‘গীতি-সাহিত্য’ অভিধাটোৱে সাহিত্যৰ এখন বহল ক্ষেত্ৰ সামৰি লৈছে৷ ভাৰতীয় সাহিত্যৰ লগতে অসমীয়া সাহিত্যতো ‘গীতি-সাহিত্য’ বিষয়টোৱে ইতিমধ্যেই ব্যাপকৰূপত আত্মপ্ৰতিষ্ঠা তথা প্ৰসাৰ-প্ৰচাৰ লাভ কৰিছে৷ আনন্দ বিনোদনৰ সমান্তৰালভাৱে জাতীয় ঐতিহ্য, সামূহিক অখণ্ডতা, সম্প্ৰীতি গঠন, জনমত গঠন, জাতি-জনগোষ্ঠীসমূহৰ লোক-সংস্কৃতি, সামাজিক-সাংস্কৃতিক দিশটোৰ প্ৰতিফলন আদি বিষয়বোৰত গীতৰ কথা (লিৰিক্স) সমূহে সবল ভূমিকা ল’ব পাৰে৷ সেইদৰে গীতৰ মাজেৰে ‘ৰাষ্ট্ৰ চেতনা’ৰ বিষয়টোও বহলৰূপত আত্মপ্ৰকাশ কৰিছে৷ ‘বন্দে মাতৰম’, ‘জন গণ মন’, ‘চাৰে জহা চে আটচা’, ‘য়ে মেৰে বটন কে ল’গ’ আদি গীতে সমগ্ৰ ৰাষ্ট্ৰ, একো একোখন ৰাজ্যক একত্ৰ কৰি সামৰি ৰখাত অনুঘটকৰ দৰে ক্ৰীড়া কৰে৷ অসম ৰাজ্যৰ ক্ষেত্ৰত ‘অ মোৰ আপোনাৰ দেশ’, ‘অসম আমাৰ ৰূপহী’, ‘চিৰ চেনেহী মোৰ ভাষা জননী’, ‘মানুহে মানুহৰ বাবে’ আদি গীতসমূহৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি৷ মানৱ মনত ৰাষ্ট্ৰীয় প্ৰেম, জাতীয় প্ৰেম আদিজগাই তোলাতো এইধৰণৰ গীতসমূহৰ ভূমিকা অপৰিসীম৷ এই লেখাত অসমীয়া আধুনীক গীতৰ কথাংশ (লিৰিক্স)ৰ মাজেৰে প্ৰকাশিত ‘ৰাষ্ট্ৰীয় চেতনা’ সন্দৰ্ভত আলোচনা কৰাৰ লক্ষ্য ৰখা হৈছে৷ আলোচনাত কেইজনমান নিৰ্বাচিত গীতিকাৰৰ গীতৰ মাজেৰে কিদৰে ভাৰতবৰ্ষখনৰ ঐক্য আৰু সম্প্ৰীতি মূৰ্তমান হৈ পৰিছে, ভাৰতবৰ্ষৰ সামাজিক, সাংস্কৃতিক, জাতীয়তাবাদ, ঐতিহ্যপ্ৰীতি, একতা, সংহতি, অৰ্থনৈতিক, ধৰ্মীয়, শৈক্ষিক, শৈল্পিক আদি দিশবোৰ গীতৰ কথাৰ মাজেৰে কেনেদৰে প্ৰতিফলিত হৈছে সেই সম্পৰ্কে আলোচনা কৰা হ’ব৷
১.০ ৰাষ্ট্ৰীয়তাবাদঃ চমু পৰিচয়
ৰাষ্ট্ৰীয়তাবাদ মানে হ’ল এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মতাদৰ্শ৷ জাতি বা ৰাজ্য, ৰাষ্ট্ৰৰ প্ৰতি থকা আনুগত্য বা বহুক্ষেত্ৰত ই একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা৷ (britannica.com) ৰাষ্ট্ৰীয়তাবাদে জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সামূহকি ঐক্য আৰু সম্প্ৰিতীৰ এনাজৰীৰে এই ৰাষ্ট্ৰীয়তাবাদ নিৰ্ণীত হৈছে৷ এখন ৰাষ্ট্ৰ আৰু সেই ৰাষ্ট্ৰত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বিভিন্ন সংজ্ঞা অনুসৰি ৰাষ্ট্ৰীয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়৷ একেখন ৰাষ্ট্ৰ বা দেশত সুদীৰ্ঘ কাল ধৰি বসবাস কৰি থকা বিভিন্ন জনসমষ্টি নিৰ্দিষ্ট ঐতিহাসিক পৰিক্ৰমাৰ জৰিয়তে এটা উমৈহতীয়া মানসিক গঢ়ৰ (Common Psychological Make-up) গৰাকী হৈ পৰে৷ বিভিন্ন দিশত মিল থকা এটা বৃহত্তৰ সাংস্কৃতিক জীৱন তেওঁলোকৰ মাজত উমৈহতীয়া সাঁচেৰে গঢ়ি উঠে৷ তাৰ ফলতেই ‘আমি একে দেশৰ মানুহ’ – এই ভাব নিৰ্দিষ্ট ৰাজ্য, ৰাষ্ট্ৰৰ মাজত অংকুৰিত হয়– এই ভাবনাই হ’ল ৰাষ্ট্ৰীয় চেতনা আৰু সেই ৰাষ্ট্ৰীয় চেতনাই জন্ম দিয়ে ৰাষ্ট্ৰীয় চিনাকীৰ, অথবা জাতীয় সত্তাৰ৷ এনেকৈয়ে একোখন সামন্তীয়, অথবা ক্ষেত্ৰবিশেষে অৰ্ধ জনজাতীয় সমাজত ওচৰা-উচৰিকৈ বহুকাল ধৰি বসবাস কৰা বিভিন্ন জনসমষ্টি একেটা জাতীয় চিনাকীৰ এনাজৰীৰ বান্ধোনেৰে একীভূত হৈ সৃষ্টি কৰে একোটা জাতিৰ৷ সেই জাতিৰ জাতীয় জীৱনৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষা যি আদৰ্শবাদত ঘনীভূত হৈ মতাদৰ্শৰ ৰূপ লৈ প্ৰকাশ লাভ কৰে সেই মতাদৰ্শই হ’ল জাতীয়তাবাদ৷
Stanford Encyclopedia of Philosophyৰ মতে– জাতীয়তবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ দেখাত একে যেন লাগিলেও কিছু ক্ষেত্ৰত উভয়ৰে মাজত কেতবোৰ সম্পৰ্ক থকাৰ লগতে পাৰ্থক্যও আছে৷ জাতীয়তাবাদ জাতি বা ৰাজ্যকেন্দ্ৰিক আৰুই আঞ্চলিকতাবাদৰ ওচৰচপা৷ অন্যহাতে ৰাষ্ট্ৰীয়তাবাদে ৰাষ্ট্ৰ ভিত্তিক এক সামূহিক পৰিচয়ক সূচায়৷ (https://plato.stanford.edu) জাতি এটা নিৰ্মাণ কৰিবলৈ বা সমাজ এখন নিৰ্মাণ কৰিবলৈ এটা জাতিৰ ব্যক্তি বা ব্যক্তি সমষ্টিয়ে কৰা কাৰ্যাৱলীবোৰো জাতীয়তাবাদী দৃষ্টিভঙ্গীৰ অন্তৰ্গত একোটা বিষয়৷ সেই ব্যক্তি বা ব্যক্তি সমষ্টি বিশ্বৰ যিকোনো প্ৰান্তত থাকিব পাৰে৷ কিন্তু তেওঁৰ কাৰ্য-কলাপ বা তেওঁৰ অৱদান যদি সেই নিৰ্দিষ্ট জন্মভূমি বা সেই নিৰ্দিষ্ট জাতিকেন্দ্ৰিক হয়; সেই কৰ্ম জাতীয়তাবাদৰ অংশ হৈ পৰে বা সেই ব্যক্তিজনক আমি জাতীয়তাবাদী বুলি অভিহিত কৰিব পাৰোঁ৷ অন্যহাতে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা সামূহিক আদৰ্শকে আমি চমুকৈ ৰাষ্ট্ৰীয়তাবাদ বুলি অভিহিত কেৰাঁ৷
২.০ আধুনিক অসমীয়া গীতত ৰাষ্ট্ৰীয়তাবাদ
ৰাষ্ট্ৰীয়তাবাদ মানে ৰাষ্ট্ৰৰ প্ৰতি এজন ব্যক্তি বা এটা সমূহৰ থকা আনুগত্য, দৃষ্টিভঙ্গী৷ ৰাষ্ট্ৰীয়তাবাদ একধৰণৰ ধাৰণা বা আন্দোলন; যি ৰাষ্ট্ৰৰ সৈতে জাতি আৰু ৰাজ্যসমূহক একত্ৰৰূপে গঢ়ি তোলে৷ অসমীয়া গীতৰ প্ৰাচীনতা অনেক পুৰণি৷ প্ৰাচীন অসমীয়া ধৰ্মীয় গ্ৰন্থসমূহ মূলতঃ পদ্যত ৰচনা কৰা হৈছিল আৰু এইবোৰ এক নিৰ্দিষ্ট সুৰ, তাল মানৰ ওপৰত নিৰ্ভৰশীল৷ এই দিশেৰে চাবলৈ গ’লে ভাগৱত, পুৰাণ, গীতা আদি প্ৰাচীন গ্ৰন্থবোৰেই অসমীয়া গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন৷ অৱশ্যে শঙ্কৰদেৱৰ সময়ৰপৰাহে অসমীয়া গীতে এক স্বকীয় মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়৷ বৰগীত, অঙ্কীয়া নাটত ব্যৱহাৰ কৰা গীত, কীত্তৰ্ন, দশম, নামঘোষা, শ্লোক, ভটিমা আদিৰ উপৰি মালিতা, ওজাপালি, ঘোষাআদিয়ে অসমীয়া গীতি সাহিত্যৰ প্ৰথম স্তৰক বিশেষভাৱে সমৃদ্ধ কৰিছে৷ এই সময়ৰ গীতবোৰৰ কথাংশৰ বহুতো দিশত বৃহত্তৰ ভাৰতীয় সমাজখন প্ৰতিফলিত হৈছে৷
আধুনিক অসমীয়া গীতি সাহিত্যৰ সময়সীমা বুলি ক’লে জোনাকী আলোচনীৰ উদ্ভাৱনৰ সময়লৈকে নিৰ্দেশ কৰিব পাৰি৷ অথাৰ্ৎ কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ প্ৰচেষ্টাতে অসমীয়া সমাজলৈ আধুনিক গীতৰ আগমন হয়৷ এই ক্ষেত্ৰত অঃভাঃউঃ সাঃৰ সৈতে জড়িত ব্যক্তিসকল আৰু কেইজনমান যুৱক যেনে– বেনুধৰ ৰাজখোৱা, লক্ষীৰাম বৰুৱা, কীৰ্তিনাথ শৰ্মা আদিৰ নাম বিশেষভাৱে উল্লেক্ষণীয়৷ অসমীয়া আধুনিক গীতক সাহিত্যত গ্ৰন্থ আকাৰে প্ৰথম স্থান দিয়া ব্যক্তিগৰাকী হ’ল সত্যনাথ বৰা৷ বৰাই ১৮৮জ্জ্ব চনত ‘গীতাৱলী’ পুথি ৰচনাৰ মাধ্যমেৰে অসমীয়া আধুনিক গীতি সাহিত্যৰ শুভাৰম্ভ কৰে৷ ‘গীতাৱলী’ পুথিৰ পিছত একমাত্ৰ লক্ষীৰাম বৰুৱাই গীত বিষয়ক দুখন অমূল্য গ্ৰন্থ ৰচনা কৰি অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰিছে৷ সেই গ্ৰন্থ দুখন হ’ল– ‘সংগীত কোষ’ আৰু ‘সংগীত সাধনা’৷ লক্ষীৰাম বৰুৱাই বাট দেখুৱাই যোৱা পথেৰে পৰৱৰ্তী সময়ত বহুকেইগৰাকী লিখকে গীতি সাহিত্য সম্পৰ্কীয় গ্ৰন্থ ছপা কৰে৷ তেওঁলোকৰ ভিতৰত– ভকতৰাম চৌধুৰীৰ ‘প্ৰণয় গান’ (১৯০৩), বেনুধৰ ৰাজখোৱাৰ ‘বাঁহী’ (১৯০৬), দুৰ্লভচন্দ্ৰ দাসৰ ‘দুৰ্লভ প্ৰেম সংগীত’ (১৯২৬)ৰ নাম উল্লেখ কৰিব পাৰি৷ তেওঁলোকৰ পৰৱৰ্তী সময়ৰ অম্বিকাগীৰি ৰায় চৌধুৰী, উমেশচন্দ্ৰ চৌধুৰী, ইন্দেশ্বৰ বৰঠাকুৰ, কমলানন্দ ভট্টাচাৰ্য, কুমুদ শৰ্মা, মিত্ৰদেৱ মহন্ত আদিৰ পৰা ‘গীত লহৰী’, ‘প্ৰতিধ্বনি’, ‘মন্দাকিনী’, ‘বেউলা’, ‘শতদল’, ‘গীতাৱলী’ আদি পুথিৰ নাম উল্লেখযোগ্য৷ এইসকলৰ পৰৱৰ্তী সময়ত কীৰ্তিনাথ বৰদলৈ আৰু তেওঁৰ বৰপুত্ৰ মুক্তিনাথ বৰদলৈৰ যৌথ প্ৰচেষ্টাত ‘বাসন্তীৰ অভিষেক’, ‘লুইত কোঁৱৰ’, ‘সুৰ বিজয়’, ‘মেঘাৱলী’ আদি সংগীত আলেক্ষ্যৰ পৰীক্ষামূলক প্ৰচেষ্টাই অসমীয়া গীতি সাহিত্যৰ এক নতুন পৰিমণ্ডল ৰচনা কৰে৷ তাৰোপৰি কীৰ্তিনাথ বৰদলৈৰ ‘সুৰ পৰিচয়’ (১৯২৮) আৰু ‘কামৰূপীয়া সংগীত’ (১৯৩৮) আদিৰ নাম উল্লেখযোগ্য৷ (গোস্বামী, লোকনাথ, পৃষ্ঠা-৪২) এওঁলোকৰ গীতবোৰতো প্ৰচুৰ পৰিমাণে জাতিয়তবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ সমল বিচাৰি পোৱা যায়৷
প্ৰাক স্বাধীনতাৰ সময়ৰপৰা একবিংশ শতিকাৰ প্ৰথমভাগলৈ অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰা লোকসকলৰ ভিতৰত মুখ্যভাৱে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাকে মূখ্য কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, শিৱ ভট্টাচাৰ্য, ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষ্যহীৰা দাস, মুকুল বৰুৱা, হেমেন হাজৰিকা, আনন্দিৰাম দাস, কমল নাৰায়ন চৌধুৰী, নৱ বৰুৱা, ব্ৰজেন বৰুৱা, ৰাণী পাল, নিৰ্মলপ্ৰভা বৰদলৈ, মিহিৰ বৰদলৈ, জ্যোতিষ ভট্টাটাৰ্য, হীৰেন ভট্টাচাৰ্য, দ্বিজেন্দ্ৰ মোহন শৰ্মা, ৰিদিপ দত্ত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰ, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰ নাথ দত্ত, জ্যোতিৰ্ময় কাকতি, দীপালী বৰঠাকুৰ, হেমন্ত দত্ত, হীৰেন গোহাঁই, পাৰবিন চুলতানা, নন্দ বেনাৰ্জী, পুলক বেনাৰ্জী, নগেন বৰা, মহেন্দ্ৰ বৰা, কৰবী ডেকা হাজৰিকা, ৰাজেন গোহাঁই, চৈয়দ চাদ্দুল্লা, মনোৰমা বৰগোহাঁই, সূৰ্য হাজৰিকা আদিৰ অৱদান উল্লেখযোগ্য৷ (গোস্বামী, লোকনাথ, পৃষ্ঠা- ৪৩) এইসকল গীতিকাৰৰ গীতসমূহক ‘গীতি-সাহিত্য’ হিচাপেই বিচাৰ-বিশ্লেষণ কৰিব পাৰি৷ এওঁলোকৰ গীতসমূহতো বহুক্ষেত্ৰত ‘ৰাষ্ট্ৰ’ সম্পৰ্কে ধ্যান-ধাৰণা প্ৰকাশ পাইছে৷ ভূপেন হাজিৰকাৰ সমসাময়িক বা পৰৱৰ্তী সময়ত হীৰেণ ভট্টাচাৰ্য, কৈলাস নাথ শৰ্মা, সূৰ্য দাস, অনিল ৰায়চৌধুৰী, ইন্দ্ৰেশ্বৰ শৰ্মা, কুল বৰুৱা, গীতা হাতীকাকতি, নগেন বৰা, নুৰুল হক, আদিৰ গীততো গীতি সাহিত্যৰ উপাদান বহু পৰিমাণে পোৱা যায়৷
ৰাষ্ট্ৰ চেতনা বা জাতীয় চেতনাৰ প্ৰকাশ গীতৰ একক বৈশিষ্ট্য নহয় যদিও গীতৰ মাজত এইসমূহ সামাজিক বিষয়ে বিশেষ স্থান লাভ কৰিছে৷ গীতৰ মাজেৰে নিজৰ ৰাজ্য, নিজৰ জাতিটোক ভালপোৱা আৰু তাৰ গুণ-গান কৰাৰ দৰেই নিজ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ গুণানুকীৰ্ত্তন, ইয়াৰ সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয় আদি দিশবোৰক কেন্দ্ৰ কৰিও গীতৰ মাজেৰে বিভিন্ন দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে৷ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, অখণ্ডতা, বৈচিত্ৰ্যৰ মাজত ঐক্য আদি বিশেষত্বসমূহ গীতৰ মাজেৰে প্ৰকাশ পোৱাৰ লগতে দেশ স্বাধীন হোৱাৰ সময়ত জনমত গঠন আৰু আন্দোলনকেন্দ্ৰিক বহুতো গীত অসমৰপৰা সৃষ্টি কৰা হৈছে৷ সেইদৰে গীতৰ কথাংশৰ মাজত ৰাজ্যৰ সৈতে ৰাষ্ট্ৰৰ তুলনা, ৰাজ্যৰ সৈতে ৰাষ্ট্ৰৰ সম্বন্ধ, পাৰ্থক্য, স্বাধীনতা আন্দোলনৰ বিৱৰণ, দেশৰ নৱ প্ৰজন্মৰ ভূমিকা আদি বিশেষত্বসমূহো দেখিবলৈ পোৱা যায়৷ তলত অসমৰ তেনে কেইজনমান গীতিকাৰৰ নিৰ্বাচিত গীত সম্পৰ্কে আলোচনা কৰা হ’ল–
২.১. জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৰ্বাধিক গীতত জাতীয় চেতনা জড়িত হৈ আছে৷ তেওঁ নিজৰ জাতি, ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক, ভাষিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশবোৰ গীতৰ মাজেৰে উপস্থাপন কৰিছে৷ সেইদৰে আগৰৱালাৰ কিছু সংখ্যক গীতত ৰাষ্ট্ৰীয় চেতনাৰ বহিঃপ্ৰকাশ ঘটা দেখা যায়৷ আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈয়ো সমগ্ৰ পৃথিৱী, মানৱ সমাজৰ কথা গীতৰ মাজেৰে প্ৰকাশ কৰিছে৷ তেনে এটি গীতৰ উদাহৰণ–
বিশ্ববিজয় নৱজোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহা সন্তান তুমি বিপ্লৱৰ
আগৰৱালাই ভাৰতবৰ্ষক শক্তিশালী ৰূপে অভিহিত কৰাৰ লগতে ভাৰতবৰ্ষৰ নৱ প্ৰজন্মক বিশ্বক বিজয় কৰিবপৰা বিপ্লৱৰ সন্তান বুলি উল্লেখ কৰিছে৷ ইয়াৰ অন্তৰালত বিভিন্ন ৰাজনৈতিক কাৰকত ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ ভূমিকাৰ কথা প্ৰতিফলিত হৈছে৷ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰতবৰ্ষৰ গণ আন্দোলনত নৱ প্ৰজন্মৰ ভূমিকা আৰু স্বাধীনতাৰ বাবে নৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ দিশটোও গীতটোত প্ৰতিফলিত হৈছে৷ দেশ স্বাধীন হ’বলৈ যে এটা কণ্টকময় আৰু দুৰ্বিসহ পথেৰে নৱ প্ৰজন্ম আগবাঢ়িব লাগিব, সেই চিন্তাও গীতটোত উল্লেখ আছে৷ সেইদৰে আগৰৱালাৰ অন্য এটি গীতত ভাৰতৰ নৱ প্ৰজন্মক ‘অগ্নিস্থান কৰিব লাগিব’ বুলি উল্লেখ কৰিছে৷ এই গীতটোও স্বাধীনতা লাভ কৰিবৰ বাবে নৱ প্ৰজন্মক আদৰ্শ আৰু অনুপ্ৰাণিত কৰিবপৰা এটি গীত৷
তই কৰিব লাগিব অগ্নিস্নান
সাজু হ সাজু হ নৱজোৱান
ভাৰতবৰ্ষই হেৰুওৱা স্বাধীনতা ঘূৰাই আনিবলৈ নৱ প্ৰজন্মই যে আটাইতকৈ সৰ্বাধিক ত্যাগ স্বীকাৰ কৰিব লাগিব, সেই কথাও গীতৰ মাজেৰে উল্লেখ কৰিছে৷ গীতটিত প্ৰয়োজন হ’লে নিজে মৃত্যুক আকোঁৱালিও ভাৰতক কৰা অপমানৰ প্ৰতিশোধ ল’বলৈ অনুৰোধ জনাইছে৷ গীতটোত উল্লেখ আছে–
ব্ৰজকণ্ঠে বিশ্বক শুনা সত্য জয়গান
বুকুৰ তেজেৰে ধুই দে ভাৰতৰ অপমান
ৰাষ্ট্ৰীয়তাবাদ ভাৱ প্ৰকাশক জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এটি গীতৰ উদাহৰণ– ‘জননীৰ সন্তান’৷ এই গীতটোতো ভাৰতৰ নতুন প্ৰজন্মটোৰ প্ৰতি তেওঁৰ আস্থা আৰু বিশ্বাসৰ ভাৱ প্ৰকাশ পাইছে৷ তেওঁ ভাৰতৰ নতুন প্ৰজন্মটোক ‘শক্তিবান’ বুলি উল্লেখ কৰিছে৷ উদাহৰণ–
জননীৰ সন্তান জাগা
জাগা শক্তিবান
জাগা মাতৃপ্ৰাণ
ইয়াৰোপৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন বহুতো গীতত ৰাষ্ট্ৰ সম্পৰ্কে আৰু ৰাষ্ট্ৰৰ নতুন প্ৰজন্মক উদ্দেশ্যি গভীৰ ইতিবাচক দৃষ্টিভংগী প্ৰকাশ ঘটিছে৷
২.২ নিৰ্মলপ্ৰভা বৰদলৈ
নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা বহুতো গীতত ভাৰতবৰ্ষৰ ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰকাশিত হৈছে৷ ভাৰতবৰ্ষৰ ঐক্য আৰু সম্প্ৰীতিৰ গুণ-গান, ৰাষ্ট্ৰ হিচাপে ভাৰতৰ শৌৰ্য-বীৰ্য এই গীতসমূহত প্ৰতিফলিত হৈছে৷ তলত তেনে গীত কেইটিমানৰ উদাহৰণ দিয়া হ’ল–
আজি বিশ্বমানৱ একত্ৰিত
মুখত মন্ত্ৰ ‘সো অহং’
বন্দোজ্যোতি
বন্দো বিৰাট
বন্দে মাতৰম্
একেটা গীততে শেষৰফালে তেওঁ ভাৰতৰ জয়গান গাইছে, গৌৰৱ কৰিছে৷ ভাৰতৰ ইতিবাচক গুণসমূহ তেওঁ অলংকাৰস্বৰূপে গীতত ব্যৱহাৰ কৰিছে৷ অৱশ্যে এই গীতত ৰোমাণ্টিক ভাৱ-অনুভৱহে অত্যধিক পৰিমাণে আছে৷
এই পৱিত্ৰ ভাৰতবৰ্ষ
মহান আত্মা আমাৰ হৰ্ষ
মৈত্ৰী আমাৰ মহাআদৰ্শ
‘জননী জন্মভূমি’ শীৰ্ষক গীতটোৰ মাজতো নিজৰ জন্ম হোৱা ৰাজ্যখন, নিজ ৰাষ্ট্ৰ ভাৰতবৰ্ষক ‘স্বৰ্গ’ৰ সৈতে তুলনা কৰিছে৷ গীতটোত এক ৰোমাণ্টিক ভাৱ আৰু গৌৰৱেৰে ভাৰত ৰাষ্ট্ৰৰ জয়গান গোৱা হৈছে৷
জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী
প্ৰণাম অসম, প্ৰণাম ভাৰত
গুণে অনুপম মহিয়সী
গীতৰ মহান বাণীৰে ভাৰত
সমগ্ৰ বিশ্ব-বন্দিতা
তেওঁ গীতটোত ভাৰতবৰ্ষক ‘সংহতিৰ প্ৰতীক’ বুলি উল্লেখ কৰিছে৷ বিভিন্ন জাতি-ধৰ্ম, ভাষা নিৰ্বিশেষে ‘অনক্যৰ মাজত ঐক্য’ বৰ্তাই ৰখাত ভাৰতবৰ্ষ সফল হৈছে৷ ইয়াৰ প্ৰাচীন ইতিহাস বেদ, বেদান্তৰ উল্লেখেৰে গীতিকাৰে জ্ঞান আৰু ধৰ্মৰ মহত্ত্বৰ কথা উল্লেখ কৰিছে৷ গীতটোত এহাতে প্ৰাচীন ভাৰতবৰ্ষৰ জয়গান গোৱা হৈছে, অন্যহাতে বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কথাও গৌৰৱেৰে উল্লেখ কৰা হৈছে৷
বেদ বেদান্তই
বিলালে জেউতি
জ্ঞান-বিজ্ঞান দৰ্শনৰ
মন্ত্ৰ দ্ৰষ্টা কত যে ঋষি
সংহতিৰ প্ৰতীক ভাৰত
সেইদৰে অসমৰ ‘জয়মতী’ ভাৰতৰ প্ৰেক্ষাপটত মূলা গাভৰুৰ দৰে ৰাণীৰ প্ৰসংগ উপস্থাপন কৰি তেওঁলোকৰ স্বদেশ প্ৰেমৰ কথা উল্লেখ কৰা হৈছে৷ এইখন অসম ৰাজ্য, এইখন ভাৰত ৰাষ্ট্ৰ যে পৃথিৱীৰ ভিতৰতে তুলনাবিহীন, সেই আদৰ্শ গীতটোত উল্লেখ কৰিছে৷
সতী জয়মতী, মূলা গাভৰুৰ
স্বদেশ প্ৰেমৰ তুলনা নাই
প্ৰণাম অসম, প্ৰণাম ভাৰত
গুণে অনুপম তুলনা নাই
‘জয় জনতা জয় মানৱতা’ শীৰ্ষক গীতটোৰ মাজেৰেও ভাৰতবৰ্ষৰ জয়গান গোৱা হৈছে৷ ঐক্য-সংহতি-প্ৰগতিৰ বাৰ্তা গীতটোত আছে৷ ভাৰতবৰ্ষৰ মাটিয়েই স্বৰ্গ আৰু প্ৰাণ বুলি উল্লেখ কৰিছে৷ সেইদৰে ভাৰতৰাষ্ট্ৰৰ সন্তান বুলি বৰদলৈয়ে নিজে গৌৰৱবোধ কৰিছে৷ উদাহৰণ–
গগণস্পৰ্শী উঠিছে আমাৰ
প্ৰতিজ্ঞা ঐক্যতান
সংহতিৰ শক্তিৰে আমি
ভাৰতৰ সন্তান
এই মাটিয়েই স্বৰ্গ আমাৰ
এই মাটিয়েই প্ৰাণ
‘লাচিত’ৰ সাহ গীতটোৰ মাজেৰে বৰদলৈয়ে লাচিতৰ প্ৰসংগ উপস্থাপন কৰি ভাৰতবৰ্ষলৈ অহা বিভিন্ন সা-সমস্যা লাচিতৰ দৰেই নেতৃত্ব বহন কৰি আঁতৰোৱাৰ প্ৰসংগ উল্লেখ কৰিছে৷ প্ৰাণ দি হ’লেও মাতৃভূমি ভাৰতবৰ্ষৰ মান সন্মান অক্ষুন্ন ৰাখিব লাগিব বুলি গীতটোত কোৱা হৈছে৷ লাচিতে কোৱা ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বাণী যে আজিও ভাৰতৰ নৱ প্ৰজন্মই পাহৰা নাই আৰু সেই আদৰ্শৰেই দেশৰ সুৰক্ষাৰ বাবে প্ৰতিটো পল সাজু হৈ থাকে, সেই আদৰ্শ গীতটোত প্ৰতিফলিত হৈছে–
আমিতো নহওঁ কৰ্তব্য বিমুখ দুৰ্বল, কাপুৰুষ
প্ৰাণ দি হ’লেও গুচাব লাগিব আইৰ যাতনা শোক
‘দেশতকৈ একো ডাঙৰ নহয়’ মুখত মন্ত্ৰ ৰ’ল [নিৰ্মলপ্ৰভা বৰদলৈ, পৃষ্ঠা-৪৩]
‘ভাৰত আমাৰ মাতৃৰ মাতৃ’ শীৰ্ষক গীতটোত ভাৰতবৰ্ষক মাতৃৰো মাতৃ ৰূপত উপস্থাপন কৰিছে৷ সুজলা সুফলা আৰু শষ্য শ্যামলা বুলি ইয়াৰ প্ৰাকৃতিক তথা সামাজিক-সাংস্কৃতিক পৰিৱেশটোকো গীতটোত উপস্থাপন কৰা হৈছে৷
ভাৰত আমাৰ মাতৃৰ মাতৃ
অসম জন্মদাত্ৰী
সুজলা সুফলা শস্য শ্যামলা
বাৰে বৰণীয়া কৃষ্টি
সেইদৰে গীতটোত বৰ্ণিল জাতি-জনজাতিসমূহৰ মাজত থকা ঐক্য আৰু এনাজৰীৰ প্ৰসংগ আছে৷ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক ভাৰত মাতৃৰ কন্যা সন্তানৰ লগত গীতটোত তুলনা কৰা হৈছে৷
জাতি-উপজাতি-জনজাতি মিলি
ৰচে অনুপম সৃষ্টি
পূৰ্ব প্ৰান্তৰ সাতোজনী ভনী
ভাৰতৰে নিজ কন্যা
এনেদৰেই বৰদলৈয়ে তেওঁৰ সৃষ্টিৰাজিৰ মাজত ভাৰতৰাষ্ট্ৰৰ জয়গান আৰু গৌৰৱগাঁথা প্ৰকাশ কৰি গৈছে৷
২.৩ ভূপেন হাজৰিকা
ভূপেন হাজৰিকাৰ গীতত দেশ আৰু জাতিপ্ৰেম সৰ্বাধিক ৰূপত প্ৰতিফলিত হৈছে৷ তেওঁ আনকি বহু সময়ত ‘অসম’কো ৰাজ্য নুবুলি দেশ বুলিয়েই সম্বোধন কৰিছে৷ তেওঁৰ গীতত জাতীয়তাবাদ যিদৰে প্ৰতিফলিত হৈছে, বহু সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ, ইয়াৰ সামাজিক, সাংস্কৃতিক দিশ আদি দিশৰ বিষয়েও বিৱৰণ আৰু বিশ্লেষণ আছে৷ দেশৰ শোষিত জনগণৰ আৰ্তনাদ, স্বাধীনতা আৰু সমতাৰ বাবে কৰা যুদ্ধ, প্ৰতিবাদ, কৃষকশ্ৰেণীৰ দুখ-দুৰ্দশা, মাটিৰ সৈতে ভাৰত ৰাষ্ট্ৰৰ কৃষক ৰাইজৰ সহাৱস্থান আদি বিষয়বোৰ তেওঁ গীতৰ মাজেৰে মূৰ্তমান হৈ পৰিছে৷ কেৱল যে ৰাজ্য, দেশ আদিৰ পৰিসীমাতেই তেখতৰ সৃষ্টিৰাজি সীমাবদ্ধ আছিল, তেনে নহয়৷ সমগ্ৰ পৃথিৱীৰ মুক্তি হকে, সমগ্ৰ মানৱ সমাজ, প্ৰকৃতি, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিৰ বিষয়েও তেখেতে গীতৰ মাজেৰ বক্তব্য ডাঙি ধৰিছে৷ জনমত গঠন কৰিছে৷ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে৷ ‘মানুহে মানুহৰ বাবে’ এটি আন্তঃৰাষ্ট্ৰীয় ভাৱপ্ৰকাশক মানৱতাবাদৰ গীত৷ সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ বৈশিষ্ট্য এই গীতটোৰ মাজেৰে প্ৰতিফলিত হৈছে৷
‘বিস্তীৰ্ণ পাৰৰে’ স্বৰাজোত্তৰ কালৰ ভাৰতৰ পটভূমিত ৰচিত এটি গীত৷ সামন্তবাদী সমাজৰ অৱশিষ্টৰ সৈতে সহাৱস্থানেৰে সংযোজিত হৈছে পুঁজিবাদী সমাজ৷ এই পুঁজিবাদী আৰু সামন্তবাদী দুই ভাৱধাৰাৰ ক্ষয়িষ্ণু প্ৰভাৱৰ ফলত ব্যক্তিজীৱন আৰু সমাজ জীৱনৰ চুড়ান্ত অৱনতি ঘটিছে৷
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি সমষ্টিকেন্দ্ৰিক
তেনে শিথিল সমাজক নাভাঙা কিয়?
ভাৰতীয় পটভূমিত ভাৰতীয় মহাকাব্য আৰু পুৰাণৰ পৰা সংগৃহীত কিংবদন্তীৰ চৰিত্ৰৰ সমাহাৰেৰে গীতটো পাছলৈ সম্পূৰ্ণৰূপে ভাৰতীয় সমাজৰ গীত হৈ পৰিছে৷ [বৰ্ণালী বৰুৱা দাস, পৃষ্ঠা-৭২]
‘বুকু হম হম কৰে’ শীৰ্ষক গীতটোৰো মূল বিষয়বস্তু ভাৰতবৰ্ষ৷ নিজকে দেশমাতৃৰ পুত্ৰ জ্ঞান কৰি আই মাতৃৰ সুখ আৰু স্বাচ্চন্দ্যৰ বাবে দেশৰ এজন সন্তান হিচাপে ‘কি কৰোঁ’ বুলি হাজৰিকাই নিজক প্ৰশ্ন কৰিছে৷ সেইদৰে মাতৃভূমিৰ বাবে মৰিবপৰাৰ প্ৰসংগও গীতটিত উল্লেখ আছে৷ সেইদৰে দেশমাতৃৰ সমস্যাৰেভৰা অৱস্থাটো চিত্ৰিত কৰিবলৈ আৰু তেনে অৱস্থাত এজন সেৱক হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা স্মৰণ কৰি হাজৰিকাই লিখিছে–
দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে
অগনি কালিকা দেহৰ ৰন্ধে ৰন্ধে চৰে
ভূপেন হাজৰিকাই দেশৰ কথা কোৱাৰ সমান্তৰালভাৱে কিন্তু প্ৰসংগক্ৰমে নিজ ৰাজ্যৰ একক স্থিতি আৰু স্বাধিকাৰৰ কথাও তেওঁৰ গীতৰ মাজেৰে প্ৰতিষ্ঠা কৰি থৈ গৈছে৷ ‘আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তনা লভিলে নহ’ব’ শীৰ্ষক গীতটোত সেয়েহে তেখেতে উল্লেখ কৰিছে–
আনৰে লগতে অসমীয়া অসমতে
যদিহে নাবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে আনৰ আইক
জানো ঘিণ কৰাটো বুজাব
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়...
ভাৰতবৰ্ষৰ ৰাজনৈতিক সমালোচনামূলক এটি গীত– ‘বৰ বৰ মানুহৰ দোলা’৷ ভাৰতবৰ্ষৰ শ্ৰমিক জীৱনৰ উপস্থাপন আৰু উচ্ছ ধনৱন্ত শ্ৰেণীটোৰ লাস-বিলাস, আভিজাত্যৰ সমান্তৰালভাৱে খাতি খোৱা দৰিদ্ৰ শ্ৰেণীটোৰ অৰ্থনৈতিক, সামাজিক অৱস্থা গীতটোৰ মাজেৰে প্ৰতিফলিত হৈছে৷
দোলা দোলা দোলা
একা বেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা
আপোন কৰিলোঁ বনুৱা জীৱনক
দেহা ভাগৰাই তোলা
‘অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম’ (ৰচনাকাল- ১৯৩৯)ত শীৰ্ষক গীতটিও হাজৰিকাই প্ৰথমে ‘মুক্তি দেউল’ আলেখ্যৰ বাবে ‘নতুন ভাৰত গঢ়িম’ বুলি লিখিছিল৷ এই গীতটোকে হাজৰিকাই পৰৱৰ্তী সময়ত ‘চিৰাজ’ নাটকৰ বাবে ‘ভাৰত’ শব্দটো সলনি কৰি তাৰ ঠাইত ‘অসম’ কৰে৷ কিন্তু গীতটোৰ যি অন্তনিৰ্হিত চেতনা; তাৰ জৰিয়তে এটি প্ৰগতিশীল চিন্তাধাৰাৰ প্ৰকাশ ঘটিছে৷ ‘সাম্যৰ সৰগ ৰচিম’ বুলি হাজৰিকাৰ যি চিন্তা-চেতনা, ইয়াৰ জৰিয়তে মাক্সৰ্বাদৰ প্ৰভাৱ গীতটিত লক্ষ্য কৰা দেখা যায়৷ হাজৰিকাই লিখা ‘অসম আমাৰ ৰূপহী’ শীৰ্ষক গীতটোৰ মাজতো ভাৰতবৰ্ষৰ প্ৰসংগ আনি অসম ৰাজ্যৰ কথা উল্লেখ কৰিছে৷ ‘ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ বুলি অসম ৰাজ্যৰ গুণানুকীৰ্ত্তন কৰিছে৷ হাজৰিকাৰ ‘আতঙ্কবাদ হুঁচিয়াৰ’ শীৰ্ষক গীতটোৰ মাজতো ভাৰতবৰ্ষৰ সন্ত্ৰাসেৰে জৰ্জৰিত অৱস্থাটোৰ প্ৰসংগ উল্লেখ কৰা হৈছে৷ তেওঁ লিখিছে–
বসুধৈৱ্য কুটুম্বকম্
আমাৰ ভাৰতীয় মন্ত্ৰ
আতঙ্কবাদে নোৱাৰে ৰুধিব
মানৱতাবাদ-গণতন্ত্ৰ
‘আহ্ আহ্ ওলাই আহ্ সজাগ জনতা’ শীৰ্ষক গীতটোত হাজৰিকাই ‘ৰামৰে দেশ’ বুলি ভাৰতবৰ্ষৰ প্ৰসংগ আনিছে৷ এই দেশৰ ‘ৰাৱন’ অৰ্থাৎ বিভিন্ন নেতিবাচক শক্তিক বিনাস কৰিবলৈ নিজৰ জীৱনটোও মৃত্যুৰ মুখলৈ লৈ যাবলৈ প্ৰয়োজন হ’লে প্ৰস্তুত বুলি তেওঁ উল্লেখ কৰিছে৷
আহ্ আহ্ ওলাই আহ্ সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱন বধোতে
যায় যদি যায়, জীৱনটো যাক!
হাজৰিকাৰ ‘এই পৃথিৱী এক ক্ৰীড়াঙ্গন’ শীৰ্ষক গীতটোৰ মাজেৰেও ক্ৰীড়াৰ জৰিয়তে সামূহিক একতা তথা ঐক্য-সম্প্ৰীতি গঢ়ি তোলাৰ প্ৰসংগ উল্লেখ কৰা হৈছে৷ ক্ৰীড়াক ‘শান্তিৰ প্ৰাঙ্গন’ বুলি উল্লেখ কৰা হৈছে৷ ভাৰতবৰ্ষত বিচ্ছিন্নতাৰ নীতিৰ পৰিৱৰ্তে সমন্বয়হে লাগে বুলিও গীতটোত উল্লেখ কৰিছে৷ এটা সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই সহযোগিতা কৰে বুলিও গীতটোত বিচাৰ-বিশ্লেষণ কৰিছে৷
‘কত জোৱানৰ মৃত্যু হ’ল’ শীৰ্ষক গীতটি ভাৰতৰ সৈন্য বাহিনীৰ জীৱন আৰু ভাৱ প্ৰকাশক এটি শক্তিশালী গীত৷ গীতটোত ভাৰতৰ জোৱানসকলে যুদ্ধত অৱতীৰ্ণ হোৱাৰ প্ৰসংগ আৰু ৰাষ্ট্ৰৰ শান্তি সুৰক্ষাৰ বাবে নিজেই যুদ্ধত মৃত্যু হ’বলগীয়া প্ৰসংগ গীতটোত উল্লেখ আছে৷ দেশৰ বাবে বৰণ কৰা মৃত্যু ‘অপৰাজেয়’ বুলি উল্লেখ কৰিছে আৰু তেনে এজন মৃতক হ’বলৈ নিজেও ইচ্ছা প্ৰকাশ কৰিছে৷
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লো মই কিয়
‘কৰ্মই আমাৰ ধৰ্ম’ শীৰ্ষক গীতটোৰ মাজেৰেও হাজৰিকাই দেশৰ ইতিবাচক দিশসমূহক লৈ গৰ্ব কৰাৰ প্ৰসংগ আছে৷ মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজৰ দৃষ্টি আৰু দৰ্শন গীতটোৰ মাজেৰে প্ৰতিফলিত হৈছে৷ গীতটোৰ এঠাইত হাজৰিকাই উল্লেখ কৰিছে এনেদৰে –
সুফলা মাটিৰ সৃষ্টিৰ সুৰ
গামেই দেশৰ গৰ্ব
পীড়িতজনক আকোঁৱালি লৈ
গাঁৱতে পাতিম স্বৰ্গ
‘গোদাবৰী নৈৰে পাৰৰে পৰা’ শীৰ্ষক গীতটোটো ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐক্যৰ প্ৰসংগ উল্লেখ আছে৷ গীতটোত অসমক ‘দেশ’ বুলি সম্বোধন কৰা হৈছে৷ তেজপুৰৰ ‘অগ্নিগড়’ৰ ঊষা প্ৰসংগ আনি মহাৰাষ্ট্ৰতো সীতাৰ বিলাপ শুনি পঞ্চৱতী বনে চুকলো টোকাৰ প্ৰসংগ উল্লেখ আছে৷
গোদাবৰী নৈৰে পাৰৰে পৰা
অসমী আইলৈ যাচোঁ প্ৰণাম
সেইদৰে বীৰ শিৱাজী, বাল গঙ্গাধৰ তিলক, বীৰ চাভাৰকাৰৰ প্ৰসংগ আনি তেওঁ ভাৰতৰ ঐতিহ্য আৰু গৌৰৱগাঁথাৰ গুনানুকীৰ্তন কৰিছে৷ এখন সমৃদ্ধিশালী আৰু ঐতিহ্যময় দেশৰ নাগৰিক হিচাপে গীতটোত ভাৰতবৰ্ষ তথা অসম ৰাজ্যৰ এগৰাকী ছোৱালীয়ে গৌৰৱ কৰিছে৷ ‘এই জীয়ৰী’ শব্দটো গীতটোত প্ৰতীকহে৷ ই সমগ্ৰ অসমৰ নাৰী সমাজক প্ৰতিনিধিত্ব কৰিছে৷
মহাৰাষ্ট্ৰতো বীৰ শিৱাজীয়ে
তিয়াগি নৃপৰ বিলাস, দেশৰ হকে জীৱন যাচিলে
গুৰু আছিল ৰামদাস৷
মহান তিলক আৰু বীৰ চাভাৰকাৰে
যুঁজিছিল অবিৰাম
সেইখন দেশৰে জীয়ৰী মই
অসমী আইলৈ যাচোঁ প্ৰণাম
‘চিয়াঙৰে গালং’ শীৰ্ষক গীতটোত উত্তৰ পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহক একত্ৰভাৱে উপস্থাপন কৰা হৈছে৷ এই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐক্য, বৈচিত্ৰ গীতটোৰ মাজৰে সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ গীতটোৰ এটি স্তৱকৰ উদাহৰণ–
চিয়াঙৰে গালং
লোহিতৰে খামটি
আৰু টিৰাপৰে ৱানচুৱে
মোক কিয় মাটিছে
ইয়াৰোপৰি গীতটোত আপাটানি, মনপা, চেৰদুকপেন, টাংচাই, অঁকা, বৰী আদি জনগোষ্ঠীসমূহৰ নামোল্লেখ থকাৰ লগতে তেওঁলোকৰ সাংস্কৃতিক বৈচিত্ৰ্য সম্পৰ্কেও প্ৰতীকাত্মক উপস্থাপন কৰা হৈছে৷ সেইদৰে হাজৰিকাৰ ‘টিৰাপ সীমান্ত’ গীতটোটো উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ বিষয়ে পৰিচয় তথা তেওঁলোকৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰসংগ আছে৷ গীতটোত নক্তে, ৱাঞ্চু, টাংচা, য়ুগলি, লুংচাং জনগোষ্ঠী আৰু তেওঁলোকৰ সংস্কৃতিৰ বিষয়েও গীতটোত উল্লেখ আছে৷ গীতটোৰ প্ৰথম স্তৱকৰ উদাহৰণ–
টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত
নক্তে ৱাঞ্চু টাংচা য়ুগলিৰ
দেখিলোঁ মনৰ সেউজ দিগন্ত
‘জয় জয় নৱজাত বাংলা দেশ’ শীৰ্ষক গীতটোটো ভাৰত ৰাষ্ট্ৰৰ প্ৰসংগ আছে৷ বাংলা দেশ আৰু ভাৰত ৰাষ্ট্ৰৰ সৈন্যবাহিনীয়ে ৰচা মৈত্ৰী আৰু একাত্মবোধ গীতটোত উল্লেখ আছে৷
জয় জয় নৱজাত বাংলা দেশ
জয় জয় মুক্তি বাহিনী
ভাৰতীয় সৈন্যৰ স’তে ৰঁচিলা
মৈত্ৰীৰ কাহিনী
সেইদৰে গীতটোৰ শেষৰফালে ভাৰতবৰ্ষৰ পৰিচয় আৰু ভাৰতক লৈ গৰ্ব তথা অহঙ্কাৰ কৰিছে এনেদৰে–
আমাৰ ভাৰত কিছু মাটি নহয় নহয় এক মানচিত্ৰ
নহয় ভাৰত এখন বিশেষ শাস্ত্ৰৰ কিছুমান সূত্ৰ
আমাৰ ভাৰত এক প্ৰচণ্ড শক্তিৰে মেলি থোৱা জাগ্ৰত নেত্ৰ
লক্ষ্য মাথোঁ ন্যায় মিত্ৰতা নিবিচাৰে ই পৰৰাষ্ট্ৰ
‘জেঠৰে তেৰৰে বুধৰ দুপৰীয়া’ শীৰ্ষক গীতটোত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ প্ৰসংগ আছে৷ গীতটোত তেওঁ নেহৰুক এজন প্ৰভাৱশালী তথা ভাৰতৰ হকে আপ্ৰাণ কষ্ট আৰু ত্যাগ কৰা এজন সমাজহিতৈষী ব্যক্তিৰূপত উপস্থাপন কৰিছে৷ গীতটোত উল্লেখ আছে–
জেঠৰে তেৰৰে বুধৰ দুপৰীয়া
তেৰশ এসত্তৰ চন
বাতৰি আহিলে জৱাহৰ নাই
অবিশ্বাস কৰিবৰ মন
হাজৰিকাই ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ সময়ত লিখিছিল–
ডলিত ভাৰতৰ আশাৰ প্ৰতীক
জয় মহাত্মা গান্ধী
মোহন ৰূপেৰে জগত মুহিলা
প্ৰেমৰ ডোলেৰে বান্ধি
গীতটোৰ মাজত দেশ স্বাধীন হোৱাত গান্ধীৰ ভূমিকাক প্ৰশংসা কৰাৰ লগতে দেশৰ বাবে তেখেতৰ বৃহৎ ত্যাগ আৰু তেওঁৰ দৃষ্টি আৰু দৰ্শন প্ৰতিফলিত হৈছে৷ সেইদৰে তেওঁ মহাত্মা গান্ধীৰ মৃত্যুৰ পাছতো শোক প্ৰকাশ কৰি দিহানামৰ আংগিক ব্যৱহাৰ কৰি এটি গীত ৰচনা কৰিছিল৷ গীতটোত মহাত্মা গান্ধীৰ জয়গান কৰাৰ সমান্তৰালভাৱে তেখেতৰ মৃত্যুত পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ জনগণৰ পৰিস্থিতি আৰু অৱস্থা, ইয়াৰ ৰাজনৈতিক পৰিৱেশটোৰ অৱস্থা কেনে পৰ্যায়ৰ হৈ পৰিছে৷ সেই সম্পৰ্কে উল্লেখ আছে৷ গীতটোৰ উদাহৰণ–
তেৰশ চৌৱন্নৰ মাঘৰে মাহতে
ষোল্লৰে বিয়লি বেলা
পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে
বাপুজী ক’লৈনো গ’লাঁ
সেইদৰে ‘তুমি নতুন পুৰুষ’ শীৰ্ষক গীতটোত ভাৰতবৰ্ষৰ নৱপ্ৰজন্মক উদ্দেশ্যি হাজৰিকাই বিভিন্ন ইতিবাচক আশাবাদ প্ৰকাশ কৰিছে৷ ভৱিষ্যতে আহিবলগীয়া সভ্যতা এটা সুস্থ ৰূপত বৰ্তি থকাত যে বৰ্তমান প্ৰজন্মটোৰ দায়িত্বই সৰ্বাধিক, সেই দৃষ্টিভংগী গীতটোত আছে৷ গীতটোত উল্লেখ আছে–
তুমি নতুন পুৰুষ তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্ৰহৰী
‘ধুমুহা নাহিবি’ শীৰ্ষক গীতটোৰ শেষৰফালেও ভাৰতীয় গণতন্ত্ৰৰ আৰু জনতন্ত্ৰৰে প্ৰসংগৰ উল্লেখ আছে৷ এই জনতন্ত্ৰ অভিধাৰে গীতিকাৰে ভাৰতবৰ্ষৰ সামগ্ৰিক জনতাকে প্ৰতিনিধিত্ব কৰিছে৷ অঞ্চল বা ৰাজ্যৰ পৃথক পৰিচয় এইবোৰ গীতত পাবলৈ নাই৷
ইগছি চাকিৰ শিখা পোহৰাই ৰওক
জনজীৱনৰে এন্ধাৰ নিশা
ইগছি চাকিৰ শিখা ভাৰতে জ্বলোৱা
জনতন্ত্ৰৰে সাক্ষী
জনতন্ত্ৰৰে সাক্ষী
সেইদৰে ‘নতুন পুৰুষ’ তেওঁ ভাৰতবৰ্ষৰ নতুন পুৰুষটোৰ প্ৰতি গভীৰ আশাবাদ পোষণ কৰিছে৷ তেওঁ নতুন পুৰুষটো যে ভীৰু আৰু কাপুৰুষ নহয়, সেয়া স্বীকাৰ কৰিছে৷ উদাহৰণ–
নতুন পুৰুষ নতুন পুৰুষ
তুমিটো নোহোৱা আৰু ভীৰু কাপুৰুষ
সেইদৰে তেওঁ গীতটোৰ মাজৰ স্তৱকত দেশৰ নতুন প্ৰজন্মটোৰ কৰ্মস্পৃহা আৰু কৰ্মপদ্ধতি সম্পৰ্কে লিখিছে–
যুগে যুগে যুগৰ দাবী কঢ়িয়াই
নতুন নতুন পুৰুষ আহিলে
নোপোৱাৰ বেদনাক ধংস কৰিব বুুলি
দেশৰেই ধৰণী কঁপালে
‘পিয়লী, পিয়লী’ শীৰ্ষক গীতটোৰ মাজৰেও পিয়লী ফুকনৰ মৃত্যুৰ পাছত দেশৰ জনতাই তেওঁক কিদৰে সোঁৱৰিছে, তাৰ বিৱৰণ দিছে এনেদৰে–
পিয়লী, পিয়লী! ক’তনো লুকালি
মুকুতি যুঁজৰ সেনাপতি
পৰেবতৰ শিখৰতে ভৈয়ামৰ নামনিতে
দেশৰ ল’ৰা বুঢ়াই উচুপিছে দিন-ৰাতি
সেইদৰে ভূপেন হাজৰিকাই গীতৰ মাজেৰেই প্ৰশ্ন কৰি নিজেই উত্তৰ দিছে এনেদৰে–
বিংশ শতিকাৰ অস্তাকাশত
দিনৰ চিতা জ্বলিবনে
একবিংশ শতিকাৰ প্ৰথম প্ৰভাতে
দিগন্ত উজ্বলাবনে
উজলাব উজলাব উজলাব
হাজৰিকাই ‘ৰাইজ আজি ভাৱৰীয়া’ শীৰ্ষক গীতত দেশক নাটঘৰ বুলি তুলনা কৰিছে৷ গানটোত ৰাজনৈতিক ব্যংগ নিহিত হৈ আছে৷ পৰিচালকক সুধিবৰ হ’ল, মুখাৰে কিমান ঠগিবা’ বুলি তেওঁ ভাৰত ৰাষ্ট্ৰৰ শাসনযন্ত্ৰটোক ব্যংগ কৰিছে৷ গীতটোত তেওঁ লিখিছে–
পৰিচালকক সুধিবৰ হ’ল, মুখাৰে কিমান ঠগিবা
টেকনিক ভৰা নাটেৰে কিমান নাটনিৰ নাট মেলিবা
‘লুইতপৰীয়া ডেকা বন্ধু তোমাৰ তুলনা নাই’ শীৰ্ষক গীতটোৰ দ্বাৰা যদিও হাজৰিকাই অসমৰ ডেকাশক্তিক উদ্দেশ্য কৰি লিখা যেন লাগে, কিন্তু এই গীতটোৰ দ্বাৰাও ভাৰতবৰ্ষৰ নৱ-প্ৰজন্মৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে৷ তেওঁ লিখিছে–
লুইতপৰীয়া ডেকা বন্ধু তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা মৃত্যু শপত খায়
‘শ্বহীদ প্ৰণামো তোমাক’ শীৰ্ষক গীতটিও ভাৰত আৰু অসমৰ দেশপ্ৰেম ভাৱ প্ৰকাশক এটি কালজয়ী গীত৷ গীতটোত তেওঁ দেশৰ শ্বহীদসকলৰ প্ৰতি গৌৰৱবোধ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ ত্যাগৰ প্ৰতি সন্মান জনাইছে৷ গীতটোৰ এটি স্তৱকৰ উদাহৰণ–
শ্বহীদ প্ৰণামো তোমাক
লুইতৰ পাৰৰে তুমি ডেকা ল’ৰা তুমিয়েতো বুকু পাতি দিলা
ভাৰতীৰ নুমলী জীক বচাবলৈ তুমিয়েটো মৃত্যু বৰিলাঁ
‘সূৰ্য উদয় যদি লক্ষ্য আমাৰ’ গীতটোৰ মাজতো ভাৰতদেশৰ প্ৰতি হাজৰিকাৰ আশবাদ আৰু সমান্তৰালভাৱে ভাৰতৰ জনগণৰ প্ৰতি প্ৰশ্ন আছে৷ সেয়েহে তেওঁ লিখিছে–
কেতিয়াবা দেউতাৰ চকু দুটা পোৰে
বুঢ়ী আয়ে নিজৰ চকুপানী পিয়ে
দেশৰ ৰাইজখনে প্ৰাপ্য বিচাৰি
নিজৰে ভাঙি পাতি দিয়ে
এনেদৰেই দেখা যায় ভূপেন হাজৰিকাৰ গীতৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ উন্মেষ দেখা যায়৷ তেওঁ গীতৰ মাজত ৰাজ্যৰ প্ৰসংগ উত্থাপন কৰাৰ দৰে সমগ্ৰ দেশৰ কথাও বিভিন্ন দৃষ্টিভংগীৰে উল্লেখ কৰিছে৷ দেশৰ নৱ প্ৰজন্ম ইয়াৰ জাতি-জনগোষ্ঠীসমূহৰ বিষয়েও বহুতো গীতৰ মাজেৰে বাস্তৱিকতাৰে বৰ্ণনা কৰি থৈ গৈছে৷
সামৰণিঃ
পৰিশেষত আলোচনাৰপৰা নিম্নোক্ত সিদ্ধান্তসমূহত উপনীত হ’ব পাৰোঁ–
ক৷ বিংশ শতিকাৰ অসমীয়া গীতিকাৰৰ গীত ৰচনাৰ এটি মূল বিষয়বস্তু আছিল দেশপ্ৰেম৷ তেওঁলোকৰ এই গীতবোৰৰ মাজত ভাৰতবৰ্ষৰ ঐক্য আৰু সম্প্ৰীতি, অখণ্ডতা, অনক্যৰ মাজত ঐক্য আদি দিশবোৰ প্ৰতিফলিত হৈছে৷ সেইদৰে স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষৰ জনগণৰ ভূমিকা, দায়িত্ববোধ, আত্ম বলিদান আদিও এই গীতবোৰৰ অন্যতম বিশেষত্ব৷
খ৷ একেকেইজন গীতিকাৰে স্থান আৰু সময়, পৰিস্থিতি ভেদে অঞ্চলকেন্দ্ৰিক বা আঞ্চলিকতাবাদৰ আদৰ্শৰে সমৃদ্ধ হৈ গীত লিখিছে আৰু স্থান ভেদে ৰাষ্ট্ৰীতাবাদী দৃষ্টিভঙ্গীৰে সমৃদ্ধ হৈ গীত ৰচনা কৰিছে৷ ৰাষ্ট্ৰৰ উন্নয়নৰ সমান্তৰালভাৱে যে ৰাজ্য আৰু স্থানীয় সভ্যতা, সংস্কৃতি আদিও সমৃদ্ধিশালী হৈ আগবাঢ়ি যাব লাগে, এই আদৰ্শবোধ গীতবোৰত আছে৷
গ৷ এই দেশপ্ৰেমমূলক গীতবোৰৰ মাজেৰে মূলতঃ ভাৰত ৰাষ্ট্ৰৰ বিজয় আৰু গৌৰৱৰ জয়গান গোৱা হৈছে৷ কল্পনাৰ আধিক্য, ভাৱবিলাস আৰু বীৰ পূজা, দেশৰ জনগণৰ গুনানুকীৰ্তন আদি এই গীতবোৰৰ অন্যতম বিশেষত্ব৷
ঘ৷ দেশপ্ৰেমূলক গীতবোৰৰ মাজেৰে ভাৰত ৰাষ্ট্ৰৰ অতীতৰ গৌৰৱগাঁথাক লৈ উৎসাহিত আৰু গৰ্বিত হোৱাৰ সমান্তৰালভাৱে নৱ প্ৰজন্মৰ প্ৰতি গভীৰ আস্থা আৰু ভৱিষ্যত ইতিবাচক সমৃদ্ধিশালী ৰাষ্ট্ৰ এখনৰ কল্পনা কৰা হৈছে৷ সাৰ্বভৌমত্ব, অখণ্ডতা, আদি দিশবোৰো এই গীতৰ মাজেৰে প্ৰতিফলিত হৈছে৷
ঙ৷ এই গীতবোৰৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ মাজত থকা ঐক্য, মিলা-প্ৰীতি, বাৰেবৰনীয়া সাংস্কৃতিক ঐতিহ্য, সাংস্কৃতিক আভিজাত্য আদিৰ বিষয়ে উল্লেখ আছে৷ পাহাৰ-ভৈয়ামৰ মাজত থকা আত্মীয়তা, সহৃদয়তা আদি এই গীতবোৰৰ মুখ্য আকৰ্ষণ৷
চ৷ অসমৰ প্ৰান্তীয় এলেকাৰপৰাওযে ৰাষ্ট্ৰৰ হকে চিন্তা-চৰ্চা কৰা ব্যক্তি আছে৷ সেই আদৰ্শবোধ গীতবোৰৰ মাজেৰে প্ৰতিফলিত হৈছে৷ নিজৰ ৰাজ্যখনৰ সমগুৰুত্ব দিয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰখনৰ প্ৰতিও অসম ৰাজ্যখনৰ জনগণ সদা সচেতন৷ ভূপেন হাজৰিকাই সেয়েহে কৈছে– ‘প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়’৷
গ্ৰন্থপঞ্জী ঃ
আগৰৱালা, জ্যোতিপ্ৰসাদঃ জ্যেতি মণিষা, বনলতা, পঞ্চম সংস্কৰণ, ডিব্ৰুগড়, চতুৰ্থ সংস্কৰণ, ২০০৯
কলিতা, চুমিঃ পাৰ্বতিপ্ৰসাদ বৰুৱা ৰচনাৱলী, অসম সাহিত্য সভা, তৃতীয় সংস্কৰণ, ২০০৫
চলিহা, সুমন্তঃ জ্যোতিপ্ৰসাদ ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, নৱম সংস্কৰণ, ২০১৭
গোস্বামী, ভূপেন্দ্ৰনাথঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা-কৰ্ম আৰু দৰ্শন, পূৰ্বাঞ্চল প্ৰকাশ, প্ৰথম সংস্কৰণ, ২০১৭
তামুলী গীতাশ্ৰী আৰু অখিল গগৈঃ উৰিব পৰা হ’লে আকৌ যুজিলোহেঁতেন, বনলতা, প্ৰথম সংস্কৰণ, ২০০৩
ঐঃ শিল্পীৰ আলোকযাত্ৰা, জ্যোতি প্ৰকাশন,গুৱাহাটী, প্ৰথম সংস্কৰণ, ২০০২
গোস্বামী, লোকনাথঃ অসমীয়া আধুনিক গান, জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ,সাৰস্বত প্ৰকাশন, দ্বিতীয় প্ৰকাশন, ২০১২
গোস্বামী, লোকনাথঃ অসমীয়া আধুনিক সংগীতৰ ইতিহাস, ৰেখা প্ৰকাশন, প্ৰকাশক- দেৱেন কলিতা, প্ৰথম প্ৰকাশ, ২০১৬
ফুকন, লক্ষ্মীনাথঃ মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, প্ৰথম প্ৰকাশ, ১৯৬২
বৰদলৈ, নিৰ্মলপ্ৰভাঃ ফুলৰ এই মেলাতে, জ্যোতি প্ৰকাশন, পাণবজাৰ, তৃতীয় প্ৰকাশ, ২০১৪
নেওগ, মহেশ্বৰঃ অসমীয়া গীতি সাহিত্য, চন্দ্ৰ প্ৰকাশ, চতুৰ্থ সংস্কৰণ, ১৯৯৮
ৰায়চৌধুৰী, অনিল আৰু বিজনলাল চৌধুৰীঃ জ্যোতি চেতনা, পূৰ্বাঞ্চল প্ৰকাশ, ১৯৮৮
শইকীয়া, জ্যোতিপ্ৰসাদঃ জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা,আছুৰ দ্বাৰা প্ৰকাশিত, প্ৰথম সংস্কৰণ, ২০১৭
হোছেইন, ইছমাইলঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু দৰ্শন, জ্যোতি প্ৰকাশন, গুৱাহাটী, দ্বিতীয় সংস্কৰণ, ২০০২
হাজৰিকা, সূৰ্যঃ ভূপেন হাজৰিকা গীত সমগ্ৰ, বাণী মন্দিৰ, পৰিবদ্ধিৰ্ত আৰু সংশোধিত সংস্কৰণ, তৃতীয় প্ৰকাশ, ২০০৮
সিংহ, দীনবন্ধুঃ ভূপেন হাজৰিকাৰ গীতৰ স্বৰলিপি, বনলতা, দ্বিতীয় প্ৰকাশ, ২০২১
সোণোৱাল, গুণেশ্বৰঃ শংকৰদেৱ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ, কানন, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ১৯৮৬
দাস, বৰ্ণালীঃ গভীৰ আস্থাৰ গান, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০২১
দত্ত, বীৰেন্দ্ৰনাথঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ২০০০
দত্ত, দিলীপ কুমাৰঃ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, বনলতা, প্ৰথম প্ৰকাশ, ১৯৯২
দাস, বাবুলঃ জ্যোতিৰ সান্নিধ্যত, কমলা প্ৰকাশ, প্ৰথম সংস্কৰণ, ১৯৮৯
ঐঃ সন্তান তুমি বিপ্লৱৰ, ষ্টুডেণ্ট ষ্ট’ৰচ, ২০০২
সৰলা, দত্তঃ অসমীয়া গীতি সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, ২০০২
আলোচনী ঃ
শইকীয়া, চন্দ্ৰপ্ৰসাদঃ প্ৰকাশ, ষষ্ঠ বছৰ, ষষ্ঠ সংখ্যা, মাৰ্চ, ১৯৮১
ঐঃ প্ৰকাশ, ষষ্ঠ বছৰ, অষ্টম সংখ্যা, মে’ ১৯৮১
ঐঃ গৰীয়সী, দশম বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ২০০৩
0 Comments