অতি সাম্প্ৰতিক ৷৷ কবিতা

 

                                    *
সৰু হৈ থাকোতে সময়ে-অসময়ে মাত্ৰ খেলিছিলো
ৰজা-ৰাণী খেলিলো, দৰা-কইনা খেলিলো
বেছিভাগ সময় লুকা-ভাকু খেলিলো 
বেৰৰ আঁৰত, ভঁৰালৰ তলত
নহ’লে পাচফালৰ বাৰীৰ ঢাপত ৰং বুটলিলো জীৱনৰ
আম, জামু, লিচু গিলি গিলি চুৰ ধৰাৰ আনন্দ ল’লো কত
ডাঠ হাবিত লুকায়ো সাৰিব নোৱাৰিছিলো 
লগৰকেইটাৰ তীক্ষ্ণ দৃষ্টিত 

সেইবোৰ দিনেই নিভাঁজ আছিল
সেইবোৰ দিনেই সহজ আছিল
দৰা-কইনাৰ খেল খেলিও চকুত নাছিল ভালপোৱাৰ প্ৰত্যাশা
ৰজা-ৰাণীৰ পুতলা সাজিও বুকুত নাছিল শাসকৰ বাসনা

এতিয়াও খেলিছো খেল 
বুকুত খণ্ড-বিখণ্ড শিলৰ টুকুৰা লৈ 
চকুত পিন্ধি লৈছো ৰঙীণ হাঁহি
নিমিলা অংকবোৰ মিলাই লৈছোঁ ঘনে ঘনে 
দৰা-কইনা খেলিছো চুক্তিত নহ’লে স্বাৰ্থত 
প্ৰলোভন, প্ৰৱঞ্চনাৰ মঞ্চত 
ৰজা-ৰাণীৰ একাংকিকা কৰিছোঁ

কাষত থাকিও এতিয়া কোনেও কাকো নেদেখে 
কিমান যে লুকা-ভাকু নিজৰেই মাজত
পলাইছোঁ ক’তবাৰ নিজৰ পৰা
আপোন বুলি কোৱা ধ্ৰুৱকৰ পৰা
সংখ্যা, বৰ্ণ, স্ক্ৰীণশ্বটৰ হাতোৰাত  বন্দী কৰি লৈছোঁ সময়
আশাৰ লালসাত কম্পমান হৈ থাকোতেই 
জীৱনৰ এছোৱা সময় তেনেদৰেই  যায়
পাচৱৰ্ড, পেটাৰ্ণ ল’কে বান্ধি থয় 
এটাৰ পাচত এটাকৈ বগা ক’লা সপোন

আই-পিতায়ে শেষবাৰৰ বাবে আমাক এখন পৃথিৱী দিছিল
আৰু আমি আমাৰ সন্তানক দিমগৈ
কেইটামান পাছৱৰ্ড, কেইখনমান মুখা 
আৰু এটুকুৰা শিলৰ চোতাল

পুনশ্চঃ
বাহিৰলৈ ওলাবলৈকে এতিয়া 
কিমান যে নিজক লুকুৱাৰ আখৰা

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments