কুলেন্দু পাঠকৰ সৈতে সাক্ষাৎকাৰ- (সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা)

* ‘মুক্ত চিন্তা’ আলোচনীৰপৰা আপোনাক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ৷ আপুনি দীৰ্ঘদিন ধৰি অসমৰ¸ সমাজ জীৱনত এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ উপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ শীৰ্ষ পদবীতো অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিছে৷ সমাজত বিজ্ঞান মানসিকতা গঠন আৰু ইয়াৰ চৰ্চা সম্পৰ্কত আপোনাৰ কৰ্মৰাজি তথা প্ৰকাশিত গ্ৰন্থ আৰু লেখাসমূহে অসমৰ প্ৰেক্ষাপটত একপ্ৰকাৰৰ দিগদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে৷ ‘অসম বিজ্ঞান সমিতি’ৰ সম্পাদক হিচাপে আপুনি অসমত বিজ্ঞান চৰ্চাৰ ব্যৱহাৰিক ক্ষেত্ৰখনলৈয়ো অনেক অৱদান আগবঢ়াইছে৷ কটন কলেজৰ ‘পদাৰ্থ বিজ্ঞান’ বিভাগৰ অধ্যাপক হিচাপে শৈক্ষিক জীৱনৰ গুৰুত্বপূৰ্ণ সময় পাৰ কৰিছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদতো আপুনি অধিষ্ঠিত হৈছে৷ যদিও আপুনি বৰ্তমান বিদেশত আছে; আপোনাৰ চিন্তা আৰু দৰ্শনত অসমীয়াত্ব জীপাল হৈ আছে৷ আপোনাৰ এনে এক বৰ্ণিল জীৱনৰ অভিজ্ঞতা তথা বিজ্ঞান মানসিকতা গঠনৰ বাবে কৰা কাৰ্যাৱলী বিষয়ক কিছু প্ৰশ্ন এই সাক্ষাৎকাৰত আলোচনা কৰাৰ লক্ষ্য ৰখা হৈছে৷ ইতিমধ্যেই আপুনি আপোনাৰ জীৱনৰ এনে বহুতো বিষয় সম্পকে ছপা মাধ্যমত উল্লেখ কৰিছেই৷ তাৰ পাছতো প্ৰাসংগিক কিছু প্ৰশ্ন এইবাবেই সুধিব বিচাৰিছোঁ, যাতে ইণ্টাৰনেটত এইধৰণৰ তথ্যসমূহ উপলব্ধ হৈ থাকে৷

প্ৰশ্নঃ প্ৰাৰম্ভতে আপোনাৰ শৈশৱ কালটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ৷ আজিৰ কুলেন্দু পাঠকজন সৃষ্টি হোৱাত শৈশৱ কালটোৱে আপোনাৰ জীৱনক কেনেদৰে প্ৰভাৱিত কৰিছে?
উত্তৰঃ কামৰূপ জিলাৰ নগৰবেৰাত মোৰ জন্ম হৈছিল৷ সেই সময়ত মা-দেউতাই গোৱালপাৰাত শিক্ষকতা কৰি আছিল বাবে কেচুৱা কালতে শিশু সন্তানৰ সৈতে মা-দেউতা গোৱালপাৰালৈ গৈছিল৷ মোৰ শৈশৱ গোৱালপাৰাতে আৰম্ভ হৈছিল৷ সেই সময়ৰ সকলোবোৰ কথা স্বাভাৱিকভাৱেই মোৰ মনত নাই৷ পিতাই কোৱা কাহিনী এটা মনত আছে– মই হেনো আঢ়ৈ বছৰমান বয়সতে কিতাপৰ দোকানৰ পৰা উপহাৰ হিচাপে পোৱা ‘শিশুপাঠ’ ছমাহমানৰ ভিতৰতে পঢ়ি শেষ কৰিছিলোঁ৷ পিতাই কটন কলেজত পঢ়িছিল যদিও শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে৷ পৰৱৰ্তী কালত হিন্দী ভাষাৰ প্ৰশিক্ষণ লৈ অসমৰ প্ৰথম দল হিন্দী শিক্ষক হিচাপে পৰিগণিত হৈছিল৷ গোৱালপাৰা (চৰকাৰী) হাইস্কুলৰ তেওঁ হিন্দী শিক্ষক আছিল৷ মোৰ মাই ME আৰু MV পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰাথমিক স্কুলৰ শিক্ষয়ত্ৰীৰ চাকৰি কৰিছিল৷ সেই সময়ত দ্বিতীয় মহাসমৰ আৰু ভাৰত ত্যাগ আন্দোলন চলি আছিল৷ অসমৰ ৰণাংগনলৈ অহা কেইবাগৰাকীমান বগা চাহাবক পিতাই হিন্দী শিকাব লগীয়া হৈছিল৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনাখন মহাত্মা গান্ধীৰ মৃত্যু হৈছিল৷ তেখেতৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ অঞ্চলৰ মানুহ শোক আৰু দুখত ম্ৰিয়মান হৈ পৰাৰ কথা মোৰ মনত আছে৷ মই স্কুলীয়া জীৱনত তেখেতৰ ‘ ‘My Experiment with Truth’ পুথিখনৰ অনুবাদ পঢ়িছিলোঁ৷ সৰুকালত মহাত্মা গান্ধীৰ জীৱনীতকৈ নেহৰুৰ জীৱন কাহিনী মোৰ বেছি আকৰ্ষণীয় যেন লাগিছিল যদিও পৰৱৰ্তী সময়ত এই ধাৰণা সলনি হৈছিল৷ অৱশ্যে নেহৰুৰ ‘Glimpses into the world History’, ‘Discovery of India’ আদি পুথিও স্কুলীয়া জীৱনত পঢ়িবলৈ যত্ন কৰিছিলোঁ৷
সৰুকালত মোৰ মনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা আন এটা ঘটনা হ’ল ১৯৫০ চনৰ আগষ্ট মাহৰ বৰ ভূইকঁপ৷ সন্ধিয়াপৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি মই ওলাই আহি চোতালৰ মাজমান পাওঁতে আহিছিল সেই প্ৰবল হেন্দোলনি৷ জোকাৰণিৰ ফলত মই মাটিত বাগৰি পৰিছিলোঁ৷ ওৰে ৰাতি কিছু সময়ৰ মূৰে মূৰে জোকাৰণি আহি আছিল আৰু সকলোৱে বিচনাৰ পৰা উঠি চোতাল পাইছিল৷ এই ভূমিকম্পৰ জোকাৰণিয়ে মোৰ মনত বহুতো প্ৰশ্নৰ সৃষ্টি কৰিছিল যদিও উত্তৰ দিব পৰা ব্যক্তি নাছিল৷ অৱশ্যে সেই সময়ত ‘প্লেট টেক্‌টনিক’ তত্ব প্ৰতিষ্ঠা হোৱা নাছিল৷ গতিকে বিজ্ঞজনেও এই ভূমিকম্পৰ প্ৰকৃত কাৰণ বাখ্যা কৰিব নোৱাৰিলেহেতেঁন৷
প্ৰাথমিক বিদ্যালয় আৰম্ভণিৰ শ্ৰেণী কেইটাত মই পঢ়া নাছিলোঁ৷ দ্বিতীয় শ্ৰেণীত মোৰ নাম ভৰ্ত্তি কৰা হৈছিল আৰু তেতিয়া মই সাধাৰণ যোগ বিয়োগৰ বাহিৰে অন্য অংক কৰিব নাজানিছিলোঁ৷ অৱশ্যে ইংৰাজী আৰু অসমীয়া ভাষাৰ কিতাপ পঢ়িব পাৰিছিলোঁ৷ বৃত্তি পৰীক্ষাৰ বাবে সাজু কৰিবলৈ ছমাহমান সময় মোক গৃহ শিক্ষকে অংক শিকাইছিল৷ তেখেতেই মোক অংকত পাৰ্গত কৰি তুলিছিল৷ সৰুতে মই আতাৰ লগত শুইছিলো বাবে শুনি শুনি কীৰ্ত্তনত থকা সকলোবোৰ গল্প মই জানিছিলোঁ৷ আমাৰ মাৰ শাসন আছিল কঠোৰ৷ পঢ়া-শুনাৰ বাহিৰে অন্য কাম বা কথাত সময় নষ্ট কৰাটো মাই ভাল নাপাইছিল৷ সেইবাবে পঞ্চম শ্ৰেণীৰ পৰাই মই মাৰ বঙালী মহাভাৰত পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ খেলা-ধূলাৰ ক্ষেত্ৰতো মই বেয়া নাছিলোঁ যদিও মাৰ শাসনৰ ভয় সদায় আছিল৷ অষ্টম শ্ৰেণীত পঢ়া কালত মোৰউচ্চতা হঠাতে বাঢ়িবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া ভলীবল খেলত ভালদৰে মনোনিৱেশ কৰিছিলোঁ৷ অষ্টম শ্ৰেণীত পঢ়ি থকা কালত মই প্ৰয়াত ৰাধানাথ ফুকনৰ দ্বাৰা অনুদিত সাংখ্য দৰ্শন পুথিখন পঢ়িছিলোঁ৷ পুথিখনৰ পাতনিত তেখেতে আইনষ্টাইনৰ আপেক্ষিকতা তত্বৰ কথাও লিখিছিল আৰু সেইখিনি পঢ়ি ভালদৰে বুজি নাপালেও তত্বটোৰ প্ৰতি বিশেষ আগ্ৰহ জন্মিছিল৷ কিন্তু আমাৰ গাঁৱৰ বৌদ্ধিক পৰিৱেশত সেই তত্ব বুজাই দিব পৰা কিতাপ বা ব্যক্তি নাছিল৷ উল্লেখ্য যে আমি স্নাতক মহলাত পঢ়া সময়তো আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম তত্ব (মেকানিক্‌ছ) পদাৰ্থ বিজ্ঞানৰ অনাৰ্চ পাঠ্যক্ৰমৰো অন্তৰ্ভূক্ত নাছিল৷ গতিকে আমাক বিজ্ঞান পঢ়ুওৱা ছাৰে (তেখেত সাধাৰণ বিজ্ঞান পাঠ্যক্ৰমৰ স্নাতক আছিল৷) এই বিষয়ে নজনাটো আচৰিত কথা নাছিল৷
আমি স্কুলত পঢ়া কালত বিজ্ঞান অৱশ্যে পঠনীয় বিষয় নাছিল৷ সপ্তম আৰু অষ্টম শ্ৰেণীত অলপ বিজ্ঞান পঢ়িব লাগিছিল আৰু সেইখিনি পঢ়ি ভাল পাইছিলোঁ৷ কিন্তু বিজ্ঞানৰ পৰীক্ষাবোৰ প্ৰমাণ কৰি চোৱাৰ কোনো সুবিধা নাছিল৷ প্ৰয়োজনীয় আহিলা আদি কিনিবলৈ প্ৰয়োজনীয় ধন সাহায্যপ্ৰাপ্ত স্কুলৰ তহবিলত নাছিল৷ নৱম, দশম শ্ৰেণীত ওপৰঞ্চি বিষয় হিচাপে বিজ্ঞান পঢ়াৰ ব্যৱস্থা আছিল যদিও ছাৰৰ দীঘলীয়া সময় যুৰি ৰোগ হোৱা বাবে উদ্ভিদ আৰু প্ৰাণী বিজ্ঞানৰ কথাবোৰ শ্ৰেণীত পঢ়ুওৱা নহ’ল৷ বিংশ শতিকাৰ সত্তৰ দশকতহে সাধাৰণ বিজ্ঞান স্কুলীয়া পাঠ্যক্ৰমৰ অৱশ্য পঠনীয় অংশ কৰা হৈছিল৷ সেই সময়লৈ মই ইংলেণ্ডৰ পৰা উচ্চ শিক্ষা লাভ কৰি আহি পুনৰ কটন কলেজত কাম আৰম্ভ কৰিছিলোঁহি৷

প্ৰশ্নঃ আপুনি উচ্চ শিক্ষা লাভ কৰা সময়ছোৱাত অসমৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে ধ্যান-ধাৰণা কেনেধৰণৰ আছিল?
উত্তৰঃ আমি স্কুল আৰু কলেজত পঢ়া পাঠ্যক্ৰম আৰু পাঠ্যপুথিত আৰু পাঠদান, মূল্যায়ন আদি প্ৰক্ৰিয়াতো ‘ক’লনিয়েল’ যুগৰ শিক্ষাব্যৱস্থাৰ প্ৰভাৱ সুস্পষ্ট আছিল৷ মহাত্মা গান্ধীয়ে ভাৰতৰ বাবে যি ‘নয়ী তালিম’ অৰ্থাৎ নতুন প্ৰশিক্ষণ ব্যৱস্থাৰ উদ্ভৱ আৰু বিকাশ কৰিছিল, সেই ব্যৱস্থা ‘বুনিয়াদী শিক্ষা’ হিচাপে প্ৰচলন কৰিবলৈ প্ৰথমতে যত্ন কৰা হৈছিল যদিও এই প্ৰচেষ্টা বিফল হৈছিল কাৰণ গান্ধীৰ প্ৰধান শিষ্যসকল, বিভিন্ন বিষয়াসকল শিক্ষা সম্পৰ্কীয় গান্ধীৰ চিন্তাধাৰাৰ সমৰ্থক নাছিল৷ জৱাহৰ লাল নেহৰুৱে নিজেই গান্ধীৰ ‘নয়ী তালিম’ আৰু ‘হিন্দ স্বৰাজ’ৰ বক্তব্য আৰু দৰ্শনক সমৰ্থন নকৰিছিল৷ মুঠতে আমি পঢ়ি থকা সময়ত আৰু বহুতো বছৰ পাছতো স্বাধীন ভাৰতৰ শিক্ষা ব্যৱস্থা উপনিৱেশ চলাবৰ বাবে শাসকে প্ৰচলন কৰা মডেল অনুসৰি চলি আছিল৷ সেইবাবে বহুতো শিক্ষকে যত্ন কৰি শিক্ষাদান কৰিছিল যদিও, সেই শিক্ষাব্যৱস্থাৰ যথোপযোগী হোৱা নাছিল৷ এইবোৰ কথা স্কুলত পঢ়ি থকা সময়ত বুজাৰ কোনো উপায়ো নাছিল৷

প্ৰশ্নঃ শুনামতে আপুনি কটন কলেজত পঢ়াতো আকস্মিক ঘটনা আছিল? আপুনি বেলেগ ৰাজ্যত পঢ়িবলৈ যোৱাৰ পৰিকল্পনা কৰি থৈছিল? সেই বিষয়ে কিছু কথা কওকচোন৷
উত্তৰঃ ১৯৫৮ চনত মই মেট্ৰিকুলেচন পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিলোঁ৷ এই পৰীক্ষা তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ে পৰিচালনা কৰিছিল৷ বৃহৎ (পুৰণি ) কামৰূপ জিলাত পৰীক্ষা কেন্দ্ৰ আছিল মাত্ৰ দুটা–গুৱাহাটী আৰু বৰপেটা চহৰত৷ ৰিজাল্ট ঘোষণা কৰাৰ দুই-তিনিদিনৰ পাছতহে ৰিজাল্ট পাইছিলো, ১৪ মাইল দূৰত অৱস্থিত ৰংজুলিৰ পৰা (কোনোবাই চাইকেলেৰে গৈ) ‘আচাম ট্ৰিবিউন’ কাকত কিনি অনাৰ পাছত৷ সকলো কথা বিচাৰ কৰাৰ পাছত খুৰাৰ ঘৰত থাকি শ্বিলঙৰ চেইণ্ট এডমাণ্ডছ কলেজত I.Sc. পঢ়াৰ কথা স্থিৰ হৈছিল৷ তেতিয়া এই কলেজত বিজ্ঞানৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী নাছিল৷ কিন্তু আমাক যথেষ্ট যত্নেৰে পঢ়ুওৱা হৈছিল৷ অধ্যাপক নৃপেন গাংগুলী আছিল পদাৰ্থ বিজ্ঞানৰ বিখ্যাত শিক্ষক৷ অধ্যক্ষ ফলিৰ কথাও মনত আছে৷ তেওঁ প্ৰতিজন ছাত্ৰকে নামেৰে সৈতে চিনি পাইছিল আৰু শ্ৰেণীত নাথাকি বাহিৰত (যেনে– কেণ্টিনত) থকা ছাত্ৰক ধৰি আনি শ্ৰেণীকোঠাত সুমুৱাই দিছিল৷ শিক্ষক নাথাকিলে নিজে ক্লাছত সোমাই বিষয়ৰ পাঠদান কৰিছিল- বিষয়টো যিয়েই নহওক কিয়! খৃষ্টান ধৰ্মী ‘ব্ৰাদাৰ’সকলৰ শৈক্ষিক নিষ্ঠা অনুকৰনীয় আছিল৷ স্কুলত আমাৰ শিক্ষকসকলে ইংৰাজী ভাষা সংযোগৰ মাধ্যম হিচাপে শিকোৱা নাছিল– এই কথা বুজিছিলোঁ যদিও ভুলৰ পূৰ্ণ সংশোধন কৰিব নোৱাৰিলোঁ৷ ভাষা আন্দোলন চলি নথকা হ’লে হয়তো মই বেনাৰচ হিন্দু বিশ্ববিদ্যালয়লৈ (BHU) পদাৰ্থ বিজ্ঞানত পঢ়িব গলোহেঁতেন; কিন্তু আন্দোলনৰ বাবে বিভিন্ন অসুবিধা হোৱাত অৱশেষত কটন কলেজতে পঢ়াৰ সিদ্ধান্ত কৰা হ’ল৷ সেইবাৰ কটন কলেজত এড্‌মিশ্যন আৰু পাঠদান পলমকৈ আৰম্ভ হৈছিল (ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ বাবে)৷
এডমাণ্ডছ কলেজত পঢ়া কালত পাঠদান, মূল্যায়ন আদি অতি নিয়মিয়া ভাৱে হৈছিল; সেইবাবে আন্দোলন বা অন্য কাৰণৰ বাবে হঠাতে কটনত পাঠদান কাৰ্য ব্যাহত হ’লে প্ৰথম অৱস্থাত বৰ অসুবিধা যেন লাগিছিল৷ সেই সময়ত অনাৰ্চ পৰীক্ষাত প্ৰথমশ্ৰেণী দুই তিনিজনেহে পাইছিল৷ আমাৰ ১৯৬২ চনৰ পদাৰ্থ বিজ্ঞানৰ বেট্‌ছটোৰ আঠজনে প্ৰথম শ্ৰেণী পাইছিল আৰু সেই সময়ত গুৱাহাটীৰ সৰু একাডেমিক বৌদ্ধিক মহলত এইটো ডাঙৰ খবৰ আছিল৷ চীনৰ ভাৰত আক্ৰমণৰ বাবে আমাৰ স্নাতকোত্তৰ পৰ্যায়ৰ পঢ়া-শুনাত যথেষ্ট লটিঘটি হৈছিল যদিও আমি প্ৰথমবাৰৰ বাবে প্ৰিভিয়াছ আৰু ফাইনেল পৰীক্ষা দি ১৯৬৪ চনৰ মাজভাগত বিশ্ববিদ্যালয়ৰপৰা ওলাইছিলোঁ৷ সেই সময়ত কলেজীয়া শিক্ষাৰ প্ৰসাৰ বঢ়া বাবে আমি বহুতে ৰিজাল্ট নোলাওতে চাকৰি পাইছিলোঁ৷ মই গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত চাকৰি জীৱন আৰম্ভ কৰিছিলোঁ৷ কটন কলেজত অধ্যাপক ড° গোবিন্দ চন্দ্ৰ ডেকাৰ লগত ‘কজমিক ৰে’ সম্পৰ্কীয় গৱেষণাৰ কামো আৰম্ভ কৰিছিলোঁ৷ প্ৰায় এবছৰৰ পাছতে মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰোঁ৷ মোৰ পাছত গজেন তালুকদাৰ, পবিত্ৰ বৰগোঁহাই (আমি একে বেট্‌ছ) আৰু শ্যামাপ্ৰসাদ শৰ্মাই যোগদান কৰিছিল৷ অৱশ্যে ১৯৬৬ চনত মই উচ্চতৰ অধ্যয়নৰ বাবে ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়লৈ যাব লগা হ’ল৷

প্ৰশ্নঃ বিজ্ঞান মানসিকতা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ বাবে আপুনি পৃষ্ঠভূমি এখন কেনেদৰে লাভ কৰিছিল? এইক্ষেত্ৰত আপোনাৰ সামাজিক পৰিৱেশটোৰ ভূমিকা কেনেধৰণৰ আছিল বা আপুনি কিদৰে এইধৰণৰ চিন্তা-চৰ্চাৰ সৈতে জড়িত হৈ পৰিছিল?
উত্তৰঃ ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈ মই ইংলেণ্ডত আছিলোঁ৷ গৱেষণাৰ কাম-কাজ শিকিবলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়, গ্লাচগো বিশ্ববিদ্যালয়, অক্সফোৰ্ডৰ ওচৰতে থকা ইংলেণ্ডৰ ৰাডাৰফোৰ্ড পৰীক্ষাগাৰ, জেনেভাৰ চাৰ্ন(CERN)ত থকা অতি বৃহৎ ইউৰোপীয় ত্বৰক যন্ত্ৰ (এতিয়া য’ত Large Hadson Collider আছে৷) আদিলৈ যাবলগীয়া হৈছিল৷ কম্পিউটাৰ প্ৰ’গ্ৰেমিং আৰু বৃহৎ কম্পিউটাৰৰ পৰিচালনা সম্পৰ্কেও শিকিবলগীয়া হৈছিল৷ বিজ্ঞান শিক্ষা আৰু বিজ্ঞানসন্মত মানসিকতা সম্পৰ্কে মোৰ চিন্তা আৰু ধাৰণাসমূহ নতুনকৈ গঢ় লোৱাত এই সময়চোৱাৰ পৰিৱেশে যথেষ্ট সহায় কৰিছিল৷ জেনেভালৈ নিজৰ আৰু গ্ৰুপৰ কামকাজৰ বাবে মই কেইবাবাৰো গৈছিলো আৰু সেই সুযোগতে ছুইজাৰলেণ্ড আৰু ওচৰ-পাজৰৰ দেশৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ৷ পেৰিছত ল্যুভ সংগ্ৰহালয় আৰু মিউনিখত জাৰ্মান বিজ্ঞান মিউজিয়াম মই ভালদৰে চাইছিলোঁ আৰু সেই সময়তে অসমত এটা কাৰ্যকৰী বিজ্ঞানকেন্দ্ৰ খোলাৰ চিন্তা মনলৈ আহিছিল৷ পৰৱৰ্তীকালত অসম বিজ্ঞান সমিতিৰ বিজ্ঞান মিউজিয়াম প্ৰকল্পৰ আঁচনি কৰাৰ ক্ষেত্ৰত এনে অভিজ্ঞতা সহায়ক হৈছিল৷ গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠাৰ লগতো আমি বিশেষভাৱে জড়িত হ’বলগীয়া হৈছিল৷ এই দিনবোৰে মোৰ জীৱনটোক যথেষ্ট প্ৰভাৱিত কৰিছিল৷
পৰৱৰ্তী সময়ত অসমলৈ ঘূৰি আহি দেখিলোঁ আমাৰ ইয়াত বহুত সমস্যা আছে৷ বিজ্ঞান চৰ্চা আৰু বিজ্ঞান সন্মত মানসিকতা আমাৰ সকলো নাগৰিকৰে হ’ব লাগে– সেই দিশটোৰ প্ৰতি লক্ষ্য কৰি মই দুটামান কাম হাতত লৈছিলোঁ৷ আমাৰ সময়লৈকে অসমত বিজ্ঞান মানসিকতা গঠন সম্পৰ্কে কোনোধৰণৰ Organization সবলভাৱে নাছিল৷ আমি চেমিনাৰ, আলোচনা চক্ৰ আদিকে আৰম্ভ কৰি বহুবোৰ কাৰ্যপন্থা হাতত লৈছিলোঁ৷ মই আছিলোঁ চৰকাৰী চাকৰিয়াল৷ কটন কলেজত সেই সময়ত কৰ্মৰত আছিলোঁ৷ গতিকে তাৰ সুবিধা লৈয়ো শিক্ষাৰ্থীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ কাম-কাজ কৰাৰ সুবিধা হৈছিল৷ আমাৰ সময়খিনিত সমাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাটো বিজ্ঞান সমিতিৰ বাবে প্ৰয়োজনীয় কাম আছিল৷ গতিকে সেই সময়ত মই তোমালোকৰ লখিমপুৰৰপৰা ইফালে ধুবুৰীলৈকে বহুবোৰ ঠাইলৈ মেল-মিটিঙৰ বাবে গৈছিলোঁ৷ আমি গাঁওবোৰলৈ গৈ কিছুমান বিতৰ্কিত বিষয়ক উদাহৰণ হিচাপে লৈ চেমিনাৰ, আলোচনা আদিও কৰিছিলোঁ৷ গাঁৱৰ মানুহক প্ৰত্যক্ষভাৱে আমাৰ সৈতে সম্পৰ্কিত কৰিছিলোঁ৷ যেনে– ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে, এই কথাটোকে আমি উদাহৰণ হিচাপে লৈ কৈছিলোঁ যে– ধৰা হওঁক আমি কেইটামান ভেকুলী ধৰি লৈ গৈ ৰাজস্থান অঞ্চলত বিয়া পাতি দিওঁ, তেতিয়া তাত বৰষুণ হ’বনে! – এনেধৰণেই আমি বিষয়বোৰ গ্ৰাম্য সমাজত বুজাইছিলোঁ৷

প্ৰশ্নঃ ইতিমধ্যেই আপুনি উল্লেখ কৰিছে যে উচ্চ শিক্ষাৰ বাবে আপুনি শ্বিলঙৰ ছেইণ্ট এডমাণ্ড কলেজ, কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ উপৰি পৰৱৰ্তী সময়ত ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়লৈ গৈ গৱেষণা কাৰ্য সম্পাদন কৰিছিল৷ এজন ছাত্ৰৰ দৃষ্টিভংগীৰে সেই সময়ৰ অসম তথা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ সৈতে পাশ্চাত্যৰ শিক্ষা ব্যৱস্থাটোৰ কেনেধৰণৰ পাৰ্থক্য দেখা পাইছিল?
উত্তৰঃ মই পূৰ্বতে কিছু কথা কৈছোঁৱেই যে– কথাটো হ’ল আমি ইংৰাজে দি থৈ যোৱা কলনিয়েল পাঠ্যক্ৰমৰপৰা মুক্ত হ’ব পৰাই নাই৷ কলনি এখন চলাবলৈ যেনেকুৱা শিক্ষা লাগে, ইংৰাজসকলে সেইধৰণৰ শিক্ষাহে ভাৰতত প্ৰদান কৰিছিল৷ তেওঁলোক গুছি যোৱাৰ পাছতো আমাৰ শিক্ষা পদ্ধতি কিন্তু একেদৰেই থাকিল৷ যদিও ভাৰতবৰ্ষত শিক্ষাক লৈ বহুকেইখন কমিশ্যন হৈছে, কিন্তু কাৰ্যত শিক্ষা প্ৰদানৰ ফিলচফিটো একেই থাকিল৷ ‘লেখা, পঢ়া কৰে যিয়ে, গাড়ী, ঘোৰা কিনে সিয়ে’– মানুহে কিয় পঢ়ে! মানে পঢ়ি শুনি এসময়ত চাকৰি পাব লাগিব! এই দৰ্শনটোৰ আমাৰ কোনো দিনেই সলনি নহ’ল৷ কমিশ্যন বিলাকে বহুবোৰ ভাল ভাল কথা কৈছে যদিও বিষয়বোৰ ৰূপায়ণত আজিও ভাৰতে সফলতা লাভ কৰা নাই৷ গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে মই এই দিশটোৰ কথাই ক’ব বিচাৰিম৷ অৱশ্যে বৰ্তমান যি নতুন এডুকেশ্যন পলিচি আহিছে ইয়াৰ কথাখিনি যদি সঠিকভাৱে ৰূপায়ণ কৰিব পৰা যায়, তেন্তে বিশ্বৰ উন্নত শিক্ষা ব্যৱস্থাৰ শাৰীলৈ আমাৰ শিক্ষা পদ্ধতিটো আহিব বুলি ভাবিব পাৰি৷ তুমি লক্ষ্য কৰিলে দেখিবা– আমেৰিকাত নিৰ্দিষ্টকৈ কোনো Final School Examination নাই৷ স্কুলখনে যিটো পৰীক্ষা পাতি শিক্ষাৰ্থী এজনক সক্ষম কৰি পঠিয়াই, সেয়াই তেওঁৰ বাবে ফাইনেল পৰীক্ষা৷ পৰীক্ষা পতাৰ বাবে বিশেষ বৰ্ড পৰ্যন্ত নাই৷ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকজনেই তাত মূল ব্যক্তি৷ তাত মাত কোনেও নামাতে৷ শিক্ষাৰ্থীক কি পঢ়ুৱাব, কেনেকৈ পঢ়ুৱাব সেয়া তেওঁলোকেই চূড়ান্ত কৰে৷ বিশ্বৰ উন্নত শিক্ষা ব্যৱস্থাবোৰত বৰ্তমান এইধৰণৰ শিক্ষা পদ্ধতিয়েই চলি আছে৷ বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেচাৰসকলৰ বাবে এটা সাধাৰণ গাইডলাইনহে থাকে৷ বাকী সকলোখিনি শিক্ষকেই কৰিব লাগে৷ আমাৰ ইয়াৰ শিক্ষা পদ্ধতিলৈ এইধৰণৰ বিষয়বোৰ আগমনৰ প্ৰয়োজন আছে৷

প্ৰশ্নঃ ভাৰতবৰ্ষত পিছে আমাৰ চৰকাৰেহে এটা পাঠ্যক্ৰম প্ৰস্তুত কৰি দিয়ে আৰু শিক্ষকসকলে সেইমতে শিক্ষাৰ্থীসকলক পঢ়ুৱাব লাগে৷
উত্তৰঃ আমাৰ শিক্ষকসকলেও তো সেই বিষয়ত প্ৰতিবাদ নকৰে! দোষ দুয়োফালেই আছে৷ আমাৰ শিক্ষকসকলক লৈ গঠন কৰা সংস্থাবোৰে কেতিয়াবা চৰকাৰক কৈছেনে যে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ অধিকাৰখিনি সম্পূৰ্ণৰূপে আমাক দিয়ক! মই জনাত তেনে কোনো ঘটনা চাগৈ আজিলৈকে হোৱা নাই৷ চৰকাৰৰ দোষতো আছেই, কিন্তু কথাটো হ’ল চৰকাৰ বস্তুটো বৰ ভাল এটা বস্তু নহয়৷ পৃথিৱীৰ বেছিভাগ গণতান্ত্ৰিক দেশেই ভাৱে যে Government is a nessery Evil. আমি যদি সকলো কাম চৰকাৰে কৰিব বুলিয়েই বহি থাকো ইয়াৰ পৰিনাম বেয়াই হ’ব৷ জনসাধাৰণে দোষ ধৰে সঁচা, কিন্তু বিকল্প কি হ’ব লাগে, সেইটো কথাও জনসাধাৰণেই কৈ দিয়াৰ প্ৰয়োজন আছে৷ তুমি অন্য কথা বাৰু বাদ দিয়া, ভাষাৰ কথাটোকে চোৱা– অসমীয়া ভাষাটোৰ লেখা-মেলাৰ ক্ষেত্ৰত বহু সমস্যা আছে৷ এই সমস্যাবোৰটো আমি আঁতৰাব লাগিছিল৷ মই বাৰু এইবোৰ বিষয়ত আজিকালি মাত মাতিবলৈকে বাদ দিলোঁ৷ এই যে আমি দন্ত্য ‘ত’ আৰু মূধন্য ‘ট’ দুয়োতাকে একেদৰেই উচ্ছাৰণ কৰোঁ, মই কথাটোত আপত্তি কৰা নাই, কিন্তু আমাকটো কোনেও কোৱা নাই যে– আমি যে দুটা ‘ত’ লিখোঁ, তাৰ উচ্ছাৰণ কিন্তু এটাই৷ মই এতিয়া আমেৰিকাত থাকি দেখিছোঁ ইয়াত কিন্তু কথাবোৰ বহলকৈ শিকায়৷ আচলতে Language is a means of Comunication. তাৰ পাছতহে সাহিত্য৷ কিন্তু আমাৰ সময়ত আমাক ভাষা মানেই কেৱল সাহিত্য হিচাপেই পঢ়ুৱালে৷ ইংৰাজী বা অসমীয়া যিয়েই নহওঁক যোগাযোগতকৈ ভাষাটোক সাহিত্য হিচাপেহে গুৰুত্ব দিলে৷ কিন্তু যোগাযোগত ভাষা এটাক সৰ্বাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে৷ চৰকাৰে নীতি এটাহে নিৰ্দ্ধাৰণ কৰি দিব, কিন্তু সেই নীতিৰ ভাল-বেয়া দেখুৱাই দিয়াটো ৰাইজৰ কাম হোৱা উচিত৷

প্ৰশ্নঃ কটন কলেজৰ অধ্যাপক হিচাপে আপোনাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় অভিজ্ঞতা বুলিলে কোনটো কথা মনলৈ আহে? বৰ্তমান কটন কলেজে বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে৷ কটন কলেজক লৈ আপোনাৰ অনুভৱ সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ৷
উত্তৰঃ কটন কলেজখন যে বিশ্ববিদ্যালয় হ’ব লাগে, এই কথাটোক লৈ এসময়ত মই লিখা-মেলা পৰ্যন্ত কৰিছিলোঁ৷ ‘কটনিয়ান’ আলোচনীত সেই সম্পৰ্কে প্ৰায় তিনিটামান লেখা লিখিছিলোঁ৷ তাৰোপৰি মই নিজেও কিছু কাম কৰিছিলোঁ যে কেনেকৈ কটনক মডেল কলেজ কৰিব লাগে– আজি কালি যেনেধৰণে স্বায়ত্তশাসিত (Autonomous) কলেজৰ মৰ্যাদা দিয়া হয়৷ কটনক তেনে এটা পৰ্যায়লৈ নিবলৈ আমি বহুখিনি কাম কৰিছিলোঁ৷ অৱশ্যে আমি কোৱা সময়ত মানুহে সেইধৰণৰ কনচেপ্ত এটাক আকোঁৱালি ল’বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল৷ সেই সময়ত এইধৰণে চিন্তা-চৰ্চা কৰাসকলৰ ভিতৰত ৰঞ্জিত ভট্টাচাৰ্যও আছিল৷ বাকী অভিজ্ঞতা বুলিলে তুমি যিটো প্ৰশ্ন কৰিছা, সেই সম্পৰ্কে মোৰ এটা নিৰ্দিষ্ট বিষয় এই মুহূৰ্তত মনলৈ অহা নাই৷ কিন্তু অন্য এটা প্ৰসংগ কৈ থওঁ We got some very Good Students. তেওঁলোক যে অকল পঢ়া-শুনাতেই চোকা আছিল তেনে নহয়, প্ৰায়বোৰ বিষয়তেই তেওঁলোক পাৰ্গত আছিল৷ এই শিক্ষাৰ্থীসকলক পঢ়ুৱাবলৈ পোৱাটো, তেওঁলোকৰ সৈতে Interect কৰিবলৈ পোৱাটো I think that was the big thing, অৱশ্যে অসম আন্দোলনৰ পাছত এই দিশটো কিছু কমি গ’ল৷ আন্দোলনৰ সময়ত কটন কলেজৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ আছিল৷ এই যে খুব ভাল ষ্টুডেণ্টচ্‌ কিছুমান পাইছিলোঁ, আৰু তেওঁলোকৰ আগ্ৰহ আৰু জনাৰ ইচ্চাই মোক মোহিত কৰি ৰাখিছিল৷ মই সেই সময়ত বেলেগ চাকৰি পায়ো কলেজ এৰি গুছি যোৱা নাছিলোঁ৷ কিন্তু দুখৰ কথা শিক্ষাৰ্থীসকলক আমি যিটো পৰ্যায়লৈ লৈ যাব পাৰিব লাগিছিল I think we couldn’t do that. সেই সময়ৰ অসমৰ সমাজ ব্যৱস্থা, শিক্ষা গ্ৰহণৰ সুবিধা এইবিলাকে আমাক ইমান সুবিধা দিয়া নাছিল৷ কিন্তু শিক্ষাৰ্থীসকলৰ Ability হিচাপে বহু উপৰলৈ লৈ যাব পৰাৰ থল আছিল৷

প্ৰশ্নঃ আপুনি কিছু কাল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈছিল৷ উপাচাৰ্য হিচাপে প্ৰশাসনিক ক্ষেত্ৰখনত কাম কৰোঁতে বিশ্ববিদ্যালয়খনৰ সামাজিক-শৈক্ষিক ক্ষেত্ৰখনলৈ অনা কেইটামান পদক্ষেপৰ কথা উল্লেখ কৰিবনে৷ অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱদান আৰু স্থিতিক লৈ আপুনি কেনেধৰণে ভাৱে?
উত্তৰঃ এজন মানুহে অকলে একো কাম কৰিব নোৱাৰে৷ সাম্প্ৰতিক সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়খনে যে অলপ বেলেগ ধৰণৰ বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, বিশ্ববিদ্যালয়খনক এইটো পৰ্যায়লৈ নিবলৈ মই সেই সময়তে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ বিভিন্ন কামো কৰিবলগা হৈছিল৷ সহযোগো পাইছিলোঁ৷ বিশ্ববিদ্যালয়খনত মোৰ দিনত বহুতো নতুন ক’ৰ্চ খুলিছিলোঁ৷ এই বিলাকৰ নাম কৈ গ’লে বহু দিঘলীয়া হ’ব৷ কিন্তু মনত আছে, মই এটা ক’ৰ্চ খুলিব বিচাৰিছিলোঁ, সেইটো হ’ল– Biology বিষয়টো৷ এই ক’ৰ্চটো Botany আৰু Zoology হিচাপে ভাগ কৰা থাকে৷ আনকি আমাৰ স্কুল পৰ্যায়তো সেই পৰ্যায়তে আছে¸৷ কিন্তু তুমি জানি আচৰিত হ’বা পৃথিৱীৰ ক’তো Botany আৰু Zoologyক বেলেগ বেলেগ বিষয় বুলি নপঢ়ুৱায়৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত দুয়োটা বিষয়েই মূলতঃ একেই৷ মই এই কামটো মডিফাই কৰিব বিচাৰিছিলোঁ৷ Applied Biology ৰ বিষয়টো সংযোগ কৰিব বিচাৰিছিলোঁ৷ কিন্তু এই কামটো কোনেও নকৰিলে৷ কলেজ এখনক এই কামটো কৰিবলৈ দায়িত্বও দিছিলোঁ, কিন্তু তেওঁলোকে ক’লে– ছাৰ আপোনাক দিলে কি হ’ব, ইউনিভাৰ্চিটিয়ে পাছ নকৰে৷ তেতিয়া মই তেওঁলোকক কৈছিলোঁ– ‘তোমালোকে এতিয়া ভাইচ চেন্সেলৰৰ লগতে কথা পাতি আছা, তোমালোকৰ ছাৰৰ সৈতে কথা পাতি থকা নাই৷ তোমালোকে ক’ৰ্চ দুটা কৰি দিয়া, তিনিমাহৰ ভিতৰত মই এপ্ৰভ কৰি দিম৷’ কিন্তু নাই, কামটো সময়ত নহ’লগৈ৷

প্ৰশ্নঃ অসমত গৱেষণাৰ মান সম্পৰ্কে আপোনাৰ ধাৰণা কেনেধৰণৰ?
উত্তৰঃ মান সম্পৰ্কে স্পষ্টকৈ কোৱাটো জটিল৷ অসমত এতিয়া মই বহুদিন নাই, গতিকে বৰ্তমান কি হৈ আছে সেই সম্পৰ্কে মোৰ ধাৰণা নাই৷ কিন্তু মই অসমত থকা সময়ত দেখিছোঁ– আমাৰ কৰে কি, এটা পি.এইচ.ডি গৱেষণাৰ বাবে প্ৰব্লেম এটা উলিয়াই লয় আৰু সেই বিষয়ত কাম কৰে৷ আকৌ এজন গৱেষক আহে, নতুন প্ৰব্লেম এটা উলিয়াই সেই নিৰ্দিষ্ট বিষয়ত কাম কৰে৷ মানে আমাৰ গৱেষণা বিলাক পি.এইচ.ডি প্ৰব্লেম ৰিলেটেড৷ অৱশ্যে দু্‌ই-চাৰিটামান Exceptional আছে দেই, মই In General কৈছোঁ৷ কিন্তু সাধাৰণতে সমস্যাৰপৰা উপযুক্ত সমাধান নিৰ্ণয় কৰাৰ সামগ্ৰিক পৰ্যায়লৈকে গৱেষণাই গুৰুত্ব লাভ কৰা উচিত৷

প্ৰশ্নঃ আপুনি ‘অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ’ পৰিষদৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ অসমত এই সংস্থাটোৰ গুৰুত্ব সম্পৰ্কে আপুনি কি ভাৱে৷ জনসাধাৰণৰ মাজত বিজ্ঞান চেতনা আৰু পাৰিৱেশিক শিক্ষাৰ বিস্তাৰ সাধনত সংস্থাটোৱে কাম কৰাত কিমান দূৰ সফল হৈছে বুলি ভাৱে?
উত্তৰঃ সেই অনুষ্ঠানটোৰ ডাইৰেক্টৰ আছিল যোগেন্দ্ৰনাথ বৰুৱা৷ মই আৰু বসন্ত ডেকা আদিয়ে অনুষ্ঠানটোৰ আৰম্ভণি সময়ত বহুখিনি কাম কৰিছিলোঁ৷ সেই সময়ত বৃন্দাৱন গোস্বামী মন্ত্ৰী হিচাপে আছিল৷ গোস্বামীয়েই জোৰ কৰি মোক সেই সংস্থাটোলৈ নিছিল৷ আমাৰ লক্ষ্য আছিল যে– বহু সৰু সৰু অনুষ্ঠানে প্ৰগতিশীল কাম কৰিব বিচাৰে, কিন্তু জ্ঞানৰ অভাৱতেই হওঁক বা অৰ্থৰ অভাৱতেই হওঁক, সময়ত কাম কৰিবগৈ নোৱাৰে৷ গতিকে যিহেতু মোৰ চায়েন্স চ’চাইটিৰ অভিজ্ঞতাসমূহ আছিলেই৷ গতিকে আমি তেওঁলোকৰ সংগঠনবোৰক সহায় কৰাৰ বাবে মনস্থ কৰিলোঁ৷ সেই সময়ত মই নেশ্বনেল লেভেলতো সক্ৰিয় আছিলোঁ৷ গতিকে আমাৰ কাম-কাজবোৰ সেইদৰে আগবাঢ়িছিল৷ এতিয়া হয়তো তেওঁলোকৰ কিছু নীতি-নিয়ম সলনি হৈছে, বৰ্তমান কি হৈ আছে মই নাজানো৷

প্ৰশ্নঃ আপুনি ‘প্ৰান্তিক’ৰ নিয়মীয়া লেখক আছিল৷ আজিৰ তাৰিখতো আপুনি আলোচনীখনত নিয়মীয়াকৈ লিখি আছে৷ এই আলোচনীখনৰ সৈতে কেনেদৰে জড়িত হৈ পৰিছিল?
উত্তৰঃ প্ৰান্তিকত বহুবছৰ ধৰি লিখি আহিছোঁ৷ তুমি কোৱাৰ দৰে এতিয়াতো মই কেৱল প্ৰান্তিকতহে লিখোঁ৷ প্ৰান্তিকৰ লগত মোৰ সম্পৰ্কটো এনেকুৱা– ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আমাক এসময়ত ফিজিক্স পঢ়ুৱাইছিল৷ তেওঁ মোৰ পোনপটীয়া শিক্ষক আছিল৷ তেওঁ যেতিয়া আলোচনীখন প্ৰকাশ কৰাটো ঠিক কৰিলে, তেওঁৱে মোক ইয়াত লিখিবলৈ প্ৰথমতে কৈছিল৷ সেই সময়ত মই চায়েন্স চ’চাইটি আৰু কলেজৰ কামত খুব ব্যস্ত আছিলোঁ৷ তেওঁ মাত্ৰ আধাঘণ্টা সময় উলিয়াই হ’লেও মোক লিখিবলৈ টানি ধৰিছিল৷ আনকি মোৰ মিচেচকো লিখাৰ সময়ত ডিষ্টাৰ্ব নিদিবলৈ তেওঁ কৈছিল৷ এনেদৰেই তাত লিখিবলৈ ল’লো৷ এসময়ত প্ৰান্তিকৰ অফিচত আড্ডাও মাৰিছিলোঁ৷ প্ৰদীপ বৰুৱাও মোতকৈ চিনিয়ৰ যদিও মোৰ লগত তেওঁৰো সম্পৰ্ক বহুত ভাল৷

প্ৰশ্নঃ আপুনি চন্দ্ৰপ্ৰসাদ শইকীয়াকো পোনপটীয়াকৈয়ে পাইছিল? তেখেতৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে আছিল?
উত্তৰঃ তেওঁৰ লগতো মোৰ সম্পৰ্ক খুুব ভাল আছিল৷ তেওঁ যিটো কামেই কৰে, খুব ধুনীয়াকৈ কৰে৷ মই প্ৰথমতে প্ৰকাশ আলোচনীতো লিখিছিলোঁ৷ তেওঁৰ মেনেজমেণ্টটো খুব ভাল আছিল৷ এবাৰ তেওঁ মোৰ ঘৰলৈকে আহি কৈছিল যে– মই যদি পৰৱৰ্তী সংখ্যাৰ বাবে প্ৰবন্ধ লিখি প্ৰকাশ আলোচনীলৈ নপঠিয়াও, তেওঁ মোলৈ এনেয়েই প্ৰবন্ধ এটা লিখাৰ নামত চেক এখন পঠিয়াই দিব৷ তেওঁ আৰু এটা ডাঙৰ কাম কৰিছিল– গ্ৰন্থমেলা অনুষ্ঠিত কৰাত সেই সময়ত তেওঁৱেই আগ-ভাগ লৈছিল৷ সেই গ্ৰন্থমেলাবোৰত আমি বহুতো বৌদ্ধিক আড্ডা মাৰিছিলোঁ৷

প্ৰশ্নঃ গোটেই বিশ্বই এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰবোৰত আগবাঢ়ি গৈছে৷ কিন্তু সমৰূপত বিজ্ঞান মানসিকতাৰ দিশে আগবাঢ়ি যোৱা নাই৷ ইয়াৰ মুখ্য কাৰণ কি বুলি ভাবে? অসমৰ প্ৰেক্ষাপটত এই কথাটো আৰু অধিকভাৱে খাটে৷ অসমৰ জাতি-জনগোষ্ঠীবোৰৰ মাজত বিজ্ঞান মানসিকতা গঠন আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে কেনেধৰণে কাৰ্যপন্থা গ্ৰহণ কৰাটো উচিত বুলি ভাবে?
উত্তৰঃ এটা কথা– বিশ্বত বিজ্ঞান জনপ্ৰিয় কিয় হ’ল, যেতিয়া মানুহে দেখিলে যে বিজ্ঞানৰপৰা মানুহৰ লাভ হয়৷ আমাৰ অসমৰ মানুহখিনিক আমি কৈছোঁ যে বিজ্ঞান মনস্ক হ’ব লাগে৷ কিন্তু আমি তাৰ বাবে হাতে-কামে কিমান কাম কৰিছোঁ৷ খেতি এটা ভালকৈ কৰিব লাগে বুলিয়েই আমিনো কিমান কি কৰিছোঁ! ইয়াত আমেৰিকাৰ মিছিগান বিশ্ববিদ্যালয়ত দেখিছোঁ বিশ্ববিদ্যালয়ৰে হাজাৰ বিঘা মাটিত খেতি কৰা হয়, সেই উৎপাদিত ফচলবোৰ বিক্ৰীৰ ব্যৱস্থাও আছে৷ ইয়াত মানুহে দেখি আছে যে সঠিকৰূপত জ্ঞান এপ্লাই কৰিলে ফলাফল পোৱা যাবই৷ এসময়ত পাঞ্জাৱতো বিজ্ঞানক একেবাৰে পথাৰলৈ লৈ যোৱা হৈছিল৷ পথাৰ আৰু বিজ্ঞানৰ মাজৰ সম্পৰ্ক বাঢ়ি আহিলে মানুহ কিছু ক্ষেত্ৰত অধিক বিজ্ঞান মনস্ক হ’ব বুলি ভাবো৷ আৰু এটা কাৰণ– আমাৰ মানুহবোৰ নিম্ন মধ্যবৃত্ত শ্ৰেণীৰ, দুখীয়া৷ তেওঁলোকে যদি দেখে যে দৰিদ্ৰতা নিৰ্মূল কৰণৰ বাবে বিজ্ঞান কামত আহিছে, তেন্তে তেওঁলোকে বিজ্ঞানক আকোৱালি ল’ব৷ আকৌ চাবা– উচ্চ শিক্ষিত এচামেই হাতত গ্ৰহৰত্ন কিমান পিন্ধে! সেই শ্ৰেণীটোৰ বিষয়ে কি ক’ম আৰু! তেওঁলোকৰ শিক্ষাই ভাল নহ’ল! পঢ়িব লাগে বাবে কেৱল পঢ়িলে৷

প্ৰশ্নঃ ধৰ্ম বিষয়ত আপোনাৰ স্থিতি সম্পৰ্কে কিছু কথা জানিব বিচাৰোঁ৷ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোৰ সৈতে বিজ্ঞানক একত্ৰ কৰি বহুতে আধ্যাত্মিক বিজ্ঞানৰ পাঠ বা আলোচনা কৰিব বিচাৰে৷ এই সন্দৰ্ভত আপোনাৰ ক’বলগীয়া? আপুনি ঈশ্বৰ বা অলৌকিক শক্তিৰ ওপৰত বিশ্বাস কৰা বা নকৰাৰ সপক্ষে কোনবোৰ যুক্তিক অগ্ৰাধিকাৰ দিয়ে?
উত্তৰঃ প্ৰথম কথা বিজ্ঞানে ঈশ্বৰ আছে বা নাই একো নকয়৷ কাৰণ বিজ্ঞান হ’ব লাগিলে পৰীক্ষা কৰি চাব পাৰিব লাগিব৷ যদি পৰীক্ষা কৰা নাযায়, তেন্তে সেই বস্তুটোৰ বিষয়ত বিজ্ঞানে একো নকয়৷ মই ব্যক্তিগতভাৱে ভাৱো যে আমিটো ৰিলিজিয়াছ ব্ৰেকগ্ৰাউণ্ডৰ মানুহ, মোৰ পিতা, ককা আদি ৰাইজৰ পাঠক আছিল৷ সেই পৰিৱেশত থকা বাবে আমাৰো কাম-কাজত কিছুমান ৰিলিজিয়াছ কথা-বতৰা থাকি গ’ল৷ কিন্তু পৃথিৱীখন সৃষ্টি কেনেকৈ হ’ল– আজিলৈকে বিজ্ঞানেও সঠিককৈ ক’ব পৰা নাই৷ এতিয়া দেখা গৈছে যে নতুনকৈ জেমচ্‌ টেলিস্ক’প নিৰ্মাণৰ পাছত পৃথিৱী সৃষ্টিৰ পূৰ্বৰ ধ্যান-ধাৰণাবোৰলৈয়ো নতুনত্ব আহিছে৷ অৱশ্যে মই ব্যক্তিগত ভাৱে নাভাৱো যে মোৰ জীৱনৰ বাবে ঈশ্বৰৰ অস্তিত্বৰ প্ৰয়োজন আছে৷ কিন্তু কোনোবাই যদি বিশ্বাস কৰে ঈশ্বৰ আছে বুলি, তেওঁ কিবা সাংঘাটিক বেয়া কাম কৰিছে বুলি মই নাভাবো৷ বাদ বাকী ঈশ্বৰৰ নামত পূজা-পাতল, গছ এজোপাকে পূজা কৰা, সাপ এডালকে পূজা কৰা– এইবোৰ একোটা পৌৰাণিক চিন্তা৷ কিন্তু এটা ৰহস্য আছে, যিটোৰ ওচৰ আমি পাবগৈ পৰা নাই৷ সেইটোৰ বাবে বিজ্ঞানে কাম কৰি যোৱাৰ প্ৰয়োজন আছে আৰু থাকিবই৷

প্ৰশ্নঃ এই যে মানুহে নিজকে ঘোষণা কৰে যে মই ঈশ্বৰবাদী, বা মই নিৰিশ্বৰবাদী বা নাস্তিক বুলি৷ আপুনি কোনটো শ্ৰেণীত নিজকে ৰাখিব বিচাৰে?
উত্তৰঃ নাই, তেনেকৈ মই নিৰ্দিষ্টকৈ একো নাভাবো৷ ক’ৰবাত ঈশ্বৰ আছে বুলিও মই নাভাবো আৰু আমি মানৱ সমাজে ইতিমধ্যেই সকলো কথা জানি পেলাইছোঁ বুলিও নাভাবো৷

প্ৰশ্নঃ আপুনি প্ৰায় দহখনতকৈয়ো অধিক বিজ্ঞান বিষয়ক গ্ৰন্থ প্ৰনয়ণ কৰিছে৷ বিজ্ঞানৰ বহুবোৰ জটিল কথা সৰলৰূপত অসমীয়া ভাষাত লিখিছে৷ প্ৰশ্নটো হ’ল– বিজ্ঞানৰ জটিল কথাবোৰ অসমীয়া ভাষালৈ ৰূপান্তৰিত কৰিবপৰাকৈ বা বিজ্ঞানৰ তাত্ত্বিক গ্ৰন্থবোৰ অনুবাদ কৰিবৰাকৈ অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তিটো সম্পূৰ্ণ সক্ষম বুলি ভাবেনে?
উত্তৰঃ যদি Fundamentally প্ৰশ্নটো সোধা, তেন্তে ক’ম একো নাই৷ অসমীয়া ভাষাৰ উপৰি বড়ো ভাষাটোও তেনেকুৱা, এই ভাষাবোৰৰ প্ৰকাশিকা শক্তিটো আছে৷ কাৰণ দীৰ্ঘদিন ধৰি এই ভাষাবোৰ অসমত চলি আহিছে৷ কিন্তু কথাটো এনেকুৱা– পৰিভাষা, যাৰ নামত আমি বহুবোৰ সময় নষ্ট কৰিছোঁ৷ মই ব্যক্তিগত ভাৱে ভাবো, তুমি যিয়ে নকৰা– অৱশেষত ইংৰাজীৰ সহায় ল’বই লাগিব৷ গতিকে যদি স্থানীয় ভাষাৰ কিবা প্ৰকাশিকা শক্তিৰ অভাৱ হয়ো, ইংৰাজীৰেই কাম চলাই নিয়াটো জৰুৰী৷ আমি বহুবোৰ শব্দ লিপ্যন্তৰ কৰিয়ে ল’ব পাৰোঁ৷ অসমীয়াতে শব্দটো লিখি কাষতে ব্ৰেকেট ব্যৱহাৰ কৰি ইংৰাজী শব্দটো লিখি দিলেই হ’ব৷ তুমি চাবা, আমাৰ অসমীয়া ভাষাত বিশ্বৰ বিভিন্ন উন্নত বিষয়বোৰক লৈ কিছু পাঠ্যপুথিহে আছে, অন্য কিতাপতো নাই– এতিয়া ধৰা পদাৰ্থ বিজ্ঞানৰ এটা বিষয় হ’ল– মেকানিক্স, ইয়াক লৈতো অসমীয়া ভাষাত পূৰ্ণাংগ কিতাপ নাই৷ গতিকে অসমীয়া ভাষাত পাৰ্যমানে লিখা-মেলা কৰাৰ প্ৰয়োজন আছে, কিন্তু পৰিভাষাৰ জঞ্জালত বেছিকৈ নোসোমোৱাই ভাল৷ বহুত পৰিভাষা আছে যাৰ চাগৈ দৈনন্দিন জীৱনত এবাৰো প্ৰয়োগ হোৱা নাই৷

প্ৰশ্নঃ শেহতীয়াকৈ অসম চৰকাৰে চিকিৎসা বিষয়ক পাঠ্যক্ৰমটো অসমীয়া ভাষাত উপলব্ধ কৰোঁৱা হ’ব বুলি ঘোষণা কৰিছে৷ এই দিশটোৰ বাস্তৱিক গ্ৰহণযোগ্যতা আপোনাৰ মতে কেনেধৰণৰ?
উত্তৰঃ বিষয়টো শুনিছোঁ, কিন্তু মন্তব্য দিব পৰাকৈ ইমানখিনি তথ্য এতিয়ালৈকে মোৰ হাতত নাই৷ পেপাৰত কিছু পঢ়িছোঁ৷ পেপাৰ পঢ়ি মই মন্তব্য দিব খোজা নাই৷ এতিয়া চৰকাৰে কিয়নো এনে কৰিলে– তেওঁলোকৰটো কিবা এটা লজিক আছে, সেই কথাখিনি জানিলেহে সঠিককৈ ক’ব পাৰিম৷ অৱশ্যে এটা কথা ঠিক– ইংৰাজীত এজন মানুহে বিচাৰিলে যিমান মেটেৰিয়েল পাব! অসমীয়াত তাৰ একো নাপায়৷ এইবোৰ কথাও জনসাধাৰণে মন কৰা উচিত৷ চৰকাৰে ইংৰাজী ভাষা শিক্ষাত মন দিলেও অসমীয়া ভাষাটো ভালকৈ ক’বলৈ আৰু লিখিবলৈয়ো যাতে বিভিন্ন কাৰ্যপণ্ঠা হাতত লয়, সেইটো চাব লাগে৷

প্ৰশ্নঃ বিজ্ঞান শিক্ষাৰ প্ৰসাৰ-প্ৰচাৰত ৰাজনৈতিক নেতা বা চৰকাৰ এখনৰ ভূমিকা কেনেধৰণৰ হ’ব লাগে বুলি আপুনি ভাবে৷ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত শেহতীয়াকৈ ধৰ্মীয় ৰাজনীতিৰ পৰিমান বৃদ্ধি হোৱা নাইনে?
উত্তৰঃ মানুহে যদি চৰকাৰৰ পৰা কিছুমান বস্তু বিচাৰে– যেনেকৈ কাম নকৰাকৈ চাউল পোৱা, ফ্ৰী ঘৰ পোৱা আদি– এইবোৰ মনোভাৱ মানুহৰ মনত থকালৈকে চৰকাৰে এইধৰণৰ ধৰ্মীয় কাম-কাজবোৰ, ৰাজনীতি কৰিয়ে থাকিব৷ কাৰণ তেওঁলোকক ভোট লাগে৷ তেওঁলোকৰ উদ্দেশ্য হৈছে পাঁচবছৰৰ মূৰত পুনৰ শাসনলৈ ঘূৰি আহিব লাগে৷ গতিকে আমাৰ মানুহবোৰে যদি নিজেই ধৰ্ম ধৰ্ম বুলি ঘুৰি ফুৰে, তেন্তে চৰকাৰেতো তাৰ সুবিধা ল’বই৷ গতিকে মানুহক কোনে বুজাব যে এই ধৰ্ম-ধৰ্ম কৰি মানুহৰ একো লাভালাভ নহয়৷ ধৰ্ম বচাবলৈকে একাংশইতো বোমাও ফুটাই! ধৰ্মৰ নামত থকা উন্মাদনা যদি মানুহৰ কমে, তেন্তে চৰকাৰৰো কমিব৷

প্ৰশ্নঃ ‘মুক্ত চিন্তা’ আলোচনীখনে বিগত আঠ বছৰ ধৰি অসমত বিজ্ঞান মনস্কতা গঠনৰ বাবে কাম কৰি আছে৷ এই আলোচনীখনলৈ আপোনাৰপৰা কিছু পৰামৰ্শ বিচাৰিছোঁ৷
উত্তৰঃ আলোচনীখনৰ দুই এটা প্ৰবন্ধ মই পঢ়িছোঁ৷ ভাল পাইছোঁ৷ তোমালোকে এই দায়বদ্ধতাৰেই কাম কৰি যোৱা৷ সমাজত এইধৰণৰ গঠনমূলক প্ৰচেষ্টাৰ বহুত প্ৰয়োজন আছে৷

মূল লেখাৰ লিংকটো চাবলৈ ক্লিক কৰক

Post a Comment

0 Comments