‘বতাহৰ ছবি’ উপন্যাসৰ কথন ৰীতিৰ বিশিষ্টতা ৷৷ ড॰ আনন্দ বৰমুদৈৰ লেখা


* সাম্প্ৰতিক কালত উপন্যাস শব্দটোৱে গদ্যত লিখা বিশাল পৰিধিৰ বিচিত্ৰ ধৰণৰ লেখাক সামৰি লয়৷ সিবিলাকৰ মাজত উমৈহতীয়া গুণ এটা– সিবিলাক সম্প্ৰসাৰিত কাল্পনিক কাহিনী৷ অসমীয় উপন্যাস সাহিত্য যথেষ্ট চহকী৷ গোহাঞি বৰুৱা, বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি ঔপন্যাসিকসকলে ভেঁটি সুদৃঢ় কৰা অসমীয়া সাহিত্যক পৰৱত¹ কালত বিভিন্নজনে সমৃদ্ধি আৰু বিস্তৃতি দান কৰিছে৷ অসমীয়া উপন্যাসে আৰম্ভণি কালত তৎকালীন ঘটনা প্ৰবাহতকৈ ঐতিহাসিক ঘটনাৰ ওপৰত অধিক গুৰুত্ব দিছিল৷ বুৰঞ্জীমূলক ঘটনাৰ ভিতৰত মানৰ আক্ৰমণ আৰু মোৱামৰীয়া বিদ্ৰোহক পটভূমি কৰি লোৱা উপন্যাসেই বোধহয় সৰ্বাধিক হয়৷ ঐতিহাসিক উপন্যাসক লেখক, পাঠক, সমালোচক আটায়ে গুৰুত্ব দি থাকোতেই তৎকালীন সমাজখনৰ ছবি এখন দাঙি ধৰাৰ সামাজিক উপন্যাসখনে উপন্যাস বুলি স্বীকৃতিয়েই নাপালে৷ ১৮৭৬ চনত প্ৰকাশ পোৱা হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি’য়ে তৎকালীন সমাজ জীৱনৰ ছবি এখন দাঙি ধৰিছে যদিও কিবা কাৰণত সমালোচকে কিতাপখনক উপন্যাস বুলি নকয়৷ অসমীয়া উপন্যাসৰ ভূমিকাত ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে, ‘কোৱাভাতুৰি ব্যংগাত্মক কাহিনী, প্ৰচাৰধম¹ ৰচনা নহয়৷ উপন্যাসৰ যি দুটা প্ৰধান অংগ, সুগঠিত সুবিন্যস্ত কাহিনী আৰু নিটোল চৰিত্ৰাঙ্কণ ইয়াত নাই৷’ ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি’ সম্প্ৰসাৰিত কাল্পনিক কাহিনী এটা আৰু কিছু সংখ্যক চৰিত্ৰ যিহেতু আছে, ই উপন্যাস হিচাপে স্বীকৃত হোৱাত দেখাত একো বাধা নাই৷ 

জাগৰণ সাহিত্য প্ৰকাশনে জুলাই, ২০২১ত প্ৰকাশ কৰা ৰুদ্ৰাণী শৰ্মাৰ ‘বতাহৰ ছবি’ৰ প্ৰসংগত হেমচন্দ্ৰ বৰুৱাৰ কোৱাভাতুৰিৰ প্ৰসংগ উল্লেখ কৰাৰ উদ্দেশ্য আছে৷ নায়ক বা নায়িকা প্ৰধান উপন্যাস এখনত আমি যিদৰে কাৰ্যকাৰণ নীতি মানি আগবাঢ়ি যোৱা কাহিনী এটা আশা কৰিব পাৰো, ‘বতাহৰ ছবি’ত আমি নোৱাৰোঁ৷ এই উপন্যাসখনৰ কাহিনী কেৱল সাম্প্ৰতিক সমাজ জীৱনৰে কাহিনী নহয়, এই কাহিনী আজিৰ তাৰিখত চলি থকা কাহিনী; উপন্যাসত আলোচনা কৰা সমস্যা কোনো সমাধান নোহোৱা সমস্যা৷ অদূৰ ভৱিষ্যতে এই সমস্যাৰ কিবা সমাধান হ’ব বুলিও আশা কৰিব নোৱাৰি৷ সমাধানৰ কোনো সম্ভাৱনা নথকা সমস্যা এটাক উপন্যাসৰ কাহিনীত সমাধান কৰি দেখুৱালে কাহিনীকাৰ হিচাপে ঔপন্যাসিকে বিশ্বাসযোগ্যতাহে হেৰুৱাব৷ পাঠক ঔপন্যাসিকৰ প্ৰতি যিমানে সহানুভূতিশীল হ’লেও এতিয়াও সন্ত্ৰাস সৃষ্টি কৰি থকা ক’ভিড অতিমাৰীৰ কাহিনী উপন্যাসত সম্পূৰ্ণ হৈ পৰিসমাপ্তিলে গতি কৰিলে পাঠকৰ ইচ্চাকৃত অবিশ্বাস দূৰকৰণ (willing suspension of disbelief) কাহিনীকাৰে লাভ কৰিব নোৱাৰিব৷

অতিমাৰীৰ দৰে বিশ্বজোৰা ভয়ানক আৰু চলি থকা সমস্যা এটাক উপন্যাসৰ বিষয় কৰাটোৱেই এটা দুঃসাহসিক কাম৷ কাৰণ, এনে এটা বিষয়ৰ ওপৰত পাঠকক নতুন কিবা এটা তথ্যৰ যোগান ধৰিব পৰাৰ আশা কম৷ সংবাদ মাধ্যমে ক’ভিড অতিমাৰী সম্পক¹য় সকলো তথ্য মানুহক যোগান ধৰি আছে৷ ক’ৰণা ভাইৰাছ বতাহৰদৰে নিজে অদৃশ্য, কিন্তু ইয়াৰ অভিযাত ব্যাপক আৰু ভয়ংকৰ৷ অদৃশ্য বতাহেই প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰাৰ দৰেই ক’ৰণাই আকাশলংঘা দুৰ্যোগ জনজীৱনত সৃষ্টি কৰিছে৷ মানুহৰ ব্যক্তিগত, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সমাজ জীৱনৰ সকলো দিশলৈ ক’ৰণাই পৰিৱৰ্ত্তন আনিছে৷ ৰুদ্ৰানী শৰ্মা সজাগ, সচেতন আৰু অপ্ৰণোদিত ঔপন্যাসিক৷ তেওঁ কি কৰিছে নিজে জানে৷ গতানুগতিক সামাজিক উপন্যাসৰ মাজেদি তেওঁ নিৰ্বাচন কৰা বিষয়ক শিল্পৰূপত নিৰ্মাণ কৰা সহজ নহ’ব বুলিও জানে৷ কোনো শিল্পী সাহিত্যিককে বিষয় নিৰ্বাচনত আমি পাঠকে খুঁত ধৰিব নোৱাৰোঁ, কিন্তু নিৰ্বাচিত বিষয়ক কিদৰে শিল্প ৰূপ দান কৰা হৈছে সেই কথা আমি নিৰীক্ষণ কৰিব পাৰো৷ যিছাটি ক’ৰণা বতাহৰ তাণ্ডব কাহিনীত অন্তৰ্ভূক্ত হৈছে তাক মাকৰ ঘৰলৈ ঘূৰি যোৱা বৰদৈচিলাৰ লগত ৰিজাব পাৰি৷ এই বৰদৈচিলাই মহটিয়াই নিয়া মানুহ, গছ-গছনি, ঘৰ-দুৱাৰৰ কথা কাহিনীত বিবৃত হৈছে৷ যি ক’ৰণা ভাইৰাটৰ কথা কাহিনীত বিবৃত হ’বলৈ গৈছে, সি নিজেই যিহেতু দৃশ্যমান নহয়, কাহিনীৰ অন্তত ঔপন্যাসিকে আমাক জানিবলৈ দিছে, ‘দেখা আৰু নেদেখা অনেক কথাৰ ভিৰ৷’ (পৃ.১৫৪) শিল্পী সাহিত্যিকসকলক এটা যুগৰ সুক্ষ্মতম চেতনা ধাৰণ কৰা মানুহ বুলি ধৰা হয়৷ সাধাৰণ মানুহতকৈ তেওঁলোক অধিক সজাগ আৰু তেওঁলোকৰ দৃষ্টি অধিক সুক্ষ্মবাবেই তেওঁলোকে দেখাটোৰ পৰা নেদেখাটোও অনুমান কৰিব পাৰে৷

উপন্যাসখনৰ কাহিনীক যিটো গঢ় (pattern) দিয়া হৈছে তাত মূলতে আছে ক’ৰণাই অনা পৰিৱৰ্তন আৰু ক’ৰণাই সৃষ্টি কৰা অমীমাংসীয় সমস্যা৷ কিন্তু ঐতিহাসিক চেতনাৰে উপন্যাসৰ কাহিনীকাৰে এটা আশাবাদৰ এটা সুৰ শুনাইছে৷ স্পেনিছ ফ্লুৰ দৰে ক’ৰণাত এদিন ইতিহাস হ’ব৷ যিছাটি বতাহৰ ছবি কাহিনীকাৰে ধৰি ৰাখিবলৈ বিচাৰিছে উত্তৰ পুৰুষৰ অনেকেই সেই ছবিৰ অৰ্থ আৰু তাৎপৰ্য নুবুজাকৈয়ে থাকি যাব৷ চিৰন্তনৰ আধাৰত সাম্প্ৰতিক দুৰ্যোগ আৰু কাৰুণ্যক পৰীক্ষা কৰা হৈছে৷ এটা সভ্যতাৰ ভগ্নাৱশেষ আন এটা যুগত আৱিস্কৃত হ’ব পাৰে৷ দুৰ্যোগ আহিলেও তাক অতিক্ৰম কৰি মানুহ বাচি থাকিব৷

উপন্যাসখনৰ আৰম্ভণি অধ্যায়ত ক’ৰণাই মানৱীয় সম্পৰ্কৰ ওপৰত আৰু বিশেষকৈ ডেকা-গাভৰুৰ সম্পৰ্ক লৈ অনা পৰিৱৰ্তনৰ ছবিখন দাঙি ধৰা হৈছে৷ নন্দিনী আৰু অৰ্ণৱৰ প্ৰেম সম্পৰ্কক ক’ভিডে আভাসী সত্যৰ জগত এখনলৈ স্থানান্তৰিত কৰিছে৷ বন্দীত্বৰ জগতখন তেওঁলোকে মানি লৈছে যদিও তাৰ যন্ত্ৰণাও অনুভৱ কৰিছে৷ লগতে এইটো কথাও দেখুৱা হৈছে যে মানুহ দুৰ্যোগৰ মাজতো জেদভাব, ঈৰ্ষা, অসূয়া, অপ্ৰীতি আদিৰদৰে আৱেগ-অনুভূতিৰ পৰাও মুক্ত হ’ব পৰা নাই৷ ভোকাতুৰ মানুহক সাহায্য দিবলৈ অহা মানুহকেইটায়ো দলীয় ৰাজনীতিৰ কথা কৈছে, ‘তহঁতৰ ইয়াত ভোট নাই৷ আমাৰ চাৰ দিলদাৰ মানুহ৷ সেই কাৰণেহে ইয়াত বস্তু দিবলৈ কৈছে৷’ (পৃ.১)

ৰুদ্ৰাণী শৰ্মাৰ ভাষা কাব্যিক৷ চুম্বকত্বক শ্বেইক্সপীয়েৰে ধীশক্তিৰ আত্মা বুলিছিল (Bravity is the soul of wit)৷ এই উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত মমতাজক গিৰিয়েক মস্তাকে কৰা অপমান আৰু শাৰীৰিক নিৰ্যাতন, মস্তাক পকা মিস্ত্ৰীৰ লগত যোগালি কাম কৰা যজ্ঞৰ মমতাজৰ প্ৰতি জাগি উঠা সহানুভূতি, মমতাজৰ আত্মহত্যাৰ চেষ্টাত বিফলতা, যজ্ঞই সহানুভূতিৰে মমতাজক সোণৰ লগত কৰা তুলনা, প্ৰেম হৈ মমতাজ আৰু যজ্ঞৰ পলায়ন, যজ্ঞক ঘৰৰ পৰা দিয়া নিৰ্বাসন, নতুন ঘৰত সিহঁতৰ নতুন জীৱনৰ আৰম্ভণি, প্ৰথম কণ্যা সন্তান লুনাৰ জন্ম, পংগু হৈ জন্ম হোৱা লুনাৰ চিকিৎসা, দৰিদ্ৰতাই পিষ্ট কৰা মানুহবোৰৰ বাবে ধৰ্ম আৰু ঈশ্বৰ-আল্লা আৰু যীশুৰ অৰ্থ, দৰিদ্ৰ মানুহৰ ঈশ্বৰ বিশ্বাসৰ স্বৰূপ আদিক ১০ পৃষ্ঠাৰ শেষৰ পেৰাগ্ৰাফৰ পৰা ১১ পৃষ্ঠাত মুঠ ৩৬৬ টা শব্দত দিয়া হৈছে৷ কথাবোৰ ঘটনা হিচাপে লেখিকাই কেৱল উল্লেখ কৰি যোৱা নাই, বৰ্ণনা লেখিকাই দিয়া ঘটনাৰ সাৰাংশও নহয়৷ ঘটি যোৱা ঘটনাবোৰৰ নাটকীয় কাহিনীক নাটকীয় ছবি (picturized drama) হিচাপে পাঠকৰ আগত দাঙি ধৰা হৈছে৷

ৰুদ্ৰাণী শৰ্মাৰ কথন ৰীতিৰ কাহিনীকাৰ অথবা কণ্ঠস্বৰ একোটাৰ স্থিতি গুৰুত্বপূৰ্ণ৷ কণ্ঠস্বৰৰ গৰাকীজনে কোন অৱস্থানত (location) থাকি কথা এটা কৈছে আৰু কথা কোৱা সুৰৰ তাৎপৰ্য বৰ অনায়াসে নিৰ্ণয় কৰিব নোৱাৰি৷ উদাহৰণ এটা দহ পৃষ্ঠাৰ শেষৰ পেৰাগ্ৰাফটোৰ পৰাই দিয়া হওক, ‘কঁঠালজোপাৰ তলত মমতাজে লেখা মাটিবোৰ সি কি পঢ়ি পেলাইছিল? ৰ’দ বৰষুণত সেইবোৰ নিজেই মচখাই গ’লহেঁতেন৷ কঁঠালজোপাৰ খোপটো তাই যদি নিশ্চিত কৰিলেহেঁতেন৷ কঁঠালজোপা কটা গ’লহেঁতেন৷’ কঁঠাল গছজোপাৰ তলত মমতাজে লেখা মাতিবোৰ কি? মমতাজে কঁঠাল গছজোপাৰ তলৰ মাটিত কিবা লিখিছিল নেকি? লেখাবোৰ পঢ়া মানুহটো কোন? যজ্ঞেশ্বৰ নেকি? কথাখিনি কোনে কৈ আছে? কণ্ঠস্বৰ যদি যজ্ঞৰ সি কি পঢ়ি পেলাইছিল বুলি প্ৰশ্ননো কৰিছে কোনে? যজ্ঞই নিজকে ক’বলৈ হ’লে তাৰ আত্মগ্লানি বা অনুতাপ হ’ব লাগিব৷ কিন্তু মমতাজক তাৰ ঘৰৰ লখিমী কৰাত যজ্ঞ অনুতপ্ত নহয়৷ 

পৰিস্থিতিটো কাহিনীকাৰে নিজে বৰ্ণনা কৰিছে আৰু যজ্ঞৰ মনৰ জগতৰ পৰা বৰ্ণনা কৰা হছে৷ বুজাবুজিৰ লগতে সহানুভূতিৰ সম্পৰ্ক আছে৷ কি পৰিস্থিতিত পৰি মমতাজে আত্মহত্যা কৰিবলৈ গৈছিল যজ্ঞই জানে৷ ৰছীডাল খোপটোত ঠিক মতে নলগাত পিছলি আহি তাইৰ ভৰিৰ আঙুলিয়ে মাটি ঢুকি পোৱাত আত্মহত্যাৰ চেষ্টা ব্যৰ্থ হৈছে৷ আঙুলিয়ে মাটিত মৰা আঁচোৰ বোৰেই লেখা মাটিবোৰ আৰু তাকে পঢ়ি যজ্ঞই মমতাজক লৈ যোৱাৰ সিদ্ধান্ত কৰিছিল৷ কিন্তু যি স্থিতিৰপৰা কণ্ঠস্বৰৰ গৰাকীয়ে কথাখিনি কৈছে তাক ইমান সৰলভাৱে ব্যাখ্যা কৰিব নোৱাৰি৷ মমতাজৰ দুখ দেখি গভীৰ সহানুভূতি উপজি যজ্ঞই তাইক লৈ গ’ল বুলি কৈ দিলেই যজ্ঞই মমতাজে লেখা মাটিবোৰ কিয় পঢ়িছিল তাৰ সঠিক উত্তৰ পোৱা নাযায়৷ কাহিনীকাৰে সচেতনভাৱে ঘটনা, পৰিৱেশ আৰু পৰিস্থিতিৰ নিয়ন্ত্ৰণ নিজৰ হাতৰ মুঠিত ৰাখি যজ্ঞৰ মনৰ জগতৰ পৰা বৰ্ণনা কৰিবলৈ গৈ দেখিছে যে সৰল বুলি ভবা সিদ্ধান্ত এটাও আচলতে ইমান সৰল নহয়৷ যজ্ঞই যদি নিজকে প্ৰশ্নটো কৰে আৰু সিদ্ধান্ত সলনি কৰে, তেতিয়া তাৰ মনৰ গভীৰতম প্ৰদেশৰ আকাংক্ষা এটা পূৰণ নহ’ব৷ কিন্তু কাহিনীকাৰে তাৰ মনৰ মাজত বিৰোধী আন এটা সত্বাৰ উপস্থিতিও অনুভৱ কৰিছে৷ সমাজে নিৰ্দেশ কৰা পথেৰে যজ্ঞ যাবলৈ বিচৰা নাই, সি মেপত দেখা ৰাস্তাৰে যাবলৈ বিচৰা নাই, গভীৰতম প্ৰদেশৰ আকাংক্ষা এটাক সি পূৰণ কৰিবলৈ গৈছে আৰু কিয় সি মমতাজে লেখা মাটিবোৰ পঢ়িছিল বুলি প্ৰশ্ন কৰি তাৰ আকাংক্ষাক বিফল কৰিব নোৱাৰে৷ যজ্ঞৰ মনৰ মাজতে থকা বিৰোধী সত্তাটো অনুভৱ কৰি প্ৰশ্নটো কাহিনীকাৰে নিজে কৰিছে৷ ইয়াৰ পৰা দেখা যায় যে সৰ্বজান (omniscient) কাহিনীকাৰৰ কণ্ঠস্বৰতো অনি(য়তা থাকিব পাৰে৷ যজ্ঞই যে মাটিৰ লেখা কিয় পঢ়িছিল সেই কথা একে সময়তে গোপন কৰিবলৈ চেষ্টাও কৰা হৈছে আৰু উদঙাই দেখুৱাও হৈছে৷ 

‘বতাহৰ ছবি’ উপন্যাসখনত লকডাউনে সৃষ্টি কৰা কৰ্মহীনতা, সাধাৰণ মানুহৰ আৰ্থিক দুৰৱস্থা, গৃহবন্দীত্ব, ক’ৰণাই সৃষ্টি কৰা সন্ত্ৰাস, মৃত্যুৰ বিভীষিকা, আন্ধাৰ, অনি(য়তা আৰু মানৱীয় সম্পৰ্কলৈ অনা পৰিৱৰ্ত্তনৰ ছবিখন ভয়াবহ৷ যজ্ঞ আৰু মমতাজৰ পাৰিবাৰিক সম্পৰ্ককো অতিমাৰীয়ে সৃষ্টি কৰা কৰ্মহীনতাই সম্পূৰ্ণ সলনি কৰিছে৷ কৰ্মহীনতা, দৰিদ্ৰতা, অনাহাৰ, হাতাশা, আন্ধাৰ আৰু অনি(য়তাই শিল কৰি অনা যজ্ঞক জীয়াই তুলিবলৈ আৰু জীৱনৰ বাটলৈ ঘূৰাই আনিবলৈ মাজৰাতি এবাৰ জোৰ কৰি তাক যৌন মিলনত প্ৰবৃত্ত কৰাইছে৷ যৌন মিলনৰ এই দৃশ্যৰ বৰ্ণনাৰ এক বিশিষ্টতা উল্লেখযোগ্য৷ এই বৰ্ণনাই ঔপন্যাসিকগৰাকীৰ কথনৰীতিৰ এক কৌশলৰ প্ৰমাণ দাঙি ধৰিছে৷ এক ধৰণৰ বৰ্ণনাৰে সম্পূৰ্ণ অপ্ৰত্যাশিত আন এক অভিযান তেওঁ সৃষ্টি কৰিব পাৰে৷ উপন্যাসখনৰ তেইছ অধ্যায়ত বৰ্ণনা কৰা এই দৃশ্যটোৰ অৰিঘাত হিচাপে মমতাজৰ আকাংক্ষাৰ বিপৰীতে জীৱনৰ অৰ্থহীনতা, অনাহাৰ, অনিদ্ৰা, মানুহৰ অসহায় ক্ষুদ্ৰতা আৰু অথাউনি, অতল নৰক এখন সৰ্বগ্ৰাসী হৈ পাঠকৰ চকুৰ আগত খোল খাই যায়৷ জোৰ কৰি আকাংক্ষাক জগাই তাৰ ওচৰত সমৰ্পন কৰি মমতাজে যে আকাংক্ষা আৰু প্ৰাপ্তিৰ ব্যৱধানৰ মাজত সেতু বান্ধিব নোৱাৰে, সেই সজাগতাই উপন্যাসখনৰ পৰিৱেশ পৰিস্থিতিত জীৱনৰ সাধাৰণ অৱস্থাক কৰুণ কৰিছে৷ যৌন মিলনৰ মুকলি বৰ্ণনাই পাঠকক বিষাদগ্ৰস্ত কৰি কাৰুণ্য উদ্ৰেক কৰাটো কাহিনীকাৰৰ কথন ৰীতিৰ দক্ষতা৷ এই দৃশ্যটোৰ শেষৰফালে ক’ভিড পজিটিভ নিগেটিভকলৈ যিখিনি অতিৰজ্ঞনা কৰা হৈছে, সেইখিনি মৌলিক সত্যৰহে অতিৰজ্ঞনা৷ পৰিস্থিতিটোৰ মেল’ড্ৰামাটিক পৰিণতি ঔপন্যাসিকৰ অজ্ঞাতে নি(য় হোৱা নাই৷ মেল’ড্ৰামা বেয়া বা টুলুঙা নাটক নহয়৷ ট্ৰেজেডিৰ ফুটহিলচত মেল’ড্ৰামাৰ অৱস্থিতি৷

এটা দৃশ্যৰ অৱতাৰণা কৰি অপ্ৰত্যাশিত অভিজাত সৃষ্টি কৰা প্ৰসংগত ঊনবিংশ শতিকাৰ এগৰাকী লেখক আৰু সাহিত্য সমালোচক টমাচ ডি. কুইঞ্চিৰ (১৭৮৫-১৮৫৯) on the knocking at the gate in Macbeth ৰচনাৰ পৰা দুশাৰীমান উদ্ধৃত কৰিব পাৰি৷ ‘হত্যাকাণ্ড এটাত যেতিয়া সাধাৰণতে সহানুভূতি মৃত মানুহজনৰ প্ৰতি জগাবলৈ চেষ্টা কৰা হয়, সি হৈ পৰে এটা অশিষ্ট আৰু স্থূল বিভীষিকাৰ ঘটনা৷ মানুহৰ প্ৰকৃতিক ই দুৰ্দশাগ্ৰস্ত হীন ৰূপত দাঙি ধৰে৷ শ্ৰেষ্ঠ মানুহ এজনকো ভৰিৰ গচকত মৰা পোক এটাৰ শাৰীলৈ অধঃ পতিত কৰে৷ তেনেকুৱা এটা দৃষ্টিকোণে কবি কল্পনাক সন্তুষ্ট নকৰে৷ তেন্তে কবিয়ে কি কৰিব? তেওঁ আগ্ৰহ হত্যাকাৰীৰ ফালে ঘূৰাই দিব৷ হত্যাকাৰীৰ মনৰ জগতত আবেগ, ঈৰ্ষা, উচ্ছাকাংক্ষা, ঘৃণা আদিৰ প্ৰচণ্ড ধুমুহাই তেওঁৰ মনৰ ভিতৰত এখন নৰক সৃষ্টি কৰিছে; আৰু সেই নৰকখনকে আমি চাব লাগে৷’ উপন্যাসখনত কোনো হত্যাকাৰী নাই, এটা বৰ্ণনাৰে আন এটা অভিঘাত সৃষ্টি কৰা হৈছে৷

Post a Comment

0 Comments