ফুল, কাঁইট আৰু সুবাস ৷৷ গ্ৰন্থ সমালোচনা


      * গাঁৱৰ কেঁচা, বোকা, ওখোৰা-মোখোৰা পথটোৱে খোজ কাঢ়োতে বা বাহন এখন চলাওতে আমি প্ৰায়ে অশান্তি পাঁও৷ অস্বস্তিত ভোগো৷ তাৰ পৰিৱৰ্তে আহল-বহল, মসৃন পকী পথ এটাৰে খোজ কাঢ়ি সকলোৱেই সুখ পাঁও৷ প্ৰশান্তি অনুভৱ কৰোঁ৷ গাঁৱৰ পথটোও কেতিয়ানো সুন্দৰ, পকী আৰু মসৃন হয়, মনে-প্ৰাণে তাৰ আশা কৰোঁ৷ আমাৰ জীৱনটোকো এই সাধাৰণ উদাহৰণটোৰেই ৰিজাই চাব পাৰোঁ৷ পৰিৱেশ, মূল্যবোধ শিক্ষা আৰু অনুশাসন-অনুপ্ৰেৰণাৰ সঠিক প্ৰয়োগৰ বাবেই কাৰোবাৰ জীৱনটো পকী আহল বহল পথটোৰ দৰেই সুন্দৰ আৰু মসৃন হৈ পৰে আৰু তাৰ অভাৱৰ বাবেই কাৰোবাৰ জীৱনটো গাঁৱৰ সেই পথটোৰ দৰেই অশান্তিকৰ, আমনিদায়ক হয়৷ পথ এটা মসৃন, সুন্দৰ আৰু আহল-বহল কৰিবলৈ যেনেকৈ বিভিন্ন পৰিকল্পনা, পৰিকাঠামো আৰু সদিচ্চাৰ প্ৰয়োজন, ঠিক তেনেকৈ জীৱন এটা সুন্দৰ আৰু মসৃন কৰি তুলিবলৈকো আমাক কিছু পৰিকল্পনা, আদৰ্শ আৰু বৌদ্ধিক-মানসিক শক্তিৰ প্ৰয়োজন৷ গাইড (Guide)ৰ প্ৰয়োজন৷ শিশু আৰু কৈশোৰৰ সময়ছোৱাত এই পৰিকল্পনাৰ কথা আমাক কোনে শিকাব? কোনে সঠিক পথেৰে নিৰ্দেশনা দিব? আমি কেনেধৰণৰ আদৰ্শ গ্ৰহণ কৰিম? ঘৰখনৰ পৰাই আমি সকলোবোৰ প্ৰয়োজনীয় শিক্ষা লাভ কৰাটো সকলো সময়তে সম্ভৱপৰ হয়নে? আমি পঢ়া পাঠ্যক্ৰমসমূহে বাৰু কিশোৰ-কিশোৰী সকলক সামগ্ৰিক অৰ্থত গাইড দিব পাৰেনে? 
  কিশোৰ-কিশোৰীৰ শৈক্ষিক-সামাজিক-বৌদ্ধিক আদি প্ৰতিটো দিশেই পৰিপূৰ্ণ হ’বলৈ যিবোৰ উপকৰণৰ প্ৰয়োজন হয়, তাৰ ভিতৰত এক প্ৰধান উপকৰণ হ’ল কিতাপ৷ কিতাপৰ পাততেই লুপ্ত হৈ আছে জীৱনৰ সঞ্জীৱনী সুধা৷ হয়তো সেয়েহে কোৱা হয়– ‘কিতাপেই মানুহৰ পৰম বন্ধু’৷ উইল ডুৰাণ্টেও কৈ গৈছে– ‘কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে৷’ কিশোৰৰ মনত ইতিবাচক শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে তেওঁলোকক জীৱনমুখী বিষয়ৰ জ্ঞান প্ৰদান আৰু অনুপ্ৰেৰণাৰ দ্বাৰা নিশ্চয়কৈ এটি পৰিপূৰ্ণ জীৱন প্ৰদান কৰিব পাৰি৷ কিশোৰৰ মাজলৈ জীৱনমুখী গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ যোগেদি এই কামটো সহজে সম্ভৱ কৰি তুলিব পাৰি৷ ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰিবলৈ, এটা ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিবলৈ, নিজক চিনি পাবলৈ, বুজি পাবলৈ, মূল্যবোধ সম্পৰ্কীয় চিন্তা-চেতনাৰ বিষয়ে জানিবলৈ, বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনীবোৰ জানিবলৈ একো একোখন জীৱনমুখী গ্ৰন্থই কিশোৰ-কিশোৰীৰ বাবে অন্ধ ব্যক্তিৰ হাতৰ লাখুটিডালৰ দৰেই কাম কৰিব পাৰে৷ 
 অসমীয়া সাহিত্যত কিশোৰ উপযোগী গ্ৰন্থৰ ৰচনাৰ সংখ্যা বৰ এটা সুখকৰ নহয়৷ তাতোতকৈ কম কিশোৰ উপযোগী জীৱনমুখী সাহিত্যৰ ৰচনাৰ মাত্ৰাটো৷ প্ৰাপ্তবয়স্ক পাঠকক উদ্দেশ্য কৰিয়েই অসমীয়া সাহিত্যত অধিক পৰিমাণে সৃষ্টিশীল সাহিত্য ৰচনা হৈ আছে৷ সেইদৰে সাহিত্যৰ জনপ্ৰিয় বিধাসমূহৰ চৰ্চা কৰিবলৈকে গৰিষ্ঠসংখ্যক লেখক-লেখিকা সততে আকৰ্ষিত হয়৷ কিন্তু কিশোৰসকলক উদ্দেশ্য কৰি (বয়সৰ হিচাপেৰে ১০-ৰৰ বছৰৰপৰা ২০-২১ বছৰলৈকে) অসমীয়া সাহিত্যত বহু কম পৰিমাণৰহে জীৱনমুখী গ্ৰন্থ প্ৰকাশিত হৈছে৷ এই কিশোৰ উপযোগী সাহিত্যবোৰো আকৌ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে৷ এই আলোচনাত নিৰ্দিষ্ট উদ্দেশ্যৰ পৰিসৰৰ বাহিৰলৈ নগৈ মাত্ৰ অসমীয়া জীৱনমুখী সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰখনৰ কথাহে কিছু কৈ ল’ব বিচাৰিছোঁ৷ সত্যনাথ বৰাৰ ‘সাৰথি’খন আছিল কিশোৰ-কিশোৰীৰ বাবে উপযোগী এখন সাৰ্থক গ্ৰন্থ৷ সেই ‘সাৰথি’ৰপৰা আজি একবিংশ শতিকাৰ দ্বিতীয় দশকলৈকে অসমীয়া সাহিত্যত বহুকেইজন বৰণ্যে ব্যক্তি, সাহিত্যিকে কৈশোৰ কালছোৱাৰ বৌদ্ধিক-মানসিক উৎকৰ্ষ সাধনৰ বাবে সাহিত্যৰ মাজেৰে কাম কৰি আহিছে৷ অসমীয়া সাহিত্যত হোমেন বৰগোহাঞিৰ নাম এইক্ষেত্ৰত প্ৰথমেই মনলৈ আহে৷ বৰগোহাঞিৰ প্ৰায়বোৰ লেখাই কিশোৰৰ মন-মনন-চিন্তন পৰিপুষ্ট কৰিবপৰাকৈ সমৃদ্ধ৷ তেওঁ উপন্যাস, গল্প, প্ৰবন্ধ লিখাৰ সমান্তৰালভাৱেই কিশোৰৰ বৌদ্ধিক-মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেও বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে৷ সেইদৰে অসমীয়া সাহিত্যত প্ৰহ্লাদ কুমাৰ বৰুৱায়ো জীৱনমুখী বিষয়ক বহুকেইখন গ্ৰন্থ ৰচনা কৰিছে৷ তাৰ ভিতৰত–‘জীৱন কলা’, ‘তথাপি জীয়াই থাকিবই লাগিব’, ‘প্ৰেম আৰু জীৱন’ আদি অন্যতম৷ সেইদৰে মানিক দাসৰ– ‘কথা পাতো আহা’, ‘আকৌ কথা পাতো আহা’, প্ৰাঞ্জল বুঢ়াগোহাঁইৰ– ‘কৃতজ্ঞতা’ আদি গ্ৰন্থবোৰ এইক্ষেত্ৰত প্ৰণিধানযোগ্য৷ কিন্তু উল্লিখিত গ্ৰন্থবোৰৰ প্ৰায় সংখ্যকেই কেৱল কিশোৰৰ বাবেই বুলি স্বীকৃত নহয়৷ লেখকসকলেও স্পষ্টকৈ শ্ৰেণীবিভাজন কৰা নাই৷ সকলোশ্ৰেণীৰ পাঠকক উদ্দেশ্য কৰিয়েই হোমেন বৰগোহাঞি বা প্ৰহ্লাদ কুমাৰ বৰুৱাই এই গ্ৰন্থবোৰ ৰচনা কৰিছে৷ কিন্তু মানিক দাসে– কিশোৰ-কিশোৰীসকলৰ উদ্দেশ্যে প্ৰকাশিত বুলি তেওঁৰ গ্ৰন্থৰ আগকথা বা পাতনিত স্পষ্টকৈ উল্লেখ কৰিছে৷
 অসমীয়া সাহিত্যত কিশোৰ সাহিত্যৰ অনুবাদৰ দিশটো অৱশ্যে সন্তোষজনক৷ পাৰ্থ চট্টোপাধ্যায়ৰ অনেক কিশোৰ উপযোগী গ্ৰন্থ অসমীয়া সাহিত্যলৈ অনুবাদ হৈছে৷ তাৰ ভিতৰত– ‘নিজেই নিজক সলনি কৰক’, ‘এতিয়াও সময় আছে’, ‘যিসকলে ডাঙৰ হ’ব বিচৰা’, ‘কলেজত যি শিকোৱা নহয়’, ‘স্কুলত যি পঢ়োৱা নহয়’, ‘হতাশাৰপৰা মুক্তিৰ উপায়’ আদি অন্যতম৷ সেইদৰে পাশ্চাত্যৰ প্ৰসিদ্ধ সাহিত্যিক ডেল কাৰ্ণেগী, টমাছ ফুলাৰ আদিৰ বহুতো গ্ৰন্থ অসমীয়া ভাষালৈ অনুদিত হৈছে৷  এই গ্ৰন্থবোৰে মূলতঃ অসমীয়া ভাষা-সাহিত্যক অনুবাদৰ দিশেৰে সমৃদ্ধ কৰাৰ সমান্তৰলাভাৱে অসমৰ কিশোৰ-কিশোৰীসকলৰ বাবে গাইড বা অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰিছে৷
 কিশোৰক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশিত হৈছে৷ গ্ৰন্থখন হ’ল– টুনুজ্যোতি গগৈৰ ফুল, কাঁইট আৰু সুবাস৷ গ্ৰন্থখনত কিশোৰ উপযোগী জীৱনীমুখী ৰচনা সংকলিত হৈছে৷ সংকলনটোত গগৈয়ে অসমৰ কিশোৰসকলৰ সৰ্বাঙ্গীন উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ বাবে প্ৰয়োজন হোৱা প্ৰায়খিনি বিষয়েই সামৰি লৈছে৷ গ্ৰন্থখনৰ আটাইতকৈ যোগাত্মক দিশ হৈছে গ্ৰন্থখনত কিশোৰ-কিশোৰীৰ ভৱিষ্যত জীৱনটো সৰ্বাঙ্গসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় হোৱা আটাইবোৰ সমলেই একত্ৰ কৰা হৈছে আৰু বিশেষকৈ কিশোৰ-কিশোৰীসকলক সামাজিক প্ৰাণী হিচাপে সমাজ-সংস্কৃতি-ৰাজনীতি-অৰ্থনীতি আদি বিষয়বোৰৰ প্ৰতিও দায়বদ্ধ হ’বলৈ শিকোৱা হৈছে৷
 প্ৰতিজন শিশুৰে নিজস্ব কিছু প্ৰাকৃতিক প্ৰতিভা থাকে৷ কিন্তু গৰিষ্ঠসংখ্যকেই নিজা প্ৰতিভাৰ সদব্যৱহাৰ নকৰাৰ বাবে বা নিজৰ প্ৰতিভাক সময়মতে চিনি নোপোৱাৰ ফলত জীৱনৰ বাটত উন্নতি লাভ কৰিব নোৱাৰে৷ ফলশ্ৰুতিত তেওঁলোকে ভৱিষ্যতক লৈ এটা বৰ্ণিল সপোন নেদেখে৷ নিজৰ অমনোযোগিতা, এলেহুৱা স্বভাৱ, সময়ৰ সদব্যৱহাৰ নজনাৰ ফলতে জীৱনৰ বহু মূল্যৱান সময় অপব্যয় কৰি দিবলগীয়া হয়৷ কৈশোৰ সময়ছোৱাতে বিভিন্ন কাৰকে কিশোৰ এজনৰ মানসিক চিন্তা-ভাৱনাক প্ৰভাৱিত কৰিব পাৰে, এই সময়ছোৱাতে বিভিন্ন বদঅভ্যাসেও কিশোৰসকলক প্ৰভাৱিত কৰিব পাৰে৷ শিশুৰ মানসিকতা গঠনত পাৰিপাশ্চিৰ্ক অৱস্থা, অভিভাৱকৰ সচেতনতা, বন্ধুবৰ্গৰ প্ৰভাৱ, সমকালীন সামজিক-সাংস্কৃতিক-অৰ্থনৈতিক আদি কাৰকেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ইতিবাচক দৃষ্টিভংগী আৰু সুপৰিকল্পনাৰে নিজৰ জীৱনটো যে এটা সৰ্বাঙ্গসুন্দৰ ৰূপত গঢ়ি তুলিব পাৰি, সেই কথা কিশোৰসকলে নজনাকৈয়ে জীৱনৰ বহু অমূল্য সময় অবাবতে নষ্ট কৰি দিয়ে৷ অসমৰ দৰে এখন উন্নয়নশীল ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ গৰিষ্ঠসংখ্যক কিশোৰ-কিশোৰীৰ মাজত নিজকে গঢ়ি তোলাৰ চেতনাটোৰ কোনোদিনেই বিকাশ নহয়৷ সেই ইতিবাচক পৰিৱেশটো তেওঁলোকক ঘৰখনেও দিব নোৱাৰে, সমাজখনেও নোৱাৰে, আনকি বিদ্যালয়বোৰেও নোৱাৰে৷ কিশোৰ-কিশোৰীসকলৰ জীৱনৰ এই মধুৰ সময়ছোৱাৰ উচিত ব্যৱহাৰ কৰিবলৈ জীৱনমুখী কিতাপবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ এনে গ্ৰন্থৰদ্বাৰা বিশ্বৰ ভাল ভাল বক্তিৰ অনুপ্ৰেৰণামূলক কাহিনী, সত্য ঘটনাৰ উদাহৰণেৰে কিশোৰসকলৰ মন মানসিকতাক প্ৰভাৱিত কৰিব পৰা যায়৷ টুনুজ্যোতি গগৈৰ কিতাপখনতো এই কামটোকে অতি সতৰ্ক আৰু বিজ্ঞানসন্মতভাৱে কৰা হৈছে৷ গ্ৰন্থখনত কিশোৰ এজনক পৰিপূৰ্ণ জীৱন এটা গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়াৰ লগতে সামাজিকভাৱে জীৱন যাপন কৰাৰ বিভিন্ন ইতিবাচক পথ দেখুওৱা হৈছে৷ নিজৰ লগতে সমাজৰো ভাল হোৱা বা নিজৰ উপকাৰৰ লগতে দহৰো উপকাৰ হোৱা সমৃদ্ধ জীৱন এটাহেই যে ব্যক্তি এজনক সামগ্ৰিক অৰ্থত মানুহ কৰি তুলিব পাৰি, সেই দৰ্শন আৰু আদৰ্শ গ্ৰন্থখনত আছে৷
 গ্ৰন্থখনৰ আৰু এটা অন্যতম বিশেষত্ব হ’ল গ্ৰন্থখনত বৰ্ণিত মহান ব্যক্তিসকলৰ জীৱনাদৰ্শবোৰ কেৱল পাশ্চাত্যকেন্দ্ৰিক নহয়৷ আমাৰ একাংশৰ মনত এই ধাৰণা গঢ় লৈয়ে উঠিছে যে বিখ্যাত ব্যক্তিৰ উদাহৰণ বা উদ্ধৃতি দিবলৈ হ’লেই পাশ্চাত্যৰ ব্যক্তিৰ নামেই যেন সঘনাই ক’ব লাগিব, কিন্তু টুনুজ্যোতি গগৈৰ গ্ৰন্থখন এইক্ষেত্ৰত ব্যতিক্ৰম৷ তেওঁ পাশ্চাত্যৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ উদাহৰণ দিয়াৰ সমান্তৰালভাৱে অসমৰ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, আনন্দচন্দ্ৰ আগৰৱালা, পৰাগ কুমাৰ দাস, অজিত কুমাৰ ভূঞা, হোমেন বৰগোহাঞি আদিৰ দৰে অনেক ব্যক্তিৰ উদাহৰণেৰে অসমৰ কিশোৰসকলক অসমৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তিসকলৰ গুৰুত্ব আৰু অৱদানৰ কথা বুজাবলৈ যত্ন কৰিছে৷ 
 জীৱনমুখী গ্ৰন্থই মানুহক গঢ়িবলৈ, বুজিবলৈ আৰু ইতিবাচক ৰূপত গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে৷ মানৱীয় গুণসমূহৰ প্ৰতিও মানুহক আগ্ৰহান্বিত কৰে৷ ব্যক্তিৰ আত্মবিশ্বাস প্ৰবল কৰাত অনুপ্ৰাণিত কৰে৷ সেইদৰে দুৰ্বল মনৰ মানুহক জীৱন সংগ্ৰামত সাহসেৰে অৱতীৰ্ণ হ’বলৈ সাহস প্ৰদান কৰে৷ আত্মসমালোচনাৰ দ্বাৰা এক সমৃদ্ধিময় জীৱন গঢ়িবলৈ পথ পদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে৷ এনে ইতিবাচক কাৰকসমূহৰ বাবেই এই গ্ৰন্থসমূহ অসমীয়া সাহিত্যত প্ৰকাশ হোৱাৰ প্ৰয়োজন আছে৷ টুনুজ্যোতি গগৈৰ কিতাপখনতো এই বিষয়বোৰে অতি গুৰুত্ব সহকাৰে আলোকপাত কৰা হৈছে৷ গ্ৰন্থখনৰ ৰচনাবোৰৰ শিৰোণামবোৰো অতি চকুত লগা ধৰণৰ৷ সৰ্বমুত ৪৩ টা প্ৰবন্ধৰ প্ৰতিটো প্ৰবন্ধই কিশোৰসকলৰ লগতে অন্য শ্ৰেণীৰ পাঠককো এটি নতুন পথৰ সন্ধান দিবপৰাকৈ সমৃদ্ধ৷ গ্ৰন্থখনৰ দ্বাৰা কিশোৰসকল যেনেদৰে লাভৱান হ’ব, ঠিক অভিভাৱকসকলেও গ্ৰন্থখন পঢ়ি নিজৰ সন্তানক এজন ভাল মানুহ কৰিবলৈ প্ৰেৰণা আৰু আদৰ্শৰ সন্ধান পাব৷
 গ্ৰন্থখনৰ বহুেকইটা লেখা উপদেশমূলক যদিও উপদেশ দিয়াটোৱেই গ্ৰন্থখনৰ মূল লক্ষ্য নহয়,বৰঞ্চ উদাহৰণৰ দ্বাৰা কিশোৰ সকলক জীৱনটো অনুধাৱন কৰাবলৈহে লেখাসমূহত প্ৰচেষ্টা দেখা যায়৷ সেইদৰে কিশোৰৰ মানসিক আত্মনিয়ন্ত্ৰণ আৰু উপলব্ধিৰ বাবেও গ্ৰন্থখন যথেষ্ট সহায়ক হ’ব৷ 
 লেখকে ‘গদ্যৰ সাধনা’ শীৰ্ষক লেখাটোত কিশোৰ সকলৰ গদ্য লিখাৰ ধৰণ-কৰণ আদিৰ বিষয়ে সবিস্তাৰে উল্লেখ আছে৷ অসমীয়া সাহিত্যত কিশোৰসকলক উদ্দেশ্যি গদ্য লিখাৰ কৌশল আৰু সেই সম্পৰ্কীয় অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ ভিতৰত হয়তো এইটো প্ৰবন্ধই মই পঢ়াৰ ভিতৰত প্ৰথম৷ (অৱশ্যে কিতাপ আকাৰে প্ৰকাশ পোৱা অতনু ভট্টাচাৰ্যৰ ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ গ্ৰন্থখনো কিশোৰসকলৰ সাহিত্য সাধনাৰ বাবে অন্যতম প্ৰাসংগিক গ্ৰন্থ৷) সেইদৰে ‘তৰুণ লেখকৰ সাহিত্য সাধনা’ লেখাটোতো বহুখিনি প্ৰাসংগিক কথাৰ অৱতাৰণা কৰা হৈছে৷ তেওঁ কৈছে– জীৱনৰ অৰ্থই যদি সংগ্ৰাম হয়, তেন্তে সাহিত্য হ’ব পাৰে এই সংগ্ৰামৰ একোখন দলিল৷ (পৃষ্ঠা-৬২) ‘ইতিবাচক ঈৰ্ষা’ শীৰ্ষক লেখাটোতো গগৈয়ে পদ্মনাথ গোহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ উদাহৰণ দি কেনেদৰে ইজনে সিজনৰ পাণ্ডিত্যৰ প্ৰতি ঈৰ্ষান্বিত হোৱাৰ ফলশ্ৰুতিতে ‘বাঁহী’, ‘ঊষা’ৰ দৰে আলোচনী অসমীয়া সাহিত্যই লাভ কৰিছিল সেই কথাৰ অৱতাৰণা কৰিছে৷ ‘নিজকে জয় কৰোঁ আহাঁ’ লেখাটোতো তেওঁ কিশোৰসকলক উদ্দেশ্যি প্ৰশ্ন কৰিছে এনেদৰে–‘আমি যদি নমৰালৈকে জীয়াই থাকিবই লাগিব, তেন্তে অলপ ভালদৰে বা অৰ্থপূৰ্ণভাৱে জীয়াই থাকিবলৈ চেষ্টা নকৰোঁ কিয়? এনে প্ৰশ্নৰ বিশ্লেষণৰদ্বাৰা কিশোৰসকলে নিজক অনুধাৱন কৰিবলৈ নিশ্চয়কৈ সক্ষম হ’ব৷ সেইদৰে ‘জয় পৰায়জৰ মাজেৰে’ লেখাটোত এন ফ্ৰাংকৰ সংঘাতময় জীৱনৰ উদাহৰণ দি লেখকে এই কথাটো প্ৰতিষ্ঠা কৰিছে যে মানুহে ইচ্চা কৰিলে দুৰ্দিনকো সুদিনলৈ ৰূপাান্তৰিত কৰিব পাৰে৷ ষ্টেফিন হকিঙেও জটিল ৰোগত ভূগি থকাৰ পাচতো কেনেদৰে নিজৰ সাধনা, কৰ্মশক্তি আৰু মানসিক শক্তিৰ দ্বাৰা বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল, তাৰ উদাহৰণ আছে৷ ‘ইংৰাজী শিক্ষা আৰু এগৰাকী মেধাৱী ছাত্ৰীৰ সমস্যা’ শীৰ্ষক লেখাতো আমাৰ অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ ইংৰাজী শিক্ষাৰ অত্যাধিক প্ৰভাৱ আৰু অসমীয়া ভাষা কোৱা শিক্ষাৰ্থীসকলৰ সমস্যা, প্ৰত্যাহ্বান, কাৰণ, কাৰকবোৰৰ এই বিষয়ে লেখাটোত সবিস্তাৰে আলোচনা কৰা হৈছে৷ লেখাটোৰ মাজেৰে শিক্ষক বৃত্তিটোৰ সৈতে জড়িত ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও বহুখিনি কথা লিখা হৈছে৷ ‘সপোন আৰু সংগ্ৰামৰ মাজেৰে দুৰন্ত ফুটবলাৰ বাইচুং ভূটিয়াৰ যাত্ৰা’ লেখাটোও অত্যন্ত অনুপ্ৰেৰণামূলক তথ্য-ঘটনাৰে ভৰপূৰ৷ লেখাটোত চিকিমৰ দৰে প্ৰান্তীয় এলেকাৰ পৰা সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ বাইচুং ভূতীয়াৰ জীৱন সংগ্ৰাম, তা্যাগ, সাধনাৰ বহুখিনি কথা আলোচনা কৰা হৈছে৷

 পৰিশেষত ক’ব পাৰি একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ অভাৱনীয় আৱিষ্কাৰ আৰু নব্য মাধ্যমসমূহৰ  অত্যধিক  ব্যৱহাৰৰ সময়ছোৱাত  শিশু আৰু কিশোৰসকলক সঠিক পথেৰে পৰিচালিত কৰিবলৈ এইধৰণৰ জীৱনমুখী গ্ৰন্থ প্ৰণয়নৰ যথেষ্ট প্ৰাসংগিকতা আছে৷ মোবাইল, লেপটপৰৰঙীণ ডিচপ্লেত শিশু-কিশোৰৰ মন, মানসিকতা যেনেদৰে সীমাবদ্ধ হৈ পৰিছে; যেনেদৰে তেওঁলোক ভোগবাদ, আধুনিকতাৰ গ্ৰাসত পৰিছে, কেৱল পাঠ্যক্ৰমৰ মাজত আবদ্ধ থাকি একোখন ভাল মাৰ্কশ্বীট গঢ়ি তোলাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে; সেইসকল কিশোৰ-কিশোৰীক এই জয়াল অন্ধকূপৰদ্বাৰা উদ্ধাৰ কৰি তেওঁলোকক প্ৰাকৃতিকভাৱে জীয়াই থাকিবলৈ আৰু অনুভূতিশীল ব্যক্তি ৰূপত গঢ়ি তুলিবলৈ এইধৰণৰ গ্ৰন্থবোৰে মহোষৌধৰ দৰেই কাম কৰিব৷ মাত্ৰ অভিভাৱকসকল বা বিশেষকৈ শিক্ষকসকলে এই কথাটোতহে গুৰুত্ব দিব লাগে যাতে এইধৰণৰ জীৱনমুখী গ্ৰন্থসমূহ যাতে অসমৰ সৰ্বস্তৰৰ কিশোৰ-কিশোৰীসকলে পঢ়াৰ পৰিৱেশ এটা লাভ কৰে৷ কিশোৰসকলক কেন্দ্ৰ কৰি এনে এখন সময়োপযোগী প্ৰাসংগিক গ্ৰন্থ লিখি উলিওৱা বাবে টুনুজ্যোতি গগৈ নিশ্চকৈ ধন্যবাদৰ পাত্ৰ৷ জে এছ পাব্লিকেশ্বন্‌ছৰ পৰা প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ১৫০ টকা৷

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

1 Comments