নীলমণি ফুকনলৈ লিখা চিঠিবোৰ ৷৷ ‘পত্ৰগুচ্ছ’ গ্ৰন্থৰ সমালোচনা

 

* সাহিত্যিক নীলমণি ফুকনলৈ অসমৰ লগতে ভাৰতবৰ্ষ আৰু বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰপৰা বিভিন্নজন ব্যক্তিয়ে ভিন্ন সময়ত দিয়া চিঠি-পত্ৰৰ নিৰ্বাচিত সংকলন এটি ২০২১ চনৰ জুন মাহত প্ৰকাশ পাইছে৷ গ্ৰন্থখনৰ মুখ্য সম্পাদক ৰাজীৱ বৰা আৰু সম্পাদনা সহযোগী হৈছে অমিতাভ ফুকন আৰু লক্ষীনন্দন বৰগোহাঞি৷ অসমীয়া সাহিত্যত প্ৰথমে ডিম্বেশ্বৰ নেওগে তেখেতলৈ বহুকেইজন বৰেণ্য ব্যক্তিয়ে লিখা চিঠি-পত্ৰৰ সমালোচনামূলক এখন গ্ৰন্থ লিখি থৈ চিঠি-পত্ৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতাক প্ৰতিষ্ঠা কৰি থৈ গৈছে। গ্ৰন্থখনৰ নাম ‘পত্ৰৰেখা’ (১৯৪৩)৷ পৰৱৰ্তী সময়ত মহেশ্বৰ নেওগে ১৯৬৮ চনত চিঠি-পত্ৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতাক অনুধাৱন কৰি সমান্তৰালভাৱে সাহিত্যৰ অন্তৰ্গত এটি বিষয় হিচাপে স্বীকৃতি প্ৰদান কৰি আন এটি মহান কৰ্মৰ শুভাৰম্ভ কৰিছিল৷ মহেশ্বৰ নেওগে বেজবৰুৱাৰ চিঠি-পত্ৰসমূহ একত্ৰ কৰি ‘পত্ৰলেখা’ গ্ৰন্থৰ মাজেৰে অসমীয়া ‘পত্ৰ সাহিত্য’ৰ ধাৰাটোকে প্ৰতিষ্ঠা কৰি থৈ গৈছে৷ সেইদৰে একোজন নিৰ্দিষ্ট ব্যক্তিক কেন্দ্ৰ কৰি তেখেতৰ ব্যক্তিগত চিঠি-পত্ৰৰ সংগ্ৰহ বিষয়ক গ্ৰন্থ অসমীয়া সাহিত্যত ‘পত্ৰলেখা’ই সৰ্বপ্ৰথম৷ তেনে এক দৃষ্টিভঙ্গীৰেই প্ৰকাশ পোৱা ‘পত্ৰগুচ্চ’ হৈছে অসমীয়া ভাষাত দ্বিতীয়খন গ্ৰন্থ৷ অৱশ্যে বেণুধৰ শৰ্মাই সংকলন কৰা ‘টোকোৰা বাহৰ কূটা’ গ্ৰন্থখনো এইক্ষেত্ৰত অন্যতম পথিকৃৎ স্বৰূপ৷ অন্যান্য বিষয়ৰ লগতে এইখন গ্ৰন্থত শৰ্মাই অসমৰ বিভিন্নজন বৰেণ্য ব্যক্তিৰ নিৰ্বাচিত চিঠি-পত্ৰ আদি সংৰক্ষণ কৰিছে৷ কিন্তু এইখন গ্ৰন্থ কেৱল চিঠি-পত্ৰ কেন্দ্ৰিক গ্ৰন্থ নহয়
চিঠি-পত্ৰৰ সংগ্ৰহ আৰু সম্পাদনা বিষয়ক¸ অনেক গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ পাইছে৷ ইয়াৰ ভিতৰত তৈয়বউল্লাদেৱৰ ‘কাৰাগাৰৰ চিঠি’, জ্ঞানদাভিৰাম বৰুৱাৰ ‘বিলাতৰ চিঠি’, বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘প্ৰফেচাৰ বৰুৱাৰ চিঠি’, যোগেন্দ্ৰ নাথ দত্তৰ ‘দেউতাৰ চিঠি’, গোলাঘাট শাখা সাহিত্য সভাই প্ৰকাশ কৰা ‘সেই চিঠিবোৰ’, সৌৰভ কুমাৰ চলিহাৰ অনুৰাগী সমাজে প্ৰকাশ কৰা ‘চলিহাৰ চিঠি’, মনোহৰ দত্তৰ ‘চিঠি, ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ’ আদি গ্ৰন্থৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি৷ সেইদৰে চিঠি-পত্ৰৰ ধাৰাটোক কেন্দ্ৰ কৰি সমালোচনামূলক গ্ৰন্থও অসমীয়া ভাষাত প্ৰকাশ হৈছে৷ উপেন্দ্ৰ বৰকটকীৰ ‘পত্ৰ সাহিত্যৰ সুবাস’, দিব্যলতা দত্তৰ ‘চিঠিৰ মাজত লক্ষ্যধৰ চৌধুৰী, বদন বৰুৱাৰ ‘অমূল্য বৰুৱা চিঠিৰ যোগে মানুহজন’ আদি গ্ৰন্থৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি৷ অন্যহাতে অসমৰ প্ৰায়সংখ্যক সাহিত্যিকৰে ৰচনাৱলীসমূহত এইধৰণৰ অনেক চিঠি-পত্ৰ সংকলিত হৈছে৷ আহোম যুগৰ প্ৰায়বোৰ বুৰঞ্জীতে ৰজা-মহাৰজাই আদান-প্ৰদান কৰা চিঠি পত্ৰ আদি লিপিবদ্ধ হৈ আছে৷ ত্ৰিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদি ইয়াৰ অন্যতম উদাহৰণ৷ সেইদৰে চিঠিৰ শৈলী বা আংগিক ব্যৱহাৰ কৰি অনেক সৃষ্টিশীল সাহিত্যৰো ৰচনা হৈছে৷ ‘পত্ৰগুচ্চ’ গ্ৰন্থখনেও এইধাৰাটোক পুনৰ সমৃদ্ধিশালী কৰি তুলিলে আৰু অসমৰ পাঠক সমাজক ‘নীলমণি ফুকন’ মানুহজনক ওচৰৰপৰা বিচাৰ-বিশ্লেষণ কৰিবলৈ সুযোগ প্ৰদান কৰিলে৷
‘পত্ৰগুচ্চ’ গ্ৰন্থখনৰ ‘একাষাৰ’ত নীলমণি ফুকনে লিখিছে– তিনি কুৰিতকৈয়ো অধিক কাল ধৰি এই চিঠিবোৰ কিবা সাঁচতীয়া সাহোন বুলি ভাবি লগত লৈ ফুৰিছোঁ, তাৰে কোনোখন মাজে মাজে পঢ়ো মনটো ভাল লাগে, দুখো লাগে, খঙো উঠে৷’ (পৃষ্ঠা- একাষাৰ) গ্ৰন্থখনত সৰ্বমুঠ ৪৭ জন ব্যক্তিয়ে ফুকনলৈ দিয়া ১০১ খন নিৰ্বাচিত চিঠি সংকলিত হৈছে৷ ইয়াৰে অসমীয়া ভাষাত ২৭ জন, বাংলা ভাষাত ৫জন আৰু ইংৰাজী ভাষাত ১৬ জন ব্যক্তিয়ে দিয়া চিঠি সন্নিৱিষ্ট হৈছে৷
গ্ৰন্থখনে অসমীয়া সাহিত্যত ‘পত্ৰ’ক ‘ব্যক্তিগত’ ধাৰণাটোৰ মাজতে সীমাবদ্ধ নাৰাখি পত্ৰৰ মাজত অন্তঃনিৰ্হিত গৈ থকা সাহিত্য, সমকালীন সমাজ জীৱন, প্ৰাসংগিক বিভিন্ন গুৰুত্বপূৰ্ণ ঘটনা, চন, তাৰিখ, কাহিনী আদিৰ লগতে ব্যক্তিৰ সৈতে ব্যক্তিৰ যোগাযোগ, সম্পৰ্কবোৰো পাঠক সমাজলৈ উলিয়াই আনিছে৷ আগন্তুক দিনত অসমীয়া সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী নিৰ্মাণৰ বাবেও ‘পত্ৰগুচ্চ’ত প্ৰকাশিত এইধৰণৰ চিঠিসমূহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷
গ্ৰন্থখনৰ বিভিন্ন চিঠি-পত্ৰবোৰৰ মাজত আমি নীলমণি ফুকন নামৰ মানুহজনৰ সাহিত্যিক জীৱন আৰু ব্যক্তিগত জীৱনটোক বিচাৰি পাওঁ৷ অন্যহাতে তেওঁৰ সামাজিক জীৱনটোও এই চিঠিবোৰৰ মাজেদি মহীয়ান হৈ পৰিছে৷ সম্পাদিত গ্ৰন্থখনত ফুকনলৈ যিকেইজন ব্যক্তিয়ে চিঠিসমূহ লিখিছে, তেওঁলোকো অসমীয়া সমাজ-সাহিত্যৰ লগতে ভাৰতীয় সাহিত্য-সংস্কৃতিৰ প্ৰতিনিধিত্বকাৰী ব্যক্তি৷ বিদেশৰো বহুকেইজন ব্যক্তিয়ে ফুকনলৈ চিঠি লিখিছে৷ এই চিঠিসমূহৰ জৰিয়তে সেইসকল নমস্য ব্যক্তিৰ সৈতে ফুকনৰ যি সৌহাদ্যপূৰ্ণ সম্পৰ্ক, সেয়া প্ৰতিফলিত হোৱাৰ লগতে সেইসকল ব্যক্তিৰ চিন্তা-চেতনা, আদৰ্শ, দৃষ্টিভঙ্গী, ফুকনৰ কৰ্মৰাজিৰ প্ৰতি তেওঁলোকৰ আস্থা, বিশ্বাস, তাগিদা আদি বিষয়বোৰো পূৰ্ণৰূপত প্ৰতিফলিত হৈছে৷
গ্ৰন্থখনত ফুকনে ‘সাঁচতীয়া সাহোন’ বুলি এটি অভিধা ব্যৱহাৰ কৰিছে৷ যিটো অভিধা অসমীয়া ভাষাতেই সম্ভৱ প্ৰথম ব্যৱহাৰ হৈছে৷ বাপতি-সাহোন অভিধাটোৰ সৈতে আমি পূৰ্বৰেপৰাই চিনাকি৷ কিন্তু ‘সাঁচতীয়া সাহোন’ অভিধাৰে ফুকনে এই চিঠিবোৰৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্ক কিমান নিবিড়, হয়তো সেয়া প্ৰমাণ কৰিবলৈকে এইধৰণৰ এটি নতুন অভিধা ব্যৱহাৰ কৰিছে৷ কবিয়ে এই চিঠিবোৰৰ মাজেৰে নিজৰ অতীত জীৱনটোক ৰোমণ্ঠন কৰাৰ এটি প্ৰয়াস কৰিছে বুলি গ্ৰন্থখনৰ ‘একাষাৰ’ৰপৰা অনুধাৱন কৰিব পাৰি৷ সেইদৰে তেওঁৰ ব্যক্তিগত বা সামাজিক জীৱনটোত কেনেধৰণৰ বৰেণ্য ব্যক্তিসকলৰ সৈতে যোগাযোগত আছিল, তেওঁলোকৰ কাম-কাজ, চিন্তা-চেতনাবোৰ কেনেধৰণৰ আছিল; সামাজিক কাৰ্য-কলাপবোৰত ফুকনৰ নেতৃত্ব বা ভূমিকা কেনেধৰণৰ আছিল, বিশ্ব সাহিত্যৰ বিভিন্ন ভাষাৰ কবিতাবোৰ ফুকনে কেনেধৰণে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল, কবিতা বিচাৰি বিভিন্নজন ব্যক্তিৰ সৈতে কিদৰে যোগাযোগ কৰিছিল; এই চিঠিসমূহে তাৰো স্বাক্ষৰ বহন কৰিছে৷
গ্ৰন্থখনৰ প্ৰথমখন চিঠি অনিল ৰায়চৌধুৰীয়ে লিখা৷ এইখন চিঠিত তেওঁ সাহিত্য একাডেমীৰ ফে’লশ্বিপ পোৱা বাবে ফুকনক শুভেচ্চা জনোৱাৰ লগতে ফুকনৰপৰা কবিতাৰ সমান্তৰালভাৱে অসমীয়া কবিতাৰ কাহিনীৰ লেখিয়া ইতিহাসধৰ্মী ৰচনা আৰু কবিতা ৰচনাৰ বাবে প্ৰয়োজনীয় কথাবোৰ গদ্যত লিখিবলৈ অনুৰোধ জনাইছে৷ কলম্বিয়াৰপৰা লিখা অমৃত বৰুৱাৰ চিঠিখনৰপৰা ফুকনে যে বৰুৱালৈ লেয়ন ফেলিপৰ কবিতাৰ তথ্য বিচাৰি পত্ৰ লিখিছিল সেই তথ্য আছে আৰু সেই কবিতাটো বিচাৰি নোপোৱাৰ প্ৰসংগ বৰুৱাৰ চিঠিখনত আছে৷ ফুকনে বৰুৱালৈ ‘সংজ্ঞা’ আলোচনীৰ কপি পঠোৱা, ‘সংজ্ঞা’ত লেখা লিখিবলৈ বৰুৱাক অনুৰোধ কৰা আদি বিভিন্ন প্ৰসংগও উল্লেখ আছে৷
অতুলচন্দ্ৰ বৰুৱাৰ চিঠিত ফুকনে বৰুৱালৈ পঠোৱা কেইটামান নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ আছে৷ বৰুৱাই আধুনিক শিল্পৰ বিষয়ে বহুকেইটা মন্তব্য চিঠিখনত উল্লেখ কৰিছে৷ অসমীয়া চিত্ৰশিল্পীসকলক লৈয়ো যে বৰুৱা যথেষ্ট আশাবাদী, সেই প্ৰসংগ চিঠিখনত ঠাই পাইছে৷ বৰুৱাৰ দ্বিতীয়খন চিঠিত দিল্লীৰপৰা প্ৰকাশ হোৱা এখন আলোচনীত ফুকনৰ প্ৰবন্ধ প্ৰকাশ হোৱা আৰু বঙালী আলোচনী ‘দিগন্ত’ত অসমৰ বহুকেইজন বৰেণ্য ব্যক্তি ক্ৰমে দেৱ বৰুৱা, বীৰেণ ভট্ট, হেম বৰুৱা, নৱ বৰুৱা, হীৰেণ ভট্ট, ভৱেন বৰুৱা, কেশৱ মহন্ত, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন গোহাঁই আদিৰ বাংলালৈ অনুবাদিত কবিতা প্ৰকাশ হোৱাৰ তথ্য আছে৷ বৰুৱাই দুয়োখন চিঠিত জাপানী আৰু চীনা চবিৰ প্ৰসংগ আনিছে৷
আনন্দচন্দ্ৰ বৰুৱাৰ চিঠিৰ মাজেদি ফুকনে যে তেওঁৰ দ্বাৰা সম্পাদিত ‘সংজ্ঞা’ আলোচনীত প্ৰকাশৰ বাবে আনন্দচন্দ্ৰ বৰুৱাৰ পৰা ‘দীৰ্ঘনিকায়’ৰ এটি অনুবাদ বিচাৰি চিঠি লিখিছিল, সেই তথ্য আছে৷ আনন্দচন্দ্ৰ বৰুৱাই এই চিঠিতে ‘আজি-কালি লিখিবলৈ প্ৰেৰণা নাইকিয়া হৈ আহিছে’ বুলি ফুকনলৈ বাৰ্তা পঠিয়াইছে৷ চৈয়দ আব্দুল মালিকৰ চিঠিত অসমীয়া সাহিত্য সমালোচকৰ প্ৰতি তীব্ৰ বিষেদগাৰ প্ৰকাশ পাইছে৷ তেওঁ লিখিছে এইদৰে–‘দেৰগাঁৱৰ আমি দুজনে সাহিত্যিক বুলি স্বীকৃতি পালোঁ৷ শ্ৰদ্ধেয় লক্ষ্মীনাথ ফুকন প্ৰথমজন৷ অন্য সকলো ঠাইৰে এজন-এজনহে৷ তৃতীয়জন দেৰগঞা তুমিহে নহ’বা জানো৷ অৱশ্যে তাৰ আগতে আমাৰ, জীৱাশ্ম হৈ জীয়াই থকা এজাক অসমীয়া সাহিত্যৰ সমালোচকৰ শোকসভা আমি পাতিব লাগিব৷’(পৃষ্ঠা-২২)
মালিকৰ দ্বিতীয়খন চিঠিত ফুকনে ‘অসমীয়া কবিতাৰ সংকলন’ প্ৰকাশ কৰাৰ প্ৰসংগ আৰু মালিকৰপৰা সংকলনৰ বাবে কবিতা বিচৰাৰ প্ৰসংগ আছে৷ এইখন চিঠিত মালিকৰ সাহিত্যিক হিচাপে যি সততা, সেয়া পৰিস্ফূত হৈছে৷ তেওঁ ফুকনৰ অনুৰোধ ৰক্ষা কৰাৰ বিপৰীতে লিখিছে এনেদৰে– ‘মই হোৱাই নোহোৱাই গদ্যহে লিখোঁ (তাতো আজিকালি বহুত ভুল ধৰা পৰিছে)৷ কবিতা মই কাহানিও লিখা নাই৷ লিখিছোঁ যদি পদ্যহে ৰচিছোঁ৷ গতিকে কবিতা সংকলনত মোৰ পদ্যক ঠাই দিয়াতো সুবিধাজনক কথা হ’ব যেন লগা নাই৷ বগা কাউৰী হোৱাৰ মূঢ়তা মোৰ নাই৷’ (পৃষ্ঠা-২৩) অন্যহাতে এইখন চিঠিতে তেওঁ ফুকনলৈ পৰামৰ্শ দিছে যে কাব্যিক গুণত কম হ’লেও যেন ঐতিহাসিক মূল্য থকা কবিতাক গ্ৰন্থখনত স্থান দিয়া হয়৷
টাবু টাইদৰ চিঠিৰ মাজত টাইদে ফুকনৰ বিষয়ে ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড’ত এটি ভুল তথ্য দিয়াক লৈ নিজৰ মনোকষ্টৰ কথা উল্লেখ কৰিছে৷ সেইদৰে টাইদে ১৯৭৩-৭৪ চনত ৰেডিং বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে ফুকনে তেওঁলৈ ‘লেঅঁ ফেলিপে’ৰ কবিতা বিচাৰি চিঠি লিখিছিল, সেই কবিতাটো বিচাৰি দিব নোৱাৰাৰ বাবেও টাইদে এই চিঠিখনৰ জৰিয়তে ফুকনৰ আগত অপাৰগতা প্ৰকাশ কৰিছে৷ অন্যহাতে টাইদ হৃদৰোগী হোৱাৰ খবৰটোও চিঠিৰ দ্বাৰাই ফুকনক জনাইছে৷
(ককা) নীলমণি ফুকনৰ সৈতেও নীলমণি ফুকনৰ চিঠিৰ জৰিয়তে বাৰ্তালাপ হৈছিল৷ ‘পত্ৰগুচ্চ’ৰ বেটুপাতৰ ছবিখনো (ককা) নীলমণি ফুকনে দিয়া এখন পত্ৰৰেই অলংকৰণ কৰি সজোৱা হৈছে৷ চিঠিখনত উল্লেখ আছে যে একে নামৰ বাবেই ‘নীলমণি ফুকনে’ বঁটা পোৱাৰ বাবে বহুতে ভুল কৰি (ককা) নীলমণি ফুকনকে সম্বৰ্ধনা জনাইছিল৷ এগৰাকী তৰুণ সাহিত্য সাধক হিচাপে ফুকনলৈ এই চিঠিৰ জৰিয়তেই (ককা) নীলমণি ফুকনে প্ৰশংসাসূচক বহুকেইটা বাক্য লিখি পঠিয়াইছে৷ নৱকান্ত বৰুৱাই চিঠিৰ জৰিয়তেই ফুকনক এখন ছেমিনাৰলৈ মাতিছে৷ সেই সভালৈ অমৃতা প্ৰীতম, কাইফি আৰু পূৰ্ণেন্দু পত্ৰী অহাৰ খবৰো চিঠিখনত আছে৷ ৰাতি ফুকনক ঘৰত থৈ অহাৰ দায়িত্বও বৰুৱাই নিজে ল’ব বুলি চিঠিখনত উল্লেখ কৰিছে৷
নিৰ্মলপ্ৰভা বৰদলৈয়ে দিয়া চিঠিখনত ফুকনৰ ঘৰখনৰ সৈতে বৰদলৈৰ গভীৰ আন্তৰিকতা থকাৰ উমান পোৱা যায়৷ ইউ.জি.চি.ৰ দ্বাৰা আয়োজিত এখন ছেমিনাৰত ‘এশ বছৰৰ অসমীয়া কবিতা’ৰ বিষয়ে আলোচনা কৰা আৰু আলোচক হিচাপে ফুকনকো নিমন্ত্ৰণ জনোৱাৰ কথা চিঠিখনত উল্লেখ আছে৷ গ্ৰন্থখনত নগেন শইকীয়াৰ চ্ছ্ৰখন চিঠি সংকলিত হৈছে৷ ফুকনে ‘সাহিত্য অকাডেমী’ বঁটা পোৱাত শইকীয়াই তেওঁলৈ শুভেচ্চা জনাই প্ৰথমখন চিঠিত লিখিছে–‘আপোনাৰ যোগেদি অসমীয়া কাব্যৰ এটি বিশিষ্ট সুঁতি আকৌ এবাৰ স্বীকৃত হ’ল– ৰাজহুৱা ভাৱে৷ (পৃষ্ঠা-৪১) দ্বিতীয়খন চিঠিত শইকীয়াৰ গ্ৰন্থ – ‘বাসনা আৰু বিষাদৰ টোকা বিশেষ’ৰ পাণ্ডুলিপিটো ফুকনক দেখুৱাই মতামত লোৱাৰ আশা ব্যক্ত কৰিছে৷ যিখন গ্ৰন্থৰ নাম তেওঁ তৃতীয়খন চিঠিত সলনি কৰি ‘ভগা আয়নাত প্ৰতিবিম্বিত মোৰ সত্তা’ বুলি উল্লেখ কৰিছে৷ চতুৰ্থখন চিঠিত শইকীয়াই চীন দেশৰপৰা আহি ফুকনলৈ চিঠিৰ জৰিয়তেই চীন দেশৰ বিষয়ে উল্লেখ কৰিছে৷ তেওঁ চীন দেশৰ বিষয়ে চিঠিখনত লিখিছে এনেদৰে–‘সঁচাকৈয়ে এক মহৎ সভ্যতা আৰু সাংস্কৃতিক মাতৃভূমি৷ বিশালতা আৰু সূক্ষ্মতাৰ অপূৰ্ব সহবাস৷’ চীন দেশৰপৰা এটা লোক-সংগীতৰ কেছেট কিনি অনাৰ কথাও শইকীয়াই চিঠিখনত উল্লেখ কৰিছে৷
বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যই চিঠিত লিখিছে–‘আজিকালি গণ মাধ্যমৰ যোগেদি সম্পূৰ্ণ ৰূপে আত্মপ্ৰকাশ কৰা অসম্ভৱ হৈ উঠিছে, চিঠি-পত্ৰ আদি ব্যক্তিগত মাধ্যম অধিক নিৰ্ভৰযোগ্য৷’ (পৃষ্ঠা-৪৬) আনকি তেওঁ নিজৰ সাহিত্যৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে–‘মই কেতিয়াবা ভাবোঁ হয় মই নিজে দুৰ্বোধ্য, নহয় পাঠকসকল সহানুভূতিশীল নহয়৷’
ভবেন বৰুৱাৰ চিঠিত তেওঁৰ দ্বাৰা সম্পাদিত ‘সংলাপ’ আলোচনীলৈ ফুকনৰপৰা কবিতা বিচাৰিছে৷ বৰুৱাই ফুকনৰ কবিতাৰ অনুবাদত ভুল ধৰি কিছু কথাত ‘আপত্তিকৰ কথা ৰৈ গৈছে’ বুলিও অভিযোগ কৰিছে৷ তেওঁ ফুকনৰপৰা ‘অসমীয়া কলাৰ ঐহিত্য’ বিষয়ত প্ৰবন্ধ লিখি দিব নেকি বুলিও চিঠিখনত প্ৰশ্ন কৰি পঠিয়াইছে৷ বৰুৱাৰ দ্বিতীয়খন চিঠিত ফুকন আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন নতুন গ্ৰন্থ প্ৰকাশ, তাৰ প্ৰুফ চোৱা, বেণু মিশ্ৰই অঁকা বেটুপাতৰ প্ৰসংগই ঠাই পাইছে৷ বৰুৱাৰ পঞ্চমখন চিঠিত ফুকনে লিখা এটা প্ৰবন্ধক কেন্দ্ৰ কৰি কেইবাটাওপৰামৰ্শ পঠিয়াইছে৷ এই চিঠিৰপৰা ভৱেন বৰুৱাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ বিষয়ে জানিব পাৰি৷ সেইদৰে তেওঁ কলিকতাৰ শান্তি নিকেতনত থকাৰ সময়ছোৱাত অসমীয়া লেখকৰ গ্ৰন্থ ছপা কৰা কৰি দিয়া কামটো যে গুৰুত্ব সহকাৰে দায়িত্বপাতি লৈছিল; সেই তথ্যও তৃতীয় আৰু চতুৰ্থ চিঠি দুখনত পোৱা যায়৷
মহেশ্বৰ নেওগৰ সৰ্বমুঠ সাতখন চিঠি গ্ৰন্থখনত সংকলিত হৈছে৷ ‘ৰামধেনু’ত প্ৰকাশৰ বাবে ‘দেৰগাঁৱৰ শিৱদ’ল’ শীৰ্ষক এটি লেখা বিচৰাৰ প্ৰসংগ আৰু লেখাটো ফুকনে পঠোৱাত সেই লেখা পঢ়ি নেওগে নতুনকৈ সংযোগ কৰিবলগা কেইটামান তথ্যৰ বিষয়ে প্ৰথম চিঠিখনত প্ৰশ্ন লিখি দিছে৷ এই চিঠিখনৰ দ্বাৰা মহেশ্বৰ নেওগৰ আলোচনী সম্পাদনা ৰীতি সম্পৰ্কে আভাস পাব পাৰি৷ তেওঁৰ দ্বিতীয়খন চিঠিৰ শেষৰফালে তেওঁৰ এখন গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে পৰোক্ষভাৱে এনেদৰে উল্লেখ কৰিছে– ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ’ত আকৌ গাঁঠি লাগিল– অসমীয়া ব্যৱসায়ীৰ অকৰ্মণ্যতাৰ ফলত৷’ (পৃষ্ঠা-৬৩)
মুনীন বৰকটকীৰ চিঠিৰ মাজত তেওঁৰ জাতীয়তাবোধ স্পষ্ট হৈছে৷ কটকীয়ে ফুকনৰ কবিতা পুথি পঢ়ি তেওঁলৈ বঙলুৱা শব্দ ব্যৱহাৰৰ সলনি খাতি অসমীয়া শব্দ ব্যৱহাৰ কৰিবলৈ উদাহৰণ দি পত্ৰ লিখিছে৷ বৰকটকীৰ তৃতীয়খন পত্ৰত তেওঁৰ জীৱনৰ বিষয়ক গভীৰ হতাশাৰ ভাৱ স্পষ্ট হৈছে৷ তেওঁ লিখিছে– ‘মই জীৱনৰপৰা একপ্ৰকাৰ বিচ্চিন্ন হৈ জীয়াই আছোঁ৷ বয়সৰ, মনৰ, অন্তৰৰ সকলো ফালৰ এক অন্তহীন জৰাই গ্ৰাস কৰি থৈছে৷ ঘৰতে সোমাই থাকোঁ, কলৈকো নোলাওঁ৷ আনকি, ওচৰৰে নতুন ভাস্কৰ আৰ্ট গেলেৰীটোও এদিন গৈ চাবগৈ পৰা নাই৷’ (পৃষ্ঠা-৭৩)
গ্ৰন্থখনত মহেন্দ্ৰ বৰাৰ সৰ্বমুঠ ৮ খন চিঠি সংকলিত হৈছে৷ এই চিঠিবোৰত চিন্তা উদ্ৰেককাৰী বহুকেইটা প্ৰসংগ আছে৷ তেওঁ অসমীয়া সাহিত্যিকৰ কাণ্ড-কাৰখানা দেখি অবাক হোৱা আৰু সেই চামটোৰ কাণ্ড-কাৰখানাৰ বিষয়ে লিখিছে৷ আনকি তেওঁ লিখিছে–‘নিজে অসৎ হ’ব নোৱাৰা, কিন্তু অসৎক অসৎ বুলি সকলো সময়তে কৈ নিদিবা, ক্ষতিগ্ৰন্থ হ’বা৷’ (পৃষ্ঠা-৭৫) সেইদৰে তেওঁ কৈছে– ‘যিবোৰ মানুহৰ সংস্পৰ্শলৈ আহা, প্ৰথম দৰ্শনতে মনে মনে এটা tick mark দি থ’বা৷ ... কেৱল A classৰ বন্ধুকেই তোমাৰ গোপন জীৱনত, তোমাৰ সাহিত্যিক জীৱনত ভুমুকি মাৰিবলৈ দিবা৷ সকলোকে নিদিবা৷ বাকীবোৰ মৌ-মাখি৷ তোমাৰ মন্তব্যকেই নিজৰ মন্তব্য বুলি তোমাৰ আগতেই চলাই দিব৷ গতিকে সাৱধান৷’(পৃষ্ঠা-৭৫)
মহেন্দ্ৰ বৰাৰ ‘জাতিস্মৰ’ গ্ৰন্থখন লিখি এটা সময়ত নিজে লাজ পোৱা আৰু গ্ৰন্থখনৰ মানদণ্ড কম হোৱাৰ প্ৰসংগ ফুকনলৈ লিখা এখন চিঠিত প্ৰকাশ পাইছে৷ গ্ৰন্থখনৰ আগকথাত হোমেন বৰগোহাঞিয়েও কিছু অনাৱ্যশকীয় কথা লিখি পেলালে বুলি উল্লেখ কৰিছে৷ তেওঁৰ এখন চিঠিত ফুকনৰ কবিতালৈ অহা ‘প্ৰতীক’ৰ বিষয়েও সমালোচনা কৰি পঠিয়াইছে৷ তেওঁ লিখিছে– ‘তুমি যেন প্ৰতীকৰ বিষয়ে অতিমাত্ৰাই সচেতন হৈ পৰিছা৷ কিয় তুমি বৌদ্ধশাস্ত্ৰৰ ওচৰলৈ গৈছা, প্ৰতীক বিচাৰি? তুমি নিজে নেযাবা; তোমাৰ ওচৰলৈ সিহঁত নিজেই আহক৷’ (পৃষ্ঠা-৮১)
মহিম বৰাৰ চিঠিত বৰাৰ সৃষ্টিশীল জীৱনলৈ অহা জঠৰতাৰ কথা উল্লেখ কৰিছে– ‘সৃষ্টি ক্ষমতাটো কৰবাত জঠৰ লাগি ৰৈ গ’ল– সেইটোৱেই দুখ৷ গোটেই জীৱন খুন্দা-খুন্দনি খাই উজুটিয়াই গ’ল– এতিয়া অলপ সকাহ পোৱা যেন লাগিছিল– কিন্তু সৃষ্টিৰ ক্ষেত্ৰত আহিল জঠৰতা৷’ (পৃষ্ঠা-৮৯)
গ্ৰন্থখনত মামণি ৰয়ছম গোস্বামীৰ দুখন চিঠি সংকলিত হৈছে৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ এম.আই.এল বিভাগৰ অধ্যাপক হৈ থকাৰ সময়তে এই দুখন চিঠি লিখা৷ প্ৰথমখন চিঠিত গাৰ্থিয়া লৰ্কাৰৰ কবিতাৰ অনুবাদ পুথি প্ৰকাশ কৰা বাবে ফুকনক অভিনন্দন জনাইছে৷ দ্বিতীয়খন চিঠিতো ‘সাহিত্য অকাডেমী’ বঁটা পোৱাৰ বাবে অভিনন্দন জনোৱাৰ লগতে চীনা কবিতাৰ অনুবাদ কৰিবলৈ ফুকনক অনুৰোধ জনাইছে৷ অনুবাদৰ ক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়ৰ এম.আই.এল বিভাগৰ সকলো কিতাপ প্ৰয়োজন হ’লে ফুকনক যোগান ধৰাৰো আশ্বাস দিছে৷ যুগল দাসৰ চিঠিত ফুকনৰ গ্ৰন্থ পঢ়ি ভাল পোৱাৰ অভিজ্ঞতাৰ বিষয়ে লিখা হৈছে৷ তেওঁ ‘লোক-কল্পদৃষ্টি’ গ্ৰন্থখনক এখন দলিল বুলি উল্লেখ কৰিছে৷ অৱশ্যে ‘লোক-কল্পদৃষ্টি’ গ্ৰন্থখনৰ কেতবোৰ দুৰ্বলতা আৰু সংযোগ কৰিবলগীয়া প্ৰসংগও তেওঁ চিঠিখনত উল্লেখ কৰিছে৷
লক্ষ্মীনাথ ফুকনৰ চিঠিৰ মাজত ফুকনে তেওঁলৈ ইতিমধ্যে সুধি পঠিওৱা বিভিন্ন প্ৰশ্নৰ চমুকৈ উত্তৰ লিখিছে৷ হেম বৰুৱাৰ চিঠিৰ মাজত হেম বৰুৱাৰ জীৱন-দৰ্শন প্ৰতিফলিত হৈছে৷ তেওঁ পাৰ্লামেণ্টৰপৰা ৰাতি আহি ফুকনৰ ‘সূৰ্য্য হেনো নামি আহে এই নদীয়েদি’ পঢ়ি শেষ কৰাৰ কথা ফুকনলৈ লিখা চিঠিত উল্লেখ কৰিছে৷ সেইদৰে তেওঁ লোকসভাৰ সদস্য হৈ থাকোতেই ভাৰত চৰকাৰৰ বাবে ২৫০ পৃষ্ঠাৰ ইংৰাজী ভাষাত অসমৰ এখন বুৰঞ্জী লিখাৰ তথ্যও চিঠিখনত আছে৷ আনকি তেওঁ পাৰ্লামেণ্ট বাদ দিও গ্ৰন্থ লিখাত মনোনিৱেশ কৰিছিল৷ এজন সাহিত্যিক আৰু একেসময়তে এজন ৰাজনীতিকৰ বাবে এয়া কম সাহসৰ কথা নহয়৷
হৰিভক্ত ফটুৱালৰ চিঠিৰ মাজত নেপালী ভাষা-সাহিত্যৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত হৈছে৷ আনকি তেওঁ ‘কীৰ্তন’ পুথিখন নেপালী ভাষালৈ অনুবাদ কৰিবলৈ ওলোৱা প্ৰসংগ, অসমীয়া সাহিত্যৰ বিভিন্ন সাহিত্যৰাজি নেপালী ভাষালৈ অনুবাদ কৰিবলৈ লোৱা আঁচনিৰ প্ৰসংগও চিঠিখনত আছে৷
গ্ৰন্থখনত হৰেকৃষ্ণ ডেকাৰ ৬খন চিঠি সন্নিৱিষ্ট হৈছে৷ তেওঁৰ প্ৰথম চিঠিখনত ফুকনৰ কবিতাৰ প্ৰশংসা কৰাৰ সমান্তৰালভাৱে ‘আৰু কি নৈঃশব্দ্য’ কবিতা পুথিৰ নামকৰণক লৈ অসন্তুষ্টিও প্ৰকাশ কৰিছে৷ সেইদৰে তেওঁ ‘দেশৰ শাসনভাৰ যিসকলৰ হাতত পৰিছে সেইসকলক দেখি অকনো উৎসাহ পোৱা নাই’ (পৃষ্ঠা-১০৮) বুলিও ফুকনক জনাইছে৷ তেওঁৰ বাকীকেইখন চিঠিটো ফুকনৰ কবিতাৰ সমালোচনা আছে৷ এই চিঠিকেইখনৰ মাজতেই সমালোচক হৰেকৃষ্ণ ডেকাজন মূৰ্ত হৈ উঠিছে৷ তেওঁ নিজৰ বানান বৰকৈ ভুল হয় বুলি ফুকনক জনাইছে৷ আনকি তেওঁ এখন চিঠিত অসমীয়া গল্পকাৰসকলক সমালোচনা কৰি লিখিছে এনেদৰে–‘অসমীয়া গল্পৰ ভৱিষ্যত বৰ উজ্বল যেন নালাগে৷ অসমীয়া গল্পকাৰসকলে নুবুজে নেকি যে অসমীয়া সাহিত্যই সকলোবোৰ একোজন মিনি– সৌৰভ চলিহা হোৱাটো নিবিচাৰে৷’ (পৃষ্ঠা-১১৬) সেইদৰে তেওঁ হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’ পঢ়ি বৰগোহাঞিয়ে–‘শেষৰ Chapter কেইটা বৰ লৰালৰিকৈ লিখিলে যেন পাইছোঁ’ বুলিও উল্লেখ কৰিছে৷
গ্ৰন্থখনত হোমেন বৰগোহাঞিৰ ৫খন চিঠি সন্নিৱিষ্ট কৰা হৈছে৷ বৰগোহাঞিয়ে ফুকনৰ কবিতাক ‘আপোনাৰ কবিতা হৃদয়ৰ নিভৃত উপভোগৰ বস্তু’ বুলি উল্লেখ কৰিছে৷ সেইদৰে তেওঁ দ্বিতীয়খন চিঠিত লিখিছে– ‘চেঙেলীয়া বয়সত জীবনানন্দ দাসৰ কবিতা প্ৰথম পঢ়িবলৈ আৰম্ভ কৰি; ইমান ভয় খাইছিলোঁ যে কবিতাৰ কিতাপখন মই ফালি পেলাইছিলোঁ’ (পৃষ্ঠা-১২১)৷ বৰগোহাঞিৰ চিঠিকেইখনত তেওঁৰ ব্যক্তিগত জীৱনৰ নীতি-আদৰ্শ পৰিস্ফূত হোৱাৰ সমান্তৰালভাৱে ফুকনৰ কবিতাক লৈ তেওঁৰ আশাবাদৰ বতৰা প্ৰতিফলিত হৈছে৷ সেইদৰে ‘সাতসৰী’ আলোচনীৰ সম্পাদকৰ পদ পোৱাত বৰগোহাঞিয়ে ফুকনলৈ কবিতা বিচাৰি আৰু ফুকনৰ বিষয়ে এটা প্ৰচ্চদ কাহিনী কৰাৰ ইচ্চাৰ কথা উল্লেখ কৰিছে৷ সেইদৰে তেওঁ এই চিঠিখনতে সাতসৰী আলোচনীৰ জৰিয়তে – ‘আমাৰ যুগ শেষ হৈছে, মৰাৰ আগতে এটা নতুন যুগক স্বাগতম জনাই যাব খুজিছোঁ’ (পৃষ্ঠা-১২৪) বুলি নতুন প্ৰজন্মৰ প্ৰতি আশা প্ৰকাশ কৰিছে৷
হীৰেণ গোঁহায়ে কেমব্ৰীজ বিশ্ববিদ্যালয়লৈ গৱেষণাৰ কাৰণে যাওঁতে ইংলেণ্ডৰপৰা পঠোৱা আৰু তাৰ পৰৱৰ্তী সময়তো পঠিওৱা সৰ্বমুঠ ১১খন চিঠি গ্ৰন্থখনত সংকলিত হৈছে৷ তেওঁৰ চিঠিৰ মাজত এহাতে ইংলেণ্ড চহৰৰ আভিজাত্যৰ বিষয়ে বৰ্ণনা আছে অন্যহাতে ইংলেণ্ডত গৈ গোহাঁইৰ নিজৰ অৱস্থাৰ কথাও বৰ্ণনা কৰিছে৷ গোহাঁইৰ এখন গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত প্ৰবন্ধসমূহৰ বিষয়ে মতামত আৰু এজন তত্ত্বাবধায়ক হিচাপে ফুকনৰপৰা সহায়বিচাৰি চিঠি লিখিছে৷ সেইদৰে তেওঁ কেমব্ৰীজত থাকোতেই এখন চিঠিত অসমীয়া সাহিত্য, গ্ৰন্থ প্ৰকাশ আদিৰ খা-খবৰ দি থাকিবলৈকো ফুকনক অনুৰোধ জনাইছে৷ সেইদৰে গোহাঁই কেমব্ৰীজত থাকোতেই বিশ্ববিদ্যালয়ৰ ‘লাইব্ৰেৰীৰপৰা কিতাপ চুৰ কৰা অপৰাধত ভাৰতীয় ল’ৰা এজন বহিষ্কৃত হৈছে’ (পৃষ্ঠা-১৩২) বুলি চিঠিত লিখিছে৷ তেওঁ গৱেষণাৰ বাবে ইংলেণ্ডত থাকিবলগা হোৱাত নিজৰ মানসিক অৱস্থাটোৰ বিষয়েও লিখিছে–‘মই নিজে বৰ confused মানুহ৷ প্ৰকাণ্ড sial, সামাজিক বন্ধন শূন্য হৈ ইয়াত প্ৰায় চিড়িয়াখানাৰ জন্তুৰ দৰে দিন কটাইছোঁ৷’ (পৃষ্ঠা-১৩৪) এখন চিঠিত গোহাঁয়ে ‘ভৱেন বৰুৱা’ৰ বিষয়ে উল্লেখ কৰি কৈছে– ‘বুদ্ধি আৰু অধ্যৱসায়ত তেওঁৰ যুৰীয়া মানুহ অসমত বেছি নোলাব৷ মৌলিক চিন্তাৰ বিষয়ত মই হয়তো তেওঁতকৈ অলপ আগবঢ়া– কিন্তু বিচাৰৰ balance আৰু সম্যক দৰ্শনত ভবেন মোতকৈ ওপৰত৷’ (পৃষ্ঠা-১৩৬) গোহাঁয়ে তেওঁৰ বাকীকেইখন চিঠিৰ মাজতো ফুকনৰ কবিতাবোৰৰ সাৰ্থক সমালোচনা কৰিছে৷ সেইদৰে ফুকন আৰু গোহাঁইৰ মাজত কবিতাৰ সমালোচনা বিষয়ক কেন্দ্ৰ কৰি মাজে-সময়ে মতানক্য হোৱাৰ সম্ভেদো উল্লিখিত চিঠিকেইখনত পোৱা গৈছে৷ সেইদৰে ‘ৰামধেনু’ আলোচনীলৈ গোহাঁয়ে পঠিওৱা প্ৰবন্ধ, সমালোচনাবোৰৰ কেতবোৰ সম্পাদকে পেলাই থৈ দিয়ে বা প্ৰকাশ নকৰে বুলিও তেওঁ চিঠিত আক্ষেপ প্ৰকাশ কৰিছে৷ তেওঁ সমকালীন সমাজৰ ৰাজনীতি, অন্ধবিশ্বাস আদি সম্পৰ্কেও সোচ্চাৰ হৈ ফুকনলৈ চিঠি লিখিছে আৰু এবাৰ নিজে আয়োজন কৰা প্ৰতিবাদী সমাৱেশলৈ ফুকনৰ শুভেচ্চাবাণী বিচাৰিছে৷
গ্ৰন্থখনত চাৰিজন বাংলা সাহিত্যিকৰ ৫ খন চিঠি সংকলিত হৈছে৷ সেইসকল হৈছে– বিপ্লৱ চক্ৰবৰ্তী, বীৰেন্দ্ৰনাথ ৰক্ষিত, এম.এইচ. বাৰভূইয়া, সুনীল গঙ্গোপাধ্যায় আদি৷ চক্ৰবৰ্তীৰ চিঠিখনত ফুকনে জানিবলৈ বিচৰা ‘লাঙ্গল’ শব্দটোৰ সম্পৰ্কে বিশদভাৱে লিখি পঠিয়াইছে৷ বীৰেন্দ্ৰনাথ ৰক্ষিতৰ চিঠিখনত ফুকনৰ দ্বাৰা সম্পাদিত ‘সংজ্ঞা’ আলোচনীলৈ লেখা বিচৰাৰ প্ৰসংগ উল্লেখ আছে৷ ৰামধেনুৰ পাততেই ফুকনৰ কবিতা পঢ়ি যে ৰক্ষিত ফুকনৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈছিল, সেই কথাও স্বীকাৰ কৰিছে৷ তেওঁ লিখিছে– ‘আপনাৰ কাব্যকৃতি দ্বাৰা তৰুণতৰ ও তৰুণতম অসমীয়া কবিগণ আজ বহুলভাবে প্ৰভাবিত, তাও লক্ষ্য কৰেছি৷’ (পৃষ্ঠা-১৫২) এম.এইচ. বৰাভূইয়াৰ দুয়োখন চিঠিতে ফুকনৰ সৈতে তেওঁৰ নিবিড় সম্পৰ্কৰ ভাৱ-ভাষা পৰিস্ফূত হৈছে৷ আনকি আধুনিক যান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতি তেওঁৰ অসন্তুষ্টিৰ মনোভাৱো দ্বিতীয়খন চিঠিত প্ৰতিফলিত হৈছে৷ তেওঁ লিখিছে–‘নীলমণি দা, মাঝে মাঝে নিজেকে যোগাযোগহীন মানুষ বলে মনে হয়– অন্ধকাৰে– একা৷ অন্ধকাৰ যোগাযোগহীন– একাকীত্ব... একে আমাৰ বড় তাড়িয়ে ফৰে৷ (পৃষ্ঠা-১৫৮)
গ্ৰন্থখনত ইংৰাজী ভাষাত ১৬ জন ব্যক্তিৰ ২৪ খন চিঠি সংকলিত হৈছে৷ Merrill College ৰ অধ্যাপক Dr. Dilip K.Basuৰ চিঠিখনত অসমৰ চিত্ৰ ভাগৱত গ্ৰন্থখনৰ বিষয়ে কিছু তথ্য বিচাৰি তেওঁ প্ৰশ্ন কৰিছে৷ Jayanta Mahapartaৰ প্ৰথম চিঠিখনত ফুকনে USAৰ NIRMOD মেগাজিনৰ বাবে কবিতা পঠোৱাৰ প্ৰসংগ আছে৷ সেইদৰে তেওঁ কেইবাখনো চিঠিৰ শেষৰফালে কবিতা লিখি পঠিয়াইছে৷ মহাপাত্ৰৰ সৰ্বমুঠ ৫খন চিঠি ‘পত্ৰগুচ্চ’ত সংকলিত হৈছে৷ সেইদৰে Jovan Strezovskiৰ চিঠিত The Inrernational Struga Poetry Festivalলৈ আমন্ত্ৰণ মূলক চিঠি প্ৰেৰণ কৰিছে৷ Kazuo Azumaৰ চিঠিত ‘জাপানী কবিতা’ গ্ৰন্থখন অনুবাদ আৰু প্ৰকাশ কৰাৰ বাবে ফুকনলৈ শুভেচ্চা আৰু কৃতজ্ঞতা জনাই পত্ৰ লিখিছে৷ তেওঁ চিঠিখনত অসমীয়া ভাষা শিকিবলৈয়ো আগ্ৰহ প্ৰকাশ কৰাৰ কথা ফুকনক উল্লেখ কৰিছে– ‘I shall try to continue to learn Assamese and read literature and folklore’ (পৃষ্ঠা-১৭৫)
K. Satchidanandanৰ চিঠিত ফুকনক সাহিত্য অকাডেমী আৰু ভাৰতীয় বিদ্যা ভৱনৰ দ্বাৰা আয়োজিত ‘ভাৰতীয় সাহিত্য’ শীৰ্ষক এখন সভালৈ নিমন্ত্ৰণ জনায় পত্ৰ লিখিছে৷ তেখেতৰ দ্বিতীয়খন চিঠিতো ফুকনে পঠিওৱা গ্ৰন্থৰ প্ৰাপ্তি স্বীকাৰ কৰি আনন্দ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত সেই সময়ৰ ‘ৰামধেনু’ৰ সম্পাদক মহেশ্বৰ নেওগৰ এখন চিঠি সংকলিত হৈছে৷ ইয়াৰোপৰি বহুকেইজন বৰেণ্য ব্যক্তিয়ে সভা-সমিতিলৈ নিমন্ত্ৰণ কৰি ফুকনলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ এই পত্ৰবোৰত ফুকনৰ কবিতাৰ বিষয়ে পত্ৰলেখকসকলে ধনাত্মকভাৱে সমালোচনা কৰিছে আৰু এফালে প্ৰশংসাসূচক বাক্যৰে উপচাই তুলিছে৷
গ্ৰন্থখনত সন্নিৱিষ্ট চিঠিবোৰে অসমীয়া শিল্প-সাহিত্যৰ লগতে অসমৰ সমাজ-সংস্কৃতি বিষয়ক বহুতো অজান তথ্য নতুনকৈ পোহৰলৈ আনিছে৷ সেইদৰে ফুকন আৰু তেওঁৰ সমাসাময়িক ব্যক্তিসকলৰ মাজত চিঠিৰ জৰিয়তে ব্যক্তিগত যোগাযোগ থকাৰ সমান্তৰালভাৱে শিল্প-সাহিত্য-সংস্কৃতি বিষয়ক বৌদ্ধিক চিন্তা-চৰ্চাও যে ব্যাপকৰূপত হৈছিল, তাৰ জীৱন্ত দলিল এই চিঠিবোৰ৷ চিঠিবোৰৰ প্ৰেৰক আৰু প্ৰাপকে হয়তো কোনোদিনেই ভবা নাছিল যে ব্যক্তিগত চিঠিবোৰে কেতিয়াবা গ্ৰন্থ আকাৰে প্ৰকাশৰ ৰূপ দেখিব; হয়তো তেনে হোৱা হ’লে চিঠিবোৰৰ আচল সোঁৱাদ আমি নাপালোহেঁতেন৷ এতিয়া এই চিঠিবোৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতাই চিঠিবোৰক এখন গ্ৰন্থৰ ৰূপ দিয়াত মূল ভূমিকা গ্ৰহণ কৰিছে৷ চিঠিবোৰৰ প্ৰতিটো শব্দ ব্যক্তিগত হৈয়ো যেন সামাজিক৷ সমাজে এইবোৰ কথা জনাৰ প্ৰয়োজন আছিল৷ সেইদৰে নীলমণি ফুকনৰ ব্যক্তিগত জীৱনটোও এতিয়া অসমৰ বাবে একপ্ৰকাৰৰ ‘সামাজিক জীৱন’ হৈ উঠিছে৷ তেওঁৰ কবিতাই অসমৰ আধুনিক কাব্য সাহিত্যকে এটা নতুন মসৃন পথৰ সন্ধান দিছে৷ এতিয়া আমি আগন্তুক দিনত ফুকনে অসমৰ লগতে ভাৰতবৰ্ষ আৰু বিশ্বৰ বিভিন্নজন ব্যক্তিলৈ লিখা চিঠিবোৰ পঢ়িবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ৷ হয়তো আগন্তুক দিনত কোনোবা অনুসন্ধিৎসু গৱেষক সমালোচকৰ হাতত ফুকনৰ এই চিঠিবোৰেও গ্ৰন্থাকাৰে প্ৰকাশ লাভ কৰিব৷

Post a Comment

0 Comments