*
একগোট হৈ আছে বাবেই
তেৰাসৱক ৰাইজ বুলিছোঁ
ৰাইজ- কাৰোবাৰ বাবে পিয়াহঁৰ এঢোক পানী
কাৰোবাৰ বাবে নবজা বীণৰ তাঁৰ
কি ফুল ৰুই থ’লে পদূলি গোন্ধাই, ৰাইজে জানে
কি ভুল কৰিলে মোমাইৰ ডিঙি কটা যায়
সেয়াও ৰাইজে নুবুজা নহয়
ৰাইজেই যে প্ৰকৃত ৰজা সকলোঁৱে জানে
সেইবাবেই বছৰৰ মূৰে মূৰে ৰজাসকল
ৰাইজৰ চৰণত পৰে
ৰাইজে নখ জোকাৰি নদী বোৱাই
আঙুলি টিপি আনে গণতন্ত্ৰৰ পৰিৱৰ্তন
ৰাইজ আছে বাবেই সমাজবোৰ হৈ আছে শৃংখল
ৰাইজ আছে বাবেই বৰ্তি আছে সংস্কৃতি
ৰাইজ আছে বাবেই সংস্কৃতি হৈ আছে মহীয়ান
ৰাইজে ভাল বুলিলে সবালৈ ভাল
ৰাইজে বেয়া বুলিলে সবালৈ কাল
ৰাইজেই আদালত
ৰাইজেই প্ৰশাসন
ৰাইজেই ঈশ্বৰ
ৰাইজেই পৰমেশ্বৰ
ৰাইজে খোল বুলিলেই মহন্ত গোস্বামীয়ে লগুণ খুলিব
ৰাইজে ধৰ বুলিলেই গোঁসাই বামুণে গৈ নাঙল ধৰিব
ৰাইজেহে তেৰাসৱক পাতিছে ৰজা
ৰাইজৰ মন গ’লেই দিব পাৰে খেদা
কি মাটিত কি ধান ৰুলে কি শইচ হ’ব
ৰাইজতকৈ কোনে বেছি জানে
কি খালৈত কি মাছ সোমাই
সেয়াই বা ৰাইজতকৈ কোনে বেছি জানে
কোনটো পথেৰে গ’লে বাল্মিকী ৰত্নাকৰ হয়
তাকো ৰাইজে নজনা নহয়
ৰাইজে দিও চাই নিও চাই
কৈ চাই শুনিও চাই
পুনশ্চ...
কি ফুল ৰুই থ’লে পদূলি গোন্ধাই ৰাইজে জানেই
কি ভুল কৰিলে মোমাইৰ ডিঙি কটা যায়
সেয়াও ৰাইজে নুবুজা নহয়
কেৱল ৰাইজে চিনিপাব লাগে নিজক
বুজি পাব লাগে নিজক
ভাবি চাব লাগে নিজক
একগোট হৈ আছে বাবেই
তেৰাসৱক ৰাইজ বুলিছোঁ
ৰাইজ- কাৰোবাৰ বাবে পিয়াহঁৰ এঢোক পানী
কাৰোবাৰ বাবে নবজা বীণৰ তাঁৰ
কি ফুল ৰুই থ’লে পদূলি গোন্ধাই, ৰাইজে জানে
কি ভুল কৰিলে মোমাইৰ ডিঙি কটা যায়
সেয়াও ৰাইজে নুবুজা নহয়
ৰাইজেই যে প্ৰকৃত ৰজা সকলোঁৱে জানে
সেইবাবেই বছৰৰ মূৰে মূৰে ৰজাসকল
ৰাইজৰ চৰণত পৰে
ৰাইজে নখ জোকাৰি নদী বোৱাই
আঙুলি টিপি আনে গণতন্ত্ৰৰ পৰিৱৰ্তন
ৰাইজ আছে বাবেই সমাজবোৰ হৈ আছে শৃংখল
ৰাইজ আছে বাবেই বৰ্তি আছে সংস্কৃতি
ৰাইজ আছে বাবেই সংস্কৃতি হৈ আছে মহীয়ান
ৰাইজে ভাল বুলিলে সবালৈ ভাল
ৰাইজে বেয়া বুলিলে সবালৈ কাল
ৰাইজেই আদালত
ৰাইজেই প্ৰশাসন
ৰাইজেই ঈশ্বৰ
ৰাইজেই পৰমেশ্বৰ
ৰাইজে খোল বুলিলেই মহন্ত গোস্বামীয়ে লগুণ খুলিব
ৰাইজে ধৰ বুলিলেই গোঁসাই বামুণে গৈ নাঙল ধৰিব
ৰাইজেহে তেৰাসৱক পাতিছে ৰজা
ৰাইজৰ মন গ’লেই দিব পাৰে খেদা
কি মাটিত কি ধান ৰুলে কি শইচ হ’ব
ৰাইজতকৈ কোনে বেছি জানে
কি খালৈত কি মাছ সোমাই
সেয়াই বা ৰাইজতকৈ কোনে বেছি জানে
কোনটো পথেৰে গ’লে বাল্মিকী ৰত্নাকৰ হয়
তাকো ৰাইজে নজনা নহয়
ৰাইজে দিও চাই নিও চাই
কৈ চাই শুনিও চাই
পুনশ্চ...
কি ফুল ৰুই থ’লে পদূলি গোন্ধাই ৰাইজে জানেই
কি ভুল কৰিলে মোমাইৰ ডিঙি কটা যায়
সেয়াও ৰাইজে নুবুজা নহয়
কেৱল ৰাইজে চিনিপাব লাগে নিজক
বুজি পাব লাগে নিজক
ভাবি চাব লাগে নিজক
* মৃদুল হালৈৰ ‘ৰাইজ মেল’ কবিতাটো পঢ়ি এই কবিতাটো লিখাৰ চেষ্টা কৰিছিলোঁ ৷ ২০১৮ চন ।
............................
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments