লিমাৰিক ::: অসমীয়া লিমাৰিক


*
১
অসম সাহিত্য সভা আছিল অসমীয়াৰ আপোন
পৰমা বাহিনীয়ে বুকুতে মাৰিলে ৰাম-টাঙোণ
শতবৰ্ষ হ’ল খণ্ড-বিখণ্ড
ৰাইজৰ হ’ল স্বপ্ন ভংগ
এতিয়া সভাৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ভাঙোন

২
চৰকাৰ আহিল পৰিৱৰ্তন হ’ল ৰাজ্যৰ শাসন
মন্ত্ৰী বিধায়কে ঠায়ে ঠায়ে কৰিলেগৈ ভ্ৰমণ
কামে কাজে পিছে একো নাহিল
দুখীয়া জনতাৰ টোপনি হৰিল
এইবাৰো ৰাইজলৈ আকৌ আহিল মৰণ

৩
বাপতিসাহোন বিহুটিৰ কিযে  গতি হ’ল
টেলিভিছনৰ টি. আৰ.পি আকাশ চুবলৈ গ’ল 
কাতি বিহুতো নাছনীয়ে নাচিছে
মাঘ বিহুতো ঢোল পেপা বাজিছে
 বিহুৰ স্বকীয় স্বভাৱ গুছি  বজৰুৱা হ’ল

৪
এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হ’ল সৰ্বানন্দ
মন্ত্ৰীৰ বাব লৈ সিঁচি দিলে পৰিৱৰ্তনৰ মন্ত্ৰ
মন্ত্ৰীয়ে পালে জনতাৰ আশীৰ্বাদ
বিৰোধীয়ে কৰিলে মহা বিসম্বাদ
এতিয়া  চৰকাৰী চাকৰিয়ালবোৰ ভয়তে হৈছে যন্ত্ৰ

৫
অখিল গগৈ নেতা আছিল কৃষকৰ পক্ষত
প্ৰশাসনে চক্ৰান্তৰে ৰাখিলেগৈ ফাটেকত
সাধাৰণ জনতাই  কৰিলে আন্দোলন
চৰকাৰে প্ৰতিবাদীৰ ভাঙি দিলে মন
প্ৰজাক শুহিছে ৰজাই প্ৰতি মুহূৰ্তত

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭



Post a Comment

0 Comments