* নাৰায়ণপুৰত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠানটোৰ গুৰি ধৰিছিল তদানীন্তন সাহিত্য সভাৰ সভাপতিয়ে নিজে। মোক তেওঁ সভাৰ দুমাহমান আগৰে পৰা ফোন কৰি সমন্বয়কৰ দায়িত্ব দিছিল আৰু উদযাপন সমিতিৰ সম্পাদক মাখন তামূলীৰ সৈতে পৰিচয় কৰাই দিছিল। মই সাহিত্য সভাৰ সদস্য নাছিলোঁ কোনোকালে, মাত্ৰ ছাৰৰ আগ্ৰহৰ বাবে আৰু এজন লখিমপুৰীয়া হিচাপেহে ইয়াৰ সৈতে যুক্ত হৈছিলোঁ৷ মোক দায়িত্ব দিছিল কেৱল অতিথিসকলৰ সৈতে যোগাযোগ কৰিবলৈ আৰু অনুষ্ঠানটোৰ বাবে ডিজিটেল মাধ্যমত কাম কৰি থকা ৮জন মান ব্যক্তিক নিমন্ত্ৰণ জনাবৰ বাবে। সময়মতে কুলধৰ শইকীয়া ছাৰে চিঠিৰ ড্ৰাফ্ট পঠিয়াইছিল মোলৈ। সেই চিঠি মই অতিথিসকললৈ পঠিয়াইছিলোঁ৷
অনুষ্ঠানটোৰ বাবে কেনেদৰে আগবাঢ়িছিলোঁ?
অতিথিসকলৰ সৈতে অনুষ্ঠানটোত উপস্থিত থাকিব পাৰিবনে বুলি অনুমতি ল’বলৈ প্ৰথমে ফোনযোগে যোগাযোগ কৰিছোঁ। সন্মতি পোৱাৰ পাছত চিঠি দি আকৌ এবাৰ যোগাযোগ কৰিছোঁ। একোটা নিৰ্দিষ্ট বিষয় নিৰ্বাচন কৰি পুনৰ যোগাযোগ কৰিছোঁ। পৰৱৰ্তী সময়ত নিজেই ‘ডিজিটেল সাহিত্য সন্মিলন’ৰ বেনাৰ প্ৰস্তুত কৰি যোগাযোগ কৰিছোঁ। সেইমতে তিনিবাৰকৈ অধিক কুলধৰ শইকীয়া ছাৰে আৰু এবাৰ মাখন তামূলীয়ে যোগাযোগ কৰি এই অনুষ্ঠানটোৰ অগ্ৰগতিৰ খতিয়ান লৈ আছিল। অনুষ্ঠানৰ আগদিনা ৱাটচ্এপত এটা গোট খুলিও সকলোৰে লগত যোগাযোগ ৰাখি থকা হৈছিল। সেইখিনিলৈকে সকলো ঠিকে আছিল।
অনুষ্ঠানৰ দিনা কি হৈছিল!
আমি সেইদিনা ১২ মান বজাত অধিৱেশনস্থলীত গৈ পায়ে সভাপতিক ফোন যোগে অৱগত কৰিছিলোঁ অনুষ্ঠানৰ বাবে ক’ত কি কৰিব লাগে জনাওঁক বুলি। (এইখিনি সময়ত অতিথি অঞ্জল বৰা মোৰ লগতে আছিল) সভাপতিয়ে মাখন তামূলীৰ লগত যোগাযোগ কৰিবলৈ ক’লে, কাৰণ তেওঁ সেইদিনা ভীষণ ব্যস্ত আৰু অনুষ্ঠানৰ কাম-কাজ উদযাপন সমিতিয়ে চোৱা-চিতা কৰিছে বুলি জনালে। উদযাপন সমিতিৰ সম্পাদক মাখন তামূলীলৈ বিশবাৰমান ফোন কৰাৰ পাছত এবাৰ তেখেতে ফোনটো ৰিচিভ কৰি মোক মঞ্চৰ কাষলৈ মাতিলে। অধিৱেশনত মানুহৰ অসংখ্য ভীৰ, হাজাৰ হাজাৰ মানুহ৷ কাৰ্যকৰ্তা আদি সকলো ব্যস্ত৷ মই গৈ কিন্তু তামূলীক লগ নাপালোগৈ ! অতিথিসকলৰ লগত তেতিয়াও আমি গ্ৰুপটোৰ জৰিয়তেই সংযোগ ৰাখি আছোঁ। ইমানেই মানুহ হৈছিল যে তাত নেটৱৰ্ক কোনেও পোৱা নাছিল৷ নেটৱৰ্কৰ অসুবিধাৰ বাবে ফোনত সকলোকে পোৱাটো আমাৰ বাবেও অসম্ভৱ আছিল। অতিথিকেইজনৰ সৈতে আমি ১ মান বজাত সভাস্থলীত গোট খালো। তাৰ পাছত ৰৈ আছোঁ, ৰৈ আছোঁ, কাৰো দেখা-দেখি নাই, আমাৰ লগতো যোগাযোগ কৰা নাই কোনেও। মোৰ দায়িত্ব সিমানখিনলৈকেহে আছিল পূৰ্বৰ কথামতে৷ কিন্তু গৈ দেখিছোঁ৷ কথাবোৰ পূৰ্বতে কোৱাৰ দৰে হৈ থকা নাই! মই ফোন মাৰিয়েই আছোঁ, সভাপতি কুলধৰ শইকীয়া আৰু মাখন তামূলীলৈ। কিন্তু নেটৱৰ্ক নাই, ৰিচিভ নকৰে, বিজি আছে, অনেক লেঠা সেই সময়ত। আচৰিত লাগিছিল ! ইমান সহযোগ নাই ! আয়োজক সমিতিৰফালৰপৰাও কাৰো গুৰুত্ব নাই !
অৱশ্যে এইটোও বুজিছোঁ তেওঁলোক যথেষ্ট ব্যস্ত সেইকেইদিন। ইফালে মই প্ৰতি পাঁচ দহ মিনিটৰ মূৰে মূৰে সভাপতি আৰু মাখন তামূলীলৈ ফোন মাৰিয়ে আছোঁ। নেটৱৰ্ক নাপায়। ফোন বিজি, ফোন নাযায়েই অনেক বাধা-বিঘিনি। অতিথিসকলক খুৱাবৰ বাবেও কোনোজনলৈ যোগাযোগ কৰিব নোৱাৰিলোগৈ ! অথচ, এয়া তেওঁলোকৰ দায়িত্ব আছিল৷ এবাৰ সঞ্চালক হিচাপে নিমন্ত্ৰিত অৰবিন্দ ৰাজখোৱা ছাৰৰ লগত মই নিজে ভোজনস্থলী পালোগৈ, ইতিমধ্যে খাদ্য শেষ হৈছে বুলিহে জনালে। এতিয়া এইটো খবৰ জনাবলৈকো মোৰ হাতত উপায় নাই ! কাৰণ মাত্ৰ দুজন ব্যক্তিয়ে মোৰ লগত যোগাযোগ ৰাখিছিল, তেওঁলোক দুয়োজনেই ভীষণ ব্যস্ত ! অতিথিসকলক অভ্যৰ্থনা জনোৱা, খাদ্যৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত উদযাপন সমিতিৰ বিষয়ববীয়াৰ কোনো গুৰুত্ব নেদেখিলোঁ৷ প্ৰকৃততে তেওঁলোকৰ ফালৰপৰা সেইদিনা এই অনুষ্ঠানটোক লৈ যিধৰণৰ আয়োজন দেখিব লাগিছিল, নেদেখিলোঁ ! বাৰে-বাৰে মই, ৰাজখোৱা ছাৰেহে তেওঁলোকলৈ ফোন মাৰি থাকিব লগা হৈছিল ! মঞ্চৰ ভিতৰত গৈয়ো বহুতকে তেওঁলোকক লগ ধৰাই দিবলৈ অনুৰোধ পৰ্যন্ত কৰিছিলোঁ! কিন্তু কাৰো হাততেই সেই কামটো কৰাৰ পৰিৱেশ নাছিল!
ইতিমধ্যে কবি সন্মিলন দুঘণ্টা পলমকৈ আৰম্ভ হৈছে। ৪ বজালৈকে চলিছিল সম্ভৱ। তাৰ পাছত আকৌ ‘কুঁহি’ অনুষ্ঠান আৰম্ভ হ’বলৈ আছেই। মই তেতিয়াও কুলধৰ শইকীয়ালৈ যোগাযোগ কৰিবলৈ যত্ন কৰি আছোঁ। কিন্তু তেখেত মাধৱদেৱ বিশ্ববিদ্যালয়ত সভাৰ আভ্যন্তৰীণ আলোচনাত ব্যস্ত। ইফালে মাখন তামূলীয়ে ফোন ৰিচিভ কৰাই নাই ! (নেটৱৰ্কৰ সমস্যা সভাস্থলীত কিমান হৈছে, যোৱাসকলে দেখিছে।) বহুকেইবাৰ মঞ্চৰ কাষত থকা ব্যক্তিসকলকো মাখন তামূলীক লগ পাবলৈ খাতনি পৰ্যন্ত কৰিব লগা হৈছিলগৈ ! নিজেই লাজ-মান কাতি কৰি অতিথিসকলে যাতে বেয়া নাপায়, তাৰেই ব্যৱস্থা কৰি আছিলোঁ ! কিন্তু নাই মোক দায়িত্ব দিয়া দুজনৰেই খবৰ নাই ! এবাৰো এই সন্মিলনখনৰ কথাক লৈ উদযাপন সমিতিৰ খবৰ নাই!
ইতিমধ্যে ‘কুঁহি’ অনুষ্ঠানৰ পাছত পলমকৈ হ’লেও আমাৰ অনুষ্ঠান আৰম্ভ হ’ব বুলি ভাবিলোঁ৷ মই মঞ্চৰ কাষত দুই একক নিজে সুধিলোঁগৈ ‘ইয়াৰ পাছত ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠানটো হ’বনে বুলি! কিন্তু তেওঁলোকে কোনেও খবৰ নাপায় হেনো! মাখন তামূলীক তোমাৰ ওচৰলৈ পঠিয়াই আছোঁ বুলি এবাৰ কুলধৰ শইকীয়াই ফোন কৰিলে যদিও তেওঁ আহি নাপালেহি৷ এজনে ক’লে মন্ত্ৰী আহিছে, তেওঁৰ সৈতে আছে বুলি৷ ইফালে মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ অনূুষ্ঠান হ’ব বুলি ঘোষণা হ’লগৈ! মই আৰু নিমন্ত্ৰিত অতিথিসকল নিজেই আহি মঞ্চৰ কাষ পালোঁহি৷ মঞ্চত উপস্থিত থকা বিষয়ববীয়াসকলৰ লগত তৰ্কা-তৰ্কি লাগিলোঁ৷ কিন্তু তেওঁলোক হেনো সাংস্কৃতিক উপ সমিতিৰ মানুহহে! সন্ধিয়া ৬ বজাৰ লগে লগে পূৰ্বৰ অনুষ্ঠান কৰা সমিতিখনে তেওঁলোকক মঞ্চখন চমজাই দিয়াৰ কথা আৰু সেইমতে চমজাই দিছে, কিন্তু এই অনুষ্ঠানটো! কোনে ৰিস্ক হ’ব এতিয়া এই অনুষ্ঠানটোৰ!
অৱশেষত আমাৰ কথাখিনি শুনি সাংস্কৃতিক উপ সমিতিৰ বিষয়ববীয়া কেইজনে মঞ্চ এৰি দি আমাক অনুষ্ঠানটো কৰিবলৈ দিলে৷ মই নিজেই ঘোষক হ’বলগীয়া হ’ল! গামোছা এখনৰো যোগাৰ নহ’ল! দিব কোনে! আয়োজক সমিতিৰ মানুহেই নাজানে হোনো এইটো অনুষ্ঠানৰ কথা! অন্তত অতিথিসকলে অনুষ্ঠানটোত অংশ নোলোৱাকৈ ঘূৰি যাবলগীয়া নহওক বুলিয়েই আমি সকলো বাচ-বিচাৰ বাদ দি অনুষ্ঠানটো আৰম্ভ কৰিলোগৈ৷ দহমিনিটমান গৈছেহে, তাৰ পিছতে দুই এজন আহি সঞ্চালকৰ কাষ পাইছেগৈ, অনুষ্ঠানটো সোনকালে শেষ কৰিব লাগে, মন্ত্ৰী আহিছে হেনো৷ লাজ, ক্ষোভ সকলো লগত ৰাখি মই চিন্তা কৰি মৰিছোঁ কেনেকৈ অতিথিসকলক TA/DA দিয়াৰ ব্যৱস্থা কৰিব পাৰি৷ অনুষ্ঠান চলি থকাৰ মাজতেই কুলধৰ শইকীয়াৰ লগত ফোনত মই তানকৈ ক’ব লগা হৈছে৷ তেওঁ বা মাখন তামূলী বা উদযাপন সমিতি- কাৰ ভুলৰ বাবে এনেদৰে অনুষ্ঠানটোৰ অতিথিসকল অপদস্থ হ’ব লগা হ’ল!
অৱশেষত কুলধৰ শইকীয়াই মোক মাধৱদেৱ বিশ্ববিদ্যালয়লৈ মাতি অতিথিসকলৰ TA/DA খিনি যাদৱ শৰ্মাৰ পৰা ল’বলৈ ক’লে৷ মই কেনেকৈ যাওঁ এতিয়া তালৈ, অনুষ্ঠানটো চলাব কোনে, মোৰ লগত থকা বন্ধু প্ৰদীপ ভৰালীকে দায়িত্ব দি যাদৱ শৰ্মাৰ পৰা পইচাখিনি আনিবলৈ পঠিয়ালোঁ৷ সি পইচা লৈ ঘূৰি আহি পোৱা মানে অনুষ্ঠানটোৰ সামৰণি পৰিছিল আৰু মঞ্চত মন্ত্ৰী বিমল বৰা, অভিনত্ৰী চেতনা দাসৰ অনুষ্ঠান আৰম্ভ হৈ গৈছিল৷ লাজে অপমানে আমি অতিথিকেইজনৰ সন্মুখত নিজেই ক্ষমা বিচাৰি TA/DA খিনি পাছদিনা গু’গল পে কৰি দিয়াৰ দায়িত্ব লৈ এৰা-এৰি হৈছিলোঁ৷
লাজৰ কথা ইমানখিনি হৈ যোৱাৰ পাছতো মোক আৰু সঞ্চালকক এটকা এটাও নিদিলে৷ খবৰ এটাও নল’লে উদযাপন সমিতিৰ কোনোৱে৷ কুলধৰ শইকীয়াই তিনিদিনৰ পাছত ফোন কৰি খবৰ ল’লে৷ মোৰ যিমানখিনি ক’বলগীয়া আছিল তেখেতক ফোনতে ক’লোঁ৷ ভৱিষ্যতে কোনোদিন সাহিত্য সভাৰ সৈতে যে জৰিত নহওঁ, কাণত ধৰিলোঁ৷
0 Comments