চন্দ্ৰধৰ চমুৱা ৷৷ নিষ্কাম গুৰু-শিষ্য উপাখ্যান উপন্যাসৰ সামগ্ৰিক মূল্যায়ন ৷৷ অসমীয়া উপন্যাসৰ সমালোচনা

* চন্দ্ৰধৰ চমুৱাৰ বিষয়ে ৱিকিপিডিয়াত চাবলৈ ক্লিক কৰক

চন্দ্ৰধৰ চমুৱাৰ জীৱন আৰু সাহিত্যকৃতি
চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বান্তৌ গাঁৱত৷ ১৯৪১ চনত৷ তেওঁ যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত প্ৰাক্‌ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৬৭ চনত প্ৰাইভেটকৈ স্নাতক ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ প্ৰাইভেটকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ (১৯৮৩) ডিগ্ৰী আৰু ডক্টৰেট ডিগ্ৰী (১৯৯১) লাভ কৰে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল–‘William Somerset Maugham: a study of his attitude to humen life and situations as reflected in his major works of fiction’.

চমুৱাই লখিমপুৰ জিলাৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে ঢকুৱাখনা বি.এড কলেজৰ অধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ঢকুৱাখনা কলেজত ইংৰাজী বিষয়ৰ প্ৰৱক্তা ৰূপে চাকৰি কৰাৰ পৰৱৰ্তী সময়ত  ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতেই ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল৷ 

চন্দ্ৰধৰ চমুৱা আছিল সাহিত্যৰ নিৰৱ সাধক৷ তেওঁ নাট্যকাৰ হিচাপেই জনসমাজত পৰিচিত যদিও উপন্যাস আৰু গল্পৰ ক্ষেত্ৰখনতো তেওঁৰ দখল আছিল৷ সেইদৰে প্ৰবন্ধ, অনুবাদ আৰু গৱেষণাৰ ক্ষেত্ৰখনতো তেওঁৰ বুৎপত্তি লাভ কৰিছিল৷ ভাৰতীয় দৰ্শনৰ প্ৰতি তেওঁৰ আছিল অপৰিসীম শ্ৰদ্ধা আৰু জ্ঞান, সেয়েহে তেওঁৰ সাহিত্যত ভাৰতীয় দৰ্শনে বিশেষৰূপত বিকাশ লাভ কৰিছে৷ সাহিত্যৰাজিৰ প্ৰচাৰৰ অমনোযোগিতা বা বৌদ্ধিক পাণ্ডিত্যৰ প্ৰতি অনীহা আদি যি কাৰণতেই নহওঁক কিয়, তেওঁৰ সৃষ্টিৰাজিয়ে যেনেদৰে প্ৰচাৰ লাভ কৰিব লাগিছিল বা তেওঁ নিজেও যেনেদৰে প্ৰতিষ্ঠা লাভ কৰিব লাগিছিল; সেয়া সম্ভৱ হৈ নুঠিল৷ যাৰ বাবে লখিমপুৰৰ সাহিত্যক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি যোগোৱা এই এই সাহিত্যিকজনৰ বিষয়ে অসমৰ বিদ্বৎ সমাজ অজ্ঞ হৈ থাকিল৷ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা হ’লে আজি চন্দ্ৰধৰ চমুৱা অসমীয়া সাহিত্যৰ ইতিহাসত সোণোৱালী আখৰেৰে জিলিকি থাকিব পাৰিলেহেঁতেন৷ অৱশ্যে জীৱনৰ শেষৰফালে এইজন ব্যক্তিয়ে অন্যান্য সা-সন্মানৰ লগতে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ তলত তেওঁৰ প্ৰকাশিত-অপ্ৰকাশিত সাহিত্যৰাজিৰ আভাস দেখুওৱা হৈছে–

নাটক
তেখেতে লিখা নাটকবোৰ হ’ল- শাক্যমুনি গৌতম, প্ৰেম নশ্বৰ অথবা অবিনশ্বৰ, বব্ৰুবাহন, পোৰা ভেঁটিৰ নতুন ঘৰ [পূৰ্ণাংগ মঞ্চনাট], ক’লা বাকচৰ লেখা, ৰত্নাকৰ [অপ্ৰকাশিত], গুণাহগাৰ, চাৰ্বাক [পূৰ্ণাংগ মঞ্চনাট], সোণালী শইচৰ দেশ, অৰ্জুনৰ শক্তি সাধনা, তেজীমলা [অনাতাঁৰ নাট], আঁৰত এখন জগত, অভিজ্ঞান [কাব্য অনাতাঁৰ নাট], হলাহল, নীলকণ্ঠ [অনাতাঁৰ নাট], ডাৱৰ মুখৰ জোন [অপ্ৰকাশিত], ডিৰ্ভচ [অপ্ৰকাশিত], কংস [পূৰ্ণাংগ মঞ্চনাট], সতীৰ সমাধি আৰু এটি প্ৰত্যয় [অপ্ৰকাশিতপূৰ্ণাংগ মঞ্চনাট], অৰাজ্যৰ দিনলিপি [অপ্ৰকাশিত], প্ৰভাত পখীৰ আৰ্তস্বৰ [অপ্ৰকাশিত, মাদাৰ টেৰেজা [অপ্ৰকাশিত], ম্যুৎ-দ্যুন্‌-ছুন্‌-খাম, ৰেৱাদেবী বৰুৱা, তমসা তীৰৰ ভূত [অপ্ৰকাশিত, পূৰ্ণাংগ মঞ্চনাট], ব্লেকমেইল [বাটৰ নাট], ইয়াত এখন বাগিচা হ’ব [অনাতাঁৰ নাট], মাডাৰ টেৰেজা [মঞ্চনাট], শেষ নিশাৰ গীত [পূৰ্ণাংগ মঞ্চনাট], বুমেৰাং [অনাতাঁৰ নাট], খনন [অনাতাঁৰ নাট], জন্ম-দুৰ্ভোগ মৃত্যু [অনাতাঁৰ নাট], জয়াৰ জয় [অনাতাঁৰ নাট], বৌ-ননন্দৰ ঘৰ আৰু পৰ [সামাজিক চুটি মঞ্চনাট], যাত্ৰা আমাৰ মহামিলনৰ [নৃত্য-নাটিকা], অস্বাভাৱিক [একাংকিকা], বিভ্ৰাট [একাংকিকা], এখন দৰকাৰী ফণি [একাংকিকা], চেনাটৰিয়াম [একাংকিকা], হাঁহি [একাংকিকা], অভিজ্ঞান [অনাতাঁৰ কাব্যনাট], মহাভাৰতৰ তিনিজন হিৰ’ যুৱক [মুকলি পথাৰৰ নাট-ভাওনা], খহনীয়া আদি৷

গল্প সংকলন
ক৷ প্ৰেম বনাম ভক্তি [প্ৰকাশিত, ২০০৫] 
খ৷ জীয়া সুঁতিত এখন্তেক [প্ৰকাশিত, ২০০১]
গ৷ পূৰ্বৰাগ [প্ৰকাশিত, ২০০২]
ঘ৷ উৰণীয়া মেঘৰ ছাঁ [প্ৰকাশিত, ২০০৪]
ঙ৷ প্ৰত্যাৱৰ্তন [প্ৰকাশিত, ২০০০]

উপন্যাস 
ক৷ পৰিক্ৰমা [প্ৰকাশিত, ২০০২]
খ৷ নিষ্কাম গুৰু শিষ্য উপাখ্যান [প্ৰকাশিত, ২০০২]
গ৷ ধুমুহা আহি আছে [প্ৰকাশিত, ২০০৩]
ঘ৷ তেজত গজা দুবৰি [প্ৰকাশিত, ২০০৩]
ঙ৷ চ্যালুইনৰ পৰা লুইতলৈ [প্ৰকাশিত, ২০০৫]
চ৷ এই মাটিৰ দুখ [অপ্ৰকাশিত]
ছ৷ সতী অনন্য আৰু অন্যান্য [অপ্ৰকাশিত] 
জ৷ সিদ্ধাৰ্থ অমিতাভ [অপ্ৰকাশিত] 
ঝ৷ কাংকান [অপ্ৰকাশিত] 
ঞ৷ সূৰুজপুৰত সূৰ্যোদয় [অপ্ৰকাশিত] 
ট৷ বাগদদৰ বাঘ [অপ্ৰকাশিত] 
ঠ৷ নিন্দিত-ঘৃণিত আৰু বন্দিত [অপ্ৰকাশিত] 
ড৷ মধুবনত অন্যান্য [অপ্ৰকাশিত]
ঢ৷ কঢ়া নদী বয় নিৰৱধি [অপ্ৰকাশিত] 
ণ৷ নেদেখা ছবি, দেখা ঘাঁ [অপ্ৰকাশিত]
ত৷ অৱক্ষয় [অপ্ৰকাশিত] 
থ৷ এটা পাণ্ডুলিপিৰ পাতনিৰে [অপ্ৰকাশিত] 
দ৷ এখন নাটকৰ পৃষ্ঠভূমি [উপন্যাসিকা, অপ্ৰকাশিত] 
ধ৷ মৰিসুঁতিৰ শিল [অপ্ৰকাশিত]

গৱেষণামূলক প্ৰবন্ধ গ্ৰন্থ
ক৷ কৃষ্ণ আৰু বুদ্ধঃ সময় আৰু সমাজ
খ৷ জৈন ধৰ্ম দৰ্শন আৰু পঞ্চকল্যাণকৰ পৰম্পৰা
গ৷ তাই আহোমৰ ধৰ্মীয় সাংস্কৃতিক ৰূপৰেখা আৰু অন্যান্য ঐতিহ্য
ঘ৷ ভাৰতীয় ইতিহাসত বৰ্ণবাদৰ কাহিনী [অপ্ৰকাশিত] 

অনুবাদ গ্ৰন্থ 
ক৷ কঢ়া প্ৰবচন [প্ৰকাশিত] 

সম্পাদিত আলোচনীযগ্ৰন্থ 
ক৷ সুবৰ্ণসীৰা [স্মৰণিকা, ঢঃ উঃ মাঃ বিঃ সোণালী জয়ন্তী উৎসৱ, ১৯৮৭]
খ৷ ৰূপসাঁকো [স্মৰণিকা, পশ্চিম ঢঃ উঃ মাঃ বিঃ ৰূপালী জয়ন্তী উৎসৱ, ১৯৯১] 
গ৷ সংকল্প [১৯৮৫ চনৰ ধেমাজি জিলাৰ প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘৰ জিলা সন্মিলনৰ স্মৰণিকা] 
ঘ৷ লখিমী [অসম সাহিত্য সভাৰ ২০০৩ চনৰ লখিমপুৰ অধিৱেশনৰ জনগোষ্ঠীয় প্ৰবন্ধ সংকলন] 
ঙ৷ অন্যন্যা [২০০৩-০৪ চনত উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী] 

উপন্যাসখনৰ কাহিনী 
চেনীমাৰী আশ্ৰমৰ আচাৰ্য ইন্দ্ৰস্বামী হৈছে আশ্ৰমখনৰ মূল ব্যক্তি৷ তেওঁ পৰিচালনাতে আশ্ৰমখনে বহুবছৰ ধৰি এক সুন্দৰ আৰn শান্তিৰ পৰিৱেশত দীন কটাই আহিছে৷ কিন্তু উপন্যাসখনৰ আৰম্ভণিতে ঔপন্যাসিকে দেখুৱাইছে যে– এটা বিশেষ কাৰণত এই আচাৰ্য ইন্দ্ৰস্বামীয়ে আশ্ৰম ত্যাগ কৰি ‘মইনা চাপৰি’ নামৰ ঠাইখনত নতুনকৈ আশ্ৰম পাতিছেগৈ৷ কিনো এই কাৰণটো? তাৰ বাবে ঔপন্যাসিকে এক দীঘলীয়া পাতনিৰ অৱতাৰণা কৰিছে৷

আচাৰ্যৰ মতে চেনীমাৰি সত্ৰৰ কেইজনমান ভক্তই এটা  পাপকৰ্ম সংঘটিত কৰিছে৷ যিটো নেকি আশ্ৰমৰ তিনিশ বছৰীয়া ইতিহাসত এবাৰলৈয়ো সংঘটিত হোৱা নাই৷ চেনীমাৰী আশ্ৰমখন এখন সমৃদ্ধিশালী আৰু ঐতিহ্যপূৰ্ণ আশ্ৰম৷ আশ্ৰমত নাৰীৰ প্ৰৱেশ নিষিদ্ধ৷ ভকতসকলো নিৰামিষভোজী৷ কাৰুশিল্প, চাৰুকলা আদিৰ ওপৰি বিভিন্ন সামাজিক, সাংস্কৃতিক দিশত আশ্ৰমৰ ভকতবৃন্দ পাৰ্গত আৰু আগৰণুৱা৷ ক’ব পাৰি– নাৰীৰ সংশ্ৰৱ আৰু সাহচৰ্যৰ বাহিৰে আশ্ৰমখনৰ জীৱনযাত্ৰা আধুনিক সময়ৰ সৈতে খাপখোৱা ধৰণৰ আছিল৷ গতিকে তেনে এখন আশ্ৰমত পাপকৰ্ম সংঘটিত হোৱা ঘটনাটোত ইন্দ্ৰস্বামী ক্ষুন্ন হৈছে আৰু চেনীমাৰী আশ্ৰম এৰিছে৷

উপন্যাসখনত ইন্দ্ৰস্বামী চৰিত্ৰটোৰ দৰেই  পুলক নামৰ চৰিত্ৰটোক সবলৰূপত দেখুওৱা হৈছে৷ পুলকে বয়সন্ধি কালত ভৰি দিয়াৰে পৰা আশ্ৰমখনত এটা সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰথমেই উপন্যাসখনত কোৱা হৈছে৷ পুলক চৰিত্ৰটো কৰ্মঠ আৰু প্ৰতিভাশালী৷ পুলক আছিল ঘাতমাউৰা, সেয়েহে সম্বন্ধীয় মোমায়েক মাধৱে তাক সৰুতেই চেনীমাৰী আশ্ৰমলৈ লৈ আহিছিল৷ সি যুক্তিবাদী আছিল৷ তৰ্ক কৰাত আগভাগ লৈছিল৷ এদিন পুলকৰ লগৰ বকুল নামৰ ল’ৰাটোৱে আশ্ৰমত ৰং তুলিকাৰে এখন প্ৰাকৃতিক চিত্ৰ আঁকিছে৷ বকুলৰ সেই চিত্ৰত কল্পনাৰ এটি নাৰী চৰিত্ৰ শিল এচটাৰ ওপৰত বহি আছে৷ এই চিত্ৰখনকে ভকত এজনে দেখি কথাৰ সাৰমৰ্ম নুবুজিবকুলে আশ্ৰমত থাকি নাৰীৰ চৰিত্ৰ অঁকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এনেকৈয়ে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে নেকি বুলি তাৰ চৰিত্ৰৰ ওপৰত আশ্ৰমবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ বকুলৰ কাষতে থকা পুলকে এই ঘটনাটো প্ৰত্যক্ষ কৰি বকুলৰ হৈ মাত মাতিছে যে–  ‘‘বকুলদাই ছবিহে আঁকিছে, ছবি আঁকিলেই যদি ইমান অপৰাধ হয়, তেন্তে কোনোবাই যদি তেজ-মঙহৰ তিৰোতাক আনি এই হাতীত সুমুৱায়হি, তেন্তে তাক দেখোন ফাঁচীয়েই দিব লাগিব৷’’

এই সৰু কথাটোকে লৈ উপন্যাসখনৰ প্ৰথমটো সংঘাত সৃষ্টি হৈছে৷ ভকতসৱে বকুল আৰু পুলকৰ এই ঘটনাটো পৰৱৰ্তী সময়ত ক্ষমা কৰি দিছে যদিও পুলকৰ জ্ঞান বুদ্ধি আৰু প্ৰতিভা দেখি কেনেকৈ তাক এসেকা দিব পাৰি বা লাজ দিব পাৰি তাৰ চেষ্টা কৰিছে৷ ইয়াৰ পৰৱৰ্তী সময়ত বকুল আৰু পুলকে বগাই বকতৰ ঘৰলৈ মহাভাৰত আৰু ৰামায়ণৰ নাৰী চৰিত্ৰ ৰুক্মিনী আৰু সীতাৰ প্ৰকৃত ছবি ছাবলৈ গৈছে৷ কাৰণ বকুলে সীতা আৰু ৰুক্মিনীৰ আচল ছবি দেখা নোপোৱা বাবেহে পূৰ্বতে ছবি আকোঁতে সেই ছবিৰ নাৰীগৰাকীৰ চৰিত্ৰটোত ভক্তিতকৈ শৃংগাৰ ৰস বেছি প্ৰকট হৈছিল বুলি বগাই ভকতে ভাবিছে৷ সেয়েহে তেওঁ প্ৰাচীন ফটোবোৰ দেখুওৱাৰ কথা ভাবিছে৷ বগাই ভকতে দুয়োকে ছবিবোৰ দেখুৱাইছে৷  কিন্তু ছবিবোৰ সম্পূণকৈ অঁকা নাই বাবে পুলকে ছবিবোৰ ভাল পোৱা নাই৷ ছবিবোৰ তিনিভাগৰ এভাগ দেখুৱাকৈহে অঁকা হৈছে বুলি পুলকে বগাই ভকতক আপত্তি কৰিছে৷ তাতেই বগাই ভকতৰ খং উঠিছে আৰু তাক কৈছে এনেদৰে– ‘‘গতিকে যা, ক’ৰবাত চিনেমা, চি.ভি চাগৈ, ইয়ালৈ কি বিচাৰি আহিছ?’’  

ইয়াৰ পৰৱৰ্তী সময়ত আচাৰ্য ইন্দ্ৰস্বামীয়ে আশ্ৰমত বিচাৰ ল’বলৈ আহিছে৷ মন্দিৰৰ বেৰত কোনোবাই লিখিছে– ‘আশ্ৰমৰ ভিতৰত সমকামিতা নচলিব’৷ এই কথাটোকে লৈ আশ্ৰমৰ ভিতৰচ’ৰাত হুলস্থূল আৰু অৰাজকতাৰ সৃষ্টি হৈছে, আশ্ৰমত যৌন চৰিতাৰ্থ কৰিবলৈ কোনে সাহস কৰিব পাৰে! আশ্ৰমত তেন্তে ব্ৰহ্মচৰ্য ব্ৰতত বিঘিনি ঘটিছে! এইধৰণৰ চিন্তা-বিতৰ্কই সকলোকে আশ্ৰম সম্বন্ধে গভীৰভাৱে ভাবিবলৈ বাধ্য কৰিছে৷ বহুতে কৈছে– আশ্ৰমত এনে কৰ্ম হ’বলৈ পোৱাৰ মূলতে হৈছে ধৰ্মপুথিৰ বাহিৰে বেলেগ পুথি অধ্যয়ন৷ আশ্ৰমৰে বহু সংখ্যকে পুলকৰ প্ৰতিও সন্দেহ প্ৰকাশ কৰিছে৷ তেতিয়া পুলকেও আশ্ৰমৰ সকলোকে সম্বোধন কৰি কৈছে যে– পুথিভড়ালত গল্প, উপন্য্যাসৰ পুথি নাথাকিব পাৰে, কিন্তু বহুতো ধৰ্মপুথিৰ মাজতে কাম-কেলি বিষয়ক গ্ৰন্থ আছে৷ কেলি গোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয়, কীৰ্তনৰ ৰাসক্ৰীড়া, হৰমোহন আদি নাটকবোৰ তেনে পৰ্যায়ৰে বুলি পুলকে উদাহৰণো দিছে৷ তেনে সময়তে বাকীবোৰ ভকতে আৰু আচাৰ্যই পুলকৰ ধৰ্মপুথিক সমালোচনা কৰিবলৈ ইমান সাহস বুলি ককৰ্থনা কৰিছে৷ ইয়াৰ পাছত পুলকৰ জ্ঞান আৰু প্ৰজ্ঞাক সন্মান কৰাৰ সলনি আচাৰ্য ইন্দ্ৰস্বামীয়ে অহংকাৰত মত্ত হৈ তাক আশ্ৰমৰ পৰা বাহিৰ কৰাৰ কথা কৈছে৷ কিন্তু আশ্ৰমক প্ৰাণোপৰি ভালপোৱা পুলকে হাতযোৰ কৰি তেনে নকৰিবলৈ আচাৰ্যক অনুৰোধ কৰিছে৷ তাৰ পাছত ইন্দ্ৰস্বামীয়ে পুলকৰ জ্ঞান আৰু বুদ্ধিৰ পৰীক্ষা লৈছে৷ পুলকেও নামঘোষাৰ গৰিষ্ঠ সংখ্যক পদ মুখস্থ মাতি নিজৰ জ্ঞান আৰু প্ৰতিভাৰ পৰিচয় দিছে৷ কিন্তু পুলকৰ এই প্ৰতিভাক আশ্ৰমৰ বহু সংখ্যক ভক্তই মানি ল’ব পৰা নাই৷ তাৰ উত্তৰণ দেখি একাংশ ভক্তই তাৰ কিবা এটা অংমগল হোৱাটোহে কামনা কৰিছে৷ ইয়াৰ পৰৱৰ্তী সময়ত ইন্দ্ৰস্বামীয়ে পুলকৰ প্ৰতিভাক স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত ৰাখিবলৈ মন মেলিছে৷ পুলকক নিজৰ গাড়ীত উঠাই বশিষ্ঠবাৰীলৈ লৈ গৈছে৷ তাক বুজনি দিছে৷

পৰৱৰ্তী সময়ত উপন্যাসখনত চেনীমাৰী আশ্ৰমৰ দোষ-দুৰ্বলতাবোৰ দেখুওৱা হৈছে৷ ঔপন্যাসিকৰ মতে লাহে-লাহে আশ্ৰমত নাস্তিকতা সোমাল৷ মানুহে মানুহক মিচা কথা ক’বলৈ ধৰিলে৷ তিৰিৰ প্ৰতি আশ্ৰমৰ ভকতৰ দুৰ্বলতা বাঢ়িল৷ আশ্ৰমৰ মাটি-বাৰীও দখল কৰাৰ চেষ্টা চলিল৷ তাৎপৰ্যপূৰ্ণ যে প্ৰথম পৰ্যায়ৰ আচাৰ্য ইন্দ্ৰস্বামীজনো শেষৰফালে সম্পূৰ্ণৰূপে সলনি হৈছে৷ ইন্দ্ৰস্বামীও সস্তীয়া ভোগ-বিলাসৰ পাকচক্ৰত সোমাই পৰিছে৷  ইফালে লুইতৰ পানীত গা ধুবলৈ যাঁওতে পুলক, গদাধৰ আৰু ভদ্ৰৰ মাজত প্ৰতিযোগিতা হৈছে, কোনে কিমান সময় পানীৰ তলত বুৰ মাৰি থাকিব পাৰে৷ কথা মতেই কাম৷ বগাই ভকতক সাক্ষী কৰি সিহঁত পানীৰ তললৈ বুৰ মাৰিলে৷ এনেকৈয়ে দ্বিতীয়বাৰৰ বাবেডুব দি থাকোঁতেই গদাধৰ আৰু ভদ্ৰই পুলকক উঠি আহিব নোৱাৰাকৈ পানীৰ তলতে হেঁচি ৰাখিলে৷ ফলত পুলকৰ মৃত্যু হ’ল৷ কিন্তু এই কথাটো অতি সন্তপৰ্ণে আৰু চক্ৰান্তৰে কৰা হৈছিল; যাৰ বাবে গাঁৱৰ ৰাইজে পুলকৰ মৃত্যুৰ প্ৰকৃত ৰহস্যটো ধৰিবকে নোৱাৰিলে৷ [ইয়াৰ এবছৰমানৰ পাছত বগাই ভকত নৰীয়াত পৰোঁতেহে তেওঁ ইন্দ্ৰস্বামীক সঁচা কথাটো ক’লে৷ ] এই কথাতে ইন্দ্ৰস্বামীয়ে পৰম আঘাত পায় পুলকৰ মৃতুৰ লগে লগে চেনীমাৰি আশ্ৰম ত্যাগ কৰে৷ কিন্তু ইয়াৰ পাছতে উপন্যাসখনত উল্লেখ আছে যে– ‘‘পাপে গৰকা ঠাইৰ পৰা এদেও দুদেওকৈ আঁতৰি আচাৰ্য ইন্দ্ৰস্বামীয়ে আকাশ মাৰ্গেদি প্ৰায় ডেৰ হাজাৰ মাইল দূৰৰ মুম্বাইৰ সমুদ্ৰতীৰত সাংসাৰিক জীৱন-নিৰ্বাহ কৰাৰ উদ্দেশ্যে এটা অট্টালিকা ক্ৰয় কৰিছে৷’’ এনেদৰেই পাঠকক এটা মোক্ষম বাস্তৱতাৰ সৈতে মুখামুখী কৰি ঔপন্যাসিকে কাহিনীৰ অন্ত পেলাইছে৷

চৰিত্ৰসমূহ 
উপন্যাসখনত মুখ্যভাৱে দুটা চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে৷ সেই দুটা চৰিত্ৰ হৈছে– ইন্দ্ৰস্বামী আৰু পুলক৷ বাকী পাঁচটামান চৰিত্ৰই উপন্যাসখনৰ কাহিনীৰ বৃদ্ধি আৰু বিকাশত অনুঘটক হিচাপে কাম কৰিছে যদিও তেওঁলোকৰ ভূমিকা সবল নহয়৷ সেইদৰে ঔপন্যাসিকে চৰিত্ৰক গুৰুত্ব দিয়াতকৈ মূল কাহিনীটোতহে বেছিকৈ গুৰুত্ব দিছে৷ উপন্যাসখনৰ অন্যান্য চৰিত্ৰকেইটা ক্ৰমে– বকুল, ভদাই, ভদ্ৰ, গদাধৰ, মাধৱ, গকুল বৰফুকন আদি৷ মাত্ৰ নামোল্লেখ থকা চৰিত্ৰকেইটা হ’ল– থগেশ্বৰ, মথুৰা, কুশাই, সদানন্দ, কমলাকান্ত, গজানন, পোৱাল আদি৷

ইন্দ্ৰস্বামী 
‘নিষ্কাম গুৰু-শিষ্য উপাখ্যান’ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰটোৱেই হৈছে ইন্দ্ৰস্বামী৷ চেনীমাৰী আশ্ৰমৰ তেওঁ আচাৰ্য৷ উপন্যাসখনত বৰ্ণনা কৰা মতে চেনীমাৰী আশ্ৰমখনৰ এক দীৰ্ঘ ইতিহাস আছে৷ এই ইতিহাস প্ৰায় তিনিশবছৰীয়া৷ ৰজাৰ দিনত, ইংৰাজৰ দিনত আনকি দেশী চৰকাৰৰ দিনতো এই আশ্ৰমখন সুকলমে বৰ্তি আছে৷ এইখন আশ্ৰমৰে বৰ্তমানৰ আচাৰ্য ইন্দ্ৰস্বামী৷ তেওঁৰ জ্ঞানী আৰু বুদ্ধিমানী৷ নিজৰ অগাধ সা-সম্পত্তি আনকি গাড়ী পৰ্যন্ত আছে৷ এই ইন্দ্ৰস্বামীয়েই চেনীমাৰী আশ্ৰমৰ এটা নাভূত-নাশ্ৰুত কাণ্ডত গভীৰ আঘাত পায় আশ্ৰম এৰি ‘মইনা চাপৰি’ নামৰ ঠাইডোখৰলৈ উঠি যায় আৰু তাত নতুনকৈ আশ্ৰম পাতে৷ তেওঁ নতুন আশ্ৰমলৈ যাওঁতে পুৰণা আশ্ৰমখনৰ প্ৰায়বিলাক বস্তুৱেই লৈ যায়৷ গুৰুদেৱৰ খাত-পালেং, চকি-মেজ, কাঁহ-পিটলৰ শৰাই, অন্যান্য বাচন-বৰ্তন আদি দুখন ট্ৰাকত ভৰাই, সাতজন আলধৰা সহিতে মইনা চাপৰিলৈ গুচি যায়৷ ইন্দ্ৰস্বামী আছিল উদাসীন আচাৰ্য৷ কাৰণ চেনীমাৰী আশ্ৰমত নাৰীৰ প্ৰৱেশ নিষিদ্ধ আছিল আৰু ভকতসকলৰ সহিতে গুৰুসকলো আছিল উদাসীন৷ এই আশ্ৰমখন ধনে-ধানে সকলোফালেই সমৃদ্ধ আছিল৷ ১৯৮৫ চন মানতে আচাৰ্য ইন্দ্ৰস্বামীয়ে চেনীমাৰী আশ্ৰমলৈ টেলিভিচন আনিছিল প্ৰগতিশীল মনৰ পৰিচয় দিছিল৷

পুলক নামৰ ভক্তজনৰ প্ৰতি আচাৰ্য ইন্দ্ৰস্বামীয়েও এটা সময়ত ঈৰ্ষা অনুভৱ কৰে৷ অৱশ্যে  পুলকৰ জ্ঞান আৰু প্ৰজ্ঞাক ইন্দ্ৰস্বামীয়ে কাহিনীৰ শেষৰফালে সমৰ্থন কৰিছে৷ তেওঁ পুলকক নিজৰ গাড়ীত উঠাহ মইনা চাপৰিৰ নতুন আশ্ৰমলৈ লৈ গৈছে৷ তাক আশ্ৰমত জ্ঞান দিয়াৰ ওপৰিও গাড়ীত যাঁওতেও বিভিন্ন বিষয়ৰ বুজনি দিছে৷ পৰৱৰ্তী সময়ত লুইতৰ পানীত পুলকৰ মৃত্যু হোৱা ঘটনাটোত আচাৰ্য ইন্দ্ৰস্বামীয়ে গভীৰ দুখত ম্ৰিয়মান হৈ চেনীমাৰী আশ্ৰম ত্যাগ কৰে৷ এই পুলকৰ মৃত্যুৰ ঘটনাটো উপন্যাসখনত অতি চতুৰ আৰু ক্ৰিটিকেলভাৱে ঔপন্যাসিকে দেখুৱাইছে৷ এনেকুৱা লাগে যেন ভদাই ভকত, ভদ্ৰ, গদাধৰ আদিৰ লগত যেন ইন্দ্ৰস্বামীও ক’ৰবাত নহয় ক’ৰবাত পৰোক্ষভাৱে জড়িত আছে৷ কাৰণ যিজন ইন্দ্ৰস্বামীক উপন্যাসখনত প্ৰথম পৰ্যায়ত ধাৰ্মিক হিচাপে দেখুওৱা হৈছে৷ সেই একেজন আচাৰ্যই উপন্যাসখনৰ শেষৰফালে এজন স্বাৰ্থপৰ, কামুক, ভোগ-বিলাসত মত্ত ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ গতিকে পুলকৰ জ্ঞান-বুদ্ধি, প্ৰতিভা দেখি তেওঁ হয়তো সংকিত হ’বও পাৰে ৷ কাৰণ পুলক সত্যত থকা মানুহ৷ সি আশ্ৰমৰ অন্যায় হোৱাটো কেতিয়াও নিবিচাৰে৷ গতিকে পুলক আৰু ডাঙৰ আৰু বুজন হ’লে আচাৰ্য ইন্দ্ৰস্বামীয়ে হয়তো বৰ্তমানৰ দৰে সা-সুবিধা, ভোগ-বিলাস কৰিব নোৱাৰিবও পাৰে৷ তেনে এক ইংগিতো ইন্দ্ৰস্বামী চৰিত্ৰটোৰ মাজত পৰোক্ষভাৱে দেখা পোৱা যায়৷ 

পুলকৰ মৃত্যুৰ ঘটনাটোত আচাৰ্য ইন্দ্ৰস্বামী জড়িত বুলি এইকাৰণেও সন্দেহ কৰা হৈছে যে– ‘পুলকৰ মৃত্যুৰ পাছত তেওঁ চেনীমাৰী এৰিছে৷ আশ্ৰমৰ সকলো বয়-বস্তু মইনা চাপৰিলৈ লৈ গৈছে৷’  ইয়াৰ পাছতে ইন্দ্ৰস্বামীৰ বিষয়ে ঔপন্যাসিকে উল্লেখ কৰা –‘আকাশ মাৰ্গেদি প্ৰায় ডেৰ হাজাৰ মাইল দূৰৰ মুম্বাইৰ সমুদ্ৰতীৰত সাংসাৰিক জীৱন-নিৰ্বাহ কৰাৰ উদ্দেশ্যে এটা অট্টালিকা ক্ৰয় কৰিছে৷’ বাক্যটোৱেই পুলকৰ মৃত্যুৰ অন্তৰালত ইন্দ্ৰস্বামী জড়িত আছে বুলি ভাবিলৈ পুনৰবাৰ বাধ্য কৰে৷ 

ক’ব পাৰি– ইন্দ্ৰস্বামী চৰিত্ৰটোৰ আদৰ্শ আৰু দৰ্শন সম্পৰ্কে ঔপন্যাসিকৰ স্পষ্ট দৰ্শনৰ অভাৱ দেখা যায়৷ ইন্দ্ৰস্বামী প্ৰকৃততেই এজন গুণবান আচাৰ্য হয়নে নহয় বা শেষত উল্লেখ কৰা সাংসাৰিক জীৱন-যাপন কৰিবলৈ মন মেলা চৰিত্ৰটোহে ইন্দ্ৰস্বামীৰ প্ৰকৃত চৰিত্ৰ নেকি! পাঠকৰ এই সন্দেহ স্পষ্ট কৰাত ঔপন্যাসিক বিফল হৈছে৷ হয়তো ঔপন্যাসিকে পাঠকৰ মন-মননত এই চিন্তাৰ সূত্ৰপাত হওক বুলিয়েই সচেতনভাৱে চৰিত্ৰটো তেনেকৈয়ে নিৰ্মাণ কৰিছে৷  

সামগ্ৰিকভাৱে এই চৰিত্ৰটোৰ দ্বাৰা ঔপন্যাসিকে আমাৰ সমাজৰ ধৰ্মীয় ভণ্ডামী আৰু কদৰ্যতাৰ দিশটো উদঙাই দিছে৷ ধৰ্মই মোক্ষ বুলি জীৱনৰ বেছিভাগ সময় ধাৰ্মিক জীৱন কটোৱা চৰিত্ৰৰ মাজতো ইন্দ্ৰস্বামীৰ দৰে এটা দুমুখীয়া চৰিত্ৰ যে সুপ্ত হৈ থাকিব পাৰে৷ উপন্যাসখনৰ মাজেৰে তেনে এটি আভাস পোৱা যায়৷

পুলক 
ইন্দ্ৰস্বামী চৰিত্ৰটোৰ দৰেই এটি সবল আৰু গতিশীল চৰিত্ৰ হৈছে পুলক৷ সমগ্ৰ উপন্যাসখনৰ কাহিনীৰ বিকাশ আৰু সংঘাত সৃষ্টি হৈছে পুলক নামৰ চৰিত্ৰটোৰ বিকাশৰ পৰা৷ পুলক ঘাতমাউৰা ল’ৰা৷ সেয়েহে তাৰ সম্বন্ধীয় মোমায়েক মাধৱে সৰুতেই তাক আশ্ৰমত থৈ গৈছেহি৷ সেই তেতিয়াৰে পৰা আশ্ৰমতে থাকি সি ডাঙৰ-দীঘল হৈছে৷ আশ্ৰমৰ ৰীতি-নীতি, আচাৰ-লোকাচাৰ সি আয়ত্ত্ব কৰিছে৷ সি যুক্তি-তৰ্ক ভাল পায়৷ অন্ধ-নীতি-নিয়ম, গোড়া বিশ্বাস আদিৰ বিপক্ষে মাত মাতে৷  সকলো কাম-কাজত পাৰ্গত, সত্যত বিশ্বাসী৷ বাদ্য, সংগীত, নৃত্য, চিত্ৰকলা, কুটীৰ শিল্প আদি সকলোতে পুলক পাৰ্গত৷ ইয়াৰোপৰি ধৰ্মীয় জ্ঞানৰপৰা সামাজিক জ্ঞানলৈকে সকলো দিশতেই পুলক প্ৰতিভাধৰ৷ সি ডাঙৰ হোৱাৰে পৰা আশ্ৰমখনৰ সামগ্ৰিক কৰ্ম-কাৰ্যত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আশ্ৰমৰ সকলো ধৰ্মীয় পুথি সি ইতিমধ্যেই পঢ়িছে৷ নামঘোষাৰ বহুতো অধ্যায় সি মুখস্থ গাব পাৰে৷ পুলকৰ এই গুণবোৰ দেখি তাৰ সমবয়সীয়া ভকত যেনে– ভদ্ৰ, গদাধৰ আদিৰ ওপৰিও বুঢ়া ভকত ভদাই বা কিছু পৰিমাণে ইন্দ্ৰস্বামীয়েও তাক ঈৰ্ষা কৰিছে৷ পুলকৰ এনে প্ৰতিভাত ঈৰ্ষান্বিত হৈ অৱশেষত তাক ভদ্ৰ আৰু গদাধৰহঁতে লুইতৰ পানীত ডুবাই চক্ৰান্তৰে মৃত্যু ঘটাইছে৷ এই মৃত্যুত ভদাই ভকতেও হাত উজান দিছে৷ উপন্যাসখন বিশ্লেষণ কৰিলে পুলকৰ মৃত্যুৰ ঘটনাটোৰ লগত ইন্দ্ৰস্বামীও পৰোক্ষভাৱে জড়িত বুলি সন্দেহ প্ৰকাশ কৰিব পাৰি৷

উপন্যাসখনৰ প্ৰথমপৰ্যায়ত পুলকক যিমান সবল আৰু গতিশীল ৰূপত দেখুওৱা হৈছে, শেষৰফালে কিন্তু এই ধাৰাবাহিকতা ৰক্ষিত হোৱা নাই৷ পুলকৰ মৃত্যুৰ ঘটনাটোতো চৰিত্ৰটোক তেনেই সাধাৰণভাৱেই উপস্থাপন কৰোঁৱা হৈছে৷ পূৰ্বৰ চতুৰ, বলৱান আৰু জ্ঞানী পুলক যেন এই সময়ছোৱাত তেনেই নিশ্চুপ৷ পুলক চৰিত্ৰটোক শেষৰফালে অধিক সবলভাৱে দেখুৱাই আশ্ৰমৰ ঋণাত্মক দিশবোৰ তাৰ দ্বাৰা শুদ্ধ কৰোৱাই পুলকক আৰু সক্ৰীয় ৰূপত তুলি ধৰাহেঁতেন উপন্যাসৰ মূল কাহিনীটোৱেও আৰু বলিষ্ঠৰূপত প্ৰতিষ্ঠা লাভ কৰিব পাৰিলেহেঁতেন৷ 

উপন্যাসখনৰ বিশ্লেষণ 
নিষ্কাম গুৰু-শিষ্য উপন্যাসখন এখন সামাজিক উপন্যাস৷ উপন্যাসখনৰ কাহিনীটো ক্ৰিটিকেল আৰু সংকেটধৰ্মী৷ উপন্যাসখনৰ দ্বাৰা ঔপন্যাসিকে ধৰ্মীয় সমাজ পৰম্পৰাৰ এক অনালোচিত বিষয়ৰ বাস্তৱিক উপস্থাপন কৰিছে৷ আশ্ৰম বুলিলে সততে আমাৰ মনলৈ ভক্তি আৰু শ্ৰদ্ধাৰ ভাৱেই আহে৷ কিন্তু বাহ্যিক ধৰ্মীয় আৱেষ্টনীৰ মাজতো যে প্ৰকৃততে আশ্ৰম বা সেইধৰণৰ ধৰ্মীয় অনুষ্ঠানবোৰৰ এটা কদৰ্য  আৰু ঋণাত্মক দিশো থাকে, সেই কথা এই নিষ্কাম গুৰু-শিষ্যখনত প্ৰকাৰন্তেৰে দেখুওৱা হৈছে৷ ৰ্ধৰ্মীয় অনুষ্ঠানৰ কদৰ্যতাক কেন্দ্ৰ কৰি মামণি ৰয়ছম গোস্বামীয়েও ‘নীলকণ্ঠী ব্ৰজ’ৰ দৰে উপন্যাস লিখি গৈছে৷ এই উপন্যাসখনতো সেইধৰণৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা দেখা যায়৷ কিন্তু ‘নিষ্কাম গুৰু-শিষ্য’ উপন্যাসৰ বৰ্ণনাশৈলী কিছু প্ৰতীকাত্মক আৰু কাহিনীৰ পৰিণতি সত্য-অসত্যৰ দোদোল্যমান অৱস্থাত আছন্ন৷ ‘নীলকণ্ঠী ব্ৰজ’ৰ দৰে ইয়াৰ প্ৰকাশশৈলী স্পষ্ট আৰু ক্ষুৰধাৰ নহয়৷

উপন্যাসখনত বৰ্ণনা কৰা আশ্ৰমখনৰ নাম চেনীমাৰী আশ্ৰম৷ আশ্ৰমখনৰ আচাৰ্য ইন্দ্ৰস্বামী৷ প্ৰথম পৰ্যায়ত আশ্ৰমখনৰ শৌৰ্য-বীৰ্য সম্পৰ্কে ইতিবাচকভাৱে উপন্যাসখনত দেখুওৱা হৈছে যদিও পৰৱৰ্তী সময়ত এই আশ্ৰমৰ ভকতসকলৰ ঈৰ্ষা, আচাৰ্য ইন্দ্ৰস্বামীৰ চৰিত্ৰৰ ইতিবাচক-নেতিবাচক দিশ, আশ্ৰমৰ ভিতৰত সমকামিতা, যৌনতাৰ দৰে বিষয়ৰ প্ৰভাৱ পৰা আদি বিষয় সম্পৰ্কে উল্লেখ আছে৷ সেইদৰে পুলক নামৰ আন এটা কেন্দ্ৰীয় চৰিত্ৰৰ প্ৰতি ভদাই, ভদ্ৰ, গদাধৰহঁতে কেনেধৰণে চক্ৰান্ত কৰি তাক মৃত্যুৰ মুখত পেলাইছে৷ সেই সম্পৰ্কেও উপন্যাসখনত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে৷

প্ৰথমতেই চেনীমাৰী আশ্ৰমখনৰ বৰ্ণনাই আশ্ৰমখনৰ ঐতিহ্য আৰু সমৃদ্ধিশালী দিশবোৰৰ সম্পৰ্কে পাঠকৰ মন-মনন সমৃদ্ধ কৰিব৷ আশ্ৰমখনৰ বিষয়ে ঔপন্যাসিকে বৰ্ণনা কৰিছে এনেদৰে– ‘‘আশ্ৰম চৌহদৰ উত্তৰফালে আছে বাঁহ গছৰ শাৰী, দক্ষিণ আৰু পূবফালে নাহৰ গছ আৰু পশ্চিমফালে এডৰা ডাঙৰ নলনি-বেতনি৷ নলনি-বেতনিৰ মাজত কেইটামান পুৰণিকলীয়া পুখুৰী আছে৷ আগতে তাত ডাঙৰ ডাঙৰ ডোপ আছিল৷ ১৯৭৪ চনৰ বাণত উটি যোৱাত পুখুৰীবোৰ মুকলি হৈ আছে৷ আশ্ৰমৰ  দক্ষিণ সীমাই লুইতৰ গৰা৷’’

ইয়াৰোপৰি আশ্ৰমখনৰ বিষয়ে উপন্যাসখনত বৰ্ণনা কৰা বিষয়বোৰৰ সাৰমৰ্ম এনেধৰণৰ– আশ্ৰমৰ শিষ্যসকল আছিল উদাসীন বা সংসাৰবৰাগী৷ অৱশ্যে তেওঁলোকে খেতি-বাতি কৰে বা অন্য শিল্পকৰ্মও কৰে৷ এই আশ্ৰমত নাৰীৰ প্ৰৱেশ নিষিদ্ধ৷ এই চেনীমাৰী আশ্ৰমত প্ৰায় দুহেজাৰলোকে বসতি কৰিব পাৰে৷ আশ্ৰমৰ উত্তৰফালে আছে এহেজাৰ পুৰা মাটিৰ খেতিৰ পথাৰ৷ এই পথাৰত বছৰৰ বিভিন্ন সময়ত ধান-মাহ-সৰিয়হৰ খেতি কৰা হয়৷ শাক-পাছলি, ফল-মূলৰ বাবেও আশ্ৰমৰ সুকীয়া মাটি আছে৷ আশ্ৰমৰ খুটাবোৰ আজাৰ কাঠৰ৷  আচাৰ্যই আওজা খুটাত সোণ-ৰূপৰ ফুল সংলগ্ন হৈ আছে৷ মণিকূটত গৰুড়ৰ মূৰ্তি৷ আশ্ৰমত বাঢ়ৈ আৰু খনিকৰৰ অভাৱ নাই৷ সাংসাৰিক জা-জঞ্জালৰ পৰা মুক্ত ভকতসকলে সুকুমাৰ শিল্পৰ চৰ্চাত ভালেখিনি সময় দিব পাৰে৷ আশ্ৰমৰ সমূহীয়া গৰুৰ খটি আছে৷ খুটিৰ পৰা আশ্ৰমলৈ পৰ্যাপ্ত পৰিমাণে গাখীৰ আহে৷ আশ্ৰমৰ ভকতসকল নিৰামিষভোজী৷ আনকি তেওঁলোকে নতুন ধানৰ ভাতো নাখায়৷ তেওঁলোকে বিশ্বাস কৰে যে নতুন ধানত প্ৰচুৰ জীৱন শক্তি থাকে, যিটো সংসাৰ বিৰাগীৰ বাবে অনুকূল নহয়৷ এই আশ্ৰমলৈ ক্ৰমে ১৯৯০  চনতে টেলিভিছন আৰু তাৰো বহুকেইবছৰ আগতে ৰেডিঅ’ সোমাইছিল৷ আশ্ৰমত নিৰক্ষৰ লোক নাই৷ আশ্ৰমৰ সমূহীয়া বিদ্যালয় আছে৷ বিদ্যালয়ৰ শিক্ষকো আশ্ৰমৰে৷ মুঠতে ক’ব পাৰি নাৰীৰ সংস্ৰৱ আৰু সাহচৰ্য বাদ দি চেনীমাৰী আশ্ৰমখন আধুনিক জগতৰ পৰা বিচ্চিন্ন নহয় বুলিয়েই ক’ব পাৰি৷

গতিকে দেখা গৈছে প্ৰথম পৰ্যায়ত উপন্যাসখনত চেনীমাৰী আশ্ৰমৰ ইতিবাচক বিষয়বোৰেই দেখুওৱা হৈছে৷  ইন্দ্ৰস্বামী আৰু তেওঁৰ পূৰ্বৰ আচাৰ্যজনো বহু পৰিমাণে উদাৰ আছিল৷ কাৰণ তেওঁলোকৰ প্ৰথমজনে আশ্ৰমত ৰেডিঅ’ সোমোৱাত বাধা প্ৰদান কৰিছে যদিও পৰৱৰ্তী সময়ত ৰেডিঅ’ প্ৰৱেশৰ নিষেধাজ্ঞা উঠাই লৈছিল আৰু নিজেও পুৱা-গধূলি ৰেডিঅ’ শুনা হৈছিল৷ সেই সময়ত ইন্দ্ৰস্বামী ডেকা উত্তৰাধিকাৰী আছিল৷ পৰৱৰ্তী সময়ত ইন্দ্ৰস্বামীয়েও আশ্ৰমলৈ টেলিভিছন অনাৰ ব্যৱস্থা কৰিলে৷ ইয়াৰোপৰি আশ্ৰমত ধৰ্মীয় দিশতে আবদ্ধ নাথাকি সুকুমাৰ কলা, শিক্ষা-সাহিত্যৰ চৰ্চা আদি বিষয়বোৰে আচাৰ্যকেইজনৰ চিন্তা-চৰ্চাকে উদাৰ আৰু প্ৰগতীবাদীৰূপে চিহ্নিত কৰে৷ আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱবোৰো যে কম-বেছি পৰিমাণে ধৰ্মীয় আলয়বোৰেও গ্ৰহণ কৰিছে, বা গ্ৰহণ কৰিবলৈ বাধ্য ৰেডিঅ’ বা টিভিৰ প্ৰসংগই সেই কথাকে প্ৰতিপন্ন কৰিছে৷ বৰ্তমান সময়তো দেখা গৈছে যে আশ্ৰম, সত্ৰ, দেৱালয় বা মছজিদ, গুৰnদ্ধাৰ যিয়েই নহওঁক কিয় নিৰ্মাণৰ প্ৰণালীৰ পৰা আৰম্ভ কৰি ভক্তৰ থকা-খোৱা, পিন্ধা আদি প্ৰতিটো দিশতে আধুনিক সমাজ ব্যৱস্থাক আকোঁৱালি ল’বলৈ বাধ্য৷ ধৰ্মীয় অনুষ্ঠানসমূহত আনকি চিকিউৰিটিৰ ব্যৱস্থা কৰিব লগা হৈছেগৈ৷ সেইদৰে চি.চি টিভিৰ ব্যৱস্থা কৰিব লগা হৈছে৷ ধৰ্মীয় গুৰুসকল ছ’চিয়েল মিডিয়া, গণমাধ্যম আদিৰ সৈতে সম্পৰ্কীত হ’ব লগা হৈছে৷ গতিকে স্বাধীনোত্তৰ সময়ছোৱাৰ এই আশ্ৰম ব্যৱস্থালৈ টিভি বা ৰেডিঅ’ৰ আগমনে এই কথাবোৰকো ভাবিবলৈ বাধ্য কৰে৷

উপন্যাসখনত উল্লেখ আছে যে আশ্ৰম বা বৃদ্ধাশ্ৰম আদিলৈ অহা প্ৰতিজন মানুহৰ এটা নহয় এটা সমস্যা থাকেই৷ জীৱন যুদ্ধত হয় প্ৰতাৰণাৰ বলি হয় নহ’লে নিজৰ শেষ অস্তিত্ব বৰ্তাই ৰাখিবলৈহে মানুহে আশ্ৰম, বৃদ্ধাশ্ৰমলৈ আহে৷ কোনো লোকে নিজৰ পৰিয়াল, আত্মীয় স্বজনক এৰি আশ্ৰমত থকাৰ ইচ্চা নকৰে৷ কিন্তু তাৰ পাছতো তেওঁলোক সকলো মোহ এৰি আশ্ৰমলৈ আহে হয় বাধ্যত, নহ’লে উপায়হীন হৈ৷ উপন্যাসখনত এনে প্ৰসংগৰ উল্লেখ আছে– ‘‘আশ্ৰমত যোগদান কৰা প্ৰতিজন মানুহৰ পিঠিৰফালে একোটা কাহিনী আছেঃ কাৰোবাৰ জীৱনত ঘটিছে দুঃসহ বিৰহ যন্ত্ৰণা, কোনোজন হৈছে প্ৰতাৰিত; কোনোজন হৈছে সৰ্বস্ৰান্ত আৰু নিঠৰুৱা; কোনোবাজন হৈছে বংশ পৰিয়ালৰ পৰা অনাদৃত অথবা বঞ্চিত৷’’

উপন্যাসখনৰ মুখ্য চৰিত্ৰ পুলকো ঘাট-মাউৰা হোৱা বাবেই মোমায়েক মাধৱে তাক আশ্ৰমলৈ লৈ আহিছে৷ পুলক যথেষ্ট প্ৰতিভাশালী ল’ৰা৷ সকলো বিষয়তে সি পাৰ্গত৷ তৰ্কবিদ্যা, সুকুমাৰ কলা, চিত্ৰকলা, খেতি-বাতিৰ পৰা আৰম্ভ কৰি সামাজিক-সাংস্কৃতিক প্ৰতিটো বিষয়তে সি আগবঢ়া, আগৰণুৱা৷ পুলকৰ এই গুণবোৰ আশ্ৰমৰ বাকীবোৰ ভকতৰ বাবে গৰ্বৰ কাৰণ হোৱাৰ সলনি মূৰৰ কামুৰণিহে হৈ পৰিছে৷ পুলকক সন্মান কৰাৰ বিপৰীতে তাৰ প্ৰতি ঈৰ্ষাভাৱহে পুহি ৰাখিছে৷  পুলকৰ বিষয়ে উপন্যাসখনত উল্লেখ আছে এনেদৰে– ‘‘সি বতাহলৈ কেৰেপ নকৰা বা বতাহৰ কোবৰ কথা নজনা বাঁহৰ গজালি৷ জেং আৰু পাতে ভিৰ খুৱাউ ৰখা বাঁহ গছৰ মাজত যেন সৃষ্টিৰ নতুনত্ব আৰু উদ্ধৰ্মুখী গতিৰে পুলক এটা নতুন গডালি৷.. সি নাজানিছিলেনো কি? বাদ্য, সংগীত, অভিনয়, নৃত্য, চিত্ৰকলা, কুটীৰ শিল্প আদি সকলোতে সি আনক চেৰ পেলাইছিল৷’’ 

গতিকে এই কথা প্ৰতিপন্ন হয় যে কেৱল সাধাৰণ মানুহেই যে ঈৰ্ষা, কপটতা আদি বিষয়বোৰত যুক্ত হৈ থাকে তেনে নহয়৷ ধৰ্মীয় দিশটোকে সৰ্বস্ব বুলি ভবা মানুহখিনিৰ মাজতো এইবোৰ গুণ বিদ্যমান৷ এই পুলকেই উপন্যাসখনত সময়ে সময়ে প্ৰতিবাদী চৰিত্ৰ হিচাপে ধৰা দিছে৷ তাৰ বন্ধু বকুলে আশ্ৰমত এদিন প্ৰকৃতি বিষয়ক চিত্ৰ এখন আকোঁতে তাত নাৰী চৰিত্ৰ এটিও অঁকাৰ বিষয়টোক লৈ ভদাই ভকতে ককৰ্থনা কৰিছে৷ তেতিয়া পুলকেই বকুলৰ হৈ তৰ্ক কৰিছে যে– ‘‘বকুলদাই ছবিহে আঁকিছে, ছবি আঁকিলেই যদি ইমান অপৰাধ হয় তেন্তে কোনোবাই যদি তেজ মঙহৰ তিৰোতাক আনি এই হাটীত সুমুৱায়হি, তেন্তে তাক দেখোন ফাঁচীয়েই দিব লাগিব৷’’

পুলক চৰিত্ৰটো যুক্তিবাদী চৰিত্ৰ বুলি ইতিমধ্যেই উল্লেখ কৰা হৈছে৷ আশ্ৰমৰ মাজত ডাঙৰ-দীঘল হছে যদিও তাৰ মনত অন্ধ পৰম্পৰা, গোড়া মনোভাৱ বা অযুক্তিকৰ বিশ্বাস নাই৷ সেয়েহে এদিন সি ঘৰত সংগীত আৰু নাটকৰ শিক্ষা গ্ৰহণ কৰি থাকোতে এটা ফেঁচা চৰাই আহি তাৰ ৰূমত সোমাওতেও বাকীসকল ভকতে কিবা অমংগল হ’ব বুলি আলোচনা কৰোঁতে সি তেওঁলোকক বুজাইছে এনেদৰে–
‘প্ৰত্যেকটো ঘটনাৰ অন্তৰালত একোটা কাৰণ থাকে৷ সি [ফেঁচা চৰাইটোৱে] নিৰাপদ স্থান বিচাৰি উৰা মাৰিছিল৷ জানেইতো, ই নিশাচৰ পখী৷ দিনত ভালকৈ নেদেখে৷ মুকলি কোঠাটোলৈ খিৰিকিৰ চিচাখনকে বাট বুলি বেচেৰাই ভ্ৰম কৰিলে৷ তাতে আমি ইমানকেইজন মানুহ যে ইয়াত বহি আছোঁ ই হঠাৎ দেখা পায় ভয় খায় দেহৰ সমস্ত শক্তিৰে উৰা মাৰি সাৰিবলৈ যত্ন কৰোঁতেই প্ৰচণ্ড খুন্দা লাগি ইয়াৰ এই দশা হ’ল৷’ কিন্তু পুলকৰ এই যুক্তিত ভদ্ৰ আৰু গদাধৰহঁতে হাৰ নামানি পুলকৰ প্ৰতি নিয়তিৰ কুদৃষ্টি পৰিছে বুলিহে সান্তনা লৈছে৷ ঔপন্যাসিকে এই কথাৰ দ্বাৰা নিজৰ জীৱন দৰ্শনো প্ৰকাশ কৰিছে৷ কাৰণ নিজে যুক্তিবাদী হ’লেহে তেওঁৰ দ্বাৰা এনেকৈ লিখাটো সম্ভৱ৷ চন্দ্ৰধৰ চমুৱা আছিল ভাৰতীয় দৰ্শনত সিদ্ধহস্ত আৰু অভিজ্ঞলোক৷ তেওঁ যুক্তিবাদীও, সেয়েহে তেওঁৰ দ্বাৰা এনে এখন বাস্তৱধৰ্মী উপন্যাস লিখাটো সম্ভৱপৰ হৈ উঠিছে৷

পুলক চৰিত্ৰটোও ধাৰ্মিক কিন্তু উদাৰ আৰু যুক্তিবাদী বুলি ঔপন্যাসিকে দেখুৱাইছে৷ যিসময়ত ফেঁচা চৰাইটোৰ মৃত্যুত তাৰ অকনো দুখ নাই বুলি সি প্ৰমাণ কৰিছে, তাৰ পাছতো ‘চিচাৰ খিৰিকিখন ইয়াত তৰি মই চৰাইটোৰ বধৰ ভাগী হ’লো৷ এই দোষ খণ্ডাবলৈকে সংকীৰ্ত্তনালয়ত শ্ৰী হৰিৰ চৰণত মই শৰাই এখনকে দিম’ বুলি সি চৰাইটো বধ কৰাৰ দোষ স্বীকাৰ কৰিছে৷ গতিকে এই কৰ্মৰ দ্বাৰা পুলকৰ উদাৰতাবোধ আৰু সহনশীলতাৰ দিশটো প্ৰতিফলিত হৈছে৷ ইয়াৰ পৰৱৰ্তী সময়ত পুলক আৰু বকুল বগাই ভকতৰ ঘৰলৈ গৈছে সীতা মা আৰু ৰুক্মিণী মাৰ ছবিবোৰ ছাবলৈ৷ কাৰণ তেওঁলোকে ভাবে যে পৌৰাণিক নাৰী চৰিত্ৰৰ প্ৰকৃত ফটোবোৰ চাবলৈ নোপোৱাৰ বাবেহে সম্ভৱ পূৰ্বতে বকুলে ছবি আকোঁতে সেই নাৰী চৰিত্ৰটোত ভক্তি ৰসতকৈ শৃংগাৰ ৰসৰ প্ৰভাৱ পৰিছিল৷ বগাই ভকতেও এই কথাটোকে ভাবি সিহঁতক প্ৰকৃত ছবিবোৰ দেখুৱাই৷ কিন্তু পুলকে ছবিবোৰ চাই অসন্তুষ্টিহে প্ৰকাশ কৰে৷ কাৰণ ছবিবোৰৰ এক তৃতীয়াংসহে সি ফটোত দেখা পাইছে৷ তাকে লৈ পুলকে অসন্তুষ্টি প্ৰকাশ কৰিছে বাবেই বগাই ভকতে তাৰ চৰিত্ৰৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি ‘ক’ৰবাত চিনেমা, টি.ভি. চাগৈ, ইয়ালৈ কি বিচাৰি আহিছ?’ বুলি পুলক আৰু বকুলক কথা শুনাইছে৷  

চেনীমাৰী আশ্ৰমত পুথিভড়ালৰো সুব্যৱস্থা আছে৷  সকলোবোৰ ধৰ্ম-কৰ্মৰ পুথি৷ পুথিভড়াল ঘৰৰ ভিতৰত পঢ়াৰ ব্যৱস্থা আছে, ঘৰলৈকো নি এই কিতাপ পঢ়িব পৰা যায়৷ পুথিভডা.লত এজন পুথিভড়ালী আৰু এজন সহকাৰীও আছে৷ গতিকে দেখা যায় যে আশ্ৰম হিচাপে চেনীমাৰী এখন পৰিপূৰ্ণ আৰু আধুনিক আশ্ৰম৷

ইয়াৰ পৰৱৰ্তী সময়ত আশ্ৰমৰ ঋণাত্মক দিশবোৰ এটা এটাকৈ পোহৰলৈ আহিছে৷ গুৰুদেৱ আউজা খুটাটোৰ পৰা সোণৰ ফুল এপাহ চুৰ হৈছে৷ চকমাটিৰে বেৰত কোনোবাই লিখিছ– ‘আশ্ৰমৰ চৌহদত সমকামিতা নচলিব’৷ গতিকে ইয়াৰ পৰা এই কথা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে যে আশ্ৰমৰ আগৰ শান্তি আৰু সম্প্ৰিতিৰ অৱস্থালৈ লাহে-লাহে পৰিৱৰ্তন আহিছে৷ আশ্ৰমত পাপকৰ্ম সংঘটিত হৈছে৷ একাংশৰ মতে আশ্ৰমত এনে ঘটনা হ’বৱৈল পোৱাৰ মূলতে হ’ল আশ্ৰমৰ সৰল শাস্ত্ৰ-বিশ্বাসৰ ঠাইত তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী ইয়াত প্ৰৱেশ ঘটিছে৷’’ অৰ্থাৎ প্ৰকাৰন্তেৰে পুলকৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা হৈছে৷ সকলোৱে পুলকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাত পুলকে ভকতীয়া ভংগীত আঁঠু লৈ কৈছে এনেদৰে– ‘‘ প্ৰভু, সঁচা কথা, আমাৰ পুথিভঁড়ালত কোনো আধুনিক গল্প উপন্যাস নাই৷ সকলো পুথি ধৰ্মমূলক৷ মই সকলো পুথি পঢ়িছোঁ বুলিয়ে ধৰক... কিন্তু কাম-কেলি থকা পুথি আছে, যিবোৰক আমি ধৰ্মপুথিৰ ভিতৰতে ধৰি থৈছোঁ৷’’ 

পুলকৰ ইমান সাহস দেখি প্ৰায় সংখ্যক ভকতৰে চকু কঁপালত উঠিছে৷ তাৰ পূৰ্বতেও ভাওনাত ৰামৰ ভাও লওতে আচাৰ্য ইন্দ্ৰস্বামীও তাৰ প্ৰতি ঈৰ্ষান্বিত হৈছে৷ গতিকে তেওঁ প্ৰথমে পুলকক খঙেৰে প্ৰশ্ন কৰিছে– ‘‘তই ধৰ্ম পুথিৰ সমালোচনা কৰিছ৷ এনে সাহস ক’ত পালি?’’

গ্ৰাম্য সমাজৰ লগতে অসমীয়া সমাজক যুক্তিতকৈ বিশ্বাসকহে গুৰুত্ব দিয়া হয়৷ ‘বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ’ বুলি সেয়েহে অসমীয়াত প্ৰবাদৰেই সৃষ্টি হৈছে৷ এই উপন্যাসখনতো ঠায়ে ঠায়ে তাৰেই প্ৰতিফলন দেখা গৈছে৷ ধৰ্মীয় পুথিক সমালোচনা কৰাটো সেয়েহে আচাৰ্য সহিতে ভকতসকলে সহ্য কৰিব পৰা নাই৷ যিটো বাস্তৱ জীৱনতো সততে দেখা যায়৷ সেয়েহে এজন জেষ্ঠ্য শিষ্যই কৈছে এনেদেৰে–‘‘নাজাননে হেৰৌ অধম বালক, এয়া যে শ্ৰী হৰিৰ লীলা? গূঢ়াৰ্থ নুবুজাকৈয়ে চেলবেলাই ফুৰিছ৷’’১০  

ইয়াৰ পৰৱৰ্তী সময়ত আচাৰ্য ইন্দ্ৰস্বামীয়ে কুটীলতাৰ আশ্ৰয় লৈ পুলকক নামঘোষাৰ পদ মুখস্থ গাবলৈ বাধ্য কৰিছে৷ পুলকেও নিজৰ প্ৰতিভাৰ উমান দি ডেৰকুৰি ঘোষা মুখস্থ মাতি শুনাইছে৷ আচাৰ্য চৰিত্ৰটোৰ ঈৰ্ষা আৰু গৰ্বৰ ভাৱ এই কথা-বতৰাৰ মাজেৰে পৰিস্ফূত হৈছে৷ কোনো প্ৰকৃত গুৰুৱে শিষ্যৰ উত্তৰণ দেখিলে ঈৰ্ষা নকৰে৷ বৰঞ্চ ভালহে পায়৷ কিন্তু আচাৰ্য ইন্দ্ৰস্বামী চৰিত্ৰটো এইক্ষেত্ৰত ব্যতিক্ৰম৷ অৱশ্যে ইন্দ্ৰস্বামী চৰিত্ৰটোৱে তেওঁৰ ভুলৰ  কথা পৰৱৰ্তী সময়ত অনুভৱো কৰিছে৷ ঔপন্যাসখনত উল্লেখ আছে এনেদৰে–‘‘ওঠৰ-ঊনৈশ বছৰীয়া এই ল’ৰাটোৰ পাৰদৰ্শিতাত স্বয়ং আচাৰ্যৰ মনতো ঈৰ্ষাৰ ছাঁ এটা পুনৰ পৰিছিল; কিন্তু তেওঁ সেই দুৰ্বলতাৰ প্ৰতি সজাগ হৈ পৰিল, কিবা এটাই যেন, হয়তো পৰমেশ্বৰ শ্ৰী হৰিয়ে, তেওঁৰ চেতনাত খোচ মাৰি কৈ দিলে– ‘‘নিজৰ শিষ্যৰ প্ৰতি বেয়া ভাব এৰা, এনে ভাৱ পাপৰ নামান্তৰ; স্থিতপ্ৰজ্ঞ হোৱা৷’’১১

আশ্ৰমৰ মাজত যদিয়ো সকলোকে সমদৃষ্টিৰে চোৱাৰ চোৱাৰ পোষকতা কৰা হয় বা ভক্তৰ জাত-পাতৰ বিচাৰ কৰা নহয বুলি কোৱা হয়, কিন্তু তাৰ পাছতো বাস্তৱক্ষেত্ৰত ভকতৰ মন মননত এইধৰণৰ চিন্তা-চেতনাবোৰে সময়ে সময়ে সচেতন বা অসচেতনভাৱেই গা কৰি উঠে৷ সত্ৰ বা নামঘৰসমূহতো এইধৰণৰ বিষয়বোৰে প্ৰায়েই প্ৰাধান্য লাভ কৰে৷ আশ্ৰমতো তেনে এক পৰিৱেশৰে সৃষ্টি হৈছে৷ একাংশ ভক্তই পুলকৰ প্ৰতিভা দেখি অনুভৱ কৰিছে এনেদৰে–‘‘কালি-পৰহি ক’ৰবাৰ পৰা গুৰি-গোষ্ঠী নথকা কেলেহুৱা এটাই সকলো কথাতে আগবাঢ়ি যাব, গুৰুৱেও আশীৰ্বাদ দি লাই দিব, এইটো কেনেকৈ হ’ব৷’’১২ 
ইন্দ্ৰস্বামী চৰিত্ৰটো দুৰদৰ্শী হিচাপেও ঔপন্যাসিকে অংকন কৰিছে৷ আশ্ৰমৰ ভৱিষ্যত সম্ভাৱনীয়তাক লৈ তেওঁ চিন্তিতও৷ সেয়েহে তেওঁ চেনীমাৰী আশ্ৰমৰ ওপৰিও চেনামাৰীৰে অংশস্বৰূপ মইনা চাপৰিৰ বশিষ্ঠবাৰীৰ আশ্ৰমকো তুলি ধৰাৰ চেষ্টা কৰিছে৷ কাৰণ তেওঁ বশিষ্ঠবাৰীৰ আশ্ৰমকো পূৰ্ণাংগ আশ্ৰমত পৰিণত কৰাৰ মন৷ ইয়াৰোপৰি লুইতৰ বানত বা গড়া খহনীয়াত মইনাচাপৰিৰ চেনীমাৰী আশ্ৰম উটি গ’লেও যাতে ভকতসকল বশিষ্ঠবাৰীলৈ যাব পাৰে৷ কাৰণ বশিষ্ঠবাৰী গৰাখহনীয়াৰ পৰা বহু নিলগত৷ এই দূৰদশ¹ চিন্তা-চেতনাই ইন্দ্ৰস্বামী চৰিত্ৰটোৰ দৰ্শন আৰু দৃষ্টিভংগী সম্পৰ্কেও পাঠকক এজন সৎ আৰু উদাৰধৰ্মী আচাৰ্য সম্পৰ্কে উমান দিব পাৰে৷ সেইদৰে ইন্দ্ৰস্বামীয়ে প্ৰথম পৰ্যায়ত পুলকক ঈৰ্ষাৰ চকুৰে চাইছে যদিও পৰৱৰ্তী সময়ত পুলকক মৰম আৰু গুৰুত্ব প্ৰদান কৰিছে৷ পুলকক বুজনি দিছে এনেদৰে–‘‘ আটাইতৈকৈ তান কাম হৈছে বিনয়ী আৰু নিৰহংকাৰী হ’ব পৰাটো৷ কৃতিত্ব অৰ্জন কৰ আৰু লগতে এই গুণৰো অভ্যাস কৰ; তেতিয়াা দেখিবি এই জগতত তোক ভালপোৱা মানুহৰ সংখ্যা অনেক বাঢ়িছে৷ কাকো ঈৰ্ষা নকৰিবি আৰু আনে ঈৰ্ষা কৰি অনিষ্ট সাধন কৰাৰ পৰাও নিজক বচাই চলিবি৷ নিজৰ কত্তৰ্ব্য কৰি যা আৰু নিষ্পাপ নিৰহংকাৰী জীৱন যাপন কৰি আশ্ৰমৰ গৌৰৱ বঢ়াই তোলাত অৰিহনা যোগা৷ এয়ে মোৰ ক’বলগা কথা৷’’১৩  

ইয়াৰ পাছতে উপন্যাসখনত পুলক, ভদ্ৰ, গদাধৰ আদিয়ে লুইতত গা ধুবলৈ যোৱাৰ প্ৰসংগটোৱে কাহিনীটোত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ তিনিওৱে প্ৰতিযোগিতাত লিপ্ত হৈছে কোন কিমান সময় পানীৰ তলত ডুব দি থাকিব পাৰে৷ কথাৰ মতেই কাম৷ দ্বিতীয়বাৰৰ বাবে তিনিও পানীৰ তলত ডুব দিওতেই ভদ্ৰ আৰু গদাধৰে পুলকক পানীৰ তলতে হেঁচা মাৰি ধৰিছে৷ যাৰ ফলশ্ৰুতিত পুলকৰ মৃত্যু ঘটিছে৷ পুলকৰ মৃত্যু সম্পৰ্কে উপন্যাসখনত উল্লেখ আছে এনেদৰে–‘‘সিহঁত দুটাই পুনৰ বুৰ মাৰি পানীৰ তলত জাক জুুমি চালে৷ ল’ৰাটোৱে ইতিমধ্যে ওপৰলৈ উঠি আহিবলৈ বুলি গছৰ মূঢ়াটোৰ শিপা এডালত ধৰি থকা খামুচিটো এৰিছিল মাত্ৰ, সেই মুহূৰ্ততে গদাধৰে তাৰ পিঠিত উঠি ল’লে৷ পানীৰ তলত দুটা অসমকক্ষ ৰমুৱাৰ চলিল মাত্ৰ ক্ষণিকৰ ৰণ৷ খন্তেক পাছতে কোমল যৌৱনৰ সেই দেহ নি(ল হৈ  ক্ৰমে দৰ ফালে মুখ গুজি পৰিল আৰু প্ৰৱল সোঁতে সেই দেহ ঠেলি লৈ গ’ল৷’’১৪  

এই গোটেই ঘটনাটোত বগাই ভকত সাক্ষী স্বৰূপে উপস্থিত আছে৷ পুলকক এনেদৰে চক্ৰান্ত কৰি মৰাৰ কথাটোও বগাই ভকতে আচাৰ্য ইন্দ্ৰস্বামীক এবছৰৰ পাছতহে ব্যক্ত কৰিছে৷ এই কথাতে গভীৰ দুখ পাই আচাৰ্যই চেনীমাৰী আশ্ৰম তা্যগ কৰি মইনাচাপৰিলৈ গুছি গৈছেগৈ৷ পুলকৰ মৃত্যুৰ ঘটনাটোত পুলকক ঔপন্যাসিকে আৰু কিছু সবল কৰিব পৰা থল আছিল৷ কাৰণ পুলকৰ জ্ঞান আৰু চতুৰতাৰ কথা পূৰ্বতে লেখকে যেনেদৰে সবলৰূপ প্ৰতিষ্ঠা কৰিছে, পাছলৈ যেন এই চৰিত্ৰটো নিৰ্মাণত ঔপন্যাসিক বিফল হৈছে৷ এটা বুদ্ধিদীপ্ত আৰু জ্ঞানী ল’ৰা হিচাপে পুলক ভদ্ৰ, গদাধৰহঁতৰ চৰিত্ৰ সম্পৰ্কেও নি(য়কৈ অৱগত আছিল৷ তাৰ পাছতো পুলকে সিহঁতক ইমান বিশ্বাসত লৈ পানীত প্ৰতিযোগিতা কৰা কথাটো সহজে মানি ল’ব নোৱাৰি৷ মানি ল’লেও পুলকক  পানীত হেঁচা মাৰি ধৰোঁতে তাৰ গাৰ বলো কিছু পৰিমাণে খটুৱাব পৰা গ’লহেঁতেন৷ কিন্তু ঔপন্যাসিকে সেইবোৰ একোকে কৰা নাই৷ যাৰ বাবে চৰিত্ৰটোৰ মৃত্যুৰ বৰ্ণনাখিনি বাস্তৱধৰ্মী যেন নালাগে৷

আচাৰ্য গুছি যোৱাৰ পাছৰে পৰা চেনীমাৰী আশ্ৰমখন ধ্বংশ হৈ গৈছে৷ পূৰ্বৰ ৰীতি-নীতিলৈ পৰিৱৰ্তন আহিছে৷ আশ্ৰমত নাৰীৰ প্ৰৱেশ ঘটিছে৷ আশ্ৰমৰ মাটিৰ বেদখল হৈছে৷ সেইদৰে আশ্ৰমলৈ সেৱা কৰিবলৈ বাহিৰৰ পৰা ভক্ত আহিলেও আশ্ৰমৰ ভক্তই যোৰ কৰি সেৱা কৰিবলৈ বাধ্য কৰিছে৷ অৰিহণা দিবলৈ বাধ্য কৰিছে৷ ভকতৰ ভোগ-লালসা বাঢ়ি আহিছে৷  চেনীমাৰী আশ্ৰমৰ ভক্তসকলৰ এই আচৰণখিনিৰ লগত ‘নীলক_ী ব্ৰজৰ’ পাণ্ডা, পুৰোহিতসকলৰ  কৰ্ম-কাণ্ডৰ মিল দেখা যায়৷ চেনীমাৰী আশ্ৰম বা ব্ৰজধাম সেই একেই ধৰ্মীয় গৃহ, মাত্ৰ স্থান আৰু সময়হে যেন বেলেগ৷ যাৰ বাবে  ‘নীলকণ্ঠী ব্ৰজ’ৰ ‘সৌদামিনী’ চৰিত্ৰটোৰ দৰে এই উপন্যাসৰ ‘গকুল বৰফুকন’ চৰিত্ৰটোৱেও আশ্ৰমলৈ আহি তাৰ বৰ্তমানৰ পৰিৱেশ দেখি তীব্ৰ ঘৃণাভাৱ প্ৰকাশ কৰিছে আৰু আশ্ৰমলৈ সেৱা কৰিবলৈ অহা ৰাইজক উদ্দেশ্যি কৈছে–‘‘কি বিচাৰি আহিছা ইয়ালৈ? ঘূৰি যোৱা, ঘূৰি যোৱা৷’’১৫ মুঠতে পুলকৰ মৃত্যু আৰু আচাৰ্য ইন্দ্ৰস্বামীৰ আশ্ৰম ত্যাগৰ পাছত চেনীমাৰীত এক বুজাব নোৱাৰা অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে৷
সেইদৰে আশ্ৰমৰ ভক্তসকলেও ইন্দ্ৰস্বামীৰ প্ৰতিও অভিযোগ আনিছে এইদৰে–‘‘নিষ্কাম আৰু গৃহবিৰাগী পুৰুষক ইমানবোৰ সম্পদ কিয় লাগে৷ আচাৰ্য ইন্দ্ৰস্বামীয়ে সামাজিক পাপ নিষ্কাষণৰ প্ৰয়াস কৰাৰ পৰিৱৰ্ত্তে তাৰ পৰা পলায়ন কৰিছে কিয়?’’১৬ পূৰ্বৰ আচাৰ্য ইন্দ্ৰস্বামী চৰিত্ৰটোৰ লগত পৰৱৰ্তী সময়ৰ ইন্দ্ৰস্বামীজনৰ যেন বিৰাট পাৰ্থক্য দেখা পোৱা গৈছে৷ কাৰণ আচাৰ্যই আশ্ৰম এৰি গৈছে কিন্তু পুৰণা আশ্ৰমৰ কৰ-কাটল সংগ্ৰহ কৰিবলৈ এৰা নাই৷ ভূমি কৰ, গুৰু কৰ, অৰিহণা আদি তেওঁ সংগ্ৰহ কৰিয়েই আছে৷ সেয়েহে ভক্তসকলে আচাৰ্যৰ প্ৰতিও সন্দেহ প্ৰকাশ কৰিছে৷

ইয়াতকৈয়ো আচৰিত হ’বলগীয়া কথা এয়ে যে এইজন আচাৰ্য ইন্দ্ৰস্বামীয়েই অৱশেষত –‘‘আকাশ মাৰ্গেদি প্ৰায় ডেৰ হাজাৰ মাইল দূৰৰ মুম্বাইৰ সমুদ্ৰ তীৰত সাংসাৰিক জীৱন-নিৰ্বাহ কৰাৰ উদ্দেশ্যে এটা অট্টালিকা ক্ৰয় কৰিছে৷’’১৭  ইন্দ্ৰস্বামী সম্পৰ্কে এই বাৰ্তাটো দি ঔপন্যাসিকে উপন্যাসখনৰ কাহিনীৰ শেষ কৰিছে৷ পাঠকৰ বাবে যেন এয়া এক মোক্ষম আঘাত৷ ইন্দ্ৰস্বামীৰ পক্ষেও এয়া সম্ভৱনে? যদি সম্ভৱ হয়, তেন্তে পূৰ্বৰ ইন্দ্ৰস্বামীজনৰ স্বৰূপটো পাঠকে কেনেদৰে গ্ৰহণ কৰিব? ইন্দ্ৰস্বামীৰ কোনটো ৰূপ প্ৰকৃততে সত্য আৰু শুদ্ধ?
উপন্যাসখনৰ মাজেৰে ঔপন্যাসিকে  অসমীয়া ধৰ্মীয় দিশটোৰ চূড়ান্ত বাস্তৱতাক তুলি ধৰাৰ চেষ্টা কৰিছে৷ ধৰ্ম বুলি সততে গৰ্ব কৰি থকা অসমীয়া জনজীৱনৰ সামাজিক পৰিকাঠামোৰ মাজতো যে ব্যক্তিগত ভোগ-লালসা, ঈৰ্ষা, কপটতা, স্বাৰ্থ আদি মনস্তাত্ত্বিক বিষয়বোৰ লুকাই থাকে; সেই কথাকে ঔপন্যাসিকে উপন্যাসখনত বৰ্ণনা কৰিছে৷ ঔপন্যাসিকে যিদৰে প্ৰথম পৰ্যায়ত আশ্ৰমৰ ধনাত্মক দিশবোৰ পৰ্যালোচনা কৰিছে৷ সেইদৰে শেষভাগলৈ আশ্ৰমৰ মাজৰ ঋণাত্মক দিশবোৰো বৰ্ণনা কৰিছে৷ ঔপন্যাসিক প্ৰাচ্য আৰু পাশ্চাত্য দৰ্শনৰ প্ৰতি আকৃষ্ট হোৱাৰ বাবে ধৰ্মীয় দিশবোৰক লৈ সাহ্যিত সৃষ্টিত গুৰুত্ব দিয়া বিষয়টোও মনকৰিবলগীয়া৷  

উপন্যাসখনৰ দোষ-দুৰ্বলতা সম্পৰ্কে কওঁ যে– উপন্যাসখনত তেওঁ যিদৰে সবলভাৱে নিজস্ব আদৰ্শ আৰু দৃষ্টিভংগী প্ৰকাশ কৰি তুলিব পাৰিব লাগিছিল; সেইয়া সম্ভৱ কৰি তুলিব পৰা নাই৷ কাহিনীটো নিটোল যদিও বৰ্ণনাৰ অস্পষ্টতাই লেখকৰ দৃষ্টিভংগী স্পষ্টৰূপত প্ৰতিফলিত কৰাব পৰা নাই৷ সেইদৰে চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰতো পুলক আৰু ইন্দ্ৰস্বামীৰ বাহিৰে বাকী কোনো এটা চৰিত্ৰই সবল নহয়৷ গ্ৰাম্য ভাৱ-ভাষাৰ প্ৰচুৰ পৰিমাণে উপন্যাসখনত ঠাই অধিকাৰ কৰিছে৷ কিন্তু একে সময়তে আশ্ৰম এখনক কেন্দ্ৰ কৰি থকা ভক্তসকলৰ সুখ-দুখ বা ইন্দ্ৰস্বামী চৰিত্ৰটোৰ ক্ষেত্ৰতে ক’ব পাৰি যে লেখকে কোনো স্পষ্ট আদৰ্শৰ ওপৰত ভিত্তি কৰি চৰিত্ৰটো নিৰ্মাণ কৰা নাই৷ পুলক যেনেদৰে প্ৰতিবাদী আৰু সাহসী চৰিত্ৰ ৰূপে স্পষ্ট৷ ইন্দ্ৰস্বামী কিন্তু সেইদৰে ধাৰ্মিক বা অধাৰ্মিক বুলি স্পষ্ট ৰূপত ঔপন্যাসিকে প্ৰকাশ কৰা নাই৷ সেয়েহে বহু সময়ত ইন্দ্ৰস্বামীও পুলকৰ মৃত্যুৰ লগত জড়িত যেন লাগে আৰু বহু সময়ত এই ধাৰণা ভ্ৰান্ত যেনো অনুভৱ হয়৷ 
‘যৌন জীৱনৰ বাস্তৱ অভিজ্ঞতা নথকা আচাৰ্য প্ৰভুৱে ভক্তবৃন্দৰ মুখলৈ খন্তেক চাই মাত লগালে’ বুলি পূৰ্বতে উল্লেখ কৰা বাক্যটোৰ লগত শেষৰফালে যেতিয়া পুনৰ উল্লেখ কৰা হৈছে– ‘মুম্বাইৰ সমুদ্ৰ তীৰত সাংসাৰিক জীৱন-নিৰ্বাহ কৰাৰ উদ্দেশ্যে এটা অট্টালিকা ক্ৰয় কৰিছে’ তেতিয়াই পাঠক বিমোৰত পৰে! প্ৰকৃততে আচাৰ্য ইন্দ্ৰস্বামীয়েই পুলকক মাৰি নিজৰ ভৱিষ্যত জীৱন সুগম কৰি তোলা নাইতো! আকৌ এই ধাৰণা অমূলক লাগে তেতিয়া, যেতিয়া ইন্দ্ৰস্বামীৰ চৰিত্ৰটোৰ মুখেৰে ঔপন্যাসিকে লিখে–‘‘তঁহতে এই ফুলকুমলীয়া অহংকাৰী ল’ৰাটোক প্ৰতিযোগিতাত নমাই আওমৰণেৰে মৰিবলৈ দিলি?  সি যিহে ল’ৰা আছিল, সমস্ত শক্তিৰে ছাগে শ্বাস বন্ধ কৰি আছিল আৰু ফলত হৃদপৃণ্ড চিৰাচিৰ হৈ গ’ল৷ তাৰ পাছত তেওঁ মৃতকৰ ওচৰত অভিযোগ কৰি ক’লে, কিয় কৰিছিলি অহংকাৰ? মই তোক কোৱা নাছিলোনে যে অহংকাৰেই পতনৰ মূল৷ এদিনতে... এদিনতে তই পাহৰি গ’লি বাচা, এদিনতে...৷’’১৮ ইয়াৰ পাছতো ঔপন্যাসিকে উল্লেখ কৰিছে এনেদৰে–‘সি প্ৰতিযোগিতা কৰিছিল বুলি কোৱা কথাষাৰ ক’বলৈকে এবছৰ লাগিল৷ আৰু বা কি ৰহস্য বাকী আছে৷ মানুহৰ অন্তৰ নিকা কৰিবলৈ যি চিন্তা, আঁচনি আৰু প্ৰচেষ্টাত তেওঁ ব্ৰতী হৈ আহিছে তাত যেন তেওঁ ভীষণভাৱে হাৰি গ’ল৷ কান্ধৰ শুধবগা চাদৰখনেৰে চকু-মুখ মোহাৰি তেওঁ ঘোষণা কৰিলে তেওঁৰ সিদ্ধান্ত– চেনীমাৰীত তেওঁ নাথাকে৷’

গতিকে এই কথাটোত ঔপন্যাসিকৰ ধৰ্মীয় স্থিতি আৰু ঔপন্যাসখনৰ মাজেৰে প্ৰতিফলিত কৰিবলৈ বিচৰা আদৰ্শ আৰু উদ্দেশ্য সম্পৰ্কে পাঠকৰ মনত সন্দেহৰ সৃষ্টি হ’ব৷ যদি ইন্দ্ৰস্বামী প্ৰকৃততেই এটা সৎ চৰিত্ৰৰ অধিকাৰী হয়; তেন্তে তেওঁ বশিষ্টবাৰীত থাকিও চেনামাৰীৰ কৰ কাটল সংগ্ৰহ কৰিবলৈ এৰা নাই কিয়? সংসাৰ বিৰাগী আচাৰ্যজনে বিলাতত মাতি কিনিব ল’গা হ’ল কিয়, বা সংসাৰ কৰিবলৈ মন মেলিলে কিয়; এইধৰণৰ কথাবোৰ আৰম্ভ হ’বলৈ পোৱাৰ প্ৰসংগ সম্পৰ্কে ঔপন্যাসিকে পাঠকক  কিছু কথা কোৱাৰ নি(য় প্ৰয়োজন আছিল আৰু নোকোৱাৰ বাবেই এই চৰিত্ৰটো জটিল হৈ পৰিছে৷ সেয়েহে আচাৰ্য ইন্দ্ৰস্বামী চৰিত্ৰটোক প্ৰতি পাঠকে সন্দেহ কৰিবলৈ বাধ্য, কিন্তু সন্দেহৰ সত্য বুলি ভাবিবলৈয়ো কোনো স্পষ্ট প্ৰমাণ নাই৷ 

ঔপন্যাসিকে উপন্যাসখনৰ  দ্বাৰা ধৰ্মীয়দিশটোক  ব্যংগ কৰিছে৷ ইন্দ্ৰস্বামী চৰিত্ৰটো যেন বৰ্তমান সমাজখনৰো প্ৰতীকধৰ্মী এটা চিৰপৰিচিত চৰিত্ৰ৷ ঠিক ইন্দ্ৰস্বামী চৰিত্ৰটোক পাঠকে বুজিব নোৱাৰা ধৰণে অসমীয়া জনসাধাৰণেও সমকালীন ধৰ্মৰ একাংশ ধৰ্মপ্ৰচাৰকসকলক বুজি পোৱা নাই৷ ৰাজনীতিৰ পৰা আৰম্ভ কৰি মাটি-বাৰী, সম্পত্তিৰ পাহাৰ গঢ়ালৈকে কিমান যে কি কৰা নাই ধৰ্মৰ নামত মোক্ষ প্ৰাপ্তিৰ পথ দেখুৱাব খোজা এইসকল সাধকে৷ আনকি ধৰ্মীয় স্থানতে নাৰীক বলাৎকাৰ কৰা হৈছে৷ ধৰ্মীয় স্থানৰ বিঘাই বিঘা মাটি বেদখল কৰা হৈছে৷ ঐতিহাসিক সা-সম্পত্তিৰ হৰলুকি চলিছে৷ চৰকাৰী সাহাৰ্যৰ কেলেংকাৰী হৈছে৷ এইধৰণৰ কথাবোৰেই যেন ঔপন্যাসখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰ্ণিত হৈছে৷ আৰু সেইবাবেই বৰ্তমান সময়তো উপন্যাসখনৰ প্ৰাসংগিকতা আছে৷

শেষত ইন্দ্ৰস্বামী বিলাতলৈ যোৱাৰ প্ৰসংংগটোৱেই উপন্যাসখনৰ আটাইতকৈ আশ্বৰ্যজনক বাৰ্তা৷ এখন সমৃদ্ধিশালী আৰু ঐত্যিাসিক গুৰুত্ব থকা আশ্ৰমৰ আচাৰ্যই যেতিয়া বাহিৰত সাধু সন্ন্যাসী হৈ ভিতৰে ভিতৰে এনে কাম কৰিব পাৰে, তেন্তে ভদ্ৰ, গদাধৰহঁতৰ দৰে সাধাৰণ ভক্তই ঈৰ্ষাত জ্বলি-পুৰি পুলকক মৃত্যু ঘটোৱাটো তেনেই সামান্য কথা৷ পৰিশেষত ক’ব পাৰি– ঔপন্যাসিকে উপন্যাসখনৰ পৰা পাঠকক এই বাৰ্তা দিবলৈ সক্ষম হৈছে যে– ধৰ্মৰ বাহ্যিকতাই ধৰ্মৰ সৰ্বশেষ নহয়৷ ধৰ্মতকৈ মানৱতা আৰু মনুষ্যত্বক মূল্য দিয়াটোহে সময়ৰ ডাবী৷ সেইদৰে ধৰ্মৰ ওপৰত আস্থা ৰখাতকৈ নিজস্ব বিবেক আৰু আদৰ্শৰ মতত থাকি লক্ষ্যত উপনীত হোৱাটোহে ইতিবাচক কৰ্মৰূপে বিবেচিত হ’ব পাৰে৷ তেতিয়া আচাৰ্যৰ ওচৰতো শৰণ ল’ব নালাগে বা আচাৰ্যৰ দৰে ধাৰ্মিকৰ প্ৰকৃত স্বৰূপ দেখি বিস্ময়াবিভূতও হ’ব নালাগে৷

উপন্যাসখনত ব্যৱহৃত গ্ৰাম্য ভাৱ-ভাষা 
নিষ্কাম গুৰু-শিষ্য উপাখ্যানৰ কাহিনী অসমীয়া সমাজ জীৱনৰ সৈতে জড়িত এটি কাহিনী৷ উপন্যাসখনৰ প্ৰেক্ষাপট বা ইয়াৰ সময়সীমা সম্পৰ্কে সঠিক চন, তাৰিখ উল্লেখ নাই যদিও আমি কাহিনীৰ বিষয়বস্তুৰ পৰা এই কথা ক’ব পাৰোঁ যে বৰ্ণিত কাহিনীয়ে স্বাধীনতাৰ পাছৰ সময়ছোৱাক প্ৰতিনিধিত্ব কৰিছে৷ উপন্যাসখনত এঠাইত উল্লেখ আছে এনেদৰে–‘ৰজাৰ দিনত, ইংৰাজ চৰকাৰৰ দিনত, আনকি দেশী চৰকাৰৰ শাসন কালতো কোনো ৰজাঘৰীয়া, বিষয়া-চন্তৰী ইয়াত সোমোৱা নাই৷’ ইয়াত ‘দেশী চৰকাৰ’ বুলি উল্লেখ কৰা কথাটোৱেই স্বাধীনতাৰ পাছৰ সময়ত গঠিত চৰকাৰখনৰ কথাকে কৈছে৷ বিংশ শতিকাৰ এই সময়ছোৱাত অসমৰ এনেধৰণৰ আশ্ৰমৰ পৰিমাণ খুব কমেইহে দেখা পোৱা যায়৷ আশ্ৰমতকৈ সত্ৰ ব্যৱস্থাৰ বিষয়টোহে এই প্ৰসংগত অধিক খাপ খালেহেঁতেন৷ যি কি নহওঁক এই চেনীমাৰী আশ্ৰমৰ পৰিৱেশ বৰ্ণনা আৰু সমসাময়িক বিষয়ৰ বৰ্ণনা দিবলৈ লেখকে সেই সময়ছোৱাৰ পৰিৱেশ, পৰিস্থিতিৰ সৈতে খাপ-খোৱা ভাষাৰ ব্যৱহাৰ কৰিছে৷ সহজ-সৰল ভাষা আৰু প্ৰতীক ব্যঞ্জনাৰ সৰল প্ৰয়োগ উপন্যাসখনত দেখা পোৱা যায়৷ গ্ৰাম্য ভাৱ-ভাাষা ব্যৱহাৰত ঔপন্যাসিকে দক্ষতাৰ পৰিচয় দিবলৈয়ো সক্ষম হৈছে৷ অসমীয়া সমাজৰ জীৱনত হেৰাই যাবলৈ ধৰা আৰু সততে প্ৰয়োগ নোহোৱা বহুতো শব্দ এই উপন্যাসখনত লেখকে ব্যৱহাৰ কৰিছে৷ তাৰ ভিতৰত– খাট-পালেং,  পীৰা-ঢৰা-কঠ, বৰপেৰা, জপা, চন্দুক, ভোগজৰা, ঠগা, আদি অন্য্যতম৷ সেইদৰে আলধৰা, পাচনি, দোপ, লাম-লিকটু, হেঙুল-হাইটাল, বপুৰা, লেলাউটি, মঙলতি, মাই, তামুলী পিৰা, এচলু, খেৰী ঘৰ, গুৰু কৰ, ফাৰ্লং, মাইল আদি৷

উপসংহাৰ
ঔপন্যাসিকে ‘নিষ্কাম গুৰু-শিষ্য’ উপন্যাসখনৰ দ্বাৰা তথাকথিত ধৰ্মীয় পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাস আদিৰ অন্তৰালত থকা প্ৰকৃত স্বৰূপটোক  মুকলিকৈ সমালোচনা কৰাৰ লগতে আশ্ৰম বা ধৰ্মীয় অনুষ্ঠানৰ অন্তৰালত লুকাই থকা প্ৰকৃত বাস্তৱতাখিনিক পোহৰলৈ আনিছে৷ ধৰ্মীয় ৰীতি-নীতি বা বিশ্বাসৰ উদ্ধৰ্লৈ গৈ এনেদৰে সাহসেৰে প্ৰকৃত ছবিখন অংকন কঁৰাত লেখকৰ সাহস আৰু জীৱন দৰ্শনো প্ৰকাশ পাইছে৷ যদিও উপন্যাসখনৰ কাহিনী কাল্পনিক বুলি লেখকে উল্লেখ কৰিছে; কিন্তু তেওঁ কাহিনীৰ বিষয়বস্তুৰ পটভূমি যে সমসাময়িক সমাজখনৰ পৰাই পৰোক্ষভাৱে গ্ৰহণ কৰিছে, সেই উমানো তেওঁ গ্ৰন্থৰ পাতনিতে ইংগিত দিছে৷ লেখকে উপন্যাসখনৰ মাজেৰে দেখুৱাইছে যে– ধৰ্মক কেন্দ্ৰ কৰি একাংশ ব্যক্তিয়ে যুগ যুগ ধৰি সহজ-সৰল এচাম মানুহক শোষণ আৰু শাসন কৰি আহিছে আৰু সমাজৰ আগত ধৰ্মৰ মুখা পিন্ধি ভিতৰে-ভিতৰে ব্যক্তিগত ভোগ-বিলাস, দৈহিক কামনা-বাসনাত মত্ত হৈ বিলাসী জীৱন যাপন কৰাৰ আখৰা কৰিছে৷ সেইদৰে ক’ব পাৰি– এক সামাজিক বাস্তৱধৰ্মী কাহিনীৰ কলাত্মক উপস্থাপন আৰু বৰ্ণনাৰে ঔপন্যাসিকে পাঠক সমাজক নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈ বাট কাটি দিছে৷

প্ৰসংগসূত্ৰ
১. অনুৰাগ আৰু পৰিক্ৰমা, ক্লাছিক প্ৰকাশন, ২০০০, পৃষ্ঠা-৭
২ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-১৪
৩ উল্লিখিত গ্ৰন্থ,  পৃষ্ঠা-৩২
৪. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩
৫. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৫
৬ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৬
৭. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৭
৮. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-১৬
৯. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-১৭
১০ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-১৮
১১. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২০
১২ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২১
১৩ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৩
১৪ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩০ 
১৫ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৮
১৬ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৬
১৭ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩২
১৮ উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩১ 

গ্ৰন্থপঞ্জী 
-চমুৱা. চন্দ্ৰধৰঃ অনুৰাগ আৰু পৰিক্ৰমা, প্ৰথম প্ৰকাশ, ক্লাছিক প্ৰকাশন, ২০০০
-ঐঃ চাৰ্বাক, নাট সংকলন, প্ৰথম প্ৰকাশ, প্ৰকাশক- তুশীল দত্ত, ১৯৯৫
-ঐঃ কংস, নাট সংকলন, অৰ্পণ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০০৮
-শৰ্মা, হেমন্ত আৰু প্ৰশান্ত দত্তঃ অসমীয়া নাট্য সমীক্ষা, উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সৌজ্যনত, অসম -নাট্য মহোৎসৱ উপলক্ষে প্ৰকাশিত, নৱেম্বৰ, ২০১০


@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments