বিহু উৎসৱত বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰভাৱ ৷৷ প্ৰবন্ধ ৷৷


* অৱতৰণিকা

নানা সমস্যা আৰু অনেক বাধা-বিঘিনি আহিলেও অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহে নিজৰ নিজৰ জাতীয় উৎসৱ-পাৰ্বণসমূহ অতি উলহ-মালহেৰে অনুষ্ঠিত কৰাৰ যত্ন কৰে৷ জাতি-জনগোষ্ঠীবোৰে তেওঁলোকৰ উৎসৱসমূহ উদ্‌যাপন কৰাৰ মাধ্যমেৰে তেওঁলোকৰ সভ্যতা সংস্কৃতিৰ প্ৰসাৰ আৰু পাৰ্যমানে নিজৰ সংস্কৃতিটো উত্তৰণৰ বাবে চেষ্টা কৰে৷ তদুপৰি এই উৎসৱ-পাৰ্বণসমূহ অনুষ্ঠিত কৰাৰ মাজেৰে তেওঁলোকৰ পাছৰ প্ৰজন্মৰ বাবে একোটা আদৰ্শ দি থৈ যোৱাৰ প্ৰচেষ্টাও কৰে৷ ইতিমধ্যেই যিসমূহ জাতি-জনগোষ্ঠী জনসংখ্যা আৰু ভাষিক স্থিতিৰপৰা সংখ্যালঘুত পৰিণত হৈছেগৈ তেওঁলোকৰ মাজতো এই সচেতনতা তীব্ৰ হোৱা দেখা যায়৷ অন্যহাতে সমৃদ্ধিশালী জাতিবোৰে অন্য দুৰ্বল জাতিৰ আগত তেওঁলোকৰ উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰাৰ মাধ্যমেৰে প্ৰভূত্ব বিস্তাৰ কৰিবলৈকো বিচাৰে৷ 

অসমত বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰচলনৰ লগে লগে উৎসৱ-পাৰ্বণসমূহৰ প্ৰসাৰ আৰু সমান্তৰালভাৱে সাৰ্বজনীন হোৱাৰ মাত্ৰাটো বৃদ্ধি পাবলৈ ধৰে৷ প্ৰথম পৰ্যায়ত বাতৰি বা আলোচনীৰ মাজেৰে উৎসৱ-পাৰ্বণসমূহ অনুষ্ঠিত হোৱাৰ বাতৰি প্ৰকাশিত হৈছিল যদিও ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ প্ৰচলন হোৱাৰ লগে লগে এই উৎসৱ-পাৰ্বণবোৰ বিশ্বমুখী আৰু বাণিজ্যিকমুখী হোৱাৰ ফালে গতি কৰিছে৷ সেইদৰে ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমৰ প্ৰসাৰ হোৱাৰ লগে লগে উৎসৱ-পাৰ্বণসমূহক লৈ এক বৃহৎ সংবাদমুখী বজাৰৰ সৃষ্টি হৈছে৷ টিআৰপি লাভৰ অংকত প্ৰতিটো বাতৰি এতিয়া কাহিনীধৰ্মী হৈ পৰিছে৷ ‘মছলাযুক্ত’ খবৰ হৈ পৰিছে৷

অসমত  ইলেক্ট্ৰনিক সংবাদ মাধ্যমে বলিষ্ঠভাৱে আত্ম প্ৰতিষ্ঠা লাভ কৰা আজি ২০ বছৰো সম্পূৰ্ণ হোৱা নাই৷ বাতৰি কাকতসমূহে ঊনবিংশ শতিকাৰ মধ্য ভাগৰ পৰা সংবাদ মাধ্যম পৰিৱেশন কৰি আহিছে যদিও  ইলেক্টªনিক সংবাদ মাধ্যম আৰু ৱেব পৰ্টেলৰ প্ৰসাৰে বাতৰি কাকতৰ সংবাদ ক্ষেত্ৰখনৰ সকলো পৰম্পৰাগত ধ্যান-ধাৰণা সলনি কৰি দিলে৷ বিশেষকৈ ‘‘কাৰিকৰী কৌশলৰ বিকাশে নতুন সংবাদ মাধ্যমসমূহৰ লগতে টেলিভিছন চেনেলসমূহকো দ্ৰুতভাৱে অনলাইনযোগে বাৰ্তা সৰবৰাহত সহায় কৰিছে৷ বৰ্তমান অনলাইন সাংবাদিকতাই সংবাদ মাধ্যমলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু বৰ্তমানৰ সংবাদ সংস্থাসমূহে সংবাদ সংগ্ৰহ আৰু সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সামৰ্থ আৰু সুযোগ লাভ কৰিছে ৷’’ [গণমাধ্যম সমাজ আৰু সাহিত্য, পৃষ্ঠা-১৪]৷ সাম্প্ৰতিক সময়ত ইণ্টাৰনেট আৰু ফেচবুক, হোৱাটছ্‌ এপ, মেইল আদি ছ’চিয়েল গণমাধ্যমৰ ব্যৱহাৰে সংবাদ ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই নিয়াত সহায় কৰিলে৷ ছ’চিয়েল গণমাধ্যমে প্ৰত্যেকজন ব্যক্তিকে সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ অবাধ সুবিধাও প্ৰদান কৰিলে৷  

সংবাদ মাধ্যমৰ এনে উত্তৰণৰ সময়ত সমাজ ব্যৱস্থাৰ প্ৰতিটো গুৰুত্বপূৰ্ণঘটনাই সংবাদক্ষেত্ৰখনৰ সৈতে সংপৃক্ত হৈ পৰিছে৷ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ঘটনা সংবাদ মাধ্যমৰ মাজেৰেই ৰাইজৰ কাষলে আহে৷ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, ধৰ্মৰ পৰা সাহিত্য-সংস্কৃতিলৈ, ঘটনা-দুৰ্ঘটনাৰ পৰা দেশ, ৰাজ্য আদি সাম্প্ৰতিক সমস্যালৈ এই প্ৰতিটো ঘটনা, পৰিঘটনাই সংবাদ মাধ্যমৰ হাতত পৰি বহুলভাৱে চৰ্চিত হয়৷ তেনেকৈয়ে সংবাদ মাধ্যমে একোজন ব্যক্তিক এটা ৰাতিৰ ভিতৰতে চৰ্চিত ব্যক্তি কৰি তোলাৰ লগতে একোজন মানুহক এটা ৰাতিৰ ভিতৰতে নিঃশেষ কৰি দিব পাৰে৷ আকৌ সংবাদ মাধ্যমে সমগ্ৰ বিশ্বৰ সৈতে একো একোজন ব্যক্তিৰ সম্বন্ধ গঢ়ি তুলিছে৷ সংবাদ মাধ্যমবোৰে যে কেৱল সংবাদ পৰিৱেশন কৰাটোকেই মুখ্যকাম হিচাপে বিবেচনা কৰিছে, তেনে নহয়৷ বৰ্তমান সময়ত লক্ষ্য কৰিলে দেখা যাব যে সম্ভাৱনাপূৰ্ণ আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ হোৱা প্ৰায়সংখ্যক বিষয়কে কেন্দ্ৰ কৰি সংবাদ মাধ্যমসমূহে একো একোটা সংবাদধৰ্মী অনুষ্ঠানৰ আয়োজন আৰম্ভ কৰিছে, জনসাধাৰণক মনোৰঞ্জন প্ৰদান কৰাটো এনে অনুষ্ঠাসমূহৰ প্ৰধান লক্ষ্য ৷ এনে বিষয়বোৰৰ ভিতৰত প্ৰধান এটি বিষয় হৈছে উৎসৱ-পাৰ্বণসমূহ৷ উৎসৱ-পাৰ্বণসমূহক কেন্দ্ৰ কৰি সংবাদ মাধ্যমসমূহে এখন বৃহৎ বজাৰ লাভ কৰিছে৷ যিটো সাংবাদিকৰ ভাষাত ‘টি.আৰ.পি’ বুলি কোৱা হয়৷ টি.আৰ.পিৰ বাবে উৎসৱ-পাৰ্বণসমূহক বৰ্তমান সময়ত সংবাদ মাধ্যমবোৰে অতি আটোম-টোকাৰিকৈ নিজা ধৰণে সজাই পৰাই লোৱা এটা পৰিৱেশ দেখা গৈছে৷ সেইদৰে দুৰ্গা পূজা, সৰস্বতী পূজা আদিত বৈদ্যুতিন সংবাদ মাধ্যমৰ অত্যাধিক প্ৰভাৱে বৰ্তমান সময়ত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে৷ ইয়াৰ দ্বাৰা অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশত  ধনাত্মক আৰু ঋণাত্মক উভয় দিশতেই প্ৰভাৱ পৰিছে৷   অসমৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমে ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়কেই সংবাদ হিচাপে পৰিৱেশন কৰিছে৷ সেইদৰে উৎসৱসমূহৰ আনুষ্ঠানিকতামূলক কাম-কাজসমূহ বৰ্তমান সময়ত জনসাধাৰণে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰসাৰ ঘটাবলৈ চেষ্টা কৰিছে৷ সংবাদ মাধ্যমবোৰেও নিজৰ ব্যৱসায়িক স্বাৰ্থ আৰু বহু ক্ষেত্ৰত নিজৰ দায়বদ্ধতাৰ স্বাৰ্থত আনুষ্ঠানিক নিয়ম, কাম-কাজসমূহ বিভিন্ন ধৰণে মনোৰম আৰু ভাল লগাকৈ পৰিৱেশন কৰাৰ চেষ্টা কৰিছে৷ অসমৰ থলুৱা উৎসৱৰ লগতে পাশ্চাত্যৰ বহুতো সংস্কৃতিৰ অসমলৈ আগমন ঘটোৱাতো সংবাদ মাধ্যমবোৰেই ভূমিকা গ্ৰহণ কৰিছে৷ জনসাধাৰণৰ বিনোদনৰ কাৰণে সংবাদ মাধ্যমবোৰে সংবাদ পৰিৱেশনতকৈয়ো বিভিন্ন লাইভ অনুষ্ঠানৰ মাজেৰে জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰা দেখা গৈছে৷ বহুক্ষেত্ৰত বহিৰাগত কোম্পানীয়ে অসমৰ উৎসৱ-পাৰ্বণবোৰত নিজৰ টকাৰে অনুষ্ঠিত কৰি দি তাৰ মুনাফা অৰ্জন কৰিছে আৰু  বিজ্ঞাপনৰ মাধ্যমেৰে অসমৰ পৰা অৰ্থ সংগ্ৰহ কৰিছে৷ বৰ্তমান সময়ত অসমৰ যি কেইটা উৎসৱ-পাৰ্বণ বা বিশেষ অনুষ্ঠানক কেন্দ্ৰ কৰি সংবাদ মাধ্যমে এখন বজাৰ দখল কৰিবলৈ বিশেষভাৱে সক্ষম হৈছে, সেইকেইটা হৈছে– বিহু, দুৰ্গা পূজা আৰু সৰস্বতী পূজা৷  


বিহু উৎসৱত সংবাদ মাধ্যমৰ প্ৰভাৱ 

অসমীয়া জাতিয়ে আত্মঃ প্ৰতিষ্ঠা লাভ কৰাৰেপৰা বিহু উৎসৱ অসমীয়াসকলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে উলহ-মালহেৰে পালন কৰি আহিছে৷ সময় পৰিৱৰ্তনৰ লগে লগে বিহুৰ আনন্দ, উদ্‌যাপন কৰাৰ ধৰণ আদিৰ নানা পৰিৱৰ্তন হৈছে৷ জাতীয় উৎসৱ ব’হাগ বিহুলৈ আমূল পৰিৱৰ্তন আহিছিল তেতিয়া, যেতিয়া গছৰ তলৰ বিহু মঞ্চত উদ্‌যাপন কৰিবলৈ লোৱা হ’ল৷ সেইদৰে কাতি বিহু আৰু মাঘ বিহুলৈয়ো সময়ে সময়ে পৰিৱৰ্তন আহিল৷ এইক্ষেত্ৰত আহোম পৃষ্ঠপোষকতাৰ কথা আমি সকলোৱেই জানো৷ অন্যহাতে বিংশ শতিকাৰ শেষৰফালে বিশ্বায়ন আৰু গোলকীকৰণৰ প্ৰভাৱত গ্ৰাম্য সংস্কৃতিৰ বিহু গৈ চহৰীয়া সংস্কৃতিৰ সৈতে সংমিশ্ৰণ হ’লগৈ৷ অসমৰ অৰ্থনৈতিক অৱস্থা, শিক্ষাৰ প্ৰসাৰ, খাদ্যাভ্যাস¸ৰ পৰিৱৰ্তন, জীৱন নিৰ্বাহৰ প্ৰণালীৰ পৰিৱৰ্তন, চহৰীয়া সংস্কৃতিৰ প্ৰভাৱ, যাতায়াত আৰু স্বাস্থ্য খণ্ডৰ উন্নতি, বিজ্ঞানৰ প্ৰসাৰ আদি বিভিন্ন গুৰুত্বপূৰ্ণ কাৰকে বিহুৰ মূল আৰু প্ৰাচীন ৰূপটোৰ পৰিৱৰ্তন হোৱাত অনুঘটক হিচাপে কাম কৰিলে৷ এনে পৰিৱৰ্তন অৱশ্যে স্বাভাৱিক৷ সমাজ, সংস্কৃতি, সভ্যতা সদায় গতিশীল নদীৰ সৈতে তুলনা কৰা হয়৷ পৰিৱৰ্তনৰ মাত্ৰাটো যেতিয়ালৈকে এটা প্ৰমূল্যৰ মাজত থাকে, তেতিয়ালৈকে তেনে পৰিৱৰ্তনে মানৱ সমাজক উত্তৰণ ঘটোৱাতহে সহায় কৰে৷ পৰিৱৰ্তনৰ মাত্ৰাটো প্ৰচলিত সমাজ, সংস্কৃতিতকৈ বেছি বিৰূপ দিশত গতি হ’লেহে তাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়, যিটো বৈদ্যুতিন সংবাদ মাধ্যমৰ ক্ষেত্ৰত ইতিমধ্যেই হোৱা আৰম্ভ কৰিছে৷ 

অসমত বৈদ্যুতিন সংবাদ মাধ্যমৰ শুভাৰম্ভ হোৱাৰ অতি কম দিনতে আমাৰ সভ্যতা, সংস্কৃতিলৈয়ো বহুতো দিশত পৰিৱৰ্তন আহিল৷ বিশেষকৈ বৈদ্যুতিন সংবাদ মাধ্যমসমূহে সংস্কৃতি প্ৰদৰ্শনৰ নামত এনে কিছুমান কৰ্ম-কাৰ্য কৰা আৰম্ভ কৰিলে যে যাৰ বাবে একাংশ জনসাধাৰণৰ মাজতবৈদ্যুতিন মাধ্যমৰ কাৰ্য পদ্ধতিৰবিপক্ষে সমালোচনা পৰ্যালোচনাৰ আৰম্ভ হ’ল৷ অৱশ্যে সংবাদ মাধ্যমৰ ওপৰত এনে অপবাদ আৰোপ কৰা হৈছে যদিও এই কথা নিশ্চিতভাৱে ক’ব লাগিব যে সংবাদ মাধ্যমেই অসমৰ সংস্কৃতি আৰু সমাজখনক পুনৰুজ্জীৱিত কৰি জাতীয় ভাৱ, ঐক্য গঢ়ি তোলাত বৰ্তমান সময়ত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ এই ভূমিকা গ্ৰহণ কৰোঁতে ইতিবাচক আৰু নেতিবাচক দুই এটা দিশ নথকা নহয়৷ 


বিহুত সংবাদ মাধ্যমৰ ইতিবাচক দিশ 

অসম বুলিলেই বাহিৰৰ ৰাজ্য বা দেশে মূলতঃ বিহু আৰু চাহপাতৰ প্ৰসংগ আনে৷ সংবাদ মাধ্যমে বিহুক বিশ্বায়নৰ দিশলৈ আগুৱাই নিয়াত মূল হোতা হিচাপে সহায় কৰিছে৷ বৈদ্যুতিন সংবাদ মাধ্যমে বিহুক অসমৰ জাতীয় পৰিচয় হিচাপে চিহ্নিত কৰাত অধিক আৰু ক্ষিপ্ৰ ভূমিকা লৈছে৷ এতিয়া একবিংশ শতিকাত সংবাদ মাধ্যমৰ প্ৰসাৰৰ বাবেই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আত্ম জাগৰণৰ সৃষ্টি হৈছে আৰু পূৰ্বৰ লুপ্তপ্ৰায় সংস্কৃতিবোৰ সংৰক্ষণ কৰাৰ এক মানসিকতাৰ সৃষ্টি হৈছে৷ অসমৰ বিভিন্ন অঞ্চলত একেটা বিহুকে বিভিন্ন ৰাতি-নীতিৰে পালন কৰা হয়, প্ৰচলিত ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰে কোন অঞ্চলৰ বৈশিষ্ট্য কেনেধৰণৰ আদি বিষয়বোৰ; সংবাদ মাধ্যমে এই বিষয়বোৰ জনসাধাৰণৰ মাজলৈ উলিয়াই আনি বৃহত্তৰ অসমখনত এক উমৈহতীয়া সম্পৰ্ক নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷ ‘সংবাদবোৰ কেৱল সংবাদ নহৈ অসমীয়া সমাজ আৰু সভ্যতাৰ বাবে হৈ পৰিছে গৱেষণাধৰ্মী বিভিন্ন তথ্য আৰু সমল৷’  অসমত বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰসাৰ আৰু প্ৰয়োগ একেবাৰে নতুন যদিও কম সময়তে অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমকেইটাই  অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু লুপ্তপ্ৰায় সংস্কৃতি পুনৰোদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ থলুৱা বিহু যেতিয়া মঞ্চলৈ গতি কৰিলে, সেই সময়তে বিহুৱে আমূল পৰিৱৰ্তন লাভ কৰিলে৷ এতিয়া সেই পৰিৱৰ্তনৰ বাহক হ’ল সংবাদ মাধ্যমবোৰ৷ সংবাদ মাধ্যমে অন্য জাতি, অন্য দেশ বা ৰাজ্যৰ আগত অসম ৰাজ্যক সাংস্কৃতিকভাৱে প্ৰতিনিধিত্ব কৰাৰ চেষ্টাও কৰিছে৷ 

বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰচলনৰ পৰাই বিহুক অসমৰ ৰাইজে নতুন ধৰণে আৰু সৱলভাৱে উদ্‌যাপন কৰিবলৈ আৰম্ভ কৰিলে৷ আজিৰ তাৰিখত বিহু কেৱল দৰিদ্ৰ আৰু গ্ৰাম্য কৃষকৰ কৃষিভিত্তিক উৎসৱ হৈ থকা নাই৷ অসমৰ প্ৰতিজন  লোকৰ বাবেই বিহু হিয়াৰ আমঠু, অসমৰ স্বাভিমান স্বৰূপে বিহুৱে মৰ্য্যাদা লাভ কৰিছে৷ সেইদৰে সংবাদ মাধ্যমৰ প্ৰচলনৰ পিছৰ পৰাহে অসমীয়াৰ পিঠা-পনা আৰু খাদ্যসম্ভাৰক কেন্দ্ৰ কৰি এখন উন্নতমানৰ বজাৰৰ সৃষ্টি হ’ল, বিহুৰ সময়ত অসমলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিল, বিহু সম্পৰ্কীয় বিজ্ঞানভিত্তিক গৱেষণাৰ আৰম্ভ হ’ল৷ সেইদৰে সংবাদ মাধ্যমে বিহু উৎসৱৰ এক নিৰ্দিষ্ট পৰিকাঠামো নিদ্ধৰ্াৰণ কৰি দিলে৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ সাংস্কৃতিক গোষ্ঠীৰ সহযোগত বিহুৰ আৰু হুচৰিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাতো সংবাদ মাধ্যমেই সহায় কৰিলে৷ ক’ব পাৰি, সাহিত্য যেনেকৈ সমাজৰ দাপোণ৷ এখন ৰাজ্য বা এখন দেশৰ সামগ্ৰিক দাপোণ স্বৰূপ হৈছে এই বৈদ্যুতিন সংবাদ মাধ্যমবোৰ৷

এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াসকলে বিহু উদ্‌যাপন কৰাৰ দৃশ্য সংবাদ মাধ্যমৰ জৰিয়তে ঘৰতে থাকি উপভোগ কৰিব পাৰিছে৷ কৰ্মসূত্ৰে আঁতৰত থকা অসমীয়াসকলকো বিহুৰ সময়ত ক্ষন্তেক আনন্দ প্ৰদান কৰিবলৈ সংবাদ মাধ্যমবোৰ সফল হৈছে৷ কেৱল সংবাদ পৰিৱেশনতে ক্ষান্ত নাথাকি বিহুৰ সামগ্ৰিক কৰ্মৰাজিৰ ‘লাইভ’ প্ৰদৰ্শনে সংবাদ মাধ্যমবোৰক জনসাধাৰণৰ অতি আপোন মাধ্যম হিচাপে পৰিগণিত কৰিছে৷

সংবাদ মাধ্যমৰ প্ৰসাৰৰ লগে লগে ব্যক্তিৰ সৈতে সমাজৰ সম্পৰ্ক আৰু ওচৰ চাপি আহিছে৷ বিহুৰ সময়ত  অসমৰ প্ৰায়সংখ্যক ঠাইতে সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰা হয়৷ সংবাদ মাধ্যমবোৰে এনে অনুষ্ঠানবোৰৰো লাইভ দেখুৱাই জনসাধাৰণৰ সৈতে সংবাদ মাধ্যমবোৰৰ সম্পৰ্ক আৰু সুদৃঢ় কৰি তুলিছে৷ সেইদৰে কাতি বিহুৰ সময়তো কাতি বিহুৰ পৰম্পৰা, ঐতিহ্য আদি বিভিন্ন তথ্যসমৃদ্ধ বাতৰি সংবাদ মাধ্যমবোৰে পৰিৱেশন কৰে; যাৰ দ্বাৰা নতুন প্ৰজন্মই অসমীয়া বিহু সম্পৰ্কে এক ধাৰণা ল’ব পাৰিব৷ মাঘ বিহুৰ সময়তো সংবাদ মাধ্যমে সামগ্ৰিক কৰ্মৰাজিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ভিন্ন প্ৰকাৰে প্ৰয়াস কৰে৷ ভেলাঘৰ নিৰ্মাণৰ পৰা আদি কৰি ভোজভাত খোৱালৈকে সকলোবোৰ অনুষ্ঠানেই সংবাদ মাধ্যমে বাতৰি পৰিৱেশন আৰু সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে৷ ইয়াৰ দ্বাৰা  অন্যান্য জাতি বা জনসাধাৰণে অসমৰ বিহুৰ বৈশিষ্ট্যবোৰনো কেনেকুৱা সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰে৷ 

বৰ্তমান সময়ত ফেচবুকৰ মাধ্যমেও বিহুৰ বহুতো সংবাদ জনসাধাৰণৰ ওচৰলৈ লৈ গৈছে৷ বিকল্প গণমাধ্যম হিচাপে ফেচবুকে এসময়ত ইয়াতকৈয়ো গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি ভাবিবৰ থল আছে৷ সেইদৰে ৰেডিঅ’ৰ প্ৰসাৰ কমিছে যদিও ৰেডিঅ’ই  অসমৰ পুৰণি বিহুখিনি আৰু পৰম্পৰাগত বিহুৰ ঐতিহ্য ৰক্ষা কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে৷ উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ বৈদ্যুতিন সংবাদ মাধ্যম বা বাতৰি কাকত আলোচনী আদিয়ে আহৰণ কৰা এই  সাংস্কৃতিক সমলবোৰ সংবাদ মাধ্যমৰ হাতত চিৰদিনৰ বাবে ৰৈ যাব আৰু ভৱিষ্যতৰ দিনত এইবোৰ সমলে অসমৰ অতীত বিশ্লেষণত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব৷


বিহুত সংবাদ মাধ্যমৰ¸ নেতিবাচক দিশ 

সংবাদ মাধ্যমে বিহু সম্পৰ্কীয় বাতৰি আৰু বিহুৰ সামগ্ৰিক কৰ্মৰাজিৰ উপস্থাপন কৰোঁতে দুই এক দিশত বিৰূপ প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত সংবাদ মাধ্যমবোৰ সজাগ আৰু সচেতন হোৱা প্ৰয়োজন৷ বিশেষকৈ বিহুক কেন্দ্ৰ কৰি সংবাদ মাধ্যমবোৰে এক দীঘলীয়া সময় নষ্ট কৰাৰ অভিযোগ প্ৰায়ে শুনা যায়৷ এতিয়া অসমৰ ৰাইজ সংবাদ মাধ্যমৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে সাংবাদিক উপস্থিত হ’লেহে সভা উদ্ধোধন হ’ব বুলি ৰৈ থকাৰ প্ৰৱনতা বাঢ়িল ৷ সেইদৰে সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰিবলৈকে বহুতে উলহ-মালহে বিহু উদ্‌যাপন কৰে৷ ফাগুণ মাহৰ পৰাই এতিয়া ব’হাগ বিহুক কেন্দ্ৰ কৰি সংবাদ মাধ্যমবোৰে বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰে৷ ঠিক সেইদৰে জেঠ, আহাৰ মাহলৈকে ব’হাগী বিদায়ৰ অনুষ্ঠান চলিয়েই থাকে, যিবোৰ অনুষ্ঠানত পৰোক্ষভাৱে সহায় কৰে সংবাদ মাধ্যমবোৰেই৷ এতিয়া এনেবোৰ কাৰ্যক নতুন প্ৰজন্মই তীক্ষ্ণ সমালোচনা কৰিছে৷ ফেচবুকত এনে কৰ্ম-কাৰ্যৰ বিৰুদ্ধে সমালোচনা আৰু বিতৰ্ক প্ৰায়ে দেখা যায়৷ বহুতৰ মাজত ‘‘চেনেল বিহু’’ বুলি এটি নতুন ব্যংগ অভিধাৰ প্ৰচলন হৈছে৷ এই প্ৰতিযোগিতা আৰু অনুষ্ঠানসমূহে যদিও বাহ্যিকভাৱে অসমীয়া সংস্কৃতি সমৃদ্ধ কৰা যেন লাগে, কিন্তু ইয়াৰ অন্তৰালত সংবাদ মাধ্যমৰ টি. আৰ. পি অৰ্জনৰ এক প্ৰচেষ্টাহে দেখা যায়৷ ফলত বিহুৱে এটা বিকৃত ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বৰ্তমান বিহু উৎসৱ তাৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বহু নিলগত৷ সাজপাৰৰ ক্ষেত্ৰত বিভিন্ন বাধ্যবাধকতা বান্ধি দিয়া হৈছে৷ এই গোটেই প্ৰক্ৰিয়াবোৰত সংবাদ মাধ্যমবোৰেও পৰোক্ষ অৰিহণা যোগাইছে৷

ভোগালী বিহুৰ সময়ত এতিয়া প্ৰতিখন গাঁৱৰ ৰাইজৰ মাজত ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ প্ৰৱণতা বাঢ়ি আহিছে৷ সাংস্কৃতিক দিশেৰে ই ভাল কথা, কিন্তু বৰ্তমান একাংশই, অসমৰ প্ৰাচীন ঐতিহ্য ৰংঘৰ, কাৰেংঘৰ বা তাজমহল আদিৰ অনুকৰণ কৰি ভেলাঘৰ নিৰ্মাণ কৰি সময়ত সেইবোৰ জ্বলাই দিয়া কাৰ্যই সমাজখনত কি প্ৰভাৱ পেলাব সেইয়া কিন্তু বৌদ্ধিক মহলত চৰ্চিত বিষয় হৈ পৰিছে,  আজিৰ পৰা প্ৰায় ২০ বছৰৰ পাছত মাঘ বিহু বুলিলে নতুন প্ৰজন্মই  চকুৰ সন্মুখত কি দেখিব, সেইয়া চিন্তনীয় বিষয়৷ বহুতে আক্ষেপ প্ৰকাশ কৰিছে যে মাঘ বিহুৰ মূল দিশটো যেন সংবাদ মাধ্যমৰ এনে জাক্‌জমকতাৰ মাজত ম্লান পৰিবলৈ আৰম্ভ কৰিছে৷ সংবাদ মাধ্যমবোৰে বিহু সম্পৰ্কীয় বাতৰি আৰু অনুষ্ঠান পৰিৱেশন কৰোঁতে যাতে মূল ৰূপটো অন্তত বৰ্তি থাকে সেই দিশত নিজাকৈ পৰ্যালোচনা কৰিবৰ হ’ল৷  মানৱ সমাজে পৰিৱৰ্তন বিচাৰে, কিন্তু সেই পৰিৱৰ্তনে যাতে মূল ৰূপ আৰু সংস্কৃতিৰ ধনাত্মক ঐতিহ্যক নিঃশেষ নকৰে, সেই দিশবোৰ ভাবি চোৱা দৰকাৰ৷  এতিয়া বিহুৰ সময়ত ছেল্‌ফি প্ৰতিযোগিতাৰ মাধ্যমেৰে আন এক চমক দিবলৈ বৈদ্যুতিন সংবাদ মাধ্যমবোৰৰ দুই এটা চেনেলে চেষ্টা কৰিছে৷ এনে সস্তীয়া অনুষ্ঠান পৰিৱেশন কৰাতকৈ সংবাদ মাধ্যমবোৰে বৌদ্ধিক দিশত আৰু শৈক্ষিক বা সামাজিক দিশত কাম কৰাতোহে অধিক সময়োপযোগী হ’ব বুলি ক’ব পাৰি৷


সংবাদ মাধ্যমৰ সামাজিক দায়িত্ববোধ 

সংবাদ মাধ্যমসমূহে  জনসাধাৰণৰ ৰুচি আৰু মানসিকতাক গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে জনসাধাৰণক সামাজিকভাৱে কেনেদৰে ইতিবাচক দিশলৈ লৈ যাব পাৰি তাৰ প্ৰতিও সজাগ হ’ব লাগিব৷ ‘‘সংবাদ মাধ্যমৰ উদ্দেশ্য হৈছে জনসাধাৰণক সকলোধৰণৰ সঠিক তথ্যৰ যোগেদি দেশৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰভৃতি বিভিন্ন দিশৰ তথ্যপূৰ্ণ-সংবাদ যোগান ধৰি তেওঁলোকৰ চিন্তা আৰু কল্পনাক সমৃদ্ধ কৰা৷ [গণমাধ্যম সমাজ আৰু সাহিত্য, পৃষ্ঠা-২৩]৷’’কেৱল এচাম ৰাইজে বিচাৰিলে বুলিয়েই যিকোনো এটা বিষয় আনি সংবাদ চেনেলবোৰে যদি জনসাধাৰণৰ মাজলৈ ঠেলি দিয়ে, তেন্তে পিছৰ প্ৰজন্মই ইয়াৰ কু-ফলাফল নিশ্চিতৰূপত ভোগ কৰিব লাগিব৷  বৈদ্যুতিন সংবাদ মাধ্যমবোৰ যিহেতু শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে উপভোগ কৰে; গতিকে চেনেলবোৰে অনুষ্ঠানবোৰ প্ৰদৰ্শন কৰোঁতে এই দিশবোৰ ভাবি চাব লাগে৷ নহ’লে শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব৷ 

সংবাদ মাধ্যমবোৰ ব্যক্তিগত মালিকাধীন হোৱা বাবেও বহু সময়ত ই নিৰপেক্ষ  হ’ব নোৱাৰে, কাৰণ সম্পাদকৰ ওপৰত মালিক পক্ষৰ পৰা হেঁচা প্ৰয়োগ কৰা হয়৷ আকৌ ৰাজনৈতিকভাৱেও সংবাদ চেনেলবোৰ নিৰপেক্ষ নহয়৷ কাৰণ ৰাজনৈতিক আদৰ্শ বেলেগ হোৱাৰ বাবেই বাতৰি পৰিৱেশনৰ ধৰণ-কৰণো প্ৰতিটো ব্যক্তিগত চেনেলৰ বেলেগ বেলেগ হয়৷ ফলত সম্পাদকৰ ইচ্চা থাকিলেও বহু সময়ত ই নিৰপেক্ষ আৰু জনতাৰ সপক্ষত নাথাকেগৈ৷ এই পক্ষপাতিত্বৰ দিশটো বাতৰি কাকতৰো আছে৷ 

বৰ্তমান সময়ত সংবাদ মাধ্যমৰ কৱলত পৰি অসমৰ প্ৰায়সংখ্যক উৎসৱেই এটা পশ্চিমীয়া ৰূপ পৰিগ্ৰহণ কৰিছে৷ অসমৰ একাংশ নিৰক্ষৰ মানুহে সংবাদ মাধ্যমত যি দেখিছে, সেইয়াই সঁচা বুলি ভাবি লৈছে৷ ফলত সংবাদ মাধ্যমে পৰোক্ষভাৱে আমাৰ সংস্কৃতি আৰু সমাজখনক শাসন কৰি থকাৰ দৰে এটা অৱস্থাৰ সৃষ্টি হৈছে৷ সাম্প্ৰতিক সময়ত মাঘ বিহুত ভেলাঘৰ নিৰ্মাণক কেন্দ্ৰ কৰি সংবাদ মাধ্যমে যিটো অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে, আগন্তুক বৰ্ষবোৰত  ইয়াৰ মাত্ৰা আৰু দুগুণে যে বাঢ়িব, সেইয়া নিশ্চিত৷ সেইদৰে ব’হাগ বিহুৰ সময়তো এনে বহু অনুষ্ঠান লক্ষ্য কৰা যায়, যিবোৰ অনুষ্ঠানে আমাৰ জনসাধাৰণৰ মানসিকতাক এটি বেলেগ স্তৰলৈ লৈ যোৱা বুলি একাংশই সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ দুৰ্গা পূজা আৰু সৰস্বতী পূজাৰ সময়ত সংবাদ মাধ্যমৰ টি. আৰ.পি. অৰ্জনৰ বাবে অনুষ্ঠিত কৰা অনুষ্ঠানবোৰেও অসমৰ সাংস্কৃতিক দিশটোক বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে৷ একাংশই অৱশ্যে এইখিনিকে পৰম আধুনিকতা বুলি প্ৰাকে-প্ৰকাৰে চিহ্নিত কৰিবলৈয়ো যত্ন কৰিছে৷ গতিকে সংবাদ মাধ্যমৰ এনে দিশবোৰ বিচাৰ কৰি চোৱাতো অতি প্ৰয়োজনীয়৷ 

সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ সংবাদ মাধ্যমে ইচ্ছা কৰিলে এখন দেশ বা ৰাজ্যক নিজা ধৰণে গঢ়ি তুলিব পাৰে৷ সেই শক্তি সংবাদ মাধ্যমৰ হাতত আছে৷ বাতৰি কাকত, আলোচনী আদিৰ মাজেৰে প্ৰকাশ হোৱা সংবাদবোৰে লাহে লাহে জনসাধাৰণৰ মাজত ক্ৰিয়া কৰে যদিও বৈদ্যুতিন সংবাদৰ মাধ্যমেৰে প্ৰকাশ হোৱা বাতৰি এটা লগে লগে জনসাধাৰণে মুহূৰ্তৰ খবৰ মুহূৰ্তৰ ভিতৰতে পাবলৈ সক্ষম হয়, তদুপৰি বাতৰি কাকত এখন সকলোৱে কিনি নপঢ়ে, কিন্তু অসমৰ প্ৰায় ৯৫  শতাংশ ঘৰতেই টেলিভিছন আছে৷ গতিকে বৈদ্যুতিন সংবাদ মাধ্যমবোৰে বৰ্তমান সময়ত অতি কম সময়তে একোটা বিষয় সম্পৰ্কত জনসাধাৰণৰ বিশেষ জনমত গঢ়ি তুলিব পাৰে৷ লগতে এই সংবাদ মাধ্যমবোৰে জনসাধাৰণক বেছি প্ৰভাৱিত কৰিব পাৰে৷ তদুপৰি সংবাদ মাধ্যমবোৰে অসমৰ সংস্কৃতিক বিশ্বদৰবাৰৰ আগত চিনাকী কৰি দিবলৈ সুস্থ-কাৰ্যপণ্ঠা হাতত ল’ব পাৰে৷ সেইদৰে পৰ্যটনৰ দিশটো সমৃদ্ধ কৰিবলৈ উৎসৱ-পাৰ্বণসমূহৰ মূল ৰূপটো বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা দৰকাৰ৷ অসমৰ বিহু উৎসৱো বৰ্তমান সংবাদ মাধ্যৰ প্ৰভাৱত বহুতো দিশত আগবাঢ়ি গ’ল আৰু বহতো দিশত মূল ৰূপ হেৰুৱাই পেলালে৷ সংস্কৃতি পৰিৱৰ্তন যদিও ইয়াৰ মাত্ৰা এটা সীমাৰ মাজত থকাতো প্ৰয়োজন৷ সুস্থ সাংবাদিকতাৰ অবিহনে এই মাত্ৰা বৰ্তি নাথাকে৷ 

শেষত ক’ব পাৰি বৰ্তমান সময়ত বৈদ্যুতিন সংবাদ মাধ্যমৰ কাৰ্য কলাপৰ ওপৰতেই নিৰ্ভৰ কৰিছে আমাৰ সমাজ, সংস্কৃতি আৰু দেশ বা ৰাজ্যৰ আগন্তুক ভৱিষ্যৎ৷ আমাৰ সভ্যতা, সংস্কৃতি আদি বিভিন্ন দিশবোৰ সংবাদ মাধ্যমৰ কিছু ভুলৰ বাবেই এসময়ত হয়তো নিশেষ হৈ¸ যাব পাৰে নতুবা এটা বিকৃত ৰূপ ল’ব পাৰে ৷ সেইদৰে বিহু উৎসৱকো সংবাদ মাধ্যমে শৃংখলাবদ্ধভাৱে উপস্থাপন নকৰিলে বিহুৱে পূৰ্বৰ গৰিমা হেৰুৱাব ৷ গতিকে  এনে দিশবোৰত সংবাদ মাধ্যমৰ হাতত যথেষ্ট গুৰু দায়িত্ব আছে৷ আমি নিশ্চিতভাৱে আশা কৰিম যেন বৈদ্যুতিন সংবাদ মাধ্যমে এনে দিশবোৰ আলোকপাত কৰি অনাগত দিনত অসমৰ বিহু উৎসৱক নতুনকৈ আৰু মাৰ্জিত ধৰণে বিশ্বৰ আগত উপস্থাপন কৰাৰ যত্ন কৰিব৷ 


গ্ৰন্থপঞ্জী 

চট্টোপাধ্যায়, পাৰ্থঃ তত্ত্ব আৰু প্ৰয়োদেৰে গণসংযোগ, ২০০৮, বীণা লাইব্ৰেৰী৷

চৌধুৰী, উৎপলজ্যোতি আৰু ডেকা, জয়জিৎ ঃ গণসংযোগ আৰু সাংবাদিকতা, ২০১২, প্ৰথম প্ৰকাশ, আঁক-বাক৷

দত্ত, অংকুৰণঃ বিষয় সাংবাদিকতা, ২০১৪, বনলতা, প্ৰথম সংস্কৰণ৷

নাথ, প্ৰফুল্ল কুমাৰ আৰু হাজৰিকা, জ্যোতিৰেখাঃ গণমাধ্যম সমাজ আৰু সাহিত্য, ২০০৮, বীণা                 লাইব্ৰেৰী৷

ভাগৱতী, ৰাধিকামোহনঃ সংবাদ, সংবাদ পত্ৰ আৰু সাংবাদিকতা, ২০০৫, অসম প্ৰকাশন পৰিষদ৷

বেজবৰা, নীৰাজনা মহন্তঃ যোগাযোগ কলা, ২০১২, বনলতা, দ্বিতীয় প্ৰকাশ৷

গৰিয়সী, সম্পা. লক্ষ্মীনন্দন বৰাঃ  একবিংশ বছৰ, দশম সংখ্যা, জুলাই, ২০১৪

.....................

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭



Post a Comment

0 Comments