*
১
পুৱাই আহি দুয়োটা মেইনৰোড পালোঁহি৷
আজিৰ তাৰিখতে মাতি পঠিয়াইছে৷
তিনিআলিটোত¸ দূৰণিবটীয়া যাত্ৰাৰ বাবে সাজু হৈ অহা তিনি-চাৰিজনমান যাত্ৰীৰ বাহিৰে মানুহ নাই৷ ৰহিম ষ্ট’ৰৰ বাৰাণ্ডাৰ কাঠৰ বেঞ্চখনত তিনিজনমান পুলিচ বঢ়ি আছে৷ হাতত লাঠি৷ ৰাস্তাটোৰ ঠিক মাজ অংশতে গপত গংগাটোপটোৰ দৰেই পুলিচৰ এচৰ্কট গাড়ীখন ৰৈ আছে৷ তিনিআলিটোৰ ইটোপাৰে কেইটামান কুকুৰ আৰু কাষতে থকা জাৱৰৰ দ’মটোত কেইটামান অঘৰী কাউৰী দম্ভেৰে ঘুৰি ফুৰাৰ বাদে আজি এইটুকুৰা ঠাই উকা বুলিয়েই ক’ব পাৰি৷ আমি তিনিআলিটোৰ বাঁওফালৰ সৰু ঘুমটিখনলৈ গৈলৰালৰিকৈ ফিকাচাহ দুকাপ খাই ল’লো৷ একাপত পাঁচটকাকৈ৷ জালুক দিয়া চাহ৷
ঘুমটিৰ ৰেডিঅ’ত বাজি আছে মহম্মদ ৰফীৰ–‘দিৱানা হুৱা বাদল৷’ সন্মুখৰ ডাষ্টবিনটোৰপৰা কাউৰীৰ কোৰ্হাল আৰু অকটা গোন্ধ আহি আমাৰ কাণে-নাকে সোমাইছেহি৷ ঘুমটিৰ মালিকে চাহ সোনকালে খাবলৈ কৈছে৷ বন্ধ কৰে হেনো৷ কিবা লাফ্ৰা হ’ব পাৰে বুলি ফোনত কাৰোবাৰ সৈতে কথা পাতি আছে৷ তত্ ধৰিব নোৱাৰিলোঁ ৰাতিপুৱাই কিহৰ বা লাফ্ৰা৷
‘বাইদেউ, কোনফালে যাব? আজি পাাৰিব জানো?’– ৰহিম ষ্ট’ৰত বহি থকা পুলিচ এজন আহি এইবাৰ মাৰ কাষতে ৰ’লহি৷ মাৰ চিনাকি পুলিচ৷
‘ল’ৰাটোক ডাক্টৰ এজনৰ ওচৰলৈ নিব লাগে৷ আজিয়েই মাতি পঠিয়াইছে৷’
‘আজি বন্ধ দিনটোত যাব পাৰিব জানো?’
আজি আকৌ কিহৰ বন্ধ– আমি ইটোৱে সিটোলৈ আচৰিত হৈ চালোঁ৷
‘নগ’লেই নহয়৷ ইয়াক ডাক্টৰ এজনৰ ওচৰলৈ নিব লাগে’৷
মাৰ উত্তৰ শুনি পুলিচজনে সহজকৈ বন্ধটোৰ বিষয়ে কিবা অলপ বুজালে৷ সাৰমৰ্ম ইমানেই যে– জাতীয় সংগঠন এটাই দিয়া বন্ধ৷ মূল্য বৃদ্ধি নে সেইধৰণৰ কিবা প্ৰতিবাদতে অসম বন্ধ দিছে৷ কোনো কোনো ঠাইত সংগঠনৰ ল’ৰামখাই খুব উৎপাত কৰিছে৷ আজিকালি দেশৰ পৰিস্থিতি আগৰদৰে হৈ থকা নাই৷ বন্ধ বুলি শুনিলেই হ’ল; দেশ, ৰাজ্যৰ সকলো সচেতন, অসচেতন নাগৰিক নিমাওমাও হৈ পৰে৷ তাতে বন্ধৰ দিনটোত সংগঠনৰ ল’ৰাৰ মাৰ-ধৰ, বাহন জ্বলাই দিয়া এইবোৰ অসভ্যালি আছেই৷ বন্ধৰ দিনত যদি দুখনমান গাড়ী নজ্বলিল, তেন্তে সংগঠনৰ সন্মানটো বাচিল ক’ত!
আমিহে মহা বিপদত পৰিলোঁ৷ নগ’লেওচোন নহয়! আমাৰো সা-সুবিধাৰ কথা আছে৷ ইফালে মোৰ বেমাৰটোৱে যি উক দিছে, উশাহ ল’ব নোৱাৰি কোনোবাদিনা সিপুৰি পামগৈ বুলি মোৰ মনত অহেতুক ভয় এটাই লগ নেৰা হৈছে৷ কি দিনটোত বাৰু আজি ফচিলোঁহি! আজিহে বন্ধ হ’বলৈ পালে! কি কৰা যায়!
‘যাব নোৱাৰিমনে চাগৈ কেনেবাকে’– পুলিচজনক প্ৰশ্নটো কৰিলোঁ যদিও হঠাৎ এনেকৈ বন্ধৰ খবৰটো শুনি আমি দুয়োটা চিন্তাত হৈ পৰিলোঁ৷ ইমান দূৰ যাব লাগিবগৈ তাতে৷ ৰাতিপুৱাও একো খবৰ নাপালোঁ৷ নহ’লে ঘৰৰপৰাই নাহিলোঁহেতেন! এনেকৈ চিন্তা-ভাৱনা কৰি সময় পাৰ কৰি থাকোঁতেই দেখিছোঁ আমাৰ চিন্তা-দুচিন্তাক মন ভাল লগাবলৈকে সম্ভৱ গাড়ী এখন লালুকৰ দিশৰপৰা উলাইছেহি৷
হয় গাড়ী এখন আহিছে৷ চুপাৰ৷ ‘গুৱাহাটী টু ধেমাজি’ লিখা আছে৷ আগ-পাছ নুগুনি আমি লৰালৰিকৈ সেইখনতে উঠি ল’লোহি৷ গাড়ীত উঠিলোঁ যদিও বন্ধৰ কথাটোৱে মনটো খুন্দিয়াই থাকিলহি৷ হাজাৰ হওঁক, বন্ধ বুলিলেই ভয় লাগে৷ কত যে কি অথন্তৰ ঘটে! টিভিটো অন কৰিবই নোৱাৰি, ফেচবুকতো সেই একেই খবৰ৷ আজিকালি কিবা এটা হ’লৈই হ’ল, লগে লগেই লাইভ দেখিবলৈ পোৱা যায়৷ ধেমাজিলৈকে বাৰু সদ্যহতে চিন্তা নাই; ধেমাজিৰপৰা গাড়ী নাপালে কি হ’ব! ডাক্টৰজনেও আজিয়ে মাতি পঠিয়াইছে৷ মাৰ মনটোও বন্ধৰ কথা শুনি শুকাই গৈছে৷ কিন্তু মায়ে এবাৰলৈয়ো ঘৰলৈ ঘুৰি যোৱাৰ কথা কোৱা নাই৷ ময়ো সাহ কৰিয়েই সেয়েহে মনে মনে গাড়ীখনত বহিলোহি৷ কেনেবাকৈ যাব পাৰিলেই হ’ল আৰু৷ মায়ে গাড়ীৰ চিতৰপৰাই ঈশ্বৰক কাকূতি কৰা দেখিলোঁ৷ বিপদৰ সময়ত মাৰ বাবে ঈশ্বৰেই শেষ ভৰষা৷ ফলাফল যিয়েই নহওঁক কাকূতি কৰাৰ ত্ৰুতি নকৰে৷ মইহে মানুহটো সম্পূৰ্ণ ওলোটা হ’লো৷
চুপাৰত উঠিছোঁ যেতিয়া গোগামুখলৈকে চিন্তা নাই৷ তাৰ পাচত কিবাকৈ হ’লেও ঘাটলৈ যাব পাৰিলেই হ’ল৷ ইটোপাৰে বন্ধৰ প্ৰভাৱ নহ’বওটো পাৰে৷ কিছুদূৰ যোৱাৰ পাচতে দুই এজন যাত্ৰীৰ মুখেৰে শুনিছোঁ– কদমত হেনো প্ৰতিবাদকাৰীয়ে কোনোবা ব্যৱসায়ী এজনৰ গাড়ী ভাঙিছে৷ ৰাজপথত টায়াৰ জ্বলাইছে৷ সেয়েহে দুই-এজনক ঘৰৰপৰা আগতীয়াকৈয়ে ফোন কৰি সতৰ্ক কৰি দিছে৷ মানে আজি মানুহৰ গাত অসম বন্ধ বাৰুকৈয়ে লাগিছে৷ আমাৰ ফালেচোন বন্ধৰ কোনো সাৰ-সুৰ নাছিল৷ তাতে কালি ৰাতি টিভি ছোৱাও নহ’ল৷ ফেচবুকতোচোন কোনো আগতীয়া আলোচনা নচলিল! ইমান হঠাৎ বন্ধ হ’লনে! কি যে হ’ল অসমখন! কোনদিনা কোনে বন্ধ দিয়ে, কি কাৰণত দিয়ে আমি সাধাৰণ নাগৰিকবোৰে তাৰ একো গমকে নাপাও৷ গম পালোৱেই যেনিবা, কৰিমনো কি! ভাবো, দেশ বা ৰাজ্য এখন কেনেকৈ এটা দিনৰ বাবে কোনোবা সংগঠনৰ একচেতিয়া সম্পত্তি হৈ পৰে যে ইচ্ছা কৰিলেই বন্ধ ঘোষণা কৰিদিব পাৰে৷ ৰাইজৰ বন্ধ বুলি প্ৰচাৰিত এই বন্ধবোৰত কিমানসংখ্যক ৰাইজে সহমত প্ৰকাশ কৰে আচলতে! মত-অমতৰ বাবে সুবিধাই পায় ক’ত! বন্ধই বিপদ মাতে নে প্ৰগতি আনে! সংগঠনৰ নেতাৰ বন্ধৰ পাচফালে থকা মোটা কমিচনৰ অংকবোৰ সাধাৰণ জনতাই উমান পায়নে!
গাড়ী গৈ লখিমপুৰ টাউন পালেগৈ৷ হাতীলুঙৰ টেল ডিপুটোও বন্ধ বাবে গাড়ী উভটাই অনা হ’ল৷ সদা ব্যস্ত ৰাস্তাটো আজি ইমান মুকলি! গাড়ীৰ স্পিড আনদিনাতকৈ যথেষ্ট বেছি দেখিলোঁ৷ আশা কৰা ধৰণেৰেই টাউনতো মানুহৰ সমাগম আনদিনাৰ তুলনাত কম৷ তিনিআলিবোৰত কেৱল কেইটামান কুকুৰে পহৰা দি ফুৰিছে৷ দোকান-বজাৰ বন্ধ৷ আধাঘণ্টামান ক’ৰ্টৰ কাষতে আমাৰ গাড়ী ৰখোৱা হ’ল৷ কদমৰ কেচটো কিছু শান্ত হোৱালৈ টাউনতে আমিবোৰ ৰৈ দিয়াটো ভাল বুলি যাত্ৰীৰ মাজত আলোচনা চলিল৷
এঘণ্টামান এনেদৰে কটোৱাৰ পাচত যেনিবা গাড়ী পুনৰ ষ্টাৰ্ট দিলে৷ ভয় আৰু শংকাৰ মাজেৰে কদম পাৰ হওঁতে দেখিছোঁ ইতিমধ্যে পুলিচ-মিলিটেৰীয়ে সমগ্ৰ তিনিআলিটোত পিয়াপি দি আছে; বগীনদীৰ তিনিআলিটোতো মানুহৰ সমাগম আছিল আঙুলিৰ মূৰত গণিব পৰা৷ দেশ আৰু জাতিৰ সুৰক্ষাৰ কাৰণে মাত মতা সংগঠনৰ নেতাবোৰেই বন্ধৰ দিনটোত সেই দেশৰে জনতাৰ ওপৰত ইমান হাৰাশাস্তি কৰে! ভাবিলেই আচৰিত লাগে৷ এবাৰ এনেদৰে বন্ধ এটাত বগিবীল দলঙৰ ঠিক ওচৰতেই আমাৰ কলেজৰ দল এটা স্থানীয় প্ৰতিবাদকাৰীৰ শিলগুটিৰ আক্ৰমণৰপৰা কোনোমতে বাচি আহিছোঁ৷ গাড়ীৰ বহুকেইখন গ্লাছ ভাঙি দিছিল বন্ধ সমৰ্থকে৷ বগীনদীৰ পেট্ৰল পাম্পতো তেল ভৰাবপৰা নগ’ল৷ গেটৰ সন্মুখতে ট্ৰাক আৰু ডাম্পাৰৰ দীঘলীয়া লাইন৷ কাষৰ ফুটপাতটোত থকা ফাষ্টফুডৰ দোকানবোৰ টিউপালেৰে ঢাকি থোৱা হৈছে৷
গাড়ী গৈ গোগামুখ পালেগৈ৷ ইয়াতো সেই একেই৷ আনদিনা হোৱা হ’লে এইটুকুৰা ঠাইত মানুহৰ সমাগম মেলা-বজাৰৰদৰে হ’লহেঁতেন৷ ইতিমধ্যেই আমাৰ বহু পলম হৈ গৈছে৷ গাড়ী ৰৈ ৰৈ যাব লগা হৈছে৷ তাকো আগদিনাৰ চুপাৰ বাবেহে হেনো পাৰ হৈ যাব পাৰিছে৷ নহ’লে গাড়ী পাৰ কৰি নিয়াটো কোনোপধ্যেই সম্ভৱ নহয়৷ কোনে ক’ৰপৰা আহি নিমিষতে উৎপাত কৰি দিব, তাৰ ঠিকনা নাই৷ গাড়ীলৈ শিলগুটি দলিয়াব, আগভেটি ধৰি অভদ্ৰামি কৰিব, ড্ৰাইভাৰ-হেণ্ডিমেনক পিটিব, গাড়ী জ্বলাব; কত যে কি কি! গোগামুখতে আধাঘণ্টামান আকৌ এলাংপৰীয়া হৈ ৰ’লো৷ দুই এখন স্থানীয় টেম্পু, টম্-টমৰ বাহিৰে ইমান ডাঙৰ চাৰিআলিটোত এখনো গাড়ী নাই৷ চেণ্টাৰটোৰ সিটোপাৰে সংগঠনৰ ল’ৰাবোৰ আছেই৷ কেন্দ্ৰীয় কমিটিক ভিডিঅ’ ফুটেজ দেখুৱাব লাগিব স্থানীয় এলেকাটোত সিহঁতৰ নিজা দম কিমান৷ সন্মানৰ কথাও জড়িত হৈ আছে৷ ৰাজপথত টায়াৰ জ্বলি আছে৷ ধোৱা উৰি আছে৷ আমি ৰৈ ৰৈ বন্ধৰ আলেখলেখ চালো, অন্য বিকল্পও নাই৷ মায়ে এবাৰ কিছু দূৰ খোজকাঢ়িয়েই আগবঢ়াৰ কথা ক’লে৷ গাড়ী এখন কেনেবাকৈ পালেও হয়তো চাৰিআলিটোতে প্ৰতিবাদকাৰীৰ সন্মুখৰপৰা আমাক উঠাই নিবলৈ ড্ৰাইভাৰে ভয় খাব পাৰে৷
হয়, মাৰ অনুমানটো শুদ্ধ আছিল৷ কিছুদূৰ খোজকাঢ়ি যোৱাৰ পাচতে টেম্পু এখন পালোঁ৷ দুজন যাত্ৰী উঠি আহিছে৷ স্থানীয় ড্ৰাইভাৰ৷ সেইখনতে উঠি বৰদলনিলৈকে আহিলোঁ৷ বৰদলনিৰ পৰাহে টেম্পু আগলৈ নাযায়, ড্ৰাইভাৰজনৰো সেই একেই ভয়৷ ইয়াৰপৰা আগলৈ হেনো লোকেল বুলি দম দিলেও কামত নাহিব৷ আগৰ তিনিআলিত সংগঠনৰ ল’ৰা থাকিব পাৰে, গাড়ী ভাঙি দিব বোলে৷ উপায়ন্তৰ হৈ টেম্পুৰপৰা আমি চাৰিজন মানুহ নামি আহিলোঁ৷ এতিয়া বাৰুকৈয়ে অনুভৱ কৰিছোঁ; আজিৰ দিনটোত উলাই আহি কিমান ডাঙৰ ভুল কৰিলোঁ৷ এতিয়া ইফালেও নহ’ব সিফালেও নহ’ব৷ দ’লহাটৰপৰা ঘৰলৈকে উভতি যোৱা হ’লেও! মোতকৈয়ো মাৰ চিন্তা বাঢ়ি আহিল৷ যোৱাবাৰ এনেকুৱা এটা দিনতে হেনো মাৰ সম্বন্ধীয় পেহাকৰ গাড়ীখন গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল৷ মই মাৰ ওপৰতে সমস্ত দোষ জাপি দিলোঁ– ‘আমি দ’লহাটৰ পৰাই ঘৰলৈকে ঘূৰি যাব লাগিছিল৷ আপুনিও একোকে নক’লে৷ এতিয়া ইয়াত আহি ভাবি থাকিলে কি হ’ব!’
‘ডাক্টৰে আজিয়েই মাতিছে বাবেহে ময়ো পাৰিলে যাওঁ বুলিয়েই সাহ কৰিলোঁ৷’
‘ঘাটলৈকে যাব পাৰিলে কিবা এটা হ’ব৷ সিটো পাৰে চাগৈ বন্ধৰ প্ৰভাৱ কম হ’ব৷– মই ক’লো৷
‘যদি সিপাৰলৈ যাব নোৱাৰোঁ?’
মাৰ উত্তৰ– ‘কিবা এটা উপায় উলাব৷’
‘এইটো অঞ্চলত মোৰো কোনো চিনাকী নাই, ৰাতি থাকি দিবলৈ৷ খাব কি, থাকিব ক’ত!’
‘ৰচোন আবেলিলৈ হ’লেও কিবা এটা হ’ব৷’–মাৰ সান্তনা৷
আকৌ সেই আধাঘণ্টামান তেনেকৈয়ে এলেং-গেঠেংকৈ গ’ল৷ এসময়ত নিৰাশাৰ শুকান বালিত আশাৰ সঞ্চাৰ ঢালি ট্ৰেভেলাৰ এখন সন্মুখৰপৰা আহি থকা দেখিলোঁ৷ এইচোৱা গাঁৱৰ এলেকা বুলি চাগৈ গাড়ীখন চলিছে৷ ৰখালোঁ৷ মানুহ কম৷ গাড়ী ঘাটলৈকে যাব হেনো৷ সিপাৰৰপৰা কাৰোবাৰ বিয়াৰবাবে মাল আহিব৷ কিন্তু ড্ৰাইভাৰ, হেণ্ডিমেনৰো ভয়, কিজানি সংগঠনৰ মানুহে পালে দিক্দাৰ কৰে! যথেষ্ট সতৰ্কতাৰে গাড়ী আগবাঢ়িল৷ সাধাৰণতে এইচোৱা বাটৰ ভাৰা ত্ৰিছ টকা৷ কিন্তু গাড়ীখনে এই পাঁচ কিলোমিটাৰতে আমাৰপৰা এশ টকা ৰাখিলে৷ হেণ্ডিমেনে বন্ধৰ সুবিধা লৈছে৷ লওঁক৷ বিপদৰ সময়ত যদি মানুহেই মানুহৰ দুৰ্বলতাৰ সুবিধা নলয়, কোনেনো ল’ব৷
টেকেলীফুটা ঘাট পোৱালৈকে বাৰ বাজি গৈছে৷ আমি গাড়ীৰপৰা নামোতে সম্ভৱ পাঁচ-ছজনমান মানুহ ঘাটত ৰৈ আছে৷ দুই-একৰ সৈতে কথা পাতি গম পালোঁ তেওঁলোকৰো সেই একেই অৱস্থা৷ এগৰাকীৰ হেনো খুলখালীয়েকৰ বিয়া, নগ’লেই নহয়৷ দুজন যাব লাগে হেনো শিৱসাগৰ কলেজলৈ৷ কাইলৈ কলেজৰ ইণ্টাৰভিও আছে৷ নাও চলিব নে নাই এতিয়াও নি(য়তা নাই৷ ঘাটৰ মালিকেও খাটাংকৈ ক’ব পৰা নাই৷ সংগঠনৰ ল’ৰাবোৰেহেনো পাছত বৰ দিক্দাৰ দিয়ে৷ সকলোৰে একেই ভয়৷
সময়বোৰ গৈ আছে৷ চালভাৰ দ্য ডাৰ্লিৰ লৌহ ঘড়ীটোৰ পৰা খণ্ড খণ্ডকৈ সময়বোৰ খহি পৰাৰ দৰে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ খণ্ড-বিখণ্ড দ্বীপবোৰৰ মাজেৰে যেন তীব্ৰ বিদ্বেষ আৰু দাম্ভিকতাৰে ব্ৰহ্মপুত্ৰৰ জলাধাৰ অসীমলৈ ধাপলি মেলিছে৷ এঘণ্টামান অনিশ্বয়তাৰে বাট চোৱাৰ পাচত দিচাংমুখৰপৰা নাঁও এখন টেকেলীফুটা ঘাটলৈ এৰিব বুলি খবৰ আহিল৷ মাৰ মুখত হাঁহি দেখিলো৷ হঠাৎ ঘাটটোৰ ব্যস্ততা পূৰ্বতকৈ বাঢ়িল৷ নাঁও চলিব তেন্তে৷ কাষৰ ঘুমটিখনৰপৰা কেচা বুত আৰু পাপৰ মিক্সাৰ কৰি কিনি ল’লো৷ ঘুগুনি আৰু চাইমদৰ গোন্ধই গোটেই ঘাটটোক নিজৰ আয়ত্তলৈ আনিলে৷ আজি বন্ধ বাবে হেনো ভাত, পৰঠা ৰেডি কৰা নাই৷ নহ’লে ঘাটৰ পাৰত গাহৰিৰ মঙহৰ সৈতে গৰম ভাত তেনেই সুলভ৷ লোকেল মাছো উভৈনদী৷ ইতিমধ্যেই ধূলিয়ে আমাৰ গাৰ বৰণ বিকৃত কৰি পেলাইছে৷ নাকৰ বেমাৰটোৱেও মোক অধিক অস্থিৰ কৰি তুলিছে৷ উশাহ লোৱাত যথেষ্ট কষ্ট পাইছোঁ৷ নাওখন ঘাট চাপিবৰ পৰতে সোঁফালৰ মঠাউৰিটোত দেখিছোঁ– এজাক মানুহ বাছ এখনেৰে আহি নামিছেহি৷ হাতত খোল, নাগ্ৰা, তাল৷ ক’ৰবাত ভাওনা আছে বা আছিল নিশ্চয়! নাৱে লঙ্গৰ পেলালে৷ এজন-দুজনকৈ মানুহবোৰ ডাঠ কাঠ এছটাৰ ওপৰেৰে মৰণত শৰণ দি নামি আহিল৷ এইবাৰ আৰু এছটা ডাঠ তক্টা নিৰ্দিষ্ট জোখত পাৰি দিয়া হ’ল৷ পাঁচখনমান বাইক আৰু গাড়ী দুখনমান লাহে-লাহে নামি আহিল৷ এজনে ভয়ে ভয়ে গাড়ীখন নামালে৷ মিচিং মানুহ এটাই– ‘নমৰ দে’, ‘ইমান ভয় অচমিয়া চবৰ’ বুলি ব্যংগধৰ্মী বাক্যবান এৰিলে৷ এইবাৰ সিপাৰলৈ যাবলৈ খাপ পিতি ৰৈ থকা মানুহবোৰ নাৱত উঠাৰ পাল৷ সকলোৱে খৰখেদা লগালে৷ মই আৰু মা চেগ বুজি প্ৰথমতেই নাৱত উঠিলোহি৷ পাঁচ-ছয়খনমান বাইক আৰু এখন বিলাসী গাড়ী নাৱত উঠিল৷ সিপাৰলৈ নিবলৈ গাহৰিৰ খাঙৰ সৈতে দুই-তিনিখনমান চাইকেলো উঠিল৷ বিশ মিনিটমানৰ ভিতৰতে নাওখন ওভটনি যাত্ৰাৰ বাবে সাজু হ’ল৷ আনদিনা হোৱা হ’লে নাৱত জোখতকৈ কিমান মানুহ বেছিকৈ উঠালেহেঁতেন! লঙ্গৰ এৰি তিনিজনমান মানুহে নাওখন নৈৰ মাজলৈ হেচি দিলে৷ মেচিনৰ বিকট শব্দ হ’ল৷ ক’লা ধোৱা এসোপা উপৰলৈ বটিয়াই দি নাওখনে নিজৰ বাট ল’লে৷
সোঁত ফালি ফালি দিচাংমুখৰ দিশেৰে আমাৰ নাঁও আগবাঢ়িল৷ কিমান অনিশ্চয়তাৰে আগবাঢ়ি যোৱা এই ৰোমাঞ্চকৰ যাত্ৰা৷ হাতৰ মুঠিত জীৱটো যমলৈ আগবঢ়াই দি ৰৈ থকাৰ দৰেই নাৱৰ এই গৈ থকাৰ গতি৷ যুগ যুগ ধৰি ইয়াৰ প্ৰান্তীয় মানুহবোৰে এইদৰেই দুঃশাহস কৰি আছে৷ চৰকাৰৰ ৰ’পৱে, এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিলাতি স্বপ্নই গঞা ৰাইজৰ কৌটিকলীয়া এই যাতায়াত ব্যৱস্থাক কোনোদিন চেলেঞ্জ কৰিব নোৱাৰে৷ এই যাত্ৰাত যি ৰোমাঞ্চ আছে, যি সিঁহৰণ আছে, সেয়া ফৰ্লেণ্ডৰ বিলাসিতাই দিব নোৱাৰে৷ ঘাটৰপৰা কিনি অনা চব্মিছল চানাৰ টোপোলাটো খুলিলো৷ ভাৱৰীয়া দলটোৰপৰা দুজনমানে বাঁহী উলিয়াই ল’লে৷ নদীৰ মাজত বাঁহীৰ সুৰ৷ এই বাঁহীৰ মাতটোৱে মন-প্ৰাণ নিমিষতে উৰুৱাই নিয়ে৷ এনেয়েও বাঁহীৰ সুৰে পুৰণি দুখবোৰ বুকুলৈ উজাই আনে৷ কিমান ৰিঙা-ৰিঙা, উকা-উকা বাঁহীৰ এই মাত৷ এজনে সুৰ দিলে– ‘কেনেকৈ পাৰ কৰিম ৰাধিকা সুন্দৰী; ঘাটত নাইকীয়া নাওঁ৷’ দুজনে লগে-লগে খোল-তাল সঙ্গত কৰিলে৷ নাৱৰ ভিতৰচৰাত হৰিনামৰ অমৃতৰ নদী ব’বলৈ ধৰিলে৷ নাওঁ আগবাঢ়ি গৈ থাকিল৷ বাঁহীৰ সুৰে আউলি-বাউলি কৰি কোবাই পেলোৱা মোৰ মন মনন ব্ৰহ্মপুত্ৰৰ বিশালতাৰ মাজত বিলীন হৈ গ’ল, চকুযোৰ ব্যস্ত হৈ পৰিল সন্মুখত বহি থকা অচিনাকী মানুহবোৰৰ মুখমণ্ডলৰ চেতন-অৱচেতন ভাৱনা বুজাত৷
২
নাৱৰপৰা নামোতেই লাগিছিল কাজিয়াখন৷
আপঙৰ ঘাটি থকা ঠাইত কেতিয়া কাজিয়া লাগে, কেতিয়া ভাঙে তাৰ লেখ-জোখ নাই৷
নাৱৰপৰা নামি অহা মানুহবোৰক কোনে সোনকালে টানি নি নিজৰ গাড়ীত বহুৱাবগৈ তাৰ অঘোষিত প্ৰতিযোগিতা এখন ঘাটৰ কাষত গাড়ী ৰখোৱা ড্ৰাইভাৰৰ মাজত অহৰহ চলিয়েই থাকে, আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ তেনেই যেন টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ লাষ্ট ফাইভ অভাৰৰ খেল৷ মই জানো– ভাতৰ বাবেই এই কাজিয়াবোৰ, ভোকৰ বাবেই কাজিয়াবোৰ৷ এয়া নদীত থকা প্ৰতিটো ঘাটৰে নিত্ত নৈমিত্তিক ঘটনা৷ হঠাৎ দেখিছোঁ ল’ৰা এটাই খিন-মিন মানুহ এজনীৰ বেগটো ধৰি নিজৰ গাড়ীলৈ টানিছে৷ আন এটাই মানুহজনীৰ আনখন হাতত ধৰি ইফালে টানিছে৷ অকনমানি কেচুৱাটোৰ সৈতে মানুহজনী এই বালিত পৰোঁ পৰোঁ৷ লগে লগে চুটি-চাপৰ ল’ৰাটোৰ গালত মানুহজনীৰ এটা প্ৰচণ্ড চৰ্৷ একাংশৰ হুলস্থূল৷ আমি বাকীবোৰ যাত্ৰীয়ে ভেবা লাগি চাই থকাতে থাকিলোঁ৷ এই ঘাটত যাত্ৰীৰ কোনোবাই ডাঙৰকৈ মাত মতা মানেই তাৰ দেহত ‘লোকেল দাদা’ই সৰিয়হ ফুল বাচি পেলাব৷ কাজিয়াৰ চেগ বুজি এটা সময়ত মা আৰু মই পাৰলৈ উঠিলো৷ ইয়াত প্ৰথম টিপতে গাড়ীকেইখন ধৰিব নোৱাৰিলে আকৌ এঘণ্টামান ফচিব লাগিব৷ তাতে আজি বন্ধৰ কথা৷
‘তই এবাৰ ডাক্টৰজনলৈ ফোনটো লগা৷ আমাৰ সমস্যাটোৰ কথা জনা৷অলপ দেৰিকৈ হ’লেও আমি পামগৈ বুলি ক’ – মায়ে মোক গাড়ীত উঠিয়েই ক’লে৷
‘ৰ’ব, নেটৱৰ্ক নাই৷ ফোন মাৰি আছোঁ৷’
উখ-চাপৰ বালিৰ ৰাস্তাটোৰে গাড়ী চলিল৷ ইয়াত ট্ৰেকাৰ গাড়ীহে চলে৷ ধূলিয়ে গাড়ীৰ ভিতৰৰ গোটেই মানুহবোৰ ঘিউৰঙী কৰি পেলালে৷ আজি বেমাৰেও ভাল শিক্ষা পাইছে৷ নাকটো ফুলি বৰভেকুলীটো যেন হৈ পৰিছে৷ এইবাৰো যদি ভাল নহয়; তেন্তে! কি যে হ’ব মোৰ৷ এলাৰ্জী ভাল নহয় বুলি ডাক্টৰে ইতিমেধ্যই বহুবাৰ কৈছে৷ মই ভাবিছোঁ– এলাৰ্জী থাকক বাৰু, উশাহটো লৈ থাকিবলৈ নাকটোকে ঠিক হোৱা হ’লে! মই অতদিনে এই কথা ভালদৰে জানিছোঁ যে অকল এলাৰ্জীয়েই নহয়; এলাৰ্জীৰ দৰেই দুখ, বিষাদ, হতাশা আদি যদি এবাৰ মানুহৰ মন মননত লগ লাগে, তেন্তে নমৰালৈকে ই কোনোদিন ৰেহাই নিদিয়ে৷ আজীৱন এই দুখবোধ বুকুত লৈয়েই মানুহ জীয়াই থাকিব লাগে৷ গাড়ী গৈ দিচাংমুখ তিনিআলিত ৰাখি দিলেগৈ৷ ইয়াতকৈ আগলৈ নাযায়হেনো৷
‘ইয়াৰপৰা মেইন ৰাষ্টালৈ কেনেকৈ যাম৷ আপোনালোক নাযায় নেকি?’– ড্ৰাইভাৰজনক সুধিলোঁ৷
‘আনদিনা এইখিনিতে গাড়ী লাগিয়েই থাকে বা আমি হ’লেও প্ৰগতিলৈকে যাওঁ৷ আজি আপোনালোক কেনেকৈ যাব ক’ব নোৱাৰিম৷’ – ড্ৰাইভাৰজনৰ কথা শুনি মূৰটো আকৌ গৰম হ’ল৷ কি বিপাঙত পৰিলোঁহি আজি! মাৰ মুখখনো বিষন্ন হৈ পৰিছে৷ দুই বাজি গৈছে ইতিমধ্যে৷ ল’ৰাটোক ইমানদূৰ অকলে নপঠিয়াও বুলি লগতে আহিল৷ মৰসাহ কৰিছিলোঁ যাব পাৰিম বুলি৷ এতিয়া এয়া বিলাই বিপত্তি৷ ভাওনাৰ দলটোৰ বাবে বাছ এখন আহিল৷ সম্ভৱ আগতীয়াকৈয়ে তেওঁলোকে বন্দৱস্ত কৰি ৰাখিছে৷ সিহঁতবোৰ গাড়ীত উঠিলগৈ৷ মায়ে দলটোৰ এজনক কৈয়ো ছালে, পিছে তেওঁলোকৰ গাড়ীত বেলেগ মানুহ নিবলৈ নাতে হেনো৷ তিনিআলিটোত আমি চাৰি-পাঁচজনমান মানুহ অৱশেষত থাকি গ’লো৷ ইয়াৰপৰা প্ৰগতি নামৰ ঠাইডোখৰলৈ আঠ কিলোমিটাৰ৷ খোজকাঢ়ি যোৱাৰ কথাই নাহে৷ বোন্দাপৰ দি পুনৰবাট চাই থাকিলো, কিজানি কিবা এখন আহেই ! আমি জনা উচিত আছিল বন্ধৰ দিনত মানুহৰ মনবোৰো বন্ধ হৈ পৰে বুলি৷ নাজানি এই ভুল কৰিলোঁ৷
৩
‘নাৱত দেখা অভিনেতাজন’ – মায়ে মোক সৰুকৈ কিন্তু উৎসাহেৰে ক’লেহি৷
‘নাৱত অভিনেতাও আহিছিল নেকি?’ – জানিবলৈ ময়ো আগ্ৰহী হৈ পৰিলোঁ৷
‘তই মানে নেদেখিলিয়েই, ‘অগ্নিসাক্ষী’ চিৰিয়েলখনত আছে ল’ৰাটো৷ মই দেখিয়ে চিনিব পাৰিছোঁ৷’
মায়ে কোৱা অভিনেতাজনে ইতিমধ্যেই নাৱত দেখা সেই বিলাসী গাড়ীখন লৈ আমাৰ সন্মুখতে ৰ’লহি৷ মাৰ এইবাৰ চিনাকী হোৱা পাল৷ টিভিৰ চিৰিয়েলত সদায় দেখি থকা ল’ৰাটো সন্মুখত ৰৈছেহি৷ চিনাকী নোহোৱাকৈ থাকে কেনেকৈ! মই বোলো যাওঁক মাতকগৈ৷ লগতে, আমাক লৈ যাব পাৰিব নেকি বুলিও সুধিব৷ মা গ’ল৷ মই গ’লো তিনিআলিটোৰ সিপাৰে আহঁত গছজোপাৰ তলত তিনিপট্টি খেলি থকা মানুহকেইজনৰ ওচৰলৈ ৷
‘দাদা, এইফালে আজি গাড়ী নাহিবই নেকি?’
‘সন্ধিয়ালৈ আহিব চাগে এখন-দুখন৷ এতিয়া অহাৰ আশা নাই৷ আজি বন্ধ৷’
‘ইয়াত ওচৰে-পাজৰে হোটেল পাম নেকি?’
‘আজি অসম বন্ধ নহয় ভাইটি৷ এইফালে প্ৰভাৱটো বেছি৷ সন্ধিয়া পৰত খুলিব চাগৈ৷ ক’ৰ পৰা আহিছা তুমি?’
‘লখিমপুৰৰ পৰা৷’
‘আহিবই নালাগিছিল৷ বন্ধৰ কথা জানাই যেতিয়া৷ আমাৰ এইফালে গৰম হৈ আছে৷ ৰাতিপুৱা প্ৰগতিত ট্ৰাক জ্বলাই দিছে৷ ড্ৰাইভাৰকো মাৰিছে৷’– মানুহজনে একে উশাহতে কথাকেইটা ক’লে৷
‘আমাৰফালে ইমান প্ৰভাৱ নাছিল৷ ডাক্টৰৰ ওচৰলৈ আহিছিলোঁ৷ বাৰু চাওঁচোন কি কৰিব পাৰোঁ৷’
তেওঁলোকৰ কাষৰপৰা গুছি আহিলোঁ৷ ভাবিছিলোঁ, এইফালে প্ৰভাৱটো কমকৈ হ’ব বুলি৷ হ’ল ওলোটা৷ মোবাইলৰ বেটাৰীও কমি আহিছে৷ ইফালে ইয়াত নেটৱৰ্ক বুলিবলৈয়ো নাই৷ আজি আমাক কিহে পাইছিল! নাকৰ বিষে জ্বলা-ক’লা দেখুৱাই দিছে, গোটেই ৰাস্তাটো ধূলি-বালিয়ে পোত খাই আহিছোঁ । ধূলিৰ প্ৰকোপত চাইনাছ দুগুণে বাঢ়িছে৷ ইয়াৰ পৰা প্ৰগতিলৈকে যাব পৰা হ’লে! তেতিয়াও উপায় এটা পালোঁহেঁতেন৷ অভিনেতাৰ সৈতে বাৰ্তালাপ শেষ কৰি মাও পালেহি৷ মুখত এমোকোৰা হাঁহি৷
‘ল’ৰাটো ভাল বুজিছনে৷ আমাৰ গহপুৰৰ ল’ৰাহে৷ গুৱাহাটীত থাকে আজিকালি৷ এইফালে চিৰিয়েলৰ শ্বুটিং কৰিবলৈকে আহিছে৷ সি থকা চিৰিয়েলখন চাওঁ বুলি কোৱা বাবে বৰ ভাল পাইছে৷’
‘আমি লগতে যাব পাৰিম নেকি, সুধিছিলিনে?’– মাৰ উৎসাহত চেচাপানী ঢালি চিধাই কামৰ কথা সুধিলোঁ৷
উত্তৰত মায়ে কোৱা সাৰমৰ্মটো হ’ল– তাৰ লগৰ বন্ধু দুটামান আহিছে হেনো ইয়ালৈকে৷ সিহঁতক লগ কৰিহে সি যাবগৈ৷ যাওঁতে আমাক লৈ যাব৷ তাতে বন্ধ বুলি সিও ভয় খাইছে৷ সেয়েহে সন্ধিয়া হোৱাটো বিছাৰিছে৷ মায়ে কৈ থাকোতেই দেখিলোঁ অভিনেতাই লগৰকেইটাক বহুৱাই গাড়ী ঘূৰাইছে৷
আমি দুটা আমলখি গছজোপাৰ কাষতে থকা তামোলৰ বেঞ্চখনত বঢ়িলোগৈ৷ আশা– অভিনেতা আহিব, আমাক গাড়ীত তুলি লৈ যাব প্ৰগতিলৈকে৷
এঘণ্টামান গ’ল৷ অভিনেতাৰ দেখা দেখি নাই৷ আমাৰ পেটৰ ভোকো বাঢ়ি আহিছে৷ মানুহৰ ধৈৰ্য্যৰ জোখ কিমান, অপেক্ষাত ৰৈ থকা মানুহে সেয়া ভালকৈ জানে৷ কিছু সময়ৰ পাচতে মাল-বস্তু কঢ়িওৱা টেম্পু এখন আহি আমাৰ সন্মুখত ৰ’লহি৷ মই লৰালৰিকৈ সেইখনকে ৰাখিলোগৈ৷ টেম্পু চলোৱা ল’ৰাজন ভাল, আমাৰ সমস্যাটো বুজাই কোৱাত তেওঁ যেনিবা প্ৰগতিলৈকে লৈ যাবলৈ মান্তি হ’ল৷ অভিনেতাৰ বিলাসী বাহনত উঠি যোৱাৰ আশা সিমানতে পৰিহাৰ কৰি মই টেম্পুৰ পাছফালে উঠি ল’লো আৰু মা কোনোমতে আগৰ চিতত বহিলেগৈ৷ ৰাস্তাৰ ঠেকেচনী আৰু সূৰ্যৰ প্ৰবল ৰ’দে গোটেই ৰাস্তাটো মোক পুৰি পেলালে৷ প্ৰগতিৰ তিনিআলিটোত টায়াৰৰ জ্বলা ভগ্নাৱশেষ আছে৷ আকৌ সেই একেই সমস্যা৷ মেইন ৰোডত গাড়ী বুলিবলৈ বাটৰ কাষে কাষে ৰখাই থোৱা ট্ৰাক আৰুডাম্পাৰকেইখনমান৷ এইবাৰ কৰোঁ কি? ডাক্টৰৰ চেম্বাৰলৈ এতিয়াও প্ৰায় ৫ কি.মি. আছেই৷ ডাক্টৰক লগ কৰি পুনৰ টাউনৰ হোটেল এখনলৈ ৰাতিটোৰ বাবে যাব লাগিব! ঘৰৰপৰা আহোতে উভতি আহিবগৈ পাৰিম বুলি ভাবিছিলোঁ যদিও এতিয়া সেই আশাত দুয়োটাই চেঁচাপানি ঢালি দিছোঁ৷ মায়ে পুনৰ কিছুদূৰ খোজকাঢ়ি যোৱাৰ কিটিপটোৰ কথা ক’লে৷ দুয়ো খোজ ল’লো৷ চাৰি বাজি গৈছে৷
দহমিনিটমান খোজকাঢ়ি যোৱাৰ পাচত ৰাস্তাৰ কাষতে এঘৰৰ পদূলীমূৰত এখন টম্ টম্ ৰখাই থোৱা দেখি ড্ৰাইভাৰ বিচাৰি কাষৰ ঘৰটোলৈকে সোমাই গ’লো৷ আমাৰ সমস্যাবোৰ বুজাই কোৱাত তেওঁ যেনিবা আমাক ডাক্টৰজনলৈ ঘৰলৈ লৈ যাবলৈ সন্মত হ’ল৷ কিন্তু তাৰ আগতে তেওঁ হেনো মাহীয়েকক এঠাইত থৈ আহিবগৈ লাগে৷ মুঠতে আজি লেঠাৰ পাচত লেঠা৷ মাহীয়েক ৰেডি হৈয়ে আছে৷ তেওঁ আমাক টম্-টমতে উঠি ল’বলৈ ক’লে৷ আমিও তাকে কৰিলোঁ৷ প্ৰায় আধাঘণ্টাৰ অন্তত মাহীয়েকৰ গন্তব্য স্থান পালেগৈ৷ মাৰ মুখলৈ চাব নোৱাৰা অৱস্থা, লঘোনে-ভোকে মানুহজনীৰ! কিহে পাইছিল আজি আমাক! বন্ধৰ দিনটোত লখিমপুৰৰপৰা শিৱসাগৰলৈ এইদৰে অহাটো আমাৰ কিমান যে ভুল সিদ্ধান্ত আছিল!
ড্ৰাইভাৰজনক ক’লো– ‘দাদা, ক’ৰবাত হোটেল পালে ৰখাই দিব৷ দিনটো লঘোণে আছোঁ৷’
অলপ দূৰ গৈ ঘুমটি এখনত টম্-টমখন ৰ’লগৈ৷ আমি চেচা-চেচা শুকান ৰুটি দুখন চোবাই ল’লো৷
‘নামটো কি বুলি ক’লে ডাক্টৰজনৰ’– ড্ৰাইভাৰজনে সুধিলে৷ টম্ টম্ আহি মেইন ৰোড উঠিলহি৷
মায়ে ডাক্টৰজনৰ চমুকৈ বিৱৰণ এটা দিলে – ‘আচলতে তেওঁ কবিৰাজ হে৷ বহুতৰ মুখত তেওঁৰ নাম শুনি শুনি কিবা এটা ভাল হয় যদি হওঁক বুলিয়েই ল’ৰাটোক লৈ আহিলো৷ যোৱাটো সম্পাহতে সি প্ৰথমবাৰ আহিছিল৷ আজি আকৌ মাতি পঠিয়াইছে৷’
ড্ৰাইভাৰৰ উত্তৰ– ‘বহুতে তেওঁৰ ঔষধ খাই ভাল পাই বুলি আমিও শুনিছোঁ৷ ময়ে বহুবাৰ তেওঁৰ ওচৰলৈ ৰোগীক লৈ গৈছোঁ৷ কিন্তু তেওঁক মই বৰ এটা ভাল নাপাওঁ৷ ব্যৱহাৰ নাজানে৷ কিবা অভদ্ৰ টাইপৰ৷’
আমি দুয়োৱে মাত্ৰ মূৰ দুপিয়ালোঁ৷ ভদ্ৰ নে অভদ্ৰ নিজে প্ৰমাণ নাই পোৱা যেতিয়া কিবা এষাৰ কোৱাটো সমিচীন নহ’ব যেন ভাবিলোঁ৷ যোৱাটো সপ্তাহত মই আৰু ভিনদেউ আহোতে তেওঁক ভালদৰে লগ কৰাই নহ’ল৷ কথা পাতিবলৈ সময়নো পালোঁ ক’ত ! মানুহৰ যিহে ভিৰ৷ ৰোগীৰ সৈতে বাৰ্তালাপৰ বাবে তেওঁৰ সময় নাই৷ চেম্বাৰত ৰোগীৰ নাম মাতে এজনে৷ লগে লগে ৰোগী গৈ ভিতৰত হাজিৰ হয়৷ তেওঁ কিবা এটা-দুটা প্ৰশ্ন সুধে, লগে লগেই চিকিৎসা পৰ্ব আৰম্ভ হয়৷ নিজৰ ঘৰৰ সন্মুখভাগতে ৰুম এটা পকীকৈ সজাই লৈছে৷ পুৱাৰেপৰা সন্ধিয়ালৈকে ৰোগীৰ ভিৰ৷ তেওঁৰ চিকিৎসাও অদ্ভূত৷ নাকৰ বিন্ধাৰে বেজী ভৰাই ভিতৰৰ ফুলি থকা মঙহ ফুটাই দিয়ে৷ ক্ষণিকতে নাকেৰে দুসোঁতা গৰম তেজ বাহিৰ হৈ আহে৷ কিমান যে বিষ! পুনৰ আন এটা বেজীৰে দৰৱ এটোপালকৈ দুয়োটা ফুটাত বাকী দিয়ে৷ বচ, চিকিৎসা সিমানতে সমাপ্ত৷ তেনেকৈয়ে হেনো দুই-তিনি সপ্তাহমান কৰিলেই বেমাৰ ভাল হয়৷ মানুহেও ভালপোৱা বুলিয়েই কয়৷ সেয়েহে তেওঁৰ কদৰটো এইটো অঞ্চলত বেছি৷ টম্-টম গৈ অভাৰব্ৰীজখনত উঠিলগৈ৷
যোৱাবাৰ আহোঁতে মোৰ নাকত গোট মাৰি থকা মঙহৰ টোপোলা দুটা ফুটাই দিয়াৰ পাচত প্ৰায় আধাপোৱা মান গৰম তেজ বাজ হৈছিল৷ অলপ সময় যোৱাৰ পাচত পুনৰ আন এটা বেজীৰে সেই ফুটা দুটাতে দৰৱ দুটোপালমান দি দিলে৷ নাকৰ বিষ আৰু দৰৱৰ গোন্ধই মূৰত ধৰাত দহমিনিটমান সময় পকাতে বহি থাকিলোঁ৷ একমিনিটমান উশাহ ল’ব নোৱাৰা হৈ পৰিছিলোঁ৷ অৱশ্যে তাৰ পাছত কিছু উপশম পোৱা যেন লাগিল৷ সেই উপশমৰ আশাতেই আজি অতদূৰ বাটকুৰি বাই আহিছোঁ, কিজানিবা সম্পূৰ্ণকৈ ভাল হয়েই৷ মানুহ যে আশাৰ নাগপাশত বন্দী৷
ড্ৰাইভাৰজনৰ সৈতে ভালকৈয়ে কথা পাতিলোঁ, চিনা-পৰিচয় হ’ল৷ নাম ৰহিম আলি৷ টম্-টম চলাই তেওঁ৷ নিজৰ দোকানো আছে৷ ঘৈনীয়েকে দোকান চম্ভালে৷ আমাক এতিয়া চিন্তা কৰিবলৈকে হাক দিছে৷ তেওঁ হেনো ডাক্টৰৰ ওচৰত আমাক দেখুৱাই নিজেই টাউনৰ হোটেল এখনলৈ লৈ যাব৷ ৰাতি যদি আমি নাইট চুপাৰেৰে লখিমপুৰলৈ আহো, আমাক বাছষ্টপত থৈ যাবহি৷ তেওঁৰ কথাত মই হয়ভৰ দিলোঁ যদিও মায়ে যেন ভাল নাপালে৷ মোলৈ ঘোপাকৈ চালে৷ অচিনাকী মানুহক বিশ্বাসত নল’বলৈ মায়ে মোক দহাই দহাই কয়৷
তেখেতৰ সৈতে কথা পাতি-পাতি কবিৰাজৰ ঘৰৰ সন্মুখ পালোগৈ৷ আজি যে এইটুকুৰা ঠাইত ভিৰ নাই? চেম্বাৰ বন্ধ নহয়তো? যোৱাবাৰ আহোতে এইটো গলিতে শাৰী শাৰীকৈ সৰু ডাঙৰ গাড়ী৷ মানুহেই ভৰি আছিল গোটেইখন৷ অৰুণাচলৰ মানুহো আহিছিল৷ আজি কি হ’ল? অসম বন্ধ বাবেই চেম্বাৰ বন্ধ নহয়টো?
মা-মই লৰালৰিকৈ টম্-টমৰপৰা নামি আহিলোঁ৷ হয়, সঁচাকৈয়ে চেম্বাৰ বন্ধ৷ আমি চেম্বাৰৰ সন্মুখতে থকা কবিৰাজৰ ঘৰটোৰ ফালে আগবাঢ়ি গ’লো, তেওঁক ঘৰতে লগ কৰাৰ মানসেৰে৷ তেওঁ ঘৰত থাকিলে চেম্বাৰ খুলিবলৈ পাঁচ মিনিটো নালাগে বা ঘৰতে মোক চাই দিব পাৰিব৷ ড্ৰাইভাৰজনো গ’ল আমাৰ লগতে৷
‘বাইদেউ, তেখেত আছে নে?’ – মানুহ এগৰাকীয়ে চোতালতে ধান লৰাই আছে৷ সম্ভৱ কবিৰাজৰ ঘৈণীয়েকেই হ’ব৷
‘আছে৷ শুই আছে৷’– আমালৈ নোচোৱাকৈয়ে তেওঁ কথাকেইটা ক’লে৷
‘এবাৰ মাতি দিব নেকি? আমি লখিমপুৰৰপৰা আহিছোঁ৷ মাতি পঠিয়াইছিলে আজি৷ কিন্তু এতিয়া দেখিছোঁহি চেম্বাৰ বন্ধ৷’ – মই কথাকেইটা যিমান পাৰি নম্ৰকৈ ক’লো৷
‘আজি অসম বন্ধ৷ ৰোগী নাচায় হেনো৷ শুই আছে৷’– তেওঁ আমালৈ নোচোৱাকৈয়ে ক’লে৷ আচৰিত, বহিবলৈয়ো নক’ব নেকি?
‘আপুনি গৈ কওঁকচোন তেওঁক; আমি বৰ বিপদ বিঘিনি অতিক্ৰম কৰি অসম বন্ধতে ইমানদূৰ আহিছোঁ৷ ল’ৰাটোৰ অৱস্থাও বৰ ভাল নহয়৷ উশাহ লোৱাত তাৰ বৰ কষ্ট হৈছে৷’ – এইবাৰ মায়ে ৰিকুৱেষ্ট কৰাৰ দৰে কৰিলে৷
মানুহজনীৰ যেন মাৰ কথালৈ তিলমানো গুৰুত্ব নাই৷ বৰ অস্বস্তিকৰ পৰিৱেশ এটাৰ সন্মুখীন হ’লো আমি৷ অৱশ্যে এবাৰ ওপৰৰ মহলালৈ চাই চিঞৰিলে– ‘হেৰি বাহিৰলৈ আহকচোন৷ শুনিছেনে? লখিমপুৰৰপৰা কোনোবা আহিছে আপোনাক দেখুৱাবলৈ৷’
নাই৷ কোনা উত্তৰ নাহিল৷
‘আপুনি নিজেই ওপৰলৈ গৈ এবাৰ মাতি দিব নেকি?’– এইবাৰ ড্ৰাইভাৰজনে কৈ চালে৷
‘ৰতন যাচোন৷ বৰদেউতাৰক কগৈ কোনোবা আহিছে বুলি৷’– ওচৰতে ঘৰ সাৰি থকা ল’ৰাটোক মানুহজনীয়ে ধমকিৰ সুৰত ক’লে৷ আমাৰ মন সেমেকি উঠিল৷ বুজিলোঁ আজি আৰু আশা নাই৷ কি বিপদে পালে আমাক৷
মায়ে মোৰ চকুলৈ আৰু ময়ো মাৰ চকুলৈ চালো৷ হতাশাৰে৷ মানুহজনীৰ ব্যৱহাৰ দেখি ড্ৰাইভাৰজনৰো খং উঠিছে৷ ইমানদূৰৰপৰা আহিছোঁ বুলি কোৱা স্বত্বেও এবাৰ বহিবলৈকো কোৱা নাই৷ চোতালতে থিয় হৈ আছোঁ৷
ল’ৰাটোৱে আহি খবৰ দিলে৷ এতিয়া উঠি নাহে হেনো৷ কাইলৈ আহিবলৈ কৈছে৷
এইবাৰ আমি আৰু আচৰিত হ’লো! কি মানুহ! নামি আহিবও নোৱাৰেনে? শিৱসাগৰলৈ লখিমপুৰৰপৰা অতদূৰ আহিছোঁ বুলি জনাৰ পাচতো! এইবাৰ মই উপৰৰ মহলালৈ চাই চিঞৰিয়েই ক’লো– ‘আপুনি নামি আহকচোন ছাৰ৷ মই বৰ কষ্ট পাইছোঁ৷ আপুনিয়েইটো আজি মাতি পঠিয়াইছিল৷’
কোনো উত্তৰ নাই৷ মানুহজনীয়েও আমাক গুৰুত্ব নিদিয়া যেন দেখুৱাই নিজৰ কাম কৰিবলৈ লাগিল৷ কবিৰাজৰ চোতালত আমি উপায়হীন হৈ ৰৈ থাকিলোঁ৷ লাজে-অপমানে মোৰ আৰু মাৰ অৱস্থা নোহোৱা যেন হ’ল৷
মায়ে পুনৰ মানুহজনীৰ ওচৰলৈ গৈ ক’লেগৈ– ‘বাইদেউ, আমাৰ অৱস্থাটো বুজকচোন, আমি লখিমপুৰৰপৰা আহিছোঁ, তাতে আজি অসম বন্ধ, যোৱাটো সম্পাহত তেওঁ মাটি পঠিওৱা বাবেহে আহিলোঁ৷ আপুনি আকৌ এবাৰ কৈ চাৱকগৈচোন৷ পাৰিলে ৰাতি আমি উভতি যাবগৈ লাগে চুপাৰত৷’
‘আপোনালোক কাইলৈ আহিব৷ তেখেত উঠি নাহে৷ এবাৰ নকৰোঁ বুলি কোৱা কামটো তেওঁ নকৰেই৷ মই নোৱাৰোঁ আৰু মাতিব৷ মোৰ কথাই নুশুনে তেওঁ৷’– মানুহজনীয়ে ভেকাহিৰ সুৰতহে এইবাৰ ক’লে৷
মূৰটো গৰম হৈ আহিছে মোৰ৷ মাৰ চকু ঢুল ঢুলীয়া হৈ পৰিছে৷ ইমান কষ্টৰ অন্তত ডাক্টৰজনৰ ওচৰ পাই এতিয়া তেওঁ কৰিছে এয়া৷ ইমান কাণ্ডজ্ঞানহীন? কবিৰাজ তেওঁ? ৰোগীক ইমানকনো সন্মান কৰিব নাজানেনে? এবাৰ অন্তত বাহিৰলৈ ওলাই আহ! আৰু এই মানুহজনী, এবাৰটো বহিবলৈ ক’ব পাৰে আমাক? মানুহেইনে ইহঁত?
মানুহ হৈ মানুহক এনে ব্যৱহাৰ কৰে !
মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে ! ধুৰ্
‘ননচেন্স কবিৰাজ, ই পাগল নেকি? ৰ’ব মই ভিতৰলৈ যাঁও মাতিবলৈ৷’– এইবাৰ ড্ৰাইভাৰজনে চোতালতে ৰুদ্ৰমূৰ্তি ধৰিবলৈ ল’লে৷ মইহে তেওঁক শান্ত কৰিব লগা হ’ল৷ মোৰ মনৰ ক্ষোভবোৰ মনতে সামৰি-সুতৰি থ’লো৷
‘দাদা, ৰ’বচোন, আজি যেনিবা খং কৰোঁৱেই ! এনেওটো উভটি যাবগৈ নোৱাৰিম৷ যি হ’ল হ’ল আৰু; ব’লক আমাক এখন হোটেললৈ লৈ ব’লক৷ আজি ৰাতিটো থাকি দিওঁ, পাৰিলে কাইলে পুৱাতেই আহি তেওঁক দেখুৱাই ফেৰীৰেই গুছি যামগৈ৷’ অৱশেষত মায়েও তাকে হ’ব বুলি সন্মতি দিলে৷ প্ৰচুৰ ক্ষোভ আৰু লাজ-অপমান বুকত লৈ আমি কবিৰাজৰ চোতালৰ পৰা উলাই আহিলোঁ৷ মাৰ চকুত চকুপানী৷ ধনী বুলিয়েই ইমান অহংকাৰনে? কেনেকৈ সহো এই অপমান! অন্তত আমাক এবাৰ বহিবলৈ ক’ব নোৱাৰিলেনে? এবাৰ বাহিৰলৈ আহিব নোৱাৰিলেনে? হায় মানৱতা!
৪
দুখ আৰু অপমান বুকুত লৈ এইবাৰ আমাৰ লক্ষ্য এখন হোটেল বিচাৰি৷ ৰাতিটোৰ আশ্ৰয়ৰ বাবে৷
ড্ৰাইভাৰ ৰহিম আলিয়ে সান্তনা দিছে৷ যিকোনো প্ৰকাৰে তেওঁ আমাক সহায় কৰিবই৷ বাট ভাড়াও কমাই ল’ম বুলি কৈছে৷ কিবা বিপদ হ’লে তেওঁলৈ যোগাযোগ কৰিবলৈ মোক উপযাচি ফোন নম্বৰটোও দিছে৷ তেওঁৰ মহানুভৱতাই আমাক অকনমান হ’লেও সাহস দিছে৷ কবিৰাজে আমাক কৰা ব্যৱহাৰৰ যেন তেৱো সমভাগী হৈছে৷
আহি থাকোঁতে ভাবি আহিছোঁ– এনে মানুহো থাকেনে পৃথিৱীত! এয়া দম্ভনে! নে অহংকাৰ!
মায়ে গোটেই বাটটো কবিৰাজৰ ওপৰত গালি বৰষিলে৷ আধাঘণ্টাৰ ভিতৰতে আমি টাউন পালোঁহি৷ শিৱসাগৰৰ টাউন৷ ঐতিহ্যময় চহৰ৷ বন্ধ বাবে ইয়াতো আজি মানুহৰ সমাগম কম৷ ৰহিম আলিয়ে হোটেল ‘স্বাগতম’ৰ সন্মুখত টম্-টমখন ৰাখি ভিতৰৰপৰা মানুহ এজনক খৰধৰকৈ মাতি আনিলেগৈ৷ আমাৰ বাবে ৰুম এটাও তেওঁৱেই ঠিক কৰি দিলে৷ মায়ে ভাড়াটো দি তেওঁক বিদায় দিবলৈ ইংগিত দিলে ৷
তেনে সময়তেই হঠাৎ নভৱা-নুশুনা পৰিস্থিতি এটাৰ মুখামুখি হ’লো৷ দিনটোৰ সমস্ত দুখ-কষ্ট, কবিৰাজৰ ঘৰত পোৱা লাজ-অপমান নিমিষতে যেন ধূলি হৈ উৰি গ’ল৷ যাবৰ পৰত ড্ৰাইভাৰ ৰহিম আলিয়ে মাৰ আগত ক’লে– ‘বাইদেউ, শিৱসাগৰলৈ আহি বেয়া ধাৰণা এটা মনত লৈ নাযাব৷ সকলো মানুহ একে নহয়৷ কবিৰাজ আমাৰ জিলাৰে মানুহ৷ তেওঁৰ হৈ ময়ে ক্ষমা খুজিছোঁ৷’
আমি মাত্ৰ হতবাক হোৱাৰ পাল! উত্তৰত কি ক’ম! মাত্ৰ তেওঁ গুছি যোৱাৰ ফালে থৰ লাগি চাই থাকিলোঁ৷
মায়েও উত্তৰত একোকে ক’বলৈ নাপালে৷ তেওঁ গ’লগৈ৷
আমি হোটেলৰ ল’ৰাটোৱে দেখুৱাই দিয়া পথটোৰে উপৰ মহলালৈ খোজ ল’লো৷
কিয় জানো, মোৰ মুখখনলৈ হাঁহি বিৰিঙি আহিল৷ মাৰো৷
কি যাদু কৰি থৈ গ’ল ৰহিম আলিয়ে! কি কথা কৈ গ’ল এইষাৰ!
আমি যেন কিবা এটি বিজয়ৰ উৎসৱত ভাগ ল’বলৈহে উপৰলৈ খোজ দিছোঁ৷ মনটোও ফৰকাল হৈ পৰিল৷
মায়ে এই মুহূৰ্তত কি ভাবিছে নাজানো, মই কিন্তু ৰাতিয়েই এটা সিদ্ধান্ত ল’ম৷ কাইলৈ কবিৰাজৰ ওচৰলৈ যাম নে নাযাওঁ৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments