নৰ্থ লখিমপুৰ কলেজৰ সাহিত্য চৰ্চা আৰু কলেজখনৰ বৌদ্ধিক পৰিৱেশ ৷৷ ভাস্কৰ ভূঞা


* ১
৯৫২ চনতে প্ৰতিষ্ঠা লাভ কৰা উজনি অসমৰ এখন ঐতিহ্যমণ্ডিত কলেজ ‘নৰ্থ লখিমপুৰ কলেজ’ত সাহিত্য চৰ্চাৰ এক সুস্থ পৰিৱেশ ইতিমধ্যে বিদ্যমান৷ পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি অসমৰ সাহিত্য, সংস্কৃতি, খেল, নাটক, নৃত্য-গীত আৰু বৌদ্ধিক চিন্তা-চৰ্চা কৰাৰ ক্ষেত্ৰখনত এখন প্ৰতিনিধিত্বমূলক শিক্ষা প্ৰতিষ্ঠান হিচাপে ইতিমধ্যেই কলেজখনে বিদ্বৎ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে৷ কলেজখনত এনে এক ইতিবাচক পৰিৱেশ সৃষ্টিৰ অন্তৰালত কেইজনমান শিক্ষাগুৰুৰ নিৰলস প্ৰচেষ্টা আৰু প্ৰতিবছৰে কলেজখনলৈ অহা একাংশ সচেতন শিক্ষাৰ্থীৰ আগ্ৰহ আৰু হাবিয়াহ নিহিত হৈ আছে৷ ইতিমধ্যে কলেজখনৰপৰা অৱসৰ লোৱা বহুকেইজন অধ্যাপক-অধ্যাপিকায়ো নৰ্থ লখিমপুৰ কলেজৰ বৌদ্ধিক আৰু সাংস্কৃতিক বাতাৱৰণ সৃষ্টিত প্ৰচুৰ অৰিহণা যোগাই থৈ গৈছে৷ বৰ্তমান সময়তো শিক্ষক-শিক্ষাৰ্থীসকলৰ সহযোগত নৰ্থ লখিমপুৰ কলেজে অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ইতিবাচক অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷

নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন
১৯৫২ চনত প্ৰতিষ্ঠা হোৱা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত ১৯৯৯ চনত তেতিয়াৰ তদানীন্তন অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈয়ে সেই সময়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ অঞ্জন কুমাৰ ওজাক সমন্বয়কৰ দায়িত্ব দি কলেজৰ এখন প্ৰকাশন সমিতি প্ৰস্তুতিৰ কাম-কাজ আৰম্ভ কৰে৷ প্ৰাপ্ত তথ্যমতে আৰম্ভণিৰেপৰা২০০২ চনৰ ভিতৰত ‘নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন’ৰ পৰা প্ৰায় চাৰিখন গ্ৰন্থৰ প্ৰকাশ হৈছিল৷ তাৰ ভিতৰত ২০০১ চনতে  সাহিত্য সমালোচনাৰ বিভিন্ন প্ৰবন্ধৰে মেটমৰা সম্ভাৰ অঞ্জন কুমাৰ ওজাৰ গ্ৰন্থ ‘সাহিত্য সমালোচনা তত্ত্ব’ প্ৰকাশ  হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত কেবাখনো গল্প বা আন প্ৰবন্ধ সন্নিবিষ্ট পুথিও কলেজ প্ৰকাশনে প্ৰকাশ কৰি আহিছে৷ তাৰ ভিতৰত– ‘স্বৰ্ণৰেখা’, ‘সোণালী চিন্তা’, ‘সোণোৱালী দিনবোৰ যেন’ আদি গ্ৰন্থকেইখন অন্যতম৷ ইয়াৰ পৰৱৰ্তী সময়তবিভিন্ন কাৰণত কেইবাবছৰো কিতাপ প্ৰকাশ নোহোৱাকৈ আছিল যদিও ২০১১ চনৰপৰা এই সম্পাদনা সমিতিখন পুনৰ গঠন কৰা হৈছে আৰু গ্ৰন্থ প্ৰকাশৰ যথেষ্ট কাম-কাজ হাতত লোৱা হৈছে৷ এই সময়ছোৱাত প্ৰকাশিত গ্ৰন্থ সমূহৰ ভিতৰত– ‘নতুন প্ৰজন্মৰ প্ৰিয় কিতাপ’, ‘অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি’, ‘অসমীয়া সাহিত্যৰ চানেকি’, ‘সমাজ-সাহিত্য-সংস্কৃতি’, ‘মহাত্মা গান্ধীঃ জীৱন আৰু দৰ্শন’, ‘হেমেন্দ্ৰ কুমাৰ গগৈ’, ‘গোলাপ শৰ্মা’, ‘মানৱ অধিকাৰ’, ‘নতুনৰ কবিতা’, ‘উত্তৰণত নাৰী’, ‘হেমেন্দ্ৰ কুমাৰ গগৈ ৰচনাৱলী’, বসন্ত কুমাৰ শৰ্মাৰ ‘ৰমন্যাসৰ পটভূমি’ গ্ৰন্থখনৰ পৰিবদ্ধিৰ্ত সংস্কৰণ, অঞ্জলিকা ৰাজখোৱাৰ ‘অসমীয়া বিয়ানামঃ সাহিত্যিক আৰু সাংগীতিক বিশ্লেষণ’ আদি৷ তদুপৰি মহাবিদ্যালয় প্ৰকাশনৰ সৌহাদ্য গ্ৰন্থমেলাৰ শিতানত প্ৰকাশ কৰা গ্ৰন্থসমূহৰ ভিতৰত– ‘কাৰাবন্দীৰ এন্ধাৰ কুঠৰীৰ এজাক পোহৰ’, ‘বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস’, ‘সময়ৰ সংশ্লেষ’, ‘মোৰ হাতৰ ঘড়ীটো হেৰাল’, ‘ৰজনীগন্ধা’, ‘ছঁয়া-ময়া ৰণচালিৰ ৰেঙণি’ আদি৷ ২০১১ চনৰপৰা কলেজৰ প্ৰকাশন সমিতিখনৰ সমন্বয়ক হিচাপে কাম কৰি আছে অৰবিন্দ ৰাজখোৱাই৷ পৰিচালনা সমিতিৰ সভাপতি, অধ্যক্ষ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সভাপতি, আলোচনী সম্পাদক আৰু একাংশ শিক্ষক সদস্যৰে প্ৰকাশন শাখাৰ সমিতিখন গঠন কৰা হৈছে৷ শিক্ষাৰ্থীসকলৰ প্ৰতিনিধিসকল বছৰে বছৰে সলনি হৈ থাকে৷ নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনে বৰ্তমানলৈকে  প্ৰায় ৩৫ খনতকৈয়ো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে৷

নৰ্থ লখিমপুৰ কলেজ ‘গ্ৰন্থালয়’
নৰ্থ লখিমপুৰ কলেজত ২০১২ চনৰ ১৫ জুন তাৰিখে এখন গ্ৰন্থ বিপনী মুকলি কৰা হয়৷ নামটো– ‘গ্ৰন্থালয়’৷ সম্ভৱত কলেজ পৰ্যায়ত গঢ়ি উঠা এই গ্ৰন্থালয়েই হৈছে অসমৰ একমাত্ৰ কিতাপৰ বিপনী৷ এই বিপনীত কোনো ব্যৱসায়িক লাভালাভৰ কাৰণে মুকলি কৰা নাই৷ কেৱল শিক্ষাৰ্থীসকলৰ উপযোগী হোৱাকৈ বিভিন্ন বিষয় আৰু শিতানৰ উপযুক্ত কিতাপবোৰ ৰখা হৈছে৷ গ্ৰন্থালয়ত মডেল সদৃশ কোনো গাইড উপলব্ধ নহয়; কিন্তু বিভিন্ন ধৰণৰ প্ৰাসংগিক কিতাপ, সাহিত্যৰ প্ৰতিনিধিত্বমূলক কিতাপ আদি ইয়াত পোৱা যায়৷ এই বিপনীখনত শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ ১০%, ২০% বা ২৫% ৰেহাই মূল্যতো কিতাপ বিক্ৰী কৰা হয়৷ তদুপৰি কলেজৰ প্ৰকাশনৰ পৰা প্ৰকাশিত কিতাপত ৫০%ৰেহাই মূল্যত ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হয়৷ জিলাখনৰ আন ঠাইত নোপোৱা বিভিন্ন প্ৰয়োজনীয় গ্ৰন্থবোৰো কলেজৰ গ্ৰন্থালয়ত উপলব্ধ৷ অসমৰ বিভিন্ন প্ৰকাশনৰ লগত ইতিবাচত যোগাযোগ ৰখা এই বিপনীখনে অৰ্ডাৰ মতে অনলাইন মাধ্যমতো কিতাপৰ যোগানো ধৰে৷ গ্ৰন্থালয়ে  কলেজৰ শিক্ষাৰ্থীসকলক ‘সাতসৰী, গৰীয়সী, প্ৰকাশ আদি আলোচনীও যোগান ধৰে৷ গ্ৰন্থালয়খনে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক ভিন্ন সোৱাদ আৰু বিষয়ৰ কিতাপ পঢ়িবলৈ সুবিধা কৰি দিছে৷ অসমীয়া বিভাগৰপৰা আৰম্ভ হোৱা কিতাপ পঢ়াৰ আন্দোলনৰ চিন্তা-চৰ্চাটো এই গ্ৰন্থালয়ৰ ভূমিকা যথেষ্ট পৰিমাণৰ৷ কিতাপ কিনি পঢ়াৰ ৰুচিবোধ জাগ্ৰত কৰাৰ ক্ষেত্ৰত গ্ৰন্থালয়খনে কলেজখনত পৃষ্ঠভূমিৰদৰে কাম কৰিছে আৰু কলেজখনৰ বৌদ্ধিক দিশতো ইতিবাচক প্ৰভাৱ পেলাইছে৷ শেহতীয়াকৈ এই গ্ৰন্থালয়ত ‘অসম প্ৰকাশন পৰিষদ’ৰ গ্ৰন্থসমূহো পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ ‘গ্ৰন্থালয়’ হৈছে অসম প্ৰকাশন পৰিষদৰ স্বীকৃতিযোগ্য এখন বিপণী৷

কলেজৰ বিভিন্ন বিভাগসমূহৰ আলোচনী আৰু পত্ৰিকা 
নৰ্থ লখিমপুৰ কলেজৰ বিভিন্ন বিভাগ, ছাত্ৰাৱাস, ছাত্ৰীনিৱাস আদিৰ পৰা প্ৰত্যেক বছৰেই নিয়মীয়াকৈ বিভাগীয় আলোচনী প্ৰকাশ কৰা হয়৷ সমান্তৰালভাৱে সকলো বিভাগেই এখনৰ পৰা দুখন পৰ্যন্ত বিভাগীয় প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰে৷ বাৰ্ষিক মহোৎসৱত প্ৰাচীৰ পত্ৰিকাসমূহৰ প্ৰতিযোগিতাও হয়৷ কলেজখনৰ বহুকেইটা বিভাগত শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হাতে লিখা আলোচনীও প্ৰকাশ কৰা হয়৷ হায়াৰছেকেণ্ডেৰীৰ শিক্ষাৰ্থীসকলেও নিজাকৈয়ে প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰে৷ এইদৰে কলেজত সাহিত্য চৰ্চা কৰা শিক্ষাৰ্থীসকলৰে বহুতে অসমৰপৰা প্ৰকাশিত বিভিন্ন আলোচনী যেনে– সাতসৰী, প্ৰান্তিক, প্ৰকাশ, গৰীয়সী আদিত লেখা প্ৰকাশ কৰিছে৷ বাতৰি কাকততো অনেকেই কবিতা, গল্প, বিভিন্ন চিন্তামূলক প্ৰবন্ধ লিখিছে৷ সেইদৰে অসমৰ  বহুকেইজন প্ৰতিষ্ঠিত সাহিত্যিক এইখন কলেজে সৃষ্টি কৰা৷
নৰ্থ লখিমপুৰ কলেজৰ ‘নৱছাত্ৰাৱাস’ৰ পৰা প্ৰকাশিত আলোচনীখনৰ নাম হৈছে– ‘স্মৃতিতীৰ্থ’৷ ইয়াৰোপৰি ছাত্ৰাৱাসটোৰ এটা গ্ৰন্থাগাৰ আছে৷ নাম– ‘ঐক্যতান’৷ ছাত্ৰাৱাসটোৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকাখনৰ নাম– ‘অভ্যাস’৷ হাতে লিখা আলোচনীকেইখন হ’ল– ‘প্ৰয়াস’, ‘আমি’ আদি৷ কলেজৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আবাসটোৰ ছাত্ৰসকলৰ ভূমিকা যথেষ্ট পৰিমাণৰ৷ পাঠ্যক্ৰমৰ সমান্তৰালভাৱে এনেধৰণৰ সাহিত্য চৰ্চা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাটো কলেজখনৰ বাবেই এক ডাঙৰ কৃতিত্ব৷ সৌৰভ কুমাৰ চলিহা ছাত্ৰনিৱাসৰ পৰা প্ৰকাশিত প্ৰাচীৰ পত্ৰিকাখনৰ নাম– ‘দুপৰীয়া’৷

নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰীনিৱাস দুটা৷ তাৰে ইন্দিৰা মিৰি ছাত্ৰীনিৱাসৰ পৰা প্ৰকাশিত আলোচনীখনৰ নাম হ’ল– ‘নষ্টালজিয়া’৷ এই নষ্টালজিয়া হৈছে ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে তেওঁলোকৰ সাহিত্যিক আৰু সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে লাভ কৰা এখন উৎকৃষ্ট প্লেটৰ্ফম৷ তেওঁলোকৰ  প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘প্ৰজ্ঞা’৷ মামণি ৰয়ছম গোস্বামী ছাত্ৰীনিৱাসৰ পৰা প্ৰকাশিত আলোচনীখনৰ নাম হ’ল– ‘অভিজ্ঞান’৷ তেওঁলোকৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘অংকুৰ’৷ এই আলোচনী লগতে পত্ৰিকাখনেও ছাত্ৰীনিৱাসটোৰ ছাত্ৰীসকলৰ বৌদ্ধিক চিন্তা চৰ্চাক ৰাইজৰ মাজলৈ উলিয়াই আনিব পাৰিছে৷ 

নৰ্থ লখিমপুৰ কলেজৰ সাহিত্য চৰ্চাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে কলেজখনৰ অসমীয়া বিভাগে৷ বিভাগটোৰ বাৰ্ষিক আলোচনীখনৰ নাম– ‘স্মৃতিৰ সঁফুৰা’৷ বিভাগটোত বছৰত দুবাৰকৈ প্ৰকাশ পোৱা এখন প্ৰাচীৰ পত্ৰিকা আছে৷ নামটো– ‘শান্তিদূত’৷ এই আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাত বিভাগটোৰ প্ৰায়সংখ্যক শিক্ষাৰ্থীয়েই লেখা-মেলা কৰে৷ বিভাগটোৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থীসকলে বিদায় মিটিঙৰ সময়ত ‘খোজ’ শীৰ্ষক আলোচনী এখনো বহুদিন ধৰি প্ৰকাশ কৰিছিল৷ অসমীয়া বিভাগটোৰ আন বহুকেইটা অনুষ্ঠান আছে যি সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ লগত বিশেষভাৱে সম্পৰ্কীত৷ বিভাগটোৱে বহুবছৰৰপৰা অনুষ্ঠিত কৰি আহিছে ‘কিতাপ আৰু আলাপ’ নামৰ এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান৷ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ¸শেহতীয়াকৈ পঢ়া কিতাপখনৰ কথা ক’ব লাগে৷ এই অনুষ্ঠানটোৱে কিতাপ পঢ়াৰ প্ৰতি শিক্ষাৰ্থীসকলৰ মনোযোগ বৃদ্ধি কৰিছে৷ সেইদৰে বিভাগটোত কিতাপক কেন্দ্ৰ কৰি এখন ‘ভাগ্য পৰীক্ষা’ অনুষ্ঠিত কৰা হয়; য’ত পুৰস্কাৰ স্বৰূপে দিয়া হয় কেৱল কিতাপ৷ সেইদৰে অসমৰ প্ৰতিষ্ঠিত সাহিত্যিক বা লেখকসকলক আমন্ত্ৰণ কৰি বিভাগটোৱে শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন সময়ত ‘অন্তৰংগ আলাপ’ অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানটোৱেও শিক্ষাৰ্থীসকলক যথেষ্ঠ লাভান্বিত কৰে আৰু নিজেও সৃষ্টিশীল লেখা লিখাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰে৷ ইয়াৰোপৰি বিভাগটোত ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদ্‌যাপন কৰা হয়৷ ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু দিৱস আৰু ভূপেন হাজৰিকাৰ জন্মদিনটোও বিভাগটোৱে বহুদিনধৰি অনুষ্ঠিত কৰি আহিছে৷ ভূপেন হাজৰিকাৰ জীৱিত কালতেই বিভাগটোৱে এইধৰণৰ অনুষ্ঠান এটিৰ আৰম্ভ কৰিছিল৷ বিভাগটোৰ প্ৰায়সংখ্যক শিক্ষাৰ্থীয়েই নিয়মীয়াকৈ সাতসৰী, গৰীয়সী, প্ৰকাশ, প্ৰান্তিক, যাত্ৰা আদি আলোচনী কিনি পঢ়ে৷ প্ৰতিটো বৰ্ষৰে দুই এজন শিক্ষাৰ্থীয়ে এই আলোচনীত সৃষ্টিশীল লেখা-মেলা প্ৰকাশো কৰে৷ সমান্তৰালভাৱে আন আলোচনী বা বাতৰি কাকততো বিভাগটোৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰবন্ধ-পাতি, গৱেষণামূলক লেখা লিখি আহিছে৷

কলেজৰ মূল প্ৰাচীৰ পত্ৰিকাখনৰ নাম হৈছে– ‘প্ৰতিধ্বনি’৷ শিক্ষাৰ্থীসকলৰ মাজত এই পত্ৰিকাখনৰ যথেষ্ট জনপ্ৰিয়তা আৰু গুৰুত্ব আছে৷ উদ্ভিদ বিজ্ঞান বিভাগৰ আলোচনীখনৰ নাম– ‘লেমিনা’৷ তেওঁলোকৰ বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম– ‘প্লেণ্টা’৷ এই আলোচনীখনত সাহিত্য বিষয়ক লেখাৰ লগতে বিজ্ঞান বিষয়ক লেখাও থাকে৷ প্ৰাণীবিজ্ঞান বিভাগৰ আলোচনীখনৰ নাম– ‘ৰেটিনা’৷ তেওঁলোকৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম– ‘টুনিকা’৷ হিন্দী বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম–  ‘কবীৰা’ আছিল৷ বৰ্তমান তেওঁলোকে এই পত্ৰিকাখনৰ নামকৰণ কৰিছে–‘শতৰূপা’৷ বিভাগটোৱে হিন্দী দিৱসৰ সৈতে সংগতি ৰাখি ‘উৰান’ নামৰ এখন আলোচনী প্ৰকাশ কৰে৷ অৰ্থনীতি বিভাগৰ  প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘ইকনমিকা’ আছিল ৷ বৰ্তমান তেওঁলোকে তাৰ নতুন নামকৰণ কৰিছে ‘অৰ্থবীক্ষণ’৷ ৰসায়ন বিজ্ঞানৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘কাঁচিয়লি’৷ ৰাজনীতি বিজ্ঞানৰ আলোচনীখনৰ নাম ‘জনধ্বনি’৷ তেওঁলোকৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘গণকণ্ঠ’৷ নৃতত্ত্ব বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম‘Anthropos’৷ ইংৰাজী বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘Spectrum’৷ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘শিক্ষা জ্যোতি’৷ দৰ্শন বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘দৰ্শন জেউতী’৷ বুৰঞ্জী বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘দোকমোকালি’ ৷ Physical Educationৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘মমতা চ’ৰা’৷ গ্ৰাৰ্হস্থ্য বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিকাৰ নাম ‘গৃহ পত্ৰিকা’ ৷ ভূগোল বিভাগৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম ‘GEOID’

নৰ্থ লখিমপুৰ কলেজত হাতে লিখা আলোচনীৰ এক সুস্থ পৰম্পৰা আছে৷ কলেজখনত কেইবাখনো হাতে লিখা আলোচনী প্ৰকাশ কৰা হয়৷ ৰাজনীতি বিজ্ঞানৰ হাতে লিখা আলোচনীখনৰ নাম– ‘মণিকাঞ্চন’৷ অৰ্থনীতি বিভাগৰ হাতে লিখা আলোচনীখনৰ নাম– ‘ঐকনমীয়া’৷ সেইদৰে কলেজখনত বিজ্ঞান বিষয়টো জনপ্ৰিয় আৰু সাহিত্যৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ‘ইনফিনিটি বিজ্ঞান সংঘ’ আৰু ‘নৱপ্ৰভাত মঞ্চ’ নামৰ দুটা অনুষ্ঠান আছে৷ এই অনুষ্ঠানৰ দ্বাৰা ‘লেমনিচ্‌কেট’ নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰা হয়৷ সেইদৰে ‘ইনফিনিটি বিজ্ঞান সংঘ’ অনুষ্ঠানটোৱে ‘ইনফিনিটি’ নামৰ এখন প্ৰাচীৰ পত্ৰিকাও প্ৰকাশ কৰি আহিছে৷ অসমীয়া বিভাগৰ পৰা শেহতীয়াকৈ ‘মৌনতা প্ৰকাশক’ নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰা হৈছে৷ এটা সময়ত নৰ্থ লখিমপুৰ কলেজৰ কেইজনমান ছাত্ৰৰ প্ৰচেষ্টাত ‘ফুলনি’ নামৰ এখন কবিতাৰ পকেট আলোচনী প্ৰকাশ হৈছিল৷ সম্পাদক আছিল ‘সৌৰভ কুমাৰ বৰুৱা৷ বৰ্তমান পিছে এই পকেট আলোচনীখনৰ প্ৰকাশ বন্ধ হ’ল৷

নৰ্থ লখিমপুৰ কলেজ আলোচনী 
নৰ্থ লখিমপুৰ কলেজ আলোচনীখন অসমৰ বৌদ্ধিক জগতখনৰ এখন চিনাকী আলোচনী৷ কলেজখনে প্ৰতিষ্ঠা লাভ কৰাৰ কিছু বছৰৰ পিছৰ পৰা অথাৰ্ৎ ১৯৬৪ চনৰ পৰা প্ৰতিবছৰে এইখন কলেজৰপৰা ‘নৰ্থ লখিমপুৰ কলেজ আলোচনী’ নামেৰে বাৰ্ষিক আলোচনীখন প্ৰকাশ হৈ আহিছে৷ ইতিমধ্যে অসমৰ বৌদ্ধিক সমাজ প্ৰতিষ্ঠা লাভ কৰা এই আলোচনীখনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত কেইবাবছৰো ‘শ্ৰেষ্ঠ আলোচনী’ৰ খিতাপ বুটলিবলৈ সক্ষম হৈছে৷ ‘নৰ্থ লখিমপুৰ আলোচনী’খনৰ পূৰ্বৰ দুজন তত্ত্বাৱধায়ক আছিল ক্ৰমে– লিলি চেলেং আৰু অৰবিন্দ ৰাজখোৱা¸৷ বৰ্তমানৰ তত্ত্বাবধায়ক ৰাতুল কুমাৰ লাহন৷ বৰ্তমান আলোচনীখনৰ ৫৬ ত্বম সংখ্যা প্ৰকাশ হৈছে৷ এই আলোচনীখনে লেখা প্ৰকাশৰ ক্ষেত্ৰত কেৱল শিক্ষাৰ্থীৰ মাজতে আবদ্ধ নাথাকি যাতে অসমৰ বৌদ্ধিক জগতৰো অংশ হ’ব পাৰে, তাৰ চেষ্টা সম্পাদনা সমিতিয়ে সদায় কৰি আহিছে৷ সেইদৰে লেখা প্ৰকাশৰ ক্ষেত্ৰত কোনো শিক্ষক বা অধ্যাপকৰ লেখা এই  আলোচনীত বৰ্তমান সময়ত প্ৰকাশ কৰা নহয়৷ বিশেষ আমন্ত্ৰণমূলক লেখাৰ বাদে বাকী গোটেই লেখাবোৰ শিক্ষাৰ্থীসকলেই লিখে৷ শিক্ষাৰ্থীসকলৰ লেখাৰেই  এই আলোচনীখনে অসমৰ সাহিত্যৰ দিশটোত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷

ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চ, আৰু ব্যক্তিয়ে এই আলোচনীখনক স্বীকৃতি প্ৰদান কৰি আলোচনীখনৰ সমালোচনা কৰিছে৷ সুলেখক য়েছে দৰজে ঠংচিয়ে কলেজত অনুষ্ঠি হোৱা এটা অনুষ্ঠানত কৈছিল এনেদৰে–  ‘নৰ্থ লখিমপুৰ কলেজৰ আলোচনীখন পঢ়ি মই আপ্লুত হৈছিলো আৰু বোধকৰো মই জীৱনত– প্ৰশংসা কৰি কোৱা নাই সঁচা কথা কৈছোঁ এনেকুৱা আলোচনী আগতে দেখি পোৱা নাছিলো৷’ তেওঁৰ এই বক্তব্যই আলোচনীখনক এক বিশেষ মান্যতা দিছে৷ সেইদৰে লেখক, সাংবাদিক বিতোপন বৰবৰাই আলোচনীখনৰ প্ৰসংগত কৈছে এনেদৰে– ‘নৰ্থ লখিমপুৰ কলেজৰ বাৰ্ষিক আলোচনীখন অলপতে পাই মই পৰম কৃতাৰ্থ হ’লো৷ আচৰিত হ’লো আলোচনীখন হাতত লৈ, পৃষ্ঠাবোৰত চকু ফুৰাই... বেটুপাতৰ পৰিকল্পনা আৰু সমগ্ৰ আলোচনীখনৰ অংগসজ্জাও এনে নান্দনিক গুণেৰে সমৃদ্ধ হৈ পৰিছে৷ কোৱাত দ্বিধা নাই যে এনে এখন সৰ্বাঙ্গ সুন্দৰ আলোচনী বহুদিন হাতত পৰাই নাছিল আৰু সেয়েহে মনটো ভৰি পৰিল৷’

তদুপৰি সাদিন, সাতসৰী আলোচনীত ইতিমধ্যে বহুকেইজন নৱ প্ৰজন্মৰ লেখক-লেখিকাই আলোচনীখনৰ ইতিবাচক দিশবোৰৰ ওপৰত লেখা প্ৰকাশ কৰিছে৷ ইয়াৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰী, অসীম চুতীয়া, পঞ্চানন হাজৰিকা, ৰিণ্টু  শইকীয়া আদি অন্যতম৷

এই  আলোচনীখনত সাহিত্য, সংস্কৃতি, ৰাজনীতি, দেশ-বিদেশ, সাক্ষাৎকাৰ, কবিতা, গল্প, নাটক, উপন্যাস, উপন্যাসিকা, চুটিগল্প, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, ৰাজনীতিৰ সমালোচনা, কাৰ্টুন, ব্যঙ্গ লিখা, বিজ্ঞান সাহিত্য, সাম্প্ৰতিক সমাজৰ বিভিন্ন ঘটনা-পৰিঘটনা আদিক লৈ প্ৰবন্ধ, বিভিন্ন সাহিত্যিক বা প্ৰভাৱশালী ব্যক্তিৰ ব্যক্তিত্ব, চলচ্ছিত্ৰ সম্পৰ্কীয় সমালোচনা, আত্ম- প্ৰতিকৃতি, সাক্ষাৎকাৰ আদি বিভিন্ন শিতান অন্তৰ্ভূক্ত কৰা হয়৷ সেইদৰে আলোচনীখনত অসমীয়া, হিন্দী, ইংৰাজী আদি ভাষাত শিক্ষাৰ্থীসকলে লিখা মেলা কৰে৷ শেহতীয়াকৈ অসম সাহিত্য সভাৰ কলেজ-মহাবিদ্যালয় পৰ্যায়ৰ এটি আলোচনীৰ প্ৰতিযোগিতাত ‘নৰ্থ লখিমপুৰ কলেজ আলোচনী’য়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ শিক্ষাৰ্থী আৰু পাঠকৰ সঁহাৰিয়েও আলোচনীখনক যথেষ্ট মান্যতা প্ৰদান কৰিছে৷ ইতিমধ্যে অসমৰ বহুকেইখন কলেজ আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানে এইখন আলোচনীক আদৰ্শ হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ আলোচনীসমূহ প্ৰকাশ কৰি উলিয়াইছে৷ এই কথা দুই এজন সম্পাদকে বিভিন্ন সময়ত লিখিত আকাৰে কলেজ পৰিয়ালক জনাইছে৷ গতিকে এনে ইতিবাচক অৱস্থা লাভ কৰা এই আলোচনীখনে আগন্তুক দিনত অসমৰ আলোচনীৰ ইতিহাসক বিশেষভাৱে আৰু প্ৰতিনিধিত্বমূলকভাৱে সমৃদ্ধ কৰিব বুলি আমি আশাবাদী৷

‘কেম্পাছ’– কলেজৰপৰা প্ৰকাশিত অসমৰ প্ৰথম বাতৰি কাকত
নৰ্থ লখিমপুৰ কলেজে বিগত সময়ত অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত এনে কিছু কাম কৰিছে যিয়ে নেকি সমগ্ৰ অসমতে প্ৰথম আৰু ইতিবাচক কৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছে৷ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ কলেজখনৰ তেনে এটি গুৰুত্বপূৰ্ণ অৱদান হ’ল ‘কেম্পাছ’ শীৰ্ষক বাতৰি কাকতখন৷ কলেজখনৰ বিভিন্ন বিষয়ত সফলতা, বিভিন্ন বাতৰি, শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ বাবে কলেজ প্ৰকাশনে প্ৰকাশ কৰা ‘কেম্পাছ’ বাতৰি কাকতখন প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হয় ২০১৫ চনত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘যুৱ মহোৎসৱ’ৰ সময়ত৷ সেইবাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল নৰ্থ লখিমপুৰ কলেজত৷ এই মহোৎসৱত নৰ্থ লখিমপুৰ কলেজে পাৰ্যমানে বিভিন্ন বিষয়লৈ নতুনত্ব আনিবলৈ যত্ন কৰিছিল৷ ‘যুৱ মহোৎসৱ’ৰ সময়তে কলেজৰ কেইজনমান শিক্ষাগুৰু আৰু কেইজনমান ছাত্ৰৰ অক্লান্ত কষ্ট, প্ৰচেষ্টা আৰু ত্যাগৰ ফলত মহোৎসৱৰ প্ৰতিটো দিনতেই আবেলি পৰলৈ সকলোকে আচৰিত কৰি প্ৰকাশ কৰা হৈছিল ‘কেম্পাছ’ নামৰ বাতৰি কাকতখন৷

প্ৰথম বছৰৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল বুধবাৰ, ২৮ জানুৱাৰী, ২০১৫ তাৰিখে৷ এই দিনটো যুৱ মহোৎৱৰো প্ৰথম দিন৷ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ এদল শিক্ষাৰ্থীৰ সৈতে অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ব্যস্ত হৈ পৰিছিল ‘কেম্পাছ’ৰ সম্পাদনা আৰু প্ৰকাশৰ দায়িত্বত৷ এই কামটো অতি কষ্টকৰ আছিল৷ অৰবিন্দ ৰাজখোৱাৰ মুখ্য সম্পাদনাত  কলেজৰ একাংশ শিক্ষাৰ্থীয়ে দিনে ৰাতিয়ে কষ্ট কৰিছিল কেম্পাছৰ বাবে বাতৰি সংগ্ৰহ কৰাত৷ ৰাতিপুৱাৰ পৰা বাতৰি সংগ্ৰহ কৰি দিনৰ তিনি বজাৰ ভিতৰত সকলো বাতৰি, ফটো, বিভিন্ন লেখা ডি.টি.পি কৰি, সম্পাদনা কৰি, প্ৰিণ্ট কৰি, সকলোৰে আগলৈ উলিয়াই দিয়া কামটো কিমান কষ্টকৰ আৰু প্ৰত্যাহ্বানজনক, এইয়া প্ৰকাশন আৰু বাতৰি কাকতৰ লগত জড়িত  ব্যক্তিয়েহে ভালকৈ অনুধাৱন কৰিব পাৰিব৷ তাতে কোনো উন্নত প্ৰকাশন যন্ত্ৰ নাছিল৷ প্ৰথম সংখ্যাৰ প্ৰথম বাতৰিটো আছিল– ‘যুৱ মহোৎসৱঃ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত সোমদিৰিৰ বাকৰি৷’ কাকতখনত মহোৎসৱৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাসমূহৰ বিৱৰণ দিয়াৰ লগতে বিভিন্ন কাৰ্যসূচীসমূহৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল৷  এই সংখ্যাটোৰ মূল্য আছিল ১০ টকা৷

প্ৰথম সংখ্যাটোত অধ্যক্ষৰ ‘স্বাগতম’ বুলি এটা বিশেষ লেখা আছিল৷ সেইদৰে মহোৎসৱৰ বিভিন্ন মঞ্চৰ পৰা বিভিন্নজন ‘কেম্পাছ’ৰ প্ৰতিনিধিয়ে বাতৰি প্ৰস্তুত কৰি প্ৰকাশ কৰিছিল৷ প্ৰথম দিনা ৬ পৃষ্ঠাৰ বৰ্ণিল সমাহাৰেৰে কেম্পাছ কাকতে মহোৎসৱলৈ অহা প্ৰতিজন প্ৰতিনিধিক আশ্বৰ্যান্বিত কৰি তুলিছিল৷ সকলোৱে কেম্পাছখন পঢ়িবলৈ গ্ৰোগাসে কিনি পেলাইছিল৷ ইয়াৰ পিছৰ কেইদিনো অতি কষ্টৰে এই টীমটোৱে ‘কেম্পাছ’  প্ৰকাশ কৰিছিল৷ দ্বিতীয় সংখাটোত অসমৰ বিভিন্ন কলেজৰপৰা অহা প্ৰতিনিধি, অধ্যাপকৰ শুভেচ্চামূলক লেখাৰে কেম্পাছ ভৰি পৰিছিল৷ সকলোৱে কলেজখনৰ এই মহৎ প্ৰচেষ্টাৰ সলাগ লৈছিল৷ ‘কেম্পাছ’ত প্ৰতিযোগিতাসমূহৰ বিচাৰকেও মন্তব্য দিছিল৷ বহুতো শিক্ষাৰ্থীয়ে যুৱ মহোৎসৱ সম্পৰ্কীয় ব্যতিক্ৰমী সংবাদ, মতামত, অনুভৱ আদি লেখা দিছিল৷  মুখ্য সম্পাদক অৰবিন্দ ৰাজখোৱাই যি সাহসেৰে কেম্পাছ প্ৰকাশ কৰিছিল, সেয়া কলেজখনৰ বাবেই গৌৰৱৰ বিষয় হৈ পৰিছিল৷ দ্বিতীয় সংখ্যাৰ সহকাৰী সম্পাদক আছিল জ্যোতিষ্মান দাস৷ মহোৎসৱৰ তৃতীয় দিনাও কেম্পাছ প্ৰকাশ হৈছিল৷ কাকতখনৰ প্ৰথম বাতৰিটোৰ শিৰোনাম আছিল এনেধৰণৰ– ‘প্ৰোজ্বল ভৱিষ্যতৰ সংকল্পৰে অন্ত পৰিল যুৱ মহোৎসৱ’৷ কাকতখনত বিভিন্নজন ব্যক্তিয়ে যুৱ মহোৎসৱৰ অনুভৱ, অভিজ্ঞতা সন্দৰ্ভত লিখিছিল৷ বিভিন্ন প্ৰতিযোগিতা আৰু পুৰস্কাৰৰ বাতৰি ছপা হৈছিল৷ সেইদৰে অনুভৱী লেখাও প্ৰকাশ হৈছিল৷ সেইদিনা বিভিন্নজন ব্যক্তিৰ মুখে মুখে নিগৰিছিল নৰ্থ লখিমপুৰ কলেজৰ বৌদ্ধিক দিশটোৰ গুণ গৰিমা৷ 

কেম্পাছৰ এই সংখ্যাটোতে ঘোষণা কৰা হৈছিল যে– ইয়াৰ পৰৱৰ্তী সময়তো বিভিন্ন অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘কেম্পাছ’ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে’ আৰু তেতিয়াৰে পৰাই কলেজখনৰ বিভিন্ন অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বাতৰি কাকতখন প্ৰকাশ কৰা হৈ  আছে৷ প্ৰথম বছৰৰ চতুৰ্থ সংখ্যাটো প্ৰকাশ কৰা হয় ‘নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন’ বিশেষ হিচাপে৷ এইটো সংখ্যাত কলেজৰ প্ৰকাশন আৰু গ্ৰন্থালয় সন্দৰ্ভত বিশদ বাতৰি প্ৰকাশ কৰা হৈছে৷ লক্ষ্মীনন্দন বৰা, অমৰজ্যোতি চৌধুৰী, দীনেশ চন্দ্ৰ গোস্বামী, সৌমদ্বীপ দত্ত, দিগন্ত ওজা, লোহিত ডেকা, ৰাজীৱ বৰা, প্ৰবীন শইকীয়া, অপূৰ্ব বৰা, যাদৱ গগৈ, ৰঞ্জন কুমাৰ ৰেগন, অঞ্জন কুমাৰ ওজা আদিৰ দৰে ব্যক্তিয়ে এই সংখ্যাটোত কলেজখনৰ প্ৰকাশন আৰু গ্ৰন্থ বিপনীৰ বিষয়ে লেখা লিখিছে৷ এইটো সংখ্যাত কেম্পাছৰ লগত এখন ‘সংবাদ পৰিপূৰিকা’ও প্ৰকাশ কৰা হয়৷ কলেজখনৰ কেইটামান নিৰ্দিষ্ট বাতৰি আৰু সৃষ্টিশীল ৰচনা এই পৰিপূৰিকাত প্ৰকাশ কৰা হয়৷

প্ৰথম বছৰৰ পঞ্চম সংখাটো ১৫ জুন, সোমবাৰে ‘নামভৰ্তি বিশেষ সংখ্যা’ হিচাপে প্ৰকাশ কৰা হয়৷ এই সংখ্যাত উচ্ছতৰ মাধ্যমিকত স্থান লাভ কৰিবলৈ সক্ষম হোৱা কলেজৰ শিক্ষাৰ্থীসকলৰ সৈতে সাক্ষাৎকাৰো প্ৰকাশ কৰা হয়৷ এই সংখ্যাত নৱাগত ছাত্ৰ-ছাত্ৰীসকললৈ কলেজৰ বহুকেইজন অধ্যাপকে শুভেচ্চামূলক পৰামৰ্শ আগবঢ়াইছিল৷ এই সংখ্যাত সম্পাদনা সমিতিৰ  পৰা  ‘কেম্পাছ’ সম্পৰ্কে ঘোষণা কৰা হৈছিল এনেধৰণে– ‘কেম্পাছ’ নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনে প্ৰকাশ কৰা এখন উপলক্ষ্যমূলক বাতৰি কাকত৷ কাকতখন কলেজ প্ৰকাশনৰ সীমিত উপাৰ্জনৰ ধনেৰে সীমিত সুবিধাৰ মাজেৰে প্ৰকাশ কৰা হয়৷ এই দিশত কোনো পেচাদাৰী ব্যক্তি কাকতখনৰ সৈতে জড়িত নহয়৷ এই কাকতখনত আৰ্থিক লাভালাভৰ কথা লক্ষ্য ৰখাতকৈ আন দিশসমূহহে গুৰুত্ব দিয়া হয়৷’

দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাটো ২০ জানুৱাৰী, ২০১৬, সোমবাৰে ‘গোলাপ শৰ্মা স্মাৰক তৰ্ক প্ৰতিযোগিতা বিশেষ সংখ্যা’ হিচাপে প্ৰকাশ কৰা হৈছিল৷ এই সংখ্যাটোত কলেজখনৰ একালৰ ছাত্ৰনেতা গোলাপ শৰ্মাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে লেখা প্ৰকাশ কৰাৰ লগতে ‘গোলাপ শৰ্মা স্মাৰক তৰ্ক প্ৰতিযোগিতা’খনৰ চমু ইতিহাস সম্পৰ্কেও লেখা প্ৰকাশিত হৈছিল৷

ইয়াৰ পৰৱৰ্তী সংখ্যাটো প্ৰকাশ হৈছিল ২০১৬ চনৰ ২২ জুন তাৰিখে– ‘নামভৰ্তি বিশেষ সংখ্যা’ হিচাপে৷ এই সংখ্যাত কলেজখনৰ বিভিন্ন বা-বাতৰি প্ৰকাশ কৰা হৈছিল৷ কলেজখনৰ ছাত্ৰাৱাসৰ সোণালী জয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতিৰ বাতৰিও প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰা হৈছিল৷ সেইদৰে নৰ্থ লখিমপুৰ কলেজ আলোচনী যুৱ মহোৎসৱত প্ৰথম হোৱাৰ বাতৰি,  অসমীয়া বিভাগৰ ছাত্ৰই নেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাতৰি আদি এই সংখ্যাত প্ৰকাশ কৰা হৈছিল৷ ‘নেশ্বনেল ন’লেজ নেটৱৰ্কৰ আওটালৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয়’ বুলি এটি ইতিবাচক বাতৰিও এই সংখ্যাত প্ৰকাশ হৈছিল৷

ইয়াৰ পৰৱৰ্তী সংখ্যাটো প্ৰকাশ হৈছিল দ্বিতীয় বছৰ তৃতীয় সংখ্যা হিচাপে ২৭ আগষ্ট আৰিখে৷ ‘নৱাগত আদৰণি সভা বিশেষ সংখ্যা’ হিচাপে৷ এই সংখ্যাৰ প্ৰথম পৃষ্ঠাত কলেজৰ নৱাগত আদৰণি সভাৰ বাতৰি, ‘কেৰিয়াৰ ৩৬০’ৰ সমীক্ষাত কটনৰ পিছতেই স্থান লাভ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ’ বুলি দুটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ হৈছিল৷ অধ্যক্ষ আৰু সাধাৰণ সম্পাদকৰ আদৰণি ভাষণো লিখিত আকাৰে এই সংখ্যাত প্ৰকাশ হৈছিল৷ এই সংখ্যাত বিশেষ পৰিপূৰিকা হিচাপে ‘প্ৰতিধ্বনি’ বুলি এখন পৰিপূৰিকা প্ৰকাশ হৈছিল৷ আদৰণি সভালৈ বিশিষ্ট অতিথি হিচাপে ময়ূৰ বৰা অহা বাতৰিটোও গুৰুত্ব সহকাৰে প্ৰকাশ হৈছিল৷ এই সংখ্যাৰ সহযোগী সম্পাদক আছিল পুৰন্দ গগৈ৷ এনেদৰেই নৰ্থ লখিমপুৰ কলেজৰ ইতিহাসত কেম্পাছ বাতৰি কাকত গৌৰৱেৰে প্ৰকাশ হৈ আছে৷

ইয়াৰ পৰৱৰ্তী সংখ্যাটো ৩১ আগষ্ট, ২০১৭, সোমবাৰে কেম্পাছৰ ‘নৱাগত আদৰণি সভা বিশেষ সংখ্যা ২০১৭’ প্ৰকাশ হয়৷ এই সংখ্যাত মুঠ ১১ টা পৃষ্ঠা আছে৷ এই সংখ্যাত কলেজৰ শৈক্ষিক পৰিৱেশ সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ মতামত, যোগানন্দ বৰগোঁহাই গল্প আৰু কবিতা প্ৰতিযোগিতাত স্থান পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলৰ ‘সাহিত্য সৃষ্টিৰ প্ৰেৰণা’ শীৰ্ষক লেখা গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হয়৷ ইয়াৰোপৰি কলেজখনৰ শিক্ষাৰ্থীসকলৰ বহুকেইটা সাফল্যৰ বাতৰি এই সংখ্যাত প্ৰকাশ হয়৷ এই বছৰতে য়েছে দৰজে ঠংচিৰ লগত অনুষ্ঠিত হোৱা ‘অন্তৰংগ আলাপ’ অনুষ্ঠানৰ বাতৰি এটা এই সংখ্যাত প্ৰকাশ হৈছে৷ স্নাতক শাখাৰ বিজ্ঞান আৰু কলা শাখাত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিও এই সংখ্যাত প্ৰকাশ কৰা হৈছে৷  

ইয়াৰ পৰৱৰ্তী সংখ্যাটো প্ৰকাশ হৈছে ২৯.১০.২০১৭ তাৰিখে ‘বিশ্বনাৰায়ণ শাস্ত্ৰী স্মাৰক বক্তৃতা’ উপলক্ষত৷ এই সংখ্যাত ‘বিশ্বনাৰায়ণ শাস্ত্ৰী বিশেষ’ বিভিন্ন লেখা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ পৰৱৰ্তী সংখ্যাটো প্ৰকাশ হৈছিল ১১.৬.১৮ তাৰিখে মহাবিদ্যালয়ৰ নৱাগত সভাক কেন্দ্ৰ কৰি৷ তৃতীয় নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাক কেন্দ্ৰ কৰি ২০২১ বৰ্ষত ‘কেম্পাছ’ প্ৰকাশ কৰা হয়৷ এইটো সংখ্যাৰ মূল বাতৰিটোৰ শিৰোনাম–‘তৃতীয় নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাত পঢ়ুৱৈৰ বিপুল সঁহাৰি৷’ ই?াৰ পাছত আৰু বৰ্তমানলৈকে ‘কেম্পাছ’ কাকতখন প্ৰকাশ হোৱা নাই৷

পৰিশেষত ক’ব পাৰি ‘কেম্পাছে’  মহাবিদ্যালয়ৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰিলে৷ নৰ্থ লখিমপুৰ কলেজ এই গৌৰৱৰ দাবীদাৰ৷ অৰবিন্দ ৰাজখোৱাৰ প্ৰচেষ্টা আৰু শিক্ষাৰ্থীসকলৰ আস্থাৰ বলত এতিয়া কেম্পাছ হৈ পৰিছে মহাবিদ্যালয়খনৰ বৌদ্ধিক দিশটোৰ এটি গুৰুত্বপূৰ্ণ অংশ৷ নৰ্থ লখিমপুৰ কলেজত ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে আৰম্ভ কৰা এনে এখন বাতৰি কাকত অসমৰ আন প্ৰতিষ্ঠান বা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়েও সময়ে সময়ে প্ৰকাশৰ বাবে উদ্যোগ ল’ব পাৰে৷ এই  ধৰণৰ কামবোৰেহে শিক্ষা প্ৰতিষ্ঠানবোৰৰ গুণাগুণ আৰু বৌদ্ধিক দিশটোক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে৷ সৰ্বশেষত এই লেখাৰ জৰিয়তে কেম্পাছৰ দিৰ্ঘায়ু কামনা কৰিলো৷

ই-আলোচনী ‘আখৰ’
অসমত একবিংশ শতিকাৰ প্ৰথম সময়ছোৱাৰ পৰাহে ভাৰত তথা অসমত ইণ্টাৰনেটৰ বহুল প্ৰচলন হয়৷ এই সময়ছোৱাত সমাজৰ বিভিন্ন বিষয়ত ইণ্টাৰনেটৰ ভূমিকা ইমান বৃদ্ধি পালে যে ইণ্টাৰনেট হৈ পৰিল মানৱ জীৱনৰ এটা অবিচ্চেদ্য অংগ৷ সেইদৰে ভাষা, সাহিত্য, সংস্কৃতিৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিষয়েই  ইণ্টাৰনেটৰ দ্বাৰা সহজতে পাব পৰা এটা অৱস্থাৰ সৃষ্টি হ’ল৷ এনে পৰিপ্ৰেক্ষিতত অন্যান্য ঠাইৰ দৰে ভাৰতবৰ্ষত আৰু শেহতীয়াকৈ অসমতো ইণ্টাৰনেটত অন্যান্য সুবিধাবোৰ উপলব্ধ হোৱাৰ দৰে ভাষা আৰু সাহিত্যৰ চৰ্চা কৰা আৰু পাঠকে পঢ়িব পৰা এটা পৰিৱেশ¸ৰ সৃষ্টি হ’ল আৰু অসমীয়া মাধ্যমত ই-আলোচনীৰ প্ৰকাশ হ’ল৷ এনে সময়তে ইণ্টাৰনেটত অসমীয়া ভাষাটোক বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত, অসমীয়া ভাষা, সাহিত্যৰ প্ৰসাৰ আৰু ইউনিকড মাধ্যমত ভাষাটো জিয়াই ৰখাৰ এক ইতিবাচক দায়িত্ব বহন কৰি ২০১৪ চনত নৰ্থ লখিমপুৰ কলেজৰ কেইজনমান উদ্যোগী ছাত্ৰই প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে এই ‘আখৰ ডট ইন’ ই-আলোচনীখন৷ 

আলোচনীখন নৰ্থ লখিমপুৰ কলেজৰ এটা হোষ্টেলৰ কোঠাৰপৰা আৰম্ভ হৈছিল৷ কেইজনমান ছাত্ৰৰ আশা আৰু কষ্টৰ ফলস্বৰূপে আখৰ আলোচনীয়ে প্ৰকাশৰ মুখ দেখে৷ আলোচনীখনৰ প্ৰথম পৰ্বত জড়িত ব্যক্তিসকলৰ ভিতৰত – দিব্যজ্যোতি গগৈ, জ্যোতিষ্মান দাস, প্ৰাণকৃষ্ণ বুঢ়াগোহাঁই, অৰূপ কোঁৱৰ, অসীম গগৈ, ৰাজদীক্ষিত গগৈ, ডিম্পল চমুৱা আদি অন্যতম ৷ সেইদৰে অধ্যাপক অৰবিন্দ ৰাজখোৱা, অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া, লিলি চেলেং, ইচ্‌মিৰেখা সন্দিকৈ, লক্ষীপ্ৰসাদ হাজৰিকা, বাণীকান্ত কোঁৱৰ, ছহিদুল আহমেদ, মুনমী দত্ত ৰাজখোৱা আদিয়ে আলোচনীখনৰ প্ৰথম পৰ্যায়ত বিভিন্ন দিশত যথেষ্ট সহায় কৰিছিল৷ 

আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল ২০১৫ চনৰ ১৭ জানুৱাৰী তাৰিখে৷ সম্পাদক– জ্যোতিষ্মান দাস৷ সহযোগী সম্পাদক- প্ৰাণকৃষ্ণ বুঢ়াগোহাঁই৷ আখৰ আলোচনীৰ ৱেবচাইটটো হৈছে– www.aakhar.in ‘আখৰ’ৰ প্ৰায় ৬ টা সংখ্যা প্ৰকাশ হৈ বৰ্তমান সময়ত আলোচনীখন বন্ধ হৈ আছে৷ ব্যতিক্ৰমী শিতানৰ সংযোগ আৰু নৱ প্ৰজন্মৰ লেখক-লেখিকাক প্ৰাধান্য দিয়া এই ই-আলোচনীখনে ইতিমধ্যেই অসমীয়া বৈদ্যুতিন সাহিত্য সম্পৰ্কীয় আলোচনাত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ সুন্দৰ ৱেব ডিজাইন, ইতিবাচক প্ৰবন্ধ, গল্প, কবিতা, সাক্ষাৎকাৰ, অনুবীক্ষণ, চলচ্ছিত্ৰ সমালোচনা, ফটোগ্ৰাফী, চিত্ৰশিল্প আদি বিভিন্ন শিতানৰ দ্বাৰা ই-আলোচনীখনে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ হ’কে কাম কৰি থৈ গৈছে৷ শেহতীয়া সংখ্যা দুটামানত  আলোচনীখনত অনুবাদ সাহিত্যৰ শিতান এটাও সংযোগ কৰা হৈছিল; য’ত কলিকতাৰ প্ৰসিদ্ধ সাহিত্যিক বাসুদেৱ দাসৰো লেখা প্ৰকাশ পাইছিল৷ সেইদৰে অসমৰ প্ৰতিনিধিত্বকাৰী কিছু নাট্যকাৰৰ লগত সাক্ষাৎকাৰৰ শিতান এটা প্ৰকাশ কৰাৰ সিদ্ধান্তও ‘আখৰ’ ই-আলোচনীয়ে গ্ৰহণ কৰিছিল৷ কিন্তু আলোচনীখনৰ বহুবোৰ পৰিকল্পনা বিভিন্ন কাৰণত সম্ভৱপৰ হৈ নুঠিল৷ কিন্তু ইণ্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্যক প্ৰতিষ্ঠা কৰাত ‘আখৰ’ আলোচনীৰো যথেষ্ট ভূমিকা আছে৷ আলোচনীখন বৰ্তমান সময়ত পুনৰ প্ৰকাশ কৰিব পাৰিলে এটা ইতিবাচক কৰ্ম সম্পন্ন হৈ উঠিব৷

কলেজখনৰপৰা দুবছৰৰ মূৰে মূৰে ‘যোগানন্দ বৰগোহাঁই স্মাৰক আন্তঃ মহাবিদ্যালয়, বিশ্ববিদ্যালয় সাহিত্য প্ৰতিযোগিতা’ আয়োজন কৰা হয়৷ এই প্ৰতিযোগিতাখনি অসমভিত্তিত আয়োজন কৰা হয়৷ গল্প আৰু কবিতাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনত উচ্ছতৰ মাধ্যমিকৰপৰা স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়ি থকা শিক্ষাৰ্থীসকলে অংশ ল’ব পাৰে৷ এই বঁটাত ক্ৰমে প্ৰথম প্ৰতিযোগীক ৫০০০ টকা, দ্বিতীয় প্ৰতিযোগীতক ৩০০০ টকা আৰু তৃতীয় প্ৰতিযোগীক ২০০০ টকাৰ লগতে মানপত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়৷ সেইদৰে কলেজৰপৰা বাৰ্ষিক ক্ৰীড়া সমাৰোহত সাহিত্য বিষয়ত সৰ্বাধিক পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীজনক ‘গকুল শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী বঁটা’ প্ৰদান কৰা হয়৷ ২০১৩ চনৰপৰা এই বঁটা প্ৰদান কৰা হৈছে৷ এই বঁটাত  ১৫০০ টকাৰ গ্ৰন্থৰ টোপোলাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়৷ এইসমূহ বঁটা বৰ্তমান সমগ্ৰ অসমতে পৰিচিত আৰু বৌদ্ধিক সমাজত সমাদৃত৷

সামৰণিউপৰত উল্লিখিত বিষয়বোৰ কলেজৰ সাহিত্য চৰ্চাৰ কেইটামান প্ৰতিনিধিত্বমূলক উদাহৰণহে৷ ইয়াৰোপৰি  কলেজখনত বিভিন্ন কৰ্মশালা, বক্তৃতা অনুষ্ঠান, অন্তৰংগ আলাপ, স্মাৰক বক্তৃতা, কবি সন্মিলন আদি অনুষ্ঠিত হৈ থাকে৷ এই অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলক বহল পৰিসৰত এখন উৰ্বৰা পৃষ্ঠভূমি প্ৰদান কৰিছে৷ শেহতীয়াকৈ কোভিদসৃষ্ট পৰিৱেশৰ বাবে কলেজখনৰ সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰখনলৈ কিছু স্থৱিৰতা আহিছে যদিও ই যে পুনৰ যে ঠন ধৰি উঠিব, তাত কোনো দ্বিধা নাই৷ ‘নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমালা’ও  আনবাৰৰ  দৰে যোৱাবাৰো কোভিদৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হৈ গ’ল৷ লকডাউনৰ সময়ছোৱাতে কলেজ প্ৰকাশন আৰু অসমীয়া বিভাগৰ প্ৰকাশনৰপৰা বহুকেইখন গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ হৈ উলাল৷ অসমীয়া বিভাগৰপৰা হোমেন বৰগোহাঞিৰ মৃত্যুৰ এমাহৰ পাছতে বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু পঢ়ি থকা শিক্ষাৰ্থীসকলৰ লেখাৰে ভাস্কৰ ভূঞাৰ সম্পাদনাত ‘বৰগোহাঞি চৰ্চা’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ হয়৷ সেইদৰে সৌম্যদ্বীপ দত্তৰ সাহিত্যৰাজিক কেন্দ্ৰ কৰিও ‘অসমৰ প্ৰকৃতি সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ শীৰ্ষক এখন গ্ৰন্থ অৰবিন্দ ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশ হয়৷ ‘কবিতা নিৰ্মাণ আৰু গল্প লিখন সম্পৰ্কীয় এদিনীয়া কৰ্মশালা’ এখনো কলেজৰ ছাত্ৰ একতা সভাৰ সহযোগত এতিয়া পুনৰ আয়োজন কৰা হৈছে৷ মুঠতে ক’ব পাৰি নৰ্থ লখিমপুৰ কলেজে সাহিত্য চৰ্চাৰ এখন ধনাত্মক ক্ষেত্ৰ ইতিমধ্যেই গঢ়ি তুলিছে৷ এই চেষ্টা আৰু যত্ন কলেজখনত সদায় বৰ্তি থাকিব বুলি আশাবাদী৷

@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments