শান্তনু তামুলীৰ সৈতে সাক্ষাৎকাৰ

* প্ৰথমেই ‘মুক্ত চিন্তা’ আলোচনীৰপৰা আপোনাক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ৷ ইতিমধ্যেই অসমীয়া সমাজ-সাহিত্য জগতলৈ আপুনি নিজস্ব সৃষ্টিৰাজিৰে বহুমূলীয়া অৱদান আগবঢ়াইছে৷ বিশেষকৈ শিশু-সাহিত্য, কল্পবিজ্ঞান সাহিত্য, বিজ্ঞান সাহিত্য আদি দিশবোৰত আপুনি অসমীয়া সাহিত্যত নেতৃত্ব ল’ব পৰাকৈয়ে সমৃদ্ধ এজন সাহিত্যিক৷ ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ আলোচনীৰ জৰিয়তে অসমৰ শিশু আলোচনী ধাৰাটোকো আপুনি দীৰ্ঘদিন সমৃদ্ধ কৰি আহিছে৷ আপোনাৰ সাহিত্যিক অৱদান তথা সম্পাদনা কাৰ্যক লৈ আমি নতুন প্ৰজন্মটো গৌৰৱান্বিত৷

আমি এই সাক্ষাৎকাৰত মূলতঃ অন্ধবিশ্বাস আৰু অসমত বিজ্ঞান মানসিকতাৰ বিকাশ, প্ৰচাৰ আৰু ইয়াৰ সাম্প্ৰতিক পৰিৱেশ আদিৰ বিষয়ে কিছু বাস্তৱিক কথা পতাৰ লগতে আপোনাৰদ্বাৰা সৃষ্ট সাহিত্যৰাজিৰ বিষয়ে কিছু কথা পাতিম৷ আপোনাক জনাই থওঁ– এই সাক্ষাৎকাৰটো মূলতঃ ডিজিটেল মাধ্যমত প্ৰকাশ কৰিবৰ বাবে আৰু পাঠক হিচাপে নৱ-প্ৰজন্মক উদ্দেশ্য কৰি লোৱা হৈছে৷

প্ৰশ্নঃ আপুনি কি কাৰণ বা প্ৰসংগৰ বাবে ছদ্মনামত সাহিত্যচৰ্চা কৰিবলগীয়া হ’ল? ছদ্মনাম ব্যৱহাৰ কৰাৰ কাৰণ সম্পৰ্কে কিছু কথা কওকচোন‌।

উত্তৰঃ ছদ্মনাম ব্যৱহাৰ কৰাৰ মুখ্য কাৰণ হ’ল প্ৰকৃত নাম প্ৰকাশ নকৰা অথবা সাহিত্যৰ প্ৰকাশৰ ক্ষেত্ৰত কিছুমান বিষয়ত একেজন লেখকে অন্য এটা নাম বা একাধিক নামত প্ৰকাশ কৰা৷ ছদ্মনাম লোৱাৰ প্ৰথম অৱস্থাত এটাই কাৰণ আছিল যে ময়েই যে লিখিছোঁ সেই কথা যেন আনে গম নাপাওক৷ ছাত্ৰ অৱস্থাত অৰ্থাৎ হাইস্কুলৰ নৱম-দশম শ্ৰেণীত পঢ়ি থাকোতে মই বিজ্ঞান কাহিনী অৰ্থাৎ কল্পবিজ্ঞানৰ ভক্ত হৈ পৰিছিলোঁ৷ সেই সময়ত অসমীয়া ভাষাত কল্পবিজ্ঞান চৰ্চা কৰা লেখক নাছিল৷ যোৱা শতিকাৰ ষাঠিৰ দশকত সৌৰভ কুমাৰ চলিহা আৰু ভবেন্দ্ৰনাথ শইকীয়াই কল্পবিজ্ঞান ধাৰাৰ গল্প ৰচনা কৰিছিল যদিও তেখেতসকলে ‘কল্পবিজ্ঞান’ শব্দটো ব্যৱহাৰ কৰা নাছিল৷ দশম শ্ৰেণীত কেইটামান বিজ্ঞান কাহিনী লিখিছিলোঁ আৰু ‘অসমবাণী’, ‘বিজ্ঞান জেউতি’ আদিত প্ৰকাশ পাইছিল৷ স্কুলীয়া ছাত্ৰ এজনে তেনে গল্প লিখিছে বুলি যাতে আনে নাজানক সেই কথা ভাবি ছদ্মনাম লৈছিলোঁ৷ মই মোৰ আত্ম-পৰিচয় গোপন কৰাৰ সেই অপচেষ্টা সৰহদিন নিটিকিল৷ পাছলৈ এনে হ’ল যে ছদ্মনামেই মোৰ আচল পৰিচয় হ’লগৈ আৰু মোৰ প্ৰকৃত নামটো কেৱল চাকৰিৰ ক্ষেত্ৰতহে বৰ্তি থাকিল৷ সম্পাদনাৰ ক্ষেত্ৰত বিশেষকৈ ‘বিস্ময়’, ‘ত্ৰিশূল’, ‘ভূমিকা’ আদি আলোচনীৰ বাবে প্ৰয়োজনত বিভিন্ন ছদ্মনামত বিভিন্ন বিষয়ৰ লেখা প্ৰকাশ হৈছিল৷ পাছলৈ সেই ছদ্মনামসমূহৰ ব্যৱহাৰ কমি আহিল৷


প্ৰশ্নঃ আপুনি দীৰ্ঘদিন ধৰি ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ আলোচনী দুখন সম্পাদনা কৰি আহিছে৷ এই অভিজ্ঞতাৰ আধাৰত অসমীয়া শিশু আলোচনীৰ ধাৰাটোক লৈ আপোনাৰ মতামত আৰু দৃষ্টিভংগী কেনেধৰণৰ?

উত্তৰঃ ১৯৮৪ চনত ‘মৌচাক’ আৰু ১৯৮৮ চনত ‘নতুন আৱিষ্কাৰ’ৰ প্ৰকাশ আৰম্ভ হৈছিল৷ ‘মৌচাক’ সাহিত্য সম্পৰ্কীয় আলোচনী আৰু ‘নতুন আৱিষ্কাৰ’ হ’ল শিশুৰ উপযোগী জনপ্ৰিয় বিজ্ঞানৰ আলোচনী৷ সাধাৰণতে অসমীয়া শিশু আলোচনীৰ পঢ়ুৱৈ হ’ল শিশুসকল৷ ১৬ বছৰ বয়সলৈকে তেওঁলোকক শিশু বুলি ধৰা হয় আৰু এই শিশুসকলৰ গ্ৰহণযোগ্যতাৰ প্ৰতি বিশেষ মনোযোগ দি তেওঁলোকৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবে সাহিত্যৰ বিভিন্ন ধাৰাৰ লেখা সামৰি শিশু আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰা হয়৷ শিশু আলোচনী সেয়েহে শিশু-সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ থলী৷ শিশু আৰু বয়স্কসকলৰ মাজত শিশু আলোচনীয়ে জ্ঞান আৰু সাহিত্যৰ একোডাল সাঁকো হিচাপে কাম কৰে৷ এই দায়িত্ব সুচাৰুৰূপে আলোচনীৰ সম্পাদকসকলে পালন কৰে৷ শিশু আলোচনীৰ প্ৰকাশৰ ক্ষেত্ৰত সম্পাদকৰ শিশু-সাহিত্য সম্পৰ্কীয় তাত্ত্বিক দিশসমূহৰ গভীৰ অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ প্ৰয়োজন৷ শিশুৰ মনস্তত্ত্ব আৰু সামাজিক পৰিৱেশৰ সৈতে খাপ খোৱা শিশু-সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত শিশু আলোচনীয়ে ভূমিকা গ্ৰহণ কৰিব পাৰে৷ সামগ্ৰিকভাৱে এনে দিশসমূহৰ প্ৰতি আমাৰ সৰহ সংখ্যক শিশু আলোচনীৰ দৃষ্টিভংগী অস্পষ্ট৷


প্ৰশ্নঃ ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ আলোচনী দুখনৰ লগত জড়িত হৈ থকাৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ আধাৰতে আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ৷ অসমৰ শিশুসকলে সৃষ্টি কৰা সাহিত্যৰাজি আৰু তেওঁলোকক উদ্দেশ্যি ৰচনা কৰা সাহিত্যৰাজিসমূহক লৈ আপুনি সুখীনে? কিবা পৰামৰ্শ? অনুভৱ?

উত্তৰঃ এসময়ত ‘মৌচাক’ৰ পৃষ্ঠা শুৱনি কৰা সুন্দৰ সুন্দৰ লেখনিৰ স্ৰষ্টা শিশু লেখকসকলৰ মাজৰ বহুকেইগৰাকী বৰ্তমান অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠিত লেখক৷ তেওঁলোকে একেধাৰে শিশুসকলৰ বাবে লেখা-মেলা কৰাৰ উপৰি মূল সুঁতিৰ অসমীয়া সাহিত্যলৈকো বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে৷ কেৱল সেয়ে নহয়, তেওঁলোকৰ মাজৰ পৰা সমাজৰ অন্যান্য ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতা দেখুৱাই আহিছে৷ ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ৰ পাতত প্ৰকাশ পোৱা উচ্ছমানৰ গল্প, উপন্যাস আদি পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে৷ দুই-একে সাহিত্য অকাদেমি আৰু জনপ্ৰিয় বিজ্ঞান লেখনিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটাও অৰ্জন কৰিছে৷ এওঁলোকে শৈশৱতে এসময়ত শিশু আলোচনীৰ পাতত সাহিত্যচৰ্চা আৰম্ভ কৰিছিল৷ একপ্ৰকাৰ এনে সাফল্যৰ বাবে মই অত্যন্ত সুখী৷ কাৰণ আলোচনীৰ পাততেই তেওঁলোকে সাহিত্যচৰ্চা আৰম্ভ কৰাৰ এখন সাৰুৱা পথাৰ লাভ কৰিছিল৷ এনে সাফল্যৰ লগতে মোৰ মনলৈ ঘনাই অহা এটা বিষয় হ’ল– শিশু-সাহিত্যৰ বিভিন্ন ধাৰা সম্পৰ্কে শিশুসকলৰ লগতে ডাঙৰসকলকো পৰিচয় কৰিব পৰাকৈ শিশু-সাহিত্যৰ আলোচনা, পৰ্য্যালোচনা আৰু নিৰ্মাণশৈলী সম্বন্ধীয় শিক্ষণৰ ব্যৱস্থা শিশু আলোচনী আৰু শিশু অনুষ্ঠানে গ্ৰহণ কৰিব পাৰে৷ এনে ব্যৱস্থাই শিশু লেখকসকলৰ লগতে বয়স্ক লেখকসকলকো ৰুচিপূৰ্ণ আৰু উন্নতমানৰ শিশু-সাহিত্য সৃষ্টিৰ বাবে অনুপ্ৰাণিত কৰিব৷


প্ৰশ্নঃ বিশ্বৰ ভাল ভাল শিশু-সাহিত্যবোৰ অসমীয়া ভাষালৈ যি ৰূপত অনুবাদ হ’ব লাগিছিল, আজি পৰ্য্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই৷ ইয়াৰ অন্তৰালৰ কাৰণবোৰ কি বুলি ভাবে? এইক্ষেত্ৰত ‘নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া’ৰ দৰেই অসমৰ ৰাজ্য চৰকাৰৰ ‘অসম প্ৰকাশন পৰিষদ’ৰ দায়িত্ব আৰু ভূমিকা কেনে হোৱাটো বিচাৰে? অসম সাহিত্য সভায়ো বিষয়টোত কেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি আপুনি অনুভৱ কৰে?

উত্তৰঃ বিশ্ববিশ্ৰুত শিশু-সাহিত্যৰাজিৰ কিছু গ্ৰন্থ অসমীয়ালৈ অনুবাদ হৈছে; কিন্তু সেয়া তেনেই নগণ্য৷ সেইদৰে ভাৰতৰ প্ৰান্তীয় ভাষাসমূহতো উৎকৃষ্ট মানৰ শিশু-সাহিত্য সৃষ্টি হৈছে৷ তেনে গ্ৰন্থসমূহ অসমীয়ালৈ যিদৰে অনুবাদ হ’ব লাগিছিল সেইদৰে হোৱা নাই৷ নেশ্যনেল বুক ট্ৰাষ্টে সময়ে সময়ে অন্য ভাষাৰ শিশু গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ কাম কৰি আহিছে৷ সেইদৰে যি পৰিসৰত প্ৰকাশন পৰিষদ, অসম, অসম শিশু-সাহিত্য ন্যাস আৰু অসম সাহিত্য সভাই শিশু-সাহিত্যৰ অনুবাদ কৰিব লাগিছিল সেয়া নি(য় আশানুৰূপ হোৱা নাই৷ পূৰ্বতে ব্যক্তিগত কেইটামান প্ৰকাশন প্ৰতিষ্ঠানে বিদেশী শিশু-সাহিত্য অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল৷ বৰ্তমান শৰাইঘাট প্ৰকাশনে ভালেসংখ্যক বিদেশী গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰোৱাই প্ৰকাশ কৰিছে৷ তাৰে কিছু গ্ৰন্থ শিশুৰ পঠন উপযোগী৷ ‘মৌচাক প্ৰকাশন’-এ কেইবাখনো বিখ্যাত সাহিত্যৰ শিশু উপযোগীকৈ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে৷ ভাল অনূদিত শিশু-সাহিত্যৰ প্ৰতি শিশুসকলৰ আদৰ আছে৷ অন্য ভাষাৰ শিশু-সাহিত্যৰ অসমীয়া অনুবাদ জাতীয় স্বাৰ্থ আৰু ভাষা-সাহিত্যৰ পৰিপূৰকৰূপে গ্ৰহণ কৰিব পাৰিলেহে শিশু-সাহিত্যৰ উত্তৰণত গুৰুত্ব আৰোপ কৰা হ’ব৷


প্ৰশ্নঃ শিশুসকলক সৰুৰেপৰা বিজ্ঞান মানসিকতাৰ অধিকাৰী হিচাপে গঢ়ি তোলাটো প্ৰয়োজনীয়৷ এজন শিশু সাহিত্যিক হিচাপে আৰু এজন শিশু আলোচনীৰ সম্পাদক হিচাপে এই বিষয়টোত আপোনাৰ স্থিতি আৰু আদৰ্শ সম্পৰ্কে কিছু কথা কওক৷

উত্তৰঃ কেৱল শিশুৱে নহয় আমি সকলোৱেই বিজ্ঞান মানসিকতাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা প্ৰয়োজন৷ আমাৰ মানসিকতাত আমাৰ চৌপাশৰ আচৰণ আৰু পৰিৱেশে প্ৰভাৱ পেলায়৷ বহুক্ষেত্ৰত আমি আমাৰ অজ্ঞাতে বহু কাম কৰোঁ বা মানি চলোঁ৷ আমি ডাঙৰসকলেও তেনে কামবোৰ যুক্তিৰে চালি-জাৰি নাচাওঁ৷ আনহাতে শিশুসকলেও ডাঙৰক অনুকৰণ আৰু অনুসৰণ কৰি এনে বহু অপ্ৰয়োজনীয় কাম কৰে৷ ফলত ডাঙৰ হৈ ই স্বভাৱত পৰিণত হয়৷ অৰ্থাৎ আমিও মানি চলা বহু কাম আৰু কথা যুক্তিৰে চালি-জাৰি নাচাওঁ৷ বিজ্ঞানৰ জ্ঞান আহৰণ নকৰিলেও আমি যুক্তিৰে উচিত-অনুচিত, সত্য-অসত্য, প্ৰয়োজন-অপ্ৰয়োজনীয় বহু মানি অহা কাম আৰু ৰীতি-নীতি পৰিহাৰ কৰিব পাৰোঁ৷ যুক্তিনিষ্ঠ বিচাৰ-বুদ্ধিয়েই আমাৰ বিজ্ঞান মানসিকতা গঢ়ি তোলে৷ বিজ্ঞানৰ সূত্ৰ আৰু তত্ত্ব উত্থাপন নকৰাকে শিশুসকলক যুক্তি আৰু চিন্তাৰে আমি কৰা কাম আৰু চৌপাশৰ ঘটনাসমূহ ভাবি চাবলৈ শিকাব পাৰোঁ৷ প্ৰয়োজন হ’লেহে বিজ্ঞানে কিনো কয় সেই বিষয়ে শিশুসকলক আমি সহজ-সৰল আৰু উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰিব লাগে৷ বিশেষকৈ যিবিলাক ঘটনা-পৰিঘটনাৰ আঁৰত বিজ্ঞানৰ তত্ত্ব নিহিত হৈ থাকে৷ বিজ্ঞানৰ কথাবিলাক সাহিত্যৰ ৰসেৰে জীপাল কৰি শিশুক মানসিক খাদ্যৰ ৰূপত দিব পৰাতহে নিহিত হৈ থাকে সম্পাদনাৰ দক্ষতা৷


প্ৰশ্নঃ অন্ধবিশ্বাস দূৰীকৰণ, বিজ্ঞান মানসিকতাৰ অধিকাৰী হিচাপে শিশুসকলক গঢ়ি তুলিবলৈ এজন সম্পাদক আৰু সাহিত্যিক হিচাপে আপুনি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ শিশুক উদ্দেশ্যি লেখা লেখকসকলৰ পৰা আপুনি এই বিষয়ত কি আশা কৰে?

উত্তৰঃ বিশ্বাসৰ বশৱৰ্তী হৈ আমি নভবা-নিচিন্তাকৈ কৰা কিছুমান কামেই হ’ল অন্ধবিশ্বাস৷ অৰ্থাৎ চকু মুদি যিকোনো কথাকে মানি চলা৷ এনে কাম কিছুমান মানি চলাৰ ফলত যুগ যুগ ধৰি আমি সত্য আৰু শুদ্ধ পথৰ পৰা বিচলিত হৈ আহিছোঁ৷ কিছুমান কাম চকু মুদি আমি পালন কৰোঁ৷ তাৰে কিছুমান কামে আনৰ বা নিজৰ হিত সাধন নকৰিব পাৰে; কিছুমান কামে আমাৰ বা আনৰ অনিষ্ট কৰিব পাৰে৷ অন্ধবিশ্বাসে আমাক মানসিকভাৱে দুৰ্বল কৰে আৰু অদৃশ্য শক্তিৰ ওচৰত আমি হেও মানো৷ ফলত দৈনন্দিন জীৱনৰ উন্নতিৰ পথৰ পৰা বিচলিত হওঁ, কায়িক বা মানসিকভাৱে আমি নিজকে দুৰ্বল অনুভৱ কৰোঁ৷ এজন অনুভৱী লেখক বা সমাজৰ শুভচিন্তক ব্যক্তি হিচাপে এগৰাকী সম্পাদকে সমাজত যুগ যুগ ধৰি চলি অহা এনে দুৰ্বল আৰু অবিবেচক ৰীতি-নীতি, কৰ্ম সংস্কৃতি (দুষ্কৃতি) দূৰীকৰণৰ বাবে হাতত কলম তুলি ল’ব পাৰে৷ শিশুসকলক সকলো কথা যুক্তিনিষ্ঠভাৱে চাবলৈ শিকাব পাৰিলেহে আমি ভৱিষ্যতে এখন নিকা সমাজ আশা কৰিব পাৰোঁ৷ এইক্ষেত্ৰত শিশু আলোচনী আৰু শিশু গ্ৰন্থই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে৷


প্ৰশ্নঃ আমাৰ গাঁওবোৰত থকা মইনা পাৰিজাত বা প্ৰাথমিকৰ পৰা উচ্ছ মাধ্যমিক বিদ্যালয়বোৰত শিক্ষাৰ্থীসকলক যুক্তিবাদী আৰু বিজ্ঞান চিন্তাৰ অধিকাৰী হিচাপে গঢ়ি তুলিবলৈ কেনেধৰণৰ কাৰ্য্যপন্থা ল’ব পাৰি, প্ৰস্তাৱনামূলকভাৱে হ’লেও কিছু কথা কওক৷

উত্তৰঃ প্ৰথমে শিকাওঁতাসকল নিজে মানসিকভাৱে প্ৰস্তুত আৰু সক্ষম হ’ব লাগিব৷ নিজে তাবিজ পৰিধান কৰি বিশেষকৈ শিশুসকলক বিজ্ঞান মানসিকতাৰ পাঠদান দিবলৈ যোৱাটো ধৃষ্টতা মাথোন৷ যিবিলাক কাম কিয় বিজ্ঞানসন্মত নহয়, যিবিলাক কাম বা নিয়ম চকু মুদি বা প্ৰশ্ন নকৰি অনুসৰণ বা অনুকৰণ কৰাটো অনুচিত সেই বিষয়ে উদাহৰণসহ বুজাব পাৰিলে গাঁও অঞ্চলৰ ল’ৰা-ছোৱালী বা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতা লাহে লাহে বিজ্ঞানমুখী কৰিব পৰা যাব৷ কেতিয়াবা কিছুমান ঘটনা-পৰিঘটনা বিজ্ঞানাগাৰত পৰীক্ষা কৰি দেখুৱাবলগীয়া হ’ব পাৰে৷ কিছুমান ঘটনা যুক্তি আৰু উদাহৰণেৰে সত্যাসত্য নিৰূপণ কৰিব পৰা যায়৷ সেই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিব পাৰি৷ প্ৰকৃতিৰ কিছুমান কথা চকুৰে চাব জনা, পৰিৱেশৰ সৈতে চিনাকি হোৱা, কিদৰে গছ-লতা, কীট-পতংগ, চৰাই-চিৰিকটি, জীৱ-জন্তু আদি প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে নিৰ্ভৰশীল হৈ বৰ্তি থাকে তেনে কথাবিলাক ছাত্ৰ-ছাত্ৰীক পৰিৱেশলৈ নি দেখুৱাই শিকাব পাৰে৷ তেনেদৰে ৰাতিৰ আকাশখনৰ গ্ৰহ, তৰা, নক্ষত্ৰ আদিৰ সৈতে চিনাকি কৰোৱাব পাৰে৷ যি দৃশ্য বা কথা বিশ্লেষণ কৰিব পৰাকৈ যেতিয়া জ্ঞানৰ অভাৱ ঘটে, তেতিয়া আমি তেনে বিষয়বোৰক অলৌকিক আখ্যা দিওঁ৷ অলৌকিক বুলি কোনো ঘটনা বা পৰিঘটনা ঘটিব নোৱাৰে৷ সকলো প্ৰাকৃতিক নিয়ম অনুসৰিয়েই সংঘটিত হয়৷ আমি তেনে ঘটনাৰ আঁৰত থকা বিজ্ঞানৰ কাৰকসমূহ সহজ ভাষাত বুজাব পাৰিলে অলৌকিকতা, অন্ধবিশ্বাস আদি দূৰ কৰি জনসাধাৰণক বিশেষকৈ শিশুসকলক বিজ্ঞান মানসিকতা অধিকাৰী কৰি গঢ়ি তুলিব পাৰিম৷ এনে কামত বিজ্ঞানৰ লেখক আৰু বিজ্ঞান আলোচনীৰ সৈতে জড়িত সম্পাদকসকলে বিশেষভাৱে বৰঙণি যোগাব পাৰে৷


প্ৰশ্নঃ শেহতীয়াকৈ নৱ্য মাধ্যমসমূহৰ সৈতে শিশুসকল অধিক জড়িত হৈ পৰিছে৷ মোবাইল ফোন আৰু লেপটপ আদিৰ সৈতেও ঘনিষ্ঠতা বাঢ়িছে৷ এই বিষয়টোৱে শিশুৰ জীৱনত কেনেদৰে ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে? কিবা পৰামৰ্শ?

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিয়ে বৰ্তমান পৃথিৱীখনক অতি দ্ৰুতগতিত সলনি কৰিছে৷ তাৰ ভিতৰত দূৰদৰ্শন, কম্পিউটাৰ, ইণ্টাৰনেট, স্মাৰ্টফোন আদিৰ প্ৰভাৱ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ ওপৰত পৰিছে৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে ঘৰৰপৰাই মানুহে অনলাইন চাকৰি কৰিবলগীয়া পৰিৱেশ হৈছে, ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰপৰাই অনলাইন শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে, অনলাইন বাণিজ্য সেৱাৰ সুবিধাৰ ফলত ঘৰতে প্ৰয়োজনীয় সা-সামগ্ৰী সংগ্ৰহ কৰিব পৰা হৈছে৷ মুঠতে ডিজিটেল প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ সূচনা কৰিছে৷ শিশুসকল পৰিয়ালৰ অংগ৷ তেওঁলোকো নৱ্য মাধ্যমসমূহৰ দ্বাৰা প্ৰভাৱিত হৈছে৷ অনলাইন ক্লাছৰ বাবে সকলো স্তৰৰ আৰু সবল-দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ শিশুসকল সমানে প্ৰভাৱিত হৈছে৷ সকলো নতুন ব্যৱস্থা আৰু প্ৰযুক্তিৰ ভাল-বেয়া দুয়োটা দিশ থকাৰ দৰে ডিজিটেল মাধ্যমৰো ইতিবাচক আৰু নেতিবাচক দিশ আছে৷ সময়ৰ তাগিদাত ন ন প্ৰযুক্তিৰ উদ্ভৱ আৰু ব্যৱহাৰ হৈ থাকিব৷ ই পৰিৱৰ্তনশীল৷ ইতিবাচক দিশসমূহে প্ৰগতিৰ পথ বাছি লয়৷ শিশুসকলেও ইতিবাচক প্ৰভাৱৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব আৰু ভৱিষ্যতে নিজ নিজ ক্ষেত্ৰত দক্ষতা আহৰণ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলক এই দিশত সঠিকভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান আৰু সমাজে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন হ’ব৷


প্ৰশ্নঃ ধৰ্ম বিষয়টোক লৈ আপোনাৰ স্থিতি কেনেধৰণৰ? আপুনি ঈশ্বৰ বিশ্বাস কৰেনে? আপোনাৰ মতামতৰ সপক্ষে কিছু যুক্তি আগবঢ়াওক৷

উত্তৰঃ ধৰ্ম মানৱসৃষ্ট পন্থা– মূলতঃ সত্য অন্বেষণৰ পথ৷ মানৱ সভ্যতা গঢ় দিয়া আৰু মানৱ জাতিক আগুৱাই নিয়াত একতাৰ ডোল ৰূপে যেতিয়ালৈকে ব্যৱহাৰ হ’ব তেতিয়ালৈকে ধৰ্ম সকলোৰে আস্থা আৰু বিশ্বাসভাজন হৈ ৰ’ব৷ ঈশ্বৰ ‘বিশ্বাস’ কৰা এই চিৰাচৰিত প্ৰশ্নৰ উত্তৰ ‘বিশ্বাস’ শব্দটোৰ মাজতেই নিহিত হৈ আছে৷ ‘বিশ্বাস’ কেতিয়া কৰা হয়? যেতিয়া ধৰি লোৱা হয় ‘আছে’; অৰ্থাৎ ঈশ্বৰ আছে– এই কথাষাৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল৷ বিশ্বাস-অবিশ্বাস কৰিবপৰাকৈ মোৰ অন্য যুক্তি আৰু জ্ঞানৰ অভাৱ৷


প্ৰশ্নঃ সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ হওক চাৰি শেহতীয়াকৈ ৰাজনৈতিকভাৱে ধৰ্মীয় পৰম্পৰা আৰু অন্ধবিশ্বাসৰ কাৰ্য্যকলাপ বাঢ়ি আহিছে৷ এই বিষয়ত আপোনাৰ মন্তব্য?

উত্তৰঃ ধৰ্মীয় পৰম্পৰাক আজি কিছুদিনৰপৰা জাকজমক আৰু বিস্তৃতভাৱে উদযাপন কৰা দেখা গৈছে৷ এনে কাৰ্য্যকলাপ উদযাপিত কৰিবলৈ যাওঁতে সংস্কাৰৰ বিপৰীতমুখী কাম-কাজ কৰা সততে পৰিলক্ষিত হৈছে৷ ধৰ্মীয় পৰম্পৰাৰ ৰীতি-নীতি আৰু অন্ধবিশ্বাসৰ প্ৰাসংগিকতা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে জনসাধাৰণে চিন্তা নকৰাকৈ পালন কৰি থাকিব৷


প্ৰশ্নঃ আপুনি বহুকেইখন কল্পবিজ্ঞান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে সম্পাদনাও কৰিছে৷ অসমীয়া সমাজ আৰু সাহিত্যত কল্পবিজ্ঞান সাহিত্যৰ প্ৰয়োজনীয়তা আৰু অসমত এই ধাৰাটোৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ অনুভৱ কেনেধৰণৰ?

উত্তৰঃ কল্পবিজ্ঞান সাহিত্যৰ বিশেষভাৱে চৰ্চিত হ’বলৈ লৈছে৷ অসমীয়া ভাষাতো মৌলিক কল্পবিজ্ঞান গল্প, উপন্যাস প্ৰকাশ পাইছে আৰু পঢ়ুৱৈ সমাজৰ আদৰ পাইছে৷ বিজ্ঞান আৰু প্ৰযুক্তিনিৰ্ভৰ বৰ্তমান যিখন সমাজত আমি বাস কৰিছোঁ, আমি মৰ্মে মৰ্মে ইয়াৰ প্ৰভাৱ দেখা পাইছোঁ, উপলব্ধি কৰিছোঁ, সা-সুবিধা আহৰণ আৰু গ্ৰহণ কৰিছোঁ, ইতিবাচক দিশসমূহ ব্যৱহাৰ কৰি উপকৃত হৈছোঁ আৰু বিশ্বমানৰ সা-সুবিধা আমি উপভোগ কৰিব পাৰিছোঁ৷ শেহতীয়া এই পৰিৱৰ্তনে আমাৰ জীৱন ধাৰণ প্ৰণালীত অভাৱনীয়ভাৱে প্ৰভাৱ পেলাইছে৷ আমাৰ পৰিয়ালকেন্দ্ৰিক, সমাজকেন্দ্ৰিক আৱেগ-অনুভূতি, দৃষ্টিভংগী, সম্পৰ্ক আদিত বিশেষভাৱে পৰিৱৰ্তন সাধন কৰিছে৷ ইয়াৰ প্ৰতিফলন আমাৰ সাহিত্যতো ক্ৰমান্বয়ে প্ৰতিফলিত হ’বলৈ লৈছে৷ বৰ্তমান আৰু ভৱিষ্যতৰ জীৱন ধাৰণ, শংকা-আশংকা, দ্ৰুততৰ পৰিৱৰ্তন আদিক লৈ সৃষ্ট কল্পবিজ্ঞানে দিক্‌দৰ্শন কৰিব পাৰে৷ কল্পবিজ্ঞান হ’ব ভৱিষ্যৎ সমাজৰ দাপোণ স্বৰূপ৷ অসমীয়া সাহিত্যতো কল্পবিজ্ঞানে সবলৰূপত ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰোঁ৷


প্ৰশ্নঃ বিজ্ঞানৰ শেহতীয়া অৱদানবোৰত ভাৰত বা বিশেষকৈ অসমৰ ভূমিকা সন্দৰ্ভত আপুনি কেনেদৰে পৰ্যবেক্ষণ কৰে? আমি কিয় সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিবপৰা বৈজ্ঞানিক অৱদানৰ সৃষ্টি কৰিব পৰা নাই বুলি ভাৱে?

উত্তৰঃ ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিত শেহতীয়াকৈ বিশেষ সফলতা অৰ্জন কৰিছে৷ বিশেষকৈ মহাকাশ বিজ্ঞান আৰু মহাকাশ অভিযানৰ ক্ষেত্ৰত এটাৰ পিছত এটাকৈ ভাৰতে সফলতা লাভ কৰিছে৷ ক’ভিডকালীন পৰিস্থিতিত ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ উপৰি ক’ভিডৰ চিকিৎসা আৰু ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত অভাৱনীয় দক্ষতা অৰ্জন কৰিছে৷ অৱশ্যে অসমত এতিয়াও তুলনামূলকভাৱে উচ্চমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ গৱেষণা কৰিবপৰাকৈ আন্তঃগাঠনি সৃষ্টি হোৱা নাই৷ কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে দেশ আৰু বিদেশত সুনাম অৰ্জন কৰিছে৷


প্ৰশ্নঃ আপুনি এসময়ৰ ‘অসম বিজ্ঞান লেখক সংস্থা’ৰ সভাপতি আছিল৷ বৰ্তমান সময়ত এই সংস্থাটোৰ কাৰ্য্যকলাপক লৈ আপুনি সুখীনে? আপুনি অনুভৱ নকৰেনে যে সংস্থাটোৱে আৰু কিছু প্ৰতিনিধিত্বমূলকভাৱে অসমৰ সমাজ-সাহিত্য-সংস্কৃতিত কাম কৰাৰ প্ৰয়োজন আছিল বুলি?

উত্তৰঃ ‘অসম বিজ্ঞান লেখক সংস্থা’ এটা স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ইয়াৰ সদস্যসকলৰ দ্বাৰা পৰিচালিত৷ সীমিত আৰ্থিক সামৰ্থ্যৰ মাজেৰে সংস্থাই কাম কৰি আহিছে৷ বিভিন্ন স্থানত কৰ্মশালাৰ আয়োজন, বক্তৃতানুষ্ঠান আৰু জনপ্ৰিয় বিজ্ঞান গ্ৰন্থৰ প্ৰকাশ সংস্থাই কৰি আহিছে৷ যোৱা দুটা বছৰে ক’ভিড পৰিস্থিতিত হাতত লোৱা বহু কাম আধৰুৱা হৈ আছে৷ সংস্থাই প্ৰতিনিধিত্বমূলকভাৱে নিশ্চয় হাতত কিছু কাম ভৱিষ্যতে ল’ব পাৰে৷


প্ৰশ্নঃ সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত মুক্ত চিন্তা-চৰ্চাৰ পৰিৱেশ নোহোৱাৰ দৰে হৈ পৰিছে৷ ধৰ্মকেন্দ্ৰিক অৰাজকতা, জাতি-জনজাতিবোৰৰ মাজত সংঘাত আদি বিষয়বোৰো পূৰ্বতকৈ বহুগুণে বাঢ়িছে৷ ইফালে মানুহৰ মাজত মত প্ৰকাশৰ স্বাধীনতাত চৰকাৰে হস্তক্ষেপ কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে৷ এজন সাহিত্যিক হিচাপে বা অসমৰ এজন নাগৰিক হিচাপে এই বিষয়বোৰ কেনেদৰে পৰ্যবেক্ষণ কৰিছে?

উত্তৰঃ এনেধৰণৰ কাৰ্য্যকলাপে ভৱিষ্যতে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু এনে পৰিস্থিতিৰ সৃষ্টি হ’লে দেশৰ বাবে মংগলজনক নহ’ব৷ মুক্ত চিন্তা অৰ্থাৎ জনসাধাৰণৰ মতামত আৰু মত প্ৰকাশৰ স্বাধীনতা খৰ্ব হোৱাটো কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে শুভলক্ষণ নহয়৷


প্ৰশ্নঃ ‘মুক্ত চিন্তা’ আলোচনীখনৰ বিষয়ে আপুনি পূৰ্বতে জানিছিলনে? আলোচনীখনলৈ আপোনাৰ কিবা পৰামৰ্শ?

উত্তৰঃ ‘মুক্ত চিন্তা’ আলোচনীখনৰ বিষয়ে জানিছিলোঁ৷ আপোনালোকৰ উদ্দেশ্য আৰু প্ৰচেষ্টা সফল হওক যাতে মুক্ত চিন্তাৰ বাৰ্তাই জনসাধাৰণক অনুপ্ৰাণিত কৰে৷

এই লেখাটো মুক্ত চিন্তা আলোচনীত পঢ়িবলৈ ক্লিক কৰক

শান্তনু তামূলীৰ বিষয়ে ৱিকিপিডিয়াত



Post a Comment

0 Comments