰ প্ৰথম দুই মিনিটমানলৈকে এই নিৰৱতা লক্ষ্য কৰা দেখা যায়৷ সেইদৰে কথাছবিখনৰ চিনেমেট’গ্ৰাফ অতি প্ৰতীকাত্মক আৰু সহজ-সৰল৷ কেমেৰাৰ দায়িত্বত আছে প্ৰসিদ্ধ কেমেৰা পৰিচালক সুমন দুৱৰা৷ উন্নত কেমেৰাৰ সুবিধাৰ অবিহনেই ২০০৪ চনতে সুমন দুৱৰাই এক প্ৰত্যাহ্বানৰ মাজেৰে কেমেৰাৰ দিশটো সজীৱ আৰু উপভোগ্য কৰি তুলিছে৷
সেইদৰে জুবিন গাৰ্গৰ সংগীত প্ৰযোজনাই কথাছবিক আন এক মান্যতা প্ৰদান কৰিছে৷৷ অনিন্দিতা পল আৰু জুবিন গাৰ্গৰ সুৱলা দৰদী কণ্ঠত কথাছবিখনত ব্যৱহাৰ কৰা গীতকেইটিও সুন্দৰ৷ গীতি সাহিত্যৰ মৰ্যাদা কেওটা গীততে ৰক্ষা কৰি চলা হৈছে৷ পৰিচালক মুনিন ভূঞাৰ বিষয়ে ক’ব পাৰি যে অসমীয়া চলচিত্ৰক এটা মসৃন বাট দেখুৱাই দিয়া এজন সফল পৰিচালক হৈছে মুনিন বৰুৱা৷ আলোচ্য কথাছবিখনতো তেওঁঁৰ সৃষ্টিশীল আৰু কলা নিপুণতাৰ উমান পোৱা হৈছে৷ উল্লেখ্য যে দীনবন্ধু কথাছবিত চৰিত্ৰ সৃষ্টি আৰু অভিনেতা নিৰ্বাচনত পৰিচালক মুনিন ভূঞা সফল হৈছে৷
কথাছবিখনৰ প্ৰথম দৃশ্যতে দেখুওৱা হৈছে দীনবন্ধুৱে লিখা-মেলা কৰাত ব্যস্ত৷ জীয়েক বানী ঘৰুৱা কামত ব্যস্ত৷ কোনো সংলাপৰ প্ৰয়োগ নকৰাকৈ এখন ঘৰৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰা হৈছে৷ ফ্লেচবেকৰ দ্বাৰা আৰম্ভ কৰা এই কাহিনীটো মূলতঃ পাৰিবাৰিক জীৱন সম্পৰ্কীয় কাহিনী৷ মূল কাহিনীটোত দুটা দিশেই বেছি ক্ৰিয়াশীল ৰূপত দেখা যায়, এক– দীনবন্ধুৰ বিয়াখনক লৈ সকলোৰে ব্যস্ততা আৰু দুই– ৰাণী আৰু বাণীৰ বিয়া সম্পৰ্কীয় সমস্যা৷ দীনবন্ধু চৰিত্ৰটোৰ মাজত যিদৰে উদাৰ আৰু ধৈৰ্যশীলতাৰ প্ৰমাণ পোৱা যায়, সেইদৰে সময়ত কঠোৰ আৰু জেদী চৰিত্ৰৰো উমান পোৱা যায়৷ তেওঁ প্ৰথমতেই ঘৰলৈ বাকীৰ পইচা বিচাৰি অহা এজনক খঙত বুকুত ধৰি খেদি দিবলৈ উদ্যত হৈছে আৰু পৰৱৰ্তী সময়ত দৰিদ্ৰতাৰ সৈতে যুঁজিও আত্মসন্মান আৰু জীয়েকৰ ভালপোৱাক মৰ্যাদা দিবলৈ বিচৰাধৰণেই যৌতুক দিছে৷
তেওঁ বেলকনিত পত্নীৰ সৈতে চাহ খোৱা বিষয়টোক লৈ এজন ধাৰ দিয়া ব্যক্তিয়ে উপহাস কৰোঁতে দীনবন্ধুৱে কোৱা– ‘শুনক৷ আপুনি বহুত ক’লে, এতিয়া মোক ক’বলৈ দিয়ক, এজনী অচিনাকী ছোৱালীৰে ঘৰ পাতিবলৈ লৈছোঁ, তেওঁ কিমান সুখত থকা ছোৱালী মই নাজানো, কিন্তু তেওঁ কিমান দুখত দিন নিয়াব লাগিব, সেইটো মই জানো, আপুনি গোটেই জীৱনটো গেলামালৰ গাডীত বহি কটাব৷ আপোনাৰ লাখ টকা হ’ব৷ কোটি টকা হ’ব৷ কিন্তু মোৰ জীৱনত এজনী নতুন মানুহক লৈ সুখৰ থিয়েটাৰ কৰাৰ দিন মাত্ৰ আঠ, ন টা মাহ৷ মই আপোনাৰ ওচৰত টকাৰ ধৰুৱা৷ টকাৰ কথা আপুনি এশবাৰ কওঁক৷ কিন্তু মানুহজনীক মই চিনেমা দেখুৱালো৷ ৰিক্সাত ফুৰালো৷ হোটেলত খুৱালো৷ এইবোৰ কথা আপুনি কিয় ক’ব? আপোনাৰ টকা ঘূৰাই দিবলৈ পইচা সাঁচিও মই মানুহজনীক কিদৰে ৰিক্সা ফুৰাও, এদিন চিনেমা দেখুৱাও, সেইয়া বুজিবলৈ আপোনাৰ এইখন বুকুত কিবা আছে?’ কথাষাৰেই দীনবন্ধুৰ জীৱনটোৰ দৰিদ্ৰতা আৰু যন্ত্ৰণাৰ সম্ভেদ ল’বলৈ যথেষ্ট৷ সেইদৰে কাহিনীৰ প্ৰথমতেই অৰুণ নাথে যেতিয়া ভাড়াঘৰৰ দাম চাৰিশ মান দিবলৈ অসুবিধা হ’ব নেকি বুলি দীনবন্ধুক প্ৰশ্ন কৰিছিল, সেই তেতিয়া কিন্তু দীনবন্ধুৱে মুখেৰে মতা নাছিল, নিজৰ আত্মসন্মান বৰ্তাই ৰখাৰ বাবে৷ আকৌ দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰা দীনবন্ধু দাসে পৰৱৰ্তী সময়ত অৰুণ নাথৰ লগত ইমানেই গভীৰভাৱে একাত্মতা গঢ়ি তুলিলে যে ভাড়াঘৰৰ পইচা তেওঁ এদিনো নিদিলে বা অৰুণ নাথেও কোনো দিন ভাড়াৰ পইচা নল’লে৷ মানুহৰ বন্ধুত্ব আৰু সম্পৰ্কৰ যি এক উদাৰ ভাৱনাৰ এক মননশীল চিত্ৰ কথাছবিখনৰ মাজেৰে দেখুওৱা হৈছে, সেয়া কিন্তু বৰ্তমান সমাজখনত বিৰল৷ সেইদৰে ৰাণীয়ে বাপেকৰ সৈতে ৰিক্সাৰে স্কুললৈ আহি থাকোঁতে বাপেকক বাণী আৰু বিপুলৰ মাজৰ সম্পৰ্কটোৰ কথা ভয়ে ভয়ে কোৱা আৰু পৰৱৰ্তী সময়ত বানীয়েও ভয়ে ভয়ে ৰাণীৰ লগত ৰমেশৰ সম্পৰ্কৰ কথা বাপেকক কোৱাৰ অন্তৰালত দুয়োজনী ছোৱালীৰে বাপেকৰ প্ৰতি ভক্তি, শ্ৰদ্ধা আৰু নৈতিকতাৰে পৰিপুষ্ট দুটি চৰিত্ৰ বুলি পতিয়ন যাব পাৰি৷
ৰমেশ চৰিত্ৰটো প্ৰথম পৰ্যায়ত দুৰ্নীতিগ্ৰস্থ আছিল যদিও দীনবন্ধুৰ জীৱন দৰ্শনত প্ৰভাৱিত হৈ তেওঁ নিজেই সত্য আৰু শুদ্ধ পথলৈ ঘুৰি অহাৰ পণ লয়৷ পৰৱৰ্তী সময়ত ৰাণীৰ লগত ৰমেশৰ প্ৰেম হৈছে যদিও সেই প্ৰেম মাৰ্জিত৷ ৰুচিশীলতাৰ মাত্ৰা কোনো কাৰণতে অতিক্ৰম কৰা নাই৷ প্ৰেম আৰু যৌনতাৰ মাত্ৰাধিক ব্যৱহাৰেৰে কথাছবি নিৰ্মাণ কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ যি কু চক্ৰান্ত কথাছবিৰ প্ৰযোজনা আৰু পৰিচালকৰ মাজত সততে লক্ষ্য কৰা দেখা যায়, ‘দীনবন্ধু’ কথাছবি এই দোষৰ পৰাও সম্পূৰ্ণ মুক্ত৷
‘দীনবন্ধু’ কথাছবিত প্ৰাচীন অসমৰ সামাজিক জীৱন-প্ৰণালী, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, অন্ধ-বিশ্বাস, প্ৰবাদ-প্ৰবচন, সমকাল চেতনা আদি বিষয়বোৰৰ সুষম সমাহাৰ দেখা যায়৷ দীনবন্ধুৱে বিয়া কৰি অনাৰ পাছত তেওঁৰ পত্নীয়ে জেষ্ঠ্যজনক মান ধৰিছে৷ পৰৱৰ্তী সময়ত যৌতুকৰ প্ৰসংগটোও আহি পৰিছে৷ কথাছবিখনৰ সৰহ সংখ্যক দৃশ্যতেই অসমীয়া জাতি আৰু সমাজৰ স্বভাৱ চৰিত্ৰৰ পূৰ্ণ প্ৰয়োগ দেখা যায়৷ সেইদৰে অসমীয়া বিয়াৰ খাদ্যাভ্যাস, বিয়াৰ ৰীতি-নীতি, বিয়ানাম,লোক-বিশ্বাস আদিৰ সাৰ্থক চিত্ৰায়ন দীনবন্ধু কথাছবিৰ মাজেৰে হৈছে৷ দীনবন্ধুৰ সৰু জীয়েকৰ মুখত গ্ৰাম্য অসমীয়া ভাষাৰ প্ৰয়োগ কৰা হৈছে৷ সেইদৰে প্ৰতিটো চৰিত্ৰৰ মুখৰ সংলাপৰ যি সাহিত্যিক মৰ্যাদা, কাব্যধৰ্মিতাৰ গুণ; সিয়ো কথাছবিখনক মান্যতা প্ৰদান কৰিছে৷
পৰিশেষত ক’ব পাৰি বাণিজ্যিক দিশেৰে আৰু কলাধৰ্মিতা উভয় দিশৰে পৰাই ‘দীনবন্ধু’ এখন সফল ছবি৷ একবিংশ শতিকাৰ প্ৰথম সময়ছোৱাৰ এখন সফল ছবি হিচাপে ‘দীনবন্ধু’ৰ নাম নিশ্চিত ৰূপত আহিব৷ বৰ্তমান সময়ত অসমীয়া চলচ্ছিত্ৰ চাবলৈ দৰ্শক নাহে বুলি সততে যি আক্ষেপ শুনা যায় বা সাম্প্ৰতিক সময়ৰ অসমীয়া চলচিত্ৰত বলিউদৰ পৰা ধাৰ কৰা কাহিনীৰে ভৰপূৰ বুলি যি আক্ষেপ শুনা যায়; সেই আক্ষেপ অভিযোগৰ পৰা হাত সাৰি নতুন একশ্ৰেণীৰ ৰুচিশীল দৰ্শক গঢ়ি তুলিবলৈ ‘দীনবন্ধু’ কথাছবিৰ দৰে সম্ভ্ৰান্ত আৰু মনোৰম কথাছবি নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে৷ সেইদৰে ভিন্নজন প্ৰসিদ্ধ আৰু জনপ্ৰিয় গল্পকাৰ, ঔপন্যাসিকৰ কাহিনীৰ পৰা চিত্ৰনাট্যৰ সমল আহৰণ কৰিও অসমীয়া চলচিত্ৰ পৰিচালকে নতুন কথাছবি নিৰ্মাণ কৰিব পাৰে৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments