প্ৰবন্ধ ৷৷ পৰাগ কুমাৰ দাসৰ আলফা সম্পৰ্কীয় দৃষ্টিভংগীঃ ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থৰ উল্লেখেৰে


* অৱতৰণিকা: পৰাগ কুমাৰ দাস অসমৰ সৰ্বকালৰ এজন প্ৰসিদ্ধ সাংবাদিক, আপোচহীন প্ৰতিবাদী সত্তাৰ গৰাকী৷ অসমীয়া জাতীয় মুক্তি সংগ্ৰামখনত আৰু গণমুখী সাংবাদিকতাৰ ক্ষেত্ৰখনত পৰাগ কুমাৰ দাসৰ অৱদান কি সেয়া নতুনকৈ পাতনি মেলা নিষ্প্ৰয়োজন৷ সেইদৰে সাহিত্য, সংস্কৃতি, অৰ্থনীতি আদি প্ৰতিটো দিশতে পৰাগ কুমাৰ দাসে নিৰপেক্ষ বিচাৰ-বিশ্লেষণ আৰু অভিনৱ প্ৰতিনিধিত্বৰ দ্বাৰা ভাৰতৰ গণতন্ত্ৰ আৰু জনগণৰ আগত নিজৰ গুৰুত্ব আৰু প্ৰাসংগিকতা প্ৰতিষ্ঠা কৰি গৈছে৷ ‘‘সমাজ জীৱনত নিদৰ্শন দাঙি ধৰিব পৰাকৈ পৰম সততা আৰু নিষ্ঠাৰ গৰাকী তথা অসমখনক, জন্মঠাইখণ্ডক নিৰ্ভেজালকৈ ভালপোৱা মানুহ অসমৰ সাংবাদিকতাৰ জগতখনত এজনেই আছিল বুলি যদি ধৰা হয়– তেন্তে মনলৈ অহা একমাত্ৰ নামটোৱে হ’ল পৰাগ কুমাৰ দাস৷ ব্যক্তিগত সকলো বিষয়কে তুচ্চ কৰিব পৰা সাধনালব্ধ মনন আৰু প্ৰচুৰ আত্মোৎসৰ্গৰ জীৱনীশক্তিৰে আজীৱন ৰাজ্যখনৰ সাধাৰণ জনগণৰ হকে যুঁজি যোৱা এক দূৰন্ত সাহসৰ নাম পৰাগ কুমাৰ দাস৷’’১ সাহিত্যিক হোমেন বৰগোহাঞিয়ে পৰাগ কুমাৰ দাসৰ বিষয়ে লিখিছে এনেদেৰে– ‘আগান, অসমীয়া প্ৰতিদিন আৰু বুধবাৰ কাকতৰ সম্পাদক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিকতাৰ গণমূখী ধাৰাটো বহন কৰিছিল৷’ ড॰ ননীগোপাল মহন্তই Confronting the State শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰিছে যে– “He has been utilising his newspaper Boodhbar to propagate the ideals of ULFA. Every edition of his paper is dedicated to the cause and ideals of ULFA. in the process, he has been advocating the secession of Assam from India.”2 সাংবাদিক হিচাপে পৰাগ কুমাৰ দাস আছিল অসমৰ আকাশত ধ্ৰুৱতৰা সদৃশ৷ তেওঁৰ আপোচহীন, নিৰ্ভীক, গণমুখী সংবাদ সেৱাই অসমীয়া সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে৷ পৰাগ কুমাৰ দাসে– ‘‘ৰাষ্ট্ৰৰ চৰ্দাৰিৰ বাহিৰত অসমৰ জাতীয় উন্নয়নৰ কথা ভাবিছিল, তাৰ বাবে জাতীয় বেংকৰ কথা কৈছিল, আমাৰ সম্পদৰ ভিত্তিত আমাৰ নিয়ন্ত্ৰণত অসমৰ উন্নয়ন ঘটোৱাৰ কথা কৈছিল৷’’৩ হীৰেন গোহাঁইৰ মতে– ‘‘তেওঁ নিজৰ চিন্তা আৰু কৰ্মৰে যি পৰিৱেশ ৰচনা কৰিছিল, অসমৰ যুৱ সমাজক যেনেদৰে আলোড়িত কৰিছিল, আজি তাৰ কণমাত্ৰ অৱশেষ বিচাৰিও হাবাথুৰি খাব লাগে৷ পৰাগ দাস এজন ব্যক্তি নাছিল, তেওঁ আছিল এক জীৱন্ত শক্তি৷ বঞ্চিত, শোষিত, অসমৰ সৃষ্টিকামী যুৱসমাজৰ মুক্তমনা আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষাৰ তেওঁ মুখপাত্ৰ আছিল৷’’৪ অৱশ্যে সাংবাদিকতাৰ বস্তুনিষ্ঠ ৰূপটোৰ পৰিৱৰ্তে বিষয়নিষ্ঠ ৰূপটো গ্ৰহণ কৰাৰ বাবে বি.জি. ভাৰ্গিজে India’s North East Resurgent শীৰ্ষক গ্ৰন্থখনত পৰাগ কুমাৰ দাসকো সমালোচনা কৰিছিল এইদৰে– ‘‘এজন সাংবাদিক আৰু এজন বুদ্ধিজীৱীৰ মাজত পাৰ্থক্য থকাটো উচিত৷”৫ কিন্তু পৰাগ কুমাৰ দাসে ভাৰ্গিজৰ সমালোচনাৰ প্ৰত্যুত্তৰত ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ আৰু ‘হয় আমি স্বাধীনতা বিচাৰোঁ’ গ্ৰন্থত কৈছে যে– “বস্তুনিষ্ঠ সাংবাদিকতাৰ নামত আমি সকলোকে সন্তুষ্ট কৰিব পৰাকৈ চাৰিশাৰীমান বাক্য লিখাৰ বিৰোধী৷ ভাৰত চৰকাৰে শোষণকামী চৰিত্ৰ গ্ৰহণ কৰাৰ সময়ত মোৰ হাতত মানুহৰ পক্ষ লোৱাৰ বাহিৰে আন কোনো উপায় নাই ৷”৬ গদ্যলেখক ময়ূৰ বৰাৰ মতে– ‘’অসমত ৰাষ্ট্ৰযন্ত্ৰই যি ভয়ংকৰ ভাৱে মানৱাধিকাৰ কৰ্মীসকলৰ আগত বহুলভাৱে প্ৰচাৰ কৰি ৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ উন্মোচন কৰাত তেওঁ বৃহৎ ভূমিকা লৈছিল৷ পৰাগ দাসৰ কলমটো অসম আৰু অসমীয়া বিৰোধী শক্তিবোৰৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল৷ প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে একাধিকবাৰ কৈছে যে পৰাগ দাসৰ দৰে সাংবাদিক পূৰ্বতে অসমত জন্মা নাই আৰু ভৱিষ্যতেও জন্ম গ্ৰহণ নকৰে৷ পৰাগ দাসৰ একালৰ ঘনিষ্ঠ সতীৰ্থ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞায়ো দাসৰ মৃত্যুক ‘পৰ্বততকৈও গধুৰ’ বুলি অভিহিত কৰিছে৷’’৭ ‘‘ষ্টক একচেঞ্জৰ মহাপ্ৰবন্ধকৰ দৰে লোভনীয় চাকৰি ইস্তফা দি দাসে কথা আৰু কাম উভয়ৰ জৰিয়তে আমাৰ মানুহক অন্যায়ৰ বিৰুদ্ধে একত্ৰিত কৰিছিল৷ দুৰন্ত অসমপ্ৰেম, অসীম সাহস আৰু বিৰল ত্যাগৰ প্ৰতিমূৰ্তি পৰাগ দাসৰ কলমৰ পৰা নিঃসৃত হোৱা সৃষ্টিৰ দ্বাৰা উদ্বুদ্ধ হৈ ৰাজপথলৈ উলাই আহিছিল ক্ষুব্ধ জনতা৷ অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ শোষণকাৰী চৰিত্ৰ উন্মোচন কৰি অসমৰ অৰ্থনৈতিক উন্নয়নক নতুন জীৱন-দৃষ্টি আৰু বীশ্ববীক্ষাৰে তেওঁ দাঙি ধৰিছিল৷’’৮ আলফামূখী ধাৰাৰ বাতৰি প্ৰস্তুতৰ অৰ্থ অৱশ্যে এইটো নহয় যে পৰাগ দাসে আলফাক সকলো সময়তে প্ৰশংসা কৰিছিল৷ দাসে ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি গ্ৰন্থত আলফাক সমৰ্থন কৰাতকৈয়ো বেছি পৰিমাণে সমালোচনাহে কৰিছে৷ দাসে উল্লেখ কৰিছে যে– “আলফাৰ মুখপত্ৰ ‘স্বাধীনতা’ৰ ১৯৯০ চনৰ জানুৱাৰী সংখ্যাত কেন্দ্ৰীয় প্ৰচাৰ সচিব শ্ৰীসিদ্ধাৰ্থ ফুকনে তিনিগৰাকী সাংবাদিকৰ নাম ধৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আলফাৰ কাৰ্যকলাপৰ ভুল-ত্ৰুটি উদঙাই দিয়াৰ অপৰাধত৷ আমি আছিলো তাৰে এজন৷ যোৱা বছৰৰ নিবাৰ্চনৰ সময়তো আমি সংগঠনটোৰ তথাকথিত নিৰ্লিপ্ত স্থিতিৰ সমালোচনা কৰোতে তেওঁলোকৰ কোপদৃষ্টিত পৰিবলগীয়া হৈছিল৷”৯ ‘সমাগত সংকট’ গ্ৰন্থত হীৰেন গোহাঁয়ে এই বুলিও লিখিছে যে– ‘‘পৰাগ দাসৰ ঘাই অস্ত্ৰ আছিল কলম৷ প্ৰাঞ্জল, যুক্তিনিষ্ঠ আৰু বলিষ্ঠ ভাষাৰে তেওঁ এপিনে ৰাষ্ট্ৰৰ দানৱীয় চৰিত্ৰ উন্মোচন কৰিছিল, তাৰ বিৰুদ্ধে প্ৰতিৰোধৰ নেতৃত্ব দিছিল আৰু জনগণৰ মনত সাহস আৰু শক্তিৰ সঞ্চাৰ কৰিছিল৷ বিদ্ৰোহী সাংবাদিকতাই তেওঁৰ হাতত এক পৰিপক্ক ৰূপ লৈছিল, তথ্যপাতিৰ যথাযোগ্য উপস্থাপন, সুংশৃংখল যুক্তিৰ দ্বাৰা প্ৰতিপাদ্য উত্থাপন, বলিষ্ঠ প্ৰত্যেয়েৰে বক্তব্যক এক চৌম্বিক শক্তিদান– পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ এইবোৰেই আছিল স্মৰণীয় গুণ, hallmark.’’১০ অসমত আলফা সৃষ্টিৰ কাৰণঃ অসমৰ বিচ্চিন্নতাবাদ আৰু অসমত সংঘটিত হোৱা ভূ-ৰাজনৈতিক বৈশিষ্ট্যসমূহৰ বাবেই আলফা সৃষ্টি হৈছে বুলি এটা সাধাৰণীকৃত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি৷ কাৰণ– ‘‘ভূ-ৰাজনৈতিকভাৱে উত্তৰ-পূবাৰ্ঞ্চল মূল ভাৰতীয় ভূখণ্ডৰ সৈতে মাত্ৰ ২৭ কিলোমিটাৰ বহল চিলিগুৰি কৰিড’ৰ বা চিকেন নেকৰ যোগেদিহে সংযোগ হৈ আছে৷ ব্ৰিটিছ শাসনকালীন সময়ত উত্তৰ-পূবাৰ্ঞ্চলত সৃষ্টি হোৱা জনজাতীয় পৰিচয় কেন্দ্ৰিক সংঘাতে উপনিৱেশিক উত্তৰ-পূবাঞ্চলত একধৰণৰ বিচ্চিন্নতাবাদী মনোভাৱ সৃষ্টি কৰিছিল৷ মূলতঃ ব্ৰিটিছ চৰকাৰে ১৮৭৩ চনত প্ৰণয়ন কৰা Bengal Eastern Frontier Regulations অনুসৰি প্ৰবৰ্তন কৰা ইনাৰ-লাইন ব্যৱস্থাই উত্তৰ পূবাৰ্ঞ্চলৰ পাহাৰীয়া জনজাতিসমূহক ভৈয়াম অঞ্চলৰ পৰা বিচ্চিন্ন কৰি আনিছিল৷’’১১ এইধৰণৰ চেতনাই ১৯৪৬ চনত নগা নেশ্বনেল কাউন্সিলৰ জন্ম দিছিল৷ নগা নেশ্বনেল কাউন্সিল আৰু মিজো নেশ্বনেল ফণ্টৰ দৰে বিচ্চিন্নতাবাদী সংগঠনসমূহক উৎস (Reference Point)হিচাপে লৈ উত্তৰ পূবাৰ্ঞ্চলত অন্যান্য বিচ্চিন্নতাবাদী শক্তিসমূহৰ জন্ম হৈছিল৷ ‘‘অসম আন্দোলনৰ ধাৰাবাহক (Legacy) হিচাপে আলফাৰ মূখ্য দাবীটো অসমীয়া মধ্যবিত্ত সমাজৰ পৰিচয় সংকটৰ সৈতে জড়িত৷ ভাষা আন্দোলনকালীন অসমীয়া মধ্যবিত্তীয় চেতনাৰ উত্থান অসম আন্দোলন কালীন প্ৰবজনৰ ইছ্যুটোত চূড়ান্ত পযাৰ্য়ত উপনীত হৈছিল৷ তাৰো অধিক আগলৈ গ’লে দেখা পোৱা যাব যে ১৯৪৫ চনত ভীমবৰ দেউৰীয়ে জন্ম দিয়া Assam Tribes and Race Fedaration-য়ে স্বাধীন অসমৰ দাবী তুলিছিল৷’’১২ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তদানীন্তন সময়ৰ অসমীয়া মধ্যশ্ৰেণীৰ এটা বৃহৎ অংশই স্বাধীন অসমৰ প্ৰস্তাৱৰ সৈতে সহমত হ’ব পৰা নাছিল৷ অৱশ্যে অম্বিকাগিৰি ৰায়চৌধুৰী নেতৃত্বাধীন অসম জাতীয় মহাসভাই ১৯৪৮ চনত অতি স্পষ্টভাৱে স্বাধীন অসমৰ প্ৰস্তাৱটো উত্থাপন কৰিছিল এইদৰে– “Assam should come out of India and become an independent country like Burma or any other country”১৩ ১৯৭৮ চনৰ নিবাৰ্চনৰ সমকালীন ঘটনাসমূহে অসমীয়া মধ্যবৃত্ত শ্ৰেণীটোক পৰিচয়গত সংকট সম্পৰ্কে সচেতন কৰি তোলে৷ সেই সময়ত মঙ্গলদৈ লোকসভা আসনখনৰ ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ লগে-লগে অবৈধ বিদেশীৰ প্ৰসংগটোয়ে অসমীয়া মধ্যবৃত্ত শ্ৰেণীটোক জোকাৰি পেলাইছিল৷ তেনে সময়তে নিবাৰণ বৰাৰ নেতৃত্বত গঠন হৈছিল ‘পূবাৰ্ঞ্চলীয় লোক পৰিষদ’ আৰু নগেন হাজৰিকাৰ নেতৃত্বত ‘অসম জাতীয়তাবাদী দল’৷ এই দুটা দলে পৰৱৰ্তী সময়চোৱাৰ অসম আন্দোলনটোক এটা গাঁঠনিগত ৰূপ (Structural Form) প্ৰদান কৰিছিল৷ ‘‘অসম আন্দোলনকালীন সদৌ অসম ছাত্ৰ সন্থাৰ মাজৰ এটা অংশই বিচ্চিন্নতাবাদত বিশ্বাস কৰাৰ তথ্য সেইসময়ৰ ঘটনাৰাজীয়ে প্ৰমাণ কৰে৷ ৰফিউল হুছেইন বৰুৱাই আঙুলিয়াই দিছে যে ইজৰাইলৰ পৰা অসম আন্দোলনৰ নেতা-কৰ্মীসকলক অবৈধ অস্ত্ৰ যোগান ধৰা হৈছিল৷ নতুন দিল্লীৰ পৰা প্ৰকাশিত ‘নিউ ওৱেভ’ নামৰ বাতৰি কাকতখনত এইসম্পৰ্কে ৬ জুলাই, ১৯৮০ত এটি ৰিপৰ্ট দাঙি ধৰা হৈছিল৷’’১৪ ‘‘সেইদৰে সেইসময়ৰ পুলিচ ৰিপৰ্টসমূহে কয় যে অতুল বৰাকে প্ৰমূখ্য কৰি বহু আন্দোলনৰ নেতাই এটা চৰমপন্থী গোট গঠন কৰিছিল, যিসমূহে সেই সময়তে ‘অসম কেতিয়া স্বাধীন হ’ব’, “Indian dogs leave Assam’ আদিৰ দৰে বিচ্চিন্নতাবাদী শ্লোগান প্ৰদান কৰিছিল বা দেৱাল লিপন কৰিছিল৷ এই সম্পৰ্কে ১৯৮৩ চনৰ ১৪ মাৰ্চ তাৰিখে তদানীন্তন ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী পি. চি. শেঠীয়ে লোকসভাত এটা বিবৃতি প্ৰদান কৰিছিল ৷’’১৫ এইধৰণৰ পৰিস্থিতিয়ে অসম আন্দোলনৰ ধাৰাবাহক হিচাপে ১৯৭৯ চনৰ ৭ এপ্ৰিলত ‘আলফা’ নামৰ এটা শক্তিক জন্ম দিয়ে৷ উপৰোক্ত আলোচনাসমূহে কয় যে মূলতঃ অসমীয়া মধ্যবৃত্ত শ্ৰেণীৰ পৰিচয়গত সংকটৰ বাবেই আল্‌ফাৰ জন্ম হৈছে৷ আলফাৰ লক্ষ্য সম্পৰ্কে অনুজ বৰুৱাই উল্লেখ কৰিছে এইদৰে– “অসম আন্দোলনৰ ব্যৰ্থতাৰ পাছত গঠন হেৱা আলফাৰ মূল লক্ষ্য আছিল এখন বৈজ্ঞানিক সমাজবাদী সাৰ্বভৌম অসম (Scientific Socialist Soveirgn Assam) গঢ়ি তোলা৷ আলফাৰ সশস্ত্ৰ আন্দোলনৰ ঘাই উৎস আছিল ভাৰত ৰাষ্ট্ৰৰ নিৰৱিচ্চিন্ন অৰ্থনৈতিক শোষণ৷”১৬ মনোজ কুমাৰ নাথৰ ‘অসম আন্দোলন’ গ্ৰন্থত আলফাৰ জন্ম সম্পৰ্কে আছে এনেদৰে– ‘‘১৯৭৯ চনটো অসমৰ ইতিহাসৰ এটা জটিল সন্ধিক্ষণৰ সময় ৰূপে পৰিগণিত হৈ আহিছে৷ এই বৰ্ষটোতেই এফালে অসম আন্দোলন আৰম্ভ হৈছিল, আনফালে জন্ম হৈছিল সংযুক্ত মুক্তি বাহিনী, চমুকৈ আলফাৰ৷ ১৯৭৯ চনতে অসমত দুটা বিপৰীতমুখী সংগ্ৰামী ধাৰাৰ জন্ম হৈছিল৷ অসম আন্দোলন অহিংসৰূপে ঘোষিত হোৱাৰ বিপৰীতে আলফাই আৰম্ভ কৰিছিল স্বতন্ত্ৰ অসমৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ৷ সংগ্ৰামৰ এই দুয়োটা ধাৰাৰেই জন্ম হৈছিল জাতীয়তাবাদৰ ভিত্তিত৷’’১৭ ‘‘এখন বিদেশীমুক্ত অসমৰ দাবীত অসম আন্দোলন হোৱাৰ দৰেই আলফায়ো বিদেশীমুক্ত অসমৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলিছিল৷ আলফাৰ সৰহ সংখ্যক নেতাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহিছিল৷ অসম আন্দোলনৰ একাংশ ছাত্ৰ নেতাও আলফাৰ সৈতে জড়িত হৈ পৰিছিল৷ ‘আলফা’ই বিশ্বাস কৰে যে এখন স্বাধীন সাৰ্বভৌম অসমত বিজ্ঞানসন্মত সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ অসমৰ জনগণে যুঁজিব লাগিব৷’’১৮ অসম আন্দোলনৰ সময়ত হোৱা ৰাষ্ট্ৰ দমন-নিপীড়নে আন্দোলনকাৰী যুৱকসকলক ক্ষুব্ধ কৰি তুলিছিল৷ বিশেষকৈ তিৰাশীৰ নিৰ্বাচন প্ৰতিৰোধ সংগ্ৰামৰ সময়ত চলা নিৰ্যাতনে একাংশ যুৱকক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আস্থাহীন কৰি তুলিছিল৷ ফলশ্ৰুতিত তেওঁলোকে অহিংস নীতিত আস্থা হেৰুৱাই সংগঠনত যোগ দিবলৈ বাধ্য হৈছিল৷ উত্তৰ-পূৰ্বাঞ্চলত বিচ্চিন্নতাবাদী প্ৰৱনতা আৰু বিদ্ৰোহী সংগঠনৰ সৃষ্টিৰ মূলতে হৈছে ৰীষ্ট্ৰৰ সাংবিধানিক প্ৰক্ৰিয়াটোৰ প্ৰতি আস্থাহীনতা আৰু বিতৃষ্ণাৰ প্ৰত্যক্ষ ফল হিচাপে৷ ক্ষুদ্ৰ জাতিসত্ত্বাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, উৎপাদনৰ আহিলাৰ ওপৰত কতৃৰ্ত্ব, এইবোৰ হৈছে প্ৰধান মৌলিক প্ৰশ্ন আৰু সেইসমূহৰ উত্তৰ নিহিত হৈ আছে দিল্লীবাদৰ ধাৰণাটোক মষিমূৰ কৰাৰ প্ৰক্ৰিয়াটোৰ মাজত৷ এসময়ত আলফাৰ প্ৰচাৰ সচিব সিদ্ধাৰ্থ ফুকনৰ মন্তব্য– ‘‘সশস্ত্ৰ তৎপৰতাৰ প্ৰতি মাজে-সময়ে আকৃষ্ট হ’লেও তেতিয়ালৈকে আমি সত্যাগ্ৰহ, অনশন আদি কাৰ্যসূচীতো সক্ৰিয় অংশগ্ৰহণ কৰিছিলো৷ কিন্তু ১৯৮৩ চনৰ পাছত ক্ৰমশঃ আমি উপলব্ধি কৰিলো যে দিল্লীয়ে বন্দুকৰ ভাষাহে চিনি পায়৷ অনশনকাৰীৰ শ্ল’গানৰ কোনো গুৰুত্ব নাই৷’’১৯ ‘‘অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আন্দোলনৰ বিফলতাই একাংশ ছাত্ৰ সন্থাৰ কৰ্মীক আৰু বেছি ক্ষুদ্ধ কৰি তুলিছিল৷ এনে বহু আন্দোলনৰ কৰ্মী পাছত গৈ আলফাত যোগদান কৰিছিল৷ অসম আন্দোলনৰ এসময়ৰ সক্ৰীয় কৰ্মী মুনীন নবীশ, শৈলেন কোঁৱৰ, ব্ৰজেন ডেকা, উপেন ডেকা আদি পৰৱৰ্তী সময়ত গৈ আলফাৰ শীৰ্ষ নেতা হৈছিল৷’’২০ ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি গ্ৰন্থত লিখা আছে যে, পৰেশ বৰুৱাৰ মতে– ‘‘অসম আন্দোলন আহিল আৰু আমাৰ জীৱন একেবাৰে সলনি হৈ গ’ল৷ মোৰ প্ৰজন্মৰ বহু অসমীয়া যুৱকৰ দৰে মই উপলব্ধি কৰিলোঁ অসম ভাৰতৰ এখন উপনিৱেশহে মাত্ৰ, সমৃদ্ধ সম্পদ লুণ্ঠন কৰি খোলাকটিহে দি যায়৷ আন্দোলনৰ নেতাসকলে ভাবিছিল তেওঁলোকৰ চিঞৰ দিল্লীয়ে শুনিব, মোৰ তেনে ভ্ৰম নাছিল৷ আজি অগপৰ নেতাসকল আমাৰ বিৰুদ্ধে হ’ব পাৰে, কিন্তু এসময়ত তেওঁলোক আমাৰ লগত ভালকৈয়ে আছিল৷ তেওঁলোকে বিপ্লৱৰ কথা কৈছিল৷ তেওঁলোকে আমাক জংঘললৈ পঠিয়াই সুযোগ আহিলেই মন্ত্ৰী হ’বলৈ ৰাজপথতে ৰৈ গ’ল৷’’২১ গতিকে ক’ব পাৰি যে এনেবোৰ কাৰণতে মূলতঃ আলফাৰ সৃষ্টি হৈছিল৷ ‘আলফা’ সম্পৰ্কে পৰাগ কুমাৰ দাসৰ দৃষ্টিভংগীঃ আলফাক অসমৰ জনসাধাৰণৰ মাজত ইতিবাচক দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা বা আলফাৰ প্ৰকৃত স্বৰূপ আৰু প্ৰাসংগিকতাক নিৰপেক্ষভাৱে উদ্‌ঘাটন কৰা মানুহজনেই হ’ল পৰাগ কুমাৰ দাস৷ দাসৰ মতে ‘প্ৰকৃত অভিভাৱক কিম্বা পথ পদৰ্শকৰ অভাৱত আমাৰ মাজৰে এচাম ভাই-ভনীয়ে যদি অবাটে বাট বুলিছে, তেন্তে তেওঁলোকক শুদ্ধ পথলৈ অনাৰ দায়িত্ব আমাৰ৷’ পৰাগ কুমাৰ দাসে আলফাক ‘ভাৰত ৰাষ্ট্ৰৰ পৰা অসমক পৰিত্ৰাণ দিব পৰা এক শক্তি’ হিচাপে ভাবিছিল৷ সেয়েহে তেওঁ আলফাৰ ইতিবাচক, নেতিবাচক দিশবোৰ সমালোচনা কৰিছিল আৰু পাৰ্যমানে সংগঠনটোৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি বাহিৰৰ পৰাই বৌদ্ধিক নেতৃত্ব দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ পৰাগ কুমাৰ দাসে ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থত লিখি গৈছে এনেদৰে– ‘‘ইমানবোৰ ক্ৰুতি-বিচ্যুতি স্বত্বেও আলফাৰ প্ৰতি এতিয়াও আমি গঠনমূলক সমালোচনাৰে সমৰ্থন আগবঢ়াই আহিছোঁ এইবাবেই যে তেওঁলোকে অসমত সম্পূৰ্ণ নতুন এক ৰাজনৈতিক ধাৰাৰ সূচনা ঘটনাইছিল৷’’২২ অৱশ্যে একাংশই পৰাগ কুমাৰ দাসৰ লগত অসমৰ বিচ্চিন্নতাৰ কথাতো সনা-পোতকা কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিব খোজে৷ সমালোচক ময়ূৰ বৰাৰ মতে– ‘‘পৰাগ কুমাৰ দাসৰ কেতবোৰ চিন্তাৰ লগত আন বহু অসমক ভাল পোৱা মানুহে সহমত প্ৰকাশ নকৰে৷ কিছু ক্ষেত্ৰত মই নিজেও নকৰো৷ কিন্তু সেই বুলিয়েই তেওঁক বিদ্ৰোহী সংগঠনৰ তাত্বিক গুৰু হিচাপে দেখুওৱাৰ অপপ্ৰয়াসক ৰোধ কৰাতো বৰ্তমান সময়ৰ দাবী৷ দাসৰ লিখনিৰ মাজেদিয়েই সেইবোৰ সমালোচনাৰ উত্তৰ দিব পাৰি৷ কেন্দ্ৰই দীৰ্ঘদিন ধৰি চলোৱা শোষণ-নিষ্পেষণৰ পটভূমিত আলফাৰ উত্থান তেওঁ এটা যোগাত্মক ঘটনা বুলি ভাবিছিল যদিও সংগঠনটোৰ গণবিৰোধী চৰিত্ৰ, অস্ত্ৰপ্ৰেম আৰু অৰ্থসৰ্বস্বতাক ক্ষুৰধাৰ সমালোচনাও কৰিছিল৷ দৰাচলতে আলফাক তেওঁ যিদৰে সদৰ্থক দৃষ্টিৰে চাইছিল তাতকৈ বেছি সমালোচনাহে কৰিছিল৷ কিন্তু মানুহে এই কথা জানিও নজনাৰ ভাও ধৰে৷’’২৩ পৰাগ কুমাৰ দাসে যে কেৱল কাকতৰ জৰিয়তেই আলফাক সমালোচনা কৰিছিল, তেনে নহয়৷ তেওঁ নিজাকৈয়ে বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰিছিল৷ প্ৰতিখন গ্ৰন্থৰে মূল বিষয়বস্তু আছিল আলফা আৰু ৰাষ্ট্ৰৰ ইতিবাচক-নেতিবাচক দিশৰ ক্ষুৰধাৰ সমালোচনা৷ তেওঁ নিৰ্ভীকভাৱে আৰু সততাৰে আলফাৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰিছিল৷ ৰাষ্ট্ৰৰ দমন নীতি, শোষণ নীতিৰ বিৰুদ্ধে বিষেদগাৰ কৰি জনতাৰ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি সজাগ কৰিছিল৷ ‘ছাংলট ফেনলা’ৰ দৰে উপন্যাস লিখি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনতাক বিস্মিত কৰিছিল৷ ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থতো সেই একেই বলিষ্ঠতাৰে আলফা সংগঠনৰ সামগ্ৰিক কাৰ্যকলাপ সম্পৰ্কে আলোচনা কৰিছিল৷ ‘ছাংলট-ফেনলা’ উপন্যাসত প্ৰতীকাত্মকভাৱে উপন্যাসৰ চৰিত্ৰৰ দ্বাৰাই সংগঠনটোৰ কাৰ্যকলাপৰ পৰিচয়, বিৱৰণ দিয়াৰ লগতে আভ্যন্তৰীণ দুৰ্বলতা, খাম-খেয়ালি আৰু নেতৃত্বৰ দুৰ্বলতাসমূহ স্পষ্টভাৱে দেখুৱাই দিছে৷ শ্ৰী ঠাকুৰে কোৱাৰ দৰে পৰাগ কুমাৰ দাসেও আলফা সংগঠনক বিদ্ৰোহী সংগঠন বুলি নাভাবে৷ তেওঁলোকৰ মতে আলফা হৈছে– ‘‘স্বাধীনতাত আস্থা নৰখা আৰু প্ৰচলিত প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস হেৰুওৱা হতাশাগ্ৰস্থ এচাম যুৱকৰ সংগঠন৷’’২৪ পৰাগ কুমাৰ দাসৰ মতে এই হতাশাগ্ৰস্থ যুৱকসকল অবাস্তৱ উদ্দেশ্য আগত লৈ বিপথে পৰিচালিত হৈছে৷ সেয়েহে সম্ভৱ পৰাগ কুমাৰ দাসে সদায় আলফাৰ ভুল-শুদ্ধৰ বিশ্লেষক আৰু পৰ্যবেক্ষক হিচাপে কাম কৰিছিল৷ কিন্তু দাসৰ এই পৰ্যবেক্ষণ আৰু বিশ্লেষণ আছিল সম্পূৰ্ণ নিৰপেক্ষ৷ আলফাই পৰাগ কুমাৰ দাসক কেতিয়াও নিজাকৈ ব্যৱহাৰ কৰিব পৰা নাছিল৷ ৰাষ্ট্ৰযন্ত্ৰয়ো দাসক কেতিয়াও পৰাভূত কৰিব পৰা নাছিল৷ পৰাগ কুমাৰ দাসে স্বাধীনতাৰ প্ৰশ্নত আলফাই আপোচ কৰাটো কেতিয়াও বিচৰা নাছিল৷ ‘ছাংলট ফেনলা’ উপন্যাসতো দাসে লিখিছে এইদৰে– ‘‘ভালদৰে থাকিবি৷ আকৌ লগ পাওঁনে নাপাওঁ, ঠিক নাই৷ স্বাধীনতাৰ প্ৰশ্নত আপোচ কেতিয়াও নকৰিবি৷’’২৫ ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থত প্ৰতিফলিত ‘আলফা’ সম্পৰ্কীয় দৃষ্টিভংগীঃ অসমীয়া জাতীয় জীৱনৰ বাবে সদায় প্ৰাসংগিক হৈ থকা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল– ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’৷ গ্ৰন্থখন প্ৰকাশৰ লগে লগে পাঠকৰ মাজত ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল আৰু ৰাষ্ট্ৰযন্ত্ৰৰ বাবে সংকাৰ কাৰণ হৈ পৰিছিল৷ ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থখন পৰাগ কুমাৰ দাসৰ এছোৱা সময়ৰ আত্মজীৱনীৰ দৰে৷ সেইদৰে আলফাৰ বৌদ্ধিক দিশটোৰ সমৃদ্ধকৰণ আৰু ৰাষ্ট্ৰযন্ত্ৰৰ অন্যায়, উৎপীড়ণ আদিৰ বিৰুদ্ধে বলিষ্ঠ সমালোচনাৰে থকা-সৰকা কৰাত এই গ্ৰন্থখনৰ অৱদান আছিল অপৰিসীম৷ অসমীয়া জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত বিষয় এই গ্ৰন্থত বৰ্ণিত হৈছে৷ গ্ৰন্থখনত ভাৰত চৰকাৰে পৰাগ কুমাৰ দাসক ‘ৰাষ্ট্ৰদ্ৰোহী’ সজাই জেললৈ পঠিওৱাৰ কাৰণৰ পৰা আৰম্ভ কৰি তেওঁ বিভিন্ন সময়ত শাসক পক্ষ, আলফা, চৰকাৰ আদিক কৰা বিশ্লেষণ, সমালোচনা আদিৰ বিষয়ে বিস্তৃত লেখা লিখিছে৷ সেইদৰে গ্ৰন্থখনত পৰাগ কুমাৰ দাসৰ সামাজিক জীৱন, ৰাজনীতি আৰু সমাজনীতি সম্পৰ্কীয় পূৰ্ণজ্ঞান, অভিজ্ঞতা আদি দিশবোৰ প্ৰতিফলিত হৈছে৷ নিৰ্ভীক আৰু বলিষ্ঠ সমালোচনা, বিশ্লেষণেৰে তেওঁ গ্ৰন্থখনৰ প্ৰতিটো পাততে ৰাষ্ট্ৰযন্ত্ৰ, অসম আন্দোলনৰ নেতা-পালিনেতা আৰু বিদ্ৰোহী সংগঠন হিচাপে চিহ্নিত ‘আলফা’ৰ ইতিবাচক বা নেতিবাচক দিশৰ পৰ্যালোচনা কৰিছে৷ অৰ্থনৈতিক দৃষ্টিভংগীঃ ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থখনত কৰা আলফা সম্পৰ্কীয় সমালোচনা আৰু বিশ্লেষণৰ দ্বাৰা দাসৰ আলফাৰ অৰ্থনৈতিক দিশৰ প্ৰতি থকা দৃষ্টিভংগীও স্পষ্টকৈ প্ৰতিফলিত হৈছে৷ দাসে গ্ৰন্থখনত উল্লেখ কৰিছে যে– অৰ্থ আৰু অস্ত্ৰ-সৰ্বস্বতাই আলফাক জনসাধাৰণৰ পৰা আঁতৰাই আনিছিল৷ যাৰ বাবে সংগঠনটোৱে পাছলৈ গণ সমৰ্থন হেৰুৱাই আৰু স্বেচ্চাচাৰিতাৰ আশ্ৰয় ল’ব লগাত পৰে৷ অসমৰ জটিল জনগোষ্ঠীয় গাঁথনিৰ ব্যৱহাৰিক সীমাবদ্ধতাসমূহো আলফাই আওকান কৰাৰ ফলত আলফাই আশা কৰা ধৰণে জনগোষ্ঠীসমূহৰ পৰা সঁহাৰি পোৱা নাছিল৷ ক্ষন্তেকীয়া সাংগঠনিক লাভৰ আশাত গণ পৰিষদৰ চৰকাৰ হওঁতে ৰাজনৈতিক নেতাৰ লগত হলি গলি কৰা কাৰ্যই আলফাক জনগণৰ বুকুৰপৰা দূৰলৈহে আঁতৰাই পঠিয়ালে৷ পৰাগ কুমাৰ দাসে বৰ্ণনা কৰা মতে– ‘‘স্বাধীন অসমৰ শ্লোগান দিয়াৰ বাহিৰে কোনো স্পষ্ট আৰ্থ-ৰাজনৈতিক কাৰ্যসূচী তেওঁলোকে জনগণৰ বাবে আগবঢ়াব পৰা নাছিল৷ অসমে স্বাধীনতা পোৱাৰ পিছত উৎপাদনৰ আহিলাৰ কতৃৰ্ত্ব কাৰ থাকিব, অৰ্থনৈতিক প্ৰক্ৰিয়াটো কেনে আৰ্হিৰ হ’ব, জনগোষ্ঠীয় আশা-আকাংক্ষাবোৰ কেনেদৰে পূৰণ কৰা হ’ব ইত্যাদিবোৰ বিষয়ত আলফাৰ তাত্ত্বিকসকল অকনো স্পষ্ট নহয়৷’’২৬ আলফাত সদস্যভৰ্তি কৰা প্ৰসংগত দাসৰ মন্তব্য উল্লেখযোগ্য৷ এই সদস্য ভৰ্তিৰ প্ৰক্ৰিয়াটোৰ নিৰ্দিষ্ট আদৰ্শ নথকাৰ বাবেই আলফাৰ অৰ্থনৈতিক ভেঁটিটো পৰৱৰ্তী সময়ত দুৰ্বল হৈ পৰে আৰু জনতাই আলফাক আশ্বাসত ল’ব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয়৷ তেওঁ গ্ৰন্থখনত লিখিছে– ‘‘প্ৰথম পৰ্যায়ত আলফাৰ সদস্যভুক্তিৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছিল যদিও, গণ পৰিষদ চৰকাৰে ঠিতাপি লোৱাৰ পিছৰে পৰা গণভিত্তি সবল কৰাৰ নামত জধে-মধে এনেদৰে সদস্য সংখ্যা বৃদ্ধি কৰা হ’ল যে, বহু অনাকাংক্ষিত ব্যক্তিও সংগঠনটোৰ বিভিন্ন পৰ্যায়ত সোমাই পৰিল৷ সেই সময়ত আলফা আছিল সমান্তৰাল চৰকাৰৰ নিচিনা৷ পুলিচ-মিলিটেৰীৰ ভয় বুলিবলৈ একো নাই৷ টকা পইচাৰ পৰা সংগঠনৰ জয় জয়-ময়ময় অৱস্থা৷ লাগ বুলিলেই ডকা-হকা দি পইচা সংগ্ৰহ কৰিব পৰা যায়৷ সংগঠনত যোগ দিয়েই তেওঁলোকে মাৰুতী গাড়ী আৰু হোণ্ডা-য়ামাহাৰ চাবি পায়৷’’২৭ গতিকে এনেদৰে সহজতেই অৰ্থ আহৰণ কৰা আলফাই পৰৱৰ্তী সময়ত যেতিয়া পুনৰ ৰাষ্ট্ৰৰ কঠোৰ দমনৰ সন্মুখীন হ’ব লগা হ’ল, তেতিয়াই সংগঠনৰ একাংশ সদস্য আত্মসমৰ্পন কৰি ওলাই আহিল৷ কাৰণ একাংশই কেৱল অৰ্থ লোভৰ বাবেই আলফাত গৈ যোগ দিছিল৷ পৰাগ দাসে লিখিছিল – ‘‘অৰ্থ আৰু অস্ত্ৰ সৰ্বস্বতাই তেওঁলোকক (আলফাক) ক্ৰমান্বয়ে জনগণৰ বুকুৰপৰা এনেদৰে আঁতৰাই আনিছিল যে পিছলৈ সংগঠনটোত এক স্বেচ্চাচাৰী কতৃৰ্ত্বহে প্ৰতিফলিত হৈছিল৷’’২৮ আলফাই জাতীয় অৰ্থনীতি সবলীকৰণত গ্ৰামাঞ্চলৰ লোকসকলক গুৰুত্ব দিয়াটো পৰাগ কুমাৰ দাসে বিচাৰিছিল৷ তেওঁ লিখিছে যে– ‘‘অসমৰ নিচিনা এক কৃষিভিত্তিক সমাজ-ব্যৱস্থাত সংগ্ৰামৰ মূল চালিকা শক্তি কৃষক শ্ৰেণীৰ মাজৰপৰাই আহিব লাগিব৷ কিন্তু গাঁও অঞ্চলত আলফাৰ যি সাংগঠনিক তৎপৰতা, তাত সৰ্বহাৰা কৃষকক শ্ৰেণী সংগ্ৰামৰ ধাৰণাৰে সংগঠিত কৰাৰ কোনো ইঙ্গিত নাই৷’’২৯ ‘ৰবিন হুদ’ ইমেজ এটাৰে আলফাই গ্ৰামাঞ্চলত সোমাইছে বুলি দাসে আলফাক ব্যঙ্গ কৰিছে৷ ফলত অৰ্থনীতি সবলীকৰণত গ্ৰাম্য অঞ্চলৰ ৰাইজক আলফাই কামত লগাব নোৱাৰিলে৷ সামাজিক দৃষ্টিভংগীঃ মাতৃভূমিৰ হেৰুৱা স্বাধীনতা উদ্ধাৰৰ লক্ষ্যই আলফাৰ প্ৰথম আৰু শেষ উদ্দেশ্য বুলি ভবাৰ বাবেহে সম্ভৱ দাসৰ দৰে ব্যক্তিয়ে আলফা সংগঠনৰ দোষ-ভুলবোৰ শুদ্ধৰাই দি জাতীয় দায়িত্ব পালন কৰিছিল৷ আলফায়ো নিজৰ উদ্দেশ্য সম্পৰ্কে স্পষ্টভাৱে জনসাধাৰণক সজাগ কৰিছিল৷ ‘সংযুক্ত মুক্তি বাহিনী অসম’ৰ দশম প্ৰতিষ্ঠা দিৱসৰ বিশেষ প্ৰচাৰ পত্ৰত লিখা আছিল এনেদৰে– ‘‘একে আষাৰে ক’বলৈ গ’লে ‘আলফা’ৰ লক্ষ্য, এখন স্বাধীন অসমত বিজ্ঞানসন্মত সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা৷’ থোৰতে ক’বলৈ গ’লে আলফাৰ উদ্দেশ্য হ’ল– ‘এখন সকলো প্ৰকাৰৰ শোষণ আৰু বৈষম্যৰ পৰা মুক্ত শ্ৰেণীহীন সুস্থ সবল আৰু উন্নত অসম গঢ়াৰ বাবে এক বিপ্লৱী গণ-সংগ্ৰাম গঢ়ি তোলা৷ আলফাৰ আদৰ্শ, জাতীয়তাবাদৰ ভিত্তিত বিজ্ঞানসন্মত সমাজবাদ৷’’৩০ কিন্তু পিছলৈ যেতিয়া আলফাই নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচ্চিন্ন হৈ যাবলৈ আৰম্ভ কৰিছিল, দাসে সাংবাদিক হিচাপে সেই কক্ষচ্যুত হোৱা দিশবোৰৰো ক্ষুৰধাৰ সমালোচনা কৰিছে৷ যাৰ বাবে তেওঁ একাংশ আলফাৰ ৰোষৰ বলি হ’বলগীয়াও হৈছে৷ পৰাগ কুমাৰ দাসে বিচাৰে যে– বিচ্চিন্নতাবাদী শক্তিসমূহক সাংবিধানিকভাৱেই নিজৰ ক্ষোভ, অনুভূতি প্ৰকাশৰ সুবিধা দিয়া হওঁক৷ কাৰণ ৰাষ্ট্ৰৰ প্ৰতি আস্থা হেৰুৱাইহে তেওঁলোকে বিকল্প পথৰ সন্ধান কৰিছে৷ আকৌ লক্ষণীয় কথা যে– ‘‘ভাৰত চৰকাৰে নিজেই বিভিন্ন সময়ত সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰা বীৰ সেনানীসকলক মুক্তিযোদ্ধা হিচাপে স্বীকৃতি দি এই পথৰ ন্যায্যতাও স্বীকাৰ কৰি আহিছে৷ উধম সিং, ভগত সিং বা নেতাজী সুভাষ চন্দ্ৰ বসুক ভাৰত চৰকাৰে কাহানিও সন্ত্ৰাসবাদী আখ্যা দিয়া নাই৷ বৰং মহিমামণ্ডিত কৰিছে স্বাধীনতা সেনানী হিচাপেহে৷ নেলছন মাণ্ডেলা বা য়াছেৰে আৰাফটক তেওঁলোকৰ নিজ নিজ সংশ্লিষ্ট চৰকাৰে সন্ত্ৰাসবাদী হিচাপে অভিযুক্ত কৰিছে৷ কিন্তু তেওঁলোকক ভাৰত চৰকাৰে আখ্যা দিছে মুক্তিকামী জনগণৰ প্ৰতিনিধি হিচাপে৷ চৰকাৰে নিজেই যেতিয়া সশস্ত্ৰ সংগ্ৰামৰ ধাৰণাক দ্বিধাহীনভাৱে স্বীকৃতি দিয়ে, হীৰকজ্যোতি মহন্তৰ নিচিনা মুক্তি সেনানীক কেৱল সশস্ত্ৰ সংগ্ৰামৰ পথ লোৱা বাবেই অপৰাধী বুলি ক’বলৈ নীতিয়ে অন্ততঃ আমনি কৰা উচিত৷’’৩১ গতিকে পৰাগ কুমাৰ দাসে সমালোচনাৰ মাধ্যমেৰে এই কথা প্ৰতীয়মান কৰাইছে যে ৰাষ্ট্ৰই ঘোষণা কৰিলে বুলিয়েই আলফা নিষিদ্ধ হ’ব নোৱাৰে৷ জনগণৰ দৃষ্টিৰে আলফাৰ প্ৰাসংগিকতা নিশ্চয় আছে৷ হয়তো এসময়ত ভগত সিং বা সুভাষ চন্দ্ৰ বসুৰ দৰে এইসকল সেনানীও মুক্তিযোদ্ধা হিচাপে চিহ্নিত হ’ব পাৰে৷ আলফা সম্পৰ্কে হীৰেন গোহাঁইৰ বক্তব্যও মন কৰিবলগীয়া৷ তেওঁৰ কৈছে– ‘‘স্বাভাৱিকতে অতিকেন্দ্ৰিক ৰাষ্ট্ৰই এনে (জাতীয় অৰ্থনীতি)ক সংশয় আৰু বিৰাগেৰে চায়৷ সংযুক্ত মুক্তি বাহিনী এই লক্ষ্যৰে আগবাঢ়িছিল, কিন্তু শেষ পৰ্যন্ত জাতীয় মুক্তি আন্দোলনৰ ভেটি জনমানসত নগঢ়ি তেওঁলোকে এক অস্ত্ৰসৰ্বস্ব ৰাজনীতি অৱলম্বন কৰিছিল৷ তদুপৰি ভাৰতৰ আন নিপীড়িত জনগণৰ লগত যোগাযোগ স্থাপনৰো কোনো ঐকান্তিক চেষ্টা কৰা নাছিল আৰু সেয়ে শেষলৈকে তেওঁলোকে অসমৰ জাতি-জনগোষ্ঠীৰ আধাৰত এক স্বতন্ত্ৰ আৰু আত্মনিৰ্ভৰশীল ৰাজনৈতিক শক্তি গঢ়ি তুলিব নোৱাৰিলোঁ।’’৩২ সাংগঠনিক দৃষ্টিভংগীঃ পৰাগ কুমাৰ দাসে আলফাৰ সাংগঠনিক দিশটো দুৰ্বল হোৱা যেন অনুভৱ কৰি সেই সময়তে লিখিছিল– ‘‘অসমৰ জটিল জনগোষ্ঠীয় গাঁথনিৰ ব্যৱহাৰিক সীমাবদ্ধতাসমূহো তেওঁলোকে আওকান কৰাৰ প্ৰসঙ্গ শুভাকাংক্ষীসকলে লক্ষ্য কৰিছিল৷ ক্ষন্তেকীয়া সাংগঠনিক লাভৰ আশাত গণ পৰিষদৰ উগ্ৰ জাত্যাভিমানী নেতৃত্বৰ সৈতে হলি-গলি কৰি এওঁলোক জনগোষ্ঠীয় সংগ্ৰামী শক্তিসমূহৰ পৰা বিচ্চিন্ন হৈ পৰিছিল৷ তেনেদৰে স্বাধীন অসমৰ শ্লোগান দিয়াৰ বাহিৰে কোনো আৰ্থ ৰাজনৈতিক কাৰ্যসূচী তেওঁলোকে জনগণৰ বাবে আগবঢ়াব পৰা নাছিল৷ অসমতে স্বাধীনতা পোৱাৰ পিছত উৎপাদনৰ আহিলাৰ ওপৰত কাৰ কতৃৰ্ত্ব থাকিব, অৰ্থনৈতিক প্ৰক্ৰিয়াটো কেনে আৰ্হিৰ হ’ব, জনগোষ্ঠীয় আশা-আকাংক্ষাবোৰ কেনেদৰে পূৰণ কৰা হ’ব ইত্যাদিবোৰ বিষয়ত আলফাৰ তাত্ত্বিকসকল অকনো স্পষ্ট নহয়৷ নিৰ্বিচাৰ হত্যা বা ব্যাপক হাৰত বলপূৰ্বক ধন সংগ্ৰহ ইত্যাদি ঘটনা বিলাকেও আচল সংগ্ৰামৰ ধাৰা দুৰ্বল কৰি পেলাইছিল৷’’৩৩ পৰাগ কুমাৰ দাসে ভাবিছিল যে– ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে বিদ্ৰোহ কৰা বা বিচ্চিন্নতাৰ অধিকাৰ বিচৰাও সাংবিধানিকভাৱে মৰ্যাদা পাব লাগে৷ কাৰণ তেওঁৰ মতে– ‘‘এখন সমৃদ্ধিশালী ভাৰতবৰ্ষত ক্ষুদ্ৰ জাতিসত্ত্বাসমূহে সেই প্ৰগতিৰ সম-অংশীদাৰ হৈ আত্ম-মৰ্যাদাৰে জীয়াই থকাটো নিশ্চিত কৰাৰ বাবেই বিচ্চন্নতাৰ অধিকাৰে সাংবিধানিক মৰ্যাদা পোৱাটো অতি জৰুৰী বুলি আমি গণ্য কৰো৷.. বিবাহ বিচ্চেদৰ অধিকাৰক আইনগত স্বীকৃতি দিয়া মানে এইটো নিশ্চয় নুবুজায় যে, প্ৰচলিত আইনে পাৰিবাৰিক গঠনৰে বিলুপ্তি কামনা কৰিছে৷’’৩৪ দাসে এইবুলিও কৈছে যে– ‘‘সংগঠনটোৰ উত্থান যিদৰে নাটকীয় আছিল, স্খলনো সমানেই দ্ৰুততাৰে আৰম্ভ হোৱা আমি অসহায়ভাৱে লক্ষ্য কৰিছো৷ ইমান শক্তিশালী বিপ্লৱৰ ধাৰণা দি অহা সংগঠন এটাৰ আভ্যন্তৰীণ দিশৰ দুৰ্বলতা আৰু তত্বগত দিশৰ দৈন্যতা যোৱা দুটা মাহৰ ভিতৰতে এনেদৰে উন্মুক্ত হৈ পৰিল যে, এতিয়া ভাবিলে আচৰিত লাগে, এওঁলোকেই এদিন শক্তিশালী ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰকো শক্তিশালী ৰূপত প্ৰত্যাহ৩ান জনাবলৈ সক্ষম হৈছিল৷’’৩৫ পৰাগ কুমাৰ দাসে দৃঢ়তাৰে কৈছে যে– ‘‘তত্বগত দিশৰ দৈন্যতাই আলফাৰ সবাটোকৈ ডাঙৰ সাংগঠনিক দুৰ্বলতা৷ ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ নিচিনা জটিল আৰু শক্তিশালী চৰিত্ৰ এটাৰ বিশ্লেষণ যথাৰ্থভাৱে নোহোৱা বাবে প্ৰতিপক্ষৰ আচল শক্তি আৰু সামৰ্থ্য অনুধাৱন কৰাতো আলফা ব্যৰ্থ হ’ল৷’’৩৬ আলফাই ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ কূট-কৌশলী চৰিত্ৰৰ দিশটো একেবাৰেই আওকাণ কৰিলে বুলি দাসে আলফাক বাৰে-বাৰে কঠোৰ সমালোচনা কৰিছে৷ দাসে আলফাৰ অস্ত্ৰ শক্তিৰ ব্যৱহাৰৰ দিশটোৰো সমালোচনা কৰিছিল৷ সশস্ত্ৰ বিপ্লৱী সংগঠন হ’লেও অস্ত্ৰৰ অপব্যৱহাৰ ৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতহে সশস্ত্ৰ সংগ্ৰামৰ সফলতা নিৰ্ভৰ কৰে বুলি দাসে গ্ৰন্থখনত উল্লেখ কৰিছে৷ এই একেটা কথা তেওঁ ‘ছাংলট ফেনলা’ উপন্যাসখনতো কৈছে– ‘‘ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ হ’লে অস্ত্ৰতকৈও কূটনীতিৰহে অধিক প্ৰয়োজন৷’’৩৭ আলফাই যদিও নিজৰ লক্ষ্য আৰু উদ্দেশ্যত বৈজ্ঞানিক সমাজবাদৰ কথা কৈছে, কিন্তু তেওঁলোকৰ ধ্যান-ধাৰণাত মূলতঃ আঞ্চলিক জাতীয়তাবাদৰ প্ৰভাৱেই অধিক স্পষ্ট বুলি দাসে উল্লেখ কৰিছে৷ সেইদৰে দাসে কৈছে যে– ‘‘সাম্ৰাজ্যবাদী ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুঁজাৰ সময়ত ভাৰতীয় উপমহাদেশখনৰ বিভিন্ন প্ৰান্তত সংগ্ৰাম অব্যাহত ৰখা পৰিৱৰ্তনকামী শক্তিসমূহৰ সৈতে সম্পৰ্ক কেনেকুৱা হ’ব, সেই বিষয়ত আলফাই কোনো স্পষ্ট মতামত আগবঢ়াব পৰা নাই৷’’৩৮ অন্যহাতে আলফাৰ বৈদেশিক নীতিও স্পষ্ট নহয় বুলি দাসে গ্ৰন্থখনত উল্লেখ কৰিছে৷ নীতিগত অস্পষ্টতাই আলফাৰ ব্যক্তব্যও বহু সময়ত পৰস্পৰবিৰোধী হোৱা বুলি দাসে পৰ্যালোচনা কৰিছে৷ সৰ্বহাৰা কৃষকসকলক সংগঠিত কৰাৰ ক্ষেত্ৰতো আলফা ব্যৰ্থ বুলি দাসে গ্ৰন্থখনত উল্লেখ কৰিছে৷ সেইদৰে চাহ জনগোষ্ঠীৰ লোকসকলক আদৰি লোৱাৰ প্ৰসঙ্গত দাসে কৈছে– ‘‘আলফাই চাহ-শ্ৰমিকৰ অন্তনিৰ্হিত সংগ্ৰামী শক্তিৰ প্ৰাবল্য কাহানিও হৃদয়ঙ্গম নকৰিলে৷ মাৰুতী-য়ামাহা চলাই তেওঁলোকে চাহবাগিচাৰ মাজেৰেই আহ-যাহ কৰিলে৷ বিদেশী পুঁজিৰ লুণ্ঠনো তেওঁলোকেই আৱিষ্কাৰ কৰিলে; কিন্তু সেউজী পাতৰ আঁৰৰ মানুহখিনি আলফাৰ চকুত নপৰিল৷’’৩৯ সেইদৰে অসমৰ বিভিন্ন ক্ষুদ্ৰ জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নতো আলফাৰ নীতিগত স্পষ্টতা নাছিল৷ সমান্তৰালভাৱে হিতেশ্বৰ শইকীয়াৰ কৌশল আৰু প্ৰৰোচনাত আলফাৰ একাংশই আলোচনাৰ মাজলৈ অহাৰ চুক্তি কৰা কাৰ্যকো দাসে ক্ষুৰধাৰ সমালোচনা কৰিছে৷ আসোঁৱাহপূৰ্ণ সংবিধানখন ভাৰতবৰ্ষই নতুনকৈ প্ৰস্তুত কৰিব লাগে বুলি এসময়ত বিদ্ৰোহ কৰা আলফাৰ একাংশই এতিয়া সেই সংবিধানৰ প্ৰতিটো আখৰ মানি ল’ব বুলি কৰা চুক্তিয়ে আলফাৰ সাংগঠনিক দিশটোক অতি দুৰ্বল কৰি তুলিলে৷ দাসৰ মতে– ‘‘অস্ত্ৰশক্তিৰ অপব্যৱহাৰ ৰোধ কৰিবৰ বাবে শান্তিকামী আপোচকাৰীসকলে হিতেশ্বৰ শইকীয়াৰ শৰণাপন্ন হোৱাতকৈ জনগণৰ ওচৰ নেচাপিলে কিয়?’’৪০ প্ৰকৃততে পৰাগ কুমাৰ দাসে অসমৰ সমস্যাসমূহ ৰাষ্ট্ৰৰ আগত সজোৰে উপস্থাপন কৰিবলৈ নেতৃত্ব বিচাৰিছিল আৰু সেই নেতৃত্ব আলফাই সবলভাৱে দিব পাৰিব বুলি ভাবিছিল৷ কিন্তু আলফায়ো যে এই নেতৃত্ব দিবলৈ সক্ষম নহ’ল, সেই কথা তেওঁ শেষলৈ বুজি উঠিছিল৷ তেওঁ নিজেই এই বিষয়ে কৈ গৈছে– ‘‘অসমৰ জনগণে শান্তি বিচাৰিছে ঠিকেই কিন্তু মৰিশালিৰ শান্তি নহয়; মান-মৰ্যাদা দি, ৰাষ্ট্ৰৰ ওচৰত শিৰণত কৰি লুণ্ঠন প্ৰক্ৰিয়াটো নিৰ্বিচাৰে মানি লোৱাৰ প্ৰতিশ্ৰুতিৰে আদায় কৰা শান্তিও নহয়৷ এই কথাখিনিকে ৰাষ্ট্ৰৰ সমুখত স্পষ্টভাৱে ক’ব পৰা নেতৃত্ব আজি আমাক লাগে৷’’৪১ পৰাগ কুমাৰ দাসে আলফাক সমৰ্থন কৰাৰ কাৰণ হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ উপদেষ্টা পৰিষদৰ আগত এনেদৰে কৈছিল– ‘‘সাংবাদিক হিচাপে আমাৰ যোগাযোগ বিভিন্ন দল, ব্যক্তি আৰু সংগঠনটোৰ সৈতে৷ কিন্তু যোগাযোগ ৰখা বা কাৰোবাৰ ব্যক্তব্য প্ৰকাশ কৰা মানেই তেওঁলোকক অন্ধভাৱে সমৰ্থন কৰা নিশ্চয় নুবুজায়৷ হিতেশ্বৰ শইকীয়াৰ সাক্ষাৎকাৰো আমি প্ৰকাশ কৰিছো৷ দিল্লীবাদবিৰোধী সংগ্ৰামখনৰ দৃষ্টিকোণৰ পৰা আলফাৰ যিবোৰ কাম-কাজ যোগাত্মক বুলি চিহ্নিত হৈছে, তাৰ প্ৰতি সমৰ্থন জনোৱাটো আমি নৈতিক দায়িত্ব বুলি গণ্য কৰিছো আৰু একে সময়তে, সংগঠনটোৰ দ্বাৰা সংগঠিত গণস্বাৰ্থবিৰাধী কাৰ্য-কলাপৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰতো আমি কেতিয়াও কুণ্ঠাবোধ কৰা নাই৷’’৪২ এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ৷ ৰাজনৈতিক প্ৰলোভনেৰে আলফা সংগঠনক দুৰ্বল কৰোৱাত হিতেশ্বৰ শইকীয়াই বিভিন্ন বেহু পাতিছিল৷ মূলসূঁতিলৈ উভতি আহিব খোজা আলফা সদস্যক বিত্তীয় প্ৰতিষ্ঠানসহ প্ৰায় পাঁচলাখ টকাকৈ সাহাৰ্য দিয়াৰ প্ৰলোভন দেখুৱাইছিল৷ পৰাগ কুমাৰ দাসে এই সমগ্ৰ বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যে– প্ৰকৃত কোনো আলফা সদস্যই হিতেশ্বৰ শইকীয়াৰ এই প্ৰলোভনত বিক্ৰী যাব নোৱাৰে৷ বিপ্লৱক ব্যৱসায় হিচাপে গ্ৰহণ কৰা সদস্যইহে এই সুযোগ গ্ৰহণ কৰিব৷ আৰু যিসকল আলফা সদস্যই টকাৰ লোভত আত্মসমৰ্পন কৰিব, তেওঁলোকে পৰৱৰ্তী সময়ত সমাজ জীৱনলৈ কি অৱদান আগবঢ়াব, তাৰ বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই বুলি পৰাগ কুমাৰ দাসে ব্যঙ্গ কৰিছিল৷ দাসে এই কথাও কৈছিল যে সংগ্ৰামৰ বাবে প্ৰয়োজনীয় গণ সমৰ্থনৰ ভেঁটি তৈয়াৰ কৰাত আলফা ব্যৰ্থ হৈছে৷ আলফাই নিজৰ ঘৰৰ আত্মীয়সকলকো নিজৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে পতিয়ন নিয়াব পৰা নাই বুলি দাসে আক্ষেপ কৰিছে, যাৰ বাবে– ‘‘হিতেশ্বৰ শইকীয়াই দাবী কৰা অনুসাৰে দৰং জিলা ভ্ৰমণকালত আলফাৰ শীৰ্ষ নেতৃত্বৰ পিতৃয়েও হেনো মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শান্তি স্থাপনৰ বাবে চৰকাৰে লোৱা ভূমিকাৰ প্ৰশংসা কৰে আৰু আলফাক আত্মসমৰ্পণৰ বাবে আহ্বান জনায়৷’’৪৩ পৰাগ কুমাৰ দাসৰ মতে বিপ্লৱী এজনে কেৱল নিজকে বিপ্লৱৰ মন্ত্ৰত দীক্ষিত কৰিলেই নহ’ব; চৌপাশৰ আন দহজনকো তেওঁৰ একেই উদ্দেশ্যেৰে অনুপ্ৰাণিত কৰাৰ বাবে ইচ্চা আৰু সামৰ্থ্য থাকিব লাগিব৷ গ্ৰন্থখনৰ পৰিশিষ্ট অধ্যায়ত পৰাগ কুমাৰ দাসে লিখিছে– ‘‘ভুলেই হওক, ভ্ৰান্তিয়েই হওক, আলফাক অসমৰ জনগণে এক শক্তিশালী ৰাজনৈতিক ধাৰা হিচাপে স্বীকৃতি দিছিল৷ সংগঠনটোৰ কোনো আদৰ্শগত ভিত্তি নথকা স্বত্ত্বেও ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰ্বসাধাৰণৰ পুঞ্জীভূত ক্ষোভেই আলফাক জনপ্ৰিয় কৰি তুলিছিল৷ ব্যাপক সামৰিক সন্ত্ৰাসৰ মাজতো ছয়জনকৈ পণবন্দীক নিৰাপদে দীৰ্ঘদীন ধৰি লুকুৱাই ৰাখি জনগণে স্বতঃস্ফূৰ্ত সমৰ্থনেৰে প্ৰমাণ দিছিল৷’’৪৪ অৱশ্যে দাসে পৰিশিষ্ট অধ্যায়ত আলফাই আত্মসমৰ্থন কৰাৰ পক্ষেও কিছু কথা লিখিছে; কাৰণ দাসৰ মতে– ‘‘ভাৰতীয় ৰাষ্ট্ৰই শেহতীয়াভাৱে যিকোনো বুজাপৰাৰ জৰিয়তে হ’লেও এখন একত্ৰিত বজাৰ গঢ়ি তোলাৰ বাবে বহুজাতিক গোষ্ঠীসমূহৰ যি প্ৰবল হেঁচাৰ সন্মুখীন হৈছে, তাৰেই আধাৰত কিছু সা-সুবিধা আদায়েৰে আলফা নেতৃত্বই সম্প্ৰতি তথাকথিত মূলসুঁতিলৈ উভতি আহি সংগ্ৰাম চলোৱাৰ পৰিকল্পনা কৰিছে৷’’৪৫ দাসে সমান্তৰালভাৱে ভাৰত ৰাষ্ট্ৰৰ চক্ৰান্তৰ কথাও স্পষ্টভাৱে লিখিছে– ‘‘আলফাৰ একাংশ নেতৃত্বই হয়তো ভাবিছে যে ভাৰতীয় ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশেৰে সামৰিক সন্ত্ৰাসৰ হাত সাৰি মুকলিমুৰীয়াকৈ ওলাই আহিব পাৰিলেই বিভিন্ন অজুহাতত আলোচনা পিছুৱাই নি সময় ক্ৰয় কৰি গৈ থাকি সংগ্ৰামখন পুনৰ গঢ় দি তুলিব পৰা যাব, কিন্তু ভাৰতীয় ৰাষ্ট্ৰ ইমান নিৰ্বোধ নহয় যে প্ৰচলিত প্ৰক্ৰিয়াটোৰ সকলো সা-সুবিধা গ্ৰহণেৰে আলফাক ৰাষ্ট্ৰবিৰোধী সংগ্ৰাম গঢ়িবলৈ এৰি দিব৷’’৪৬ ‘অপাৰেচন ৰাইনো’ৰ সময়ত আলফা নেতাৰ একাংশই আত্ম-সমৰ্পন কৰাতকৈ অন্য পথ গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলিও দাসে গ্ৰন্থখনত উল্লেখ কৰিছে৷ দাসৰ মতে– ‘‘এই মুহূৰ্তত আলফাৰ বাবে নেতৃত্ব আৰু কেডাৰৰ পাৰ্যমানে সংৰক্ষণহে অধিক গুৰুত্বপূৰ্ণ আছিল৷ অসমৰ গ্ৰামাঞ্চলৰ কৃষক ৰাইজ হ’ব পাৰিলেহেঁতেন এনে সংৰক্ষণৰ নিৰ্ভৰযোগ্য আশ্চয়৷ তদুপৰি ভাৰতবৰ্ষৰ আন প্ৰান্তৰৰ বিপ্লৱী সংগঠনসমূহেও সাময়িকভাৱে আলফাৰ নেতৃত্বক ৰাষ্ট্ৰৰ পৰা লুকুৱাই ৰাখিব পাৰিলেহেঁতেন৷’’৪৭ পৰাগ কুমাৰ দাসে আলফাক সমৰ্থন কৰাৰ বাবেই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ৰোষৰ বলি হ’বলগীয়া হৈছিল৷ কিন্তু পৰাগ কুমাৰ দাসে সাহসেৰে প্ৰতিবাৰেই হিতেশ্বৰ শইকীয়াক ‘গণশত্ৰু’ বুলি অভিহিত কৰি তেওঁৰ কু-কীৰ্তিবোৰৰ স্বৰূপ উদঙাই দিছিল৷ তেওঁৰ মতে– ‘‘সেনাৰ নিৰ্বিচাৰ সন্ত্ৰাসৰ বিৰুদ্ধে মাত মতাটো যদি ৰাষ্ট্ৰদ্ৰোহ হয়, উৎপাদনৰ আহিলাৰ ওপৰত জনগণৰ অধিকাৰ বিচৰাটো যদি ৰাষ্ট্ৰদ্ৰোহ হয়, ৰাষ্ট্ৰৰ জনস্বাৰ্থবিৰোধী চৰিত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাটোও যদি অপৰাধ হয়, তেন্তে এনে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত অভিযুক্ত হ’বলৈ পোৱাটো আমি সামাজিক দায়বদ্ধতাৰ স্বীকৃতি বুলিয়েই গণ্য কৰিম৷’’৪৮ অন্যহাতে পৰাগ কুমাৰ দাসে ৰাষ্ট্ৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল এইবুলি– ‘‘স্বাধীন অসমৰ দাবীৰ সপক্ষে আৰু বিপক্ষে মুকলি আলোচনাৰ অধিকাৰ ৰাষ্ট্ৰই দিয়ক আৰু এক নিৰ্দিষ্ট সময়ৰ মূৰত সেই দাবীৰ ওপৰত গণভোট হওক৷ আমি এই সকলোৱেই এই গণভোটৰ ৰায় মানি ল’ম৷ হ’বনে ৰাষ্ট্ৰৰ এই প্ৰস্তাৱ মানি লোৱাৰ সাহস?’’৪৯ এনেদৰেই ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ গ্ৰন্থত আলফাৰ প্ৰতি আৰু ৰাষ্ট্ৰৰ প্ৰতি পৰাগ কুমাৰ দাসৰ দৃষ্টিভংগী প্ৰকাশ পাইছে৷ গ্ৰন্থখনত দাসে আলফাৰ সামগ্ৰিক স্বৰূপ সম্পৰ্কে আৰু ৰাষ্ট্ৰৰ কাৰ্যপণ্ঠাৰ অন্তৰালত সোমাই থকা প্ৰকৃত সত্য সম্পৰ্কে সততাৰে আৰু বলিষ্ঠভাৱে বৰ্ণনা কৰিছে৷ পৰাগ কুমাৰ দাসেই সম্ভৱ প্ৰথম আৰু একমাত্ৰ শেষ ব্যক্তি যি সাংবাদিক হিচাপে ৰাষ্ট্ৰৰ কদৰ্য কাৰ্যপণ্ঠাৰ বিৰুদ্ধে ইমান বলিষ্ঠভাৱে মাত মাতিছিল আৰু আলফাৰ বৌদ্ধিক দিশটোক সমৃদ্ধ কৰিছিল৷ ৰাষ্ট্ৰই যদি চক্ৰান্তৰে পৰাগ কুমাৰ দাসক নামাৰিলেহেঁতেন; হয়তো আলফা সমস্যাই আজিলৈ এটা নিৰ্দিষ্ট ৰূপ লাভ কৰিলেহেঁতেন৷ বা অসমৰ স্বাধীনতা, অসম আন্দোলন আৰু অৰ্থনৈতিক অধিকাৰ আদি বিষয়বোৰে সমাধানৰ এটা নিৰ্দিষ্ট পথ পালেহেঁতেন৷ অসমীয়া জাতিয়তাবাদক বলিষ্ঠৰূপত অসমীয়া মানুহৰ মন-মননত স্থাপন কৰিবলৈ সক্ষম হোৱা সাংবাদিক পৰাগ কুমাৰ দাসে জাতি-জনগোষ্ঠীৰ প্ৰতি সহৃদয়তা আৰু সন্মানৰ ভাৱ জগাই তুলিছিল৷ আনকি তেওঁ এই কথাও উল্লেখ কৰিছে যে– ‘‘চৰবাসী মুছলমানৰ সহযোগিতা অবিহনে যে আধুনিক যুগত অসমীয়া অস্তিত্বৰক্ষা অসম্ভৱ ৷’’৫০ এইজন ব্যক্তিৰ বিষয়ে মনোৰম গগৈয়ে ‘পৰাগ দাৰ সান্নিধ্যত’ গ্ৰন্থত লিখিছে– ‘‘পৰাগ দা প্ৰকৃতাৰ্থত আছিল সত্য, ন্যায় আৰু মানৱতাৰ একনিষ্ঠ পূজাৰী৷ সুতীক্ষ্ণ মেধা আৰু প্ৰচণ্ড কৰ্মশক্তিৰ অধিকাৰী এই মানুহজনৰ সকলো চিন্তা কেন্দ্ৰীভূত হৈছিল স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱাত, মানুহ আৰু সমাজৰ প্ৰতি থকা সীমাহীন দায়বদ্ধতাত৷ সাংবাদিকতাৰ সমান্তৰালভাৱে এক শক্তিশালী মানৱ অধিকাৰ ৰক্ষাৰ আন্দোলনৰ তেওঁ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল৷’’৫১ সাম্প্ৰতিক সময়ত পৰাগ কুমাৰ দাসৰ চিন্তা-চেতনাৰ প্ৰাসংগিকতা সন্দৰ্ভত বৌদ্ধিক বিচাৰ আলোচনীৰ সম্পাদক টুনুজ্যোতি গগৈয়ে লিখিছে– ‘‘পৰাগ কুমাৰ দাসৰ জীৱনাদৰ্শৰ সবাটোকৈ অনুকৰণীয় আৰু ইতিবাচক দিশটো আছিল নিভাঁজ অসম প্ৰেম আৰু আপোচহীন প্ৰতিবাদী সত্তা৷ শেহতীয়াভাৱে অসমৰ একাংশ তৰুণ যুৱক-যুৱতী বৃহৎ পুঁজিপতি অথবা প্ৰাতিষ্ঠানিক ধৰ্মীয় শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ প্ৰৰোচনা-প্ৰলোভনত ৰাষ্ট্ৰীয়তাবাদৰ সোঁতত শিপা বিচ্চিন্ন হৈ উটি-ভাহি যাবলৈ ধৰাৰ সময়ত তেওঁৰ অসমপ্ৰেমৰ প্ৰাসংগিকতা বহুগুণে বৃদ্ধি পাইছে৷ সেইদৰে, ৰাষ্ট্ৰযন্ত্ৰৰ শোষণ-লুণ্ঠন-বঞ্চনাৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ উঠা তেওঁৰ দৰে এক আপোচহীন প্ৰতিবাদী সত্তাৰ অভাৱ পৰিৱৰ্তনকামী সৰ্বসাধাৰণে বাৰুকৈয়ে অনুভৱ কৰিছে৷’’৫২ পৰিশেষত ক’ব পাৰি– অসমীয়া জাতীয় জীৱনত পৰাগ কুমাৰ দাসৰ আদৰ্শ আৰু প্ৰাসংগিকতা সদায় থাকিব৷ তেওঁৰ যি নিস্বাৰ্থ দেশপ্ৰেম, সেয়া ৰাষ্ট্ৰৰ দৃষ্টিত ‘ৰাষ্ট্ৰদ্ৰোহী’ হ’লেও জনগণৰ বাবে যে সদায় প্ৰাসংগিক আছিল; সেই কথা সমাজ, সভ্যতাই ইতিমধ্যেই প্ৰমাণ কৰি দেখুৱাইছে৷ ‘আলফা’ৰ শক্তিক পৰাগ কুমাৰ দাসে যিধৰণে ইতিবাচক ৰূপে গ্ৰহণ কৰিছিল, সেই গ্ৰহণৰ অন্তৰালত লুকাই আছিল অসমৰ জনগণক ৰাষ্ট্ৰৰ শোষণৰ পৰা মুক্তি দিয়াৰ অক্লান্ত প্ৰচেষ্টা৷ অৰ্থলোভী, অৰ্থপিশাচৰ কবলৰপৰা স্বাধীন অসম বিচৰা পৰাগ কুমাৰ দাসৰ বিপ্লৱী চেতনা, নিৰ্ভীক সাংবাদিকতা, বৌদ্ধিক পাণ্ডিত্য আৰু জাতীয় দায়বদ্ধতাৰ গুণবোৰ অসমীয়া সমাজ জীৱনৰ লগতে ৰাষ্ট্ৰশক্তিৰ ওচৰতো সদায় প্ৰাসংগিক হৈ থাকিব৷ প্ৰসংগসূত্ৰ ১. ছাংলট ফেনলা, পৰাগ কুমাৰ দাস, বেটুপাতৰ পৰা সংগ্ৰহিত৷ ২. Confronting the State, Noni Gopal Mahanta, Page, ১১৫ ৩. সমাগত সংকট, হীৰেন গোহাঁই, প্ৰথম প্ৰকাশ, পৃঃ ৯৯ ৪. উল্লিখিত গ্ৰন্থ, পৃঃ ৯৮ ৫. India’s North East Resurgent, B.G. Verghese, Page, ৫৬-৬৭ ৬. Confronting the State, Noni Gopal Mahanta, Page, ১১৭ ৭. অসমীয়া স্বাভিমানৰ ৰূপৰেখা, ময়ূৰ বৰা, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১১০ ৮. অসমীয়া স্বাভিমানৰ ৰূপৰেখা, ময়ূৰ বৰা, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১১০ ৯. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস, পৃঃ ৩২ ১০. সমাগত সংকট, হীৰেন গোহাঁই, পৃষ্ঠা-১০০ ১১. The Shillong Times, December ১১/২০১৩ ১২. আলফা, মৃণাল তালুকদাৰ, পৃঃ ১৪-১৫ ১৩. Assam Tribune, January ৪/১৯৪৮ ১৪. স্বাধীন অসম আৰু ঐতিহাসিক পটভূমি, ৰফিউল হুছেইন বৰুৱা, পৃঃ ১৪১ ১৫. আলফা, মৃনাল তালুকদাৰ, পৃঃ ৪৪ ১৬. নৰ্থ লখিমপুৰ কলেজ আলোচনী, সম্পাঃ পুৰন্দ গগৈ, পৃঃ ২৩ ১৭. অসম আন্দোলন, মনোজ কুমাৰ নাথ, পৃঃ-২১৭ ১৮. আলফা, মৃণাল কলিতা, কিশোৰ কুমাৰ কলিতা, পৃঃ-৫১ ১৯. অসম আন্দোলন, মনোজ কুমাৰ নাথ, পৃঃ২১৯ ২০. উল্লিখিত গ্ৰন্থ, পৃঃ-২১৯ ২১. উল্লিখিত গ্ৰন্থ, পৃঃ-২২০ ২২. উল্লিখিত গ্ৰন্থ, পৃঃ ১৬ ২৩. অসমীয়া স্বাভিমানৰ ৰূপৰেখা, ময়ূৰ বৰা, পৃঃ-১১০ ২৪. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস, পৃঃ ৩৮ ২৫. ছাংলট ফেনলা, পৰাগ কুমাৰ দাস, পৃঃ ৯২ ২৬. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস, পৃঃ ১৬ ২৭. উল্লিখিত গ্ৰন্থ, পৃঃ ১৯ ২৮. উল্লিখিত গ্ৰন্থ, পৃঃ ১৬ ২৯. উল্লিখিত গ্ৰন্থ, পৃঃ ৫৮ ৩০. আলফা, মৃণাল কলিতা, কিশোৰ কুমাৰ কলিতা, পৃষ্ঠা-৫৩ ৩১. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস, পৃঃ ১৯ ৩২. সমাগত সংকট, হীৰেন গোহাঁই, পৃঃ ১৯ ৩৩. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস, পৃঃ ১৬ ৩৪. উল্লিখিত গ্ৰন্থ, পৃঃ ৪৩ ৩৫. উল্লিখিত গ্ৰন্থ, পৃঃ ৪৫ ৩৬. উল্লিখিত গ্ৰন্থ, পৃঃ ৪৬ ৩৭. ছাংলট ফেনলা, পৰাগ কুমাৰ দাস, পৃঃ ২২৪ ৩৮. ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, পৰাগ কুমাৰ দাস পৃঃ ৫১ ৩৯. উল্লিখিত গ্ৰন্থ, পৃঃ ৬০ ৪০. উল্লিখিত গ্ৰন্থ, পৃঃ ৬৭ ৪১. উল্লিখিত গ্ৰন্থ, পৃঃ ৭৩ ৪২. উল্লিখিত গ্ৰন্থ, পৃঃ ৭৬ ৪৩. উল্লিখিত গ্ৰন্থ, পৃঃ ১০০ ৪৪. উল্লিখিত গ্ৰন্থ, পৃঃ ১২৬ ৪৫. উল্লিখিত গ্ৰন্থ, পৃঃ ১২৫ ৪৬. উল্লিখিত গ্ৰন্থ, পৃঃ ১২৯ ৪৭. উল্লিখিত গ্ৰন্থ, পৃঃ ১৩২ ৪৮. উল্লিখিত গ্ৰন্থ, পৃঃ ১৩২ ৪৯. উল্লিখিত গ্ৰন্থ, পৃঃ ১৫৫ ৫০. সমাগট সংকট, হীৰেন গোহাঁই, পৃষ্ঠা-১০০ ৫১. পৰাগ দাৰ সান্নিধ্যত, মনোৰম গগৈ, ভূমিকা, ২০০৫ ৫২. বৌদ্ধিক বিচাৰ, ই-মেগাজিন, টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ, মে, ২০১৭ গ্ৰন্থপঞ্জীঃ মূল গ্ৰন্থঃ দাস, পৰাগ কুমাৰ : ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, আলিবাট প্ৰকাশন, নৱেম্বৰ, ২০১৪ সহায়ক গ্ৰন্থঃ গোহাঁই, হীৰেন : সমাগত সংকট, মুক্তচিন্তা প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৭ গোস্বামী, লোকনাথ : দেশ ভাগিলেও সমাজখন নাভাগক, ৰেখা প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৫ গগৈ, মনোৰম : পৰাগদাৰ সান্নিধ্যত, প্ৰাপ্তি প্ৰকাশ, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০০৫ বৰা, ময়ূৰ : অসমীয়া স্বাভিমানৰ ৰূপৰেখা, বনলতা, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১৭ বৰুৱা, উৎপল : অসমীয়া জাতিৰ ভৱিষ্যৎ, আঁক-বাক, দ্বিতীয় প্ৰকাশ, ২০১৫ বৰুৱা, ৰফিউল হুছেইন : স্বাধীন অসম আৰু ঐতিহাসিক পটভূমি, প্ৰথম সংস্কৰণ : ১৯৯৩ তালুকদাৰ, মৃণাল, কলিতা, কিশোৰ কুমাৰ : আলফা, প্ৰকাশক- নন্দ তালুকদাৰ ফাউণ্ডেচন, তৃতীয় প্ৰকাশ তালুকদাৰ, মৃণাল : মৌতম, প্ৰথম প্ৰকাশ, অক্টোবৰ, ২০১১ দাস, পৰাগ কুমাৰ : ছাংলট ফেনলা, প্ৰকাশক-আলিবাট, ডিচেম্বৰ, ২০১৩ ঐ : নিষিদ্ধ কলম আৰু অন্যান্য, উদাংশ্ৰি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, ডিচেম্বৰ, ১৯৯৬ ঐ : স্বাধীন অসমৰ অৰ্থনীতি, প্ৰকাশক- পৰাগ কুমাৰ দাস, উদাংশ্ৰি প্ৰকাশন, ১৯৯৩ ঐ : স্বাধীনতাৰ প্ৰস্তাৱ, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ১৯৯৩ ডেকা, হীৰকজ্যোতি : মোক বিদ্ৰোহী সজালে কোনে, মহাকালী প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০০৫ নাথ, মনোজ কুমাৰ : আলফা সেউজীয়া সপোন তেজৰঙা ইতিহাস, তৃতীয় প্ৰকাশঃ নৱেম্বৰ, ২০১৩ মজুমদাৰ, অনিল : উভতি আহিছে পৰাগ দা, জনমত অফ্‌ছেট প্ৰেছ, প্ৰথম প্ৰকাশ, ২০০৬ মহন্ত, প্ৰফুল্ল : জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতিসত্তা, সৃজন প্ৰকাশ, দ্বিতীয় প্ৰকাশ, ২০১৪ Mahanta, Noni Gopal : Confronting the state ULFA’s quest for soovereignty, Publisher-Sage publication, 1st Edtion, 2013 © ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments