'কাঁহিবুনৰ মালিতা' উপন্যাসৰ পৰিচয়মূলক আলোচনা ৷৷ গ্ৰন্থ সমালোচনা


* সাম্প্ৰতিক অসমীয়া উপন্যাস সাহিত্যত ৰুদ্ৰাণী শৰ্মা এটা পৰিচিত নাম৷ ঐতিহ্য বিষয়ৰ লগতে সমকালীন সমাজৰ যিকোনো গুৰুত্বপূৰ্ণ দিশ তথা উপেক্ষিত হৈ ৰোৱা মানৱ শ্ৰেণীৰ জীৱন জীৱিকাক সূক্ষ্মভাৱে অধ্যয়ন কৰি তেখেতে সাহিত্যৰ মাজেৰে প্ৰকাশ কৰি আহিছে৷ ‘উত্তৰকাল’, ‘দমিতাৰ দস্তাৱেজ’, ‘লৌহিত্য তীৰৰ অমৃত গাথা’, ‘পাণবজাৰৰ পাণ্ডুলিপি’, ‘কাঁহিবুনৰ মালিতা’, ‘ত্ৰিভূজ’, ‘বতাহৰ ছবি’  আদি উপন্যাসৰ উপৰি ‘এটি পখিলাৰ আত্মকথা’, ‘ওলোমা বাগান’ আদি উপন্যাসিকাই ইতিমধ্যেই অসমৰ পাঠক সমাজৰপৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ 

ৰুদ্ৰাণী শৰ্মাৰ ‘কাঁহিবুনৰ মালিতা’ উপন্যাসখন ২০১৭ চনত প্ৰকাশ হয়৷ উপন্যাসখনত বংগমূলীয় অসমীয়া মুছলমানৰ জীৱন আৰু জীৱিকাৰ দিশটো প্ৰতিফলিত হৈছে৷ উপন্যাসখনৰ কৃতজ্ঞতাত লিখা কথাখিনিৰ জৰিয়তে শৰ্মাই যে বংগমূলীয় অসমীয়া মুছলমানসকলৰ সমাজখনৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল সেয়া বুজি পোৱা যায়৷ উপন্যাসৰ মূল কাহিনী আৰম্ভ হৈছে ভাৰত আৰু পাকিস্তানৰ সীমাৰ বৰ্ণনাৰে৷ উপন্যাসখনত দেশ বিভাজনৰ ঋণাত্মক প্ৰভাৱৰ উল্লেখেৰে আৰম্ভণিতে ৰাজনৈতিক নিৰ্যাতনৰ ছবিখন নিতুলভাৱে বৰ্ণনা কৰা হৈছে৷ মানুহ কটা-মৰা, নাৰী ধৰ্ষণ, শিশু হত্যা আদিৰ দৰে বিভৎস পৰিস্থিতিক সৰল ভাষাত উপস্থাপন কৰা হৈছে৷ ৰমিজৰ জীৱনৰ সৈতে সংলগ্ন কৰি সমগ্ৰ উপন্যাসখন বৰ্ণনা কৰা হৈছে যদিও উপন্যাসখনত এটা মাত্ৰ কেন্দ্ৰীয় চৰিত্ৰক মুখ্য কৰি কাহিনী আগবঢ়া নাই৷ কাহিনীৰ মাজত সমগ্ৰ বংগীয় অসমীয়া মুছলমানৰ জীৱন সংগ্ৰামৰ বৰ্ণনা আছে৷ সিপাৰৰ অৰ্থাৎ বংগৰপৰা দেশ বিভাজনৰ পিছতো অসমলৈ মানুহ আহি আছিল৷ সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাও ইয়াত ক্ষীণকৈ চুই গৈছে৷কিন্তু বংগৰ সেই মানুহ অসমলৈ অহাৰ মূলতে আছিল পেটৰ তাড়নাত৷ জীৱিকা অৰ্জন আছিল মূল চিন্তা৷ তেওঁলোকক অসমলৈ আহিবলৈ দিয়াৰ মূলতে আছিল ৰাজনৈতিক চতুৰালি, ভোটৰ অংক ইত্যাদি অনেক কাৰক৷ 

বংগ বিভাজন আৰু ভাৰত-পাকিস্তানৰ বিভাজন ইতিহাসৰ অন্যতম ঘটনা৷ ১৯০৫ চনত লৰ্ড কাৰ্জনৰ দ্বাৰা বংগ বিভাজন কৰা হয়৷ এনে বিভাজনৰ ফলত একাংশ মানুহ অনেক কাৰণতে অসমলৈ প্ৰবজন ঘটে৷ ইয়াৰ পৰৱৰ্তী সময়ত ধৰ্মৰ ভিত্তিত ভাৰত-পাকিস্তানৰ নৱজন্ম হয়৷ এনেবোৰ পৰিস্থিতিয়ে ৰাজনৈতিক ক্ষেত্ৰত অনেক পৰিৱৰ্তন সূচনা কৰাৰদৰে সাধাৰণ সমাজ জীৱনতো বৃহৎ প্ৰভাৱ বিস্তাৰ কৰে৷ মানৱীয় চিন্তা ধাৰাতকৈ ধৰ্মক অধিক গুৰুত্ব দিবলৈ লোৱা একাংশ মানুহৰ বাবে সাধাৰণ মানুহবোৰ হৈ পৰিছিল কূট-কৌশলৰ আহিলা স্বৰূপ৷ অসমৰ ঐতিহাসিক ঘটনাসমূহৰ ভিতৰত বিশেষ উল্লেখযোগ্য ঘটনাৰ অন্তৰালত মানৱীয় সত্বাৰ ধবংস, মূল্যবোধৰ পৰিসৰৰ ফলত ভুক্তভোগীৰ জীৱনৰ দুৰ্দশা আদি বিষয়েই মূলতঃ দেখা যায়৷ অৰ্থাৎ অৱহেলিত, শোষিত আৰু নিম্নবৰ্গৰ জীৱন দাঙি ধৰাই এই ঘটনাসমূহক কেন্দ্ৰ কৰি লিখা সাহিত্যসমূহৰ মূল বিশেষত্ব যেন লাগে৷ বংগ বিভাজনৰ পৰিপ্ৰেক্ষিতত অসমত থিতাপি লোৱা বংগৰ মুছলমানসকলে অসমৰ চৰ অঞ্চলত কেনেদৰে জীৱন সংগ্ৰাম চলাই নিছিল, ৰাজনৈতিক কাৰকৰ বাবে পাকিস্তানৰ জন্মই এই মুছলমানসকলৰ জীৱনলৈ কেনেধৰণৰ আশংকা লৈ আনিছিল; সেই দিশসমূহ উপন্যাসখনত আছে৷ একাংশ শিক্ষিত মুছলমানে পাকিস্তানক সমৰ্থন কৰি অসম ত্যাগি পাকিস্তানলৈ যোৱাৰদৰে এই মুছলমানসকলে পাকিস্তানত জীৱন নিৰ্বাহ কৰাৰ স্বপ্ন ৰচিব নোৱাৰিলে৷ অসমৰ মাটি-পানীক আপোন কৰি লোৱা এই লোকসকলৰ অসমৰ প্ৰতি থকা কৃতজ্ঞতাবোধ আৰু ভালপোৱা উপন্যাসখনত জিলিকি উঠিছে৷ ইয়াৰোপৰি উপন্যাসখনত চৰ-চাপৰিত বাস কৰা লোকসকলৰ বাবে একো একোখন নদী কিমান ভয়ানক হৈ উঠিব পাৰে তাৰ বাস্তৱ বৰ্ণনা দিয়া দেখা গৈছে৷ ঘৰ-বাৰী বানে উটুৱাই নি গৃহহাৰা, দিশহাৰা কৰিছে৷ চৰকাৰী শিবিৰবোৰত আশ্ৰয় ল’বলৈ গৈ মানুহবোৰ দুৰ্গন্ধ, লেতেৰা পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে৷ চাৰিওফালে জীৱ-জন্তু, মানুহৰ বিষ্ঠাৰ এক উৎকট গোন্ধৰদৰে বীভৎস পৰিৱেশতে পেটৰ তাড়নাত মানুহবোৰ জীয়াই থাকে৷ অসমৰপৰা বিদেশী বহিষ্কাৰৰ সময়তো এইসকল মুছলমানক খেদাই পঠোৱা হৈছিল৷ সেই সময়তো পাকিস্তানত চৰকাৰী শিবিৰত বাস কৰোঁতে লেতেৰা চৌপাশৰ মাজতে জীয়াই থকাৰ সংগ্ৰাম চলাবলগীয়া হৈছিল৷ 

অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য আৰু কৰ্মৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনভাৱে উপন্যাসখনত বিচাৰ বিশ্লেষণ কৰা হৈছে৷ অসম আৰু বাংলাদেশৰ মাজৰ দ্বন্দ্ব, মতানৈক্য, ব্ৰিটিছৰ শাসনত অসমত বাংলা ভাষাৰ প্ৰচলন আদিয়ে অসমক সম্পূৰ্ণৰূপে বাংলাদেশ বিদ্বেষীলৈ পৰিণত কৰিছিল৷ য’ত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজন আছিল তাতো কেন্দ্ৰই পদক্ষেপ গ্ৰহণ নকৰি অসমত এই পৰিস্থিতি চলি থাকিবলৈ এৰি দিলে৷ ঔপন্যাসিকাই চৰকাৰৰ এনে কৰ্মৰ জৰিয়তে অসমখনক ঘৃণা আৰু বিদ্বেষ¸ৰ পৰীক্ষাগাৰলৈ পৰিণত কৰা হ’ল বুলি উল্লেখ কৰিছে৷ অসমৰ স্থায়ী লোকসকলৰ সৈতে এই বংগীয় মুছলমানসকলৰ বিভিন্ন সময়ত সংঘাত হ’লেও তেওঁলোকে যিদৰে অসমীয়া মানুহক আপোন কৰি লৈছিল তেনেদৰে অসমীয়া লোকৰ মাজতো তেওঁলোকৰ প্ৰতি সহানুভূতি আৰু চেনেহ থকা দেখা গৈছে৷ তেওঁলোকৰ উন্নয়ন কামনাৰে এখন পঢ়াশালিৰ আৱশ্যকতা অনুভৱ কৰি ভৱ মেধি, শৰ্মা আদি মানুহবোৰে ৰমিজ চৰিত্ৰটোৰ কৰ্মক সমৰ্থন কৰাৰ লগতে তাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে৷ মানৱীয় আৱেগ-অনুভূতিতকৈ ধৰ্মীয় স্বাৰ্থ যে উৰ্ধত নহয়, বীণা আৰু ৰমিজৰ মাজত গঢ় লৈ উঠা আন্তৰিকতাবোধ, ৰমিজহঁতৰ ‘মিলিজুলি মেচ’ৰ বন্ধুত্ব আদিয়ে তাকে প্ৰমাণ কৰিছে৷ 

উপন্যাসখনত স্পষ্টকৈ নাৰী নিৰ্যাতনৰ দিশটো দাঙি ধৰা হৈছে৷ একেটা বংশৰে বসিৰৰ দিনত, মাধুৰ দিনত আৰু তেওঁৰ পুত্ৰ ৰমিজৰ দিনতো নাৰীৰ অৱস্থা পুতৌজনক৷ নাৰীয়ে প্ৰতিবাদ কৰিবলৈ ভয় কৰে৷ কাৰণ নাৰীক জন্মৰপৰাই পুৰুষতকৈ নিম্ন স্থান দিয়া হয়৷ তেওঁলোকক কেৱল পুৰুষতন্ত্ৰক সন্মান কৰিবলৈহে শিকোৱা হয়৷ বাল্য বিবাহ, পুৰুষৰ বহু বিবাহ, তিনি তালাক প্ৰথা আদি তেওঁলোকে মানি চলিবলগীয়া হয়৷ স্বামীক সন্তুষ্ট কৰিব পাৰিলেই যেন তেওঁলোকৰ জীৱন সাৰ্থক বুলি গণ্য কৰে! মনুৰ নাৰীৰ প্ৰতি যি ধাৰণা; তাক এই সমাজখনত সম্পূৰ্ণৰূপে পালন কৰা হৈছে৷ পুৰুষতন্ত্ৰক শ্ৰদ্ধা কৰা নাৰীৰ এনে পৰম্পৰাৰ প্ৰতি আস্থাশীল ছবি এখন প্ৰকাশ পাইছে আচিনা নামৰ চৰিত্ৰটোৰ জৰিয়তে৷ আচিনাৰ স্বামী মইনুলে ল’ৰা সন্তানৰ আশাত দ্বিতীয় বিবাহ কৰাইছে৷ তাত আচিনাৰ আপত্তি নাই, কিয়নো ল’ৰা সন্তানৰ আশা আচিনাই নিজেও কৰে৷ এজন পুৰুষৰ বহু বিবাহ কৰাব পৰা ক্ষমতা তথা অধিকাৰ জন্মগত বুলিয়ে তেওঁলোকৰ সমাজত ভবা হয়৷ আচিনাই কয়– ‘গিৰীয়েকে তাইক এৰি দিয়া নাই৷ দেহা থাকে মানে তাই ল’ৰা এটা পোৱালৈ বাট চাব৷ ল’ৰা নাথাকিলে বুঢ়াকালত কি গতি হয় ঠিক নাই৷ গিৰীয়েকৰ মাটি-ভেঁটিও সতিনীয়েকৰ পুতেকে পাব৷ তাইৰ বাবে থাকিব কি? সেয়ে নদীৰ মাছ-পুঠি এটা পালেও তাই নিজে নাখাই, ছোৱালী কেইজনীকো খাবলৈ নিদি গিৰীয়েকলৈ সাঁচি থয়৷’[পৃ.১৯৭] কেৱল আচিনাই নহয় ৰমিজৰ আইতাক, মাক, পেহীয়েক, মেহেৰুনেছা আদি সকলো পুৰুষতান্ত্ৰিকতাৰ জৰীৰে বান্ধ খাই আছে৷ ইয়াৰ পৰা মুক্ত হোৱাৰ পথ এটা থাকিব পাৰে বুলিও সিঁহতে ভাবিব নোৱাৰে৷ উপন্যাসখনত নাৰীৰ জীৱনৰ বৰ্ণনা এনেদৰে দিয়া হৈছে– ‘বোৱাৰীৰ কোনো অতীত থাকিব নালাগে৷ বোৱাৰী এক নতুন জন্ম–যাৰ আগৰছোৱা মাটিৰ ফলিত লিখি মছি থোৱা আঁক-বাক কিছুমান বৰ্ণ৷ বৰ্ণৰতো কোনো অৰ্থ নাই৷ ছোৱালীৰ অতীতৰো কোনো অৰ্থ নাই৷’ [পৃ. ৩৩]৷ ছোৱালীৰ বাবে তাইৰ স্বামীয়েই মূল গৰাকী হৈ পৰে৷ সেয়েহে আমিনাই স্পষ্টকৈ তাইৰ ভৱিষ্যতৰ ছবিখন নিজে কল্পনা কৰি কৈছে যে তাই বিয়া হ’বলগীয়া ঘৰখনৰ মালিকে নিবিচাৰিলে তাই এটা খোজো লৰচৰ হ’ব নোৱাৰে৷ খোৱাৰ ক্ষেত্ৰতো সদায় পুৰুষেই আগ-ভাগ পাইছিল৷ পুৰুষে খাই উঠি গ’লেহে সিঁহতে খাইছিল আৰু তাৰ বাবে নাৰীৰ কোনো অসন্তুষ্টি ভাৱ নাছিল৷ পুৰুষৰ যৌনক্ষুধাৰ বলি হয় নাৰীসকল৷ পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদি কেৱল যৌন তৃপ্তি ভোগৰ লালসাই অনেক সময়ত নাৰীৰ বৃহৎ ক্ষতি কৰিছে৷ উপন্যাসখনত এনে অনেক উদাহৰণ দেখা যায়৷ পুৰুষৰ যৌন কামনাৰ ফলত নাৰীৰ জৰায়ু বিচু্যতি [Uterine Prolapsed] ৰ দৰে ৰোগ হোৱা পৰিলক্ষিত হৈছে৷ কিন্তু ভুক্তভোগী নাৰীয়ে এনে ৰোগ ‘গুণাহ’ৰ ফল বুলি ভাৱে৷ শিক্ষাৰ পোহৰ নপৰাৰ বাবেই সেই সমাজখন এনে অৰাজক হৈ পৰিছে বুলি ৰমিজৰ জৰিয়তে বুজাই দিয়া হৈছে৷ তদুপৰি নিজৰ সন্তানে পঢ়িবলৈ পঢ়াশালিলৈ যোৱাতকৈ ধন অৰ্জন কৰিবলৈ যোৱাহে উত্তম বুলি বিবেচনা কৰে৷ হিন্দু-মুছলমানৰ মাজত থকা বিভেদ তথা অস্পৃশ্যতাৰধাৰণা দেখা গৈছে জগদীশ শৰ্মাৰ মাতৃয়ে ৰমিজক চাহ খোৱা বাচন ধুবলৈ দিয়াৰ যোগেদি৷ এই বিদ্বেষৰ বাবেই¸ ৰমিজে মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ যাঁওতে তাচ্ছিল্য আৰু মাৰ-পিটৰ পৰস্থিতিৰ সমুখীন হৈছে৷ 

উপন্যাসখনৰ কাহিনী তৃতীয় পুৰুষৰ বৰ্ণনাৰে আগবঢ়াই লৈ যোৱা হৈছে যদিও আৰম্ভণিতে ৰমিজ আৰু আৱেদুৰৰ কথোপকথন আকস্মিকভাৱে আৰম্ভ হৈছে, গতিকে তৃতীয় পুৰুষত বৰ্ণনা কৰা কাহিনীটো আৰম্ভণিতে কিছু অস্বাভাৱিকভাৱে আৰম্ভ হোৱাৰ দৰে লাগে৷ তিনিটা প্ৰজন্মৰ জৰিয়তে তিনিটা সময় অৰ্থাৎ একেৰাহে চলি থকা ঘটনাৰাজিক এছোৱা দীঘলীয়া সময়ত দেখুওৱা হৈছে৷ তিনিটা প্ৰজন্মৰ এই পিৰামিডটো নিৰ্মাণত সুৰুঙা নাই যদিও কিছু অস্পষ্ট হৈ ৰৈছে৷ তৃতীয় প্ৰজন্মৰ জীৱনৰ বৰ্ণনাৰ মাজতে প্ৰথম প্ৰজন্মৰ বৰ্ণনা দিবলৈ গৈ ফুলৰ কলিয়ে হঠাতে পাহি মেলাৰদৰে হৈছে আৰু প্ৰথম প্ৰজন্মৰ কাহিনীৰ সূতাডাল ছিগি গৈছে৷ উপন্যাসৰ কেতবোৰ বৰ্ণনা উপমাৰে দিয়া হৈছে৷ কাহিনী উপস্থাপনৰ ভাষা প্ৰাঞ্জল৷কেতিয়াবা নদী, প্ৰেম, নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনাৰ ভাষা সুমিষ্ট বুলিব পাৰি৷ কেন্দ্ৰীয় চৰিত্ৰ ৰমিজৰ জৰিয়তে কাহিনী আগবঢ়াই নিয়া হৈছে যদিও কাহিনীক প্ৰাধান্য দিয়া নাটকখনত কেৱল ৰমিজ নায়ক নহৈ বংগমূলীয় অসমীয়া মুছলমান সমাজখনেই কাহিনীৰ নায়ক হৈ পৰিছে৷ কেৱল ৰমিজৰ মানসিক সংঘাত বা দ্বন্দ্বই উপন্যাসত সক্ৰিয় ভূমিকা লোৱা নাই; ইয়াত বছিৰ, মাধু, আৱেদুৰ আদি যুৱকৰ সংগ্ৰাম একাকাৰ হৈ আছে৷ ৰমিজক আগত ৰাখি ঔপন্যাসিকে সমকালীন সমাজৰ বিক্ষিপ্ত ঘটনা গাঁঠি দিছে৷ আৰম্ভণিতে সহজভাৱেই আগবঢ়া ৰমিজৰ চিন্তা ক্ৰমান্বয়ে পৃথক আৰু পৈণত হৈছে৷ ঘটনাক্ৰমে ৰমিজ অধিক সাহসী আৰু শক্তিশালী হৈ উঠে৷ সমাজৰ দুৰৱস্থা তথা শোষকৰ আচৰণ দেখি ৰমিজ প্ৰতিবাদী ৰূপত থিয় দিছে৷ সূক্ষ্ম অধ্যয়নৰ অন্তৰালত ক’ব পাৰি যে ৰমিজ সমসাময়িক কালৰ সঁচা সমস্যাৰ প্ৰতিভূ৷ 

পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখনৰ মূল্য ২২০ টকা৷ উপন্যাসখনৰ মুঠ পৃষ্ঠা সংখ্যা- ২৪৮


লেখকৰ ঠিকনাঃ নীলাক্ষি ডেকা, গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

Post a Comment

0 Comments