ভাৰত চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাসমূহৰ পৰিচয়; ইয়াৰ পদসমূহৰ বাবে প্ৰয়োজনীয় যোগ্যতা আদিৰ বিষয়ে কিছু কথা ৷৷ প্ৰবন্ধ ৷৷ প্ৰণৱজ্যোতি গগৈ


@ প্ৰণৱজ্যোতি গগৈ---

 এখন দেশৰ আন্তৰিক আৰু বৰ্হি দিশৰ সুৰক্ষাৰ ক্ষেত্ৰত Law Enforcement Agencies সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । এই Law Enforcement Agencies সমূহৰ কাম হৈছে জনসাধাৰণৰ সুৰক্ষা আৰু দেশৰ নিৰাপত্তাৰ হকে কাম কৰা । আমাৰ ভাৰতবৰ্ষটো ভালেমান এনেধৰণৰ Law Enforcement Agencies আছে , ইয়াৰে কিছুমান ৰাজ্য চৰকাৰৰ অন্তৰ্গত আৰু কিছুমান কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত । ভাৰতবৰ্ষৰ এনে কেইটামান সংস্থা হৈছে - CBI, RAW, National Investigation Agency, BSF, NSG আদি । এই সংস্থা সমূহৰে এটা অংশ হৈছে Special Investigation Agency.

সাধাৰণতে Investigation ৰ অৰ্থ হৈছে কোনো এটা ঘটনাৰ অন্তৰালত নিহিত হৈ থকা কাৰণ সমূহ পৰ্যায়ক্ৰমে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি পৰ্য্যালোচনা কৰি তাক উপস্থাপন কৰা।
উদাহৰণ হিচাপে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত তিনিটা কেন্দ্ৰীয় পৰ্যায়ৰ Special Investigation Agency এ কৰিছে । মহামান্য উচ্চতম ন্যায়ালয়ে এই তদন্তৰ সম্পূৰ্ণ দায়িত্ব CBI ৰ হাতত অৰ্পণ কৰিছে । CBI ৰ তদন্তত যেতিয়া ড্ৰাগছৰ কথা পোহৰলৈ আহিলে তেতিয়া এই ঘটনাৰ তদন্ত কৰিবলৈ আৰু এটা সংস্থা জড়িত হৈ পৰিল । সেই সংস্থাটো হৈছে NCB . CBI আৰু NCB ৰ তদন্তত যেতিয়া টকা-পইচাৰ লেন-দেনৰ কথা পোহৰলৈ আহিলে তেতিয়া এই তদন্তৰ সৈতে জড়িত হল আৰু এটা তদন্তকাৰী সংস্থা । সেইটো হল ED .
এতিয়া আহোঁ এই তিনিটা তদন্তকাৰী সংস্থাৰ বিষয়ে..
★ CBI :- CBI হৈছে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অনুসন্ধানকাৰী সংস্থা । ইয়াৰ সম্পূৰ্ণ নাম হৈছে - Central Bureau of Investigation. ভাৰতবৰ্ষত ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত দুৰ্নীতিৰ ঘটনা সমূহ তদন্ত কৰিবলৈ Special Police Established কৰা হৈছিল । ইয়াৰ পাছত Santhanam Committee On Prevention Of Corruption গঠন কৰা হৈছিল । এই কমিটিখনে কেন্দ্ৰীয় পৰ্যায়ৰ এটা অনুসন্ধানকাৰী সংস্থা গঠন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল । পাছলৈ এই পৰামৰ্শ মতেই ১ এপ্ৰিল ১৯৬৩ চনত CBI গঠন কৰা হৈছিল । প্ৰথমতে CBI Ministry Of Home Affairs ৰ অন্তৰ্গত আছিল যদিও বৰ্তমান সময়ত CBI Ministry Of Personal and Training ৰ অন্তৰ্গত। CBI Ministry Of Personal and Training ৰ অন্তৰ্গত আৰু Ministry PMO ( Prime Minister Office ) ৰ অন্তৰ্গত । এইখিনিতে এটা কথা মন কৰিবলগীয়া যে যেতিয়া CBI এ Prevention of Corruption Act ৰ জড়িয়তে অনুসন্ধান কৰে তেতিয়া ই Ministry Of Personal ৰ অন্তৰ্গত নহৈ CBI হৈ পৰে Central Vigilance Commission ৰ অন্তৰ্গত । CBI মূলত তিনিটা প্ৰধান বিভাগত বিভক্ত ।
১) Economic Offenses Division.
২) Anti-Corruption Division.
৩) Special Crime Division.
CBI এ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুৰক্ষাৰ লগত জড়িত গুৰুত্বপূৰ্ণ ঘটনা সমূহৰ অনুসন্ধান আৰু তদন্ত কৰে । CBI এ ৰাজ্য চৰকাৰৰ অনুৰোধটো বিভিন্ন ঘটনাৰ তদন্ত কৰে । D.P. Kohli ক CBI ৰ Founder হিচাপে জনা যায় । তেওঁ ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ CBI ৰ Director ৰ পদত অধিস্থিত আছিল । বৰ্তমান সময়ত CBI ৰ Director হৈছে Praveen Sinha আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত ।
এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি থোৱা সমীচীন হব যে ২০১২ চনত CBI ক Right To Information Act ( RTI ) ৰ অধীনত সাঙুৰি লোৱা হৈছিল যদিও দেশৰ সুৰক্ষাৰ গোপনীয়তাৰ স্বাৰ্থত CBI ক RTI ৰ পৰা আঁতৰাই অনা হয় ।
দেশৰ বিভিন্ন অপৰাধ তদন্তৰ ক্ষেত্ৰত CBI ৰ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে । যেনে Bhanwari Devi Murder Case, Satyam Scam আদিত । কিন্তু, প্ৰত্যকটো সংস্থাৰ দৰে CBI ৰো নিজা কিছুমান সমস্যা আছে । CBI ৰ প্ৰধান সমস্যাটো হৈছে সংস্থাৰ কাম-কাজৰ ক্ষেত্ৰত স্বাধীনতাৰ অভাৱ । ১৯৯৭ চনৰ মহামান্য উচ্চতম ন্যায়ালয়ে Vineet Narain vs Union of India গোচৰৰ তদন্তত CBI ৰ স্বাধীনতাৰ ওপৰত প্ৰশ্ন তুলিছিল । এই গোচৰটো Hawala Scam ৰ লগত জড়িত । য'ত বহু উচ্চপদস্থ বিষয়াৰ নামো সাঙোৰ খাই পৰিছিল । এই তদন্তৰ সময়চোৱাত কোৱা হৈছিল যে চৰকাৰৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে সঠিকৰূপে তদন্ত কৰা হোৱা নাই । এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে " CBI has failed on its responsibility to investigate allegations of public corruption." আৰু CBI ৰ Autonomy ensure ৰ বাবে Guidelines দিছিল আৰু Central Vigilance Committee ৰ Supervision ত ৰাখিছিল। বৰ্তমান সময়টো CBI ৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মা, ৰঞ্জিত সিনহা, এ. পি. সিং আদিৰ নামো দুৰ্নীতিৰ সতে জড়িত হোৱাৰ অভিযোগত কাকতে-পত্ৰই প্ৰকাশ হোৱা দেখা যায় । Coalgate Scam ৰ গোচৰত উচ্চতম ন্যায়ালয়ে CBI ৰ ক্ষেত্ৰত কৈছিল যে যি দলৰ চৰকাৰ গঠন হয় CBI সেইখন চৰকাৰৰে হাতৰ পুতলা হৈ পৰে । কাৰণ, CBI ৰ ওপৰত চৰকাৰৰ বহুত বেছি নিয়ন্ত্ৰণ থাকে । Supreme Court এ CBI ৰ সম্পৰ্কত কৈছিল " CBI has become State's parrot''
CBI ৰ Appointment Committee ত তিনিজন মুখ্য ব্যক্তি অন্তৰ্ভুক্ত ।
১) প্ৰধানমন্ত্ৰী ( Chairperson )
২) লোকসভাৰ বিৰোধী দলৰ দলপতি অথবা লোকসভাৰ একক সংখ্যা গৰিষ্ঠ দলৰ দলপতি
৩) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা উচ্চতম ন্যায়ালয়ৰ এনে এজন অধিবক্তা যিজনক মুখ্য ন্যায়াধীশে নিযুক্তি দিয়া ।
★NCB :- ভাৰতবৰ্ষৰ Drugs Law Enforcement and intelligence সংস্থাটোৰ নাম হৈছে NCB. ইয়াৰ সম্পূৰ্ণ নাম হৈছে Narcotics Control Bureau. ১৯৮৬ চনত এই সংস্থাটো গঠন কৰা হৈছিল । ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত । NCB Ministry of Home Affairs ৰ অন্তৰ্গত । বৰ্তমান NCB ৰ সঞ্চালক প্ৰধান জনৰ নাম হৈছে Rakesh Asthana.
NDPS act 1985 ( Narcotics Drugs and psychotropic Substances Act ) ক পূৰ কৰাৰ বাবে । সংবিধানৰ Article 47 অনুসৰি অবৈধ ড্ৰাগছ আৰু মাদকদ্ৰব্যৰ নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্যচৰকাৰ হাতত ন্যস্ত কৰা হৈছে । AIIMS ৰ ২০১৯ ৰ এক তথ্য অনুসৰি ভাৰতত ৫ কোটিত কৈও অধিক এনে লোক আছে যিয়ে CANNABIS ( ভাং, গাঞ্জা, মাৰিজোৱানা আদি ), OPIOIDS ( ককেইন, হিৰইন, ব্ৰাউন চুগাৰ, Pharmaceutical Opioids ) আদি সেৱন কৰে । পঞ্জাৱ, অসম , চিকিম, দিল্লী, উত্তৰপ্ৰদেশ আদি হৈছে এনে কিছুমান ৰাজ্য যিবোৰত বৰ্তমান সময়ত ড্ৰাগছৰ অবৈধ সৰবৰাহ বৰ্ধিত হাৰত বৃদ্ধি হৈ গৈছে। সাধাৰণতে যিবোৰ ৰাজ্যৰ সীমা চুবুৰীয়া আন দেশৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে তেনে ৰাজ্য সমূহত এনেধৰণৰ অপৰাধীক কাৰ্যকলাপ বৰ্ধিত হাৰত পৰিলক্ষিত হয় । সেয়েহে একাংশৰ মতে ড্ৰাগছৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণ কৰিবলৈ হলে এই আন্তৰ্জাতিক সীমান্ত অঞ্চলত সুৰক্ষা ব্যৱস্থা অধিক কটকটিয়া কৰিব সৰবৰাহৰ শিকলি ডাল ( Supply chain ) কাটিব লাগিব।
Narcotics Control Bureau ই CEIB ( Central Economic Intelligence Bureau ), Customs and Central Excise, CBI, State Police Department, আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থা সমূহৰ সৈতেও কাম কৰে ।
★ED :- Enforcement Directorate হৈছে ভাৰতবৰ্ষ এটা Economic Intelligence Agency. যাৰ মুখ্য কাৰ্য হৈছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অপৰাধ ( Economic Crime ) সমূহৰ তদন্ত আৰু অনুসন্ধান কৰা । ED আৰু CBI এ দ্বৈত ভাবে তদন্ত কৰা কেইটামান উল্লেখযোগ্য অপৰাধ হৈছে INX Media Scam Charged P. Cidambaram, 2G Scam, Yes Bank Scam, Mumbai Airport Development Scam আদি ।
Enforcement Directorate Ministry of Finance ৰ Department of Revenue ৰ অন্তৰ্গত। ED ৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত । বৰ্তমান ইয়াৰ সঞ্চালক প্ৰধান হৈছে Sanjay Kumar Mishra. Enforcement Directorate ৰ প্ৰধান কাম হৈছে FEMA ( Foreign Exchange Management Act-1999 ) PMLA ( Prevention Of Money-Laundering Act 2002 ) আইন দুখনৰ সঠিক ৰূপত বলবৎ কৰা । ইয়াৰ ওপৰিও ED এ FEO ( Fugitive Economic Offenders Act, 2018 ) , COFEPOSA ( Conservation of Foreign Exchange and Prevention of Smuggling Activities Act, 1974 ) ৰ সঠিক ৰূপায়ণৰ বাবেও কাম কৰে ।
Foreign Exchange Regulation Act 1947 ৰ অধীনত Exchange Control Law Violation নিয়ন্ত্ৰণ কৰিবলৈ Department of Economic Affairs ৰ অধীনত এখন কমিটি তৈয়াৰ কৰা হৈছিল , যাৰ নাম আছিল Enforcement Unit. ১৯৫৭ চনত এই কমিটিখনক Enforcement Directorate হিচাপে নামাকৰণ কৰা হয় আৰু Department of Economic Affairs ৰ পৰা Ministry of Finance ৰ অধীনত থকা Department of Revenue লৈ সলনি কৰি অন্তৰ্ভুক্ত কৰা হয়।

দ্বিতীয় খণ্ড
পূৰ্বৰ এটা খণ্ডত ভাৰত চৰকাৰৰ কেতবোৰ অনুসন্ধানকাৰী সংস্থা সমূহৰ বিষয়ে কিছু কথা উল্লেখ কৰিছিলোঁ । এতিয়া আহোঁ পূৰ্বতে উল্লেখ কৰি অহা ভাৰতৰ Special Investigation Agency CBI, NIA, ED ত কিদৰে এজন সদস্য হিচাপে অন্তৰ্ভুক্ত হব পাৰি সেই সম্পৰ্কলৈ ।
এই সংস্থা সমূহত দুটা প্ৰক্ৰিয়াৰে অন্তৰ্ভুক্ত হব পাৰি ।
১) UPSC civil service examination ৰ যোগেদি
২) SSC CGL Examination ৰ যোগেদি
১) UPSC civil service examination ৰ যোগেদি :- এই সংস্থা সমূহত উচ্চ পদৰ বাবে বিষয়া সমূহ কেন্দ্ৰীয় লোক সেৱা আয়োগে অনুষ্ঠিত কৰা কেন্দ্ৰীয় অসামৰিক সেৱাৰ ( UPSC civil service examination ) জৰিয়তে নিযুক্তি দিয়া হয় । যি সকলে এই পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা ( IPS ) ৰ পদ লাভ কৰে তেনে কিছুমান লোকক পোনপটীয়াকৈ কৈ এই সংস্থা সমূহত উচ্চ পদত নিযুক্তি দিয়া হয় ।
২) SSC CGL Examination ৰ যোগেদি:- কৰ্মচাৰী নিৰ্বাচন আয়োগ অৰ্থাৎ Staff Selection Council এ অনুষ্ঠিত কৰা Combined Graduate Level ( CGL ) পৰীক্ষাৰ যোগেদি CBI, NIA, ED আদিত Sub Inspector হিচাপে নিযুক্তি পাব পাৰি । এই খিনিতে এটা কথা উল্লেখ কৰা উচিত হব যে CGL পৰীক্ষাৰ যোগেদি assistant section officer, assistant in ministry of external affairs, assistant in ministry of railway, assistant audit officer, inspector of income tex, inspector of central excise আদিৰ দৰে আন বহুকেইটা পদত নিযুক্তি পাব পাৰি । SSC CGL পৰীক্ষাত বহিবলৈ প্ৰাৰ্থীৰ ন্যূনতম শৈক্ষিক যোগ্যতা হৈছে Graduate । যিকোনো শাখাৰ পৰা স্নাতক হোৱা প্ৰাৰ্থীয়ে এই পৰীক্ষাত বহিব পাৰে, ইয়াৰ বাবে কোনো ধৰণৰ ন্যূনতম শতাংশ ( % ) নিৰ্ধাৰণ কৰা নাথাকে ।
◆ CBI :- Central Beure of Investigation ৰ অন্তর্গত শাখা সমূহত যেনে Crime Branch, Anti Corruption Branch আদিত Sub inspector হিচাপে নিযুক্তি লাভ কৰিব পাৰি। CBI ত অন্তৰ্ভুক্ত হবলৈ Physical fitness ৰ যথেষ্ট গুৰুত্ব আছে । ইয়াৰ বাবে প্ৰয়োজনীয় physical standard তলত উল্লেখ কৰা ধৰণৰ
Height for Male candidate 165 Cm
Chest- 75 Cm with expansion
Height for female candidate 160 Cm
Vision
Eye sight ( with or without glass )
Distance vision:- 6/6 in one and 6/9 other eye
Near vision:- 0.6 in one eye and 0.8 other eye
CBI ৰ প্ৰশিক্ষণ CBI Academy Gaziabad ত প্ৰায় ৩২ সপ্তাহ ধৰি হয় । প্ৰশিক্ষণৰ সময়ছোৱাত indian penal code, CRPC, Anti corruption act আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ উপৰিও শাৰীৰিক প্ৰশিক্ষণ, বন্দুক চলোৱা আদিৰো প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষণৰ সময়ছোৱাত Salary প্ৰদান কৰা হয় । CBI ৰ Posting ভাৰতৰ যিকোনো ঠাইতে হব পাৰে । উদাহৰণ হিচাপে ধৰাহ'ল কোনো এজন CBI inspector ৰ posting দিল্লীত । যদি CBI ৰ ওচৰলৈ তদন্তৰ বাবে গুৱাহাটীৰ পৰা এটা Case যায় তেনেক্ষেত্ৰত CBI ৰ উচ্চস্তৰৰ বিষয়াই যদি তদন্তৰ বাবে সেই Inspector জনক গুৱাহাটীলৈ পঠিয়াই তেনেহলে তেওঁৰ সাময়িক কৰ্মক্ষেত্ৰ হব গুৱাহাটী । এইদৰে দেশৰ যিকোনো ঠাই CBI ৰ কৰ্মক্ষেত্ৰ হব পাৰে । এজন CBI officer ৰ Local police ত কৈ power বেছি হয় । সাধাৰণতে CBI ৰ ব্যক্তি সকলে Uniform পৰিধান কৰাটো বাধ্যতামূলক নহয় অৱশ্যে যেতিয়া কোনো ন্যায়িক তদন্ত আৰক্ষী আৰু CBI দুয়োপক্ষই একলগ হৈ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় তেতিয়া CBI inspector ক পৰিধান কৰিবলৈ একোটা জেকেট দিয়া হয় আৰু জেকেটৰ পাছফালে CBI লিখা থাকে । CBI ৰ কামৰ কোনো ধৰা বন্ধা সময় নাথাকে এক অৰ্থত CBI ৰ বিষয়া সকলে 24×7 সষ্টম হৈ থাকিব লাগে । সেই বাবে CBI ৰ সকলো বিষয়া কৰ্মচাৰীক ১৩ মাহৰ দৰমহা দিয়া হয় ।
CBI ৰ Motto হৈছে :- Industry, Impartiality, Integrity.
● Promotion:-
1. Inspector - 6 years
2. Deputy Superintendent of Police ( DSP ) - 7 years
3. Additional Superintendent of Police ( ASP ) - 5 years
4. Superintendent of Police ( SP ) - 5 years
6. Deputy Inspector General ( DIG ) - 5 years
◆ NCB :- SSC CGL পৰীক্ষাৰ যোগেদি Narcotics Control Beure ত Inspector হিচাপে অন্তৰ্ভুক্ত হব পাৰি । NCB ৰ posting CBI ৰ দৰে দেশৰ যিকোনো ঠাইতে হব পাৰে । NCB ৰ মুখ্য কাৰ্যালয় মধ্যপ্ৰদেশৰ Gwalior চহৰত অৱস্থিত । NCB ৰ প্ৰধানকৈ দুটা শাখাত বিভক্ত Cultivation Division , Preventive and intelligence division. দেশৰ ১৭ স্থানত যেনে Kota, Bareilly, Mandsaur আদিত NCB ৰ Cultivation Division আছে । Preventive and intelligence division সমগ্ৰ দেশৰ ২২ টা স্থানত অৱস্থিত । যেনে - Mumbai, Chennai, Kolkata, Indore, Guwahati, Jaypur, Lucknow আদি..
● Physical standard :-
Height:- 152 Cm
Weight :- 48 Kg
Walking 1km in 20 minutes
Cycling 3 Km in 25 minutes
NCB ৰ Motto হৈছে - Intelligence - Enforcement - Coordination
● Promotion:-
1. Superintendent - 8 years
2. Assistant Narcotics Commissioner - 5 years
3. Deputy Narcotics Commissioner - 6 years
◆ ED :- SSC CGL পৰীক্ষাৰ যোগেদি Enforcement Directorate ত Assistant Enforcement Officer হিচাপে নিযুক্তি লাভ কৰিব পাৰি । ED ৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত । ED ৰ Posting ভাৰতৰ যিকোনো ঠাইতে হব পাৰে । ভাৰতত ED ৰ ৫ টা Regional Office, ১৬ টা Zonal Office আৰু ১১ টা Sub-Zonal Office আছে ।
● Promotion :-
1. Enforcement officer - 5 years
2. Assistant Director - 6 years
3. Deputy Director - 4 years
4 Joint Director - 5 years

তৃতীয় খণ্ড
এখন দেশৰ আন্তৰিক আৰু বৰ্হি দিশৰ সুৰক্ষাৰ ক্ষেত্ৰত Law Enforcement Agencies সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । এই Law Enforcement Agencies সমূহৰ কাম হৈছে জনসাধাৰণৰ সুৰক্ষা আৰু দেশৰ নিৰাপত্তাৰ হকে কাম কৰা । আমাৰ ভাৰতবৰ্ষটো এনেধৰণৰ ভালেমান Law Enforcement Agencies আছে , ইয়াৰে কিছুমান ৰাজ্য চৰকাৰৰ অন্তৰ্গত আৰু কিছুমান কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত । ভাৰতবৰ্ষৰ এনে কেইটামান সংস্থা হৈছে - CBI, RAW, National Investigation Agency, BSF, NSG আদি । এই সংস্থা সমূহৰে এটা অংশ হৈছে Special Investigation Agency. উদাহৰণস্বৰূপে CBI, NCB, ED, NIA, RAW ইত্যাদি
সাধাৰণতে Investigation ৰ  অৰ্থ হৈছে কোনো এটা ঘটনাৰ অন্তৰালত নিহিত হৈ থকা কাৰণ সমূহ পৰ্যায়ক্ৰমে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি পৰ্য্যালোচনা কৰি তাক উপস্থাপন কৰা। 
পূৰ্বৰ খণ্ড সমূহত ইতিমধ্যেই CBI, NCB, ED ৰ বিষয়ে উল্লেখ কৰা হৈছে । এইখণ্ডত ভাৰতৰ অপৰাধ অনুসন্ধানকাৰী সংস্থা সমূহৰ দুটা অতি গুৰুত্বপূৰ্ণ সংস্থা NIA ৰ বিষয়ে কিছু কথা উল্লেখ কৰিবলৈ লৈছোঁ...

 ◆ NIA :- NIA হৈছে ভাৰবৰ্ষৰ এটা অতি গুৰুত্বপূৰ্ণ অপৰাধ তদন্তকাৰী সংস্থা। ইয়াৰ সম্পূৰ্ণ নাম হৈছে 'National Investigation Agency'. এই সংস্থাটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অন্তৰ্গত।  ২০০৮ চনত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত সেই সময়ৰ চৰকাৰ খনক বহু লোকে সমালোচনাৰে থকা-সৰকা কৰিছিল । মুম্বাইৰ দৰে চহৰত কটকটিয়া নিৰাপত্তাৰ সত্বেও  আৰু ইমান কেইটা কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ Intelligence Agency থকাৰ পিছতো কি দৰে এনে এটা ঘটনা সংঘটিত হবলৈ পালে সেই সম্পৰ্কে সেইসময়ৰ চৰকাৰখনে বিবেচনা কৰি  সন্ত্ৰাসবাদৰ লগত মুকাবিলা কৰিবলৈ এটা বিশেষ অনুসন্ধানকাৰী সংস্থা গঠন কৰাৰ চিন্তা চৰ্চা কৰিছিল। সেই মৰ্মে কংগ্ৰেছ চৰকাৰে সংসদত NIA ৰ প্ৰস্তাৱ উত্থাপন কৰিছিল । ৩১ ডিচেম্বৰ ২০০৮ চনত সংবিধান সংশোধন কৰি সংসদত NIA Act-2008 গৃহীত কৰা হয়।  NIA Act- 2008 চনত গৃহীত হলেও NIA সম্পূৰ্ণৰূপে গঠন হৈছিল ২০০৯ চনত । NIA ৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত । বৰ্তমান NIA ৰ Director General গৰাকীৰ নাম হৈছে Y.C. Modi. দেশৰ ৮ টা স্থানত NIA ৰ শাখা কাৰ্য্যালয় ( Branch ) আছে । সেই কেইটা হৈছে ক্ৰমে- Hyderabad, Guwahati, Kochi, Lucknow, Mumbai, Kolkata, Raipur and Jammu.
NIA ৰ মুখ্য কাৰ্য হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্ত কৰা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে ৰণনীতি তৈয়াৰ কৰা । NIA মূলতঃ তলত উল্লেখ কৰা দিশৰ অপৰাধ সমূহৰ তদন্ত কৰে
১) ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ সুৰক্ষা, ৰাজ্যৰ আন্তৰিক সুৰক্ষা, বিদেশী ৰাষ্ট্ৰৰ লগত মৈত্ৰীপূৰ্ণ সম্পৰ্কত প্ৰভাৱ পেলাব পৰা অপৰাধ 
২) পৰমাণু আৰু পৰমাণু প্ৰতিষ্ঠানৰ বিৰুদ্ধ অপৰাধ
৩) জালনোট সম্পৰ্কীয় অপৰাধ
৪) মানৱ দেহ ব্যৱসায় ( Human Trafficking )
৫) অবৈধ অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ আৰু বিক্ৰী আৰু ব্যৱসায়ৰ লগত সম্পৰ্কিত অপৰাধ
৬) চাইবাৰ আতংকবাদ
৭) বিস্ফোৰক পদাৰ্থ অধিনিয়ম-১৯০৮ ( Explosive Substances Act- 1908 ) অনুসৰি  অপৰাধ
NIA ৰ ওচৰত দেশৰ আন আন কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু যিকোনো ৰাজ্যৰ আৰক্ষীত প্ৰশাসনতকৈ বেছি কাৰ্য্যশক্তি আছে । সমগ্ৰ ভাৰতবৰ্ষৰ NIA ৰ তদন্তৰ আওঁতালৈ আহে । NIA এ সমগ্ৰ ভাৰতৰ যিকোনো ৰাজ্যেতেই তদন্ত প্ৰক্ৰিয়া চলাব পাৰে , এই ক্ষেত্ৰত NIA ক সেই ৰাজ্যখনৰ অনুমতিৰো প্ৰয়োজন নহয় । NIA  গ্ৰেপ্তাৰী পাৰোৱানা নোহোৱাকৈয়ে কেৱলমাত্ৰ  সন্দেহৰ ভিত্তিতেই যিকোনো ব্যক্তিক  গ্ৰেপ্তাৰ কৰিব অথবা NIA ৰ জিম্মাত লব পাৰে অৱশ্যে এইদৰে কৰায়ত্ব কৰোঁতে কৰায়ত্ব কৰা ব্যক্তিজনক ২৪ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিব লাগিব অথবা আদালতত হাজিৰ কৰোৱাব লাগিব । এই দৰে গ্ৰেপ্তাৰী পাৰোৱানা অবিহনেই কেৱলমাত্ৰ সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ ভাৰতৰ অন্য কোনো তদন্তকাৰী সংস্থা ( CBI, NCB, ED )ৰ হাতত নাই, আনকি State Police ৰ হাতটো নাই ।  যদি কোনো ৰাজ্যত আতংকবাদৰ ঘটনা ঘটে তেন্তে তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰে NIA ক সেই ঘটনাৰ তদন্ত কৰিবলৈ অনুৰোধ কৰিব পাৰে অথবা কেন্দ্ৰীয় চৰকাৰে NIA ক সেই ঘটনাৰ তদন্ত কৰি সেইবিষয়ত 'চার্জশ্বিট' দাখিল কৰিবলৈ নিৰ্দেশ দিব পাৰে । CBI ৰ দৰে NIA ৰো নিজা বিশেষ আদালত আছে য'ত NIA ৰ Special Prosecutor এ Case Prosecute কৰে । দেশৰ বিভিন্ন স্থানত NIA ৰ প্ৰায় ৩৮ খন বিশেষ আদালত আছে ।   NIA গঠন হোৱাৰে পৰা ২০১৮ চনলৈকে প্ৰায় ১৮৫ টা গোচৰ ৰুজু হৈছে আৰু ইয়াৰে ১৬৫ টা গোচৰত NIA সফল হৈ অপৰাধীক শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে ।
NIA ৰ কেইটামান গুৰুত্বপূৰ্ণ সফলতা হৈছে- 
ইণ্ডিয়ান মুজাহিদীনৰ আবু হামজা ওৰফে আবু জিন্দালৰ গ্ৰেপ্তাৰী NIA ৰ এটা বিশেষ সফলতা । ২০১২ চনত NIA এ তথ্য লাভ কৰে যে ইণ্ডিয়ান মুজাহিদীনৰ দুধর্ষ সদস্য আবু হামজা ওৰফে আবু জিন্দাল চৌদি আৰবত আছে। NIA চৌদি আৰৱ Intelligence Agency আৰু Inter-pol ৰ সহায়ত ২০১২ চনত গ্ৰেপ্তাৰ কৰোৱাই । কিন্তু ইয়াৰ পাছত আবু জিন্দালক ভাৰতৰ ন্যায়িক জিম্মালৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সমস্যা হিচাপে থিয় দি উঠিছিল পাকিস্থানৰ ISI. ISI এ চৌদি আৰৱৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যে কোনোপধ্যেই আবু জিন্দালক ভাৰতৰ হাতত গতাব নালাগে । কিন্তু NIA আৰু IB এ হাৰ নামনি চৌদি আৰবৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল । অৱশেষত ৩১  জুনত আবু জিন্দালক NIA ৰ হাতত গতাই দিয়ে ।
NIA ৰ আন এটা সফলতা হৈছে  ২০১৩ চনৰ ২৯ আগষ্টত NIA ই বিহাৰ-নেপালৰ সীমাৰ পৰা ইণ্ডিয়ান মুজাহিদীনৰ দুজন দুধর্ষ সন্ত্ৰসবাদী ক্ৰমে য়াচিন ভাৎকাল  আৰু আছাদুল্লা আখটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । এই দুজন সন্ত্ৰসবাদীয়ে ভাৰতত বিভিন্ন স্থানত কূটাঘাট সংঘটিত কৰিছিল আৰু বহু বোৰ কূটাঘাতৰ মূল পৰিকল্পনাকাৰী আছিল । 
হিজবুল মুজাহিদীনৰ 'চীফ' চৈয়দ চালাহুদ্দিনক আমেৰিকাৰ দ্বাৰা ' Global Terrorist ' ৰ হিচাপে ঘোষণা কৰাৰ স্বীকৃতিও NIA লৈ যায় । NIA বৰ্ষজোৰা অনুসন্ধান আৰু তদন্ত কৰি   তাৰ 'ৰিপৰ্ট' প্ৰমাণ সহকাৰে আমেৰিকাৰ হাতত দাখিল কৰে । আমেৰিকাই সেই তদন্তৰ তথ্যৰ ভিত্তিত চৈয়দ চালাহুদ্দিনক ' Global Terrorist ' হিচাপে ঘোষণা কৰে । এই ঘটনাটোক ভাৰতৰ বাবে এটা ডাঙৰ '  Diplomatic Success ' হিচাপে অভিহিত কৰা হয় ।

UPAC civil service exam ত উত্তীৰ্ণ  হৈ ভাৰতীয় আৰক্ষী সেৱা (IPS ) ৰ বাবে যিসকল নিৰ্বাচিত হয় তাৰে কিছুসংখ্যকক NIA ত উচ্চপদত নিযুক্তি দিয়া হয় । ইয়াৰ উপৰিও NIA ৰ বাবে CRPF, BSF, ITBP আদিৰ দৰে প্ৰতিৰক্ষা সংস্থাত কৰ্মৰত ব্যক্তিকো NIA ৰ Director এ পোন পতিয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা থাকে ।
SSC CGL পৰীক্ষাৰ জৰিয়তে NIA ত Sub-Inspector হিচাপে নিযুক্তি লাভ কৰিব পাৰি।  NIA ত ভৰ্তি হ’বলৈ বয়সৰ সময় সীমা ২০ ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে ।
SSC CGL পৰীক্ষাৰ জৰিয়তে Sub Inspector হবলৈ হলে "ফিজিকেল ফিটনেছ" ৰ বিশেষ গুৰুত্ব আছে । তলত এই সম্পৰ্কে উল্লেখ কৰা হৈছে -
 
Height for Men - 170 Cm
             for women - 150
Chest - 70 cm with expansion
Vision
Eye sight ( with or without glass )
Distance vision:- 6/6 in one and 6/9 other eye
Near vision:- 0.6 in one eye and 0.8 other eye.

( আগলৈ)

Post a Comment

0 Comments