বিহু আৰু বিহুগীত শব্দটোৱে এটা বৃহত্তৰ সাংস্কৃতিক চেতনাক প্ৰতিনিধিত্ব কৰে৷ বিহুৰো আকৌ বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ সংস্কৰণ আছে৷ হুঁচৰি, জেং বিহু, ৰাতি বিহু, গছতলৰ বিহু, পথাৰৰ বিহু, গৃহস্থৰ চোতালত মৰা বিহু, মঞ্চ বিহু আদি৷ বিহুৱে গছতলৰপৰা আহোম ৰাজত্বৰ সময়ত গৃহস্থৰ চোতাললৈ গতি কৰা আৰু পৰৱৰ্তী সময়ত ৰাধাগোবিন্দ বৰুৱা আৰু তেওঁৰ সমসাময়িকসকলৰ নেতৃত্বত মঞ্চলৈ অহা এই দীৰ্ঘ সময়ছোৱাত বিহুৰ বৈশিষ্ট্য, ৰীতি-নীতি, প্ৰকৃতি আৰু পৰম্পৰা বহু পৰিমাণে সলনি হ’ল৷ সেইদৰে মঞ্চ বিহুৰ পৰৱৰ্তী সময়ত বিহুক ‘ব্যৱসায়’ৰ এটি নব্য ধাৰণা হিচাপে প্ৰতিষ্ঠা কৰোৱা হ’ল৷ বিহুক কেন্দ্ৰ কৰি পূৰ্বৰেপৰা ৰচিত হৈ অহা বিহুনামবোৰ বাণীবদ্ধ হ’বলৈ ধৰিলে৷ বাণীবদ্ধ গীতবোৰৰ মাৰ্কেটিং আৰম্ভ হ’ল৷ গ্ৰামোফ’ন আৰু ৰেডিঅ’ৰ আৱিষ্কাৰে সমগ্ৰ বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ প্ৰথমবাৰৰ বাবে অভাৱনীয় পৰিৱৰ্তন আনিলে৷ বিহু সাংস্কৃতিক আভিজাত্য আৰু বিনোদনৰ মাধ্যম হৈ পৰিল৷ ৰেডিঅ’ত বাতৰি প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে লোক সংগীত আৰু আধুনিক গীতৰ প্ৰচাৰ হ’ল৷ বম্বে, কলিকতাৰ দৰে এটা সময়ত অসমতো গ্ৰামোফ’ন ৰেকৰ্ডত বিহুনাম বাণীবদ্ধ হ’ল৷ (টোকা– অসমীয়া ভাষাত গ্ৰামোফ’ন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰা প্ৰথম পৰ্যায়ৰ শিল্পী দুজন হ’ল– ডাঃ উমেশ চন্দ্ৰ বেনাৰ্জী আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱা৷ এই সম্পৰ্কে সাতসৰী আলোচনী, সপ্তদশ বছৰ, দশম সংখ্যাত মনজিৎ ৰাজকোঁৱৰৰ এটা বিস্তৃত লেখা আছে, পৃষ্ঠা-২৩) সেইদৰে প্ৰথম পৰ্যায়ত লোক-জীৱনৰ ভাৱ-অনুভৱ প্ৰকাশৰ থল হিচাপ চিহ্নিত এই নামবোৰৰ আদৰ্শ অনুকৰণ কৰিয়েই পৰৱৰ্তী সময়ত একাংশ গীতিকাৰে সচেতনভাৱেই বিহুগীত ৰচনা কৰিলে৷ সুৰকাৰে বিহুৰ সুৰৰ দৰেই নতুন নতুন সুৰ কৰিলে৷ ফলত লোক-জীৱনৰ অমূল্য সম্পদ বিহুনামবোৰত পৰৱৰ্তী সময়ত গীতিকাৰৰ নামোল্লেখ পোৱা গ’ল৷ সেইদৰে সুৰকাৰ, কম্পজাৰ, প্ৰযোজক, প্ৰডিউচাৰ আদি শব্দবোৰ বিহুগীতলৈকো আমদানি হ’ল৷ বিহুগীত আৰু বিহুনামৰ মাজত পাৰ্থক্য নোহোৱাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ’ল৷ গ্ৰামোফ’ন ৰেকৰ্ডৰপৰা আধুনিক সংগীতে কেছেটৰ যুগত ভৰি দিয়াৰ লগে লগে একশ্ৰেণীৰ বিহুগীতে ‘কেছেটৰ বিহু’ হিচাপে বিশেষভাৱে জনপ্ৰিয়তা আৰু স্বীকৃতি লাভ কৰিলে৷ বিহুগীত অত্যাধুনিক ষ্টুডিঅ’ত বাণীবদ্ধ কৰিবপৰাৰ ব্যৱস্থা হ’ল৷ কেছেটৰ প্ৰযোজক, বিপনন কেন্দ্ৰ আদিৰ সৃষ্টি হ’ল৷ বিভিন্ন মিউজিক কোম্পানীৰ আৰম্ভ হ’ল৷ তাৰ পৰৱৰ্তী সময়ত আহিল অডিঅ’, ভিডিঅ’ চিডিৰ যুগ৷ মুঠতে এয়া এক বহল অধ্যায়৷ প্ৰস্তাৱিত আলোচনাত বিষয়ৰ পৰিসৰলৈ লক্ষ্য ৰাখি কেৱল কেছেটৰ যুগৰ বিহুৰ গতি-প্ৰকৃতি আৰু ইয়াৰ বিকাশ সম্পৰ্কে কিছু কথা আলোচনা কৰাৰ লক্ষ্য ৰখা হৈছে৷ সেইদৰে কেছেটৰ যুগটোত অসমৰ বিহুগীতক সমৃদ্ধ কৰি ৰখা কেইজনমান গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পীৰ গীত আৰু তেওঁলোকৰ বিহুগীতৰ মাজেৰে প্ৰতিফলিত সামাজিক-সাংস্কৃতিক চেতনা সম্পৰ্কে আলোচনা কৰা হ’ব৷
বিহুনাম
অসমীয়া সমাজত প্ৰথম পৰ্যায়ত বিহুনাম বুলিলে কেৱল দেৱ-দেৱীলৈ প্ৰাৰ্থনা, বিনন্দীয়া প্ৰকৃতিৰৰূপ-বৰ্ণনা আৰু ডেকা-গাভৰুৰ প্ৰেম-পিৰীতিৰ ভাৱ প্ৰকাশক একশ্ৰেণীৰ গীতেই অসমত মৌখিকভাৱে প্ৰচলিত হৈছিল৷ প্ৰাচীন কালৰ বিহুত দলীয় শৃংখলাতকৈ হয়তো ব্যক্তিগত আনন্দ, উষ্মাৰ নাচে বেছি গুৰুত্ব লাভ কৰিছিল৷ তেতিয়া নাচিছিল বা গাইছিল নিজৰ বাবে৷ গৃহস্থৰ বাবেও নহয় বা দৰ্শকৰ বাবেও নহয়৷১
ইয়াৰ পৰৱৰ্তী সময়ত বিহুগীতত বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল৷ সেয়েহে হুঁচৰিত– ৰাম, কৃষ্ণ, গোপাল, গোবিন্দাই ৰাম আদি শব্দই স্থান লাভ কৰিছিল৷ উদাহৰণ–
কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’লহে গোবিন্দাই ৰাম
পৰৱৰ্তী সময়ত বিহুগীনামত স্থান লাভ কৰিলে আহোম ৰাজত্ব, ৰজা-মহাৰজাৰ প্ৰসংগই৷ ৰুদ্ৰসিংহই বিহুক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে৷ বিহুগীতৰ মাজেৰে জয় দ’ল, শিৱ দ’ল, ৰংঘৰ, কাৰেংঘৰৰ প্ৰসংগ, স্বৰ্গদেউসকলৰ গুণানুকীৰ্তন, স্থাপত্য-ভাস্কৰ্য্য আদি বিষয়বস্তুৱে আত্মপ্ৰকাশ কৰিলে৷ উদাহৰণ–
জয় দ’ল শিৱ দ’ল অ’ ৰংঘৰ কাৰেংঘৰ অ’
অসমৰ বিজয় কীৰিতি-ৰৈয়া কি ৰৈয়া এনা অ’৷ ২
অৱশ্যে বিহুগীতত মাজে সময়ে এনেদৰে বৈষ্ণৱ সংস্কৃতি বা ৰজাঘৰীয়া সংস্কৃতিয়ে প্ৰাধান্য পালেও বিহুগীতৰ যি মূল ঐতিহ্য আৰু ধাৰাবাহিকতা; প্ৰম-পিৰিতিৰ যি স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ, সেয়া কেতিয়াও ম্লান পৰা নাছিল৷ প্ৰেম-প্ৰণয়, যৌনতা, কৃষি সম্পৰ্কীয় বিষয়, লোকাচাৰ, সমসাময়িক সমাজৰ চিত্ৰণ আদি বিষয়বোৰো বিহুনামৰ মুখ্য উপজীৱ্য আছিল৷ পৰৱৰ্তী সময়ত বিহুনামত স্থান লাভ কৰিলে মানৰ অসম আক্ৰমণ প্ৰসংগই৷ সেইদৰে ইংৰাজ শাসন ভাৰতবৰ্ষত আৰম্ভ হোৱাত ভাৰতবৰ্ষৰ সামাজিক-সাংস্কৃতিক দিশটোলৈ ব্যাপক পৰিৱৰ্তন অহাৰ সমান্তৰালভাৱে বিহুগনামলৈকো পৰিৱৰ্তন আহিছিল৷ কোম্পানী চাহাব, টাইম, চাহ বাগিছা, মেনেজাৰ, মহৰী আদি শব্দসমূহে বিহুনামত স্থান লাভ কৰিলে৷ মুঠতে সমকালীন সমাজখনক বিহুনামে নিজৰ আভ্যন্তৰত আটোলটোলকৈ সমৃদ্ধ কৰি ৰাখিছিল৷
লোক-সংস্কৃতিৰ গৱেষক অনিল শইকীয়াৰ এটি প্ৰবন্ধত উল্লেখ আছে যে– ‘১৯৪১ চনত শিৱসাগৰত মঞ্চ বিহু প্ৰথমবাৰৰ বাবে আৰম্ভ হয়৷ এই বিহু সন্মিলনৰ সম্পাদক আছিল মহেশ্বৰ নেওগ আৰু পৰাগধৰ চলিহা৷ ইয়াৰ পৰৱৰ্তী সময়ত প্ৰায় দহ বছৰমানৰ পাছত অৰ্থাৎ ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীত ৰাজহুৱাকৈ বিহু সন্মিলনৰ আয়োজন কৰে আৰু অসমৰ বিহুৱে এনেদৰে গৃহস্থৰ চোতালৰপৰা মঞ্চলৈ গতি কৰে৷’৩
মঞ্চলৈ বিহুৰ আগমন হোৱাৰ পৰৱৰ্তী সময়ত বিহুক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিযোগিতা যেনে– বৰ বিহুৱতী, সৰু বিহুৱতী, মৌ কুঁৱৰী, ঢোল বাদন, পেঁপা বাদন আদিৰ আৰম্ভ হ’ল৷ এই সময়ৰেপৰা বিহুক নিৰ্দিষ্ট নিয়মৰ মাজত আবদ্ধ কৰা হ’ল৷ বিহুক লৈ বিচাৰকৰ সৃষ্টি হ’ল৷ বিহুকেন্দ্ৰিক সংগঠনৰ জন্ম হ’ল৷ মঞ্চত বিহুক লৈ বিভিন্ন প্ৰতিযোগিতা, অনুষ্ঠানৰ আয়োজন হ’ল৷ এই মঞ্চ বিহুতে ৰাতিৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিবপৰা এটা পৰিৱেশৰ সৃষ্টি হ’ল৷ এই সময়ছোৱাতে গ্ৰামোফ’ন ৰেকৰ্ডত বিহুনামসমূহো বাণীবদ্ধ হ’বলৈ আৰম্ভ কৰে৷
অসমত গ্ৰামোফ’ন ৰেকৰ্ডত বিহুনামৰ ইতিহাস সম্পৰ্কে এতিয়ালৈকে যিখিনি চৰ্চা হৈছে, সেই বিষয়ত শেহতীয়াকৈ বহুতো নতুন তথ্য সংযোজিত হৈছে৷ অনিল শইকীয়া, লোকনাথ গোস্বামীৰ দৰে লেখকেও এই বিষয়ত লিখা-মেলা কৰিছে৷ কিন্তু শেহতীয়াকৈ মনজিৎ ৰাজকোঁৱৰে অসমীয়া বিহুনামৰ গ্ৰামোফ’ন ৰেকৰ্ড সম্পৰ্কে যথেষ্টখিনি নতুন তথ্য পোহৰলৈ আনিছে৷ তেওঁৰ হাতত এই তথ্যখিনিৰ সমল মজুতো আছে৷ তেওঁৰ সৈতে গ্ৰহণ কৰা এটি সাক্ষাৎকাৰত জনোৱা মতে– অসমীয়া গ্ৰামোফ’নত প্ৰথম বিহুনাম (হুচৰি)ৰ ৰেকৰ্ড কৰিছিল মিত্ৰদেৱ মহন্তই ১৯৩৬ চনত৷ পৰৱৰ্তী সময়ত ১৯৩৭ চনত বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ পৰা এটা দলসহ (দলটোত আছিল– প্ৰভোদ চন্দ্ৰ বৰুৱা, তেওঁৰ পত্নী প্ৰফুল্লবালা বৰুৱা, তেওঁলোকৰ দুগৰাকী জীয়েক ক্ৰমে সাধনা বৰুৱা আৰু মমতা বৰুৱা আৰু প্ৰফুল্লবালা বৰুৱাৰ দুগৰাকী ভনীয়েক প্ৰীতিমালা আৰু প্ৰিয়বালা আৰু প্ৰভোদ চন্দ্ৰৰ ভনীয়েক গিৰিজা বৰুৱা৷ এই প্ৰিয়বালাৰ সৈতে কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিবাহ হৈছিল৷)
এই দলটোৱে কেইবাখনো ৰেকৰ্ড কৰিছিল৷ তাৰ ভিতৰত ‘বিহুৱতী’ (১৯৩৮), ‘জন্মাষ্টমী’ আদিৰ নাম উল্লেখযোগ্য৷ সেই সময়ত অসমীয়া গাঁৱলৈ বিহুগীত লৈ যোৱাত ‘বিহুৱতী’ ৰেকৰ্ডখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ভোলানাথ শইকীয়াই ১৯৩৭ চনত চেনলা কোম্পানীত এখন ৰেকৰ্ড কৰিছিল৷ বিহুসুৰীয়া গানৰ কেছেটটোৰ নাম আছিল ‘বিহুৱতী চৰায়ে কৰে বিহু বিহু’৷ একে সময়তে চাৰু বৰদলৈয়েও বিহুনাম ৰেকৰ্ড কৰিছিল৷ অৱশ্যে এইবোৰত বনগীতৰ প্ৰভাৱো যথেষ্ট পৰিমাণে লক্ষ্য কৰা যায়৷ এই সময়ত চেনলা কোম্পানীয়ে আন বহুবোৰ গীতৰ কাম কৰিছিল৷ উমেশ চৌধুৰী, গুণদা কোঁৱৰ আদি ব্যক্তিয়েও এই সময়ছোৱাতে বিহুনাম গাইছিল৷ ১৯৫০ চনত কমল নাৰায়ণ চৌধুৰী আৰু পুৰুষোত্তম দাসে এক পৰিকল্পনাৰ দ্বাৰা অসমৰ প্ৰাচীন গীত-মাতসমূহ ৰেকৰ্ড কৰাৰ বিশাল আয়োজন কৰিছিল৷ প্ৰাচীন কবি শঙ্কৰদেৱ-মাধৱদেৱ, শ্ৰীধৰ কন্দলি, জগদানন্দৰ গীতৰ পৰা আৰম্ভ কৰি নিচুকণি গীত, বিহুনাম আদিও এই পৰিকল্পনাত স্থান লাভ কৰিছিল৷ ১৯৫১ চনত মুকুল বৰুৱা আৰু তেওঁৰ সহযোগীসকলে এখন ৰেকৰ্ড কৰিছিল য’ত বিহুৰ লগতে হুছৰিও ৰেকৰ্ড কৰা হৈছিল৷ একেটা সাক্ষাৎকাৰতে জনোৱা তথ্যমতে অসমীয়া চিনেমাত বিহুগীতৰ ব্যৱহাৰ হৈছে ‘স্মৃতিৰ পৰশ’ বোলছবিৰপৰা৷ পৰৱৰ্তী সময়ত ‘যোগ-বিয়োগ’, ‘বৰুৱা সংসাৰ’, ‘ৰাংঢালী’, ‘তৰামাই’, ‘বোৱাৰী’, ‘ককা দেউতা নাতি আৰু হাতী’ আদিত বিহুগীতৰ ব্যৱহাৰ হ’বলৈ ধৰে৷৪
কিন্তু গ্ৰামোফ’নত বিহুনামৰ ৰেকৰ্ড সম্পৰ্কে অনিল শইকীয়াই লিখা তথ্যখিনিৰ সৈতে ৰাজকোঁৱৰৰ আকাশ-পাতাল পাৰ্থক্য পৰিলক্ষিত হয়৷ অৱশ্যে শইকীয়াই প্ৰথম অসমীয়া বিহুনামৰ গ্ৰামোফ’ন ৰেকৰ্ড কোনখন হ’ব, সেই সম্পৰ্কে তথ্য স্পষ্ট কৰা নাই৷ শইকীয়াই উদ্ধাৰ কৰা তথ্যৰ মতে– খগেন মহন্তই ১৯৬৯ চনত বিহুগীত ৰেকৰ্ড কৰিছিল৷ তেওঁ ৰেকৰ্ড কৰা বিহুগীতটোৰ শীৰ্ষ শাৰী– ‘ধনশিৰি পাৰে হৈ ঔ কুমলীয়া’ (গ্ৰামোফ’ন ৰেকৰ্ড নং-7EPE1100)৷ গ্ৰামোফ’নত প্ৰথম বিহুনামৰ ছন্দত ঢোলৰ সলনি তবলাৰ ছন্দত গীত বানীবদ্ধ কৰিছিল দীপালী বৰঠাকুৰে৷ গীতটোৰ নাম–‘আগলি বাঁহৰে লাহৰি গগণা’ (১৯৬৪)৷ সেইদৰে ইয়াৰ পৰৱৰ্তী সময়ত– মহেশ্বৰ বৰুৱা, ভূপেন হাজৰিকা, ৰুণুমী ভট্টাচাৰ্য, হেমেন হাজৰিকা, বিভা বৰুৱা, লক্ষেশ্বৰ ডেকা, দশৰথ দাস, ধৰণী বণিক, অৰ্চনা মহন্ত, নিকুঞ্জলতা মহন্ত, লোকেশ্বৰ ডেকা, ৰামেশ্বৰ পাঠক, ধনদা পাঠক, দিলীপ গগৈ, শিৱ প্ৰসাদ নাথ আদিয়ে গ্ৰামোফ’নত বিহুনাম ৰেকৰ্ড কৰে৷ ইয়াৰ পৰৱৰ্তী সময়তো অসমীয়া বোলছবিৰ বাবে বহুকেইটা বিহুনাম গ্ৰামোফ’নত বাণীবদ্ধ কৰা হয়৷৫
কেছেটৰ বিহু
অসমীয়া বিহুনাম আৰু বিহুগীতে যদিও গ্ৰামোফ’নৰ মাজেৰে বাণীবদ্ধ দিশটোৰ পৃষ্ঠভূমি তৈয়াৰ কৰে; কিন্তু বিহুগীতৰ সোণালী যুগটোৰ আৰম্ভ, বিকাশ আৰু প্ৰসাৰ হয় কেছেটৰ মাজেৰেহে৷ প্ৰায় ১৯৩৫-৪০১ ভিতৰতে অসমত গ্ৰামোফ’ন ৰেকৰ্ডত অসমীয়া গান ৰেকৰ্ড কৰা আৰম্ভ হৈছিল৷ সেই ‘গীতি যুগ’ৰ সময়ৰপৰা ভাৰতবৰ্ষত ইংৰাজৰ শাসন অন্তপৰাৰ সময়খিনিলৈকে দীৰ্ঘ সময়খিনিত মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা মৌখিক বিহুগীতসমূহৰ লগতে কেইজনমান গীতিকাৰে নিজেই বিহুগীতসমূহ সংগ্ৰহ কৰি, প্ৰয়োজনত কিছু কিছু দিশত নিজেও নতুন শব্দ, প্ৰকাশৰ ধৰণ সালসলনি কৰি বিহুগীতৰ বাণীবদ্ধ কৰিছিল, যিসমূহ সেই সময়ত ৰেডিঅ’ৰ মাধ্যমেৰে সঘনাই প্ৰচাৰ হৈছিল৷ অৱশ্যে অসমৰ এই গ্ৰামোফ’ন ৰেকৰ্ড সমূহৰ উদ্ধাৰ আৰু তাৰ সঠিক গৱেষণাৰ অভাৱত আজি পৰ্যন্ত গ্ৰামোফ’নত ৰেকৰ্ড হোৱা অসমীয়া গীতবোৰৰ এটি শৃংখলাবদ্ধ অধ্যয়ন বা সেইধৰণৰ গৱেষণা হোৱা নাই৷
অনিল শইকীয়াই এই প্ৰসংগত উল্লেখ কৰিছে এনেদৰে– ‘‘গ্ৰামোফ’ন ৰেকৰ্ডৰ পাছত প্ৰায় ১৯৮০ চন মানৰপৰাহে কেছেটৰ বিহুগীতৰ বাণীবন্ধন আৰম্ভ হৈছে৷ ১৯৭১ চনত তিনিচুকীয়াৰ ‘ৰয় চাইকেল মাৰ্ট’ নামৰ এটি প্ৰতিষ্ঠানে ‘বিহুৰে বিৰিণা পাত’ নামৰ এটি শ্ৰব্য বিহুগীতৰ কেছেট প্ৰথমবাৰৰ বাবে বাণীবদ্ধ কৰে৷ সেইদৰে আমি জনাত অসমৰ প্ৰথমটো সফল বিহুগীতৰ কেছেট সোমনাথ বড়াৰ ‘পাহাৰৰ জুৰিটি’৷ কেছেটটো ইমানেই জনপ্ৰিয় হৈ আৰু সফল হৈছিল যে তেতিয়াৰ পৰা কেছেট প্ৰযোজকসকলে বিহুগীতৰ কেছেট প্ৰযোজনা আৰু বিতৰণত গুৰুত্ব দিবলৈ ধৰিলে৷ ক্ৰমে ক্ৰমে বিহুগীতৰ কেছেটে অসমৰ বজাৰ ছানি ধৰিলে আৰু এটা সময়ত এনেকুৱা হ’লগৈ যে মাঘ মাহ মানৰেপৰা বজাৰৰ গুমটি দোকান, কেছেটৰ দোকান আৰু বাছ গাড়ীসমূহে কেছেটৰ বিহুনামে ৰৌজাল-বৌজাল কৰি বিহুৰ আগজাননী দিবলৈ ধৰিলে৷৬
কিন্তু অনিল শইকীয়াৰ এই তথ্যটোও সোমনাথ বড়াই প্ৰদান কৰা তথ্যৰ সৈতে নিমিলে৷ বড়াৰ মতে– ১৯৮১ চনতহে তিনিচুকীয়াৰ ‘ৰয় চাইকেল মাৰ্ট’ নামৰ এটি প্ৰতিষ্ঠানে প্ৰথম বিহুগীতৰ কেছেটৰ কাম আৰম্ভ কৰে৷ কেছেটটোৰ নাম– ‘ব’হাগী৷৭
যি কি নহওক– কেছেটৰ বিহুৱে বিহুনামৰ ক্ষেত্ৰখনলৈ বহুতো পৰিৱৰ্তন আনিলে৷ পূৰ্বৰ গৰিষ্ঠসংখ্যক বিহুনামেই আছিল জাত বিহু৷ অৰ্থাৎ এটা কলিৰ পাছত এটা কলি সংযোগ কৰি কৰি গাই থাকিব পাৰি৷ কিন্তু কেছেটৰ বিহুত এই জাত নামৰ পৰিৱৰ্তে যোৰা নাম সদৃশ বিহুগীতৰহেপ্ৰসাৰ হ’বলৈ ধৰে, য’ত ল’ৰাই এফাঁকি আকৌ ছোৱালীয়ে এফাঁকি গোৱাৰ পৰম্পৰা আৰম্ভ হ’ল৷ জাতনামৰ উদাহৰণ–
মোৰে বহনা– ঐ গামখাৰু বাজনী
মোৰে বহনা– ঐ গৰকাৰ দপদপনি
মোৰে বহনা– ঐ মাকো সৰি সৰি
মাকো সৰি সৰি পৰে
মোৰে বহনা ঐ – চ’তে গৈয়ে গৈয়ে
মোৰে বহনা ঐ– ব’হাগে পালেহি
গ্ৰামোফ’ন আৰু কেছেটৰ মাধ্যমেৰে বিকাশ হোৱা অসমীয়া বিহুনামসমূহৰ সঠিক বিশ্লেষণ এতিয়াও বিদ্যায়তনিকভাৱে অধ্যয়ন হোৱা নাই; যাৰ বাবে এই গুৰুত্বপূৰ্ণ সময়খিনিৰ বহুতো তথ্য আৰু ইতিহাস বৰ্তমান সময়ত পাবলৈ নাই৷ সেইদৰে অসমলৈ কেছেটৰ প্ৰথম আগমন, অসমত প্ৰথম ষ্টুডিঅ’ নিৰ্মাণ, কেছেটত অসমীয়া বিহুগীতৰ প্ৰথম বাণীবদ্ধ হোৱাৰ তথ্য আদিৰ বিষয়েও বহুখিনি বিষয় অধ্যয়ন কৰিলগীয়া আছে৷ এই প্ৰসংগখিনিৰ সঠিক বিচাৰ-বিশ্লেষণৰ বাবে অসমত অনেক গৱেষণাৰ ক্ষেত্ৰ মুকলি হৈ আছে৷ তলত কেইজনমান কেছেটত বিহুগীত বাণীবদ্ধ কৰা গীতিকাৰ-সুৰকাৰ সংগীত শিল্পীৰ বিষয়ে যৎকিঞ্চিৎ আলোচনা কৰা হৈছে৷
খগেন গগৈ
খগেন গগৈৰ জন্ম ১৯৬০ চনৰ ৰ মাৰ্চত৷ পিতৃৰ নাম ৰূপাই গগৈ আৰু মাতৃৰ নাম যোগেশ্বৰী গগৈ৷ তেখেতে প্ৰথমে গুৱাহাটীৰ নৰকাসুৰ উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰিছিল৷ পৰৱৰ্তী সময়ত ১৯৮৫ চনৰপৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি কৰিছিল৷ সেই সময়ত মাত্ৰ ষ্টুডিঅ’ হিচাপে ‘জ্যোতি চিত্ৰৱন’ আছিল৷ ঢোলৰ ৰগৰৰ স্ৰষ্টা দিলীপ গগৈ তেওঁৰ লগৰীয়া আছিল৷ লগতে বিপুল চেতিয়া ফুকন, মহানন্দ মজিন্দাৰ বৰুৱা (ভাইটি দা) আদি বিহুগীতৰ লগত জড়িত হৈছিল৷ শিৱসাগৰ জিলাৰ চৰাইদেউৰ সোণাৰীৰ সংগীতশিল্পী, লোকগীতৰ সাধক খগেন গগৈয়ে প্ৰথম বিহুগীতৰ কেছেটৰ মাজেৰেই সংগীতৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল৷ তেখেতৰ প্ৰথম বিহুগীতৰ এলবামটোৰ নাম– ‘দিচাংমুখৰ পেঁপাটি’৷ প্ৰযোজক– তাহিৰকৃষ্ণ খাউণ্ড৷ এই এলবামটোত গগৈয়ে অসমৰ পুৰণি বিহুনাম সংগ্ৰহ কৰি নতুনকৈ কণ্ঠ দিছিল৷ তেখেতে প্ৰায় ত্ৰিছখনৰো অধিক বিহুগীতৰ কেছেটত কণ্ঠদান কৰিছে৷ তাৰে কেইখনমান বিহুগীতৰ কেছেটৰ নাম হ’ল– দিচাংমুখৰ পেঁপাটি, শকুন্তলা, উজান পিৰীতি, জোনবাই, জানমণি, ৰূপালী আদি৷
সেইদৰে তেওঁৱেই অসমত প্ৰথম টোকাৰী গীতৰ কেছেটৰ ৰেকৰ্ডিং কৰে৷ এলবামটোৰ নাম ‘বৈৰাগী’ (প্ৰায় ১৯৮৬)৷ কেছেটটোৰ পৰিচালনা কৰিছিল ভূপেন উজীৰে৷ তাৰ পৰৱৰ্তী সময়ত তেওঁ ‘বান্ধৈ’, ‘মনভাই’ নামৰ আন এটা টোকাৰী গীতৰ এলবাম বানীবদ্ধ কৰে৷ উল্লেখযোগ্য যে গুৱাহাটী ৰেডিঅ’ চেণ্টাৰৰ প্ৰথম অডিশ্যন দি পাছ কৰা টোকাৰী গীতৰ শিল্পীজনো হ’ল– খগেন গগৈ৷ তেখেতৰ প্ৰথম বাণীবদ্ধ টোকাৰী গীতটি হ’ল–
আয়ে মোক এৰিলে দেউতাই মোক এৰিলে, এৰিলে মৰমৰ চুমা
বজাৰলে আনি আয়ে মোক বেচিলে, দলনিত মেলিলে পোনা
মোৰ মনাই ঐ, দলনিত মেলিলে পোনা
‘দিচাংমুখৰ পেঁপাটি’ এলবামত সন্নিৱিষ্ট তেখেতৰ দ্বাৰা সংগ্ৰহিত এটি বিহুনাম–
ভনী ভনী বুলি মাতো মৰমতে
কিয় বেয়া পালা অকণমান কথাতে
হেৰা বুলি মাতিবা ব’হাগৰ পাছতে
চাহ-জলপান দিবাগৈ পথাৰৰ মাজতে
তেখেতে কণ্ঠ দিয়া পুৰণি বিহুগীতৰ উদাহৰণ–
ক৷ আকৌ হেৰা বিয়নি ঐ কি খায় মৰিলে বিয়ৈ হেৰা বিয়নি ঐ
কি খায় মৰিলে কি খায় মৰিলে বিয়ৈ
শিঙৰা জানতে ডিঙৰা পাতোতে
চেপাত লাগি মৰিলে বিয়ৈ হেৰা বিয়নি ঐ
কি খায় মৰিলে বিয়ৈ হেৰা বিয়নি ঐ
কি খায় মৰিলে কি খায় মৰিলে বিয়ৈ
খ৷ অ’ সৰুভনী তুমি আমাৰ নাচনি
নানাচোঁ বুলিলে উলাই চকুপানী
গ৷ চ’ততে চতৰী ধিন্দৌ দৌ
ব’হাগত বাবৰী ধিন্দৌ দৌ
ব’হাগত বগৰী ধিন্দৌ দৌ
জেঠতে অমনা ধিন্দৌ দৌ ধান
ঘ৷ আই নাম ৰম
বোপাইৰ নাম জম
মোৰ নাম বিজুলী চমক ভানুমতী অ
গা কৰে ৰমক জমক
ঙ৷ অ সৰুভনী তুমি আমাৰ নাচনি
নানাচো বুলিলে উলাই চকুপানী
চ’তে গৈয়ে গৈয়ে অ’ সৰুভনী
ব’হাগে পালেহি অ’ সৰুভনী
ফুলিলে ভেবেলি লতা সৰুভনী
তুমি আমাৰ নাচনী
নানাচোঁ বুলিলে উলাই চকুপানী
চ৷ দিচাং নৈ এৰিব পাৰোঁ অ’ মইনাকণ
দিখৌ নৈ এৰিব পাৰোঁ
তোমাক অ’ মইনাকণ এৰিব নোৱাৰোঁ
নেখায়ো থাকিব পাৰোঁ৷
ছ৷ মোৰ সোণকণ বাখৰ ঐ চতাই পৰেৱতে
মোৰ সোণকণ বাখৰ ঐ ধুঁৱলী কুঁৱলী
জ৷ মোৰ সোণ দেহিটি মইনা ঐ চেৰেং চেৰেং কৰি
মোৰ সোণ দেহিটি মইনা ঐ মনতে পৰিছে
ঝ৷ অ’ লিলি পদুমী, তোমাৰ দীঘল পদূলি
যদি মৰম দিয়া, সদায় যাম গধূলি
ঞ৷ দিখৌত গোমেগোমায় কোম্পানীৰ জাহাজখন
ঢেঁকীত গোমেগোমায় ঐ থোৰা
দেহা ৰমেৰমাই, বুকুচমেচমাই
তোমাক সোণ দেখিবৰপৰা
চ৷ ল’ৰা– শিৱসাগৰ ধুবুৰী জয়সাগৰৰ পুখুৰী
কাপোৰনো ধুই আছিলা চাপৰি চাপৰি
ছোৱালী– চাপৰি চাপৰি দুৱৰি বন গছকি
কিনো মৰম লগালা এছাটি পানী মাৰি
শকুন্তলা কেছেটত তেওঁ গোৱা এটা গীত– ‘দিখৌ থিয় গড়া দেখি ভয়ে লগা’ (কথা- বিমান বৰুৱা)
জুবিন গাৰ্গৰ প্ৰথম বিহুগীতৰ কেছেটটোৰ নাম আছিল– ‘উজান পিৰিতি’৷ এই কেছেটটোত জুবিন গাৰ্গে মুঠ সাতটা গীত গাইছিল৷ পৰিচালনা কৰিছিল জয়ন্ত সোণোৱালে৷ প্ৰযোজক আছিল – দুলু দাস৷ এই কেছেটটোত খগেন গগৈয়েও এটা গীত গাইছিল৷ পৰৱৰ্তী সময়ত এন.কে. প্ৰডাকচনে অসমৰ বিহুগীতৰ কেছেট নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ খগেন গগৈ আছিল এই প্ৰডাকচনৰ অন্যতম গুৰি ধৰোঁতা ব্যক্তি৷
বিপুল চেতিয়া ফুকন
বিপুল চেতিয়া ফুকনৰ জন্ম হৈছিল ১৯৫৫ চনত৷ তেওঁ প্ৰায় ১৯৭৪ চনত গুৱাহাটীলৈ যায়৷ সেই তেতিয়াৰেপৰা তেওঁ গুৱাহাটীত বিহুৰ দল খুলি বিহুৰ চৰ্চা কৰিছিল৷ ফুকন বি. বৰুৱা কলেজৰ ছাত্ৰ আছিল৷ বিপুল চেতিয়া ফুকনে প্ৰথম টোকাৰী গীতিৰে সাংগীতিক জীৱন আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত এককভাৱে ‘পাটকাই’ (১৯৮২) নামেৰে এটি বিহুগীতৰ কেছেট ৰেকৰ্ড কৰে৷ ১৯৮৮ চনত ৰেকৰ্ড কৰা ‘পাটকাই’ কেছেটৰ এটা গীতৰ উদাহৰণ–
নবাৰীৰ পছলা তেৰটি মছলা
হাতী তেলিয়াৰ তেল
আহ ঐ ৰঙিলী আহ ঐ পমিলী
বিহুতলীত পাতি যাওঁ মেল
পৰৱৰ্তী সময়ত ফুকনে ‘সৰুমাই’ (পৰিচালক– ভূপেন উজীৰ) কেছেটটো ৰেকৰ্ড কৰে৷ এইখন কেছেটৰ এটা গীত–
বহুদিন হৈয়ে গ’ল অ’ সৰুমাই
তোমাকে নেদেখা অ’ সৰুমাই
কেনেকৈনো কটাইছা দিন সৰুমাই
তোমাৰ জানো মোলৈ এবাৰ মনত পৰা নাই
তোমালৈ মোৰ মনত পৰি চকুলো উলাই
তাৰ পৰৱৰ্তী সময়ত ‘জুৰিমাই’ (সংগীত পৰিচালক– ৰুবুল বৰা) কেছেটৰ এটি গীতত কণ্ঠদান কৰে৷
মন হাঁচটি জুৰিমাই অ’ চিন্তা নকৰ
বেজাৰ কিহৰ
অহাবেলিকৈ ব’হাগ মাহত পাতিম আমাৰ ঐ
পাতিম সোণৰ ঘৰ
তেখেতে কণ্ঠ দিয়া অন্যান্য বিহুনামবোৰৰ উদাহৰণ–
ক৷ বগীতৰা ওলাই দেখা দিয়া
হাতত পাণ বটা লৈ ৰাইজক সেৱা কৰা
খ৷ নীলা নীলা চৰাই নীল আকাশত উৰা নাই
নীলা নীলা চৰাইডালত পৰি কন্দা নাই
তোমাৰে মালিনী থৈছিলা মোক লুকুৱাই
তোমাৰে ফুলনিত পৰিবলৈ দিয়া নাই
ফুলবাৰী পাতিবা, জেউৰা ভেঁটিবা
ঐ কোনে কি কৰিব পাৰে৷
বিপুল চেতিয়া ফুকনেই জুবিন গাৰ্গক প্ৰথম বিহুগীত গোৱাইছিল৷ তেওঁ জুবিনক শিকোৱা প্ৰথমটো গীত, যিটো গীতত জুবিনে কণ্ঠ দিছিল, সেইটো হ’ল–
ভালপালে কি হ’ব নাছনী
এৰিব লাগিব কিজানি
ভালপোৱা প্ৰতিদান কিনো দিম
দুগালে দুচুমা বোলাই দিম
তেখেতৰ আন এটি গীতৰ কেছেট ‘জীয়া-জুই’৷ সেই কেছেটৰ এটা জনপ্ৰিয় বিহুগীত–
হায়ৈ হায়ৈ হায়ৈ লিলি
তয়ে মোৰে কলিজা খালি
বাপেৰে দিলে যিখন পালেং
শুব নোৱাৰি হেলেং-পেলেং
মাৰে দিলে যিখন কাঁহী
ভাত খাঁওতে উঠে হাঁহি
‘মন ফাগুণৰ পছোৱা’ কেছেটৰ এটি গীত–
কিহৰপৰা কিনো হৈ গ’ল লাগিল গণ্ডগোল
ঘপহকৰি নাইকীয়া হ’ল ঠেলা-ৰিক্সাবোৰ
চুলি-দাঢ়ি ক’তে কাটিম কিনো কৰোঁ হাই
বিহাৰীয়ে মানুহ মাৰিছে ৰেল গাড়ী ৰখাই
তেখেতে লিখা আন এটি জনপ্ৰিয় গীত এনেধৰণৰ–
ক৷ তামোলপুৰত তামোল নাই
নগাঁৱত নাৰিকল নাই
ভালকৈ ভাবি চালে
ভনী ঐ কপালখনত একো নাই
গুৱাহাটীত হাতী নাই
মেডিকেলত দৰৱ নাই
ডাক্টৰ আছে হাজাৰ হাজাৰ
ভনী ঐ ৰোগী চাবলৈ সময় নাই
খ৷ ৰঙা নীলা ছাটি লৈ
ভণ্টী যায় কলেজলৈ
পাছে পাছে আধা পেডেল
মাৰোনো মই চাইকেল লৈ
গ৷ চুটি চুটিকৈ হেৰি পিন্ধিলে
দেখাত হেৰি হেৰি লাগে
হেৰি ভনী ঐ
তিনিআলিত মূৰতে মোকে লগে পালে
... হেৰি অকণমান দিবানে
সাংঘাটিক, তুমি ভনীটি ৰোমাণ্টিক
ওঁঠত সানিলা লিপিষ্টিক
তিনিআলিত মোকে দেখি মাৰি দিলা চকুৰটিপ
ঘ৷ মাছৰ ভালপাওঁ চিতল
পাচলিৰ ভালপাওঁ পটল
ৰাতি হ’লে বেছি ভালপাওঁ
ৰঙাপানীৰ বটল
ঙ৷ কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম
বাপেকে ডাঙৰজনীয়ে ৰান্ধিব ভাত
লিহিপিহি কৰি বাপেকে সৰুজনী আহিব
সময়নো চাই লগাব মাত
চ৷ ঐ অৰুণাচলতে কণ্টেক কৰি থাকোঁতে
এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে
তাইৰ নাম হ’ল অমিয়া দেখিবলৈ ধুনীয়া
তাইৰ মিঠা হাঁহিটিয়ে খায় দিলে মোৰ কলিজা
ছ৷ গুৱাহাটীলৈ গৈছিলোঁ মই ছোৱালী চাবলৈ
ছোৱালী নাপায় বাগলি চালো পল্টন বজাৰত গৈ
জ৷ চাহ চেকা চাকনি ঐ
মূৰি ঢকা ঢাকনি ঐ
খৰ্কৰ্ খৰ্কৰ্ সোণজনী ঐ
বাপেৰে আহি পালেহি ঐ
ঝ৷ শদিয়া-ধুবুৰী গোটেই ঘূৰিলোঁ
মন পচন্দৰ আপী এটা ক’তো নাপালোঁ
দিচাংমুখৰ মিচিংগাঁৱত মিঠা আপং পানী
বাটকুৰি বাই আহিছোঁ মই ছোৱালী পাম বুলি
অ কাকা ডাঙৰ ভাই কিনো কৰোঁ ভাই
হায়ৈ কিনো কৰোঁ ভাই
তই যে নবৌক বাচি ললি তপিনা ডাঙৰ চাই
ঞ৷ টিপ্টপ দেখিলে আহো বুলি নক’বা
মাজনী অ’ মোৰেনো পানীপৰা ঘৰ
হাতত চৰীয়া লৈ পানী টুকি থাকোঁতে
মাজনী অ’ হ’বনো পানীলগা জ্বৰ
সোমনাথ বড়া
১৯৬১ চনত জন্ম গ্ৰহণ কৰা সোমনাথ বৰাৰ পিতৃৰ নাম গোলোক বড়া আৰু মাতৃৰ নাম সৰুমলা বড়া৷ বড়াই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল যোগনীয়া দেউদীয়া প্ৰাথমিক বিদ্যালয়ত৷ ১৯৭৭ চনত হাইস্কুলৰ শিক্ষা সমাপ্ত কৰে ৰজাবাৰী হাইস্কুলৰপৰা৷ গণিত বিষয়ত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা স্নাতক শিক্ষা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা একে বিষয়তে এম.এচ চি ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৭৮ চনত ইণ্টাৰ কলেজ মিউজিক কমপিটিশ্যন (ইউথ ফেষ্টিভেল)ত ঢোল বাদনত সোণৰ পদক লাভ কৰে৷ শৈশৱতে দেউতাকে কাষৰ গাঁৱৰ নিগনি বৰাৰপৰা ঢোল কিনি আনি বড়াক প্ৰথম ঢোল শিকাইছিল আৰু মণিৰামওজা আছিল প্ৰথম ঢোলৰ শিক্ষাগুৰু৷ তাৰ পাছত দেৰগাঁৱৰ ধীৰেন ৰাজখোৱাৰ ওচৰত ঢোলৰ ‘ওজাহাট’ শিকিছিল৷ তাৰ পাছত আনন্দমোহন ভাগৱতীৰ পৰা শিক্ষা লাভ কৰিছিল৷ অসম চৰকাৰে আয়োজন কৰা ‘সদৌ অসম ঢুলীয়া ওজা’ প্ৰতিযোগীতাত ১৯৮১ চনত তেখেতে ‘ওজা’ উপাধি লাভ কৰে৷ ১৯৮২ আৰু চনৰপৰা গুৱাহাটীৰ বিভিন্ন সন্মিলনত তেওঁ ঢোল বাদনৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে৷ সেই বৰ্ষতে তেওঁ এছিয়ান গেম্ছতো ঢোল বাদ্য পৰিৱেশন কৰিছিলগৈ৷ ১৮৮৩ চনত তেখেতে নাগপুৰত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষিমেলাত অসমৰ ঢোল বাদ্য পৰিৱেশন কৰে৷ ১৯৮৪ চনত তেওঁ চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰপৰা দুমহীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে৷ সেইদৰে ১৯৮৫ চনত দিল্লীত অনুষ্ঠিত হোৱা ‘নন্ এলাইণ্টমেণ্ট ইউথ ফেষ্টিভেল’ত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল৷ তাত খিতাপ লাভ কৰাত তেওঁলোক ৰাছিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদ্য পৰিৱেশন কৰে৷
বড়াই ১৯৮২ চনত প্ৰথমটো বিহুগীতৰ কেছেটৰ কাম কৰে৷ তিনিচুকীয়া জিলাৰ ‘ৰয় চাইকেল মাৰ্ট’ৰ পৰা নলীন হাজৰিকা, পঙ্কজ বৰদলৈ, বিমান বৰুৱা, প্ৰদীপ শইকীয়া আদিৰ সৈতে মিলি এটা কেছেট ৰেকৰ্ড কৰা হৈছিল৷ কেছেটটোৰ নাম আছিল ‘ব’হাগী’৷ এই ‘ব’হাগী’য়েই অসমৰ বিহুগীতৰ প্ৰথমটো কেছেট৷ কেছেটটোৰ মিউজিক ডাইৰেক্টৰ আছিল ভূপেন উজীৰ৷ জ্যোতি চিত্ৰবনৰ ষ্টুডিঅত এই কেছেটখন ৰেকৰ্ড কৰা হৈছিল৷ কেছেটখনত ঢোল বজাইছিল সোমনাথ বড়াই৷ কোৰাছত আছিল বিমান বৰা৷ প্ৰদীপ শইকীয়াই মূল গীত গাইছিল৷ ব্যৱস্থাপনাত আছিল নলীন হাজৰিকা৷
তাৰ পৰৱৰ্তী সময়ত ১৯৮৭ চনত বড়াৰ নিজা প্ৰযোজনাত ‘ধিন্দাওদাউ’ কেছেট ৰেকৰ্ডিং কৰা হয়৷ ইয়াৰ পাছত ‘পাহাৰৰ কুলিটি’ শীৰ্ষকেৰে এখন কেছেট কৰিছিল৷ সেই কেছেটৰ এটি গীত আছিল– ‘চ’ততে মাতিলে চতুৱা চৰায়ে’৷ তাৰ পাছত ললিত ৰাজখোৱাৰ সোঁৱৰণত ১৯৯০ ‘ভৈয়ামৰ কেটেকী’ কেছেট কৰে৷ ১৯৯১ ‘পাহাৰৰ জুৰিটি’ কেছেট কৰে৷ তাৰ পৰৱৰ্তী সময়ত সোণালী, সোণ-তৰামাই, কল্পনা, গৰগঞা নাচনি আদি চিৰিজ হিচাপে বিহুগীতৰ ৰেকৰ্ড কৰা হৈছিল৷ এই কেছেটবোৰৰ পৰিচালক, গীতিকাৰ আৰু প্ৰযোজক আছিল সোমনাথ বড়া৷ ঢোল বাদকো তেওঁৱেই আছিল৷
বড়াই বিহুগীতৰ নিজে প্ৰযোজনা কৰা কেছেট প্ৰায় ১০০১ ওপৰত হ’ব৷ সেইদৰে তিনিহাজাৰটা [প্ৰায় ৩৪৫৬] কেছেটতকৈয়ো অধিক কেছেটত তেওঁ ঢোল বজাইছে৷ ঢোলৰ ‘ওজা’ বিষয়টোক কেন্দ্ৰ কৰি তেওঁ সৰ্বমুঠ পাঁচটা কেছেট প্ৰযোজনা কৰিছে৷ কেছেটকেইটৰ নাম– ধিন্দাউ-দাউ, ধুলীয়া বতাহ, ঢোলতে উৰুলি, দাউ-ধিন্দাউ, ধিনিকি-ধিণ্ডাও আদি৷৮
বিমান বৰুৱা
কেছেটৰ বিহুক জনপ্ৰিয় কৰা আৰু সমগ্ৰ অসমত প্ৰচাৰ-প্ৰসাৰ কৰা ব্যক্তিসকলৰ ভিতৰত বিমান বৰুৱা আছিল অন্যতম৷ তেখেতৰ ঘৰ কাজিৰঙাত৷ বৰুৱাই ক্লাছ নৱমমান শ্ৰেণীৰপৰাই গান লিখা আৰম্ভ কৰিছিল৷ তেখেতে দেৰগাঁও কলেজত পঢ়িছিল৷ তেখেতৰ প্ৰথম বিহু কেছেট ‘ব’হাগী’ৰ (১৯৮২, পৰিচালনা– নলীন হাজৰিকা) গীতকেইটা আছিল অসমৰ থলুৱা জনজীৱনৰপৰা সংগ্ৰহিত গীত, যিবোৰ পৰৱৰ্তী সময়ত বৰুৱাই নতুন ধৰণেৰে লিখি উলিয়াইছিল৷ উদাহৰণ–
ক৷ পাহাৰ বগাই বগাই কপৌফুল আনিছোঁ
অ’ চেনীমাই খোপাতে খোপােতে গুছি দিম বুলি
খ৷ অ’ সোণ তৰাদৈ, তেনেকৈ নাচাবা বৰ মৰম লগাকৈ
চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ
তেওঁৰ আন এটি জনপ্ৰিয় কেছেট ‘ফুল গামোছা’ (১৯৮৪)৷ কেছেটখনৰ পৰিচালনা নিজা আছিল৷ সেইখন কেছেটৰ গীতৰ উদাহৰণ–
ক৷ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ
মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ
খ৷ ফুল গামোছা ল’বলৈ নিলিখিলে কপালত
কিনো জুই জ্বলিছে মোৰে ঐ অন্তৰত
বৰুৱাৰ ‘বুকুৰে বহনা’ শীৰ্ষক কেছেটৰ গীতৰ উদাহৰণ–
বুকুৰে বহনা মৰমৰ গহনা অ’ নাচনী ঐ
গঢ়াই দিম বিহুতে
কাণৰ কেৰুমণি ডিঙিত জোনেবিৰি অ’ নাচনী ঐ
সাঁচতীয়া ধনেৰে (সহযোগী– ৰুবুল বৰা)
বৰুৱাই প্ৰায় ১৯৯৫ চনত ‘শকুন্তলা’ কেছেটটো ৰেকৰ্ড কৰে৷ এই কেছেটটো হৈছে বৰুৱাৰ এন কে্ প্ৰডাকচনৰ প্ৰথম কাম৷ সেই কেছেটৰ এটি গীত–
আছে যদি মোলৈ মৰম অ’ মাজনী বুকু ডাঠি ক’বানে
ব্ৰহ্মপুত্ৰ পাৰে হৈ অ’ মাজনী মোৰে লগত যাবানে
(কথা– বোকাঘাটৰ অতুল গগৈ)
১৯৯৬ চনত বৰুৱাৰ এন কে প্ৰডাকচনৰ হৈ জানমণি কেছেটৰ আৰম্ভ হয়৷ পৰিচালনাও তেখেতৰ নিজৰে৷ এই কেছেটখন তেওঁলোকে প্ৰতিবছৰে একেটা নামেৰেই প্ৰকাশ কৰিছিল৷ কেছেটখনৰ প্ৰথমটো গীতৰ উদাহৰণ–
জানমণি ঐ পছোৱা ফাগুণৰ
জানমণি ঐ আগমন বসন্তৰ
গছ-লতা ডালতে ফল ফুল ভৰিলে...
১৯৯৮ চনত ৰেকৰ্ড কৰা জানমণি কেছেটখনেই বিমান বৰুৱাৰ লগতে জুবিন গাৰ্গৰো বিহুগীতৰ ক্ষেত্ৰখনত জীৱনৰ বাবে টাৰ্ণিং পইণ্ট৷ এইটো কেছেটেই তেওঁলোকক অসমত সবলভাৱে প্ৰতিষ্ঠা কৰি দিয়ে৷ কেছেটখনৰ এটি গীত–
ক৷ সুধিব খুজিছোঁ অ’ তৰালী
কোন হ’ব তোমাৰ লগৰী
খ৷ চেনাই মোৰে ঐ আকৌ ব’হাগ পালেহি
কুলিয়ে বিনালেহি
গ৷ ঐ জান আকাশখন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
অসমত বিহুনামৰ আধুনিকীকৰণ কৰাত আৰু বিহুগীতক বিহুসুৰীয়া গীতলৈ ৰূপান্তৰ কৰাত বিমান বৰুৱাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ সেইদৰে বিহুগীতৰ সুৰ আৰু তাল-ছন্দ আদিৰ পৰিৱৰ্তন কৰি আজিৰ বিহুগীতসমূহৰ দৰে এটি অৱস্থাত উপনীত কৰোঁৱাটো বিমান বৰুৱাৰ অৱদান সৰ্বাধিক৷
ৰুবুল বৰা
ৰুবুল বৰা মূলতঃ এজন গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু প্ৰযোজক৷ বৰাই কেছেট আৰু ভিচিডিৰ সময়ছোৱাত বহুবোৰ বিহুগীত নিজে লিখাৰ উপৰি প্ৰযোজক, পৰিচালক হিচাপে কাম কৰিছিল৷ তেখেতৰ এখন কেছেটৰ নাম ‘সোণমাইনা’ (১৯৯২)৷ এইখন কেছেটত বিমান বৰুৱা, কৃষ্ণামণি চুতীয়া আদিও সহযোগী হিচাপে আছিল৷ কেছেটখনৰ এটা গীতৰ উদাহৰণ–
ৰুনুজুনু জোনোমাই তোমাক আজি ভাল লগা নাই
আজি ব’হাগৰ বিহুত তোমাৰ গাত চাদৰ নাই
জুনুমাই মৰম লগা নাই
(কণ্ঠশিল্পী– বিমান বৰুৱা)
তেওঁ লিখা অন্যান্য বিহুগীতৰ উদাৰহণ–
ক৷ অ’ কলিজা বাখৰ ঐ
বেকা চাৱনিৰে নেচাবা মোক তেনেকৈ
মৰম দিলে মৰম দিম চিঠি দিলে উত্তৰ দিম
তাতো যদি নুবুজা ঐ
অ’ কলিজা
মোলৈ যদি তোমাৰ মন সঁচাকৈয়ে তোমাক নিম
(কণ্ঠশিল্পী– কৃষ্ণমণি নাথ, ভিতালী দাস)
খ৷ আকাশৰ বুকুতে ঐ জান তৰাৰে ধেমালি
মোৰ মনৰ ভিতৰত ঐ জান তোমাৰে ছবিটি
সেই ছবিটি বুকুতে লৈ আছোঁ জীয়াই
তুমি দিয়া প্ৰতিশ্ৰুতি ৰাখিবা সদায়
(কণ্ঠশিল্পী– কৃষ্ণমণি নাথ, ভিতালী দাস)
গ৷ আখৈ খায় আখৈ খায় আমনি ঐ নালাগে
আকৌ খাম আকৌ খাম লাগে
তোমাক চায়ে চায়ে আমনি নালাগে
আকৌ চাম আকৌ চাম লাগে
(কণ্ঠশিল্পী– কৃষ্ণমণি চুতীয়া, ভিতালী দাস)
এই আলোচনাত মাত্ৰ পাঁচজন প্ৰতিনিধিত্বমূলক গীতিকাৰ, কণ্ঠশিল্পী, পৰিচালকৰ গীতৰ বিষয়েহে আলোচনাহে কৰা হৈছে৷ ইয়াৰ উপৰি সেই সময়ত আটাইতকৈ জনপ্ৰিয় আৰু বহুলভাৱে চৰ্চিত এজন কণ্ঠশিল্পী হ’ল– জুবিন গাৰ্গ৷ তেওঁ প্ৰায় হাজাৰৰো অধিক বিহুগীতৰ কেছেটত কণ্ঠদান কৰিছে৷ বিংশ শতিকাৰ শেষৰফালে বিহুগীত বুলিলে জুবিন গাৰ্গ নহ’লেই নচলাৰ দৰে অৱস্থা হৈছিল৷ সেইদৰে ‘কেছেট’ৰ যুগটোৰ শেষৰফালে নতুনচাম গায়কৰ ভিতৰত– মানস ৰবীন, অনুপম শইকীয়া, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, মৌচম গগৈ, শান্তা উজীৰ, ভিতালী দাস, মিতালী দাস, তৰালী শৰ্মা আদিয়েও বিহুগীতৰ কেছেটৰ মাধ্যমেৰে অসমৰ বিহুগীতক এক অনন্য মাত্ৰা প্ৰদান কৰে৷ অৱেশ্য এইকেইজন শিল্পী ভিচিডি যুগৰ ধাৰাটোতহে বেছিকৈ জড়িত আৰু তেওঁলোকৰ গীতখিনিৰ প্ৰায়বোৰ অডিঅ’ৰ লগতে ভিডিঅ’ ৰূপতো উপলব্ধ৷
যি কি নহওক, পূৰ্বৰ বিহুৰ ৰূপটো কেছেটৰ মাধ্যমলৈ আহি যথেষ্ট পৰিৱৰ্তন সাধন হ’ল৷ বিহুনামৰ কথা, সুৰ, বাদ্যযন্ত্ৰ আদিৰ পৰিৱৰ্তন ঘটিল৷ তাহানিৰ বিহুনামবোৰ আছিল স্বতঃস্ফূৰ্ত৷ এতিয়া বিহুগীত তাগিদাত লিখা হয়৷কেছেটৰ বাবে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজত গীত লিখিবলগীয়া হোৱাত বিহুগীতৰ বৈশিষ্ট্যৰ বহুখিনি পৰিৱৰ্তন হ’ল৷ পুৰুষৰ বাবে বেলেগকৈ আৰু মহিলাৰ বাবে বেলেগকৈ অথচ এজন গীতিকাৰেই গীত লিখিবলৈ ল’লে৷ নাৰীৰ অনুভূতি পুৰুষৰ দৃষ্টিভংগীৰেবা পুৰুষৰ দৃষ্টিভংগীও বহু সময়ত পুৰুষ বা মহিলা গীতিকাৰে এককভাৱেই কৃত্ৰিমভাৱে লিখিবলৈ ধৰিলে৷ পুৰণি বিহুনামবোৰত প্ৰেম যেনেদৰে আছিল, ঠিক সেইদৰে প্ৰকৃতিজগতখনৰ বিভিন্ন অনুষংগয়ো গুৰুত্ব লাভ কৰিছিল৷ কিন্তু কেছেটৰ বিহুনামৰ গৰিষ্ঠ সংখ্যক বিহুৱেই আছিল কেৱল ডেকা-গাভৰুৰ প্ৰেম-প্ৰণয়ৰ গীত৷ অসমীয়া সমাজ জীৱন, অসমীয়া গ্ৰাম্য ভাৱ-ভাষা, লোক-জীৱন, কৃষি সম্পৰ্কীয় বহুতো কথা বৰ্তমান বিহুগীতবোৰত পাবলৈ নোহোৱা হ’ল৷ গতিকে বিহুগীতে তাৰ স্বকীয়তা হেৰুৱাই কেৱল মধ্যবিত্ত শ্ৰেণীৰ প্ৰেম-প্ৰণয়ৰ ভাৱ-প্ৰকাশক গীত হিচাপেহে আত্মপ্ৰকাশ কৰিবলৈ ল’লে৷
সেইদৰে কেছেটৰ বিহুগীতৰ লয় তাল গীতৰ কথাই নহয়, মিউজিকেহে গীতৰ কথা কেনে হ’ব, শব্দ কেনেধৰণৰ হ’ব, সেয়া নিৰ্ণয় কৰি দিয়াৰ দৰে অৱস্থা হ’ল৷ গীতৰ কথাতকৈ সুৰ আৰু তাৰ মিউজিক প্ৰথমেই সৃষ্টি হোৱা এটা পৰিৱেশৰ সূচনা হ’ল৷ সেইদৰে বিহুগীতৰ ‘তাল’ পূৰ্বতকৈ বহুগুণে সলনি হ’ল৷ পৰৱৰ্তী সময়ত ভিচিডি নিৰ্মাণৰ ক্ষেত্ৰখনতো একে কথাই খাটে৷ এই যুগটোটো বিহুগীতৰ প্ৰকাশভংগী, উপস্থাপন আদিলৈ পৰিৱৰ্তন অহাৰ লগতে বিহুগীতৰ দৃশ্যায়ন কৰা হ’ল৷ গায়কে ট্ৰেকত গীত গাবলৈ ল’লে৷ এনেদৰেই অসমৰ বিহুগীতে ৰেডিঅ’, গ্ৰামোফ’ন, কেছেটৰ মাধ্যমেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছেহি৷ এই আলোচনাখিনি কেৱল প্ৰস্তাৱনামূলকহে৷ পৰৱৰ্তী সময়ত উল্লিখিত বিষয়বোৰৰ সম্পৰ্কে আৰু অধিক গৱেষণাৰ থল আছে ৷
প্ৰসংগসূত্ৰ
১৷ লখিমপুৰ গ্ৰন্থ, প্ৰবন্ধ লিখক-অনিল শইকীয়া, পৃষ্ঠা-২৪
২৷ উল্লিখিত, পৃষ্ঠা-২৪
৩৷ উল্লিখিত, পৃষ্ঠা-২৮
৪৷ মনজিৎ ৰাজকোঁৱৰ, বয়স-৩২, বৃত্তি- সাংবাদিকতা, অসম
৫৷ লখিমপুৰ গ্ৰন্থ, প্ৰবন্ধ লিখক-অনিল শইকীয়া, পৃষ্ঠা-৩২
৬৷ উল্লিখিত, পৃষ্ঠা-৩৪
৭৷ সোমনাথ বড়াৰ সৈতে হোৱা সাক্ষাৎকাৰ, ১৩/০৪/২০২১
৮৷ সোমনাথ বড়াৰ সৈতে হোৱা সাক্ষাৎকাৰ, ১৩/০৪/২০২১
গ্ৰন্থপঞ্জী
গগৈ, লীলাঃ বিহু এটি সমীক্ষা, বনলতা, ডিব্ৰুগড়, ২০০২
গন্ধিয়া, জয়কান্তঃ হুঁচৰি মুকলিবিহু আৰু বিহুনাচ, বনলতা, ১৯৮৮
গোস্বামী, প্ৰফুল্লদত্তঃ অসমীয়া জন সাহিত্য, বাণীপ্ৰকাশ, পাঠশালা, পৰিবৰ্ধিত চতুৰ্থ সংস্কৰণ, ১৯৮৬
গোস্বামী, লোকনাথঃ অসমীয়া আধুনিক গান, সাৰস্বত প্ৰকাশন, পৰিবদ্ধিৰ্ত দ্বিতীয় প্ৰকাশ, চেপ্তেম্বৰ, ২০১৪
বুঢ়াগোহাঞি, হেমঃ বিহু আকৌ যাবগৈ, জাছিংফা গ্ৰন্থ বিপনি, চেপন, ২০০০
ৰাজখোৱা, অৰবিন্দ আৰু হিৰণ্য সভাপণ্ডিতঃ লক্ষীমপুৰ, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মাৰক গ্ৰন্থ, ২০০৮
ভূঞা, সৰলাঃ অসমীয়া গীতি সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০১১
আলোচনী
পূজাৰী, অনুৰাধা শৰ্মাঃ সাতসৰী আলোচনী, মনজিৎ ৰাজকোঁৱৰৰ প্ৰবন্ধ- ডাঃ উমেশ চন্দ্ৰ মুখাৰ্জী, অসমীয়া গীত বাণীবদ্ধ কৰা প্ৰথমজন শিল্পী, মে’, ২০২২
অনলাইন মাধ্যম
ডি নিউজত চক্ৰপানী পৰাশৰৰ সৈতে খগেন গগৈৰ সাক্ষাৎকাৰ, ১১ চেপ্তেম্বৰ, ২০২০
ডি নিউজত চক্ৰপানী পৰাশৰৰ সৈতে বিমান বৰাৰ সাক্ষাৎকাৰ, ২৬ চেপ্তেম্বৰ, ২০২০
অজিত কুমাৰ ভূঞাৰ সৈতে প্ৰাগ্ নিউজৰ এঘণ্টাৰ সাক্ষাৎকাৰ, অনুষ্ঠানটোৰ নাম– সাক্ষাৎ, ২০১৭ চন, ৭ মে’
অনুপম বিতুপনৰ ইউটিউব চেনেলত খগেন গগৈৰ সৈতে সাক্ষাৎকাৰ, ১৬ জুলাই, ২০১৯
সাক্ষাৎকাৰ
newsfast assamত সোমনাথ বৰাৰ সাক্ষাৎকাৰ, ২৮ জানুৱাৰী, ২০২১
মনজিৎ ৰাজকোঁৱৰৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ– ভাস্কৰ ভূঞা, ১১/০৪/২০২১
সোমনাথ বড়াৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ– ভাস্কৰ ভূঞা, লখিমপুৰ, আশা হোটেলত, ১৩/০৪/২০২১
লেখাটো কঢ়াপৰীয়া কেতেকী আলোচনীত পঢ়িবলৈ ইয়াত ক্লিক কৰক
0 Comments