* অসম সাহিত্য সভাৰ সৈতে দেউতাৰ সম্পৰ্ক অতি নিবিড়। দেউতাই অষ্টম শ্ৰেণীৰ ছাত্ৰ থাকোঁতেই ১৯৩১ চনৰ ডিচেম্বৰ মাহৰ শেষ সপ্তাহত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত (সম্মিলন) যোগদান কৰিছিল। এই সন্মিলনৰ বিশেষ আকর্ষণ আছিল এই সভাতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক সভাই ‘ৰসৰাজ’ উপাধি প্ৰদান কৰিছিল। দেউতাই ক'বৰ দৰে মনক উলাহ যোগোৱা এই পৰিবেশতেই মোৰ মনৰ ওপৰত অসম সাহিত্য সভাৰ প্ৰথম অভিঘাত।' দেউতাৰ কাৰণে প্ৰথমবাৰৰ বাবে কুমলীয়া বয়সত দেখা এই সম্মিলনখন অতি আপুৰুগীয়া সম্পদ হৈ পৰিছিল। এই সভাত সভাপতিত্ব কৰিছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে। এই সভাৰ এখন আলোকচিত্ৰ দেউতাক তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰনাথ গোহায়ে দিছিল। কিন্তু সময়ত দেউতাই এই ছবিখন বিচাৰি নাপালে। ১৯৩৩ চনৰ ডিচেম্বৰ মাহত উত্তৰ লক্ষীমপুৰত জ্ঞানদাভিৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ সন্মিলনত দেউতা যোৱা নাছিল যদিও সেই সভাৰ সুবাস পাইছিল সভাৰ পৰা নিজ ঘৰলৈ ওভটি যাওঁতে যেতিয়া ৰজনীকান্ত বৰদলৈ আৰু বেণুধৰ ৰাজখোৱা (মোৰ বৰ্মাৰ পিতৃ) আহি যোৰহাটত বৰদেউতা ডিম্বেশ্বৰ নেওগৰ ঘৰত সোমাইছিল আৰু সভাৰ উলহ মালহৰ কথা কৈছিল। পঞ্চদশ আৰু ষোড়শ সন্মিলনত দেউতাই যোগদান কৰিব পৰা নাছিল ।
১৯৩৭ চনত গুৱাহাটীত অধ্যাপক কৃষ্ণকান্ত সন্দিকৈৰ সভাপতিত্বত সপ্তদশ সম্মিলন অনুষ্ঠিত হয়। দেউতা তেতিয়া কটন কলেজৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। অভ্যর্থনা সমিতিৰ তৰফৰ পৰা সম্মিলন উপলক্ষে 'প্রবন্ধ সংগ্রহ' নামেৰে এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰা হৈছিল। অসম সাহিত্য সভাৰ বুৰঞ্জীত অধিবেশনত উলিওৱা স্মৃতিগ্ৰন্থ সেইখনেই প্রথম। এই সংকলনত দেউতাৰ এটা কবিতা সন্নিবিষ্ট হৈছিল। সেয়াই দেউতাৰ অসম সাহিত্য সভাৰ কামত প্ৰথম সক্রিয় অংশগ্রহণ।
১৯৪০ চনত অসম সাহিত্য সভাৰ অষ্টাদশ অধিৱেশন হৈছিল যোৰহাটত ড° ময়িদুল ইছলাম বৰাৰ সভাপতিত্বত। সেই সময়ত দেউতাই বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ-যোৰহাটত চাকৰিৰ সন্ধানত ব্যস্ত আছিল আৰু যোৰহাট সাহিত্য সভা গঢ়াত লাগিছিল। যোৰহাট অধিৱেশনৰ পিছত ভালেমান দিন সভাৰ কামত খেলিমেলি লাগিছিল। প্ৰধান কাৰণ আছিল Internal conflict আৰু দ্বিতীয় মহাসমৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা সভা আঁতৰি আহিব লগা হৈছিল। মুঠৰ ওপৰত ১৯৪৪ চনলৈ সাহিত্য সভাৰ সক্ৰিয়তা নোহোৱা হ'ল। অসম সাহিত্য সভাৰ আৰম্ভ হৈছিল অসমৰ ভাষা আৰু সাহিত্য উন্নতি কৰিবলৈ। কিন্তু বিশেষজনৰ সহায়ত সভা প্রায় অগণতান্ত্ৰিক হৈ পৰিছিল এইবোৰ কথা দেউতাৰ Annals of Asam Sahitya Sabha পোৱা যাব। ইতিমধ্যে দেউতা শিৱসাগৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক হৈছিল। শিৱসাগৰৰ এটা দলে সভাক নতুন ৰূপ দিয়াৰ প্রয়াস কৰে। সেই সময়ত (১৯৪৩ চনত) লোকপিয়লত শিৱসাগৰ সাহিত্য সভাৰ হৈ দেউতাই তিনিজন বন্ধুৰ সৈতে শিৱসাগৰ মহকুমাৰ বাগানবোৰৰ লোকপিয়লত নিযুক্তি দিয়া কৰ্মচাৰীসকলক লগ ধৰি অসমীয়া বনুৱাক যাতে বুদ্ধি কৰি অনা-অসমীয়া নকৰে তাত চকু দিবলৈ আভাস দি ফুৰিছিল। প্রায় দুমাহমান। সেই সময়ত চাহ বাগিচা কৰ্মচাৰীসকলৰ অসমীয়া সাহিত্যলৈ থকা অনুৰাগে দলটোৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁলোকেই আশ্বাস দিছিল যে অপশক্তিয়ে লোকপিয়লৰ যোগে অসমৰ এখন বিকৃত চিত্র আঁকিব নোৱাৰে।
যি নহওক, ১৯৪৪ চনৰ অক্টোবৰ মাহত শিৱসাগৰত অসম সাহিত্য সভাৰ ঊনবিংশ অধিৱেশন অনুষ্ঠিত হয় ককা নীলমণি ফুকনৰ সভাপতিত্বত। এই অধিবেশনে সভাক এটা নতুন গতি দিয়ে। এই সভাতেই কার্যনির্বাহক গঠনৰ আৰ্হি আৰম্ভ হৈছিল। এই সভাতে 'আসাম সাহিত্য সভা 'অসম সাহিত্য সভা’হ'ল। বৰদেউতা ডিম্বেশ্বৰ নেওগ প্রধান সম্পাদক নির্বাচিত হয়। তেতিয়াৰ পৰাই সভাৰ সুস্থিৰতা বিৰাজ কৰিলে। অৱশ্যে চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো মিলিটেৰীৰ কৱলত থকা বাবে কিছু অসুবিধা হৈছিল।
১৯৫৩ চনত অসম চৰকাৰৰ সহযোগত প্রায় তিনি বছৰৰ পিছত দ্বাবিংশ সন্মিলন অনুষ্ঠিত হৈছিল তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত। এই সম্মিলনৰ সভাপতি আছিল ড° সূৰ্য কুমাৰ ভূঞা। তাৰ আগে আগে সভাক এজন নিপুণ প্রধান সম্পাদক লাগে বুলি এটা দাবী আহিছিল আৰু বহুতে দেউতাৰ মাজত সেই গুণ আছিল বুলি কিছু জল্পনা-কল্পনা কৰিছিল। দেউতাই তেখেতৰ শুভাকাংক্ষীসকলক ক'লে যে তেখেত ডক্টৰেটৰ থিছিছৰ কামত ব্যস্ত। কেনেবাকৈ এই গুরু দায়িত্ব আহি পৰে বুলি তেখেতে শ্বিলঙলৈ নোযোৱাটোকে ঠিক কৰিলে। যি হওক, সভাই অধ্যাপক অতুলচন্দ্ৰ হাজৰিকাক প্ৰধান সম্পাদকৰূপে পালে। তেখেতেও সভাক সজীৱতা প্ৰদান কৰিলে ।
১৯৫৫ চনত যোৰহাটত হোৱা সভাৰ ত্রয়োবিংশতি সন্মিলনত দেউতাই সম্পাদনা কৰা হৰিহৰ বিপ্ৰৰ লৱ-কুশৰ যুদ্ধখন প্ৰকাশ কৰি সভাই ৰাইজৰ আগত দিলে। সেই সন্মিলনৰ পাছতেই অসমলৈ ৰাজ্য পুনর্গঠন আয়োগ আহে আৰু অসম সাহিত্য সভাই আয়োগৰ সমুখত নিজৰ বক্তব্য দাঙি ধৰিবৰ স্থিৰ কৰে। সেইমতে দেউতা আৰু অধ্যাপক সত্যেন্দ্ৰনাথ শৰ্মা ছাৰক সভাই স্মাৰকপত্ৰ এখন যুগুত কৰাৰ দায়িত্ব দিয়ে। এইখন পিছত কিতাপৰ আকাৰত Assam's case before the State Reorganisation Commission mainly from Historical, Linguistic view points নামেৰে। সেই সময়ৰ সভানেত্রী নলিনীবালা দেৱীৰ নেতৃত্বত সভাৰ দলটোৱে সৰ্বাৰ কে. এন. পানিকৰৰ দৰে আয়োগৰ তীক্ষ্ণধী সদস্যৰ নানান চোকা প্ৰশ্নৰ সমুখীন হৈছিল। উত্তৰো সেইদৰে দিয়া হৈছিল ।
১৯৫৫ চনৰ ডিচেম্বৰ মাহত সভাৰ চতুৰ্বিংশ সম্মিলন অনুষ্ঠিত হৈছিল। দেউতাক অভ্যর্থনা সমিতিয়ে সম্পাদকৰ দায়িত্ব দিয়ে। ইপিনে একে সময়তে আন্নামালাই নগৰত হ'ব লগা সৰ্বভাৰতীয় প্রাচ্যবিদ সম্মিলনত গুৱাহাটী বিশ্ববিদ্যালয় প্রতিনিধিৰূপে যোৱাটো খাটাং কৰি খোৱা হৈছিল। গতিকে দেউতাই এই সন্মিলনত থাকিব নোৱাৰিলে৷ গতিকে প্ৰবীণ নাট্যকাৰ প্ৰৱীণ ফুকনকো দেউতাৰ সৈতে যুটীয়া সম্পাদক কৰি দিয়া হ'ল। এই সম্মিলনে উত্তৰ-পূব সীমান্ত প্ৰশাসনৰ (NEFA) শিক্ষা পদ্ধতিৰ সমালোচনা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেই প্রস্তাৱ অনুসৰি কেন্দ্রীয় গৃহমন্ত্রী গোবিন্দ বল্লভ পস্তক দেউতাহঁতে গুৱাহাটীৰ আৱৰ্ত ভৱনত লগ পাইছিলগৈ।
১৯৫৯ চনত নগাঁৱত হোৱা সভাৰ সপ্তবিংশ আৰু ঊনত্রিংশ সন্মিলনত দেউতাই আলোচনা চক্ৰৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। সেই বছৰ সভাই আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম শতবাৰ্ষিকী পালন কৰে। দেউতাই কলেজীয়া জীৱনতে অনুবাদ কৰা A few remarks on the Assamese language and Vernacular Education in Assam (1855)খন 'অসমীয়া ভাষা' নাম দি প্রকাশ কৰা হয়। তদুপৰি এই অধিৱেশনতে সভাই অসমৰ মঠ-মন্দিৰ, তীৰ্থ পীঠ, সত্ৰ-থান, দৰগাহ, পুৰণি মছজিদ, গীর্জা আৰু জনজাতীয় পুজা-সেৱাৰ থলী আদিৰ বিৱৰণৰ বৰ্ণনাৰে এখন পুথি সংকলনৰ দায়িত্ব দেউতাক দিয়ে। বছৰটোৰ ভিতৰতে এই সংকলন অর্থাৎ পবিত্ৰ অসমৰ পাণ্ডুলিপি তেখেতে সভাৰ হাতত অৰ্পণ কৰে। ১৯৬০ চনত উনত্রিংশ সন্মিলনত পৱিত্ৰ অসম প্ৰকাশ হৈ ৰাইজৰ হাতত পৰে।
ঊনত্রিংশ সন্মিলনৰ আগে আগে দেউতাক প্ৰায় নোসোধাকৈয়েই তেখেতৰ জ্যেষ্ঠসকলে প্রধান সম্পাদকৰ পদৰ বাবে তেওঁৰ নাম প্ৰস্তাৱ কৰি আহিছিল। দেউতাই নামটো তুলি ল'বলৈ অনুৰোধ কৰিছিল যদিও তেখেতসকলে ভৱিষ্যতবাণী কৰিছিল যে দেউতা সম্পাদক হ'বই। দেউতাৰ নামত প্রস্তাৱ হ'লে যেন খং নকৰে। ১৯৬০ চনৰ ২৮, ২৯ অক্টোবৰত সন্মিলনতে দেউতাই সাহিত্য সভাৰ এই গুৰু দায়িত্ব গ্ৰহণ কৰিলে। ২৮ ডিচেম্বৰ, ১৯৬০ চনত যোৰহাটত এই দায়িত্ব ল'লেগৈ। কেন্দ্ৰীয় কাৰ্যালয়ত।
অসম সাহিত্য সভাৰ কাম-কাজ সুচাৰুভাৱে চলাবলৈ আমাৰ সেই সময়ৰ বাসভৱন বৈজয়ন্তীৰ এটা কোঠা আছুতীয়াকৈ লোৱা হৈছিল প্ৰধান সম্পাদকৰ কাৰ্যালয়ৰ বাবে। দেউতাৰ পঢ়া-শুনা কৰা কোঠা এটা বেলেগে আছিল বা সেই ব্যৱস্থা কৰা হৈছিল। দেউতা প্ৰধান সম্পাদক নির্বাচিত হোৱাৰ খবৰ পাই বহুতৰ পৰা প্ৰশংসাবাণী আহিছিল। এনে এক সন্দেশবাণীত দক্ষিণ ভাৰতৰ বিশ্ববিখ্যাত ঐতিহাসিক অধ্যাপক কে.এ. নীলকণ্ঠ শাস্ত্রীয়ে লিখিছিল — I know that the Sabha has been doing excellent work for the past forty five years. The large numbers of publication in Assamese and English and other cultural activities easily testify to the fact that the Sabha is the premier literary organisation of the people of Assam. Let me also add that Sabha is fortunate in haring you as its General Secretary. প্রধান সম্পাদকৰ দায়িত্ব লোৱাৰ পিছতে ১৯৬০ চনৰ অসম শাসকীয় ভাষা অধিনিয়মৰ লগত জড়িত হৈ উত্থাপিত হোৱা অসম আৰু অসমীয়াৰ প্ৰতিকূলে যোৱা নীতিৰ বিৰুদ্ধে অসম সাহিত্য সভাই চৰকাৰৰ লগত যুঁজিব লগা হৈছিল। এনেয়ে ভাষা আইনখনত অসম আৰু অসমীয়াৰ স্বাৰ্থ ক্ষুণ্ণ কৰিব পৰা কেইটামান অনুচ্ছেদ আছিল; তাতে আকৌ অধিনিয়মখনৰ বিপক্ষে কাছাৰৰ কিছু বঙলা ভাষীৰ ভ্ৰান্ত আন্দোলনৰ ভিত্তিত ভাৰতৰ স্বৰাষ্ট্রমন্ত্রী লালবাহাদুৰ শাস্ত্ৰীয়ে তেখেতৰ শাস্ত্ৰী সূত্ৰৰ দ্বাৰা পৰামৰ্শ আগবঢ়ায় আৰু সেই পৰামৰ্শ অসম মন্ত্ৰী সভাই শীঘ্ৰে গ্ৰহণ কৰে। এনে এক জটিল পৰিস্থিতিত সাহিত্য সভাই ১৯৬১ চনৰ ২৪ আৰু ২৫ জুন তাৰিখে বহা কাৰ্যনিৰ্বাহক সমিতিৰ অধিৱেশনত গভীৰ উদ্বেগ প্ৰকাশ কৰিলে আৰু ক'লে যে যদি অধিনিয়মখন সংশোধন কৰিব লাগেই তেতিয়াহ'লে সংবিধানসম্মতভাবে অসমত ৰাজ্যিক ভাষা অসমীয়াৰ সাৰ্বভৌমত্ব অব্যাহত ৰাখিহে কৰা উচিত। ইয়াকে লৈ সভাই স্বরাষ্ট্রমন্ত্ৰীলৈ কেইবাখনো স্মাৰকপত্র পঠালে, পিছে কোনো সমিধান নাহিল। নানান অশান্তিৰ মাজত সভাৰ পৰা এটা দল নতুন দিল্লী পালেগৈ ১২ ছেপ্টেম্বৰৰ দিনা। পিছদিনা দুপৰীয়াহে শাস্ত্ৰীৰ সৈতে সাক্ষাৎকাৰৰ সময় পোৱা হ'ল আৰু তেখেতক শাস্ত্ৰীসূত্ৰৰ অসাংবিধানিকাতলৈ আঙুলিয়াই দিয়া হ'ল।
প্রথমতে সেই সূত্রমতে অধিনিয়মৰ প্ৰথম ছেদৰ পৰা মহকুমা পৰিষদ আৰু নগৰ সভাবোৰৰ এখন মিলিত সভাই কাছাৰৰ প্ৰশাসনীয় ভাষা নিৰূপণ কৰিব পৰা ক্ষমতাৰ কথা বাদ দিলে, সেই ছেদে কাছাৰত অসমীয়া ভাষাৰ প্ৰৱেশ বন্ধ কৰিব; দ্বিতীয়তে সেই সূত্ৰৰ দ্বিতীয় পৰামৰ্শ মতে কাছাৰ আৰু ৰাজ্যৰ সদৰৰ মাজত আদান-প্ৰদানত বৰ্তমান ইংৰাজী আৰু পাছত হিন্দী মাত্ৰ চলাৰ ব্যৱস্থা কৰিলে আৰু সেই ফালৰ পৰাও কাছাৰত ৰাজ্যিক শাসকীয় ভাষাৰ প্রবেশ নিৰোধ কৰা হ'ব। শাস্ত্রীয়ে আৰম্ভণিতে কৈছিল, “কত। মইতো তেনে ব্যৱস্থা কৰিবলৈ কোৱা নাছিলো।” আৰু তেখেতে মন্ত্রণালয়ৰ দুজন বিশেষজ্ঞক সাহিত্য সভাৰ অভিযোগৰ সত্যতাৰ প্ৰশ্ন কৰিলে। দুইজনেই ক'লে যে অভিযোগতো সঁচা। কিন্তু তাৰ বীজ মূল অধিনিয়মখনতে আছিল, শাস্ত্রী সূত্ৰই তাক স্পষ্ট কৰি তুলিলে মাথোন। শাস্ত্রীজীয়ে তেখেতৰ স্বভাৱমূলক অমায়িকতাবে দোষ স্বীকাৰ কৰিলে। তেতিয়া দেউতাহঁতে ক'লৈ ৰাজ্যিক বিধান সভাত উত্থাপিত হ'বলগীয়া বিলখনত যাতে শাস্ত্ৰীসূত্ৰৰ এই আসোঁৱাহটো নাথাকে । শাস্ত্রীজী বিমোৰত পৰিল । কিয়নো তেওঁৰ সূত্ৰ মতেহে কাছাৰ বিষয়ক ছোটো সংশোধন হ'ব বুলি ক্ষিপ্ত হৈ উঠা কাছাৰৰ ৰাইজক তেওঁ আশ্বাস দি আহিছে। সঁজাতি দলে ক'লে যে অকাৰণ বিক্ষোভৰ ভয়ত সংবিধানবিৰুদ্ধভাৱে আইন এখন বিকৃতভাৱে সংশোধন হ'ব পাৰে জানো? তেখেতে চিন্তা কৰি আশ্বাস দিলে যে সেই অন্যায় কৰা নহ'ব আৰু ভুলটো আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ জনালে আৰু ক’লৈ যে তেওঁ তুৰন্তে অসমৰ মুখ্যমন্ত্ৰীক দিহা দিব। তদুপৰি তেওঁ নিজে দায়িত্ব লৈ তেওঁৰ আশ্বাসৰ কথা সভাৰ উক্তিৰ দৰে সংবাদ পত্ৰলৈ লগে লগে পঠিয়ালে। দেউতাহঁত দিল্লীত থাকোতেই শাস্ত্রীজীয়ে মুখ্যমন্ত্রী চলিহাক টেলিফোনযোগে সকলো কথা জনালে। দেউতাই দিল্লীৰ পথত চলিহাদেৱক লগ ধৰিলে। চলিহাদেৱে দেউতাক কৈছিল— "Neog, I don't want to be the liquidator of the State of Assam." দেউতাই কথাষাৰ শুনি কৈছিল— “চলিহা ডাঙৰীয়া, চাওক, আমি যিমানখিনি কাম কৰি আপোনালোকক আগবঢ়াই দিছো, সেই কাম আপোনালোকেহে কৰিব লাগিছিল। কি কাম কৰিলে ৰাজ্য ভাগে আপুনিও জানে, আমিও জানো। যদি আইনৰ সংবিধানসিদ্ধ সংশোধন কৰোঁতে ৰাজ্য ভাগে, আপুনিনো কি কৰিব পাৰে?” চলিহাদেৱে তেতিয়া ক'লে— “নেওগ, একো চিন্তা নকৰিব । মই দিল্লীৰ পৰা আহি আপোনাক লগ পামহি; তেতিয়া ভাল খবৰেই দিব পাৰিম বুলি আশা কৰিলো ।” নিৰ্মীৰ পৰা আহি চলিহাদেৱে দেউতাক কৈছিল – “আপোনালোক দিল্লীত যোৱা বাবে শাস্ত্রীলীয়ে ভাল পাইছে। নহ'লে ভাষা আইনৰ বে-আইনী সংশোধন এটা হ'লহেঁতেন।” দেউতাক আৰু ক'লে—
“আপুনি পণ্ডিতজীক (প্রধান মন্ত্রী নেহৰুক) দেখা পাই কথাটো কৈ যাব আৰু কাছাৰত অসমীয়া ভাষা সোমোৱা কৰি আইন সংশোধন কৰিবগৈ।” দেউতাই পণ্ডিত নেহৰুৰ ওচৰলৈ গৈছিল আৰু কৈছিল—“শাস্ত্রীসূত্র মতে আইনখন শুধৰালে কাছাৰ জিলাত ৰাজ্যিক ভাষা ৰোধ কৰা হ'ব।” নেহৰুৱে স্বভাৱমূলক দপদপনিৰে কৈছিল— “হ'বই নোৱাৰে। Who says দেউতাই মিহিকৈ ক'লৈ, “They say," নেহৰুৱে ক'লে, "They all are wrong. " দেউতা সাজু হৈ লৈছিল আৰু ক'লে, "Will you kindly see the papers?” বুলি আগৰ এই, শাস্ত্রীসুত্ৰ আৰু সেইমতে হ'ব পৰা বিলৰ খচৰা আদি নেহৰুৰ হাতত দিলে। সেইখিনি চাই তেখেতে ক'লে "Yes, the Assamese Language will be barred in Cachar, শাস্ত্রীজীয়ে পিছে কি কৈছে?” দেউতাই ক'লে— “সংবিধান আৰু ৰাজ্যিক শাসকীয় ভাষাক নোচোৱাকৈ artmendmentটো কৰিবলৈ কৈছে।” লগে লগে নেহৰুৱে কৈছিল— Then do it.” এতিয়া কামটো হ'ব। বেছ সহজভাবেই কামটো হৈ গ'ল। এইদৰে অসম সাহিত্য সভাই অসমৰ ভাষা সমস্যাবোৰৰ সমাধানত বিশেষ ভূমিকা গ্ৰহণ কৰিব লগা হৈছিল। অসমত চলি থকা ভাষা-বিবাদৰ প্ৰকৃত স্বৰূপটো চৰকাৰক তথা ৰাইজক অৱগত কৰাৰ কাৰণে দেউতাই এখন পুথি যুগুত কৰিছিল। কেইবাগৰাকী বিশিষ্ট সাহিত্যিক-সাংবাদিকৰ প্ৰবন্ধৰে Assam's Language Question নামৰ এখন ইংৰাজী গ্ৰন্থ দেউতাই সম্পাদনা কৰে আৰু পুথিখন ভাৰতীয় সংসদ সদস্য, ভাৰতৰ ৰাজ্যপালসকল, মুখ্যমন্ত্ৰীসকল আৰু বিধান সভাৰ অধ্যক্ষসকললৈ পঠিওৱা হৈছিল। পুথিখনে ভাষা সমস্যাটোৰ এটা প্রকৃত বাস্তব চিত্ৰ দাঙি ধৰাত বিশেষ সহায় কৰে।
অসম সাহিত্য সভাৰ কামবোৰত দেউতাৰ লগত শাসক দলৰ সম্পৰ্কই সহায় হৈছিল। সেইবুলি কোনো কথাতেই তেখেতসকলৰ লগত আপোচ নকৰিছিল। তেনেকুৱা বহু উদাহৰণ আছে। এবাৰ বিত্তীয় অনুদানৰ কথা উলিয়াই সেই সময়ৰ বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমদে দেউতাক কৈছিল যে, চৰকাৰে টকা দিয়ে আৰু সেই টকাৰে সভাই ৰাজনীতি কৰে। দেউতাই আহমদ চাহাবৰ মুখৰ আগতে উত্তৰ দি কৈছিল যে ভাৰতীয় সংবিধানে অসমীয়া ভাষাক যিখিনি দিব লাগে সেয়াহে সাহিত্য সভাই বিচাৰে। সাহিত্য সভাই কাৰো ৰাজনৈতিক ক্ষমতা লৈ কঢ়া-আঁজোৰা নকৰে। এবাৰ চলিহাদেৱে কাৰোবাৰ পৰা জানিব পাৰিলে যে দেউতাই সম্পাদকৰ দায়িত্ব ভাৰ এৰিব খুজিছে। সম্পূর্ণ ব্যক্তিগতভাৱে তেখেতে দেউতাক কৈছিল, “তেনে কথা যদি চিন্তা কৰিছে সেয়া কৰিব নালাগে। কাৰণ কিবা কামৰ সহযোগৰ ইংগিত দিবলগীয়া থাকিলে আসৈ পোৱা লোককহে দিব পাৰি। আনপিনে আকৌ চৰকাৰ হ'ল মিহলি মানুহৰ অনুষ্ঠান। অসমীয়া মানুহেৰেই অসম চৰকাৰ গঠিত নহয়। দলৰ আনসকলৰ মত নল'লেও নহয়; নুশুনিলেও নহয়। দল ৰাখিবলৈ গৈ দেশৰ হকটোও অনেক সময়ত কৰা নহয়গৈ এনেকুৱা স্থলত আমাক বাহিৰৰ পৰা একণ সহায় দিলে বাঞ্ছনীয় কামটো কৰিব পাৰো। কিন্তু সেইটিৰ বাবে নিৰ্ভৰ কৰিবলৈ বুজৰ মানুহ হ'ব লাগিব নহয়। নহ'লে চাওকচোন, ভাষা বিধিখনকে আমি বাঞ্ছনীয়ভাৱে শুধৰাব পাৰিলোহেঁতেন জানো ? আপুনি অসম সাহিত্য সভাত থাকিলে দেশৰ হকতো সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি ৰাখিব পাৰো। যি আমনি পাইছে পাওক। কামৰ সময়ত মানুহে আমনি দিয়েই। কামটো ভালদৰে হৈ গ'লে আপোনাৰ নিজৰ সন্তোষ ক'লৈ যাব ?"
১৯৬১ চনৰ লোকগণনাৰ ভাষা বিষয়ক প্রশ্নটোক লৈ নানান খেলিমেলিয়ে দেখা দিছিল। বিশেষকৈ মাতৃভাষা কথাটোৰ অপব্যাখ্যাই এটা অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰে। সেয়ে অসমীয়া ভাষা-ভাষীৰ সংখ্যা কমোৱাৰ আশঙ্কা হৈছিল। যি নহওক, দেউতাৰ কথা বিভাগে স্বীকাৰ কৰে আৰু সংশোধনীপত্ৰ প্ৰকাশ কৰে। একে সময়তে সভাৰ সমুখত আৰু এটা সমস্যাই দেখা দিলে। সেই সময়ত এটা চক্ৰই উত্তৰ পূব সীমান্ত অঞ্চলৰ (NEFA এতিয়াৰ অৰুণাচল) পৰা অসমীয়া ভাষা আঁতৰাবলৈ চেষ্টা কৰিছিল। সীমান্তৰ ছাত্ৰসকল আহি দেউতাৰ ওচৰ পাইছিলহি। ভাৰত চৰকাৰে যদিও ১৯৬০ চনৰ পৰাই অসমীয়া প্ৰৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছিল তাৰ কোনো ব্যবস্থা নলৈছিল। প্রধান সম্পাদক দেউতাই সীমান্তৰ কৰ্তৃপক্ষলৈ কেবাবাৰো লিখা-লিখি কৰাত প্ৰশাসনে অসমীয়া শিক্ষক বিচাৰি সম্ভাৰ অনুৰোধ কৰে। তেওঁলোকে গ্ৰেজুৱেট, এম.এ., এম.এছচি. প্রার্থী লগতে প্ৰাৰ্থীৰ সুদীর্ঘ কাল শিক্ষকতা বা বি.টি. বা প্রশিক্ষণ অর্হতা থকা প্ৰাৰ্থী বিচাৰিলে। কিন্তু এনে ধৰণৰ প্ৰাৰ্থী সীমান্তৰ আওহতীয়া অঞ্চলত কাম কৰিবলৈ যাব কেতিয়াও মাস্তি নহয়। সাহিত্য সভাই পৰামৰ্শ দিছিল যে ভৈয়ামৰ স্কুলসমূহৰ দৰে সীমান্তৰ স্কুলতো প্ৰথমতে প্রশিক্ষণ নোহোৱা প্ৰেজুৱেট প্রার্থীক নিযুক্তি দি আবশ্যকীয় প্ৰশিক্ষণৰ দিহা কৰিব লাগে। কিন্তু সীমান্তৰ প্ৰশাসনে তেনে পৰামৰ্শ ল'বলৈ অস্বীকাৰ কৰিলে । এয়া জানি-শুনি কৰা এটা অপকৌশল ৷ তাৰোপৰি, সীমান্ত অঞ্চলত শিক্ষাৰ মাধ্যম ওপৰৰ শ্ৰেণীবোৰত অসমীয়া হ'ব বুলি সিন্ধান্ত লোৱাৰ পিছতো প্রাথমিক শিক্ষা জনজাতীয় ভাষাৰ মাধ্যমত অসমীয়া লিপিৰ সলনি দেৱনাগৰী লিপিত চলোৱাৰ দৰে যুক্তিহীন সিদ্ধান্তল'লে। ১৯৬১ চনৰ ১৯ মে'ত প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুক সাহিত্য সভাৰ সঁজাতি দলে লগ ধৰে আৰু স্মাৰক পত্ৰৰ যোগে ইয়াৰ প্ৰতিকাৰৰ অৰ্থে টানি। অনুৰোধ কৰে । প্ৰধান মন্ত্রীয়েও আশ্বাস দিয়ে যে কথাটো বিবেচনা কৰি চাব। এই সম্পৰ্কে দেউতাই চৰকাৰ আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কেইবাটাও প্ৰবন্ধ লিখি বাতৰি কাকতত প্ৰকাশ কৰে। সাংস্কৃতিক নীতি সম্পর্কীয় এটা প্ৰবন্ধত ভৈয়াম আৰু সীমান্তৰ স্বাভাবিক ধর্মমূলক সম্পর্ক সীমান্তৰ প্ৰশাসনে ব্যাহত কৰাৰ কথাটো সমালোচনা কৰে। এইবোৰ সমালোচনাই সীমান্ত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁলোকে দেউতালৈ কেইবাখনো চিঠি লিখে। সীমান্তৰ জনজাতীয় পৰিক্ৰমাৰ উপদেষ্টা ডক্টৰ ভেৰিয়াৰ এলউইনে এখন চিঠিত দেউতালৈ এনেদৰে লিখিছিল — "I am very interested in the Gossains and their influence in NEFA and I am anxious to see the links between the NEFA tribes and the Sattras, which I am sorry to say, seen to have broken down on some divisions, restored. Your article on Narottam Raja is most interesting. I entirely agree with you that NEFA and Assam should work together, and indeed this has always been my view."
দেউতাই উত্তৰ-পূব সীমান্ত অঞ্চলৰ শিক্ষা আৰু সাংস্কৃতিক নীতি পর্যালোচনা কৰি 'সীমান্তৰ শিক্ষা আৰু সাংস্কৃতিক নীতি (The Educational and Cultural Policies of the North-East Frontier Agency Administration)' নামে এখন পুথি লিখে। সেইখন অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছিল । পুথিখনত সীমান্ত প্ৰশাসনৰ নীতি আলোচনা কৰাৰ উপৰিও সীমান্তৰ লোকসকলৰ মনত অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ প্ৰতি থকা মধুৰ সম্পৰ্ক আৰু কেইবাগৰাকী অনুসন্ধানকাৰী পণ্ডিতৰ চিন্তাশীল মন্তব্য সন্নিবিষ্ট কৰা হৈছিল। পুথিখনে ভাৰতৰ সাংসদ, সীমান্তৰ নেতৃস্থানীয় লোক আৰু সীমান্ত প্ৰশাসনৰ ওপৰত বেছ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। অসম সাহিত্য সভাই পর্বত-ভৈয়ামৰ মাজৰ সম্প্ৰীতি অটুট ৰাখিবৰ বাবে ১৯৬১ চনৰ পৰা জনজাতীয় লোকসকলক অতিথিৰূপে সন্মিলনবোৰলৈ নিমন্ত্ৰণ কৰিছিল। দেউতা প্ৰধান সম্পাদক থকা কালছোৱাত একোটাকৈ সন্দেশবাহী দল সীমান্তৰ বিভিন্ন অঞ্চললৈ পঠোৱা হৈছিল। সীমান্ত অঞ্চললৈ দেউতা, লীলা গগৈ, হৰিপ্ৰসাদ নেওগ আৰু পৰাগ চলিহা গৈছিল আৰু জনজাতীয় লোকসকলৰ মাজত ঘনিষ্ট সম্বন্ধ স্থাপন । তদুপৰি সভাৰ তৰফৰ পৰা এটা তিনিজনীয়া সঁজাতি দল কাছাৰ আৰু উত্তৰ কাছাৰৰ বিভিন্ন ঠাইত সৌহাৰ্দ্যজ্ঞাপক ভ্ৰমণৰ কাৰণেও পঠোৱা হৈছিল।
দেউতা প্ৰধান সম্পাদকৰ দায়িত্বত থকা সময়ত ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণ অসমৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহবান আৰু তাৰ ফলত দেশত ৰাষ্ট্ৰীয় দুৰ্যোগ আনিছিল। সেই সময়ত জনসাধাৰণৰ মনোবল অটুট ৰখাৰ প্ৰয়াসেৰে সভাই সাহিত্য সৃষ্টিত গুৰুত্ব দিছিল। সভাৰ তৰফৰ পৰা অশান্ত হিমালয় সীমান্তৰ আহ্বান', 'বণ নিনাদ' আৰু 'বণ-ঝংকাৰ' নামে তিনিখন পুথি প্রকাশ কৰি প্ৰচাৰ কৰা হয়। তদুপৰি চীনৰ বিশ্বাসঘাতকতা আৰু অন্যায় আক্রমণক সভাই নিন্দা কৰি পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ সাহিত্যিক-কলাকাৰসকলৰ সংস্কৃতিঘাতী এই অন্যায় আক্ৰমণ বন্ধ কৰাৰ উদ্দেশ্যে পৃথিৱীৰ জনমত গঠন কৰিবলৈ আহ্বান জনায়। এই আবেদনৰ প্ৰতি সঁহাৰিও পাইছিল ।
অসম সাহিত্য সভাৰ এই কালছোৱা অতি সংকটপূর্ণ আৰু ঘটনাবহুল। এই সময়ত সভাই দেউতাৰ সুদক্ষ নেতৃত্ব পাইছিল বুলি সকলোৱে প্ৰশংসা কৰিছিল। বিশেষকৈ ১৯৬০-৬১ চনৰ ভাষা আন্দোলনৰ দৰে সংকটপূর্ণ অৱস্থাত দেউতাই দক্ষতাৰে সভাৰ গুৰি ধৰিলে । সেয়া লক্ষ্য কৰি সেই সময়ৰ সভাপতি অধ্যক্ষ ত্রৈলোক্যনাথ গোস্বামীয়ে এনেদৰে মন্তব্য কৰিছিল — The Sabha passed through a critical time after the language disturbances, but the sober stand taken by him has been appreciated not only by the members of the Executive Committee but also by the people in general."
দেউতা শ্বিলঙলৈ মাজে মাজে যাব লগা হৈছিল সভাৰ কামত। চলিহাদেৱৰ সৈতে বহি একেদিনাই বহুবোৰ কামৰ দিহা কৰিছিল। এবাৰ ১৯৬১ চনত চলিহাদেৱৰ সৈতে এবেলা বহি সভাৰ কাৰণে প্ৰকাশন আৰু সাংস্কৃতিক আঁচনি, জনজাতীয় পুথিৰ বাবে অনুদান, চৰকাৰৰ সৈতে সভাৰ প্ৰকাশন কিনাৰ দিহা শেষ কৰি মুখ্যমন্ত্ৰীৰ অনুমোদন লৈছিল। সেয়াই নহয়, বিশ্ববিদ্যালয় আৰু প্ৰকাশন পৰিষদৰ আঁচনিত মুখ্যমন্ত্ৰীৰ অনুমোদন পাবলৈ সক্ষম হৈছিল। তাৰোপৰি পৰিভাষাৰ কাম চাবৰ বাবে এজন বিষয়া নিয়োগ থিৰাং কৰি আহিছিল। কাছাৰত শিক্ষকৰ প্ৰশিক্ষণ আৰু জনজাতীয় ভাষা : শিক্ষণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল।
দেউতাৰ সম্পাদনা কালৰ সবাতোকৈ মহৎ অৱদান হৈছে গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভবন নির্মাণ। সাহিত্য সভাৰ গুৱাহাটীত এটা কাৰ্যালয়ৰ প্ৰয়োজনীয়তা কেইবা বছৰৰে পৰা উপলব্ধি কৰি অহা হৈছিল। দেউতাই প্রধান সম্পাদকৰ দায়িত্ব লৈয়েই এই কথা চলিহাদেৱক কৈছিল। তেখেতেও ইতিবাচক সঁহাৰি দিয়াত ১৮ মে', ১৯৬১ তাৰিখে অসম সাহিত্য সভাৰ হৈ মাটিৰ দৰ্খাস্ত মুখ্যমন্ত্ৰীক দিয়া হ'ল। মাটিৰ দৰ্খাস্ত চহী কৰিছিল ড' সূর্য কুমাৰ ভূঞা, শ্ৰীযুত নলিনীবালা দেৱী, অধ্যাপক অতুলচন্দ্ৰ হাজৰিকা, শ্ৰীযুত সতীশচন্দ্ৰ কাকতী, নৰেন্দ্ৰনাথ শৰ্মা, দেৱেন শৰ্মা আৰু দেউতাই। ৮ জানুৱাৰী, ১৯৬২ চনৰ দিনাখন অসম সাহিত্য সভাই এটা টেলিফোনৰ সংযোগ পালে। সেইদিনাই নিশা চলিহাদেৱক মাটিৰ কথা মনত পেলাই দিলে। পিছদিনা (১ জানুৱাৰী) চলিহাদেৱৰ পৰা ফোন আহিল অসম সাহিত্য সভাক ঘৰৰ বাবে এটুকুৰা মাটি দিবলৈ কামৰূপৰ উপায়ুক্তক অৰ্ডাৰ দিছে। তাৰ কেইদিনমানৰ পিছত উপায়ুক্তই জনালে যে গুৱাহাটীৰ একেবাৰে কেন্দ্ৰস্থলীত ৰাজ্যিক পুথি ভঁৰালৰ কাষত এটুকুৰা মাটি দিয়া হৈছে। ১০ ফেব্ৰুৱাৰীত সাহিত্য সভাৰ মাটিৰ দখল লোৱা হ'ল। মাটি হ'ল। এতিয়া অৰ্থৰ প্রয়োজন। সম্পূর্ণ ব্যক্তিগত সম্বন্ধৰ যোগেদি দেউতাই শ্ৰীযুত পার্বতীপ্রসাদ বৰুৱাৰ পৰা তেখেতৰ ককাইদেউ ভগৱতীপ্ৰসাদ বৰুৱাৰ স্মৃতিত সাহিত্য সভাক ঘৰ সাজিবলৈ অৰ্থৰ প্ৰতিশ্ৰুতি পালে ১৯৬২ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা তেখেতসকলৰ সোণাৰিৰ বাসভৱনত ।
এই প্ৰতিশ্ৰুতি পোৱাৰ লগে লগে দেউতা দিল্লী পালেগৈ। দেউতাৰ সৈতে ব্যক্তিগত সম্পর্ক থকা ভাৰতৰ সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী অধ্যাপক হুমায়ূন কবিৰক ২৩ মার্চ, ১৯৬২ তাৰিখে লগ পাবলৈ বেছ খৰতকীয়াকৈ তেখেতে ২৪ মার্চ অর্থাৎ পিছদিনাই ভাৰত চৰকাৰৰ পৰা ৫০,০০০.০০ টকা গৃহ নিৰ্মাণৰ বাবে মঞ্জুৰ কৰে। প্ৰথমতে ২৮,৬০০.০০ টকা দিয়া হ'ব। ২৫,০০০.০০ টকাৰ কাম কৰি একেলগে টকাটো নিব লাগিব। ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিভাগত। অসমীয়া অন্তৰ্ভুক্ত কৰিবলৈ এটা দাবী কৰা হৈছিল সভাৰ পৰা। ২১ এপ্ৰিলত (১৯৬২) বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ আয়াৰে দেউতাক জনালে যে অসমীয়াৰ Lecturer লোৱাটো Academic Councila গ্ৰহণ কৰিছে। এই কামটোতো অধ্যাপক হুমায়ুন কবিৰে সহায় কৰিছিলে। যি হওক ভৱন নিৰ্মাণৰ দায়িত্ব দিয়া হ'ল গুৱাহাটীৰ Blue Hills Construction নামেৰে এটা কোম্পানীক। ৭ এপ্রিল, ১৯৬৩ তাৰিখে অসমৰ ৰাজ্যপাল বিষ্ণু সহায়ে ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ লাইখুঁটাৰ তলৰ শিলটি থাপনা কৰে । দেউতাৰ অনুৰোধত ভৱন প্ৰতিষ্ঠাৰ মন্ত্ৰটি বিশ্ববিশ্রুত ভাষাবিদ ভাৰতৰ জাতীয় অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ে লেখি দিছিল। প্রথম শ্লোকটি দ্বাদশ শতিকাৰ কৰ্ণাটকী বৈয়াকৰণ নাগ বৰ্মাৰ ৰচিত আৰু বাকী দুটি অধ্যাপক চট্টোপাধ্যায়ৰ নিজৰ ৰচনা। প্রায় ডেৰ বছৰৰ ভিতৰতে গুৱাহাটীৰ সেই সময়ৰ জাকতজিলিকা বৃহৎ ভৱনটোৰ নিৰ্মাণ কার্য সম্পন্ন হয়। এই গৃহনির্মাণৰ সময়ত দেউতাই যিদৰে দেহেচিতে লাগিছিল সেয়া নেদেখাজনে অনুভৱ কৰিব নোৱাৰে। সেই সময়ত এখন নিজৰ বাহন নথকাত বৈজয়ন্তীৰ পৰা পুৱা ৫-৩০ বজাত নিৰ্মাণৰ কাম চাবলৈ বাছত বা বিক্ষাত যাব লাগে । তাৰ পৰা ঘৰলৈ আহি ৯-৩০ বজাত ভাত-পানী খাই দীঘলীপুখুৰীৰ পৰা বিশ্ববিদ্যালয়ৰ বাছত উঠি জালুকবাৰী পায়গৈ। তাৰ মাজতে কিমান যে কাম। আনফালে ১৯৬৫ চনৰ জানুৱাৰী মাহত All India Oriental Conferance অর্থাৎ প্রাচ্যবিদ্যা সম্মিলনখন গুৱাহাটীত পতাৰ দায়িত্বও ল'লে। অৱশ্যে কোনো চিন্তা নকৰি সুস্থিৰে সকলোবোৰ কাম সতর্কতাৰে কৰি গৈছিল। আমিও দেউতাক কোনো ঘৰুৱা কামতে আমনি নকৰিছিলো। ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ কামত বিশেষভাৱে লাগি থকাটো বহুতেই ভাল নাপাইছিল। সেইবাবে সভাৰ শুভাকাংক্ষীসকলে দেউতাই প্রধান সম্পাদকৰ দায়িত্ব এৰি দিলে ভৱনটো সম্পূৰ্ণ হোৱাত অসুবিধা হ'ব বুলি ভাবি ১৯৬৩ চনত দেউতাক আৰু দুটা বছৰ সম্পাদকৰ দায়িত্বত থাকিবলৈ অনুৰোধৰ দাবী কৰিলে। সেইমতে নাজিৰাত অনুষ্ঠিত ত্ৰিংশ সন্মিলনত দেউতাই আৰু দুটা বছৰলৈ প্ৰধান সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে। ১৯৬৩ চনত ব্ৰহ্মপুত্ৰৰ ওপৰত সজা দলংখনৰ নাম শৰাইঘাট দলং বুলি ৰাখিব লাগে বুলি কৰা সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰধানমন্ত্রী নেহৰুৱে শৰাইঘাট যুদ্ধৰ কথা স্মৰণ কৰি ৭ জুনৰ দিনা এই দলং উদ্ঘাটন কৰে। দেউতা প্রধান সম্পাদক থাকোতে হোৱা সন্মিলন চাৰিওখন বিশেষভাৱে স্মৰণীয় ।
যি হওক, ১৯৬৫ চনত অৰ্থাৎ প্ৰধান সম্পাদকৰ চতুৰ্থ বছৰটোত ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ নিৰ্মাণৰ কাম শেষ হয়। ২ জানুৱাৰী, ১৯৬৫ চনত গুৱাহাটীত অলি ভাৰতীয় প্ৰাচ্যবিদ্যা সম্মিলন হৈছিল। দেউতাই ইয়াৰ সুযোগটো ল'লে আৰু সন্মিলনৰ সভাপতি অধ্যাপক ডক্টৰ বাসুদেৱ শৰণ আগ্ৰৱালে সমস্ত ভাৰত, শ্রীলংকা, নেপালৰ পণ্ডিতসকলৰ সমাৱেশত ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ দুৱাৰ মুকলি কৰে। তেখেতে স্বৰচিত দুটা শ্লোকো উচ্চাৰণ কৰে। দেউতাই কৈছিল—“ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ বেৰে-খোৰে মোৰ দহোটা আঙুলিৰ সাঁচ ক'ৰবাত লাগি আছে যেন লাগে। ঘৰটো সাজোতে পোৱা প্ৰতিবন্ধক আৰু নিন্দাই ঘৰটোৰ লগত মোৰ আত্মীয়তা বৃদ্ধি কৰিছে আৰু এতিয়াও তাৰ প্ৰতি আনসকল নিকৰণ হ'লে মোৰ মঙহত লগা যেনেই লাগে।” ভৱন সম্পূৰ্ণ হ'ল আৰু দেউতাও ১১ ফেব্ৰুৱাৰী, ১৯৬৫ চনৰ দিনা সকলোবোৰ নথিপত্ৰৰে দায়িত্ব নতুন প্রধান সম্পাদকক চমজাই দিলে। পিছে Blue Hills Construction অক ছহেজাৰ টকা দিবলৈ থাকিল । নতুন সম্পাদকে যাতে আমনি নাপায় তালৈ লক্ষ্য ৰাখি সেই সময়ৰ কেন্দ্ৰীয় শিক্ষামন্ত্রী এম.চি. চাগলাক বর্ধিত অনুদানৰ বাবে যোগাযোগ কৰাত তেওঁ ক'লে যে, এই আঁচনিৰ বাবে নিৰূপিত অনুদানৰ ওপৰত আৰু টকা দিব নোৱাৰি। দেউতাই আকৌ লিখিলে যে এই আঁচনিত চৰকাৰৰ পৰা টকা লৈ ঘৰ সাজি Utilisation Certificate দিয়া সমস্ত ভাৰতৰ একমাত্ৰ অনুষ্ঠান হিচাপে সাহিত্য সভাই বিশেষ বিচাৰ পাব লাগে । চাগলা চাহাবে দেউতাৰ কলমৰ জোৰত ৩০০০.০০ টকা দিলে। ২৬ জুন, ১৯৬৫ তাৰিখে বাকী তিনি হাজৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা ঘৰটো আংশিকভাৱে ভাৰা দি আগধন হিচাপে পালে আৰু ভৱন নিৰ্মাণ কৰা কোম্পানীক পাব লগা টকাখিনি দিলে।
দেউতা প্রধান সম্পাদক থকা কালত অনা-অসমীয়া লোকে ঘৰতে পঢ়ি অসমীয়া ভাষা জ্ঞানৰ নিদর্শনস্বরূপে প্রমাণ পত্ৰ পোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেইসকলৰ সহায়ৰ বাবে অধ্যাপক ডক্টৰ মুকুন্দ মাধৱ শৰ্মাৰ Assamese For All নামৰ পুথিখন প্ৰকাশ কৰা হয়। পিছলৈ পুথিখন হিন্দী, খাছী আৰু গাৰো ভাষালৈ অনুবাদ কৰি সভাই প্ৰকাশ কৰে । অধ্যাপক ড° নগেন শইকীয়াই কোৱাৰ দৰে “ড” নেওগে সাহিত্য সভাৰ প্ৰকাশন আঁচনিত নতুন মাত্রা দান কৰি ভৱিষ্যতলৈও ৰাখি গ'ল এটা বিদ্যায়তনিক আৰ্হি। কেৱল এয়ে নহয়, ড° নেওগে সাহিত্য সভাৰ জনপ্ৰিয়তাৰ বিপুল চৰিত্ৰটোৰ হানি নকৰাকৈ ইয়াৰ বিদ্যায়তনিক ভেটিতো সুদৃঢ় কৰি তোলাৰ বাবে লোৱা ভূমিকাও স্বৰ্গীয় হৈ থাকিব। তদুপৰি তেওঁ সাহিত্য সভাৰ হিচাপ পৰ ৰখা পৰা ব্যৱহাৰিক সকলো দিশৰ সংৰক্ষণ কৰাৰ বিজ্ঞানসম্মত পদ্ধতিৰ আৰম্ভণি ঘটায়।”
দেউতা তিনিবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি (১৯৬৬-৬৭, ১৯৬৮, ১৯৭২) পদ অলংকৃত কৰিছিল। ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত যি প্ৰথম চৰকাৰী কলা বীথিকা স্থাপন কৰা হৈছিল তাৰ অন্তৰালত দেউতাৰ চেষ্টাই প্রধান। অসমৰ চিত্ৰকলাক বিশেষ উদগনি অসম চৰকাৰক দেউতাই দিছিল সভাৰ হৈ। তেখেত ভগৱতীপ্রসাদ বৰুৱা ভৱন সংৰক্ষণ সমিতিৰ সভাপতি আছিল। ১৯৮৯ চনত মহিম বৰা সভাপতি থাকোতে সমিতিয়ে দিয়া টকাৰে ভৱনটো ৰং দি সুন্দৰ কৰা হৈছিল।
১৯৬৭ চনত সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবার্ষিকী উৎসৱ উদ্যাপন কৰে। অসমৰ লগতে কলিকতা, সম্বলপুৰ, নতুন দিল্লীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই উৎসৱবোৰত দেউতাই গুরুদায়িত্ব গ্রহণ কৰিছিল। এই উৎসৱ উপলক্ষে হাতত লোৱা আঁচনিসমূহৰ ভিতৰত বেজবৰুৱাৰ দিনলেখা, পত্রলেখা, চিত্রলেখা আৰু বৰোদা বক্তৃতাৱলী (The Religion of Love and Devotion) সম্পাদনাৰ ভাৰ দেউতাৰ ওপৰত পৰিছিল আৰু ১৯৬৮-৬৯ চনৰ ভিতৰত সুন্দৰকৈ প্ৰকাশ পাইছিল। কিয়নো সাহিত্য সভাৰ কামৰ গুৰুভাৰ দেউতাৰ বাবে ধ্যানৰ বস্তু হৈ পৰিছিল। বেজবৰুৱা শতবার্ষিকী উৎসৱৰ সামৰণি উৎসৱো গুৱাহাটীত সুন্দৰভাৱে পতা হৈছিল। সভাই এই সময়তে ভাৰতৰ ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনক অসম ভ্ৰমণৰ সময়ত তেখেতক শুভকামনা জ্ঞাপন কৰে। ১৯৭২ চনত ধুবুৰী অধিবেশনত তেখেতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিছিল। ১৯৭৩ চনত ৰায়বাহাদুৰ কনকলাল বৰুৱা জন্মশতবার্ষিকী সমাৰোহৰ আদৰণি সমিতিৰ আৰু
মুকলি সভাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। উদ্যাপন সমিতিৰ উদ্যোগত ৮ জানুৱাৰী, ১৯৭৪ তাৰিখে বুৰঞ্জীবিদগৰাকীৰ বাসগৃহৰ আগফালে তেখেতৰ এটা আবক্ষ মূৰ্তি স্থাপন কৰি ৰাজ্যপাল লালন প্ৰসাদ সিংহৰ হতুৱাই উম্মোচন কৰা হৈছিল। তাৰ আগত বুৰঞ্জীবিদ বৰুৱাৰ লেখা প্রবন্ধ সংকলন এটা Studies in the Early History of Assam নাম দি দেউতাই সম্পাদনা কৰি প্ৰকাশ কৰে।
১৯৭৩ চনত প্ৰথমবাৰৰ বাবে সভাই আয়োজন কৰা লেখক শিবিৰৰ তেখেত সঞ্চালক আছিল। এই শিবিৰত যুদ্ধোত্তৰ অসমীয়া সাহিত্যৰ পৰ্যবেক্ষণৰ কাম কৰা হৈছিল। ১৯৭৪ আৰু ১৯৭৬ চনৰ লেখক শিবিৰৰো দেউতা সঞ্চালক আছিল। এই লেখক শিবিৰ ড° নগেন শইকীয়াৰ উদ্যোগত হৈছিল।
১৯৭৪ চনত মঙ্গলদৈত হ'বলগীয়া একোত্তৰচত্বাবিংশ সন্মিলনৰ বাবে দেউতা সভাপতি নির্বাচিত হয় । দেউতাই সন্মিলনত প্ৰদান কৰিবলৈ ৭৭ পৃষ্ঠাৰ এখন অভিভাষণ লেখি উলিয়ায়। এইখন অসমীয়া ভাষা-সংস্কৃতি আৰু আমাৰ জাতীয় জীৱনৰ এক বহুমূলীয়া সম্পদ হিচাপে পৰিগণিত হৈছে। অভিভাষণখনৰ এক ইংৰাজী ৰূপান্তৰ কৰা হৈছিল। সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে দেউতাই শাখা সভাৰ সদস্য আৰু প্ৰতিনিধিবৰ্গলৈ এখন পত্ৰত সভাক এক নিপুণ সাহিত্যানুষ্ঠানলৈ সলনি কৰিবলৈ আহ্বান কৰিছিল—“মোৰ এটি মাত্র মিনতি—অসম সাহিত্য সভাক আপোনালোক বিকৰুৱা নকৰিব। এই অনুষ্ঠানক অসম কৰি ৰাখক, সাহিত্য সভা কৰি ৰাখক। তেতিয়াহ'লেহে এই প্রতিষ্ঠানে নিজৰ ওপৰত ন্যস্ত দায়িত্ব পালন কৰি দেশৰ প্ৰয়োজন সাধিব পাৰিব।”
দেউতাৰ ৭৭ পৃষ্ঠাৰ অভিভাষণখনত ১৮টা অতি গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰিছে। তেখেতে কৈছিল—“সাহিত্য সভাৰ আজি চৰম ভূমিকা হ'ব সকলো সাহিত্যিক আৰু সাহিত্যসেৱীক লৈ নিজে সুসংগঠিত হৈ নিজে এক সৎ সাহিত্য সৃষ্টি কৰা আৰু তেনে সাহিত্য সৃষ্টিত বাস্তৱ অনুপ্ৰেৰণা যোগোৱা ভাৰতৰ সাহিত্যিক জগতখনত নিজৰ অস্তিত্ব অনুভৱ কৰোৱা আৰু নিজকে প্ৰতিষ্ঠা কৰাও অৱশ্য কর্তব্য হৈ পৰিছে।” তেখেতৰ অভিভাষণত এক ভৱিষ্যতদৰ্শী চিন্তাৰ দিশ মুকলি কৰি তেখেতে কৈছিল—“সাহিত্য সভাৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ – যিসকল সৃষ্টিশীল সাহিত্যিকে অসমীয়া সাহিত্যৰ জীৱন্ত বুৰঞ্জী নিৰ্মাণ কৰিব লাগিছে, সেইসকলক সভাৰ গঠনৰ মাজলৈ টানি আনি লোৱা নাই, গতিকে অসম সাহিত্য সভা নামটোৱেই অসাৰ্থক হৈছে। কেতিয়াবা কাচিৎ সিসকলক আলহী মাতি অনাটো সুকীয়া কথা, কিন্তু সাহিত্য সভাৰ বুৰঞ্জী সদায় তেনে নাছিল। অন্ততঃ যুদ্ধৰ আগলৈকে সাহিত্য সভাৰ মাজ-মজিয়াত আছিল সাহিত্যিকসকল আৰু তেওঁলোকক আৱৰি ধৰিছিল। সাহিত্যপ্ৰেমীসকলে। এতিয়া কিন্তু বহির্ভূতটোরে অন্তন্তক দূতৰাষ্ট্ৰই লৌহ-ভীমক সাৱটি ধৰাৰ দৰে সাৱটি ধৰিছে।” তেখেতে এনে শক্তিক প্রশ্রয় নিদিবলৈ মিনতি কৰিছে।
দেউতাৰ ভাষণৰ কথা উল্লেখ কৰি জনমভূমিৰ সম্পাদকীয়ত কৈছে—“অসম সহিত্য সভাৰ মঙ্গলদৈ অধিৱেশনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু অধ্যাপক ড° মহেশ্বৰ নেওগে দিয়া তথ্যসমৃদ্ধ ভাষণ এক ঐতিহাসিক ভাষণৰূপে পৰিগণিত হ'ব পাৰে। ইয়াৰ কাৰণ এয়ে নহয় যে ভাষণত তেওঁ বিভিন্ন ফকৰা-যোজনা ব্যৱহাৰ কৰিছে বা তেওঁৰ বাক্য বিন্যাস শক্তিশালী অথবা তেওঁৰ পাণ্ডিত্য তাত প্ৰকাশ পাইছে। কাৰণ হ'ল অসম, অসমীয়া ৰাইজ আৰু অসমীয়া ভাষা সাহিত্যৰ সাম্প্রতিক বিভিন্ন সমস্যা সম্পৰ্কত তেওঁৰ সুচিন্তিত গঠনমূলক পোনপটীয়া আৰু দূৰদৰ্শী মস্তবা। এনেবোৰ মন্তব্যৰ দ্বাৰা তেওঁ বহুতো মহলৰ অপ্ৰিয় হ'ব পাৰে কিন্তু অসম আৰু অসমীয়া ভাষা-সাহিত্যৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত তেওঁ বিশেষকৈ অসমৰ সংহতি, অসম সাহিত্য সভাৰ দায়িত্ব আদি বিষয়ত দিয়া মন্তব্য অভিনন্দনযোগ্য।” নতুন অসমীয়াৰ সম্পাদকীয়ই উল্লেখ কৰিছে “এইবিলাক কথাৰ পৰা সংশ্লিষ্ট সকলোজন তথা অসমীয়া আৰু অসমবাসী উপকৃত হ'ব বুলি আমি আশা কৰো। সাহিত্য সভাই কি কৰা উচিত, সেই বিষয়ে কৰা আলোচনা প্রসঙ্গত ড° নেওগে তেওঁ সাহিত্য সভাৰ প্ৰধান সম্পাদক থকা কালত সভাই কেনেকৈ তেনে কিছু কাম কৰিছিল, সেই বিষয়ে উল্লেখ কৰিছে আৰু সেইখিনি যে মূল্যবান কাম হৈছিল, সেই কথা কোনেও নুই কৰিব নোৱাৰে। এতিয়া ড° নেওগৰ সভাপতিত্বত এই সভাই অধিকতৰ তেনে কাৰ্য কৰি আমাৰ ভাষা সাহিত্যৰ সৌস্তভ বৃদ্ধি কৰিব বুলি আমি আশা কৰো।” দৈনিক অসমৰ সম্পাদকীয়ত লিখিছে— “সাহিত্য সভাই ইয়াৰ নতুন সভাপতিৰ নেতৃত্বত উচিত কৰ্মপন্থাৰে কাম কৰি গৈ সেইসকলক কথাটো উপলব্ধি কৰাওক। অৱশ্যে সাহিত্য সভাৰ সেইটোৱেই অঞ্চল কাম নহয়। সভ্যসকলৰ পৰামৰ্শ আৰু বাতৰি কাকতত দাঙি ধৰা বিষয়সমূহৰ পৰা কৰ্মপন্থাৰ নিৰ্দেশ নিশ্চয় ওলাব। নতুন কার্যনির্বাহকে সেইবিলাক হাতত ল'ব । কিন্তু সভাপতিৰ ভাষণতো বহল দৃষ্টিৰে কিছু কামৰ ইংগিত আছে। সেইবিলাকৰ কাৰ্যকৰীকৰণৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো। বিশেষকৈ সমাজবাদী চিন্তা আৰু বিশ্বসাহিত্যৰ সৈতে আমাৰ সম্পৰ্ক প্ৰতিষ্ঠা এই দিশলৈ যদি সভ্যসকলৰ মনোযোগ আকৰ্ষিত হৈ যায় তেন্তে সমগ্ৰ জাতিৰে এটা ডাঙৰ কাম হ'ব।” দেউতাৰ ভাষণত অসমৰ অৰ্থনৈতিক সমস্যাৰ কথা উল্লেখ কৰি জনমভূমিয়ে আকৌ লিখিছে— “ৰাজ্যখনৰ অৰ্থনৈতিক সমস্যাত সাহিত্যিকৰ কৰ্তব্য সম্পর্কে ড° নেওগে দিয়া মন্তব্যত বহুতে উগ্ৰপন্থীৰ গোন্ধ পাব পাৰে। কিন্তু অসমতে অসমীয়া ৰাইজ বিদেশী হ'বলগীয়া কথা সম্পূর্ণ সত্য। 'আমাৰ ৰাজনৈতিক স্বাধীনতাক সাৰ্থক কৰিবলৈ হ'লে অর্থনৈতিক স্বপোষণ ক্ষমতা লাগিব বুলি সভাপতিজনে কৰা মন্তব্য কোনোবা ৰাজনীতিবিদৰ মন্তব্য যেন লাগিলেও তেওঁৰ বিশ্লেষণ বিবদমান নহয়। অসমৰ অৰ্থনৈতিক জীৱন নিটোল কৰাত সাহিত্যিকসকলৰ ভূমিকা যে বৰ্তমানতকৈ উন্নত হোৱা প্ৰয়োজন তাক নক'লেও হ'ব। এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাক ড° নেওগে কৰা সমালোচনা ৰাজ্যখনৰ সচেতন ৰাইজৰ মনৰ প্ৰতিফলন।” মোৰ মনত আছে সন্মিলনৰ পিছতেই দুজনমান বড়ো ছাত্ৰ দেউতাক লগ পাবলৈ দেউতাৰ বিশ্ববিদ্যালয়ৰ ঘৰলৈ আহি দেউতাক কৈছিল—“আমাৰ কথা সাহিত্য সভাৰ সভাপতিৰ ভাষণত আপুনিয়েই প্রথম কৈছে।” দেউতাই কৈছিল যে উদয়াচলৰ বড়োসকলেই যদি অসমীয়া নহয়, অসমীয়া কোন?
১৯৭৬ চনত দেউতাই বেজবৰুৱাৰ দিনলেখাৰ দ্বিতীয় খণ্ডটো সম্পাদনা কৰে আৰু সভাই প্ৰকাশ কৰে। তেখেতে তিতাবৰত অনুষ্ঠিত হোৱা সভাৰ অধিবেশনত উপস্থিত আছিল। ১৯৭৭ চনত দেউতাই অসম সাহিত্য সভাৰ হৈ আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫৩ চনত অসমৰ প্ৰশাসন সম্পর্কে বিচাৰ কৰিবলৈ মফাট মিলছ আহোতে দিয়া এখন আবেদন পত্র- Observation on the Administration of the province of Assam A Few Remarks on the Assamese Language and on Vernacular Education of Assam (1855) একত্ৰ কৰি Anandaram Dhekiyal Phukan : Plea for Assam and Assamese নামেৰে এখন গৱেষণামূলক গ্রন্থ ৰচনা কৰে। এইখন গ্ৰন্থত অসমীয়া জাতি আৰু অসমীয়া সাহিত্যলৈ ফুকনৰ বৰঙণিৰ কথা বিজ্ঞানসম্মতভাৱে প্রকাশ পাইছে।
১৯৭৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত আয়োজন কৰা সভাৰ হীরক জয়ন্তী স্মাৰক বক্তৃতাটো প্ৰদান কৰিছিল দেউতাই। স্মাৰক বক্তৃতাৰ বিষয় আছিল সাহিত্য সমালোচনাৰ সমালোচনা। যোৰহাটত হোৱা বক্তৃতা অনুষ্ঠানৰ সৈতে এখন আলোচনা সত্ৰৰ আয়োজন কৰা হৈছিল — পূব ভাৰতৰ সাংস্কৃতিক ঐতিহ্য। আলোচনা সত্ৰখন মুকলি কৰিব আহিছিল মৈথেলী সাহিত্যৰ বুৰঞ্জী লেখক এলাহাবাদ বিশ্ববিদ্যালয়ৰ ড° জয়কান্ত মিশ্ৰদেৱে। দেউতাই কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা শ্ৰীহস্তমুক্তাৱলীৰ এটা দেৱনাগৰী লিপিৰ সংস্কৰণ প্ৰকাশৰ বাবে অনুদান লাভ কৰিছিল। এই সংস্কৰণটো ১৯৮০ চনত সভাৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। ইতিমধ্যে দেউতাই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় এৰি ১ মাৰ্চৰ পৰা পাটিয়ালাত পাঞ্জাবী বিশ্ববিদ্যালয়ত নিযুক্তি পালে শঙ্কৰদেৱৰ নামত খোলা চেয়াৰৰ অধ্যাপক সঞ্চালক হ'বলৈ।
এই পাঁচোটা বছৰ অসমৰ পৰা বাহিৰত থকাত অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসমৰ এক বিস্তৰ খতি হৈছিল। ইয়াৰ ভৱিষ্যতবাণী দেউতাক দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াই। তাৰোপৰি পাঞ্জাৱৰ বতৰ দেউতাৰ স্বাস্থ্যৰ বাবে অনুকূল নাছিল। ৰক্তচাপ বৃদ্ধি আৰু বহুমূত্ৰই খুবেই আমনি কৰিছিল। কিন্তু আমাৰ অনুৰোধো দেউতাই প্রত্যাখ্যান কৰিছিল আৰু কৈছিল যে এই দায়িত্ব শেষ কৰিবলৈ তেখেত সকলো ফালৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ। সি যি নহওক, পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা দিয়া দায়িত্ব সার্থকতাৰে পালন কৰি পাঁচ বছৰৰ পিছত অসমলৈ ১৯৮৩ চনত ওভটি আছে। সেই সময়ত ৰচনা কৰা তেখেতৰ বৃহৎ গ্রন্থ The Bhakti-Ratnakara of Sankaradeva and History of the Concept of Bhakti তেখেতে ভাৰতীয় ভক্তি আন্দোলনৰ পটভূমিত অসমৰ ভক্তি-ধৰ্ম আৰু দৰ্শনৰ বহল আলোচনা কৰিছে।
১৯৮২ চনৰ ১৭, ১৮ ডিচেম্বৰত দেউতা ৰামেশ্বৰ বৰুৱা সোঁৱৰণী বক্তৃতা প্ৰদান কৰিবলৈ অসমলৈ আহে। এই বক্তৃতামালাত অসমৰ গুৰুচৰিত্ৰসমূহক সৰ্বভাৰতীয় পটভূমিত ৰাখি তেখেতে কৰা এক সমীক্ষাত্মক অধ্যয়নে অনেক প্রশ্নৰ উত্তৰ দিয়াৰ উপৰিও অধিক অধ্যয়নৰ বাট মুকলি কৰি দিছে। দেউতাক প্ৰেৰণা যোগাইছিল তেওঁৰ আদিগুরুতুল্য শিক্ষাগুরু শ্ৰীশ্ৰীমিত্ৰদেৱ মহন্ত অধিকাৰৰ উপস্থিতিয়ে।
১৯৮৩ চনৰ নৱেম্বৰ মাহৰ ৮ আৰু ৯ তাৰিখে অসম সাহিত্য সভাৰ সহযোগত শিৱসাগৰত আধুনিক অসমীয়া ভাষাৰ অন্যতম প্ৰতিষ্ঠাপক ডক্টৰ মাইলছ ব্ৰন্সনৰ জন্ম শতবার্ষিকী পালন কৰা হয়। এই উৎসৱত দেউতাই ড° মাইলছ ব্ৰন্সনলৈ কৃতজ্ঞতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ 'ব্ৰন্সন প্ৰশস্তি' শিতানৰ বক্তৃতাটো প্ৰদান কৰে। ১৯৮৬ চনত কামপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশন মুকলি কৰি তেখেতে এটি ভাষণ।
দিছিল সাংস্কৃতিক অস্তিত্ব ৰক্ষণাবেক্ষণ' শীর্ষকৰে। তেখেতে সভাখন সম্বোধন কৰি কৈছিল, “অসম সাহিত্য সভাৰ দ্বিপঞ্চাছতম বার্ষিক সম্মিলন উপলক্ষে এই কামপুৰতে সমবেত আপোনালোকক অভিবাদন। সভাৰ এক প্ৰাক্তন সভাপতিৰূপে এই মহৎ অনুষ্ঠানৰ সভ্য তালিকাত ('ভোগতেসে ক্ষয়' হোৱা প্ৰাক্তন বা প্রবন্ধ কৰ্মৰ লেখীয়াকৈ মোৰ নামটো ওলমি থাকিব পায় । আৰু সেই গতিকেহে এই বিৰাট আয়োজনলৈ মোলৈ আপোনালোকৰ ডাক পৰিল । আৰু সেই বুলিহে আপোনালোকৰ ইন্দ্ৰ সভাত এই ফেঁচাৰ কুৰুলি।”
১৯৮৮ চনত অধ্যাপক হেম্বকান্ত বৰপূজাৰী ন্যাস পৰিষদে অসম সাহিত্য সভাক দান কৰা চন্দ্ৰকান্ত বৰপূজাৰী স্মাৰক বক্তৃতা পুঁজি'ৰ ভিত্তিত সভাই আয়োজন কৰা এই শিতানৰ প্ৰথম লানি বক্তৃতা প্ৰদান কৰে দেউতাই। তেখেতৰ বক্তৃতাৰ বিষয় আছিল 'অসমৰ ধৰ্মৰ বুৰঞ্জী : আন্ধাৰ আৰু পোহৰ’। এই বক্তৃতাই মধ্যযুগৰ অসমৰ সাংস্কৃতিক জীৱন সম্পৰ্কে অধ্যয়ন কৰিবলৈ অনুসন্ধিৎসুসকলক নতুন পোহৰ দেখুৱাইছে বুলি ভবা হয়। এই বক্তৃতা অনুষ্ঠানটি ২৩ আৰু ২৭ ছেপ্টেম্বৰ, ১৯৮৮ তাৰিখত যোৰহাটত সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত হৈছিল।
১৯৮৮ চনৰ ১ অক্টোবৰত অসম সাহিত্য সভাই অসমীয়া সাহিত্যৰ বৌদ্ধিক-সাংস্কৃতিক জগতৰ 'অলিখিত সর্বাধিনায়ক' বুলি বিবেচনা কৰি দেউতাক সভাৰ সৰ্বোচ্চ সম্মান সদস্য মহীয়ান উপাধি প্ৰদান কৰে। পূৰ্বতে প্রাচ্যতত্ত্বৰ চৰ্চা আৰু গৱেষণাত মৌলিক আৰু একক বৰঙণি আগবঢ়োৱাৰ বাবে সভাই জগৎ বিখ্যাত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱক এই উপাধি প্ৰদান কৰিছিল। সদস্য মহীয়ান উপাধি প্রদান সমাৰোহ যাতে সম্পূর্ণরূপে বিদ্যায়তনিক পৰ্যায়ৰ হয় তাৰ বাবে দেউতাই প্রধান সম্পাদকক অনুৰোধ কৰিছিল।
এই উপাধি প্রদান উপলক্ষে আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ তৰফৰ পৰা কোৱা হয়—“বৰ্তমানৰ অসমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় প্ৰশ্নৰ শেষ উত্তৰ বিচাৰি যাৰ ওচৰ চাপিব লাগে, যাৰ নিৰলস সাধনাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিচাৰৰ বিজ্ঞানসন্মত পথৰ সন্ধান দিছে, সেইগৰাকী পণ্ডিত অধ্যাপক মহেশ্বৰ নেওগ ডাঙৰীয়া জীৱনৰ অষ্টম দশকত ভৰি দিও তেখেতৰ প্রিয় বিষয়ৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণাকৰ্মত সমানেই অনুক্ত, উদ্যোগী আৰু সক্ৰিয়। এক বস্তুনিষ্ঠ আৰু ঐতিহাসিক দৃষ্টিভংগীৰ অধিকাৰী অধ্যাপক নেওগৰ বিচৰণৰ ক্ষেত্ৰ ভাষাতত্ত্বৰ পৰা নৃতত্ত্বলৈ আৰু নন্দনতত্ত্বৰ পৰা সমাজতত্ত্বলৈ বিস্তৃত। ড° নেওগৰ চৰ্চা আৰু অধ্যয়নৰ ঘাই বৈশিষ্ট্য হ'ল তেওঁৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰয়োগ কুশলতা। সবাতোকৈ উল্লেখযোগ্য কথা হ'ল যে তেওঁৰ জীৱনজোৰা এই সাৰস্বত সাধনাৰ সকলো দিশ অসম, অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতি আৰু অসমীয়া মানুহৰ লগত জড়িত। দৰাচলতে ড° নেওগৰ এই অধ্যয়নে অসমতত্ত্ব অধ্যয়নৰ এটা বিশেষ শাখাৰ পথ মুকলি কৰিছে আৰু প্ৰাচ্যতত্ত্ব অধ্যয়নকো এক নতুন আয়তন দান কৰিছে।” উপাধি-পত্ৰ গ্ৰহণৰ পিছত তোখেতে এই পদৰ বাবে যোগ্যতা সম্বন্ধে প্ৰশ্নৰ অৱতাৰণা কৰি সাদৰ সমিধানত কৈছিল—“যত সর্বজনমান্য অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ হেন সংস্কৃত বিদ্যাৰ জগত জিনা পাণ্ডিত্যৰ লোকক আপোনালোকে এদিন পাইছিল, সেই সিংহাসনত এই অপণ্ডিতক বহি ৰং দেখুৱাবলৈ যে দিছে, মইনো আপোনালোকক কি দায় জগৰ লগালোঁ? 'অৱশ্যে ই আপোনালোকৰ 'উত্তমোত্তম' একান্ত গুণগ্রাহিতাৰে নিদৰ্শন হ'ব পাৰে যে খুদ-মগনিয়াৰ ভিক্ষাৰ কোটোৰাটোত কৰ্কটি মাৰি একাই লাগি থকা হুদটোৰ লেখীয়া এই নিঃকিমৰ অৱগুণকে বিস্তাৰ কৰিবলৈ মাথোন আপোনালোকে প্রয়াস পাইছে। তাৰ বাবে মোৰ অশেষ বিশেষ ধন্যবাদৰ জোখ ল'বলৈ মই আমাৰ বকুল কায়স্থকে মাতিম নে শুভৰ কায়স্থকে মাতো ? নে আমাৰ দেশত আগত্মক কম্পিউটাৰ ক্লাবৰ সৌজনালৈকে বাট চাম?” অসমৰ পাণ্ডিত্যৰ জগতখনলৈ দৃষ্টি নিক্ষেপ কৰি তেখেতে কয়—“বিশ্ববিদ্যালয়ৰ চাপৰাছ কৰা পণ্ডিতৰ সংখ্যা বৃদ্ধি হৈছে। কিন্তু সেই সংখ্যা অতবোৰ ডক্টৰ কাকতিৰ সংখ্যা হ'লনে? আজি গবেষণা বা অনুসন্ধানো এটা পাঠ্য বিষয় হৈছে, আজিৰ পণ্ডিতে গৱেষণাৰ মেথডলজি কিতাপ আওৰাই শিকে। কিন্তু তেওঁলোকে যি গৱেষণাৰ পুঁথিপত্র লেখে, তাত মেথড বা মেথডলজিক'ত? পাণ্ডিত্যতো দূৰৰ কথা।” শেষত তেখেতে কৈছিল, “আমাৰ ৰাজ্যত ভাৰততত্ত্বৰ অধ্যয়ন সাৰ্থক হ'বলৈ ইংৰাজী আৰু সংস্কৃত ভাষাৰ গভীৰ অধ্যয়নৰ ব্যৱস্থা হ'ব লাগিব।"
শৰীৰৰ অৱস্থা বেয়া আছিল যদিও অসম সাহিত্য সভাৰ হৈ ১৯৯২ চনৰ জুন মাহত তেখেতে আৱৰ্ত ভ্ৰমণত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ নৰসিংহ ৰাওক দেখা কৰিবলৈ গৈছিল। তাৰ পিছত ১৯৯৬ চনৰ ৯ জানুৱাৰীৰ দিনা সভাৰ সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানলৈও তেখেত গৈছিল। তেখেতে ভাষণত শঙ্কৰদেৱে স্থাপন কৰা সত্ৰসমূহতো তেনে ধৰণৰ একোটা প্ৰকল্প আছিল বুলি মতপ্রকাশ কৰে।
সভাই তেখেতৰ সহকৰ্মী সত্যেন্দ্রনাথ শৰ্মাক সদস্য মহীয়ান প্ৰদান কৰা অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। পিছে সেই সময়ত ডাক্তৰে তেখেতক সম্পূৰ্ণ জিৰণিত থকাৰ পৰামৰ্শ দিছিল। তথাপি তেখেতে মুখ্য অতিথিৰ ভাষণখন সাজু কৰিলে। ৯ ফেব্ৰুৱাৰী, ১৯৯৫ চনত সেইখন সত্যেন্দ্রনাথ শৰ্মাক সদস্য মহীয়ান উপাধি প্ৰদান কৰোতে পাঠ কৰা হৈছিল। এইদৰে তেখেতে অসম সাহিত্য সভাক এটি সর্বভাৰতীয় অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে নিৰলসভাৱে কাম কৰিছিল। তেখেত অসম সাহিত্য সভাৰ অন্তৰ্বত্তলৈ ১৯৩১ চনত যি সোমাল তাৰ পৰা হয়তো ওলাই আহিছিল ১৩ ছেপ্টেম্বৰ ১৯৯৫ চনত। সেইদিনা তেখেতে অসম সাহিত্য সভাৰ পতাকা বুকুত লৈ নৱগ্ৰহ শ্মশানত অনন্তশয়নলৈ যাত্ৰা কৰে।
@ প্ৰণৱস্বৰূপ নেওগ
এই লেখাটোৰ প্ৰণৱস্বৰূপ নেওগ ড° মহেশ্বৰ নেওগ দেৱৰ পুত্ৰ
লেখাটো অসম সাহিত্য সভা পত্ৰিকা মহেশ্বৰ নেওগ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য সংখ্যাৰ পৰা তুলি অনা হৈছে৷
- অসম সাহিত্য সভাৰ ৱেবচাইট চাবৰ বাবে ইয়াত ক্লিক কৰক
0 Comments