অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব ৷৷ অসমীয়া উপন্যাসৰ ভূমিকা ৷৷ সত্যেন্দ্ৰনাথ শৰ্মা


* অসমীয়া উপন্যাসৰ জন্ম হয় ঊনবিংশ শতাব্দীৰ দ্বিতীয়াৰ্ধত। কিন্তু প্ৰকৃততে যি পৰিবেশ আৰু পটভূমি উপন্যাস সাহিত্যত প্ৰতিষ্ঠা আৰু বিকাশৰ কাৰণে প্ৰয়োজন, অসমত সেই পৰিবেশ বিংশ শতাব্দীতহে সৃষ্টি হৈছে। সেই ফালৰপৰা চালে অসমীয়া সাহিত্যত উপন্যাসৰ অকাল বোধ নহয় বুলি ক'ব লাগিব। উপন্যাসৰ জন্ম কাহিনীলৈ লক্ষ্য কৰিলেই এই কথাৰ প্ৰমাণ পোৱা যায়। উপন্যাস সাহিত্য সামন্তযুগীয় (ফিউডেল) সমাজ নাইবা ৰাজতন্ত্ৰী ‘নবোল' (nobles) সকলৰ পৃষ্ঠপোষকতাত উদ্ভৱ হোৱা নাই। ফিউডেল সমাজ ঠাইত বুৰ্জোৱা সমাজৰ অভ্যুত্থানৰ লগতহে ইয়াৰ জন্ম বৃত্তান্ত জড়িত। এই বুৰ্জোৱা সমাজৰ উদ্ভৱ হৈছিল ঔদ্যোগিক বিপ্লৱৰ ফলত। এই ঔদ্যোগিক বিপ্লৱৰ ফলত গঢ়ি উঠে ব্যৱসায়ী আৰু চাকৰিজীৱী মধ্যবিত্ত সমাজ, নগৰকেন্দ্ৰিক সভ্যতা আৰু মুদ্ৰাযন্ত্ৰৰ বহুল প্ৰচলন। 

ইয়াৰ লগতে বৈজ্ঞানিক দৃষ্টিভঙ্গী আৰু যুক্তিবাদেও প্ৰতিষ্ঠা লাভ কৰিবলৈ ধৰে। ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰৰ কাৰণে মুদ্ৰা-যন্ত্ৰ আৰু সংবাদ পত্ৰৰ প্ৰয়োজন বাঢ়ি যায়। ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিল নগৰসমূহ আৰু নগৰকেন্দ্ৰিক সভ্যতাই সম্প্ৰসাৰণ ঘটালে শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ। এই শ্ৰেণীয়েই দেশৰ সাংস্কৃতিক প্ৰবাহ নতুন সুঁতিয়েদি প্ৰবৰ্তন কৰে। নগৰৰ বিভিন্ন অঞ্চলত কফিহাউচ, ক্লাবহাউচ আৰু নানা ধৰণৰ চিত্তবিনোদনৰ সাংস্কৃতিক সংস্থা গঢ়ি উঠে। পুস্তিকা, প্ৰচাৰপত্ৰ, সংবাদপত্ৰ চাহিদা বাঢ়ি যায়। আৰু লগে লগে পাঠকৰ সংখ্যাও বৃদ্ধি পায়। এই মধ্যবিত্ত, ব্যৱসায়জীৱী, চাকৰিজীৱী আদিৰ অৱসৰ বিনোদনৰ উপায় স্বৰূপে উপন্যাসৰ জন্ম হয় নাগৰিক সভ্যতাত কেন্দ্ৰ কৰি। গণতান্ত্ৰিক ভাবধাৰাৰ প্ৰসাৰেও ইয়াত সহায় কৰিছে। ইণ্ডিভিজুৱেল বা ব্যক্তি সত্তাৰ মূল্য স্বীকাৰ আৰু মানৱতাবোধৰ ব্যাপ্তিৱে উপন্যাস-সৃষ্টিৰ অনুকূল পৰিবেশ সৃষ্টি কৰিলে। ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱ আৰু গণতন্ত্ৰৰ প্ৰতিপত্তি আৰু নাগৰিক সভ্যতাৰ পড়ন তুলনামূলক ভাৱে আগেয়ে হয় বুলিয়েই উপন্যাসৰ উদ্ভৱ আৰু বিকাশ তাত আগেয়ে ঘটে। ফ্ৰান্স দেশত মহাবিপ্লৱৰ পাছতহে অৰ্থাৎ ঊনবিংশ শতাব্দীতহে উপন্যাস সাহিত্যই স্তানধেল আৰু বালজাকৰ হাতত ভালকৈ আত্মপ্ৰকাশ কৰে। তাৰ বিপৰীতে ইংলণ্ডত অষ্টাদশ শতিকাৰ প্ৰথমাৰ্ধতে উপন্যাস সাহিত্যই প্ৰতিষ্ঠা লাভ কৰে। 

ধনতন্ত্ৰবাদৰ প্ৰসাৰ আৰু নগৰ আৰু শিল্পাঞ্চলৰ ক্ৰমবৰ্ধমান গতিৰ ফলত নতুন অৰ্থনৈতিক শ্ৰেণীবিন্যাস ঘটিল আৰু তাৰ মাজেদি ব্যক্তি স্বাতন্ত্ৰ্যই মূৰ দাঙি উঠিল উপন্যাসৰ উৎপত্তি আৰু প্ৰতিষ্ঠাৰ মূলত এই ব্যক্তি-স্বাতন্ত্ৰ্যৰ অৰিহণাও অস্বীকাৰ কৰিব নোৱাৰি। উপন্যাসত আমি এহাতে লিখকৰ নিজস্ব ব্যক্তিগত দৃষ্টিভঙ্গী আৰু আনহাতে সমাজৰ পৰিপ্ৰেক্ষিতত ব্যক্তিৰ স্বকীয় অভিব্যক্তি দেখা পাওঁ। ব্যক্তি-স্বাতন্ত্ৰ্য আৰু ব্যক্তি-সত্তাৰ মূল্যবোধ স্বীকাৰ কৰি নোলোৱাহেঁতেন, ওপৰত উল্লেখ কৰা উপন্যাসৰ বৈশিষ্ট্য দুটা প্ৰকাশ নাপালেহেঁতেন। প্ৰথম ইংৰাজ ঔপন্যাসিক বিছাৰ্ডছনৰ 'পেমেলা' আৰু 'ক্লেৰিছা হাৰ্লো'- এই উপন্যাস দুখনত সাধাৰণ যুৱতী দুজনীক নায়িকা ৰূপে চিত্ৰিত কৰা সম্ভৱ হ'ল ব্যক্তি-স্বাতন্ত্ৰ্য আৰু ব্যক্তিসত্তাৰ মূল্যায়নৰ ভেটিতহে। 

এতিয়া আমি যদি ঊনবিংশ শতাব্দীৰ অসমৰ অৱস্থালৈ লক্ষ্য কৰো তেন্তে ওপৰত উল্লেখ কৰা পৰিবেশ নাপাওঁ। আসনত তেতিয়া নগৰকেন্দ্ৰিক সভ্যতা দৰাচলতে গঢ়ি উঠা নাছিল, শিল্পাঞ্চল সৃষ্টি হোৱা নাছিল, ব্যক্তি-সভায়ো প্ৰতিপত্তি লাভ কৰা নাছিল বুৰ্জোৱা ব্যৱসায়ী নাইবা শিক্ষিত মধ্যবিত্ত সমাজেও ৰূপলোৱা নাই, মধ্যযুগীয় সামাজিক গঠন তেতিয়াও পূৰ্ণমাত্ৰাই প্ৰতিষ্ঠিত আছিল। এই শতাব্দীৰ শেষ দুই দশকৰ আগলৈকে ইংৰাজী শিক্ষাপ্ৰাপ্ত লোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিল। ১৮৬৪ চনলৈকে গোটেই অসমত এজনেও এণ্ট্ৰেঞ্চ পাছ কৰা নাছিল। ১৮৩৫ চনত এখন, ১৮৪৫ চনত দুখন আৰু ১৮৭৩ চনত মাত্ৰ সাতখন হাইস্কুল গোটেই অসমত প্ৰতিষ্ঠিত হৈছিল। শিৱসাগৰ, গুৱাহাটী নামত নগৰ নাছিল। দুই চাৰিজন আমোলা মহৰি সৃষ্টি হৈছিল যদিও তেওঁলোকৰ চাবেক ঘৰ গাঁৱত আৰু প্ৰধান ব্যৱসায় খেতিহে আছিল ইংৰাজী শিক্ষাৰ প্ৰতি অভিভাৱক সকলৰ ধাউতি বৰকৈ নাছিল। 

হেমকোষ প্ৰখ্যাত হেমচন্দ্ৰ বৰুৱাই গোপনহে ইংৰাজী শিকিব লগা হৈছিল। গতিকে দেখা যায় যে প্ৰশাসনীয় সুবিধাৰ কাৰণে চৰকাৰে দুই-চাৰিখন নগৰ পাতিছিল যদিও প্ৰকৃত নাগৰিক পৰিবেশ আৰু সভ্যতা গঢ়ি উঠা নাছিল। পাশ্চাত্য শিক্ষাৰ ভাল পোহৰ নপৰা অনাগৰিক পৰিবেশত উপন্যাস-সাহিত্যই জীপ লব নোৱাৰাটো স্বাভাবিক কথা। শিক্ষাৰ বিস্তাৰ নঘটাৰ কাৰণে পাঠক সমাজো এটা সৃষ্টি হোৱা নাছিল। পাঠকৰ উৎসাহ নাপালে সাহিত্যই গা কৰি উঠিব নোৱাৰে। কিন্তু আমি যদি এই সময়ৰ বঙ্গ দেশলৈ চকু দিওঁ তেন্তে কেইবাজনো প্ৰতিষ্ঠাশীল ঔপন্যাসিকৰ উদ্ভৱ দেখা পাওঁ। ইয়াৰ প্ৰধান কাৰণ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল কলিকতা মহানগৰীৰ অৱস্থিতি আৰু পাশ্চাত্য শিক্ষাৰ দ্ৰুত প্ৰসাৰ। বঙ্কিমচন্দ্ৰ, ৰমেশচন্দ্ৰ, এই দুজন প্ৰখ্যাত ঔপন্যাসিকে সপ্তম দশকৰপৰা একেৰাহে বহু কেইখন উপন্যাস প্ৰকাশ কৰে। 

বঙ্কিমচন্দ্ৰৰ প্ৰথম উপন্যাস 'দুৰ্গেশনন্দিনী' ১৮৬৪ চনত প্ৰকাশ হয়। ইয়াৰ আগতেও আংশিকভাৱে উপন্যাসধৰ্মী গদ্য কাহিনী ভালে কেইখন প্ৰকাশ হৈছিল। পোন প্ৰথমে উপন্যাস-কল্প ৰচনা 'নব বাবুবিলাস' ১৮২১ চনতে প্ৰকাশ হয়। ১৮৬৪ চনত 'দুৰ্গেশনন্দিনী'ৰ আবিভাবে বঙ্গ সাহিত্যত উপন্যাসৰ যি দৃঢ় পদক্ষেপৰ সূচনা কৰিলে অসমীয়া উপন্যাস সাহিত্যত সেই পদক্ষেপ আৰম্ভ হ'ল ঊনবিংশৰ শেষ দশকত, 'পদুম কুঁৱৰী', 'ভানুমতী', 'লাহৰী', 'মিৰি জীয়ৰী' আদি উপন্যাস সৃষ্টিৰ যোগেদি। অসমতকৈ বহুত আগেয়ে পাশ্চাত্য শিক্ষাৰ পোহৰ পোৱা আৰু মহানগৰীৰ সুবিধা লাভ কৰা বঙ্গ সমাজে উপন্যাসৰ ক্ষেত্ৰত মাত্ৰ ত্ৰিছ বছৰৰ প্ৰাচীনতা দাবী কৰিব পাৰে। অৱশ্যে এইছোৱা কালতে বঙ্গ-উপন্যাসে বহুদূৰ আগ বাঢ়ি গ’ল। 

‘ভানুমতী' বা 'মিৰি জীয়ৰী ৰচনাৰ আগৰ কালছোৱালৈ যদি আমি লক্ষ্য কৰো তেন্তে সেই কালছোৱা উপন্যাসৰ ইতিহাস একেবাৰে শূন্য বুলি ক'ব নোৱাৰোঁ, এই কালছোৱাক উপন্যাস সাহিত্যৰ উদ্যোগ-পৰ্ব বা প্ৰস্তুতিৰ পৰ্ব বুলি কলে ভুল নহ’ব। মোটামুটি ভাবে ‘অৰুেনাদই’ আবিৰ্ভাবৰ পৰা 'জোনাকী'ৰ আবিৰ্ভাৱলৈকে এই কালছোৱাক আমি অসমীয়া উপন্যাসৰ উদ্যোগ পৰ্ব বুলিব পাৰোঁ। তলত এই প্ৰস্তুতি পৰ্বৰ এটি বিৱৰণ দাঙি ধৰা হ'ল। 

অসমীয়া উপন্যাস, পাশ্চাত্য বিশেষকৈ ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰভাৱৰ ফল। গতিকে প্ৰাক-বৃটিছ যুগলৈ ইয়াৰ উহ বিচাৰি যোৱাৰ সাৰ্থকতা নাই যদিও কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাবিক প্ৰবৃত্তি মানুহৰ আছে আৰু যি প্ৰবৃত্তি বাস্তৱতাৰ ভেটিত চৰিতাৰ্থ কৰিবলৈ যোৱাৰ প্ৰয়াসতে উপন্যাসৰ জন্ম সেই প্ৰবৃত্তি প্ৰাক্ বৃটিছ যুগত ৰামায়ণ, মহাভাৰত, পুৰাণা আদিৰ কাহিনীয়ে, বধকাব্য, আৰু লোকগাঁথাসমূহে কিছু পৰিমাণে চৰিতাৰ্থ কৰিছিল। বিশেষকৈ ৰোমাঞ্চধৰ্মী বধকাব্য আৰু প্ৰণয় কাব্যসমূহে অৱসৰ মুহূৰ্তত জনসমাজৰ চিত্ত বিনোদন কৰিছিল, অৱশ্যে ধৰ্মীয় প্ৰভাৱৰ প্ৰাবল্য আৰু অলৌকিক দেৱমাহাত্ম্যৰ কাৰণে এইবোৰ বাস্তৱ জীৱন ৰসত অভিষিক্ত হব নোৱাৰিছিল। এইবোৰৰ নায়ক-নায়িকা দেৱতা বা দেবানুগৃহীত অসাধাৰণ নাৰী। বাস্তব জীৱনৰ সুখ-দুখ, মানব-চৰিত্ৰৰ স্বাভাবিক আৰু বাস্তব অভিব্যক্তি ইয়াত পোৱা বাত তদুপৰি ভক্তি বা ধৰ্মভাবৰ পৰিমণ্ডল বা বাতাৱৰনৰ সৃষ্টি প্ৰকাৰ ছন্দ মাধ্যম বিষয়বস্তু ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছিল। গতিকে এই প্ৰাচীন ধৰ্মীয় কাব্যসমূহে কিছু পৰিমাণে আজিকালিৰ উপন্যাসৰ ঠাই লৈছিল যদিও সেইবোৰত উপন্যাসৰ প্ৰকৃতি বা লক্ষণ একো নাছিল। ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰসাৰৰ লগে লগে ধৰ্মীয় গণ্ডীৰ পৰা মুক্ত হৈ অসমীয়া সাহিত্যই বিস্তীৰ্ণ ক্ষেত্ৰলৈ ওলাই আহে। দেৱমহাত্মাৰ ঠাই ললে মানবমাহাত্ম্যই, আলৌকিকতাৰ ঠাই ললে বাস্তৱতাই, পাৰলৌকিক আকাঙ্ক্ষাৰ ঠাইত ঐহিক আশা-আকাঙ্ক্ষাই খোপনি পুতিলে আৰু সাহিত্যই ছন্দৰ নূপুৰ পিন্ধি নৃত্য ভঙ্গিমা গতি নকৰি গদ্যৰ স্বাভাবিক পদক্ষেপতে আগবাঢ়িল। 

কিন্তু ইংৰাজসকল অহাৰ লগে লগেই যে এনে পৰিৱৰ্তনৰ জোৱাৰ আহিল সি নহয়। দৰাচলতে ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহ সঞ্চালনিকৈ দেখা দিয়ে ঊনবিংশ শতাব্দীৰ শেষার্ধতহে। ইংৰাজবিলাকে দেশ অধিকাৰ কৰি নতুন প্রশাসন ব্যৱস্থা প্ৰৱর্তন কৰিলে যদিও ভাষা আৰু সাহিত্যৰ প্ৰতি তেওঁলোকে উদাসীনতা প্রদর্শন কৰিলে। কেবল উদাসীনেই নহয়, সময়ে সময়ে তেওঁলোকে স্বার্থান্বেষী দলৰ প্ৰৰোচনাত বিৰুদ্ধাচৰণহে কৰিছিল। ফলত অসমীয়া ভাষাৰ ঠাইত প্রায় চল্লিছ বছৰ বঙালী ভাষা শিক্ষালয় আৰু আদালতত অন্যায়ভাৱে প্ৰৱৰ্তন কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ গতি ৰুদ্ধ কৰি দিয়ে। এই সময়ছোৱাত ব্যক্তিগত আৰু বেচৰকাৰী অনুষ্ঠানৰ প্ৰচেষ্টাত অসমীয়া ভাষা আৰু সাহিত্যৰ চৰ্চা কিছু নোহোৱাকৈ থকা নাছিল। এই বেচৰকাৰী অনুষ্ঠানৰ ভিতৰত ‘আমেৰিকান বেপিষ্ট মিছনেৰি ছোচাইটি’ৰ প্ৰচেষ্টা সর্বপ্রথমে উল্লেখযোগ্য। অৱশ্যে অসমীয়া সাহিত্যৰ উন্নতি এওঁলোকৰ উদ্দেশ্য নাছিল, তেনে হোৱাহেঁতেন তেওঁলোকে ধর্মগ্ৰন্থ ৰচনা আৰু অনুবাদ নকৰি ছেক্সপীয়েৰ, মিল্টনৰ অমৰ গ্ৰন্থ অনুবাদ কৰিলেহেঁতেন। তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক, গদ্যক সাহিত্যৰ স্বাভাৱিক বাহনৰূপে প্রতিষ্ঠা কৰিলে এওঁলোকেই। উপন্যাস এবিধ গদ্য-কাহিনী, গতিকে গদ্যৰ প্ৰতিষ্ঠা নোহোৱাকৈ উপন্যাসৰ সৃষ্টি হ’ব নোৱাৰে। প্রাচীন অসমীয়াত গদ্যৰ প্ৰয়োগ নথকা নহয়, কিন্তু তাৰ প্ৰয়োগ আছিল সীমাবদ্ধ। সাহিত্যৰ প্ৰধান বাহন আছিল ছন্দ। এই মিছনেৰিসকলেই সাহিত্যৰ চুকত আত্মগোপন কৰি থকা গদ্যৰ উপপথক ৰাজপথলৈ পৰিণতি কৰিলে। গদ্যৰ প্ৰতিষ্ঠা আৰু বিকাশৰ লগত সংবাদপত্র, মুদ্রণযন্ত্র, পাঠ্য পুস্তক আৰু শিক্ষা আৰু যুক্তিবাদৰ প্ৰসাৰ আৰু সংযোগ অবশ্যেই মানি ল’ব লাগিব। ভাবাবেগৰ স্বাভাবিক বাহন ছন্দ, যুক্তি আৰু বস্তুনিষ্ঠতাৰ স্বাভাৱিক বাহন গদ্য। মিছনেৰিসকালে মুদ্রণযন্ত্রৰ প্রতিষ্ঠা, সংবাদপত্ৰৰ প্রকাশ, ব্যাকৰণ আৰু অভিধান প্ৰণয়ন আৰু বিভিন্ন গদ্য পুথি প্ৰকাশৰ যোগেদি গদ্যক সাহিত্য প্রকাশৰ প্ৰধান মাধ্যমৰূপে প্ৰতিষ্ঠা কৰি উপন্যাস ৰচনাৰ পথ পৰিষ্কাৰ কৰিলে। "অৰুেণাদই'ৰ যোগেদি দেশ-বিদেশৰ সংবাদ আৰু পাশ্চাত্য দেশৰ ভাৱধাৰা পৰিবেশন কৰি মানুহৰ মন। যুক্তিনিষ্ঠ আৰু কথা-সাহিত্যৰ প্ৰতি স্পৃহা জগাই তোলে। দৈনন্দিন জীৱনত ব্যৱহাৰ কথিত ভাষাক সাহিত্যিক মর্যাদা দান কৰি উপন্যাসৰ পথ সূচনা কৰি দিয়ে। বঙ্গদেশৰ শ্ৰীৰামপুৰৰ কেৰি চাহাবৰ তত্ত্বাৱধানত ১৮১৩ চনত পোন প্রথমে বাইবেল গদ্যলৈ ৰূপান্তৰিত হয়। এই বাইবেলৰ দ্বিতীয় সংস্কৰণ ১৮৩৩ খ্ৰীষ্টাব্দত প্ৰকাশ হয়। ইয়াৰ পাচত আমেৰিকান বেপ্টিষ্ট মিছনেৰিসকলে অসমত প্ৰচাৰকেন্দ্ৰ স্থাপন কৰি গদ্যত বহু ট্রেক্ট বা প্ৰচাৰ পুস্তিকা আৰু গ্ৰন্থ প্রণয়ন আৰু প্ৰকাশ কৰে। ইয়াৰ ভিতৰতে বিশেষভাৱে উল্লেখযোগ্য ব্রাউনৰ ব্যাকৰণ আৰু ব্ৰনচনৰ অভিধান। অসমীয়া ভাষা যিমান দিন পদ্যবন্ধ ৰচনাৰ বাহন আছিল। তিমান দিনে ব্যাকৰণ আৰু অভিধানৰ প্ৰয়োজন বিশেষ নাছিল। কিন্তু যেতিয়া ছপা গদ্যৰ প্ৰচাৰ হ বলৈ ধৰিলে, পাঠ্য পুস্তক, চিন্তা আৰু মনন প্ৰক্ৰিয়াৰ গদ্যবাহন হৈ পৰিল আৰু ব্যৱহাৰিক জীৱনৰ লগত সাহিত্য কিছু পৰিমাণে সংযুক্ত হৈ পৰিল তেতিয়া ব্যাকৰণ আৰু অভিধানবো প্ৰয়োজন হৈ পৰিল। এই কাৰ্যত প্ৰথমতে মিচনেৰিসকলে আৰু তাৰ পাছত হেমচন্দ্ৰ বৰুৱাই আত্মনিয়োগ কৰে আৰু গদ্য ৰচনাৰ সুদৃঢ় ভেটি নিৰ্মাণ কৰি যায় ৷ এনে ধৰণে ছন্দক প্ৰধান স্থানৰ পৰা নমাই গদ্যক সাহিত্যৰ প্ৰাধান্য মাধ্যমৰূপে প্ৰতিষ্ঠা কৰা হ'ল। 

ইয়াৰ পাচত লক্ষ্য কৰিবলগীয়া গদ্য-কাহিনীৰ উদ্ভৱ আৰু বিকাশৰ ধাৰা ১৮৫০-৫১ চনত 'অৰুণোদই'ত ছোৱা ছোৱাকৈ অনূদিত আৰু তাৰ বহু পাছত কিতাপ আকাৰে প্ৰকাশ হোৱা 'যাত্ৰীক যাত্ৰা' কি জানা) প্ৰথমে উল্লেখ কৰিব পাৰি। 

অনুবাদকৰ নাম জনা নাযায় যদিও ই ব্ৰাউন চাহাবৰ ৰচনা সেই বিষয়ে সন্দেহ নাই। পাপভাৰক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ (Path of salvation ) পথিক হয় আৰু শেষত ভগবৎ দৰ্শন লাভৰদ্বাৰা জীবন ধন্য কৰিব পাৰে ৰূপকৰ মাধ্যমেৰে মুমুক্ষুৰ সেই মানসৰ ইতিহাস অপূৰ্ব সমীক্ষা আৰু সহানুভূতিৰে বুনিয়নে বৰ্ণনা কৰিছে। বুনিয়নে গ্ৰন্থাৰম্ভত কৈছে “As I walked through wilderness of this world Ilighted on a certain place where was a den andlaid me down inthe place to sleep; and as I slept I dreamt a dream." অৰ্থাৎ স্বপ্নৰ সহায়ত মোক্ষপথৰ যাত্ৰীৰ যাত্ৰাৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। ইয়াৰো চৰিত্ৰবোৰো ৰূপাত্মক, যেনে-Mr. Worldly Wiseman, Ignorance, Piety, Talkative, Faith-ful, ইত্যাদি। ৰূপকাশ্ৰিত হ’লেও চৰিত্ৰবোৰ নিষ্প্ৰাণ আৰু নিস্তেজ বুলিব নোৱাৰি, ৰূপক আৱৰণ ভেদ কৰি চৰিত্ৰবোৰে পাঠকৰ অন্তৰত জীৱন্ত ৰূপে প্ৰতিভাত হয়। ইংৰাজী সাহিত্যত এই Pilgrim's Progressক উপন্যাস সাহিত্যৰ নিৰ্মাণত প্ৰথম ইষ্টক বুলি ধৰা হয়। মিচনেৰিসকলে ৰূপাত্মক কাহিনীটো কথিত গদ্যত অনুবাদ কৰি দীৰ্ঘায়তন গদ্য-কাহিনীৰ বা উপন্যাসৰ পথৰ সম্ভেদ দি যায়। অৱশ্যে 'যাত্ৰীকৰ যাত্ৰা'ত যি গদ্য প্ৰয়োগ কৰা হৈছে সি পৰিমাৰ্জিত কলাত্মক ( artistic ) গদ্য নহয়, আৰু কিছু পৰিমাণে ইংৰাজী বাক্য ৰীতাশ্ৰয়ী। তদুপৰি ইয়াৰ কাহিনী ভাগ সুদৃঢ় বা সুসংবদ্ধ নহয়। খ্ৰীষ্টিয়ান, বিশেষকৈ পুউৰিটান মতবাদ আৰু বিশ্বাস প্ৰতিষ্ঠা কৰাবলৈ ইয়াত ৰূপকৰ সহায় লৈছে। দহোটা অধ্যায়ত বৰ্ণিত হোৱা কথাসমূহৰ সংযোগ সেতু হ'ল মোক্ষপ্ৰয়াসী খ্ৰীষ্টিয়ান জন, যি জনৰ আধ্যাত্মিক যাত্ৰাৰ বিৱৰণেই মূল প্ৰতিপাদ্য বিষয়। অনুবাদ হ'লেও, অসংস্কৃত গদ্যত ৰচিত হ'লেও, আৰু জীৱনৰ সাশ্ৰিত সুসংবদ্ধ কাহিনীৰ অভাৱ সত্ত্বেও 'যাত্ৰিকৰ যাত্ৰাই' ভবিষ্যত উপন্যাস-সাহিত্যৰ সম্ভাৱনা দাঙি ধৰিছিল। এই মিচনেৰিসকলে বাইবেলৰ 'অ' টেষ্টামেণ্ট'ৰ ৰুথ আৰু যোচেফৰ কাহিনী ( Story of Ruth) অসমীয়া গদ্যলৈ ৰূপান্তৰিত কৰি কাহিনী ৰচনাৰ পথ মুকলি কৰি যায়। বাইবেলৰ এই ৰুথৰ কাহিনীটো বৰ মনোৰম৷ এ. কে. গাণিয়ে ১৮৮০-৮১ ‘ৰুথ আৰু যোচেফৰ কথা’ ৰচনা কৰে। 

'যাত্ৰিকৰ যাত্ৰা' আৰু 'ৰুথৰ কাহিনী' ৰচনা কৰাৰ মাজতে কেইবাখনো উল্লেখযোগ কাহিনীমূলক প্ৰচাৰগ্ৰন্থ মিছনেৰিসকলে প্ৰকাশ কৰে। এই কেইখন হ'ল 'কামিনীকান্ত' (১৮৪৭), এলোকেশী বেশ্যাৰ কথ' (১৮৭৭), 'ফুলমাণি আৰু কৰুণা'। এই তিনিওখন গ্ৰন্থৰেভাৰেণ্ড গাণি চাহাবৰ তত্ত্বাৱধানত ৰচিত আৰু প্ৰকাশিত হয়। 'কামিনীকান্ত' আৰু 'এলোকেশী বেশ্যাৰ কথা’ মিঃ গাৰ্ণিয়ে আৰু ‘ফুলমণি আৰু কৰুণা ’ শ্ৰীমতী গাৰ্ণিয়ে লিখে। 'এলোকেশী বেশ্যাৰ কথা', ‘মিঃ ফুলমণি আৰু কৰুণা’ বঙলা ভাষাৰপৰা অনূদিত। প্ৰথমখন মিছ, এম, ই, লেছলিয়ে ৰচনা কৰা উদ্দেশ্যধৰ্মী উপন্যাসিকাৰ ভাঙনি। মিছ লেহলিৰ মূল উপন্যাসিকাখন বঙলাত নে ইংৰাজী ভাষাত ৰচিত হৈছিল জনা নাযায়। কিন্তু কাহিনীটোৰ নায়ক নায়িকা বঙালী, পটভূমি কলিকতা আৰু ৰচিত হৈছিল বঙালী সমাজক উদ্দেশ্য কৰি গতিকে ইংৰাজী ভাষাৰ কাহিনীটো ৰচনা কৰা কথাটো বৰ বিশ্বাসযোগ্য নহয়। 'ফুলমণি আৰু কৰুণা মিচে মুলেনৰ বগুলা কাহিনীৰ অসমীয়া অনুবাদ। এইটো অনুবাদ কৰে শ্ৰীমতী গাৰ্ণিয়ে। তলত এই কাহিনী দুটাৰ চমু বিৱৰণ দাঙি ধৰা হ'ল। 

'এলোকেশী বেশ্যাৰ কথা' ১৮৭৭ চনত প্ৰকাশ হয়, পুস্তিকাখন ৩৪ পিঠীয়া। ইয়াত এলোকেশী নামৰ এজনী কুমলীয়া কালতে বিধবা হোৱা যুৱতীৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা, প্ৰলোভনত পৰি পদস্খলন, বক্ষিতা আৰু পাচত বেশ্যাৰূপে জীবন-যাপন আৰু সৰ্বশেষত উদাৰ খ্ৰীষ্টধৰ্মত আশ্ৰয় লৈ পৰিত্ৰ জীৱনৰ পথলৈ প্ৰত্যাৱৰ্তন প্ৰদৰ্শন কৰিছে। 

কাহিনীটো চমুকৈ এনেধৰণৰ-

বালিকা বয়সতে এলোকেশীৰ বিয়া হয়। স্বামীনো কি বুজিব পৰা নো হওঁতে আঠ বছৰ বয়সতে বিধবা হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে পিতৃ গৃহতে তাই সামান্য লিখা-পঢ়া আৰু কাপোৰত ফুলতোলা আদি শিপিনী কাৰ্য শিকে। লাহে লাহে তাই ভালপোৱা কি বস্তু বুজিব পৰা হয়। তাইৰ ককায়েকৰ বন্ধু ক্ষেত্ৰমোহনৰ লগত এদিন পৰিচয় হয় আৰু ফুলনিত লগ পাই তাইৰ ৰূপৰ প্ৰশংসা কৰে আৰু বৈধব্য অৱস্থাৰ কথা কৈ সহানুভূতি প্ৰকাশ কৰে। ক্ষেত্ৰমোহনৰ প্ৰশংসা আৰু সহানুভূতিয়ে তাইৰ মন গলাই পেলায়। মন-ভুলোৱা কথাত তাই প্ৰতাৰ জন্মি এদিন ক্ষেত্ৰবাবুৰ লগতে ঘৰৰপৰা পলাই গ'ল। ক্ষেত্ৰবাবুৱে তাইক সুকীয়াকৈ থাকিবলৈ সুবিধা কৰি দিলে আৰু বক্ষিতা বা উপপত্নী স্বৰূপে ৰাখিলে। ক্ষেত্ৰবাবুৱে নিজৰ পত্নীক অৱহেলা কৰি ৰক্ষিতা এলোকেশীৰ প্ৰতি অনুৰত হ'ল। এনে সময়তে এদিন তাই খ্ৰীষ্টধৰ্মৰ প্ৰচাৰিকা এজনীৰ লগত পৰিচয় হ'ল আৰু মহাপ্ৰভু যীশোৱে কেনেকৈ এজনী পতিতা তিৰোতাক উদ্ধাৰ কৰিছিল তাৰ বিৱৰণ প্ৰচাৰিকাৰ মুখৰপৰা শুনিবলৈ পায়। এলোকেশীৰ লগত প্ৰচাৰিকাৰ ঘনিষ্ঠতা ক্ৰমে বাঢ়ি যোৱা দেখি ভয় পাই ক্ষেত্ৰবাবুৱে প্ৰচাৰিকাৰ বাট বন্ধ কৰি দিয়ে। ক্ষেত্ৰবাবুৰ নতুন আমোদ-প্ৰমোদৰ আয়োজনত এলোকেশীৰ বাইবেল চুকত সোমাল। কিন্তু দুৰ্ভাগ্যক্ৰমে কিছুদিনৰ পাচত বেমাৰত ক্ষেত্ৰবাৰুৰ মৃত্যু হ'ল। এলোকেশীৰ পুনৰ নিঠৰুৱা হ'ল। তাইৰ জীৱিকাৰ উৎস বন্ধ হ'ল। গহনা-গাথৰি বেচি এনেকৈ কিছুদিন চলিল। কিন্তু শেষত যেতিয়া কোনো উপায় নোহোৱা হ'ল তেতিয়া তাই বেশ্যা-বৃত্তি অৱলম্বন কৰিবলৈ বাধ্য হ'ল। বেশ্যা বৃত্তি ললেও কিছুদিনৰ মূৰত তাইৰ মনলৈ অনুশোচনা আহিবলৈ আৰম্ভ কৰে। প্ৰচাৰিকাই তাইৰ মনত ইতিপূৰ্বেই যি খ্ৰীষ্টধৰ্মৰ বীৰপন কৰিছিল এতিয়া সিয়েই অঙ্কুৰিত হয়। তাই আকৌ বাইবেল পঢ়িবলৈ আৰম্ভ কৰে। কিছুদিনৰ মূৰত তাই নিৰাশ্ৰয় আৰু অসুস্থ অনুভৱ কৰি হস্পিটেলত আশ্ৰয় লয় আৰু তাতে এগৰাকী ধাৰ্মিক তিৰোতাক লগ পায়। তাই এলোকেশীক বাইবেল পঢ়ি শুনায় আৰু খ্ৰীষ্টধৰ্মত শৰণ লবলৈ অনুপ্ৰেৰণা দিয়ে। সেই মানুহ গৰাকীৰ প্ৰভাৱতে এলোকেশীয়ে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰে আৰু জীৱনৰ শেষ কালছোৱা পবিত্ৰ জীবন-যাপন কৰি শান্তিৰে কটায়। 

Post a Comment

0 Comments