অসমীয়া প্ৰকৃতি-সাহিত্য আৰু সৌম্যদ্বীপ দত্তৰ কিতাপ

অসমত পৰিৱেশ আৰু পাৰিপাশ্বিৰ্কতা সম্পৰ্কীয় বৌদ্ধিক চিন্তা-চৰ্চা, সজাগতা আৰু চৰাই-চিৰিকটিৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণী সংৰক্ষণলৈকে প্ৰাকৃতিক পৰিৱেশৰ সৈতে সম্পৰ্ক থকা প্ৰায় সকলো বিষয়তে একাগ্ৰচিত্তে আৰু নিৰলসভাৱে কাম কৰি যোৱা একবিংশ শতিকাৰ মুষ্টিমেয় কেইজনমান পৰিৱেশকৰ্মীৰ ভিতৰত সৌম্যদ্বীপ দত্তৰ নামটোৱেই মোৰ মনলৈ প্ৰথমে আহে৷ প্ৰকৃতিৰ সুৰক্ষা আৰু প্ৰকৃতিৰ নিজস্ব স্বাধীনতা সম্পৰ্কে অসমৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত সচেতনতা আৰু সজাগতা অনাৰ ক্ষেত্ৰতো দত্তৰ নামটো সঘনে আৰু গৌৰৱেৰে উচ্ছাৰণ কৰিব পাৰি৷ ‘নেচাৰ্চ বেকন’ (প্ৰতিষ্ঠা বৰ্ষ-১৯৮২) নামৰ এটা এন.জি.অৰ সঞ্চালকৰূপে দায়িত্বগ্ৰহণ কৰি দত্তই বিংশ শতিকাৰ শেষৰফালৰ পৰাই এইধৰণৰ প্ৰকৃতি সজাগতামূলক সামাজিক কাৰ্যকলাপত জড়িত হোৱাৰ সমান্তৰালভাৱে অসমীয়া সাহিত্যকো পৰিৱেশ সম্পৰ্কীয় গভীৰ বোধ আৰু চিন্তা-চেতনাৰে সমৃদ্ধ কৰি আহিছে৷ তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০ খনতকৈয়ো অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷ ইয়াৰে গৰিষ্ঠসংখ্যক কিতাপৰেই মূল বৈশিষ্ট্য হ’ল– পৰিৱেশ সজাগতা৷

পৰিৱেশকৰ্মী সৌম্যদ্বীপ দত্তৰ প্ৰকৃতি সংৰক্ষণৰ সামগ্ৰিক কাৰ্যকলাপবোৰে একবিংশ শতিকাৰ অসমৰ প্ৰকৃতি-সাহিত্য আৰু পৰিৱেশ সংৰক্ষণৰ ব্যৱহাৰিক দিশটোলৈনতুন মাত্ৰা কঢ়িয়াই আনিছে৷ প্ৰকৃতিক প্ৰাকৃতিকভাৱেই বৰ্তাই ৰাখিবলৈ এখন উপযুক্ত প্লেটফৰ্ম নিৰ্মাণ কৰাটোৱেই সৌম্যদ্বীপ দত্তৰ সাহিত্য সৃষ্টি আৰু তেওঁ কৰি থকা পৰিৱেশ সম্পৰ্কীয় কাম-কাজসমূহৰ প্ৰধান লক্ষ্য৷ সৌম্যদ্বীপ দত্তই এজন পৰিৱেশকৰ্মী হিচাপে অসম তথা ভাৰতবৰ্ষত যিমান কাম কৰিছে, সমান্তৰালভাৱেই ‘প্ৰকৃতি-সাহিত্য’ ধাৰাটোৰ এজন সফল লিখক হিচাপেও গুৰুত্ব লাভ কৰিছে৷ দত্তই তেখেতৰ গ্ৰন্থসমূহৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণ চেতনাকেন্দ্ৰিক ধাৰাটোকে অসমীয়া সাহিত্যত ব্যাপকৰূপত প্ৰতিষ্ঠা কৰিলে৷সেইদৰে সাধাৰণ জনসাধাৰণ আৰু পাঠকৰ সৈতে প্ৰকৃতিক চিনাকী কৰি প্ৰকৃতিক নিৰপেক্ষভাৱেই ভাল পাবলৈ শিকাব পৰা চেতনাটোও তেওঁৰ সাহিত্য আৰু কৰ্মৰাজিত সততে পৰিলক্ষিত হয়৷ তেওঁ অৰণ্য ভ্ৰমণ আৰু অঞ্চল ভ্ৰমণ সম্পৰ্কীয় নতুন বিষয়বোৰক কেন্দ্ৰ কৰিও গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে৷ এই ভ্ৰমণকেন্দ্ৰিক গ্ৰন্থবোৰৰ মুখ্য বিশেষত্ব হৈছে এই গ্ৰন্থবোৰত কেৱল প্ৰকৃতি আৰু সেই নিৰ্দিষ্ট অঞ্চলবোৰৰ ধৰ্ম বিষয়ক বিষয়বস্তুবোৰেহে প্ৰধান ঠাই দখল কৰিছে৷ সেইদৰে তেওঁ বৌদ্ধধৰ্মকেন্দ্ৰিক বহুকেইখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰিছে৷ তলত তেখেতৰ গ্ৰন্থসমূহৰ বিষয়ে পৰিচয়সূচক টোকা প্ৰস্তুত কৰা হ’ল–

প্ৰকৃতি পৰিচয়মূলক গ্ৰন্থ
-অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান (মৃদুপৱন ফুকনৰ সৈতে), ১৯৯৭
-Chakrashila Wildlife Sanctury, ১৯৯৮
-Sanctury and National Parks of Assam (With Navanita Sharma), ১৯৯৮
-নানা কথা নানা প্ৰসংগ [মৰমী তালুকদাৰৰ সৈতে], ২০০৭
-অসমৰ বনৰীয়া মেকুৰী, ২০১০ 
-অসমৰ স্তন্যপায়ী বন্যজন্তু, ২০১২ 
-দিহিং পাটকাই, ২০১৪ 
-ইক’টুৰিষ্ট, ২০১৪
-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ২০১৫
-Kaziranga National Park (Marami Talukdar), ২০১৮  
-মানাহ ৰাষ্ট্ৰীয় উদ্যান, ২০২১

প্ৰকৃতি সংৰক্ষণমূলক গ্ৰন্থ 
-উদ্‌গীৰণ, ২০০৫ 
-প্ৰতিবাদ আৰু প্ৰত্যাশা, ২০০৬ 
-অসমৰ প্ৰাইমেট, ২০০৭ 
-বিপন্ন ধৰিত্ৰী সংকটত বন্যপ্ৰাণী, ২০১২
-প্ৰকৃতিৰ সহগামী চিন্তা আৰু চেতনা, ২০১১
-আমাৰ আপুৰুগীয়া স্তন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ, ২০১৯  

প্ৰকৃতি সংৰক্ষণমূলক ভ্ৰমণ বিষয়ক গ্ৰন্থ 
-অৰণ্যৰ ছাঁ-পোহৰ, ২০০৩ 
-অৰণ্যত এখোজ দুখোজ, ২০১০ 
-নামচাঙৰ অন্তেষপুৰ, ২০১০ 
-অৰণ্য পথৰ পথিক, ২০১৩
-অৰণ্যাতুৰ ভ্ৰমণকথা, ২০১৫  
-লাহুল স্পিতি আৰু কিন্নৰ উপত্যকা, ২০১৮

ৰাজ্য, অঞ্চল ভ্ৰমণ বিষয়ক গ্ৰন্থ 
-অপৰূপা অৰুণাচল, ২০০৮
-ভ্ৰমণৰ আনন্দ, ২০১২ 
-বৰ্ণিল অৰুণাচল, ২০১২ 
-Amazing Arunachal, ২০১৩ 
-ব্ৰজডেগনৰ দেশত, ২০১৬ 
-মোহময়ী অৰুণাচল, ২০১৬ 
-ডেমাজং, ২০১৮ 
-উদ্ভাসিত মায়াবন, ২০২১ 
-লে-লাডাখ, ২০২২

চৰাই সম্পৰ্কীয় গ্ৰন্থ
-অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি, ২০১১ 
-অসমৰ জলচৰ চৰাই, ২০১৭ 
-আমাৰ বিনন্দীয়া চৰাই আৰু তাৰ সংৰক্ষণ, ২০১৭
-অসমৰ চিকাৰী চৰাই, ২০১৮ 

সম্পাদনামূলক গ্ৰন্থ
-প্ৰকৃতি শিবিৰ (সম্পা.) ২০১২ 
-Rainforest of Assam, ২০১৩ 

বৌদ্ধ ধৰ্ম বিষয়ক গ্ৰন্থ
-অসমত বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ সংস্কৃতি, ২০১৪
-মহাপুৰুষ গৌতম বুদ্ধ, ২০১৫
-অসমৰ বৌদ্ধ কিৰাত, ২০১৭
-বৌদ্ধধৰ্মৰ পৰিচয়, ২০১৮
-পাটকাই সভ্যতা, ২০১৯
-বৌদ্ধ-চিন্তা, ২০২০

অন্যান্য বিষয়ক গ্ৰন্থ
-প্ৰাচীন কামৰূপ-কমতাত প্ৰচলিত বৈষ্ণৱ গীত আৰু কবিতা, ২০০৪

দত্তই এই বিশাল সাহিত্যৰাজিৰ মাজেৰে অসমীয়া সাহিত্যত একবিংশ শতিকাটোত প্ৰকৃতি-সাহিত্যৰ পথ-প্ৰদৰ্শক এজন লেখক হিচাপে এক সবল পৃষ্ঠভূমি নতুন প্ৰজন্মটোৰ বাবে সৃষ্টি কৰিছে৷ শেহতীয়াকৈ দত্তৰ একাংশ গ্ৰন্থৰ সমালোচনামূলক লেখাৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ অৰবিন্দ ৰাজখোৱাৰ সম্পাদনা আৰু বিতু বড়াৰ সহ সম্পাদনাৰে প্ৰকাশ পোৱা ‘অসমীয়া প্ৰকৃতি-সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ শীৰ্ষক গ্ৰন্থখনত পৰিৱেশকৰ্মী দত্তৰ প্ৰকৃতি সজাগতাকেন্দ্ৰিক কিছু সংখ্যক গ্ৰন্থৰ বিষয়ে বহল প্ৰেক্ষাপটত বিচাৰ-বিশ্লেষণ আছে৷ গ্ৰন্থখনৰ প্ৰথম পৰ্বৰ প্ৰবন্ধবোৰ লিখিছে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰপৰা ২০১৯বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে৷ ২০১৯ চনত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাষিকৰ শিক্ষাৰ্থীসকলে দত্তৰ সাহিত্যকৃতি সম্পৰ্কে একোখনকৈ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ সেই প্ৰকল্পসমূহৰপৰা নিৰ্বাচিত কিছু বিষয়ৰসম্পাদনা কৰি প্ৰবন্ধআকাৰে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনৰ দ্বিতীয় পৰ্বত অসমৰ বিভিন্নজন লেখক-লেখিকাৰ ১৬ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংযোজন কৰা হৈছে৷ সেইদৰে গ্ৰন্থখনৰ শেষৰফালে সৌম্যদ্বীপ দত্তৰ সংক্ষিপ্ত জীৱনপঞ্জী আৰু দত্তৰ এতিয়ালৈকে প্ৰকাশিত গ্ৰন্থাৱলীৰ তালিকা এখনো সংলগ্ন কৰা হৈছে৷ উল্লেখ্য যে গ্ৰন্থসমূহৰ প্ৰবন্ধবোৰ শিক্ষাৰ্থীসকলে লিখা হেতুকে দুই এটি বিষয়ত সঠিকৰূপত হয়তো বিষয়ৰ বিচাৰ-বিশ্লেষণ সম্ভৱ হৈ উঠা নাই বা বক্তব্য বা সমালোচনাবোৰ হয়তো আৰু কিছু স্পষ্ট আৰু পোনপটীয়া হোৱাৰ প্ৰয়োজন আছিল৷ কিন্তু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ প্ৰথম প্ৰচেষ্টা আৰু এটা বিভাগৰপৰা আৰম্ভ হোৱা একধৰণৰ ইতিবাচক চিন্তা-চেতনাৰ স্বাক্ষৰ হিচাপে গ্ৰন্থখনৰ যথেষ্ট প্ৰাসংগিকতা আছে৷ 

গ্ৰন্থখনৰ সবাটোকৈ উল্লেখযোগ্য লিখনিটো হৈছে– গ্ৰন্থখনৰ পাতনিটো৷ প্ৰায় ৩২ পৃষ্ঠাৰ সুদীৰ্ঘ ‘পাতনি’ৰ কথাখিনি বৰ্তমান সমাজ-সাহিত্যৰ বাবে আৰু ‘প্ৰকৃতি-সাহিত্য’ অভিধাটোক অসমত প্ৰতিষ্ঠা কৰোৱাবপৰাকৈ সমৃদ্ধিশালী হৈ উঠিছে৷  পাতনিত ‘প্ৰকৃতি-সাহিত্য’ বিষয়টোৰ পৃষ্ঠভূমি, ইয়াৰ ইতিহাস, শ্ৰেণীবিভাজন, বিকাশ আৰু প্ৰাচ্য-পাশ্চাত্যত ইয়াৰ প্ৰসাৰ-প্ৰচাৰ আদিৰ বিষয়ে যথেষ্ট তথ্য আৰু বিচাৰ-বিশ্লেষণ আছে৷ এটা সাহিত্যিক ধাৰা হিচাপে ‘প্ৰকৃতি-সাহিত্য’ৰ প্ৰাসংগিকতা আৰু ইয়াৰ গুৰুত্ব কিমান; সেই দিশটোও স্পষ্টৰূপত প্ৰতিফলিত হৈছে৷ ‘অসমীয়া প্ৰকৃতি-সাহিত্য’ বিষয়টোৰ চৰ্চাৰ বাবে সম্পাদকে মূলতঃ ৬টা ভাগত সমগ্ৰ প্ৰকৃতি বিষয়ক সাহিত্যৰাজিক ভাগ কৰি লৈছে৷ সেই ভাগসমূহ হৈছে– পটভূমি হিচাপে প্ৰকৃতি, বন্দনামূলক, বৈজ্ঞানিক অধ্যয়নমূলক, উপযোগিতামূলক, পৰিচয়মূলক, সজাগতামূলক৷ সজাগতামূলক শ্ৰেণীটোক পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছে৷ সেয়া হ’ল– মানুহৰ স্বাৰ্থত প্ৰকৃতি সংৰক্ষণ আৰু পৃথিৱীৰ স্বাৰ্থত প্ৰকৃতি সংৰক্ষণ৷ এই ভাগকেইটাৰ আধাৰতে ৰাজখোৱাই অসমীয়া ভাষাত প্ৰকৃতিক কেন্দ্ৰ কৰি ৰচনা কৰা সাহিত্যসমূহৰ শ্ৰেণী বিভাজন কৰিছে৷ এই শ্ৰেণী বিভাজনে বিষয়টোক প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিবলৈ নিশ্চয়কৈ নতুনচাম গৱেষক, লেখক-লেখিকাক সুবিধা প্ৰদান কৰিব৷

গ্ৰন্থখনৰ প্ৰথম পৰ্বৰ প্ৰবন্ধবোৰ লিখিছে ক্ৰমে– পংকজ কুমাৰ দত্ত, পূবালী বৰা, ময়ূৰী দত্ত, যুতিকা বৰুৱা, ভবানী দাস, দুলুমণি বৰা, কাশ্মীৰী শইকীয়া, নমিতা কোঁচ, পঙ্কজ মৰাং, প্ৰিয়ংকা বৰা, পূজা ভূঞা, ৰাখী সোনোৱাল, সঞ্জয় আচাৰ্যই৷ দ্বিতীয় পৰ্বত সৌম্যদ্বীপ দত্তৰ সৈতে সাক্ষাৎকাৰ এটি প্ৰকাশ কৰা হৈছে৷ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে এইখন গ্ৰন্থৰে প্ৰবন্ধ লেখকসকলে৷ ‘সংযোজন’ অধ্যায়টোৰ প্ৰবন্ধখিনি লিখিছে ক্ৰমে– ভাস্কৰ ভূঞা, মণিমালা কন্দলী দাস, ভূবিকাশ বৰদলৈ, ইমৰাণ হুছেইন, দিগন্ত ওজা, হিল্লোল কুমাৰ পাঠক, বিভূতিভূষণ, মানস প্ৰতীম দত্ত, গোলাপ গগৈ, যদুমণি শইকীয়া, ড॰ জগদীশ ৰায়চৌধুৰী, ইন্দ্ৰজিত দত্ত, হেমাঞ্জলি সন্দিকৈ, গ্ৰন্থ বান্ধৱ আৰু খনীন্দ্ৰ কুমাৰ ডেকাই৷ এই সংযোজন অধ্যায়টোৰ লিখকসকল কলেজৰ শিক্ষাৰ্থী নহয়৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ লিখকসকলৰপৰা নিৰ্বাচিত কেইটিমান লেখা ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷ গ্ৰন্থখনৰ শেষৰফালে সৌম্যদ্বীপ দত্তৰ সংক্ষিপ্ত জীৱনপঞ্জী আৰু তেখেতৰ গ্ৰন্থাৱলীৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে৷

পঙ্কজ কুমাৰ দত্ত অসমৰ এজন উল্লেখযোগ্য পৰিৱেশকৰ্মী৷ তেখেতৰ লেখাটোত পৰিৱেশ আন্দোলন, প্ৰকৃতি সাহিত্যৰ বিষয়ে বিচাৰ-বিশ্লেষণ থকাৰ লগতে সেই বিষয়সমূহৰ সৈতে সৌম্যদ্বীপ দত্তৰ সম্পৰ্ক আৰু তেখেতৰ কাৰ্যাৱলী বিচাৰ কৰা হৈছে৷ দত্তৰ সাহিত্যৰাজি আৰু সামাজিক জীৱনটোৰ বিষয়েও লেখাটোত গভীৰ পৰ্যবেক্ষণ আৰু সমালোচনা আছে৷ দত্তই যে অসমৰ পৰিৱেশ সুৰক্ষাৰ আন্দোলনটোক বৌদ্ধিক মাত্ৰা দিয়াত এককভাৱেই সফল হৈছে, সেই সম্পৰ্কে লেখাটোত উদাহৰণসহ বিচাৰ-বিশ্লেষণ আছে৷ পূবালী বৰাৰ লেখাটোও সৰ্বাঙ্গসুন্দৰ হৈছে৷ তেখেতে পৰিপাশ্বৰ্ সমালোচনাৰ আধাৰত দত্তৰ ‘অৰণ্যৰ ছাঁ-পোহৰ’ গ্ৰন্থখনৰ সামগ্ৰিক বিশ্লেষণ কৰিছে৷ গ্ৰন্থখনত আলোচনা কৰা সৌম্যদ্বীপ দত্তৰ গ্ৰন্থকেইখন হৈছে– ‘অৰণ্যৰ ছাঁ-পোহৰ’, ‘অপৰূপা অৰুণাচল’, ‘অৰণ্য পথৰ পথিক’, ‘অৰন্যাতুৰ ভ্ৰমণকথা’, ‘আমাৰ আপুৰুগীয়া স্তন্যপায়ী বন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ’, ‘মোহময়ী অৰুণাচল’, ‘অসমৰ জলচৰ চৰাই’, ‘অসমৰ চিকাৰী চৰাই’, ‘অৰণ্যত এখোজ দুখোজ’, ‘ডেমাজং’, ব্ৰজডেগনৰ দেশত’, ‘অসমৰ বনৰীয়া মেকুৰী’, ‘নামচাঙৰ অন্তেষপুৰ’, ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি’, ‘ইক’টুৰিষ্ট’, ‘বিপন্ন ধৰিত্ৰী সংকটত বন্যপ্ৰাণী’, ‘উদ্‌গীৰণ’, ‘পাটকাই সভ্যতা’, ‘প্ৰকৃতিৰ সহগামী চিন্তা আৰু চেতনা’ আৰু ‘নামচাঙৰ অন্তেষপুৰ’ আদি৷  তলত স্যেম্যদ্বীপ দত্তৰ কেইখনমান মনোমৰ গ্ৰন্থৰ বিষয়ে পৰিচয়জ্ঞাপক টোকা উল্লেখ  কৰা হৈছে৷ উল্লেখ্য যে এই টোকাসমূহ সাধাৰণ পৰিচয়জ্ঞাপকহে৷ তেখেতৰ গ্ৰন্থসমূহৰ এটি সাধাৰণ পৰিচয় দিয়াই টোকাসমূহৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য৷

অৰণ্যৰ ছাঁ-পোহৰ
‘অৰণ্যৰ ছাঁ-পোহৰ’ গ্ৰন্থখন মূলতঃ এখন পৰিৱেশ সজাগতামূলক ভ্ৰমণ সাহিত্য বিষয়ক গ্ৰন্থ৷ ‘অৰণ্যৰ ছাঁ-পোহৰ’ গ্ৰন্থখনত মুঠ বাৰটা প্ৰবন্ধত অসম, ভাৰতবৰ্ষৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ কেইখনমান নিৰ্দিষ্ট অঞ্চলৰ ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণিত হৈছে৷  গ্ৰন্থখনত সন্নিবিষ্ট প্ৰবন্ধকেইটা হৈছে–‘আমেৰিকাৰ চিনানডুৱা উপত্যকাৰ কিছু স্মৃতি’, ‘ওৱাকামজাৰ দেশত’, ‘জুকু উপত্যকাৰ পৰা খনমা গাঁৱলৈ’, ‘কৰবেটৰ গভীৰ অৰণ্যত’, ‘পিচমঘাটৰ সমাহিত অৰণ্যত’, ‘সুন্দৰবনৰ অভিজ্ঞতাৰে’, ‘বক্সাৰ হাবিত বাট হেৰুৱাই’, ‘ডিব্ৰু চৈখোৱাৰ মাজেৰে লাইকাৰ বুকুলৈ’, ‘হালোং মেকাইৰ তলে তলে নামচাঙৰ পাৰলৈ’, ‘মানাহ কেম্পৰ এটা দিন’, ‘এতিয়াও সমৃদ্ধ হৈ ৰৈছে মানাহৰ¸ অৰণ্য’ আৰু ‘অৰণ্যৰ ছাঁ-পোহৰ’৷ দত্তই এই গ্ৰন্থখনত অৰণ্যৰ বিচাৰ আৰু ব্যাখ্যাৰে প্ৰকৃতি সম্পৰ্কীয় দিশটোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ভ্ৰমণ কৰা অঞ্চলসমূহৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি দিশসমূহো প্ৰসঙ্গক্ৰমে উল্লেখ কৰিছে৷ গ্ৰন্থখনতলেখকে অৰণ্যত ঘূৰি ফুৰোঁতে হোৱা তিতা-মিঠা প্ৰতিটো অভিজ্ঞতাকে কাহিনীৰ মাজেৰে ৰসোত্তীৰ্ণভাৱে তুলি ধৰিছে৷ গ্ৰাম্যস্তৰৰ লোকসকলৰ মাজত বা নিৰক্ষৰজনৰ চিন্তা-চেতনাতো পৰিৱেশ সংৰক্ষণৰ বীজ অংকুৰণ ঘটাত এইখন গ্ৰন্থৰ লেখাসমূহে নিশ্চিতভাৱে সহায় কৰিব৷ ‘অৰণ্যৰ ছাঁ-পোহৰ’ গ্ৰন্থখনৰ প্ৰকাশক- প্ৰদ্যুৎ হাজৰিকা, প্ৰকাশন- বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ- ২০০৩
অৰণ্যাতুৰ ভ্ৰমণকথা
‘অৰণ্যাতুৰ ভ্ৰমণ কথা’ গ্ৰন্থখন প্ৰকৃতি সজাগতামূলক ভ্ৰমণ সম্পৰ্কীয় এখন গ্ৰন্থ৷ এইখন গ্ৰন্থতো প্ৰকৃতিৰ সৰস বৰ্ণনা থকাৰ লগতে বন্য জীৱন-জন্তুসমূহৰ জীৱন-পদ্ধতি, অৰণ্যসমূহৰ ওপৰত পৰা সামাজিক প্ৰভাৱ, ৰাজনৈতিক প্ৰভাৱ, বনাঞ্চল ধবংস হোৱাৰ কাৰণ, অৰণ্য সংৰক্ষণৰ ব্যৱস্থা আদি সম্পৰ্কে উল্লেখ থকাৰ সমান্তৰালভাৱে ভ্ৰমণকাৰী সৌম্যদ্বীপ দত্তৰ ব্যক্তিগত আবেগ, অনুভূতি আৰু পৰিৱেশ সম্পৰ্কীয় উপলব্ধি আদি দিশবোৰ প্ৰকাশ পাইছে৷ ইয়াৰোপৰি কাজিৰঙা পক্ষী মহোৎসৱ, মণিপুৰ বৌদ্ধ মহোৎসৱ সম্পৰ্কেও গ্ৰন্থখনত পৰিচয়সূচক লিখা আছে৷ গ্ৰন্থখনত মুঠ বাৰটা ভ্ৰমণ বৃতান্ত বা ভ্ৰমণ সংক্ৰান্তীয় লিখা সন্নিবিষ্ট কৰা হৈছে৷ তাৰে এটাৰ বাহিৰে বাকী সকলোবোৰ ভ্ৰমণ সম্পন্ন অসমৰ বিভিন্ন  প্ৰান্তত৷ গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধকেইটা হৈছে– ‘মানাহৰ অৰণ্যাতুৰ দিনবোৰ’, ‘হোলোঙাপাৰত হলৌ মাত’, ‘উজনি অসমৰ পৰ্যটন প্ৰাণকেন্দ্ৰ দিহিং পাটকাই অভয়াৰণ্য’, ‘বুঢ়াচাপৰি অভয়াৰণ্যৰ মাজে মাজে’, ‘অৰণ্যত বৰষুণ’, ‘নিগম ঘোলা প্ৰকৃতি শিবিৰ’, ‘পবিতৰা অৰণ্যত এদিন’, ‘ডিব্ৰু ছৈখোৱাত দিন-ৰাতি’, ‘নিখিল বড়ো ছাত্ৰ সংগঠনৰ অহিংস আন্দোলন আৰু প্ৰকৃতি সংৰক্ষণৰ কথা’, ‘মণিপুৰ বৌদ্ধ মহোৎসৱৰ পৰা ব্ৰহ্মদেশত এভুমুকি’, ‘কাজিৰঙা পক্ষী মহোৎসৱ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদ’, ‘বৰদনী অভয়াৰণ্যত প্ৰকৃতি শিবিৰ’ আদি৷ ‘অৰণ্যাতুৰ ভ্ৰমণ কথা’ গ্ৰন্থখনৰ  প্ৰকাশক- অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ, গুৱাহাটী-১, আগষ্ট, প্ৰথম সংস্কৰণ-২০১৫

আমাৰ আপুৰুগীয়া স্তন্যপায়ী বন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ 
‘আমাৰ আপুৰুগীয়া স্তন্যপায়ী বন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ’ গ্ৰন্থখনৰ যোগেদি  অসমৰ বন্যপ্ৰাণীসমূহৰ বৈশিষ্ট্য, বাসস্থান, বন্যপ্ৰাণীসমূহৰ সাধাৰণ পৰিচয়, সংৰক্ষণৰ প্ৰচেষ্টা আদি দিশ সম্পৰ্কে আলোচনা কৰা হৈছে৷ গ্ৰন্থখনত বিশেষকৈ স্তন্যপায়ী প্ৰাণীসমূহৰ পৰিচয় আৰু একক বৈশিষ্ট্য সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হৈছে৷ সেইদৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত স্তন্যপায়ী বন্যপ্ৰাণীৰ ভূমিকা, বনৰীয়া স্তন্যপায়ীবোৰৰ সংকটৰ কাৰণ, তেওঁলোকৰ খাদ্য বাসস্থান ধ্বংস কেনেকৈ হৈছে তাৰ বিষয়ে আলোচনা কৰা হৈছে৷ ভাৰত বা অসম ৰাজ্যত বন্যপ্ৰাণীসমূহ কেনেকৈ ধ্বংস হৈছে তাৰ অঙ্গ-পতঙ্গ অবৈধ বেহা-বেপাৰবোৰ কিদৰে সংঘটিত হৈছে, সেই সম্পৰ্কেও আলোচনা কৰা হৈছে৷ অসমত ‘নেচাৰ্চ বেকন’ৰ জন্ম আৰু নেচাৰ্চ বেকনে স্তন্যপায়ী বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত হাতত লোৱা প্ৰচেষ্টা সমূহৰ সম্পৰ্কেও গ্ৰন্থখনত বিতংভাৱে আলোচনা কৰা হৈছে৷ ‘আমাৰ আপুৰুগীয়া স্তন্যপায়ী বন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰকাশক- ক্ৰিয়েটিভ ডিজাইন ডিব্ৰুগড়, নেচাৰ্চ বেকন, প্ৰথম প্ৰকাশ- ২০১৯

অৰণ্য পথৰ পথিক
অৰণ্য পথৰ পথিক গ্ৰন্থখনো প্ৰকৃতি সজাগতামূলক ভ্ৰমণ সম্পৰ্কীয় এখন গ্ৰন্থ৷ দত্তই গ্ৰন্থখনত বিভিন্ন গাঁও, চহৰ, শস্যক্ষেত্ৰ, নদী, নিজৰা, পাহাৰ-পৰ্বত, সাগৰ-মহাসাগৰ, শিল, মাটি, অৰণ্য, ফুলনি, আকাশ, মেঘ, কঠোৰতা-কোমলতা সকলোখিনি দিশ ভ্ৰমণৰ মাজেৰে কেনেদৰে অনুভৱ কৰিছে, গ্ৰন্থখনত সেই সম্পৰ্কীয় অনুভৱ আৰু বিশ্লেষণ আছে৷ গ্ৰন্থখন পৰিকল্পনাৰ মূল উদ্দেশ্য হ’ল পৰিৱেশ সংৰক্ষণ আন্দোলনৰ প্ৰসাৰ কৰা৷ গ্ৰন্থখনত সন্নিবিষ্ট হোৱা মুঠ প্ৰবন্ধ সংখ্যা হ’ল ১২ টা৷ প্ৰতিটো প্ৰবন্ধই ভিন্‌ ভিন্‌ ঠাই ভ্ৰমণৰ অভিজ্ঞতাৰে সমৃদ্ধ৷ গ্ৰন্থখনৰ প্ৰবন্ধ কেইটাত উল্লিখিত ঠাইসমূহৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে৷ গ্ৰন্থখনত প্ৰকাশিত কেইটিমান প্ৰবন্ধ হৈছে– ‘টাইফাকে ইক’ টুৰিজিম কেম্পৰপৰা দিহিং পাটকাই অভয়াৰণ্যলৈ’, ‘বক্সা অৰণ্যৰ পান্থশালাঃ ২৮বস্তি’,  ‘ডুকপাসকলৰ লেপচা গাঁও’, ‘মানাহ  ৰাষ্ট্ৰীয় উদ্যান’, ‘নেওৰা উপত্যকা’, ‘পবা বনভূমি’, সুন্দৰবনৰ অভয়াৰণ্য’, ‘পখিলা বিচাৰি পৰশুৰাম কুণ্ডৰ পাৰে পাৰে’, ‘জলদা পাৰা জংঘল কেম্প’, ‘ভূটানৰ আকসাং মনেষ্ট্ৰী দৰ্শন’, ‘অৰুণাচলৰ পাক্কে অৰণ্য’, আৰু ‘মাৰ্ঘেৰিটাৰ পৰা টিপং কলিয়াৰীলৈ’৷ এই প্ৰবন্ধকেইটা ৰচনাৰ মূল উদ্দেশ্য হ’ল– অসমত পৰিৱেশ সংৰক্ষণ আন্দোলন আৰু বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন গঢ়ি তোলা৷ গ্ৰন্থখনত অৰণ্যসমূহৰ ইতিহাস আৰু বৰ্তমান স্থিতি সম্পৰ্কেও উল্লেখ আছে আৰু অৰণ্যৰ সৌন্দৰ্য যেনেকৈ সুন্দৰভাৱে বৰ্ণনা কৰিছে সেইদৰে সমস্যা আৰু সংৰক্ষণ সম্পৰ্কীয় মতসমূহেও প্ৰবন্ধসমূহক এক পৃথক মাত্ৰা প্ৰদান  কৰিছে৷ গ্ৰন্থখনৰ প্ৰকাশক- ভৱানী বুকচ, প্ৰথম প্ৰকাশ- ২০১৩

মোহময়ী অৰুণাচল
‘মোহময়ী অৰুণাচল’ শীৰ্ষক গ্ৰন্থখন প্ৰকৃতি ভ্ৰমণ সম্পৰ্কীয় এখন মনোৰম গ্ৰন্থ৷ গ্ৰন্থখনত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ জাতি-জনগোষ্ঠীসমূহৰ সামাজিক সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক, মানসিক ইত্যাদি দিশবোৰৰ প্ৰতিফলন ঘটিছে৷ গ্ৰন্থখনৰ মূল বিষয়বস্তু হৈছে অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক পৰিৱেশ আৰু অৰুণাচল প্ৰদেশৰ জনজাতি সকলক পৰিৱেশ  আন্দোলনত জৰিত কৰোৱা৷ অৰুণাচলৰ জাতি-জনজাতিসকলৰ মাজত বন সংৰক্ষণ, অৰণ্য সংৰক্ষণৰ সজাগতা সৃষ্টিকৰা আৰু মানসিক বিকাশ সাধন কৰি অৰ্থনৈতিকভাৱে সবল কৰি তোলাও গ্ৰন্থখনৰ উদ্দেশ্য৷ গ্ৰন্থখনৰ পাতনিত লেখকে লিখিছে–‘মই মোৰ অৰুণাচল প্ৰদেশৰ ভ্ৰমণৰ লগতে আৰু এটা কাম সদায় কৰিবলৈ সচেষ্ট থাকো, প্ৰথমৰ পৰাই মই এই কামটো কৰিবলৈ যত্নবান হৈছোঁ৷ সেইটো হ’ল অৰুণাচল প্ৰদেশৰ লোকসকলৰ মাজত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগ্ৰত কৰি অৰুণাচলৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনটোক গতিশীল কৰাৰ প্ৰয়াস৷ যাৰ ফলত ভ্ৰমণৰ সাৰ্থকতা বহুগুণে বৃদ্ধি পাইছে৷’ ‘মোহময়ী অৰুণাচল’ গ্ৰন্থখনত আপাতানি, চকমা, গালো, লিচু আৰু দিবং উপত্যকাৰ মিচিমি, মনপা, মেম্বা, তাগিন, নেপালী, আদি, ৰামো, পাইলেবো, বৰী, বোকাৰ, ভূটীয়া, তিব্বতী, ৰাভা, বড়ো, গাৰো, বঙালী, চাওতাল, নিংমা সম্প্ৰদায় সকলোকে আদি কৰি এই জনজাতিসকলে কেনেদৰে অৰুণাচল প্ৰদেশৰ পৰম্পৰা, ধৰ্মীয় ৰীতি-নীতিৰে বসবাস কৰে তাৰ আভাস দিবলৈ চেষ্টা কৰিছে৷ অৰুণাচল প্ৰদেশৰ নদী উপত্যকাসমূহত কেনেদৰে গালোসকলে বসবাস কৰে তাৰো বিৱৰণ গ্ৰন্থখনত আগবঢ়াইছে৷ কিদৰে অৰুণাচলৰ জনজাতিসকলে প্ৰকৃতিৰ কোলাত জীৱিকা নিৰ্বাহ কৰে আৰু অৰুণাচলৰ জনজাতিসকলে  কেনেদৰে প্ৰকৃতিৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিছে গ্ৰন্থখনত সেই সম্পৰ্কীয় বিৱৰণো আছে৷ ‘মোহময়ী অৰুণাচল’ গ্ৰন্থৰ প্ৰকাশন- বনলতা, পানবজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১৬

অপৰূপা অৰুণাচল
‘অপৰূপা অৰুণাচল’ গ্ৰন্থখন হ’ল অৰুণাচল প্ৰদেশ সম্পৰ্কীয় প্ৰথমখন ভ্ৰমণমূলক গ্ৰন্থ৷ পোনপ্ৰথমে ‘অপৰূপা অৰুণাচল’ৰ প্ৰবন্ধসমূহ ‘সাদিন’ আৰু ‘সম্ভাৰ’ কাকতত প্ৰকাশিত হৈছিল যদিও পাছত এই প্ৰবন্ধবোৰ একত্ৰিত কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হয়৷ অৰুণাচলৰ ৰং-ৰূপ, দুৰ্গম অঞ্চল, তাৰ জনসাধাৰণৰ সামাজিক জীৱন পদ্ধতি, উৎসৱ-অনুষ্ঠান, কৃষি পদ্ধতি, বিবাহ-পদ্ধতি, চিকাৰ পদ্ধতি, ধৰ্মীয় দিশ, ডেকা চাং, গাভৰু চাং, বন্যপ্ৰাণীসমূহৰ পৰিচয় আদি সকলোখিনি দিশেই গ্ৰন্থখনত উল্লেখ আছে৷ গ্ৰন্থখনত মুঠ জ্জটা প্ৰবন্ধৰ মাজেৰে লোহিতৰ গিৰিখাদ আৰু গিৰিপথ, মনপা, টাৱাঙ, দিবং উপত্যকা, পাছিঘাট, নামদফা মহাৰণ্য আৰু ঈগলনেষ্ট আদি অঞ্চলৰ বিষয়ে লিখা হৈছে৷ গ্ৰন্থখনত সৌম্যদ্বপ দত্তই অৰুণাচলৰ নৈসৰ্গিক ৰূপ-সৌন্দৰ্য, বিভিন্ন জাত-জনজাতি, প্ৰাকৃতিক পৰিৱেশৰ মাজত দেখা-পোৱা জীৱ-জন্তু, চৰাই-চিৰিকতি, নদ-নদী, অৰুণাচলত দেখা পোৱা মঠ-মন্দিৰ লগতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আদি বিষয় সম্পৰ্কেও লিখিছে৷ সেইদৰে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে অৰুণাচল প্ৰদেশক গঢ়ি তুলিবপৰা সাম্ভাব্য দিশবোৰৰ কথা গ্ৰন্থখনত আলোচনা কৰা হৈছে৷ ‘অপৰূপা অৰুণাচল’ গ্ৰন্থৰ প্ৰকাশক- ভৱানী বুক্‌ছ, চতুৰ্থ প্ৰকাশ, অক্টোবৰ, ২০১৫

অসমৰ জলচৰ চৰাই
চৰাই পৰিচিতি বিষয়ক এখন মনোৰম গ্ৰন্থ৷ গ্ৰন্থখনত মুঠতে ছটা ভাগত বিভক্ত কৰি চৰাই সম্পৰ্কে অধ্যয়ন কৰা হৈছে৷ ভাগবোৰ হ’ল– ‘জলাহভূমি আৰু বনৰীয়া হাঁহ’, ‘অসমৰ বগলী জাতীয় চৰাই’, ‘ডুবাৰু আৰু মাছ চিকাৰী’, ‘আদ্ৰৰ্ভূমি জোপোহা-নিবাসী’, ‘আদ্ৰৰ্ভূমিৰ বৃহৎ চৰাই আৰু বোকাপানীৰ সৰু চৰাই’৷ গ্ৰন্থখনৰ পাতনিত দত্তই লিখিছে– ‘বহু মানুহে এই জলচৰ চৰাইবোৰৰ বিষয়ে জানিব বিচাৰে; চৰাইবোৰৰ নাম কি ? চৰাইবোৰে কি খায়? স্থানীয় চৰাই নে বিদেশৰ পৰা অহা চৰাই? কিন্তু এই সম্পৰ্কে জানিবলৈ বিচাৰিলেও অসমীয়া পাঠকৰ হাতত এখন ভাল অসমীয়া ভাষাত লিখা জলচৰ চৰাইৰ কিতাপ আমি তুলি দিব পৰা নাছিলো৷ মই অনুভৱ কৰোঁ মোৰ এই অসমৰ জলচৰ চৰাই নামৰ কিতাপখনে সেই অভাৱ আংশিকভাৱে হ’লেও হয়তো পূৰণ কৰিব৷’ গ্ৰন্থখন বিভিন্ন ধৰণৰ জলচৰ চৰাইৰ আলোকচিত্ৰৰে ৰঙীন আলোকচিত্ৰৰে প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনত অসমৰ জলাহভূমিত পোৱা জলচৰ চৰাইসমূহৰ পৰিচয়ৰ লগতে কোনবোৰ চৰাই স্থানীয় আৰু কোনবোৰ পৰিভ্ৰমী, চৰাইবোৰ দেখিবলৈ কেনেকুৱা আকৃতিৰ, সেই চৰাইবোৰ কিহৰ বাবে বিখ্যাত সেই সম্পৰ্কে উল্লেখ আছে আৰু চৰাইবোৰৰ অসমীয়া নামৰ লগতে ইংৰাজী, বৈজ্ঞানিক নাম আদি উল্লেখ আছে৷ জলচৰ চৰাইবোৰ ধ্বংস আৰু বিলুপ্ত হোৱা কাৰণৰ লগতে সংৰক্ষণৰ বাবে কোনবোৰ প্ৰচেষ্টা হাতত লোৱাটো প্ৰয়োজনীয় আৰু কোনবোৰ দিশত জনসাধাৰণে গুৰুত্ব দিব লাগে, সেই সম্পৰ্কেও উল্লেখ আছে৷ সেইদৰে চৰাইৰ অবৈধ ব্যৱহাৰ আৰু চৰাই সম্পৰ্কে থকা অন্ধবিশ্বাস আদি সম্পৰ্কেও গ্ৰন্থখনত উল্লেখ কৰি সজাগতাৰ সৃষ্টি কৰা হৈছে৷ এইক্ষেত্ৰত বিভিন্ন সংগঠন আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কেও লেখকে উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ জৰিয়তে দত্তই এই আশা কৰিছে–  এই জলচৰ চৰাইবোৰ সংৰক্ষণ কৰাৰ লগতে যদি সিহঁতৰ বাসস্থানবোৰ সংৰক্ষণ হয় আৰু যদি নতুন প্ৰজন্মই এই ধুনীয়া চৰাইবোৰক নিজৰ সংস্কৃতিৰ মূল্যৱান সমল বুলি বিবেচনা কৰে, তেতিয়াহে গ্ৰন্থখন লিখাৰ সাৰ্থক হ’ব৷ ‘অসমৰ জলচৰ চৰাই’ গ্ৰন্থখনৰ প্ৰকাশক- বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, আগষ্ট, ২০১৭

অসমৰ চিকাৰী চৰাই
‘অসমৰ চিকাৰী চৰাই’ গ্ৰন্থখন হ’ল চিকাৰী চৰাই পৰিচিতি বিষয়ক এখন মনোৰম গ্ৰন্থ৷ গ্ৰন্থখনত লেখকে অসমৰ চিনাকী-অচিনাকী চিকাৰী চৰাইবোৰৰ আলোকচিত্ৰসহ একো একোটা টোকা প্ৰস্তুত কৰাৰ লগতে এই চিকাৰী চৰাইবোৰৰ প্ৰয়োজনীয়তা, চৰাই পৰ্যবেক্ষণৰ বাবে ল’ব পৰা বিভিন্ন কৌশল আৰু সিহঁতৰ সংৰক্ষণৰ বাবে ল’ব পৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে আভাস পোৱা যাব৷ গ্ৰন্থখনত অসমৰ চিকাৰী চৰাইবোৰৰ বাসস্থান, জীৱন-নিৰ্বাহৰ বিভিন্ন বৈশিষ্ট্য, নিৰ্দিষ্ট চৰাইবোৰ পোৱাৰ স্থান, দেহৰ বৰণ, গঠন, চিকাৰ কৰাৰ ধৰণ আদি বিষয়বোৰৰ বৰ্ণনা আছে৷ অংগসজ্জাৰ ফালৰপৰাও এই গ্ৰন্থখন অসমীয়া সাহিত্যত বিশেষ স্থান পাবৰ যোগ্য৷ গ্ৰন্থখনত লেখকে চৰাই বিষয়ক বহুতো গুৰুত্বপূৰ্ণ তথ্য আৰু চিকাৰী চৰাইবোৰৰ চাৰিত্ৰিক বিশেষত্ব সম্পৰ্কে উল্লেখ কৰিছে৷ চিকাৰী চৰাইবোৰক তেওঁ দুটা ভাগত বিভক্ত কৰিছে৷ ভাগদুটা হ’ল– দিবাচৰ চিকাৰী চৰাই আৰু নিশাচৰ চিকাৰী চৰাই৷ গ্ৰন্থখনত লেখকে  চৰাই-চিৰিকতিবোৰৰ সংৰক্ষণ আৰু পুনৰ উৎপাদনৰ বাবে কৰিবলগীয়া প্ৰয়োজনীয় পদক্ষেপবোৰৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিছে৷ অসমৰ প্ৰাকৃতিক পৰিৱেশতপোৱা সৰ্বসাধাৰণ চৰাই-চিৰিকতিৰ বৈশিষ্ট্যৰ লগতে চিকাৰী চৰাইৰ পৃথক বৈশিষ্ট্য সম্পৰ্কে ভালেখিনি তথ্য দিছে৷ সাধাৰণ চৰাই আৰু চিকাৰী চৰাইৰ মাজত থকাসাদৃশ্য সম্পৰ্কেও বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিছে৷ সেইদৰে বিভিন্ন চিকাৰী চৰাইৰ ঠোঁট আৰু ঠেঙৰ সাদৃশ্য-বৈশাদৃশ্য সম্পৰ্কেও তেওঁ গ্ৰন্থখনত আলোচনা কৰিছে৷ মানুহেও যে বিভিন্ন সময়ত এই চিকাৰী চৰাইবোৰ পোহনীয়া কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছে, তাৰো উদাহৰণসহ বৰ্ণনা গ্ৰন্থখনত আছে৷ সেইদৰে চিকাৰী চৰাইক লৈ হ’ব পৰা পৰ্যটন, অৰ্থনৈতিক প্ৰগতি আদি সম্পৰ্কেও লেখকে নতুন নতুন চিন্তা-চৰ্চাৰ সম্ভেদ গ্ৰন্থখনত দিয়া হৈছে৷ ইয়াৰ পৰৱৰ্তী সময়ত লেখকে দিবাচৰ চিকাৰী চৰাই আৰু নিশাচৰ চিকাৰী চৰাই সম্পৰ্কে পৃথকে পৃথকে টোকা আকাৰত তথ্য সন্নিৱিষ্ট কৰিছে৷ দিবাচৰ আৰু নিশাচৰ চিকাৰী চৰাইৰ মাজৰ পাৰ্থক্য আৰু সাদৃশ্য, গাৰ বৰণ, দৈৰ্ঘ্য-প্ৰস্থৰ বৰ্ণনা, খাদ্যাভ্যাস, থকাৰ স্থান, বাসস্থান আদিয়ে এই টোকাবোৰত গুৰুত্ব লাভ কৰিছে৷ লেখাবোৰত প্ৰতিটো চৰাইৰ স্থানীয় নাম, ইংৰাজী নাম, বৈজ্ঞানীক নামৰ উল্লেখ আছে আৰু প্ৰতিটো চিকাৰী চৰাইৰ বিষয়ে দিয়া এই টোকাসমূহে পাঠকক আৰু বিশেষকৈ চৰাই পৰ্যবেক্ষণকাৰীৰ লগতে চৰাইক লৈ ফটোগ্ৰাফী কৰা নতুন প্ৰজন্মটোৰ বাবে গাইড পুথিৰদৰে সহায় কৰিব বুলি উল্লেখ কৰিব পাৰি৷ গ্ৰন্থখনৰ শেষৰফালে ‘শগুন’ৰ বিশেষ চৰাই গোষ্ঠীসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে৷ ‘অসমৰ চিকাৰী চৰাই’ গ্ৰন্থখনৰ প্ৰকাশক- বনলতা, প্ৰথম প্ৰকাশ- আগষ্ট, ২০১৮

অৰণ্যত এখোজ দুখোজ
সৌম্যদ্বীপ দত্তই বন্যপ্ৰাণী আৰু পৰিৱেশ বিষয়ক কেন্দ্ৰ কৰি লিখি উলিওৱা এখন মননশীল গ্ৰন্থ হ’ল– ‘অৰণ্যত এখোজ দুখোজ’৷ গ্ৰন্থখনত মুঠ ৬ টা প্ৰবন্ধ আছে৷ সেইখিনি হ’ল– ‘সেউজীয়া অৰণ্য সুবাস’, ‘চিকাৰী কুকুৰৰ মাজত’,  ‘ডিব্ৰু-ছৈখোৱাৰ সেই বাঘিনীজনী’, ‘যমদুৱাৰৰ ভালুক পৰিয়াল’, ‘মাতৃত্ব’ আৰু ‘অৰণ্যৰ বৰ্বৰতা’৷ ইয়াৰে প্ৰতিটো প্ৰবন্ধত দত্তই বিভিন্ন সময়ত পাহাৰ-পৰ্বত, অৰণ্য, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিত পৰিৱেশ, বন্যপ্ৰাণী আৰু চৰাই-চিৰিকতি সম্পৰ্কীয় অধ্যয়ন কৰোঁতে লাভ কৰা বিচিত্ৰ অভিজ্ঞতা, সূক্ষ্ম অনুভূতি আৰু অৰণ্যৰ সমাজবোৰত থকা একক আৰু পৃথক নিয়ম, ৰীতি-নীতি, পৰিস্থিতিতন্ত্ৰ আদি বিষয়বোৰে প্ৰধানভাৱে স্থান লাভ কৰিছে৷ লেখকে প্ৰতিটো অধ্যায়তে সহজ-সৰল প্ৰকাশভংগীৰে¸, জীৱন্তভাৱে আৰু তথ্যসহ অৰণ্য সম্পৰ্কীয় কথা-বতৰাবোৰ উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটোৰ নাম– ‘সেউজীয়া অৰণ্য সুবাস’৷ এই ৰচনাত লেখকে চক্ৰশীলা অভয়াৰণ্যৰ বিভিন্ন প্ৰাকৃতিক সম্পদ, বণ্যপ্ৰাণী, চৰাই-চিৰিকতি, জান, জুৰি, নিজৰা আদি বিষয়বোৰৰ কথা উল্লেখ কৰাৰ লগতে এই অভয়াৰণ্যত পোৱা গৌৰ প্ৰজাতিৰ বনৰীয়া গৰুবিধ বিচাৰি যোৱাৰ ৰোমাঞ্চকৰ বৰ্ণনা ডাঙি ধৰিছে৷ ‘চিকাৰী কুকুৰৰ মাজত’ প্ৰবন্ধটোত নামদফা অৰণ্যৰ নোৱাদিহিং নদী আৰু তাৰ কাষৰ অঞ্চলটোক কেন্দ্ৰ কৰি তাৰ প্ৰকৃতি আৰু জীৱ-জন্তুসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়৷ বিশেষকৈ বনৰীয়া কুকুৰৰ কাৰ্যকলাপ আৰু সিহঁতৰ জীৱন-প্ৰণালীৰ বিষয়ে এই ৰচনাত পুংখানুপুংখ বিৱৰণ পোৱা যায়৷ ‘ডিব্ৰু-ছৈখোৱাৰ সেই বাঘিনীজনী’ নামেৰে তৃতীয় প্ৰবন্ধটোত লেখকে অৰণ্যখনত থকা এজনী বাঘ আৰু তাইৰ পোৱালী তিনিটাৰ বিষয়ে লিখিছে৷ বাঘ-বাঘিনীয়ে কেনেদৰে চিকাৰ কৰে, চিকাৰৰ বাবে কিদৰে বেহু তৈয়াৰ কৰে, বাঘিনীজনী খোজ কাঢ়ি যাওঁতে কেনেদৰে বনৰ মাজে মাজে নিৰাপত্তা আৰু চিকাৰৰ স্বাৰ্থত সন্তপৰ্ণে আগবাঢ়ে– এই বিষয়বোৰৰ সম্বন্ধে উল্লেখ আছে৷ ‘অৰণ্যৰ বৰ্বৰতা’ প্ৰবন্ধটোত নামবৰ অভয়াৰণ্যত থকা টুপীমূৰীয়া বান্দৰৰ দল এটাৰ বিষয়ে বিস্তৃতভাৱে লিখিছে৷ এই বান্দৰ প্ৰজাতিটোৰ কাৰ্য-কলাপ, দলবদ্ধ সহযোগিতা, আৱেগ-অনুভূতি, সিহঁতৰ মাজত প্ৰেম, ভাতৃত্ববোধ, একতা আদি বিষয়বোৰ লেখকে অতি সংবেদনশীলতাৰে বিৱৰিছে৷ বান্দৰৰ দলটোৰ বংশ বৃদ্ধিৰ বাবে হোৱা অৰিয়াঅৰি, সিহঁতৰ যৌনতা, পিতৃত্ব লাভৰ বাবে ‘বুদুৱা’ আৰু পৰৱৰ্তী সময়ত ‘টপ্পু’ নামৰ বান্দৰদুটাৰ কাৰ্যকলাপ, সাহস, সততা, দুখ-দুৰ্গতি আদি বিষয়বোৰ লেখকে অতি মনোৰমকৈ এই ৰচনাত তুলি ধৰিছে৷ ‘মাতৃত্ব’ ৰচনাত লেখকে ‘বক্সা অভয়াৰণ্য’ত থকা এজনী হাতী আৰু তাইৰ সন্তান প্ৰসৱৰ বিষয়ে অতি মৰ্মস্পৰ্শীকৈ লিখিছে৷ হাতীজনীৰ আৱেগ-অনুভূতি, তাইৰ সন্তান প্ৰসৱ আৰু পৰৱৰ্তী সময়ত এই সন্তানটোৰ মৃত্যুত হাতীজনীৰ দুখ আৰু যন্ত্ৰণাক লিখকে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে৷ সেইদৰে ‘যমদুৱাৰৰ ভালুক পৰিয়াল’ ৰচনাত লিখকে ভূটান পাহাৰৰ নামনি অঞ্চলত পোৱা এটা ভালুক পৰিয়ালৰ কাৰ্য-কলাপৰ বিষয়ে মনোৰম বৰ্ণনা ডাঙি ধৰিছে৷ ভালুকৰ জীৱন-প্ৰণালী কেনেধৰণৰ, সিহঁতে সংসাৰ কেনেকৈ কৰে, প্ৰজনন কিদৰে হয়, পিতৃ-মাতৃয়ে সন্তানবোৰক কেনেদৰে সুৰক্ষিত কৰি ৰাখে৷ কেনেদৰে খাদ্য সংগ্ৰহ কৰি সন্তানবোৰক খুৱাই, ইত্যাদি বিষয় সম্পৰ্কে উল্লেখ আছে৷ অৰণ্যত এখোজ-দুখোজ’ গ্ৰন্থখনৰ প্ৰকাশক- ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ, প্ৰথম প্ৰকাশ- ছেপ্তেম্বৰ, ২০১০

ডেমাজং
‘ডেমাজং’ গ্ৰন্থখন ছিকিম বিষয়ক অসমীয়া ভাষাত লিখা প্ৰথমখন গ্ৰন্থ৷ দত্তই লেখকৰ দু-আষাৰত ‘ডেমাজং’ গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰিছে যে– ‘মোৰ এইখন কিতাপ বৌদ্ধধৰ্ম সম্পক¹য় কিতাপ নহয়, এইখন কিতাপ সম্পূৰ্ণৰূপে আমাৰ ছিকিম ভ্ৰমণৰ দ্বাৰা আৰ্জিত৷ বৌদ্ধ তথ্য, সংবাদ আৰু ব্যাখ্যা যিখিনি মই পাঠকক জনাব খুজিছিলোঁ সেইখিনি ইতিমধ্যে মই মোৰ ‘অসমৰ বৌদ্ধ কিৰাত’ নামৰ কিতাপত ব্যক্ত কৰিছোঁ, কিন্তু ছিকিম ভ্ৰমণৰ ভ্ৰমণকথা তাত অলপো উল্লেখ কৰা নাই৷ সেয়েহে এই ‘ডেমাজং’ ছিকিম ভ্ৰমণৰ ওপৰত আধাৰিত কিতাপখন আমি পাঠকৰ উদ্দেশ্য আগবঢ়ালো৷   ছিকিমৰ সমাজ জীৱন, ধৰ্ম আৰু জৈৱবৈচিত্ৰ্যক আধাৰ হিচাপে লৈ গ্ৰন্থখন ৰচনা কৰা হৈছে৷ ছিকিমৰ লগত অসমৰ সম্পৰ্ক পুৰণি কালৰে পৰা৷ সেই সম্পৰ্কৰ কথাও গ্ৰন্থখনত উল্লেখ কৰা হৈছে৷ ‘ডেমাজং’ নামৰ গ্ৰন্থখনত মুঠ দহটা পাঠ সন্নিবিষ্ট কৰা হৈছে৷ সেইয়া হ’ল– ‘ৰাজধানী গেংটক’, ‘সুন্দৰী পেলিং’, ‘ৰুমটেকৰ পৰা তিনতালালৈ’, ‘উত্তৰ ছিকিমৰ ইউমথাং উপত্যকা আৰু গুৰুদুম্বাৰ হ্ৰদ’,‘চেমচে-নামচি-ৰাবাংলা’, ‘কেওজিং বন উপাসনা কেন্দ্ৰৰ পৰা লেকশিপ হৈ তাশিডিং’, ‘ইউকছুমৰ দুবিধ মনেষ্ট্ৰি আৰু কাঞ্চনজংঘা জৈৱ মণ্ডল’, ‘উত্তৰ-ডেনথাম হি বাৰ্মিওক হৈ ৰিনচেনপং’, ‘ওখৰে-হিল্লে আৰু ভাৰ্চে ৰোডোডেড্ৰন অভয়াৰণ্য’ আৰু ‘ঐতিহাসিক ৰেচম পথৰ মাজেৰে জুলুক, নাথাং উপত্যকা হৈ কুপুক৷’ ‘ডেমাজং’ গ্ৰন্থখন যদিও ভ্ৰমণমূলক, তথাপিও গ্ৰন্থখনত ছিকিমৰ ঠাইসমূহৰ লগত জড়িত ইতিহাসৰ কথা, বৌদ্ধ ধৰ্ম সম্পক¹য় মনেষ্ট্ৰিসমূহ আৰু জৈৱ-বৈচিত্ৰ্যৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে৷ সেইদৰে পৰ্যটনৰ দিশটোৰ কথাও গ্ৰন্থখনত বিশদভাৱে আলোচনা কৰা হৈছে৷ গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈ সমাজে ছিকিম ৰাজ্য সম্পৰ্কে এটা স্পষ্ট ধাৰণা ল’ব পাৰিব৷ এইখন গ্ৰন্থতো ৰঙীন আলোকচিত্ৰৰ সমাহাৰ ঘটিছে৷ ‘ডেমাজং’ গ্ৰন্থৰ প্ৰকাশক- বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, আগষ্ট, ২০১৮ 

‘বজ্ৰড্ৰেগনৰ দেশত’
‘বজ্ৰড্ৰেগনৰ দেশত’ গ্ৰন্থখন হৈছে ভূটান সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ৷ গ্ৰন্থখনৰ মূল প্ৰেক্ষাপট হৈছে ভূটান ভ্ৰমণৰ কাহিনীৰ মাজেৰে ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্য্যক পাঠক সমাজৰ মাজত দাঙি ধৰাৰ লগতে ভূটানৰ পৰিৱেশ সংৰক্ষণ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা৷ সৌম্যদ্বীপ দত্তই  ভূটানৰ পাৰিৱেশিক চিন্তা-চেতনাৰ দিশটোক ভ্ৰমণ কাহিনীৰ মাজেৰে অসমীয়া সাহিত্য জগতলৈ অসমীয়া ভাষাৰ মাধ্যমেৰে লৈ যাবলৈ গ্ৰন্থখনৰ যোগেদি চেষ্টা কৰিছে৷ গ্ৰন্থখনত দত্তই তেওঁৰ অভিজ্ঞতাসমূহক মুঠ ছটা অধ্যায়ত বিভক্ত কৰি দেখুৱাইছে৷ সেইয়া হ’ল– ‘হিমালয়ৰ ভাঁজে ভাঁজে অপৰূপ ভূটান’, ‘ভূটানত ৰাজতন্ত্ৰ ঃ প্ৰাচীন কাল আৰু বৰ্তমান’, ‘পুনাখাৰ পৰা ৰিনছেন পুং হৈ দ্ৰুগ্যাল জং’, ‘ভূটানত বৌদ্ধ ধৰ্ম আৰু উৎসৱ অনুষ্ঠান’, ‘টোংছাৰ পৰা বুমথাং হৈ হা উপত্যকালৈ’ আৰু ‘ছামদ্ৰুপঝংখাৰ পৰা ত্ৰছিয়াংছে মোংগাৰ হৈ লুনৎছে’৷ গ্ৰন্থখনত ভূটান ৰাষ্টৰ নামৰ উৎপত্তি, ভূটানত পূৰ্বতে প্ৰচলিত ধৰ্ম, ইতিহাস, ৰাজতন্ত্ৰ ইত্যাদি বিভিন্ন দিশ সামৰি লৈছে৷ বৰ্তমানলৈকে ভূটান সম্পৰ্কীয় বহুতো ইংৰাজী গ্ৰন্থ প্ৰকাশ হৈছে৷ কিন্তু অসমীয়া ভাষাত এইখনেই প্ৰথমখন ভূটান সম্পৰ্কীয় গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অতি সহজ-সৰল আৰু সাৱলীল৷ যিকোনো বয়সৰ ব্যক্তিয়েই গ্ৰন্থখন পঢ়িলে সহজেই ইয়াৰ ভাৱ-ভাষা, চিন্তা-চেতনাবোৰ বুজিব পাৰিব৷ লগতে ভূটান ৰাষ্ট্ৰৰ ইতিহাস, ৰাজতন্ত্ৰ, ধৰ্ম, সংস্কৃতি, পৰ্যটন আদিৰ সম্বন্ধে এটা নূন্যতম ধাৰণা গঢ়ি তুলিব পাৰিব৷ এই গ্ৰন্থখনে পঢ়ুৱৈক ভূটান সম্পৰ্কীয় তথ্য প্ৰদান কৰাৰ লগতে ভৱিষ্যতে ভূটান ভ্ৰমণৰ বাবেও আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ ‘বজ্ৰড্ৰেগনৰ দেশত’ গ্ৰন্থখনৰ প্ৰকাশক- বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ- আগষ্ট, ২০১৬ 

অসমৰ বনৰীয়া মেকুৰী
‘অসমৰ বনৰীয়া মেকুৰী’ গ্ৰন্থখনত দত্তই  অসমৰ ভৌগোলিক সীমাৰ মাজত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি মানহ ৰাষ্ট্ৰীয় উদ্যান, সাধাৰণ বনাঞ্চল, অভয়াৰণ্য  ইত্যাদিবোৰত বাস কৰা বনৰীয়া মেকুৰীৰ বৈশিষ্ট্য, খাদ্যাভাস, স্বভাৱ, বনৰীয়া মেকুৰীবোৰৰ প্ৰকাৰ  ইত্যাদি বিভিন্ন দিশ সন্নিৱিষ্ট কৰি আলোচনা কৰিছে৷ অসমৰ বনৰীয়া মেকুৰীৰ অবৈধ ব্যৱসায়, বনৰীয়া মেকুৰীৰ বাবে সংৰক্ষিত অঞ্চলৰ সাম্প্ৰতিক স্থিতি ইত্যাদি বিষয়বোৰো গ্ৰন্থখনত সামৰি লৈছে৷ গ্ৰন্থখন ৰচনা কৰাৰ পৰিকল্পনা সম্পৰ্কে দত্তই লিখিছে– ‘অসমৰ সকলো বনৰীয়া মেকুৰীৰ সম্পৰ্কে অসমৰ জনসাধাৰণক সজাগ, সচেতন, তথ্যভিত্তিক জ্ঞানেৰে সমৃদ্ধি কৰি তোলাৰ লগতে অসমৰ বনৰীয়া মেকুৰীৰ বাস্তৱ সংৰক্ষণক কাৰ্যকৰী কৰি তোলাই  এই গ্ৰন্থখনৰ মূল উদ্দেশ্য’৷ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত  অঞ্চল ইত্যাদিত বসবাস কৰা বনৰীয়া মেকুৰী যেনে - ‘হাপা’, ‘সোণালী মেকুৰী’, ‘লতামাকুৰী’, ‘মাছুৱা মেকুৰী’, ‘সৰু গোধা’, ‘নাহৰফুটুকী’, ‘গোধাফুটুকী’,’ঢেঁকীয়াপতীয়া বাঘ’, ‘তুষাৰফুটুকী’ ইত্যাদিবোৰৰ বিষয়েও গ্ৰন্থখনত বিৱৰণ আৰু বিশ্লেষণ আগবঢ়াইছে৷ বনৰীয়া মেকুৰীৰ সমাজ, বুদ্ধি আৰু সাহস, বৈশিষ্ট্য, খাদ্য-প্ৰণালী ইত্যাদি বিষয়বোৰো পাঠকৰ আয়ত্বাধীন হোৱাকৈ বিশ্লেষণ কৰিছে৷ 

গ্ৰন্থখনত আলোচনা কৰা এটা গুৰুত্বপূৰ্ণ দিশ  হৈছে ‘বনৰীয়া মেকুৰীৰ অবৈধ ব্যৱসায়’৷  অসমৰ বনৰীয়া মেকুৰীক চীন দেশকে প্ৰমূখ্য কৰি বিশ্বৰ বিভিন্ন ঠাইত চলা অবৈধ ব্যৱসায়,  জীৱ-জন্তুৰ দাঁতৰ বিভিন্ন লকেট পৰিধান, অথৱা বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ চলা বনৰীয়া মেকুৰীৰ চোৰাং ব্যৱসায়ৰ বিভিন্ন দিশ সৌম্যদ্বীপ দত্তই আলোচনাৰ আওতালৈ আনিছে৷ বনৰীয়া মেকুৰীৰ বাসস্থান, মানুহৰ সৈতে সততে হোৱা সংঘাত, বনৰীয়া মেকুৰীৰ স্থানীয় নাম, বৈজ্ঞানিক নাম, চাৰিত্ৰিক বৈশিষ্ট্য ইত্যাদি বিভিন্ন দিশৰ  সম্পৰ্কেও গ্ৰন্থখনত পৰিচয়সূচক আলোচনা আছে৷ গ্ৰন্থখনত দত্তই অসমত পোৱা  সৰু ‘হাপা’, ‘সোণালী মেকুৰী’, ‘লতামাকৰী’, ‘মাছুৱা মেকুৰী’, ‘সৰু গোধা’ আদিৰ কথা উল্লেখ কৰিছে৷ অসমৰ সৰু মেকুৰীৰ আলোচনা কৰাৰ লগতে ভাৰতবৰ্ষত পোৱা সৰু মেকুৰী বিশেষকৈ ‘কেৰাকেল’, ‘ডেজাৰ্ট কেট’, ‘মাৰ্বেল মেকুৰী’, ‘গোল্ডেন মেকুৰী’ৰ সম্পৰ্কে পৰিচয়মূলক আভাস দিছে৷ আকৌ বনৰীয়া মেকুৰীৰ ক্ষমতা, বুদ্ধি আৰু সামৰ্থৰ স্পষ্টতা, বনাঞ্চলভেদে পোৱা মেকুৰীবোৰ, মেকুৰীবোৰৰ আত্মগোপনৰ ব্যৱস্থা, অৰণ্যভেদে মেকুৰীৰ বৈশিষ্ট্য  ইত্যাদি সম্পৰ্কে আলোচনা আছে৷ গ্ৰন্থখনত বনৰীয়া মেকুৰী আৰু মানুহৰ সংঘাতৰ বিষয়েও বিভিন্ন ধৰণে আলোচনা কৰা হৈছে৷ অসমৰ বনৰীয়া মেকুৰীবোৰৰ বিস্তৃত আৰু বিজ্ঞানসন্মত আলোচনা আজিকোপটি স্পষ্টকৈ হোৱা দেখা নাযায়৷ এনে পৰিপ্ৰেক্ষিত্ৰত সৌম্যদ্বীপ দত্তই ‘অসমৰ বনৰীয়া মেকুৰী’ৰ বিষয়ে এখন গ্ৰন্থ প্ৰণয়ন  কৰি অসমীয়া জাতি আৰু সাহিত্যৰ বাবে এটা গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰিছে৷  ‘অসমৰ বনৰীয়া মেকুৰী’ গ্ৰন্থখনৰ প্ৰকাশক- ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌, হাতীশিলা, গুৱাহাটী, প্ৰথম প্ৰকাশ- ছেপ্টেম্বৰ, ২০১০ 

নামচাঙৰ অন্তেষপুৰ 
সৌম্যদ্বীপ দত্তৰ প্ৰকৃতিপ্ৰীতি আৰু অৰণ্যৰ প্ৰতি থকা অপৰিসীম দায়বদ্ধতা তথা প্ৰকৃতিক নিস্বাৰ্থভাৱে ভালপোৱাৰ এক প্ৰামাণ্য উদাহৰণ হ’ল ‘নামচাঙৰ অন্তেষপুৰ’ শীৰ্ষক গ্ৰন্থখন৷ দত্তৰ  ‘নামচাঙৰ অন্তেষপুৰ গ্ৰন্থখন উপন্যাসধৰ্মী গদ্যশৈলীৰে লিখা৷ অসমৰ বৰ্ষাৰণ্যসমূহ ধবংসৰ মুখৰপৰা উদ্ধাৰ কৰিবলৈ চলোৱা তীব্ৰ সংঘাটপূৰ্ণ সংগ্ৰামৰ কথা এই গ্ৰন্থখনত আছে৷ জয়পুৰ, আপাৰ দিহিং, ডিৰক এই তিনিখন সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ দত্তৰ নেতৃত্বত নেচাৰ্চ বেকনে এসময়ত ব্যাপক আন্দোলন আৰম্ভ কৰিছিল৷ বৰ্ষাৰণ্যসমূহক অভয়াৰণ্য হিচাপে মৰ্যাদা দিবলৈ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ লগতে স্থানীয় জনসাধাৰণক সচেতন কৰি তুলিবলৈ নেচাৰ্চ বেকনে ব্যাপক প্ৰয়াস চলাইছিল৷ নেচাৰ্চ বেকনে আৰম্ভ কৰা এই প্ৰচেষ্টাটো ধ্বংস কৰিবলৈ সেই সময়ছোৱাত বহুতো নেতিবাচক শক্তিৰ সৃষ্টি হৈছিল৷ বৃহৎ বণিয়াগোষ্ঠীৰ প্ৰলোভন, বাধা, চৰকাৰী পক্ষৰ অনেক ষড়যন্ত্ৰ, অপপ্ৰচাৰ, আনকি বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে সংগ্ৰাম চলোৱা আন্দোলনকাৰীৰ জীৱনলৈ প্ৰাণৰ সংশয়ো নামি আহিছিল৷ এই সংগ্ৰামৰ পৰিশেষত ১১১.১৯ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ বাধ্য হৈছিল৷ ‘নামচাঙৰ অন্তেষপুৰ’ নামৰ গ্ৰন্থখনত এই আন্দোলনটোৰ বিষয়ে বিস্তাৰিতভাৱে উল্লেখ আছে৷ উজনি অসমত যে এখন বৰ্ষাৰণ্য আছে সেইকথা কিছুবছৰৰ আগলৈকে গৰিষ্ঠসংখ্যক নাগৰিকেই জনা নাছিল৷ নেচাৰ্চ বেকনে কেনেদৰে অৰণ্যখন যে বৰ্ষাৰণ্যৰ শ্ৰেণীভূক্ত হ’বৰ উপযুক্ত, সেইকথা বিস্তাৰিত অধ্যয়ন কৰি অসমৰ ৰাইজৰ আগত অৰণ্যখনৰ বিষয়ে পৰিচয় কৰাই দিছে; চৰকাৰী পক্ষই অৰণ্যখন সংৰক্ষণৰ বিষয়ে আবেদন জনাওঁতে কি পৰিস্থিতিৰ সৃষ্টি কৰিছে, কেনেদৰে একাংশ আমোলাই সংগঠনটোক ধবংস কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হৈছে তাকো সাৱলীলভৱে গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে৷ সেইদৰে দত্তই গ্ৰন্থখনত গভীৰ অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰোতে লাভ কৰা ৰোমাঞ্চকৰ অভিজ্ঞতা, নিশাৰ অৰণ্যৰ অভিজ্ঞতা, দুৰ্গম, ৰ’দৰ পোহৰ নপৰা ঘোপমৰা আৰু জয়াল অৰণ্যৰ শিহৰণকাৰী ঘটনাৰ চাক্ষুস বৰ্ণনা আগবঢ়াইছে৷ তদানীন্তন অসমৰ বনমন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছা, অৰণ্যৰ বন্ধু নগেন শৰ্মা, প্ৰদ্যুৎ বৰদলৈ আদিৰ সৈতে হোৱা অভিজ্ঞতা, ৰাজনৈতিক চাতুৰ্যতা, ৰাজনীতিকৰ কাণ্ডজ্ঞানহীনতাৰ কথা তথা সুবিধাবাদী বন বিষয়াৰ মুখাবোৰো গ্ৰন্থখনত বাস্তৱিকভাৱেই বৰ্ণনা কৰা হৈছে৷ নেচাৰ্চ বেকনৰ নেতৃত্বত চলা বৰ্ষাৰণ্য সংৰক্ষণৰ আন্দোলনটো নিঃশেষ কৰিবলৈ অসমৰ সমস্ত বনবিভাগটোৱে সেই সময়ত বহুবাৰ চেষ্টা চলাইছিল৷ চৰকাৰী শীৰ্ষ বনবিষয়াসকলে নেচাৰ্চ বেকনৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি অপপ্ৰচাৰ চলাইছিল৷ অসমৰ সংবাদ মাধ্যম বিলাকক বহুবাৰ  ভুল তথ্য দি বিষয়াসকলে সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰিছিল সেইকথা গ্ৰন্থখনত সবিস্তাৰে উল্লেখ আছে৷ ‘নামচাঙৰ অন্তেষপুৰ’ গ্ৰন্থখন প্ৰকৃততে অসমৰ পৰিৱেশ আন্দোলনৰ বাটকটীয়া এটা সংগঠনৰ এক সংগ্ৰামৰ জীৱন্ত ইতিহাস৷ গ্ৰন্থখনত ১৬ পৃষ্ঠাৰ ৰঙীণ আলোকচিত্ৰ সংযোজন কৰা হৈছে৷ সেইদৰে অসমৰ কেইবাজনো উল্লেখযোগ্য ফটোগ্ৰাফাৰৰ আলোকচিত্ৰ গ্ৰন্থখনত সংযোগ কৰাৰ লগতে বংগদেশৰ খ্যাতিমান ফটোগ্ৰাফাৰ ধৃতিমান মুখাৰ্জীৰ ফটোও সন্নিৱিষ্ট কৰা হৈছে৷ ৪১৫ পৃষ্ঠাৰ গ্ৰন্থখনৰ পাতনি লিখিছে সেই সময়ৰ ‘সাতসৰী’ আলোচনীৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজাই৷ গ্ৰন্থখনৰ প্ৰকাশক- বনফুল প্ৰকাশন প্ৰকাশক - বিনু দেউৰী বৰুৱা, হাতীগাওঁ চাৰিআলি, প্ৰথম প্ৰকাশ-২০১০

উল্লিখিত গ্ৰন্থসমূহৰ উপৰি সৌম্যদ্বীপ দত্তৰ আৰু বহুবোৰ জনপ্ৰিয় তথা পাঠক সমাজত সমাদৃত গ্ৰন্থ আছে৷ এই গ্ৰন্থসমূহৰ প্ৰকাশ তথা গ্ৰন্থসমূহৰ বিচাৰ-বিশ্লেষণে অসমীয়া ‘প্ৰকৃতি-সাহিত্য’ ধাৰাটোকে সমৃদ্ধিশালী কৰি তুলিছে৷ দত্তৰ  প্ৰকৃতি সংৰক্ষণ আৰু সংবদ্ধৰ্নক লৈ যি দুৰ্বাৰ হাবিয়াস, প্ৰকৃতি সুৰক্ষাৰ বাবে দীৰ্ঘদিনৰ যি নিৰলস সাধনা, সেই বিশেষ দিশবোৰো তেখেতৰ  গ্ৰন্থসমূহৰ মাজেৰেই প্ৰতিফলিত হৈছে৷ এজন ব্যক্তি কেনেকৈ নিজৰ কৰ্মৰ দ্বাৰা এটা বৃহত্তৰ আন্দোলনলৈ ৰূপান্তৰিত হৈ পৰিব পাৰে, সৌম্যদ্বীপ দত্ত মানুহজনেই ইয়াৰ প্ৰকৃত উদাহৰণ৷ পৰিশেষত সৌম্যদ্বীপ দত্তক জীৱিত কালতেই এখন সমালোচনামূলক গ্ৰন্থৰ জৰিয়তে একক স্বীকৃতি আৰু সন্মান প্ৰদান কৰাত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগো নিশ্চয়কৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷ সম্পাদক অৰবিন্দ ৰাজখোৱা আৰু অসমীয়া বিভাগৰ এইধৰণৰ ইতিবাচক প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকক৷ সৌম্যদ্বীপ দত্তও অসমৰ প্ৰকৃতি-সাহিত্য তথা এজন সংগঠক হিচাপে আজীৱন কাম কৰি যাবলৈ প্ৰেৰণা আৰু সাহস লাভ কৰক৷ তাৰে কামনা কৰিছোঁ৷
...........................................................................

‘প্ৰকৃতি সাহিত্য আৰু নেচাৰ্চ বেকন’ শীৰ্ষক গ্ৰন্থত প্ৰকাশিত লেখা৷ সম্পাদক- পঙ্কজ কুমাৰ দত্ত

@ ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments