গ্ৰন্থ সমালোচনা ।। সৌম্যদ্বীপ দত্তৰ নতুন গ্ৰন্থ ‘লে-লাডাখ’

* একবিংশ শতিকাত এজন লিখকৰ বাবে পৰ্যটন (Tourism)ৰ ধাৰণাটো কেৱল অৱসৰ-বিনোদনৰ পৰিসীমাতে সীমাবদ্ধ হৈ থকা নাই৷ সাম্প্ৰতিক সময়ত ভ্ৰমণ হৈ পৰিছে নিৰ্দিষ্ট ক্ষেত্ৰ এখনৰ সামাজিক-সাংস্কৃতিক-আৰ্থ ৰাজনৈতিক ইতিহাস, ধৰ্মীয় পৰম্পৰা, অতীত-বৰ্তমানৰ বিষয়ে ক্ষেত্ৰভিত্তিক অন্বেষণৰ এটি উপযুক্ত মাধ্যম৷ এখন নিৰ্দিষ্ট ঠাই পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ প্ৰেক্ষাপট আৰু তাৰ ভৱিষ্যত সম্ভাৱনা বিচাৰি উলিওৱাও এজন সচেতন পৰ্যটক (Tourist)ৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে৷ অসমীয়া ভ্ৰমণ সাহিত্যৰ ধাৰাটোত এই কামটো নিষ্ঠাৰে আৰু আন্তৰিকতাৰে কৰা একবিংশ শতিকাৰ এজন সচেতন পৰ্যটক হৈছে সৌম্যদ্বীপ দত্ত৷ তেখেতৰ ভ্ৰমণ বিষয়ক গ্ৰন্থসমূহৰ প্ৰধান বিশেষত্ব হৈছে– ভ্ৰমণ কৰি অহা ঠাইখনৰ সামগ্ৰিক আভাস এটা ভাষাৰ অনুপম বৰ্ণনাৰেই পাঠকৰ মন মানসিকতাত স্পষ্টৰূপত আঁকি দিব পাৰে৷ সমান্তৰালভাৱে দত্তৰ বৰ্ণনাত প্ৰকৃতি জগতখন পাঠকৰ সন্মুখত চিনেমেটিক ৰূপত মূৰ্তমান হৈ উঠাৰ উপৰি বিহৃঙ্গম দৃষ্টিৰে আৰু সংৰক্ষণ চেতনাৰে পাৰিপাশ্বিৰ্ক জগতখনৰ ৰূপৰেখা অংকন কৰিব পাৰে৷ প্ৰকৃতিক ইমান কাষৰপৰা বুজি উঠাৰ সৌভাগ্য আৰু সাহিত্যত তাৰ অবিকৃত বৰ্ণনা অসমীয়া সাহিত্যত বৰ্তমান সময়ছোৱাত কেৱল সৌম্যদ্বীপ দত্তৰ গ্ৰন্থসমূহতহে লক্ষ্য কৰা যায়৷ দত্তই ভ্ৰমণক বৌদ্ধিক গৱেষণাৰ পৰ্যায়লৈ লৈ যাব পাৰিছে বাবেই তেওঁৰ গ্ৰন্থসমূহ ইতিহাস আৰু প্ৰাচীন সভ্যতা-সংস্কৃতিৰ অধ্যয়নৰ সমল হিচাপেও অসমীয়া সাহিত্যত গুৰুত্বপূৰ্ণ৷ 

অসমীয়া ভাষাৰ বহুবোৰ ভ্ৰমণ বিষয়ক গ্ৰন্থত লেখকে কেৱল নিজৰ অভিজ্ঞতা আৰু নিৰ্দিষ্ট ভ্ৰমণকেন্দ্ৰিক ঠাইখনৰ চাক্ষুস অভিজ্ঞতা তথা সচৰাচৰ বাহ্যিকভাৱে মনোৰঞ্জন লাভ কৰা বিষয়বোৰৰ বৰ্ণনা কৰাই দেখা যায়৷ কিন্তু দত্তৰ গ্ৰন্থবোৰত  ভ্ৰমণকেন্দ্ৰিক অভিজ্ঞতাৰ বৰ্ণনাৰ সমান্তৰালভাৱে ভ্ৰমণ কৰি অহা ঠাইখনৰ অন্তৰালৰ প্ৰকৃতি জগতখনৰ লগতে সমাজ-সংস্কৃতিৰ সৈতে সম্পৰ্কিত নানা তথ্য, দৃষ্টিভংগী, ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা, ভূগোল, ইতিহাস, সাম্প্ৰতিক স্থিতি আদিৰ বিষয়েও সমপৰিমাণে বৰ্ণনা আৰু বিশ্লেষণ কৰাৰ চেষ্টা কৰে৷ ইয়াৰ দ্বাৰা পাঠক সমাজে এহাতে ভ্ৰমণৰ আনন্দকৰ অভিজ্ঞতা লাভ কৰাৰ লগতে ঠাইখনৰ সামগ্ৰিক বিশেষত্ব আৰু পাৰিৱেশিক চিন্তা-চৰ্চাৰবিষয়ে জনাৰ সুযোগ লাভ কৰে৷

এইগৰাকী লেখকে শেহতীয়াকৈ হিমালয় ভ্ৰমণক কেন্দ্ৰ কৰি লিখি উলিয়াইছে ‘লে-লাডাখ’ শীৰ্ষক এখন অনুপম গ্ৰন্থ৷ গ্ৰন্থখনত হিমালয় আৰু কাৰাকোৰাম অঞ্চলৰ দুৰ্গম পথেৰে কৰা যাত্ৰাৰ সৰস বৰ্ণনা থকাৰ লগতে আৰু হিমালয়ৰ আশে-পাশে থকা সৰু বৰ অসংখ্য পাহাৰ ভ্ৰমণৰ সময়ত লাভ কৰা বাস্তৱ অভিজ্ঞতা, সেই পাহাৰ-পৰ্বতবোৰৰ সম্পৰ্কে বিশ¸দ সামাজিক-সাংস্কৃতিক তথ্য আৰু সমগ্ৰ হিমালয়ৰ ভৌগোলিক বিৱৰণ, বৈশিষ্ট্য, লাডাখৰ বিভিন্ন অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহৰ পদ্ধতি, তেওঁলোকে পালন কৰি অহা ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা আদি সম্পৰ্কে বৰ্ণনা কৰা হৈছে৷ এই ভ্ৰমণৰ মাজেৰে লিখকে হিমালয়ৰ সভ্যতা-সংস্কৃতিৰ প্ৰাচীনতা আৰু আধুনিকতা সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰাৰ লগতে হিমালয় ভ্ৰমণক ইতিহাস অধ্যয়ন আৰু বৌদ্ধ ধৰ্ম সম্পৰ্কীয় অধ্যয়নৰ আধাৰ ৰূপতো গ্ৰহণ কৰিছে৷ দত্তৰ ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থবোৰৰ অন্য এটি বিশেষত্ব হ’ল তেওঁ নিৰ্দিষ্ট অঞ্চলবোৰৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক-অৰ্থনৈতিক বিষয়বোৰৰ বিভিন্ন প্ৰাসংগিক পৰিসংখ্যা বা ঠাইখনৰ সৈতে সম্পৰ্কিত জনবিশ্বাস, বুুৰঞ্জী আদি বিষয়বোৰৰ সন্দৰ্ভত তথ্য দি যায়৷ প্ৰাচীন আৰু আধুনিক সমাজ-সংস্কৃতিৰ এটি তুলনামূলক ঐতিহ্য, সমন্বয় আৰু বিশ্লেষণ তেওঁৰ গ্ৰন্থবোৰত পোৱা যায়৷ এই বিশ্লেষণে পাঠকক সেই নিৰ্দিষ্ট অঞ্চলবোৰৰ বিষয়ে সম্যক ধাৰণা ল’বপৰাকৈ সক্ষম কৰি তোলে৷ 

দত্তই ভ্ৰমণ বিষয়ক যিকেইখন গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে তাৰ ভিতৰত ‘লে-লাডাখ’ গ্ৰন্থৰ বিষয়বস্তু কিছু পৃথক আৰু অগতানুগতিক৷ লাডাখ ভ্ৰমণো তেওঁৰ বাবে কিছু ব্যতিক্ৰম আৰু ইয়াৰ প্ৰতিকূল অৱস্থান আৰু উচ্ছতাৰ দিশটোৱে দত্তক প্ৰথমৰপৰাই লাডাখ ভ্ৰমণ সম্পৰ্কে অনিশ্চয়তাত ৰাখিছে  বুলি তেওঁ উল্লেখ কৰিছে৷ এনে এক দুৰ্গম অঞ্চলত নিজৰ পৰিয়ালটোৰ সৈতে কৰা যাত্ৰা এফালে যিদৰে ৰোমাঞ্চকৰ হৈ পৰিছে, সেইদৰে সময়ে সময়ে প্ৰত্যাহ্বানো আহি পৰিছে৷ গ্ৰন্থখনত সৰ্বমুঠ সাতটা অধ্যায় আছে৷ অধ্যায়কেইটাৰ শিৰোনাম কেইটা হৈছে– ‘ৰোটাং-বাৰালাচা-নাকিলা আৰু লাচুংলাৰ মাজেৰে’, ‘লেৰ পৰা হেমিচলৈ’, ‘বৌদ্ধমঠ ষ্টাকনা আৰু থিকচেৰ পৰা লাডাখী ৰাজপ্ৰসাদৰ অভ্যন্তৰত’, ‘খাৰদুং গিৰিপথেৰে নুব্ৰা উপত্যকালৈ’, হুণ্ডাৰৰ পৰা প্যাংগং হ্ৰদলৈ’, ‘লামাউৰু-লিকিৰ-আলচি’, ‘লাডাখৰ বন্যপ্ৰাণী’৷

প্ৰথম অধ্যায়টোতে দত্তই লাডাখ ভ্ৰমণ কৰিবলৈ যোৱাৰ অন্তৰালৰ মানসিক তাগিদা আৰু তাৰ বাবে হাতত লোৱা প্ৰচেষ্টা, পৰিকল্পনাৰ কথা উল্লেখ কৰিছে৷ এই ভ্ৰমণক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম ভ্ৰমণযাত্ৰা বুলিও উল্লেখ কৰিছে৷ (পৃষ্ঠা-১০) প্ৰাচীন ভাৰতৰ মহাযান বৌদ্ধ সভ্যতা সম্পৰ্কে গ্ৰন্থখনত বিশেষভাৱে আলোচনা কৰা হৈছে৷ গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়ত দত্তই লাডাখ ভ্ৰমণৰ বাবে প্ৰয়োজন হোৱা প্ৰাৰম্ভিক যা-যোগাৰৰ লগতে সম্পূৰ্ণ ভ্ৰমণৰত দিনকেইটিত প্ৰয়োজন হোৱা নানা ধৰণৰ তথ্য-পাতি, এজন পৰ্যটকৰ মানসিক শক্তি আৰু যাত্ৰাপথত প্ৰয়োজন হোৱা সমলবোৰৰ বিষয়েও লিখিছে৷ নতুনকৈ লাডাখলৈ যোৱা যিকোনো এজন ভ্ৰমণকাৰীয়ে দত্তৰ গ্ৰন্থখন ‘গাইড বুক’ হিচাপে অনুসৰণ কৰিব পাৰে৷ তেওঁ যাত্ৰাপথত সংগ দিয়া গাড়ীৰ ড্ৰাইভাৰজনৰপৰা আৰম্ভ কৰি ভাল খাদ্য গ্ৰহণ কৰিবপৰা হোটেল, ধাবাৰ নাম, গেষ্ট হাউচ আদিৰ নাম পৰ্যন্ত এই লেখাত সন্নিৱিষ্ট কৰিছে৷ সেইদৰে লাডাখলৈ যাত্ৰা কৰোঁতে যাত্ৰাপথত আহি পৰিব পৰা বিভিন্ন সা-সমস্যা, এখন ঠাইৰপৰা আন এখন ঠাইলৈ আনুমানিক দূৰত্ব, যাতায়াতৰ অৱস্থা, ৰাস্তা-ঘাটৰ সুবিধা-অসুবিধা আৰু এজন পৰ্যটকৰ শৰীৰত দেখা দিবপৰা বিভিন্ন সৰু-বৰ সমস্যা আৰু তাৰ ইতিবাচক সমাধানৰ বাবে ল’বলগীয়া পদক্ষেপৰ কথাও আলোচনা কৰিছে৷

প্ৰথম অধ্যায়ত হিমালয়ৰ পাদদেশত থকা জনবসতি অঞ্চলবোৰৰপৰা স্থানীয় সাজ-পাৰ পিন্ধা, খাদ্য গ্ৰহণ কৰা, জীৱ-জন্তু পোহা, খাদ্যাভাস, কৃষি-পদ্ধতি আদি বিভিন্ন আনুসংগিক বিষয়বোৰো গ্ৰন্থখনত উল্লেখ আছে৷ হিমালয়ৰ অধিক উচ্চতাত উশাহ লোৱাত কষ্ট হয়৷ ইয়াৰ বাবে পৰ্যটকে কেনেধৰণে সহবাস কৰি চলিব লাগে তাৰ বিৱৰণ গ্ৰন্থখনত আছে৷  সমান্তৰালভাৱে হিমালয়ৰ অপৰূপ সৌন্দৰ্য্য আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশটোৰ কথা গ্ৰন্থখনৰ ঠায়ে ঠায়ে অতি মনোৰধৰ্মিতাৰে বৰ্ণনা কৰা হৈছে৷ এই অধ্যায়টোত হিমালয়ৰ তুষাৰ শৃংগবোৰৰ কথা, বৰফে আবৃত পাহাৰবোৰৰ কথা, লাডাখৰ নৈসৰ্গিক শোভাৰ কথা, আকাংক্ষিত হিমালয় দৰ্শনৰ বাবে মটৰ চাইকেল লৈ অহা দেশী-বিদেশী পৰ্যটকবোৰৰ কথা, তেওঁলোকৰ উদ্যম আৰু উৎসাহৰ কথা, সংকীৰ্ণ আৰু দুৰ্গম পথবোৰেৰে কৰা যাত্ৰাৰ কথা, তুষাৰপাত, বৰফৰ নদী, ঘাঁহনিৰে পৰিপূৰ্ণ অঞ্চলবোৰৰ কথা বৰ্ণনা কৰা হৈছে৷ 

দ্বিতীয় অধ্যায়ত সিন্ধু সভ্যতা আৰু ভাৰত আৰু তিব্বতৰ বৌদ্ধ ধৰ্মৰ বিষয়ে যথেষ্টখিনি গৱেষণাধৰ্মী তথ্য আছে৷ লাডাখৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে লে চহৰৰ ভূমিকা আৰু ইয়াৰ বৰ্ণিল প্ৰাকৃতিক পৰিৱেশটোৰ কথা এই অধ্যায়ত আছে৷ সেইদৰে খ্ৰীষ্টান ধৰ্মত বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ বিষয়েওযথেষ্টখিনি আলোচনা কৰা হৈছে৷ দত্ত আৰু পৰিয়ালে কেৱল লাডাখ বা লেৰ গুৰুত্বপূৰ্ণ চহৰবোৰলৈকে ভ্ৰমণৰ বাবে যোৱা নাই, বৰঞ্চ তেওঁলোক বহুকেইখন পাশ্বৰ্ৱতী গাঁৱলৈ গৈছে৷ লাডাখৰ গ্ৰাম্য জনসাধাৰণৰ সৈতে কথা পাতিছে৷ ৰাতি সেই গাঁওবোৰত পৰম্পৰাগতখাদ্য গ্ৰহণ কৰিছে৷ এই কথা-বাৰ্তাবোৰে অধ্যায়টোৰ বিষয়বস্তুসমূহক অধিক ৰসাল কৰি তুলিছে৷

তৃতীয় অধ্যায়ত লে চহৰৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশটোৰ কথা বৰ্ণনা কৰা হৈছে৷ ষ্টাকনা গোম্‌ফা নামৰ বৌদ্ধ মঠ, লাডাখৰ জনমানৱহীন অঞ্চলবোৰৰ কথা, সিন্ধু সভ্যতাৰ ঐতিহাসিক বিচাৰ-বিশ্লেষণ, পৰ্যটক হিচাপে স্থানীয় আহাৰ গ্ৰহণৰ প্ৰৱণতা, আৰ্য সভ্যতা আৰু সিন্ধু উপত্যকাত আৰ্যসকলৰ প্ৰভাৱ, শ্যে প্ৰাসাদ (লাডাখৰ ৰজাৰ প্ৰাচীন প্ৰাসাদ) ভ্ৰমণ, লে বজাৰ ভ্ৰমণ, লাডাখৰ হুণ্ডাৰ  নামৰ ঠাইত তম্বু ভাড়া কৰি ৰাতি কটোৱাৰ অভিজ্ঞতা আদি বিভিন্ন বিষয় সম্পৰ্কে এই অধ্যায়টোত আলোচনা কৰা হৈছে৷ বিষয়ৰপৰা বিষয়ান্তৰলৈ গতি কৰোঁতে তেওঁ যি সৰল কিন্তু বলিষ্ঠ উপস্থাপন পদ্ধতিৰ প্ৰয়োগ কৰিছে, ই পাঠকক মোহি ৰাখিবপৰাকৈ সক্ষম৷

চতুৰ্থ অধ্যায়ত হুণ্ডাৰৰপৰা প্যাংগং হ্ৰদলৈ যোৱাৰ বৰ্ণনা আছে৷ চীন ৰাষ্ট্ৰৰপৰা নিৰ্বাসিত তিব্বতীসকলৰ জীৱন ধাৰণৰ পদ্ধতি আৰু তিব্বতৰ সৈতে চীনৰ ৰাজনৈতিক সংঘাতৰ বিষয়বোৰ, দালাই লামা সহিতে প্ৰায় ৮৫,০০০ হাজাৰ তিব্বতী মানুহ কি প্ৰেক্ষাপটত ভাৰতলৈ আহি ৰাজনৈতিক শৰণাৰ্থী হিচাপে থাকিবলগীয়া হ’ল, সেই কথা-বাৰ্তাবোৰ এইটো অধ্যায়ত আলোচনা কৰা হৈছে৷ প্যাংগং হ্ৰদৰ পাৰত তম্বু তৰি ৰাতি কটোৱাৰ মনোৰম অভিজ্ঞতা এইটো অধ্যায়ত বৰ্ণনা কৰা আছে৷

পঞ্চম অধ্যায়টোত লে চহৰত ভ্ৰমণ কৰাৰ কথাৰে আৰম্ভ হৈছে৷ দত্ত আৰু তেওঁ পৰিয়ালে লে চহৰৰ বহুবোৰ ঠাই ভ্ৰমণ কৰাৰ বিষয়ে ইয়াত লিখিছে৷ ‘লে-পেলেচ’, ‘লামাউৰু বৌদ্ধবিহাৰ’, ‘মেগনেটিক হিল’ৰ বৰ্ণনা অতি সুন্দৰকৈ কৰা হৈছে৷ এই অধ্যায়টোৰো বহুখিনি অংশ বৌদ্ধ ধৰ্মীয় সম্পৰ্কীয় কথা-বাৰ্তাৰে আলোচিত হৈছে৷ গৌতম বুদ্ধ, গুৰু নানকৰ প্ৰসংগও আলোচনা কৰা আছে৷ 

ষষ্ঠ অধ্যায়টোৰ শিৰোণাম– ‘লাডাখৰ বন্যপ্ৰাণী’৷ এই অধ্যায়ত লাডাখৰ অৰণ্য অঞ্চল আৰু তাত পোৱা জীৱ-জন্তুসমূহৰ বৰ্ণনা আছে৷ লাডাখত থকা প্ৰধান তিনিটা হ্ৰদ ক্ৰমে– ‘চোকাৰ হ্ৰদ’, ‘চোমোৰিৰি হ্ৰদ’ আৰু ‘প্যাংগং হ্ৰদ’ৰ লগতে বিখ্যাত অভয়াৰণ্য ‘হেমিচ ৰাষ্ট্ৰীয় উদ্যান’ৰ কথা উল্লেখ আছে৷ এই উদ্যানত পোৱা লুুপ্তপ্ৰায় তুষাৰফুটুকী (এবিধ বনৰীয়া মেকুৰী)ৰ বৰ্ণনাৰ লগতে লাডাখত পোৱা অন্যান্য বন্যপ্ৰাণীসমূহ যেনে–  আইবেক্স (বনৰীয়া ছাগলী), উৰিয়াল আৰু ব্লু চিপ্‌ (এবিধ ভেড়াৰ প্ৰজাতি),  নাম নায়ান (বনৰীয়া ভেড়া),  চিৰু, গোৱা (এবিধ হৰিণৰ প্ৰজাতি), কিয়াং (এবিধ গাধৰ প্ৰজাতি), ইহি, লিংক্স (বনৰীয়া মেকুৰী), কুকুৰনেচীয়া বাঘ,  মাৰমট (নিগনিৰ এবিধ প্ৰজাতি),  মাৰখোৰ (বনৰীয়া ছাগলী) আদি জীৱ-জন্তুবোৰৰ বিষয়ে বিৱৰণ, পৰিচয় আৰু সেইবোৰৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ আছে৷ সেইদৰে স্তনপ্ৰায়ী প্ৰাণীৰ দৰে লাডাখত পোৱা প্ৰায় ৩১০ বিধ প্ৰজাতিৰ বনৰীয়া চৰাইৰ বিষয়েও উল্লেখ আছে৷ দত্তই উল্লেখ কৰিছে যে– চাকৈ-চকোৱা চৰায়ে ভাৰতবৰ্ষৰ ভিতৰত কেৱৱল লাডাখতেই প্ৰজনন কৰে আৰু ইয়াতে পোৱালি জগাই৷ (পৃষ্ঠা-১৪৪)

সৌম্যদ্বীপ দত্তৰ গ্ৰন্থসমূহৰ অলংকৰণ চকুতলগা আৰু পাঠকক মোহাৱিষ্ট কৰিপৰাকৈ সক্ষম৷ এইখন গ্ৰন্থতো ৰঙীন আলোকচিত্ৰসহ কেইবাটাও পৃষ্ঠাত হিমালয়ৰ বিভিন্ন মনোমোহা আলোকচিত্ৰ সংযোজন কৰাৰ লগতে ভ্ৰমণৰত অৱস্থাত দত্ত আৰু তেওঁৰ ভ্ৰমণ সহযোগী পুত্ৰ আকাশদ্বীপ আৰু পত্নী মৰমীৰ সৈতে তোলা আলোকচিত্ৰও সংযোগ কৰা হৈছে৷ সেইদৰে প্ৰতিটো অধ্যায়ৰ সৈতে প্ৰাসংগিক আলোকচিত্ৰৰ সংযোজনে লেখাবোৰ অতি প্ৰাণৱন্ত আৰু আকৰ্ষণীয় কৰি তুলিছে৷ অসমীয়া ভাষাত লাডাখ সম্পৰ্কীয় বিশদ তথ্য-পাতি আৰু বাস্তৱ অভিজ্ঞতাৰে লিখা এইখন গ্ৰন্থ কেৱল এখন ভ্ৰমণ বিষয়ক গ্ৰন্থ হিচাপেই নহয়; গৱেষণা বা বিদ্যায়তনিকভাৱে লাডাখ সম্পৰ্কীয় যিকোনো বিষয়তো আগন্তুক দিনত ‘লে-লাডাখ’ শীৰ্ষক গ্ৰন্থখন প্ৰাসংগিক গ্ৰন্থ ৰূপে বিবেচিত হ’ব৷ গণপতি প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য– ৩০০ টকা আৰু পৃষ্ঠা সংখ্যা–১৫০ ৷

@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments