ড° হীৰেন গোহাঁইৰ বৌদ্ধিক অৱদান ৷৷ ড° অখিল ৰঞ্জন দত্ত

* অসম আৰু অসমীয়াৰ সমাজ জীৱনক যেতিয়াই এন্ধাৰে ছাটি ধৰিব খুজিছে তেতিয়াই ড° হীৰেন গোহাঁইয়ে ব্যক্তিগত জীৱনৰ প্ৰতি অহা সকলো প্ৰত্যাহ্বান নেওচি সেই এন্ধাৰৰ বিৰুদ্ধে প্ৰৱল সাহস আৰু নিষ্ঠাৰে যুঁজ কৰিছে । তাৰ বিনিময়ত তেখেতে সমাজৰ পৰা একো দাবী কৰা নাই । সমাজখন পোহৰে আলোকিত কৰি ৰাখক- এইয়াই তেখেতৰ জীৱনৰ প্ৰত্যাশা আৰু সাধনা । জ্যোতিপ্ৰসাদৰ সেই অমৰ বাণীয়েই যেন তেখেতৰ জীৱনৰ ব্ৰত: ‘জয় আলোকময়/ অনাদি অনন্ত প্ৰসাৰী/ বিশ্বজীৱন জ্যোতি ।।‘ জ্যোতিপ্ৰসাদৰ চিন্তাত পোহৰ মানে সংস্কৃতিৰ প্ৰসাৰ । সংস্কৃতি এক বিমূৰ্ত চিন্তা নহয় । ইয়াৰ এক মূৰ্তৰূপ আছে । সেয়া হ’ল সমাজৰ সৰ্বজনৰ মংগল । এই মংগলৰ বাবেই দুষ্কৃতি ৰুধিব লাগিব । দুষ্কৃতি হ’ল সমাজৰ সেইবোৰ অপশক্তি যিবোৰে সমাজত অনৈক্য, অসমতা, অন্যায় নিৰ্মাণ কৰে । ‘শিল্পীৰ পৃথিৱী’ শীৰ্ষক ভাষণত জ্যোতিপ্ৰসাদে পুঁজিবাদ আৰু সাম্ৰাজ্যবাদক দুষ্কৃতিৰ যঁজা ভাই আখ্যা দিছে । স্বাধীনতা লাভৰ পৰৱৰ্তীকালত নিৰ্মিত স্বাধীন ৰাষ্ট্ৰব্যৱস্থাই সমাজৰ কিমান মংগল সাধন কৰিব পাৰিব সেই বিষয়েও সন্দেহ ব্যক্ত কৰিছে জ্যোতিপ্ৰসাদে । ‘নালিয়াপুলৰ বিপদ সংকেত’ শীৰ্ষক চিঠিত তাৰেই স্পষ্ট ইংগিত পোৱা যায় । ড° হীৰেন গোহাঁইৰ বৌদ্ধিক কছৰতৰ মূলতে আছে দুষ্কৃতিৰ য’ত অপশক্তি সেইবোৰ চিনাক্ত কৰা আৰু তাক নাশ কৰিবৰ বাবে সমাজক প্ৰস্তুত কৰি তোলা ।

অপশক্তি অথবা দুষ্কৃতিৰ বিৰুদ্ধে ড° হীৰেন গোহাঁইয়ে কৰি অহা যুঁজখন অতি বিশাল । তাৰ খণ্ডিত ৰূপটোহে আমাৰ চকুত পৰে । আৰু সেয়েহে বহুসময়ত ড° হীৰেন গোহাঁই সম্পৰ্কে আমাৰ মনত বহু বিভ্ৰান্তিও সৃষ্টি হয় । দুষ্কৃতিৰ সেনাপতি সকলে ড° হীৰেন গোহাঁইক খণ্ডিত ৰূপতেই উপস্থাপন কৰিব খোজে ।  ড° গোহাঁয়ে কিমান স্তৰত তেখেতৰ বৌদ্ধিক সাধনাৰে দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ কৰি আহিছে আমি বহু সময়ত অৱগত নহওঁ । মই তাৰ দুটামান উদাহৰণ দিব খুজিছোঁ । শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ২০১৪ চনত কেন্দ্ৰত আৰু ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিবৰ সময়ৰে পৰা নাগৰিকত্বৰ প্ৰশ্নটোৱে অসমক আৰু অধিক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে । এফালে সমাপ্তিৰ দিশলৈ যোৱা উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ চৰকাৰে ইচ্ছাকৃতভাৱে বিভ্ৰান্তি সৃষ্টি কৰিলে আৰু ২০১৬ চনত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ২০১৯ চনত প্ৰণয়ণ কৰা নাগৰিকত্ব সংশোধনী আইনে বিদেশী প্ৰব্ৰজন ৰোধ কৰা আৰু বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অসম চুক্তিক কেন্দ্ৰ কৰি গঢ়ি উঠা জন সহ:মতক থানবান কৰি দিলে । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱা দিনটোতেই ড° গোহাঁইয়ে ‘The Wire’ ৱেব পত্ৰিকাত  ‘The Assamese Do Not Really Know the Guests They Have Welcomed With Open Arms’ শীৰ্ষক এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখি অসমীয়া মানুহক সকিয়াই দিছিল যে তেওঁলোকে আদৰি অনা অতিথিৰ মতলব আৰু গতিগোত্ৰ অসমীয়াই ধৰিবই পৰা নাই । 

সমাজ অন্বেষণত ড° হীৰেন গোহাঁইৰ দৃষ্টিভংগীৰ বিষয়ে বুজিবলৈ মই তেখেতৰ দুটা বিশেষ লেখাৰ প্ৰসংগ মই তুলি ধৰিব খুজিছোঁ । তাৰে প্ৰথমটো হ’ল ১৯৮৫ চনত প্ৰকাশিত তেখেতৰ ‘Assam: A Burning Question’ (Published by Spectrum Publications, Guwahati) গ্ৰন্থৰ ২০ অক্টোবৰ ১৯৮৪ তাৰিখে লিখা পাতনি । প্ৰসংগক্ৰমে এই কথা কৈ থোৱা ভাল হ’ব যে এই গ্ৰন্থত প্ৰধানত: অসম আন্দোলন সম্পৰ্কে তেওঁৰ উত্তৰণমুখী চিন্তাক প্ৰতিনিধিত্ব কৰা আৰু ইংৰাজীত লিখা তথা দেশৰ আগশাৰীৰ গৱেষণা পত্ৰিকা আৰু বাতৰি কাকতত প্ৰকাশিত প্ৰবন্ধসমূহ সংকলিতৰূপত প্ৰকাশ পাইছে । এই পাতনিত তেখেতে অন্য বহুবোৰ প্ৰসংগৰ লগতে সামাজিক আৰু ৰাজনৈতিক চিন্তা আৰু কৰ্মৰ দৃষ্টিভংগীৰ প্ৰসংগ তুলি ধৰিছে । তেওঁ কৈছে : ‘ …throughout these essays I am using the most uncompromising language of what I called a ‘scientific outlook’ in what might be thought a dogmatic and abstract fashion. By taking such a stand I am declaring a loyality to all our enlightened liberal reformers, past and present, imbued with a faith in reason and progress and antipathy to bigotry and superstition.’ (p xiv). এনে দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে যিদৰে মাৰ্ক্সবাদী মহলৰ মাজত যথেষ্ট কৌতুহল আৰু বিভ্ৰান্তি সৃষ্টি হৈছিল ঠিক সেইদৰে পৌৰাণিক সংস্কাৰৰ পুনৰুত্থানেৰে জাতি নিৰ্মাণত প্ৰাণাহুতি দিব খোজা সকলেও ‘বৈজ্ঞানিক দৃষ্টিভংগী’ক উপনিবেশিকতাৰ ওচৰত নি:চৰ্ত আত্মসমৰ্পণৰ কছৰৎ বুলি ক’ব খোজে । মাৰ্ক্সৰ ঐতিহাসিক নিৰ্ণয়েতাবাদৰ সৃষ্টিশীল ধাৰাটোৰ প্ৰতি শ্ৰদ্ধাশীল ড° গোহাঁইয়ে বৈজ্ঞানিক দৃষ্টিভংগীৰ লক্ষ্যৰ কথা উল্লেখ কৰি কৈছে :’ Scientific outlook ‘must wage an unceasing intellectual/ideological battle against prolific superstition, prejudice, obscurantism and irrationalism. If Western societies at the moment seem to have lost their faith in science it means neither the ultimate bankruptcy of science nor the destined triumph of irrational. It simply means that the class that once pioneered and promoted the development of science is no longer committed to it.’ (p xvi)

 বৈজ্ঞানিক দৃষ্টিভংগীৰ কথাটোৱেই হ’ল যুক্তিৰ নিৰন্তৰ অনুসন্ধান আৰু অনুশীলন । যুক্তিৰ অনুশীলন যে এক যান্ত্ৰিক প্ৰক্ৰিয়া নহয় আৰু এনে অনুসন্ধানৰো লক্ষ্য সমাজৰ সামূহিক কল্যাণ সেই কথা ড° গোঁহাইয়ে তেওঁৰ জীৱন বীক্ষা আৰু কৰ্মেৰে ইতিমধ্যে তুলি ধৰিছে । অপশক্তি বা দুষ্কৃতি ৰুধিব পৰাতেই আছে যুক্তিৰ প্ৰাপ্তি । যুক্তি যে কেতিয়াও স্থবিৰ চিন্তা নহয়, তাৰো যে এক গতিশীল ৰূপ আছে সেই কথাও ড° গোহাঁইৰ চিন্তা আৰু কৰ্মৰ পৰাই স্পষ্ট । তেওঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড ‘ইমান তিতা সাগৰৰ পানী’ত অসম আন্দোলনৰ বিষয়ে এটা দীঘলীয়া অধ্যায় সন্নিৱিষ্ট হৈছে । অধ্যায়টোৰ শিৰোনাম ‘কালধুমুহাৰ তাণ্ডৱ’ । মোৰ ধাৰণা অসম আন্দোলন, সেই সময়ৰ অসমৰ জনজীৱন, আন্দোলনৰ মাজেৰে ওলাই অহা জনপ্ৰত্যাশা আৰু তাৰ বিপৰীতে আন্দোলনৰ নেতৃত্বদায়ীমহলৰ জ্যাতাভিমানী আৰু অসহিঞ্চু চিন্তা-কৰ্ম, শাসক শ্ৰেণীৰ ন্যস্তস্বাৰ্থই নিৰ্মাণ কৰা সীমাহীন নৈৰাজ্য, বামপন্থী শক্তিৰ ওপৰত জাপি দিয়া যুক্তিহীন উৎপীড়ন আৰু বামপন্থী দলকেইটাৰ অসমৰ জাতীয় প্ৰশ্ন সম্পৰ্কে অ-সংবেদনশীল আৰু কিছু পৰিমাণে অদূৰদৰ্শী অৱস্থান- এই সকলোবোৰ দিশ এই অধ্যায়ত সন্নিৱিষ্ট হৈছে । এই আন্দোলনটো আছিল ড° গোহাঁইৰ  বৌদ্ধিক চিন্তা-চেতনাৰ বাবেও অগ্নিপৰীক্ষা । 

অসম আন্দোলনৰ সময়ৰ সেই ভয়াৱহ দিনবোৰত উগ্ৰ জাত্যাভিমানী শক্তিয়ে যেতিয়া হিংসাৰ দ্বাবানল জ্বলাইছিল তেতিয়া তেখেতে কিমান প্ৰত্যাহ্বানৰ মাজত থাকিও ‘সাপ্তাহিক কলাখাৰ’ৰ জৰিয়তে সেই অপশক্তিৰ বিৰুদ্ধে যুঁজিছিল আমি সেই বিষয়ে নিশ্চয়কৈ পৰিচিত । ১৯৭৯ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ‘সাপ্তাহিক কলাখাৰ’ত প্ৰকাশ হৈছিল ‘ফুলুং চাপৰিৰ তেজৰংঙা কাহিনী’ । অসম আন্দোলনৰ একেবাৰে প্ৰাৰম্ভিক কালতেই আন্দোলনটোৰ হিংসাত্মক ৰূপটোক ইমান সবিস্তাৰে উন্মোচন কৰি দিয়া এইটোৱেই বোধহয় অন্যতম প্ৰথম প্ৰয়াস আছিল । কিন্তু ‘সাপ্তাহিক কলাখাৰ’তেই তেখেতৰ এই অন্বেষন-উন্মোচন সীমাবদ্ধ হৈ নৰ’ল । ১৯৮০   চনৰ ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে ভাৰতবৰ্ষৰ অতি গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক গৱেষণা আলোচনী ‘Economic & Political Weekly’ত প্ৰকাশ পালে তেওঁৰ বিখ্যাত প্ৰবন্ধ ‘Cudgel of Chauvinism।’  এই প্ৰবন্ধত অসম আন্দোলনৰ চৰিত্ৰৰ সমালোচনাৰ চোক ইমান বেছি আছিল যে এই প্ৰবন্ধ প্ৰকাশ পোৱাৰ লগে লগে দেশৰ ৰাজনৈতিক-বিদ্যায়তনিক মহলৰ মাজত হুৱাদুৱা লাগিল । জাত্যাভিমানৰ গুৰিকথা যে শাসক শ্ৰেণীৰ শ্ৰেণীস্বাৰ্থ সেই কথাটো ড° গোহাঁইয়ে এই প্ৰবন্ধত অতি স্পষ্টকৈ উল্লেখ কৰিলে । তেওঁ আঙুলিয়াই দিলে: ‘ The Assamese ruling elite lack both the economic resources and cultural strength to be able to integrate non-Assamese groups into Assamese society. Yet it has not abandoned its dream of national resurgence in a capitalist set up. Hence it uses from time to time the cudgel of chauvinism to beat into submission of non-Assamese groups who might resist the domination. Chauvinism is by nature authoritarian and fascist, and an ally of the Indian ruling class as a whole.’ (পৃষ্ঠা ২৫৭-৫৮) 

এই প্ৰবন্ধক কেন্দ্ৰ কৰিয়েই সেই আলোচনীৰ পাতত অসমৰ জাতীয়তাবাদ সম্পৰ্কে আটাইতকৈ দীঘলীয়া বিতৰ্ক অনুষ্ঠিত হ’ল । সেই বিতৰ্কক ‘Little Nationalism Turned Chauvinist’ নামেৰে জনা যায় । ড° হীৰেন গোহাঁইৰ প্ৰবন্ধৰ আঁত ধৰিয়েই অসমলৈ ঘটি থকা প্ৰব্ৰজন সম্পৰ্কীয় উল্লিখিত শিৰোনামাৰ বিস্তৃত প্ৰবন্ধটো লিখিছিল ড° অমলেন্দু গুহই । অন্যসকলৰ লগতে আমেৰিকাত কৰ্মৰত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ড° সঞ্জীৱ কুমাৰ বৰুৱাই ড° গোহাঁইক সমালোচনা কৰি লিখা আৰু ১৫ মাৰ্চ ১৯৮০ তাৰিখে প্ৰকাশ পোৱা ‘Cudgel of Chauvinism or Tangled Nationality Question?’  শীৰ্ষক প্ৰবন্ধটোৱে এই বিতৰ্কলৈ আৰু কেতবোৰ প্ৰশ্ন টানি আনিলে । ড° গোহাঁইয়ে সেই লেখাৰ এক শক্তিশালী প্ৰত্যুত্তৰ দিলে সেই আলোচনীৰ পাততেই ।

কিন্তু সমান্তৰালভাৱে এই আন্দোলনৰ মাজেৰে ওলাই অহা অসমৰ সৰ্বস্তৰৰ জনতাৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰব্যৱস্থাৰ হঠকাৰিতা বিৰোধী স্বত:স্ফুত আৱেগ-আৱেদনকো তেখেতে অনুধাৱন কৰিবলৈ চেষ্টা কৰিছে । ‘কালধুমুহাৰ তাণ্ডৱ’ তাৰ স্বাক্ষৰ । অসম আন্দোলনৰ মাজেৰে ওলাই অহা জাত্যাভিমানী প্ৰৱণতা আৰু তাৰ মাজেৰে অসমৰ ৰাজনীতিত দকৈ শিপাব ধৰা ফেচিবাদী শক্তিৰ ভয়াৱহতা সম্পৰ্কত তেওঁ নিজৰ স্থিতিত অটল থাকিও  লাহে লাহে এই কথা উপলব্ধি কৰিলে যে অসম আন্দোলনৰ মাজেৰে ওলাই অহা জন বিতুষ্টি আৰু জন প্ৰত্যাশাক আমি অৱজ্ঞা কৰিলে নচলিব । অসম আন্দোলনৰ মাজেৰে যে অসমীয়া জাতীয়তাৰ প্ৰশ্নটো শক্তিশালী ভাৱে উপস্থাপিত হৈছে সেই কথাটো বামপন্থী ৰাজনৈতিক দল বিলাকে যথাযথ গুৰুত্ব নিদিয়া দিশটোও তেখেতে মুকলিকৈ উপস্থাপন কৰিলে । ১৯৮৩ চনৰ ৬-১২ মাৰ্চ তাৰিখৰ Sunday আলোচনীত ড° হীৰেন গোহাঁইৰ ‘Against the Prejudiced View of the Assam Movement’ শীৰ্ষক লেখাটো প্ৰকাশ পায় । অসম আন্দোলনৰ প্ৰতি তেখেতৰ দৃষ্টিভংগীৰ উত্তৰণক আপোচকামিতা বুলি এচামে চলোৱা অপপ্ৰচাৰৰ উত্তৰত উল্লিখিত প্ৰবন্ধত ড° গোহাঁইয়ে ক’লে: ‘True, the middle-class leadership in its class-interest has distorted the national protest into chauvinist and communal forms. Further, this Assamese chauvinism has in its turn oppressed other minorities. But the Assam movement has not been confined to the middle class alone. It has a fairly broad-based rural support.  Land-pauperism, indebtedness, unemployment among rural youth, have all contributed to rousing the peasantry to solid support to the movement.’ (উৎস: Gohain, Hiren. 1985. Assam: A Burning Question. Guwahati, Spectrum Publications. P31)

এই সময়ত দেশৰ আগশাৰীৰ কাকত আৰু গৱেষণা পত্ৰিকাত ইংৰাজীত লিখা তেখেতৰ এলানি লেখাৰ মাজত ড° গোহাঁইৰ এই সাহস আৰু নিষ্ঠা প্ৰতিফলিত হৈছে । পাঠকৰ সুবিধাৰ্থে মই কেইটামান লেখাৰ কথা মাত্ৰ উল্লেখ কৰিব খুজিছোঁ: ‘Cudgel of Chauvinism’.  Economic & Political Weekly, February 23, 1980; ‘Fall-Out of Underdevelopment’. Economic & Political Weekly, 22 March, 1980. 15(22): 589-90. ; ‘Tangled Theories’. Economic & Political Weekly.  19 April. 1980. 15 (16): 733-735; ‘Little Nationalism Turned Chauvinist- A Comment’. Economic & Political Weekly. 28 February, 1980. 16(9): 339-40.

অসম আন্দোলনৰ সময়ত ড° গোহাঁইৰ ভুমিকাৰ বিষয়ে উল্লেখ কৰি মই এই কথাই ক’ব খুজিছোঁ যে বৌদ্ধিক চিন্তাৰ কাণ্ডাৰীসকলৰ নিজা চিন্তাৰ পুনৰীক্ষণৰো সাহস আৰু নিষ্ঠা থাকিব লাগিব । এনে বহু উদাহৰণ মই ডাঙি ধৰিব পাৰো । বাহুল্যৰ দোষে চোৱাৰ শংকা কৰি মই তাৰ পৰা বিৰত থাকিলোঁ । কৈ থোৱা ভাল হ’ব যে এনে গতিশীল চিন্তাৰ প্ৰাথমিক চৰ্ত হ’ল ন্যস্তস্বাৰ্থমহলৰ অভিপ্ৰায় আৰু কূটকৌশলৰ বিৰুদ্ধে সদাসচেতনতা আৰু সেইক্ষেত্ৰত লোৱা আপোচহীন স্থিতি । ন্যস্তস্বাৰ্থমহল সদায়েই ৰাষ্ট্ৰ অথবা পুঁজিপতিয়েই হ’ব তেনে কথা নাই । শাসকশ্ৰেণীয়ে সমাজৰ অন্য অংশকো তেওঁলোকৰ স্বাৰ্থৰ বাবে নিৰন্তৰ ব্যৱহাৰ কৰে- যিদৰে কৰিছিল অসম আন্দোলনৰ নেতৃত্বক । গতিকে সকলো সময়তে ৰাষ্ট্ৰবিৰোধী জনজাগৰণ জনহিতাৰ্থেই যাব তাৰ কোনো নিশ্চয়তা যে নাই তাৰ জ্বলন্ত উদাহৰণ অসম আন্দোলন আৰু আলফাৰ শসস্ত্ৰ সংগ্ৰাম ।  এই দুই আন্দোলনৰ মাজেৰে যে অসমৰ জাতীয় চেতনাই উদ্গীৰণমূখী পৰ্যায়লৈ যাব খুজিছিল তাত সন্দেহৰ অৱকাশ নাই । কিন্তু প্ৰতিক্ৰিয়াশীল মতাদৰ্শ, ন্যস্তস্বাৰ্থ আৰু বিশেষকৈ অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ৰাষ্ট্ৰৰ স’তে চলি থকা আপোচকামী সম্পৰ্কই এনে জন আৱেগক জনহতাশা আৰু গণ আন্দোলনক নৈৰাজ্যৰ শাৰীলৈ অৱনমিত কৰিছে । এনে আন্দোলনক কঠোৰৰ পৰা কঠোৰতম ভাষাৰে সতৰ্ক কৰিবলৈ গৈ জাতিশত্ৰুৰ অভিধাৰাৰে নিন্দিত হোৱাৰ পিছতো ড° গোহাঁই নিজৰ স্থিতিত অটল । সংক্ষেপে উল্লেখ কৰি থওঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ঔপনিৱেশিককালৰ ইতিহাসৰ সম্পদ লুণ্ঠনৰ পটভুমিৰে বিশ্লেষণ কৰি এই পঞ্জী অসমৰ বাবে কিয় প্ৰয়োজন তাৰ সমৰ্থনত ড° গোহাঁইয়ে গ্ৰহণ কৰা স্থিতিক ৰাষ্ট্ৰ অথবা শাসকশ্ৰেণীৰ ন্যস্তস্বাৰ্থৰ বিপৰীতে অৱস্থান লোৱা ভিন্ন শিবিৰেও তীব্ৰ আক্ৰমণ কৰিলে । হিন্দুত্বৰ তাত্বিকে তেখেতক পূৰ্ববংগমূলীয়মূলৰ বাঙালী মুছলমানৰ পৃষ্ঠপোষক আৰু খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী জাতিদ্ৰোহী আখ্যা দিলে; আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত  সক্ৰিয় আৰু বিমূৰ্ত মানৱতাবাদত বিশ্বাসীমহলে তেখেতক জাত্যাভিমানী বুলি অভিহিত কৰিলে। আন্তৰ্জাতিক স্তৰত অসমৰ পূৰ্ববংগীমূলৰ মুছলমানৰ স্বাৰ্থত সক্ৰিয়ভাৱে অভিমত ব্যক্ত কৰি অহা ডেকা গৱেষক সুৰজ গগৈ আৰু পৰাগ জ্যোতি শইকীয়াই এটা লেখাত ড° গোহাঁইকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৰ্মথক সকলক Intellectual racist ৰ শাৰীতেই থলে । ( উৎস: Gogoi, Suraj and Parag Jyoti Saikia. 2018. ‘NRC and Intellectual Racism’, Sabrang, 29 August, available at https://sabrangindia.in/article/nrc-and-intellectual-racism.) । ড° হিমন্ত বিশ্ব শৰ্মাৰ ২০১৮ চনত প্ৰকাশিত ‘ভিন্ন সময় অভিন্ন মত’ গ্ৰন্থত ড° গোহাঁইৰ ৰাজনৈতিক স্থিতিক আক্ৰমণ কৰি লিখা পাঁচটা লেখাত ড° গোহাঁইক জাতিদ্ৰোহী, বাংলাদেশীৰ পৃষ্ঠপোষক আদি অভিযোগেৰে অভিযুক্ত কৰাৰ উপৰিও তেখেতৰ বৌদ্ধিক সাধনাক ভণ্ডামিৰ পৰ্যায়ৰ বুলিও ক’বলৈ কুণ্ঠাবোধ নকৰিলে । উল্লেখ কৰা ভাল হ’ব যে এই গ্ৰন্থৰ পাতনি লিখিলে অসমৰ সমাজ জীৱনৰ এগৰাকী সন্মানীয় ব্যক্তি ডা: ধ্ৰুৱজ্যোতি বৰাই । ইমানবোৰ আক্ৰমণৰ পাছতো ড° গোহাঁই নিজৰ স্থিতিত অটল থাকিলে । এই সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমৰ্থনত ড° গোহাঁইয়ে ‘The Wire’; The Hindu; Economic and Political Weekly, Frontline আদি কাকত আলোচনীত বিস্তৰ লেখামেলা কৰিলে । মই তাৰ কেইটামান লেখাৰ মাত্ৰ উদাহৰণহে দিব খুজিছোঁ : ‘Debate: The NRC Is What Will Allow Assam to Escape from the Cauldron of Hate’.  The Wire. 13 August, 2018; ‘It’s Important to Know the History of the NRC Before Passing Judgment on It’. The Wire. 8 August, 2018; ‘Colonial Policy Created the Northeast's Citizenship Problem’; The Wire, 8 February, 2019. ; ‘It is important to contextualise the NRC’, The Hindu, 5 September, 2109.; ‘Discussion: Linking Excesses in NRC Process to Assamese Xenophobia Is Unwarranted’. Economic and Political Weekly. 29 February. 2019. 55(9).. 

ড° গোহাঁইয়ে বিশ্বাস কৰে যে মানৱ অধিকাৰ এক বিমূৰ্ত চেতনা নহয় । ইয়াৰ এক মূৰ্ত ৰূপ আছে । ঐতিহাসিক আৰু ৰাজনৈতিক পটভুমিৰ সঠিক বিচাৰ অবিহনে মানৱ অধিকাৰৰ ওকালতি কৰাটো বৌদ্ধিক পণ্ডশ্ৰম মাত্ৰ । ড° হীৰেন গোহাঁইৰ বৌদ্ধিক সততাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এইটোৱেই যে তেখেতে সদায়ে নিজৰ চিন্তা আৰু কৰ্মৰ পুনৰীক্ষণ কৰিছে । ভুল বুলি পতিয়ন গ’লে নিজৰ স্থিতি সলনি কৰিছে । কিন্তু শাসক শ্ৰেণীৰ বিভাজনকামী নীতি তথা ঘৃণা আৰু হিংসা বিয়পোৱা অশুভ শক্তিৰ বিৰুদ্ধে অধিক সাহস আৰু নিষ্ঠাৰে অৱস্থান গ্ৰহণ কৰিছে । ৰাষ্ট্ৰ শক্তিৰ প্ৰভাৱত পৰি অতি সম্প্ৰতি অসমৰ প্ৰতিষ্ঠিত গণমাধ্যমেও ড° হীৰেন গোহাঁইক বৰ্জন কৰিছে । অসমীয়া জাতীয় জীৱনৰ এনে অৱক্ষয় দেখি ড° গোহাঁই নিৰাশ হৈছে । কিন্তু এনে নিৰাশাই তেওঁক এখন গণতান্ত্ৰিক, সহনশীল আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত সমাজ নিৰ্মাণৰ প্ৰতি থকা নিষ্ঠাৰ পৰা এখোজো আঁতৰ কৰিব পৰা নাই । 

(২৮ নৱেম্বৰ ২০২২ তাৰিখে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত প্ৰবন্ধ ।)

 (টিয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীয়ে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ২৭ নৱেম্বৰ ২০২২ তাৰিখে অনুষ্ঠিত কৰা ড° হীৰেন গোহাঁইৰ ৰাজহুৱা সম্বৰ্ধনা সভাত প্ৰদান কৰা ভাষণৰ প্ৰথম খণ্ড ।)

Post a Comment

0 Comments