‘দোলায়িত প্ৰস্তৰ’ গ্ৰন্থ সমালোচনা


* বিংশ শতিকাৰ শেষৰফালে অসমীয়া কাব্য সাহিত্যত আত্মপ্ৰকাশ কৰি একবিংশ শতিকাৰ নেতৃত্ববহনকাৰী এজন কবি হিচাপে অনুভৱ তুলসী (প্ৰথম কাব্যগ্ৰন্থ ‘নাজমা’, ১৯৮৫)য়ে ইতিমধ্যেই অসমীয়া কাব্য সাহিত্যক নতুন ৰূপ আৰু আভিজাত্যৰে সমৃদ্ধ কৰিছে৷ অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি, যাক ভাষাটোৰ ‘কালিকা শক্তি’ বুলি সততে অভিহিত কৰা হয়, এই শক্তিক অনুভৱ তুলসীয়ে অসমীয়া কবিতাত বিষয়ভিত্তিক আৰু আংগিক উভয় দিশতেই প্ৰত্যয়জনকভাৱেই প্ৰয়োগ কৰিছে৷ ছদ্মনামেৰে অসমীয়া সাহিত্য জগতত আত্মপ্ৰতিষ্ঠা লাভ কৰা তেওঁৰ কাব্যশৈলীয়ে অসমীয়া আধুনিক কবিতাৰ বিষয়বস্তু নিৰ্বাচন, প্ৰকাশভংগী আৰু উপস্থাপন কৌশল আদি প্ৰতিটো দিশতেই বৈচিত্ৰতা লাভ কৰিছে৷ কবিৰ এতিয়ালৈকে প্ৰকাশিত প্ৰতিখন কাব্য সংকলনতেই তেওঁৰ কাব্যযাত্ৰাৰ শ্ৰীবৃদ্ধি আৰু উত্তৰণ লক্ষ্য কৰা যায়৷ এই উত্তৰণে তেওঁক ব্যক্তিগতভাৱে  লাভান্বিত কৰক বা নকৰক; অসমীয়া আধুনিক কবিতা কিন্তু নিশ্চিতৰূপত লাভৱান হৈছে৷ তেওঁৰ কবিতা সম্পৰ্কীয়¸ সম্পৰীক্ষা, জনজীৱন সম্পৰ্কে গভীৰ জীৱনবোধ, গ্ৰাম্য লোকভাষাৰ সাৰ্থক ব্যৱহাৰ, প্ৰকৃতি জগতৰ প্ৰতি সদৰ্থক আস্থা, প্ৰচুৰ প্ৰতীকধৰ্মিতা আৰু চিত্ৰকল্প প্ৰয়োগৰদক্ষতা আদি দিশবোৰে অসমীয়া কাব্য সাহিত্যকে নতুন গতি আৰু পৰিচয় প্ৰদান কৰিছে৷ বাস্তৱ অভিজ্ঞতাক পৰিমাৰ্জিত পৰিভাষালৈ ৰূপান্তৰিত কৰি প্ৰতীক, চিত্ৰকল্প, ৰূপক, উপমাৰ সুষম সমাহেৰেৰে পাঠকৰ মাজলৈ এটা ভাৱ, চিন্তাক পৰিশীলিত ৰূপত পঠিয়াই দিয়াত অনুভৱ তুলসী পাৰ্গত৷ মুঠতে অসমীয়া কাব্য সাহিত্যৰ একবিংশ শতিকাৰ বৰ্ণিল যাত্ৰাটোক তেওঁৰ প্ৰকাশিত সৃষ্টিৰাজিয়ে মোহাৱিষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছে৷ 
এইজন কবিৰ কাব্য সাধনাৰ পথটোৰ গতি নিৰ্ণয়স্বৰূপ কেতবোৰ সমালোচনামূলক লেখাৰে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জে্যষ্ঠ অধ্যাপক, সমালোচক এম. কামালুদ্দিন আহমেদ আৰু গৱেষক ছাত্ৰ কল্পজ্যোতি ৰায়ে প্ৰস্তুত কৰি উলিয়াইছে ‘দোলায়িত প্ৰস্তৰ’ শীৰ্ষক গ্ৰন্থখন৷ আহমেদ নিজেও এগৰাকী প্ৰতিষ্ঠিত কবি৷ সেয়েহে তেওঁৰ সম্পাদনাত এই সংকলনটোৱে অনুভৱ তুলসীৰ সামগ্ৰিক সৃষ্টিৰাজি আৰু অসমীয়া কাব্য সাহিত্যত তুলসীৰ স্থান নিৰ্ণয় তথা তেওঁৰ কবিতাৰ মানদণ্ড প্ৰতিষ্ঠাত অভূতপূৰ্ব বৰঙণি যোগাইছে৷ সমান্তৰালভাৱে এই সংকলনৰ দ্বাৰা অনুভৱ তুলসীৰ কাব্য সাধনাকো পাঠকসমাজেবিহংগম দৃষ্টিৰে একত্ৰৰূপত উপলব্ধি কৰাৰ এক সুবিধা লাভ কৰিলে৷ সমালোচনামূলক গ্ৰন্থখনৰ প্ৰতিটো লেখাৰে মুখ্য বিষয় যিহেতু অনুভৱ তুলসী আৰু তেওঁৰ কবিতাসমূহ, সেয়েহে গ্ৰন্থখনৰ মূল সুৰটোৱেই হৈছে কবিতাকেন্দ্ৰিক৷ বিভিন্ন বাদ আৰু তত্ত্বৰ আধাৰত তেওঁৰ সৃষ্টিৰাজিৰ আলোচনা-পৰ্যালোচনা কৰাৰ সমান্তৰালভাৱে বিভিন্ন দৃষ্টিকোণৰ আধাৰত কবিৰ কাব্য যাত্ৰাৰ মূল্যায়ণ কৰা হৈছে৷ এই প্ৰবন্ধবোৰত অনুভৱ তুলসীয়ে যিমান গুৰুত্ব পাইছে, তাতকৈ বেছি প্ৰাধান্য পাইছে অসমীয়া কবিতাৰ আধুনিকতাআৰু উত্তৰ আধুনিকতাবাদী স্বৰূপটোৱে৷ লেখাবোৰত ব্যক্তিকেন্দ্ৰিক সমালোচনাৰ উদ্ধৰ্লৈ গৈ জাতীয় আলোচনাই অগ্ৰাধিকাৰ লাভ কৰিছে আৰু লেখাৰ মাজেৰে অসমীয়া আধুনিক কবিতাৰ মানদণ্ড তথা ইয়াৰ গতি-প্ৰকৃতি সম্পৰ্কেও বিভিন্ন তথ্য, দৃষ্টিভংগী আদি পোহৰলৈ আহিছে৷ গ্ৰন্থখনৰ দ্বিতীয় ভাগটোত সন্নিৱিষ্ট গ্ৰন্থ সমালোচনাকেইটিৰ মাজেৰেও কবিমনৰ সামগ্ৰিক ভাৱৰাজি আৰু তেওঁৰ দৃষ্টি আৰু দৰ্শন সম্পৰ্কে আলোচনা কৰা হৈছে৷ অনুভৱ তুলসীৰ কাব্য-যাত্ৰাৰ বিষয়ে কেৱল যে অসম বা উত্তৰ-পূৰ্বাঞ্চলতে চৰ্চা হৈছে, তেনে নহয়, বৰঞ্চ একবিংশ শকিতাটোৰ সমগ্ৰ ভাৰতবৰ্ষৰে এজন আগশাৰীৰ কবি হিচাপে তেওঁ ইতিমধ্যেই স্বীকৃতি লাভ কৰিছে আৰু ভাৰতৰ বহুকেইজন আগশাৰীৰ সমালোচকে তেওঁৰ কবিতাৰ বিষয়ে পৰ্যালোচনা কৰিছে৷ নীলমণি ফুকনৰ উত্তৰসূৰী হিচাপে বহুকেইজন সমালোচকে অনুভৱ তুলসীৰ কাব্যিক প্ৰতিভাক মূল্যায়ন কৰাৰ প্ৰয়াস কৰিছে আৰু তেওঁৰ কবিতাৰ সাৰ্থকতা, দুৰ্বলতা আদি বিভিন্ন ইতিবাচক, নেতিবাচক বিষয় সম্পৰ্কে আলোকপাত কৰিছে৷ উল্লেখযোগ্য যে এই সংকলনত প্ৰকাশিত প্ৰবন্ধবোৰ ইতিমধ্যেই বিভিন্ন গ্ৰন্থ, আলোচনী, বাতৰি-কাকত আদিত পূৰ্ব-প্ৰকাশিত৷ অনুভৱ তুলসীৰ কাব্যগ্ৰন্থৰ বহুকেইটা গুৰুত্বপূৰ্ণ ‘আগকথা’ও গ্ৰন্থখনত প্ৰবন্ধ আকাৰে সন্নিৱিষ্ট হৈছে৷ এই প্ৰবন্ধ, সমালোচনাবোৰে আগন্তুক দিনৰ অনুভৱ তুলসীজনক নতুন ৰূপ এটা প্ৰদান কৰাত নিশ্চয় ভূমিকা গ্ৰহণ কৰিব৷
সংকলনধৰ্মী গ্ৰন্থখনত সৰ্বমুঠ ১৫টামূল প্ৰবন্ধ সন্নিৱিষ্ট হোৱাৰ লগতে ৮টা গ্ৰন্থ সমালোচনা সংকলিত কৰা হৈছে৷ অনুভৱ তুলসীৰ সৈতে বিভিন্ন সময়ত এম. কামালুদ্দিন আহমেদ আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে গ্ৰহণ কৰা দুটা সাক্ষাৎকাৰো এই গ্ৰন্থখনত সংলগ্ন কৰা হৈছে৷ আহমেদৰ দৃষ্টিত অনুভৱ তুলসীৰ ২৫টা নিৰ্বাচিত কবিতা, ‘বানান কৰি পঢ়া লুইতৰ পানী’ গ্ৰন্থৰ আগকথা তথা তুলসীৰ কবিতা নিৰ্মাণৰ নেপথ্যৰ কাৰকবোৰৰ বিষয়ে এটি দীঘল লেখাও গ্ৰন্থখনত সংকলিত হৈছে৷ ইয়াৰোপৰি অনুভৱ তুলসীৰ কবিতা সম্পৰ্কে জ্জজন বৰেণ্য ব্যক্তিৰ মতামতে গ্ৰন্থখনৰ সোণত সুৱগা চৰাইছে৷ পৰিশিষ্ট-২ত তেখেতৰ সম্পূৰ্ণ সাহিত্যকৃতি সম্পৰ্কে এখন পূৰ্ণাংগ তালিকা সংযোগ কৰা হৈছে৷ এক সুৰুচিপূৰ্ণ সম্পাদনাৰ স্বাক্ষৰ গ্ৰন্থখনে বহন কৰিছে আৰু গ্ৰন্থখনৰ সামগ্ৰিক নিৰ্মাণ কৌশল তথা বিষয়বস্তু চয়নে অনুভৱ তুলসীৰ সামগ্ৰিক সৃষ্টিৰাজিকো পাঠক সমাজৰ মাজত চিৰযুগমীয়া কৰি তুলিলে৷ গ্ৰন্থখনৰ মূল প্ৰবন্ধবোৰ লিখিছে ক্ৰমে– হৰেকৃষ্ণ ডেকা, এ.জে থমাছ, ৰবীন্দ্ৰ সৰকাৰ, গৰিমা কলিতা, বিভাস চৌধুৰী, নিৰেন্দ্ৰ নাথ ঠাকুৰীয়া, চিত্ৰৰঞ্জন মিশ্ৰ, অৰিন্দম বৰকটকী, মনোজ শৰ্মা, এম. কামালুদ্দিন আহমেদ, মৃদুল শৰ্মা, মাণিক দাস, কিশোৰ ভট্টাচাৰ্য, চুলতান আহমেদ, অতুল দত্ত, জয়ন্ত ডেকা আৰু কল্পজ্যোতি ৰায়ে৷ গ্ৰন্থ সমালোচনাৰ প্ৰবন্ধবোৰ লিখিছে ক্ৰমে– উমাকান্ত শৰ্মা, আনন্দ বৰমূদৈ, বিভাস চৌধুৰী, নীৰেন ঠাকুৰীয়া, মৌচুমী কন্দলী, সিদ্ধাৰ্থ গোস্বামী আৰু অংকুৰ ৰঞ্জন ফুকনে৷
সাক্ষাৎকাৰ শিতানটোৰ প্ৰথমটি সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে এম. কামালুদ্দিন আহমেদে৷ এই সাক্ষাৎকাৰটিত কবিৰ কবিতা ৰচনাৰ অন্তৰালৰ যি চিন্তা আৰু দৰ্শন, কবিতা সম্পৰ্কীয় কবিৰ যি ব্যক্তিগত দৃষ্টিভংগী, কবিতাৰ গাঁঠনিগত বিন্যাস আৰু উপস্থাপন কৌশলত কবিৰ যি দায়বদ্ধতা আৰু মানসিক প্ৰস্তুতি; সেই দিশবোৰ প্ৰতিফলিত হৈছে৷ সাক্ষাৎকাৰটিত তেওঁ কবিতা ৰচনাৰ অন্তৰালৰ কাহিনী, সমসাময়িক কবিৰ প্ৰভাৱ, দেশী-বিদেশী অনুবাদ কবিতাৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে৷ সাক্ষাৎকাৰটিৰ প্ৰশ্নবোৰ আৰু তাৰ উত্তৰবোৰ যথেষ্ট গুৰু-গম্ভীৰ আৰু উচ্ছ পৰ্যায়ৰ হৈছে৷
প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সৈতে হোৱা সাক্ষাৎকাৰটিও মূলতঃ অনুভৱ তুলসীৰ কবিতা নিৰ্মাণ আৰু তাৰ অন্তৰালৰ বিভিন্ন কাৰক, কাৰণ আদিৰে ভৰপূৰ৷ তুলসী এজন চিনেমা ৰসিকো, সেই দিশটোও এই সাক্ষাৎকাৰত প্ৰতিফলিত হৈছে৷ কবিতা নিৰ্মাণৰ আগকথা অথবা প্ৰাক্‌-প্ৰস্তুতি, কবিতা লিখাৰ পৰিৱেশ, কবিতা এটাৰ শিৰোণাম নিৰ্ণয় সম্পৰ্কে কবিৰ বোধত কেনেধৰণৰ চিন্তা-চেতনাই ক্ৰিয়া কৰে বা অনুভৱ তুলসীয়েনো কবিতা কিয় লিখে; সেই সম্পৰ্কীয় বিশদ বিৱৰণ এই সাক্ষাৎকাৰত আলোচিত হৈছে৷
ইয়াৰ পৰৱৰ্তী খণ্ডত অনুভৱ তুলসীৰ নিৰ্বাচিত ২৫টা কবিতা সংকলিত হৈছে৷ এম. কামালুদ্দিন আহমেদে এই নিৰ্বাচন কৰিছে৷ অসমীয়া কাব্য সাহিত্যত এম কামালুদ্দিন আহমেদ নিজেও এজন জে্যষ্ঠ কবি তথা সাহিত্য সমালোচক৷ তেখেতৰ এই নিৰ্বাচনে অনুভৱ তুলসীৰ কাব্য-চেতনাৰ মূল সূৰটোকে পাঠকৰ মাজলৈ লৈ যোৱাত অনুঘটক হিচাপে ক্ৰিয়া কৰিছে৷ বাচি-বাচি তুলি অনা এই পঁচিশটা কবিতা ভুৰুকাত হাতী ভৰোৱাৰ সমপৰ্যায়ৰ হৈ পৰিছে৷
পৰৱৰ্তী খণ্ডটোত ‘ৰসিক-সুজনৰ সৌৰজগত’ শীৰ্ষক শিৰোনামেৰে কবি অনুভৱ তুলসীয়ে নিজৰ শৈশৱ, কৈশোৰ কালটোৰ বহিঃজগত, মনোজগত সম্পৰ্কে লিখিছে৷ এই কথাখিনি কবিৰ ‘বানা কৰি পঢ়া লুইতৰ পানী’ সংকলনত সন্নিৱিষ্ট ‘আগকথা’ৰ পৰা তুলি অনা হৈছে৷ কবিতা লিখাৰ অন্তৰালৰ কাৰক, কাৰণ আৰু পৃষ্ঠভূমি, কবিতা সম্পৰ্কে তেওঁৰ নিজস্ব দৃষ্টিভংগী, দৰ্শন সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে৷ সেইদৰে অসমীয়া কবিতাৰ স্বাৰ্থত, অসমীয়া ভাষাটোৰ স্বাৰ্থত তেওঁ কাব্যসাধনাক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰাৰ অন্তৰালৰ কথাখিনিও এই লিখনিৰ মাজেৰে প্ৰতিফলিত হৈছে৷ তেওঁৰ কথাত নিহিত হৈ আছে গভীৰ জাতীয়তাবাদ৷ সেয়েহে তেওঁ লিখিছে–‘অসমীয়া বুলি বিশ্বত এটা জাতি, এটা ভাষা, স্বকীয় কৃষ্টি-সংস্কৃতি, প্ৰাণ আৰু স্পন্দন যে আছে, সেইটোকেই মই এই মাটিৰ সন্তান হিচাপে পোন-প্ৰথমে বুজি ল’বলৈ প্ৰয়াস কৰিছোঁ৷ অসমীয়া মন-মণীষা, সংবেদনশীলতা, হৃদয়বৃত্তিৰ বাৰ্তা মোৰ কবিতাৰ যোগেৰে প্ৰকাশ কৰাৰ হেঁপাহেই মোৰ মূলভেঁটি৷ এই ভাষাৰ সঞ্জীৱনী শক্তি মোৰ প্ৰাণ-মন উশাহৰ সতে মিলি আছে৷ এইখিনিকে মই অসমীয়া হিচাপে, অসমীয়া ভাষাৰ প্ৰেমিক হিচাপে মোৰ প্ৰিয় মানুহলৈ আগবঢ়াব পাৰোঁ আৰু তাকেই কৰি যাবলৈ মই সংকল্প কৰিছোঁ৷’ (পৃষ্ঠা-২৪১)
পৰিশিষ্ট-২ত অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰো কেইজনমান দ্বিগজ সমালোচক, সাহিত্যিকে অনুভৱ তুলসীৰ কাব্য চেতনা আৰু তেওঁৰ কবিতা সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ তাৰ ভিতৰত প্ৰদীপ আচাৰ্য্য, প্ৰভাত বৰা, সুধীৰ সাক্সেনা, হীৰেন্দ্ৰ নাথ দত্ত, কে, সচ্ছিদানন্দন, শ্বাস্বত এচ. দাস, নিৰ্মল কান্তি ভট্টাচাৰ্য আদি৷ এই মন্তব্য তথা চুটি সমালোচনা কেইটায়ো কবি তুলসীৰ কাব্য যাত্ৰাক এটি মান্যতা দিয়াৰ বাবে যথেষ্ট৷
পৰিশেষত ক’ব পাৰি– ব্যক্তি এজনৰ জীৱিত কালতেই তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই হওঁক কিম্বা তেওঁৰ কাব্যসাধনাৰ যথাযোগ্য স্বীকৃতি স্বৰূপেই হওঁক অনুভৱ তুলসী সম্পৰ্কীয় এই লেখাখিনি একত্ৰৰূপত সম্পাদনা কৰি তথা প্ৰকাশ কৰি এম. কামালুদ্দিন আহমেদ আৰু কল্পজ্যোতি ৰায়ে এটি মহৎ কৰ্ম সম্পাদন কৰিলে৷ দুই এটি কাৰিকৰী দিশত গ্ৰন্থখনৰ দুৰ্বলতাও আছে অৱশ্যে৷ গ্ৰন্থখনৰ ডিটিপিৰ ক্ষেত্ৰত কিছু সমস্যা দেখা গৈছে৷ শ্যেটিং সম্পৰ্কীয় দুই এটি বিষয়তো পৰৱৰ্তী সম্পাদনাত গুৰুত্ব দিলে ভাল হয়৷ অসমীয়া সাহিত্য জগতত এনে ধৰণৰ আৰু বহুবোৰ সমালোচনামূলক তথা ব্যক্তি আৰু তেওঁৰ সৃষ্টিৰাজি বিষয়ক গ্ৰন্থৰ প্ৰকাশ কৰাৰ অৱকাশ আছে৷ আগন্তুক দিনত অসমৰ গৱেষক, সমালোচকৰ পৰা এইধৰণৰ আৰু অধিক সমালোচনামূলক গ্ৰন্থ প্ৰকাশ পালে অসমীয়া সাহিত্যৰে ভঁৰাল চহকী হ’ব৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ৩৪০ টকা৷ পৃষ্ঠা সংখ্যা-২৬৩

ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments