অসমৰপৰা প্ৰকাশিত ই-আলোচনীসমূহৰ এখন তালিকা

*

ছপা-যন্ত্ৰৰ এই সুদীৰ্ঘকাল অতিক্ৰম কৰাৰ পাছত বৰ্তমান সমগ্ৰ বিশ্বৰ সাহিত্য সৃষ্টি আৰু সংৰক্ষণৰ ক্ষেত্ৰত ছপা-যন্ত্ৰৰ সমান্তৰালভাৱে বৈদ্যুতিন মাধ্যমসমূহেও সৱলভাৱে ভূমিকা গ্ৰহণ কৰিছে  ইয়াৰ ভিতৰত ই-আলোচনী (E-Magazine) এটা প্ৰধান মাধ্যম৷ ই-আলোচনী হৈছে ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰচাৰ হোৱা এনে এখন আলোচনী; য’ত আলোচনী এখনৰ সম্পূৰ্ণ গুণ ৰক্ষা কৰি চলাৰ লগতে প্ৰয়োজন সাপেক্ষে তাৰ দৃশ্য-শ্ৰৱ্য মাধ্যমৰো সংযোজন কৰা হয়৷ ২০১০ চনৰ ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰা ‘এনাজৰী’ হৈছে প্ৰথম অসমীয়া ই-আলোচনী তথা অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ই-বিপ্লৱৰ বাটকটীয়াস্বৰূপ৷ হিমজ্যোতি তালুকদাৰৰ সম্পাদনা আৰু পৰিকল্পনাৰ ফচল ‘এনাজৰী’ বৰ্তমান এখন দ্বি-ভাষিক অসমীয়া ই-আলোচনীয়ে নহয়, এক বহুমুখী প্ৰকল্প, যিটো প্ৰকল্পই ২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰীলঙ্কাৰ কলম্বোত আয়োজিত ‘ৱল্ড ছামিট এৱাৰ্ড ২০১৩’ অনুষ্ঠানত ক্ৰিয়েটিভিটি শাখাত বিজয়ী সন্মান লাভ কৰিছিল৷ উল্লেখযোগ্য যে এই আন্তৰ্জাতিক পৰ্যায়ৰ সন্মিলনখনত এনাজৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ অসমীয়া ভাষাটো অনেক ই-আলোচনী বৰ্তমান প্ৰচলিত হৈ আছে৷ ইণ্টাৰনেটত ইউনিক’ডৰ মাধ্যমেৰে অসমীয়া ভাষাটো সমৃদ্ধি কৰাত ই-আলোচনীৰ ভূমিকা অপৰিসীম৷ অসমৰ কেইখনমান ই-আলোচনীৰ নাম আৰু চমু পৰিচয় তলত আগবঢ়োৱা হ’ল–

-গণিত চ’ৰা [অসমীয়া আৰু ইংৰাজী ভাষাত গণিত বিষয়ক ই-আলোচনী, সম্পাদকঃ পঙ্কজ জ্যোতি মহন্ত, মঞ্জিল পি. শইকীয়া, ২০১১, ২১ এপ্ৰিল] বিজ্ঞান আৰু গণিত বিষয়ক লেখা প্ৰকাশ কৰাটোৱেই আলোচনীখনৰ প্ৰকাশৰ মূল উদ্দেশ্য৷ গণিত চ’ৰাই ক্লাছত শিকোৱা পাঠ্যক্ৰম আৰু ব্যৱহাৰিক জীৱনৰ গণিতৰ মাজত দূৰত্ব নাইকীয়া কৰাৰ অৰ্থে দীৰ্ঘদীন ধৰি কাম কৰি আছে৷

-নীলা-চৰাই [পল্লৱ প্ৰাণ গোস্বামী, ২০১২] অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰী মাহৰ পৰা এই আলোচনীখন প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ মুখ্য সম্পাদক পল্লৱপ্ৰাণ গোস্বামী। সম্পাদক, ব্যৱস্থাপক সমন্বিতে ৯ জনীয়া এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে৷ মৌলিক, চিন্তা উদ্ৰেককাৰী আৰু নতুনত্ব থকা লেখা, আলোকচিত্ৰ, ছবি আদি প্ৰকাশেৰে অসমীয়া ভাষা-সাহিত্যলৈ ইউনিক’ডৰ মাধ্যমেৰে অৱদান আগবঢ়োৱা এই আলোচনীখনৰ উদ্দেশ্য।

-সেউজী ধৰণী [কৃষিভিত্তিক দ্বি-ভাষিক ই-আলোচনী, ২০১২, সম্পাদকঃ বিশ্বজিৎ বৰুৱা] এই আলচনীখন অৱশ্যে এটা ব্লগ আকাৰত প্ৰস্তুত কৰা আলোচনী৷ কৃষি সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনীখনত প্ৰকাশ কৰা হয়৷

-সন্ধান [প্ৰতিষ্ঠাপক সম্পাদকঃ নয়নজ্যোতি কলিতা, ২০১২] সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ ২০১৬ চনত এই আলোচনীখনে ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে৷ উপদেষ্টা, ব্যৱস্থাপক, সম্পাদক, সমন্বয়ক সমন্বিতে এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰি আহিছে৷ ইউনিক’ডৰ যোগেদি ই-বিশ্বত অসমীয়া ভাষা-সাহিত্য প্ৰচাৰ কৰাটো আলোচনীখনৰ মুখ্য উদ্দেশ্য৷

-সাহিত্য ডট অৰ্গ [প্ৰত্যেক সংখ্যাৰে সম্পাদক বেলেগ, ফেচবুকৰ ‘অসমীয়া কথা-বতৰা’ গ্ৰুপটোৱে এই আলোচনীখন প্ৰকাশ কৰে৷ জুলাই, ২০১৩] ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি অসমীয়া মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটটোত প্ৰকাশিত লেখাসমূহ শৃংখলাবদ্ধভাৱে সজোৱাৰ তথা উদীয়মান লেখক-লেখিকাসকলক সাহিত্য চৰ্চাৰ এখন মঞ্চ দিয়াৰ উদ্দ্যশে এই ৱেবছাইটটো মুকলি কৰা হয়। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা হিচাপে ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত প্ৰকাশিত লেখাসমূহৰ মাজৰ পৰা নিৰ্বাচিত লেখাৰ উপৰি ইণ্টাৰনেটৰ বাহিৰৰ পৰাও অসমীয়া ভাষাৰ লেখা ইয়াত প্ৰকাশৰ ব্যৱস্থা কৰা হয়। প্ৰাৰম্ভিকভাৱে এক স্বতন্ত্ৰ অনুষ্ঠান/ৱেবছাইট হিচাপে প্ৰতিষ্ঠা হোৱা 'সাহিত্য ডট্ অৰ্গ'ক পাছলৈ 'ভাষা সাহিত্য সন্মিলনী,অসম' নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয়। প্ৰতিমাহে ‘অসমীয়াত কথা-বতৰা’ গোটৰ সক্ৰিয় সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত এজনে সম্পাদক হিচাপে গোটটোত প্ৰকাশিত লিখনিসমূহৰ মাজৰ পৰা যোগ্যসমূহ নিৰ্বাচন কৰি আলোচনীখনত প্ৰকাশৰ দিহা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কেইবাজনো অসমীয়াই আলোচনীখনৰ বিভিন্ন দিশসমূহৰ তত্ত্বাৱধান লয়৷ সাহিত্য ডট অৰ্গৰ বিভিন্ন শিতানসমূহ হৈছে চুটিগল্প, দৈনন্দিন, ভিন্নস্বাদ, কবিতা, প্ৰবন্ধ, ৰহঘৰা, দেশে-বিদেশে, অনুবাদ সাহিত্য, শিল্প-ভাস্কৰ্য্য, ধাৰাবাহিক, স্বাস্থ্য আৰু মন, সৰিয়হ ফুল, গ্ৰন্থ-আলোচনা, বোলছবি আদি।২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সাহিত্যত অসমৰ বিশিষ্ট কবি তথা অসমীয়া সাহিত্যৰ মহীৰুহ নলিনীধৰ ভট্টাচাৰ্যৰ আত্মজীৱনী ‘মৌ-সনা সোঁৱৰণি’ প্ৰকাশ হৈ আছে। উল্লেখযোগ্য যে এয়া অসমীয়া ভাষাত ইণ্টাৰনেটত প্ৰকাশিত প্ৰথম অসমীয়া আত্মজীৱনী।

-সৃষ্টিৰ জিলিঙণি [এটা ফেচবুক পেজৰপৰা জন্ম, ২০১২ চনৰপৰা এই আলোচনীখন প্ৰকাশিত, সম্পাদকঃ দ্বীপজ্যোতি শৰ্মা, কাৰ্যবাহী সম্পাদকঃ ইন্দ্ৰনীল গায়ন] সৃষ্টিৰ জিলিঙনিৰ আলোচনীখনে নিজৰ বিষয়ে লিখিছে এনেকৈ- ‘অসমীয়া জাতি আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি উত্‍সৰ্গিত। আমাৰ এই ভাষা-সংস্কৃতি বিকশাই তুলি চাইবাৰ জগতৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰায়ে ইয়াৰ মূল উদ্দেশ্য। “মোৰ ভাষা, মই জিলিকাম” ইয়াৰ মূলমন্ত্ৰ। ইউনিক’ড পদ্ধতিৰে লিখা ই এখন সম্পূৰ্ণ অসমীয়া ই-আলোচনী। ফে’চবুকৰ জনপ্ৰিয় গোট “সৃষ্টিৰ জিলিঙনি”ৰ মজিয়াত ইয়াৰ জন্ম আৰু বিকাশ।’

-প্ৰজন্ম [২০১৪] ‘প্ৰজন্ম’ হৈছে অনলাইন যোগে উপলব্ধ অসমীয়া মাহেকীয়া ই-আলোচনী । হীৰেণ ভট্টাচার্য দেৱ (হীৰুদা) ৰ দ্বিতীয় মৃত্যু বার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি যাঁচি ২০১৪ চনৰ ৪ জুলাই তাৰিখে আলোচনীখন পোন-প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হৈছিল । নৱপ্ৰজন্মৰ সাহিত্য প্রতিভা বিকাশ আৰু নৱপ্ৰজন্মৰ সাহিত্য সৃষ্টিক ই-জগতৰ সৈতে চিনাকী কৰাই প্ৰচাৰমুখী কৰি তোলাই আলোচনীখনৰ মুখ্য উদ্দেশ্য ।

-মুক্ত চিন্তা [যুক্তি বিকাশ সমিতিৰ মুখপতিৰ, প্ৰতিষ্ঠাপক সম্পাদকঃ কৌশিক দাস, জুলাই, ২০১৫] ২০০৩ চনত গঠিত ‘যুক্তি-বিকাশ সমিতি, অসম’ অনুষ্ঠানে যুক্তিবাদী তথা প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে বিভিন্ন দিশত সাধ্যানুসৰি চেষ্টা চলাই আহিছে। অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ, নাৰী অৱদমন, বৰ্ণবাদ আদিকে ধৰি সমাজজীৱনত ব্যাপ্ত বিভিন্ন শোষণমূলক আৰু অগণতান্ত্ৰিক ভাবধাৰা তথা পৰম্পৰা সম্পৰ্কে ভালেসংখ্যক পুস্তিকা অনুষ্ঠানটোৱে প্ৰকাশ কৰি আহিছে। ২০১৪ চনৰ জানুৱাৰি মাহত আৰম্ভ হোৱা বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা এষণা হ’ল অনুষ্ঠানটোৰ তৎসদৃশ আন এক পদক্ষেপ। শেহতীয়া সময়ছোৱাত অনুষ্ঠানটোৰ মাজত হোৱা আলাপ-আলোচনাৰ ভিত্তিত এক বহল উদ্দেশ্য আগত ৰাখি মুক্ত চিন্তা অনলাইন আলোচনীৰ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ।

-মহাবাহু [বাতৰিকেন্দ্ৰিক ই-আলোচনী, ২০১৭] ১৯৮০ চনতে মহাবাহু আলোচনীৰ ছপা সংখ্যা প্ৰকাশ হৈছিল৷ বৰ্তমান সময়ত মহাবাহু প্ৰকল্পৰ অধীনত বহুকেইটা প্ৰকল্প চলি আছে৷ তাৰে ভিতৰত ই-আলোচনীখনো অন্যতম৷ মহাবাহুৰ সম্পাদক অঞ্জন শৰ্মা৷

মণিকূট [প্ৰতিষ্ঠাপক সম্পাদকঃ মৃণাল কুমাৰ মিশ্ৰ, ১৫ আগষ্ট, ২০১৮, মাহেকীয়া আলোচনী]

-মণিকূট [হাজোৰ পৰা প্ৰকাশিত৷ সম্পাদকঃ বনজিত, ৰাকেশ]

-অন্যযুগ [২০১৮] সম্পাদক মৃদুল শৰ্মা৷ ২০১৮ চনৰ পৰা এই আলোচনীখন প্ৰকাশ হৈ আহিছে৷ অন্যযুগ আলোচনীখনৰ নিজা এপ এটিও আছে৷ প্লে ষ্ট’ৰত এই এপটো উপলব্ধ৷

-সঁফুৰা ডট কম

-আৰম্ভণি [২০১৪]

-নিয়ৰ [হিমাংশু চহৰীয়া, সঞ্জীৱ গোঁসাই, প্ৰথম সংখ্যা- ২০১৫, দ্বিতীয় সংখ্যা- ২০১৭]

-আৰাধনা

 -প্ৰেৰণা [পিডিএফ আকাৰে প্ৰকাশিত, সম্পাদকঃ নৱজ্যোতি গগৈ, জিন্তু ভূঞা, ২০১৯]

-জ্ঞানম ই-আলোচনী [দুমহীয়া ই-আলোচনী, সম্পাদকঃ কৃষ্ণা সোণোৱাল, ২০২০]

-ৰামধেনু [সম্পাদকঃ নৱজিৎ দেউৰী, ২০২০]

-ৰ’দ [পিডিএফ আকাৰে প্ৰকাশিত, ২০২০]

-ৰামধেনু [ৰাজীৱ পাতৰ, নৱজিৎ দেউৰী, ২০২১]

-কথা কাঞ্চন [সম্পাদকঃ মৌচুমী বৰি, ড॰ চয়নিকা শইকীয়া,২০২১]

-অনুৰণন [দ্বিভাষিক দুমহীয়া বিজ্ঞান আলোচনী]

-কৰ্ষণ [ব্লগত প্ৰকাশিত, ২০২১]

-অনুৰঞ্জন [পিডিএফ আকাৰে প্ৰকাশিত, ২০২১] 

-গুৰুবাৰ্তা [জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ, ২০২১]

-অঞ্জন [পষেকীয়া, সম্পাদকঃ হেমেন নাথ, ২০২১]

 -গুঞ্জন [পিডিএফ আকাৰে প্ৰকাশিত, সম্পাদকঃ হিৰোচিমা বৰা পাঠক, ২০২১]

-ৰঙ্কিমি [দ্বিমাসিক, সম্পাদকঃ মনোজ বৈশ্য, ২০২১]

-যাত্ৰা [দুমহীয়া ই-আলোচনী]

-দিচৈ লহৰ [পিডিএফ আকাৰে প্ৰকাশিত]

-সাঁচিপাত

-দাপোণ জীৱনৰ [সম্পাদক-জিতুল বৰা]

-স্বৰ্ণলিপি [ই-আলোচনীৰ লগতে মুদ্ৰিত ৰূপতো প্ৰকাশিত, সম্পাদকঃ হৃদয়ানন্দ গগৈ]

-ঐশানু [তিনিমহীয়া, মুখ্য সম্পাদকঃ জিতুমণি চৌধুৰী, সম্পাদকঃ বিতুমনি বৰ্মন, বৰপেটা]

-ফটাঢোল [হাস্য-ব্যংগ আলোচনী, সম্পাদক-হেমন্ত কাকতি, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত]

-জোনাক [বাতৰিকেন্দ্ৰিক আলোচনী]

-মেজিকেল অসম [বিনোদন বিষয়ক]

-বেটুপাত

-কাঁচিয়লি

-প্ৰিয়দৰ্শিনী

-নিজাইন [সম্পাদকঃ ৰত্না ভৰালী তালুকদাৰ, সুশান্ত তালুকদাৰ]

-সাঁচিপাত

-অসমীয়া প্ৰিয়দৰ্শিনী

- অনুবাদক ( অনুবাদ বিষয়ক আলোচনী, সম্পাদকঃ কোকিল শইকীয়া, নিকু দুৱৰা)

- শব্দ সাঁকো- (সম্পাদকঃ মনশ্ৰী হাজৰিকা)

ক্ৰিকেট কোষ (ক্ৰিকেট সম্পৰ্কীয় তথ্যৰ আলোচনী, ২০২২)

শেহতীয়াকৈ ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা ‘নতুন পদাতিক’ আলোচনীখনৰো ই-সংস্কৰণ কৰা হৈছে৷ আলোচনীখনৰ মুখ্য সম্পাদক হীৰেন গোহাঁই৷

তদুপৰি এসময়ত প্ৰচলিত আৰু বৰ্তমান প্ৰকাশ বন্ধ হৈ থকা ই-আলোচনীসমূহৰ ভিতৰত–

-এনাজৰী ডট কম [দ্বিভাষিক, সম্পাদকঃ হিমজ্যোতি তালুকদাৰ, ২০১০, প্ৰথম অসমীয়া ই-আলোচনী]

-বৌদ্ধিক বিচাৰ [সম্পাদকঃ টুনুজ্যোতি গগৈ]

-আখৰ [সম্পাদকঃ জ্যোতিষ্মান দাস]

-অসমীয়া

-অভিজ্ঞানম

-আমি অসমীয়া

-বিৰিয়া

-বৰ্ণিল

-ডিমৰিয়ান ৰিভিও

-ই-অনুৰাগ

-ফেহুজালি

-ফ্ৰেইণ্ডছ্‌

-জোনাকীৰ বাটেৰে

-কৃষক বন্ধু

-প্ৰয়াস

-সমাধান

-সেউজ-চিন্তা

-সমলয়

-সুবাস

-সমাহাৰ

-সন্ধান

-প্ৰাঙ্গন

-আলেখ্য

-অনুপমা

-মহুৰা

পথিকৃৎ

-এক অনন্য প্ৰয়াস

- অৱগুণ্ঠন [ ফেচবুকৰ ‘উপভাষাত কথা পাতো আহক’] গোটৰপৰা প্ৰকাশিত, পাঁচটা সংখ্যা প্ৰকাশ পাইছে।

-মৰম (সম্পাদকঃ প্ৰাণকৃষ্ণ নাথ, ২০১১)


অনুৰোধ ঃ এই তালিকাত নথকা কিন্তু আপুনি জনা ই-আলোচনীসমূহৰ নাম আৰু চমু বিৱৰণ অনুগ্ৰহ কৰি জনাবচোন । উল্লিখিত আলোচনীসমূহৰো বহুবোৰ তথ্য পোৱা নাই। তেওঁলোকৰ ৱেবচাইটসমূহতো স্পষ্টকৈ নাই। পাৰিলে জনাবচোন আপোনালোকে।

Like
Comment
Share

Post a Comment

0 Comments