মতামত ৷৷ ডিজিটেল যুগত ছপা মাধ্যমৰ গুৰুত্ব ৷৷ ডিজিটেল মাধ্যমৰ যোগাত্মক প্ৰয়োজনীয়তা

*
ডিজিটেল যুগত ছপা মাধ্যমৰ গুৰুত্ব কমিছে নেকি ?
ডিজিটেল যুগত ছপা মাধ্যমৰ গুৰুত্ব কমিছে বুলি মই নাভাবো৷ বৰঞ্চ ডিজিটেল যুগটোত তথ্য-প্ৰযুক্তি আৰু বৈজ্ঞানীক যন্ত্ৰপাতি, অত্যাধুনিক ছপা যন্ত্ৰৰ ব্যৱহাৰৰ ফলত ছমা মাধ্যমটোৰ গুৰুত্ব বাঢ়িছেহে৷ আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰতে লক্ষ্য কৰিলে দেখা যায় যে বৰ্তমান সময়ছোৱাত ছপা মাধ্যমৰ দিশটোত অত্যাধিক সা-সুবিধা বাঢ়িছে৷ গ্ৰন্থ-আলোচনীৰ চেল্‌ফ পাবলিছিঙৰ সুব্যৱস্থা হৈছে৷ আজিৰ তাৰিখত গ্ৰন্থৰ আইএচবিএন, আলোচনী এখনৰ আইএচএচন অনলাইনতে এপ্লাই কৰিব পৰা সুবিধা হৈছে৷ কিতাপ বা আলোচনী এখন প্ৰকাশ কৰাটো এসময়ত বহুতৰ বাবে কষ্টসাধ্য কাম এটা আছিল৷ প্ৰকাশক বিচাৰি বা গ্ৰন্থ প্ৰস্তুত আৰু সম্পাদনা কৰিবপৰা ব্যক্তিৰ ওচৰত সততে হাত পাতিব লাগিছিল৷ এতিয়া যিকোনো এটা ভাষা ইউনিক’ড বা পেজমেকাৰত ডিটিপি কৰিবপৰা ব্যক্তিৰ সংখ্যা বাঢ়িছে৷ বিভিন্ন কিপেইড, ফণ্ট আদিৰো সৃষ্টি হৈছে৷ লেআউট, গ্ৰাফিক্স আদি আগতকৈ ধুনীয়া আৰু কম সময়, কম টকাতে কৰিবপৰাৰ ব্যৱস্থা হৈছে৷ কিতাপ এখন ডিটিপি কৰি, বেটুপাত তৈয়াৰ কৰি, প্ৰুফ চাই একেবাৰে প্ৰিণ্ট কৰিব পৰা অৱস্থালৈ লৈ যাব পৰা ব্যক্তি এতিয়া অসমত বহুতো আছে৷ এতিয়া পিডিএফত ফাইল এটা যিকোনো ঠাইৰপৰা প্ৰিণ্ট কৰিপ্ৰকাশক বা প্ৰিণ্টিং প্ৰেছলৈ মেইল কৰি দিব পাৰি৷ ব্যক্তি এজন নিজে প্ৰেছ বা প্ৰকাশকৰ কাষলৈ নহাকৈয়ে অনলাইনতেই গুগ’ল পে, ফোন পে বা তেনে মাধ্যমৰ জৰিয়তে লেন-দেন কৰিব পাৰে৷ আজিৰ তাৰিখত কিতাপৰ পেকেট কুৰিয়াৰ চাৰ্ভিচৰ দ্বাৰা অসমৰ যিকোনো ঠাইলৈ লৈ যাব পাৰি৷ ছপা গ্ৰন্থ-আলোচনী এতিয়া অনলাইনতো বিক্ৰীৰ ব্যৱস্থা হৈছে৷ শিক্ষা-দিক্ষাৰ ক্ষেত্ৰতো আমি প্ৰকাশিত পাঠ্যপুথিৰ ওপৰতেই এতিয়াও নিৰ্ভৰশীল৷ গ্ৰন্থ এখন নিজ হাতে চুই চোৱাৰ যি মাদকতা, অনলাইন মাধ্যমে সেইয়া একে ৰূপতে দিব নোৱাৰে৷ গতিকে মই নাভাবো যে ছপা মাধ্যমটোৰ গুৰুত্ব কমিছে৷ কিন্তু এটা কথা অনুভৱ কৰোঁ, পূৰ্বতকৈ গ্ৰন্থ বা আলোচনী পঢ়া সংখ্যা কমি আহিছে৷ ইয়াৰ অন্তৰালতো অৱশ্যে যথেষ্ট কাৰক আছে৷

ডিজিটেল মাধ্যমৰ যোগাত্মক প্ৰয়োজনীয়তা !
ডিজিটেল মাধ্যম হৈছে–মানৱ সভ্যতাৰ প্ৰতিটো উপকৰণকে মেচিনৰ দ্বাৰা সংৰক্ষণ, সংবদ্ধৰ্ন আৰু পৰিচালিত কৰোঁৱাৰ এক পদ্ধতি৷ বিভিন্ন চফ্‌টৱেৰ, এম.পি. থ্ৰি প্লেয়াৰ, কমপেক্ট ডিছ, পেন ড্ৰাইভ, ব্লুটুথ, ৱাইফাই আদি হৈছে ডিজিটেল মিডিয়াটো কাৰ্যক্ষম হৈ থকাৰ মূল চালিকাশক্তি৷ বৰ্তমান ডিজিটেল মাধ্যমৰ কিছুমান নব্য ক্ষেত্ৰৰ সৃষ্টি হৈছে৷ সেইবোৰ হ’ল– ব্লগ, ৱেবচাইট, ৱিকিপিডিয়া, ৱিকিকমন্স, ৱেব পৰ্টেল, গুগ’ল ট্ৰেন্সলেটৰ আদিৰদৰে ক্ষেত্ৰসমূহ৷ সেইদৰে বিভিন্ন চচিয়েল নেটৱৰ্কিং চাইট যেনে– ফেচবুক, ৱাটছএপ, ইউটিউব, ই-মেইল, ই-আলোচনী, টুইটাৰ আদিও ডিজিটেল ক্ষেত্ৰখনৰ ওতপ্ৰোতভাৱে জড়িত৷  সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমৰ অত্যাধিক প্ৰভাৱ বাঢ়িছে৷ ইয়াৰ অন্তৰালত মানৱ সমাজৰ ক্ষিপ্ৰ যোগাযোগ ব্যৱস্থা আৰু আধুনিক জীৱন শৈলীটোৱেই মূলতঃ জড়িত হৈ আছে৷ মই ডিজিটেল মাধ্যমৰ যোগাত্মক প্ৰয়োজনীয়তা বুলি ক’লে অৱসৰ নিনোদনৰ সমান্তৰালভাৱে জনমত গঠন, সামাজিক-সাংস্কৃতিক-ভাষিক দিশটোত ডিজিটেল ক্ষেত্ৰসমূহৰ প্ৰয়োগেৰে সংৰক্ষণ আৰু সংবদ্ধৰ্ন কৰা, এটা জাতিৰ সামগ্ৰিক বৈশিষ্ট্যক অনলাইন মাধ্যমত সমৃদ্ধিশালী কৰা,  ভাষাটোক ইণ্টাৰনেটত শক্তিশালী কৰা, গুগ’ল ট্ৰেন্সলেটৰৰ সুবিধা ইত্যাদি দিশবোৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰোঁ৷ বৰ্তমান সমগ্ৰ বিশ্বখনেই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল৷ লেপটপ আৰু মোবাইল ফোনৰ ওপৰতে এতিয়া পৃথিৱীখন নিয়ন্ত্ৰণ হৈ আছে৷ টেলিভিশ্যনৰ সমান্তৰালভাৱেই ফেচবুক বা ৱেব পৰ্টেলবোৰত বৰ্তমান সংবাদ প্ৰকাশৰ স্বাধীনতা বাঢ়িছে৷ ফেচবুকত এতিয়া প্ৰত্যেকজন ব্যক্তিয়েই সংবাদ প্ৰদানৰ লগতে জনমত গঠনত অগ্ৰণী ভূমিকা ল’ব পাৰে৷ নব্য মাধ্যমসমূহত এতিয়া আমি অডিঅ’, ভিডিঅ’ আকাৰে যিকোনো এটা সাংস্কৃতিক কাৰ্যসূচী, ব্যক্তিৰ স্বকীয় প্ৰতিভাৰ বিকাশৰ লগতে সংৰক্ষণ কৰিব পাৰোঁ৷ এতিয়া ফেচবুক, ই-আলোচনী, ব্লগ আদিত সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবপৰা অৱস্থা হৈছে৷ সৃষ্টিশীল লিখনিৰ প্ৰচাৰৰ বাবে এতিয়া কাকত-আলোচনীলৈ কোনো ৰৈ থাকিব নালাগে৷ বিজ্ঞাপনৰ ক্ষেত্ৰত অত্যাধিক সা-সুবিধা বাঢ়িছে৷ এতিয়া অনলাইনত বজাৰ-সমাৰ কৰিব পৰাৰ ব্যৱস্থা হৈছে৷ অনলাইনত টিকট কটাৰ সুবিধাৰপৰা অনলাইনত অৰ্থনৈতিক লেন-দেন কৰিবপৰাৰ হাজাৰ হাজাৰ সুবিধা বাঢ়িছে৷ ফেচবুক, ৱাটচএপৰ দৰে চ’চিয়েল মিডিয়াৰ জৰিয়তেই বহুবোৰ প্ৰতিভা এতিয়া নতুনকৈ উলাই আহিছে৷ চাইবাৰ চিকিউৰিটিৰ লগতে গুগ’ল মেপৰ দৰে সা-সুবিধাই এতিয়া সমগ্ৰ পৃথিৱীৰ যাতায়াত ব্যৱস্থাটোক সৰল কৰি তুলিছে৷ গতিকে এইধৰণৰ যোগাত্মক দিশবোৰক আমি নুই কৰিব নোৱাৰোঁ বা ইয়াৰপৰা আমি আঁতৰি থাকিব নোৱাৰোঁ৷ মাত্ৰ আশা কৰিম আমাৰ অসমীয়া জাতি বা সমাজখনকো যদি ডিজিটেল মাধ্যমত বলিষ্ঠভাৱে সমৃদ্ধিশালী কৰি তুলিব পাৰোঁ, তেতিয়াহে অনাগত দিনত নৱ প্ৰজন্মৰ হাতত আমাৰ ভাষা-সংস্কৃতি সঠিকৰূপত বৰ্তি থাকিব৷ আমাৰ সভ্যতাটোকেই আমি ছপা মাধ্যমত সংৰক্ষণ কৰাৰ দৰে ডিজিটেল মাধ্যমৰ বিভিন্ন ক্ষেত্ৰবোৰত সংৰক্ষণ তথা সংবদ্ধৰ্ন কৰিব লাগিব আৰু ইয়াৰ বাবে অন্তত সচেতন ব্যক্তিসকলে কিছু প্ৰগতিশীল কাম কৰিব লাগিব৷

@কথাখিনি ‘গুৱাহাটী আকাশবাণী’ কেন্দ্ৰৰ জৰিয়তে ইতিমধ্যে প্ৰচাৰিত।

Post a Comment

0 Comments