Aakhara Learning Point



★ অসমীয়া ভাষাটো ডিজিটেল ক্ষেত্ৰখনত আৰু বিভিন্ন 
চফ্টৱেৰত প্ৰয়োগ কৰিবপৰাকৈ আপুনি সমৃদ্ধনে? 

 ★ অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত আৰু কম্পিউটাৰৰ বিভিন্ন চফ্টৱেৰত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে আমাৰ নৱ-প্ৰজন্মৰ বহুতেই নাজানে। বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰে যদিও শিকোৱা ব্যক্তিৰ অভাৱ, সময়ৰ অভাৱ বা অৰ্থৰ বাবে সেইবোৰ সময়ত শিকাটো সম্ভৱ হৈ নুঠেগৈ।

বৰ্তমান সময়ত এই বিষয়বোৰৰ কিন্তু যথেষ্ট প্ৰয়োজনীয়তা আছে। শেহতীয়াভাৱে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহতো এই বিষয়বোৰ সংযোগ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত হায়াৰচেকেণ্ডাৰীৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ বাবে ডিটিপি আৰু সম্পাদনাৰ বিভিন্ন বিষয়বোৰ শিকাটো বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে তথ্য-প্ৰযুক্তিৰ ডিজিটেল যুগত আমি অনলাইন মাধ্যমেৰেই নিৰ্দিষ্ট কিছু বিষয় আগ্ৰহীসকলক শিকোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ উদ্দেশ্য অসমৰ ল’ৰা-ছোৱালীবোৰে যাতে তলত উল্লিখিত বিষয়সমূহত পাৰ্গত হৈ উঠে। তেওঁলোকেও যাতে ডিজিটেল মাধ্যমসমূহ বা চফ্টৱেৰসমূহ ব্যৱহাৰ কৰিবপৰাকৈ নিজকে সক্ষম কৰি তোলে ।

আমি কি শিকাম ? আমি বৰ্তমান দুটা ক’ৰ্চৰ আৰম্ভ কৰিছোঁ৷ তলত এই বিষয়ে উল্লেখ কৰা হ’ল-

ক’ৰ্চ-১
ক। অসমীয়া, ইংৰাজী  আৰু হিন্দীত ডিটিপি শিক্ষা।
খ। পেজমেকাৰ আৰু ৱৰ্ডত কৰিবপৰা সামগ্ৰিক কামবোৰ।
গ। ব্লগত কেনেকৈ লিখিব পাৰি।
ঘ। OCR, Converter, Unicode কেনেকৈ কৰিব পাৰি।

ক’ৰ্চ-২ 
ক। গ্ৰন্থ, আলোচনীৰ সম্পাদনা, শ্যেটিং, লে-আউট।
খ। থেচিচ, ডিচাৰটেশ্যন, প্ৰজেক্ট, চেমিনাৰ পেপাৰ ডিজাইন।

ক’ৰ্চ-১ৰ সবিশেষ

ক’ৰ্চ-১ৰ বাবে সময়সীমা তিনিমাহ৷ সপ্তাহত তিনিদিনকৈ ক্লাছ৷ ক্লাছৰ সময়সীমা ১ ঘণ্টা৷ শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সময় নিৰ্ণয় কৰা হ’ব৷ ক’ৰ্চ-১ৰ বাবে সৰ্বমুঠ ২৫০০ টকা জমা দিব লাগিব৷ শিক্ষাৰ্থীৰ বাবে ২০ শতাংশ ৰেহাই মূল্যত এই সুবিধা আগবঢ়োৱা হ’ব৷  

ক’ৰ্চ-২ৰ সবিশেষ

ক’ৰ্চ-২ৰ বাবে সময়সীমা দুমাহ৷ সপ্তাহত তিনিদিনকৈ ক্লাছ৷ ক্লাছৰ সময়সীমা ১ ঘণ্টা৷ শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সময় নিৰ্ণয় কৰা হ’ব৷ ক’ৰ্চ-২ৰ বাবে সৰ্বমুঠ ২৫০০ টকা জমা দিব লাগিব৷ শিক্ষাৰ্থীৰ বাবে ২০ শতাংশ ৰেহাই মূল্যত এই সুবিধা আগবঢ়োৱা হ’ব৷  


বিঃ দ্ৰঃ 
ক’ৰ্চ-১ আৰু ক’ৰ্চ-২ দুয়োটাতে অংশ লোৱাসকলৰ বাবে বিশেষ সুবিধা আগবঢ়োৱা হৈছে৷ তেওঁলোকে ৩৫০০ টকাৰ বিনিময়ত দুয়োটা বিষয় শিকিব পাৰিব৷ তেওঁলোকৰ বাবে সময়সীমা পাঁচমাহ৷ শিক্ষাৰ্থীৰ বাবে ২০ শতাংশ ৰেহাই মূল্যত এই সুবিধা আগবঢ়োৱা হ’ব৷  


কেইটামান কথা জানি থোৱা ভাল
- দুয়োটা ক’ৰ্চ শিকিবৰ বাবে শিক্ষাৰ্থীসকলে প্ৰয়োজনীয় চফ্‌টৱেৰ আৰু অসমীয়া কিবৰ্ড, ফণ্ট ইচ্চা কৰিলে নিজেও সংগ্ৰহ কৰিব পাৰে, নহ’লে আমাৰ সৈতে যোগাযোগ কৰি আমাৰপৰা সংগ্ৰহ কৰি ল’ব পাৰে৷
- উল্লিখিত বিষয়বোৰ শিকাবৰ বাবে প্ৰয়োজন সাপেক্ষে অতিথি শিক্ষকৰ ব্যৱস্থা কৰা হ’ব৷
- এই শিক্ষা কেৱল প্ৰয়োজনীয়সকলৰ বাবেহে৷ ডিগ্ৰী বা মানপত্ৰ প্ৰদান কৰাটো এই ক’ৰ্চৰ উদ্দেশ্য নহয়৷

অনলাইন মাধ্যমত এইদৰে নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম শিকোৱাৰ বিভিন্ন প্ৰতিষ্ঠান ভাৰতবৰ্ষত হৈ উঠিছে। আমি অসমতো এই কামটো সম্পৰীক্ষা হিচাপে কৰিব বিচাৰিছোঁ।  আপোনালোকে জানি ভাল পাব- উপযুক্ত আৰু পাৰ্গত ব্যক্তিৰ দ্বাৰাহে আমি নিৰ্দিষ্ট বিষয়বোৰ শিক্ষাৰ্থীসকলক শিকোৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথমটো বেষ্টৰ বাবে কিছু সংখ্যক শিক্ষাৰ্থীয়ে আবেদন কৰিছে। আমি প্ৰথমটো বেষ্টক ফেব্ৰুৱাৰী, ২০২২ৰ ১৫ তাৰিখৰ পৰা এই বিষয়ৰ ক্লাছ কৰিবলৈ আৰম্ভ কৰিম।

 আগ্ৰহীসকলে সবিশেষ জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰিব ।

Aakhara Learning Point
Bhaskar Bhuyan
Research Scholar
Gauhati University
Jalukbari, Ghy
 ph-8751943387
Mail- bhaskarbhuyan2015@gmail.com


In Inglish
Many of our younger generation do not know how to use the Assamese language in digital media and in various computer software. Many students express interest in learning but it is not possible to learn at that time due to lack of teachers, time or funds.
However, these issues are much needed at present. Recently, these subjects have also been incorporated into undergraduate and postgraduate courses. In this context, it is especially necessary for students from higher secondary to graduate, postgraduate and research involved to learn various topics of DTP and editing. Therefore, in the digital age of information technology, we have arranged to teach certain subjects to interested people online. Our aim is to ensure that the children of Assam become proficient in the following subjects. They should also enable themselves to use digital media or software.

What are we going to teach? We are currently starting two courses The following is a summary of this:

Course-1
a. DTP education in Assamese, English and Hindi.
b. Overall tasks that can be done in PageMaker and Word.
c. How to write on a blog.
d. How to do OCR, Converter, Unicode.

Course-2
a. Books, magazine editing, shading, layout.
b. Thesis, dissertation, project, seminar paper design.

There are a few things you should know
- Students can collect the software and Assamese keyboards and fonts required to learn both the courses themselves if they wish, or they can contact us and collect them from us.
- Guest teachers will be arranged as required to teach the above subjects.
- This education is only for those who need it. It is not the purpose of this course to award degrees or certificates.

There are various institutions in India to teach subject-specific courses online. We want to do this as an experiment in Assam as well. You will be pleased to know that we have arranged for specific subjects to be taught to the students only by qualified and qualified persons. Some students have already applied for our first best. We will start classes on this subject from the 15th of February, 2022 for the first time.

 Interested candidates can contact the following address for details.

Aakhara Learning Point
Bhaskar Bhuyan
Research Scholar
Gauhati University
Jalukbari, Ghy
 ph-8751943387
Mail- bhaskarbhuyan2015@gmail.com

Post a Comment

0 Comments