নৰকাগমণ ৷৷


 ইয়াৰ পূৰ্বেও যে প্ৰেমত পৰা নাই, সেইটো গোকাট মিছাৰ আশ্ৰয় আৰু এতিয়া নলওঁ৷ ইয়াৰ পূৰ্বে বুলি যে ক’লোঁ, পূৰ্বেনো কি হৈছিল, জানিব নিবিচাৰেনে ? তেন্তে আহক  প্ৰথমে সেইখিনিৰেই আৰম্ভ কৰোঁ! 

ক’ৰা কাগজ থা য়েমন মেৰা

হয়, এতিয়ালৈকে বহুবাৰ প্ৰেমত পৰিছোঁ। বহুতে কোৱাৰ দৰে সৰুতেই এই ঠেৰুছিগা কাৰবাৰটো সম্পাদন কৰি বোকাত নে খালত পৰিলোঁহি নাজানো৷ প্ৰথম কেইমাহমান প্ৰেম বুলি ভাবি থাকোঁতেই হঠাৎ অনুভৱ কৰোঁ মই দেখোন অনাহকত, আবতৰত তিতিছোঁ৷ ক’ৰবাৰ গেলা গেৰেকনিত সোমাইছোহি৷ চকু মেলি দেখো এইটোচোন প্ৰকাণ্ড এটা খালহে আছিল। খাল বুলি অনুভৱ কৰালৈ প্ৰাকে প্ৰকাৰে হয় মই বোকাৰে লুতুৰি-পুতুৰি হৈছোঁ, প্ৰতাৰিত হৈছোঁ, নহয় মোৰ প্ৰেমৰ আগচোতালত বেঙেনাৰ ফুল ফুলি আলফুলে কলি মেলিছে৷ কাষতে তিতালাও দুজোপামানো।

অৱশ্যে খালত পৰি বুজি উঠিছোঁ– যিমান জ্বালা প্ৰেমৰ আছে! যিমান আকূল প্ৰেমেৰে হ’ব পাৰি, সেয়া আন একোৰেই সম্ভৱ নহয়৷ প্ৰেমত নিতিতাকৈ, নুডুবাকৈ জীৱনে কোনো কালে পৰিপূৰ্ণতা নাপায়৷ প্ৰেমতকৈ কি নিচাই মানুহক ৰাগীয়াল কৰিব পাৰে! প্ৰেমতকৈ কি যন্ত্ৰণাই মানুহক পুৰি পুৰি নিঃশেষ কৰিব পাৰে! প্ৰেমতকৈ কি স্বাৰ্থ আৰু আঘাতে মানুহক বিদ্ৰোহী কৰিব পাৰে! প্ৰেমতকৈ কি প্ৰতাৰণাই মানুহক ‘মানুহ’ কৰি গঢ়ি তুলিব পাৰে! 

দিৱানা হুৱা বাদল

ক্লাছ ফাইভতে এঞ্চেলক দেখি! এৰা, তাইকটো এইটো নামেৰেই মাতিছিলোঁ! প্ৰকৃততে এই নামধৰি তাইক কোনোদিন মতা নহ’ল৷ এম.ই. স্কুলত পঢ়ি থকা দিনত এদিন তাইৰ নামটো ক্লাছৰ বাহিৰা বহীত এঞ্জেল বুলিয়েই লিখি লৈছিলোঁ৷ পাটীগণিতত সমস্যাৰ সমাধানৰ বাবে ‘এক্স’ এটা ধৰি লোৱাৰ দৰে ময়ো তাইৰ নাম দি ল’লোঁ ‘এঞ্জেল’৷ কিয় দিছিলোঁ সেই নাম! সেয়া ভালপোৱা আছিল! নে আকৰ্ষণ! ইমান সৰুতেই আলফুলে ধৰি লোৱা ‘এক্স’ অভিধাটো পৰৱৰ্তী সময়ত নিজৰ আত্ম পৰিচয় যে হ’বগৈ! এবাৰলৈয়োতো কোনোদিনে ভবা নাছিলোঁ৷

সেই তেতিয়াৰেপৰা দিনে-নিশাই এঞ্জেলে বাস কৰিছিল মোৰ স্বৰ্গ ৰাজ্যত৷ জীৱন কি, মৰম কি বুজি নোপোৱা দিনবোৰতে আশাৰ বন্যা হৈ ধৰা দিছিলহি তাই! নিম্ন মধ্যবৃত্ত ঘৰৰ এটি ল’ৰা, যাৰ পিন্ধিবলৈ এসাজ ভাল কাপোৰ নাছিল, দিনত খালে ৰাতিলৈ কি খাম বুলি বিধৱা মাকৰ প্ৰতিদিনে চিন্তাৰ অন্ত নাছিল! লগতে তিনিজনীকৈ বায়েকৰ পঢ়াৰ বোজা! মাকৰ এখন ভেঞ্চাৰ স্কুল! সেই মাকৰ ল’ৰাটোৱে এম.ই. স্কুললৈ গৈ সপোন দেখিব লাগিছিল কেনেদৰে ঘৰখন উদ্ধাৰ কৰা যায়! সপোন দেখিছে এজনী ছোৱালীক লৈ৷ কেনে অবিশ্বাৰ্য্য!

অৱশ্যে এঞ্জেলে মেট্ৰিক পৰীক্ষা দিয়ালৈকে মোৰ এই মানসিক জগতখনৰ কথা ঘুনাক্ষাৰেও গম পোৱা নাছিল৷ যেতিয়া জানিছিল যে তাইক প্ৰথম দেখা দিনটোৰপৰা পৰৱৰ্তী হায়াৰচেকেণ্ডেৰীৰ প্ৰথমটো বৰ্ষলৈকে মোৰ সমগ্ৰতাত এশ শতাংশই মাত্ৰ তাই বিয়পি আছিল, সেই সময়ত তাইৰ অনুভৱ কেনে হৈছিল! এতিয়া আৰু সেই কথা ভাবিবলৈ মোৰ মনো নাযায়, সেইকন সাহস বুকুতো নাই!

ক্লাছ ছিক্সত এবাৰ বাৰ্ষিক অধিৱেশনত এঞ্জেলে নচা ‘চলি ৰামৰৌ পলপানি ঘাটাকৌ’ চাই দুদিন ৰাতি শুব পৰা নাছিলোঁ৷ একেদৰে শুব পৰা নাছিলোঁ এইটমানত পঢ়ি থাকোঁতে ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখন পঢ়ি৷ একেটা বঢ়াতে ঘৰৰ আগফালে থকা ৰহদৈ জোপাৰ তলত বেটৰ চকী এখন পাৰি গ্ৰোগাসে গিলি পেলাইছিলোঁ কিশোৰ অৱস্থাত মন মগজু জোকাৰি দিব পৰা সেই উপন্যাসখন৷ তাৰ পাছত উপন্যাসৰ কাহিনীটোৱে ইমানেই মন মগজু প্ৰভাৱিত কৰিলে যে দুদিনমান মোৰ অৱস্থা দেখি মায়ে গালি পাৰিছিল– ‘মেট্ৰিক পাছ কৰাই নাই! উপন্যাস পঢ়িবৰ হ’লেইনে তোৰ!’ 

এতিয়া যেতিয়া কোনোবা  বিশ-পঁচিশৰ উদ্ধৰ্ৰ কোনোবা তৰুণ-তৰুণীয়ে মায়াৰ জগতত লুটুৰি-পুটুৰি হৈ কেনেবাকৈ সেইখন কিতাপ পঢ়ি ভাল নাইপোৱা বুলি ফেচবুকত ষ্টেটাচ দিয়ে! সিহঁতৰ পোষ্ট দেখি নিজে নিজেই হাঁহো– ‘বেটা! শিল হজম কৰি কৰি থগন খায় নাইবা প্ৰতাৰিত হৈ কেলঢ়োপ কেলঢোপ কৰি জীয়াই থকা দিনত সেইখন কিতাপ পঢ়ি ক’ত আৰু তহঁতে আমেজ পাবি৷’ অসীমত হেৰাল সীমা পঢ়িবলৈ যে এখন নিৰ্মল হৃদয় থকাটো প্ৰাথমিক চৰ্ত, সেয়া সিহঁতে বুজাত দেৰি কৰিলে!

এঞ্জেল কি নাছিল মোৰ বাবে৷ স্কুল ছুটী দিয়াৰ পাছত তাই আগে আগে হিৰ’ কুইন চাইকেলখন চলাই যায়৷ মই আৰু লগৰ মণ্টু বি.এছ.এ চাইকেল দুখন লৈ লৈ তাইৰ পাছে পাছে সৰ্পিল গতিৰে ঘৰলৈ গমন কৰোঁ৷ ইচ্চা কৰা হ’লে স্পীডত পেডেল মাৰি তাইতকৈ বহু আগতেই আমাৰ দুয়োটাৰে ঘৰদুখনক পৃথক বুলি নিৰ্দেশ কৰি দিয়া বাগানৰ তিনিআলিটো পাৰ হৈ যাব পাৰিলোঁহেঁতেন! কিন্তু কোনো এটা দিনেই সেই অসাধ্য সাধন কৰিবল সাহস নহ’ল! 

এতিয়া অতীতলৈ ঘূৰি চাই দেখিছোঁ – মেট্ৰিক পৰীক্ষা দিয়ালৈকে এঞ্জেলৰ সমগ্ৰতাক বুকুত ধাৰণ কৰি কৰি নতুনকৈ যৌৱনপ্ৰাপ্ত মোৰ হৃদয়খনক কেৱল হুমুনিয়াহৰ সাম্ৰাজ্য হিচাপেহে গঢ়ি তুলিছিলোঁ৷ আলফুলকৈ বাঢ়ি অহা তাইৰ সুঠাম শৰীৰটোতকৈয়ো  শেৱালী ফুলপাহৰ দৰে মুখৰ মসৃণ হাঁহিটো দেখি মই বেছি আতুৰ হৈছিলোঁ৷ সেই সময়ছোৱাৰ কথা মনত পৰিলে এতিয়াও সিহঁৰিত হওঁ! যৌৱনৰ প্ৰথম প্ৰেমৰ আৱেগ! কি কি যে নকৰিছিলোঁ সেইবোৰ দিনত! টিউচনলৈ যাওঁতে ৰাতিপুৱা চাৰি বজাতে মই গৈ তাইৰ পদূলিৰ মুখত হাজিৰ ৷ তাৰ পাছত আন্ধাৰৰ মাজে মাজে দুয়োটা বাগানৰ লুঙলুঙীয়া গলিয়েদি গৈ বুধিন ছাৰৰ ঘৰ পাওঁগৈ! পাছলৈ প্ৰাঞ্জল ছাৰৰ ঘৰলৈকো আমি টিউচন কৰিবলৈ গৈছিলোঁ৷ তাই আগে আগে, মই পাছে পাছে৷ এঞ্জেলৰ চাইকেলৰ চেইন পৰে, উঠাই দিওঁ৷ এঞ্জেলে পিন্ধি যোৱা নতুন স্পৰ্টিংটোত বৰষুণ পৰে, মোৰ ছাটিটো দি দিওঁ! সেইবোৰ দিন পাহৰা নাযায়! পাহৰিব পৰা নাযায়! 

পোৱা-নোপাৱাৰ অলীক চিন্তা-ভাৱনা আৰু হাততে পায়ো হেৰুৱাৰ দুৰ্ভাৱনাই এটা কিশোৰৰ মন-মননক কেনেদৰে অস্থিৰ কৰি ৰাখিব পাৰে, সেয়া এতিয়া কেনেকৈ বুজাও!

এদিন এই প্ৰেমৰ কাহিনীয়ে পৰিণতি হিচাপে আমাৰ লগৰ স্বপ্নালীৰ ঘৰত গৈ ক্লাইমেক্সৰ দুৱাৰত উপনীত হৈছিল৷ তেতিয়ালৈ হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছোঁ৷ তাই চহৰৰ এখন কলেজত আৰু মই  ওচৰৰে এখন সাধাৰণ হায়াৰ ছেকেণ্ডোৰীত৷ হঠাতে স্বপ্নালীয়ে কৰি প্ৰসংগ নেমেলাকৈ মাত্ৰ চিঞৰিছে– ‘তায়ো তোক ভাল পায়৷’ সেই তেতিয়াৰেপৰা ঠিক ছমাহমান পাছত ‘তই মোতকৈ ডাঙৰ, আমাৰ বিয়া নহ’ব!’ বুলি অথাই সাগৰত মোক পেলাই এৰি থৈ যোৱা দিনটোতেই চাগে মোৰ নৰকলৈ যোৱা পথটোৰ শুভ উদ্ধোধন হৈছিল৷ 

আতোলতোলকৈ দহ-বাৰ বছৰদিন যিজনী ছোৱালীক হৃদয়ত সামৰি ৰাখি এদিন তাইক ভাল পাবলৈ সুধিম বুলি জীয়াই আছিলোঁ! চহৰৰ আগশাৰীৰ কলেজত পঢ়িবলৈ গৈ মফচলীয় অঞ্চলত পঢ়া এটা সাধাৰণ ল’ৰাৰ প্ৰতি মোহভংগ হোৱাটোৱেই স্বাভাৱিক আছিল৷ পঢ়াত কিমান চোকা আছিলোঁ বুলি ক’লে কেতিয়াবা নিজক লৈ গৰ্বই কৰিমনে পুতৌ কৰিম ভাবি নাপাওঁ! ‘তোমাৰ জীৱনৰ লক্ষ্য কি’ বুলি শিক্ষকে প্ৰশ্ন কৰা দিনত যদিও পোনপটীয়াকৈ ক’বপৰাকৈ হাতত উত্তৰ নাছিল ৷ কিন্তু ভিতৰি এশ শতাংশই নিশ্চিত আছিলোঁ– মোৰ জীৱনৰ লক্ষা আছিল এঞ্জেলক ভালপোৱা৷ 

মেট্ৰিকত মোৰ আগত ৰোল নম্বৰ থকা  লগৰকেইটাই ভালকৈ পঢ়িছিল পঢ়ি-শুনি ডাক্টৰ হ’বলৈ আৰু মই পঢ়িছিলোঁ– ভাল ৰিজাল্ট কৰিলেহে এঞ্জেলক প্ৰপ’জ দিব পাৰিম৷ পঢ়িছিলোঁও ভালকৈ৷ এখন পেপাৰত কিমান শতাংশ পালে লেটাৰ পায়, সেয়া পৰীক্ষা দিয়াৰ পাছতহে লগৰ এটাৰ মুখত শুনি গম পাইছোঁ৷ ইয়েই প্ৰমাণ কৰে পঢ়াৰ নামত প্ৰকৃততে আছিলোঁ কি! কিন্তু নিজে স্থিৰ কৰি লৈছিলোঁ– প্ৰথম বিভাগ পাবই লাগিব৷ ভাল ইম্প্ৰেছন এটা তৈয়াৰ কৰি ল’লেহে এঞ্জেলৰ সন্মুখত গৈ কিবা এষাৰ ক’বগৈ পাৰিম৷

কাৰ জানো পৰষত ফুল উঠে মোৰ মাধৈমালতি পাহি
আহি আছে....

ওনচে নজৰে ক্যা মিলি ৰ’চন ফিজা হগেয়ি
আহি আছে.....


Post a Comment

1 Comments

Anonymous said…
অপেক্ষা কৰি আছোঁ ছাৰ �� ভাল লাগিছে।