* ২০১৬ বৰ্ষত মুক্তি পোৱা অসমীয়া কথাছবি ‘কথানদী’য়ে অসমীয়া চলচিত্ৰ উদ্যোগটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ পৰিচালক ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ হৈছে অসমৰ প্ৰাচীন লোক-সাহিত্য ‘সাধুকথা’ক মূল সমল হিচাপে লৈ নিৰ্মাণ কৰা এখন অগতানুগতিক কথাছবি৷ এই কথাছবিয়ে নিশ্চিতভাৱে অসমীয়া দৰ্শকৰ মন মনন আছন্ন কৰিব পাৰিছে৷ যদিও অসমীয়া চিনেমাত সাধুকথাক সমল হিচাপে লৈ ইয়াৰ আগতেও চলচিত্ৰ নিৰ্মাণ কৰা হৈছে৷ ( উদাহৰণ স্বৰূপে- আনোৱাৰ হুছেইনৰ দ্বাৰা পৰিচালিত ‘তেজীমলা’, জোনমণি দেৱী খাওণ্ডৰ দ্বাৰা পৰিচালিত ‘তুলা আৰু তেজা’, ‘তীখৰ আৰু ছুটীবাই’ আদি কথাছবিৰ নামোল্লেখ কৰিব পাৰি৷) কিন্তু, ২০১৬ বৰ্ষত মুক্তি লাভ কৰা ‘কথানদী’ হৈছে এনে ধাৰাৰে নিৰ্মিত এখন বহু চৰ্চিত প্ৰতিনিধিত্বকাৰী কথাছবি, যিয়ে নেকি পূৰ্বৰ ধাৰাটোকে এক বৌদ্ধিক মান্যতা প্ৰদান কৰিলে৷
‘কথানদী’ত মুঠতে ৩ টা সাধুৰ একত্ৰ সমাহাৰ দেখা যায়৷ সাধুকেইটা ক্ৰমে- তেজীমলা, ঔকুঁৱৰী, চম্পাৱতী আৰু তাৱৈয়েকৰ সাধু৷ সাধুকেইটাৰ মূল উৎস হ’ল- লক্ষ্মীনাথ বেজবৰুৱাই সঙ্কলন কৰা ‘বুঢ়ী আইৰ সাধু’৷ মৌখিক সাহিত্যৰ দিনৰে পৰা আজি পৰ্যন্ত অসমীয়া মানুহৰ মন মগজুত শিপাই থকা সাধুকথাবোৰকে পৰিচালক ভাস্কৰ হাজৰিকাই আধুনিক বাখ্যা, আধুনিক শৈলী আৰু নব্য বিশ্লেষণেৰে ‘কথানদী’ত উপস্থাপন কৰিছে৷ সাধুকেইটাই কথাছবিখনত নতুন ৰূপ, লাৱন্য আৰু আভিজাত্য লাভ কৰিছে৷ আটাইকেইটা কাহিনীৰ মাজত সামঞ্জস্য দেখুৱাবলৈ যাওঁতে প্ৰতিটো কাহিনীৰে কিছু কিছু যোগ-বিয়োগ হোৱাতো স্বাভাৱিক৷ কিন্তু এই যোগ-বিয়োগৰ অঙ্কই কথাছবিখনৰ মৰ্যদা আৰু গতিত বাধা আৰোপ কৰিব পৰা নাই৷ চাৰিওটা কাহিনীৰ মাজৰ আন্তঃ সম্পৰ্ক বলিষ্ঠভাৱে চিত্ৰায়ন কৰাত পৰিচালক সফল হৈছে বুলি ক’ব পাৰি৷
‘কথানদী’ৰ মাজেৰে হাজৰিকাই মৌখিক সাহিত্যক চলচ্ছিত্ৰৰ মাধ্যমেৰে পুনৰ নিৰ্মাণ শৈলী [Re-Construction]ৰ ছাঁ পেলাইছে৷ ছাঁ বুলি এইবাবেই কোৱা হৈছে যে, এই নিৰ্মাণ শৈলীৰ বিষয়টো ছবিখনত বলিষ্ঠ নহয়, মাত্ৰ এক আভাষ হে দেখা পোৱা যায়৷ অসমীয়া সাহিত্যত তেজীমলাক লৈ যথেষ্ট সম্পৰীক্ষা হৈছে৷ সেইদৰে বহুখিনি আধুনিক সাহিত্যৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ প্ৰকাশিত মৃদুল শৰ্মাৰ ‘তেজীমলাৰ মাকৰ সাধু’ গ্ৰন্থত তেজীমলাৰ মাহীমাকক নতুনকৈ অসমীয়া সমাজত উপস্থাপন কৰা হৈছে৷ এই গ্ৰন্থ পঢ়ি যিকোনো লোকেই মাহীমাককো সহানুভূতিৰে চাবলৈ বাধ্য হ’ব৷ এগৰাকী মাহীমাকৰ মনোকষ্ট, তেওঁৰ অন্ত দণ্ড, বিষয়- সংঘাত আদি বিভিন্ন গুণবোৰ পৰিচালকে ইচ্ছা কৰা হ’লে কথানদীৰ মাজতো ফুটাই তুলিব পাৰিলেহেঁতেন৷ কিন্তু তাৰ চেষ্টা কৰা দেখা নগ’ল৷
চলচ্ছিত্ৰখনত চৰিত্ৰবোৰৰ সাজ-পাৰ, চাল-চলন, খাদ্যভাষ, ভাৱ-ভাষা আদি সাধুকথাত বৰ্ণিত সময়খিনিৰে যেন কৰিবলৈ চেষ্টা কৰা হৈছে ৷ এইক্ষেত্ৰত পৰিচালক বহু পৰিমানে সফল হৈছে৷ সেইদৰে কাহিনীৰ চৰিত্ৰবোৰক তাহানিৰ গ্যাম্য ৰূপতে ৰাখিছে৷ বহু ক্ষেত্ৰত মূল কাহিনীৰ দুই এক চৰিত্ৰক বাদ দিছে আৰু আৰু বহু সময়ত প্ৰয়োজন অনুসৰি নতুন চৰিত্ৰৰ সৃষ্টি কৰিছে৷ সেইদৰে সাধুবোৰৰো হুবহু উপস্থাপন কথানদীত নাই৷ পৰিচালকে মূল কাহিনীৰ সাৰ অংশ লৈ বহুসময়ত স্থান-কাল-পাত্ৰৰ হীন ডেঢ়ী ঘটাইছে৷ কাহিনীৰ মূল জকাটোৰো ইফাল-সিফাল কৰিছে৷
কথানদীৰ মুখ্য চৰিত্ৰবোৰ নাৰীকেন্দ্ৰীক৷ চৰিত্ৰবোৰ গতিশীল৷ ছবিখনত বিশেষ ভাৱে প্ৰতিফলিত হৈছে নাৰী সমাজৰ ঈৰ্ষা, আক্ৰোশ¸, কপটতা, বিষাদ, হৰ্ষ, লালসা, ব্যৰ্থতা, ভাগ্য নিয়তিৰ বিধান আদি দিশবোৰ৷ যিহেতো সাধুবোৰতে বহু পৰিমানে অতিলৌকীকতা আৰু অধিবাস্তৱতাই আগুৰি আছে৷ গতিকে চলচ্ছিত্ৰখনতো এই দোষ-গুণবোৰ দেখা যায়৷ কিন্তু এই অতিলৌকীকতা খিনিও পৰিচালকে অতি কলাসন্মত আৰু নিতোল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিটো কাহিনীৰে ঘটনা আৰু বৰ্ণনা মাজত সাদৃশ্য দেখা পোৱা যায়৷ চৰিত্ৰবোৰৰ নামকৰণ পৰিচালকৰ নিজা৷ ‘চম্পাৱতী’ সাধুত চম্পাৱতীৰ বিয়াৰ প্ৰতীকাত্মক বিৱৰণ দাঙি ধৰি ধনেশ্বৰীৰ জীয়েক বনলতিকাৰ বিয়াৰ প্ৰস্তুুতি আৰু তাৰ পৰিণতিহে বিশেষভাৱে দেখুওৱা হৈছে৷ বনলতিকাৰবিয়ালৈ আকৌ তেজীমলা সখীয়েক হৈ গৈছে৷ ঔকুঁৱৰী সাধুটো তেনেদৰে বহু পৰিমানে কল্পনাৰ আশ্ৰয় লোৱা হৈছে৷ ঔটেঙাটোক মাক [কেতেকী]ৰ পাছে পাছে গতি কৰোৱা কলা-কৌশলে দৰ্শকক বেচ আমোদ দিব আৰু দৰ্শকৰ মনত কৌতুহ’লৰ সৃষ্টি কৰিব৷ ঔকুঁৱৰীৰ মূলৰ লগত কথাছবিৰ বহুতো পাৰ্থক্য দেখা যায়৷ মূলৰ মতে ঔটেঙাটোৰ মাক আছিল এগৰাকী ৰাণী৷ সাধুৰ মতে, ঔটেঙাৰ পেটৰ পৰা এজনী ছোৱালীহে জন্ম হয়৷ ঔটেঙাটোৱে সদায় নদীত গা ধুবলৈ যায়৷ ঔটেঙাটোৰ পেটৰ পৰা ছোৱালী এজনী বাহিৰ হৈ নৈত গা ধুৱে৷ ৰজাৰ পুতেক ঔকুঁৱৰীৰ প্ৰেমত পৰে আৰু কইনাটিক বিয়া কৰিবলৈ মন মেলে৷ কথাছবিত এই সম্পূৰ্ণ কাহিনীটো ভাঙি পেলোৱা হৈছে আৰু সাধাৰণ জনজীৱনৰ আধাৰত ঔকুঁৱৰী সাধুটো নিৰ্মাণ কৰিছে৷ কথাছবিত ঔটেঙাৰ পেটৰ পৰা এটা ধক্ধকিয়া বগা ল’ৰাৰ হে জন্ম হৈছে৷ আকৌ ঔকুঁৱৰী সাধুৰ কেতেকী চৰিত্ৰতিয়ে তেজীমলাৰ বাপেকক কাপোৰ বৈ দিছে৷ সাউদেও অশেষ কষ্ট কৰি ঔটেঙাটোৰ পৰা কনমানি ল’ৰাটোক উদ্ধাৰ কৰি মাকৰ বুকু জুৰাইছে৷ সেইদৰে তাৱৈৱেকৰ সাধুৰ পোনাই জাল মাৰি সেই মাছ বনলতিকাৰ বিয়ালৈ বুলি দিছে৷ মূলৰ মতে বনলতিকা ৰজাৰ ছোৱালী৷ বাপেক জগন্নাথ ৰজা আছিল৷ কথাছবিত কিন্তু এই কাহিনীটোকো লৌকিকভাৱেই সাধাৰণ মানুহ হিচাপেহে দেখুওৱা হৈছে৷ এনেদৰে প্ৰতিটো কাহিনীৰ মূল সজ্জা ভাঙি পৰিচালকে নিজা শৈল্পিক প্ৰতিভাৰে কথাছবিখন নিৰ্মাণ কৰি উলিয়াইছে৷ এই ছবিখন অসমীয়া কথাছবিত এক সম্পৰীক্ষা৷ সাধাৰণতে এনে সম্প্ৰৰীক্ষা অসমীয়া কথাছবিত পূৰ্বতে কৰা দেখা পোৱা নাযায়৷ প্ৰথমবাৰৰ বাবে পৰিচালক ভাস্কৰ হাজৰিকাই অসমীয়া কথাছবিত এই নব্য নিৰ্মাণ শৈলীৰ ধাৰাটোৰ শুভাৰম্ভ কৰে৷
‘মাতৃত্ব’ৰ বিভিন্ন দিশ আৰু চৰিত্ৰৰ পাৰ্থক্যই বৰ্ণিত হৈছে ‘কথানদী’ত৷ তাৱৈয়েকৰ সাধুত এগৰাকী মাতৃৰ নিজ সন্তানৰ প্ৰতি থকা মৰম আৰু দুখবোধ প্ৰতিফলিত হৈছে, সন্তানৰ মৃত্যুত মাতৃৰ যি চৰম হতাশা আৰু উদাসীনতা, তাকো দেখুওৱা হৈছে৷ চম্পাৱতী কাহিনীটোত মাতৃৰ ভোগ-লালসা, সম্পত্তিৰ প্ৰতি অগাধ মোহ দেখুওৱাৰ ওপৰিও অয়-অলঙ্কাৰৰ লোভত পৰি কিদৰে নিজ সন্তানকো মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, তাৰ চমকপ্ৰদ বৰ্ণনা দেখুওৱা হৈছে৷ সেইদৰে ঔকুঁৱৰী সাধুটোৰ মাজেৰে এগৰাকী অসহায় তিৰোতাৰ কৰুণ জীৱন গাঁথাৰ প্ৰতিফলন হৈছে৷ সন্তান বুলি ঔটেঙা জন্ম দিয়া এগৰাকী মাতৃক এখন সমাজ আৰু নিজ স্বামীয়ে কৰা অৱমাননা কিমান ভয়াবহ হ’ব পাৰে আৰু এটা ভয়াবহ অনিশ্চিত ভবিষ্যৎ বুকুত লৈ এগৰাকী নাৰী কিদৰে জীয়াই থাকিব পাৰে তাৰ উমান পোৱা যাব৷ তেজীমলা সাধুটোত মাহীমাকৰ কপটতা আৰু বন্য আচৰণ দেখুওৱা হৈছে৷ নাৰীয়ে কিদৰে আক্ৰোশ লৈ সন্তানক অন্যায়, অত্যাচাৰ কৰিব পাৰে, তাৰ বিৱৰণ তেজীমলাৰ সাধুত পোৱা যাব৷
ছবিখনৰ ঘটনাক্ৰম, অভিনয় প্ৰসংগ আৰু কাৰিকৰী কৌশল সম্পৰ্কে বিশ্লেষণঃ
প্ৰথম দৃশ্যতেই ‘পোনা’ই সদ্যজাত সন্তানটোক হাবিৰ মাজলৈ লৈ গৈ জীয়াই জীয়াই পুতি থৈ আহিছে৷ এই কাম তেওঁ তাৱৈয়েকৰ কথামতে সম্পন্নৰ্ কৰে বুলি পৰৱৰ্তী সময়ত কথাছবিখনত দেখুওৱা হৈছে৷ পোনা চৰিত্ৰত অভিনয় কৰা কপিল পৰা অসমীয়া ছবিজগতৰ এখন চিনাকি মুখ৷ ৰাতিৰ জয়াল পৰিৱেশ আৰু ৰহস্যময়তাক গভীৰ কৰি তুলিবলৈ মকৰাৰ জাল দেখুওৱা হৈছে৷ কথানদীৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ’ল যে– ইয়াত প্ৰথমৰ পৰাই শেষলৈকে অসমীয়া লোকবাদ্য যেনে–খোল, বৰকাঁহ, তাল, পেপা, নেগেৰা আদিৰ সুৰ আৰু ধ্বনিক আৱহ সঙ্গীত হিচাপে ব্যৱহাৰ কৰা হৈছে৷ সেইদৰে ঠায়ে ঠায়ে ঢেকীৰ কটৰাৰ মাতটোও আৱহ সঙ্গীত হিচাপে ব্যৱহাৰ কৰা হৈছে৷ অসমীয়া কথাছবিত এই ধৰণৰ সম্পৰীক্ষা ইয়াৰ আগতেও কম বেছি পৰিমানে হৈছে যদিও ‘কথানদী’য়ে এইবোৰ দিশত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷
আকৗ তেজ মঙহৰ এজনী মানুহে এটা ঔটেঙা জন্ম দি স্বামীৰ পৰা ককৰ্থনাৰ সন্মুখীন হৈছে৷ সন্তান জন্ম দিয়াত যে স্বামীৰ নিজৰো দোষ আছে, সেইয়া তেওঁ উপলব্ধি কৰা নাই৷ দুৰ্ভগীয়া কেতেকীয়ে স্বামীৰ পৰা খেদা খায় আশ্ৰয় লৈছেহি এখন মিচিং গাৱঁত৷ জীয়াই থাকিবলৈ জীৱিকা হিচাপে বাচি লৈছে কাপোৰ বৈ বিক্ৰী কৰা কামটো৷ মানুহে তাইক ডাইনী বুলিও ভাৱে৷ কিন্তু এই সমালোচনাৰ প্ৰতি কেতেকীৰ যেন কোনো গুৰুত্ব নাই৷ কেতেকী চৰিত্ৰটিত অভিনয় কৰিছে উৰ্মিলা মহন্তই৷ মহন্তৰ অভিনয় যথেষ্ট সুন্দৰ৷ পৰিপক্কতাৰ গুণে আৱৰি আছে৷ কেতেকীৰ স্বামীৰ মত গৰ্বী চৰিত্ৰটোকো ছবিখনত সুন্দৰকৈ দেখুওৱা হৈছে , লগতে কেতেকীক ত্যাগ আৰু মমতাৰ প্ৰতীক ৰূপত দেখুওৱা হৈছে৷ কেতেকী থকা সেই মিচিং গাৱঁলৈকে ঘটনাৰ পাকচক্ৰত তেজীমলাৰ বাপেক আহে৷ তেওঁ সাউদ, বেপাৰ বাণিজ্য কৰে৷ এই সাউদে কেতেকীৰ পৰা কাপোৰ কিনি তাইৰ সৈতে চিনা পৰিচয় হয় আৰু ঔটেঙাটোৰ জন্ম বৃত্তান্ত শুনে৷ কেতেকীক সাউদে সহায় কৰিবলৈ মন মেলে আৰু এই কথা কয় যে– মানুহৰ পেতৰ পৰা ঔটেঙা জন্ম হোৱাটো কোনো আচৰিত কথা নহয়৷ সাউদৰ এই কথাকেইটাত পৰিচালকে সাধুকথাৰ দিনৰ কাল্পনিক সমাজখন ঘৰি ৰাখিবলৈ সক্ষম হৈছে৷
সাউদৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ প্ৰখ্যাত তাৰকা শিল্পী আদিল হুছেইনে৷ ইতিমধ্যে বলিউদত সফল ভাৱে আত্ম প্ৰতিষ্ঠা লাভ কৰা হুছেইনৰ অভিনয়ে কথানদীক আন এক মান্যতা প্ৰদান কৰিছে৷
মূল সাধুত তেজীমলাক সখীয়েকৰ বিয়ালৈ পথিয়াওতে কাপোৰযোৰৰ মাজত নিগনি আৰু জুইৰ অঙঠা ভৰাই দিছে বুলি আমি পঢ়ি আহিছোঁ যদিও ‘কথানদী’ত কেৱল নিগনিটোৰ কথাহে পোৱা যায়৷ এইক্ষেত্ৰত পৰিচালকৰ বিজ্ঞান মনস্কতাৰ উমান পোৱা যায়৷ কাৰণ অঙঠা আৰু নিগনি একেলগে ভৰাই দিলে যে নিগনিটোৱেই উত্তাপত মৰি থাকিব৷ গতিকে, হাজৰিকাই জানি বুজিয়েই কেৱল নিগনিৰ প্ৰসংগটো দেখুৱাইছে৷ ছবিখনত ঢেঁকীৰে তেজীমলাক খুন্দি মৰা দৃশ্যটো হৃদয় বিদাৰক৷ তেজীমলাৰ চৰিত্ৰত অভিনয় কৰা নৱাগতা শিশু শিল্পী কাচভি শৰ্মাৰ অভিনয় সলাগ ল’বলগীয়া৷ এই দৃশ্যত তেজীমলাই শেষত চিঞৰি চিঞৰি কোৱা– ‘দেউতা অ’ মোক বছাহি’ বাক্যশাৰীত দৰ্শকৰ গাৰ নোম উঠি যায়৷ সেইদৰে মৃত্যুৰ আগমুহূৰ্তত তেওঁ মাহীয়েকক কৈ যোৱা– ‘মই তোক সচাঁকৈ ঘিণ কৰোঁ মাহী আই’ বাক্যইটোৱেই প্ৰমাণ কৰে যে, সমাজত তেজীমলাৰ মাহীমাকক সমাজ আৰু পৰৱৰ্তী সভ্যতাই কোনো দিনে ভাল চকুৰে নাচায়৷
নাৰীৰ ভোগ আৰু লালসাৰ চৰম পৰিণতি দেখা পোৱা যায় চম্পাৱতী সাধুৰ বনলতিকাৰ বিয়াৰ সময়ত৷ ধনেশ্বৰীয়ে কেৱল অই-অলঙ্কাৰৰ বাবেই বনলতিকাক বিয়া দিবলৈ ওলাইছে এটা অজগৰৰ লগত৷ কাৰণ ধনেশ্বৰীৰ সতিনীৰ জীয়েক চম্পাৱতীকো এডাল অজগৰে বিয়া পাতি সোণ-ৰূপেৰে উপচাই গৈছিল৷ অৱশ্যে চম্পাৱতীৰ বিয়াৰ প্ৰসংগটো আছিল কিছু বেলেগ৷ চম্পাৱতীৰ গিৰীয়েক আছিল এজন অজগৰৰূপী দেৱতাহে৷ এই কথা কোনেও জনা নাছিল৷ সেয়েহে বনলতিকাকো অজগৰে বিয়া পাতি সোণে ৰূপে উপচাই পেলাব বুলি হাবিৰ পৰা এডাল অজগৰ ধৰি আনি তাৰ লগতে বনলতিকাক বিয়া দিছে৷ পৰিণতি বনলতিকাৰ কৰুণ মৃত্যু৷ ধনেশ্বৰীৰ চৰিত্ৰত অভিনয় কৰিছে সীমা বিশ্বাসে৷ সীমা বিশ্বাসৰ বলিষ্ঠ অভিনয়ে কথানদীক পূৰ্ণমাত্ৰাই সবল ৰূপত প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে৷ ঘৈণীয়েকৰ কথামতে উঠা বহা কৰা স্বামীৰ চৰিত্ৰটিৰ বৰ্ণনা বেছ হাস্যোদ্দীপক৷ মূলৰ মতে এই স্বামী জগন্নাথ এজন ৰজা আছিল৷ সেইদৰে আজলী জীয়েক বনলতাই মাকৰ কথামতেই এডাল অজগৰৰ সৈতে বিবাহত বহিবলৈ মান্তি হোৱা কাৰ্যই সেই সময়খিনিৰ কঠোৰ শাসন আৰু সমাজ ব্যৱস্থাৰ কুটিল কৰ্মকাৰ্যক প্ৰতিনিধিত্ব কৰিছে৷ জীয়েকে তিলমাত্ৰও প্ৰতিবাদ কৰা নাই, কৰিবলৈ সাহসো কৰা নাই,কেৱল সপোন দেখিছে যে চম্পাৱতীৰ দৰেই তাইৰ দেহতো অই-অলঙ্কাৰে ভৰি পৰিব৷ সেইদৰে, বনলতিকাক সাপৰ পেটৰ পৰা ফালি দেখুওৱা দৃশ্যটো সংক্ষেপ আৰু প্ৰতীকি যদিও এইক্ষেত্ৰত পৰিচালকৰ চিত্ৰ-নাট্যৰ জ্ঞান মানিবলগীয়া৷
অন্যহাতে, সাউদ আৰু কেতেকীয়ে সাউদৰ কৌশল প্ৰয়োগ কৰি ঔটেঙাটোৰ পেটৰ পৰা সন্তানটো উলিয়াই আনিবলৈ সক্ষম হয়৷ অবাস্তৱ আৰু অকল্পনীয় যেন লাগিলেও সাধুকথাত এইবোৰ সম্ভৱ৷ সেয়েহে সাধুৰ দৰেই ঘটনাৰ কলাত্মক ৰূপায়ন কথানদীৰ মাজেৰে হৈছে৷ ক’ব পাৰি যে, চলচ্ছিত্ৰখনৰ মাজত কাহিনী বাস্তৱতা বিচাৰ কৰাতকৈ কাহিনীৰ উপস্থাপন আৰু পৰিৱেশন ৰীতিৰ বিচাৰ বিশ্লেষণ কৰাটোহে বেছি প্ৰাসংগিক৷
তাৱৈয়েকৰ আজ্ঞামতে পোনাই তিনিটাকৈ সন্তান জীয়াই জীয়াই পুতি থয় হাবিৰ মাজত৷ এই কাৰ্যত মালতী যথেষ্ট মৰ্মাহত হয়৷ মালতী চৰিত্ৰটো ৰূপায়ন কৰিছে আশা বৰদলৈয়ে৷ বৰদলৈৰ মুখৰ খাটি গাম্য ভাষাৰ কথা-বতৰাই কথানদীক আন এক মূল্য প্ৰদান কৰিছে৷ মালতীয়ে চতুৰ্থ সন্তানটিৰ নাম দিছে ভাগ্যৱতী৷ চতুৰ্থ সন্তানটো লৈ পোনা আৰু মালতী যেতিয়া নদীৰ সিপাৰে থকা তাৱৈয়েকৰ ওচৰলৈ যায়, সেই মূহূৰ্তত মালতীয়ে এখন ছুৰী কটাৰী খোঁচনিত লৈ যায়, উদ্দেশ্যে তাৱৈয়েকক হত্যা কৰা৷ কিন্তু পোনা আৰু মালতীক এইবাৰ আচৰিত কৰি তাৱৈয়েকে কয় যে, এইটো সন্তানহে সিহঁতৰ আচল সন্তান৷ লগে লগে মালতিৰ হাতত থকা কটাৰীখন খহি পৰে৷
শেষ দৃশ্যত তেজীমলাৰ সমাধিৰ পৰা এটি গছ পুলি উলাই আহে৷ এই পুলিটো প্ৰতীক ৰূপত দেখুওৱা হৈছে৷ কায়িকভাৱে তেজীমলাৰ মৃত্যু হৈছে যদিও তেজীমলাৰ সত্ত্বা অসম আৰু অসমীয়াৰ মাজত যে চিৰদিন জীয়াই থাকিব তেনে এক ইঙ্গিত এই পুলিটোৱে বহন কৰিছে৷ তেজীমলা সত্য পথত থকাৰ বাবে তাইৰ কায়িক মৃত্যু হৈয়ো পূৰ্ণজন্ম হৈছে এটি গছপুলিৰ মাজেৰে আৰু সেই গছপুলিটোলে মাহীমাকে বিষ্ময়জনক ভাৱে চোৱা কাৰ্যই তেজীমলাৰ সত্ত্বাৰ ওচৰত মাহীমাকৰ অসৎ অভিপ্ৰায় আৰু কু অভিসন্ধিয়ে বশ্যতা স্বীকাৰ কৰা যেন লাগে৷
‘কথানদী’ৰ অন্যান্য বিশেষত্বঃ
কথানদী চলচ্ছিত্ৰত প্ৰাচীন অসমৰ সামগ্ৰীক কৰ্ম কাৰ্য, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, অন্ধ-বিশ্বাস, ঐতিহ্য, বুৰঞ্জী, প্ৰবাদ -প্ৰবচন আদিৰ সুষম সমাহাৰ দেখা যায়৷ অসমৰ লোকবাদ্যৰ সাৰ্থক প্ৰয়োগ ‘কথানদী’ৰ মাজেৰে হৈছে৷ কথাছবিখনৰ সৰহসংখ্যক দৃশ্যতেই অসমীয়াৰ স্বভাৱ চৰিত্ৰৰ পূৰ্ণ প্ৰয়োগ দেখা যায়৷ ‘কথানদী’ত অসমীয়া পুৰণি সাজ-পাৰ যেনে- এঙা চুলা, চুৰীয়া, ছেলেং চাদৰ আদিৰ পূৰ্ণ ব্যৱহাৰ দেখা যায়৷ সেইদৰে খাদ্যভাষ, ৰীতি-নীতি, পৰম্পৰা, লোক-বিশ্বাস আদিৰ সাৰ্থক চিত্ৰায়ন কথানদীৰ মাজেৰে হৈছে৷ বনলতিকাৰ বিয়াত অসমীয়া সমাজত ডৰাক আদৰি অনাৰ দৰেই আদৰি অনা হৈছে৷ সেইদৰে ঢেকী, মাটি চাকি, গছা, গোবৰ ভেৰ আদিৰ ব্যৱহাৰে কথানদীক অসমীয়া সমাজৰ সৈতে বিশেষভাৱে সম্বন্ধ আনি দিছে৷ গ্ৰাম্য চিকিৎসা যেনে গৰম পানীৰে সেক দিয়া কাৰ্য তেজীমলাৰ চৰিত্ৰটোৰ মাজেৰে দেখুওৱা হৈছে৷
‘কথানদী’ত মিচিং ঐনিতমক এক অনন্য মাত্ৰা দিয়া হৈছে৷ সেইদৰে অসমীয়া লোকগীতৰ প্ৰয়োগ কৰা দেখা যায়৷ ‘কথানদী’তে প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত ব্যৱহাৰ কৰা গালি- বুনৰী শব্দটো ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰোপৰি অসমৰ প্ৰকৃতিজগতৰ আৰু অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকটি যেনে– গড়, হাতী, বগলী, বৰটোকোলা আদিৰ কেইখনমান সুন্দৰ স্থিৰ চিত্ৰ ‘কথানদী’ত ব্যৱহাৰ কৰা হৈছে৷ মালতীৰ মুখত গ্ৰাম্য ভাষা ব্যৱহাৰ কৰা হৈছে, যেনে– আৰু- আও, স্নেহ -চেনেহ, ভক্তি-ভকতি, উচিত-হক আদি কথিত শব্দৰ ব্যৱহাৰ দেখা যায়৷
কথানদীত সংলাপ প্ৰয়োগ কৰিছে অৰূপা পতংগীয়া কলিতাই৷ কলিতাই প্ৰয়োগ কৰা সংলাপখিনি প্ৰতীকধৰ্মী আৰু বলিষ্ঠ৷ তেওঁ নিজে সাহিত্যিক বাবে সংলাপবোৰতো সাহিত্যিক গুণ আৰু ব্যঞ্জনা দেখা যায়৷ গ্ৰাম্য ভাৱ-ভাষাৰে সংলাপ প্ৰক্ষেপণত তেওঁ সফল হৈছে৷ সেইদৰে যতীন শৰ্মাৰ মিউজিকে কথানদীক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
পৰিশেষত ক’ব পাৰি যে, সামগ্ৰিকভাৱে কথানদীত কথাছবিৰ সমূদায় গুণ কম-বেছি পৰিমানে দেখা যায়৷ দুই এক দিশত পৰিচালকৰ দুৰ্বলতাও দেখা যায়৷ যেনে- যি সময়ত হাবিৰ পৰা দুজন মানুহে অজগৰটো ভাৰ বান্ধি যেনে তেনে লৈ আহে , তাৰ অলপ সময়ৰ পিছতে কিন্তু এজন মানুহেই সহজতে অজগৰটো ডাঙি লৈ গৰু গাড়ীখনত উঠাই দিয়ে আৰু ধনেশ্বৰীৰ ঘৰত পুনৰ এজনেই নমাই৷ সূক্ষ্ম ভাৱে চালে এই দৃশ্যত কিছু পৰিমানে বিসংগতি দেখা যায়৷ সেইদৰে সাধুকথাৰ সময়খিনিক প্ৰাকে প্ৰকাৰে দেখুৱাবলৈ যত্ন কৰা ছবিখনত অভিনেত্ৰীসকলৰ ছেলাউৰিখিনিতো সমানেই চকু দিয়া প্ৰয়োজন আছিল৷ অভিনেত্ৰী সকলৰ ছেলাউৰিবোৰ কিন্তু থ্ৰেডিং কৰা৷ অৱশ্যে এইবোৰ অতি সাধাৰণ দোষ৷ দৰ্শকে এই দোষবোৰ দোষ বুলি নধৰিবও পাৰে৷
অসমীয়া চলচিক্ৰত সাধুকথাক মুখ্য বিষয় হিচাপে লৈয়ো যে এখন ভাল ছবি নিৰ্মাণ কৰিব পাৰি, সেই কথা কথানদীয়ে ইতিমধ্যেই প্ৰমাণ কৰি দিছে৷ বলিউদ আৰু পাশ্চাত্যৰ পৰা সস্তিয়া আদৰ্শ লৈ অসমীয়া ছবি নিৰ্মাণ কৰা পৰিচালকসকলৰ বাবেও ‘কথানদী’ আদৰ্শ হ’ব পাৰে৷ শেষত কথানদী পৰিয়াললৈ আমাৰ অশেষ শুভকামনা৷ .
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments