উৰিবৰ বাবে ::: উপন্যাস ::: হেমেন গগৈ

© হেমেন গগৈৰ উপন্যাস

উৰিবৰ বাবে, সপোনত উৰিবৰ বাবে পাখি নালাগে অথবা পেৰাচুটো নালাগে৷ এনেয়ে উৰি ফুৰিব পাৰি৷ ধৰা তুমি শূণ্যত ডাইভিঙৰ বাবে লিফ্‌টিত জোৰেৰে হেঁচা জি জাপ মাৰিলা ওপৰলৈ অথবা হ’প ষ্টেপ্‌ এণ্ড জাম্পৰ বাবে বিশ মিটাৰ দূৰৰ পৰা দৌৰি আহি লাইনত বাঁও ভৰিৰে প্ৰেছ দি লিফ্‌ট ললা,- সেই যে মাটি এৰিলা- এৰিলা যি এৰিলাই— দুহাত মেলি পানীত সাঁতুৰি ফুৰাৰ দৰে শূণ্যতে, বতাহতে তুমি উৰি ফুৰিছা— তোমাৰ মন গৈছে গুৱাহাটীৰ এল, আই, চি, বিল্ডিঙৰ ওপৰেৰে গৈ হাইকোটৰ গম্বুজটোৰ কাষেৰে আহি  ফ্লাড-কন্টোল- বিল্ডিঙৰ ওপৰৰ চটত লাহেকৈ নামি দিছা, বা উৰিয়েই ফুৰিছা৷

তাৰ আগৰ সপোনবোৰ আছিল এনে ধৰণৰ- ধৰা তুমি ৰেল গাড়ীৰে যাত্ৰা কৰিছা৷ কোনোবা ষ্টেচনত ৰেল গাড়ী কৈ গ’লহি৷ সেয়া ৰঙিয়া, নলবাৰী বা কাটাহাৰ যেন সেই ঠাইতে হ’ব পাৰে৷ তুমি ৰেলৰপৰা নামি ওচৰৰ হোটেলতে একাপ চাহ খালা বা হুইলাৰৰ কাগজ-পত্ৰ, ছবিবোৰত এনেয়ে চকু ফুৰালা৷  হঠাৎ হুইচেলৰ আৱাজ শুনিলা, ক’ৰবাত হয়তো গাৰ্ডে সেউজীয়া ফ্লেগ জোকাৰি দিলে আৰু ৰেল গাড়ী চলি গ’ল৷ তোমাৰ বয়-বস্তুবোৰ থকা কম্পাৰ্টমেণ্টটো বিছাৰি চলন্ত গাড়ীৰ লগে লগে প্লেটফৰ্মত দৌৰিছা আৰু দৌৰিছা৷ এবাৰ কোনোবা এটা কম্পাৰ্টমেণ্টৰ হেণ্ডেলত ধৰি উঠিব খোজোঁতে দুৱাৰত উলমি যোৱা মানুহবোৰে তোমাক জোৰেৰে খহাই থৈ গুছি গ’ল৷ তোমাৰ সকলো বয়-বস্তু গাড়ীতে গুছি গ’ল আৰু তুমি প্লেটৰ্ফমত পৰিয়েই থাকিলা...৷

পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা শ্ৰীমতী বিনীতা গোঁহায়ে তেওঁৰ স্বামীয়ে কোৱা অথবা দেখা কিছুমান সপোনৰ কথা কৈছে৷ মই শুনি গৈছোঁ৷ আচলতে মই মনোবিজ্ঞানী বা সপোন বিশ্লেষণৰ বিশেষজ্ঞ নহওঁ৷ এনেকুৱা এটা সপোনহে নালাগে এজন মানুহৰ গোটেই সপোনবোৰ ধাৰাবাহিকভাৱে ক’লেও মানুহজনৰ যে কেতিয়াবা বিপদ নহ’ব সেই কথা ঠিৰাংকৈ মই কেতিয়াও ক’ব নোৱাৰোঁ৷ স্কুলীয়া ল’ৰাক পৰীক্ষাৰ পাচত দেখা সপোনবোৰৰ একোটাহঁত ওচল বাখ্যাৰে সন্তুষ্ট কৰিবৰ অপচেষ্টা কৰি নিজেই বহুপাৰ মূঢ়তাত হাঁহিছো পাৰ্য্যমানে৷ অৱশ্যে বিনীতাই কোৱা এই সপোনবোৰত মোৰ এতিয়া হাঁহিবৰ থল নাই৷ অত্যন্ত চিৰিয়াচ কথা এটাৰ পম খেদি বিনীতাই সপোনৰ প্ৰসঙ্গলৈ আহিছে৷ বিনীতাৰ বাবে ইয়াৰ বেলেগ অৰ্থ নিশ্চয় আছে৷

অধ্যাপক বিমলেন্দু গোহাঁই যোৱা সাতদিন ধৰত নাই অছবা সাতদিনৰ আগেয়ে ঘৰৰ পৰা ওলাই যোৱা অধ্যাপক পুনৰ ঘৰলৈ ঘুৰি অহা নাই৷  চহৰৰ এই অঞ্চলত অধ্যাপক ঘৰত থকা নথকাৰ এনেকুৱা খবৰে বৰ বেছি চাঞ্চল্যৰ সৃষ্টিও কৰা নাই৷ প্ৰতিবেশী দুই এজনে ‘তেখেত নাই নেকি’ ধৰণৰ দুই এটা কথা সোধাৰ বাহিৰে বেচি কথা বিনীতাক সোধাও নাই৷ নিত্যান্ত ব্যক্তিগত কাৰণত কলেজৰ দুজনমান সহকৰ্মীয়ে খবৰ কৰিছিল অথবা দুজনমান ছাত্ৰও আহিছিল খবৰ কৰিবলৈ৷ নাই বুলি কোৱাত বৰ বিশেষ উৎকণ্ঠিত নহ’ল৷ আগেয়ে এসপ্তাহ কিয় মাহেক মাহ ধৰি বিমলেন্দু গোঁহায়ে ঘৰবাৰী এৰি শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেইখন চলাথ কৰি ফুৰে৷ অৱশ্যে সেয়া বেলেগ কাৰণত৷ বিমলেন্দু নিখোজ অথবা এই সাত দিনৰ ভিতৰত চহৰত বিমলেন্দুক কোনেও দেখা নাই কথাটোত মইও আচৰিত হৈছোঁ৷ কীড্‌নেপিং? কিয়? কোনে, কিহৰ বাবে কৰিব? নে কি এড্‌ভেঞ্চাৰ? নাই৷ সকলো এড্‌ভাঞ্চাৰ শেষ কৰি সি দেখোন অধ্যাপক হ’বলৈ আহিছিল৷ তেন্তে এইবোৰ কি হৈ গৈছেঃ

সি চি, এল,ৰ দৰ্খাস্ত দি গৈছে নেকি? নাই দিয়া৷ কলেজলৈ নোযোৱা বাবে প্ৰিঞ্চিপালে খবৰ কৰাইছিল কিবা অসুখ হৈছে নেকি বুলি চকীদাৰ এটা পঠাই৷ মোৰ এটা নিশ্চিত ভাৱ হৈছে কি জানা হৰেন, তেওঁ এইবাৰ গৈছে৷

বিনীতাই চোফাখনত অৱশ ভাৱে শৰীৰ পেলাই দিছে৷ দুমাহৰ আগচে মাত্ৰ বিনীতাৰ এটা ডাঙৰ আপাৰেচন হৈ গৈছে৷ তিনি মাহৰ মেডিকেল লীভ্‌৷ বেচি উঠা বহা কৰি ফুৰা ডাক্টৰৰ মানা৷ আয়ৰণ টনিকৰ তিনিটা ফাইল খাব লাগিব- তাৰ ওপৰিও ভিটামিন, কেপচুল৷ ঘৰত ভাত পানী ৰান্ধিবলৈ ৰখা সৰু ল’ৰাটোৱে দুকাপ চাহ দি গ’লহি৷ বিনীতাক ভীষণ ক্লান্ত দেখিছোঁ৷ ‘তেওঁ এইবাৰ গৈছে’ কথাষাৰত যেন কিবা এটা কিবা এটা সঁচাকৈ হেৰুৱাই পেলোৱাৰ দুশ্চিন্তা আছে৷ ‘তেওঁ এইবাৰ গৈছে’ তাৰ মানে আগেয়ে তেও যায়৷ কেতিয়াবা আগদিনা আবেলি ওলাই গৈ পিচদিনা পুৱা তেওঁ ঘুৰি আহে-কয় ৰাতি বহুত দেৰি হোৱা বাবে ভঙুৱা প্ৰফেচাৰ ৰেইটাৰ লগতে শুই থাকিলোঁ৷

ইঞ্জিনীয়াৰিং পঢ়া তেওঁৰ ভাগিনীয়েকক কালি খবৰটো দিছোঁ৷ ঘৰৰ দেউতালৈ খবৰটো দিছোঁ৷ মোৰ দেউতাও আহিছিল তেজপুৰৰ পৰা খবৰটো কেনেবাকৈ পালে৷ মোক  লৈ যাব খুজিছিল৷

নগ’লা কিয়? অকলে ইয়াতঃ৷ নগ’লো৷ কিমান দিন পাৰোঁ অপেক্ষা কৰি চাওঁ৷ এটা খবৰটো নিশ্চয় পাম৷ বিনীতাই মোক ট্ৰাঙ্ক-কল কৰি ডিগবৈৰ পৰা মাতি আনিছে৷ মোহনবাৰীৰ পৰা প্লেনেৰে গুছি আহিছোঁ৷ বিমলৰ খবৰ এটা অন্ততঃ মই আনি দিব লাগিব৷ বৰ বেচি হৈ চৈ এটা কৰাত বিনীতা নাই৷ ‘তেওঁ এইবাৰ গৈছে এনেকুৱা এটা দুশ্চিন্তাৰ মাজতো বিনীতাৰ ধৈৰ্য্য দেখি মই অবাক হৈছোঁ৷ পৃথিৱীত দৈনিক কত মানুহ হেৰাই যায়, কত পাগল হয়, কিমানে আত্মহত্যা কৰেঃ এনে ধৰণৰ বহুত খবৰৰ মাজত বিমলেন্দু গোঁহাই, যিজন স্বামী আৰু অঙ্কৰ অধ্যাপক, হঠাৎ নাইকীয়া হোৱা খবৰটো এটা মামুলী খবৰ যাতে হৈ নপৰে তাৰ বাবে বিনীতা গোঁহাই সচেষ্ট হৈছে৷ অধ্যাপক বিমলেন্দু গোঁহাই হেৰাই যোৱা খবৰটো যেন পৃথিৱীৰ কোনেও নাজানক একমমাত্ৰ বিনীতাৰ বাহিৰে৷ আৰু মই, বিমলা বা বিনীতাৰ অন্তৰঙ্গ বন্ধু হিচাপে কিবা এটা খবৰ যোগাৰ কৰাটো কৰ্তব্য৷ মনে মনে বাতৰি কাগজত দিব পৰাকৈ কেইটামান বাক্য তৈয়াৰ কৰিছোঁঃ সুদৰ্শন ওখ, বগা বিবাহিত তেত্ৰিশ বছৰ, বয়স, চকুত হাই- পাৱাৰ লেঞ্চ, কেঁকোৰা চুলি সদ্যহতে স্থানীয় কলেজ এখনৰ অঙ্কৰ অধ্যাপক, যোৱা সাতদিন ধৰি ঘৰত নাই; বা- মৰমৰ বিমল, মই তোৰ জু-ৰোডৰ ঘৰত লগ কৰিব খোজোঃ ইতি তোৰ হীৰেন৷

বিনীতাই এইবোৰত আপত্তি কৰিব জানো৷ কিন্তু মই কি কৰিম৷ ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ বছৰকেইটা এই গুৱাহাটীত কটাইছোঁ, হাজাৰ বিজাৰ ল’ৰা লগ পাইছোঁ৷ কিন্তু কেইবছৰমানৰ ভিতৰতে সকলোবোৰ যেন অচিনাকি হৈ পৰিছে৷ ইয়াৰ চব মুখেই যেন অচিনাকি৷ অধ্যাপক দম্পত্তিয়ে জু-ৰোডৰ কাষত নিজঞ্জাল ভাল ঠাইখিনিকে বাছি লৈছে৷ বিনীতাই লাহে লাহে ঘৰৰ বাহিৰ ভিতৰ কৰি ফুৰিছে৷ মই ইয়াৰ পৰা ওলাই গৈয়েই প্ৰথমতে ক’ত খবৰ কৰিম, কি বুলি খবৰ কৰিম তাৰ চিন্তা কৰিছোঁ৷ কোনোবাই হয়তো ক’ব-ঠিক ঠিক তেনেকুৱা এজন মানুহ ডাঠ ফ্ৰেমৰ চছমা, পাঞ্জাবী-ধূতি পিন্ধা মুখত কেদিনমানৰ পৰা ডাঢ়িৰে লগ পাইছোঁ শিলিগুৰিত, পুৰীৰ সাগৰৰ পাৰত, কোনোবাই ক’ব টাইগাৰ হিলচ্‌ত অথবা বাংলা দেশৰ সীমান্তত৷ দূৰ এইবোৰ অথবা ....৷ বিনীতাক মাত দি ওলাই যাম-বিমলেন্দুৰ কিবা এটা খবৰ ক’ৰবাত পাবই লাগিব৷  

:বিনু, মই যাওঁ দিয়া৷ কিয়? ক’ত থাকিবা?

:থাকিম ক’ৰবাত, কালিলৈ পুৱা আহিম৷

:নহয় তুমি যাব নোৱাৰা, তুমি ইয়াতেই থাকিব লাগিব৷

:ইয়াত যে তোমাৰ অসুবিধা।

একো নাই আমাৰ দুখন বিছনা আছে৷ তোমাক এই কোঠাতেই বাৰু বিছনা এখন কৰি দিয়াম৷ জানা হীৰেণ, বিমল যোৱাৰ খবৰটো কেৱল তোমাক দিবৰ বাবেই মই বহুত চেষ্টা কৰিছোঁ৷ কেৱল তুমিয়েই হয়তো জানা বা মইহে জানো যে বিমল এদিন যাব৷

বিমলেন্দু কিয় গ’ল মই জনা হ’লে ইমান চিন্তা নকৰিলোহেঁতেন৷ শুই শুই বহুত কথা ভাবিছোঁঃ আগৰ কথা৷ কেনেকৈ যে আমাৰ মাজত ইমান বন্ধুত্ব গঢ়ি উঠিলঃ সেইবোৰ কথা৷ কাইলৈ বহুত ঘুৰিব লাগিব৷ বিমলে সচৰাচৰ যোৱা ঠাইবোৰ, নিজৰ ব্ৰেণ্ডৰ চিগাৰেট কিনা দোকানখন, কিতাপৰ দোকানকেখন, বেচ্ছেলচ্‌ৰ্ ল’জ, প্ৰিঞ্চিপাল কলিগ্‌চ, প্ৰিয় ছাত্ৰ পুলিচ বহুত  বহুত ঠাইলৈ যাব লাগিব৷  বিনীতাই কৈছে আগেয়েও বিমলে প্ৰায় অকলেই ফুৰে৷ কেতিয়াবা সুধিলে ষ্টেচনৰ ফালে গৈছিলো বুলিও কয়৷ কেতিয়াবা অঙ্কৰ থুৰ চিৰিয়াচ দুই এজন ছাত্ৰক মাতি আনি ঘৰত একষ্ট্ৰেট, ইনফিনিটি আদিৰ বিষয়ে গভীৰভাৱে বুজাবৰ চেষ্টা কৰে৷ ছাত্ৰসকলে বিনীতাক কয় ছাৰে চব খেলি মেলি কৰি পেলায়৷ কেতিয়াবা কথাৰ মাজতে উপযুক্ত শব্দৰ অভাৱত কথা বন্ধ কৰি বহুবাৰ নালেৰে মৃদুভাৱে কপালত টুকুৰিয়াই দিয়ে৷ কেতিয়াবা কয় জানা বিনু কিছুমান কথা ক’বৰ বাবে পৃথিৱীত একো ভাষাই বোধহয় যথেষ্ট নহয়৷ বিনু মেথ্‌মেটিকেল ইণ্‌ফিনিটি মানে তুমি কি বুজা?

সাহিত্যিক ভৰত চৌধুৰীয়ে গল্প, উপন্যাসৰ প্লট বিছাৰি ষ্টেচনৰ প্লেটফৰ্মত ঘুৰি ফুৰে অথবা একাপ চাহ আগত লৈ কেটাৰিঙত একোটা সন্ধ্যা অকলে কটাই দিয়ে বুলি শুনিছোঁ৷ ক’ৰবাত পঢিছো এজন সাহিত্যিকৰ জীৱনৰ কামনা আছিল বোলে সাগৰৰ পাৰত এটা পঁজা সাজি অকলে থকা-লগত ৰাখিব মাত্ৰ এজাল মমবাতি কাৰণ ভদ্ৰলোকে ইলেকট্ৰিচিটি ভাল নাপায়৷ ডাঙৰ ডাঙৰ নেতাসকলে কোনেও নজনা ঠাইত সপ্তাহ বা পষেকৰ বাবে জিৰণি ল’বলৈ যোৱাৰ খবৰ বাতৰিত ওলায়৷ ! বাজেটৰ ওপৰত চলি থকা তৰ্কৰ মাজতে দুঘণ্টাৰ বাবে গ’লফ কোৰ্চলৈ দৌৰ মাৰে৷ বিমলেন্দুৰ কথা ভাবোঁতে এনে ধৰণৰ কথাবেৰ মনলৈ আহিছে— অথচ জানো বিমলেন্দুৰ ক্ষেত্ৰত এনে ধৰণৰ ঘটনা নিতান্তই অভাৱনীয়৷

অভাৱনীয় ভাৱে বিনীতাৰ লগত বিমলেন্দু আৰু মোৰ চিনাকি হৈছিল৷  সেইবাবে আমি দুয়ো ইউনিভাৰচিটিলৈ গৈছোঁ৷ কটন কলেজৰ তাৰ আগৰ দিনবোৰেত বিমলেন্দু আৰু মই অভিন্ন হৃদয় ব্যক্তি বিশেষৰূপে পৰিগণিত হৈছিলোঁ৷ কলেজৰ সেই চাৰি বছৰত কলেজৰ এনে এটা অনুষ্ঠান ৰৈ যোৱা নাই য’ত বিমলেন্দু গোঁহাই লগতে মই অংশ লোৱা নাছিলো৷ বিমলেন্দুৰ নিৰ্ভীক স্পষ্টপাদিতাৰ বাবে সি বহুতৰ অপ্ৰিয়ও হৈছিল৷ তাৰ অকাট্য যুক্তি আৰু চকুৰ তীক্ষ্ণ  দৃষ্টি এৰাই যাব পৰা ব্যক্তি খুব বেচি নাছিল৷ তাৰ বাবে সি অধ্যয়ন কৰিছিল প্ৰচুৰ৷ সাহিত্য, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, আদি প্ৰায় সকলো বিষয়৷ হোষ্টেলত চিঞৰি চিঞৰি বেসুৰাকৈ জ্যোতিপ্ৰসাদৰ গান গাইছিলঃ জানো জানো জানো বিফলে নাযাব গানো৷ বিমলেন্দুৱে সদায় যেন কিবা এটা আপোচত আহিব নোখোজা মনোবৃত্তিকে লৈ ঘুৰি ফুৰিছিল৷ তাক মোৰ ভাল লগাৰ সেয়াই বিশেষ কাৰণ নহয়৷ এনেয়ে তাক ভাল লাগে৷ চাৰ্চ ফিল্ডত বা নেহৰু ষ্টেডিয়ামত দুই এখন ফুটবল খেলা বা ক্ৰিকেট খেলা চাই আহি সি মন্তব্য দিয়ে— ইমান হুলস্থুল পুলিচৰ লাঠি বচল, শিলগুটি, কায়াৰিং এইবোৰৰ এই খেলতকৈ খাদ্যৰ বাবে বজাৰত জুই-ছাই দামৰ বিপক্ষে অথবা প্ৰচলিত পুৰাতন প্ৰথাৰ বিৰুদ্ধে ৰাজপথচ জনতাৰ মিছিল শতগুণে ভাল নহয় বুলি তই বুকু ডাঠ কৰি ক’ব নোৱাৰ ধীৰেণ৷ তাৰ বাবে যদি ট্ৰেফিক বন্ধ হৈ যায়— তাৰো এটা অৰ্থ থাকিব৷ 

মোৰ ঘৰৰ পৰা এশ ত্ৰিশ টকাৰ এখন মণিঅৰ্ডাৰ আহে৷ দেউতাই পঠায়৷ তলত সৰু সৰু আখৰেৰে লিখি দিয়ে-নিয়মীয়াকৈ খৰচ কৰিবি৷  নিয়মীয়াকৈ মাহেকৰ খৰচ, খোৱাৰ, আবেলি চাহৰ, সপ্তাহত এখন চিনেমা— এইখিনি খৰচৰ বাবে সেই টকাৰে কথমপিহে হয়গৈ৷ বিমলেন্দুৱে এদিন ক’লে— মই নিয়ম বাদ দিছোঁ৷ কেইটামান ভাল সাজ চিলাই ল’ব লাগিব৷ জানো তাৰ বাবে ঘৰৰ পৰা বেলেগ পইচা নপঠায়৷ তাৰ কিন্তু নতুন সাজযোৰ মই কাহানিও নেদেখিলোঁ৷ কেৱল দেখিলো ট্ৰাঙ্ক ভৰ্তি কিতাপ৷

ইউনিভাৰচিটিলৈ আহোঁতে ঘৰতে প্ৰতিজ্ঞা কৰি আহিছিলোঁ — এইবাৰ খুব ভালকৈ পঢ়িব লাগিব৷ কিন্তু শেষত দেখো সকলো প্ৰতিজ্ঞাই সদ্যপ্ৰসূতা নাৰীৰ প্ৰসৱ বেদনাৰ দৰে হৈ যায়৷ সন্তান জন্মৰ আগৰ বেদনা, সন্তান জন্মৰ পিছৰ সুখতে হেৰাই যায়৷ আকৌ আৰম্ভ হয় সহবাস, সঙ্গম, প্ৰজনন প্ৰভৃতি৷ বিমলেন্দুৱে অঙ্ক আৰু মই অৰ্থনীতি লৈ ইউনিভাৰচিটি সোমালোঁ৷

ইউনিভাৰচিটিৰ হোষ্টেলত প্ৰথম দিনা সন্ধ্যা দুমহলীয়া হোষ্টেলৰ ওপৰৰ চাদত ইঠি দোয়ো জালুকবাৰী চালোঁ৷ কিছু সময়ৰ পিছত বিমলেন্দুৱে সুধিলে—

:কেনে লাগিছে?

:একেই, কামাখ্যাৰ ওপৰৰ পৰা চালেও দেখা যায়ঃ মই কলোঁ৷

:মোৰ কিন্তু খুব বেলেগ লাগিছে৷ জালুকবাৰীৰ হাৱা-পানীও খুব বেলেগ বুলি শুনিছোঁ৷

কিন্তু পানীৰ বাবেই ইউনিভাৰচিটিত এটা গণ্ডগোল হ’ল৷ সেই গণ্ডগোলেই বিমলেন্দুক যেন আৰু দৃঢ়তক কৰি তুলিলে৷ পানীৰ বাবে অনশন, ভাইচেঞ্চেলৰ ঘেৰাও, শিলগুটি, গ্লাছ, শ্লেগান, ইউনিভাৰচিটিৰ কোৰ্ট এইবোৰে বিমলেন্দুক বিভ্ৰান্ত কৰিলে৷ হাতত মাইক্ৰফোন লৈ শ শ ল’ৰাৰ মাজত বিমলেন্দু থিয় হ’ল৷ মোৰ ভয় হ’ল বিমলেন্দুৰ অগ্নি বৰষা কথাই গোটেইখন যেন জ্বলাই দিব৷ কিন্তু সি দেখোন বেলেগ হৈ গ’ল৷ অকলেই যেন সকলোৰে বিপক্ষে প্ৰতিবাদ কৰি থিয় হ’লঃ এইবোৰ ভুল হৈছে৷ আমি চিৰাচৰিত নিয়মৰ পৰা তিলমানো বেলেগ হ’ব পৰা নাই কিয়? অলপ বেলেগ নতুন ধৰণেৰে— নতুন ধৰণেৰে—

হোষ্টেলৰ বন্ধ কোঠাত মোৰ লগত বিমলেন্দুৰ এখন তৰ্কযুদ্ধ হ’লঃ এইবোৰ কথাৰ কাৰণে৷ মই তাৰ যুক্তিত হাৰ মানিলোঁ৷ সি চিঞৰি কৈ উঠিল— বিৰানব্বৈ বছৰীয়া বৃদ্ধ ৰাছেলেও কি কৈছে জান? আজি কালি ষ্টুপিডিটিফ উলঙঘা কৰা সহজ নহয়৷ তথাপি Continue to spaek out. Be isolated, be frightened, but do not be silenced.

কেণ্টিনত: চাহ খাওঁতে বিনীতাৰ লগত সাক্ষাৎ হ’ল৷ বিনীতা বৰা৷ তেজপুৰৰ৷ ফিজিক্সক অনাৰ্চ লৈ পাছ কৰি আহি এম. এচ. চিত এড্‌মিচন্‌ লৈছে৷ সুগঢ়ী, টনা টনা উজ্বল এযুৰি চকু৷ সুদীৰ্ঘ সপিল গ্ৰীৰা৷ সুউন্নত মণ্ডলাকাৰ বুকু, দীঘল চুলি- এক কথাত প্ৰথম দৃষ্টিতেই মনত থাকি যোৱা চেহেৰাৰ এজনী ছোৱালী৷ চাহত ঢোক মাৰোঁতেই আমাৰ চকুৱে চকুৱে পৰিছিল৷  বিনীতাই হাঁহিছিল নেকি? বিমলেন্দুৱেও মোলৈ চাই হাঁহিলে৷ কাউণ্টাৰত পইচা দি উলাই আহোঁতে হঠাৎ বিনীতাই ক’লে—

সেইদিনা আপোনাৰ কথাখিনিহে প্ৰকৃত কথা আছিল৷ যদিও কোনেও ভাল নাপালে৷

নিশ্চিত হ’লো কথাখিনি বিমলেন্দুক কোৱা হৈছে৷ বিমলেন্দুৱে অকণো দ্বিধা নকৰাকৈ বিনীতাৰ চকুলৈ চাই শূণ্যতে তৰ্জনী আঙুলি জোকাৰি সুধিলে—

:আপোনাক

মোৰ নাম বিনীতা বৰা, তেজপুৰৰ৷

:মোৰ নাম...

:আগেয়েই জানো৷

:এয়া মোৰ বন্ধু হীৰেণ দুৱৰা৷

:নমস্কাৰ৷

:নমস্কাৰ৷

খুব বেচি কথা পতা নহ’ল৷ বিমলেন্দুৱে ক’লে, প্ৰথম চিনাকীতে বেছি কথা কোৱা ভাল নহয়৷

:ছোৱালীজনীৰ সম্বন্ধে তোৰ ধাৰণা?

:মই সুধিলোঁ

:নিৰ্ভীক, স্পষ্টবাদী— বিমলেন্দুৱে ক’লে৷

:ছোৱালীজনী কিন্তু ধুনীয়া— মই ক’লো৷

ধুনীয়া ধুনীয়া কথা-সাধাৰণ কথাৰ দৰে বিমলেন্দুৱে কৈ দিয়ে৷ তাৰ তকু অলপ বেয়া হৈছিল৷ দূৰৰ বস্তু খুব পৰিস্কাৰভাৱে দেখাত মস্কিল হৈছিল৷ বহুত দূৰৰ জাক-ছোৱালীৰ মাজত বিনীতা বৰা  নামৰ ছোৱালীজনী নাথাকিলেও সি দেখিছোঁ বুলি কয়৷ হঠাৎ লগ পালে বহুত প্ৰশ্নই ছোৱালীজনীয়ে সুধি দিব পাৰে৷ নিৰ্ভীকা ছোৱালী৷ ধুনীয়া ছোৱালীবোৰ নিৰ্ভীক হ’লে ভাল৷ প্ৰশ্নৰ শুদ্ধ আৰু হিচাবী উত্তৰ সি মনতে ঠিক কৰে. ৰাস্তাত ঘুৰি ফুৰোঁতে নিমাতে গ’লে— মোৰ ভাৱ হয় সি যেন কিছুমান প্ৰশ্নৰ উত্তৰ জুকিয়াব ধৰিছে৷ তেতিয়া ময়ো একো নকওঁ৷ প্ৰসঙ্গক্ৰমে শৰাইঘাট দলঙৰ  ওচৰৰপৰা আবেলি খোজ কাঢ়ি ঘুৰি অহাৰ পাচতো সি কয় দলঙৰ ফালে যোৱা হ’লে ভাল লাগিলহেঁতেন৷ চকু বিশেষজ্ঞৰ ওচৰলৈ নি তাক এযোৰ চচ্‌মা লৈ দিছোঁ৷ মায়’পিয়া হৈছিল৷

:হীৰেণ, কি হ’ল জান?

:কি হ’ল?

:বিতচকুৱে সদায় মানুহক ঠগে৷

বস্তুবোৰ ইমান ওচৰতে দেখিছোঁ— অথচ হাত মেলিলে ইমান দূৰ, ঢুকি নাপাওঁ কিয় বাৰু?

পাণ বজাৰৰ ইউনিভাৰচিটিৰ বাচষ্টপত ছোৱালীজাকৰ মাজৰ পৰা বিনীতা বৰা মোৰ ওচৰলৈ আগবাঢ়ি আহিল৷ কিতাপ কস্মেটিক্‌চেৰে ভৰা চেলোফিনৰ বেগ বুকুত হেঁচা দি৷

:দুৱৰা, আপোনাৰ বন্ধু ক’ত?

অলপ নিলগত বিমলেন্দুৱে লাইট প’ষ্টৰ তলত কিবা কাগজ এখন জুপি চাই আছিল৷

:শুনক আপোনালোক দুজনক একেলগে নেদেখিলে মোৰ ইমেজ নষ্ট হৈ যায়৷

:ইমেজ৷ মই সুধিলোঁ৷

:অঁ, ইমেজ, ৰাম-কৃষ্ণৰ, ৰাম-লক্ষ্মণৰ এটা ইমেজ নাই৷ যিটো চিৰন্তনঃ

মই সশব্দে হাঁহি দিলো৷ বিমলেন্দু ওচৰ চাপি আহিল৷ কথাৰ আঁত ধৰিবলৈ চেষ্টা কৰিলে৷

:জাৰ্ণালত আপোনাৰ প্ৰবন্ধটো পঢ়ি খুব ভাল লাগিল৷ পৃথিৱীৰ যুৱ- মানসৰ অস্থিৰতাখিনি আপুনি সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে৷ It is something different, it is straight forward, lucid and without a bias sentiment. বয়াচ?

:উঁ, বহুতৰ মতে আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা বাঁওপণ্ঠী৷ মই কিন্তু সেইটো নাভাবোঁ৷ প্ৰবন্ধটোৰ মাজত য়েভ্‌টু শ্বেঙ্কোৰ উদ্ধৃতি, আচলতে জানে এই নামটোৰ শুদ্ধ উচ্ছাৰণ কোনোবা ৰাছিয়ান মুখৰপৰা নুশুনা পৰ্যন্ত মোৰ উচ্ছাৰণ কাহানিও শুদ্ধ নহয়৷ অ’ কি কৈছিলো যেভ্‌টু শ্বেঙ্কোৰ উদ্ধৃতি পাই মোৰ ধাৰণা পৰিষ্কাৰ হৈছে৷ জানে কবিতাটো মোৰ ভীষণ ভাল লাগিছে, ইংৰাজী ভাঙনী সুন্দৰ, মুখস্থ কৰি পেলাইছোঁ—

‘Mother, lot me cogratulate you on the birthday of your son. You worry so much about him. I should congratulate you if I may mother on your worry birthday. It was form you that he inherited devotion without pity to this faith from you he took his faith, The Revoloution.

ৰিভলিউচন, আৰ্‌ দি কেপিটেল আৰ্‌, নহয়?’

বিমলেন্দুৱে চচ্‌মাৰ নালেৰে কপালত মৃদুভাৱে টুকুৰিয়াইছে৷ মই ভাল পোৱা নাই— বাচ ষ্টপত ইমান গভীৰ আলোচনা৷ ভাল লাগিলহেঁতেন এইবোৰত অন্য ছোৱালীৰ মন্তব্য কেনে সেইবোৰ শুনি, ততোধিক ভাল লাগিলহেঁতেন বাচ নহালৈকে এই ধুনীয়া ছোৱালীজনীক আগত লৈ বহি কোনোবা হোটেলত একাপ চাহ খাবলৈ৷ সন্দেহ নাই ছোৱালীজনীয়েও সম্ভৱ পঢ়া-শুনা কৰে৷ বাছত আহোঁতে বিমলেন্দুৱে একো কথা কোৱা নাই৷ সম্ভৱ মনতে অসংখ্য প্ৰশ্নৰ শুদ্ধ আৰু সংক্ষেপ উত্তৰ ঠিক কৰিছে৷

ইউনিভাৰচিটি সপ্তাহ হৈ যোৱাৰ পাচৰ পৰা বিনীতা আমাৰ আৰু ওচৰ চাপি আহিল৷ বৰুৱা ছাৰৰ ট্ৰেকৰ হিচাব, শইকীয়া ছাৰৰ গেটৰ ডিজাইন, নাটক, কবিতা আবৃত্তি সকলোবোৰতে নেৰা-নেপেৰাকৈ আমি লাগি গৈছিলোঁ৷ বিমলেন্দুৱে সুন্দৰ কবিতা আবৃত্তি কৰিব পাৰে— সেই কাৰণেই বোধহয় বক্তৃতাও দিয়ে ইমান ভাল৷ বিনীতাৰ কবিতা আবৃত্তিও সুন্দৰ৷ সুশ্ৰ্যাব্য গলা, উচ্ছাৰিত পৰিষ্কাৰ প্ৰতিটো শব্দই প্ৰচ্চন্ন মহিমাৰে নভোমণ্ডলত যেন সৰু সৰু ঢৌ তুলি যায়৷ সুন্দৰ তীক্ষ্ণ দুচকুৰ ভাষা যেন আৰু সুন্দৰ হৈ সুন্দৰ মুখখনিৰ পৰা ওলাই আহে৷ আমি মুগ্ধ হ’লো৷ সকলো মুগ্ধ হৈছিল নিশ্চয়৷ তাপ পিচত এদিন অসম্ভৱ ধৰণে কিবা এটা হৈ গ’ল৷ আমি আচৰিত ভাৱে মুক্ত হ’লো— হাঁহিলোঃ

:আপুনি দুৱৰা—

:আপুনি গোঁহাই—

:আপুনি বৰা—

:বিমলেন্দু—

:হীৰেণ—

:বিনীতা—

:আ-পুনি, তুমি—

:তুমি- বিমল—

:তুমি হীৰেণ—

:তুমি, বিনীতা, বিনু—

:তুমি—

:তোমালোক—

হাঃ হাঃ হাঃ হাঃ৷

হাঁহি হাঁহি আমি হয়তো কান্দি গৈছিলোঁ৷ বিনীতাই অনাটকীয়ভাৱে উপক্ৰমণিকাৰ সহায় নোলোৱাকৈ নিতান্ত সহজভাৱে সেইদিনা ক’লে—জানা হীৰেন, মই বিমলক ভাল পাওঁ— ভাল পাইছো৷ বিমল কেইদিনমানৰ বাবে ইউনিভাৰচিটিত নাছিল৷ মই  ঠিকনা দি যাবলৈ কোৱা স্বত্তেও সি ঠিকনা দি নগ’ল৷ ইউনিভাৰচিটিত নাথাকিলে তাৰ হেনো কোনো নিৰ্দিষ্ট ঠিকনা থাকিব নোৱাৰে৷ বিনীতাই প্ৰায়ে তাৰ খবৰ কৰি আছে৷ মাজতে তাৰিখ নথকা এখন চিঠি দিছিল৷ ষ্টাম্প ডিব্ৰুগড়ৰ৷ মাত্ৰ কেইটামান লাইন— ‘মানুহবোৰে বা ল’ৰাবোৰে আমি কথাবোৰ কওঁতে বুজি পোৱা যেন লাগেঃ কাৰণ সকলোৰে মুখত  প্ৰচ্চন্ন প্ৰসাৰ যুক্তিৰ ভাৱ ফুটি উঠে৷ কিন্তু পাচত মোৰ ভাৱ হয় কোনেও একো বুজি পোৱা নাই৷ কাৰণ ঘৰলৈ উলটি যোৱাৰ সময়ত সকলো মানুহে শৰীৰৰ পৰা বোজা এটা খহাই পেলোৱাৰ পাচত পাতল হোৱাৰ দৰে পাতল হৈ হাঁহি মাতি গুচি যায়৷ কিন্তু মই বিচাৰিছিলো এইবোৰ বেদনাৰে সকলো গভীৰ হওঁক, গধুৰ হওঁক— ধুমুহাৰ আগতে যেনেকৈ কোনোবা দিশৰ পৰা বতৰ গোমা হৈ আহে— উৰি আহে কাদম্বিনী৷ মই গৈছোঁ৷ বিনুক কবি৷ ক’ব নোৱাৰাকৈয়ে মই ফুল-ফ্লেছেড্‌ কিবা এটা হয়তো হ’ব ধৰিছোঁ ।

বিনীতাই বিমলক ভাল পাইছে৷ মোৰ নিজৰ কোনো ধৰাবন্ধা উলিউচ্‌ন নাছিল৷ বিনীতা খুব ভাল ছোৱালী৷ বিমলৰ চিঠিখন বিনীতাক পঢ়ি শুনাইছোঁ৷ আবেলিৰ বতাহে ওপেন-এয়াৰ থিয়েটাৰৰ কাষৰ কৃষ্ণচুড়াৰ সৰাপাত আমাৰ গাত পেলাইছে৷ বিনীতাই কৈছে— ‘‘মালৈ চিঠি দিছোঁ৷ পঢ়া শুনা কৰিবলৈ এএকবাৰে মন নোযোৱা হৈছে৷ হয়তো দ্ৰপ্‌ দিম৷ উকীল ককাইদেৱে বেঙ্গলী ছোৱালী এজনী চিভিল মেৰেজ্‌ কৰাই— ঘৰৰ পৰা বেলেগ হৈ আঁতৰি আছে৷ পৃথিৱীত এএকাৰে ঠিক নাই৷ প্ৰিঞ্চিপ্‌ল  অৱ আনচাৰ্টেনিটি বুজিবলৈ যাওঁতে মনে মনে হাঁহিছো ৷ অথচ কিবা এটা দৃঢ়ভাৱে ধৰি থকাত আনন্দ আছে৷

বিমল ঘুৰি অহাৰ পাচত সকলো কথা তাক কৈছোঁ৷ প্ৰফেচাৰ মেধিয়ে বিমলক ধমকৰ সুৰত কৈছে :এইবোৰত ঘুৰি ফুৰি কি লাভ? ভালদৰে পঢ়া, ভাল ৰিজাল্ট কৰা, তোমাৰতো লাভ হ’বই— আমাৰো গৌৰৱ বাঢ়িব৷ প্ৰিভিয়াচ পৰীক্ষাত তুমি ভাল নম্বৰ পাই আছা৷ গতিকে তোমাৰপৰা আমি বহুত আশা কৰিছোঁ৷ ভালদৰে পঢ়া-শুনা কৰাটোহে তোমাৰ কাম৷ তুমি কৰি ফুৰাৰ দৰে কামবোৰ আমাৰ দৰে মধ্যবৃত্ত ঘৰৰ ল’ৰাৰ কাম নহয়৷ অৰ্থনৈতিক বিপ্লৱেই বোলা, ৰাজনৈতিক বিপ্লৱেই বোলা থিওৰিটিকেলি যিমান সম্ভৱ প্ৰেক্টিকেলি নহয়— বিশেষকৈ আমাৰ দেশত— যিখন দেশৰ একো জাতীয় চৰিত্ৰই নাই৷ অৱশ্যে প্ৰগতিত মোৰো দৃঢ় বিশ্বাস আছে৷ মেধি চাৰে ৰাস্তাতেই সৰু-সুৰা বক্তৃতা এটা দিলে৷ কথা-পাতি যাওঁতে ৰাস্তাত মই অনুমান কৰিছোঁ বিমলৰ প্ৰতিটো পদধ্বনিত প্ৰতিবাদৰ সুৰ আছে৷ বিমলে একো নকৈ গোম হৈ আছে৷ কোঠালৈ আহি সি বিছনাত হাত দুখন শিতানত লৈ ওপৰলৈ মুখ কৰি পৰি দিলে৷ মই মোৰ পোচাক বদলাই ল’লো৷


চকীদাৰে বিমলক কৈ গ’লহি— তাৰ ফোন আহিছে বুলি, দোয়ো আহিলোঁ৷ বিমলেন্দু ঘোষে হাতৰ ফোন বিমলৰ হাতলৈ দি ক’লে —দুঃখিত, মোৰ ফোন আহিছে বুলি ভাবিছিলোঁ—ঘৰৰ পৰা কেতিয়াবা মায়ে ফোন কৰেতো৷ মিচিকিয়া হাঁহিটো মাৰি পেং দুডালত ভৰ দি বিমলেন্দু ঘোষ হোষ্টেলৰ ফোন থকা কোঠাৰ পৰা ওলাই গ’ল৷

:হু, মই কৈছোঁ, কোৱা—

:আছে এজন বিমলেন্দু ঘোষ—

:ভদ্ৰলোক খোৰা ৷

: পাহৰিছোঁ? কোনে ক’লে? একেবাৰে মিছা কথা৷

:কামাখ্যালৈ?  আমি তিনিও?

:যাম দিয়া৷

বিনীতাই ধুনীয়াকৈ পাতৰ সাজ এযোৰ পিন্ধিছে— পাতল মাখন ৰঙৰ৷ পাতৰ কাপোৰ পিন্ধিলে ছোৱালীবোৰক মোৰ কন্যা কন্যা যেন লাগে৷ মোৰ কথাত তিনিও ভালকৈ হাঁহি লৈছোঁ৷

:আচ্চা, কালি যে ফোন ধৰিছিল বিমলেন্দু...

:চিলঙৰ৷ বাপেকে ভাল চাকৰি কৰে—বিমলে ক’লে৷ সোঁ-ভৰিটো ভাল নহয়৷ সেই যে পেং দুডাল লৈ তাতে ভৰ দি ফুৰে সেইজনেই৷ মই বিমলেন্দু গোঁহাই আৰু সি বিমলেন্দু ঘোষ, একেই ইনচিয়েল৷

 ঃভদ্ৰলোকে কেণ্টিনত সোমাই প্লেট ভৰ্তি ৰসগোল্লা আৰু আলুৰ চপ্‌ খোৱাটো কিন্তু বেছ চাবলগীয়া—মই ক’লো৷

:বেয়া লাগে নহয়? বিনীতাই কেছে৷

  :মই কিন্তু প্ৰথম দিনা তাৰ লগত চিনাকী হৈয়েই মুগ্ধ হ’লো— বিমলে কৈ চিগাৰেট এটা জ্বলাই ল’লে৷ মই তই বুলি মাতো৷ দুয়োটাৰে নাম এএক হোৱাৰ বাবে বেছি ঘনিষ্ঠতালৈ আহিব পাৰিলোঁ৷ হোষ্টেলৰ গ্ৰাউণ্ড ফ্লোৰৰমুখতে পোৱা কোঠাটোৱেই তাৰ৷ হোষ্টেল, ক্নে্‌টন, লাইব্ৰেৰী আৰু ক্লাছৰ বাহিৰে আন একোৰে লগত তাৰ সম্বন্ধ নাই৷ অৱশ্যে পঢ়ে প্ৰচুৰ৷ মই সুধিছিলোঁ—

:আপোনাৰ বিষয়?

 :বাংলা সাহিত্য আৰু আইন৷ আচলতে কি জানে গোঁহাই—ইচ্চা কৰিলে যি কোনো বিষয়তেই আপুনি পঢ়িব পাৰে— ই’কনমিকচ্‌, হিষ্টৰী, ইংলিচ, ফিল’চ’ফী৷ আৰু ৰিজাল্ট? মুখস্থ কৰক — বচ৷ মই ইউনিভাৰচিটিৰ গ্ৰাউণ্ড ফ্লোৰৰ বাচি ল’লো৷ কাৰণটো জানেই৷ ওপৰলৈটো কাহানিও উঠিব নোৱাৰোঁ৷ লিফট্‌? ঃলিফ্‌টৰ কথা কৈছে? শুনক লিফট্‌ থকা হ’লেও মই ওপৰৰ ৰূম নল’লোহেঁতেন৷ কাৰণ মোৰ অহৰহ কি ভাৱ এটা আহি থাকে জানে? ধৰক ওপৰলৈ লিফট্‌ত গৈ আছোঁ— গৈ আছোঁ, হঠাৎ ইলেক্টিচিটি  ফেইল হৈ লিফট্‌ মাজ বাটতে ৰৈ গ’ল৷ ধৰক ঘণ্টটাৰ পাচত ঘণ্টা, দিনৰ পিচত দিন ধৰি ইলেক্টিচিটি ফেইল হৈয়েই থাকিল৷ তেতিয়া? বিমলেন্দু ঘোষৰ কিন্তু পঙ্গু হোৱাৰ বাবে অকণো আক্ষেপ নাই৷ পঙ্গু বুলি কোনোবাই মৰম কৰাটোও সি সহ্য নকৰে৷ মনৰ গতিৰে তুমি য’তে ত’তে যাব পাৰা৷

:কামাখ্যাৰ এই শিলৰ খট্‌খটিত বিমলেন্দু ঘোষ— ভাবি চোৱা বিনু, মই ক’লো৷

বিনীতাই ভাগৰ লাগিছে বুলি এটা শিলত বহি দিব খুজিছিল— বিমলে হাত ধৰি দাঙি দিলে৷ বিনীতাই উফ্‌ বুলি গোটেই গাত এৰি দিলে৷ মই ইতিমধ্যেই বহুত ওপৰলৈ আগবাঢ়ি আহিলোঁ৷ গুলঞ্চ ফুল বৰষুণৰ দৰে সৰি পৰিছিল৷ আমি আহি কামাখ্যাৰ সমান অংশ পালোঁহি৷ গুলঞ্চ ফুল এপাহ বেণীত গুঁজি লৈ বিনীতা কিছু সময় ৰ’ল৷ মন্দিৰৰ ভিতৰ সোমোৱাৰ কথা আছিল৷ বিমলৰ আপত্তিঃকোনো মন্দিৰলৈ নাযাওঁ, আজি কেৱল পাহাৰ আৰু পাহাৰ বগাম৷

ভূবনেশ্বৰীৰ প্ৰকাণ্ড শিলটোত আমি বহিলোঁহি৷ গুৱাহাটীত কুঁৱলীৰ আভাস৷ ব্ৰহ্মপুত্ৰ যেন স্থৱিৰ৷ বিমলে জেপৰ পৰা এখন চিঠি উলিয়ালে৷

:বিনু, আইৰ এখন চিঠি শুনিবা?

:তোমাৰ?

:শুনা, স্নেহেৰ বাপা, তোমাৰ শৰীৰ কেমন আছে? পৰীক্ষাৰ আগেৰ দিন ৰাত জেগে পঢ়বেন আশা কৰি৷ পাৰলে দুলাইন লিখে চিঠি দিও৷ তোমাৰ জন্য সৰ্বদাই চিন্তিত আছি৷ গৌহাটি বোধহয় খুব গৰম পৰেছে৷ এখানে বেশ গৰম যদিও ৰোজই বৃষ্টি বৃষ্টি হচ্চে৷  বাবুলেৰ চিঠি নিয়মতেই পাচ্চি৷ ভাল আছে৷ লিখেছে  গৰম অসম্ভৱ সেখানে৷ তুমি আমাৰ স্নেহাশীষ নিও৷ এখানে সব ভাল আছে৷ ইতি—মা৷—বিমলেন্দুৰ মাকৰ চিঠি৷ মোৰ আয়েতো লিখা- পঢ়া নাজানে৷ ভুলক্ৰমে বিমলেন্দুৰ মাকৰ পৰা অহা প্ৰায়বোৰ কাৰ্ড পঢ়ি পেলাওঁ৷ এইখন জেপতে থাকিল৷

বিনীতা কিবা এটা চিন্তাত মগ্ন হৈ আছে৷ নিৰ্জনতাত আহি একো কথা পতা হোৱাা নাই৷ মই অলপ আঁতৰলৈ আহিছোঁ, গুৱাহাটীত কুঁৱলীৰ আভাস, তলত চলন্ত গাড়ী৷ মানুহবোৰ পৰুৱা পৰুৱা যেন লাগিছে৷ বেছি ওপৰলৈ গৈ থাকিলেই তলৰ বস্তুবোৰ এনে দেখায়৷ শিল এটা ইয়াৰ পৰা বগৰাই দিলে তলৰ পৰুৱাবোৰৰ বাৰু কি অৱস্থা হ’ব৷ পৰ্বতৰ ওপৰৰ এই নিৰ্জনতাত চিঞৰি চিঞৰি কথা কোৱাৰ বাহিৰে একো কৰিব নোৱাৰি৷ ইয়াত চিঞৰিলে প্ৰতিধ্বনিও নুঠে৷ ঘুব বেচি এজনী ধুনীয়া ছোৱালী কাষত থাকিলে ইয়াত প্ৰেম কৰিব পাৰি৷ বিনীতাই কৈছে বহুত ছোৱালীয়ে মোৰ প্ৰেমত পৰিবৰ ইচ্চা কৰে৷

 হাঁহি উঠে৷ মোক মাত্ৰ এজনী ছোৱালী লাগে৷ ধুৰ, এইদৰে অকলে কথা-পাতি মই পাগল হৈ যাম৷ নাই৷

বিমলে ওপৰলৈ মুখ কৰি শিলটোত পৰি আছে৷ বিনীতাই বহি লৈ গুৱাহাটী চাইছে৷ হয়চো ইমান সময় সিহণত দোয়োৰে মাজত একো কথাই নহ’লঃহয়তো ইতিমধ্যে সিহঁতৰ মাজত বহুত কথাই হৈ গ’ল৷ মই একো নুশুনিলোঁ৷ নুশুনিলো এচা হাঁহিৰ খলকনি অথবা বেদনাৰ শব্দ৷ ওচৰলৈ আহি শুনিছোঁ দুয়ো মুখেৰে কিবা বিৰ্‌ বিৰ্‌ কৰি আছে৷ আৰু ওচৰত স্পষ্ট হ’ল— বিমলৰ গভীৰ কণ্ঠস্বৰঃ

‘Mother,You worry so much about him. Here he lics his getting thin, he has not ahaved. Oh, what a miserable loving gaze ! I should congratulate  you if I may mother on your worry's birthday_’

কামাখ্যা পাহাৰৰ সিকাষে বেলিটো লুকাব ধৰিছে৷ বিনীতাৰ অলকাবোৰ পৰিব ধৰা বেলিৰ ৰঢেৰে উজ্বল হৈ পৰিছে৷ খহি পৰা আঁচলেৰে উন্নত বুকু ঢাকি লৈছে৷ বিনীতাৰ সকলো মই পৰিষ্কাৰকৈ দেখিছোঁ৷ বিনীতা মোৰ ইমান ওচৰত— অথচ ইমান দূৰ হৈ গ’ল৷ বিমলেন্দু মোৰ বন্ধু৷

ইউনিভাৰচিটিৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ ইউনিয়নৰ ইলেক্‌চনত ৰীতিমতে পলিচিক্স সোমাই গ’ল৷ বিমলে ক’লে— চৰকাৰৰ শাসনাধিষ্ঠ দলেও আজি কালি ইলেকচ্‌নত ভূমিকা ল’ব৷ ইয়াৰ আগতে ইউনিভাৰচিটিৰ শাসন সমন্ধীয় ভিতৰুৱা গোলমালৰ বিৰুদ্ধে ছাত্ৰসকলে কৰা এখন প্ৰতিবাদ সভাত বিমলে ছাত্ৰসকলৰ আগত এই কথা উনুকিয়াইছল৷ ছাত্ৰসকলৰ মাজত মৃদু গুঞ্জন উঠিছিল৷ শুনিলো তাঁৰ ওপৰত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে৷ ‘প্ৰতিটো কথা যুক্তি আৰু মীমাংসাৰে জানিবলৈ যোৱাৰ বাবেই সি বহুতৰ অপ্ৰিয়৷ কিন্তু উপায় নাই৷ মই নিমাত কিয় হ’ম? মই ফাঁকি ফুকা ভাল নাপাওঁ৷— কোঠাৰ ভিতৰত সভাৰ পৰা ঘুৰি আহি মোকো নিমাতে থাকিবলৈ নিদিয়ে৷ মই কিন্তু যুক্তি তৰ্কৰ বাহিৰত হাততে যি পাওঁ সেইটো লৈ যোৱাৰ পক্ষপাতী৷

পৰীক্ষাৰ ওচৰ চপাত বৰ বেছি ফুৰা-মেলা বন্ধ কৰিছোঁ৷ মোৰ পঢ়া এতিয়াও বহুত বাকী৷ বিমলে বহু আগতেই কোৱা কিছুমান এতিয়াহে কিতাপত পাইছোঁ৷ ৰাতি এদিন বিমলে দেৰীকৈ কোঠালৈ আহি কলেহি— ‘‘বিনীতাই ড্ৰপ দিয়াৰ ঠিক কৰিছে৷ তাই ডিপাৰ্টমেণ্টৰ চৌধুৰী, দাস চাৰহঁতক কৈছে৷ এইটো সিদ্ধান্তলৈ আহি তাইৰ অলপ মুকলি যেন লাগিছে৷ আজি বহুত ঘুৰিলোঁ— জু, কাছাৰী ঘাট, হোটেল— বহুত৷ দুই এদিনতে বিনু যাবগৈ৷ পৰীক্ষাৰ শুভেচ্চা দিবলৈ কাইলৈ ইয়ালৈ আহিব৷ মোৰ কিন্তু সমূলি ভাল লগা নাই৷’’

ভাল লগা  বা ভাল নলগা এইবোৰ কথা সম্পূৰ্ণ মনৰ ওপৰত নিৰ্ভৰ কৰে৷ ডিগবৈত চাকৰি পায় ভাবিছিলোঁ খুব ভাল নালাগিব কিজানি৷  কিন্তু এতিয়া ভাল লাগি গৈছে৷ ডিগবৈত দৈনন্দিন জীৱনৰ লগত খাপ খায় যাবলৈ বেছি দিন নালাগিল৷ আবেলি অফিচৰ পিচত কেইচেটমান টেনিচ, বিলিয়াৰ্ড আধাঘণ্টা, বা গ’লফ্‌ কোৰ্টলৈ গাড়ী দৌৰোৱা বা দুই এটা চ’চিয়েল ভিজিট্‌ প্ৰায় নিত্যাচাৰৰ দৰেই হৈ পৰিছে৷ বহুতে সন্দেহ কৰে মই এই চাকৰি পোৱাৰ গুৰিতে মোৰ দেউতা আৰু মোৰ সমন্ধীয় এজনী মাহীৰ বেক আছে৷ মানুহৰ সন্দেহ একেবাৰে দলিয়াই দিব লগা নহয়৷  ডিগবৈৰ তেল কোম্পানীৰ লেবাৰ ডিপাৰ্টমেণ্টৰ মোটা দৰমহা চাকৰি৷ মলীয়াবাৰীৰ ওখ টিলাৰ ওপৰত ধুনীয়া বঙলা৷ সন্মুখত ফুলৰ বাগান৷ ৰান্ধনী, মালী, কো-অপাৰেটিভৰ ৰেচন, বাথৰূম, টাৱেল-টিপটেৰে সমৃদ্ধ হৈছোঁ আৰম্ভণিতেই৷ তিনি মাহৰ পাচতেই গাড়ী লৈছোঁ৷ অৱশ্যে দেউতাৰ ইন্ধন ইয়াত আছে৷ ৰিজাল্টৰ কিছু দিনৰ পাচতেই ইয়াত চাকৰিচো পাই গ’লো৷ পৰীক্ষা অসম্ভৱ ভাল হৈ গৈছিল৷ আৰু অলপ আগৰে পৰা জোৰ দি পঢ়া হ’লে হয়তো ফাষ্টৰ্ ক্লাছটোও ল’ব পাৰিলোঁহেঁতেন৷ বিমলে ফাষ্টৰ্ ক্লাছতো পালে৷ চাকৰি এতিয়াও পোৱা নাই৷ কথা আছিল পাছ কৰাৰ পিচত যিয়েই আগত চাকৰি পাব সি আনটোক চাকৰি নোপোৱা পৰ্য্যন্ত খুৱাব লাগিব৷ ৰিজাল্ট আৰু অলপ ভাল হোৱা হ’লে বিমলৰ ইউনিভাৰচিটিতে চাকৰি পোৱাৰ কথা আছিল৷ অথবা ৰিচাৰ্চ ফেল’শ্চিপ এটাও পালেহেঁতেন৷ বিমলৰ মতে অঙ্কৰ সত্যতা বিচাৰি উলিওৱাত আনন্দ আছে৷ তুমি চাকৰি নাপাব পাৰা, অথবা তোমাক ভাল ডিগ্ৰীও নিদিব পাৰে৷, তথাৰি তুমি গৈ থাকা, দেখিবা অঙ্কৰ মাজত এটা এটাকৈ নতুন সত্য ওলাই গৈ আছে— সি দুইয়ে দুইয়ে চাৰি হোৱাৰ দৰে৷ 

যোৱা প্ৰায় ছমাহে বিমলৰ ঠিকনা বিচাৰি মই হায়ৰাণ হৈছোঁ৷ মোৰ এতিয়াৰ অৱস্থাৰে তাক এবছৰ কিয় বছৰ বছৰ চাকৰি নাপালেও  খুৱাই থাকিব পাৰোঁ৷ লেবাৰৰ বোনাচ, অ’ভাৰ টাইম, ইউনিয়ন এইবিলাকত অসম্ভৱ ব্যতিব্যস্ত হ’ব লগা হয়৷  লেবাৰ ট্ৰাব্‌ল  পৃথিৱীত কেতিয়াও শেষ নহ’ব এনে লাগে৷ বিমল বিনুলৈ প্ৰায়ে মনত পৰি থাকে৷ এদিন আবেলি অফিচৰ পৰা আহিয়েই গম পালো-বিমল আহিছে৷ মালীটোৱে ক’লে-তিনিঘণ্টামানৰ আগতে পালেহি৷ আপোনাক অফিচতে ফোন কৰি জনাম বুলি ভাবিছিলোঁ— কিন্তু মানুহজনে হাক দিলে৷ ভিতৰলৈ সোমাই আহি দেখিলোঁ মোৰ বিছনাত সি দুৰ্ঘোৰ টোপনিত৷ 

:বিমল, অই বিমল— উঠনা—

বিমলৰ গাত ধৰি জোকাৰি দিলোঁ৷ সি উঠি বহিল৷ দীঘল চুলি, মুখত বহুত দিনৰ নুখুৰোৱা ডাঢ়ি, গাঁত কামিজ, গাৰুৰ কাষৰ পৰা চছমাযোৰ লৈ ধুতীখনৰ আগেৰে লেঞ্চ মোহাৰি মোলৈ চাই মিচিকিয়া হাঁহি মাৰিলে৷ তাৰ সুগঢ়ী মুখখন কোম-মসৃণ, বৈ পৰা ডাঢ়িৰে মায়াময় হৈ পৰিছে৷ তৎক্ষণাত মোৰ মনতো এটা ইমেজ্‌ ভাহি আহিছে— সেয়া ক’ৰবাৰ কেলেণ্ডাৰৰ ছবি, অথবা কাৰোবাৰ ঘৰৰ ড্ৰইং ৰূমৰ পেইিণ্টিং, ৰামকৃষ্ণ পৰমহংসৰ অথবা যীচুখৃষ্টৰ অথবা ওমৰ৷ চকু তাৰ এতিয়াও উজ্বল, তীক্ষ্ণ, প্ৰকৃতপক্ষে মই এতিয়াও তাৰ চকুলৈ চাব পৰা নাই৷

:তইটো এখন চিঠি দিও মোক জনাব পাৰিলিহেঁতেন যে আজি তই আহিবি৷

:পাৰিলোঁহেঁতেন৷ নিদিলোঁ৷

:কিয়?

:তোক এটা চঁক্‌ দিম বুলি ভাবিলোঁ৷ লাভ নহ’ল৷ তোৰ মালী আৰু ৰান্ধনীয়েহে চঁক্‌ খালে৷ চি, আই, ডিৰ মানুহ বুলি৷

:কিবা খালিতো?

:খালোঁ৷

:তোক যীচুখৃষ্টৰ দৰে লাগিছে, মনতে ভাবি থকা কথা এষাৰ খপ্‌কৰে মোৰ মুখৰপৰা ওলাই আহিল৷ 

:সচা?

টেলিগ্ৰাফিক ঢঙত কথা কোৱাটো তাৰ এতিয়াও যোৱা নাই৷ অথচ বক্তৃতা মঞ্চত তাৰ কথা হয় অবিৰত, দৃপ্ত কণ্ঠৰ৷ তাৰ অশান্তি সত্ত্বেও জোৰ কৰি নি চেলুনত ডাঢ়ি কটাইছোঁ৷ দোকানৰ পৰা নতুন পেণ্ট-চোলা অনাইছোঁ৷ আগেয়ে দুয়ো ইটোৱে সিটোৰ কাপোৰ কানি পিন্ধিছিলোঁ৷ মই শকত হৈছোঁ—এবছৰৰ আগৰ পেণ্ট চোলা পেলাই দিব লগা হৈছে৷ সি কিন্তু একেদৰেই আছে, বৰঞ্চ অলপ খিলাইছে বুলি ক’ব পাৰি৷ গধূলি আৰু সেইদিনা কেনিও নগ’লো৷ মোৰ চেল্‌ফৰ কিতাপবোৰ, ৰেডিঅ’গ্ৰাম, এল-বাম্‌ সকলো সি ভালকৈ চালে৷ বহুত দিনৰ মুৰত আমি দুয়ো নিবিড়ভাৱে লগ হৈছোঁ৷ বহুত কথা পাতিব লগা আছে—

:ক, বিনুৰ খবৰ ক—

:ভালে আছে৷ সম্ভৱ এতিয়া ইউনিভাৰচিটিতে আছেহি৷ প্ৰেক্টিকেল কৰিবৰ বাবে৷ পৰীক্ষালৈ বেছি দিন নাই৷

:তেজপুৰলৈ গৈছিলি?

:গৈছিলো৷ বিনু এএকবাৰে ভাগি পৰিছিল৷ মই খুব বুজাইছোঁ৷ পৰীক্ষা দিবই লাগিব আৰু জিাল্ট ভাল কৰিবই লাগিব৷ কণা এটাই আন এটা কণামানুহক বাট দেখুওৱাৰ নিছিনা শুনাইছে নহয়?

:কিয় হ’ব?

:উকীল ককায়েকক বাপেকে এতিয়াও লগলৈ আহিবলৈ দিয়া নাই৷ তিনি দিন আছিলোঁ তাত৷ পদুম পাৰ্কত আবেলি ফুৰা, অগ্নিগড়ত নিৰ্জনতা বিচাৰি যোৱাৰ বাহিৰে বিশেষ  একো কৰা নহ’ল৷ বিনুলে নিৰ্জনতা ভাল পোৱা হৈছে৷ তাতো ৰাজপথত পুলিচে গুলি চলায়৷ বিষ্ণু ৰাভাও নিমাত৷ ফণী শৰ্মাও নিমাত৷

টেবুলত ৰাতিৰ আহাৰ সাজু হৈছে৷ ভাত খোৱাৰ আগেয়ে মই সদায় এক পেগ্‌ খায় লওঁ৷ আজি নাখাওঁ৷ কাইলৈ খালেও বিমলৰ অনুমতি লৈ খাম৷ প্লেটভৰ্তি পিয়াঁজ বিমলৰ সন্মুখত ৰাখিছোঁ৷ সি পিয়াঁজ ভাল পায়৷ স্বাস্থ্যৰ বাবে ভাল৷

:ঘৰলৈ গৈছিলি?

:গৈছিলোঁ৷ এতিয়াও বোধহয় গাঁওবোৰ বান পানীত তল গৈয়েই আছে৷ মানুহবোৰ নিশকতীয়া হ’ল৷ ব্ৰহ্মপুত্ৰৰ মথাউৰি ৰাখিবৰ বাবে তাত ডিপাৰ্টমেণ্ট যিমানবোৰ গানি-বেগ পেলালে৷ কলিকতাৰ ফেক্টৰীত বোলে সিমান তৈয়াৰেই কৰা নাই৷ মানুহেতো এইদৰেই কয়৷ অথচ মথাউৰি নৰ’ল৷

:গান শুনিবি?

:নুশুনো৷

:তোৰ যে সেই গানটো, জানো জানো জানোঃৰেডিঅ’ৰ পৰা টেপ্‌ কৰি থৈছোঁ৷ ভঙা গলাৰে বীৰেণ দত্তই গায়৷

:সেইটো গান শুনাতকৈ নিজে গায়হে ভাল লাগে৷ মুকলি মুকলি লাগে৷

:আৰু ইমান দিন তোৰ খবৰ নাই৷ অ’হ দুবাৰ মান বাতৰিত তোৰ নাম কোনোবা মিটিঙত ক’ত জানো, কৃষক সভা নে কি তাত বক্তৃতা দিয়া বুলি পাইছোঁ৷

:বঙাইগাঁওত, সেই যে নবীন বৰুৱা৷ শ্লোগানৰ ওস্তাদ৷, তাক লগ পালোঁ৷ বি, ডি,ও মুৰ্গী মাৰি ভাত খুৱালে৷ নাৰায়ণপুৰত নীলাধৰ ভূঞাক লগ পালোঁ৷ ভেন্‌চাৰ স্কুল এখন খুলি হেডমাষ্টৰ হৈ আছে৷ ল’ৰা-ছোৱালী ডেৰ শ , বৰ এটা, ফিল্ডত বড়ো খেতি কৰাইছে৷ ভাল লাগিল তাক৷ তাৰ সেই কথাষাৰ— ‘শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰচলিত ধৰা বন্ধা নীতি-নিয়মবোৰত সন্দেহ ৰাখি প্ৰশ্ন কৰিবৰ বাবে ডেকা দলক উৎসাহ দিয়াঃমোৰ এতিয়াও কাণত বাজি থাকে৷ বিপ্লৱ হাজৰিকাই নগাঁৱত বাৰতো জইন্‌ কৰিলে৷

—তোৰ নিজৰ পঢ়াৰ খবৰ কি?

—ভাল, গাঁওবোৰত ঘুৰিছোঁ, সৰু সৰু গোটবোৰ প্ৰথমে দৃঢ় কৰি ল’ব লাগিব৷

—তই আৰু কিমানদিন এইদৰে ঘুৰিবি?

—যেতিয়ালৈকে ফুৰিব পৰা হৈ থাকোঁ৷

—তই ভীষণ অনিয়মীয়া হৈ গৈছ৷

–সেইটোৱেই ভাল লাগে মোৰ৷

—লিখা-পঢ়া তোৰ?

–মোৰ লিখা হয়তো কোনেও নুলিয়াই৷ যোৰহাতত মালিক ছাৰক লগ পাব খুজিছিলোঁ৷ তেখেত হেনো নতুন উপন্যাস লিখাত ব্যস্ত৷ বীৰেণ ভট্টাচাৰ্য কিন্তু নিমাতে থকা নাই— সেইটোৱেই ভাল কথা হৈছে৷

পিচদিনা অফিচলৈ যোৱাৰ আগেয়ে আবেলিৰ প্ৰ’গাম ঠিক কৰিছোঁ৷ গাড়ীৰে গোটেই ডিগবৈ ফুৰিমঃমাৰ্ঘেৰিটা পৰ্য্যন্ত৷ বিমলৰ ইচ্চা বাগানবোৰ চোৱাৰ৷ ডুমডুমাৰ ফালেও যাব লাগিব৷ দুজনমান বন্ধু এচিষ্টেণ্ট মেনেজাৰে বহুত দিনৰ পৰা মাতি আছে৷ সিহঁতে ভাল পেইণ্ট কৰিবলৈও শিকিছে৷ তাৰ পাচত দুই এটা চ’চিয়েল ভিজিট৷

এদিন অফিচৰপৰা অহাপ পাচত চেলফ্‌ৰ কিতাপ এখন আনি বিমলে মোৰ আগত ডাঙি ধৰিলেঃচা তোৰ কেইন্‌চে কি কৈছে— It is  much better for a man to be allowed to tyrannise over his bank blance than over his fellow men... মই অবাক হৈছোঁ৷

:আচ্চা, তই সোনকালে ওলা৷ আজি ক্লাৱত পাৰ্টি আছে৷

:মই নাযাওঁ, তই অকলেই যাবি৷

:তই যাবই লাগিব৷ মই সকলোকে কৈ আহিছোঁ, তোৰ কথা, মোৰ বন্ধু ব্ৰিলিয়েণ্ট ।

:শুন, তহঁতৰ এইবোৰ পাৰ্টীত মই মিচ্‌ফিট্‌ ৷ আচলতে তই জানই মই এইবোৰত নাই৷

:এবাৰ চাই যানা—মিনি ইণ্ডিয়া৷ আচলতে তই ভবাতকৈ ইয়াৰ মানুহবোৰ বহুত বেলেগ৷ খুব কালচাৰ্ড৷

 বিমলক পাৰ্টীলৈ নিবৰ বাবে ভীষণ জোৰ কৰিব লগা হৈছে৷ আনফালে ঘনে ঘনে মোৰ ফোন বাজি উঠিছে৷ মিচেজ ৰাণা, মিচেজ সুব্ৰমনিয়াম, মিচ্‌ চৌধুৰী সকলোৱে দেৰী হৈ গ’ল বুলি আপত্তি কৰিছে৷ মিচেছ চক্ৰৱৰ্তীয়ে আকৌ ফোন কৰিছে— কি হ’ল, নাহিবা নেকি? তোমাৰ বন্ধুৰ খবৰ কি? সোনকালে আহানা, দেৰি হৈ যায়৷ বিমলক জোৰ কৰি ক্লাৱলৈ লৈ গৈছোঁ৷

বাৰত স্বয়ংক্ৰীয় গতিত ৰামুৰ হাতে কাম কৰিছে৷ গিলাচ নিয়া আৰু গিলাচ দিয়া৷ উত্তাল সঙ্গীত চৰা সুৰত বাজিছে ৰেডিঅ’গ্ৰামৰ পৰা৷ মিচেছ চক্ৰৱৰ্তীয়ে হাতত গিলাচ লৈ মোৰ ফালে আগবাঢ়ি আহিছে— ‘হেই বুকুৰ কাপোৰ খহি গৈছে, সুগোল স্তনযুগল পৰিষ্কাৰ হৈ পৰিছে৷ বহু প্ৰসবিনীৰ দৰে তলপেটত অসংখ্য ভাঁজ৷ যেনেকি হওঁক পঞ্চল্লিশ বছৰ বয়সতো মিচেছ চক্ৰৱৰ্তীয়ে দেহৰ সম্ভাৰ তথা শৰীৰৰ ভাঁজবোৰ সজতনে ৰাখিছে৷ মিষ্টাৰ চক্ৰৱৰ্তীয়ে হয়তো বিলিয়াৰ্ড টেবুলৰ কাষত বীয়েৰৰ গিলাচ ৰাখি চকু সঙ্কুচিত কৰি হাউলি ষ্ট্ৰাইকৰ যত্ন কৰিছে৷ ডেকা ইঞ্জিনিয়াৰ দত্তই ওঁঠত সম্ভৱ লিপ্‌ষ্টিকেই ঘঁহিছে৷ ক’ৰবাত হাত তালি, ক’ৰবাত জোৰেৰে এটা চিঞৰ, মানুহৰ অক্লান্ত চৰণ-ধ্বনি, একো পৰিষ্কাৰকৈ শুনা নাপায়৷ মই বিমলক বহুতৰ লগত চিনাকী কৰাই দিছোঁ৷ জোৰ কৰি মানুহৰ মাজত সোমাই দিছোঁ৷

প্ৰায় দুঘণ্টামানৰ পাচত সকলো ঠাণ্ডা গৈ গৈছে৷ মোৰ মূৰটোও ৰিম্‌-ঝিম্‌ কৰিছিল৷ বিমলক ক’তো বিচাৰি নাপালোঁ৷ বঙলালৈ আহি দেখিলোঁ বিমল দুৰ্ঘোৰ টোপনিত৷ যেতিয়াই তেতিয়াই সুন্দৰকৈ শুই পৰাটো তাৰ ডাঙৰ গুণ৷ গম পালো সি দুঘণ্টাৰ আগেয়ে গুছি আহিছে৷

পিচদিনা ৰবিবাৰে এখন চিনেমা চাই অলপ ফুৰাৰ কথা আছিল— কিন্তু বিমলে কলৈকো যাবাল ইচ্চা নকৰিলে৷

:মই আজি যামগৈ৷

:কিয়? তইতো বহুত দিন মোৰ লগত থকাৰ কথা৷

:থাকি কি লাভ হ’ব? ইয়াৰ ইউনিয়নৰ সভাপতি, সম্পাদক ভট্টাচাৰ্য্য আৰু গুৰুসিঙক লগ পালোঁৱেই৷

:ইয়ালৈ আহিছিল?

:ওঁ, তই মোৰ বন্ধু বুলি জানি তেওঁলোক আচৰিত হৈছে৷ মই কৈছোঁ, সাধাৰণতে তেনেকুৱাই হয়৷

মই তাক আৰু একো কোৱা নাই৷ আচলতে সি সিদ্ধান্ত এটা কৰি পেলোৱাৰ পাচত মই কিবা এটা কোৱা মানে তৰ্কা–তৰ্কি৷ এইবাৰ টাক টলাব নোৱাৰোঁ বুলি জানো৷ সি ইয়াৰ পৰা ক’লৈ যাব তাকো সোধা নাই৷ চাৰ হেণ্ডবেগৰ কাগজবোৰত হাত দিলেই পোৱাকৈ পোৱাকৈ টকা এশ ভৰাই দিছোঁ৷ নতুন সাজযোৰ জোৰ কৰি তাৰ বেগত ভৰাই দিছোঁ৷ গুৱাহাটীলৈকে তাক ট্ৰেইনৰ টিকট কাটি দিলোঁ৷ তাক কৈছোঁ পৰীক্ষাৰ আগতে অন্তত—এইবাৰ বিনীতাক দেখা কৰিবলৈ৷ পৰীক্ষাৰ বাবে মোৰো শুভেচ্চা জনাবি৷

তাক থৈ অহাৰ পিচত ঘৰত আহি চিন্তা কৰিছোঁ, সি মনত কষ্ট পালে নেকি?

 :কষ্ট পালি নেকি বাটত? বিনীতাই সুধিলে৷

:একো কষ্ট হোৱা নাই— মই ক’লো৷

:বহুত দিন দেখা নাই বাবে তোমাক মাতি পঠিয়ালো এনেয়ে৷ চেহেৰা বেছ ধুনীয়া কৰিছা৷ তাত কেনে চলিছে—বিনীতাই একেলগে বহুত কথা জানিব বিচাৰিছে৷ এটা এটাকৈ চবৰে উত্তৰ দিব লাগিব৷ বিমলে টেলিগ্ৰাফিক ঢঙতে দুই এটা কথা কৈছে৷ আমি ডিলাইটত সোমাইছোঁহি৷ বিনীতাই ভাল কলেজখনতে চাকৰি পালে৷ বাতৰি কাগজত ৰিজাল্ট পাই বিনীতালৈ ধন্যবাদ প্ৰেৰণ কৰিছিলোঁ৷ সদ্যহতে কলেজৰ ছোৱালী-হোষ্টেলৰ চুপাৰিণ্টেণ্ডেণ্ট৷ বিমলকো লগ পাম বুলি ভবাই নাছিলোঁ৷ সৌভাগ্যবশত— তিনিও একেলগ হ’লো৷ হোটেলৰ বয় এটাই খাদ্য সামগ্ৰী পৰিৱেশনৰ অনুমতি লৈ গ’লহি বিনীতাৰপৰা৷

:বুইছা হীৰেণ, যোৱাটো ইলেক্‌চনৰ ফলাফলে বিমলক হতাশ কৰিছে৷

:কোনে কলে, মই  কেতিয়াও হতাশ হোৱা নাই৷ আচলতে মই আশাবাদী যে এটা পৰিৱৰ্তন হ’বই৷

বিমলে দৃঢ়ভাৱে কৈছে৷ খাদ্য-সামগ্ৰী টেবুললৈ আহিল৷ বিনীতা, বিনু আগৰ দৰে ৰাংঢালী নহয় যেন লাগিছে৷ অধ্যাপিকা অধ্যাপিকা ভাৱটোৱে মৰম লগা মুখখনত— এটি অবাঞ্চিত বয়সৰ ছাপ দিছে৷ মই ডিগবৈৰ কথাবোৰ কথা কৈছোঁ৷ বিমলে ডিগবৈৰ কথাৰে মাজে মাজে দুই এটা ৰগৰ কৰিবৰ চেষ্টা কৰিছে৷ মই সিহঁত দুটাৰ বিয়াখন পতাৰ কথা কৈছোঁ৷ বিমলে হো হো কৈ হাঁহি উৰুৱাই দিছে৷ সেই শব্দত বিনীতাৰ হাতৰ কাটা চামুচ খহি পৰিছে৷

:তোমাৰ ভাল খবৰটো হীৰেণক নোকোৱা কিয়? বিনীতাই বিমলক ক’লে৷

:অ’ তোক ক’ব লগা এটা আছে অৱশ্যে৷ হয়তো কেদিনমানৰ পাচতে মই এখন কাগজত সোমাম৷

:খুব ভাল খবৰ নহয়? বিনীতাই মোলৈ চালে৷

:নিশ্চয়৷ কি কাগজ?

:নিউ হাৰাইজন, বাই  উইক্‌লী৷ উলুবাৰীত অফিচ, হয়তো কাম কৰি নালাগিব৷ কাগজখন এটা সামূহিক প্ৰতিষ্ঠানৰ৷ নতুনকৈ উলিয়াইছে৷ প্ৰথম দিনাই অন্ততঃ এটা কথাত সকলো সন্মত হৈছে– It's oue function to call a spade a spade, If Words are sick it is up to us to cure them. অৱশ্যে চাৰ্কুলেচনৰ ওপৰত সকলো নিৰ্ভৰ কৰে৷

:মই ভাবোঁ৷ এইটোৱেই টোৰ উপযুক্ত চাকৰি৷

:কিন্তু কষ্ট যথেষ্ট আছে৷ অৱশ্যে যোৱা এবছৰে  অসমৰ গাঁও-ভূইবোৰত ঘুৰি ফুৰি মোৰ ইমান অভিজ্ঞতা হৈছে, যি মোক এই চাকৰিত প্ৰচুৰ সগায় কৰিব৷ বিনু, বাতৰি কাগজৰ মানুহ হিচাপে হাম্‌দি বে-ক তুমি কেনে পোৱা?

:ভদ্ৰলোকে যে গল্প লিখে অলপ দিনৰ আগতেহে জানিছোঁ— বিনীতাই ক’লে৷

:অসমৰ সাপৰ বিষয়ে, ফ্লোৰা-কলা, ৰাজনীতি, সমাজনীতি, পাহাৰীয়া অৰ্থনীতি সম্বন্ধে মানুহজনে বহুত জানে যেন লাগে৷

বিমলৰ চাকৰিটোৰ প্ৰতি মোহ হৈছে৷ সেইটোৱেই খুব ভাল কথা হৈছে৷ বিনীতায়ো ভাল পাইছে৷

:শুন হীৰেন, এতিয়াৰ পৰা মোৰ ঠিকনা এটা দিলোঁ৷ খবৰ লৈ থাকিবি৷

 খবৰ লৈ থাকিম বুলি কৈয়ো বিমল আৰু বিনীতাৰ বহুত দিন খবৰ এটা ল’ব পৰা নাই৷ অৱশ্যে নিউ হাৰাইজন এখন মোলৈ নিয়মমতেই আহি থাকে৷ ডিগবৈৰ বাতৰি কাগজৰ দোকানতো তাৰ কপি আঁৰি থোৱা দেখিছোঁ৷ এমাহ মানৰ আগৰ পৰা অসমৰ গ্ৰাম্য-অৰ্থনীতিৰ ওপৰত নিউ হৱাইজনত ধাৰাবাহিকভাৱে বিমলে লিখি আছে৷ মানুহে ধৰি লৈছে— নিউ হাৰাইজনখন বাম-পণ্ঠীৰ মুখপত্ৰ৷

হঠাতে এদিন চিলঙলৈ যাব লগা হ’ল৷ জৰুৰী কামত, ঘুৰি আহোঁতে গুৱাহাটীত সোমাই বিমল আৰু বিনীতাৰ খবৰ কৰিম বুলি ঠিক কৰি চিলং পালোঁগৈ৷ কেইদিনমানৰ আগতে চিলঙত এটা ডাঙৰ ঘটনা ঘটিছিল৷ ফায়াৰিং পৰ্য্যন্ত হ’বলগীয়া হ’ল৷ এজনেই নে দুজন নিৰ্দোষী ল’ৰা গুলীত মৰিল৷ গতিকে চিলংৰ পৰিস্থিতি খুব শান্ত তেতিয়াও হোৱা নাছিল৷ খুব খৰ-ধৰকৈ মোৰ কানখিনি শেষ কৰি পুলিচ বজাৰৰ ওচৰত এখন টেক্সি লৈ অলপ ফুৰিম বুলি ওলাওঁতেই লগ পাই গ’লো বিমলক৷ লগত এগৰাকী অচিনাকী মহিলা৷ সম্পূৰ্ণ অপ্ৰত্যাশিত ভাৱে৷ চিনা পৰিচয় হোৱাৰ পাচত নমস্কাৰ প্ৰতি নমস্কাৰ আৰু তাৰ পিচত শীলা ঘোষে চানগ্লাছ সোলোকাই মোলৈ চাই হাঁহি মাৰিলে৷ মই টেক্সিৰ দুৱাৰ খুলি দিলোঁ৷

বিমল আৰু শীলা বোলে একেখন হোতেলতেই উঠিছেহি৷ চিলঙৰ চৌখীন এখন হোটেল৷ শীলা বোলে কলিকতাৰ বহুল প্ৰচাৰিত দৈনিক কাকত এখনৰ সাংবাদিকা৷ থাকে গুৱাহাটীত৷ গুৱাহাটীত এবছৰ থকাৰ পাচতেই অসমীয়া ক’ব পৰা গৈছে৷ দুয়ো একেলগেই গুৱাহাটীৰ পৰা আহিছে; চিলঙত ঘটি যোৱা ঘটনা নিজৰ কাগজত বিশেষভাৱে ক’ভাৰ কৰিবৰ বাবে৷

যোৱা এদিন আৰু আজি গোটেই দিনটো বিভিন্ন অনুষ্ঠানৰ বিভিন্ন ব্যক্তি, ছাত্ৰ, পুলিচ, আৰু আন আন বিশেষ ধৰণৰ মানুহক লগ ধৰি ঘটনাৰ সবিশেষ বিৱৰণী এটা তৈয়াৰ কৰাৰ চেষ্টা কৰিছে দুয়ো৷ স্থানীয় প্ৰেছ ফটোগ্ৰাফাৰৰ পৰা আহত বা নিহত ব্যক্তিসকলৰ ফটো, ফায়াৰিঙৰ ঠাইডোখৰৰ ফটো সংগ্ৰহ কৰিছে৷ টেক্সিত বিমলে এইবোৰ কৈছে৷

:আমি এতিয়া কাৰ হোষ্টেললৈ আহিছোঁ?

:নিশ্চয় আমাৰ হোটেললৈ— শীলা ঘোষ বিমলৰ গাত যেন ঢলি পৰিল৷ ‘ভীষণ ভাগৰ লাগিছে— চিলঙৰ ওখ চাপৰবোৰ বগাই৷ এই ঠাণ্ডাত আৰু খুব এটা ফুৰা নাযায়৷ হোটেলত অলপ আৰাম কৰিব লাগিব৷

অলপ আগতে এজাক বৰষুণ দিছিল৷ আবেলিৰ বতাহত বৰষুণৰ কণিকাবোৰ উৰি ফুৰিছে৷ তলৰ পাহাৰৰ মাজত খণ্ড খণ্ড লঘু স্বচ্চ বৰাগী মেঘ৷ টেক্সি আহি হোটেলৰ আগত ৰৈ গ’লহি৷ মই ভাৰা দি টেক্সি এৰি দিছোঁ৷

ঠেক একা-বেকা চিৰী বগাই হোটেলৰ ওপৰ মহলালৈ উঠিলোঁ, বিমলে তাৰ কোঠাৰ দুৱাৰ খুলি দিলে৷ সুন্দৰকৈ সজোৱা কোঠা৷ গাতে লাগি আছে বাথৰূম৷ আয়নাত চাই টাইৰ নট ঠিক কৰিলোঁ৷ শীলাই ক’লে— আপোনালোক বহক, মই অলপ পাচত আহিছোঁ৷ নিকটৱৰ্তী শীলা ঘোষৰ কোঠাতে বোধহয়— বাথৰূমত পানী পৰাৰ শব্দ শুনিছোঁ৷

:কচোন কি দৰকাৰত আহিছিলি?

:লেবাৰ লেবাৰ আৰু লেবাৰ৷ কালিলৈ যামগৈ৷ কাম আজিয়েই শেষ কৰিছোঁ৷ গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ৷ এতিয়া নাযাওঁ আৰু৷ তোক লগ পালোৱেই৷ বিনুৰ খবৰ কি?

:ভাল, বেচেৰীৰ বহুত কাম৷ এটম, ৰকেটৰ পৰা আৰম্ভ কৰি হোষ্টেলৰ ছোৱালীৰ ৰেচন চাউল, দাইল পৰ্য্যন্ত সকলো কথা চিন্তা কৰিব লাগে৷

:বাতৰি কাগজৰ খবৰ লিখিলি?

:নাই লিখা৷ আজি ৰাতি লিখি পেলাম৷ বহু কথাই চাপ্‌ৰেচ্‌ হৈ আছে৷ ইমান এটা ডাঙৰ ঘটনা অথচ দৈনিক কাগজবোৰে এটা সম্পূৰ্ণ কলমো স্পেয়াৰ কৰা নাই৷ চাউল দাইল বিচাৰোঁতে যদি মানুহে গুলী খাব লগা হয় তাতকৈ বেচি দুখ লগা কথা পৃথিৱীত আৰু কি হ’ব পাৰে৷ বুৰ্জোৱা ঢঙৰ ইয়াতকৈ ঘৃণনীয় চেহেৰা পাবলৈ নাই৷ ডাঙৰ কথা হ’ল, কোনেও সাহ কৰি সঁচা কথা নকয়৷

:শুন, সেই যে বিমলেন্দু ঘোষ, তাক হঠাৎ লগ পাই গ’লো৷ ওকালতি কৰে৷ গাড়ী এখনো ল’লে৷ তোৰ কথা সুধিছিল৷ মই সকলো কথা কৈছোঁ৷ সি ক’লে— আমি জেনিয়াচ্‌ এটা হেৰুৱালোঁ৷ আচলতে কি জানে দুৱৰা— নিজৰ ট্ৰেক এৰি দিলে দৌৰৰ শেষত আপুনি বিভ্ৰান্ত হ’বই৷ মোৰ সুবিধা হ’ল কি জানে, ট্ৰেক এটা, অকলেই প্ৰতিযোগী৷

বিমলে সশব্দে হাঁহি দিছে৷

শীলা ঘোষে ডিঙি-ঢকা হাত দীঘল গৰম চুৱেটাৰ এটা পিন্ধিছে— ৰঙা৷ গলধ্‌ন চুৱাকৈ কটা চুলিখিনি গালে-মুখে সিঁচৰিত হৈ পৰিবলৈ এৰি দিছে৷ মুখত বয়সে নিষ্ঠুৰভাৱে এতিয়া আঁচোৰ দি যাব পৰা নাই৷ যদিও অলপ বয়স হোৱা যেন লাগে, আচল বয়স কিমান এনেয়ে ক’ব নোৱাৰি৷ চেলাউৰি সুন্দৰ৷ বুকু সু-উন্নত৷ ট্ৰান্‌জিচ্‌টৰটোৰ মিটাৰ পকাই পকাই চকীখনত বহি দিলেহি৷

:দুৱৰা, কওঁক ডিগবৈৰ কথা৷ এবাৰ যাম বুলি ভাবিছোঁ৷ আপোনাৰ আলহী হ’মগৈ৷

:নিশ্চয়, আহক এবাৰ৷

:আপুনি এতিয়াও বেচ্ছেল’ৰ হৈ আছে? কোনো কথা নাই— যাম কিন্তু এবাৰ, শুনিছোঁ মিনি ইণ্ডিয়া—

ভদ্ৰমহিলা কথা-চহকী৷ এই ৰেডিঅ’ বা ট্ৰান্‌জিচ্‌টৰবোৰৰ সুবিধা হ’ল যেতিয়াই তেতিয়াই য’ত ত’ত কিবা নহয় কিবা এটা বাজি থাকিবই৷ বিমলে ফটোৰ কপিবোৰ আৰু আন আন কাগজবোৰ চিজিল কৰিছে৷ ঘন হৈ শীত নামি আহিছে৷

:গোহাঁই, থওকনা এইবোৰ৷ কালিলৈ আকৌতো ঘুৰিবই লাগিব৷

:নহয়, আজিৰ কামখিনি আজিয়েই কৰি থম, এইটো সংখ্যাতে গোটেইখিনি প্ৰকাশ কৰিবই লাগিব৷

:নিউ হৰাইজনৰ সৌভাগ্য যে গোহাঁইৰ দৰে এজন মানুহ পাইছে৷ এটা নতুন দিগন্ত মুকলি কৰাত ই নিশ্চয় অগ্ৰণী গৈছে অন্তত— অসমৰ বাবে৷ নে কি কয় দুৱৰা? ট’মেটো চোপু ভাল পায় আপুনি?

শীলা ঘোষে বয় এটা মাতি কিবা কিবি অৰ্ডাৰ দিলে৷ বিমলে এটা চিগাৰেট জ্বলাই ল’লে৷ হাত দুখন শিতানত লৈ ওপৰলৈ মুখ কৰি পৰি দিলে৷ আকৌ মোৰ আগৰ ধাৰণাটো হ’ল— সি যেন মনে মনে কিছু প্ৰশ্নৰ উত্তৰ জুকিয়াব ধৰিছে৷

:বাহিৰত ভাষণ ঠাণ্ডা জানে৷ চিলঙত বৰফ পৰিব কিজানি৷ অৱশ্যে আমাৰ সাংবাদিকবোৰৰ বাবে জাৰ-জহ, জীৱন-মৰণ তেনেই মামুলী কথা৷ সকলোবোৰতে কিন্তু এটা থ্ৰিল আছে৷ অথচ সচা কথা  আপুনি লিখি দিয়ক গোটেই কাগজখনেই হৈ পৰিব লেফ্‌টিষ্ট৷

এটা ব্ৰেণ্ড দি দিব৷ যিটো আমাৰ কাগজখনকো দিছে৷ যোৱা ইলেক্‌চনত চি, আই, এৰ হাত থকাৰ কথা আমাৰ কাগজেই ছাঁচ কৰি দিলে৷ আমেৰিকান গ্ৰীচ কোৰ্‌ আমাৰ দেশত বা এই গণতন্ত্ৰৰ বাবে এটা ভ্ৰান্তি নহয় বুলি কওঁক৷ সিহঁত ইয়ালৈ আহি ঘুৰি গ’লেও আমাৰ দেশ সম্বন্ধে সেই যে কিপ্‌লিংগীয় বদ্ধমূল ধাৰণা— এই পৌৰাণিক এখন দেশ, য’ত কেৱল আছে সাপ, বান্দৰ, মহাৰজা, দুৰ্ভিক্ষ পোলো  খেলুৱৈ, অসংখ্য গৰু আৰু কেঁচুৱা, এইবোৰ ধাৰণা এৰি দিবৰ ইচ্চা নকৰে মই বহুত লগ পাইছোঁ৷

ভদ্ৰ মহিলাই বহুত কথা ক’ব বিচাৰিছে৷ বিমলৰ মন্তব্যবোৰ চুটি চুটি৷ মই কথা শলাগি যোৱাৰ বাহিৰে একো চিন্তা কৰা নাই৷

:বীয়েৰ কাকিয়াদৰ কক্‌টেইল কেনে লাগে আপোনাৰ দুৱৰা? গোহাঁইতো নিৰামিষ, ভাবিলোঁ আপোনাক নুসুধিলেও হ’ব৷

দুয়ো গিলাচ ডাঙি লৈছোঁ৷ শীলা ঘোষৰ মুখখন অসম্ভৱ উজ্বল হৈছে৷ গিলাচক শেষ শোহাটো মাৰি কপাল সঙ্কুচিত কৰি মোলৈ চাইছে— 

:ইন্দীৰা গান্ধীয়ে প্ৰাইচ্‌ কণ্ট্ৰোল কৰিব পাৰিব বুলি আপুনি ভাৱেনে? সমাজবাদত স্বাধীনতাৰ  অৰ্থ এই গণতন্ত্ৰই—

শীলা ঘোষে এইবোৰ কথাৰে মোক ব্যতিবস্ত কৰি পেলাব কিজানি৷ বিমলে বহি লৈ কৈছে—

:গণতন্ত্ৰ? গণতান্ত্ৰিক সংবিধানে জনতাক মন্ত্ৰী বাচিবলৈ ক্ষমতা দিছে৷ যদি সেই মন্ত্ৰীজনে এজন মানুহক চাকৰি দিয়া আৰু ইচ্চা কৰিলে তেওঁ চাকৰি খোৱা দুয়োটা কামেই কৰিব পাৰে, তেতিয়া হ’লে ক্ষমতাৰ কেন্দ্ৰীকৰণৰ ব্যৱস্থাইটো....

মই এইবোৰ একো নুশুনিবৰ বাবে চেষ্টা কৰিছোঁ৷ কথাৰ সোঁত গৈ ভিয়েটিনাম পাইছেগৈ৷ শীলা ঘোষে মোৰ লগত সমানেই খাব পাৰিছে৷ মই মোৰ হোটেললৈ যোৱাৰ কথা ভাবিছোঁ৷ ৰাতি যথেষ্ট হৈছে৷ শীলা ঘোষে আচ্চন্ন গলাৰে কৈছে—

:দুখন বিচনাৰ এটা কোঠাত অকলেই দখল কৰি আছোঁ৷ যদি বেয়া নাপায়, ইয়াতে থাওক৷

শীলাই অসম্ভৱ খাইছে৷ মোৰ মূৰটোৱেও অলপ ৰিম্‌-ঝিম কৰিছে৷ ওচৰৰ ট্ৰানজিচ্‌টৰৰ সঙ্গীত, হূলস্থুল নিজে নিজেই বন্ধ হৈ গৈছে৷ বিমলে ভীষণ অস্বস্তি বোধ কৰিছে৷ কোঠাৰ ভিতৰৰ ইমান কথা, আলোচনা হঠাৎ মুকলি হৈ চিলঙৰ সেমেকা বতাহত মিলি গ’ল যেন৷ বাহিৰৰ ৰেলিঙত কিছু সময় আউজি থাকি ভিতৰলৈ আহি আৰু এপেক্‌ খাই দিলোঁ৷

:শীলা ঘোষেও আৰু এঢোক খালে৷

:ইমানকৈ কিয় খাইছে ঘোষঃবিমলে ক’লে৷

:যেতিয়ালৈকে উৰিব নোৱাৰোঁ৷ মিঃ দুৱৰা, মই গোহাঁইক কৈছোঁ সেই লেডী প্ৰফেচৰ গৰাকীক বিয়া কৰাবলৈ৷ যদিও মই বিয়া বস্তুতো ঘৃণা কৰোঁ৷ Do not make her life hell, she loves you. প্ৰেম, গভীৰভাৱে নিবিড়ভাৱে এখন সাম্ৰাজ্য ৰচনা কৰি তালৈ সোমাই যোৱা প্ৰেমেৰে—শীলা ঘোষে আৰু খাইছে৷ ৰক্তাক্ত চকুলো ঢুলঢুলীয়া হৈছে৷ বিমলে কোঠাৰ ভিতৰত পাইচাৰি কৰিছে৷ প্ৰাক্তন প্ৰেমৰ স্মৃতিয়ে হয়তো মানুহজনীক কাবু কৰি পেলাইছে৷ এবাৰ টেবুলৰ পৰা মূৰ তুলি চকীখনত পোন হৈ বহি ল’লে—

:শ্যামলৰ মাকে মানে— মোৰ শাহুৱে দিনে পাঁচ বাৰ গা ধোৱে৷ শ্যামলে পছেৰেকত তিনিবাৰ গাড়ী বদলাই৷ প্ৰত্যেক বাৰেই নতুন গাড়ী৷ প্ৰেম, প্ৰীতি, ভালপোৱা এইবোৰো গাড়ীৰ দৰেই বদলাব বিচাৰে৷ মানুহ পোৱা যায় বহুত, কিন্তু প্ৰেম? বুৰ্জোৱা পৰিয়ালত যৌন অশালীনতাৰ প্ৰচুৰতম নিদৰ্শন দেখি মই উৰি দিলোঁ—

শীলা ঘোষে দুই হাতেৰে মূৰটো হেঁচি ধৰিলে– চকীৰ পৰা উঠিবৰ চেষ্টা কৰিলে—

:আহ! Help me plz ! I need help. বুৰ্জোৱা চেমি ফিউডেল এজন বীৰৰ  দৰে মই মোৰ হাত আগবঢ়াই দিলোঁ৷ মোৰ বাউসিত ওলমি ধৰা শীলা ঘোষক তেওঁৰ কোঠালৈ লৈ আহিলোঁ৷ বিচনাত বহি চুৱেটাৰ খুলি পেলালে৷ লাহেকৈ বিচনাত শুৱাই দিলোঁ৷ চকুৰ পানীবোৰ হাতেৰে মচি দিলোঁ৷ মোৰ মুখ শীলাঘোষৰ ওচৰ চাপি গ’ল৷ শীলাই মোক কঠিন ভাৱে সাৱতি ধৰিলে৷ তেওঁৰ চেলাউৰি, নাক, মুখ আৰু সুগোল স্তন যুগলৰ ওপৰেদি মোৰ হাতৰ আঙুলিবোৰ অনন্ত কালৰ নদী এখনৰ দৰে বৈ যাব ধৰিলে৷ পৰম শান্তিত শীলা ঘোষৰ চকু মুদ খাই গ’ল৷ ৰাতি নিঃশব্দ৷ পৃথিৱীৰ এই অংশত এতিয়া প্ৰেম, ঘৃণা আৰু যুদ্ধৰ সময়৷ অন্ধকাৰ সুৰঙ্গ এটাৰ মাজলৈ আমি দোয়ো সুমাই গ’লো৷ পাচদিনা পুৱাই চিলং এৰিলোঁ৷ বিমলৰ আক্ষেপ, পৃথিৱীত ক’তো, কাৰোৰে একোতে আন্তৰিকতা নাই৷

আন্তৰিকতাৰে লাগি থকাৰ পিচত কিবা এটা এৰি দিব লগা হ’লে ভীষণ কষ্ট হয়৷ অন্ততঃ বীমলৰ শেহতীয়া চিঠিখনত তাৰ এটা মৰ্ম উপলব্ধি কৰিছোঁ৷ বহুত দিন তাৰ একো চিঠি-পত্ৰ পোৱা নাছিলোঁ হঠাৎ তাৰ নাতিদীৰ্ঘ চিঠিখন পঢ়ি মই মৰ্মাহত হৈছোঁ৷ মাজতে তাৰ বহুত কিবা কিবি হৈ গ’ল৷ ঘৰৰ পৰা সি লিখিছে— প্ৰায় দুমাহ ঘৰতে আছোঁহি৷ গুৱাহাটীত এনেয়ে থাকিলোঁ দুমাহ৷ আই ঢুকাইছে যোৱাকালি তিনি মান বজাত৷ ঘৰত সামাজিক নিয়মেৰে কিবা কিবি কৰিবলৈ লৈছে৷ তই এবাৰ আহিবি৷ তোলৈ তেতিয়াই লিখিবলৈ নহ’ল— প্ৰায় পাঁচমাহৰ আগতেই নিউ হৰাইজন এৰিলোঁ৷ গুৱাহাটীৰ এজন চহকী মানুহে নিউ হৰাইজনৰ স্বত্ত্বাধিকাৰ কিনি ল’লে৷ আজি কালি তাত সকলো কথাই বিকৃত ৰূপত প্ৰকাশ পায়৷ আই ঢুকুৱাৰ বাবে বৰ বেছি বেজাৰ লগা নাই৷ নিজেই প্ৰায় যোৱা এমাহ লাৰি-চাৰি মাৰিছোঁ৷ বিনুৰ চিঠি পাইছোঁ ভাল৷ মৰম ল’বি৷ বিমলে চিঠিখন লিখাৰ পৰা মোৰ হাতত পৰালৈকে আঠদিন লাগিছে৷ এবাৰ গৈ অহাৰ সিদ্ধান্ত ল’লো৷

বীমলহঁতৰ ঘৰলৈ অহা সচাঁকৈয়ে ভীষণ অসুবিধা৷ সি লিখিছিল ডিব্ৰুগড়েদি আহিলে মোহনাঘাটৰপৰা ফেৰীত সোনাৰীঘাটলৈ আহিবি৷ সোনাৰি ঘাটৰ পৰা যিকোনো বাচত ধেমাজিলৈ আহিব পাৰিবি৷ ধেমাজিৰ পৰা ঢকুৱাখানালৈ আবেলি বাচত গুছি আহিবি৷ একেদিনাই পাবিহি৷ কিন্তু ডোৰহাতেদি আহিলে উত্তৰ লক্ষীমপুৰত এৰাতি থাকিব লগা হ’বও পাৰে৷ ডিব্ৰুগড়ৰৰপৰা মোহনা ঘাট হৈ ঢকুৱাখানালৈ আহিছোঁ৷ ফেৰীতো অসম্ভৱ মানুহ৷ বাচতো অসম্ভৱ মানুহ৷ থিয় হৈ আহিবলৈকে ঠাই নাতে৷ গধূলি গধূলি বিমলহঁতৰ ঘৰ পাইছোঁহি৷ বিমলহঁতৰ পদূলিতে বাচৰ পৰা নামিছোঁ৷ বাটত পোৱা কষ্টৰ কথা বিমলক কোৱা নাই৷ সি হয়তো নকলেও সকলো জানে৷

শ্ৰাদ্ধ-পাতি সকলোঁ হৈ গৈছে দুদিনৰ আগতে৷ উত্তৰ লক্ষীমপুৰ  আৰু শিৱসাগৰলৈ দিয়া বিমলৰ দুয়োজনী বায়েকেই আহিছিল৷ আজিহে গৈছেগৈ৷ মিলিটেৰীত থকা ককায়েকটোৱে সম্ভৱ খবৰকে নাপালে৷ বছৰ বছৰ ঘৰৰ লগত তেওঁৰ একো খবৰ নাই৷ বাপেকৰ লগত কাজিয় কৰি সেই যি ঘৰ এৰিলে— তাৰ পৰা আৰু ঘুৰি অহা নাই৷ মানুহে কয়, নেপালী ছোৱালী এজনী বিয়া কৰাই তেজপুৰৰ ফালেই ক’ৰবাত আছেহি বুলি৷ মাকে ঘৰলৈ আহিলেই বিমলক প্ৰায়ে কৈছিল— ‘‘ককায়েৰৰ খবৰ লবিচোন৷ মোৰ হৈ এখন চিঠিকে দিবি৷ তাক চাবলৈ ইমান মন যায়৷ তাহানিতে সি বল খেলি আহি সোলোকাই দলি মাৰি দিয়া ঘামেৰে তিতা গেঞ্জি আৰু টোলা এটা নোধোৱাকৈ মই পেৰাত ভৰাই থৈছোঁ৷ পেৰাটো খুলিলেই তাৰ গোন্ধ পাওঁ৷’’ সৰু সৰু পেণ্ট পিন্ধা, ফ্ৰক পিন্ধা ল’ৰা-ছোৱালী দুটামানে কিতাপ পত্ৰ বিচাৰি হূলস্থূল কৰি আছে৷ সবাহ হৈ যোৱাৰ পাচত টেপুল-চকী, বিছনা-পত্ৰ, সকলো বয় বস্তু প্ৰায়ে খেলি-মেলি হৈ আছে৷ বিমলৰ মাহীমাকৰ এতিয়াও, মানে পাঁচোটা ল’ৰা-ছোৱালীৰ মাক হোৱাৰ পাচতো বয়স বঢ়া নাই৷ মনৰ স্বাভাৱিক উলাহতে হয়তো চাৰি অনা এটাৰ সমান বহল সেন্দুৰৰ ফোঁট আৰু শিৰত ৰঙা-আলি এটা ৰাতিও ট-টকৈ জিলিকাই ফুৰিছে৷

বিছনাত আমি দুয়োটা একেলগে শুইছোঁ৷ বহুত বছৰৰ মূৰত একেলগে শুইছোঁ৷ আগেয়ে দুয়োটাৰে একেলগে শুৱাৰ অভ্যাশ আছিল৷ খুৰাই পেলোৱা ধুনীয়া মূৰটোৰে বিমলক য়ুল ব্ৰাইনাৰৰ দৰে লাগিছে৷ খুব বেচি ধৰণেৰে সি ভাগি পৰা নাই৷ চকুৰ দৃষ্টি তাৰ এতিয়াও তীক্ষ্ণ৷ মণি দুটাই তিৰ্‌বিৰাই থাকে৷ তাৰ হাত এখন মোৰ হমুঠিৰ মাজত লৈছোঁ৷ তাৰ হাতৰ ৰেখাবোৰ মোৰ এতিয়াও মনত আছে৷ মই কিৰোৰ ভক্ত৷ আজি কালি অৱশ্যে গাৰোৰ তলত কিৰো নাৰাখোঁ৷ তাৰ লাইফ লাইনৰপৰা এডাল ৰেখা কাড়ৰ দৰে মাউণ্ট অব্‌ জুপিটাৰৰ ফালে গৈছিল৷ সি কৈছে....৷

: আগেয়ে ঘৰলৈ আহিলে বহুত উৰি-মেলি দধূলি বাঁহলৈ অহা চৰাইৰ দৰে নিজৰে লাগে— কেৱল আই থকাৰ বাবেই৷ এতিয়াৰ পৰা হয়তো বাহ নাইকিয়া চৰাইৰ দৰে অকল উৰিয়েই ফুৰিব লাগিব৷

বিমলহঁতৰ ঘৰখনত পুৰণা আভিজাত্যৰ গাম্ভীৰ্য্য এটা খীণকৈ হ’লেও আছে৷ চৰকাৰী ৰাস্তাৰ পৰা সিহঁতৰ ঘৰলৈ সোমাই অহা এই আধা ফাৰ্লং মান ওখ বাটটোৰ দুয়োকাষে বেল আৰু শিলিখাৰ গছ৷ পদূলি বুলি ক’ব পৰা ডোখৰত আছে এজোপা বিৰাট পলাশ গছ৷ গছজোপাও আভিজাত্যৰ দৰেই পুৰণি হৈছে৷ এই জোপাতে বিমলৰ ককাদেউতাকে হাঁতী বান্ধিছিল৷ তেতিয়াৰ দিনত সেইখিনিতে এটা বাটচ’ৰাও আছিল৷ ঘৰৰ মুকলি চ’ৰাত তিনিখন বিৰাট ছবি৷ তাৰে এখন মহাৰাণী ভিক্টোৰিয়াৰ— মহাৰীণী যুগৰ মুদ্ৰাত থকা ছবিৰ দৰে এখন উৰোঁ উৰোঁ ভাৰত থকা কোনোবা বিদেশী পৰীৰ— এখন হাতেৰে স্কাৰ্টৰ পাৰি অকণমান দাঙি৷ আনখন বোলে বিমলৰ ককাদেউতাৰ৷ ফুল চাইজৰ৷ চহৰৰ ভাৰাটীয়া ছবি অঁকা মানুহ ঘৰত ৰাখি কৰাইছিল৷ ৰাণা, প্ৰতাপ সিংহৰ দৰে একোচা মোচ, গাত কাৰু-কাৰ্য খচিত চাপকন, এখন হাত আক্ৰমণোদিত্য বাঘ এটাৰ মূৰত থৈ সকলোলৈকে গৰ্বিত ভাৱেৰে চাই আছে৷ সেইখনেৰে এনামেল পেইণ্টৰ কাঠৰ ফ্ৰেমৰ চুকত নুমাই যোৱা ধূপকাঠিৰ শেষাংশৰ টুকুৰা কেডোখৰমান সোমাই আছিল৷ বিমলে কৈছে ককাদেউতাকে সকলোৰে উপৰত থকিব পৰাকৈ এটা চাং বঙলাও সজাই লৈছিল৷ তেতিয়াৰ দিনত ব’হাগ বিহুত ইয়াত ডাঙৰ বিহু হয়৷ ‘লুটপাত’ৰ আগলৈকে সেই বিহু চলিছিল৷ নৈখনৰ পাৰে পাৰে যি ডোখৰ ঠাই এতিয়া খাবলৈ নোহোৱা মানুহেৰে ভৰিল, সেই ডোখৰ তেতিয়া বছৰেকত এবাৰহে মানুহে জনাকীৰ্ণ হয়৷ জুম- জুম ডেকা-গাভৰুৰ বিহু আৰু বিহু৷ ওচৰৰ মিচিং ডেকা-গাভৰুবোৰো আহে৷ ককাদেউতাকে ধুনীয়াকৈ সজোৱা, তেল-নিমখেৰে ফুল আঁকি লোৱা হাতীৰ ওপৰৰ পৰা সেই বিহু চায়৷ খুব বিহুৱা ডেকা-গাভৰুৰ দলটোক ঘৰত বিহু মাৰিবলৈ আহিবৰ বাবে কৈ আহে৷— সেই ককাদেউতা ভগীৰথ গোহাঁইৰ পুত্ৰ মোৰ দেউতা৷ ককাদেউতাৰ পাঁচজন পুতেকৰ চাৰিজন টাইফয়ড, কলেৰা আদি ৰোগত ঢুকুৱাৰ পাচত একমাত্ৰ দেউতাই হ’ল সকলোৰে হৰ্তাকৰ্তা৷ ককাদেউতাই জীৱিত অৱস্থাতে বোলে হাতী আৰু মাটি বিক্ৰী হোৱা দেখি গৈছিল৷ হাতী আৰু মাটি বেচা টকাৰে দেউচাই মানুহ কিনিব পৰা মনোভাৱ এটা লৈ ভাবল্‌ বেৰেলৰ বন্দুকটো ওলোমাই গোটেইখন তহিলং কৰি ফুৰিছিল— যেন সামন্তযুগীয় এজন বীৰ পুৰুষ৷ 

পুৱা বেলা আমি মুকলি চ’ৰাত বহি আছোঁ৷ এতিয়া বিমলৰ ককাদেউতাক ভগীৰথ গোহাঁইৰ চাং বঙলাটো নাই৷ মাাটি ঘৰ হৈছে৷ ল’ৰা-ছোৱালী কেইটাই দুৱাৰেদি এনেয়ে ভূমুকি মাৰি মাৰি এবাৰ চায়৷ ৰাতিপুৱা দহ মান বজালৈকে বাপেকে বাৰীখনতে সোমাই খুচ্‌ খাচ্‌ কৈ কিবা কিবি কৰি থাকে৷ বিমলে কৈছে, খব ভাল কথা হ’ল যে আদেয়ে সিহঁতৰ ঘৰত কাম বন কৰি দিয়া, খেতিপথাৰ কৰা মানুহবোৰেই মাটিবোৰ কিনি ললে৷ বাপেকক তাৰ কাহানিও ভাল লগা নাছিল— আৰু নালাগেও ৷ এই মানুহটোক অহোৰাত্ৰ সন্তুষ্ট কৰিবৰ বাবে মাকে মৰিবৰ সময়লৈকে অহোপুৰুষাৰ্থ কৰি গ’ল৷ বেমাৰত পৰি থাকোতেই মাকে এদিন বিমলক কৈছিল, ‘‘সোণ দেউতাৰৰ কথাবোৰত বৰ বেছিকৈ লাগি নাথাকিবি৷ মাহীয়েৰ আৰু ভায়েৰহঁতৰ কথাও ভাবিবি৷ সেই মানুহজনীৰ অকনো দোষ নাই৷ কিবা যদি দোষ কৰিছোঁ ময়ে কৰিছোঁ৷ গুৰু-ভকতক সাক্ষী কৰি মই সেই জনী মানুহ অনাইছোঁ৷ দেউতাৰৰ কাহানিও সুখ নহ’ল৷ সেই মানুহটো কিমান অসুখী, সেই কথা কেৱল মইহে জানো৷

নদীখনৰ কাষে কাষে আমি ফুৰিছোঁ৷ ইয়াতো কিন্তু নিৰ্জনতা নাই৷ যিমতে কৈছে সি— জান হীৰেন,স মোৰ একমাত্ৰ দুখ থাকি গ’ল যে আয়ে কাহানিও সুখ নাপালে৷ গাঁৱত কঠিয়া তুলি ভুঁই ৰুই, কনীয়া কাপোৰ বৈ থকা সেই মানুহজনীক দেউতাই আনি কিমানযে কষ্ট নিদিলে৷ মই আইৰ চতুৰ্থ সন্তান৷ মোৰ পিচৰ পাঁচোতা সন্তান ঢুকাইছে৷ মাটিবাৰীবোৰ বিক্ৰী কৰি প্ৰায় শেষ কৰি আজিকালি দেউতা গুম হৈ ঘৰতে বহি থাকে৷ মাহীদেউৰ ভাইকেইটা হৈছে আৰু৷ দুজেপ মান চিনা বাদাম শেষ হৈছে৷ বিমলে অসম্ভৱ খায়৷ নদীৰ সোঁতত বাকলিবোৰ উটি উটি গৈ আছে৷

: আৰু এটা হাঁহি উঠা কথা হ’ল৷ মানুহবোৰে মোক বিধৰ্মীঃ মানে একোতে বিশ্বাস নথকা এটা বুলি ধৰি লৈছে৷ আই মৰাৰ পিচত মই আইৰ মুখত জুই নিদিলোঁ অথবা কঁঠ-কালী-কটাৰী লৈ মানুহক মুখ নেদেখুৱালোঁ— সেই কাৰণে৷ অলপ হূলস্থূল হৈছিলেই৷ কালী-কটাৰী কিয় মইটো নিবিচাৰোঁ আই ভূত হৈ মোৰ পিচে পিচে ঘুৰি ফুৰক, মইটো নিবিচাৰোঁ আই মুখখন, যিখন মুখে ঘকলৈ আহিলে প্ৰতিবাৰেই মোক চুমা খায়, কিম্ভূত-কিমাকাৰ কৰি মোৰ মানসপটৰ পৰা আঁতৰাই পঠাওঁ৷ মোৰ বাবে মোৰ আই চিৰন্তন৷ বিমলেন্দু ঘোষৰ চিঠিবোৰতো মোৰ আইৰ  ছবি বিচাৰি পাইছিলোঁ৷ আচলতে সকলো মাকৰ চিঠি একে নহয়?

হস্পিতেলৰ কাষেদি ঘুৰি আহোঁতে  মানুহৰ জুম, হস্পিটেলৰ বেৰত ৰঙা তিত্ৰভূজ আমাৰ চকুত পৰিছে৷ বিমল মাকৰ চতুৰ্থ সন্তান৷ এতিয়াৰ মতে অসতৰ্ক মুহূৰ্তৰঃঅসতৰ্ক কাল যাপনৰ ফলশ্ৰুতি৷ অথাৎ তাৰ প্ৰতি সমাজ বা গণতন্ত্ৰৰ একো দায়িত্ব নাই৷ সেই বাবেই নেকি, সি কাকো ক্ষমা কৰিব নোখোজে৷ মই  কিন্তু ঘৰৰ ডাঙৰ ল’ৰা৷

:ধৰ্ম মানেই যুগে যুগে কঠোৰ ৰক্তপাত৷ কৃচ্চসাধন আৰু সেইবোৰ ধৰ্মত তই সোমাব পাৰিবি, কিন্তু সুন্দৰ হৈ উলাই আহিব নোৱাৰ৷ আজি কালি কথা ক’লেই বিমলৰ বক্তৃতা দিয়া প্ৰবৃত্তি এটা হৈছে৷ সেইটো মই এইবাৰ লক্ষ্য কৰিছোঁ৷

গধূলি বিমলৰ দেউতাকে ক’লে—‘‘তোমাৰ লগত মোৰ ভিতৰুৱা কথা অলপমান আছিল৷ পঢ়া শুনা বেছি কৰিলে মানুহ জ্ঞানী হয়৷ কিন্তু আজিকালি দেখিছোঁ বেছি পঢ়া-শুনা কৰি মানুহ বুৰ্বকহে হৈছে৷ আমাৰ শিক্ষা-দীক্ষা নাই, গতিকে ঘৰ  দুৱাৰ এৰি ফুৰাৰ বাসনাও নাই৷ আৰু যেনিবা উৰিলাই ৷ আকাশতো আজিকালি মানুহ উৰিছে, হ’লেওটো মাটিলৈ ঘুৰি আহিব লাগিব৷ মাটিৰপৰাই চব নচলে জানো?’’

বিমলক মাত্ৰ দুদিনৰ বাবে আহিছোঁ বুলি আগেয়ে কৈছোঁ৷ দেউতাকৰ লগত বৰ বেছি কথা-বতৰা হ’বলৈ সময়কে নাপালোঁ৷ এটা কথা কিন্তু জানিছোঁ— বিমলৰ কথা-কাণ্ড একোৱেই দেউতাকে ভাল পোৱা নাই৷ আনহাতে বিমলে বাপেকক গলিত নখ-দম্ভ-চৰ্মৰ মধ্যযুগীয় এজন ৰজা বুলিয়েই ভাবিছে৷ বাপেকৰ কাৰণেই ককায়েকে ঘৰ এৰিলে৷ আহিবৰ পৰত বিমলক ডিগবৈলৈ মাটি আহিলোঁ৷ বিনুৰ খবৰ লৈ থাকিবলৈ কৈছোঁ৷ বিমলে কৈছেঃ বিনুৱে চিঠি দিছিল— আইৰ সমাধিত তাইৰ হৈ অন্তত— এপাহ ফুল দিবলৈ৷ কিন্তু ইয়াত সমাধি দিবলৈ কোনেও ফুলৰ খেতি নকৰে৷

সমাধিত দিবৰ বাবে ফুল আৰু ফুল শয্যাৰ ৰাতিৰ বাবেহে ফুলঃআমাৰ জীৱনত জীৱনত ফুলৰ আৱশ্যকতা সম্বন্ধে কোনোবা এজনে এনেদৰে লিখা পঢ়িছিলোঁ৷ মোৰ বাৰাণ্ডাৰ টাবত মালীয়ে বিদেশী ফুল ৰুইছে৷ বাগানত অসংখ্য ফুল পুলি উঠিছে৷ মনতে ভাবিছোঁ এই ফুলেৰে বিনু আৰু বিমলৰ ফুলশয্যা সজাই পেলাম৷ আকৌ দীৰ্ঘদিন বিৰতিৰ পাচত বিনীতা আৰু বিমলৰ পৰা  এমাহৰ অগা-পিচাকৈ দুখন চিঠি পাইছোঁ৷ বিনীতাই লিখিছেঃ মৰমৰ হীৰেন, এটা ভাল খবৰ তোমাক জনাবৰ বাবে উদ্‌বাউল হৈ পৰিছোঁ৷ বিমলে আমাৰ কলেজতে চাকৰি পালে৷ কলেজৰ অংকৰ চাকৰিটোৰ বাবে ভালেমান দিন স্বাৰ্থজড়িতমহলে একো ব্যৱস্থা নকৰাকৈ ৰাখি থৈছিল৷ মেনেজিং কমিটিত তেওঁক চাকৰিটো দিয়া বাবে বহুতে আপত্তি কৰিছিল৷ বহুতৰ ধাৰণা, বিমলে হয়তো কলেজ বেয়া কৰিব হঠাৎ তেওঁ চাকৰিটো পাই যোৱাত ইয়াত এটা মৃদু চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মোৰ কিন্তু অসম্ভৱ ভাল লগিছে৷ বিমলে খুব আন্তৰিকতাৰে চাকৰিটো লৈছে৷ লাইব্ৰেৰীৰ পৰা জাপ জাপ কিতাপ নিয়া দেখিছোঁ৷ ডাঠ ফ্ৰেমৰ চছ্‌মা, উৰি ফুৰা চুলি, ধুতী পাঞ্জাৱীৰে মানুহজনক বেছ অধ্যাপক অধ্যাপক যেন লাগি যায়৷’’

বিমলৰ চিঠিখন একেবাৰে বেলেগ ধৰণৰ৷ এটা পৰিৱৰ্তন লক্ষ্য কৰা যায়৷


হীৰেন,

সৰু খবৰ এটা আছে৷ অহা ২০ জুলাই বুধবাৰে মোৰ বিয়া৷ এতিয়া এই খবৰচো দিয়াৰ পিচত ইয়াৰ ওপৰত মইতোলৈ কেইবা পৃষ্ঠাও ভৰাই লিখিব পৰাকৈ কথা আছে৷ কিন্তু লিখিবলৈ সময় মুঠেই নাই৷ নহ’লে মই অৱশ্যেই লিখিলোঁহেঁতেন৷ কাৰণ মই দেখিছোঁ অলপ সময় লেকচাৰ মাৰি দিলে বা লিখিব পাৰিলে নাৰ্ভবোৰ অলপ ইজড্‌ হৈ যায়৷ সাগৰৰ সেই বুঢ়া মানুহটোৱে হয়তো নিজকে আকৌ সাগৰত বিচাৰি ওলাল৷ কি কৰিবিঃমঞ্চসজ্জা প্ৰায় সম্পূৰ্ণ হ’ল৷ সমাজ, যি সৰ্বশ্ৰেষ্ঠ পুৰোহিত, নিৰ্দয়ভাৱে হাঁহি হাঁহি ৰৈ আছে৷ আৰু মই দৃশ্যটোৰ বাবে সাজু হৈছোঁ৷ মই প্ৰকৃত মানুহ হিচাপে পৃথিৱী আৰু জীৱনলৈ মোৰ দায়িত্ব বহন কৰি আনিব লাগিব৷ এতিয়া মই যথাৰ্থৰ খাতিৰত জীয়াই থকাটো বিচাৰোঁ৷ ঃ যদিও জানো যে মানৱ জীৱনত দুখৰ অন্ত নাই৷ এযা বুদ্ধদেৱৰ কথা নহয়৷ তই ২৫ তাৰিখৰ আগতে পোৱাকৈ আহিবি৷ গুৱাহাটীৰ জু-ৰোডৰ ভাৰাঘৰৰ পৰা বিয়া হ’ব৷ তেজপুৰলৈ কন্যা আনিবলৈ যাব লাগিব কিজানি৷ গাড়ী লৈ আহিবি৷

ইতি তোৰ বিমল৷

মোৰ বাগান ফুলেৰে ৰমক জমক হৈ পৰা চাইছোঁ৷ বিনুক এটা ধুনীয়া উপহাৰ দিব লাগিব৷

বিমলৰ ভায়েক এটাহে বিয়ালৈ গৈছিল৷ সম্ভৱ দেউতাকে এইবোৰ একোৱে ভাল পোৱা নাই৷

বিয়াৰ কেইদিনমাানৰ পিচতেই বিমল আৰু বিনুক মোৰ গাড়ীৰেই ডিগবৈলৈ লৈ আহিছোঁ৷ বিনীতা প্ৰথমবাৰৰ বাবে ডিগবৈলৈ আহিছে৷ মোৰো থকা-মেলা, খোৱা-বোৱা, ঘৰ-দুৱাৰ চম্ভালিবৰ বাবে দুটাকৈ মানুহ আছে৷ অথচ তিৰোতা মানুহ এজনী ঘৰত থাকিলে ঘৰখন যে সম্পূৰ্ণ হয় সেই কথা মই এইকেইদিনহে অনুমান কৰিছোঁ৷ বিমল বিনুক ডিগবৈৰ বহুত মানুহৰ ঘৰলৈ লৈ গৈছোঁ৷ বিনুৰ কথা-বাৰ্তা আৰু সুন্দৰ হঁাহিটোৱে প্ৰথম চিনাকীতে মানুহৰ মনত চাপ এটা যি যাব পাৰে৷ এইকেইদিন কথাই কথাই বিনুৱে মোক মোৰ বিয়া পাতিবৰ বাবে ব্যতিব্যস্ত কৰি আছেঃ

:তুমি ভালপোৱা ছোৱালীজনী আমাক নেদেখুৱাবা নেকি? এদিন দেখুৱাই দিয়ানা? ডিগবৈৰ ক’ত বৰ?

:তেনেই সৰু ছোৱালী৷

:সৰু হ’লেহে ভাল৷ ইচ্চামতে তৈয়াৰ কৰি ল’ব পাৰিবা ঃপিগ্‌মেলিয়নৰ দৰে৷ ময়ে বন্দোৱস্ত কৰি যাওঁ তেনেহ’লে৷

:বাৰু হ’ব লাহে লাহে৷ নিজে হাবু ডাবু খায় এতিয়া আনকো শান্তি নিদিবা নেকি?

মোৰ কথাত বিনীতাই খুব এটা আমোদ পোৱা নাই৷ সেই কথা  তেওঁৰ মুখৰ শীৰ্ণ হাঁহি দেখি মই অনুমান কৰিছোঁ৷ বিয়া এই যে মাঙ্গলিক অনুষ্ঠান বিধি ৰাতিৰ চানাইঃজৈৱ অধিকাৰৰ সৰৱ সাক্ষী৷ কেইটামান বুজাব নোৱাৰা মন্ত্ৰ উচ্ছাৰণেৰে নাৰীৰ দেহৰ সৈতে মন আৰু আত্মা কিনা হৈ যায় বুলি ভবা কথাবোৰত মোৰ বিশ্বাস কেইবছৰমানৰ আগৰ পৰা নাইকিয়া হৈছিল৷ আচলতে মন লাগেঃ সুন্দৰ মন৷

বিমলে মিচে্‌চ চক্ৰৱৰ্তী,  মিচেচ সুব্ৰমনিয়াম, মিচ্‌ চৌধুৰীহঁতৰ কথা সুধিছে; ডিগবৈৰ প্ৰৈাণ-প্ৰাচুৰ্য্য এতিয়া অবিৰত ধাৰে প্ৰবাহিত হৈ আছেনে নাই৷ শিলঙত লগ পোৱা শীলা ঘোষ মোৰ আলহী ঘৰলৈ অহাৰ কথা আছিল৷ নাহিল৷ চিলঙৰ সেই বৰ্ষণমুখৰ ৰাতিৰ ঘটনা ৰাতিয়েই শেষ হ’বলৈ দিছোঁ৷ বিমলেও সদ্যহতে শীলা ঘোষৰ একো খবৰ ৰখা নাই৷ কৈছেঃইতিমধ্যে মানুহজনী কোনোবাফালে উৰি দিবও পাৰে৷

বিমলৰ দৰে মানুহৰ লগত বন্ধুভাৱে ইমানবছৰ থকাৰ পৰা মোৰ যে কিমান লাব হৈছেঃসেই কথা মই সদায় অনুভৱ কৰোঁ৷ কাৰণ মানুহে খেয়াল কৰিলেও, ভাল নেদেখিলেও নকৈ ভাল উপায় নাই যে ডিগবৈৰ সামাজিক জীৱনত মই অবিচ্চেদ্য প্ৰাণীবিশেষ হৈ পৰিছোঁ৷ আগেয়ে বিমলৰ লগত ফুলি, বিমলৰঃসংস্পৰ্শত থাকি ক’বনোৱাৰাকৈয়ে সমাজ, সাহিত্য, ধৰ্ম সমন্ধীয় অনেক কথাই মই শিকি পেলাইছিলোঁ৷ তেতিয়া হয়তো মই আছিলোঁ শ্ৰোতা৷ কাৰণ বিমলৰ প্ৰতিটো কথাৰ বা প্ৰশ্নৰ প্ৰত্যুত্তৰ দিয়া মোৰ বাবে সহজ নাাছিল৷ এতিয়া সেইবোৰকে মূলধন হিচাপে লৈ মই ডিগবৈত বহুত জনা মানুহ৷ মোৰো কথাবোৰ হেনো ধুনীয়া ধুনীয়া, জোখৰ, চিন্তাবোৰ উচ্ছ আৰু মন-বহল৷ আজিকালি সমাজৰ সৰ্বস্তৰৰ মানুহৰ ভিতৰত সোমাই চিঘিল ঘিলাই ফুৰিবলৈ কিছুমান সহজ উপায় আছে৷ যাক ক’ব পাৰি কৃতকাৰ্যতাৰ গুপ্ত কথা বা মেট্ৰিকুলেচন্‌ উইডাউট টীয়েৰচ্‌  ঠিক তেনে ধৰণৰ৷ তাৰ বাবে আন্তৰিকতা, অধ্যৱসায় এইবোৰ খুব বেচি দৰকাৰী নহয়৷ বৰঞ্চ সেইবোৰে কেতিয়াবা মন গধুৰহে কৰে৷ ইয়াৰ শিল্প-সাহিত্য, সংস্কৃতিতো মোৰ দখল ঠিক তেনেধৰণৰ সহজ উপায়েৰে কৰি লৈছিলোঁ৷ মোৰ চেল্‌ফত বিভিন্ন বিষয়ৰ কিতাপ আছে, ঘৰৰ সন্মুখত দেশী-বিদেশী ফুলৰ বাগান, ঘৰৰ বেৰত দুখনমান অত্যাধুনিক অৰ্টৰ ইমিটেচ্‌ন পেইণ্টিং, ফুলদানী, ছাইদানী সকলোঁতে শিল্পীসূলভ দক্ষতা বিৰাজমান৷ আচলতে মই গভীৰভাৱে একান্তভাৱে এইবোৰত একোতেই লাগি ঠকা নাই৷ বিনীতাই কৈছেঃমই অসম্ভৱ ধৰণে শকত হৈ গৈ আছোঁ৷ সন্দেহ নাই সেইয়া বীয়েৰ জাতীয় খাদ্যৰ ফল৷ মোৰ আয়তন চাই ওজন বোলে বহুত কম৷ আৰ্কিমিডিচৰ সূত্ৰমতে ঘন বস্তুত মই উপঙি যোৱাৰ সম্ভাৱনা আছে৷ এতিয়াও মোৰ নিজকে উপঙি ফুৰা বস্তুৰ দৰে লাগেঃ পাতল, যেন উৰি উৰি যাওঁ৷ কাৰণ গভীৰভাৱে মই একোতেই লাগি নাথাকোঁ৷

বিয়াৰ ঠিক আগতে লগ পোৱাৰ পৰা আৰু এই কেইদিনৰ ভিতৰত বিমল বহুত বেলেগ হ’ল যেন লাগিছে৷ চছমাৰ নালেৰে কপালত টুকুৰিয়াই টুকুৰিয়াই কি যেন চিন্তা কৰে৷ ইয়াৰ হউনিয়নৰ নতুন সম্পাদক-সভাপতিয়ে তাক লগ ধৰিবলৈয়ো অহা নাই৷ আচলতে সি কাকো লগ ধৰাৰ পক্ষপাতী নহয়৷ বৰঞ্চ সি সি ভাবিছিল ডিগবৈত আহি এনেদৰে থকাৰ কথা কোনেও নাজানক৷

বন্ধৰ দিনা তন্দ্ৰালু দুপৰৰ চোকা ৰ’দত দুৰণিত জিলি কেচু কুমতিৰ চিঁচিয়া মিহি অথচ তীব্ৰ মাতে অকলসৰীয়া মনত  বহুত মূক-সূদুৰৰ স্মৃতি জগাই তুলিব পাৰে৷ মোৰ বঙলাৰ বাৰাণ্ডাত তিনিও বহি আছোঁ৷ কোনেও খুব বেচি একো এটা কোৱা নাই৷ বিনীতাই সচিত্ৰ আলোচনী এখনৰ পাত লুটিয়াইছে৷ পিঠি ভৰ্তি মেলা চুলি৷ বিমলে ধীৰে ধীৰে আকৌ সেই তাৰ আগৰ কবিতাটো আবৃত্তি কৰিছেঃ

Here he lies

_ earns little, his marriage, was unwisw

_ long, he,is getting thin, hi has not shaved

_what a miscrable living gaze

I should congratulate you if I may

Mother on your worry'. Birthday

you did not makes him prospreous or famous

And fearless is his only talent 

Open up his windows

det in the twittering in the leafy branche,

Kiss his eyes open,

Give him hisnote book ind his ink bottle

Give him a drink milk and watch him go.

বিমলৰ আবৃত্তিত মই আগৰ সুতীব্ৰ দৃঢ় কণ্ঠধ্বনি শুনা নাই৷ আজি কালি বৰ চিঞৰি-বাখৰি কথা ক’বলৈ হেনো তাৰ হেনো মন নাযায়৷ ক্লাছত কেৱল বোৰ্ডত লিখি যোৱাৰ বাহিৰে বৰ বেচি একো কৰিবও নোৱাৰি৷ প্ৰসঙ্গক্ৰমে ল’ৰাবোৰে প্ৰশ্ন সুধিলে বহুত  দিনৰ আগতে বিমলে সোধা নিজৰ প্ৰশ্নবোৰেই আকৌ আহি কাণত অনুৰণন তোলে এনে লাগে৷ বহুত দিনৰ আগতে সি সোধা প্ৰশ্নবোৰ যেন বহুত ঠাইত প্ৰতিধ্বনিত হৈ এতিয়া কিছুমান অবুজ খেলি-মেলি শব্দৰ ঢৌ হৈ আকৌ তাৰ কাণত সোমায়হি৷ প্ৰশ্ন সকলো একেই৷ কিন্তু কিছুমান প্ৰশ্নৰ উত্তৰ সি কাহানিও ঠিক কৰিব পৰা নাছিল৷


তাৰ পাৰ্টিৰ খবৰ, সাহিত্য,অৰ্থ নীতি এইবোৰৰ খবৰ মই তাক একো সোধা নাই৷ তাৰ কথা-বাৰ্তাবোৰতো সেই বিষয়ৰ একো উল্লেখ মই পোৱা নাই৷ বিনীতাইয়ো কিবা হিচাপ কৰি কৰি কথাবোৰ ক’বলৈ লৈছে৷ প্ৰসঙ্গক্ৰমে আমাৰ কথা-বাৰ্তাবোৰে যাতে বেছি দূৰ নাপায়গৈ তাৰ বাবে বিনীতাই পাৰ্য্যমানে চেষ্টা কৰিছে৷ ভুলক্ৰমে কথা-বাৰ্তাবোৰে ৰাজনীতি-সমাজনীতিৰ ফালে ঢাল খালে বিনীতাই বদলাই পেলায়৷ বিনীতাই চিঞৰি চিঞৰি মালীটোৰ লগত ফুলৰ কথা, কোন জোপা ফুল ক’ত ৰুলে ধুনীয়া হ’ব, সেইবোৰ কথা পাতে৷ ৰান্ধনি ল’ৰাটোক চিঞৰি চিঞৰি ৰাতিপুৱা বা গধূলিৰ বাবে কি ৰান্ধিব তাৰ দিহা দিয়ে৷ বিনীতাৰ উদ্যান চৰ্চাৰ প্ৰতি হঠাৎ এই আগ্ৰহ অথবা ৰন্ধন-প্ৰকৰণৰ প্ৰতি হঠাৎ এই উৎসাহ গৃহিণী হিচাপে প্ৰশংসনীয় সন্দেহ নাই৷ অথচ গোটেই কথাবোৰ মোৰ কৃত্ৰিম কৃত্ৰিম যেন লাগিছে৷ বিনীতাই মোক মনে মনে মাতি নি ইঙ্গিততে কৈছেঃ নাটক কৰাৰ দৰে লাগিছে নহয়? তুমি লক্ষ্য কৰিছানে নাই বিমলৰ পৰিৱৰ্তন? কলেজত সোমাই বিমলৰ কথা-কাণ্ডবোৰ একেবাৰে পৰিৱৰ্তন হ’ল৷ আগতে যিজন মানুহে লীডাজ্‌ৰ দৰে কৈছিলঃ I am not a man, I am dyamnite. সেই মানুহটো কেনেকুৱা হৈ গ’ল৷ আজি-কালি বেছি কথা নকয়৷ অকল কলেজৰ ল’ৰা-ছোৱালীবোৰৰ লগতে৷ অহনিৰ্শে লাগি লাগি থাকিলেও কিছুমানে ভাল নাপায়৷ কিছুমানে ভাৱে- সস্তীয়া জনপ্ৰিয়তা লাভ কৰাৰ এইবোৰ কাৰ্যসূচী৷ ল’ৰাবোৰৰ লগত ইমান মুক্ত মানুহজন কিন্তু আন মানুহৰ ওচৰত ভীষণ...৷ এদিন আবেলি দেখিছোঁঃ কলেজৰ ল’ৰা কেইটামানৰ লগত ধুতি কোঁচাই বেডমিKI×ন খেলি আছে৷ চছমাযোৰে বাৰে বাৰে আমনি কৰিছে, ল’ৰাবোৰে বাহিৰৰ ভোমোৰাৰ গুঞ্জনেৰে তামাচা চাইছেঃতেওঁৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই৷

অধ্যাপক আৰু ছাত্ৰৰ মাজত নিবিড় সম্বন্ধ এটাত মই সদায় বিশ্বাসী৷ ছাত্ৰৰ লগত বিমলৰ হলি-গলি, মিলা-মিচাত কিবা অস্বাভাৱিকতা আছে বুলি মোৰ মনে নধৰে৷ যদিও বিনীতাই সেইবোৰ বেলেগ অৰ্থত গ্ৰহণ কৰিছে৷ কাৰণ ছাত্ৰ অৱস্থাতো বহুতো শিক্ষক বা অধ্যাপকৰ মাজত আমি ভালপোৱা বা ভাল লগা কেইজনমানহে আছিল৷ দৰাচলতে সেই কেইজনৰ কথাৰ পৰা আঁতৰি চলা বা সেই কেইজনক অমান্য কৰা আমাৰ বাবে সম্ভৱ নাছিল৷ হয়তো বিমলৰ চেতনাত তেনেকুৱা অনুভূতিয়েই কাম কৰিছে৷ 

সেই গধূলি দুয়োকে আমাৰ ক্লাৱৰ সাংস্কৃতিক অনুষ্ঠান এটা চাবলৈ লৈ গৈছোঁ৷ ‘‘ৰিভাইভেল্‌ অৱ্‌ ইণ্ডিয়া’’ শীৰ্ষক এলানি নৃত্যৰ অনুষ্ঠান৷ ভাৰতৰ সকলো ঠাইৰ লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰে সন্ধ্যাটো বেছ উপভোগ্য হৈছিল৷ হ’ল ভৰ্তি মানুহ নিমাত নিস্তব্ধ হৈ সেই অনুষ্ঠান চালে৷ এটা সুন্দৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশষনত অনুষ্ঠান আৰম্ভ হৈছিল আৰু একে পৰিৱেষনতে শেষ হৈ গ’ল৷ মই বিমলক কেনে লাগিল সোধা নাই৷ সিহঁতক অনুষ্ঠানটো চাই যাবৰ বাবে জোৰ কৰি এদিন বেছিকৈ ডিগবৈত ৰাখিছোঁ৷ মনতে গৰ্ব অনুভৱ কৰিছোঁ যে ডিগবৈৰ সাংস্কৃতিক মনৰ এটা সুন্দৰ নমুনা অন্ততঃ বিমলক দেখুৱালোঁ৷ অনুষ্ঠান চাই অহাৰ পাচতো ঘৰত আলোচনা সমালোচনাৰে বৰ হূলস্থূল একো হোৱা নাই৷ বিমলে এনেয়ে বেচি কথা-বতৰা নোকোৱা হৈছে৷

বিনীতাই কৈছেঃ সকলোবোৰৰে এটা প্ৰাচনী স্তব্ধতা থকাটোৱেই ভাৰতৰ গৌৰৱ নেকি?

বিনুৱে কৈছেঃ মঞ্চৰ পষ্‌চাৎভূমিত থকা নটৰাজৰ মূৰ্তি আৰু সকলো শিল্পীয়ে মীৰ দোঁৱাইছেঃসেয়া স্তব্ধতাৰ মূৰ্তি নহয়, সেয়া সদা-জাগ্ৰত, শব্দময়, ছন্দময় জীৱন-মূৰ্তি৷ কিন্তু সুখ দিব কোনে? হীৰেন,

বিশ্বৰ ছন্দে ছন্দে, মহানন্দেঃআনন্দে নাচাঃতোৰ মনত আছে৷

মনত আছে৷ বহুত কথাকে মনত ৰাখিব লাগিব৷ আজি মি. চক্ৰৱৰ্তীৰ জীয়েকৰ জন্মদিনৰ পাৰ্টী, দুটা পেণ্ডিং ৰিপোৰ্ট তৈয়াৰ কৰা, স্পোৰ্টচ ক্লাৱত টেনিচ ফাইনেল, দেউতাৰ চিঠিৰ উত্তৰ দিয়াঃএইবোৰ চব কৰিবলগীয়া কামৰ কথা মনত আছে৷ দৈনিক দাকবোৰৰ লগতে এটা ডাঙৰ কাম পাইছোঁ৷ খুলি চায়ে মই অবাক হৈছোঁ৷ বিমলৰ চিঠি৷ ফুলস্কেপ কাগজৰ কেৰা পৃষ্ঠাৰ চিঠি৷ এখন নহয়৷ তাৰিখবোৰ চাই পাইছোঁ৷ কেইবামাহো জুৰি সেইবোৰ চিঠি পাইছোঁ কোনোবা তাৰিখত লিখা দুই এখন চিঠি সম্পূৰ্ণ হোৱা নাই৷ ঠিক তাৰ লগতে আন এদিনৰ তাৰিখ দি আকৌ আন এখন আৰম্ভ কৰিছে৷ মাজে মাজে অসংখ্য কাট-কুট৷ কাড় চিন মাৰি ক’ৰবাৰ শব্দ ক’ৰবাত পঢ়িবৰ নিৰ্দেশ দিছে৷ চিঠিবোৰৰ ভাষা সুন্দৰঃভাৱ উচ্ছ৷ কিছুমান অৰ্থ মোৰ বাবে অবোধ্য হৈয়ে আছে৷ মাজে মাজে চৰাই, পুল জাতীয় কিবা কিবি এনেয়ে খেলিমেলিকৈ আংকিছে৷ অনুমান হৈছে কিবা কথা চিন্তা কৰি থাকোঁতে কাদজৰ কাষত কলেমেৰে সেইবোৰ এনেয়ে আঁকি আছিলঃযেনেকৈ বগা-কাগজ এখিলা আৰু ৰঙীণ পেঞ্চিল এডাল পালে সৰু ল’ৰাই আম, গিলাচ বা হাতী বা ঘোঁৰা আঁকি পেলায়, যেনেকৈ কথা পাতি থাকোঁতে খোলা কলম বা কাগজ পালে মোৰ নিজৰ চহীটো মাৰি থাকিবৰ ইচ্চা হয়ঃতেনেধৰণৰ কথাও হ’ব পাৰে৷ অথচ ঘৰত অকলে বিচনাত পৰি সেই চিঠিবোৰ চাই  চাই, বহুবাৰ পঢ়ি পঢ়িও একো এটা পৰিষ্কাৰ ধাৰণা মোৰ হোৱা নাই৷ কেইবামাহেও লিখা চিঠিবোৰ একেলগে পঠাই দিয়াৰ অৰ্থ কি হ’ব পাৰে? তাগানিতে কলেজত কোনে কিমান ধুনীয়া চিঠি লিখে সেইবোৰ কোৱা-বখনা হয়৷ মই কাহানিও ভাল চিঠি লিখিব নোৱাৰিলোঁ৷ মাহেকৰ মূৰত ঘৰলৈ টকা বিচাৰি লিখা চিঠিবোৰ পঢ়ি মায়ে প্ৰায় কৈঠিলঃ চিঠিত লিখিবলৈ তোৰ একো কথা নাইনে? লগৰ দুই এজনে ৰগৰ কৰি কৈছিল চিঠিত বাজে কথা লিখি কোনো লাভ নাই৷ এনেকুৱাও হ’ব পাৰেঃএশ বছৰৰ মূৰত একোখন চিঠিৰ অধিকাৰী হোৱাটোও পৰম সৌভাগ্যৰ কথা হ’ল৷ কোনে ক’ব পাৰে আমাৰ মাজৰ পৰাই এজন মহাপুৰুষৰ জন্ম নহ’ব৷ গতিকে চিঠিবোৰ ভালধৰণে লিখিব লাগে৷ যাতে কোনোবা যুগত ‘‘পত্ৰাৱলী’’ বুলি প্ৰকাশ কৰিলেও তাৰ সাহিত্যিক মূল্য এটা থাকি যায়৷ বিমলৰ চিঠিবোৰ পঢ়ি মোৰ সেইবোৰ কথালৈ মনত পৰিছে৷ মনতে ভাবিছোঁ সযতনে ৰাখিম চিঠিবোৰ৷

প্ৰথম চিঠিখন সৰু কাগজত লিখি পিন মাৰি দিছে৷ 

হীৰেন,

তোলৈ চিঠি লিখিবলৈ সমূলি মন নাছিল৷ হঠাৎ চিঠিবোৰ দেখি তই আচৰিত হ’বি বুলি মই জানো৷ কথা কোৱাটো কমাই দিছোঁ৷ আচলতে কলেজত সোমাই খুব বেচি কথা ক’ব নোৱাৰি৷ কথা শুনিবলৈ কাৰোৰে সময় নাই৷ কিবা এটাতো কৰিব লাগিব৷ লিখি পেলালে মনটো পাতল লাগে৷ কালৈ লিখিম? কাগজৰ সম্পাদকলৈ? ‘‘মতামতৰ বাবে সম্পাদক দায়ী নহয়’’ বুলি লিখা কাগজলৈ চিঠি দিলে কি হ’ব৷ আচলতে মতামতৰ বাবে কোনো দায়ী নহয়৷ প্ৰধানমন্ত্ৰীলৈ? পালিয়ামেKI×ৰ সদস্যলৈ? প্ৰেছিডেKI×লৈ? বিনোৱা ভাবেলৈ? লিখিব পাৰি৷ ইতিমধ্যে বহুতে লিখিছে৷ কিন্তু কাৰোৰে সময় নাই৷ তোলৈ লিখিছোঁঃতোৰ অফুৰন্ত সময় আছে বুলিহে, আচলতে বাহিৰৰ লগত যোগাযোগৰ ব্যৱস্থা এটা থকা ভাল৷ নহ’লে কোঠাৰ ভিতৰত অকলে সোমাই থাকি বন্দীশালত থকাৰ দৰে লাগে৷ কলেজৰ কমন ৰূমত কোনো নাথাকিলে অকলে বহি থাকি কেতিয়াবা যোগাযোগ বিচ্চিন্ন হোৱা মানুহ যেন লাগে৷ কমন ৰূমত এটা ফোনৰ দৰকাৰ৷ আমাৰ নাই৷ প্ৰিঞ্চিপালৰ আছে৷ সৌভাগ্য বশতঃ গুৱাহাটীত ফোনৰ ডায়েল হ’ল৷ প্ৰিঞ্চিপালৰ ৰূমত এদিন অকলে থাকি আমনি লাগি ফোনৰ ডায়েল ঘুৰালোঁ৷ হঁাহিয়ে উঠে৷ প্ৰথমতে নিজৰ নম্বৰকে ঘূৰালোঁ সম্ভৱ৷ মোক যেই কোনো নম্বৰ এটা নম্বৰ লাগে৷ আচলতে কাৰোৰে নম্বৰ নাজানো৷ ফোনৰ নম্বৰ মনত ৰখা মোৰ কাম নহয়৷ ডায়েলৰ ১, ২, ৩, .... এই কেইটা সংখ্যাৰে বহুত ফোনৰ নম্বৰ হ’ব পাৰে৷ ইয়াৰে সেই কোনো দুটা, তিনিটা, চাৰিটা বা পাঁচোটা সংখ্যাৰে পাৰমুটেচন কম্বিনেশ্বন কৰিলে কিমান ফোনৰ নম্বৰ হ’ব বাৰোঁ৷ গুৱাহাটীত ইমানবোৰ ফোন আছে বুলি অনুমান নহয়৷ তথাপি তাৰে যেই কোনো এটা ফোনৰ নম্বৰ মোক লাগে৷ ডায়েল ঘুৰালোঁ৷ প্ৰত্যেক বাৰতে কৈছোঁঃ মই বিমলেন্দু গোহাঁয়ে কৈছোঁঃশুনক৷ উত্তৰ নাই৷ সম্ভৱ তাঁৰ ডালৰ সিটো মূৰত ফোনৰ উত্তৰ দিবলৈ কোনো নাই৷ বোধহয় সিটো মূৰৰ ফোনৰ লগত  আন কোনোবাই যোগাযোগ ৰাখি থৈছে৷ আচলতে বন্ধ কোঠাত অকলে বহি এবাৰত এজনতকৈ বেচি লোকৰ লগত এইদৰে যোগাযোগ ৰাখিব নোৱাৰি৷ নিৰাশ হৈ লিখাকেই আৰম্ভ কৰিলোঁ৷ এটা সুবিধা হৈছে, তাহানিতে লোৱা চছমাযোৰ বদলাই এযোৰ বেলেগ ল’লো৷ লেঞ্চখন দুভাগ কৰি-তলৰভাগ ওচৰত চাবৰ বাবে আৰু ওপৰৰ ভাগ দূৰলৈ বস্তু চাবৰ বাবে সুবিধা কৰি লৈছোঁ৷ ইয়াত সকলোৰে ভাল৷ বিনু ভীষণ ব্যস্ত৷ তোৰ দেখোন একো খবৰেই নাই৷                            

                                                                                ইতি-

তোৰ বিমল

ইয়াৰ পিচৰ চিঠিবোৰত ক’ৰবাত ডায়েৰী লিখাৰ দৰে মাজে মাজে তাৰিখ, ক’ৰবাত কোনোবাখন আধালিখা হৈ ৰৈ গৈছে, মাজে মাজে অসংখ্য কাট-কুট আছে৷ এফালৰ পৰা লাহে লাহে সেইবোৰ পঢ়ি গৈছোঁ৷


গুৱাহাটী

৩১ ডিচেম্বৰ, ১৯৭০ ৷

হীৰেন

ইমান ৰাতিলৈকে উজাগৰে থাকি কাগজ কলম লৈ এইদৰে বহি থকাৰ একো অৰ্থ নাই৷ চিঠিখন কোনখিনিৰ পৰা আৰম্ভ কৰিম তাৰে সিদ্ধান্তলৈ আহোঁতে মোৰ দুঘKI×া গৈছে৷ এই নিৰ্মম-নিস্তব্ধ কালাতিপাত অতি দুঃসহ হৈছে৷ অথচ লিখিবলৈ কথা আছে বহুত৷ এই বগা কাগজ-খিলা এটা চিয়াঁহীৰ টোপাল নপৰাকৈ মৰুভূমিৰ বিস্তৃত, শুকান, ধূসৰ প্ৰান্তৰৰ দৰে হা কৰি মুখ মেলি পৰি আছে৷ এইমাত্ৰ খিৰিকীয়েদি দেখিলোঁ এটা পপীয়া তৰা খহি পৰিল, অথবা অলপ আগতে উকি মাৰি উজনিৰ ৰেলগাড়ী এখন গ’লহি৷ সেইখিনিতে, ঠিক সেইখিনিতে মই চিঠিখন আৰম্ভ কৰিব পাৰিলোঁহেঁতেন৷ বা এয়া বিচনাত অকলে শুই থকা বিনুৱে মুখেৰে ৰিব্‌ ৰিব্‌ কৰি এখন হাতেৰে গাৰুত বা গাৰ কাষত কিবা বিচাৰিছে হয়তো বা মোকেই  বিচাৰিছে৷ এইখিনিৰ পৰা আৰম্ভ কৰা হ’লেও অন্ততঃ চিঠিখনৰ এটা আৰম্ভণি হ’লহেঁতেন৷ কিন্তু মই পৰা নাই৷ এডাল অদৃশ্য সূতাৰে বহুত ঘটনাৰ বহুত কথা একেলগে গাঁথিবলৈ গৈছোঁ৷ সূতা ছিগি যায়৷ হয়তো আজি মোৰ একো লিখাই নহ’ব৷ অথচ এইদৰে, এইদৰে যোগাযোগ বিচ্চিন্ন হৈ বহি থকাৰ একো অৰ্থ নাই৷ তোলৈ এটা লাইন হ’লেও আজি লিখিমেই৷

আজি এই বছৰৰ শেষ দিন৷ কলেজ বন্ধ৷ খ্ৰীষ্ট-মাচৰ আৰু দুদিনৰ পাচত খুলিব৷ বন্ধ থাকিলে অসম্ভৱ বেয়া লাগে৷ কৰিবলৈ একো নথকাটোৱেই আমনি লগা৷ ঘৰৰ ভিতৰতেই কিমান সোমাই থাকিবি৷ বছৰৰ শেষ দিনত গোটেই বছৰটোৰ কাম-কাজৰ খতিয়ান, হিচাপ নিকাচ কৰিব পাৰি৷ হিচাপ পত্ৰ পৰিষ্কাৰ কৰি নতুন বছৰৰ বাবে সাজু হ’ব লাগে৷ যেনেকৈ মাৰোাৰী দোকানীয়ে ফুল তুলসীৰে স্বস্তিকাৰে নতুন খাটা মুকলি কৰে৷ মোৰ দেখোন হিচাপ পত্ৰ একো পৰিষ্কাৰ নহ’ল৷ দৈনন্দিন হিচাপ পত্ৰ ঠিক নাথাকিলেই বছৰৰ শেষত এনেকুৱা হয়৷ গোটেইবোৰেই খেলিমেলি হৈ গৈছে৷ নতুনকৈ পৰিষ্কাৰভাৱে একোৱেই আৰম্ভ কৰিব নোৱাৰিম কিজানি৷

আৰু প্ৰায় আধাঘণ্টা আছে৷ নতুন বছৰ আৰম্ভ হ’ব৷ একেলগে পৃথিৱীৰ সকলো ঘড়ী-ঘণ্টা বাৰ বজাৰ কোব পৰা হ’লে মজা হ’লহেঁতেন৷ একেলগে সকলো চাৰ্চৰ ঘণ্টা বাজি উঠা হ’লেও মজা হ’লহেঁতেন৷ আচলতে এটা ঘড়ীও শুদ্ধ নহয়৷ শুদ্ধ এটা ঘড়ী হ’লহেঁতেন এই পৃথিৱীখন বা এটা চিজিয়াম এটম বা পালচাৰ্‌চ৷ কাৰণ পৃথিৱীৰ আহ্নিক গতিত ভুল নাই অথবা ভুল নাই ৰেডিঅ’ৰ ঢৌ বিকিৰণত৷ সেই কাৰণেই কৈছোঁ প্ৰায় আধাঘণ্টা আছে – প্ৰায় আধাঘণ্টা আগে-পাছে তোৰ কোঠাৰ ফোনটোও বাজি উঠিব৷ নতুন বছৰৰ শুভেচ্চা জনাবৰ বাবে৷ কিন্তু অসুবিধা হ’ল এই যে তই এবাৰত মাত্ৰ এজনৰ লগতহে যোগাযোগ ৰাখিব পাৰিবি৷ ধৰ, মিচেছ চক্ৰৱৰ্তী বা মিচেছ সুব্ৰমনিয়ামৰ লগত৷ মই কিয় নতুন বছৰৰ আৰম্ভণিৰ আগতেই শুই যাম৷ বিনুৰ কপালত লাহেকৈ চুমা এটা খায় এই বছৰটোক বিদায় দিম৷ নতুন বছৰটো কেনেদৰে আহিল তাক চাবৰ মোৰ অকণো হেঁপাহ নাই৷ চকু মুদি টোপনিতে মাত্ৰ শুনি থাকিম অ’ৰ ত’ৰ ঘণ্টা ধ্বনিৰ লগে লগে মনে মনে ক’ব নোৱাৰাকৈ কেনেকৈ এটা বছৰ গুচি গ’ল– আৰু নতুন বছৰ এটা আহিল৷ এটা ভাল কথা এই যে আন্ধাৰতেই এই আগমন নিগমন অনুষ্ঠান শেষ হৈ যায়৷

ক্লাছৰ ল’ৰাবোৰে  খুব সুন্দৰ প্ৰশ্ন সোধে৷ সুন্দৰ প্ৰশ্ন সোধা ল’ৰাবোৰলৈ খুব মৰম লাগে৷ নিজে জনা সকলোবোৰ কথা সিহঁতৰ মগজুত সোমাই দিবৰ ইচ্চা হয়৷ মগজুৰ লগত জিনৰ সম্বন্ধ আছে৷ তেতিয়া হ’লে জিন্‌-চিন্‌ খেচিচে পৃথিৱীৰ সকলো সমস্যাৰ ওৰ পেলাব বুলি তই ভাবনে? আমাৰ ষ্টাফৰ আটাইতকৈ বয়োবৃদ্ধ শইকায়া চাৰৰো এটা সমস্যা হৈছে৷ ৰিটায়াৰ হ’বলৈ আছে মাত্ৰ ছমাহ৷ মূৰৰ চুলি শূণ্য প্ৰায়৷ চাৰৰ বিয়া দেৰীকৈ হৈছে৷ প্ৰিয় ছাত্ৰবোৰ চব ডাঙৰ মানুহ৷ প্ৰভিডেKI× ফাণ্ডৰ টকা উলিয়াই দুজনী জীয়েকক বিয়া দিলে৷ পঞ্চম পুত্ৰৰ বৰপুত্ৰই মেট্ৰিকৰ  দেউনা পাৰ হ’ব নোৱাৰি ৰাজ্যত হূলস্থূল কৰি ফুৰে৷ ভীম-অজুৰ্নেও ভাল চাকৰি পাব পৰাকৈ পৰীক্ষা পাছ কৰিব পৰা নাই৷ নকুল-সহদেৱো তথৈৱচ৷ ৰিটায়াৰ হোৱাৰ পাচত শইকীয়া চাৰ গাঁৱলৈ যাব৷ পৈত্ৰিক ভেটি অকণ বিচাৰিব ভায়েকহঁতৰ পৰা৷ ভায়েকহঁতে নিদিবওটো পাৰে? নিশ্বয় পাৰে৷ চাৰৰ এতিয়া বোলে আৰু বহুত সমস্যা হ’ল৷ সমস্যা গধুৰ গা৷ বহি থাকিলে বহি থাকিব মন যায়৷ উৰিব আৰু নোৱাৰি. আনহাতে সুদৰ্শন ডেকা অধ্যাপক  পৱন বৰুৱাই শ্যেলী-কীটচ্‌ পঢ়াই অকল উৰি ফুৰিবহে বিচাৰে৷ আকাশৰ–ওপৰলৈ আৰু ওপৰলৈ৷ শইকীয়া চাৰে কথা-বতৰা, ভাব-ভঙ্গীৰে অহৰহ যেন ক’ব খোজে– ‘‘পলোৱা, পলোৱা, পলাই সাৰি যোৱা৷’’ কথা-বতৰা নোকোৱাকৈ বাতৰি-কাগজখন আগত লৈ কমন ৰূমৰ চুকৰ চকীখনত তলমূৰকৈ শইকীয়া চাৰ বহি থাকিলে মোৰ ভাৱ হয় চাৰ এটা ‘ভৰ’ আৰু হাঁহি তামাচা কৰি ঘুৰি ফুৰা পৱন বৰুৱা এটা শক্তি৷ অৱশ্যে পৱন বৰুৱাৰো ‘ভৰ’ আছে৷ নহ’লে গোটেইখিনি ‘শক্তি’ লৈ পৰিৱৰ্তন হোৱা হ’লে তেওঁ দেখোন কিবা হৈ গ’লহেঁতেন৷ বহুসংখ্যক মানুহ বয়স হোৱাৰ লগে লগে পূৰামাত্ৰাই ‘ভৰ’ হৈ যায়–  complete lump of mass.

ক্লাছত ল’ৰাবোৰে ভাল প্ৰশ্ন সোধে৷ কিছুমান প্ৰশ্নৰ বহু হাজাৰ বছৰ আগেয়েও একো অৰ্থ নাছিল৷ অথচ এটা ল’ৰাই কালি এটা প্ৰশ্ন তৎক্ষণাৎ সুধি দিলে– ‘চাৰ, জীৱনৰ অৰ্থ কি? তাৰ উত্তৰ এটা বিচাৰি মই এতিয়াও বিমোৰত পৰিছোঁ৷ জীৱনৰ অৰ্থ? এটা পুৰণা প্ৰশ্ন– হ’লেও তাৰ এটা উত্তৰ থাকিব লাগিব৷ হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থাকিবৰ বাবে মানুহক কৃচ্চ-সাধনৰ একো অৰ্থ নাই বুলি উৰাই দিয়া কথা নহয়৷ ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ বুলি প্ৰমাণ কৰাৰ অলপ পিচতে ইউক্লিডৰ জিওমিট্ৰি পৃথিৱীৰ ধৰাতলত ভুল বুলি একেবাৰে ল’ৰাক বুজাবৰ চেষ্টা কৰাৰ একো অৰ্থ নাথাকিলেও জীৱনৰ অৰ্থ আছে৷ অৰ্থ নাই সমান কাগজত ভূমণ্ডলৰ ছবি আঁৰি দেখুৱাৰ–

১০

বহুতে কোৱা শুনিছোঁ কলেজবোৰ ৰাজনীতিৰ উতপ্ত শয্যা হৈ পৰিছে৷ hot-bed of politics. উতপ্ত শয্যা হোৱা কথাটো সচাও হ’ব পাৰে৷ তেনে বিছনাত শুই ইকাতি-সিকাতি কৰি– ইচাট্‌-বিচাট্‌ কৰি থকাৰ বাহিৰে আন উপায় নাই৷ কলেজত বহুত পাৰ্টিৰ মানুহ আছে৷ সকলোৱে সোঁ-বাঁও পথ অদল-বদল কৰিথাকে–সম্ভৱ শয্যা উতপ্ত হোৱাৰ বাবেই৷ ছাত্ৰৰ ৰাজনীতিত একাংশ গ্ৰহণ বিতৰ্কত ব্যস্ত হৈ থাকিলেও ইয়াত ৰাস্তাত শ্লোগান গাই ছাত্ৰক ঘুৰি ফুৰা দেখিছোঁ৷ সেয়া সু-স্বাস্থ্যৰ লক্ষণ বুলিয়েই মই কম৷ কিন্তু আকৌ ইলেক্‌চনৰ হূলস্থূলবোৰ দেখিলেই মোৰ ‘ঘা আৰু ধনুপাট’লৈ মনত পৰিছে৷ হায়! গ্ৰীক বীৰ ফিলোকেKI×টচ্‌৷ বীৰ মহাশয়ৰ গাত হোৱা ঘাডোখৰৰ দুৰ্গন্ধৰ বাবে তেওঁৰ নিৰ্বাসন হৈছিল৷ হ’লে কি হ’ব, তেওঁৰ হাতত এপাট শক্তিশালী মন্ত্ৰপুত ধনু আছে৷ এদিন গোটেই সাম্ৰাজ্যৰ মানুহে সেই বীৰক বিচাৰি উলাল৷ তেওঁৰ হাতত থকা মন্ত্ৰপুত অস্ত্ৰপাতৰহে খুব দৰকাৰ৷ কিন্তু তেওঁক নহয়৷ তেওঁৰ যে ঘা হ’ল, তেওঁ ঘৃণিত, তেওঁ নিৰস্ত্ৰ হওক৷ Save democracy, Save Nation বুলি সকলোৱে হূলস্থূল লগাইছে৷ সকলোৱে অস্ত্ৰবোৰ দি দিয়ক৷ এতিয়া মোৰ কাম মোৰ পাৰ্টি৷ তই সুধিব বিচাৰিবি মই পাৰ্টি বাদ দিলোঁ নেকি? আচলতে আজিকালি মই কথা কোৱাটো কমাই দিলোঁ৷ ইতিহাসৰ যুক্তিত মোৰ বিশ্বাস আছিল আৰু আছে৷ পৃথিৱীত কাৰোৰে কিন্তু আন্তৰিকতা নাই৷ এতিয়া মই  দেখিছোঁ– চিৰদ্বন্দ্বমান প্ৰৱাহিত ইতিহাসৰ পুৰাতন গতিয়েই অব্যাহত হৈছে– চক্ৰকাৰে৷ Principle of Least action – এটা নিয়ম৷  এই নিয়মেৰেই বোধহয় গ্ৰহ-উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে ঘুৰে৷ বোধহয় এটা গ্ৰহে কৰিব পৰা আটাইতকৈ সহজ কাম হ’ল– চক্ৰাকাৰ পছত ঘুৰি থকা৷ এটা সৰল দৈৰ্ঘ্য গতিত ইতিহাসৰ মুক্তি হ’ব পাৰে৷ মই সেই গতিতে আছোঁ৷ সোঁ নহয়, বাঁও নহয় মফিজুদ্দিনৰ বাট–

পৰহিলৈ কলেজত আলোচনা চক্ৰ পাতিছে৷ শিক্ষাৰ উদ্দেশ্য, শিক্ষক-ছাত্ৰৰ সম্পৰ্ক ইত্যাদি ধৰণৰ বিষয়৷ হয়তো ময়ো কৰিব লাগিব৷ আচলতে জীৱনৰ অৰ্থ বাছি উলিওৱাটো ডাঙৰ কথা৷ গধূলি আকৌ ৰাতিৰ কলেজলৈ আহিব লাগিব৷  Night Shift ফেক্টৰীত কাম কৰাৰ দৰে শুনাইছে নহয়৷ বিনুৰ ভাল৷ তোৰ খবৰ লিখিবি৷ ইতি

বিমল৷

হীৰেন

বহুত দিন তোৰ পৰা একো চিঠি পত্ৰ পোৱা নাই৷ অৱশ্যে ময়ো কালৈকো একো লিখিব পৰা নাই৷ মনৰ ভিতৰতে বহুত কথাই গুজৰি-গুমৰি থাকে৷ কিন্তু লিখিবৰ বাবে বেলিকা চব খেলি মেলি হৈ যায়৷ বহুতে কৈছে মই আজি কালি খুব অকলসৰীয়া হৈ গৈছোঁ৷ বিনুৱেও সেই বুলি কয়৷ আচলতে মানুহবোৰৰ এই ধাৰণা ভুল৷ মই অকলে যোগাযোগ বিচ্চিন্ন হৈ ঘুৰি ফুৰাটো একেবাৰে পছন্দ নকৰোঁ৷  আকৌ কিহবাৰ ভয়ত যদি মানুহবোৰ জুম জুম হৈ ঘুৰি ফুৰিছে৷ সেইটো আৰু দুখ লগা কথা৷ কিন্তু মানুহবোৰ যে জুম বান্ধি ফুৰে– সকলোৰে নি(য় মৃত্যু ভয়, অপহৰণৰ ভয় আদি আছে৷ মোৰ এইবোৰ ভয় নাই৷   

–আই মৰাৰ পিচত বহুত মানুহে আমাৰ ঘৰত খবৰ কৰিবলৈ আহিছিল৷ প্ৰায় সকলোঁৱেই এটা হুমুনিয়াহ পেলাই কৈছিল– যাবৰ সময় হ’ল, য’ৰ বস্ত ত’লৈ গুচি গ’ল৷ ঠিক আছে, আইক পুৰি পেলোৱাৰ পাচত ধোৱাবোৰ ওপৰলৈ উৰি গ’ল–ওপৰৰ বস্তু বাবে৷ হাড়-মূৰ, এঙাৰ-ছাইবোৰ পৃথিৱীৰ বস্তুবোৰ পৃথিৱীতে থাকিল–যেনেকৈ গছৰ গুটি এটা তললৈ সৰি পৰে–য’ৰ বস্তু ত’ত৷ কিন্তু মোৰ আই? মাজতে যে ইয়াত থাকিবলৈ আহিল সেই জীৱনৰ অৰ্থ কি? ক্লাছৰ ল’ৰাবোৰৰো প্ৰতিটো প্ৰশ্নৰ অন্তৰালত নিহিত থাকে আচল প্ৰশ্নটো–জীৱনৰ অৰ্থ কি? ইয়াৰ এটা পৰিষ্কাৰ অৰ্থ তই দিব পাৰিবিনেকি? মানুহে বক্তৃতাত কয় জীৱনৰ অৰ্থ ভাৰততে আছে৷ সচাকৈ আচেনে? সৰু ল’ৰা এটা হৈ কান্দি কান্দি ভাগৰি শুই যাবলৈ মন যায়৷

–আচলতে মানুহৰ জোখবোৰ কাহানিও শুদ্ধ নহয়৷ শুদ্ধ হ’ব নোৱাৰে৷ সকলো আপেক্ষিক৷ সেই কাৰণেই জীৱনৰ পৰিচ্চন্ন অৰ্থ এটাৰ ইমান অভাৱ–

–আমাৰ পিচত আহি আন কোনোবাই আমি লোৱা জোখবোৰ ভুল বুলি জোখ ল’ব৷

নতুন নতুন জোখ৷ জোখ ল’ব৷

কেৱল জোখকে ল’ব

কেতিয়া চিলাৰ কোনে মানুহৰ জোখৰ চোলাটো?

ঙ্ম ঙ্ম ঙ্ম

Principle of least action কথাটো বিমলেন্দু ঘোষেও তেতিয়াহ’লে মানে৷

২৯৷৩৷৭১


হীৰেন

চিঠিবোৰ ডাকঘৰত দিম দিম বুলি থাকোঁতেই সময় গ’ল৷ আজি আকৌ তই কোৱা কথা এষাৰ মনত পৰিল৷ সচাকৈ মোক যীচুখৃষ্টৰ দৰে দেখায় নেকি? মোৰ মুৰত কাঁইটৰ মুকুট মই চক্ৰবাহী যীচু–

‘‘ৰক্তেৰ অক্ষৰে দেখিলাম

চিনিলাম আপনাৰে

আধাতে আখাতে

বেদনায় বেদনায়

সত্য যে কঠিন

কঠিনেৰ ভালোবাসিলান৷’’

–আচলতে সুখ বিচৰাটো এটা ধৃষ্টতা মাথোন৷ নীত্‌জেই কৈছিল– ইংৰাজসকলৰ বাহিৰে কোনে সুখ বিচাৰে? কোনো সুক্ষ্ম মন পৃথিৱীত সুখী নহয়৷ আইলৈ মনত পৰিছে৷ দেউতাৰ কাহানিও পৰাজয় নহ’ল৷ বিনুৱে কৈছে–


৩৷চ্ছ্ৰ৷৭১

বিনুৱে সেইদিনা কি কৈছিল এতিয়া পাহৰিলোঁ৷ আচলতে ছাত্ৰ এজন আহি সেই সময়তে বেলেগ এচা প্ৰশ্নৰ অৱতাৰণা কৰিলে৷ যেইকি নহওঁক ভালে আছোঁ৷ তোৰ কেনে?

ইতি–তোৰ–বিমল

বহুত দিন তোলৈ চিঠি লিখা নাই৷ আগৰ চিঠিবোৰ মোৰ কলেজৰ ড্ৰয়াৰতে আছে৷ আজি চব পঠাই দিম৷ মুঠতে আজি মোৰ প্ৰথম কাম হ’ব তোলৈ চিঠিবোৰ পঠাই দিয়া৷

আজি মোৰ অসম্ভৱ ভাল লাগিছে৷ মুকলি মুকলি পাতল পাতল৷ তাদানিতে  টিলাই লোৱা চৰ নতুন সাজ সোলোকাই পেলালোঁ৷ আচলতে সেইবোৰে গা গধুৰ কৰিছিল৷ গা-ধোৱা ঘৰত সোমাই সম্পূৰ্ণ উলঙ্গ হৈ গা ধুইছোঁ৷ সৰু ল’ৰাব দৰে পানীত খেলি থাকিবলৈ মন যায়৷ হৃদয় আজি মোৰ কেমনে গ’ল খুলি–

–এজন সন্ন্যাসী দেখিছোঁ৷ আহাৰ নিদ্ৰা, মৈথুন, ভয়ৰ বহুত দূৰত৷ দৰিদ্ৰ তাৰ কঠিন বল, মৌনতাৰ আবেগ, নিষ্ঠাৰ কঠোৰ শান্তি আৰু উদাৰ গাম্ভীৰ্যৰে মোক অবাক কৰিছে৷ কালৰ ধুমুহাত প্ৰাণৰ ভয়ত জুম বান্ধি মানুহবোৰ দৌৰিছে আৰু দৌৰিছে–কিন্তু অবিচলিত শক্তিৰে দীপ্ত তীক্ষ্ণ দৃষ্টিৰে সেই সন্ন্যাসী ৰৈ আছে–


১০

জু-ৰোডৰ আশে-পাশে¸ এইডোখৰ ঠাই বেছ নিজঞ্জাল৷ গাড়ী, ঘোঁৰা, মটৰ, মানুহ, হ’কাৰ, ভিক্ষাৰীৰ খুব হূলস্থূল এটা নাই৷ ৰাতিৰ কিন্‌ কিনীয়া বৰষুণত ৰাস্তাৰ পীচ্‌ তিতি আছে৷ অধ্যাপক দম্পত্তিৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিঙত আউজি সন্মুখৰ পাহাৰ চলন্ত ৰেলগাড়ী আৰু ৰক্তাভ সূৰ্যে্যাদয় চাব পাৰি৷ বাৰাণ্ডাত হ’কাৰে পেলাই যোৱা বাতৰি কাগজত চকু ফুৰাইছোঁ৷ প্ৰাত্যহিক পত্ৰিকাৰ সংবাদ শিতান আজিকালি যুদ্ধ, হত্যা, ৰকেটৰ খবৰেৰে ভৰি আহে৷ মানুহ স্বাভাৱিকতে হয় যোদ্ধা, প্ৰেমিক অথবা চিকাৰী, এতিয়া কিন্তু আকাশত উৰিবৰ প্ৰবৃত্তি এটা মানুহৰ হৈছে৷

বিনীতাই চাহৰ টেবুললৈ মাতিছে৷ ঘৰত ভাত-পানী ৰন্ধা ল’ৰাটোৱে টেবুলত ইচো-সিটো যোগাৰ দি আছে৷ বিনীতাই শ্বাল এখন গাত মেৰিয়াই লৈছে৷ চাহ কাপ বাকি মোলৈ আগবঢ়াই দিছে৷ বিনীতাৰ হাতৰ আঙুলিবোৰ শীৰ্ণ হৈছে৷ নীলা ৰক্তবাহী শিৰাবোৰ প্ৰকট হৈ পৰিছে৷

–‘‘জানা হীৰেন, ৰাতি একেবাৰে টোপনি নহ’ল৷ ডাক্টৰী হিচাপত ইও এটা বেমাৰ৷ খুব বেয়া চিন্তা কিছুমান মগজুত সোমাই পোকৰ দৰে কামুৰি থাকে৷ একেবাৰে শান্তি নাপাওঁ৷ বাহিৰত খিৰিক্‌কৈ শব্দ এটা হ’লেও বাৰাণ্ডাৰ লাইট জ্বলাই ওলাই আহোঁ৷ পুৱাবেলা চিল্‌মিল্‌ টোপনিত শুনিলোঁ কোনোবাই যেন বাগিৰত চিঞৰি মাতিছে– বিনু, বিনু, বিনু, তুমি মাতিছিলা নেকি?

–‘‘নাই মতা’’, মই ক’লো৷

–পাচক ভাবিলোঁ ‘‘হয়তো সপোনত তুমিয়েই মোক মাতিলা৷’’

আচলতে ৰাতি মই নিৰ্দিষ্টকৈ একো সপোন দেখা নাই৷ দেখিছিলোঁ যদিও সেইবোৰ একো মনত নাই৷ চব খেলিমেলি৷ তাৰ মাজত বিনীতা নাই৷ থাকিলেও সপোনত মই কথা নকওঁ৷ হয়তো সকলোবোৰ বিনীতাৰ মনৰ ভাৱ৷ লক্ষ্য কৰিছোঁ হিনীতাৰ চকুৰ পতাত যেন টোপনিৰ আবেশ লাগি আছে৷ চকুৰ কাষবোৰ ক’লা পৰিছে৷

–বিনু, তুমি খুব ভাগি পৰিছা,

–হয়তোবা ভাগি পৰিছোঁ৷ কালি তুমি অহাৰ পাচৰপৰাই বহুত কথাই তোমাক কবৰ বাবে মন মোৰ উচ্‌-পিচাই আছে৷ সকলো কথা লুকঢাক নোহোৱাকৈ তোমাক কৈ দিলে কিজানি পাতল হৈ যাম৷ বিমলেও কৈছিল সকলো কথা চিঞৰি চিঞৰি কৈ দিলে নিজকে পাতল লাগে৷ বিমলৰ লগত খুব ভালদৰে কথাকে পতা নহ’ল৷ কথা পাতিবলৈ সময় পালোঁৱেই বা ক’ত? পিচলৈ উভটি চাই কেতিয়াবা দেখোঁ এৰি অহা দিনবোৰত অকল বিমলেই বক্তা আৰু আমি আছিলো শ্ৰোতা, নহয়?

বিমলৰ খবৰ ক’ত কৰিম তাৰ একো নিৰ্দিষ্ট পৰিকল্পনা মই এতিয়াও ঠিক কৰি ল’ব পৰা নাই৷ বিনীতাই কথাবোৰ ইমান আত্মীয়তাৰে ইমান একান্তভাৱেৱ ক’বলৈ আৰম্ভ কৰিছে যে চাহ খোৱাৰ পাচতো মই যাওঁ বুলি সোনকালে উঠিব পৰা আশা নাই৷ ‘‘মোৰ কি ভাৱ হৈছে জানা হীৰেন তেওঁ এইবাৰ গৈছে’’– যোৱা কালিৰ নিনীতাৰ এই কথাষাৰ মোৰ কাণত সঘনে বাজিব লাগিছে৷ চিগাৰেট এটা জ্বলাই লৈছোঁ ৷ বিনুক ক’বলৈ দিছোঁ, মই মাত্ৰ শুনি যাম৷

–কলেজৰ পৰা অহাৰ পাচত বিমলে প্ৰায়ে কয়–বিনু, তুমি কোৱা কথাবোৰ সকলোবোৰ ল’ৰাবোৰে বুজি পাইছে বুলি তোমাৰ বিশ্বাস হয়নে?

–কিয়? ল’ৰাবোৰে বুজি নোপোৱা হ’লে নি(য় আকৌ সুধিলেহেঁতেন, মই কওঁ৷

ল’ৰাই বুজা নুবুজা পাচৰ কথা৷ মোৰ নিজৰে বিশ্বাস নহয় যে লিহণতে মোৰ কথাবোৰ বুজে৷ কাৰণ কিছুমান কথা আছে সেইবোৰ ক’বৰ বাবে বা বুজাবৰ বাবে পৃথিৱীৰ একো ভাষাই যথেষ্ট নহয়৷ কিছুমান শব্দ তোমাৰ মুখৰ পৰা উলাই আহে–যিবিলাকৰ দ্বাৰা নিৰ্দিষ্ট, পৰিচ্চন্ন একো অৰ্থকে তুমি ল’ৰাহঁতক দিব নোৱাৰিলা৷ কাৰণ তোমাৰ কথা শুনি ল’ৰাহতৰ চকু মুখত একো অভিব্যক্তি ফুটি নুঠিল৷ সিহঁত চিন্তামুগ্ন হৈয়েই থাকিল৷ আচলতে সত্য এটা সহজ কথাৰে বা শব্দৰ চাতুৰিৰে উদঙাই দিয়া খুব সহজ কথা নহয়৷ অথচ আজি পান বজাৰৰ মুখত মাইক্ৰফোন এটা লৈ এজন মানুহে এটা কথা ক’ব কলে যিটোক ক’ব পাৰি যোৱা পঞ্চাশ বছৰৰ ভিতৰত কোৱা আটাইতকৈ সঁচা কথাটো– যেনে ৰাইজসকল... এটকাৰ এই টিকটতে সোতৰ লাখ টকাৰ অধিকাৰী কোন হ’ব–সেইটো কোনেও ক’ব নোৱাৰে৷ সিও ক’ব নোৱাৰে৷

বিমলৰ কথাবোৰ আছিল এনেকুৱা৷ কলেজ ছুটীৰ পাচত ভাবোঁ দুয়ো একেলগে ঘৰলৈ যাম৷ ৰিক্সাৰ হুড্‌ খহাই লৈ পৰম গৌৰৱত গৃহাভিমুখী অধ্যাপক দম্পত্তি গৈ আছে, কাষেৰে যোৱা ছাত্ৰৰ এটা নমষ্কাৰ অথবা ফুচ ফুচ্‌কৈ কোৱা শুনো-নুশুনো মন্তব্য, ৰিক্সা ৰখাই গধূলিৰ বজাৰ, এটা ব্যস্ত দিনৰ পাচত পৰস্পৰে পৰস্পৰক নিবিড়ভাৱে পোৱাৰ এটা বাসনা–এয়া অন্যায় আছিল? কিন্তু বিমল কোনো দিন ৰাতিৰ আগতে ঘৰলৈ নাহে৷ কাহানিবা অপৰিসীম ক্লান্তি লৈ ঘৰলৈ আহি গোম হৈ বিচনাত পৰি দিয়ে৷ কেতিয়াবা আকৌ ইমান হাঁহি-স্ফূৰ্তি কৰি ওলাবহি যে মোৰ একো কথা নুশুনে৷ নিজেৰ কথাৰেইৰগৰ কৰি হাঁহিয়েই থাকে৷কয়, জানা বিনু আজি মনটো খুব পাতল লাগিছে–এনেয়ে উৰি দিম, উৰি দিম লাগিছে৷

এদিন ৰাতি বিছনাত পৰি বিমলৰ হাত এখন মোৰ তলপেটত ৰাখি বিমলক কলোঁ–

–গম পাইছাঁ?

–কি? অকৰা মানুহৰ দৰে বিমলে সুধিলে৷

–আমাৰ নতুন আলহী–

বিমলৰ হাত কোঁচ খায় গ’ল দ্ৰুতভাৱে৷ ওপৰলৈ মুখ কৰি কিছু সময় চিন্তা কৰিলে৷ তাৰ পাচত বাহিৰলৈ ওলাই আহিল৷ বাৰাণ্ডাৰ ৰেলিঙত আউজি আকাশ চালে৷ শুক্ল পক্ষৰ ৰাতিৰ আকাশ৷তৰাবোৰ উজ্বল৷ হাতীপটি পৰিষ্কাৰ৷ মই আহি সন্তপনে বিমলৰ বাঁউসীত মোৰ হাত ৰাখিলোঁ–

–কি হ’ল?

–একো হোৱা নাই৷

–কি ভাবি আছা?

–তৰাবোৰৰ কথা৷ অনন্ত আকাশে বহি কোন তোমালোক, কি কাৰণে ধ্যানমগ্ন কিবা সুখ-দুখ৷ প্ৰত্যেকটো তৰাই পৃথিৱীতকৈ সহস্ৰ গুণ ডাঙৰ৷ তেতিয়াহ’লে ইমানবোৰ তৰাৰ সেইখন ঠাই–মোৰ অঙ্ক বা তোমাৰ ফিজিক্সে তাৰ এটা প্ৰকৃত বিচাৰ দিব পাৰিবনে?

বিমলৰ এইধৰণৰ কথাবোৰত মাজে মাজে মই বিভ্ৰান্ত হৈ যাওঁ৷ অথচ কমন ৰূমত, ক্লাছত মই সদায় ৰাংঢালী হৈ থাকিবলৈ চেষ্টা কৰোঁ৷ বিমলে ভালপোৱা কবিতাবোৰ মই মই ঘৰত চিঞৰি চিঞৰি আবৃত্তি কৰোঁ, বিমলে ভালপোৱা অৰ্থনীতি, ৰাজনীতি, ধৰ্মনীতিৰ কিতাপবোৰ তেওঁৰ আগত মেলি ধৰি তাৰ একোটা অধ্যায়ৰ ওপৰত বক্তৃতা দিবলৈ কওঁ৷ ক্ৰমাৎ বাঢ়ি অহা মোৰ স্ফীত উদৰেৰে বিমলৰ গাত হেঁচি ধৰোঁ৷ যেন আমাৰ মাজত শুইথকা তৃতীয় ব্যক্তিয়ে তেওঁৰ মৃগ-চেতনাত এটা আলোড়ন দিব পাৰে৷

কথাৰ মাজতে বিনীতাই ৰান্ধনী ল’ৰাটোক ভাত-পানী ৰান্ধিবলৈ কৈছে৷ যাতে মই একেবাৰে খাই বৈ ওলাই যাব পাৰোঁ৷ মই ইতিমধ্যে বিমলৰ বেলেগ এখন ছবি মনতে আঁকি লৈছোঁ৷ বিনীতাই চোফাখনত একেবাৰে সৰ্ব-শৰীৰ পেলাই দি বহি ল’লে৷

–মাজতে কলেজত এটা পৰীক্ষাত অঙ্কৰ প্ৰশ্ন টান হ’ল বুলি আপত্তি কৰি ল’ৰাই পৰীক্ষা নিদি পৰীক্ষা হলৰ পৰা ওলাই আহিছিল৷ সেই ল’ৰাবোৰৰ সহানুভূতিতে আন আন বিষয়ৰ পৰীক্ষাৰ্থীবোৰো পৰীক্ষা নিদি ওলাই আহিল৷ কলেজৰ খেল পথাৰত ছাত্ৰ-ছাত্ৰীবোৰে মিটিং পাতিলে, প্ৰস্তাৱ ল’লে৷ গধূলি বিমলে আহি ক’লেহি– প্ৰশ্ন টান কৰি দিয়াটোও হেনো এটা বুৰ্জোৱা মানসিকতাৰ পৰিচায়ক৷ এইটো কথা তুমি স্বীকাৰ কৰা নেকি? ল’ৰাবোৰে বক্তৃতাত কৈছে–প্ৰশ্নবোৰ টান কৰি দি পৰীক্ষাত সকলোকে ফেল কৰোৱাই গণতন্ত্ৰত এচাম মানুহৰ হাতত ক্ষমতা কেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে৷ মই কথাটো খুব গভীৰভাৱে ভাবি চাইছোঁ৷ প্ৰশ্ন টান মানে তাৰ উত্তৰতো নোহোৱা নহয়? সেই দিনা বিমল ভীষণ ক্লান্ত হৈ পৰিছিল৷ ইয়াৰ কিছুদিনৰ পাচতে মানে এতিয়াৰে পৰা দুমাহৰ আগতে সেই  দুধৰ্ষ ঘটনাটো ঘটিল৷ আচলতে তাৰ আগলৈকে মোৰ কোনো কম্‌প্লেইন নাছিল৷ ভাবিছিলোঁ সকলোবোৰ খুব নিয়াৰিকৈ, সময়মতেই হৈ যাব৷ কিন্তু হঠাৎ অসম্ভৱ বিষ অনুভৱ কৰিলোঁ৷ তোমালৈয়ো খবৰ দিয়া নহ’ল৷ তেজপুৰৰ পৰা দেউতাও আহি হস্পিটেলত মোৰ অপাৰেচন্‌ হৈ যোৱাৰ পাচতহে পাইছিলহি৷  অপাৰেচন থিয়েটাৰলৈ অনাৰ পাচত তাৰ ব্যৱস্থা, আদৱ-কায়দা, নাৰ্ট ডাক্টৰৰ চুটি চুটি কথা– এইবোৰ দেখি মোৰ নিশ্চিত কিবা এটা যে হ’ব ধৰিছে, মই নিঃসন্দেহ হ’লোঁ৷ অপাৰেচন হৈ যোৱাৰ পাচতো মই প্ৰায় দুদিন একো ক’ব নোৱাৰোঁ৷ গাত কেবা-বটলো ব্লাড ভৰালে৷ কেইবাদিনৰ পাচতহে অৱশ্যে মই গম পাইছোঁ যে মোৰ জৰায়ু বন্ধ কৰি দিয়া হৈছে৷

বিনীতা ভীষণ ক্লান্ত হৈছে৷ এই গোটেইবোৰ কথা মোক নকলেও মই ইতিমধ্যে জানি পেলাইছোঁ৷ মই বিনীতাক ভিতৰৰ বিছনাতে অলপ আৰাম কৰিবলৈ কৈছোঁ৷

–হ’ব দিয়া, এতিয়া একো কষ্ট নাই৷ চিলাই শুকাই গৈছে৷ ভিতৰতে হ’লেও ঘুৰি ফুৰিব পাৰিছোঁ৷ হস্পিটেলত থাকোঁতে বিমল দৈনিক দুবাৰকৈ মোৰ ওচৰলৈ গৈছে৷ ফ্লাক্সত গৰম গাখীৰ, বেগ ভৰ্তি ফল-মূল, মই হাততে পোৱাকৈ ৰাখি যায়৷ মোৰ মূৰত হাত ফুৰাই দিয়ে৷ মই বমলৰ চকুলৈ চাই একো ক’ব নোৱাৰোঁ৷ কেতিয়াবা ভাৱ হয় বিমলৰ আগত মই চিৰদিনৰ বাবে বোবা হৈ যাম৷ এবাৰ পূৰ্ণ হৈও কেনেকৈ উদং হৈ গ’লোঁ৷

–কুৰিদিন মানৰ পাচত হস্পিটেলৰ পৰা ঘৰলৈ আহি ল’ৰাটোক বিমলৰ কথা সুধিছোঁ৷ সি কৈছে মই হস্পিটেলত থকা কেইদিন বিমল ৰাতি বহুত পলমকৈ ঘৰলৈ আহে–কাহানিবা ৰাতি নাহেই৷ সি গোটেই ৰাতি বাৰাণ্ডাৰ লাইট জ্বলাই দুৱাৰ-খিৰিকী বন্ধ কৰি ওচৰৰ সৌ শইকীয়াহঁতৰ ঘৰৰ পৰা চাই থাকে৷ মই হস্পিটেলৰপৰা অহাৰ পাচত দেখিছোঁ বিমলে যেন ঘৰত থাকিবলৈ ইচ্চা নকৰে৷ দেখাত হাঁহি মাতিয়েই ফুৰে অথচ যেন গোটেই মানুহজনেই কিবা এটা বুজিব নোৱাৰা সাথৰ হৈ গ’ল৷

–সেইদিনা বহুত ৰাতি পলমকৈ ঘৰলৈ আহিল৷ মই ইমান দেৰী ক’ত আছিল সুধিলোঁ৷ বিমলে ক’লে– ষ্টেডিয়ামত পিং পিং খেলা এখন হৈছিল–ভাৰতৰ এক নম্বৰ খেলুৱৈৰ লগত অসমৰ এক নম্বৰৰ খেল৷ অসম্ভৱ ভাল লাগিল খেল চাই৷ খেল চাই থাকোঁতেই কিমান দেৰী হ’ল ক’বই নোৱাৰিলোঁ৷ টেবুলত নাটি থকা  পিং পিং বলটোৰ লগে লগে চিযঁৰ-বাখৰ, হাত-তালিৰে গেলাৰীৰ মানুহবোৰেও নাচি উঠে৷ ব’ল ৰৈ গ’লে সকলো ৰৈ যায়৷ মানুহবোৰে হয়তো ভালপালেহেঁতেন যদি চিৰদিন বলটো টেবুলখনত নাচিয়েই ফুৰিলেহেঁতেন৷ কাৰণ চিয়ঁৰ-বাখৰৰ লগে লগে গোটেই মানুহবোৰ পাতল হৈ যায়–যেন ঘৰটোৰ সৈতে সকলো উৰি যাব৷ কথাখিনি কৈ কিছু সময় বিমল ৰ’ল৷ চছমাৰ নালেৰে মৃদুভাৱে কপালত টুকুৰিয়ালে৷ এটা চিগাৰেট জ্বলাই ললে৷ ধৰৰ ভিতৰতে বিছনাৰ ওচৰত এনেয়ে দুবাৰমান ধীৰে ধীৰে অহা-যোৱা কৰিলে৷ তাৰ পাচত আকৌ ক’লে–‘মোৰ কি ভাৱ হৈছে জানা বিনু, এতিয়া গোটেই পৃথিৱীতে অকল পিং পঙৰ খেলা হৈছে৷ সকলোৰে পং পঙৰ বল এটাৰ দৰে হৈ যোৱাৰ ইচ্চা হ’ল৷ যদি বলটো মাটিত নপৰিলেহেঁতেন, যদি সি ওপৰে ওপৰে ঘুৰি ফুৰিলহেঁতেন তেন্তে আৰু মজাৰ হ’লহেঁতেন৷

মোৰ অপাৰেচনৰ পাচত সেইদিনাহে খুব নিবিড়ভাৱে একেবৈৰে ওচৰত বিমল শুইছিল৷ বিমলে ভাবিছিল হয়তো খুব ওচৰচ থাকিলে অসতৰ্ক মুহূৰ্তত, টোপনিত ক’ব নোৱাৰাকৈয়ে মোৰ অপাৰেচন কৰা ঠাইত গাত-ভৰি লাগিলে মই দুখ পাই যাম৷ সেইদিনা মোৰ খুব ওচৰলৈ আহিল৷ মোৰ কাণৰ ওচৰত মুখ গুজি দিলে৷ মোৰ বুকুৰ মাজত হাত এখন সুমাই  বুকুত আধুলি বুলাবলৈ ধৰিলে৷ এডাল এডালকৈ তাঁৰবোৰ যেন চিঙি গৈছে৷ কথা হ’ল জনান্তিক৷ সেইবোৰ আকাশ, ৰকেট, কেপচুল আকাশত শস্যৰ খেতিৰ কথা৷ স্থিৰ প্ৰতিজ্ঞাৰ একো ভাৰ মোৰ তেতিয়া নাছিল৷ স্পন্দনশূণ্য কিবা এটাত মই পৰি পৰি থাকিলোঁ৷ পিচদিনা বিমলে ক’লে– জানা বিনু, কালি কি সপোন দেখিলোঁ জানা, এটা বেলুনৰ নিচিনাকৈ, বতাহ ভৰোৱা এটা, বেলুনৰ দৰে উৰি গৈ আছোঁ, উৰি গৈ আছোঁ....৷

–হীৰেন, তুমি দেখোন একো কোৱা নাই৷ অকল ময়েই কৈ আছোঁ–বিনীতাই খন্তেক বিৰতিৰ পাচত ক’লে৷

–মই কি কম? সকলোবোৰ তোমালোকৰে কথা, মই মাত্ৰ এজন  শ্ৰোতা আৰু দৰ্শক–মই কলোঁ৷

–আচলতে আজিকালি সকলো কথাতে দৰ্শক আৰ শ্ৰোতা হ’লে কষ্ট কম হয়৷ কাৰণ খোজ নাকাঢ়ি স্থিৰ হৈ ৰৈ থাকিলে তুমি উজুতি খোৱাৰ ভয় নাথাকে৷

বিনীতা লাহেকৈ উঠিল৷ ৰাস্তা দেখ খিৰিকীখনৰ পৰ্দাখন ডাঙি দিলে৷ এজাক চেঁচা বতাহে আমাক কোবাই গ’ল৷ বিনীতা, বিনুৱে মুখত আউলি-বাউলি হৈ সিচৰিত হৈ পৰা চুলি দুই হাতেৰে পাচলৈঠেলি সেজ লগালে৷ মোৰ মুখলৈ চাই বিনীতাই ক’লে–

–জানা হীৰেন, এতিয়া মোৰ কি ভাৱ হৈছে? ময়ো যেন উৰিব পাৰিম৷ আজিকালি বাথ-ৰূমত নগ্ন হৈ নিজকে চাবলৈ ঘীণ লাগে৷ এই যে তলপেটৰ কটা দাগটো, তাৰ পৰা তলৰ অংশ নাই যেন লাগে কেতিয়াবা৷ হস্পিটেলৰ গন্ধ এটা অহৰহ নাকত লাগি আছে৷ কেতিয়াবা সেই গন্ধযুক্ত পাতল বতাহবোৰ মোৰ শৰীৰত সোমাই মোক যেন পাতল কৰি পেলাব–এটা বেলুনৰ দৰে আৰু কিবা প্ৰকাৰে, চেকেণ্ডত আঠ মাইল, বেগেৰে পৃথিৱীৰ মাটি এৰি দিম–’ বিনীতা লাহে লাহে ভিতৰলৈ গৈছেগৈ৷

মই এটা স্থবিৰ কাল-সন্ধিত ৰৈ আছোঁ৷৷


Post a Comment

0 Comments