লক্ষ্মীনাথ বেজবৰুৱা আৰু ভূপেন হাজৰিকাৰ 'আমি অসমীয়া নহওঁ দুখীয়া শীৰ্ষক' গীতৰ তুলনামূলক অধ্যয়ন

* অসমীয়া সমাজ-সাহিত্য-সংস্কৃতিত লক্ষ্মীনাথ বেজবৰুৱা আৰু ভূপেন হাজৰিকাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা ক’ত; সেই সম্পৰ্কে চৰ্বিতচৰ্বন কৰাৰ প্ৰয়োজন নাই৷ সাহিত্যিক হিচাপে বেজবৰুৱা যিদৰে অদ্বিতীয়, সেইদৰে সংগীতৰ ক্ষেত্ৰখনতো ভূপেন হাজৰিকা অপ্ৰতিদ্বন্দ্বী সম্ৰাট৷ অৱশ্যে বেজবৰুৱাই সাহিত্যৰ সমান্তৰালভাৱে সংগীতৰ ক্ষেত্ৰখনতো গীতিকাৰ হিচাপে নিজৰ নাম প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু ভূপেন হাজৰিকায়ো সংগীতৰ সমান্তৰালভাৱে সাহিত্যৰ ক্ষেত্ৰখনত এজন সফল সম্পাদক, লেখক হিচাপে  নিজৰ নাম উজ্বলাই ৰাখিছে৷ এই আলোচনাত অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰা দুয়োজন বৰেণ্য ব্যক্তিৰ দুটা বিশেষ গীতৰ মাজত থকা স্বদেশপ্ৰেম আৰু জাতীয় দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰাৰ সমান্তৰালভাৱে সময় আৰু পৰিস্থিতিভেদে গীত দুটাৰ মাজেৰে প্ৰতিফলিত হোৱা আদৰ্শ, চিন্তা-চেতনা আৰু দৃষ্টিভংগীৰ পাৰ্থক্য সন্দৰ্ভত আলোচনা কৰা হৈছে৷

অসমীয়া জাতীয় জীৱনত বেজবৰুৱা আৰু ভূপেন হাজৰিকাৰ চিন্তা-চেতনা আৰু কৰ্মৰাজিৰ প্ৰাসংগিকতা ইমানেই বেছি যে তেওঁলোকৰ অৱদানক এৰি অসমীয়া সাহিত্য-সমাজ-সংস্কৃতিৰ আধুনিক ৰূপটোৰ কথা কল্পনাই কৰিব নোৱাৰি৷ অসমীয়া বৰ্ণিল সাহিত্য-সমাজ-সংস্কৃতিক গৌৰৱান্বিত কৰিবপৰাকৈ দুয়োগৰাকী ব্যক্তিয়েই জীৱনৰ বেছিভাগ সময় অসম আৰু অসমীয়া জাতিৰ হকে কাম কৰি গৈছে৷ ভূপেন হাজৰিকাৰ বিষয়ে মামনি ৰয়ছম গোস্বামীয়ে সঠিকভাৱেই কৈ গৈছে– ‘তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ৷’ বেজবৰুৱাও যথাৰ্থতেই ‘সাহিত্যৰথী’ আৰু ্‘ৰসৰাজ’৷

প্ৰবল জাতীয় প্ৰেমেৰে সিক্ত হৈ সাহিত্যৰথীয়ে ১৮৩৭ শকতে (১৯১৫চন) লিখিছিল ‘আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম’– শীৰ্ষক প্ৰচুৰ দেশপ্ৰেমমূলক ভাৱসমৃদ্ধ গীতটি৷ এই গীতটিৰ কথাংশৰ মাজেৰে স্বাভিমানী অসমীয়া জাতিৰ সামগ্ৰিক বৈশিষ্ট্য আৰু ঐতিহ্য সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ অসমীয়া জাতিয়ে ‘সকলো আছিল সকলো আছে’ বুলি বিশ্বৰ আগত বুকু ডাঠ কৰি চিনাকী দিব পৰাকৈ এই গীতটিয়েই যথেষ্ট৷ এটি ৰোমাণ্টিক ভাৱাবেগ আৰু মধ্যবৃত্ত চেতনা গীতটোৰ মাজেৰে প্ৰতিফলিত হৈছে যদিও এই ৰোমাণ্টিকতাৰ প্ৰেক্ষাপটটোক স্বাভিমান আৰু গৌৰৱেৰে ৰোমণ্ঠন কৰিবপৰাকৈ অসমীয়া জাতিসত্তা আৰু ইতিহাস সক্ষম ৷ কিন্তু এই গীতটোৰ কথাংশ আৰু গীতটোৰ মাজেৰে প্ৰতিফলিত আদৰ্শ আৰু অনুভৱক নতুন দৃষ্টিভংগীৰে পৰ্যালোচনা, সমালোচনা কৰি তেওঁৰেই উত্তৰসূৰী ভূপেন হাজৰিকাই ১৯৬৮ চনত লিখিলে– ‘আমি অসমীয়া, নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ’ব’ শীৰ্ষক গীতটি৷

প্ৰশ্ন হয়–ভূপেন হাজৰিকাই কিয় বেজবৰুৱাৰ গীতটোৰ চিন্তা-চেতনাকে সৰ্বশেষ বুলি দেশ আৰু জাতিক গৌৰৱ কৰিবলৈ এৰি নিদি সমকালীন সমাজৰ বাস্তৱিক কৰ্মকাণ্ডক প্ৰতিফলিত কৰিব পৰাকৈ নতুন দৃষ্টিভংগী আৰু জাতিক লৈ সাৱধানবাণী শুনোৱাৰ দৰে এই গীতটি লিখিবলগীয়া হ’ল! বা লক্ষ্মীনাথ বেজবৰুৱাৰ গীতটোৰ গৌৰৱৰাজিত সন্তুষ্ট নহৈ ‘আমি অসমীয়া বুলি সান্তনা লভিলে নহ’ব’ বুলি কিয় অসমীয়া জাতিটোক সজাগ আৰু সচেতন কৰাৰ লগতে জাতিলৈ আত্মজাগৰণ অনাৰ চেষ্টা কৰিলে!

লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া আধুনিক সংগীতৰ এজন মহান গীতিকাৰ৷ তেওঁ সাহিত্যৰ সমান্তৰালভাৱে গীতৰ মাজেৰেও বৰ্ণাঢ্য অসমীয়া সংস্কৃতিক বিশ্বৰ আগত উজ্বলাই তোলাৰ চেষ্টা কৰিছে৷ গীতৰ যি সাহিত্যিক মূল্য, সেয়া তেওঁৰ গীতত প্ৰচুৰ পৰিমাণে আছে৷ তেওঁ গীতত ব্যক্তিনিষ্ঠতাতকৈ সমাজমুখী চেতনা অধিক জাগ্ৰত হৈছে আৰু গণমুখী চিন্তা-আদৰ্শ গীতৰ মাজেৰে প্ৰতিফলিত হৈছে৷ ‘অসমীয়া’ অভিধাটোৰ মাজতেই জাতিটোৰ সামগ্ৰিক বিশেষত্ব লুকাই আছে বুলি তেওঁ গৰ্বেৰে উল্লেখ কৰিছে–
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম?
সকলো আছিল সকলো আছে
নুবোজোঁ নলওঁ গম৷

বেজবৰুৱাই এই গীতটিৰ মাজেৰে অসমীয়া জাতিটোক বিশ্ব প্ৰেক্ষাপটত মহিমামণ্ডিত কৰি তুলিছে৷ অসমীয়া জাতিটো দুখীয়া নহয় বুলি উল্লেখ কৰি দুখীয়া নোহোৱাৰ উপযুক্ত কাৰণো দৰ্শাইছে৷ তেওঁ কৈছে– ‘আমাৰ সকলো আছে৷ নথকাখিনি আমি মাত্ৰ বিচাৰি ল’বহে জনা নাই৷’ মহাপুৰুষ শংকৰদেৱ, লাচিত, জয়মতীৰ পৰা আৰম্ভ কৰি বৃহত্তৰ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ যেনে– ডবা, শঙ্খ, মৃদং, খোল ইত্যাদি প্ৰত্যেকটো গুৰুত্বপূৰ্ণ সমলকে অসমীয়া সংস্কৃতিৰ অভিন্ন অংগৰূপে প্ৰতিষ্ঠা কৰি গীতৰ মাজেৰেই এই সম্পদবোৰৰ অস্তিত্বক স্বীকাৰ কৰিছে আৰু এই সম্পদবোৰ সৰ্বকালৰ বাবেই আমাৰ জাতিটোৰ ৰাজহাড় হিচাপে লগত আছে বাবেই আমি কেতিয়াও দুখীয়া নহয় বুলি উল্লেখ কৰিছে৷
শংকৰে দিলে বিশুদ্ধ ধৰম
লাচিতে বাহুত বল,
সতী জয়মতীৰ সতীত্ব তেজেৰে
অসমী আই প্ৰবল৷

বেজবৰুৱাৰ মতে– যিটো জাতিৰ মাজত মহাপুৰুষ অভিধাৰে বিভূষিত শংকৰদেৱৰ দৰে মহাজ্ঞানী পুৰুষৰ জন্ম হৈছে, যিটো জাতিৰ মাজত লাচিতৰ দৰে মহাপৰাক্ৰমী যোদ্ধা আছে, যিটো জাতিৰ মাজত সতী জয়মতীৰ দৰে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিব পৰা সবল নাৰী আছে; সেই জাতি কেতিয়াও দুখীয়া হ’ব নোৱাৰে৷ এই গীতটোত ‘অসমীয়া’ এক সমৃদ্ধ সত্তা বুলি বেজবৰুৱাৰ গৰ্ব আছে, সেইদৰে অসমীয়া বুলি বেজবৰুৱাৰ অহংকাৰো প্ৰতিফলিত হৈছে৷ যি অহংকাৰ আৰু গৰ্বই সমগ্ৰ অসমীয়া জাতিটোকে বিশ্ব সভ্যতাত এক সুকীয়া পৰিচয় দিছে৷ মুঠতে ক’ব পাৰি– এটা জাতিক লৈ কৰিব পৰা সকলোখিনি অহংকাৰ বেজবৰুৱাই গীতটোত সাৰ্থকভাৱেই প্ৰয়োগ কৰিছে৷ সেইদৰে গীতটোৰ দ্বিতীয় স্তৱকত বেজবৰুৱাই কৈছে–
যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে কলে
ৰজা হৈয়ো ৰাম ৰজা হ’ব পাৰি
ৰুদ্ৰসিংহে দেখুৱালে৷

‘অসম বুৰঞ্জী কোষ’ত উল্লেখ থকা মতে– মোমাই তামুলী বৰবৰুৱাৰ প্ৰকৃত নাম আছিল শুকুতি৷ আহোম ৰাজত্বৰ সময়ছোৱাত (প্ৰতাপ সিংহৰ ৰাজত্বকালত) ৰাজকাৰ্যত তেওঁৰ ভূমিকা আৰু গুৰুত্ব আছিল যথেষ্ট৷ এই বৰবৰুৱাই কিন্তু প্ৰথমতে ভাগিনীয়েকৰ তলত চাৰি টকা ৰূপৰ কাৰণে কাম কৰিছিল ৷ পাছলৈ নিজৰ কৰ্মপটুতা আৰু একান্ত সাধনাৰ ফলত একেবাৰে তলখাপৰ পৰা আহিও এসময়ত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজসভাৰ সৰ্বপ্ৰধান কাৰ্যপালক আৰু বিচাৰক হৈছিলগৈ৷ প্ৰতাপ সিংহৰ ৰাজত্বকালত তেওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল৷ এইজনা মোমাই তামুলীয়েই বুৰঞ্জীখ্যাত লাচিত বৰফুকন, লালুকসোলা বৰফুকন আৰু পাখৰী গাভৰুৰ দেউতাক৷ অন্যহাতে মোমাই তামুলী আছিল আহোম ৰাজত্ব কালৰ প্ৰথম বৰবৰুৱা৷ গতিকে কষ্ট কৰিলে যে সাফল্য আহিবই; সেয়া মোমাই তামুলীৰ চৰিত্ৰটো অসমীয়া সমাজ জীৱনৰে এক উৎকৃষ্ট উদাহৰণ বুলি বেজবৰুৱাই গীতটোলৈ সেই বুৰঞ্জীমূলক প্ৰসংগ আনিছে৷ সেইদৰে ৰুদ্ৰসিংহ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ স্বৰ্গদেউ আছিল৷ তেওঁৰ শাসন কালতেই আহোম ৰাজশক্তিয়ে বলিষ্ঠভাৱে অসমত খোপনি পুতিবলৈ সক্ষম হয়৷ গদাধৰ সিংহৰ পুত্ৰ এইজন ৰুদ্ৰসিংহই মোগল সৈন্যক পৰাভূত কৰাৰেপৰা আৰম্ভ কৰি প্ৰজাৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ কাম কৰি থৈ গৈছে সেয়া আহোমৰ শাসন ব্যৱস্থাতে বিৰল৷ নিজৰ পিতৃ-মাতৃৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁ কৰা কৰ্মখিনিয়ো অসমীয়া জাতিটোৰ বাবেই আদৰ্শস্বৰূপ৷ ১

বেজবৰুৱাই সেয়েহে ৰুদ্ৰসিংহৰ শাসন ব্যৱস্থাক ৰাম ৰাজ্যৰ শাসনৰ লগত তুলনা কৰিছে৷ যি ৰাম ৰাজ্য এসময়ত মহাত্মা গান্ধীয়েও নিৰ্মাণ কৰাৰ সপোন দেখিছিল৷ বুৰঞ্জীৰ এনে গুৰুত্বপূৰ্ণ চৰিত্ৰ উপস্থাপনৰ দ্বাৰা ঐশ্বৰ্যশালী অসমীয়া জাতি যে বিশ্বৰ আগত সদায় উচ্চ শিখৰত অৱস্থিত; সেই কথা বেজবৰুৱাই গৌৰৱেৰে উল্লেখ কৰিছে৷

অন্যহাতে এনে জাতীয় চেতনাৰে পৰিপূৰ্ণ এটা গীতৰ কথাংশক সন্মান জনায়ো ভূপেন হাজৰিকাই ১৯৬৮ চনত বাস্তৱতা আৰু প্ৰায়োগিক দৃষ্টিভংগীৰ পটভূমিত লিখি উলিয়ালে জাতীয় চেতনাৰে পৰিপূৰ্ণ আন এটি কালজয়ী গীত– ‘আমি অসমীয়া, নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ’ব’৷ ভূপেন হাজৰিকাই বেজবৰুৱাৰ গীতটোৰ মূল সাৰাংশক সন্মান জনাইছে যদিও সন্মানৰ সমান্তৰালভাৱে জাতিৰ প্ৰতি দায়বদ্ধ হৈ এই সাৱধানবাণী শুনাইছে যে– ঐতিহ্যপ্ৰীতিতে আমি সৰ্বদা গৌৰৱান্বিত হৈ থাকিলে দেশ আৰু সমাজ নচলিব৷ অনাগত দিনৰ প্ৰতিটো সময়তেই আমি আমাৰ জাতিৰ প্ৰতি, জাতিৰ গৌৰৱগাঁথা অক্ষুন্ন ৰাখিবলৈ সচেতন হৈ থাকিব লাগিব আৰু সেইমতে কাম কৰিব লাগিব৷ ‘অতীত কেৱল সোঁৱৰণৰ বাবেহে, বৰ্তমান সবল হ’লেহে ভৱিষ্যত সুন্দৰ হ’ব’৷ এই গায়ত্ৰী মন্ত্ৰেৰেই ভূপেন হাজৰিকাই বেজবৰুৱাৰ গীতটোৰ মূল আহ্বানত সন্তুষ্ট নহৈ সজোঁৰে অসমীয়া জাতিৰ প্ৰতি সতৰ্কবাণী কৰিছে এনেদৰে–
আমি অসমীয়া নহওঁ দুখীয়া বুলি
সান্তনা লভিলে নহ’ব৷
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব৷

গীতটোত হাজৰিকাই অসমৰ জনগণক জাতিটোক চিনি পোৱাৰ কথা কৈছে৷ এই চিনি পোৱাৰ প্ৰসংগৰে আমি আমাৰ অস্তিত্ব আৰু গুৰুত্ব যে উপলব্ধি কৰা প্ৰয়োজন; আত্ম সমালোচনা আৰু আন্তদৃষ্টিৰ যে প্ৰয়োজন, সেই কথাই উনুকিয়াইছে৷ বেজবৰুৱা আৰু ভূপেন হাজৰিকাৰ দুয়োজনৰে গীত দুটি লিখাৰ সময় আৰু অসমৰ সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক প্ৰেক্ষাপট বেলেগ বেলেগ আছিল৷ লক্ষ্মীনাথ বেজবৰুৱাই যি সামাজিক-ৰাজনৈতিক পৰিৱেশত থাকি মাতৃভূমিক বন্দনা কৰি এই গীতটো লিখিছিল, ভূপেন হাজৰিকাৰ সমকালীন সময়ছোৱাত অসমত সেই সুস্থিৰ পৰিৱেশ নাছিল৷ ফলশ্ৰুতিত হাজৰিকাই মাতৃভূমিৰ বন্দনাতকৈ মাতৃভূমিলৈ নামি আহিব পৰা সংকট সম্পৰ্কে অধিক সজাগ আৰু সচেতন আছিল৷ জনসাধাৰণক সজাগ কৰি সংকটৰ সময়তো যাতে অসমীয়া জাতি নিৰ্বিঘ্নে বৰ্তি থাকিব পাৰে, সেই বিষয়তহে হাজৰিকাই গুৰুত্ব দিছে৷ 

অসমীয়া জাতিৰ মাজত গোষ্ঠীগত সংঘাতৰপৰা আৰম্ভ কৰি ভাষা, সাহিত্য, সংস্কৃতি আদি প্ৰতিটো ক্ষেত্ৰলৈকে সংকট নামি অহা ভূপেন হাজৰিকাই নিজ চকুৰেই দেখিছে৷ সেইদৰে ভিন্ন সময়ত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ অস্থিৰতা, অনুপ্ৰৱেশকাৰীৰ সমস্যা, জাতীয়তাবাদ-ৰাষ্ট্ৰীয়তাবাদৰ প্ৰসংগয়ো অসমৰ সামাজিক-ৰাজনৈতিক-শৈক্ষিক ক্ষেত্ৰখনলৈ যথেষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ জাতি-জনগোষ্ঠীবোৰে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ অংশ হৈ থকাতকৈ পৃথক আত্ম-পৰিচয়ৰ তাগিদাতহে বেছি গুৰুত্ব দিবলৈ ল’লে৷ যাৰ ফলশ্ৰুতিত অসমত অসমীয়া হৈ থাকিবলৈ কোনেও নিবিচৰা হ’ল৷ যি অসমীয়া সংস্কৃতিৰ জন্ম হৈছিল জাতি-জনগোষ্ঠীৰ একত্ৰ সংমিশ্ৰণৰ ফলত; সেই অসমীয়া সংস্কৃতিৰ পৰাই এটা এটাকৈ আঁতৰি গৈ সকলোৱে নিজৰ ভাই-বন্ধুৰ মাজতে সংঘাতত লিপ্ত হোৱাৰ পৰিৱেশৰ সূচনা হ’ল৷ সেয়েহে ভূপেন হাজৰিকাই এই সমস্যাবোৰ সমাধানৰ বাবে গীতৰ মাজেৰেই জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰিছে এনেদৰে-
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ
আৰু মনবোৰো ভাঙি চিঙি যাব৷
আজিৰ অসমীয়াই নিজক নিচিলে
অসম ৰসাতলে যাব৷

বৰ অসমৰ সাতামপুৰুষীয়া ঐক্য আৰু সংস্কৃতিৰ জৰীডাল চিঙি যোৱাতো ভূপেন হাজৰিকাই কেতিয়াও কামনা নকৰে৷ অন্যহাতে ভূপেন হাজৰিকাৰ এই গীতটোত ৰাজনৈতিক দৰ্শনো স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷ গীতটোৰ প্ৰতিটো স্তৱকৰ শেষৰ শাৰীকেইটাত তেওঁৰ অসমীয়া জাতিৰ প্ৰতি থকা আকুণ্ঠ স্বদেশপ্ৰীতি প্ৰতিফলিত হৈছে৷ তেওঁৰ ৰাজনৈতিক দৰ্শন স্পষ্ট বাবেই গীতটোত ‘কেন্দ্ৰ’ আৰু ‘ৰাজ্য’ৰ ধাৰণাটোও সঠিকৰূপত উপস্থাপিত হৈছে৷ ‘আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব’, ‘আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ’ব’, ‘নহ’লে অসমীয়া অসমৰ মাটিতে নিজেই ভগনীয়া হ’ব’, ‘আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে প্ৰাপ্যও থিতাতে হেৰাব’ আদিৰ দৰে সতৰ্কবাণীয়েই তেওঁৰ ৰাজনৈতিক দৰ্শন সম্পৰ্কে স্পষ্ট ইংগিত দিয়ে৷ এই সতৰ্কৰ কথা ক’বলৈ গৈ তেওঁ জাতিটোৰ অস্বীকৃত আৰু অঘোষিত অভিভাৱকৰ দায়িত্বও বহন কৰিছে৷

‘অসমীয়া অসমৰ মাটিতে ভগনীয়া হ’ব’ বোলা কথাষাৰ অসমীয়া জাতিৰ প্ৰতি তেওঁৰ যেন ভৱিষ্যতবাণীহে৷ বিগত সময়ছোৱাত আমি দেখি আহিছোঁ যে– অসমৰ অৰ্থনৈতিক আৰু বিত্তিগত নিৰাপত্তা খিলঞ্জীয়াৰ হাতৰ পৰা গুচি যোৱাৰ উপক্ৰম হৈছে৷ অবাধ প্ৰবজন আৰু বিদেশীৰ আগমনে অসমীয়া জাতিৰ প্ৰতি ইতিমধ্যেই ভাবুকি কঢ়িয়াই আনিছে৷ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতৰপৰা নোহোৱা হৈ গৈছে৷ ভাষিক সংখ্যালঘু হ’বলৈয়ো অসমীয়া জাতিৰ আৰু বেছি দিন নাই৷ ৰাজনৈতিকভাৱেই অসমীয়া ভাষাটো বিদ্যালয়, অফিচ-কাচাৰী আদিত এলাগী হৈ পৰিছে৷ এনে পৰিপেক্ষিত্ৰত নিজৰ দেশখনৰ স্বাভিমান আৰু অস্তিত্ব বৰ্তাই ৰাখিবলৈ ভূপেন হাজৰিকাই জাতীয় সেনাপতিৰ দৰে প্ৰতিটো ক্ষেত্ৰতে নেতৃত্বৰ ভূমিকা লৈ অসমৰ ৰাইজক নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ যে ভূপেন হাজৰিকাৰ দৃষ্টিত অসম কিন্তু ৰাজ্য নহয়, এখন দেশ৷ তেওঁ অসমক ‘দেশ’ বুলি সম্বোধন কৰাৰ অন্তৰালত গভীৰ দৰ্শন সোমাই থকা যেন লাগে৷ তেওঁ যেন ৰাজনৈতিক কাৰণত সংকুচিত হৈ অহা অসমৰ ভূখণ্ডক কেতিয়াও স্বীকাৰ কিৰ ল’ব পৰা নাই৷ তেওঁ নিজৰ গীতবোৰত সচেতনভাৱেই ‘দেশ’ শব্দটোৰ ব্যৱহাৰ কৰিছে৷ তেওঁৰ আন কেইটামান জনপ্ৰিয় গীততো অসমক দেশ বুলি উল্লেখ কৰিছে৷ যেনে–
ক৷
অসম আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্বদিশত সূৰ্য উঠাৰ দেশ
খ৷
অসমদেশৰ বাগিচাৰে ছোৱালী
অ’ লশ্মি নহয় মোৰ নাম চামেলি
গ৷
এইখন মানুহৰ দেশ
মানৱী বেশেৰে দানৱী মনেৰে
মৃত মানুহৰ দেশ
ঘ৷
গোডাবৰী নৈৰ পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম
সেইখন দেশ মোৰ দূৰণিৰ দেশ

এই গীতবোৰতো অসমক তেওঁ এখন ‘দেশ’ বুলিহে উল্লেখ কৰিছে৷ ‘ৰাজ্য’ৰ ধাৰণাটো ক’তো নাই৷ এতিয়া প্ৰশ্ন হয় ভূপেন হাজৰিকাৰ চিন্তা-চেতনাত কেনেবাকৈ হ’লেও অসমক ভাৰতবৰ্ষৰ পৰা মুক্ত কৰি পৃথক দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ হাঁবিয়াহ এটা নাচিলটো? কাৰণ যিজন হাজৰিকাই –‘অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম’, ‘জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে’ বুলি এসময়ত বিপ্লৱী গীত গাই আহিছে; তেওঁৰ চিন্তা আৰু দৰ্শনত পৰোক্ষভাৱে এনে দৃষ্টিভংগী থকাটোও কিন্তু অত্যুক্তি নহ’ব৷ নে ‘দেশ’ শব্দটো তেওঁৰ গীতত কেৱল সাহিত্যিক সৌন্দৰ্য আৰু গীতৰ লয়ৰ বাবেই প্ৰয়োগ কৰিছে!– এই দিশটোৰ সন্দৰ্ভত অসমীয়া সাহিত্যত গৱেষণাৰ থল আছে৷ দিলীপ কুমাৰ দত্তৰ মতেও– ‘‘ভূপেন হাজৰিকাৰ অসম বৰ্তমানৰ ৰাজনৈতিক অসম নহয়৷ তেওঁৰ অসম ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ’, বিশাল ব্ৰহ্মপুত্ৰ আৰু গিৰিৰাজ হিমালয়ৰ ‘ওখৰা মোখৰা সেউজীয়া লহৰ পতা’ ঠাল ঠেঙুলিৰে সেই অলকাপুৰী অসম৷’’২ 

অৰ্থাৎ তেওঁ ৰাজনৈতিকভাৱে ‘অসম’ৰ ধাৰণাটোক কেতিয়াও স্বীকাৰ কৰা নাই৷ ভূপেন হাজৰিকাই গীতৰ মাজেৰেই অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ঐতিহাসিক সাৰমৰ্মৰ কথা বৰ্ণনা কৰিছে এনেদৰে–
নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ

গতিকে বিভিন্ন জাতি-জনগোষ্ঠীৰ একত্ৰ বান্ধোনেৰে সৃষ্টি হোৱা অসমখনত এতিয়া যদি জাতি-জনগোষ্ঠীবোৰে পুনৰ নিজৰ নিজৰ পৃথক অধিকাৰ দেখুৱাই অসমৰ পৰা আঁতৰি গুচি যায়; অসম বুলিবলৈ কিবা থাকিবনে? সেয়েহে তেওঁ অসমৰ প্ৰতিজন জনগণক বিভেদ পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছে আৰু অসমৰ অৰ্থনৈতিক সক্ষমতা, ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে খিলঞ্জীয়াৰ প্ৰভূত্ব যাতে বৰ্তি থাকে; তাৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ কৈছে৷ প্ৰতিজন অসমীয়াক শ্ৰম কৰিবলৈয়ো অনুৰোধ কৰিছে৷ 

অন্যহাতে লক্ষ্মীনাথ বেজবৰুৱাই গীতৰ মাজলৈ আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দৰাম বৰুৱা আদিৰ দৰে জাতীয় পুৰোধা ব্যক্তিৰ প্ৰসংগ আনি গৰ্ব কৰিছে৷ ঢেকিয়াল ফুকনে অসমীয়া ভাষা-সংস্কৃতিলৈ দি যোৱা অৱদানক তেওঁ গীতটোত স্মৰণ কৰিছে৷ আনন্দৰাম বৰুৱাই ভাৰতৰ সমান্তৰালভাৱে ইউৰোপ, এছিয়াত কীৰিতি ৰাখিলে বুলিও গৌৰৱ কৰিছে৷ তেওঁ  ‘হেমকোষ’ৰ প্ৰসংগ আনি লিখিছে এনেদৰে–
হেমকোষ ৰচি হেমচন্দ্ৰ হোৱা
ভাষা আকাশৰ জোন
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোন?

কিন্তু সেই ভাৰত ৰাষ্ট্ৰৰে অন্তভূৰ্ক্ত বৰ্তমানৰ অসম ৰাজ্যৰ পৰিস্থিতি যেন আগৰ দৰে সুশৃংখলিত আৰু  সমৃদ্ধিময় হৈ থকা নাই৷ সেয়েহে ভূপেন হাজৰিকাই প্ৰায়োগিক দৃষ্টিভংগীৰে লিখিলে এনেদৰে–
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ

কাৰণ শ্ৰমৰ অবিহনে দেশ বা ৰাজ্যৰ জনগণৰ অৰ্থনৈতিক দিশটো যে সবল নহয়; সেয়া সকলোৱেই উপলব্ধি কৰিব পাৰে আৰু যেতিয়াই অসমীয়া জাতি শ্ৰমবিমুখ হৈ পৰিব, তেতিয়াই সেই শ্ৰম কৰাৰ সুবিধা গ্ৰহণ কৰিব বহিৰাগত মানুহখিনিয়ে৷ সেই অৱস্থা হ’লে যে আমি অসমৰ মানুহখিনি অসমতেই মগনীয়া হৈ পৰিব লাগিব; সেই কথা কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ যি কথা ভূপেন হাজৰিকাই অতি বাস্তৱিকভাৱেই গীতটোত বৰ্ণনা কৰিছে৷

বেজবৰুৱাই কৈছিল–
শংকৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহুত বল
সতী সজয়মতীৰ সতীত্ব তেজেৰে অসমী আই প্ৰবল

ভূপেন হাজৰিকাই ক’লে–
প্ৰতি অসমীয়াই কি কৰা উচিত
উপদেশ দিবলৈ নাই লাচিত

বীৰ লাচিতক লৈ অসমীয়া জাতিয়ে গৰ্ব কৰোঁ৷ বিশ্বই লাচিতৰ শক্তি আৰু সামৰ্থক সন্মান আৰু শ্ৰদ্ধা জনাই আহিছে৷ তেনে এজন লাচিতক লৈ বেজবৰুৱাই কৰা স্বাভিমান স্বৰূপাৰ্থতেই জাতিৰ বাবেই গৌৰৱৰ কাৰণ৷ কিন্তু ভূপেন হাজৰিকা অসমৰ গৌৰৱতকৈ যেন অসমৰ বাস্তৱ সমস্যাৰ সৈতেহে অধিক চিৰপৰিচিত৷ তেওঁ যেন অসমীয়া জাতিৰ ভৱিষ্যতক লৈ সন্দিহানো৷ সেয়েহে তেওঁৰ অনুভৱ এনেধৰণৰ– ‘লাচিতৰ দেশৰ নাগৰিক আমি৷ আমাৰ বাহুত বল আছে সঁচা৷ কিন্তু সাম্প্ৰতিক সময়ত অসমীয়াৰ অস্তিত্বৰ যুজঁখনত অসমীয়াৰ আগত থাকি আমাক সাহস আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰি তুলিবলৈ বাস্তৱতে লাচিত নাই! লাটিতৰ ভূমিকা ল’ব লাগিব আমি নিজেই৷ সেয়েহে হাজৰিকাই অসমীয়া জাতিক সজাগ আৰু সচেতন কৰিছে এইদৰে–
‘ডাঙৰ নহয় দেশতকৈ মোৰ
দুৰ্বলচিতীয়া মোমাইবোৰ’বোলা
হেংদাংধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অ’ নহ’লে অসমীয়াই অসমৰ মাটিতে
নিজেই ভগনীয়া হ’ব৷

হাজৰিকাৰ মতে- লাচিতে যেনেকৈ মোগলক পৰাস্ত কৰি অসমখন শত্ৰুৰ কবলৰপৰা ৰক্ষা কৰিছিল; আজি লাচিত নাথাকিলেও আমি প্ৰত্যেকজন অসমীয়াই একো একোজন লাচিতৰ দৰে ভূমিকা গ্ৰহণ কৰি অসমক শত্ৰুৰ কবলৰপৰা ৰক্ষা কৰিব পাৰিব লাগিব৷ নহ’লে যেনেকৈ নিজৰ স্থায়ীত্ব হেৰুৱাই ঘৰ-বাৰী ক’ৰবাত এৰি অবৈধ বিদেশী হিচাপে অসমলৈ জাক জাক ভগনীয়া আহিছে; এদিন স্বাভিমানী অসমীয়া জাতিয়ে অসমতে এইদৰে ‘ভগনীয়া’ হৈ থাকিবগৈ লাগিব৷ প্ৰকাৰন্তৰে এই কথাখিনি কৈ হাজৰিকাই কিন্তু নিজেই লাচিতৰ সমপৰ্যায়ৰ ভূমিকা গ্ৰহণ কৰিলে৷ গীতৰ মাজেৰে সামাজিক জাগৰণ আনিবলৈ প্ৰয়াস কৰা হাজৰিকাৰ এই পদক্ষেপ ‘অস্ত্ৰ’ৰ দৰেই তীক্ষ্ণ আৰু ধাৰাল৷

অসমৰ ৰাইজক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন আৰু অভিজ্ঞ কৰিবলৈ ভূপেন হাজৰিকাই গীতৰ মাজেৰে কাম কৰিছিল৷ তেওঁৰ এই জাতীয় দায়বদ্ধতা আমাৰ অসমীয়া জাতিটোৰ বাবেই আশীৰ্বাদ স্বৰূপ৷ তেওঁ কণ্ঠ দিয়া, ৰসানন্দ গগৈয়ে লিখা – ‘শংকৰে সিঁচে নামৰ কঠীয়া’ গীতটোও এই আলোচনালৈ প্ৰসংগক্ৰমে আনিব পাৰি৷ গীতটোত উল্লেখ আছে এনেদৰে –
ক৷ তুমি অসমীয়া তুমি নুবুজিলা, তোমাৰে অতীতৰ মহিমা৷
খ৷ পিচে দেখোন শংকৰৰ মহিমা, আজিৰ অসমীয়াই একো নুবুজা ৷
গ৷ অতীতৰ ৰস গুণ কিয়নো পাহৰা, মিচা আৱৰণে নিজক কিয় সজোৱা৷
ঘ৷ শেইক্সপিয়েৰ, শ্বেলি বুলি চিঞৰা, সত্ৰীয়া নাট-গীতক নুবোজা৷
ঙ৷ অসমীয়া বুলি গৰৱী নহ’বা, আছে আছে বুলি ভাবি নাথাকিবা
চ৷ অহাকালি নিজকে হেৰুৱাবা, অসমীয়া হ’বা তুমি নিচলা৷

এই গীতটোতো ‘অসমীয়া বুলি গৰৱী নহ’বা’, ‘আছে আছে বুলি ভাবি নাথাকিবা’ বাক্যবোৰৰ মাজেৰে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা ‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম’ বোলা ভাৱধাৰাকে প্ৰতিবাদ কৰিছে৷ কাৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ চিন্তা-চেতনাত অসম আৰু অসমীয়া বুলি গৰ্বৰ ভাৱ নিহিত আছে৷ কিন্তু অসমৰ গৰ্ব ভৱিষ্যতেও ৰক্ষা কৰাৰ চেতনাটো সোমাই আছে ভূপেন হাজৰিৰকাৰ দৰে ৰসানন্দ গগৈৰ এই গীতটোত৷ প্ৰসংগক্ৰমে জনতাক সচেতন কৰা মানৱতাৰ শিল্পী ভূপেন হাজৰিকাৰ আৰু কেইটামান বিশেষ গীতলৈ মন কৰিব পাৰি–

‘আকৌ প্ৰমাণ কৰা হেৰ’ অসমৰ অসমীয়া’ গীতটোত হাজৰিকাই কৈছে– অসমৰ প্ৰতিজন ডেকা-গাভৰুৰ তেজত বীৰ-বীৰাংগনাৰ তেজৰ লহৰ চিৰপ্ৰৱাহিত হৈ আছে৷ তেওঁ অসমীয়া জাতিক ‘অগ্ৰগামী যুঁজাৰো জাতি’ বুলি উল্লেখ কৰিছে৷ গীতটোত হাজৰিকাই লাচিত বৰফুকনক গীতৰ মাজলৈ পুনৰ আনিছে৷ ‘দেশ বুলিলে আদেশ কিয়, শুই নাথাকি হচোন থিয়’ বুলি তেওঁ পুনৰ অসমীয়া জাতিক লাচিতৰ দৰেই সজাগ আৰু সচেতন কৰিছে৷

‘আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইতপাৰৰ ডেকা-বন্ধু নাথাকিবা ৰৈ’ শীৰ্ষক গীতটোতো তেওঁ অসমীয়া জাতিক সেই একেই আৱেগ আৰু জাতীয় চেতনাৰে দায়বদ্ধ হৈ সজাগ আৰু সচেতন কৰিছে৷ ‘সাহসী পাহুৱাল ডেকা, শংকা কিহলৈ’ বুলি অসমৰ ঐতিহ্য আৰু গৰ্বিত ইতিহাসকো তেওঁ গৰ্বেৰে সোৱৰণ কৰিছে৷

‘আমাৰ সমাজৰ নতুন পুৰুষৰ জাননে কি হ’ল ভাই ’ গীতটোত অসমীয়া নৱ-প্ৰজন্মৰ দোষ আৰু দুৰ্বলতাক ব্যঙ্গ আৰু সমালোচনা কৰিছে৷ শ্ৰমবিমূখিতাৰ প্ৰসংগ আনি নৱ-প্ৰজন্ম কুহিলাৰ পুঙাৰ দৰে উটি-ভাহি ফুৰিছে বুলি গীতটোৰ মাজেৰে ব্যংগ কৰিছে৷

‘জীৱন সিন্ধু বহু বিন্দুৰে হয়’ শীৰ্ষক গীতটোতো তেওঁ অসমবাসীৰ সামূহিক একতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে৷ সমাজবাদৰ চিন্তা-চেতনাৰে সমৃদ্ধ হাজৰিকাই সেয়েহে ‘সমাজবাদ আজিৰ লক্ষ্য’ বুলি শ্লোগান দিছে৷ সেইদৰে জীৱনবোধ-হীন ব্যক্তিৰ বাবে ‘পৰিধি মাথোঁ হয় নিজ কক্ষ’ বুলি তেওঁ এচামক ব্যংগ কৰিছে৷
অসমবাসী এমুঠি মানুহ
তাতে যদি হয় নানান প্ৰভেদ
মামূহিক মংগল হয় মষিমূৰ
উমি উমি থাকে যদি
ক্ৰোধ আৰু জেদ

‘এইখন মানুহৰ দেশ’– গীতটোত ভূপেন হাজৰিকাৰ জাতীয় চেতনা আৰু জাতীয় দায়বদ্ধতা প্ৰকাশ পাইছে৷ তেওঁ জনতাক সচেতন আৰু শিক্ষিত কৰি তুলিব বিচাৰে৷ তেওঁ সেইবাবেই গীতক মাধ্যম হিচাপে গ্ৰহণ কৰি গীতৰ মাজেৰেই নিজৰ ক’বলগীয়াখিনি কৈছে৷ ‘সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক’ আৰু ‘উদাৰ আকাশো আজি হিংসাৰ ধোৱাৰে পৰিপূৰ্ণ’ বুলি উল্লেখ কৰি সমকালীন সমাজৰ চিত্ৰ অংকন কৰিছে৷ সেইদৰে তেওঁ এই দেশখনক ‘মৃত মানৱতাৰ দেশ’ বুলি উল্লেখ কৰিছে৷ তেওঁ ব্যৱহাৰ কৰা ‘মৃত মানৱতাৰ দেশ’ অভিধাটোৱেই সমকালীন অসমীয়া সমাজ জীৱনৰ সামগ্ৰিক কাৰ্যকলাপৰ বিষয়ে বুজাব পৰাকৈ সক্ষম৷ তেনেদৰে তেওঁৰ ৰাজনৈতিক চেতনা আৰু ধৰ্মীয় স্থিতিও গীতৰ মাজেৰেই প্ৰকাশিত হৈছে৷ ‘ৰাইজৰ সেৱা চুৰ কৰি নেতাবোৰ ওলাইছে’, ‘দেৱমন্দিৰতো মানুহৰ তেজেৰেই শতিকাৰ ইতিহাস লিখে’ বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছে৷ গীতটোৰ শেষৰফালে উল্লেখ কৰিছে এনেদৰে–
অ’ মোৰ দেশৰ মানুহ
মানুহৰ কাৰণেই মানুহৰ প্ৰয়োজন
কিয় তাকো পাহৰিব খোজা
গীতৰ ভাষাৰে মই বহু সকিয়ালো তাক
গীত বুলিয়েই মাথোঁ ল’লা
আৰু এতিয়াও জানো
স্বজনৰ তেজেৰেই
স্বদেশ প্ৰেমেকাই তুলিবা
বিভেদৰ ৰাজনীতি চকুৰ আগত লৈ
জানো দৰ্শক হৈয়ে ৰ’বা
বৰ্ণৰ সিমা ভাঙি মানৱী মৰম ঢালি
নিজৰেই দেশ নগঢ়িবা
অ’ মোৰ দেশৰ মানুহ

গীতৰ মাজেৰে শ্ৰোতাক প্ৰশ্ন কৰা ভূপেন হাজৰিকাই গীতৰ মাজেৰেই প্ৰশ্নৰ উত্তৰ দিয়াৰো চেষ্টা কৰে৷ এই গীতটোতো তেওঁ তাকেই কৰিছে৷ গীতৰ মাজেৰে তেওঁ অসমীয়া জাতিক সকিয়াইছোঁ বুলি নিজেই উল্লেখ কৰিছে৷ তেওঁ বিভেদৰ ৰাজনীতি বিদূৰ কৰি বৰ্ণৰ সীমা ভঙাৰ কথা কৈছে৷ জাতি-গোষ্ঠীৰ বিবাদতকৈ যে মানৱ মৰম সৰ্বশ্ৰেষ্ঠ; সেই কথা তেওঁ বাৰে বাৰে গীতৰ মাজৰে উল্লেখ কৰিছে৷ সমান্তৰালভাৱে তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি আন এটা গীতত কৈছে–
নতুন পুৰুষ নতুন পুৰুষ
তুমিতো নোহোৱা আৰু ভীৰু কাপুৰুষ
হাতে কামে আজি যদি নোহোৱা পুৰুষ
কালিলৈ হ’বা তুমি পুৰণি পুৰুষ

সেইদৰে তেওঁ নতুন প্ৰজন্মক ভৱিষ্যত কালৰ ‘জাগ্ৰত প্ৰহৰী’ বুলি উল্লেখ কৰিছে৷ বিপদৰ প্ৰস্তৰ বিচুৰ্ণ কৰি নতুন পথ সজোৱাৰ দায়িত্ব দিছে নতুন প্ৰজন্মক৷ অন্য এটি গীতত তেওঁ পুনৰ উল্লেখ কৰিছে এনেদৰে–
তুমি নতুন পুৰুষ, তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্ৰহৰী

পুনৰ ‘আমি অসমীয়া নহওঁ দুখীয়া’ গীতটোৰ প্ৰসংগলৈ আহোঁ৷ হাজৰিকাই উদ্বেগ প্ৰকাশ কৰি কৈছে যে– ‘অসম মৰিলে আমিয়ো মৰিম বুলি ক’বলৈ কোনো যে নাই বুলি আজি কোনে ক’ব’৷ তেওঁ অসমৰ ভৱিষ্যত অস্তিত্ব আৰু সজাগতাৰ অভাৱক লৈ শংকা প্ৰকাশ কৰিছে ৷ কাৰণ আত্মকেন্দ্ৰীক আৰু ব্যক্তিগত ভোগ লালসাত মত্ত নাগৰিকৰ মাজৰ পৰা প্ৰবল জাতীয় চেতনাৰে উদ্বোদ্ধ কোনোবা নতুন পুৰুষৰ যে জন্ম হ’ব, সেই সম্পৰ্কে তেওঁ চিন্তিত৷ কিন্তু তাৰ পাছতো তেওঁ অসমৰ শ্বহীদ, জ্যোতিপ্ৰসাদ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰসংগ আনিছে এনেদৰে–
কোনোবা কাপুৰুষৰ পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদো আছে৷
অসম মৰিলে আমিয়ো মৰিম বুলি ক’বলৈ শ্বহীদো আছে৷
আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব
আজি অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ’ব৷

জ্যোতিপ্ৰসাদৰ তেজোদীপ্ত বাণী আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰবল জাতীয়তাবোধৰ প্ৰভাৱক ভূপেন হাজৰিকাই একাংশই হ’লেও হাতে-কামে নৱৰূপ দিব বুলি বিশ্বাস কৰিছে৷ গীতটো প্ৰথম ৰচনা কৰোঁতে কৰোঁতে কিন্তু তেওঁ এই কথাকেইষাৰ উল্লেখ কৰা নাছিল৷ প্ৰথমতে আছিল এনেধৰণে–
অসম মৰিলে আমিও মৰিম
বুলি ক’বলৈ তৰুণও নাই
আজি অম্বিকাগিৰি নাই
‘দেশ তল গ’ল’
বুলি দিনে নিশাই সোৱৰাব
আজিৰ অসমীয়াই নিজক নবচালে
অসমতে ভগনীয়া হ’ব৷
‘‘কিন্তু ১৯৭৯ চনত হোৱা ভাষা আন্দোলনৰ পিছত গীতটোৰ এই বাক্যকেইটা সলনি কৰি নতুনকৈ ৰচনা কৰে৷’’৩ যি নহওঁক, তেওঁ এইদৰে জ্যোতিপ্ৰসাদ বা অম্বিকাগিৰিৰ প্ৰসংগ আনিছে যদিও তাৰ সমান্তৰালভাৱে অসমীয়া জাতিয়ে সংগ্ৰাম কৰাৰ পোষকতাও কৰিছে৷ এই সংগ্ৰাম যুদ্ধৰ নহয়৷ যুদ্ধৰ আঁতৰত অৱস্থান কৰি জাতীয় অৰ্থনীতি সবল কৰা, জাতীয় চেতনা প্ৰবল কৰা আৰু স্বাজাতিৰ ঐতিহ্যময় গৰিমাত কালিমা নসনাকৈ উজ্বল ভৱিষ্যতৰ দিশে অসমক আগুৱাই নিয়াৰ সংগ্ৰামহে তেওঁ বিচাৰে৷
আনৰে লগতে অসমীয়া অসমতে
যদিহে নাবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক
জানো ঘিণ কৰাটো বুজাব
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয় আৰু
দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে
মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া
আমি সেইমতে থাকিলেই হ’ব৷
নহ’লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকৈ হাঁহিব৷

এই অংশটোত ভূপেন হাজৰিকা অসমৰ এজন ভৱিষ্যত দ্ৰস্তা (the predictor) আৰু অভিভাৱক হিচাপে চিহ্নিত হৈছে৷ তেওঁ এই কথাংশৰ জৰিয়তে বৃহত্তৰঅসমীয়াৰ জাতিৰ সংজ্ঞা দিছে৷ অসমীয়াৰ সংজ্ঞাক লৈ বিতৰ্ক আৰু আলাপ-আলোচনা চলি থকাৰ বহু বছৰৰ আগতেই ভূপেন হাজৰিকাই এই উদাৰ আৰু সময়োপযোগী সংজ্ঞা প্ৰদান কৰি থৈ গৈছে৷ লগতে তেওঁ এই কথাও দৃঢ়তাৰে উল্লেখ কৰিছে যে প্ৰতিজন অসমীয়া একো একোজন ভাল ভাৰতীয় আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অসমলৈ বিভিন্ন কাৰণত আহি নিগাজীকৈ থাকিবলৈ লোৱা আৰু অসমৰ মাটিক মাতৃ বুলি সম্বোধন কৰা প্ৰত্যেকজনকে অসমীয়া বুলি স্বীকৃতি দিছে৷

অসম মাতৃৰ সন্তান বাবেই সম্ভৱভূপেন হাজৰিকাৰ কিছুসংখ্যক গীতত ৰাষ্টীয়তাবাদতকৈ আঞ্চলিকতাবাদক গুৰুত্ব দিয়া দেখা যায়৷ কাৰণ স্বাধীনতাৰ সময়ৰে পৰা অসমৰ আঞ্চলিকতাবাদী ধ্যান-ধাৰণাৰ কুচ-কাৱাজৰ সৈতে তেওঁ চিৰপৰিচিত৷ কেন্দ্ৰৰ মাহীআইৰ চকু আৰুউত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ অনিহা বিষয়টোও প্ৰায়ে আক্ষেপেৰে শুনা দেখা যায়৷ ভূপেন হাজৰিকাই গীতত কৈছে এনেদৰে–
বিশ্ব প্ৰেম, বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওটো জানা এটি কথা
আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা
তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব
পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাব৷

হাজৰিকাই গীতৰ মাজেৰেই জাতীয় চেতনা আৰু ৰাষ্ট্ৰীয় চেতনাৰ তুলনামূলক আলোচনা (comparative discussion) কৰিছে৷ ৰাজ্যক ভাল পালে ৰাষ্ট্ৰক বেয়া পোৱা নুবুজায় বুলি সেয়েহে তেওঁ উল্লেখ কৰিছে৷ নিজ মাতৃৰ সমস্যাক এলাগী কৰি অন্য কৰ্মত গুৰুত্ব দিয়াটোত মহানতা জড়িত হৈ নাথাকে; কাৰণ প্ৰথম মাতৃ বা মাতৃভূমিৰ প্ৰতি দায়িত্ব পালন কৰাটোহে সন্তানৰ কৰ্তব্য৷ প্ৰকাৰন্তৰে তেওঁ প্ৰথমে অসমৰ সুৰক্ষা আৰু তাৰপাছতহে ভাৰতবৰ্ষৰ প্ৰসংগ আনিছে৷ তেওঁৰ এই আদৰ্শৰ সপক্ষে গীতৰ মাজেৰেই প্ৰবল যুক্তি দিছে৷ কাৰণ ভাৰত ৰাষ্ট্ৰৰ বুকুতেই অসম ৰাজ্য সোমাই আছে৷ সেয়েহে অসম ৰাজ্য সবল আৰু সুথাম নহ’লে কেনেদৰে ভাৰত ৰাষ্ট্ৰই অসমক লৈ গৰ্ব কৰিব বুলি প্ৰশ্ন কৰিছে৷ সমগ্ৰ বিশ্বক এটি মানৱ শৰীৰৰূপে কল্পনা কৰি সেই মানৱ শৰীৰৰ এটি অংগ হিচাপে তেওঁ অসম ৰাজ্যক তুলনা কৰিছে আৰু এই তুলনাৰ দ্বাৰা তেওঁ প্ৰতিষ্ঠা কৰিছে যে অসম ৰাজ্য যদি কেনেবাকৈ অচল আৰু পংগু অৱস্থাত পৰি থাকে, তেন্তে এটি শৰীৰ হিচাপে বিশ্ব সম্পূৰ্ণ নহয়৷ অসম ৰাজ্যক সবল আৰু সংগ্ৰামী হ’বলৈ অসম মাতৃৰ সন্তানসকলৰ প্ৰতি হাজৰিকাই আহ্বান জনাইছে এনেদৰে–
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি সেৱা যাচি লৈ সোৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতিসাহোন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হ’ব
আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব

হাজৰিকাই এই আশা কৰে যে– অসমৰ ৰাইজে যাতে কেতিয়াও নিজক নাপাহৰে৷ অৰ্থাৎ নিজৰ স্বাভিমান আৰু স্বাধিকাৰৰ প্ৰতি যেন অসমৰ ৰাইজ সদায় সষ্টম আৰু সজাগ হৈ থাকে৷ অন্যথা ৰঙ-ৰহইচৰ ভোগজৰা স্বৰূপ ৰঙালী বিহুতো এই অসমীয়াই এদিন দুৰ্ভোগ পাব আৰু নিৰাপত্তাহীনতাত ভূগিব লাগিব বুলি হাজৰিকাই ভৱিষ্যতবাণী কৰিছে৷ সেয়েহে অসমীয়া জাতিৰ প্ৰতি হাজৰিকাৰ কাতৰ আহ্বান আমি যাতে আমাৰ অসমখনক বচাও৷ ভূপেন হাজৰিকাই যে গীতৰ মাজেৰেই কেৱল এনে কথা কৈছে, তেনে নহয় তেওঁ ব্যক্তিগত জীৱনতো স্বাধীনতাৰ প্ৰসংগটোক গুৰুত্ব প্ৰদান কৰছিল৷ কল্পনা লাজমীয়ে তেওঁৰ বিষয়ে কৈছে এনেদৰে– ‘‘ভূপেন এগৰাকী এনেকুৱা ব্যক্তি আছিল যি স্বাধীনতাৰ সপোন দেখিছিল, তাক প্ৰতিটো উশাহ-নিশাহতে অনুভৱ কৰিছিল আৰু স্বাধীনতাৰ সেই ধাৰণাটো সমগ্ৰ বিশ্বতে নিজে কৰ্তৃত্বেৰে প্ৰসাৰিত কৰিব বিচাৰিছিল৷’’৪

উপসংহাৰ
গীতক সামাজিক অস্ত্ৰ আৰু সমাজ পৰিৱৰ্তনৰ মূল মন্ত্ৰৰূপে ব্যৱহাৰ কৰা ভূপেন হাজৰিকা নিজ দেশতকৈয়ো ৰাজ্যৰ সুৰক্ষাৰ প্ৰতি বেছি চিন্তিত আছিল৷ তেওঁ বিশ্বৰ আগত প্ৰতিষ্ঠা লাভ কৰিও অসমক প্ৰথম আৰু সৰ্বাধিক গুৰুত্ব দিছে৷ যিটো কাম বেজবৰুৱাইয়ো সচেতনভাৱে কৰি থৈ গৈছে৷ বেজবৰুৱাইয়ো কেৱল অসমীয়া জাতি আৰু অসমীয়া ভাষা-সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈকে জীৱন উৎসৰ্গা কৰি থৈ গৈছে৷ তেওঁ কৈ গৈছে– ‘বাজক ডবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল’৷ সেইদৰে ভূপেন হাজৰিকায়ো গীতত কৈ গৈছে– ‘জীয়াই থাকি এজন সমাজ গঢ়িবৰ মোৰ মন আছে৷’ লক্ষ্মীনাথ বেজবৰুৱাই যি স্বাভিমানেৰে ‘অসমীয়া জাতি দুখীয়া নহয়’ বুলি উল্লেখ কৰি থৈ গৈছে; সেই একেই গৰ্বৰেই ভূপেন হাজৰিকা সমৃদ্ধ হৈ ভৱিষ্যতেও যাতে অসমীয়া জাতি বিশ্বৰ মানচিত্ৰত জিলিকি থাাকিব পাৰে, তাৰ বাবে অসমৰ জণগণক সজাগ আৰু সচেতন কৰিছে৷ নিস্বাৰ্থ অসম প্ৰেম আৰু গভীৰ জাতীয় দায়বদ্ধতাৰ অবিহনে এইধৰণৰ স্বদেশানুৰাগেৰে পৰিপূৰ্ণ গীত লিখা সম্ভৱ নহয়৷ ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গীতে এই কথা স্পষ্টভাৱে প্ৰমাণ কৰি থৈ গৈছে৷

প্ৰসংগসূত্ৰ
১. অসম কোষ, সম্পাদক- হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা-৪১৫
২. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ¸, দিলীপ কুমাৰ দত্ত, পৃষ্ঠা-১৬৫
৩. উল্লিখিত গ্ৰন্থ,পৃষ্ঠা-২০৫
৪. ভূপেন হাজৰিকা, এজ আই নিউ, হিম, অসম পাবলিচিং কোম্পানী, তৃতীয় প্ৰকাশ, ২০১৯

গ্ৰন্থপঞ্জী
-কলিতা, পুলিনঃ অগ্নিযুগৰ ফিৰিঙতি, প্ৰকাশক শ্ৰীঅনন্ত হাজৰিকা, বনলতা, পাণবজাৰ, গুৱাহাটী-ৰ, দ্বিতীয় সংস্কৰণ, ২০১১
-গগৈ, মৌচমঃ বিশ্বশিল্পী ডঃ ভূপেন হাজৰিকাৰ সন্ধানত, প্ৰকাশক-নৱ কলিতা, কিৰণ প্ৰকাশন, প্ৰথম প্ৰকাশ, ডিচেম্বৰ,২০১১
-গোস্বামী, লোকনাথঃ বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা, আঁক-বাক প্ৰকাশ, তৃতীয় প্ৰকাশ, ২০১১
-দত্ত, দিলীপ কুমাৰঃ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ¸, বনলতা, ষষ্ঠ প্ৰকাশ, নৱেম্বৰ, ২০১৪
-ভূঞা, শেখৰজ্যোতিঃ এক গভীৰ আস্থাৰ গান ভূপেন হাজৰিকা, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৯৯৩
-লাজমী, কল্পনাঃ ভূপেন হাজৰিকা, এজ আই নিউ হিম, (সম্পা-মিতাক্ষী বীৰভদ্ৰ, হেমন্ত ডেকা) অসম পাবলিছিং কোম্পানী, তৃতীয় প্ৰকাশ, ২০১৯
-হাজৰিকা, অতুলচন্দ্ৰ (সম্পা.)- বেজবৰুৱা গ্ৰন্থাৱলীঃ সাহিত্য প্ৰকাশ, দ্বিতীয় প্ৰকাশ, ২০১৪
-হাজৰিকা, ভূপেনঃ গীতাৱলী, প্ৰকাশক-সূৰ্য হাজৰিকা, বাণী মন্দিৰ, নতুন বজাৰ, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ-১৯৯৩

আলোচনী
-বৰা, লক্ষ্মীনন্দনঃ গৰীয়সী, ভূপেন হাজৰিকা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা, একবিংশ বছৰ, দ্বিতীয় সংখ্যা, নৱেম্বৰ, ২০১৩
-গগৈ, বন্তি হাওবৰাঃ ভূপেন্দ্ৰজ্যোতি, দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা, ছেপ্তেম্বৰ, ২০১৩

Post a Comment

1 Comments

Anonymous said…
সমৃদ্ধ হʼলোঁ ছাৰ।